প্ৰাচীন ভাৰতীয় চিন্তা | BA 1st Semester Philoপ্ৰাচীন ভাৰতীয় চিন্তা | BA 1st Semester Philosophy Chapter 2 Question Answer | অবৈদিক চিন্তা পাঠটোৰ উত্তৰ | NEP-2023

অবৈদিক চিন্তা

অনুশীলনী

প্ৰথম খণ্ড


●চমু প্ৰশ্নঃ

১) বৌদ্ধ দৰ্শন বৈদিক/অবৈদিক দৰ্শন।

উত্তৰঃ- বৌদ্ধ দৰ্শন হৈছে অবৈদিক দৰ্শন।

২) বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক হ'ল গৌতম বুদ্ধ।

৩) 'বুদ্ধ' শব্দৰ অৰ্থ কি?

উত্তৰঃ- 'বুদ্ধ' শব্দৰ অৰ্থ হ'ল 'The Engligten' অৰ্থাৎ, সম্য়ক জ্ঞানী।

৪) আৰ্য মানে কি?

উত্তৰঃ- আৰ্য মানে হ'ল এটা ভাষা।

৫) 'ত্ৰিপিটক' কি?

উত্তৰঃ- শিষ্য়সকলে বুদ্ধদেৱৰ নৈতিক আৰু ধৰ্মীয় উপদেশৱলীক পালি ভাষাত তিনিটা পিটিকত লিপিবদ্ধ কৰে, যাক একত্ৰে ত্ৰিপিটক বুলি কোৱা হয়। 

৬) বৌদ্ধ দৰ্শনৰ বিভিন্ন সম্প্ৰদায়বোৰৰ নাম লিখা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ বিভিন্ন সম্প্ৰদায়বোৰৰ নাম হ'ল 

৭) বৌদ্ধ দৰ্শনৰ আৰ্য সত্য় চাৰিটা কি কি?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ আৰ্য সত্য় চাৰিটা হ'ল ㅡ

(ক) দুঃখ - জীৱনত দুখ আছে,

(খ) দুঃখ সমুদায় - দুখৰ কাৰণ আছে,

(গ) দুঃখ নিৰোধ - দুখৰ পৰা নিবৃত্তি আছে আৰু 

(ঘ) দুঃখ নিৰোধ মাৰ্গ - দুখ নিবৃত্তিৰ উপায় আছে।

৮) বৌদ্ধ দৰ্শনত দুটা/তিনিটা/চাৰিটা আৰ্য সত্য় আছে।

উত্তৰঃ- বৌদ্ধ দৰ্শনত চাৰিটা আৰ্য সত্য় আছে।

৯) বৌদ্ধ ধৰ্মৰ তিনি পিটক কি?

উত্তৰঃ- বৌদ্ধ ধৰ্মৰ তিনি পিটক হ'ল ― বিনয় পিটক, সুত্ত পিটক আৰু অভিধৰ্ম্ম পিটক। 

১০) বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্য়ত কিমানটা মাৰ্গৰ কথা উল্লেখ কৰিছে? মাৰ্গকেইটা কি কি?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্য়ত আঠটা মাৰ্গৰ কথা উল্লেখ কৰিছে। মাৰ্গকেইটা হ'ল -

(ক) সম্য়ক দৃষ্টি,

(খ) সম্য়ক সংকল্প,

(গ) সম্য়ক বাক,

(ঘ) সম্য়ক আচৰণ বা সম্য়ক কৰ্মান্ত,

(ঙ) সম্য়ক আজীৱ,

(চ) সম্য়ক ব্য়ায়াম,

(ছ) সম্য়ক স্মৃতি আৰু

(জ) সম্য়ক সমাধি।

১১) অষ্টাঙ্গিক মাৰ্গৰ বিভিন্ন মাৰ্গবোৰৰ নাম লিখা।

উত্তৰঃ- অষ্টাঙ্গিক মাৰ্গৰ বিভিন্ন মাৰ্গবোৰ হ'ল - প্ৰজ্ঞা, শীল আৰু সমাধি।

১২) বৌদ্ধ দৰ্শন বিভিন্ন শাখাত বিভক্ত। এইটো সত্য় নে?

উত্তৰঃ- সত্য়।

১৩) 'নিৰ্বাণ' শব্দৰ অৰ্থ কি?

উত্তৰঃ- 'নিৰ্বাণ' শব্দৰ আক্ষৰিক অৰ্থ হ'ল 'নুমাই যোৱা' বা 'নিৰ্বাপিত পোৱা'।

১৪) বৌদ্ধ দৰ্শনৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ প্ৰধান ভাগ দুটা হ'ল - উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ বা নিৰূপাধিশেষ।

১৫) বৌদ্ধ দৰ্শনত ঈশ্বৰ অস্তিত্বত বিশ্বাস কৰা হয় নে?

উত্তৰঃ- বৌদ্ধ দৰ্শনত ঈশ্বৰ অস্তিত্বত বিশ্বাস কৰা নহয়।

১৬) নিৰ্বাণ বৌদ্ধ দৰ্শনৰ কোন আৰ্যসত্য়ৰ লগত জড়িত? 

উত্তৰঃ- নিৰ্বাণ বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য় অৰ্থাৎ, 'দুঃখ নিৰোধ' ৰ লগত জড়িত। 

১৭) বৌদ্ধৰ প্ৰধান ধৰ্মগ্ৰন্থখনৰ নাম কি?

উত্তৰঃ- বৌদ্ধৰ প্ৰধান ধৰ্মগ্ৰন্থখনৰ নাম হ'ল  ত্ৰিপিটক।

১৮) 'ধৰ্মচক্ৰ' মানে কি?

উত্তৰঃ- বৌদ্ধ ধৰ্মৰ প্ৰতীক হ'ল ধৰ্মচক্ৰ। এই চক্ৰই ধৰ্ম, বুদ্ধৰ শিক্ষাক প্ৰতিনিধিত্ব কৰে। এই ধৰ্মচক্ৰৰ মাজত তিনিটা হুৰল আছে। যি বৌদ্ধ ধৰ্মৰ তিনিটা গহনাপ্ৰতিনিধিত্ব কৰে। যিবোৰ হৈছে বুদ্ধ (বা শিক্ষক), ধৰ্ম (বুদ্ধৰ শিক্ষা), আৰু সংঘ (সম্প্ৰদায়)।

১৯) ভৱচক্ৰ মানে কি?

উত্তৰঃ- মৃত্য়ুৰ পিছত পুনৰ জন্ম হয় আৰু জন্মৰ পিছত আকৌ মৃত্য়ু হয়। এই জন্ম মৃত্য়ুৰ চক্ৰকে ভৱচক্ৰ বোলে।

২০) বুদ্ধৰ মতে দুখৰ প্ৰধান কাৰণ কি?

উত্তৰঃ- বুদ্ধৰ মতে দুখৰ প্ৰধান কাৰণ হ'ল অবিদ্য়া।

২১) বুদ্ধই আত্মাৰ অস্তিত্বত বিশ্বাস কৰে নে?

উত্তৰঃ- বুদ্ধই আত্মাৰ অস্তিত্বত বিশ্বাস নকৰে।

২২) পঞ্চস্কন্ধ কি?

উত্তৰঃ- বৌদ্ধ দৰ্শন বিশ্বব্ৰহ্মাণ্ডৰ পাঁচটা মহাজাগতিক উপাদান বা কান্ধেৰে গঠিত। এইবোৰ হৈছে ৰূপ (ৰূপ), বিষ (শাৰীৰিক বা মানসিক অনুভূতি), সংজ্ঞা (নাম), সংস্কাৰ (অনুকৰণ) আৰু বিজ্ঞান (চেতনা)। বাজৰায়ণত, এই পাঁচটা মহাজাগতিক শক্তিক পাঁচজন ধ্যানশীল বুদ্ধ হিচাপে কল্পনা কৰা হয়। এই পাঁচবিধ কান্ধকে একেলগে পঞ্চস্কন্ধ বুলি কোৱা হয়। 

২৩) বৌদ্ধ দৰ্শনৰ দুখ নিবৃত্তিৰ উপায় হিচাপে কেইটা পথ বা মাৰ্গৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ দুখ নিবৃত্তিৰ উপায় হিচাপে আঠটা পথ বা মাৰ্গৰ কথা উল্লেখ কৰিছে।  

২৪) বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্য়ত কিমান মাৰ্গৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্য়ত আঠটা মাৰ্গৰ কথা উল্লেখ কৰিছে।

২৫) বৌদ্ধধৰ্ম সম্প্ৰদায় দুটা কি কি?

উত্তৰঃ


●ৰচনাধৰ্মী প্ৰশ্নঃ

১) বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য় কি কি? আলোচনা কৰা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য় হ'ল 一

(ক) দুঃখ - জীৱনত দুখ আছে,

(খ) দুঃখ সমুদায় - দুখৰ কাৰণ আছে,

(গ) দুঃখ নিৰোধ - দুখৰ পৰা নিবৃত্তি আছে আৰু 

(ঘ) দুঃখ নিৰোধ মাৰ্গ - দুখ নিবৃত্তিৰ উপায় আছে।

             এই চাৰি আৰ্য সত্য়ৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一 

(ক) প্ৰথম আৰ্যসত্য় ঃ দুঃখঃ- বুদ্ধদেৱৰ প্ৰথম আৰ্যসত্য় হ'ল দুখৰ অস্তিত্বৰ স্বীকৃতি। বুদ্ধৰ মতে, 'সৰ্বং দুঃখম্' অৰ্থাৎ, সমস্ত জগত দুখময়। গতিকে, মানৱ জীৱন দুখেৰে পৰিপূৰ্ণ। জনমতো দুখ, মৰণতো দুখ। যাক আমি আপাতত সুখকৰ বুলি ভাবো সিয়ো এদিন দুখ সৃষ্টি কৰে। সেইকাৰণে বুদ্ধৰ মতে, দুখ হ'ল এই জগতৰ এক চিৰন্তন সত্য়। যাক কোনোৱে এৰাই চলিব নোৱাৰে। জগতৰ সকলো বস্তু অনিত্য় আৰু নশ্বৰ হোৱাত এই জগত দুখময়। বুদ্ধৰ মতে, জাগতিক সুখকৰ বস্তুবোৰ প্ৰকৃততে দুখহে উৎপাদন কৰে। জাগতিক সুখ লাভ কৰাৰ প্ৰয়াস দুখ, প্ৰাপ্তিৰ পিছত সেইবোৰ হেৰুৱাৰ সংশয়ে দুখৰ উৎপত্তি কৰে। 

(খ) দ্বিতীয় আৰ্যসত্য় ঃ দুঃখ সমুদয়ঃ- বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্য় হ'ল 'দুঃখ সমুদয়' অৰ্থাৎ, দুখৰ কাৰণ আছে। বৌদ্ধ দৰ্শনৰ এই আৰ্যসত্য়টো কাৰ্য-কাৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত যাক বৌদ্ধ দৰ্শনত 'প্ৰতীত্য়সমূৎপাদ নীতি' বোলা হয়। বুদ্ধৰ মতে, বস্তুমাত্ৰাই পৰনিৰ্ভৰ। দুখৰ কাৰণো উৎপন্ন বস্তুৰ বাবে। এইদৰে দুখৰ সন্নিকটস্থ আৰু ক্ৰমশঃ দুৰৱৰ্তী কাৰণসমূহ একত্ৰে এক চক্ৰাকাৰ কাৰণ শৃংখলৰ সৃষ্টি কৰে। এই কাৰণ-শৃংখলক 'ভৱচক্ৰ', 'সংসাৰ-চক্ৰ', 'জন্মমৰণ-চক্ৰ', 'ধৰ্ম-চক্ৰ', 'প্ৰতীত্য়সমূৎপাদ-চক্ৰ' আদি বিভিন্ন নামেৰে অভিহিত কৰা হয়। এই কাৰণ শৃংখলত বাৰটা পৰস্পৰ সাপেক্ষে কাৰণৰে গঠিত বাবে ইয়াক 'দ্বাদশ নিদান' বুলিও কোৱা হয়। 

(গ) তৃতীয় আৰ্য্য়সত্য় ঃ দুঃখ নিৰোধঃ- বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য় হ'ল দুখ নিৰোধ অৰ্থাৎ, দুখৰ পৰা নিবৃত্তি। দুখ নিবৃত্তিক বৌদ্ধ দৰ্শনত 'নিৰ্বাণ' বুলি কোৱা হয়। ভাৰতীয় দৰ্শনত দুখৰ পৰা মুক্তি লাভ কৰাক মোক্ষপ্ৰাপ্তি বোলা হয়। বুদ্ধদেৱৰ মতে, দুখৰ মূল কাৰণ হ'ল অবিদ্য়া। সম্য়ক জ্ঞানৰ জড়িয়তে অবিদ্য়াক বিনাশ কৰিব পাৰিলে দুখৰো বিনাশ হয় আৰু তেতিয়া জীৱই সৰ্বপ্ৰকাৰৰ দুখৰ পৰা মুক্তি লাভ কৰে। অৰ্থাৎ, নিৰ্বাণ লাভ কৰে। 

(ঘ) চতুৰ্থ আৰ্যসত্য়ঃ দুঃখ নিৰোগ মাৰ্গঃ- বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্যসত্য় হ'ল দুখ নিবৃত্তিৰ পথ বা মাৰ্গ। অৰ্থাৎ, যি পথেদি নিৰ্বাণ লাভ কৰা যায় বা দুখৰ পৰা চিৰমুক্তি পোৱা যায়, তাকে দুখ নিৰোগ মাৰ্গ বোলা হয়। বুদ্ধৰ মতে, দুখৰ যিদৰে কাৰণ আছে, সেইদৰে দুখৰ পৰা মুক্তিৰ উপায়ো আছে। দুখৰ পৰা মুক্তি লাভৰ আঠটা মাৰ্গ বা পথ  আছে যাক বৌদ্ধ দৰ্শন 'অষ্টাঙ্গিক মাৰ্গ' বুলি কোৱা হয়। এই অষ্টাঙ্গিক মাৰ্গৰ মাজেদি বৌদ্ধ দৰ্শনৰ নীতিতত্ত্ব প্ৰকাশিত হৈছে। অৰ্থাৎ, বৌদ্ধ নৈতিক দৰ্শনৰ ভিত্তি হ'ল এই অষ্টাঙ্গিক মাৰ্গ। বৌদ্ধ দৰ্শনৰ এই অষ্টাঙ্গিক মাৰ্গ সকলো শ্ৰেঁণীৰ মানুহৰ কাৰণে উন্মুক্ত আৰু উপযোগী। 


২) চাৰি আৰ্যসত্য়সমূহ কি কি? বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্য়টো আলোচনা কৰা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য় হ'ল 一

(ক) দুঃখ - জীৱনত দুখ আছে,

(খ) দুঃখ সমুদায় - দুখৰ কাৰণ আছে,

(গ) দুঃখ নিৰোধ - দুখৰ পৰা নিবৃত্তি আছে আৰু 

(ঘ) দুঃখ নিৰোধ মাৰ্গ - দুখ নিবৃত্তিৰ উপায় আছে।

             বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্য়টো তলত বহলাই আলোচনা কৰা হ'ল 一

দ্বিতীয় আৰ্যসত্য় ঃ দুঃখ সমুদয়ঃ- বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্য় হ'ল 'দুঃখ সমুদয়' অৰ্থাৎ, দুখৰ কাৰণ আছে। বৌদ্ধ দৰ্শনৰ এই আৰ্যসত্য়টো কাৰ্য-কাৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত যাক বৌদ্ধ দৰ্শনত 'প্ৰতীত্য়সমূৎপাদ নীতি' বোলা হয়। বুদ্ধৰ মতে, বস্তুমাত্ৰাই পৰনিৰ্ভৰ। দুখৰ কাৰণো উৎপন্ন বস্তুৰ বাবে। এইদৰে দুখৰ সন্নিকটস্থ আৰু ক্ৰমশঃ দুৰৱৰ্তী কাৰণসমূহ একত্ৰে এক চক্ৰাকাৰ কাৰণ শৃংখলৰ সৃষ্টি কৰে। এই কাৰণ-শৃংখলক 'ভৱচক্ৰ', 'সংসাৰ-চক্ৰ', 'জন্মমৰণ-চক্ৰ', 'ধৰ্ম-চক্ৰ', 'প্ৰতীত্য়সমূৎপাদ-চক্ৰ' আদি বিভিন্ন নামেৰে অভিহিত কৰা হয়। এই কাৰণ শৃংখলত বাৰটা পৰস্পৰ সাপেক্ষে কাৰণৰে গঠিত বাবে ইয়াক 'দ্বাদশ নিদান' বুলিও কোৱা হয়। বুদ্ধ প্ৰদত্ত দ্বাদশ নিদানক তলত দিয়া ধৰণে সংক্ষিপ্তভাৱে ব্য়াখ্য়া কৰিব পাৰি 一

(i) জৰা-মৰণঃ- মানৱ জীৱনত দুখ বা জৰা-মৰণ আছে। জীৱন মাত্ৰই দুখময়। অৰ্থাৎ, জৰা-মৰণৰে আৱদ্ধ। মানুহে জীৱনত দুখ ভোগ কৰাৰ কাৰণ হ'ল জৰা-মৰণ। জীৱ হৈ জন্মগ্ৰহণ কৰে বাবেই জৰা-মৰণত আক্ৰান্ত হয় আৰু অশেষ দুখ ভোগ কৰে।

(ii) জাতিঃ- জৰা-মৰণৰ কাৰণ হ'ল জাতি বা জন্ম। মানুহে এই জগতত জন্ম গ্ৰহণ কৰে বাবেই জৰা-মৰণাদি দুখ ভোগ কৰে। জন্মই হ'ল জৰা-মৰণৰূপ দুখৰ কাৰণ। 

(iii) ভবঃ- 'ভব' শব্দৰ অৰ্থ হ'ল 'ব্য়াকুল হোৱা'। অৰ্থাৎ, ভবৰ কথাৰ অৰ্থ হ'ল পুনৰায় জন্মগ্ৰহণ কৰাৰ কাৰণে দেখুওৱা ব্য়াকুলতা। গতিকে, জন্ম বা জাতিৰ কাৰণ হ'ল ভব বা জন্মগ্ৰহণৰ বাসনা। মানুহে পুনৰায় জন্মগ্ৰহণ কৰাৰ উদ্দেশ্য়ে ব্য়াকুল হয় বাবে বাৰে বাৰে জন্মগ্ৰহণ কৰে।

(iv) উপাদানঃ- উপাদান হ'ল জাগতিক বিষয়ৰ প্ৰতি আসক্তি। জাগতিক বিষয়ৰ প্ৰতি আসক্তি থকাৰ কাৰণে পুনঃপুনঃ জন্মগ্ৰহণ কৰাৰ বাসনাৰ উদ্ভৱ হয়। 

(v) তৃষ্ণাঃ- উপাদানৰ কাৰণ হ'ল তৃষ্ণা বা ভৌগস্পৃশা। ভোগস্পৃশাৰ কাৰণে বিষয়ৰ প্ৰতি আসক্তি জন্মে। 

(vi) বেদনাঃ- তৃষ্ণাৰ কাৰণ হ'ল বেদনা বা অতীত ইন্দ্ৰিয় সুখৰ অভিজ্ঞতা। সুখ বিজৰিত ইন্দ্ৰিয় অভিজ্ঞতাই তৃষ্ণা অৰ্থাৎ, ভোগস্পৃশাৰ কাৰণ। 

(vii) স্পৰ্শঃ- স্পৰ্শ বেদনাৰ কাৰণ। বস্তুৰ লগত ইন্দ্ৰিয়ৰ সংযোগ বা স্পৰ্শ নঘটিলে ইন্দ্ৰিয় সুখ বা বেদনাৰ উদ্ভৱ নহয়। 

(viii) ষড়ায়তনঃ- স্পৰ্শৰ কাৰণ ষড়ায়তন। ষড়ায়তন হ'ল ছয়টা ইন্দ্ৰিয় ㅡ পাঁচটা জ্ঞানেন্দ্ৰিয় (চকু, কাণ, নাক, জিভা আৰু ছাল) আৰু মন। এই ছয়টা ইন্দ্ৰিয়ৰ কাৰণে বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সংযোগ ঘটে অৰ্থাৎ স্পৰ্শ হয়। 

(ix) নাম-ৰূপঃ- ষড়ায়তনৰ কাৰণ হ'ল নাম-ৰূপ বা দেহ-মনৰ সংগঠন। দেহ-মনৰ জটিল সংগঠন থকাৰ কাৰণে ষড়ায়তনৰ বা ছয়টা ইন্দ্ৰিয়ৰ উদ্ভৱ হয়। 

(x) বিজ্ঞানঃ- নাম-ৰূপৰ কাৰণ হ'ল বিজ্ঞান বা চৈতন্য়। ভূমিষ্ঠ হোৱাৰ পূৰ্বে যি প্ৰাথমিক চেতনা মাতৃগৰ্ভত ভ্ৰুণ আকাৰত ধাৰণ কৰে, সিয়ে বিজ্ঞান। বিজ্ঞান নাথাকিলে দেহ বা মনৰ সৃষ্টি আৰু পুষ্টি নহয়। গতিকে বিজ্ঞান নাম-ৰূপৰ কাৰণ। 

(xi) সংস্কাৰঃ- পূৰ্ব জন্মৰ সংস্কাৰৰ পৰাই বিজ্ঞান উদ্ভূত  হয়; গতিকে সংস্কাৰ হ'ল বিজ্ঞানৰ কাৰণ। পূৰ্ব বা অতীত জীৱনত যিবিলাক কৰ্ম সম্পাদিত হয়, সেইবিলাক কৰ্ম এক প্ৰকাৰৰ শক্তি  উৎপন্ন কৰে, যাক সংস্কাৰ বুলি কোৱা হয়। মাতৃগৰ্ভত ভ্ৰুণৰ মাধ্য়মত এই সংস্কাৰে চেতনাৰ সৃষ্টি কৰে। 

(xii) অবিদ্য়াঃ- সংস্কাৰৰ কাৰণ হ'ল অবিদ্য়া। অবিদ্য়াৰ অৰ্থ সম্য়ক জ্ঞানৰ অভাব। বৌদ্ধ দৰ্শনত অবিদ্য়া বুলিলে চাৰিটা আৰ্যসত্য়ৰ জ্ঞানৰ অভাবক বুজোৱা হৈছে। অবিদ্য়াবশতঃ মানুহে অনিত্য় বস্তুক নিত্য় বুলি ভাবে, মিথ্য়াক সত্য় বুলি ভাবে, অস্থায়ী সুখক স্থায়ী বুলি মন কৰে। অবিদ্য়াৰ পৰাই ক্ৰমান্বয়ে দুখৰ অন্য়ান্য় কাৰণবোৰ উদ্ভৱ হয় বাবে অবিদ্য়াক সৰ্বপ্ৰকাৰৰ দুখৰ মূল কাৰণ বুলি গণ্য় কৰা হয়। 


৩) বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য়টো আলোচনা কৰা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য়টোৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

তৃতীয় আৰ্য্য়সত্য় ঃ দুঃখ নিৰোধঃ- বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য় হ'ল দুখ নিৰোধ অৰ্থাৎ, দুখৰ পৰা নিবৃত্তি। দুখ নিবৃত্তিক বৌদ্ধ দৰ্শনত 'নিৰ্বাণ' বুলি কোৱা হয়। ভাৰতীয় দৰ্শনত দুখৰ পৰা মুক্তি লাভ কৰাক মোক্ষপ্ৰাপ্তি বোলা হয়। বুদ্ধদেৱৰ মতে, দুখৰ মূল কাৰণ হ'ল অবিদ্য়া। সম্য়ক জ্ঞানৰ জড়িয়তে অবিদ্য়াক বিনাশ কৰিব পাৰিলে দুখৰো বিনাশ হয় আৰু তেতিয়া জীৱই সৰ্বপ্ৰকাৰৰ দুখৰ পৰা মুক্তি লাভ কৰে। অৰ্থাৎ, নিৰ্বাণ লাভ কৰে। 


৪) বৌদ্ধ দৰ্শনৰ অনাত্মবাদ মতবাদটো বহলাই লিখা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ অনাত্মবাদ ক্ষণিকবাদৰে এটি অনুসিদ্ধান্ত যাক প্ৰতীত্য়সমুৎপাদ নীতিৰ আধাৰত সমৰ্থন কৰা হৈছে। অৰ্থাৎ, বৌদ্ধ অনাত্মবাদ ক্ষণিকবাদ আৰু প্ৰতীত্য়সমুৎপাদ 一 এই দুটা দাৰ্শনিক মতবাদৰ ওপৰত প্ৰতিষ্ঠিত। বৌদ্ধ অনাত্মবাদত আত্মাৰ শাশ্বত স্থায়ী সত্তাৰ অস্বীকৃতি হয়, কিন্তু চৈতন্য়ৰ অস্বীকৃতি নহয়। অৰ্থাৎ, অনাত্মবাদ হ'ল স্থায়ী চেতনসত্তা বিৰোধী এক দাৰ্শনিক মতবাদ। 

              ভাৰতীয় দৰ্শনৰ এটা চিৰন্তন স্বীকৃতি হ'ল আত্মা। বেদ-উপনিষদৰ পৰা আৰম্ভ কৰি ভাৰতৰ বেছিভাগ দাৰ্শনিক সম্প্ৰদায়ত এটা নিত্য়, শুদ্ধ, স্থায়ী আত্মাৰ সত্তাত বিশ্বাস কৰে। উপনিষদৰ মতানুসাৰে আত্মা নিত্য় আৰু অপৰিৱৰ্তনীয়। দেহ নশ্বৰ, কিন্তু আত্মা অবিনশ্বৰ। সংখ্য়া, বেদান্ত প্ৰভৃতি দৰ্শনত আত্মা হ'ল দেহভিন্ন, চৈতন্য়স্বৰূপ। ন্য়ায় আৰু ৰামানুজ দৰ্শনত চৈতন্য় আত্মাৰ গুণ। আনহাতে, চাৰ্বাকৰ মতে, চেতনাবিশিষ্ট  দেহাই হ'ল আত্মা; দেহৰ ধৰ্মই আত্মাৰ ধৰ্ম, দেহৰ বিনাশেই আত্মাৰ বিনাশ। 

               বৌদ্ধ দৰ্শনৰ আত্মাতত্ত্বৰ দুটা দিশ লক্ষ্য় কৰা যায়। সেয়া হ'ল - নঞৰ্থক আৰু সদৰ্থক। নৈৰাত্ম্য়বাদ আৰু সংঘাতবাদ যথাক্ৰমে বৌদ্ধৰ আত্মাতত্ত্বৰ নঞৰ্থক আৰু সদৰ্থক দিশ। নৈৰাত্ম্য়বাদ অনুসৰি আত্মাৰ কোনো চিৰন্তন সত্তা নাই; আত্মা হ'ল বিভিন্ন মানসিক প্ৰক্ৰিয়াসমূহৰ অবিৰাম প্ৰবাহ বা ধাৰা। আনহাতে, সংঘাতবাদৰ মূল কথা হ'ল, মানসিক আৰু বাহ্য়িক সত্তা হৈছে সংঘাত বা অৱস্থাৰ সমষ্টি। বৌদ্ধ দৰ্শনত আত্মাৰ ধাৰণাৰ উৎপত্তিৰ ব্য়াখ্য়া সংঘাতবাদৰ আধাৰতে দিয়া হৈছে। বুদ্ধদেৱৰ মতে, ক্ষণিক দৈহিক আৰু মানসিক অৱস্থাসমূহৰ সংঘাত বা সমষ্টিয়েই হ'ল আত্মা। বৌদ্ধ দৰ্শনত ক্ষণিক দৈহিক অৱস্থাসমূহৰ সমষ্টিক 'ৰূপ' আৰু ক্ষণিক মানসিক অৱস্থাসমূহৰ সমষ্টিক 'নাম' বোলা হয়। অৰ্থাৎ, আত্মা হ'ল 'নামৰূপ' 一 নাম আৰু ৰূপৰ সমষ্টি। 


৫) বৌদ্ধ দৰ্শনৰ মতে নিৰ্বাণ বুলিলে কি বুজা? উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ নিৰ্বাণৰ পাৰ্থক্য় লিখা।

উত্তৰঃ- দুখ নিবৃত্তিক বৌদ্ধ দৰ্শনত 'নিৰ্বাণ' বুলি কোৱা হয়। অৰ্থাৎ, বুদ্ধৰ মতে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাই হৈছে নিৰ্বাণ। 

             উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ নিৰ্বাণৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) উপাধিশেষ নিৰ্বাণত কামনা-বাসনাৰ সম্পূৰ্ণ বিলুপ্তি ঘটে। কিন্তু দেহ আৰু মন নামৰ উপাধি অৱশিষ্ট থাকে। ইয়াত পঞ্চস্কন্ধৰূপ উপাধি মাত্ৰ অৱশিষ্ট থাকে যদিও সমস্ত লোভ-লালসা আৰু কামনা-বাসনাৰ বিনাশ ঘটে। অৰ্হতৰ নিৰ্বাণ উপাধিশেষ নিৰ্বাণ। উপাধিশেষ নিৰ্বাণ লাভ কৰাৰ পিছতো নিৰ্বাণপ্ৰাপ্তী ব্য়ক্তি  নিষ্কাম কৰ্ম সমাধান কৰিব পাৰে। আনহাতে, যি নিৰ্বাণ অৱস্থাত উপাধি অৱশিষ্ট নাথাকে আৰু জীৱ দেহৰ সংস্পৰ্শৰ পৰাও মুক্ত হয়, তাক অনুপাধিশেষ নিৰ্বাণ বোলা হয়। অৰ্থাৎ, সকলো প্ৰকাৰৰ বৃত্তি আৰু জড়বন্ধনৰ পৰা মুক্ত অৱস্থা হ'ল অনুপাধিশেষ নিৰ্বাণ। 

(খ) উপাধিশেষ নিৰ্বাণক নিৰ্বাণ বুলিও কোৱা হয়।আনহাতে অনুপাধিশেষ নিৰ্বাণক পৰিনিৰ্বাণ বুলিও কোৱা হয়। 


৬) বৌদ্ধ দৰ্শনৰ আত্মাৰ ধাৰণাটো সমালোচনাসহ আলোচনা কৰা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ আত্মাতত্ত্বৰ দুটা দিশ লক্ষ্য় কৰা যায়। সেয়া হ'ল - নঞৰ্থক আৰু সদৰ্থক। নৈৰাত্ম্য়বাদ আৰু সংঘাতবাদ যথাক্ৰমে বৌদ্ধৰ আত্মাতত্ত্বৰ নঞৰ্থক আৰু সদৰ্থক দিশ। নৈৰাত্ম্য়বাদ অনুসৰি আত্মাৰ কোনো চিৰন্তন সত্তা নাই; আত্মা হ'ল বিভিন্ন মানসিক প্ৰক্ৰিয়াসমূহৰ অবিৰাম প্ৰবাহ বা ধাৰা। আনহাতে, সংঘাতবাদৰ মূল কথা হ'ল, মানসিক আৰু বাহ্য়িক সত্তা হৈছে সংঘাত বা অৱস্থাৰ সমষ্টি। বৌদ্ধ দৰ্শনত আত্মাৰ ধাৰণাৰ উৎপত্তিৰ ব্য়াখ্য়া সংঘাতবাদৰ আধাৰতে দিয়া হৈছে। বুদ্ধদেৱৰ মতে, ক্ষণিক দৈহিক আৰু মানসিক অৱস্থাসমূহৰ সংঘাত বা সমষ্টিয়েই হ'ল আত্মা। বৌদ্ধ দৰ্শনত ক্ষণিক দৈহিক অৱস্থাসমূহৰ সমষ্টিক 'ৰূপ' আৰু ক্ষণিক মানসিক অৱস্থাসমূহৰ সমষ্টিক 'নাম' বোলা হয়। অৰ্থাৎ, আত্মা হ'ল 'নামৰূপ' 一 নাম আৰু ৰূপৰ সমষ্টি। 


৭) বৌদ্ধ দৰ্শনৰ 'চাৰি আৰ্য সত্য়' ৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ-  বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য় হ'ল 一

(ক) দুঃখ - জীৱনত দুখ আছে,

(খ) দুঃখ সমুদায় - দুখৰ কাৰণ আছে,

(গ) দুঃখ নিৰোধ - দুখৰ পৰা নিবৃত্তি আছে আৰু 

(ঘ) দুঃখ নিৰোধ মাৰ্গ - দুখ নিবৃত্তিৰ উপায় আছে।

             এই চাৰি আৰ্য সত্য়ৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一 

(ক) প্ৰথম আৰ্যসত্য় ঃ দুঃখঃ- বুদ্ধদেৱৰ প্ৰথম আৰ্যসত্য় হ'ল দুখৰ অস্তিত্বৰ স্বীকৃতি। বুদ্ধৰ মতে, 'সৰ্বং দুঃখম্' অৰ্থাৎ, সমস্ত জগত দুখময়। গতিকে, মানৱ জীৱন দুখেৰে পৰিপূৰ্ণ। জনমতো দুখ, মৰণতো দুখ। যাক আমি আপাতত সুখকৰ বুলি ভাবো সিয়ো এদিন দুখ সৃষ্টি কৰে। সেইকাৰণে বুদ্ধৰ মতে, দুখ হ'ল এই জগতৰ এক চিৰন্তন সত্য়। যাক কোনোৱে এৰাই চলিব নোৱাৰে। জগতৰ সকলো বস্তু অনিত্য় আৰু নশ্বৰ হোৱাত এই জগত দুখময়। বুদ্ধৰ মতে, জাগতিক সুখকৰ বস্তুবোৰ প্ৰকৃততে দুখহে উৎপাদন কৰে। জাগতিক সুখ লাভ কৰাৰ প্ৰয়াস দুখ, প্ৰাপ্তিৰ পিছত সেইবোৰ হেৰুৱাৰ সংশয়ে দুখৰ উৎপত্তি কৰে। 

(খ) দ্বিতীয় আৰ্যসত্য় ঃ দুঃখ সমুদয়ঃ- বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্য় হ'ল 'দুঃখ সমুদয়' অৰ্থাৎ, দুখৰ কাৰণ আছে। বৌদ্ধ দৰ্শনৰ এই আৰ্যসত্য়টো কাৰ্য-কাৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত যাক বৌদ্ধ দৰ্শনত 'প্ৰতীত্য়সমূৎপাদ নীতি' বোলা হয়। বুদ্ধৰ মতে, বস্তুমাত্ৰাই পৰনিৰ্ভৰ। দুখৰ কাৰণো উৎপন্ন বস্তুৰ বাবে। এইদৰে দুখৰ সন্নিকটস্থ আৰু ক্ৰমশঃ দুৰৱৰ্তী কাৰণসমূহ একত্ৰে এক চক্ৰাকাৰ কাৰণ শৃংখলৰ সৃষ্টি কৰে। এই কাৰণ-শৃংখলক 'ভৱচক্ৰ', 'সংসাৰ-চক্ৰ', 'জন্মমৰণ-চক্ৰ', 'ধৰ্ম-চক্ৰ', 'প্ৰতীত্য়সমূৎপাদ-চক্ৰ' আদি বিভিন্ন নামেৰে অভিহিত কৰা হয়। এই কাৰণ শৃংখলত বাৰটা পৰস্পৰ সাপেক্ষে কাৰণৰে গঠিত বাবে ইয়াক 'দ্বাদশ নিদান' বুলিও কোৱা হয়। 

(গ) তৃতীয় আৰ্য্য়সত্য় ঃ দুঃখ নিৰোধঃ- বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য় হ'ল দুখ নিৰোধ অৰ্থাৎ, দুখৰ পৰা নিবৃত্তি। দুখ নিবৃত্তিক বৌদ্ধ দৰ্শনত 'নিৰ্বাণ' বুলি কোৱা হয়। ভাৰতীয় দৰ্শনত দুখৰ পৰা মুক্তি লাভ কৰাক মোক্ষপ্ৰাপ্তি বোলা হয়। বুদ্ধদেৱৰ মতে, দুখৰ মূল কাৰণ হ'ল অবিদ্য়া। সম্য়ক জ্ঞানৰ জড়িয়তে অবিদ্য়াক বিনাশ কৰিব পাৰিলে দুখৰো বিনাশ হয় আৰু তেতিয়া জীৱই সৰ্বপ্ৰকাৰৰ দুখৰ পৰা মুক্তি লাভ কৰে। অৰ্থাৎ, নিৰ্বাণ লাভ কৰে। 

(ঘ) চতুৰ্থ আৰ্যসত্য়ঃ দুঃখ নিৰোগ মাৰ্গঃ- বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্যসত্য় হ'ল দুখ নিবৃত্তিৰ পথ বা মাৰ্গ। অৰ্থাৎ, যি পথেদি নিৰ্বাণ লাভ কৰা যায় বা দুখৰ পৰা চিৰমুক্তি পোৱা যায়, তাকে দুখ নিৰোগ মাৰ্গ বোলা হয়। বুদ্ধৰ মতে, দুখৰ যিদৰে কাৰণ আছে, সেইদৰে দুখৰ পৰা মুক্তিৰ উপায়ো আছে। দুখৰ পৰা মুক্তি লাভৰ আঠটা মাৰ্গ বা পথ  আছে যাক বৌদ্ধ দৰ্শন 'অষ্টাঙ্গিক মাৰ্গ' বুলি কোৱা হয়। এই অষ্টাঙ্গিক মাৰ্গৰ মাজেদি বৌদ্ধ দৰ্শনৰ নীতিতত্ত্ব প্ৰকাশিত হৈছে। অৰ্থাৎ, বৌদ্ধ নৈতিক দৰ্শনৰ ভিত্তি হ'ল এই অষ্টাঙ্গিক মাৰ্গ। বৌদ্ধ দৰ্শনৰ এই অষ্টাঙ্গিক মাৰ্গ সকলো শ্ৰেঁণীৰ মানুহৰ কাৰণে উন্মুক্ত আৰু উপযোগী। 


৮) বৌদ্ধ দৰ্শনত উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ নিৰ্বাণ আলোচনা কৰা।

উত্তৰঃ- উপাধিশেষ নিৰ্বাণত কামনা-বাসনাৰ সম্পূৰ্ণ বিলুপ্তি ঘটে। কিন্তু দেহ আৰু মন নামৰ উপাধি অৱশিষ্ট থাকে। ইয়াত পঞ্চস্কন্ধৰূপ উপাধি মাত্ৰ অৱশিষ্ট থাকে যদিও সমস্ত লোভ-লালসা আৰু কামনা-বাসনাৰ বিনাশ ঘটে। অৰ্হতৰ নিৰ্বাণ উপাধিশেষ নিৰ্বাণ। উপাধিশেষ নিৰ্বাণ লাভ কৰাৰ পিছতো নিৰ্বাণপ্ৰাপ্তী ব্য়ক্তি  নিষ্কাম কৰ্ম সমাধান কৰিব পাৰে। সাধনাৰ দ্বাৰা সিদ্ধি লাভৰ পিছত বুদ্ধই যিমান দিন জীয়াই আছিল সিমান দিন এই নিৰ্বাণলব্ধ জীৱন-যাপন কৰি কৰ্মত লিপ্ত আছিল। উপাধিশেষ নিৰ্বাণক নিৰ্বাণ বুলিও কোৱা হয়। 

            যি নিৰ্বাণ অৱস্থাত উপাধি অৱশিষ্ট নাথাকে আৰু জীৱ দেহৰ সংস্পৰ্শৰ পৰাও মুক্ত হয়, তাক অনুপাধিশেষ নিৰ্বাণ বোলা হয়। অৰ্থাৎ, সকলো প্ৰকাৰৰ বৃত্তি আৰু জড়বন্ধনৰ পৰা মুক্ত অৱস্থা হ'ল অনুপাধিশেষ নিৰ্বাণ। মৃত্য়ুৰ পিছত বুদ্ধদেৱে এই প্ৰকাৰৰ নিৰ্বাণ লাভ কৰিছিল। অনুপাধিশেষ নিৰ্বাণক পৰিনিৰ্বাণ বুলিও কোৱা হয়। 


৯) বৌদ্ধ দৰ্শনৰ ক্ষণিকবাদ মতবাদটো লিখা।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ এটা অন্য়তম গুৰুত্বপূৰ্ণ দাৰ্শনিক সিদ্ধান্ত হ'ল ক্ষণিকবাদ। বুদ্ধৰ মতে, 'সৰ্বম্ অনিত্য়ম' অৰ্থাৎ সকলোৱে অনিত্য়। সমস্ত জগত পৰিৱৰ্তনশীল, একোৱে স্থায়ী নহয়। সমস্ত বস্তুৰ যেনেদৰে উৎপত্তি আছে, একেদৰে তাৰ ক্ষয় বা ধ্বংসও আছে। পৰিৱৰ্তনশীলতা বিশ্বজগতৰ এক চিৰন্তন বৈশিষ্ট্য়। জড় বা চেতন সমস্ত বস্তুৱেই অনিত্য়। দেহৰ যেনেদৰে পৰিৱৰ্তন হয়, তেনেদৰে মনৰ ভাবসমূহৰো নিৰন্তন পৰিৱৰ্তন ঘটিছে। জগতখন হৈছে এটা অবিৰাম পৰিৱৰ্তনৰ প্ৰবাহ। জগতৰ সকলো বস্তুৱে প্ৰতিটো মূহুৰ্ততে পৰিৱৰ্তিত হৈছে আৰু তৎমূহুৰ্ততে নতুন কিবা সৃষ্টি হৈছে। পৰিৱৰ্তনশীল জগতৰ এই ধাৰণাই বৌদ্ধ দৰ্শনত অনিত্য়বাদ বা ক্ষণিকবাদ নামে পৰিচিত। 

              সৌত্ৰান্তিক বৌদ্ধ দাৰ্শনিকসকল এই ক্ষণিকবাদৰ প্ৰতিষ্ঠাতা। ক্ষণিকবাদ অনুসাৰে 'সৰ্বং ক্ষণিকং সত্ত্বাৎ' 一 অৰ্থাৎ, সত্তা মাত্ৰই ক্ষণিক। 

           ক্ষণিকবাদৰ সমৰ্থনত বৌদ্ধ দাৰ্শনিকসকলে এটা মহত্বপূৰ্ণ যুক্তিৰ উপস্থাপন কৰিছে। এই যুক্তিটোক 'অৰ্থক্ৰিয়াকাৰিত্ব লক্ষণং সৎ' নামেৰে জনা যায়। ইয়াৰ অৰ্থ হ'ল 'সত্তাৰ লক্ষণ হ'ল কাৰ্য উৎপাদন কৰাৰ শক্তি'। 


১০) বৌদ্ধ দৰ্শনৰ অষ্টাঙ্গিক মাৰ্গকেইটা কি কি?

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ অষ্টাঙ্গিক মাৰ্গকেইটা হ'ল 一

(ক) সম্য়ক দৃষ্টি,

(খ) সম্য়ক সংকল্প,

(গ) সম্য়ক বাক,

(ঘ) সম্য়ক আচৰণ বা সম্য়ক কৰ্মান্ত,

(ঙ) সম্য়ক আজীৱ,

(চ) সম্য়ক ব্য়ায়াম,

(ছ) সম্য়ক স্মৃতি আৰু 

(জ) সম্য়ক সমাধি।


১১) নিৰ্বান কাক বোলে? বৌদ্ধ দৰ্শনত নিৰ্বান বুলিলে সত্তাৰ সম্পূৰ্ণ বিলুপ্তি বুজায় নে?

উত্তৰঃ- দুখ নিবৃত্তিক বৌদ্ধ দৰ্শনত 'নিৰ্বাণ' বুলি কোৱা হয়। অৰ্থাৎ, বুদ্ধৰ মতে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাই হৈছে নিৰ্বাণ। 


●চমুটোকা লিখাঃ

১) অষ্টাঙ্গিক মাৰ্গ।

উত্তৰঃ- বৌদ্ধ দৰ্শনত আঠটা মাৰ্গৰ বিষয়ে উল্লেখ আছে। এই আঠটা মাৰ্গক অষ্টাঙ্গিক মাৰ্গ বুলিও কোৱা হয়। এই অষ্টাঙ্গিক মাৰ্গৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(ক) সম্য়ক দৃষ্টিঃ- সম্য়ক দৃষ্টি বুলিলে যথাৰ্থ জ্ঞানকে বুজোৱা হয়। অবিদ্য়া হ'ল সমস্ত দুখৰ কাৰণ। জীৱ আৰু জগত সম্পৰ্কীয় মিথ্য়া দৃষ্টি বা মিথ্য়াজ্ঞানকে অবিদ্য়া বোলে। মিথ্য়াজ্ঞানক দূৰ কৰিবলৈ হ'লে সম্য়ক জ্ঞানৰ প্ৰয়োজন। চাৰিটা আৰ্য সত্য় সম্পৰ্কে যথাৰ্থ জ্ঞানেই হৈছে সম্য়ক জ্ঞান। অৰ্থাৎ, চাৰিটা আৰ্য সত্য় চতুষ্টয়ৰ যথাৰ্থ জ্ঞানকে সম্য়ক দৃষ্টি বোলা হয়। 

(খ) সম্য়ক সংকল্পঃ- 'সম্য়ক সংকল্প' ৰ অৰ্থ হ'ল মানসিক দৃঢ়তা। চাৰিটা আৰ্যসত্য় সম্পৰ্কে কেৱল যথাৰ্থ জ্ঞান লাভ কৰিলেই নহ'ব, সেই জ্ঞান অনুসাৰে জীৱন-যাপন আৰু চৰিত্ৰ গঠনৰ সংকল্প গ্ৰহণ কৰিব লাগিব। এই মানসিক দৃঢ়তা বা সম্য়ক সংকল্প বিহীন সম্য়ক দৃষ্টি অৰ্থহীন। কেৱল সম্য়ক দৃষ্টি থাকিলেই নহ'ব, হিংসা, দ্বেষ, ক্ৰোধ, ভোগ-বাসনা, সাংসাৰিক আসক্তি প্ৰভৃতি বৰ্জন কৰি সৰ্বজীৱত প্ৰেম আৰু কৰুণা বিতৰণ কৰাৰ দৃঢ় সংকল্প থাকিব লাগিব। 

(গ) সম্য়ক বাকঃ- 'সম্য়ক বাক্' ৰ অৰ্থ হ'ল যথাৰ্থ কথন বা সত্য়ভাষণ। সম্য়ক সংকল্প গ্ৰহণ কৰিবলৈ সম্য়ক বাক বা বাকসংযমৰ প্ৰয়োজন। মিথ্য়া ভাষণ, অপ্ৰিয় ভাষণ, কটুবাক্য়, পৰনিন্দা, অৰ্থহীন বাক্য়ালাপ আদি পৰিত্য়াগ কৰি সত্য় ভাষণ, প্ৰিয় কথন, শিষ্ট আলোটনা, মধুৰ বাক্য়-বিনিময় আদি সম্য়ক বাকৰ অন্তৰ্গত।

(ঘ) সম্য়ক আচৰণ বা সম্য়ক কৰ্মান্তঃ- যথাৰ্থ আচৰণ বা সদাচাৰেই সম্য়ক কৰ্মান্ত। বুদ্ধদেৱৰ মতে, কেৱল সম্য়ক বাকেই যথেষ্ট নহয়, নিৰ্বাণ প্ৰাৰ্থী ব্য়ক্তিৰ বাবে ন্য়ায়সংগত আচৰণৰো প্ৰয়োজন। সংযত বাক্য়ৰ লগত কিছুমান সদাচাৰণ অনুশীলনৰো প্ৰয়োজন। পঞ্চশীল আৰু দান সম্য়ক কৰ্মান্তৰ অন্তৰ্গত। অহিংসা, সত্য়,অস্তেয়, ব্ৰহ্মচৰ্য ভোগ নকৰা আৰু অপৰিগ্ৰহ 一 এই সম্য়ক কৰ্মান্তৰ অন্তৰ্গত। আনহাতে, দৰিদ্ৰ লোকৰ কাৰণে আত্মত্য়াগ কৰাকে দান বোলে। মুক্তিকামী মানুহৰ উচিত এই পঞ্চশীল আৰু দান সতত অনুশীলন কৰা।

(ঙ) সম্য়ক আজীৱঃ- সৎ উপায়েৰে জীৱন নিৰ্বাহ কৰাই সম্য়ক আজীৱ। জীৱন ধাৰণৰ কাৰণে অসৎ পথ অৱলম্বন কৰা উচিত নহয়। যি জীৱিকা অপৰৰ পক্ষে হানিকাৰক তাক ত্য়াগ কৰাই উচিত। প্ৰৱঞ্চনা, কপটতা, চুৰি, জকাইতি, মাদকদ্ৰব্য় বিক্ৰয়, অস্ত্ৰাদি বিক্ৰয়, খাদ্য়ৰূপে পশু বিক্ৰয় প্ৰভৃতি বৰ্জন কৰিব লাগিব। 

(চ) সম্য়ক ব্য়ায়ামঃ- 'সম্য়ক ব্য়ায়াম'ৰ অৰ্থ যথাৰ্থ অনুশীলন প্ৰচেষ্টা বা অধ্য়ৱসায়। এই ব্য়ায়াম মানসিক ব্য়ায়াম। কু-চিন্তা বা কু-ভাৱ বৰ্জন কৰি সৎচিন্তা বা সৎ মনোভাৱৰ যি নৈতিক প্ৰচেষ্টা বা অনুশীলন তাকেই সম্য়ক ব্য়ায়াম বোলা হয়। এই মানসিক ব্য়ায়াম মূলতঃ চাৰি প্ৰকাৰৰ ㅡ (ক) কু-চিন্তাৰ বিনাশ কৰা, (খ) কু-চিন্তাৰ উৎপত্তি দূৰ কৰা, (গ) সু-চিন্তাৰ সংৰক্ষণ কৰা সংবৰ্ধন কৰা আৰু (ঘ) সু-চিন্তা উৎপাদনৰ কাৰণে সচেষ্ট হোৱা। 

(ছ) সম্য়ক স্মৃতিঃ- 'সম্য়ক স্মৃতি' শব্দৰ অৰ্থ হ'ল যথাৰ্থ স্মৰণ। জগত, জীৱন, দেহ, মন, আত্মাৰ অনিত্য়তা আদি প্ৰতিনিয়ত স্মৰণেই সম্য়ক স্মৃতি। চাৰি আৰ্য সত্য় সদায় মনত ৰখাৰ উপৰি দেহ, মন আৰু জগতৰ সকলো বস্তু যে ক্ষণস্থায়ী সেই কথা স্মৰণ কৰাই হ'ল সম্য়ক স্মৃতি। বুদ্ধদেৱৰ মতে, স্মৃতিৰ বিষয়বোৰ হ'ল 一 আৰ্যসত্য়চতুষ্টয়, শাৰীৰিক আৰু মানসিক বিষয়সমূহ, পঞ্চস্কন্ধ, পঞ্চনীবৰণ, ষড়ায়তন আৰু ছয় অঙ্গবিশিষ্ট বোধি। 

(জ) সম্য়ক সমাধিঃ- অষ্টাংগিক মাৰ্গৰ অন্তিমটো মাৰ্গ হ'ল সম্য়ক সমাধি। 'সম্য়ক সমাধি'ৰ অৰ্থ হ'ল যথাৰ্থ ধ্য়ান। সমাধিৰ স্তৰত মনটো শান্ত আৰু স্থিৰ হৈ পৰে। ব্য়ক্তি অসৎ কৰ্ম, অসৎ চিন্তা আৰু অসৎ কামনাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হৈ সমাধিৰ স্তৰত প্ৰৱেশ কৰে।        


২) নিৰ্বাণৰ ধাৰণা।    

উত্তৰঃ- বৌদ্ধ দৰ্শনত দুখৰ পৰা চিৰমুক্তিক অৰ্থাৎ, দুখ নিবৃত্তিক নিৰ্বাণ বোলা হয়। বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য় হ'ল 'দুঃখ নিৰোধ' অৰ্থাৎ দুখৰ অৱসান। এই দুখ নিৰোধ অৱস্থাকে বৌদ্ধ দাৰ্শনিকসকলে নিৰ্বাণ বুলি কৈছে। 'নিৰ্বাণ' শব্দটোক পালী ভাষাত 'নিব্বান' বুলিও কোৱা হয়। 'নিৰ্বাণ' শব্দৰ আক্ষৰিক অৰ্থ হ'ল 'নুমাই যোৱা' বা 'নিৰ্বাপিত হোৱা'। ভাৰতীয় দৰ্শনত যাক মোক্ষ বুলি কোৱা হয় বৌদ্ধ দৰ্শনত তাকে নিৰ্বাণ বুলি অভিহিত কৰা হৈছে। গতিকে, নিৰ্বাণ মানে মুক্তি বা মোক্ষ। জৰা-মৰণাদি কৰ্মবন্ধনজনিত দুখ-কষ্টৰ পৰা চিৰমুক্তি।

              বৌদ্ধ দৰ্শনত দুবিধ নিৰ্বাণৰ কথা উল্লেখ কৰা হৈছে। সেয়া হৈছে 一 উপধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ বা নিৰূপাধিশেষ নিৰ্বাণ। উপাধিশেষ নিৰ্বাণত কামনা-বাসনাৰ সম্পূৰ্ণ বিলুপ্তি ঘটে। কিন্তু দেহ আৰু মন নামৰ উপাধি অৱশিষ্ট থাকে। ইয়াত পঞ্চস্কন্ধৰূপ উপাধি মাত্ৰ অৱশিষ্ট থাকে যদিও সমস্ত লোভ-লালসা আৰু কামনা-বাসনাৰ বিনাশ ঘটে। অৰ্হতৰ নিৰ্বাণ উপাধিশেষ নিৰ্বাণ। উপাধিশেষ নিৰ্বাণ লাভ কৰাৰ পিছতো নিৰ্বাণপ্ৰাপ্তী ব্য়ক্তি  নিষ্কাম কৰ্ম সমাধান কৰিব পাৰে। সাধনাৰ দ্বাৰা সিদ্ধি লাভৰ পিছত বুদ্ধই যিমান দিন জীয়াই আছিল সিমান দিন এই নিৰ্বাণলব্ধ জীৱন-যাপন কৰি কৰ্মত লিপ্ত আছিল। উপাধিশেষ নিৰ্বাণক নিৰ্বাণ বুলিও কোৱা হয়। যি নিৰ্বাণ অৱস্থাত উপাধি অৱশিষ্ট নাথাকে আৰু জীৱ দেহৰ সংস্পৰ্শৰ পৰাও মুক্ত হয়, তাক অনুপাধিশেষ নিৰ্বাণ বোলা হয়। অৰ্থাৎ, সকলো প্ৰকাৰৰ বৃত্তি আৰু জড়বন্ধনৰ পৰা মুক্ত অৱস্থা হ'ল অনুপাধিশেষ নিৰ্বাণ। মৃত্য়ুৰ পিছত বুদ্ধদেৱে এই প্ৰকাৰৰ নিৰ্বাণ লাভ কৰিছিল। অনুপাধিশেষ নিৰ্বাণক পৰিনিৰ্বাণ বুলিও কোৱা হয়। 


৩) নৈৰাত্ম্য়বাদ বা অনাত্মবাদ।

উত্তৰঃ- বৌদ্ধ নৈৰাত্ম্য়বাদ বা অনাত্মবাদ ক্ষণিকবাদ আৰু প্ৰতীত্য়সমুৎপাদ এই দুটা দাৰ্শনিক মতবাদৰ ওপৰত প্ৰতিষ্ঠিত। নৈৰাত্ম্য়বাদ হ'ল স্থায়ী চেতনসত্তা বিৰোধী এক দাৰ্শনিক মতবাদ। নৈৰাত্ম্য়বাদ বুলিলে কেৱল অজড় দ্ৰব্য় বা চেতন দ্ৰব্য়ই নহয়, জড় আৰু চেতন সকলো স্থায়ী দ্ৰব্য়ৰ সত্তাৰ অস্বীকৃতি বুজায়। এই মতবাদ অনুসাৰে স্থায়ী আত্মা বুলি একো নাই, এই জগতৰ জড়-অজড় সকলো সত্তাই ক্ষণিক আৰু অনিত্য়। 

              বৌদ্ধ দৰ্শনৰ আত্মাতত্ত্বৰ দুটা দিশ লক্ষ্য় কৰা যায়। সেয়া হ'ল - নঞৰ্থক আৰু সদৰ্থক। নৈৰাত্ম্য়বাদ আৰু সংঘাতবাদ যথাক্ৰমে বৌদ্ধৰ আত্মাতত্ত্বৰ নঞৰ্থক আৰু সদৰ্থক দিশ। নৈৰাত্ম্য়বাদ অনুসৰি আত্মাৰ কোনো চিৰন্তন সত্তা নাই; আত্মা হ'ল বিভিন্ন মানসিক প্ৰক্ৰিয়াসমূহৰ অবিৰাম প্ৰবাহ বা ধাৰা। আনহাতে, সংঘাতবাদৰ মূল কথা হ'ল, মানসিক আৰু বাহ্য়িক সত্তা হৈছে সংঘাত বা অৱস্থাৰ সমষ্টি। বৌদ্ধ দৰ্শনত আত্মাৰ ধাৰণাৰ উৎপত্তিৰ ব্য়াখ্য়া সংঘাতবাদৰ আধাৰতে দিয়া হৈছে। বুদ্ধদেৱৰ মতে, ক্ষণিক দৈহিক আৰু মানসিক অৱস্থাসমূহৰ সংঘাত বা সমষ্টিয়েই হ'ল আত্মা। বৌদ্ধ দৰ্শনত ক্ষণিক দৈহিক অৱস্থাসমূহৰ সমষ্টিক 'ৰূপ' আৰু ক্ষণিক মানসিক অৱস্থাসমূহৰ সমষ্টিক 'নাম' বোলা হয়। অৰ্থাৎ, আত্মা হ'ল 'নামৰূপ' 一 নাম আৰু ৰূপৰ সমষ্টি।        


৪) দ্বিতীয় আৰ্যসত্য়।

উত্তৰঃ- বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্য় হ'ল 'দুঃখ সমুদয়' অৰ্থাৎ, দুখৰ কাৰণ আছে। বৌদ্ধ দৰ্শনৰ এই আৰ্যসত্য়টো কাৰ্য-কাৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত যাক বৌদ্ধ দৰ্শনত 'প্ৰতীত্য়সমূৎপাদ নীতি' বোলা হয়। বুদ্ধৰ মতে, বস্তুমাত্ৰাই পৰনিৰ্ভৰ। দুখৰ কাৰণো উৎপন্ন বস্তুৰ বাবে। এইদৰে দুখৰ সন্নিকটস্থ আৰু ক্ৰমশঃ দুৰৱৰ্তী কাৰণসমূহ একত্ৰে এক চক্ৰাকাৰ কাৰণ শৃংখলৰ সৃষ্টি কৰে। এই কাৰণ-শৃংখলক 'ভৱচক্ৰ', 'সংসাৰ-চক্ৰ', 'জন্মমৰণ-চক্ৰ', 'ধৰ্ম-চক্ৰ', 'প্ৰতীত্য়সমূৎপাদ-চক্ৰ' আদি বিভিন্ন নামেৰে অভিহিত কৰা হয়। এই কাৰণ শৃংখলত বাৰটা পৰস্পৰ সাপেক্ষে কাৰণৰে গঠিত বাবে ইয়াক 'দ্বাদশ নিদান' বুলিও কোৱা হয়। বুদ্ধ প্ৰদত্ত দ্বাদশ নিদানক তলত দিয়া ধৰণে সংক্ষিপ্তভাৱে ব্য়াখ্য়া কৰিব পাৰি 一

(i) জৰা-মৰণঃ- মানৱ জীৱনত দুখ বা জৰা-মৰণ আছে। জীৱন মাত্ৰই দুখময়। অৰ্থাৎ, জৰা-মৰণৰে আৱদ্ধ। মানুহে জীৱনত দুখ ভোগ কৰাৰ কাৰণ হ'ল জৰা-মৰণ। জীৱ হৈ জন্মগ্ৰহণ কৰে বাবেই জৰা-মৰণত আক্ৰান্ত হয় আৰু অশেষ দুখ ভোগ কৰে।

(ii) জাতিঃ- জৰা-মৰণৰ কাৰণ হ'ল জাতি বা জন্ম। মানুহে এই জগতত জন্ম গ্ৰহণ কৰে বাবেই জৰা-মৰণাদি দুখ ভোগ কৰে। জন্মই হ'ল জৰা-মৰণৰূপ দুখৰ কাৰণ। 

(iii) ভবঃ- 'ভব' শব্দৰ অৰ্থ হ'ল 'ব্য়াকুল হোৱা'। অৰ্থাৎ, ভবৰ কথাৰ অৰ্থ হ'ল পুনৰায় জন্মগ্ৰহণ কৰাৰ কাৰণে দেখুওৱা ব্য়াকুলতা। গতিকে, জন্ম বা জাতিৰ কাৰণ হ'ল ভব বা জন্মগ্ৰহণৰ বাসনা। মানুহে পুনৰায় জন্মগ্ৰহণ কৰাৰ উদ্দেশ্য়ে ব্য়াকুল হয় বাবে বাৰে বাৰে জন্মগ্ৰহণ কৰে।

(iv) উপাদানঃ- উপাদান হ'ল জাগতিক বিষয়ৰ প্ৰতি আসক্তি। জাগতিক বিষয়ৰ প্ৰতি আসক্তি থকাৰ কাৰণে পুনঃপুনঃ জন্মগ্ৰহণ কৰাৰ বাসনাৰ উদ্ভৱ হয়। 

(v) তৃষ্ণাঃ- উপাদানৰ কাৰণ হ'ল তৃষ্ণা বা ভৌগস্পৃশা। ভোগস্পৃশাৰ কাৰণে বিষয়ৰ প্ৰতি আসক্তি জন্মে। 

(vi) বেদনাঃ- তৃষ্ণাৰ কাৰণ হ'ল বেদনা বা অতীত ইন্দ্ৰিয় সুখৰ অভিজ্ঞতা। সুখ বিজৰিত ইন্দ্ৰিয় অভিজ্ঞতাই তৃষ্ণা অৰ্থাৎ, ভোগস্পৃশাৰ কাৰণ। 

(vii) স্পৰ্শঃ- স্পৰ্শ বেদনাৰ কাৰণ। বস্তুৰ লগত ইন্দ্ৰিয়ৰ সংযোগ বা স্পৰ্শ নঘটিলে ইন্দ্ৰিয় সুখ বা বেদনাৰ উদ্ভৱ নহয়। 

(viii) ষড়ায়তনঃ- স্পৰ্শৰ কাৰণ ষড়ায়তন। ষড়ায়তন হ'ল ছয়টা ইন্দ্ৰিয় ㅡ পাঁচটা জ্ঞানেন্দ্ৰিয় (চকু, কাণ, নাক, জিভা আৰু ছাল) আৰু মন। এই ছয়টা ইন্দ্ৰিয়ৰ কাৰণে বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সংযোগ ঘটে অৰ্থাৎ স্পৰ্শ হয়। 

(ix) নাম-ৰূপঃ- ষড়ায়তনৰ কাৰণ হ'ল নাম-ৰূপ বা দেহ-মনৰ সংগঠন। দেহ-মনৰ জটিল সংগঠন থকাৰ কাৰণে ষড়ায়তনৰ বা ছয়টা ইন্দ্ৰিয়ৰ উদ্ভৱ হয়। 

(x) বিজ্ঞানঃ- নাম-ৰূপৰ কাৰণ হ'ল বিজ্ঞান বা চৈতন্য়। ভূমিষ্ঠ হোৱাৰ পূৰ্বে যি প্ৰাথমিক চেতনা মাতৃগৰ্ভত ভ্ৰুণ আকাৰত ধাৰণ কৰে, সিয়ে বিজ্ঞান। বিজ্ঞান নাথাকিলে দেহ বা মনৰ সৃষ্টি আৰু পুষ্টি নহয়। গতিকে বিজ্ঞান নাম-ৰূপৰ কাৰণ। 

(xi) সংস্কাৰঃ- পূৰ্ব জন্মৰ সংস্কাৰৰ পৰাই বিজ্ঞান উদ্ভূত  হয়; গতিকে সংস্কাৰ হ'ল বিজ্ঞানৰ কাৰণ। পূৰ্ব বা অতীত জীৱনত যিবিলাক কৰ্ম সম্পাদিত হয়, সেইবিলাক কৰ্ম এক প্ৰকাৰৰ শক্তি  উৎপন্ন কৰে, যাক সংস্কাৰ বুলি কোৱা হয়। মাতৃগৰ্ভত ভ্ৰুণৰ মাধ্য়মত এই সংস্কাৰে চেতনাৰ সৃষ্টি কৰে। 

(xii) অবিদ্য়াঃ- সংস্কাৰৰ কাৰণ হ'ল অবিদ্য়া। অবিদ্য়াৰ অৰ্থ সম্য়ক জ্ঞানৰ অভাব। বৌদ্ধ দৰ্শনত অবিদ্য়া বুলিলে চাৰিটা আৰ্যসত্য়ৰ জ্ঞানৰ অভাবক বুজোৱা হৈছে। অবিদ্য়াবশতঃ মানুহে অনিত্য় বস্তুক নিত্য় বুলি ভাবে, মিথ্য়াক সত্য় বুলি ভাবে, অস্থায়ী সুখক স্থায়ী বুলি মন কৰে। অবিদ্য়াৰ পৰাই ক্ৰমান্বয়ে দুখৰ অন্য়ান্য় কাৰণবোৰ উদ্ভৱ হয় বাবে অবিদ্য়াক সৰ্বপ্ৰকাৰৰ দুখৰ মূল কাৰণ বুলি গণ্য় কৰা হয়। 

**********


দ্বিতীয় খণ্ড


●চমু প্ৰশ্ন

১) জৈন দৰ্শন ভাৰতীয় দৰ্শনৰ এটি বৈদিক/অবৈদিক সম্প্ৰদায়।

উত্তৰঃ- জৈন দৰ্শন ভাৰতীয় দৰ্শনৰ এটি অবৈদিক সম্প্ৰদায়।

২) 'জৈন' শব্দটোৰ অৰ্থ কি?

উত্তৰঃ- 'জৈন' শব্দৰ অৰ্থ হ'ল 'বিজয় প্ৰাপ্তি কৰা'।

৩) জৈন দৰ্শনৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ- জৈন দৰ্শনৰ প্ৰৱৰ্তক হ'ল মহাবীৰ।

৪) মহাবীৰৰ আন এটা নাম কি?

উত্তৰঃ- মহাবীৰৰ আন এটা নাম হ'ল বৰ্ধমান।

৫) জৈন দৰ্শনৰ শাখা দুটা কি কি?

উত্তৰঃ- জৈন দৰ্শনৰ শাখা দুটা হ'ল দিগম্বৰ আৰু শ্বেতাম্বৰ।

৬) জৈন দৰ্শনৰ প্ৰথম তীৰ্থঙ্কৰজন কোন?

উত্তৰঃ- জৈন দৰ্শনৰ প্ৰথম তীৰ্থঙ্কৰজনৰ নাম হ'ল ঋষভদেৱ।

৭) জৈন দৰ্শনৰ তীৰ্থঙ্কৰজন কোন?

উত্তৰঃ- জৈন দৰ্শনৰ তীৰ্থঙ্কৰজনৰ নাম হ'ল বৰ্ধমান বা মহাবীৰ।

৮) জৈন দৰ্শনে ভগৱান বা ঈশ্বৰ বিশ্বাস কৰেনে?

উত্তৰঃ- জৈন দৰ্শনে ভগৱান বা ঈশ্বৰ বিশ্বাস নকৰে।

৯) জৈন দৰ্শনত অনেকান্তবাদৰ অৰ্থ কি?

উত্তৰঃ- জৈন দৰ্শনত অনেকান্তবাদৰ অৰ্থ হ'ল জগতত অনেক বস্তু আছে আৰু প্ৰত্য়েক বস্তুতে অনেক ধৰ্ম বা গুণ আছে।

১০) জৈন আধ্য়াত্মতত্ত্ব প্ৰকৃতিগতভাৱে _________ ।

উত্তৰঃ-  

১১) নয় কাক বোলে?

উত্তৰঃ- নয় হ'ল কোনো এটি বিশেষ দৃষ্টিকোণৰ পৰা বস্তুৰ কোনো এটা বিশেষ ধৰ্মৰ জ্ঞান।  

১২) জৈন দৰ্শন অনুসৰি মুক্তিপ্ৰাপ্ত লোকসকলক _________ বোলা হয়। 

উত্তৰঃ- অৰ্হৎ।

১৩) জৈন মতবাদত কেইটা নয় আছে?

উত্তৰঃ- জৈন মতবাদত সাতটা নয় আছে।

১৪) 'তীৰ্থঙ্কৰ' মানে কি?

উত্তৰঃ- 'তীৰ্থঙ্কৰ' শব্দৰ আক্ষৰিক অৰ্থ হল 'তীৰ্থৰ প্ৰতিষ্ঠাতা'। কামনা-বাসনাক জয় কৰি যিসকলে মানুহক সংসাৰৰ মায়া-মোহৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে তেওঁলোকেই তীৰ্থঙ্কৰ।

১৫) 'সপ্তভংগী নয়' বুলিলে কি বুজায়?

উত্তৰঃ- সাত প্ৰকাৰৰ অৱধাৰণ বা নয়কে জৈন দৰ্শনত সপ্তভংগী নয় বোলা হয়। জৈন সপ্তভংগী নয়ৰ মূল ভিত্তি হ'ল তেওঁলোকৰ স্য়াদবাদ।

১৬) 'স্য়াৎ' শব্দৰ অৰ্থ কি?

উত্তৰঃ- 'স্য়াৎ' শব্দটোৰ অৰ্থ হ'ল 'হয়তো' বা 'সম্ভৱতঃ' বা 'কোনো প্ৰকাৰে' ইত্য়াদি। 

১৭) জৈন দৰ্শনত অনেকান্তবাদ কাক কয়?

উত্তৰঃ- জৈন দৰ্শনত অনেকান্তবাদৰ অৰ্থ হ'ল জগতত অনেক বস্তু আছে আৰু প্ৰত্য়েক বস্তুতে অনেক ধৰ্ম বা গুণ আছে।

১৮) 'কেৱলজ্ঞান' বুলিলে কি বুজা?

উত্তৰঃ- 'কেৱলজ্ঞান' মানে হ'ল সম্যক জ্ঞান বা যথার্থ জ্ঞান।

১৯) জৈন দৰ্শনৰ আধ্য়াত্মতত্ত্বক _________ বোলা হয়।

উত্তৰঃ

২০) জৈন দৰ্শন আস্তিক/নাস্তিক।

উত্তৰঃ- নাস্তিক।

২১) স্য়াদবাদ কাক বোলে?       

উত্তৰঃ- জৈন দৰ্শনৰ যৌক্তিক মতবাদক স্য়াদবাদ বোলা হয়।

২২) 'অনন্ত ধৰ্মং বস্ত্ৰ।' কোন দাৰ্শনিক সম্প্ৰদায়ে এই উক্তিটো সমৰ্থন কৰে?

উত্তৰঃ-   

২৩) ত্ৰিৰত্ন কাক বোলে?

উত্তৰঃ- জৈন দৰ্শনত মোক্ষ লাভৰ তিনিটা মাৰ্গ ক্ৰমে সম্যক দৰ্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰক একেলগে ত্ৰিৰত্ন বোলা হয়।      

২৪) মোক্ষ লাভৰ প্ৰক্ৰিয়া দুটা কি কি?

উত্তৰঃ- মোক্ষ লাভৰ প্ৰক্ৰিয়া দুটা হ'ল সম্বৰ আৰু নিৰ্জৰা।             

২৫) জৈন পঞ্চব্ৰত্য় কেইটা কি কি?

উত্তৰঃ- জৈন পঞ্চব্ৰত কেইটা হ'ল - অহিংসা, সত্য বা সুনৃত, অস্তেয়, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ।               


●ৰচনাধৰ্মী প্ৰশ্নঃ

১) জৈন দৰ্শনৰ অনেকান্তবাদ মতবাদটো আলোচনা কৰা?

উত্তৰঃ- জৈন অধিবিদ্য়াৰ এটা অন্য়তম মতবাদ হ'ল অনেকান্তবাদ। 'অনেকান্ত' শব্দটো 'একান্ত' শব্দৰ বিপৰীত। গতিকে যি একান্ত নহয় সি অনেকান্ত। 'একান্ত' শব্দৰ অৰ্থ হৈছে যি 'একপক্ষ' আৰু 'অনেকান্ত' শব্দৰ অৰ্থ হ'ল 'বহুবিকল্প'। স্পষ্ট ভাষাত, 'অনেকান্ত' শব্দটো দুটা শব্দৰ সংযোগত নিস্পন্ন হৈছে ー অনেক + অন্ত = অনেকান্ত। 'অনেক' মানে বহুত; আনহাতে 'অন্ত' শব্দটো দুটা ভিন্ন অৰ্থত ব্য়ৱহাৰ কৰা হয়। 'অন্ত' শব্দৰ এটা অৰ্থ 'বস্তু' আৰু আনটো অৰ্থ 'ধৰ্ম' বা 'গুণ'। গতিকে 'অনেকান্ত' শব্দৰ অৰ্থ হ'ল - জগতত অনেক বস্তু আছে আৰু প্ৰত্য়েক বস্তুতে অনেক ধৰ্ম বা গুণ আছে। অনেকান্তবাদৰ দ্বাৰা জৈনসকলে ইয়াকে বুজাব বিচাৰে যে, জ্ঞাত বস্তু মাত্ৰই অনন্ত ধৰ্মবিশিষ্ট আৰু বস্তুৰ স্বৰূপ বুজিবলৈ তাৰ ধৰ্ম বা বৈশিষ্টৰ মাজেৰে বুজিব লাগিব। 

              জৈনসকলৰ মতে, জগতত অসংখ্য় বস্তু আছে আৰু এই বস্তুবোৰৰ অসংখ্য় গুণ বা ধৰ্ম আছে। বস্তুৰ ধৰ্মক দুই ভাগত ভাগ কৰা যায় — ভাবাত্মক বা সদৰ্থক আৰু অভাবাত্মক বা নঞৰ্থক। বস্তুৰ স্বৰূপ জানিবলৈ হ'লে তাৰ সদৰ্থক আৰু নঞৰ্থক উভয় ধৰ্মকে জানিব লাগিব। যিবিলাক ধৰ্মৰ দ্বাৰা বস্তুটো গঠিত অৰ্থাৎ, যিবিলাক ধৰ্ম বস্তুটোত উপস্থিত থাকে, তাক সদৰ্থক বা ভাবাত্মক ধৰ্ম বোলে। যেনে - এটা ঘটৰ ভাবাত্মক ধৰ্ম হ'ল তাৰ আকৃতি, প্ৰকৃতি, বৰ্ণ, জাতি প্ৰভৃতি। আনহাতে, যিবিলাক ধৰ্মৰ অনুপস্থিতি বা অভাবৰ কাৰণে বস্তুটো আন বস্তুৰ পৰা ভিন্ন, তাক অভাবাত্মক ধৰ্ম বোলা হয়। যেনে - ঘটটো ডাঙৰ নহয়, ঘটটো বগা নহয়, ঘটটো পট নহয় ইত্য়াদি। 


২) জৈন দৰ্শনৰ স্য়াদবাদ মতবাদটো ব্য়াখ্য়া কৰি পৰীক্ষা কৰা।

উত্তৰঃ- জৈন দৰ্শনৰ যৌক্তিক মতবাদৰ নাম হ'ল স্য়াদবাদ। প্ৰত্য়েৰ বচন বা নয় আপেক্ষিকভাৱে সত্য় - এই জ্ঞানিক আৰু যৌক্তিক মতবাদেই স্য়াদবাদ। 

              জ্ঞানৰ আংশিক সত্য়তা বা আপেক্ষিক সত্য়তাক প্ৰকাশ কৰিবলৈ জৈন দৰ্শনে সেইকাৰণে 'স্য়াদবাদ' ৰ অৱতাৰণা কৰিছে। অৰ্থাৎ, স্য়াদবাদ হ'ল জৈন দৰ্শনৰ এটা এনেকুৱা দাৰ্শনিক মতবাদ যাৰ মতে আমাৰ সমস্ত জ্ঞানেই আংশিক আৰু আপেক্ষিক যাক 'স্য়াৎ' শব্দটো যুক্ত কৰি প্ৰকাশ কৰা উচিত। যৌক্তিক দিশৰ পৰা জৈনসকলে অৱধাৰণ বা নয়ৰ আপেক্ষিকতা বুজাৱৰ উদ্দেশ্য়ে 'স্য়াৎ' শব্দটো ব্য়ৱহাৰ কৰে। ব্য়ুৎপত্তিগত দিশৰ পৰা 'স্য়াৎ' শব্দটোৰ অৰ্থ হ'ল 'হয়তো' বা 'সম্ভৱতঃ' বা 'কোনো প্ৰকাৰে' ইত্য়াদি। ব্য়াকৰণৰ দিশৰ পৰাও 'স্য়াৎ' শব্দটোৰ অৰ্থ সম্ভাৱনা নিৰ্দেশক। জৈন দৰ্শনত 'স্য়াৎ' শব্দটো প্ৰকাশিত অৱধাৰণৰ উপৰিও অন্য় এক অৱধাৰণৰ সম্ভাৱনাও নিৰ্দেশ কৰে। 

               জৈন দৰ্শনৰ স্য়াদবাদৰ বীজ লক্ষ্য় কৰা যায় তৎকালীন কিছুমান দাৰ্শনিক সিদ্ধান্ত আৰু উপনিষদীয় সিদ্ধান্তৰ মাজত। উপনিষদীয় সিদ্ধান্ত অনুসাৰে ত্ৰিকালিক অবাধিত আৰু নিত্য় বস্তুই পাৰমাৰ্থিক সৎ। আকৌ, উপনিষদৰ বিৰুদ্ধ সিদ্ধান্ত হ'ল অসত্তাই পাৰমাৰ্থিক সৎ। 


৩) জৈন দৰ্শনৰ সপ্তভংগী ধাৰণাটো বহলাই লিখা।

উত্তৰঃ- জৈন দৰ্শনৰ সপ্তভংগী ধাৰণাটো হৈছে সপ্তভংগী নয়। জৈন সপ্তভংগী নয়ৰ মূল ভিত্তি হ'ল তেওঁলোকৰ স্য়াদবাদ। স্য়াদবাদ অনুসাৰে সকলো জ্ঞান বা অৱধাৰণেই আংশিক আৰু আপেক্ষিক সত্য়। জ্ঞানৰ এই আংশিক আৰু আপেক্ষিক সত্য়তাক প্ৰকাশ কৰাৰ কাৰণে জৈনসকলে সপ্তবিধ নয় বা অৱধাৰণৰ কথা উল্লেখ কৰিছে। জৈন মতে, যিকোনো বস্তুৰ প্ৰতিটো পৰ্যায়ত সাতটা গুণ বা ধৰ্ম সম্ভৱ। জৈনসকলে সদৰ্থক আৰু নঞৰ্থক এই দুই প্ৰকাৰৰ অৱধাৰণক লৈ সাত প্ৰকাৰৰ অৱধাৰণ বা নয়ৰ কথা উল্লেখ কৰিছে। অৱশ্য়ে প্ৰতিটো অৱধাৰণ যে আংশিক সত্য় তাক বুজোৱাৰ উদ্দেশ্য়ে প্ৰত্য়েক অৱধাৰণৰ আগত 'স্য়াৎ' শব্দটো জৈনসকলে যুক্ত কৰিছে। এই সাত প্ৰকাৰৰ অৱধাৰণ বা নয়কে জৈন দৰ্শনত সপ্তভংগী নয় বোলা হয়। এই সাত প্ৰকাৰৰ অৱধাৰণৰ সাধাৰণ ৰূপ হ'ল 一

(ক) স্য়াৎ অস্তি,

(খ) স্য়াৎ নাস্তি,

(গ) স্য়াৎ অস্তি চ নাস্তি চ,

(ঘ) স্য়াৎ অব্য়ক্তব্য়ম্,

(ঙ) স্য়াৎ অস্তি চ, অব্য়ক্তব্য়ম চ,

(চ) স্য়াৎ নাস্তি চ, অব্য়ক্তব্য়ম চ, আৰু

(ছ) স্য়াৎ অস্তি চ, নাস্তি চ, অব্য়ক্তব্য়ম চ।

              সপ্তভংগী নয়ৰ এই সাতটা আকাৰক 'ঘট' নামৰ দৃষ্টান্তৰ সহায়ত সুস্পষ্ট কৰিব পৰা যায়। ধৰাহ'ল, ঘটা বস্তুটোৰ অনন্ত ধৰ্ম আছে আৰু আমি সসীম জীৱে ঘট সন্দৰ্ভত তলত দিয়া সাতটা নয় গঠন কৰিব পাৰোঁ 一

(ক) 'স্য়াত অস্তি' হ'ল এটি সদৰ্থক নয় বা অৱধাৰণৰ সাধাৰণ ৰূপ। কোনো এটা বস্তুত বিশেষে গুণ বা অস্তিত্ব আছে তাক বুজাবলৈ 'স্য়াৎ অস্তি' এনেকুৱা অৱধাৰণ ব্য়ৱহাৰ কৰা হয়। যেনে - 'ঘট আছে' অৱধাৰণত ঘটৰ অস্তিত্ব স্বীকাৰ কৰা হৈছে। কিন্তু এই স্বীকৃতি সৰ্বকালীন আৰু নিৰপেক্ষ নহয়। সৰ্বকালে আৰু সৰ্বদেশত ঘটৰ অস্তিত্ব থাকিব নোৱাৰে। সেইকাৰণে জৈনসকলে 'ঘট আছে' এইৰূপ অৱধাৰণৰ পৰিৱৰ্তে 'কোনো ক্ষেত্ৰত ঘট আছে' এনেকুৱা অৱধাৰণ গঠন কৰিছে। 

(খ) 'স্য়াৎ নাস্তি' হ'ল সকলো প্ৰকাৰৰ নঞৰ্থক অৱধাৰণৰ সাধাৰণ ৰূপ। নঞৰ্থক অৱধাৰণত কোনো এটা বস্তুৰ কোনো গুণ বা ধৰ্মৰ অনস্তিত্ব স্বীকাৰ কৰা হয়। যেনে - 'ঘটটো ৰঙা নহয়'। কিন্তু ঘটটো যে ৰঙা নহয় - এই কথা সৰ্বকালত আৰু সৰ্বদেশত সত্য় নহয়। সেইকাৰণে জৈনসকলে নঞৰ্থক অৱধাৰণ 'ঘটটো ৰঙা নহয়' অৱধাৰণটোক পৰিৱৰ্তন কৰি 'কোনো ক্ষেত্ৰত গটটো ৰঙা নহয়' এই ৰূপৰ অৱধাৰণ গঠন কৰিছে। 

(গ) 'স্য়াৎ অস্তি চ নাস্তি চ' হ'ল এটা বস্তুৰ সদৰ্থক আৰু নঞৰ্থক গুণ প্ৰকাশৰ সাধাৰণ ৰূপ। এই নয়টো প্ৰথম আৰু দ্বিতীয় নয়ৰ সমন্বয়ত গঠিত। কোনো এক দেশত, কোনো এক কালত, কোনো এক অৱস্থাত ঘটটো অস্তিত্বশীল হয় আৰু কোনো এক দেশ, কাল বা অৱস্থাত ঘটটো যদি অনস্তিত্বশীল হয় - এই উভয় প্ৰকাৰৰ সত্য়ক বুজাবলৈ জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট আছে আৰু নাই' এই অৱধাৰণাটো ব্য়ৱহাৰ কৰে। 

(ঘ) 'স্য়াৎ অব্য়ক্তব্য়ম্' হ'ল জৈনসকলৰ অনিৰ্বচনীয় অৱধাৰণৰ সাধাৰণ ৰূপ। কোনো এটা বস্তুৰ অস্তিত্বৰ বা গুণৰ স্বীকৃতি বা অস্বীকৃতিৰ দ্বাৰা বস্তুটোৰ অনন্ত গুণক ব্য়াখ্য়া কৰিব নোৱাৰি। বস্তুৰ পূৰ্ণস্বৰূপ অনিৰ্বচনীয়। গতিকে কোনো এটা বিশেষ অৱস্থাত ঘটৰ ধৰ্ম অবৰ্ণনীয়। ঘটৰ এই অবৰ্ণনীয় ৰূপক ব্য়ক্ত কৰাৰ বাবে জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট অবৰ্ণনীয়' নয় গঠন কৰে। 

(ঙ) 'স্য়াৎ অস্তি চ, অব্য়ক্তব্য়ম্ চ' হ'ল জৈনসকলৰ পঞ্চম অৱধাৰণৰ সাধাৰণ ৰূপ। প্ৰথম অৱধাৰণৰ লগত চতুৰ্থটো যুক্ত কৰি এই অৱধাৰণটো গঠন কৰা হৈছে। এই অৱধাৰণ অনুসাৰে কোনো এটা বিশেষ দেশত, বিশেষ কালত, বিশেষ আকাৰ আৰু বিশেষ অৱস্থাত ঘট আছে আৰু সৰ্বকালে, সৰ্বাৱস্থাত ঘটটো অবৰ্ণনীয়। ইয়াক প্ৰকাশ কৰিবলৈ জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট আছে আৰু ই অবৰ্ণনীয়' অৱধাৰণাটো গঠন কৰে। 

(চ) 'স্য়াৎ নাস্তি চ, অব্য়ক্তব্য়ম্ চ' হ'ল জৈনসকলৰ ষষ্ঠ অৱধাৰণৰ সাধাৰণ ৰূপ। দ্বিতীয় অৱধাৰণৰ লগত চতুৰ্থটো যুক্ত কৰি এই অৱধাৰণটো গঠন কৰা হৈছে। এই অৱধাৰণৰ কথা হ'ল, কোনো এক বিশেষ দেশত, বিশেষ কালত, বিশেষ অৱস্থাত ঘট নাছিল আৰু সৰ্বকাল, সৰ্বাৱস্থাত ঘটটো অবৰ্ণনীয়। ইয়াক প্ৰকাশ কৰিবৰ কাৰণে জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট নাই আৰু ই অবৰ্ণনীয়' অৱধাৰণটো গঠন কৰে। 

(ছ) শেষৰটো অৱধাৰণ তৃতীয় আৰু চতুৰ্থ অৱধাৰণৰ সমন্বয়ত গঠন কৰা হৈছে। এই অৱধাৰণৰ সাধাৰণ আকাৰ হ'ল 'স্য়াৎ অস্তি চ, নাস্তি চ, অব্য়ক্তব্য়ম্ চ'। এই অৱধাৰণৰ সাধাৰণ আকাৰ হ'ল - কোনো এক বিশেষ দেশ, বিশেষ কাল আৰু বিশেষ অৱস্থাত ঘট আছে আৰু ভিন্ন এক বিশেষ দেশ, কাল আৰু অৱস্থাত ঘট নাই আৰু সৰ্বদেশত, সৰ্বকালত আৰু সৰ্বাৱস্থাত ঘটটো অবৰ্ণনীয়। এই অৱধাৰণটোক প্ৰকাশ কৰিবলৈ জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট আছে, নাই আৰু অবৰ্ণনীয়' অৱধাৰণটো গঠন কৰে। 


৪) জৈন দৰ্শনৰ অধিবিদ্য়ক মতবাদটো আলোচনা কৰা।

উত্তৰঃ- প্ৰাচীন ভাৰতীয় ব্যৱস্থা জৈন দৰ্শনে বাস্তৱৰ প্ৰকৃতিৰ ওপৰত এক অনন্য গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ মূল অধিবিদ্য়ক মতবাদ কেইবাটাও মূল ধাৰণাক কেন্দ্ৰ কৰি ঘূৰি থাকে। 

(ক) দ্বৈতবাদঃ- জৈন ধৰ্মই দ্বৈততাবাদী বিশ্বব্ৰহ্মাণ্ডৰ স্থান দখল কৰে, য'ত দুটা চিৰন্তন আৰু স্বাধীন শ্ৰেণী আছে:

(খ) জীৱঃ- জীৱ, সচেতন বা জ্ঞানী সত্তা, যিবোৰক প্ৰায়ে আত্মা বুলি কোৱা হয়।

(গ) অজীৱঃ- অজীৱ বা বস্তুগত সত্তা, ভৌতিক সকলো বস্তুকে সামৰি লোৱা।

              এই পাৰ্থক্যই জৈন ধৰ্মক হিন্দু ধৰ্মৰ দৰে অন্যান্য ভাৰতীয় দৰ্শনৰ পৰা পৃথক কৰে, যিবোৰে প্ৰায়ে একক বা অদ্বিতীয় দৃষ্টিভংগীৰ প্ৰস্তাৱ দিয়ে।

(ক) অনেকান্তবাদঃ- এই কেন্দ্ৰীয় ধাৰণাটোৱে "বহুপক্ষীয়তা" লৈ অনুবাদ কৰে আৰু ইয়াত দৃষ্টিভংগীৰ বহুত্ব আৰু বাস্তৱৰ জটিলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। জৈন ধৰ্মই কোনো এটা দৃষ্টিভংগীয়ে সত্যক সম্পূৰ্ণৰূপে ধৰি ৰাখিব নোৱাৰে বুলি ধাৰণা কৰে। সম্পূৰ্ণ বুজাবুজি লাভ কৰিবলৈ একাধিক দৃষ্টিভংগী বিবেচনা কৰাৰ পোষকতা কৰে।

(খ) ছয় দ্ৰাব্যঃ- জৈনসকলে বিশ্বব্ৰহ্মাণ্ড গঠন কৰা ছটা মৌলিক পদাৰ্থ (দ্ৰব্য) চিনাক্ত কৰে-

জীৱ (আত্মা)

পুডগল (পদাৰ্থ)

ধৰ্ম (গতি)

অধৰ্ম (বিশ্ৰাম)

আকাশ (স্থান)

কলা (সময়)

              এই পদাৰ্থবোৰক চিৰন্তন আৰু সুকীয়া বুলি বৰ্ণনা কৰা হৈছে, যিবোৰে বিভিন্ন ধৰণে পাৰস্পৰিক ক্ৰিয়া কৰে।

(গ) কৰ্মঃ- কৰ্ম, জৈন ধৰ্মত কেৱল এটা ধাৰণা নহয় বৰঞ্চ কৰ্মৰ বাবে (ভাল বেয়া) আত্মাৰ লগত আঁকোৱালি লোৱা বস্তুগত পদাৰ্থ। এই কৰ্ম্ম পদাৰ্থই আত্মাৰ প্ৰকৃত স্বৰূপ অস্পষ্ট কৰি তাৰ পুনৰ্জন্মৰ চক্ৰৰ সৃষ্টি কৰে। মুক্তি (মোক্ষ)ৰ অন্তৰ্গত এই কৰ্ম বন্ধন ত্যাগ কৰি বিশুদ্ধ চেতনা লাভ কৰা।

               জৈন আধ্যাত্মিকতাবাদে বিভিন্ন দৃষ্টিভংগীৰ জৰিয়তে বাস্তৱৰ সুক্ষ্ম বুজাবুজিৰ পোষকতা কৰে (অনেকান্তবাদ)।

                    আত্মা (জীৱ) আৰু পদাৰ্থ (জীৱ) সুকীয়া আৰু চিৰন্তন শ্ৰেণী।

               কৰ্ম হৈছে আত্মাক বান্ধি ৰখা বস্তুগত পদাৰ্থ, আৰু মুক্তিৰ বাবে ইয়াৰ ঢালি দিয়াৰ প্ৰয়োজন।

                   দৰ্শনত আধ্যাত্মিক প্ৰগতিৰ বাবে অহিংসা আৰু নৈতিক আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।


৫) জৈন দৰ্শনৰ বন্ধন তত্ত্বটো ব্য়াখ্য়া কৰা।

উত্তৰঃ-  জৈন দৰ্শনত জীৱ আৰু আত্মা অভিন্ন। জীৱৰ স্বৰূপত পূৰ্ণ আৰু অনন্ত। জীৱত অনন্ত জ্ঞান, অনন্ত দৰ্শন, অনন্ত শক্তি আৰু অনন্ত আনন্দ নিহিত আছে। কিন্তু বন্ধন অৱস্থাৰ কাৰণে এই সকলো পূৰ্ণতা জীৱত লক্ষ্য় কৰিব পৰা নাযায়। যিদৰে মেঘে সূৰ্যৰ প্ৰকাশক ঢাকি ৰাখে, তেনেদৰে বন্ধন অৱস্থাত জীৱৰ প্ৰকৃত স্বৰূপ অপ্ৰকাশিত হৈ থাকে। জীৱ বাধামুক্ত হ'লে আত্মাস্থিত সৰ্বজ্ঞতা, সৰ্বশক্তিমতা আৰু অনন্ত আনন্দ বিকশিত কৰিব পাৰে, অৰ্থাৎ জীৱ পূৰ্ণ হৈ উঠিব পাৰে। 

                জীৱৰ পূৰ্ণতা লাভৰ প্ৰধান বাধা হ'ল পুদগল-সৃষ্ট দেহ। জীৱই শৰীৰৰ লগত সংযোগ কামনা কৰে। শৰীৰ পুদগলৰে তৈয়াৰী। গতিকে, জীৱ পুদগলৰ লগত সম্বন্ধিত হয়। জীৱ আৰু আত্মাৰ পুদগলৰ লগত সম্বন্ধই বন্ধন। জৈন মতে, জীৱ পূৰ্বজন্মাৰ্জিত কৰ্মফল ভোগৰ কাৰণে এই ধৰাত জন্মগ্ৰহণ কৰে। নৱ দেহ গঠিত হয় পূৰ্বজন্মৰ কৰ্মপুদগলৰ দ্বাৰা। বিভিন্ন দেহ বিভিন্ন ধৰণৰ পুদগল-পৰমাণুৰ দ্বাৰা সৃষ্ট। গতিকে, কৰ্মপুদগল যিদৰে বিন্য়স্ত হয়, দেহও সেইদৰে গঠিত হয়। কৰ্মপুদগলৰ বিন্য়াসৰ ভিন্নতা অনুসৰি জীৱদেহও ভিন ভিন হয়। কৰ্মপুদগলৰ বিন্য়াস আকৌ নিৰ্ভৰ কৰে 'কষায় ' ৰ ওপৰত। 'কষায় ' হ'ল ক্ৰোধ, লোভ, মান আৰু মায়া এই চাৰিবিধ বাসনাৰ সমষ্টি। এইবোৰ বাসনাৰ কাৰণে জীৱ শৰীৰৰ প্ৰতি আকৃষ্ট হয়। 

                বন্ধন দুই প্ৰকাৰৰ। ভাববন্ধ আৰু দ্ৰব্য়বন্ধ। কষায় অৰ্থাৎ ক্ৰোধ, লোভ, মান, মায়া। এই চাৰি কু-প্ৰবৃত্তি আৰু কৰ্মৰ উদয় হ'ল ভাববন্ধ। মনত কু-প্ৰবৃত্তিৰ উদয়ে ভাববন্ধ। আনহাতে, কৰ্মপুদগল আত্মাত প্ৰৱেশ কৰি জীৱ বা আত্মা বান্ধি ৰখা হ'ল দ্ৰব্য়বন্ধ। 


৬) জৈনদৰ্শনৰ মোক্ষৰ ধাৰণাটো ব্য়াখ্য়া কৰা। 

উত্তৰঃ- জৈন দৰ্শনত পৰিত্ৰাণৰ ধাৰণাটোক মোক্ষ বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে "মুক্তি"। ইয়াৰ দ্বাৰা অস্তিত্বৰ চূড়ান্ত অৱস্থাক বুজোৱা হয় য'ত আত্মাই জন্ম-মৃত্যুৰ চক্ৰৰ পৰা (সংসাৰ) মুক্ত হৈ নিখুঁত আনন্দ, জ্ঞান আৰু উপলব্ধি লাভ কৰে। আমাৰ কৰ্ম, চিন্তা আৰু আৱেগৰ পৰিণতি যিয়ে আমাক পুনৰ্জন্মৰ চক্ৰৰ লগত বান্ধি ৰাখে। সকলো কৰ্ম বন্ধন ত্যাগ কৰি এই অৱস্থা লাভ কৰা হয়।

              জৈন ধৰ্মত মোক্ষৰ বিষয়ে কিছুমান মূল কথা তলত উল্লেখ কৰা হ’ল ㅡ

(ক) চূড়ান্ত লক্ষ্যঃ- মোক্ষ লাভ কৰাটো জৈন ধৰ্মৰ সৰ্বোচ্চ সাধনা। যাক চেষ্টা কৰাৰ যোগ্য একমাত্ৰ প্ৰকৃত উদ্দেশ্য বুলি গণ্য কৰা হয়। আন সকলো সাধনাক সাময়িক আৰু শেষত অসন্তুষ্টিজনক বুলি গণ্য কৰা হয়।

(খ) ব্যক্তিগত প্ৰচেষ্টাঃ- জৈন ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে কেৱল আত্মপ্ৰয়াস আৰু ব্যক্তিগত অনুশাসনৰ দ্বাৰাহে মোক্ষ লাভ কৰিব পাৰি। কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপ বা ঐশ্বৰিক সহায়ৰ প্ৰয়োজন নাই।

(গ) ত্ৰিগুণঃ- মোক্ষৰ পথত জৈন ধৰ্মৰ তিনিটা মণি ত্ৰিৰত্নৰ দ্বাৰা পৰিচালিত হয়। সঠিক বিশ্বাস , সঠিক জ্ঞান, আৰু সঠিক আচৰণ।

(ঘ) কৰ্ম ঢালি দিয়াঃ- আত্মাক বান্ধি ৰখা সকলো কৰ্ম বন্ধন ত্যাগ কৰি মোক্ষ লাভ কৰা হয়। ইয়াৰ বাবে চিন্তা, বাক্য আৰু কৰ্মত কঠোৰ অহিংসাৰ লগতে সত্যতা, চুৰি নকৰা, বৈবাহিকতা, দখলহীনতা আদি অন্যান্য নৈতিক নীতিৰ অভ্যাস কৰিব লাগিব।

(ঙ) মুক্তিৰ অৱস্থাঃ- মোক্ষত আত্মাই নিজৰ প্ৰকৃত স্বৰূপ অসীম আনন্দ, জ্ঞান আৰু উপলব্ধি পুনৰ লাভ কৰে। ই হৈছে নিৰপেক্ষ শান্তি, স্বাধীনতা আৰু নিখুঁত সুখৰ অৱস্থা।

(চ) সুলভতাঃ- জৈন ধৰ্মই মোক্ষ লাভৰ অসুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ইয়াক অসম্ভৱ বুলি গণ্য কৰা নহয়। লিংগ, জাতি বা সামাজিক মৰ্যাদা নিৰ্বিশেষে যিকোনো আত্মাই সম্ভাৱনাময়ভাৱে নিষ্ঠাবান অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে এই অৱস্থা লাভ কৰিব পাৰে।

               জৈন ধৰ্মই মোক্ষৰ এক জটিল আৰু সুক্ষ্ম বুজাবুজি উপস্থাপন কৰে। এই ব্যাখ্যাই এটা মৌলিক আভাস প্ৰদান কৰে, আৰু জৈন শাস্ত্ৰ আৰু শিক্ষাৰ অধিক অন্বেষণে এই কেন্দ্ৰীয় ধাৰণাটোৰ বিষয়ে গভীৰ বুজাবুজিৰ সুবিধা প্ৰদান কৰিব পাৰে।


৭) ত্ৰিৰত্ন মানে কি? ত্ৰিৰত্নসমূহ কি কি? চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ- জৈন দৰ্শনত মোক্ষ লাভৰ তিনিটা মাৰ্গ ক্ৰমে সম্যক দৰ্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰক একেলগে ত্ৰিৰত্ন বোলা হয়।

              জৈন ধৰ্মত ত্ৰিৰত্ন অৰ্থাৎ "তিনি ৰত্ন" বুলিলে ব্যক্তিক আধ্যাত্মিক মুক্তি (মোক্ষ)ৰ দিশত পথ প্ৰদৰ্শন কৰা মৌলিক নীতিক বুজোৱা হয়। এই তিনিটা আন্তঃসংযোগী মণি হ’ল ㅡ

(ক) সম্য়কদৰ্শন (সঠিক দৃষ্টি)ঃ- ইয়াৰ অৰ্থ হৈছে আত্মা, কৰ্ম আৰু বিশ্বব্ৰহ্মাণ্ডৰ স্বৰূপকে ধৰি জৈন বিশ্বদৃষ্টিভংগীৰ সঠিক বুজাবুজি থকা। ইয়াত অহিংসা, অসংলগ্নতা, আৰু সকলো জীৱৰ সমতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

(খ) সম্য়জ্ঞান(সঠিক জ্ঞান)ঃ- ইয়াৰ লগত আধ্যাত্মিক অধ্যয়ন আৰু আত্মনিৰীক্ষণৰ জৰিয়তে জৈন ধৰ্মৰ নীতি সম্পৰ্কে সঠিক জ্ঞান আহৰণ কৰাটো জড়িত হৈ থাকে। ইয়াত বিশ্বব্ৰহ্মাণ্ডৰ কাম-কাজ, পুনৰ্জন্মৰ চক্ৰ আৰু মুক্তিৰ পথ বুজাত গুৰুত্ব দিয়া হৈছে।

(গ) সম্য়কচৰিত্ৰ (সঠিক আচৰণ)ঃ- ইয়াৰ অৰ্থ হৈছে নৈতিকভাৱে জীয়াই থকা আৰু চিন্তা, বাক্য আৰু কৰ্মত অহিংসা অভ্যাস কৰা। ইয়াত মূল পাঁচটা ব্ৰত মানি চলাত গুৰুত্ব দিয়া হৈছে। অহিংসা, সত্যতা, অচুৰি, বৈবাহিকতা আৰু অ-অধিকাৰ।

               ত্ৰিৰত্নসকল পৃথক সত্তা নহয় বৰঞ্চ সংগতিৰে কাম কৰে। সঠিক দৃষ্টিশক্তিয়ে জ্ঞানৰ সন্ধানক পথ প্ৰদৰ্শন কৰে। যিয়ে সঠিক আচৰণৰ বিষয়ে অৱগত কৰে। শেষত মুক্তিৰ দিশত আগবাঢ়ি যায়। প্ৰতিটো মণিয়ে আনবোৰক সমৰ্থন আৰু শক্তিশালী কৰে। আধ্যাত্মিক প্ৰগতিৰ এক সামগ্ৰিক পথ গঠন কৰে।


৮) পঞ্চমহাব্ৰত মানে কি? পঞ্চমহাব্ৰতবোৰ কি কি? চমুকৈ ব্য়াখ্য়া কৰা। 

উত্তৰঃ- জৈন ধৰ্ম অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। পাৰ্শ্বনাথে প্ৰৱৰ্তন কৰা চতুৰাম নীতি যথা – (১) অহিংসা (২) সত্য (৩) আচৌৰ্য্য আৰু (৪) অপৰিগ্ৰহ (বস্তু সম্পত্তিৰ পৰা মুক্তি) আৰু (৫) মহাবীৰে প্ৰৱৰ্তন কৰা ব্ৰহ্মচাৰ্যক একেলগে পঞ্চমহাব্ৰত বোলা হয়। যি জৈন ধৰ্মৰ ভেটি।

              জৈন পঞ্চমহাব্ৰতসমূহ হ'ল ─ অহিংসা, সত্য বা সুনৃত, অস্তেয়, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ।


●চমুটোকা লিখাঃ

১) জৈন দৰ্শনৰ অনেকান্তবাদ তত্ত্ব

উত্তৰঃজৈন অধিবিদ্য়াৰ এটা অন্য়তম মতবাদ হ'ল অনেকান্তবাদ। 'অনেকান্ত' শব্দটো 'একান্ত' শব্দৰ বিপৰীত। গতিকে যি একান্ত নহয় সি অনেকান্ত। 'একান্ত' শব্দৰ অৰ্থ হৈছে যি 'একপক্ষ' আৰু 'অনেকান্ত' শব্দৰ অৰ্থ হ'ল 'বহুবিকল্প'। স্পষ্ট ভাষাত, 'অনেকান্ত' শব্দটো দুটা শব্দৰ সংযোগত নিস্পন্ন হৈছে ー অনেক + অন্ত = অনেকান্ত। 'অনেক' মানে বহুত; আনহাতে 'অন্ত' শব্দটো দুটা ভিন্ন অৰ্থত ব্য়ৱহাৰ কৰা হয়। 'অন্ত' শব্দৰ এটা অৰ্থ 'বস্তু' আৰু আনটো অৰ্থ 'ধৰ্ম' বা 'গুণ'। গতিকে 'অনেকান্ত' শব্দৰ অৰ্থ হ'ল - জগতত অনেক বস্তু আছে আৰু প্ৰত্য়েক বস্তুতে অনেক ধৰ্ম বা গুণ আছে। অনেকান্তবাদৰ দ্বাৰা জৈনসকলে ইয়াকে বুজাব বিচাৰে যে, জ্ঞাত বস্তু মাত্ৰই অনন্ত ধৰ্মবিশিষ্ট আৰু বস্তুৰ স্বৰূপ বুজিবলৈ তাৰ ধৰ্ম বা বৈশিষ্টৰ মাজেৰে বুজিব লাগিব। 

              জৈনসকলৰ মতে, জগতত অসংখ্য় বস্তু আছে আৰু এই বস্তুবোৰৰ অসংখ্য় গুণ বা ধৰ্ম আছে। বস্তুৰ ধৰ্মক দুই ভাগত ভাগ কৰা যায় — ভাবাত্মক বা সদৰ্থক আৰু অভাবাত্মক বা নঞৰ্থক। বস্তুৰ স্বৰূপ জানিবলৈ হ'লে তাৰ সদৰ্থক আৰু নঞৰ্থক উভয় ধৰ্মকে জানিব লাগিব। যিবিলাক ধৰ্মৰ দ্বাৰা বস্তুটো গঠিত অৰ্থাৎ, যিবিলাক ধৰ্ম বস্তুটোত উপস্থিত থাকে, তাক সদৰ্থক বা ভাবাত্মক ধৰ্ম বোলে। যেনে - এটা ঘটৰ ভাবাত্মক ধৰ্ম হ'ল তাৰ আকৃতি, প্ৰকৃতি, বৰ্ণ, জাতি প্ৰভৃতি। আনহাতে, যিবিলাক ধৰ্মৰ অনুপস্থিতি বা অভাবৰ কাৰণে বস্তুটো আন বস্তুৰ পৰা ভিন্ন, তাক অভাবাত্মক ধৰ্ম বোলা হয়। যেনে - ঘটটো ডাঙৰ নহয়, ঘটটো বগা নহয়, ঘটটো পট নহয় ইত্য়াদি। 


২) জৈন দৰ্শনৰ সপ্তভংগী ন্য়ায়

উত্তৰঃজৈন দৰ্শনৰ সপ্তভংগী ধাৰণাটো হৈছে সপ্তভংগী নয়। জৈন সপ্তভংগী নয়ৰ মূল ভিত্তি হ'ল তেওঁলোকৰ স্য়াদবাদ। স্য়াদবাদ অনুসাৰে সকলো জ্ঞান বা অৱধাৰণেই আংশিক আৰু আপেক্ষিক সত্য়। জ্ঞানৰ এই আংশিক আৰু আপেক্ষিক সত্য়তাক প্ৰকাশ কৰাৰ কাৰণে জৈনসকলে সপ্তবিধ নয় বা অৱধাৰণৰ কথা উল্লেখ কৰিছে। জৈন মতে, যিকোনো বস্তুৰ প্ৰতিটো পৰ্যায়ত সাতটা গুণ বা ধৰ্ম সম্ভৱ। জৈনসকলে সদৰ্থক আৰু নঞৰ্থক এই দুই প্ৰকাৰৰ অৱধাৰণক লৈ সাত প্ৰকাৰৰ অৱধাৰণ বা নয়ৰ কথা উল্লেখ কৰিছে। অৱশ্য়ে প্ৰতিটো অৱধাৰণ যে আংশিক সত্য় তাক বুজোৱাৰ উদ্দেশ্য়ে প্ৰত্য়েক অৱধাৰণৰ আগত 'স্য়াৎ' শব্দটো জৈনসকলে যুক্ত কৰিছে। এই সাত প্ৰকাৰৰ অৱধাৰণ বা নয়কে জৈন দৰ্শনত সপ্তভংগী নয় বোলা হয়। এই সাত প্ৰকাৰৰ অৱধাৰণৰ সাধাৰণ ৰূপ হ'ল 一

(ক) স্য়াৎ অস্তি,

(খ) স্য়াৎ নাস্তি,

(গ) স্য়াৎ অস্তি চ নাস্তি চ,

(ঘ) স্য়াৎ অব্য়ক্তব্য়ম্,

(ঙ) স্য়াৎ অস্তি চ, অব্য়ক্তব্য়ম চ,

(চ) স্য়াৎ নাস্তি চ, অব্য়ক্তব্য়ম চ, আৰু

(ছ) স্য়াৎ অস্তি চ, নাস্তি চ, অব্য়ক্তব্য়ম চ।

              সপ্তভংগী নয়ৰ এই সাতটা আকাৰক 'ঘট' নামৰ দৃষ্টান্তৰ সহায়ত সুস্পষ্ট কৰিব পৰা যায়। ধৰাহ'ল, ঘটা বস্তুটোৰ অনন্ত ধৰ্ম আছে আৰু আমি সসীম জীৱে ঘট সন্দৰ্ভত তলত দিয়া সাতটা নয় গঠন কৰিব পাৰোঁ 一

(ক) 'স্য়াত অস্তি' হ'ল এটি সদৰ্থক নয় বা অৱধাৰণৰ সাধাৰণ ৰূপ। কোনো এটা বস্তুত বিশেষে গুণ বা অস্তিত্ব আছে তাক বুজাবলৈ 'স্য়াৎ অস্তি' এনেকুৱা অৱধাৰণ ব্য়ৱহাৰ কৰা হয়। যেনে - 'ঘট আছে' অৱধাৰণত ঘটৰ অস্তিত্ব স্বীকাৰ কৰা হৈছে। কিন্তু এই স্বীকৃতি সৰ্বকালীন আৰু নিৰপেক্ষ নহয়। সৰ্বকালে আৰু সৰ্বদেশত ঘটৰ অস্তিত্ব থাকিব নোৱাৰে। সেইকাৰণে জৈনসকলে 'ঘট আছে' এইৰূপ অৱধাৰণৰ পৰিৱৰ্তে 'কোনো ক্ষেত্ৰত ঘট আছে' এনেকুৱা অৱধাৰণ গঠন কৰিছে। 

(খ) 'স্য়াৎ নাস্তি' হ'ল সকলো প্ৰকাৰৰ নঞৰ্থক অৱধাৰণৰ সাধাৰণ ৰূপ। নঞৰ্থক অৱধাৰণত কোনো এটা বস্তুৰ কোনো গুণ বা ধৰ্মৰ অনস্তিত্ব স্বীকাৰ কৰা হয়। যেনে - 'ঘটটো ৰঙা নহয়'। কিন্তু ঘটটো যে ৰঙা নহয় - এই কথা সৰ্বকালত আৰু সৰ্বদেশত সত্য় নহয়। সেইকাৰণে জৈনসকলে নঞৰ্থক অৱধাৰণ 'ঘটটো ৰঙা নহয়' অৱধাৰণটোক পৰিৱৰ্তন কৰি 'কোনো ক্ষেত্ৰত গটটো ৰঙা নহয়' এই ৰূপৰ অৱধাৰণ গঠন কৰিছে। 

(গ) 'স্য়াৎ অস্তি চ নাস্তি চ' হ'ল এটা বস্তুৰ সদৰ্থক আৰু নঞৰ্থক গুণ প্ৰকাশৰ সাধাৰণ ৰূপ। এই নয়টো প্ৰথম আৰু দ্বিতীয় নয়ৰ সমন্বয়ত গঠিত। কোনো এক দেশত, কোনো এক কালত, কোনো এক অৱস্থাত ঘটটো অস্তিত্বশীল হয় আৰু কোনো এক দেশ, কাল বা অৱস্থাত ঘটটো যদি অনস্তিত্বশীল হয় - এই উভয় প্ৰকাৰৰ সত্য়ক বুজাবলৈ জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট আছে আৰু নাই' এই অৱধাৰণাটো ব্য়ৱহাৰ কৰে। 

(ঘ) 'স্য়াৎ অব্য়ক্তব্য়ম্' হ'ল জৈনসকলৰ অনিৰ্বচনীয় অৱধাৰণৰ সাধাৰণ ৰূপ। কোনো এটা বস্তুৰ অস্তিত্বৰ বা গুণৰ স্বীকৃতি বা অস্বীকৃতিৰ দ্বাৰা বস্তুটোৰ অনন্ত গুণক ব্য়াখ্য়া কৰিব নোৱাৰি। বস্তুৰ পূৰ্ণস্বৰূপ অনিৰ্বচনীয়। গতিকে কোনো এটা বিশেষ অৱস্থাত ঘটৰ ধৰ্ম অবৰ্ণনীয়। ঘটৰ এই অবৰ্ণনীয় ৰূপক ব্য়ক্ত কৰাৰ বাবে জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট অবৰ্ণনীয়' নয় গঠন কৰে। 

(ঙ) 'স্য়াৎ অস্তি চ, অব্য়ক্তব্য়ম্ চ' হ'ল জৈনসকলৰ পঞ্চম অৱধাৰণৰ সাধাৰণ ৰূপ। প্ৰথম অৱধাৰণৰ লগত চতুৰ্থটো যুক্ত কৰি এই অৱধাৰণটো গঠন কৰা হৈছে। এই অৱধাৰণ অনুসাৰে কোনো এটা বিশেষ দেশত, বিশেষ কালত, বিশেষ আকাৰ আৰু বিশেষ অৱস্থাত ঘট আছে আৰু সৰ্বকালে, সৰ্বাৱস্থাত ঘটটো অবৰ্ণনীয়। ইয়াক প্ৰকাশ কৰিবলৈ জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট আছে আৰু ই অবৰ্ণনীয়' অৱধাৰণাটো গঠন কৰে। 

(চ) 'স্য়াৎ নাস্তি চ, অব্য়ক্তব্য়ম্ চ' হ'ল জৈনসকলৰ ষষ্ঠ অৱধাৰণৰ সাধাৰণ ৰূপ। দ্বিতীয় অৱধাৰণৰ লগত চতুৰ্থটো যুক্ত কৰি এই অৱধাৰণটো গঠন কৰা হৈছে। এই অৱধাৰণৰ কথা হ'ল, কোনো এক বিশেষ দেশত, বিশেষ কালত, বিশেষ অৱস্থাত ঘট নাছিল আৰু সৰ্বকাল, সৰ্বাৱস্থাত ঘটটো অবৰ্ণনীয়। ইয়াক প্ৰকাশ কৰিবৰ কাৰণে জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট নাই আৰু ই অবৰ্ণনীয়' অৱধাৰণটো গঠন কৰে। 

(ছ) শেষৰটো অৱধাৰণ তৃতীয় আৰু চতুৰ্থ অৱধাৰণৰ সমন্বয়ত গঠন কৰা হৈছে। এই অৱধাৰণৰ সাধাৰণ আকাৰ হ'ল 'স্য়াৎ অস্তি চ, নাস্তি চ, অব্য়ক্তব্য়ম্ চ'। এই অৱধাৰণৰ সাধাৰণ আকাৰ হ'ল - কোনো এক বিশেষ দেশ, বিশেষ কাল আৰু বিশেষ অৱস্থাত ঘট আছে আৰু ভিন্ন এক বিশেষ দেশ, কাল আৰু অৱস্থাত ঘট নাই আৰু সৰ্বদেশত, সৰ্বকালত আৰু সৰ্বাৱস্থাত ঘটটো অবৰ্ণনীয়। এই অৱধাৰণটোক প্ৰকাশ কৰিবলৈ জৈনসকলে 'কোনো ক্ষেত্ৰত ঘট আছে, নাই আৰু অবৰ্ণনীয়' অৱধাৰণটো গঠন কৰে। 


৩) স্য়াদবাদ

উত্তৰঃজৈন দৰ্শনৰ যৌক্তিক মতবাদৰ নাম হ'ল স্য়াদবাদ। প্ৰত্য়েৰ বচন বা নয় আপেক্ষিকভাৱে সত্য় - এই জ্ঞানিক আৰু যৌক্তিক মতবাদেই স্য়াদবাদ। 

              জ্ঞানৰ আংশিক সত্য়তা বা আপেক্ষিক সত্য়তাক প্ৰকাশ কৰিবলৈ জৈন দৰ্শনে সেইকাৰণে 'স্য়াদবাদ' ৰ অৱতাৰণা কৰিছে। অৰ্থাৎ, স্য়াদবাদ হ'ল জৈন দৰ্শনৰ এটা এনেকুৱা দাৰ্শনিক মতবাদ যাৰ মতে আমাৰ সমস্ত জ্ঞানেই আংশিক আৰু আপেক্ষিক যাক 'স্য়াৎ' শব্দটো যুক্ত কৰি প্ৰকাশ কৰা উচিত। যৌক্তিক দিশৰ পৰা জৈনসকলে অৱধাৰণ বা নয়ৰ আপেক্ষিকতা বুজাৱৰ উদ্দেশ্য়ে 'স্য়াৎ' শব্দটো ব্য়ৱহাৰ কৰে। ব্য়ুৎপত্তিগত দিশৰ পৰা 'স্য়াৎ' শব্দটোৰ অৰ্থ হ'ল 'হয়তো' বা 'সম্ভৱতঃ' বা 'কোনো প্ৰকাৰে' ইত্য়াদি। ব্য়াকৰণৰ দিশৰ পৰাও 'স্য়াৎ' শব্দটোৰ অৰ্থ সম্ভাৱনা নিৰ্দেশক। জৈন দৰ্শনত 'স্য়াৎ' শব্দটো প্ৰকাশিত অৱধাৰণৰ উপৰিও অন্য় এক অৱধাৰণৰ সম্ভাৱনাও নিৰ্দেশ কৰে। 

               জৈন দৰ্শনৰ স্য়াদবাদৰ বীজ লক্ষ্য় কৰা যায় তৎকালীন কিছুমান দাৰ্শনিক সিদ্ধান্ত আৰু উপনিষদীয় সিদ্ধান্তৰ মাজত। উপনিষদীয় সিদ্ধান্ত অনুসাৰে ত্ৰিকালিক অবাধিত আৰু নিত্য় বস্তুই পাৰমাৰ্থিক সৎ। আকৌ, উপনিষদৰ বিৰুদ্ধ সিদ্ধান্ত হ'ল অসত্তাই পাৰমাৰ্থিক সৎ। 


৪) জৈনৰ বন্ধনতত্ত্ব

উত্তৰঃজৈন দৰ্শনত জীৱ আৰু আত্মা অভিন্ন। জীৱৰ স্বৰূপত পূৰ্ণ আৰু অনন্ত। জীৱত অনন্ত জ্ঞান, অনন্ত দৰ্শন, অনন্ত শক্তি আৰু অনন্ত আনন্দ নিহিত আছে। কিন্তু বন্ধন অৱস্থাৰ কাৰণে এই সকলো পূৰ্ণতা জীৱত লক্ষ্য় কৰিব পৰা নাযায়। যিদৰে মেঘে সূৰ্যৰ প্ৰকাশক ঢাকি ৰাখে, তেনেদৰে বন্ধন অৱস্থাত জীৱৰ প্ৰকৃত স্বৰূপ অপ্ৰকাশিত হৈ থাকে। জীৱ বাধামুক্ত হ'লে আত্মাস্থিত সৰ্বজ্ঞতা, সৰ্বশক্তিমতা আৰু অনন্ত আনন্দ বিকশিত কৰিব পাৰে, অৰ্থাৎ জীৱ পূৰ্ণ হৈ উঠিব পাৰে। 

                জীৱৰ পূৰ্ণতা লাভৰ প্ৰধান বাধা হ'ল পুদগল-সৃষ্ট দেহ। জীৱই শৰীৰৰ লগত সংযোগ কামনা কৰে। শৰীৰ পুদগলৰে তৈয়াৰী। গতিকে, জীৱ পুদগলৰ লগত সম্বন্ধিত হয়। জীৱ আৰু আত্মাৰ পুদগলৰ লগত সম্বন্ধই বন্ধন। জৈন মতে, জীৱ পূৰ্বজন্মাৰ্জিত কৰ্মফল ভোগৰ কাৰণে এই ধৰাত জন্মগ্ৰহণ কৰে। নৱ দেহ গঠিত হয় পূৰ্বজন্মৰ কৰ্মপুদগলৰ দ্বাৰা। বিভিন্ন দেহ বিভিন্ন ধৰণৰ পুদগল-পৰমাণুৰ দ্বাৰা সৃষ্ট। গতিকে, কৰ্মপুদগল যিদৰে বিন্য়স্ত হয়, দেহও সেইদৰে গঠিত হয়। কৰ্মপুদগলৰ বিন্য়াসৰ ভিন্নতা অনুসৰি জীৱদেহও ভিন ভিন হয়। কৰ্মপুদগলৰ বিন্য়াস আকৌ নিৰ্ভৰ কৰে 'কষায় ' ৰ ওপৰত। 'কষায় ' হ'ল ক্ৰোধ, লোভ, মান আৰু মায়া এই চাৰিবিধ বাসনাৰ সমষ্টি। এইবোৰ বাসনাৰ কাৰণে জীৱ শৰীৰৰ প্ৰতি আকৃষ্ট হয়। 

                বন্ধন দুই প্ৰকাৰৰ। ভাববন্ধ আৰু দ্ৰব্য়বন্ধ। কষায় অৰ্থাৎ ক্ৰোধ, লোভ, মান, মায়া। এই চাৰি কু-প্ৰবৃত্তি আৰু কৰ্মৰ উদয় হ'ল ভাববন্ধ। মনত কু-প্ৰবৃত্তিৰ উদয়ে ভাববন্ধ। আনহাতে, কৰ্মপুদগল আত্মাত প্ৰৱেশ কৰি জীৱ বা আত্মা বান্ধি ৰখা হ'ল দ্ৰব্য়বন্ধ। 


৫) জৈনৰ মোক্ষৰ ধাৰণা 

উত্তৰঃজৈন দৰ্শনত পৰিত্ৰাণৰ ধাৰণাটোক মোক্ষ বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে "মুক্তি"। ইয়াৰ দ্বাৰা অস্তিত্বৰ চূড়ান্ত অৱস্থাক বুজোৱা হয় য'ত আত্মাই জন্ম-মৃত্যুৰ চক্ৰৰ পৰা (সংসাৰ) মুক্ত হৈ নিখুঁত আনন্দ, জ্ঞান আৰু উপলব্ধি লাভ কৰে। আমাৰ কৰ্ম, চিন্তা আৰু আৱেগৰ পৰিণতি যিয়ে আমাক পুনৰ্জন্মৰ চক্ৰৰ লগত বান্ধি ৰাখে। সকলো কৰ্ম বন্ধন ত্যাগ কৰি এই অৱস্থা লাভ কৰা হয়।

              জৈন ধৰ্মত মোক্ষৰ বিষয়ে কিছুমান মূল কথা তলত উল্লেখ কৰা হ’ল ㅡ

(ক) চূড়ান্ত লক্ষ্যঃ- মোক্ষ লাভ কৰাটো জৈন ধৰ্মৰ সৰ্বোচ্চ সাধনা। যাক চেষ্টা কৰাৰ যোগ্য একমাত্ৰ প্ৰকৃত উদ্দেশ্য বুলি গণ্য কৰা হয়। আন সকলো সাধনাক সাময়িক আৰু শেষত অসন্তুষ্টিজনক বুলি গণ্য কৰা হয়।

(খ) ব্যক্তিগত প্ৰচেষ্টাঃ- জৈন ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে কেৱল আত্মপ্ৰয়াস আৰু ব্যক্তিগত অনুশাসনৰ দ্বাৰাহে মোক্ষ লাভ কৰিব পাৰি। কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপ বা ঐশ্বৰিক সহায়ৰ প্ৰয়োজন নাই।

(গ) ত্ৰিগুণঃ- মোক্ষৰ পথত জৈন ধৰ্মৰ তিনিটা মণি ত্ৰিৰত্নৰ দ্বাৰা পৰিচালিত হয়। সঠিক বিশ্বাস , সঠিক জ্ঞান, আৰু সঠিক আচৰণ।

(ঘ) কৰ্ম ঢালি দিয়াঃ- আত্মাক বান্ধি ৰখা সকলো কৰ্ম বন্ধন ত্যাগ কৰি মোক্ষ লাভ কৰা হয়। ইয়াৰ বাবে চিন্তা, বাক্য আৰু কৰ্মত কঠোৰ অহিংসাৰ লগতে সত্যতা, চুৰি নকৰা, বৈবাহিকতা, দখলহীনতা আদি অন্যান্য নৈতিক নীতিৰ অভ্যাস কৰিব লাগিব।

(ঙ) মুক্তিৰ অৱস্থাঃ- মোক্ষত আত্মাই নিজৰ প্ৰকৃত স্বৰূপ অসীম আনন্দ, জ্ঞান আৰু উপলব্ধি পুনৰ লাভ কৰে। ই হৈছে নিৰপেক্ষ শান্তি, স্বাধীনতা আৰু নিখুঁত সুখৰ অৱস্থা।

(চ) সুলভতাঃ- জৈন ধৰ্মই মোক্ষ লাভৰ অসুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ইয়াক অসম্ভৱ বুলি গণ্য কৰা নহয়। লিংগ, জাতি বা সামাজিক মৰ্যাদা নিৰ্বিশেষে যিকোনো আত্মাই সম্ভাৱনাময়ভাৱে নিষ্ঠাবান অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে এই অৱস্থা লাভ কৰিব পাৰে।

               জৈন ধৰ্মই মোক্ষৰ এক জটিল আৰু সুক্ষ্ম বুজাবুজি উপস্থাপন কৰে। এই ব্যাখ্যাই এটা মৌলিক আভাস প্ৰদান কৰে, আৰু জৈন শাস্ত্ৰ আৰু শিক্ষাৰ অধিক অন্বেষণে এই কেন্দ্ৰীয় ধাৰণাটোৰ বিষয়ে গভীৰ বুজাবুজিৰ সুবিধা প্ৰদান কৰিব পাৰে।

**********

তৃতীয় খণ্ড

●তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

১) চাৰ্বাক দৰ্শন হ'ল ভাৰতীয় দৰ্শনৰ এটি বৈদিক/অবৈদিক সম্প্ৰদায়।

উত্তৰঃঅবৈদিক সম্প্ৰদায়।

২) চাৰ্বাক দৰ্শনৰ মূল গ্ৰন্থ আছেনে?

উত্তৰঃ- নাই। 

৩) চাৰ্বাক দৰ্শনক 'লোকায়ত দৰ্শন' বুলি জনা যায়। কিয়?

উত্তৰঃচাৰ্বাক দৰ্শনক 'লোকায়ত দৰ্শন' বুলি জনা যায় কাৰণ এই দৰ্শনত সাধাৰণতে সাধাৰণ মানুহৰ চিন্তা-ধাৰাকে প্ৰতিনিধিত্ব কৰা হয়। 

৪) ভাৰতীয় দৰ্শনত 'নাস্তিক-শিৰোমণি' বুলি কোৱা দাৰ্শনিক সম্প্ৰয়টোৰ নাম লিখা।

উত্তৰঃ- চাৰ্বাক। 

৫) চাৰ্বাক দৰ্শনৰ মতে, জ্ঞানৰ উৎসটো কি?

উত্তৰঃ- চাৰ্বাক দৰ্শনৰ মতে, জ্ঞানৰ উৎসটো হ'ল ইন্দ্ৰিয় প্ৰত্য়ক্ষ।

৬) চাৰ্বাক দৰ্শনে অনুমানক স্বীকাৰ কৰে নে?

উত্তৰঃ- কৰে।

৭) চাৰ্বাক দৰ্শনে শব্দক যথাৰ্থ জ্ঞানৰ উৎস বুলি গ্ৰহণ কৰিছেনে? দুটা কাৰণ দেখুওৱা।

উত্তৰঃ

৮) ব্য়াপ্তি বুলিলে কি বুজা?

উত্তৰঃ

৯) চাৰ্বাকৰ মতে জড়জগত কি কি চাৰিটা উপাদানেৰে গঠিত?

উত্তৰঃচাৰ্বাকৰ মতে জড়জগত মাটি, পানী, বায়ু আৰু অগ্নি এই চাৰিটা উপাদানেৰে গঠিত।

১০) চাৰ্বাক দৰ্শনক জড়বাদী বা বস্তুবাদী দৰ্শন বুলি জনা যায়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ- শুদ্ধ।

১১) চাৰ্বাক দৰ্শনে আত্মাক বিশ্বাস কৰেনে?

উত্তৰঃ- নকৰে।

১২) চাৰ্বাক দৰ্শনে ঈশ্বৰক বিশ্বাস কৰেনে?

উত্তৰঃ- নকৰে।

১৩) ভাৰতীয় দৰ্শনত কেৱল এটাই বস্তুবাদী বা জড়বাদী দৰ্শন আছে। সেইটো কি?

উত্তৰঃ- আদি দৰ্শন। 

১৪) "চাৰ্বাক দৰ্শন এটি বস্তুবাদী বা জড়বাদী দৰ্শন।" এইটো সত্য় নে?

উত্তৰঃ- সত্য়।

১৫) চাৰ্বাক দৰ্শনে আকাশক কিয় জগতৰ মূল উপাদান হিচাপে মানি লোৱা নাই?

উত্তৰঃ- চাৰ্বাক দৰ্শনে আকাশক জগতৰ মূল উপাদান হিচাপে মানি লোৱা নাই কাৰণ তেওঁলোকৰ মতে, আকাশ প্ৰত্য়ক্ষগোচৰ নহয় আৰু যি প্ৰত্য়ক্ষগোচৰ নহয় তাৰ অস্তিত্ব নাই। 

১৬) চাৰ্বাক দৰ্শনে কিয় স্বভাৱবাদ গ্ৰহণ কৰে?

উত্তৰঃ- ভূতচতুষ্টয়ৰ নিজস্ব স্বভাব বা প্ৰকৃতিৰ ভিত্তিত জাগতিক সকলো বস্তুৰ সংযোজন আৰু বিয়োজন ঘটে আৰু কালক্ৰমত বিভিন্ন বস্তুৰ উৎপত্তি বা ধ্বংস হয়। সেইকাৰণে চাৰ্বাক দৰ্শনে স্বভাৱবাদ গ্ৰহণ কৰে। 

১৭) যদৃচ্ছাবাদ কাক বোলে?

উত্তৰঃ

১৮) চাৰ্বাকসকলে বেদৰ কৰ্তৃত্ব মানি লয়। উক্তিটো সচাঁনে?

উত্তৰঃ

১৯) চাৰ্বাক দৰ্শনক কিয় জড়বাদী বুলি কোৱা হয়?

উত্তৰঃ- চাৰ্বাক দৰ্শনক জড়বাদী বুলি কোৱা হয় কাৰণ চাৰ্বাকসকলে জড়দ্ৰব্য়কেই পৰমতত্ত্ব বুলি স্বীকাৰ কৰিছে আৰু জড়তত্ত্বৰ সহায়ত সমগ্ৰ জগতৰ সৃষ্টি-বৈচিত্ৰ্য় আদিৰ ব্য়াখ্য়াও আগবঢ়াইছে। 

২০) প্ৰকৃতিগত ফালৰ পৰা চাৰ্বাক দৰ্শন ________।

উত্তৰঃ

২১) চাৰ্বাক অভিমত অনুসাৰে চাৰিটা উপাদানে নিজৰ স্বভাব অনুযায়ী জগত সৃষ্টি কৰিছে। এইবোৰ উপাদান কি কি?

উত্তৰঃ- এই উপাদানবোৰ হ'ল মাটি, পানী, বায়ু আৰু অগ্নি।

২২) জীৱনৰ চাৰিটা পৰমমূল্য়ৰ ভিতৰত চাৰ্বাকে কোন দুটা স্বীকাৰ কৰিছে?

উত্তৰঃ

২৩) চাৰিটা পুৰুষাৰ্থৰ ভিতৰত চাৰ্বাকে কেৱল দুটা স্বীকাৰ কৰে। এই দুটা কি কি?

উত্তৰঃ

২৪) চাৰ্বাক দৰ্শনৰ মতে জীৱনৰ পৰম কাব্য় কি?

উত্তৰঃ- চাৰ্বাক দৰ্শনৰ মতে জীৱনৰ পৰম কাব্য় হ'ল সুখ। 

২৫) চাৰ্বাক দৰ্শনৰ মতে সুখেই জীৱনৰ পৰম লক্ষ্য়। এইটো শুদ্ধ হয়নে?

উত্তৰঃ- শুদ্ধ।

২৬) চাৰ্বাক দৰ্শনে স্বভাৱবাদ গ্ৰহণ কৰেনে?

উত্তৰঃ- কৰে।

২৭) চাৰ্বাক দৰ্শনে আকাশক জগতৰ মূল উপাদান হিচাপে মানি লোৱা নাই। এইটো সঁচানে?

উত্তৰঃ- সঁচা।


●ৰচনাধৰ্মী প্ৰশ্নঃ

১) চাৰ্বাক দৰ্শনৰ জড়বাদ মতবাদটো আলোচনা কৰা।

উত্তৰঃ- জড়ৰ পৰাই সমগ্ৰ বস্তুৰ উদ্ভৱ হয় আৰু পৰিণতিত সকলো বস্তুৱে জড়ত বিলীন হৈ যায়। জড়বাদত কেৱল জড়দ্ৰব্য়ৰ  অস্তিত্বত বিশ্বাস কৰা হয় আৰু সকলো চেতন সত্তাকে জড়ৰ ৰূপান্তৰ বুলি গণ্য় কৰা হয়। সেইবাবে জড়বাদত সকলো সময়তে ঈশ্বৰ, আত্মা, মোক্ষ, জন্মান্তৰবাদ, স্বৰ্গ, নৰক আদিক অস্বীকাৰ কৰা হয়। 

               ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়বোৰৰ ভিতৰত চাৰ্বাকসকল একমাত্ৰ বিশুদ্ধ জড়বাদী দাৰ্শনিক। জড়বাদী চাৰ্বাকসকলে জড়দ্ৰব্য়কেই পৰমতত্ত্ব বুলি স্বীকাৰ কৰিছে আৰু জড়তত্ত্বৰ সহায়ত সমগ্ৰ জগতৰ সৃষ্টি-বৈচিত্ৰ্য় আদিৰ ব্য়াখ্য়াও আগবঢ়াইছে। 'জড়' বুলিলে তেওঁলোকে চাৰিটা ভৌতিক উপাদান বা চতুৰ্ভূতক নিৰ্দেশ কৰিছে। এই চাৰিটা উপাদান হ'ল - মাটি, পানী, বায়ু আৰু অগ্নি। প্ৰত্য়ক্ষবাদী চাৰ্বাকসকলে জগতৰ উৎপত্তিৰ ব্য়াখ্য়াৰ কাৰণে কেৱল চাৰিটা ভূতৰ অস্তিত্বত বিশ্বাস কৰে। কাৰণ তেওঁলোকৰ মতে, ব্য়োম বা আকাশ প্ৰত্য়ক্ষগোচৰ নহয়। যি প্ৰত্য়ক্ষগোচৰ নহয় তাৰ অস্তিত্ব নাই। সেইকাৰণে চাৰ্বাক দৰ্শনৰ জড়বাদত ঈশ্বৰ, আত্মা, মোক্ষ, স্বৰ্গ-নৰক, জন্মান্তৰবাদ আদিৰ অস্তিত্বত বিশ্বাস কৰা নহয়। চাৰ্বাকসকলৰ মতে, একমাত্ৰ জড়বস্তুৰে অস্তিত্ব আছে; অতীন্দ্ৰিয় সত্তাৰ কোনো অস্তিত্ব নাই।