সমাজতত্ত্বঃ অধ্যয়নৰ এক বিষয় আৰু পৰিপ্ৰেক্ষা

অনুশীলনী


১) সমাজতত্ত্বৰ অৰ্থ প্ৰকাশ কৰা।
উত্তৰঃ ১৯ শ শতিকাত জন্মলাভ কৰা সমাজ বিজ্ঞানসমূহৰ ভিতৰত সমাজতত্ত্বই হৈছে আটাইতকৈ শেষত জন্ম লাভ কৰা বিষয়। কাৰণ মাত্ৰ ১৮৩৯ চনতহে এই বিষয়টোৱে জন্ম লাভ কৰিছিল। যাৰবাবে সমাজতত্ত্বক 'Youngest Social Science' বুলি কোৱা হয়। সমাজতত্ত্বৰ পিতৃ হৈছে আগষ্ট ক'ট। 
            মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰা অন্য়তম সমাজ বিজ্ঞান সমাজতত্ত্বক অৱশ্য়ে পূৰ্ৱতে সামাজিক পদাৰ্থবিদ্য়া বুলিহে আগষ্ট ক'টেই নামাকৰণ কৰিছিল। কিন্তু পৰৱৰ্তী কালত তেখেতৰ বিখ্য়াত গ্ৰন্থ ' Positive Philosophy' ত এই বিষয়টোক সমাজতত্ত্ব হিচাপে নামাকৰণ কৰিছিল। তেওঁ এই সমাজতত্ত্ব বা Sociology শব্দটো দুটা শব্দ লেটিন ভাষাৰ 'Socius' আৰু গ্ৰীক ভাষাৰ 'Logos' ৰ সমন্বয়ত সৃষ্টি কৰিছিল। লেটিন ভাষাৰ 'Socius' শব্দৰ অৰ্থ হ'ল 'সমাজ' আৰু গ্ৰীক ভাষাৰ 'Logos' ৰ অৰ্থ হ'ল 'বিজ্ঞান'। গতিকে Sociology ৰ শব্দগত অৰ্থ হৈছে 'সমাজ বিজ্ঞান' বা 'মানৱ সমাজৰ বিষয়ে বৈজ্ঞানিক পদ্ধতিৰে অধ্য়য়ন কৰা সমাাজ বিজ্ঞান'। আগষ্ট ক'টেৰ আগতেও প্লেটো, এৰিষ্ট'টল, কনফুচিয়াছ অদি চিন্তাবিদসকলে মানৱ সমাজৰ আলোচনা কৰিছিল। কিন্তু তেওঁলোকে এটি পৃথক বিষয় প্ৰতিষ্ঠা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। আগষ্ট ক'টে এই লেখাসমূহৰ লগতে নিজৰ কিছুমান লেখাৰ সহায়ত সমাজতত্ত্বক এটি পৃথক বিষয় হিচাপে প্ৰতিষ্ঠা কৰিলে, যাৰ বাবে তেওঁক সমাজতত্ত্বৰ পিতৃ আখ্য়া দিয়া হয়। 


২) সমাজতাত্ত্বিক চিন্তন মানে কি? চমুকৈ লিখা।
উত্তৰঃ সমাজতাত্ত্বিক চিন্তন বৈজ্ঞানিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। বিজ্ঞানৰ দৰে সমাজতত্ত্বয়ো অধ্য়য়নৰ ক্ষেত্ৰত নিৰপেক্ষতা আৰু যুক্তিপূৰ্ণ নীতি পালন কৰে। বিশিষ্ট সমাজতত্ত্ববিদ এন্থনি গিডেনছৰ মতে, সমাজতাত্ত্বিক চিন্তন সমাজতাত্ত্বিক কল্পনাৰ ওপৰত নিৰ্ভৰশীল। সমাজতত্ত্বগতভাৱে চিন্তা কৰাৰ অৰ্থ হৈছে ব্য়াপক দৃষ্টিকোণৰ পৰা পাৰস্পৰিক সামাজিক সম্পৰ্ক আৰু সামাজিক বিষয়সমূহ বস্তুনিষ্ঠভাৱে অধ্য়য়ন কৰা। 
            সমাজতাত্ত্বিক চিন্তনৰ কেইটামান গুৰুত্বপূৰ্ণ উপাদান হ'ল- 
(ক) প্ৰাত্য়হিক জীৱনৰ বাধাগ্ৰস্ত ধাৰণাৰ পৰা আঁতৰি আহি জীৱনক নতুনভাৱে দেখিবলৈ শিকা।
(খ) ইতিহাস আৰু নৃতত্ত্বৰ দৃষ্টিভংগীৰে অতীত অনুসৰি বৰ্তমানৰ সমাজক চোৱা। 
(গ) সামাজিক স্থিতাৱস্থাৰ সূত্ৰ নিৰ্ধাৰণ নকৰি সামাজিক পৰিৱৰ্তনৰ দৃষ্টিভংগীৰে ভৱিষ্য়ৎ সমাজৰ দিকনিৰ্দেশনা প্ৰদৰ্শন কৰা। 
            সমাজতাত্ত্বিক চিন্তনৰ মূল উদ্দেশ্য় হ'ল বৰ্তমানৰ ঘটনা আৰু বিষয়ৰ জৰিয়তে তাৰ ঐতিহাসিক উৎস বিচাৰি উলিওৱা। সমাজতাত্ত্বিক চিন্তনে বিজ্ঞানসন্মতভাৱে সমাজক অধ্য়য়ন কৰাৰ ক্ষেত্ৰত সহায় কৰে। ভাৰতবৰ্ষৰ দৰে বহুধাবিভক্ত সমাজৰ বাবে সমাজতাত্ত্বিক চিন্তনৰ দৰে অৱধাৰণা আৱশ্য়কীয়। ধৰ্ম, জাতি, ভাষা, ভৌগোলিক অঞ্চল, শাৰীৰিক গঠন আদিৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সমাজ বিভক্ত। সমাজতাত্ত্বিক চিন্তনৰ দৰে অৱধাৰণাই ভাৰতীয় ভাৰতীয় সমাজক অধিক যুক্তিবাদী আৰু প্ৰগতিবাদী কৰি তুলিব পাৰি বুলি আশা কৰিব পাৰি। 


৩) সামাজিক নৃতত্ত্ববিজ্ঞানৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ নৃতত্ত্বৰ এটা প্ৰধান ভাগ হৈছে সামাজিক নৃতত্ত্ব। নৃতত্ত্ব প্ৰধানকৈ সামাজিক আৰু সাংস্কৃতিক নৃতত্ত্ব, জৈৱিক নৃতত্ত্ব, পুৰাতাত্ত্বিক নৃতত্ত্ব, ব্য়ৱহাৰিক নৃতত্ত্ব আদি ভাগত বিভক্ত। সামাজিক নৃতত্ত্বৰ আৱিৰ্ভাৱ ১৯ শ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈছে বুলি ক'ব পাৰি। চাৰ্লছ ডাৰউইনৰ "Origin of Species" ৰ বিৱৰ্তন সিদ্ধান্তৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহু সমাজ বিজ্ঞানিয়ে সেই সিদ্ধান্ত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক দিশত প্ৰয়োগৰ সম্ভাৱনীয়তা সম্পৰ্কে  অধ্য়য়নৰ আৰম্ভণি কৰে। বিংশ শতিকাৰ আৰম্ভণিৰ ফালে আমেৰিকাত নৃতত্ত্বৰ উক্ত ভাগটো সাংস্কৃতিক নৃতত্ত্ব আৰু ব্ৰিটেইনত সামাজিক নৃতত্ত্ব বুলি জনাজাত হয়। 
           আধুনিক নৃতত্ত্বৰ জন্ম ব্ৰিটেইনৰ লণ্ডন স্কুল অব ইকনমিক্সত হৈছে। ব্ৰ'নিছল' মলিনস্কিক নৃতত্ত্বৰ পিতৃ বুলি কোৱা হয়। তেওঁৰ নৃতত্ত্বতেই সামাজিক নৃতত্ত্ব ইউৰোপীয় সমাজত জনপ্ৰিয় হৈছিল। 


৪) সমাজতত্ত্বৰ অধ্য়য়ন ক্ষেত্ৰ বা পৰিসৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ প্ৰত্য়েক বিষয়ৰে একোটা নিজৰ অধ্য়য়ন ক্ষেত্ৰ থাকে। অধ্য়য়ন ক্ষেত্ৰৰ অবিহনে কোনো বিষয়েই সুচাৰুৰূপে ইয়াৰ লক্ষ্য়ত উপনীত হ'ব নোৱাৰে। অধ্য়য়নৰ বিষয় হিচাপে সমাজতত্ত্বৰো এটি নিৰ্দিষ্ট পৰিসৰ আছে। সাধাৰণ অৰ্থত অধ্য়য়নৰ ক্ষেত্ৰ বা পৰিসৰ বুলিলে আমি এটি নিৰ্দিষ্ট বিষয়ে ইয়াৰ অধ্য়য়নৰ বিষয়বস্তু হিচাপে যিবোৰ বিষয় সামৰি লয়, সেইসমূহৰ সমষ্টিকে একেলগে অধ্য়য়ন ক্ষেত্ৰ বা পৰিসৰ বুলিব পাৰি। কিছু সংখ্য়ক সমাজতত্ত্ববিদে মত প্ৰকাশ কৰিছে যে সমাজক সামগ্ৰিকভাৱে অধ্য়য়ন কৰাটোৱেই সমাজতত্ত্বৰ অধ্য়য়নৰ পৰিসৰ। অৰ্থাৎ এইসকল চিন্তাবিদৰ মতে সমাজতত্ত্ব অধ্য়য়নৰ ক্ষেত্ৰ হ'ল সমগ্ৰ মানৱ সমাজ। আনহাতে আন এচাম সমাজতত্ত্ববিদৰ মতে, সমাজতত্ত্বৰ পৰিসৰ সমগ্ৰ মানৱ সমাজ নহৈ ইয়াৰ এটা নিৰ্দিষ্ট দিশ হোৱা উচিত। কিয়নো সমাজৰ সকলো দিশ সামৰি একেলগে অধ্য়য়ন কৰাটো সম্ভৱপৰ নহয়। সেয়েহে সমাজতত্ত্বই এটা বিশেষ দিশহে আলোচনা কৰা উচিত। 
            গতিকে দেখা গ'ল যে সমাজতত্ত্বৰ অধ্য়য়নৰ ক্ষেত্ৰ সম্পৰ্কে সমাজতত্ত্ববিদসকলৰ মাজত মতানৈক্য়ৰ সৃষ্টি হৈছে। ফলস্বৰূপে এই সম্পৰত সমাজতত্ত্ববিদসকল দুটা প্ৰধান ভাগত বিভক্ত হোৱা দেখা গৈছে। এই ভাগ দুটা হ'ল - বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠী আৰু সমন্বয়াত্মক চিন্তাগোষ্ঠী। 
            তলত এই দুটা চিন্তাগোষ্ঠীৰ সম্পৰ্কে আলোচনা কৰা হ'ল -
  •  বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠীঃ এই মতবাদৰ প্ৰধান বক্তব্য় হ'ল যে সমাজতত্ত্বৰ অধ্য়য়ন ক্ষেত্ৰত এটা সীমা থকাটো প্ৰয়োজন। কিয়নো সমাজতত্ত্বই নিজকে এক বিজ্ঞানধৰ্মী বিষয় হিচাপে প্ৰতিষ্টা কৰিবলৈ হ'লে ই সমাজৰ এটা নিৰ্দিষ্ট দিশ বাছি লৈ উক্ত দিশটো বস্তুনিষ্ঠভাৱে বৈজ্ঞানিক পদ্ধতিৰে অধ্য়য়ন কৰিব লাগিব। এই মতামত আগবঢ়াইছিল এই মতবাদৰ প্ৰধান পৃষ্ঠপোষক "Max Weber, Vier Kandt, Small, Von Wiese, F Tonnis আদি সমাজতত্ত্ববিদসকলে। সমাজতত্ত্ববিদ পিটিৰিম এ ছ'ৰ'কিনে তেওঁৰ বিখ্য়াত গ্ৰন্থ " Contemporary Sociological Theories" নামৰ গ্ৰন্থত উল্লেখ কৰাৰ মতে - জৰ্জ ছিলেম আৰু এফ টনিছ হ'ল বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাগোষ্ঠী  প্ৰতিষ্ঠাপক। এই চিন্তাগোষ্ঠীৰ প্ৰতিষ্ঠাপক হিচাপে ছিলেমে মত প্ৰকাশ কৰিছে যে সমাজতত্ত্বই সামাজিক সম্বন্ধৰ স্বৰূপৰ বিভিন্ন ক্ষেত্ৰত থকা পাৰ্থক্য় তথা ইয়াৰ বিষয়বস্তুৰ বিষয়ে অধ্য়য়ন কৰা উচিত। 
  • সমন্বয়াত্মক চিন্তাগোষ্ঠীঃ সমাজতত্ত্বৰ অধ্য়য়নৰ পৰিসৰ সম্পৰ্কত গঢ় লৈ উঠা আনটো চিন্তাগোষ্ঠী হ'ল সমন্বয়াত্মক চিন্তাগোষ্ঠী। এই চিন্তাগোষ্ঠীৰ মূল বক্তব্য় হ'ল যে সমাজতত্ত্বই সকলো সমাজ বিজ্ঞানৰ মাজত সমন্বয় স্থাপন কৰি ইয়াৰ সকলো দিশ অধ্য়য়ন কৰে। সমাজতত্ত্বক এক বিশেষ বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে ইয়াক এক সাধাৰণ সমাজ বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাতহে এই চিন্তাগোষ্ঠীৰ লেখকসকলে মতপোষণ কৰে। এই চিন্তাগোষ্ঠীৰ মুখ্য় পৃষ্ঠপোষকসকল হ'ল - ইমাইল দুৰখেইম, এল টি হবহাউছ, মৰিছ জিনছবাৰ্গ আৰু পিটিৰিম এ ছ'ৰ'কিন। 
                         সমাজতত্ত্বৰ জন্মদাতা আগষ্ট ক'টেও ইয়াৰ পৰিষৰ সম্পৰ্কত মত প্ৰকাশ কৰি কৈছে যে,  সমাজতত্ত্বই সমাজৰ স্থায়িত্বতা আৰু গতিশীলতা বিষয়ে অধ্যয়ন কৰে। তেওঁৰ মতে, সামাজিক স্থায়িত্বই সমাজৰ সংস্থাসমূহক বুজায় আৰু সামাজিক গতিশীলতাই সামাজিক পৰিৱৰ্তনক সূচায়।গতিকে সমাজতত্ত্বই সমাজৰ সমগ্ৰ দিশ অধ্য়য়ন কৰে। এই চিন্তাগোষ্ঠীৰ মুখ্য় পৃষ্ঠপোষক ইমাইল দুৰখেইমে সমাজতত্ত্বৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰোঁতে ইয়াৰ তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ কথা উল্লেখ কৰিছে। সেয়া হৈছে -  
  1. সামাজিক সংগঠন তত্ত্ব
  2. সামাজিক শৰীৰ সংৰচনা তত্ত্ব
  3. সাধাৰণ সমাজতত্ত্ব                                             

৫) বিজ্ঞান বুলিলে কি বুজা ? 
উত্তৰঃ বিজ্ঞান এনে এক অধ্য়য়ন পদ্ধতি, যাৰ দ্বাৰা যিকোনো ঘটনা বা বস্তুৰ ওপৰত প্ৰণালীবদ্ধ পৰীক্ষা আৰু প্ৰমাণৰ সহায়ত প্ৰকৃত সত্য় আৱিষ্কাৰ কৰা হয়। 
          

৬) সমাজতত্ত্বৰ গুৰুত্ব সম্পৰ্কে বহলাই লিখা।
উত্তৰঃ সমাজতত্ত্ব অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সম্পৰ্কে সাধাৰণ ভাবে অধ্যয়ন কৰিব নোৱাৰে।

(ক) সমাজতত্ত্বই বৈজ্ঞানিক পদ্ধতিৰে মানৱ সমাজখনৰ বিষয়ে অধ্য়য়ন কৰে। সমাজতত্ত্বৰ জন্মৰ আগতে মানৱ সমাজৰ সকলো জটিলতাৰ বিষয়ে পদ্ধতিগতভাৱে আৰু বৈজ্ঞানিক পদ্ধতিৰে অধ্য়য়ন কৰিবলৈ কোনো সমাজ বিজ্ঞান নাছিল। সেয়েহে সমাজতত্ত্বৰ জন্মই মানৱ সমাজৰ বিষয়ে বৈজ্ঞানিক পদ্ধতিৰে অধ্য়য়ন কৰাটো সম্ভৱ কৰি তুলিলে। ফলত মানৱ সমাজৰ ওপৰত বৈজ্ঞানিক জ্ঞান অৰ্জন কৰিব পৰা হ'ল, যিবোৰ বিভিন্ন ক্ষেত্ৰত প্ৰগতিৰ বাবে প্ৰয়োজনীয়। 

(খ) সমাজতত্ত্বই মানুহৰ সামাজিক প্ৰকৃতিটোৰ ওপৰত অধ্য়য়ন কৰাত অধিক গুৰুত্ব দিয়ে। যাৰফলত মানুহে সমাজপাতি বসবাস আৰু সমূহীয়াভাৱে বসবাস আদিৰ বিষয়য়ো অধ্য়য়ন কৰিব পাৰে। তদুপৰি সমাজতত্ত্বই ব্য়ক্তি আৰু সমাজৰ মাজত থকা সম্পৰ্ক আৰু ব্য়ক্তিৰ ওপৰত সমাজৰ প্ৰভাৱ আদিও অধ্য়য়ন কৰে।

(গ) সমাজতত্ত্ব অধ্য়য়নৰ জৰিয়তে সমাজৰ সংস্কৃতিৰ বিষয়েও জানিব পাৰি। যিহেতু সমাজতত্ত্বই মানৱ সমাজৰ সকলো দিশ অধ্য়য়ন কৰে। সেই হিচাপে ই সমাজৰ গুৰুত্বপূৰ্ণ অংগ স্বৰূপ ধৰ্ম, প্ৰথা, লোকাচাৰ, সংস্থা, প্ৰমূল্য় আদিৰ বিষয়েও আলোচনা কৰে। ইয়াৰ ফলত আমি সমাজৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰোঁ। 

(ঘ) শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ যথেষ্ট গুৰুত্ব আছে। বৰ্তমান সমাজতত্ত্বৰ গুৰুত্ব ব্য়ৱসায়, উদ্য়োগ পৰিচালনা, নগৰ পৰিকল্পনা, সামাজিক কাৰ্য, সামাজিক কল্য়াণ, বিজ্ঞাপন, যোগাযোগ, প্ৰশাসন আদিৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি পাইছে। 

(ঙ) অনুন্নত অৰ্থনীতিৰ দেশসমূহতো সমাজতত্ত্বৰ অধ্য়য়নৰ গুৰুত্ব আছে। বৰ্তমান সময়ত সমাজতত্ত্বই অৰ্থনীতিবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিয়নো অনুন্নত দেশসমূহত সামাজিক কাৰক কিছুমানে অৰ্থনৈতিক অনগ্ৰসৰতাত প্ৰভাৱ পেলায়। 

(চ) সমাজত বিদ্য়মান সামাজিক সমস্য়াসমূহ সমাধান কৰোঁতে সমাজতত্ত্বই অৰিহণা যোগায়। সমাজ বিজ্ঞান হিচাপে সমাজতত্ত্বই এই সামাজিক সমস্য়াসমূহৰ কাৰণ, ফলাফল, উৎস আদিৰ বিষয়ে বৈজ্ঞানিক পদ্ধতিৰে অধ্য়য়ন কৰে। তদুপৰি, এই সমস্য়াসমূহৰ সমাধানৰ উপায়ো সমাজতত্ত্বই উদ্ভাৱন কৰে। গতিকে ক'ব পাৰি যে সামাজিক সমস্য়াসমূহ সমাধানৰ ক্ষেত্ৰত সমাজতত্ত্বৰ গুৰুত্ব অসীম।

(ছ) অনুসূচিত জাতি - জনজাতিৰ কল্য়াণৰ হকে চৰকাৰে আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো সমাজতাত্ত্বিক অধ্য়য়নে সহায় কৰে। সমাজৰ অধিবাসী হিচাপে এই অনুসূচিত জাতি - জনজাতি লোকসকলৰ জীৱন পদ্ধতি তথা তেওঁলোকৰ বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি সমস্য়াও সমাজতত্ত্বই অধ্য়য়ন কৰে। 

(জ) সমাজতত্ত্বই মানুহৰ কামৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সমাধানতো সহায় কৰে। যাৰ সহায়ত মানুহৰ মাজত একতাৰ ভাব গঢ়ি উঠে। ইয়াৰ উপৰিও মানুহৰ সংস্কৃতি চহকী কৰাতো  সমাজতত্ত্বৰ প্ৰভাৱ অসীম। 

(ঝ) সমাজতত্ত্বই ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশতো সহায় কৰে। সমাজতত্ত্বই শিশুৰ সামাজিকীকৰণত নিয়োজিত বিভিন্ন সংস্থা তথা প্ৰতিনিধিবিলাকৰ বিষয়ে আলোচনা কৰে আৰু এই সংস্থাবিলাকৰ লগত ব্য়ক্তিৰ সম্বন্ধৰ স্বৰূপ আদিৰ বিষয়ে তথ্য় প্ৰকাশ কৰে। 

           গতিকে ক'ব পাৰি যে উপৰিউক্ত দিশসমূহৰ বাহিৰেও আৰু বহুতো আনুষংগিক দিশত সমাজতত্ত্বৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি। 

Answered by - Sri Mampi Kakati 


Post ID:  DABP007518

**********