জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

Chapter- 9


(১) এজন মানুহে নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ মানুহজনে কৰা কামটোক কি বুলে ?

(ক) বৃত্তি

(খ) জীৱিকা

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(২) ভাৰতবৰ্ষ বা অসমৰ বেছিভাগ মানুহৰে প্ৰধান বৃত্তি কি ?

(ক) মাছ ধৰা

(খ) পশুপালন

(গ) কৃষি

উত্তৰ- (গ) কৃষি ।


(৩) অসমৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত ?

(ক) ৮০ শতাংশ

(খ) ৮২ শতাংশ

(গ) ৮৫ শতাংশ

উত্তৰ- (খ) ৮২ শতাংশ ।


(৪) অসমৰ ভৈয়াম অঞ্চলৰ মাটি কেনেধৰণৰ ?

(ক) সাৰুৱা

(খ) পলসুৱা

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৫)  খেতিপথাৰত বা বাগানবোৰত যিসকল লোকে দিন-হাজিৰা বা দৈনিক মজুৰিৰ ভিত্তিত কাম কৰে তেনে লোক সকলক কি বোলে ?

(ক) কৃষক

(খ) শ্ৰমিক

(গ) কৃষি বনুৱা

উত্তৰ- (গ) কৃষি বনুৱা ।


(৬) তুন্দ্ৰা অঞ্চলৰ লোক সকলে কেনেদৰে জীৱন নিৰ্বাহ কৰে ?

(ক) পশুপালন কৰি

(খ) চিকাৰ কৰি

(গ) খেতি-বাতি কৰি

উত্তৰ- (খ) চিকাৰ কৰি ।


(৭) তুন্দ্ৰা অঞ্চল সমূহত কিয় খেতি-বাতি কৰিব পৰা নাযায় ?

(ক) বৰফেৰে আবৃত হৈ থকাৰ বাবে

(খ) মৰুভূমি হোৱাৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বৰফেৰে আবৃত হৈ থকাৰ বাবে ।


(৮)  বালিময় শুকান মৰুভূমি অঞ্চলৰ লোকসকলে কি খাদ্য খাই জীয়াই থাকে ?

(ক) খেজুৰৰ পৰা তৈয়াৰী খাদ্য

(খ) উটৰ গাখীৰ

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


(৯) নৈ, বিল,হ্ৰদ, সাগৰৰ পাৰৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ পথ কেনেধৰনৰ ?

(ক) কৃষি-কাৰ্য

(খ) চিকাৰ, পশুসালন

(গ) মাছধৰা, জালবোৱা

উত্তৰ- (গ) মাছধৰা, জালবোৱা ।


(১০) খেতি পথাৰ বা চাহ বাগানসমূহত বছৰটোৰ প্ৰায় কিমান মাহ কাম নাথাকে ?

(ক) ৪মাহ

(খ) ৬মাহ

(গ) ৮মাহ

উত্তৰ- (খ) ৬মাহ ।


(১১) আমাৰ ভাৰতবৰ্ষৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত ?

(ক) ৭০ %

(খ) ৮২ %

(গ) ৯১ %

উত্তৰ- (ক) ৭০ % ।


(১২) তলৰ ছবিখনত কি কৰি থকাৰ দৃশ্য প্ৰতিফলিত হৈছে ?

(ক) শস্য চপোৱা দৃশ্য

(খ) ভূঁই ৰোৱাৰ দৃশ্য

(গ) মৰণা মৰাৰ দৃশ্য

উত্তৰ- (গ) মৰণা মৰাৰ দৃশ্য ।


(১৩) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা।

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (খ) শুদ্ধ ।


(১৪) আজিকালি মানুহে মাটি চহাবলৈ কি ব্যৱহাৰ কৰে ?

(ক) টেক্টৰ

(খ) পাৱাৰটিলাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা।


(১৫) অসমৰ কোন ঠাই বয়ন উদ্যোগৰ ক্ষেত্ৰত উল্লেখযোগ্য ?

(ক) শুৱালকুছি

(খ) তেজপুৰ

(গ) গুৱাহাটি

উত্তৰ- (ক) শুৱালকুছি ।


(১৬) তুন্দ্ৰা অঞ্চলত খেতি-বাতি কৰিব পৰা যায়নে ?

(ক) যায়

(খ) নাযায়

(গ) কেতিয়াবা যায় আৰু কেতিয়াবা নাযায়

উত্তৰ- (খ) নাযায় ।


(১৭) উদ্যোগসমূহ পৰস্পৰ ____________ হৈ থাকে।

(ক) নিৰ্ভৰশীল

(খ) অনিৰ্ভৰশীল

(গ) এটাও নহয়

উত্তৰ- (ক) নিৰ্ভৰশীল ।


(১৮) তলৰ ছবিখনে কি বুজাইছে ?

(ক) শিল্প উদ্যোগৰ কাৰখানা থকা ঠাই

(খ) গছ-গছনিৰে পৰিপূৰ্ণ ঠাই

(গ) ওপৰৰ দুয়োটাৰ সংমিশ্ৰণ

উত্তৰ- (ক) শিল্প উদ্যোগৰ কাৰখানা থকা ঠাই ।


(১৯) খেতিপথাৰ বা চাহ বাগানসমূহত বছৰটোৰ কিমান মাহ কাম নাথাকে ?

(ক) পাঁচমাহ

(খ) ছমাহ

(গ) সাতমাহ

উত্তৰ- (খ) ছমাহ ।


(২০) খেতিপথাৰত কাম নাথাকিলে কৃষি বনুৱাসকলে কি কৰি জীৱিকা নিৰ্বাহ কৰে ?

(ক) তাঁত বোৱা, বাঁহ-বেতৰ কাম কৰা, শিলৰ কুঁৱেৰীত কাম কৰা আদি

(খ) ৰিক্সা চলোৱা, তামোল-নাৰিকলৰ ব্যৱসায় কৰা আদি

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।


Type By-Raktima Saikia.

 post ID -- DABP006973