সমাজতত্ত্ব আৰু অন্য়ান্য় সমাজ বিজ্ঞান

অনুশীলনী

১) 'সমাজতত্ত্ব আৰু নৃতত্ত্ব যমজ ভগ্নী স্বৰূপ।' - আলোচনা কৰা।

উত্তৰঃ সমাজতত্ত্বৰ দ্বৰে নৃতত্ত্বও হৈছে এক উল্লেখযোগ্য় সমাজ বিজ্ঞান। সমাজতত্ত্ববিদ আৰু নৃতত্ত্ববিদসকলে উভয়ৰে সম্পৰ্কক স্বীকৃতি প্ৰদান কৰিছে। তেখেতসকলৰ মতে, সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত ইমান নিবিড় সম্পৰ্ক যে সাধাৰণ দৃষ্টিত দুয়োটা বিষয়ৰ মাজত পাৰ্থক্য় বিচাৰি পোৱাটো টান। বিশ্ববিখ্য়াত নৃতত্ত্ববিদ এ এল ক্ৰবাৰে সমাজতত্ত্ব আৰু নৃতত্ত্বৰ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ দুয়োটা বিষয়কে যমজ ভগ্নী হিচাপে উল্লেখ কৰিছে। এই দিশৰ পৰা সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত ওতপ্ৰোত সম্পৰ্ক থকাৰ কথা অনুমান কৰিব পাৰি। 

             'নৃতত্ত্ব' ৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Anthropology' । এই শব্দটো গ্ৰীক শব্দ 'Anthropos' অৰ্থাৎ 'Man' আৰু 'Logos' অৰ্থাৎ 'Study', এই শব্দ দুটাৰ সমন্বয়ত গঠিত হৈছে। গতিকে 'Anthropology' মানে হৈছে 'মানুহৰ বিষয়ে কৰা অধ্য়য়ন'।  এই দিশৰ পৰা সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত ওতপ্ৰোত সম্পৰ্ক থকাৰ ওমান পোৱা যায়। 

             নৃতত্ত্ব বিজ্ঞানে মানুহৰ অধ্য়য়ন আৰু অতীত কালত সংস্কৃতিয়ে কিদৰে বিকাশ লাভ কৰিছিল - সেই বিষয়ে অধ্য়য়ন কৰে। আনহাতে সমাজতত্ত্বই বৰ্তমান সমাজত ঘটি থকা এনে ঘটনাসমূহৰ বিষয়ে অধ্য়য়ন কৰে। এইদৰে সমাজতত্ত্ব আৰু নৃতত্ত্বৰ এনে কিছুমান উমৈহতীয়া বিষয় আছে , যিসমূহ সমাজতত্ত্ব আৰু নৃতত্ত্ব দুয়োটা বিষয়েই অধ্য়য়ন কৰে। এই বিষয়সমূহৰ ভিতৰত সমাজৰ গঠন প্ৰক্ৰিয়া, সামাজিক সংস্থাবোৰৰ গঠনৰ প্ৰকৃতি আৰু ক্ৰিয়াসমূহ কেনেকুৱা আদি বিষয়ে সমাজতত্ত্ব আৰু নৃতত্ত্ব দুয়োটা বিষয়েই অধ্য়য়ন কৰে। 

             ৰেডক্লিফ ব্ৰাউন, বি মেলিনক্সি, বাল্ট লিনটন আদি সমাজবিজ্ঞানীসকলে ক'ব বিচাৰে যে সমাজতত্ত্ব আৰু নৃতত্ত্বৰ সম্পৰ্ক নিবিড়। গতিকে, নৃতত্ত্বৰ অধ্য়য়ন অবিহনে সমাজতত্ত্বৰ বিকাশ আধৰুৱা। সেয়ে নৃতত্ত্ববিজ্ঞান আৰু সমাজ বিজ্ঞানৰ সম্পৰ্ক গভীৰ বুলিব পাৰি।


২) সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্ক আলোচনা কৰা। 

উত্তৰঃ সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্ক বহু পুৰণি। এই দুই বিষয়ৰ ওপৰত বহুতো চিন্তাবিদে বহুতো মন্তব্য় আগবঢ়াইছে। বিখ্য়াত সমাজতত্ত্ববিদ টি বি বটোমোৰেৰ মতে, সমাজতত্ত্ব আৰু মনোবিজ্ঞান পৰস্পৰ পৰিপূৰক। মনোবিজ্ঞান আৰু সমাজতত্ত্বৰ মাজত গভীৰ সম্পৰ্ক আছে। ব্য়ক্তিৰ আৱেগ, অনুভূতি, অভিপ্ৰায়, দৃষ্টিভংগী, ব্য়ক্তিত্ব আদি সম্পৰ্কে মনোবিজ্ঞানে অধ্য়য়ন কৰে আৰু এই সকলো মানসিক প্ৰক্ৰিয়া সমাজৰ লগত জড়িত। স্বাভাৱিকতেই সমাজতাত্ত্বিক অধ্য়য়নত মনোবিজ্ঞানৰ ভূমিকা অপৰিসীম।  মেক আইভাৰৰ মতে ' Sociology gives special aid to psychology just as psychology gives special aid to Sociology ' অৰ্থাৎ, ' সমাজবিজ্ঞানে মনোবিজ্ঞানক বিশেষ সহায় আগবঢ়ায় ঠিক সেইদৰে মনোবিজ্ঞানে সমাজবিজ্ঞানক বিশেষ সহায় কৰে '। 

            ফৰাচী সমাজতত্ত্ববিদ ইমাইল দুৰখেইমে এই প্ৰসংগত বিপৰীত মতামত আগবঢ়াইছে। তেওঁৰ মতে, সমাজতাত্ত্বিক অধ্য়য়ন মনস্তাত্ত্বিক বিশ্লেষণ নহয়। তেওঁ সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ বিষয়বস্তুৰ মাজত পাৰ্থক্য় বিস্তাৰিতভাৱে আলোচনা কৰিছে।তেওঁৰ মতে, সমাজতাত্ত্বিক অধ্য়য়নৰ বিষয় হ'ল সামাজিক ঘটনা আৰু এই সামাজিক ঘটনা ব্য়ক্তিৰ মনৰ লগত সম্পৰ্কযুক্ত নহয়। সেই কাৰণেই মনস্তাত্ত্বিক ঘটনাৰ ব্য়াখ্য়া সম্ভৱ নহয়। জন ষ্টুৱাৰ্ট মিলেও দুৰখেইমৰ মতামতক সমৰ্থন কৰিছ। 

            টি বি বটোমোৰেৰ মতে, সামাজিক মনোবিজ্ঞান আৰু সমাজত্ত্বৰ মাজত সম্পৰ্ক গভীৰ। সামাজিক মনোবিজ্ঞান এক যৌগিক সামাজিক বিজ্ঞান। সমাজতত্ত্বৰ মূল উপজীব্য় 'সমাজ' আৰু মনোবিজ্ঞানৰ মূল উপজীব্য় বিষয় 'ব্য়ক্তি' ক কেন্দ্ৰ কৰিয়েই সামাজিক মনোবিজ্ঞানৰ সৃষ্টি হৈছে। এই যৌগিক সামাজিক বিজ্ঞানটোৰ বিষয়বস্তু হ'ল ব্য়ক্তি আৰু সমাজৰ সম্পৰ্ক সমাজতাত্ত্বিক অধ্য়য়ন। সেয়েহে সমাজিক মনোবিজ্ঞানক সমাজতত্ত্বৰ এটা ভাগ বুলি অভিহিত কৰা হয়। এই প্ৰসংগত মতয়ানিয়ে কৈছে, ' Social psychology is a link between psychology and sociology '. 

            উপৰোক্ত আলোচনাৰ পৰা এইটো গম পোৱা গ'ল যে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্ক গভীৰ। দুয়ো দুয়োৰে পৰিপূৰক। ব্য়ক্তি আৰু সমাজ অধ্য়য়নৰ ক্ষেত্ৰত দুয়োটা বিষয়ে উভয়ে উভয়ক সহায় কৰিলেহে সঠিক সামাজিক অধ্য়য়ন সম্ভৱ হয়। 


৩) সমাজতত্ত্ব আৰু ইতিহাসৰ সম্পৰ্ক নিৰ্ণয় কৰা।

উত্তৰঃ সমাজতত্ত্ব আৰু ইতিহাস পৰস্পৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিপূৰক। সমাজতত্ত্বই সমাজ অধ্য়য়নৰ সময়ত ইতিহাসৰ সহায় লোৱাটো পৰিলক্ষিত হয়। এইচ ই হাৱাৰ্ডৰ মতে, 'ইতিহাস অতীতৰ সমাজতত্ত্ব আৰু সমাজতত্ত্ব বৰ্তমানৰ ইতিহাস '। বিষয়বস্তু অধ্য়য়নৰ ফালৰ পৰা দুয়োটা বিষয়ৰ সাদৃশ্য় আছে।

            ইতিহাসৰ অন্তৰ্ভুক্তি অথবা সংগৃহীত তথ্য়ৰ পৰিপেক্ষিতত আধুনিক সমাজতত্ত্বৰ এক নতুন ধাৰাৰ সৃষ্টি হৈছে। সমাজতত্ত্বৰ এই নতুন ধাৰাটো ঐতিহাসিক সমাজতত্ত্ব বুলি জনপ্ৰিয়।ইতিহাস আৰু সমাজতত্ত্বৰ সম্পৰ্কৰ ভিত্তি হৈছে সহযোগিতা। সেয়েহে দুয়োটা বিষয়ৰ ঘনিষ্ঠ সম্পৰ্ক অনস্বীকাৰ্য। 

           সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থাকিলেও বিভিন্ন বিষয়ত পাৰ্থক্য় পৰিলক্ষিত হয়। সেই পাৰ্থক্য়বোৰ হ'ল - 

  • ইতিহাস বস্তুনিষ্ঠ। আনহাতে সমাজতত্ত্ব বিমূৰ্ত।
  • দুয়োটা বিষয়ৰ অধ্য়য়নৰ বিষয়বস্তুৰ পাৰ্থক্য় আছে।  
  •  দুয়োটা বিষয় এটা আনটোৰ লগত স্থান - কাল পৰিপ্ৰেক্ষিতত উদ্দেশ্য়গত পাৰ্থক্য় পৰিলক্ষিত হয়। 
  • দৃষ্টিভংগীৰ পাৰ্থক্য়  সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত যথেষ্ট পৰিলক্ষিত হয়। 
  • সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত কালগত পাৰ্থক্য় আছে। সাধাৰণতে অতীত ঘটনাৰ মাজত ইতিহাসৰ আলোচনা সীমাবদ্ধ থাকে। আনহাতে সমকালীন আৰু নিকট অতীত বিষয়ত সমাজতত্ত্ব আগ্ৰহী হোৱাটো পৰিলক্ষিত নহয়।
    ইতিহাস আৰু সমাজতত্ত্ব স্বতন্ত্ৰ সামাজিক বিজ্ঞান। তথাপি দুয়োটা সমাজ বিজ্ঞানক স্বতন্ত্ৰ কৰাটো সম্ভৱ নহয়। উভয়ৰে মূল বিষয় সমাজ , উভয়ৰে পটভূমি একে। তথাপি ইহঁতৰ উদ্দেশ্য় আৰু দৃষ্টিভংগী একে নহয়। সেয়েহে দুয়োটা বিষয় পৰস্পৰৰ নিৰ্ভৰশীল আৰু পৰিপূৰক হোৱা সত্ত্বেও সুকীয়া পৰিচয় বহন কৰি আহিছে।

Answered by - Sri Mampi Kakati 

**********