প্ৰাচীন ভাৰতীয় চিন্তা | BA 1st Semester Philosophy Chapter 1 Question Answer | বৈদিক বিন্তা পাঠটোৰ উত্তৰ | NEP-2023

বৈদিক বিন্তা

অনুশীলনী

●চমু প্ৰশ্নঃ 

১) 'বেদ' ৰ আক্ষৰিক অৰ্থ কি?

উত্তৰঃ- 'বেদ' ৰ আক্ষৰিক অৰ্থ হ'ল জ্ঞান আৰু বিদ্য়া।

২) উপনিষদক কিয় 'বেদান্ত' বুলি কোৱা হয়?

উত্তৰঃ- বেদৰ অন্তভাগ বাবে উপনিষদক 'বেদান্ত' বুলি কোৱা হয়।

৩) বেদ কি?

উত্তৰঃ- যাৰ দ্বাৰা ধৰ্ম আৰু অধৰ্ম আদি সকলো বিষয়ৰে জ্ঞান লাভ কৰা যায় সিয়েই হৈছে বেদ। 

৪) বেদ কেইখন আছে?

উত্তৰঃ- বেদ চাৰিখন আছে।

৫) কোনখন বেদক সবাতোকৈ প্ৰাচীন আৰু মৌলিক বুলি কোৱা হয়?

উত্তৰঃ- ঋক্ বেদক সবাতোকৈ প্ৰাচীন আৰু মৌলিক বুলি কোৱা হয়।

৬) বেদৰ কেইটা অংশ থাকে?

উত্তৰঃ- বেদৰ চাৰিটা অংশ থাকে।

৭) বেদৰ কোনটো অংশক 'বেদান্ত' বুলি কোৱা হয়?

উত্তৰঃ- বেদৰ অন্তিমটো অংশক বেদান্ত বুলি কোৱা হয়। 

৮) বেদ মানে কি?

উত্তৰঃ- যাৰ দ্বাৰা ধৰ্ম আৰু অধৰ্ম আদি সকলো বিষয়ৰে জ্ঞান লাভ কৰা যায় সিয়েই হৈছে বেদ।  

৯) বেদক ভাগ কৰা ঋষি গৰাকীৰ নাম কি?

উত্তৰঃ- বেদক ভাগ কৰা ঋষি গৰাকীৰ নাম হ'ল ব্য়াস বা কৃষ্ণ-দ্বৈপায়ন।

১০) ব্য়াসৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- ব্য়াসৰ সম্পূৰ্ণ নাম হ'ল কৃষ্ণ-দ্বৈপায়ন।

১১) যজুৰ্বেদৰ দুটা শাখা কি কি?

উত্তৰঃ- যজুৰ্বেদৰ দুটা শাখা হ'ল 一 কৃষ্ণযজুৰ্বেদ আৰু শুক্লযজুৰ্বেদ। 

১২) অথৰ্বেদৰ পুৰণি নাম কি?

উত্তৰঃ- অথৰ্বেদৰ পুৰণি নাম হ'ল অথৰ্বাঙ্গিৰস। 

১৩) 'দেৱতা' ৰ ব্য়ুৎপত্তিগত অৰ্থ কি?

উত্তৰঃ- 'দেৱতা' ৰ ব্য়ুৎপত্তিগত অৰ্থ হ'ল 'জ্য়োতিৰ্ময়'। 

১৪) দেৱতাৰ তিনিটা মুখ্য় শ্ৰেণীবিভাগ কি কি?

উত্তৰঃ- দেৱতাৰ তিনিটা মুখ্য় শ্ৰেণীবিভাগ হ'ল 一 (ক) ভূলোকৰ দেৱতা, (খ) অন্তৰীক্ষৰ দেৱতা আৰু (গ) স্বৰ্গলোকৰ দেৱতা। 

১৫) ভূলোকৰ দেৱতা বুলিলে কি বুজায়?

উত্তৰঃ- পৃথিৱীত স্থিত দেৱতাই হ'ল ভূলোকৰ দেৱতা।

১৬) অন্তৰীক্ষৰ দেৱতা বুলিলে কি বুজায়?

উত্তৰঃ- আকাশত স্থিত বা বায়ুমণ্ডলৰ দেৱতাকে অন্তৰীক্ষৰ দেৱতা বোলা হয়। 

১৭) স্বৰ্গলোকৰ দেৱতা বুলিলে কি বুজায়?

উত্তৰঃ- স্বৰ্গলোক বা দ্য়ুলোকত স্থিত দেৱতাকে স্বৰ্গলোকৰ দেৱতা বোলা হয়। 

১৮) অতিদেৱবাদ মানে কি?

উত্তৰঃ- একো একোজন দেৱতাক এক বিশেষ সময়ত সৰ্বোচ্চ দেৱতা বুলি মানি লৈ তাৰ উপাসনা কৰাই হ'ল অতিদেৱবাদ। 

১৯) ঋত কাক বোলে?

উত্তৰঃ- সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আৰু মানৱৰ নৈতিক জগত যি সনাতন সাৰ্বিক নিয়মৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত তাক ঋত বুলি কোৱা হয়। 

২০) ঋণ মানে কি?

উত্তৰঃ- ঋণ মানে হৈছে ধাৰ। 

২১) 'ব্ৰাহ্মণ' ৰ ব্য়ুৎপত্তিগত অৰ্থ কি?

উত্তৰঃ- 'ব্ৰাহ্মণ' ৰ ব্য়ুৎপত্তিগত অৰ্থ হ'ল 'পুৰোহিত'।

২২) ব্ৰাহ্মণৰ যিকোনো দুটা বৈশিষ্ট্য় উল্লেখ কৰা।

উত্তৰঃ- ব্ৰাহ্মণৰ যিকোনো দুটা বৈশিষ্ট্য় হ'ল 一

(ক) ব্ৰাহ্মণ বেদৰ কৰ্মকাণ্ডৰ অন্তৰ্গত।

(খ) ব্ৰাহ্মণৰ ছটা লক্ষণ আছে। 

২৩) যজ্ঞ মানে কি?

উত্তৰঃ- যজ্ঞ হ'ল বৈদিক ঐতিহ্য় যি বেদৰ ব্ৰাহ্মণ অংশ আৰু যজুৰ্বেদত বৰ্ণিত হৈছে। 

২৪) সোমযজ্ঞ কাক বোলে?

উত্তৰঃ- সোমৰসক প্ৰধান উপাদান হিচাপে ব্য়ৱহাৰ কৰা যজ্ঞক সোমযজ্ঞ বোলা হয়। 

২৫) ৰাজসূয় যজ্ঞ কাক বোলে?

উত্তৰঃ- ৰাজ অভিষেকক উদ্দেশ্য় কৰি কৰা যজ্ঞক ৰাজসূয় যজ্ঞ বোলা হয়। 

২৬) অশ্বমেধ যজ্ঞ কাক বোলে?

উত্তৰঃ- ৰজাই নিজৰ সাম্ৰাজ্য় বৃদ্ধিৰ উদ্দেশ্য় সম্পন্ন কৰা যজ্ঞক অশ্বমেধ যজ্ঞ বোলা হয়। 

২৭) পঞ্চমহাযজ্ঞ বুলিলে কি বুজা?

উত্তৰঃ- সীমিত সাধন আৰু সীমিত সময়ত গৃহীয়ে পালন কৰিব পৰা যজ্ঞক পঞ্চমহাযজ্ঞ বুলি কোৱা হয়। 

২৮) উপনিষদ কাক বোলে?

উত্তৰঃ- বেদৰ অন্তিম ভাগ হ'ল উপনিষদ। অবিদ্য়া বা অজ্ঞানতা নাশ কৰি যি বিদ্য়া বা পৰমজ্ঞানে মুমুক্ষু জীৱক পৰমব্ৰহ্মাৰ কাষলৈ লৈ যায়, যি বিদ্য়া পৰমব্ৰহ্ম প্ৰাপ্তিৰ সাধনৰূপ, সেই পৰাবিদ্য়া বা ব্ৰহ্মবিদ্য়াক উপনিষদ বোলা হয়। 

২৯) 'উপনিষদ' ৰ অক্ষৰিক অৰ্থ কি?

উত্তৰঃ- 'উপনিষদ' শব্দটো উদ্ভৱ হৈছে 'সদ্' ধাতুৰ লগত 'উপ' আৰু 'নি' উপসৰ্গ যুক্ত কৰি।'উপ' ৰ অৰ্থ হল 'নিকট' বা 'ওচৰত'; 'নি'ৰ অৰ্থ হল শ্ৰদ্ধাসহিত বা ধ্য়ানসহকাৰে; আৰু 'সদ্' ধাতুৰ ভিন্ন অৰ্থ আছে- 'বহা', 'বিনাশ কৰা', ' অৱসান ঘটোৱা'। গতিকে উপনিষদ শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল- শিষ্য়ই কোনো যোগ্য় গুৰুৰ নিকট পৰমতত্ত্বৰ গূঢ় উপদেশ শ্ৰৱন কৰিবলৈ শ্ৰদ্ধাসহিত বহা।যাৰ দ্বাৰা তেওঁৰ অবিদ্য়া বিনাশ হয়, কৰ্মবন্ধন আৰু তজ্জন্য় দুখাদিৰ অৱসান ঘটে, আৰু ফলত শিষ্য়ই ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰিব সক্ষম হয়।

৩০) উপনিষদ মানে কি?

উত্তৰঃ- বেদৰ অন্তিম ভাগ হ'ল উপনিষদ। অবিদ্য়া বা অজ্ঞানতা নাশ কৰি যি বিদ্য়া বা পৰমজ্ঞানে মুমুক্ষু জীৱক পৰমব্ৰহ্মাৰ কাষলৈ লৈ যায়, যি বিদ্য়া পৰমব্ৰহ্ম প্ৰাপ্তিৰ সাধনৰূপ, সেই পৰাবিদ্য়া বা ব্ৰহ্মবিদ্য়াক উপনিষদ বোলা হয়। 

৩১) যিকোনো দুখন প্ৰধান উপনিষদৰ নাম লিখা।

উত্তৰঃ- দুখন প্ৰধান উপনিষদ হ'ল- ঈষ উপনিষদ আৰু কেন উপনিষদ।

৩২) সংহিতা কি?

উত্তৰঃ

৩৩) বেদৰ ব্ৰাহ্মণ অংশ বুলিলে কি বুজা?

উত্তৰঃ-  বেদৰ ব্ৰাহ্মম অংশ বুলিলে য'ত, বৈদিক যজ্ঞৰ সুস্থ সম্পাদনাৰ বাবে ৰচিত বিধি নিয়ম, মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ পোৱা যায়।

৩৪) যিকোনো দুখন ব্ৰাহ্মণ গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ

৩৫) যিকোনো দুখন আৰণ্য়ক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ- যিকোনো দুখন আৰণ্য়ক গ্ৰন্থৰ নাম হ'ল তবলকাৰ আৰু ছান্দোগ্য় আৰণ্য়ক। 

৩৬) আৰণ্য়ক কাক বোলে?

উত্তৰঃ- আৰণ্য়ক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে।

৩৭) যিকোনো দুজন উপনিষদীয় দাৰ্শনিকৰ নাম লিখা।

উত্তৰঃ- দুজন উপনিষদীয় দাৰ্শনিকৰ নাম হ'ল ৰাধাকৃষ্ণ আৰু আচাৰ্য শংকৰাচাৰ্য।

৩৮) বেদ আৰু উপনিষদৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ- বেদ আৰু উপনিষদৰ মাজত থকা পাৰ্থক্য় হ'ল 一 যাৰ দ্বাৰা ধৰ্ম আৰু অধৰ্ম আদি সকলো বিষয়ৰে জ্ঞান লাভ কৰা যায় সিয়েই হৈছে বেদ। আনহাতে, উপনিষদ হৈছে বেদৰ অন্তিম অংশ। 

৩৯) কোনখন আটাইতকৈ সৰু উপনিষদ?

উত্তৰঃ- মাণ্ডুক্য় উপনিষদ আটাইতকৈ সৰু উপনিষদ।

৪০) 'ব্ৰহ্ম' শব্দটোৰ আক্ষৰিক অৰ্থ কি?

উত্তৰঃ- 'ব্ৰহ্ম' শব্দটো 'বৃহ' ধাতুৰ পৰা নিষ্পন্ন কৰা হৈছে। 'বৃহ' ধাতুৰ লগত 'মন' প্ৰত্য়য়যোগে ব্ৰহ্ম শব্দটো নিষ্পন্ন কৰিছে।'বৃহ' শব্দৰ অৰ্থ হ'ল 'মহৎ বা ব্য়াপক' আৰু 'মন' প্ৰত্য়য়ৰ অৰ্থ হল 'অতিশয়'।

৪১) ব্ৰহ্ম মানে কি?

উত্তৰঃ- ব্ৰহ্ম হ'ল সমগ্ৰ জগতৰ কাৰণ। ব্ৰহ্ম এনে এটি সত্তা যি অতিশয় মহৎ বা ব্য়াপক।

৪২) তজ্জলান মানে কি?

উত্তৰঃ- ব্ৰহ্মৰ পৰাই সমগ্ৰ বিশ্বজগতৰ উৎপত্তি হৈছে আৰু পৰিণতিত সমগ্ৰ জগত ব্ৰহ্মতেই  বিলীন হৈ যায়। ছান্দোগ্য়োপনিষদত ব্ৰহ্মক 'তজ্জলান' বুলি কোৱা হৈছে।

৪৩) ব্ৰহ্মৰ ৰূপ দুটা কি কি?

উত্তৰঃ- ব্ৰহ্মৰ ৰূপ দুটা হ'ল-পৰ ব্ৰহ্ম আৰু অপৰ ব্ৰহ্ম।

৪৪) পৰ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ- পৰ ব্ৰহ্মক নিৰ্গুণ ব্ৰহ্ম বুলি কোৱা হয়। পৰব্ৰহ্ম অসীম, নিৰ্গুণ, নিৰ্বিশেষ আৰু নিৰ্বিকল্প।উপনিষদত এই পৰ ব্ৰহ্মকে পৰমব্ৰহ্ম বুলি কোৱা হয়।

৪৫) অপৰ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ- অপৰ ব্ৰহ্মক সগুণ ব্ৰহ্ম বুলি কোৱা হয়। অপৰ ব্ৰহ্ম সবিশেষ, সগুণ, সবিকল্প। অপৰ ব্ৰহ্ম সগুণ হোৱা বাবে ই উপাসনাৰ বিষয়। অপৰ ব্ৰহ্মক ঈশ্বৰ বুলি কোৱা হয়।

৪৬) সগুণ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ- সগুণ ব্ৰহ্মক ঈশ্বৰ বুলি কোৱা হয়। সগুণ ব্ৰহ্ম সৰ্বব্য়াপক আৰু সৰ্বশক্তিমান। সগুণ ব্ৰহ্ম সমস্ত জগতৰ কৰ্তা, জ্ঞাতা, হৰ্তা আৰু নিয়ন্তা।ই সকলো জীৱৰ ভাগ্য়বিধাতা।

৪৭) নিগুৰ্ণ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ- নিৰ্গুণ ব্ৰহ্ম অসীম, নিৰ্বিশেষ, নিৰ্বিকল্পক আৰু নিৰুপাধিক। নিৰ্গুণ ব্ৰহ্ম উপাসনাৰ বিষয় নহয়। নিৰ্গুণ ব্ৰহ্মৰ ব্য়াখ্য়া 'নেতি নেতি' আকাৰত বৰ্ণনা কৰা হয়।

৪৮) সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ মাজত দুটা পাৰ্থক্য় উল্লেখ কৰা।

উত্তৰঃ- সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) সগুণৰ অৰ্থ হৈছে গুণাগুণৰ সৈতে। আনহাতে, নিগুণৰ অৰ্থ হৈছে গুণাগুণৰ অবিহনে।

(খ) সগুণ ব্ৰহ্ম দৈশিক, কালিক আৰু জগতৰ প্ৰভূ। আনহাতে, নিৰ্গুণ ব্ৰহ্ম অ-দৈশিক, অ-কালিক আৰু জগতৰহিত।

৪৯) পৰ আৰু অপৰ ব্ৰহ্মৰ মাজত দুটা পাৰ্থক্য় লিখা।

উত্তৰঃ- পৰ আৰু অপৰ ব্ৰহ্মৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一 

(ক)পৰ ব্ৰহ্ম অসীম,নিৰ্গুণ, নিৰ্বিশেষ, নিৰ্বিকল্প আৰু নিৰুপাধিক। আনহাতে, অপৰ ব্ৰহ্ম সবিশেষ, সগুণ, সবিকল্প আৰু সোপাধিক।

(খ) পৰ ব্ৰহ্ম নিৰ্গুণ হোৱাৰ বাবে উপাসনাৰ বিষয় নহয়। আনহাতে, অপৰ ব্ৰহ্ম সগুণ হোৱাৰ বাবে ই উপাসনাৰ বিষয়।

৫০) উপনিষদ মতে ঈশ্বৰ হ'ল পৰ ব্ৰহ্ম/অপৰ ব্ৰহ্ম।

উত্তৰঃ- উপনিষদ মতে ঈশ্বৰ হ'ল অপৰ ব্ৰহ্ম।

৫১) উপনিষদ মতে ঈশ্বৰ হ'ল সগুণ ব্ৰহ্ম/ নিৰ্গুণ ব্ৰহ্ম। 

উত্তৰঃ- উপনিষদ মতে ঈশ্বৰ হ'ল সগুণ ব্ৰহ্ম।

৫২) ব্ৰহ্ম আৰু আত্মা অভিন্ন নে?

উত্তৰঃ- ব্ৰহ্ম আৰু আত্মা অভিন্ন হয়। 

৫৩) উপনিষদ মতে আত্মা কাক কয়?

উত্তৰঃ- উপনিষদ মতে, জগতৰ উৎপত্তিৰ মূলতে হৈছে আত্মা।

৫৪) তত্ত্বমসি মানে কি?

উত্তৰঃ- তত্ত্বমসি মানে হ'ল তুমিয়ে সেই। অৰ্থাৎ, তুমিয়ে ব্ৰহ্ম।

৫৫) অহং ব্ৰহ্মাস্মি বুলিলে কি বুজা?

উত্তৰঃ- অহং ব্ৰহ্মাস্মি মানে হ'ল মইয়ে ব্ৰহ্ম।

৫৬) আয়মাত্মা ব্ৰহ্ম বুলিলে কি বুজা?

উত্তৰঃ- আয়মাত্মা ব্ৰহ্ম  মানে হ'ল আত্মাই ব্ৰহ্ম।

৫৭) সোহহম মানে কি?

উত্তৰঃ- সোহহম মানে হ'ল সেইটো মই। 

৫৮) জগতৰ মূল ভিত্তি কি?

উত্তৰঃ- জগতৰ মূল ভিত্তি হ'ল ঈশ্বৰ বা ব্ৰহ্ম।

৫৯) জগতৰ নিমিত্ত কাৰণ হিচাপে কাক গণ্য় কৰা হয়?

উত্তৰঃ- জগতৰ নিমিত্ত কাৰণ হিচাপে ব্ৰহ্মক গণ্য় কৰা হয়।

৬০) জগতৰ উপাদান কাৰণ হিচাপে কাক গণ্য় কৰা হয়?

উত্তৰঃ- জগতৰ উপাদান কাৰণ হিচাপে ব্ৰহ্মক গণ্য় কৰা হয়। 

৬১) উপনিষদৰ মতে জগত সঁচা নে?

উত্তৰঃ- উপনিষদৰ মতে জগত হ'ল মায়া।

৬২) 'জীৱ' ৰ আক্ষৰিক অৰ্থ কি?

উত্তৰঃ- 'জীৱ' ৰ আক্ষৰিক অৰ্থ হ'ল যিয়ে শ্বাস লয়। 

৬৩) আত্মাৰ চাৰিটা অৱস্থা কি কি?

উত্তৰঃ- আত্মাৰ চাৰিটা অৱস্থা হ'ল 一

(ক) শাৰীৰিক আত্মা,

(খ) আনুভৱিক আত্মা,

(গ) বিশ্বাতীত আত্মা আৰু

(ঘ) পৰম আত্মা।

৬৪) জীৱাত্মাৰ পাঁচটা কোষ কি কি?

উত্তৰঃ- জীৱাত্মাৰ পাঁচটা কোষ হ'ল ㅡ

(ক) অন্নময় কোষ,

(খ) প্ৰাণময় কোষ,

(গ) মনোময় কোষ,

(ঘ) বিজ্ঞানময় কোষ আৰু

(ঙ) আনন্দময় কোষ।

৬৫) অন্নময় কোষ কাক বোলে?

উত্তৰঃ- স্থূল শৰীৰক অন্নময় কোষ বুলি কোৱা হয়। অন্নৰ দ্বাৰা জীৱ জীৱন ধাৰণ কৰে।

৬৬) প্ৰাণময় কোষ কাক বোলে?

উত্তৰঃ- অন্নময় কোষ মাজতে আছে প্ৰাণময় কোষ। প্ৰাণৰ দ্বাৰা জীৱ বৰ্ধিত হয়। জীৱক প্ৰাণৰ লগত অভিন্ন মনে কৰা হয়।

৬৭) বিজ্ঞানময় কোষ কাক বোলে?

উত্তৰঃ- মনোময় কোষৰ ভিতৰত আছে বিজ্ঞানময় কোষ। বুদ্ধি আৰু তাৰ ক্ৰিয়াৰ ওপৰত বিজ্ঞানময় কোষ নিৰ্ভৰ। ইয়াত জ্ঞাতা আৰু জ্ঞেয়ৰ ভেদ কৰিব পৰা জ্ঞান নিহিত থাকে।

৬৮) আনন্দময় কোষ কাক বোলে?

উত্তৰঃ- বিজ্ঞানময় কোষৰ ভিতৰত আনন্দময় কোষ নিহিত থাকে। ই জ্ঞাতা আৰু জ্ঞেয়ৰ ভেদৰ পৰা শূণ্য় চৈতন্য়। ইয়াত আনন্দ নিহিত থাকে। ই পাৰমাৰ্থিক আৰু পূৰ্ণ। 

● ৰচনাধৰ্মী প্ৰশ্নঃ

১) বেদ কাক বোলে? বেদসমূহ কি কি? বেদৰ বিভিন্ন অংশসমূহ কি কি?

উত্তৰঃ- বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ এক অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। ভাৰতৰ সকলো দৰ্শন, সাহিত্য়, নীতি, সভ্য়তা, সংস্কৃতি আদি বেদৰ আলমত গঢ়ি উঠিছে। বেদত আৰ্যসকলৰ প্ৰাচীনতম সাহিত্য় কীৰ্তিৰ পৰিচয় পোৱা যায়। পণ্ডিত ৰাধাকৃষ্ণণৰ মতে, ''বেদ মানৱ মনৰ পৰা উদ্ভূত এনেকুৱা আদিতম গ্ৰন্থ যাক আমি প্ৰামাণিক গ্ৰন্থ হিচাপে অধিকাৰ কৰি আছোঁ''। ৰাধাকৃষ্ণণক সমৰ্থন কৰি পণ্ডিত উইলচনে কৈছে, ''প্ৰাচীনতা সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ পৰ্যাপ্ত জ্ঞান বেদৰ পৰাই লাভ কৰা যায়''। গতিকে ভাৰতীয় দৰ্শন-সাহিত্য়ত বেদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা। 'ৱিদ'ৰ অৰ্থ হল 'জনা'; গতিকে ৱেদ শব্দৰ ধাতুগত অৰ্থ হল জ্ঞান বা বিদ্য়া।

           ব্য়াসদেৱ বেদক চাৰিভাগত ভাগ কৰিছে- ঋক্ বেদ, সাম বেদ, যজু বেদ আৰু অথৰ্ব বেদ। ঋক্ বেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুবেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে। এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে। এটা হ'ল, ঋক্ বেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে, আন কাৰণটো হ'ল, ঋক্ বেদ অন্য় বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।

            বেদৰ চাৰিটা অংশ আছে। সেইসমূহ হ'ল মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' কোৱা হয়; সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ। মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হ'ল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। আৰণ্য়ক হ'ল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়। বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগসমূহ হ'ল কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে। আৰণ্য়ক অংশ হ'ল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ। উপনিষদ হ'ল জ্ঞানকাণ্ড।

২) বেদ কাক বোলে? বেদৰ পৰিচয় দিয়া।

উত্তৰঃ- বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ এক অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। ভাৰতৰ সকলো দৰ্শন, সাহিত্য়, নীতি, সভ্য়তা, সংস্কৃতি আদি বেদৰ আলমত গঢ়ি উঠিছে। বেদ একেধাৰে জ্ঞান, কৰ্ম আৰু ধৰ্মৰ অপূৰ্ব সংমিশ্ৰণ।বেদত আৰ্যসকলৰ প্ৰাচীনতম সাহিত্য় কীৰ্তিৰ পৰিচয় পোৱা যায়। পণ্ডিত ৰাধাকৃষ্ণণৰ মতে, ''বেদ মানৱ মনৰ পৰা উদ্ভূত এনেকুৱা আদিতম গ্ৰন্থ যাক আমি প্ৰামাণিক গ্ৰন্থ হিচাপে অধিকাৰ কৰি আছোঁ''। সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা। 'ৱিদ'ৰ অৰ্থ হ'ল 'জনা'; গতিকে ৱেদ শব্দৰ ধাতুগত অৰ্থ হল 'জ্ঞান বা বিদ্য়া'। যি শাস্ত্ৰত ধৰ্ম আৰু তাৰ লগত যুক্ত কৰ্ম, কৰ্মফল, যজ্ঞ, যজ্ঞফল, স্বৰ্গ, পৰলোকতত্ত্ব, অদৃষ্ট প্ৰভৃতি ধৰ্ম সম্বন্ধীয় যাবতীয় জ্ঞান; আৰু ব্ৰহ্ম, মোক্ষ ইত্য়াদি বিষয়ৰ জ্ঞান লাভ কৰা যায়, সেই শাস্ত্ৰকেই বেদ বোলা হয়। বেদ নিত্য়, সত্য়, পবিত্ৰ আৰু স্বতঃপ্ৰামাণ্য় গ্ৰন্থ। 'বেদ' শব্দৰ প্ৰতিশব্দ হিচাপে বহুতো বৈদিক আচাৰ্যই 'শ্ৰুতি', 'আগম' 'ছন্দস্', 'ত্ৰয়ী বা ত্ৰয়ীবিদ্য়া' প্ৰভৃতি শব্দ ব্য়ৱহাৰ কৰিছে। 'শ্ৰুতি' শব্দৰ অৰ্থ হ'ল শ্ৰৱণ।

              বেদক ত্ৰয়ীবিদ্য়া বুলি কোৱা হ'লেও যথাৰ্থতে বেদ চাৰিখন। বেদক চাৰিভাগত ভাগ কৰিছে। সেইকেইখন হ'ল ঋক্ বেদ, সাম বেদ, যজু বেদ আৰু অথৰ্ব বেদ। ঋকবেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুৰ্বেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে।এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে- এটা হল, ঋকবেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে; আন কাৰণটো হল, ঋকবেদ অন্য় বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।

                বেদৰ চাৰিটা অংশ আছে- মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' বুলি কোৱা হয়। সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ।মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হ'ল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। আৰণ্য়ক হ'ল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসীকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হ'ল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়। বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে - কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে, আৰণ্য়ক অংশ হ'ল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ উপনিষদ হ'ল জ্ঞানকাণ্ড।

৩) বেদৰ সৃষ্টিতত্ত্ব বা বিশ্বতত্ত্বৰ ওপৰত এটি ৰচনা লিখা।

উত্তৰঃ- বেদৰ পৰা আৰম্ভ কৰি ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়লৈকে সৃষ্টিতত্ত্বৰ বিভিন্ন মতবাদ পোৱা যায়। বেদৰ সৃষ্টিতত্ত্বক প্ৰধানকৈ দুটা দিশৰ পৰা আলোচনা কৰিব পাৰি। সেয়া হৈছে - পৌৰাণিক আৰু দাৰ্শনিক। পৌৰাণিক দিশৰ দুটা ধাৰা আছে , যাক অধ্য়াপক মেকডোনেলে ব্য়াখ্য়া কৰি কৈছে - "The one regards the universe as the result of mechanical production, the work of carpenter's and joiner's skill; the other represents it as the result of natural generation" , অৰ্থাৎ এটা ধাৰা অনুসৰি কাঠমিস্ত্ৰীৰ দক্ষতাৰ দৰে এই বিশ্বজগত হ'ল এক যান্ত্ৰিক সৃষ্টি আৰু দ্বিতীয় ধাৰা অনুসৰি বিশ্বজগত হ'ল এক স্বাভাৱিক সৃষ্টি। সহজ কথাত, বেদত বিশ্বতত্ত্ব আৰু সৃষ্টিতত্ত্ব সম্পৰ্কীয় যান্ত্ৰিক ব্য়াখ্য়াও আছে আৰু স্বাভাৱিক ব্য়াখ্য়াও আছে। যান্ত্ৰিক ব্য়াখ্য়া অনুসাৰে এই বিশ্বজগত পৰমেশ্বৰ দ্বাৰা প্ৰেৰিত কিছুমান সুদক্ষ কাৰিকৰৰ দ্বাৰা সৃষ্টি হৈছে। আনহাতে, আনটো মত অনুসাৰে জগত কাৰো দ্বাৰা সৃষ্টি হোৱা নাই, ই স্বাভাৱিকভাৱে বিকশিত হৈছে। 

              ঋকসংহিতাত কোৱা হৈছে যে, এক সৰ্বব্য়াপী ঈশ্বৰ আগৰে পৰা স্থিত জড়ৰ পৰা সমগ্ৰ জগত সৃষ্টি কৰিছে। সৃষ্টিৰ পূৰ্বে থকা বিস্তীৰ্ণ জলৰাশিৰ পৰা হিৰণ্য়গৰ্ভৰ উৎপত্তি আৰু হিৰণ্য়গৰ্ভই এই জগতখন সৃষ্টি কৰিছে। মনু, হৰিবংশ আৰু পুৰাণ অনুসাৰে ঈশ্বৰেই এই জলৰাশিৰ স্ৰষ্টা। ঈশ্বৰ নিজ ইচ্ছাৰে জলৰাশিৰ সৃষ্টি কৰে আৰু ইয়াত এক বীজ নিক্ষেপ কৰে। এই বীজ স্বৰ্ণময় অংকুৰত পৰিণত হয় আৰু ইয়াতে ব্ৰহ্মা আৰু স্ৰষ্টা ঈশ্বৰ নিজে জন্মগ্ৰহণ কৰে।     

৪) বেদৰ ঈশ্বৰতত্ত্বৰ ব্য়াখ্য়া কৰা।

উত্তৰঃ- ঈশ্বৰতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Theology' । এই ইংৰাজী 'Theology' শব্দটো 'Theos' আৰু 'Logos' শব্দৰ দ্বাৰা গঠিত। 'Theos' ৰ অৰ্থ হৈছে 'ঈশ্বৰ' আৰু 'Logos' ৰ অৰ্থ হৈছে 'বিদ্য়া বা শাস্ত্ৰ'। গতিকে 'Theology' শব্দৰ অৰ্থ হ'ল 'ঈশ্বৰশাস্ত্ৰ বা ঈশ্বৰতত্ত্ব'। ঈশ্বৰশাস্ত্ৰ বা ঈশ্বৰতত্ত্ব হ'ল ঈশ্বৰ কেন্দ্ৰিক এক ধৰ্মীয় তত্ত্ব য'ত বিশেষ কোনো ধৰ্মক, ধৰ্মীয় বিশ্বাসৰ সুসংহত আলোচনা কৰা হয়। জন হিকৰ মতে, ঈশ্বৰতত্ত্ব হ'ল ধৰ্ম বিশ্বাসৰ পদ্ধতি। ঈশ্বৰতত্ত্বৰ কাম হ'ল কেৱল বিশেষ কোনো ধৰ্মীয় বিশ্বাসৰ তাৎপৰ্য নিৰ্ধাৰণ আৰু অৰ্থ বিশ্লেষণ কৰা। বেদৰ ঈশ্বৰতত্ত্বত আমি বহুদেৱবাদৰ পৰা অদ্বৈতবাদৰ ব্য়াখ্য়া পাঁও। বৈদিক দেৱতা, বহুদেৱবাদ, একেশ্বৰবাদ আৰু অদ্বৈতবাদী ধাৰণা ইত্য়াদি বিষয়সমূহ বেদৰ ঈশ্বৰতত্ত্বত আলোচনা কৰা হয়। 

৫) বৈদিক দেৱতা বুলিলে কি বুজা? বেদত উল্লেখ কৰা বিভিন্ন ধৰণৰ দেৱ-দেৱীসকল কি কি?

উত্তৰঃ- 'দিৱ' ধাতুৰ পৰা 'দেৱতা' শব্দটোৰ উৎপত্তি হৈছে। দিব্ + অচ = দেৱঃ, দেৱ + তল = দেৱতা। 'দিৱ' ধাতুৰ এটা অৰ্থ হ'ল তেজ বা জ্য়োতিৰ বিকিৰণ। গতিকে 'দেৱতা' শব্দৰ ধাতুগত অৰ্থ হ'ল জ্য়োতিৰ্ময়। 'দিৱ' ধাতুৰ আন এটা হ'ল প্ৰকাশ পোৱা। গতিকে যিয়ে প্ৰকাশ পায়, যি ভাস্বৰ, যি স্বপ্ৰকাশ, তেৱেঁই দেৱতা। 

             বেদত উল্লেখ কৰা বিভিন্ন দেৱতাসকলৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল ─

(ক) বৰুণঃ- বৰুণ বেদৰ সৰ্বপ্ৰধান দেৱতা। মিত্ৰ হ'ল বৰুণৰ সখা। বৰুণ হ'ল আকাশৰ দেৱতা। 'বৰুণ' শব্দটো 'বৰ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'বৰ' ধাতুৰ অৰ্থ হ'ল আবৃত্ত কৰা, গতিকে বৰুণ হ'ল আৱৰণকাৰী। বৰুণ তৰা, নক্ষত্ৰ, সুসজ্জিত সমগ্ৰ আকাশ আৰু তাৰ নিম্নত অৱস্থিত সমস্ত প্ৰাণী আৰু সিহঁতৰ বাসস্থান এক বস্ত্ৰৰ দৰে আবৃত্ত কৰি ৰাখে। আকাশক এই অৰ্থতে বৰুণ বুলি কোৱা হয়। কাৰণ আকাশে সমস্ত পৃথিৱীকে আবৃত্ত কৰি ৰাখে। বৰুণ কেৱল প্ৰাকৃতিক নিয়মকে নহয়, মানুহৰ নৈতিক নিয়মকো সঞ্চালন কৰে। তেওঁ মানুহক তেওঁৰ পাপ-পুণ্য়ৰ বিচাৰ কৰে। তেওঁ কঠোৰ, কিন্তু মানুহৰ স্তুতিত সন্তুষ্ট হৈ তেওঁলোকক ক্ষমাও কৰি দিয়ে। মিত্ৰ দেৱতাৰ লগত লগলাগি তেওঁ জাগতিক সকলো নিয়ম-শৃংখলাক ৰক্ষা কৰে। সেয়ে বৰুণক 'নৈতিক দেৱতা' বুলিও কোৱা হয়। 

(খ) মিত্ৰঃ- মিত্ৰ মানে সখা বা বন্ধু। মিত্ৰ আৰু বৰুণ সহচৰ। বেদত বৰুণ আৰু মিত্ৰ দুয়োকে একেলগে আহ্বান কৰা হয় আৰু বৰুণদেৱতাৰ লগতে মিত্ৰকো প্ৰাৰ্থনা কৰা হয়। মিত্ৰ আৰু বৰুণ ঋতৰ যুগ্ম সংৰক্ষক। মিত্ৰ পোহৰ দেৱতা, মিত্ৰ সূৰ্যক প্ৰতিনিধিত্ব কৰে। সূৰ্যক মিত্ৰৰ চক্ষু বুলি কোৱা হয়। বৰুণ আৰু মিত্ৰক আদিতিৰ সন্তান বা আদিত্য় নামেৰেও অভিহিত কৰা হয়। মিত্ৰক 'নৈতিক দেৱতা' বুলিও কোৱা হয়। মিত্ৰ সত্য়দ্ৰষ্টা, সত্য়ানুৰাগী আৰু শান্তিপ্ৰিয় দেৱতা। শান্তিপ্ৰিয় হোৱা হেতু তেওঁ সৰ্বপ্ৰিয় দেৱতা। 

(গ) ইন্দ্ৰঃ- বেদত ইন্দ্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা। 'ইন্দ্ৰ' শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হ'ল পৰমেশ্বৰ। তেওঁ হ'ল দেৱৰাজ অৰ্থাৎ দেৱতাৰ ৰজা। ঋগ্বেদত ২৫০ সুক্ত ইন্দ্ৰৰ উদ্দেশ্য়ে ৰচিত হৈছে, অৰ্থাৎ ঋগ্বেদৰ প্ৰায় এক চতুৰ্থাংশ সুক্ত ইন্দ্ৰৰ বাবে ৰচনা কৰা হৈছে। আৰম্ভণিতে তেওঁ বৰষুণ আৰু বিদ্য়ুতৰ দেৱতা আছিল। যাৰ উৎপত্তি পানী আৰু মেঘৰ পৰা হৈছে। কিন্তু শেষত তেওঁক 'যুদ্ধৰ দেৱতা' বুলি কোৱা হ'ল। যি বজ্ৰ ধাৰণ কৰে। ইন্দ্ৰ অহংকাৰী দেৱতা আৰু অত্য়াচাৰী অসুৰৰ লগত যুদ্ধ কৰাৰ কথা সৰ্ববিদিত। ইন্দ্ৰৰ সহায় অবিহনে মানুহে কেতিয়াও কোনো যুদ্ধত জয়ী হ'ব নোৱাৰে। ইন্দ্ৰদেৱে বাণ পাপীক নাশ কৰে। ইন্দ্ৰৰ পত্নীৰ নাম ইন্দ্ৰাণী। 

(ঘ) অগ্নিঃ- বেদৰ অন্য়তম গুৰুত্বপূৰ্ণ দেৱতা হ'ল অগ্নি। ইন্দ্ৰ পিছৰ স্থান অগ্নিৰ। অগ্নি সম্পৰ্কে ঋগ্বেদত দুশতা সুক্ত পোৱা যায়। গতিকে অগ্নি এক জনপ্ৰিয় দেৱতা। অগ্নি হ'ল যজ্ঞৰ দেৱতা। যজ্ঞত যি অপৰ্ণ কৰা যায় অগ্নিৰ মাধ্য়মত সেইবোৰ সংশ্লিষ্ট দেৱতালৈ পঠোৱা হয়। অগ্নিয়ে যজ্ঞৰ সময়ত দেৱতাক আহ্বান কৰে, দেৱতাক অসন গ্ৰহণ কৰোৱায় আৰু যজ্ঞত অৰ্পিত বস্তু দেৱতাক গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰায়। গতিকে মানুহ আৰু দেৱতাৰ মাজত মধ্য়স্থতা স্থাপন কৰে অগ্নিয়ে। সেইকাৰণে অগ্নিক মানুহৰ পুৰোহিত বুলিও কোৱা হয়।

              অগ্নিৰ জন্ম সন্দৰ্ভত ঋগ্বেদত তিনিটা মত পোৱা যায়। প্ৰথম মতবাদত কোৱা হয় যে, অগ্নি পানীৰ পৰা জন্ম হৈছে, পানী অগ্নিৰ গৰ্ভ; দ্বিতীয় মতবাদত কোৱা হয় যে, অগ্নিৰ জন্ম হৈছে কাঠৰ পৰা; আৰু তৃতীয় অভিমত অনুসৰি অগ্নিৰ জন্ম হয় স্বৰ্গত।     

(ঙ) সোমদেৱঃ- সোমদেৱ হ'ল 'প্ৰেৰণাৰ দেৱতা', অমৰ জীৱন দাতা আৰু তেওঁক 'মদ্য় দেৱতা' বুলিও কোৱা হয়। ঋগ্বেদত ইয়াক অন্য়তম মহান দেৱতা হিচাপে স্বীকাৰ কৰা হৈছে। নৱম মণ্ডলৰ সকলো ১১৮ সুক্ত সোমদেৱৰ উদ্দেশ্য়ে ৰচিত হৈছে। সোম এক লতা বা বনস্পতি যাৰ ৰসক সোমৰস বুলি কোৱা হয়। সোমৰস পান কৰিলে সকলো দুখ-কষ্ট পাহৰি পৰম ঐশ্বৰিক আনন্দ উপভোগ কৰা যায়। সেইকাৰণে বৈদিক যুগত মাদক দ্ৰব্য়ত ঐশ্বৰিক শক্তি দৰ্শন কৰিছিল আৰু সোমক দেৱতা ৰূপত প্ৰতিষ্ঠিত কৰিছিল। দেৱতাসকল, যেনে 一 ইন্দ্ৰ, বায়ু, পৰ্য্য়ন্য়, মৰুৎ, অগ্নি আদিয়ে সোমৰস পান কৰিছিল। 

             সোমৰ উৎপত্তি সম্পৰ্কে ভাৰতীয় দৰ্শনত দুটা মতবাদ পোৱা যায়। প্ৰথম মত অনুসৰি সোমাৰ উৎপত্তি স্বৰ্গত হৈছে , আৰু দ্বিতীয় মত অনুসৰি সোমাৰ উৎপত্তি হৈছে পৰ্বতত। বেদত সোমৰস যি সজুঁলিৰে তৈয়াৰ কৰা হয় তাকো দেৱতাৰ দৰে জ্ঞান কৰা হৈছে। উদাহৰণস্বৰূপে, যি পাথৰেৰে সোমৰস নিৰ্গত কৰা হৈছিল, তাক পবিত্ৰ জ্ঞান কৰা হয় আৰু এই পাথৰকো উপাসনা কৰা হয়। 

(চ) অশ্বিনঃ- ইন্দ্ৰ, বৰুণ, অগ্নি আৰু সোমৰ পিছত যদি কোনো গুৰুত্বপূৰ্ণ দেৱতাৰ নাম পোৱা যায় সি হ'ল অশ্বিন। অশ্বিন হ'ল 'যুগল দেৱতা'। অশ্বিন হ'ল দুগৰাকী যমজ ভাই। সেইকাৰণে অশ্বিনৰ তুলনা চক্ষু, হাত, কৰ্ণ, ভৰি আদিৰ লগত কৰা হৈছে। কাৰণ এইবোৰ অংগৰ উচ্চাৰণ আমি যোৰ হিচাপত কৰি থাকোঁ। অশ্বিনৰ সম্বন্ধ মধুৰ লগতে, সেইকাৰণে বহুতো অশ্বিনক 'মধুৰ দেৱতা' বুলিও কোৱা হয়। অশ্বিন সৰ্বব্য়াপী 一 তেওঁ বায়ু, পানী, স্বৰ্গ, গৃহ, পাহাৰ-পৰ্বত আদি সকলো স্থানতে বিদ্য়ামান। অশ্বিন অতি সুন্দৰ দেৱতা। তেওঁলোকৰ সম্বন্ধ পোহৰৰ লগত। অশ্বিনে অন্ধকাৰক আঁতৰাই পোহৰ বিয়পায়। 

(ছ) পূষণঃ- পূষণ সৌৰজগত সম্বন্ধীয় দেৱতা। ঋগ্বেদত পূষণ সম্পৰ্কে আঠটা সুক্ত আছে আৰু তেওঁৰ নাম ১২০ বাৰ উল্লেখ কৰা হৈছে। 'পূষণ' শব্দতো 'পূষ' ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হ'ল পোষণ কৰা বা পোষক। পূষণ দেৱতাক 'গৰখীয়াৰ দেৱতা' বুলিও অভিহিত কৰা হয়। তেওঁ পশুৰ ৰক্ষাকৰ্তা। পশুক ৰক্ষা কৰাই তেওঁৰ মূল কাম। যদি কোনো পশু খাল-বিল, নদ-নদীত পৰি যায় বা কোনো ধৰণৰ দুখ পায়, তেনেহ'লে পূষণ দেৱতাই সিহঁতক ৰক্ষা কৰে। যদি কোনো পশু-প্ৰাণী হেৰাই যায়, তেন্তে পূষণ দেৱতাই সিহঁতক বিচাৰি উলিওৱাত সহায় কৰে। এইদৰে পূষণ দেৱতাক পশুৰ ৰক্ষক হিচাপে প্ৰধানত চিত্ৰিত কৰা হৈছে। 

             বেদত উল্লেখ কৰা বিভিন্ন দেৱীসকলৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল ─

(ক) ঊষাঃ- বেদৰ আটাইতকৈ ধুনীয়া দেৱী আৰু আকাশৰ জিয়েক হ'ল 'ঊষা'। 'ঊষা' হ'ল 'প্ৰভাতৰ দেৱী'। ঋগ্বেদত সুন্দৰ সুক্তৰ ৰচনা ঊষাৰ উদ্দেশ্য়ে কৰা হৈছে। ঋগ্বেদত এনেকুৱা বিছটা সুক্ত পোৱা যায় আৰু ঊষাৰ নাম তিনিশবাৰ উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, ঊষা এক গুৰুত্বপূৰ্ণ দেৱী। সূৰ্যোদয়ৰ পূৰ্বে আকাশত যি সৌন্দৰ্য দেখা যায়, সিয়ে ঊষাক প্ৰতিনিধিত্ব কৰে। ঊষাক সূৰ্যৰ প্ৰিয়তমা বুলিও কোৱা হয়। সূৰ্যই ঊষাক অনুসৰণ কৰে, যেতিয়াই সূৰ্যৰ আগমন ঘটে, তেতিয়াই ঊষাৰ অন্তৰ্ধ্য়ান হয়। ঊষাক সূৰ্যৰ পত্নী আৰু ৰাত্ৰিৰ ভনী বুলিও কোৱা হয়। ঊষাই মানুহক কৰ্মত প্ৰেৰিত কৰে। তেওঁ মানুহ আৰু পশুৰ জীৱনৰ ক্ৰিয়াশীলতাৰ সূচনা কৰে। 

(খ) পৃথিৱীঃ- পৃথিৱীক ঋগ্বেদত 'মাতৃ' বুলি কোৱা হৈছে। যিদৰে মাতৃয়ে তেওঁৰ সন্তানক পোষণ কৰে, তেনেদৰে পৃথিৱীয়ে ফল-ফুল, অন্ন দান কৰি মানুষ্য় জীৱন ৰক্ষা কৰে। পৃথিৱীৰ উদাৰতা অতুলনীয়। তেওঁ পৰ্বত, বৃক্ষ আৰু বনৰ ওজন বহন কৰে। তেওঁ মাটিক উৰ্বৰ কৰি সমস্ত জীৱ-জন্তুক পোষণ কৰে। ঋগ্বেদৰ এক সুক্তৰ পৰা প্ৰমাণিত হয় যে, ঋগ্বেদত পৃথিৱীক গৌণ  স্থান দিয়া হৈছে। 

(গ) সৰস্বতীঃ- ঋগ্বেদত সৰস্বতী এক নৈ যাক দেৱীৰ ৰূপত চিত্ৰিত কৰা হৈছে। তেওঁৰ সাত ভনী আছে। তেওঁক নদীৰ মাতৃ বুলিও অভিহিত কৰা হয়। তেওঁ দিব্য়। সন্তান আৰু ধনৰ বাবে তেওঁক প্ৰাৰ্থনা কৰা হয়। বেদোত্তৰকালীন সাহিত্য়ত সৰস্বতীক বিদ্য়াৰ দেৱী বুলি অভিহিত কৰা হয়। তেওঁ বিদ্য়াৰূপী জ্ঞান প্ৰকাশ কৰি অবিদ্য়াৰূপী অজ্ঞানক বিনাশ কৰে। এইদৰে সৰস্বতীক আৰম্ভণিতে নদীৰ এক দেৱী হিচাপে স্তুতি কৰা হৈছে আৰু শেষত তেওঁ বিদ্য়াৰ দেৱীত পৰিণত হৈছে। 

(ঘ) অদিতিঃ- অদিতিৰ অৰ্থ হ'ল যি বন্ধনৰ পৰা মুক্ত, যি সকলো প্ৰকাৰৰ সীমাৰ পৰা মুক্ত। বৈদিক ধৰ্মত অদিতিক বহুতো দেৱতাৰ জন্মদাতাৰ ৰূপত স্বীকাৰ কৰা হৈছে। যি দেৱতাক অদিতিয়ে জন্ম দিছে, সেই শ্ৰেণীৰ দেৱতাক 'আদিত্য়' বুলি কোৱা হয়। ঋগ্বেদত অদিতিক সেইকাৰণে আদিত্য়ৰ মাতৃ বুলি কোৱা হয়, কিন্তু ক'ৰবাত ইয়াক পিতা আৰু পুত্ৰ বুলিও কোৱা হৈছে। অথৰ্ববেদৰ মতে, অদিতিৰ আঠ গৰাকী পুত্ৰ আছে যিসকলৰ  ভিতৰত বৰুণ, মিত্ৰ, ইন্দ্ৰ আদি দেৱতা প্ৰধান। অদিতিয়ে উপাসকক ৰক্ষা কৰে। তেওঁ ৰোগ আৰু বাধাৰ নিৰাময়ক। যি বস্তুৰ উৎপন্ন হৈছে আৰু যিবিলাক ভৱিষ্য়তে উৎপন্ন হ'ব সেই সকলোবোৰকে অদিতি বুলি কোৱা হয়। 

৬) বৈদিক দেৱতাসমূহৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ- বেদত উল্লেখ কৰা বিভিন্ন দেৱতাসকলৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল ─

(ক) বৰুণঃ- বৰুণ বেদৰ সৰ্বপ্ৰধান দেৱতা। মিত্ৰ হ'ল বৰুণৰ সখা। বৰুণ হ'ল আকাশৰ দেৱতা। 'বৰুণ' শব্দটো 'বৰ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'বৰ' ধাতুৰ অৰ্থ হ'ল আবৃত্ত কৰা, গতিকে বৰুণ হ'ল আৱৰণকাৰী। বৰুণ তৰা, নক্ষত্ৰ, সুসজ্জিত সমগ্ৰ আকাশ আৰু তাৰ নিম্নত অৱস্থিত সমস্ত প্ৰাণী আৰু সিহঁতৰ বাসস্থান এক বস্ত্ৰৰ দৰে আবৃত্ত কৰি ৰাখে। আকাশক এই অৰ্থতে বৰুণ বুলি কোৱা হয়। কাৰণ আকাশে সমস্ত পৃথিৱীকে আবৃত্ত কৰি ৰাখে। বৰুণ কেৱল প্ৰাকৃতিক নিয়মকে নহয়, মানুহৰ নৈতিক নিয়মকো সঞ্চালন কৰে। তেওঁ মানুহক তেওঁৰ পাপ-পুণ্য়ৰ বিচাৰ কৰে। তেওঁ কঠোৰ, কিন্তু মানুহৰ স্তুতিত সন্তুষ্ট হৈ তেওঁলোকক ক্ষমাও কৰি দিয়ে। মিত্ৰ দেৱতাৰ লগত লগলাগি তেওঁ জাগতিক সকলো নিয়ম-শৃংখলাক ৰক্ষা কৰে। সেয়ে বৰুণক 'নৈতিক দেৱতা' বুলিও কোৱা হয়। 

(খ) মিত্ৰঃ- মিত্ৰ মানে সখা বা বন্ধু। মিত্ৰ আৰু বৰুণ সহচৰ। বেদত বৰুণ আৰু মিত্ৰ দুয়োকে একেলগে আহ্বান কৰা হয় আৰু বৰুণদেৱতাৰ লগতে মিত্ৰকো প্ৰাৰ্থনা কৰা হয়। মিত্ৰ আৰু বৰুণ ঋতৰ যুগ্ম সংৰক্ষক। মিত্ৰ পোহৰ দেৱতা, মিত্ৰ সূৰ্যক প্ৰতিনিধিত্ব কৰে। সূৰ্যক মিত্ৰৰ চক্ষু বুলি কোৱা হয়। বৰুণ আৰু মিত্ৰক আদিতিৰ সন্তান বা আদিত্য় নামেৰেও অভিহিত কৰা হয়। মিত্ৰক 'নৈতিক দেৱতা' বুলিও কোৱা হয়। মিত্ৰ সত্য়দ্ৰষ্টা, সত্য়ানুৰাগী আৰু শান্তিপ্ৰিয় দেৱতা। শান্তিপ্ৰিয় হোৱা হেতু তেওঁ সৰ্বপ্ৰিয় দেৱতা। 

(গ) ইন্দ্ৰঃ- বেদত ইন্দ্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা। 'ইন্দ্ৰ' শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হ'ল পৰমেশ্বৰ। তেওঁ হ'ল দেৱৰাজ অৰ্থাৎ দেৱতাৰ ৰজা। ঋগ্বেদত ২৫০ সুক্ত ইন্দ্ৰৰ উদ্দেশ্য়ে ৰচিত হৈছে, অৰ্থাৎ ঋগ্বেদৰ প্ৰায় এক চতুৰ্থাংশ সুক্ত ইন্দ্ৰৰ বাবে ৰচনা কৰা হৈছে। আৰম্ভণিতে তেওঁ বৰষুণ আৰু বিদ্য়ুতৰ দেৱতা আছিল। যাৰ উৎপত্তি পানী আৰু মেঘৰ পৰা হৈছে। কিন্তু শেষত তেওঁক 'যুদ্ধৰ দেৱতা' বুলি কোৱা হ'ল। যি বজ্ৰ ধাৰণ কৰে। ইন্দ্ৰ অহংকাৰী দেৱতা আৰু অত্য়াচাৰী অসুৰৰ লগত যুদ্ধ কৰাৰ কথা সৰ্ববিদিত। ইন্দ্ৰৰ সহায় অবিহনে মানুহে কেতিয়াও কোনো যুদ্ধত জয়ী হ'ব নোৱাৰে। ইন্দ্ৰদেৱে বাণ পাপীক নাশ কৰে। ইন্দ্ৰৰ পত্নীৰ নাম ইন্দ্ৰাণী। 

(ঘ) অগ্নিঃ- বেদৰ অন্য়তম গুৰুত্বপূৰ্ণ দেৱতা হ'ল অগ্নি। ইন্দ্ৰ পিছৰ স্থান অগ্নিৰ। অগ্নি সম্পৰ্কে ঋগ্বেদত দুশতা সুক্ত পোৱা যায়। গতিকে অগ্নি এক জনপ্ৰিয় দেৱতা। অগ্নি হ'ল যজ্ঞৰ দেৱতা। যজ্ঞত যি অপৰ্ণ কৰা যায় অগ্নিৰ মাধ্য়মত সেইবোৰ সংশ্লিষ্ট দেৱতালৈ পঠোৱা হয়। অগ্নিয়ে যজ্ঞৰ সময়ত দেৱতাক আহ্বান কৰে, দেৱতাক অসন গ্ৰহণ কৰোৱায় আৰু যজ্ঞত অৰ্পিত বস্তু দেৱতাক গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰায়। গতিকে মানুহ আৰু দেৱতাৰ মাজত মধ্য়স্থতা স্থাপন কৰে অগ্নিয়ে। সেইকাৰণে অগ্নিক মানুহৰ পুৰোহিত বুলিও কোৱা হয়।

              অগ্নিৰ জন্ম সন্দৰ্ভত ঋগ্বেদত তিনিটা মত পোৱা যায়। প্ৰথম মতবাদত কোৱা হয় যে, অগ্নি পানীৰ পৰা জন্ম হৈছে, পানী অগ্নিৰ গৰ্ভ; দ্বিতীয় মতবাদত কোৱা হয় যে, অগ্নিৰ জন্ম হৈছে কাঠৰ পৰা; আৰু তৃতীয় অভিমত অনুসৰি অগ্নিৰ জন্ম হয় স্বৰ্গত।     

(ঙ) সোমদেৱঃ- সোমদেৱ হ'ল 'প্ৰেৰণাৰ দেৱতা', অমৰ জীৱন দাতা আৰু তেওঁক 'মদ্য় দেৱতা' বুলিও কোৱা হয়। ঋগ্বেদত ইয়াক অন্য়তম মহান দেৱতা হিচাপে স্বীকাৰ কৰা হৈছে। নৱম মণ্ডলৰ সকলো ১১৮ সুক্ত সোমদেৱৰ উদ্দেশ্য়ে ৰচিত হৈছে। সোম এক লতা বা বনস্পতি যাৰ ৰসক সোমৰস বুলি কোৱা হয়। সোমৰস পান কৰিলে সকলো দুখ-কষ্ট পাহৰি পৰম ঐশ্বৰিক আনন্দ উপভোগ কৰা যায়। সেইকাৰণে বৈদিক যুগত মাদক দ্ৰব্য়ত ঐশ্বৰিক শক্তি দৰ্শন কৰিছিল আৰু সোমক দেৱতা ৰূপত প্ৰতিষ্ঠিত কৰিছিল। দেৱতাসকল, যেনে 一 ইন্দ্ৰ, বায়ু, পৰ্য্য়ন্য়, মৰুৎ, অগ্নি আদিয়ে সোমৰস পান কৰিছিল। 

             সোমৰ উৎপত্তি সম্পৰ্কে ভাৰতীয় দৰ্শনত দুটা মতবাদ পোৱা যায়। প্ৰথম মত অনুসৰি সোমাৰ উৎপত্তি স্বৰ্গত হৈছে , আৰু দ্বিতীয় মত অনুসৰি সোমাৰ উৎপত্তি হৈছে পৰ্বতত। বেদত সোমৰস যি সজুঁলিৰে তৈয়াৰ কৰা হয় তাকো দেৱতাৰ দৰে জ্ঞান কৰা হৈছে। উদাহৰণস্বৰূপে, যি পাথৰেৰে সোমৰস নিৰ্গত কৰা হৈছিল, তাক পবিত্ৰ জ্ঞান কৰা হয় আৰু এই পাথৰকো উপাসনা কৰা হয়। 

(চ) অশ্বিনঃ- ইন্দ্ৰ, বৰুণ, অগ্নি আৰু সোমৰ পিছত যদি কোনো গুৰুত্বপূৰ্ণ দেৱতাৰ নাম পোৱা যায় সি হ'ল অশ্বিন। অশ্বিন হ'ল 'যুগল দেৱতা'। অশ্বিন হ'ল দুগৰাকী যমজ ভাই। সেইকাৰণে অশ্বিনৰ তুলনা চক্ষু, হাত, কৰ্ণ, ভৰি আদিৰ লগত কৰা হৈছে। কাৰণ এইবোৰ অংগৰ উচ্চাৰণ আমি যোৰ হিচাপত কৰি থাকোঁ। অশ্বিনৰ সম্বন্ধ মধুৰ লগতে, সেইকাৰণে বহুতো অশ্বিনক 'মধুৰ দেৱতা' বুলিও কোৱা হয়। অশ্বিন সৰ্বব্য়াপী 一 তেওঁ বায়ু, পানী, স্বৰ্গ, গৃহ, পাহাৰ-পৰ্বত আদি সকলো স্থানতে বিদ্য়ামান। অশ্বিন অতি সুন্দৰ দেৱতা। তেওঁলোকৰ সম্বন্ধ পোহৰৰ লগত। অশ্বিনে অন্ধকাৰক আঁতৰাই পোহৰ বিয়পায়। 

(ছ) পূষণঃ- পূষণ সৌৰজগত সম্বন্ধীয় দেৱতা। ঋগ্বেদত পূষণ সম্পৰ্কে আঠটা সুক্ত আছে আৰু তেওঁৰ নাম ১২০ বাৰ উল্লেখ কৰা হৈছে। 'পূষণ' শব্দতো 'পূষ' ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হ'ল পোষণ কৰা বা পোষক। পূষণ দেৱতাক 'গৰখীয়াৰ দেৱতা' বুলিও অভিহিত কৰা হয়। তেওঁ পশুৰ ৰক্ষাকৰ্তা। পশুক ৰক্ষা কৰাই তেওঁৰ মূল কাম। যদি কোনো পশু খাল-বিল, নদ-নদীত পৰি যায় বা কোনো ধৰণৰ দুখ পায়, তেনেহ'লে পূষণ দেৱতাই সিহঁতক ৰক্ষা কৰে। যদি কোনো পশু-প্ৰাণী হেৰাই যায়, তেন্তে পূষণ দেৱতাই সিহঁতক বিচাৰি উলিওৱাত সহায় কৰে। এইদৰে পূষণ দেৱতাক পশুৰ ৰক্ষক হিচাপে প্ৰধানত চিত্ৰিত কৰা হৈছে। 

৭) সংহিতা মানে কি? চাৰি সংহিতা কি কি? এইবোৰ চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ- মন্ত্ৰৰ আন এটা নাম সংহিতা। সেইকাৰণে প্ৰত্য়েক বেদৰ মন্ত্ৰাংশক সংহিতা বুলি কোৱা হয়। 'সংহিতা' এটি সংস্কৃত শব্দ। এই শব্দটো মূল 'সং' আৰু 'হিত' শব্দ দুটাৰ নিস্পন্ন হৈছে। 'সং' মানে 'সঠিক বা যথাৰ্থ' আৰু 'হিত' শব্দৰ অৰ্থ হ'ল 'সমৃদ্ধ আৰু বিন্য়স্ত'। এই দুটা শব্দৰ সন্মিলিত অৰ্থ হ'ল ' সঠিক বা যথাৰ্থভাৱে একত্ৰিত, মিলিত ৰচনাৰ বিন্য়াস যিবোৰ হ'ল নিৰ্দিষ্ট পদ্ধতি অনুসৰি সংকলিত হোৱা গ্ৰন্থসমূহ বা মন্ত্ৰসমূহ। অৰ্থাৎ, আক্ষৰিক অৰ্থত সংহিতা বুলিলে নিৰ্দিষ্ট পদ্ধতি বা নিয়ম অনুসৰি একত্ৰিত গ্ৰন্থ বা মন্ত্ৰ-সংকলনক বুজায়। 

              চাৰি প্ৰকাৰৰ সংহিতা হ'ল 一

(ক) ঋগ্বেদ-সংহিতা,

(খ) সামবেদ-সংহিতা,

(গ) যজুৰ্বেদ-সংহিতা আৰু 

(ঘ) অথৰ্ববেদ-সংহিতা।

             এই চাৰি প্ৰকাৰৰ সংহিতাৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一 

(ক) ঋগ্বেদ-সংহিতাঃ- ঋক্ সংহিতা হ'ল প্ৰাাচীন সংহিতা। ঋক্ সংহিতাত স্তুতি আৰু প্ৰাৰ্থনামূলক মন্ত্ৰ আছে। এইবোৰ পদ্য়ত ৰচিত। ঋক্ সংহিতাক দুই প্ৰকাৰে বিভক্ত কৰিব পৰা যায়। প্ৰথম বিভাগ অনুযায়ী ঋক্ সংহিতা মণ্ডল, অনুবাক, সূক্ত আৰু ঋক্ এই চাৰি ভাগত বিভক্ত। দ্বিতীয় বিভাগ অনুসৰি ঋক্ সংহিতাৰ ৮ টা অষ্টক, ৬৪ টা অধ্য়ায় আৰু ২০০৬ টা বৰ্গ আছে। 

             যিসকল ঋষি ঋগ্বেদ দৰ্শন কৰিছিল তাৰ ভিতৰত আছে 一 ঋষি মধুছন্দা, গৃৎসমদ, বিশ্বামিত্ৰ, বামদেৱ, দীৰ্ঘতমা, ঋষভ, কশ্য়প, ভৰদ্বাজ আদি। ঋগ্বেদত সাত গৰাকী নাৰী সূক্ত ৰচনা কৰিছিল। ইহঁতৰ ভিতৰত লোপামুদ্ৰা, অপালা, সাবিত্ৰী, বাক্, ইন্দ্ৰাণী আদি। 

(খ) সামবেদ-সংহিতাঃ- সাম মানে হ'ল গান। সামবেদ সংগীত প্ৰধান। যি মন্ত্ৰৰ গীত গোৱা যায় তাকে সাম বোলে। অৰ্থাৎ, যি মন্ত্ৰ সূৰ ধৰি গোৱা হয় তাকে সাম বোলা হয়। যজ্ঞ কৰাৰ সময়ত কোনো ঋক্ আবৃত্তি নকি সূৰ ধৰি গোৱা হয়। এই সংগীত প্ৰধান ঋকসমূহকে কোৱা হয় সমবেদ আৰু সামৰ সংকলনেই সামবেদ সংহিতা। সামবেদ-সংহিতাত ১৮২০ টা মন্ত্ৰ আছে আৰু ইয়াৰ ভিতৰত ৭৫ টা মন্ত্ৰহে সামবেদৰ। বাকী সকলো মন্ত্ৰ হ'ল ঋগ্বেদৰ মন্ত্ৰৰ পুনৰাবৃত্তি। 

(গ) যজুৰ্বেদ-সংহিতাঃ- যজ্ঞত ব্য়ৱহূত মন্ত্ৰৰ সংকলন হ'ল যজুৰ্বেদ। যজুঃ বুলিলে যজ্ঞৰ মন্ত্ৰক বুজায়। ইয়াৰ জ্ঞানক কোৱা হয় যজুৰ্বেদ আৰু এই জ্ঞানৰ সংকলন হ'ল যজুৰ্বেদ সংহিতা। যজুৰ্বেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে। যজ্ঞানুষ্ঠানৰ নিয়ম পদ্ধতি যজুৰ্বেদত সংকলিত। যজুৰ্বেদত গদ্য় আৰু পদ্য় উভয় ৰীতিৰ মন্ত্ৰ পোৱা যায়। যজুবেদৰ দুটা শাখা আছে 一 কৃষ্ণযজুৰ্বেদ আৰু শুক্লযজুৰ্বেদ। 

(ঘ) অথৰ্ববেদ-সংহিতাঃ- অথৰ্ব বুলিলে ভোষজবিদ্য়া আৰু মাংগলিক ক্ৰিয়াকে বুজোৱা হয়। এই বেদত যিদৰে মাংগলিক মন্ত্ৰ আছে, তেনেদৰে অমংগলজনক মন্ত্ৰও আছে। অথৰ্ববেদৰ প্ৰাচীন নাম আছিল অথৰ্বাঙ্গিৰস। অথৰ্বন আৰু অঙ্গিৰা প্ৰাচীন কালৰ ঋষি আছিল। যাৰ নাম অনুযায়ী বেদৰ নামাকৰণ কৰা হৈছে। অথৰ্ববেদ সংহিতাত বিভিন্ন বিষয়ৰ মন্ত্ৰৰ সংকলন আছে। অৱশ্য়ে সাধনাৰ বাবে শৰীৰ আৰু মনৰ সুস্থতা যিহেতু অধিক প্ৰয়োজন, সেয়ে এই বেদত ইয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। চিকিৎসা বা ভেষজবিদ্য়া, মাংগলিক ক্ৰিয়াকাণ্ড, শক্ৰবধৰ উপায় প্ৰভৃতি এই বেদৰ বিষয়বস্তু। 

৮) সংহিতাৰ অৰ্থ ব্য়াখ্য়া কৰা।

উত্তৰঃ- হিন্দুধৰ্মৰ সৰ্বোচ্চ ধৰ্মগ্ৰন্থ বেদৰ প্ৰাচীনতম অংশটোকে সংহিতা বোলা হয়। বেদৰ মন্ত্ৰসমূহৰ সংকলনকে সংহিতা বোলে। অৰ্থাৎ, বেদৰ মন্ত্ৰাংশৰ নামেই সংহিতা। মন্ত্ৰ বা সংহিতা বুলিলে বেদৰ সূক্ত, গান, স্তোত্ৰ, মন্ত্ৰ, স্তব, স্তুতি, আশীৰ্বচন, প্ৰাৰ্থনা প্ৰভৃতিৰ সংকলনক বুজায়। 

             মন্ত্ৰৰ আন এটা নাম সংহিতা। সেইকাৰণে প্ৰত্য়েক বেদৰ মন্ত্ৰাংশক সংহিতা বুলি কোৱা হয়। 'সংহিতা' এটি সংস্কৃত শব্দ। এই শব্দটো মূল 'সং' আৰু 'হিত' শব্দ দুটাৰ নিস্পন্ন হৈছে। 'সং' মানে 'সঠিক বা যথাৰ্থ' আৰু 'হিত' শব্দৰ অৰ্থ হ'ল 'সমৃদ্ধ আৰু বিন্য়স্ত'। এই দুটা শব্দৰ সন্মিলিত অৰ্থ হ'ল ' সঠিক বা যথাৰ্থভাৱে একত্ৰিত, মিলিত ৰচনাৰ বিন্য়াস যিবোৰ হ'ল নিৰ্দিষ্ট পদ্ধতি অনুসৰি সংকলিত হোৱা গ্ৰন্থসমূহ বা মন্ত্ৰসমূহ। অৰ্থাৎ, আক্ষৰিক অৰ্থত সংহিতা বুলিলে নিৰ্দিষ্ট পদ্ধতি বা নিয়ম অনুসৰি একত্ৰিত গ্ৰন্থ বা মন্ত্ৰ-সংকলনক বুজায়। 

৯) ব্ৰাহ্মণ মানে কি? ব্ৰাহ্মণৰ অৰ্থ আৰু বৈশিষ্ট্য় ব্য়াখ্য়া কৰা।

উত্তৰঃ- বৈদিক সংহিতাৰ পিছৰ সাহিত্য়ধাৰা হ'ল ব্ৰাহ্মণ। বেদৰ যি অংশত বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ, মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ পোৱা যায় তাকে ব্ৰাহ্মণ বোলা হয়। এক কথাত, ব্ৰাাহ্মণ হ'ল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। ব্ৰাহ্মণ হ'ল গদ্য়ত ৰচিত যাগ-যজ্ঞ সম্পৰ্কীয় সৰ্ববৃহৎ বৈদিক সাহিত্য়। 

              'ব্ৰাহ্মণ' শব্দটোৰ উৎপত্তি হৈছে 'ব্ৰহ্মন্' শব্দৰ পৰা হৈছে। মন্ত্ৰ আৰু ব্ৰাহ্মণ লৈয়ে বেদ, সেয়ে কিছুমানৰ মতে, ব্ৰাহ্মণ শব্দৰ বহু অৰ্থৰ মাজত বেদ আৰু ব্ৰাহ্মণ অৰ্থও আছে। আপস্তম্বৰ মতে, 'কৰ্মচোদনা  ব্ৰাহ্মণানি ' অৰ্থাৎ, কৰ্মচোদনা বা যজ্ঞবিধিয়ে ব্ৰাহ্মণ। কিছুমানৰ মতে, বেদৰ লগত সম্বন্ধযুক্ত কাৰণে ইয়াক 'ব্ৰাহ্মণ' নাম দিয়া হৈছে। কিছুমানে আকৌ ব্ৰাহ্মণ বুলিলে পুৰোহিতসকলক বুজাইছে। তেওঁলোকৰ মতে, যজ্ঞ আৰু যজ্ঞৰ বিবিধ ক্ৰিয়াকাণ্ড সম্পৰ্কীয় উক্তিবোৰ যি শাস্ত্ৰত লিপিৱদ্ধ কৰা হৈছে তাৰ নামেই ব্ৰাহ্মণ। এই ব্য়াখ্য়াকে অধিকাংশ ক্ষেত্ৰত যুক্তিসংগত বুলি স্বীকাৰ কৰা হয়। 

               'ব্ৰাহ্মণ' শব্দটো যে 'ব্ৰহ্মণ্' শব্দৰ পৰা আহিছে সেই সম্পৰ্কে বহু প্ৰমাণ পোৱা যায়। যজুৰ্বেদৰ শতপথ ব্ৰাহ্মণত কোৱা হৈছে 'ব্ৰহ্ম বৈ ব্ৰাহ্মণঃ' অৰ্থাৎ, ব্ৰহ্মই ব্ৰাহ্মণ। আন এটা মত অনুসৰি ব্ৰাহ্মণ বা স্তোত্ৰাংশ সম্বন্ধে যি উক্তি কৰা হৈছে সিয়ে ব্ৰাহ্মণ। পাণিনি সূত্ৰৰ ব্য়াখ্য়াকাৰ ঋষি পতঞ্জলিৰ মতে 'ব্ৰহ্মণ্' শব্দ আৰু ব্ৰাহ্মণে একেটা অৰ্থকে নিৰ্দেশ কৰে।

১০) আৰণ্য়ক কাক বোলে? আৰণ্য়কৰ অৰ্থ ব্য়াখ্য়া কৰা।

উত্তৰঃ- আৰণ্য়ক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। 

              বেদৰ ব্ৰাহ্মণৰ পিছৰ অংশ হ'ল আৰণ্য়ক। 'আৰণ্য়ক' নামকৰণৰ কাৰণ হ'ল অৰণ্য়ত বহি বেদৰ এই অংশই মনন, পঠন, প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছিল। যাগযজ্ঞাদি কৰ্মকাণ্ডৰ পৰা যেতিয়া বৈদিক যুগৰ আৰ্যসকলৰ চিত্ত জ্ঞানযোগৰ ফালে আকৃষ্ট হয় তেতিয়া আৰণ্য়কৰ উৎপত্তি হয়। আৰণ্য়ক ব্ৰাহ্মণ আৰু উপনিষদৰ মধ্য়ৱৰ্তী স্থান অধিকাৰ কৰিছে। আৰণ্য়ক মুখ্য়ত কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ডৰ সন্ধিস্থল। বিদ্য়াৰ দিশৰ পৰা ব্ৰাহ্মণৰ স্বাভাৱিক পৰিণতি আৰণ্য়কত আৰু আৰণ্য়কৰ পৰিণতি উপনিষদত। কিছুমানৰ মতে, আৰণ্য়ক হ'ল কৰ্মকাণ্ডৰ শেষ অংশ। আকৌ, কাৰো মতে আৰণ্য়ক হ'ল জ্ঞানকাণ্ডৰ প্ৰথম অংশ। কিন্তু শেষ মতটোৱে অধিক গ্ৰহণযোগ্য়। 

               'অৰণ্য়ে উক্তমিত ইতি আৰণ্য়কম্' অৰ্থাৎ, যি অৰণ্য়ত উক্ত হয় সিয়ে আৰণ্য়ক। অৰণ্য় অৰ্থাৎ বনত পাঠ কৰা হয় বাবে এই গ্ৰন্থক আৰণ্য়ক বোলা হয়। কাৰণ এই গ্ৰন্থৰ আলোচ্য় বিষয়সমূহ অতি দূৰহ আৰু গভীৰ কাৰণে এইবোৰ য'তে ত'তে আলোচনা কৰা নহৈছিল। অতি নিৰ্জন স্থান হিচাপে অৰণ্য়ক বিবেচিত কৰি গভীৰ তত্ত্বকথাবোৰ অৰণ্য়ত পাঠ কৰা হৈছিল। অৰণ্য়ত এনেদৰে অতি দূৰহ আৰু তত্ত্বগধুৰ বিষয়সমূহ আলোচনা কৰা গ্ৰন্থসমূহ পিছলৈ আৰণ্য়ক নাম পাইছিল। 

১১) যজ্ঞ কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? ব্য়াখ্য়া কৰা।

উত্তৰঃ- যজ্ঞ হ'ল বৈদিক ঐতিহ্য়, যি বেদৰ ব্ৰাহ্মণ অংশ আৰু যজুৰ্বেদত বৰ্ণিত হৈছে। বৈদিক ধৰ্মক 'যজ্ঞধৰ্ম' বুলিও কোৱা হয়, কাৰণ এই ধৰ্মৰ আনুষ্ঠানিক দিশটো আছিল যজ্ঞকেন্দ্ৰিক। পাণিনিৰ মতে, যজ্ঞৰ উদ্দেশ্য় হ'ল পূজা আৰু দান। ঋগ্বেদ, যজুৰ্বেদ আৰু অন্য়ান্য় কিছুমান পণ্ডিতৰ মতে, যজ্ঞৰ অৰ্থ হ'ল উপাসনা, কোনো কিছুৰ প্ৰতি ভক্তি, প্ৰাৰ্থনা আৰু প্ৰশংসা, উপাসনা বা ভক্তি, নৈবদ্য় বা উৎসৰ্গৰ এটি ৰূপ আৰু সমৰ্পণ। 

             যজ্ঞৰ প্ৰকাৰসমূহ হ'ল 一

(ক) সোমযজ্ঞ,

(খ) ৰাজসূয় যজ্ঞ,

(গ) বাজপেয় যজ্ঞ,

(ঘ) অশ্বমেধ যজ্ঞ,

(ঙ) দৰ্শপূৰ্ণমাস যজ্ঞ,

(চ) চাতুৰ্মাস্য় যজ্ঞ,

(ছ) পুৰুষমেধ যজ্ঞ আৰু

(জ) পঞ্চমহাযজ্ঞ। 

              যজ্ঞৰ এই প্ৰকাৰসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(ক) সোমযজ্ঞঃ- এই যজ্ঞৰ প্ৰধান উপাদান হিচাপে সোমৰস ব্য়ৱহাৰ কৰা হয় বাবে ইয়াৰ নাম সোমযজ্ঞ। দেৱতাক সোমৰস প্ৰদান কৰাৰ নিমিত্তে এই যজ্ঞ সম্পন্ন কৰা হয়। সোম এক প্ৰকাৰৰ লতা। এই লতাৰ ৰস অগ্নিত আহুতি দি সোমযজ্ঞ সম্পন্ন কৰা হয়। সমগ্ৰ বিশ্বজগতৰ কল্যাণৰ উদ্দেশ্য়ে স্বৰ্গীয় সত্তাক সন্তুষ্ট কৰাৰ বাবে সোমযজ্ঞ অনুষ্ঠিত কৰা হয়। 

(খ) ৰাজসূয় যজ্ঞঃ- ৰাজ অভিষেকৰ উদ্দেশ্য়ে ৰাজসূয় যজ্ঞ সম্পন্ন কৰা হয়। ৰজা হোৱাৰ পিছত ৰাজপাঠ প্ৰাপ্ত কৰা ব্য়ক্তিৰ দ্বাৰা এই যজ্ঞ সম্পন্ন কৰা হয়। ইয়াত আগন্তুক ৰজাৰ জয়গান কৰা হয় আৰু নিজ আত্মীয়-স্বজনৰ উপস্থিতিত এই যজ্ঞ সম্পন্ন কৰা হয়। 

(গ) বাজপেয় যজ্ঞঃ- ৰজাসকলে সম্ৰাট হোৱাৰ উদ্দেশ্য়ে এই যজ্ঞ সম্পাদন কৰে। ৰাজসূয় যজ্ঞ কৰি ৰজা হয় আৰু বাজপেয় যজ্ঞ কৰি সম্ৰাট হয়। বাজপেয় মানে অন্ন বা পনীয়, গতিকে আৰম্ভণিতে এই যজ্ঞৰ মূল উদ্দেশ্য় আছিল অন্ন-কামনা কৰা। কিন্তু পৰৱৰ্তী কালত ব্ৰাহ্মণ গ্ৰন্থ অনুসাৰে সাম্ৰাজ্য় কামনা কৰি ৰজাসকলৰ দ্বাৰা এই যজ্ঞৰ আয়োজন কৰা হয়। 

(ঘ) অশ্বমেধ যজ্ঞঃ- ৰজাই নিজৰ সাম্ৰাজ্য় বৃদ্ধিৰ উদ্দেশ্য়ে এই যজ্ঞ সম্পন্ন কৰে। সাম্ৰাজ্য় প্ৰসাৰ, ক্ষমতা আৰু গৌৰৱ অৰ্জন আৰু প্ৰতিৱেশী ৰজাৰ লগত সুস্পৰ্ক স্থাপনেই হ'ল এই যজ্ঞৰ উদ্দেশ্য়। এই যজ্ঞত সাম্ৰাজ্য়ৰ প্ৰসাৰৰ বাবে যজ্ঞ নিয়ম অনুসাৰে এটি বলৱান অশ্বক পৃথিৱীৰ ভ্ৰমণৰ বাবে মুক্ত কৰা হয়। 

(ঙ) দৰ্শপূৰ্ণমাস যজ্ঞঃ- এই যজ্ঞ প্ৰতি মাহৰ অমাৱস্য়া আৰু পূৰ্ণিমাত অনুষ্ঠিত কৰা হয়। দৰ্শযজ্ঞ এদিন আৰু পূৰ্ণমাস যজ্ঞ দুদিন সম্পন্ন কৰা হয়। পূৰ্ণমাস যজ্ঞত অগ্নি আৰু সোম হ'ল প্ৰধান দেৱতা যাৰ উদ্দেশ্য়ে একোটাকৈ হব্য় দিয়া হয় আৰু দৰ্শযজ্ঞত অগ্নি আৰু ইন্দ্ৰ হ'ল প্ৰধান দেৱতা যাৰ উদ্দেশ্য়েও একোটাকৈ হব্য়ৰ ব্য়ৱস্থা কৰা হয়। 

(চ) চাতুৰ্মাস্য় যজ্ঞঃ- চাতুৰ্মাস্য় যজ্ঞ প্ৰতি চাৰি মাহৰ শেষত সম্পন্ন কৰা হয়। প্ৰতি চাৰি মাহৰ মূৰে মূৰে যেতিয়া ঋতুৰ পৰিৱৰ্তন হয়, তেতিয়া এই যজ্ঞৰ বিধান কৰা হৈছে। ঋতু অনুসৰি প্ৰতি চাৰিমাহৰ অন্তত সম্পন্ন কৰা যজ্ঞত ভিন ভিন পশুবধৰ প্ৰচলন আছে। এই যজ্ঞত অগ্নি, সোম, পুষণ, সবিতা আদি দেৱতাসকলক আহুতি দিয়াৰ বিধান আছে।

(ছ) পুৰুষমেধ যজ্ঞঃ- ই এক বৈদিক যজ্ঞ য'ত নৰবলি অৰ্থাৎ, পুৰুষ বলি দিয়া হয়। এই যজ্ঞ সম্পন্ন কৰাৰ অধিকাৰ কেৱল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়া সকলৰ আছে। এই যজ্ঞ চ'ত মাহৰ শুক্ল দশমীত সম্পন্ন কৰা হয় আৰু চল্লিশ দিনত শেষ কৰা হয়। বলিৰ বাবে পুৰুষ পোৱা নগ'লে শত্ৰুক পৰাজয় কৰি বলি দিয়া হৈছিল। কিছুক্ষেত্ৰত যুদ্ধত বা অকাল মৃত্য়ুৰ সম্ভাৱনা থকা পুৰুষক বলি দিয়া হৈছিল। 

(জ) পঞ্চমহাযজ্ঞঃ- বৈদিক ঋষিয়ে গৃহীৰ বাবে পঞ্চমহাযজ্ঞৰ ব্য়ৱস্থা কৰিছে। সীমিত সাধন আৰু সীমিত সময়ত গৃহীয়ে ইয়াক পালন কৰিব পাৰে। ইয়াত কোনো ধৰণৰ পশুবলি প্ৰথাৰ প্ৰয়োজন নহয়। বেদত উল্লেখিত পঞ্চমহাযজ্ঞ হ'ল 一 ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, নৃ-যজ্ঞ আৰু ভূতযজ্ঞ।

১২) যজ্ঞৰ ওপৰত এটি টোকা লিখা।

১৩) পঞ্চযজ্ঞৰ তত্ত্বটো ব্য়াখ্য়া কৰা।

উত্তৰঃ- বৈদিক ঋষিয়ে গৃহীৰ বাবে পঞ্চমহাযজ্ঞৰ ব্য়ৱস্থা কৰিছে। সীমিত সাধন আৰু সীমিত সময়ত গৃহীয়ে ইয়াক পালন কৰিব পাৰে। ইয়াত কোনো ধৰণৰ পশুবলি প্ৰথাৰ প্ৰয়োজন নহয়। ডঃ পি. ভি. কাণেৰ মতে, পঞ্চমহাযজ্ঞৰ উদ্দেশ্য় হ'ল বিধাতা, প্ৰাচীন ঋষি, পিতৃ-মাতৃ, জীৱজন্তু আৰু সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ প্ৰতি আমাৰ কৰ্তব্য় পালন কৰা। বেদত উল্লেখিত পঞ্চমহাযজ্ঞ হ'ল 一 

(ক) ব্ৰহ্মযজ্ঞ বা ঋষিযজ্ঞ, 

(খ) দেৱযজ্ঞ,

(গ) পিতৃযজ্ঞ,

(ঘ) নৃ-যজ্ঞ আৰু 

(ঙ) ভূতযজ্ঞ।

            এই ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(ক) ব্ৰহ্মযজ্ঞ বা ঋষিযজ্ঞঃ- ব্ৰহ্মযজ্ঞৰ তাৎপৰ্য হ'ল স্বাধ্য়য়। গৃহীয়ে প্ৰতিদিনে একান্ত স্থানত আসন গ্ৰহণ কৰি ধৰ্মগ্ৰন্থ পাঠ কৰা উচিত। ইয়াত চাৰি বেদৰ ইতিহাস, পুৰাণ আৰু দাৰ্শনিক গ্ৰন্থ পাঠ কৰাৰ নিৰ্দেশ দিয়া হৈছে। স্বাধ্য়ায়ৰ দ্বাৰা ব্য়ক্তিয়ে নিজৰ ধৰ্মৰ লগত ভালদৰে পৰিচয় হয় আৰু বৈদিক চিন্তাধাৰ অক্ষত ৰখাৰ বাবে সমাজস্থ মানুহৰ মাজত, বিশেষকৈ আমাৰ উত্তৰ-পুৰুষ আৰু সন্তান-সন্ততিৰ মাজত, ইয়াৰ তত্ত্বকথা প্ৰচাৰৰ দায়িত্ব পালন কৰা হয়। এই দায়িত্ব পালন বা প্ৰচাৰ হ'ল ঋষি-মুনিসকলৰ প্ৰতি আমাৰ ঋণ পৰিশোধ। সেইকাৰণে এই যজ্ঞক 'ঋষিঋণ' বুলিও কোৱা হয়। শতপথ ব্ৰাহ্মণ অনুসৰি এই যজ্ঞত সন্তুষ্ট হৈ দেৱতাই মানুহক আয়ু, বীৰ্য, সুৰক্ষা, সমৃদ্ধি, প্ৰতিভা, কান্তি আৰু উন্নতি প্ৰদান কৰে। 

(খ) দেৱযজ্ঞঃ- দেৱঋণ পৰিশোধ কৰাৰ নাম দেৱযজ্ঞ। বৈদিক যুগত প্ৰাকৃতিত প্ৰতিটো বস্তু আৰু ঘটনা-পৰিঘটনাৰ অন্তৰালত এক দৈৱিক কাৰণ উল্লেখ কৰা হয়। দেৱতাসকলে নৈসৰ্গিক বস্তু বা ঘটনাৰ মাধ্য়মত মানুহ নানা ধৰণৰ উপকাৰ সাধন কৰি আহিছে। গতিকে দেৱতাৰ ওচৰত মানুহ কিবা নহয় কিবা প্ৰকাৰে ঋণি আৰু এই ঋণ পৰিশোধৰ মাধ্য়ম হ'ল দেৱযজ্ঞ। 

(গ) পিতৃযজ্ঞঃ- পিতৃ-মাতৃ বা পূৰ্বপুৰুষৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদনৰ নিমিত্তে সম্পাদিত যজ্ঞ বা ধৰ্মীয় কৰ্মই হ'ল পিতৃযজ্ঞ। পিতৃ-পুৰুষৰ ওচৰত মানুহ বিভিন্ন ধৰণে ঋণী। জন্ম গ্ৰহণ, উন্নত ধ্য়ান-ধাৰণা, জীৱন-ধাৰণ ইত্য়াদি সকলো আমি পূৰ্ব-পুৰুষৰ পৰাই লাভ কৰিছোঁ। এইদৰে পিতৃ-পুৰুষসকলৰ ওচৰত আমি নানাধৰণে ঋণী হৈ আছোঁ আৰু এই ঋণ পৰিশোধ কৰাৰ মাধ্য়ম হ'ল পিতৃযজ্ঞ। বিশেষ তিথিত বা কোনো ধৰ্মীয় অনুষ্ঠানত পিতৃ-পুৰুষসকলক স্মৰণ কৰি তৰ্পণ, শ্ৰাদ্ধ আদিৰ জৰিয়তে পিতৃযজ্ঞ সস্পন্ন কৰা হয়। 

(ঘ) নৃ-যজ্ঞঃ- মানুহে কেৱল ঋষি-মুনি, দেৱ-দেৱী আৰু পিতৃ-পুৰুষসকলৰ প্ৰতিয়ে দায়ৱদ্ধ নহয়। মানুহ দৰাচলতে সমগ্ৰ মানৱ জাতিৰ ওচৰত ঋণী। কাৰণ মানুহে তেওঁৰ ভাষা, সামাজিক ব্য়ৱস্থা, ঘৰ-দুৱাৰৰ ধাৰণা, সাজ-পোছাক ইত্য়াদি সকলো ধাৰণা মানৱ সমাজৰ পৰা লাভ কৰিছে। গতিকে মানুহ এজন সমগ্ৰ মানৱ জাতিৰ প্ৰতি দায়ৱদ্ধ। ইয়াকে বেদত নৃ-ঋণ বুলি কোৱা হয়। নৃ-ঋণ পৰিশোধ কৰাৰ মাধ্য়ম হ'ল নৃ-যজ্ঞ। 

(ঙ) ভূতযজ্ঞঃ- ভূতযজ্ঞ বুলিলে প্ৰকৃতিজগতত স্থিত জীৱ আৰু অজীৱ, দৃষ্ট-অদৃষ্ট, বৃহৎ-ক্ষুদ্ৰ আদি সকলো প্ৰকাৰৰ জীৱ আৰু উদ্ভিদৰ প্ৰতি মানুহৰ যি দায়িত্ব পালন  তাকে বুজোৱা হয়। জগতত মানুহৰ বাহিৰেও অন্য়ান্য় জীৱজন্তু, গছ-গছনি আৰু উদ্ভিদ আদি আছে আৰু এই সকলোবোৰ লৈহে বিশ্বব্ৰহ্মাণ্ড ৰচিত হৈছে। সেইকাৰণে বৈদিক ঋষিসকলে প্ৰকৃতিজগতৰ এই জীৱজগতৰ প্ৰতি মানুহৰ কৰ্তব্য় নিৰ্ধাৰণ কৰিছে। কাৰণ প্ৰকৃতিৰ প্ৰতি আমি বিভিন্নভাৱে ঋণী আৰু এই ঋণ পৰিশোধ কৰি হয় ভূতযজ্ঞৰ মাধ্য়মত। 

১৪) ব্ৰাহ্মণৰ নীতিতত্ত্ব ব্য়াখ্য়া কৰা।

উত্তৰঃ- ব্ৰাহ্মণৰ নীতিতত্ত্ব বেদৰ নীতিতত্ত্বৰ লগত সাদৃশ্য় থকা পৰিলক্ষিত হয়। ব্ৰাহ্মণৰ নীতিতত্ত্বত বিশেষভাৱে বিভিন্ন প্ৰকাৰৰ যজ্ঞ সম্পাদনৰ কৰ্তব্য়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়।  ব্ৰাহ্মণত ধৰ্মীয় আচৰণ, ক্ৰিয়া-কাণ্ড আৰু আনুষ্ঠানিক সম্পাদনাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। আনকি, বৰ্ণব্য়ৱস্থাত নিৰ্দিষ্ট কৰা কৰ্তব্য়সমূহ পালন কৰাৰ ওপৰতো গুৰুত্ব দিয়া দেখা যায়। অৰ্থাৎ; ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য়, শূদ্ৰ আদি বৰ্ণৰ কৰ্তব্য়কৰ্ম পালনত গুৰুত্ব দিয়া দেখা যায়। আকৌ, ব্ৰাহ্মণত গ্ৰন্থত যজ্ঞ সম্পাদনাৰ ক্ষেত্ৰত যজমান আৰু ঋত্বিকৰ কৰ্তব্য় আৰু আচাৰ-আচৰণৰ ওপৰতো আটাইতকৈ গুৰুত্ব প্ৰদান কৰা দেখা যায়। 

              ব্ৰাহ্মণ কালৰ এটি অভিনৱ নৈতিক মতবাদ হ'ল ঋণতত্ত্ব। সেই সময়ৰ পৰা ভাৰতীয় নীতিশাস্ত্ৰত ঋণতত্ত্বই এটি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এই তত্ত্ব অনুসৰি প্ৰত্য়েক মানুহে ত্ৰিবিধ ঋণত ঋণী। প্ৰত্য়েক মানুহে এই ত্ৰিবিধ ঋণ পৰিশোধ কৰিব লাগে। এই ত্ৰিবিধ ঋণ হ'ল 一 দেৱঋণ, ঋষিঋণ বা ব্ৰহ্মঋণ আৰু পিতৃঋণ। 

              এই ত্ৰিবিধ ঋণৰ উপৰিও বহুতে অৱশ্য়ে আৰু দুটা ঋণৰ কথা কোৱাও দেখা যায়। কিন্তু ব্ৰাহ্মণ গ্ৰন্থত মূলতঃ তিনিটা ঋণৰ কথাহে পোৱা যায়।  এই দুটা ঋণ হ'ল 一 নৃ-ঋণ আৰু ভূতঋণ। অৰ্থাৎ, বেদত সৰ্বমুঠ পঞ্চঋণৰ ধাৰণা পোৱা যায়। এই পঞ্চঋণক পঞ্চযজ্ঞ বুলিও কোৱা হয়। পঞ্চঋণ পৰিশোধ কৰাৰ মাধ্য়মেই হ'ল পঞ্চযজ্ঞ। 

              ব্ৰাহ্মণৰ নীতিতত্ত্ব অনুসৰি মানৱ জীৱনক কৰ্তব্য় আৰু দায়িত্ব পালনৰ মাধ্য়মেদি উপভোগ কৰা উচিত। আমাৰ সমস্ত কৰ্ম স্বাৰ্থহীনভাৱে  সম্পাদন কৰা উচিত। শতপথ ব্ৰাহ্মণত আধ্য়াত্মিক মুক্তিৰ মাধ্য়ম হিচাপে সমস্ত বস্তুৰ প্ৰতি আসক্তি ত্য়াগ বা সৰ্বমেধাৰ শিক্ষা দিয়া হৈছে। ঈশ্বৰ বিশ্বাস বা ধাৰ্মিকতা হৈছে এইক্ষেত্ৰত প্ৰথম কৰ্তব্য়। ই যান্ত্ৰিকভাৱে সম্পাদিত কিছুমান নিৰ্দিষ্ট ধৰ্মীয় ক্ৰিয়া-কাণ্ড সম্পাদনত নিহিত নাথাকে। ই ধৰ্মীয় আচৰণৰ অনুশীলন আৰু সৎকৰ্মৰ মাজত নিহিত থাকে। ধাৰ্মিকতা মানে হ'ল যিনামদূৰ সম্ভৱ ঐশ্বৰিক অনুভূতিক উপলব্ধি কৰিবলৈ চেষ্টা কৰা। ধৰ্মৰ এটা আৱশ্য়কীয় দিশ হ'ল সত্য়কথন। এইটো হ'ল ধৰ্মীয় আৰু নৈতিক কৰ্তব্য়। 

১৫) ঋণ বুলিলে কি বুজায়? ব্ৰাহ্মণত উল্লেখ কৰা তিনিটা প্ৰধান ঋণ কি কি? ব্য়াখ্য়া কৰা।

উত্তৰঃ- ঋণ মানে হৈছে ধাৰ। ঋণ, দাৰ্শনিকৰ দৃষ্টিত কেৱল বিনিময়ক অতিক্ৰম কৰি প্ৰতিশ্ৰুতি, বাধ্যবাধকতা আৰু ক্ষমতাৰ গতিশীলতাৰ এক জটিল জাল। ঋণৰ কাৰ্য্যই এটা সম্পৰ্ক, প্ৰদান কৰা আস্থা, সমাজক একেলগে বান্ধি ৰখা পাৰস্পৰিকতাৰ শৃংখলৰ এটা সংযোগক বুজায়। 

              ব্ৰাহ্মণত উল্লেখ থকা তিনিটা প্ৰধান ঋণ হ'ল 一

(ক) দেৱঋণ,

(খ) ঋষিঋণ বা ব্ৰহ্মঋণ আৰু

(গ) পিতৃঋণ।

              এই তিনি প্ৰকাৰৰ ঋণৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(ক) দেৱঋণঃ- দেৱঋণ পৰিশোধ কৰাৰ নাম দেৱযজ্ঞ। বৈদিক যুগত প্ৰাকৃতিত প্ৰতিটো বস্তু আৰু ঘটনা-পৰিঘটনাৰ অন্তৰালত এক দৈৱিক কাৰণ উল্লেখ কৰা হয়। দেৱতাসকলে নৈসৰ্গিক বস্তু বা ঘটনাৰ মাধ্য়মত মানুহ নানা ধৰণৰ উপকাৰ সাধন কৰি আহিছে। গতিকে দেৱতাৰ ওচৰত মানুহ কিবা নহয় কিবা প্ৰকাৰে ঋণি আৰু এই ঋণ পৰিশোধৰ মাধ্য়ম হ'ল দেৱযজ্ঞ। 

(খ) ঋষিঋণ বা ব্ৰহ্মঋণঃ- ব্ৰহ্মযজ্ঞৰ তাৎপৰ্য হ'ল স্বাধ্য়য়। গৃহীয়ে প্ৰতিদিনে একান্ত স্থানত আসন গ্ৰহণ কৰি ধৰ্মগ্ৰন্থ পাঠ কৰা উচিত। ইয়াত চাৰি বেদৰ ইতিহাস, পুৰাণ আৰু দাৰ্শনিক গ্ৰন্থ পাঠ কৰাৰ নিৰ্দেশ দিয়া হৈছে। স্বাধ্য়ায়ৰ দ্বাৰা ব্য়ক্তিয়ে নিজৰ ধৰ্মৰ লগত ভালদৰে পৰিচয় হয় আৰু বৈদিক চিন্তাধাৰ অক্ষত ৰখাৰ বাবে সমাজস্থ মানুহৰ মাজত, বিশেষকৈ আমাৰ উত্তৰ-পুৰুষ আৰু সন্তান-সন্ততিৰ মাজত, ইয়াৰ তত্ত্বকথা প্ৰচাৰৰ দায়িত্ব পালন কৰা হয়। এই দায়িত্ব পালন বা প্ৰচাৰ হ'ল ঋষি-মুনিসকলৰ প্ৰতি আমাৰ ঋণ পৰিশোধ। সেইকাৰণে এই যজ্ঞক 'ঋষিঋণ' বুলিও কোৱা হয়। শতপথ ব্ৰাহ্মণ অনুসৰি এই যজ্ঞত সন্তুষ্ট হৈ দেৱতাই মানুহক আয়ু, বীৰ্য, সুৰক্ষা, সমৃদ্ধি, প্ৰতিভা, কান্তি আৰু উন্নতি প্ৰদান কৰে।

(গ) পিতৃঋণঃ- পিতৃ-মাতৃ বা পূৰ্বপুৰুষৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদনৰ নিমিত্তে সম্পাদিত যজ্ঞ বা ধৰ্মীয় কৰ্মই হ'ল পিতৃযজ্ঞ। পিতৃ-পুৰুষৰ ওচৰত মানুহ বিভিন্ন ধৰণে ঋণী। জন্ম গ্ৰহণ, উন্নত ধ্য়ান-ধাৰণা, জীৱন-ধাৰণ ইত্য়াদি সকলো আমি পূৰ্ব-পুৰুষৰ পৰাই লাভ কৰিছোঁ। এইদৰে পিতৃ-পুৰুষসকলৰ ওচৰত আমি নানাধৰণে ঋণী হৈ আছোঁ আৰু এই ঋণ পৰিশোধ কৰাৰ মাধ্য়ম হ'ল পিতৃযজ্ঞ। বিশেষ তিথিত বা কোনো ধৰ্মীয় অনুষ্ঠানত পিতৃ-পুৰুষসকলক স্মৰণ কৰি তৰ্পণ, শ্ৰাদ্ধ আদিৰ জৰিয়তে পিতৃযজ্ঞ সস্পন্ন কৰা হয়। 

১৬) উপনিষদৰ অৰ্থ নিৰূপণ কৰা।

উত্তৰঃ- বেদৰ অন্তিম ভাগ হ'ল উপনিষদ। অবিদ্য়া বা অজ্ঞানতা নাশ কৰি যি বিদ্য়া বা পৰমজ্ঞানে মুমুক্ষু জীৱক পৰমব্ৰহ্মাৰ কাষলৈ লৈ যায়, যি বিদ্য়া পৰমব্ৰহ্ম প্ৰাপ্তিৰ সাধনৰূপ, সেই পৰাবিদ্য়া বা ব্ৰহ্মবিদ্য়াক উপনিষদ বোলা হয়। 

              'উপনিষদ' শব্দটো উদ্ভৱ হৈছে 'সদ্' ধাতুৰ লগত 'উপ' আৰু 'নি' উপসৰ্গ যুক্ত কৰি। উপ + নি + সদ্ + কিপ্প = উপনিষদ। 'উপ' ৰ অৰ্থ হল 'নিকট' বা 'ওচৰত'; 'নি'ৰ অৰ্থ হ'ল শ্ৰদ্ধাসহিত বা ধ্য়ানসহকাৰে; আৰু 'সদ্' ধাতুৰ ভিন্ন অৰ্থ আছে 一 'বহা', 'বিনাশ কৰা', ' অৱসান ঘটোৱা'। গতিকে উপনিষদ শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল- শিষ্য়ই কোনো যোগ্য় গুৰুৰ নিকট পৰমতত্ত্বৰ গূঢ় উপদেশ শ্ৰৱন কৰিবলৈ শ্ৰদ্ধাসহিত বহা।যাৰ দ্বাৰা তেওঁৰ অবিদ্য়া বিনাশ হয়, কৰ্মবন্ধন আৰু তজ্জন্য় দুখাদিৰ অৱসান ঘটে, আৰু ফলত শিষ্য়ই ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰিব সক্ষম হয়। সহজ অৰ্থত ক'বলৈ গ'লে, অবিদ্য়া বা অজ্ঞানতা নাশ কৰি যি বিদ্য়া বা পৰমজ্ঞানে মুমুক্ষু জীৱক পৰমব্ৰহ্মৰ কাষলৈ লৈ যায়, যি বিদ্য়া পৰমব্ৰহ্ম প্ৰাপ্তিৰ সাধনৰূপ, সেই পৰমবিদ্য়া বা ব্ৰহ্মবিদ্য়াক উপনিষদ বোলা হয়।

১৭) বেদৰ অৰ্থ নিৰূপণ কৰা।

উত্তৰঃ- বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ এক অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। ভাৰতৰ সকলো দৰ্শন, সাহিত্য়, নীতি, সভ্য়তা, সংস্কৃতি আদি বেদৰ আলমত গঢ়ি উঠিছে। বেদ একেধাৰে জ্ঞান, কৰ্ম আৰু ধৰ্মৰ অপূৰ্ব সংমিশ্ৰণ।বেদত আৰ্যসকলৰ প্ৰাচীনতম সাহিত্য় কীৰ্তিৰ পৰিচয় পোৱা যায়। পণ্ডিত ৰাধাকৃষ্ণণৰ মতে, ''বেদ মানৱ মনৰ পৰা উদ্ভূত এনেকুৱা আদিতম গ্ৰন্থ যাক আমি প্ৰামাণিক গ্ৰন্থ হিচাপে অধিকাৰ কৰি আছোঁ''। সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা। 'ৱিদ'ৰ অৰ্থ হ'ল 'জনা'; গতিকে ৱেদ শব্দৰ ধাতুগত অৰ্থ হল 'জ্ঞান বা বিদ্য়া'। যি শাস্ত্ৰত ধৰ্ম আৰু তাৰ লগত যুক্ত কৰ্ম, কৰ্মফল, যজ্ঞ, যজ্ঞফল, স্বৰ্গ, পৰলোকতত্ত্ব, অদৃষ্ট প্ৰভৃতি ধৰ্ম সম্বন্ধীয় যাবতীয় জ্ঞান; আৰু ব্ৰহ্ম, মোক্ষ ইত্য়াদি বিষয়ৰ জ্ঞান লাভ কৰা যায়, সেই শাস্ত্ৰকেই বেদ বোলা হয়। বেদ নিত্য়, সত্য়, পবিত্ৰ আৰু স্বতঃপ্ৰামাণ্য় গ্ৰন্থ। 'বেদ' শব্দৰ প্ৰতিশব্দ হিচাপে বহুতো বৈদিক আচাৰ্যই 'শ্ৰুতি', 'আগম' 'ছন্দস্', 'ত্ৰয়ী বা ত্ৰয়ীবিদ্য়া' প্ৰভৃতি শব্দ ব্য়ৱহাৰ কৰিছে। 'শ্ৰুতি' শব্দৰ অৰ্থ হ'ল শ্ৰৱণ।

              বেদক ত্ৰয়ীবিদ্য়া বুলি কোৱা হ'লেও যথাৰ্থতে বেদ চাৰিখন। বেদক চাৰিভাগত ভাগ কৰিছে। সেইকেইখন হ'ল ঋক্ বেদ, সাম বেদ, যজু বেদ আৰু অথৰ্ব বেদ। ঋকবেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুৰ্বেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে।এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে- এটা হল, ঋকবেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে; আন কাৰণটো হল, ঋকবেদ অন্য় বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।

                বেদৰ চাৰিটা অংশ আছে- মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' বুলি কোৱা হয়। সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ।মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হ'ল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। আৰণ্য়ক হ'ল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসীকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হ'ল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়। বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে - কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে, আৰণ্য়ক অংশ হ'ল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ উপনিষদ হ'ল জ্ঞানকাণ্ড।

১৮) উপনিষদৰ পৰমসত্তা বা ব্ৰহ্মৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃ- উপনিষদৰ দাৰ্শনিক ধাৰণাসমূহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ দাৰ্শনিক ধাৰণা হ'ল ব্ৰহ্মৰ ধাৰণা। উপনিষদত এক পৰমসত্তাৰ অনুসন্ধান কৰা হৈছে আৰু এই পৰমসত্তাকেই জগত-জীৱনৰ মূল তত্ত্ব বুলি বিশ্বাস কৰা হয়। এই পৰমসত্তাই হৈছে পৰমব্ৰহ্ম। উপনিষদৰ মতে ব্ৰহ্ম, আত্মা আৰু চৈতন্য় অভিন্ন। এই 'ব্ৰহ্ম' শব্দটো 'বৃহ' ধাতুৰ পৰা নিষ্পন্ন হৈছে। 'বৃহ' ধাতুৰ লগত 'মন্' প্ৰত্য়য় যোগে ব্ৰহ্ম শব্দটো নিষ্পন্ন হৈছে। 'বৃহ' ধাতুৰ  অৰ্থ 'মহৎ বা ব্য়াপক' আৰু 'মন্' প্ৰত্য়য়ৰ অৰ্থ অতিশয়। গতিকে, ব্য়ুৎপত্তিগত অৰ্থত ব্ৰহ্ম হ'ল 'এনে এটি সত্তা যি অতিশয় মহৎ বা ব্য়াপক'। 'বৃহ' ধাতুৰ আন এটা অৰ্থ হ'ল 'বৰ্ধিত হোৱা' বা 'বিৱৰ্তিত হোৱা'। প্ৰথমতে ব্ৰহ্ম বুলিলে যজ্ঞক, তাৰ পিছত প্ৰাৰ্থনাক, তাৰ পিছত বৰ্তমান অৰ্থত পৰমসত্তাক বুজোৱা হয়, যি জগতৰূপে বিৱৰ্তিত হৈছে। গতিকে ব্ৰহ্ম হ'ল জগতৰ পৰমতত্ত্ব, জগতৰ মূল কাৰণ। 

             উপনিষদত ব্ৰহ্মক স্বয়ম্ভূ বুলি কোৱা হয়। ব্ৰহ্ম নিজেই নিজৰ কাৰণ। ব্ৰহ্ম সমস্ত জগতৰ কাৰণ হ'লেও ই নিজে অকাৰণ। ব্ৰহ্ম জগতৰ উপাদান কাৰণ, আকাৰগত কাৰণ, নিমিত্ত কাৰণ আৰু পৰিণান কাৰণ। বিশ্বজগতৰ মূল তত্ত্ব হ'ল ব্ৰহ্ম। ব্ৰহ্মৰ উপাদান বিভিন্ন ৰূপত প্ৰকট হৈ নামৰ দ্বাৰা চিহ্নিত হৈ বহুৰূপত প্ৰকাশ পাইছে। 

             উপনিষদত ব্ৰহ্মৰ দুটা ৰূপ পোৱা যায়। সেয়া হ'ল 一 পৰ ব্ৰহ্ম আৰু অপৰ ব্ৰহ্ম। গুণৰ ফালৰ পৰা ব্ৰহ্মৰ সগুণ আৰু নিৰ্গুণ এই দুটা ৰূপ পোৱা যায়। সগুণ ব্ৰহ্মক অপৰ ব্ৰহ্ম আৰু নিৰ্গুণ ব্ৰহ্মক পৰ ব্ৰহ্মবুলি কোৱা হয়। 

১৯) উপনিষদৰ আত্মাৰ ধাৰণাটোৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃউপনিষদত ব্ৰহ্ম আৰু আত্মাক অভিন্ন বুলি ধৰা হয়। উপনিষদৰ দৰ্শন অনুসৰি ব্ৰহ্ম আৰু আত্মা এক আৰু অভিন্ন। যি সত্তাক বস্তুগত দিশৰ পৰা ব্ৰহ্ম বুলি কোৱা হয়, সেই একেই সত্তাক মনোগত দিশৰ পৰা  আত্মা বুলি কোৱা হয়। প্ৰজাতিৰ লগত ইন্দ্ৰিয়ৰ বাৰ্তালাপত প্ৰজাপতিয়ে আত্মাৰ স্বৰূপ বৰ্ণনা কৰিছে। প্ৰজাপতি মতে আত্মা শৰীৰ নহয়, আত্মা এইটোও নহয় যাৰ অনুভূতি স্বপ্ন অথবা স্বপ্নৰহিত নিদ্ৰা অৱস্থাত লাভ কৰা হয়। মাণ্ডুক্য় উপনিষদতো আত্মাক তুৰীয় বা শুদ্ধ চৈতন্য় বুলি কোৱা হৈছে আৰু জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তিক আত্মাৰ ব্য়ৱহাৰিক অৱস্থা বুলি কোৱা হৈছে। আত্মা জাগ্ৰত অৱস্থাত জগতৰ বাহ্য় পদাৰ্থক অনুভৱ কৰে, স্বপ্নাৱস্থাত মানস পদাৰ্থক অনুভৱ কৰে, কিন্তু সুষুপ্তি অৱস্থাত বাহ্য় আৰু আন্তৰ কোনো বিষয়কে অনুভৱ নকৰে অৰ্থাৎ এই অৱস্থা অজ্ঞান অৱস্থা।

২০) উপনিষদৰ মায়াৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃ- উপনিষদৰ জগত সম্পৰ্কীয় তত্ত্বৰ লগত জড়িত এটা অতি উল্লেখয্য়োগ্য় তত্ত্ব হ'ল মায়াবাদ। অৱশ্য়ে উপনিষদৰ মায়া বা অবিদ্য়া সম্পৰ্কীয় ধাৰণাৰ সন্দৰ্ভত দাৰ্শনিকৰ মাজত মতৰ পাৰ্থক্য় আছে। বহুতে ক'ব খোজে যে, উপনিষদত মায়াবাদ বুলি কোনো তত্ত্ব নাই, আনহাতে আন কোনো কোনো দাৰ্শনিকৰ মতে, উপনিষদত মায়াবাদৰ বীজ থাকিলেও মায়াবাদৰ কোনো সমৰ্থন নাই। বেদান্ত দৰ্শনত উপনিষদৰ মায়াবাদকে বিভিন্ন দৃষ্টিভংগীৰে ব্য়াখ্য়া কৰা হৈছে। অধ্য়াপক ৰাণাডে তেওঁৰ 'A Constructive Survey of Upanisadic Philosophy' নামৰ গ্ৰন্থখনত এইটো দেখুৱাই দিছে যে, মায়া আৰু অবিদ্য়াৰ বীজ উপনিষদত নিহিত আছে। অধ্য়াপক ৰাণাডে ইয়াক তলত দিয়া ধৰণে উল্লেখ কৰিছে 一

(ক) ঈশোপনিষদত কোৱা হৈছে যে সত্য়ৰ মুখ স্বনিৰ্মিত পাত্ৰ। অৰ্থাৎ, আৱৰণৰে ঢকা আছে।

(খ) কঠোপনিষদত এই উক্তি আছে যে, অবিদ্য়াৰ মাজত স্থিত ব্য়ক্তিয়ে নিজকে পণ্ডিত বুলি গণ্য় কৰে আৰু অন্ধৰ পাছে পাছে আন এজন অন্ধই খোজ কৰাৰ দৰে তেওঁ অবিদ্য়াৰ চক্ৰৰ মাজতে ঘূৰি থাকে।

(গ) ছান্দোগ্য় উপনিষদত বিদ্য়াক বীৰ্যৱৰ্তী আৰু অবিদ্য়াক নিৰ্ৱলী বুলি কোৱা হৈছে।

(ঘ) বৃহদাৰণ্য়কোপনিষদত অসৎৰ পৰা সৎ-লৈ, অন্ধকাৰৰ পৰা পোহৰলৈ আৰু মৃত্য়ুৰ পৰা আমৃতলৈ গতি কৰাৰ যি প্ৰাৰ্থনা কৰা হৈছে তাত এইটো কোৱা হৈছে যে, অবিদ্য়া হ'ল অসৎ, অন্ধকাৰ আৰু মৃত্য়ুৰ সমান।

(ঙ) মুণ্ডকোপনিষদত অবিদ্য়াক গ্ৰন্থ বুলি কোৱা হৈছে যাক আঁতৰালে আত্মা দৰ্শন লাভ হয়। 

(চ) প্ৰশ্নোপনিষদত কোৱা হৈছে যে, যাৰ ভিতৰত কূটিলতা, মিথ্য়াত্ব আৰু মায়া নাথাকে, তেওঁ ব্ৰহ্মলোক গমন কৰিব পাৰে।

(ছ) বৃহদাৰণ্য়কোপনিষদত কোৱা হৈছে যে, 'দ্বৈতমিৱ ভৱতি' অৰ্থাৎ 'দ্বৈত বুলি ভবা' 一 ইয়াৰ অৰ্থ হ'ল দ্বৈতৰ ধাৰণা কেৱল প্ৰতিভাস, বাস্তৱত দ্বৈত নাই।

(জ) ছান্দোগ্য় উপনিষদত কোৱা হৈছে যে আত্মাই সত্য়, অন্য় সকলো বস্তু শব্দমাত্ৰ, বিকাৰ বা ৰূপমাত্ৰ আৰু নামধেয়  বা নামমাত্ৰ।

(ঝ) শ্বেতাশ্বতৰত ঈশ্বৰক 'মায়ী' বুলি কোৱা হৈছে। যিয়ে নিজৰ মায়া শক্তিৰ দ্বাৰা জগতৰ সৃষ্টি কৰিছে।

(ঞ) কঠোপনিষদত কোৱা হৈছে যে, সাধাৰণভাৱে প্ৰত্য়ক্ষ কৰিলে এনে ভাব হয় যে, ইয়াত ভেদ আছে, বহুত্ব আছে আৰু সকলো বস্তুৱে জন্ম-মৃত্য়ুৰ চক্ৰৰে ঘূৰি থাকে।

২১) উপনিষদত জগত তত্ত্বটো ব্য়াখ্য়া কৰা।

উত্তৰঃ- উপনিষদত জগতৰ উৎপত্তি সম্পৰ্কে বহুতো তত্ত্ব পোৱা যায়। গ্ৰীক দৰ্শনৰ দৰে উপনিষদতো জড় পদাৰ্থ পানী, অগ্নি, বায়ু, আকাশ আদিক কেতিয়াবা কেতিয়াবা আদিমূল সত্তা হিচাপে স্বীকাৰ কৰা হৈছে। কেতিয়াবা প্ৰাণ, কেতিয়াবা কাল, কেতিয়াবা অসৎ বা অসত্তা আৰু কেতিয়াবা সত্তাকো ইয়াত জগতৰ আদিমূল সত্তা হিচাপে স্বীকাৰ কৰা দেখা যায়। ইয়াৰ বিপৰীতে উপনিষদত বহুতো সময়ত কোৱা হৈছে যে, জগতৰ উৎপত্তি মূলতে আছে আত্মা বা ব্ৰহ্ম, কেতিয়াবা আকৌ কোৱা হয় যে, ঈশ্বৰে হৈছে জগতৰ মূল সৃষ্টিকৰ্তা। কিন্তু এটা সময়ত প্ৰায় সকলো উপনিষদতে ব্ৰহ্মকে জগতৰ পৰতসত্তা হিচাপে স্বীকাৰ কৰা দেখা যায়। উপনিষদৰ বহুতো স্থানত সৃষ্টিৰ ৰচয়িতা অৰ্থাৎ, জগতৰ সৃষ্টিকৰ্তা হিচাপে ব্ৰহ্মক স্বীকাৰ কৰা হৈছে। ব্ৰহ্মই কেৱল জগতৰ সৃষ্টিয়ে নকৰে, তেওঁ জগত পালন আৰু সংহাৰো কৰে। 

              উপনিষদত ব্ৰহ্মক জগতৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। ব্ৰহ্ম জগত ৰচনাৰ বাবে বাহিৰৰ পৰা কোনো তত্ত্ব নানে। তেওঁ নিজৰ অভ্য়ন্তৰৰ পৰা মকৰাই জাল গথাৰ দৰে জগত নিৰ্মাণ কৰে। গতিকে ব্ৰহ্মই হৈছে জগতৰ উপাদানৰ কাৰণ, নিমিত্ত কাৰণ আৰু উদ্দেশ্য় কাৰণ। 

              গতিকে, নামৰূপাত্মক জগতৰ মূল হ'ল ব্ৰহ্ম, কিন্তু জগত ব্ৰহ্মৰ স্বৰূপ নহয়। জগত ব্ৰহ্মৰ লগত অভিন্নও নহয় আৰু ব্ৰহ্মৰ পৰা সম্পূৰ্ণ পৃথকো নহয়। যথাৰ্থ জগত সত্তাৰ জগতৰ পৰা পৃথক হ'ব নোৱাৰে। এক সত্তাত কেতিয়াও অন্য় সত্তাৰ উৎপত্তি হ'ব নোৱাৰে। কেৱল পৃথক ৰূপত ই অস্তিত্বশীল হ'ব পাৰে।            

              উপনিষদৰ মতে, জগত ঈশ্বৰৰ মায়াশক্তিৰ দ্বাৰা নিৰ্মিত। জগত স্বয়ং-সিদ্ধ নহয়। ই নিজে নিজৰ কাৰণ নহয়। জগত হ'ল কাৰ্য। ঈশোপনিষদৰ মতে, মূল সত্য় এক। কিন্তু, ইয়াৰ পৰা উৎপন্ন বা অৱলম্বিত সত্য় অনেক। কেনোপনিষদত যেতিয়া কোৱা হয় যে, ব্ৰহ্ম মনৰ মন, জীৱনৰ জীৱন, তেতিয়া ইয়াত মন আৰু জীৱনৰ অযথাৰ্থতা প্ৰতিপাদিত নহয়, বৰং আমাৰ বৰ্তমান অস্তিত্বহীনতা আৰু অপূৰ্ণতাৰ ওপৰত জোৰ দিয়া হয়। 

২২)  আত্মা আৰু ব্ৰহ্মৰ সম্বন্ধ ব্য়াখ্য়া কৰা।

উত্তৰঃ- উপনিষদত ব্ৰহ্ম আৰু আত্মাক অভিন্ন বুলি ধৰা হয়। উপনিষদৰ দৰ্শন অনুসৰি ব্ৰহ্ম আৰু আত্মা এক আৰু অভিন্ন। যি সত্তাক বস্তুগত দিশৰ পৰা ব্ৰহ্ম বুলি কোৱা হয়, সেই একেই সত্তাক মনোগত দিশৰ পৰা আত্মা বুলি কোৱা হয়। ব্ৰহ্ম আৰু আত্মা সমৰ্থক। আত্মা চৈতন্য়স্বৰূপ। ই জ্ঞাতা, জ্ঞেয় নহয়। মূল চৈতন্য় আধাৰকে আত্মা বুলি কোৱা হয়। আত্মা নিত্য় আৰু সৰ্বব্য়াপী। 

              উপনিষদত আত্মা আৰু ব্ৰহ্মৰ বিৱৰণ প্ৰায় অভিন্নভাৱে আগবঢ়োৱা হৈছে। উভয়কে চৰম তত্ত্বৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে। উপনিষদত আত্মা আৰু ব্ৰহ্মকে সৎ, চিৎ আৰু আনন্দ অৰ্থাৎ 'সচ্চিদানন্দ' বুলি কোৱা হৈছে। উভয়কে সত্য়ম্, জ্ঞানম্ আৰু আনন্তম্ বুলিও কোৱা হৈছে। দুয়োকে সত্য়ম্, শিৱম আৰু সুন্দৰম্ বুলিও কোৱা হয়। সমস্ত জ্ঞানৰ আধাৰ হ'ল আত্মা বা ব্ৰহ্ম। আত্মাৰ জাগ্ৰত অৱস্থাৰ অনুৰূপ হ'ল ব্ৰহ্মৰ বিৰাট ৰূপ, স্বপ্নাৱস্থাৰ অনুৰূপ হ'ল 'হিৰণ্য়গৰ্ভ'। 

২৩) ব্ৰহ্ম আৰু আত্মা অভিন্ন হয় নে? ব্য়াখ্য়া কৰা।

উত্তৰঃ- ব্ৰহ্ম আৰু আত্মা অভিন্ন হয়। 

              উপনিষদত ব্ৰহ্ম আৰু আত্মাক অভিন্ন বুলি ধৰা হয়। উপনিষদৰ দৰ্শন অনুসৰি ব্ৰহ্ম আৰু আত্মা এক আৰু অভিন্ন। যি সত্তাক বস্তুগত দিশৰ পৰা ব্ৰহ্ম বুলি কোৱা হয়, সেই একেই সত্তাক মনোগত দিশৰ পৰা আত্মা বুলি কোৱা হয়। ব্ৰহ্ম আৰু আত্মা সমৰ্থক। আত্মা চৈতন্য়স্বৰূপ। ই জ্ঞাতা, জ্ঞেয় নহয়। মূল চৈতন্য় আধাৰকে আত্মা বুলি কোৱা হয়। আত্মা নিত্য় আৰু সৰ্বব্য়াপী। 

              উপনিষদত আত্মা আৰু ব্ৰহ্মৰ বিৱৰণ প্ৰায় অভিন্নভাৱে আগবঢ়োৱা হৈছে। উভয়কে চৰম তত্ত্বৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে। উপনিষদত আত্মা আৰু ব্ৰহ্মকে সৎ, চিৎ আৰু আনন্দ অৰ্থাৎ 'সচ্চিদানন্দ' বুলি কোৱা হৈছে। উভয়কে সত্য়ম্, জ্ঞানম্ আৰু আনন্তম্ বুলিও কোৱা হৈছে। দুয়োকে সত্য়ম্, শিৱম আৰু সুন্দৰম্ বুলিও কোৱা হয়। সমস্ত জ্ঞানৰ আধাৰ হ'ল আত্মা বা ব্ৰহ্ম। আত্মাৰ জাগ্ৰত অৱস্থাৰ অনুৰূপ হ'ল ব্ৰহ্মৰ বিৰাট ৰূপ, স্বপ্নাৱস্থাৰ অনুৰূপ হ'ল 'হিৰণ্য়গৰ্ভ'। 

২৪) উপনিষদৰ কৰ্ম আৰু সংসাৰৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃ- ভাৰতীয় দৰ্শনত কৰ্মবাদৰ ধাৰণাটো এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা। ইয়াৰ মূল তাৎপৰ্য হ'ল ব্য়ক্তিয়ে তেওঁৰ সম্পাদিত কৰ্মৰ ফল অৱশ্য়ই ভোগিব লাগিব। যেনে কৰ্ম তেনে ফল। এই ফল পাপ কৰ্ম বা অসৎ কৰ্মৰ বাবে অশুভ, দুখ, যন্ত্ৰণাৰ ৰূপত দেখা দিয়ে আৰু পুণ্য় কৰ্ম বা সৎ কৰ্মৰ ফল শুভ আৰু আনন্দৰ ৰূপত উপস্থিত হয়। গীতাত এই কৰ্ম ফলৰ কথা ক'বলৈ গৈ কোৱা হৈছে যে, ইয়াৰ পৰা দেৱতাসকলেও পৰিত্ৰাণ নাপায়। আনকি, মৃত্য়ুৰ পিছতো কৰ্মফল মানুহে ভোগ কৰিব লাগে। মৃত্য়ু কেৱল দেহৰ হয়, আত্মা অমৰ। গতিকে অৱশিষ্ট কৰ্মফল ভোগ কৰিবলৈ জীৱে পৰৱৰ্তী জীৱন পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হয়। 

               উপনিষদত এই কৰ্মবাদৰ নিয়মক জাগতিক আৰু নৈতিক নিয়ম 'ঋত' বুলি কোৱা হয়। ঋকবেদ অনুসৰি ঋত হ'ল জাগতিক আৰু নৈতিক নিয়ম। এই নিয়মৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হয় আৰু মানুহৰ নৈতিক জগতো পৰিচালিত হয়। গতিকে জাগতিক আৰু নৈতিকতাৰ দিশৰ পৰা ঋতৰ গুৰুত্ব সৰ্বাধিক। 

                'সংসাৰ' এটি সংস্কৃত বা পালি শব্দ। যাৰ অৰ্থ হ'ল 'বিশ্ব'। ই পুনৰ্জন্মৰ এটি ধাৰণা। সমস্ত জীৱন, বস্তু আৰু অস্তিত্বৰ চক্ৰই সংসাৰ। বেছিভাগ ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ এইটো এটা মৌলিক বিশ্বাস যে, সংসাৰ হ'ল মৃত্য়ু আৰু পুনৰ্জন্মৰ চক্ৰ। সংসাৰক বহুতো সময়ত কৰ্মচক্ৰ, জন্মচক্ৰ, ভৱচক্ৰ, লক্ষ্য়হীন প্ৰৱাহ বা জাগতিক অস্তিত্বৰ চক্ৰ বুলিও কোৱা হয়। এই সংসাৰৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ কৰ্মতত্ত্ব লগত জড়িত। 

                উপনিষদৰ পৰাই ভাৰতীয় দৰ্শনত সংসাৰ বা পুনৰ্জন্মৰ প্ৰতি বিশ্বাস প্ৰচলিত হয়। উপনিষদত কৰ্ম আৰু পুনৰ্জন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। বেদ আৰু ব্ৰাহ্মণৰ অভিমতৰ এইটো এটা স্বাভাৱিক বিকাশ আৰু উপনিষদত ইয়াৰ স্পষ্ট বিৱৰণ পোৱা যায়। উপনিষদৰ মতে মৃত্য়ুৰ পিছত মানৱ শৰীৰ বিভিন্ন ভাগত সিচৰিত হয়। যেনে 一 মানুহৰ চকু সূৰ্যলৈ গুচি যায়, শ্বাস বায়ুলৈ যায়, বাক্ অগ্নিলৈ যায়, মন চন্দ্ৰলৈ যায়, কাণ স্বৰ্গৰ দিকসমূহলৈ যায়, শৰীৰ মাটিৰ লগত বিলীন হয়, আত্মা আকাশলৈ যায়, চুলি গছ-গছনিলৈ যায়, তেজ আৰু বীৰ্য পানীলৈ গুচি যায়। 

২৫) জীৱ কাক বোলে? উপনিষদৰ জীৱৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃজীয়াই থকা সকলো বস্তুবাৰকে জীৱ বোলে। অৰ্থাৎ, যিয়ে শ্বাস লয় সিয়ে জীৱ। 

            জীৱৰ আক্ষৰিক অৰ্থ হ'ল 'যিয়ে শ্বাস লয়'। 'জীৱ' শব্দটো 'শ্বাস লোৱা' ধাৰণাৰ পৰা উৎপত্তি হৈছে। যিয়ে শ্বাস গ্ৰহণ কৰে, তেওঁৰ এটা জীৱন আছে। গতিকে, জীৱ হ'ল জীৱন্তশক্তি। আৰম্ভণিতে ইয়াৰ দ্বাৰা মানৱ প্ৰকৃতিৰ সেই জৈৱিক তত্ত্বৰ জ্ঞান হৈছিল যি জাগ্ৰত, স্বপ্ন আৰু নিদ্ৰা অৱস্থাত আজীৱন থাকে। ইয়াকে পুৰুষ বুলি কোৱা হয়। কাৰণ ই হ'ল 'পুৰিশয়' অৰ্থাৎ, 'হূদয়ৰ দুৰ্গত বাস কৰে'। ইয়াৰ অৰ্থ হ'ল জীৱে কোনো অন্য় আত্মা বা মনৰ অৱস্থা পূৰ্ণ কৰে। ই সেই আত্মা যিয়ে কৰ্মফল ভোগ কৰে আৰু ভৌতিক  শৰীৰ মৃত্য়ুৰ পিছতো অস্তিত্বশীল হৈ থাকে। জীৱ ভোক্তা আৰু কৰ্তা। জীৱ বিজ্ঞানময় আত্মা। জীৱত চেতন ক্ৰিয়াৰ  তত্ত্ব 'মানস' থাকে। যিয়ে দৰ্শন, শ্ৰৱণ, স্পৰ্শ, গোন্ধ, সোৱাদ আদি পাঁচ জ্ঞানেন্দ্ৰিয়ৰ সহায়ত জ্ঞান সংগ্ৰহ কৰে আৰু পঞ্চকৰ্মেন্দ্ৰিয় 一 মুখ, হাত, ভৰি, পায়ু আৰু জনেন্দ্ৰিয়ৰ সহায়ত কৰ্ম কৰে। 

২৬) উপনিষদৰ মোক্ষৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃ- ভাৰতীয় দৰ্শনৰ এটি প্ৰধান দাৰ্শনিক ধাৰণা হ'ল মোক্ষ বা মুক্তি। ভাৰতৰ সকলো শাস্ত্ৰই আৰু চাৰ্বাকৰ বাহিৰে সকলো সম্প্ৰদায়ে মোক্ষক পৰমপুৰুষাৰ্থ বুলি বিশ্বাস কৰে। উপনিষদত মোক্ষক পৰম লক্ষ্য় হিচাপে স্বীকাৰ কৰা হয়। আত্মাৰ অমৃতাৱস্থাক উপনিষদত মোক্ষ বুলি কোৱা হয়। 

             উপনিষদত জ্ঞানক মোক্ষৰ সাধন বুলি কোৱা হয়। কাৰণ জ্ঞানৰ দ্বাৰা অবিদ্য়া বা অজ্ঞান নাশ হয়। এই অবিদ্য়া বা অজ্ঞানৰ বিনষ্টকৰণেই হ'ল মোক্ষ। উপনিষদৰ মতে, যেতিয়া আত্মাই পৰমব্ৰহ্মক সাক্ষাৎ কৰি আত্মস্বৰূপৰ জ্ঞান লাভ কৰে, তেতিয়া তেওঁৰ সেই স্বৰূপ-স্থিতিকে মোক্ষ বুলি কোৱা হয়। মুক্তিৰ সাধন হ'ল বিদ্য়া বা জ্ঞান। বিদ্য়াৰ দ্বাৰাহে অমৃত তত্ত্ব লাভ কৰা যায়। এই অমৃত তত্ত্বৰ প্ৰাপ্তিয়ে জন্ম-মৰণ চক্ৰৰ পৰা মুক্তি। গতিকে, মোক্ষ লাভ কৰিলে জীৱে আকৌ জন্ম গ্ৰহণ কৰিবলগীয়া নহয়। ইয়াৰ বিপৰীত হ'ল পুনৰ্জন্ম যাক 'সংসাৰ' বুলি কোৱা হয়। 

২৭) উপনিষদৰ কৰ্মবাদৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃভাৰতীয় দৰ্শনত কৰ্মবাদৰ ধাৰণাটো এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা। ইয়াৰ মূল তাৎপৰ্য হ'ল ব্য়ক্তিয়ে তেওঁৰ সম্পাদিত কৰ্মৰ ফল অৱশ্য়ই ভোগিব লাগিব। যেনে কৰ্ম তেনে ফল। এই ফল পাপ কৰ্ম বা অসৎ কৰ্মৰ বাবে অশুভ, দুখ, যন্ত্ৰণাৰ ৰূপত দেখা দিয়ে আৰু পুণ্য় কৰ্ম বা সৎ কৰ্মৰ ফল শুভ আৰু আনন্দৰ ৰূপত উপস্থিত হয়। গীতাত এই কৰ্ম ফলৰ কথা ক'বলৈ গৈ কোৱা হৈছে যে, ইয়াৰ পৰা দেৱতাসকলেও পৰিত্ৰাণ নাপায়। আনকি, মৃত্য়ুৰ পিছতো কৰ্মফল মানুহে ভোগ কৰিব লাগে। মৃত্য়ু কেৱল দেহৰ হয়, আত্মা অমৰ। গতিকে অৱশিষ্ট কৰ্মফল ভোগ কৰিবলৈ জীৱে পৰৱৰ্তী জীৱন পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হয়। 

               উপনিষদত এই কৰ্মবাদৰ নিয়মক জাগতিক আৰু নৈতিক নিয়ম 'ঋত' বুলি কোৱা হয়। ঋকবেদ অনুসৰি ঋত হ'ল জাগতিক আৰু নৈতিক নিয়ম। এই নিয়মৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হয় আৰু মানুহৰ নৈতিক জগতো পৰিচালিত হয়। গতিকে জাগতিক আৰু নৈতিকতাৰ দিশৰ পৰা ঋতৰ গুৰুত্ব সৰ্বাধিক। 

২৮) উপনিষদৰ পুনৰ্জন্মৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃ'সংসাৰ' এটি সংস্কৃত বা পালি শব্দ। যাৰ অৰ্থ হ'ল 'বিশ্ব'। ই পুনৰ্জন্মৰ এটি ধাৰণা। সমস্ত জীৱন, বস্তু আৰু অস্তিত্বৰ চক্ৰই সংসাৰ। বেছিভাগ ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ এইটো এটা মৌলিক বিশ্বাস যে, সংসাৰ হ'ল মৃত্য়ু আৰু পুনৰ্জন্মৰ চক্ৰ। সংসাৰক বহুতো সময়ত কৰ্মচক্ৰ, জন্মচক্ৰ, ভৱচক্ৰ, লক্ষ্য়হীন প্ৰৱাহ বা জাগতিক অস্তিত্বৰ চক্ৰ বুলিও কোৱা হয়। এই সংসাৰৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ কৰ্মতত্ত্ব লগত জড়িত। 

                উপনিষদৰ পৰাই ভাৰতীয় দৰ্শনত সংসাৰ বা পুনৰ্জন্মৰ প্ৰতি বিশ্বাস প্ৰচলিত হয়। উপনিষদত কৰ্ম আৰু পুনৰ্জন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। বেদ আৰু ব্ৰাহ্মণৰ অভিমতৰ এইটো এটা স্বাভাৱিক বিকাশ আৰু উপনিষদত ইয়াৰ স্পষ্ট বিৱৰণ পোৱা যায়। উপনিষদৰ মতে মৃত্য়ুৰ পিছত মানৱ শৰীৰ বিভিন্ন ভাগত সিচৰিত হয়। যেনে 一 মানুহৰ চকু সূৰ্যলৈ গুচি যায়, শ্বাস বায়ুলৈ যায়, বাক্ অগ্নিলৈ যায়, মন চন্দ্ৰলৈ যায়, কাণ স্বৰ্গৰ দিকসমূহলৈ যায়, শৰীৰ মাটিৰ লগত বিলীন হয়, আত্মা আকাশলৈ যায়, চুলি গছ-গছনিলৈ যায়, তেজ আৰু বীৰ্য পানীলৈ গুচি যায়। 

২৯) সংসাৰ কাক বোলে? উপনিষদত উল্লেখ কৰাৰ দৰে সংসাৰৰ ধাৰণাটো ব্য়াখ্য়া কৰা।

উত্তৰঃ-  সমস্ত জীৱন, বস্তু আৰু অস্তিত্বৰ চক্ৰই হৈছে সংসাৰ। 

               'সংসাৰ' এটি সংস্কৃত বা পালি শব্দ। যাৰ অৰ্থ হ'ল 'বিশ্ব'। ই পুনৰ্জন্মৰ এটি ধাৰণা। সমস্ত জীৱন, বস্তু আৰু অস্তিত্বৰ চক্ৰই সংসাৰ। বেছিভাগ ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ এইটো এটা মৌলিক বিশ্বাস যে, সংসাৰ হ'ল মৃত্য়ু আৰু পুনৰ্জন্মৰ চক্ৰ। সংসাৰক বহুতো সময়ত কৰ্মচক্ৰ, জন্মচক্ৰ, ভৱচক্ৰ, লক্ষ্য়হীন প্ৰৱাহ বা জাগতিক অস্তিত্বৰ চক্ৰ বুলিও কোৱা হয়। এই সংসাৰৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ কৰ্মতত্ত্ব লগত জড়িত। 

                উপনিষদৰ পৰাই ভাৰতীয় দৰ্শনত সংসাৰ বা পুনৰ্জন্মৰ প্ৰতি বিশ্বাস প্ৰচলিত হয়। উপনিষদত কৰ্ম আৰু পুনৰ্জন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। বেদ আৰু ব্ৰাহ্মণৰ অভিমতৰ এইটো এটা স্বাভাৱিক বিকাশ আৰু উপনিষদত ইয়াৰ স্পষ্ট বিৱৰণ পোৱা যায়। উপনিষদৰ মতে মৃত্য়ুৰ পিছত মানৱ শৰীৰ বিভিন্ন ভাগত সিচৰিত হয়। যেনে 一 মানুহৰ চকু সূৰ্যলৈ গুচি যায়, শ্বাস বায়ুলৈ যায়, বাক্ অগ্নিলৈ যায়, মন চন্দ্ৰলৈ যায়, কাণ স্বৰ্গৰ দিকসমূহলৈ যায়, শৰীৰ মাটিৰ লগত বিলীন হয়, আত্মা আকাশলৈ যায়, চুলি গছ-গছনিলৈ যায়, তেজ আৰু বীৰ্য পানীলৈ গুচি যায়। 

৩০) মোক্ষ কাক বোলে? উপনিষদৰ মোক্ষৰ তত্ত্বটো ব্য়াখ্য়া কৰা।

উত্তৰঃভাৰতীয় দৰ্শনৰ এটি প্ৰধান দাৰ্শনিক ধাৰণা হ'ল মোক্ষ বা মুক্তি। ভাৰতৰ সকলো শাস্ত্ৰই আৰু চাৰ্বাকৰ বাহিৰে সকলো সম্প্ৰদায়ে মোক্ষক পৰমপুৰুষাৰ্থ বুলি বিশ্বাস কৰে। উপনিষদত মোক্ষক পৰম লক্ষ্য় হিচাপে স্বীকাৰ কৰা হয়। আত্মাৰ অমৃতাৱস্থাক উপনিষদত মোক্ষ বুলি কোৱা হয়। 

             উপনিষদত জ্ঞানক মোক্ষৰ সাধন বুলি কোৱা হয়। কাৰণ জ্ঞানৰ দ্বাৰা অবিদ্য়া বা অজ্ঞান নাশ হয়। এই অবিদ্য়া বা অজ্ঞানৰ বিনষ্টকৰণেই হ'ল মোক্ষ। উপনিষদৰ মতে, যেতিয়া আত্মাই পৰমব্ৰহ্মক সাক্ষাৎ কৰি আত্মস্বৰূপৰ জ্ঞান লাভ কৰে, তেতিয়া তেওঁৰ সেই স্বৰূপ-স্থিতিকে মোক্ষ বুলি কোৱা হয়। মুক্তিৰ সাধন হ'ল বিদ্য়া বা জ্ঞান। বিদ্য়াৰ দ্বাৰাহে অমৃত তত্ত্ব লাভ কৰা যায়। এই অমৃত তত্ত্বৰ প্ৰাপ্তিয়ে জন্ম-মৰণ চক্ৰৰ পৰা মুক্তি। গতিকে, মোক্ষ লাভ কৰিলে জীৱে আকৌ জন্ম গ্ৰহণ কৰিবলগীয়া নহয়। ইয়াৰ বিপৰীত হ'ল পুনৰ্জন্ম যাক 'সংসাৰ' বুলি কোৱা হয়। 

৩১) উপনিষদৰ জীৱ আৰু আত্মাৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃজীৱৰ আক্ষৰিক অৰ্থ হ'ল 'যিয়ে শ্বাস লয়'। 'জীৱ' শব্দটো 'শ্বাস লোৱা' ধাৰণাৰ পৰা উৎপত্তি হৈছে। যিয়ে শ্বাস গ্ৰহণ কৰে, তেওঁৰ এটা জীৱন আছে। গতিকে, জীৱ হ'ল জীৱন্তশক্তি। আৰম্ভণিতে ইয়াৰ দ্বাৰা মানৱ প্ৰকৃতিৰ সেই জৈৱিক তত্ত্বৰ জ্ঞান হৈছিল যি জাগ্ৰত, স্বপ্ন আৰু নিদ্ৰা অৱস্থাত আজীৱন থাকে। ইয়াকে পুৰুষ বুলি কোৱা হয়। কাৰণ ই হ'ল 'পুৰিশয়' অৰ্থাৎ, 'হূদয়ৰ দুৰ্গত বাস কৰে'। ইয়াৰ অৰ্থ হ'ল জীৱে কোনো অন্য় আত্মা বা মনৰ অৱস্থা পূৰ্ণ কৰে। ই সেই আত্মা যিয়ে কৰ্মফল ভোগ কৰে আৰু ভৌতিক  শৰীৰ মৃত্য়ুৰ পিছতো অস্তিত্বশীল হৈ থাকে। জীৱ ভোক্তা আৰু কৰ্তা। জীৱ বিজ্ঞানময় আত্মা। জীৱত চেতন ক্ৰিয়াৰ  তত্ত্ব 'মানস' থাকে। যিয়ে দৰ্শন, শ্ৰৱণ, স্পৰ্শ, গোন্ধ, সোৱাদ আদি পাঁচ জ্ঞানেন্দ্ৰিয়ৰ সহায়ত জ্ঞান সংগ্ৰহ কৰে আৰু পঞ্চকৰ্মেন্দ্ৰিয় 一 মুখ, হাত, ভৰি, পায়ু আৰু জনেন্দ্ৰিয়ৰ সহায়ত কৰ্ম কৰে। 

           উপনিষদত ব্ৰহ্ম আৰু আত্মাক অভিন্ন বুলি ধৰা হয়। উপনিষদৰ দৰ্শন অনুসৰি ব্ৰহ্ম আৰু আত্মা এক আৰু অভিন্ন। যি সত্তাক বস্তুগত দিশৰ পৰা ব্ৰহ্ম বুলি কোৱা হয়, সেই একেই সত্তাক মনোগত দিশৰ পৰা  আত্মা বুলি কোৱা হয়। প্ৰজাতিৰ লগত ইন্দ্ৰিয়ৰ বাৰ্তালাপত প্ৰজাপতিয়ে আত্মাৰ স্বৰূপ বৰ্ণনা কৰিছে। প্ৰজাপতি মতে আত্মা শৰীৰ নহয়, আত্মা এইটোও নহয় যাৰ অনুভূতি স্বপ্ন অথবা স্বপ্নৰহিত নিদ্ৰা অৱস্থাত লাভ কৰা হয়। মাণ্ডুক্য় উপনিষদতো আত্মাক তুৰীয় বা শুদ্ধ চৈতন্য় বুলি কোৱা হৈছে আৰু জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তিক আত্মাৰ ব্য়ৱহাৰিক অৱস্থা বুলি কোৱা হৈছে। আত্মা জাগ্ৰত অৱস্থাত জগতৰ বাহ্য় পদাৰ্থক অনুভৱ কৰে, স্বপ্নাৱস্থাত মানস পদাৰ্থক অনুভৱ কৰে, কিন্তু সুষুপ্তি অৱস্থাত বাহ্য় আৰু আন্তৰ কোনো বিষয়কে অনুভৱ নকৰে অৰ্থাৎ এই অৱস্থা অজ্ঞান অৱস্থা।

Answered by Sri Mampi Kakati

**********