প্ৰাথমিক অৱধাৰ

অনুশীলনী 

১) সমাজৰ সমাজতাত্ত্বিক অৰ্থ প্ৰকাশ কৰা। সমাজৰ মূল বৈশিষ্ট্য়সমূহ কি কি আলোচনা কৰা।

উত্তৰঃ- ' সমাজ ' সমাজতত্ত্বৰ এক গুৰুত্বপূৰ্ণ প্ৰাথমিক অৱধাৰণা। সমাজ শব্দটো সাধাৰণতে প্ৰচলিত শব্দ যদিও ইয়াৰ অৰ্থ সমাজতত্ত্বৰ দৃষ্টিভংগীত অতি ব্য়াপক। সাধাৰণ অৰ্থত ব্য়ক্তিৰ সমষ্টিকেই সমাজ বোলা হয়। 

            শব্দগত অৰ্থৰ ফালৰ পৰা সমাজ শব্দটো ইংৰাজী ' Society ' শব্দৰ অসমীয়া প্ৰতিশব্দ। এই Society শব্দটো লেটিন শব্দ ' Socius ' ৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ হ'ল - Companionship বা Friendship । 

             আনহাতে সমাজতাত্ত্বিক দৃষ্টিভংগীত সমাজ বুলিলে কেৱল ব্য়ক্তিৰ সমষ্টিকে নুবুজায়। সমাজ হ'বলৈ হ'লে ব্য়ক্তিৰ সমষ্টিৰ লগতে তেওঁলোকৰ মাজত সামাজিক সম্বন্ধ থাকিব লাগিব। সমাজপ্ৰিয় প্ৰাণী হিচাপে মানুহে সংঘবদ্ধভাৱে বসবাস কৰাটো এটা সহজাত প্ৰবৃত্তি। সেইদৰে কোনো মানুহেই সমাজত আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে। গতিকে, মানুহৰ এই সহজাত প্ৰবৃত্তিৰ বাবেই হওক বা আত্মনিৰ্ভৰশীলতাৰ অভাৱৰ বাবেই হওক সমাজ পাতি বসবাস কৰোঁতে মানুহে এজনে আন এজনৰ লগত আন্তঃক্ৰিয়াত লিপ্ত হ'ব লগা হয় আৰু এনে আন্তঃক্ৰিয়াৰ ফলতেই মানুহৰ মাজত আন্তঃসম্বন্ধ বা সামাজিক সম্বন্ধৰ সৃষ্টি হয়।আন্তঃক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এই সামাজিক সম্বন্ধই মানুহক এক এনাজৰীৰে বান্ধি ৰাখে। যাৰফলত আমি স্থায়ীভাৱে সমাজ পাতি বসবাস কৰিব লগা হয়। 

             ওপৰৰ আলোচনালৈ লক্ষ্য় কৰিলে দেখা যায় যে সমাজতাত্ত্বিক দৃষ্টিভংগীত সমাজ হ'বলৈ হ'লে তাত কেইটামান উপাদান থকাটো প্ৰয়োজনীয়। যেনে - ব্য়ক্তিৰ সমষ্টি, সামাজিক সম্বন্ধ, স্থায়িত্বতা ইত্য়াদি। অৰ্থাৎ এক নিৰ্দিষ্ট ব্য়ক্তিৰ সমষ্টিয়েই সামাজিক সম্বন্ধেৰে বান্ধ খাই স্থায়ীভাৱে বাস কৰি থাকিলে আমি তাক সমাজ বুলিব পাৰো। 

             সমাজৰ মূল বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ'ল - 

(ক) ব্য়ক্তিৰ সমষ্টিঃ- ব্য়ক্তিৰ সংঘবদ্ধতা বা সমষ্টি সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য়। কিয়নো ব্য়ক্তিৰ অবিহনে সমাজ গঠন কৰাটো অসম্ভৱ। সেইদৰে ব্য়ক্তিৰ সংঘবদ্ধতাও সমাজৰ বাবে প্ৰয়োজন। অৰ্থাৎ ব্য়ক্তিৰ সংঘবদ্ধতাৰ অবিহনে কেৱল এজন বা দুজন ব্য়ক্তিৰ সহায়ত সমাজ গঠন হ'ব নোৱাৰে। আনহাতে সমাজ সৃষ্টি হ'বলৈ হ'লে যিহেতু সামাজিক সম্বন্ধৰ প্ৰয়োজন আৰু সামাজিক সম্বন্ধ হ'বলৈ যিহেতু আন্তঃক্ৰিয়াৰ প্ৰয়োজন, গতিকে সামাজিক সম্বন্ধ আৰু আন্তঃক্ৰিয়াৰ সৃষ্টি হ'বলৈও ব্য়ক্তি সংঘবদ্ধতাৰ প্ৰয়োজন।

(খ) সামাজিক সম্বন্ধঃ- অন্য়ান্য় জীৱ - জন্তুৰ সমাজৰ পৰা মানৱ সমাজক যিটো বৈশিষ্টৰ সহায়ত পৃথক কৰা হয় সেইটোৱেই হৈছে সামাজিক সম্বন্ধ। ব্য়ক্তিৰ অবিহনে যিদৰে সমাজ গঠন কৰাটো অসম্ভৱ তেনেদৰে সামাজিক সম্বন্ধৰ অবিহনেও সমাজ গঠন কৰাটো অসম্ভৱ। কাৰণ এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত যদি সামাজিক সম্বন্ধ নাথাকে তেন্তে তেওঁলোকৰ মাজত স্থায়িত্বতা নাথাকিব, যিটোৰ অবিহনে সমাজৰ অস্তিত্ব নাথাকিব।

(গ) সাদৃশ্য় আৰু বৈসাদৃশ্য়ঃ- সমাজৰ আন এটা বৈশিষ্ট্য় হ'ল সাদৃশ্য় আৰু বৈসাদৃশ্য়। এখন সমাজত যিদৰে কিছু কিছু ক্ষেত্ৰত সাদৃশ্য় পৰিলক্ষিত হয়, তেনেদৰে কিছু কিছু ক্ষেত্ৰত বৈসাদৃশ্য়ও পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, একেখন সমাজৰ সদস্য হিচাপে প্ৰত্য়েক সদস্য়ই একে ধৰণৰ নীতি - নিয়মেৰে পৰিচালিত হ'ব লগা হয়, যিটোত তেওঁলোকৰ মাজত সাদৃশ্য়তা পৰিলক্ষিত হয়। আনহাতে একে সমাজতে বসবাস কৰে যদিও মানুহৰ  ৰুচি অনুযায়ী সাজ - পাৰৰ ধৰণ, গৃহ নিৰ্মাণৰ ধৰণ বা সাংস্কৃতিক পৰম্পৰা আদি ক্ষেত্ৰত বৈসাদৃশ্য় পৰিলক্ষিত হয়। গতিকে, একেখন সমাজতে সাদৃশ্য় আৰু বৈসাদৃশ্য় দুয়োটাই দেখা পোৱা যায়। 

(ঘ) সমাজ অমূৰ্তঃ- সমাজক যদি কেৱল ব্য়ক্তিৰ সমষ্টি বুলিয়েই বিবেচনা কৰা হ'লহেঁতেন তেন্তে সমাজ অমূৰ্ত নহৈ মূৰ্ত হিচাপে পৰিগণিত হ'লহেঁতেন। কিন্তু যিহেতু সমাজক কেৱল ব্য়ক্তিৰ সমষ্টি বুলি ধৰা নহয় আৰু ইয়াৰ বাবে সামাজিক সম্বন্ধৰ প্ৰয়োজন হোৱাৰ বাবে সমাজক অমূৰ্ত বুলি ধৰা হয়। 

(ঙ) পাৰস্পৰিক নিৰ্ভশীলতাঃ- সমাজৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হ'ল ইয়াৰ সদস্য়সকলৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা। যেতিয়া এজন ব্য়ক্তিয়ে জীৱন - নিৰ্বাহৰ বাবে আন এজন বা ততোধিক ব্য়ক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় তেতিয়া সেই অৱস্থাটোক পাৰস্পৰিক নিৰ্ভশীলতা বুলি কোৱা হয়। সামাজিক জীৱনত কোনো এজন ব্য়ক্তিয়েই স্বয়ংসম্পূৰ্ণ নহয়। গতিকে প্ৰত্য়েক ব্য়ক্তিয়েই প্ৰত্য়েক্ষ বা পৰোক্ষভাৱে পৰস্পৰৰ ওপৰত কম - বেছি পৰিমাণে নিৰ্ভৰশীল হৈ জীৱন - যাপন কৰে। 

(চ) সহযোগিতাঃ- সহযোগিতাৰ অবিহনে কোনো এখন সমাজ বৰ্তি থাকিব নোৱাৰে। দৈনন্দিন জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সমাজৰ সদস্য়সকলৰ মাজত যদি সহযোগিতা নাথাকে তেন্তে তেওঁলোকৰ মাজত আন্তঃক্ৰিয়া নাথাকিব। 

(ছ) শ্ৰম বিভাজনঃ-  প্ৰত্য়েকখন সমাজতেই শ্ৰম বিভাজন হোৱা দেখা যায়। কিন্তু এই শ্ৰম বিভাজনৰ প্ৰকৃতি সমাজ ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। প্ৰকৃতি অনুসৰি সমাজৰ সদস্য়সকলৰ মাজত শ্ৰমৰ যি বিভাজন কৰা হয় তাকে শ্ৰম বিভাজন বোলে। 

(জ) সমাজ গতিশীলঃ- সমাজ মাত্ৰেই পৰিৱৰ্তনশীল। কোনো সমাজেই স্থবিৰ নহয়। সময়ৰ গতি পৰিৱৰ্তন হোৱাৰ লগে লগে যিকোনো সমাজতে পৰিৱৰ্তনৰ সূত্ৰপাত হয়। সেয়েহে পৰিৱৰ্তনক মানৱ সমাজৰ এক বিশ্বজনীন  প্ৰক্ৰিয়া বুলি কোৱা হয়। 

(ঝ) সামাজিক নিয়ন্ত্ৰণঃ- প্ৰত্য়েক সমাজৰে ইয়াৰ সদস্য়সকলৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ বেলেগ বেলেগ ব্য়ৱস্থা আছে। সকলো সমাজতেই সহযোগিতা থকা দেখা যায় যদিও প্ৰতিযোগিতা, সংঘৰ্ষ, বিপ্লৱ, আন্দোলন আদি প্ৰক্ৰিয়াসমূহতো সমাজ মাত্ৰেই থকা দেখা যায়। যিবোৰে সমাজ সুস্থ ৰূপত পৰিচালিত হোৱাত ব্য়াঘাত জন্মায়। গতিকে এইসমূহকে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। সমাজে যি পদ্ধতিৰ দ্বাৰা মানুহৰ আচৰণ এক নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব বিচাৰে, সেই পদ্ধতিকে সামাজিক নিয়ন্ত্ৰণ বুলি কোৱা হয়। 

 (ঞ) সংস্কৃতিঃ- প্ৰত্য়েক সমাজেই আন আন সমাজৰ পৰা পৃথক। কাৰণ প্ৰত্য়েক সমাজৰে সদস্য়সকলৰ জীৱন - নিৰ্বাহ পদ্ধতি, চমুকৈ পদ্ধতি বেলেগ বেলেগ। অৰ্থাৎ এখন সমাজক আন এখন সমাজৰ পৰা ইয়াৰ সংস্কৃতিৰ সহায়তেই পৃথক কৰা হয়। সমাজৰ সংস্কৃতি বুলিলে আমি ইয়াৰ সদস্য়সকলৰ সমগ্ৰ জীৱন - নিৰ্বাহ পদ্ধতিটোকে বুজোঁ, য'ত সামাজিক প্ৰাণী হিচাপে মানুহে আহৰণ কৰিব লগা সকলো গুণ আয়ত্ত কৰি লয়। 


২) সমুদায় বুলিলে কি বুজা? ইয়াৰ আধাৰসমূহ কি কি? সমাজ আৰু সমুদায়ৰ পাৰ্থক্য় নিৰ্নয় কৰা?

উত্তৰঃ- সমাজতত্ত্বৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰাথমিক অৱধাৰণা হ'ল ' সমুদায় বা সম্প্ৰদায় '। ইংৰাজী ' Community ' শব্দটোৰ অসমীয়া প্ৰতিশব্দ ৰূপে ' সমুদায় বা সম্প্ৰদায় ' শব্দটো ব্য়ৱহাৰ কৰা হয় আৰু সমাজতত্ত্ব অধ্য়য়নৰ ক্ষেত্ৰত এই দুয়োটা শব্দক সমাৰ্থক হিচাপে ব্য়ৱহাৰ কৰা হয়। সম্প্ৰদায় বা সমুদায় হৈছে এনে এক উমৈহতীয়া সামাজিক স্থান ভাগ কৰা আৰু নিয়মিতভাৱে মত বিনিময় কৰা লোকৰ এটা গোট। সম্প্ৰদায়সমূহৰ বৈশিষ্ট্য হৈছে ভাগ কৰা পৰিচয়, অন্তৰ্গততা আৰু উদ্দেশ্যৰ অনুভূতি। সম্প্ৰদায়সমূহ বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি হ’ব পাৰে, যেনে শাৰীৰিক সান্নিধ্য, ভাগ-বতৰা কৰা আগ্ৰহ, সাংস্কৃতিক ঐতিহ্য বা সামাজিক শ্ৰেণী। সম্প্ৰদায়সমূহে ব্যক্তিসকলক সমৰ্থন, অন্তৰ্গততা আৰু নিৰাপত্তাৰ অনুভূতি প্ৰদান কৰিব পাৰে। সামাজিক সংহতি আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো তেওঁলোকে ভূমিকা ল’ব পাৰে। 

        সমুদায়ৰ প্ৰধান আধাৰ তিনিটা। সেইসমূহ হ'ল - 

(ক) জনসমূহ,

(খ) সংস্থিতি,

(গ) সাম্প্ৰদায়িক মনোভাৱ। 

        তলত এই তিনিওটা আধাৰৰ বিষয়ে বহলাই আলোচনা কৰা হ'ল - 

(ক) জনসমূহঃ- সমুদায় গঠন হ'বলৈ হ'লে প্ৰথমেই এক জনসমূহৰ প্ৰয়োজন। জনসমূহ শব্দটোৱে ইয়াত কিছুমান পৰিয়ালৰ সমষ্টিক বুজাইছে। অৰ্থাৎ যেতিয়া কিছুমান পৰিয়ালে ওচৰা - উচৰিকৈ একেলগে বাস কৰিবলৈ লয়, তেতিয়া সেই পৰিয়ালসমূহৰ জনসংখ্য়াক লৈ পৰিয়াল গঠন হ'ব পাৰে। কিন্তু কেৱল দুই বা চাৰিটা পৰিয়ালক লৈ এটা সমুদায় গঠন কৰাটোও অসম্ভৱ। গতিকে সমুদায় হ'বলৈ হ'লে এখন গাওঁ বা এটা অঞ্চলত বাস কৰা কেইবাখনো গাওঁ হ'ব লাগিব।

(খ)সংস্থিতিঃ- সমুদায়ৰ আন এটা আধাৰ হৈছে সংস্থিতি । এই আধাৰটোক আমি বাসস্থান বা ভৌগোলিক অঞ্চল বুলিও নামাকৰণ কৰিব পাৰোঁ। সাম্প্ৰতিক কালত সমুদায়ৰ এই উপাদানটোৰ ক্ষেত্ৰত আধুনিক যোগাযোগ আৰু পৰিবহন ব্য়ৱস্থাৰ উন্নতিয়ে কিছু পৰিৱৰ্তন আনিছে। 

(গ) সাম্প্ৰদায়িক মনোভাৱঃ- সাম্প্ৰদায়িক মনোভাৱৰ অবিহনে কেৱল জনসমূহ বা ভৌগলিক অঞ্চলতেই সমুদায় গঠন কৰিব নোৱাৰে। কিয়নো কেতিয়াবা কেতিয়াবা দেখা যায় যে একে অঞ্চলতে বাস কৰি থকা  জনসংখ্য়াৰ মাজতো কোনো ধৰণৰ যোগাযোগ নাথাকে। সাম্প্ৰদায়িক মনোভাৱে ইয়াৰ সদস্য়সকলক একগোট কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি সাম্প্ৰদায়িক মনোভাৱ নাথাকিলে সমুদায়ৰ সদস্য়সকলে উমৈহতীয়া স্বাৰ্থৰে কাম কৰিব নোৱাৰিব। গতিকে দেখা গ'ল যে সমুদায় গঠনৰ বাবে যিদৰে এক জনসমূহৰ প্ৰয়োজন, সেইদৰে এটা ভৌগোলিক অঞ্চল আৰু সেই জনসমূহৰ মাজত এটা সাম্প্ৰদায়িক মনোভাবৰো প্ৰয়োজন। 

         সমাজ আৰু সমুদায়ৰ মাজত থকা পাৰ্থক্য়সমূহ তলত আলোচনা কৰা হ'ল - 

(ক) সমাজ আৰু সমুদায়ৰ মাজত আকাৰৰ ক্ষেত্ৰতেই প্ৰথম পাৰ্থক্য়টোপৰিলক্ষিত হয়। কিয়নো সমুদায়ৰ আকাৰ সমাজতকৈ বহু সৰু। অৰ্থাৎ যিটো ভৌগোলিক অঞ্চল লৈ সমুদায় গঠন কৰা হয় তাৰ তুলনাত সমাজৰ পৰিসৰ বহু ব্য়াপক। সাধাৰণতে একোখন গাওঁ বা চুবুৰিক লৈ সমুদায় গঠন কৰা হয়। কিন্তু তেনে বহু গাওঁ বা চুবুৰি একেলগ হৈ এখন সমাজ গঠন হয়। অৰ্থাৎ সমাজৰ মাজতে সমুদায় অন্তৰ্ভুক্ত হৈ থাকে। 

(খ) প্ৰকৃতাৰ্থত সমাজৰ বাবে নিৰ্দিষ্ট ভূ - খণ্ডৰ প্ৰয়োজন নাই। আনহাতে সমাজৰ পৰিসৰ নিৰ্ধাৰণ কৰাটোও সম্ভৱ নহয়। কাৰণ অসমীয়া সমাজ বুলি ক'লে যেনেকৈ গোটেই অসমখনকে বুজা যায়, তেনেদৰে মানৱ সমাজ বুলিলে গোটেই বিশ্বব্ৰহ্মাণ্ডকে বুজিব লাগিব। গতিকে সমাজৰ বাবে নিৰ্দিষ্টকৈ ভূ - খণ্ডৰ প্ৰয়োজন নাই । কিন্তু সমুদায়ৰ বাবে ভৌগোলিক অঞ্চল নিৰ্দিষ্ট হোৱাটো প্ৰয়োজন। কাৰণ ভৌগোলিকভাৱে ডাঙৰ এটা অঞ্চলৰ মানুহৰ মাজত সমুদায়ৰ চৰ্তাৱলী প্ৰয়োগ কৰিব নোৱাৰি। 

(গ) এখন সমাজ এটাতকৈ অধিক সমুদায়ৰ দ্বাৰা গঠিত হয়। কিন্তু এটা সমুদায়ত এখনতকৈ অধিক সমাজ থাকিব নালাগে। 

(ঘ) এখন সমাজত সমূহীয়া তৎপৰতা, সামূহিক উদ্দশ্য়ৰ প্ৰয়োজন বেছি গুৰুত্বপূৰ্ণ নহয়। কিন্তু এটা সমুদায়ৰ বাবে সমূহীয়া তৎপৰতা, সামূহিক উদ্দেশ্য় আদিৰ বিশেষ প্ৰয়োজন আছে। 

(ঙ) আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰতো সমাজ আৰু সমুদায়ৰ মাজত পাৰ্থক্য় পৰিলক্ষিত হয়। দেখা যায় যে এখন সমাজ যিমান আত্মনিৰ্ভৰশীল হ'ব পাৰে, সমুদায় নোৱাৰে। পৰিসীমাৰ ভিতৰত জীৱন নিৰ্বাহৰ সকলো সুবিধা লাভ কৰিব নোৱাৰে। সেয়ে সমুদায়ৰ ব্য়ক্তিসকলে সকলো ক্ষেত্ৰতে সমাজৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয়। সেইবাবে সমুদায়ৰ তুলনাত সমাজ অধিক আত্মনিৰ্ভৰশীল। 

(চ) এটা সমুদায়ৰ ক্ষেত্ৰত সামূহিক আত্মীয়তাবোধ যিমান সবল ৰূপত গঢ় লয়, সমাজৰ ক্ষেত্ৰত সিমান সহজ তথা সবল নহয়। কাৰণ সমুদায়ৰ ব্য়ক্তিসকলৰ মাজত অধিক ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠে আৰু তেওঁলোকৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বেছি। আনহাতে সামাজিক সম্বন্ধৰে বান্ধ খাই থাকিলেও সমাজৰ লোকসকলৰ ক্ষেত্ৰত সামূহিক আত্মীয়তাবোধ সিমান সহজে গঢ় ল'ব নোৱাৰে।

(ছ) সাদৃশ্য় আৰু বৈসাদৃশ্য়ৰ ক্ষেত্ৰতো সমাজ আৰু সমুদায়ৰ মাজত পাৰ্থক্য় পৰিলক্ষিত হয়। সমুদায় তুলনামূলকভাৱে এটা সৰু ভৌগোলিক অঞ্চল লৈ গঠিত হয় বাবে ইয়াৰ সদস্য়সকলৰ মাজত সকলো ক্ষেত্ৰতে সাদৃশ্য় থকা দেখা যায়। সমুদায়ৰ সদস্য়সকলে একে ৰীতি - নীতি, ধৰ্মীয় আচৰণ মানি চলাৰ লগতে একে ভাষা ব্য়ৱহাৰ কৰে। কিন্তু সমাজৰ ক্ষেত্ৰত এনে সাদৃশ্য় পৰিলক্ষিত নহয়।

(জ) সমাজ অমূৰ্ত, কিন্তু সমুদায় মূৰ্ত। সমাজৰ ক্ষেত্ৰত সামাজিক সম্বন্ধৰ দিশটো অধিক গুৰুত্বপূৰ্ণ হোৱাৰ বাবে সমাজক অমূৰ্ত হিচাপে বিবেচনা কৰা হয়। কিন্তু সামাজিক সম্বন্ধৰ অমূৰ্ত দিশটোক সমুদায়ত সিমান গুৰুত্ব দিয়া নহয়। গতিকে সমুদায় মূৰ্ত। 

(ঝ) সমাজৰ ক্ষেত্ৰত উমৈহতীয়া উদ্দেশ্য় দেখা নাযায়। সমুদায়ৰ তুলনাত সমাজৰ জনসংখ্য়া অধিক হোৱা বাবে বৃহৎ জনসংখ্য়াৰ মাজত উমৈহতীয়া উদ্দেশ্য় স্থাপন কৰাটো অসম্ভৱ। আনহাতে সমুদায়ৰ জনসংখ্য়া কম হোৱাৰ বাবে তেওঁলোকৰ মাজত উমৈহতীয়া উদ্দেশ্য় থাকে।

(ঞ) এটা সমুদায় যিমান সংগতিপূৰ্ণ সমাজ সিমান নহয়। সমাজত যিমানখিনি বৈচিত্ৰ্য় দেখা যায় এটা সমুদায়ত সিমান বৈচিত্ৰ্য় দেখা নাযায়। সমুদায়ত সকলোৱে একে আদৰ্শৰে জীৱন যাপন কৰে বাবে সমুদায় অধিক সংগতিপূৰ্ণ হয়। কিন্তু সমাজৰ ক্ষেত্ৰত এইটো সম্ভৱপৰ নহয়।     


৩) সন্থা বুলিলে কি বুজা? সন্থাৰ প্ৰধান বৈশিষ্ট্য়সমূহ আলোচনা কৰা। 

উত্তৰঃ- সন্থা হ'ল কোনো ভাগ-বতৰা কৰা উদ্দেশ্য বা স্বাৰ্থ সাধন কৰিবলৈ একত্ৰিত হোৱা লোক বা সংগঠনৰ এটা গোট। ই কোনো আইনী সত্তা, বস্তুৰ মাজৰ সম্পৰ্ক, ধাৰণাসমূহৰ মাজত মানসিক সংযোগ বা চলকসমূহৰ মাজত পৰিসংখ্যাগত সম্পৰ্ক হ’ব পাৰে। ' Community ' ৰ প্ৰতিশব্দৰ ক্ষেত্ৰত যিদৰে মতানৈক্য়ৰ সৃষ্টি হয় সেইদৰে ' Association ' ৰ অসমীয়া প্ৰতিশব্দ সন্থা হ'ব নে সমিতি হ'ব তাক লৈও মতভেদৰ সৃষ্টি হোৱা দেখা যায়। কিন্তু শব্দগত অৰ্থৰ ফালে লক্ষ্য় কৰিলে দুয়োটা শব্দৰে অৰ্থ একে। গতিকে ' সমিতি ' আৰু ' সন্থা ' ক সমাৰ্থক হিচাপে ব্য়ৱহাৰ কৰা হয়।

           সমাজতত্ত্বত সন্থা সম্পৰ্কে পোনপ্ৰথমে মেক আইভাৰ আৰু পেজে পৃথকভাৱে ব্য়াখ্য়া আগৱঢ়াইছিল। তেওঁলোকৰ মতে সদস্য়সকলৰ ইচ্ছানুযায়ী গঠিত হোৱা সমূহ আৰু সংগঠনকে সন্থা বুলি ক'ব পাৰি। এই সন্থা সংগঠিত হওঁতে এটা বিশেষ উদ্দেশ্য় থাকে। তেওঁলোকৰ মতে, সমাজত তিনিধৰণৰ প্ৰধান সন্থা দেখা যায়। সেয়া হৈছে - ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সন্থা। 

          সন্থাৰ প্ৰধান বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হ'ল - 

(ক) নিৰ্দিষ্ট লক্ষ্য়ঃ- প্ৰত্য়েক সন্থাৰে কিছুমান নিৰ্দিষ্ট লক্ষ্য় থাকে। কিহৰ কাৰণে সন্থা গঠন কৰা হৈছে বা সন্থাই কি কাম কৰিব - এই বিষয়ত সন্থাৰ নিৰ্দিষ্ট লক্ষ্য় থাকে। সেইদৰে লক্ষ্য়ৰ আধাৰত সন্থাৰ কাৰ্যাৱলীও নিৰূপণ কৰা হয়। সন্থাভেদে ইয়াৰ লক্ষ্য় বেলেগ বেলেগ হয়। 

(খ) প্ৰতিমানঃ- প্ৰত্য়েক সন্থাৰে কিছুমান প্ৰতিমান থাকে। যিবোৰৰ দ্বাৰা সন্থা পৰিচালিত হয়। সন্থাৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰতিমানৰ প্ৰভাৱ যথেষ্ট। সন্থাৰ সদস্য়সকলে এই প্ৰতিমানসমূহৰ প্ৰতি আনুগত্য় প্ৰকাশ কৰাৰ লগতে দায়িত্ব আৰু ভূমিকাও পালন কৰে। 

(গ) প্ৰস্থিতিঃ- প্ৰত্য়েক সন্থাৰে সদস্য়সকলৰ নিজস্ব প্ৰস্থিতি থাকে, যিবোৰ সমাজৰ সাধাৰণ প্ৰস্থিতিৰ লগত একে নহয়। সন্থাৰ প্ৰতিমান অনুসৰি প্ৰস্থিতি নিৰ্ণয় কৰা হয়। যেনে - সন্থা অনুযায়ী সভাপতি, উপ - সভাপতি, সম্পাদক, সহকাৰী সম্পাদক, সাধাৰণ সদস্য় ইত্য়াদি হ'ল কিছুমান প্ৰস্থিতিৰ উদাহৰণ। সন্থাত সভাপতিৰ যি প্ৰস্থিতি বা মৰ্যাদা, সেয়া সমাজৰ সাধাৰণ প্ৰস্থিতিৰ লগত একে নহয়। প্ৰস্থিতি অনুযায়ী প্ৰত্য়েক সদস্য়ৰে কাম ভিন্ন হয়। 

(ঘ) কৰ্তৃত্বঃ- সন্থা গঠনত কৰ্তৃত্বৰ অৱদান যথেষ্ট। অৱশ্য়ে সন্থাৰ সদস্য়সকলৰ কৰ্তৃত্ব প্ৰস্থিতি অনুযায়ীহে দিয়া হয়। সন্থাৰ এই বৈশিষ্ট্য় অনুসৰি নিজৰ সদস্য়ৰ ওপৰত নিৰ্দেশ বা আদেশ দিয়াৰ লগতে কোনো সদস্য়ই সন্থাবিৰোধী কামত লিপ্ত হ'লে তেওঁৰ ওপৰত শাস্তিমূলক ব্য়ৱহাৰ গ্ৰহণ কৰিব পৰা কৰ্তৃত্বও থাকে। যিহেতু কৰ্তৃত্ব অবিহনে সন্থা বৰ্তি থকাটো সম্ভৱ নহয়, সেয়ে নিজস্ব কাৰ্য আৰু পৰিসৰৰ ভিতৰত সকলোতে ই নিজস্ব কৰ্তৃত্ব প্ৰয়োগ কৰিব পাৰে। কৰ্তৃত্বৰ জৰিয়তেই সন্থাৰ নিয়মানুৱৰ্তিতা আৰু প্ৰতিমান পালন কৰাত সহায় হয়। 

(ঙ) নিজস্ব সম্পত্তিঃ- প্ৰত্য়েক সন্থাৰে কিছমান নিজস্ব সম্পত্তি থকাটো এটা অন্য়তম বৈশিষ্ট্য়। সন্থাৰ সম্পত্তিৰ ভিতৰত ইয়াৰ মাটি, ঘৰ - দুৱাৰ, টকা - পইচা, আচবাব আদিৰ লগতে কাৰ্যালয়ৰ মোহৰো অন্তৰ্ভুক্ত থাকে। 

(চ) নাম আৰু প্ৰতীকঃ- প্ৰত্য়েক সন্থাৰে নিজস্ব একোটা নাম থাকে। এই নামটোৰ জৰিয়তেই এটা সন্থাৰ কাৰ্যাৱলী সম্পৰ্কে অনুমান কৰিব পাৰি। যেনে - সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম শিক্ষক সন্থা আদি। এই নামসমূহৰ জৰিয়তে ইয়াৰ সদস্য় পদ নিৰ্ধাৰণৰ লগতে কাৰ্যাৱলী সম্পৰ্কে আভাস পাব পাৰি। সন্থাৰ নামৰ লগতে প্ৰত্য়েক সন্থাৰে কিছুমান নিৰ্দিষ্ট প্ৰতীকও থাকে। ইয়াৰ ভিতৰত সন্থাৰ মোহৰ, পতাকা আদি অন্তৰ্ভুক্ত।

(ছ) সন্থা অস্থায়ীঃ- সন্থাৰ প্ৰকৃতি অস্থায়ী। নিৰ্দিষ্ট লক্ষ্য় সাধনৰ পিছত সন্থা ভংগ হৈ যোৱাৰ সম্ভাৱনা থাকে। অৱশ্য়ে কিছু ক্ষেত্ৰত দেখা যায় যে নিৰ্দিষ্ট লক্ষ্য়সমূহ সাধন কৰাৰ পিছত আকৌ নতুন কিছুমান লক্ষ্য়ৰে সন্থাক পুনঃগঠন কৰা হয়। তথাপি সন্থাৰ প্ৰকৃতি সদায় অস্থায়ী হৈয়ে থাকিব। 


৪) সংস্থাৰ অৰ্থ প্ৰকাশ কৰা। ইয়াৰ কাৰ্যসমূহ কি কি? 

উত্তৰঃ- "প্ৰতিষ্ঠান" শব্দটোৰ দুটা মূল অৰ্থ আছে:

        কোনো বিশেষ সেৱা বা কাৰ্য্যকলাপ প্ৰদান কৰিবলৈ স্থাপন কৰা সংস্থা বা প্ৰতিষ্ঠান। উদাহৰণস্বৰূপে স্কুল, চিকিৎসালয় বা কাৰাগাৰ হ’ল এটা প্ৰতিষ্ঠান।

       সমাজ বা সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ বুলি গণ্য কৰা দীৰ্ঘদিনীয়া প্ৰথা বা প্ৰথা। যেনে- বিবাহ বহু সংস্কৃতিত এক অনুষ্ঠান।

        এই দুয়োটা অৰ্থতে "সংস্থা" শব্দটোৱে এক নিৰ্দিষ্ট মাত্ৰাৰ স্থায়িত্ব আৰু স্থিৰতা বুজায়। সংস্থা হ'ল এনেকুৱা বস্তু যিটো সুপ্ৰতিষ্ঠিত আৰু চিৰস্থায়ী বুলি গণ্য কৰা হয়।

           সংস্থাৰ কাৰ্যসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল - 

(ক) সংস্থাই মানুহৰ উদ্দেশ্য় আৰু লক্ষ্য় সাধন কৰে।

(খ) সংস্থাই ব্য়ক্তি তথা সমাজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। 

(গ) সংস্থাই মানুহৰ আচৰণ, ক্ৰিয়া - কলাপ, চাল - চলন, আচাৰ - ব্য়ৱহাৰ আদি নিয়ন্ত্ৰণ কৰাৰ লগতে সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিনিধি হিচাপে কাৰ্য সম্পাদন কৰে।

(ঘ) সংস্থাই মানুহৰ পথ - প্ৰদৰ্শক হিচাপে কাম কৰে। 

(ঙ) সংস্থাই ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশত সহায় কৰে।

(চ) সংস্থাই সংস্কৃতিৰ বাহক হিচাপে কাৰ্য কৰে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সাংস্কৃতিক পৰম্পৰাসমূহ সংস্থাৰ যোগেদিয়েই হস্তান্তৰ হয়। 


৫) সামাজিক প্ৰতিমান কি? চমুকৈ লিখা।

উত্তৰঃ- সামাজিক  প্ৰতিমান হৈছে কোনো বিশেষ গোট বা সমাজৰ ভিতৰত গ্ৰহণযোগ্য আচৰণ নিৰ্ধাৰণ কৰা অনানুষ্ঠানিক নিয়ম। ইয়াক আইনত সংহিতাকৃত কৰা নহয়, বৰঞ্চ সামাজিক হেঁচা আৰু নিষেধাজ্ঞাৰ জৰিয়তে বলবৎ কৰা হয়। সামাজিক নীতি-নিয়মসমূহ সংস্কৃতিভেদে বহু পৰিমাণে ভিন্ন হ’ব পাৰে, আৰু সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন হ’ব পাৰে। সামাজিক নীতি-নিয়মৰ কিছুমান উদাহৰণ হ’ল নতুন কাৰোবাক লগ পালে হাত মিলাব পৰা, পুথিভঁৰালত জোৰেৰে কথা নকোৱা, জন্মদিনত উপহাৰ দিয়া। সামাজিক নীতি-নিয়ম ইতিবাচক হ’ব পাৰে, যেনে সহযোগিতা আৰু সন্মানক প্ৰসাৰিত কৰা, বা নেতিবাচক হ’ব পাৰে, যেনে বৈষম্য বা পক্ষপাতিত্বক স্থায়ী কৰি ৰখা নীতি।

            সামাজিক প্ৰতিমান সম্পৰ্কে বহু সমাজবিজ্ঞানীয়ে বহু সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ'ল - 

(ক) ইয়ং আৰু মেকৰ মতে, "প্ৰতিমান হৈছে সামূহিক প্ৰত্য়েক্ষ"।

(খ) এইচ এম জনছনৰ মতে, "প্ৰতিমানক এক অমূৰ্ত আৰ্হি বুলি ক'ব পাৰি, যিটো মনত সৃষ্টি হয় আৰু আচৰণৰ সীমাবদ্ধতা নিৰূপন কৰে"। 

(গ) ডোনাল্ড আৰু কে'লাৰৰ মতে, "প্ৰতিমান আমাৰ সামাজিক প্ৰমূল্য়ৰ পৰা আহৰণ কৰা নীতি - নিয়ম, যিবোৰ দৈনন্দিন জীৱনত অচৰণৰো নিৰ্দেশনা কৰে"। 


৬) লোকৰীতি বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য়সমূহ লিখা। 

উত্তৰঃ- লোকৰীতি বা জনৰীতিক সামাজিক প্ৰতিমানৰে অংশবিশেষ বুলিব পাৰি। সাধাৰণ অৰ্থত লোকৰীতি বুলি ক'লে এনে কিছুমান ৰীতি - নীতিকে বুজা যায়, যিবোৰ সমাজত পৰম্পৰাগতভাৱে প্ৰচলন হৈ থাকে। সামাজিক জীৱন যাপন কৰোঁতে মানুহে সামাজিক শৃংখলা ৰক্ষাৰ স্বাৰ্থত কিছুমান ৰীতি - নীতি মানি চলিব লগা হয়। আৰু এনে ৰীতি - নীতিসমূহকে জনৰীতি বা লোকৰীতি বুলিব পাৰি। অৱশ্য়ে লোকৰীতিসমূহ পালন কৰাৰ ক্ষেত্ৰত কোনো বাধ্য়বাধকতা নাথাকে। জনৰীতিৰ উদাহৰণ হিচাপে আমি কনিষ্ঠসকলে জ্য়েষ্ঠসকলক সন্মান কৰা, বিবাহিত হিন্দু তিৰোতাই সেন্দূৰৰ তিলক লোৱা, বিবাহ বা আন তেনে কোনো অনুষ্ঠানলৈ তামোল - পাণ দি নিমন্ত্ৰণ জনোৱা আদি। 

            সমাজতত্ত্বত লোকৰীতি অৱধাৰণাটো পোনপ্ৰথম ব্য়ৱহাৰ কৰিছিল উইলিয়াম গ্ৰাহাম ছামাৰে। ১৯০৬ চনত প্ৰকাশিত 'Folkways' নামৰ বিখ্য়াত গ্ৰন্থখনত সমাজত প্ৰচলিত ৰীতি - নীতিসমূহ বুজাবৰ বাবে তেখেতে এই লোকৰীতিৰ অৱধাৰণাটো ব্য়ৱহাৰ কৰিছিল। শব্দগত অৰ্থলৈ লক্ষ্য় কৰিলে দেখা যায় যে 'Folkways' শব্দটো 'Folk' আৰু 'ways' ৰ সহায়ত গঠন কৰা হৈছে। 'folk' ৰ অৰ্থ হ'ল মানুহ অৰ্থাৎ ব্য়ক্তি আৰু 'ways' ৰ অৰ্থ হ'ল আচৰণ। গতিকে 'Folkways' শব্দটোৰ অৰ্থ হ'ল আচৰণগত অভ্য়াস। 

            লোকৰীতিৰ বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হ'ল - 

(ক) লোকৰীতি সৃষ্টি স্বাভাৱিক। মানুহে ইচ্ছাকৃতভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে এইসমূহ সৃষ্টি নকৰে।

(খ) লোকৰীতিবোৰ সমাজৰ দ্বাৰা স্বীকৃত আচৰণ প্ৰণালী। সামাজিক স্বীকৃত অবিহনে লোকৰীতিসমূহ মানুহে গ্ৰহণ নকৰে। ফলত সেইবোৰৰ সমাজত প্ৰচলনো অসম্ভৱ হয়।

(গ) সমাজভেদে লোকৰীতি ভিন্ন হ'ব পাৰে। এখন সমাজত প্ৰচলিত লোকৰীতি আন এখন সমাজৰ বাবে লোকৰীতি নহ'বও পাৰে।

(ঘ) লোকৰীতিসমূহ বংশানুক্ৰমিক। এটা বংশৰ পৰা আন এটা বংশলৈ বংশানুক্ৰমিকভাৱে লোকৰীতিসমূহ হস্তান্তৰ হৈ থাকে।

(ঙ) লোকৰীতিক সামাজিক নিয়ন্ত্ৰণৰ এক অনানুষ্ঠানিক প্ৰতিনিধি বুলিব পাৰি। বিশেষকৈ, জনজাতীয় বা কৃষক বা গ্ৰাম্য় সমাজত বৰ্তমান সময়তো জনৰীতিয়ে সামাজিক নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

(চ) সময় পৰিৱৰ্তন হোৱাৰ লগে লগে জনৰীতিসমূহৰো পৰিৱৰ্তন ঘটিছে। ইয়াৰে কিছুমান যদি অতি ধীৰ গতিত পৰিৱৰ্তন হয়, আন কিছুমান অতি ক্ষিপ্ৰ গতিত পৰিৱৰ্তন হয়। 


৭) লোকাচাৰ কি? ইয়াৰ বৈশিষ্ট্য়সমূহ কি কি? লোকৰীতি আৰু লোকাচাৰৰ পাৰ্থক্য় নিৰ্ণয় কৰা।

উত্তৰঃ- নৈতিকভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা সমাজ বা সংস্কৃতিৰ অলিখিত ৰীতি-নীতি আৰু নীতি-নিয়মবোৰ হৈছে লোকাচাৰ। সাধাৰণতে লোকপন্থাতকৈ ইহঁতক অধিক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, যিবোৰ কম গুৰুত্বপূৰ্ণ ৰীতি-নীতি আৰু নীতি-নিয়ম। 

            বিভিন্ন সংস্কৃতিৰ আচাৰ-ব্যৱহাৰৰ কিছুমান উদাহৰণ দিয়া হ’ল:

(ক) কিছুমান সংস্কৃতিত একে সামাজিক শ্ৰেণীৰ কাৰোবাক বিয়া কৰাবলৈ অধিক বুলি গণ্য কৰা হয়।

(খ) আন সংস্কৃতিত নিজৰ বয়োজ্যেষ্ঠক সন্মান কৰাটো অধিক বুলি গণ্য কৰা হয়।

(গ) কিছুমান সংস্কৃতিত মিছা কথা কোৱাৰ পৰা আঁতৰি থকাটো অধিক বুলি গণ্য কৰা হয়।

(ঘ) আন সংস্কৃতিত ইয়াক অচিনাকি মানুহৰ প্ৰতি অতিথিপৰায়ণ হোৱাটো অধিক বুলি গণ্য কৰা হয়।

           অধিকাংশই গুৰুত্বপূৰ্ণ কাৰণ ই সামাজিক শৃংখলা বজাই ৰখাত সহায় কৰে আৰু ভাগ কৰা মূল্যবোধৰ অনুভূতি প্ৰদান কৰে। গোটৰ স্বাৰ্থ ৰক্ষাতো সহায় কৰিব পাৰে। কিন্তু আচাৰ-ব্যৱহাৰবোৰো সমস্যাজনক হ’ব পাৰে কাৰণ ই ব্যক্তিগত স্বাধীনতাক সীমিত কৰি বৈষম্যৰ সৃষ্টি কৰিব পাৰে।

           আচাৰ-ব্যৱহাৰ কেনেকৈ সমস্যাজনক হ’ব পাৰে তাৰ কিছুমান উদাহৰণ ইয়াত দিয়া হ’ল:

(ক) কিছুমান সংস্কৃতিত আচাৰ-ব্যৱহাৰে মহিলাসকলক সম্পত্তিৰ মালিক হোৱা বা ক্ষমতাৰ পদবীত ৰখাত বাধা দিব পাৰে।

(খ) আন সংস্কৃতিত আচাৰ-ব্যৱহাৰৰ বাবে মানুহক কিছুমান ধৰ্মীয় বিশ্বাস বা আচাৰ-ব্যৱহাৰৰ লগত খাপ খুৱাব লাগিব।

(গ) কিছুমান সংস্কৃতিত আচাৰ-ব্যৱহাৰে মানুহক অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ নিৰুৎসাহিত কৰিব পাৰে।

          মন কৰিবলগীয়া যে আচাৰ-ব্যৱহাৰ আৰু আইন একে নহয়। আইন হৈছে লিখিত নিয়ম যিবোৰ চৰকাৰে বলবৎ কৰে। ম’ৰ হৈছে অলিখিত নিয়ম যিবোৰ সামাজিক নিষেধাজ্ঞাৰ দ্বাৰা বলবৎ কৰা হয়।

          ইয়াৰ উপৰিও মন কৰিবলগীয়া যে সময়ৰ লগে লগে আচাৰ-ব্যৱহাৰ সলনি হ’ব পাৰে। সমাজবোৰ যিমানেই সলনি হয়, সিমানেই সিহঁতৰ আচাৰ-ব্যৱহাৰবোৰো সলনি হয়। উদাহৰণস্বৰূপে, বহু পশ্চিমীয়া সংস্কৃতিত শেহতীয়া দশকবোৰত আচাৰ-ব্যৱহাৰ অধিক উদাৰ হৈ পৰিছে। অৰ্থাৎ এসময়ত নিষিদ্ধ বুলি গণ্য কৰা আচৰণবোৰ এতিয়া মানুহে অধিক গ্ৰহণ কৰিছে।

          লোকাচাৰৰ বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হ'ল - 

(ক) লোকাচাৰ লোকৰীতিতকৈ কঠোৰ কিছুমান ৰীতি - নীতি।

(খ) লোকৰীতিৰ দ্বৰে  লোকাচাৰসমূহো সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত কিছুমান ৰীতি - নীতি।

(গ) লোকৰীতিৰ তুলনাত লোকাচাৰসমূহৰ পৰিৱৰ্তন ধীৰ গতিৰে হয়। যিহেতু লোকাচাৰসমূহৰ প্ৰকৃতি কঠোৰ বা এইসমূহ পালনৰ ক্ষেত্ৰত বাধ্য়বাধকতা আছে। গতিকে এনে ৰীতি - নীতিসমূহ সঘনে পৰিৱৰ্তন হ'ব নোৱাৰে।   

(ঘ) লোকাচাৰৰ প্ৰকৃতি সামাজিক। সামাজিক গ্ৰহণযোগ্য়তা বা স্বীকৃতি নথকা ৰীতি - নীতিক যিদৰে লোকৰীতি বুলিব নোৱাৰি, সেইদৰে সামাজিক গ্ৰহণযোগ্য় বা স্বীকৃতি অবিহনে লোকাচাৰো হ'ব নোৱাৰে। 

          লোকাচাৰ আৰু লোকৰীতিৰ মাজত একেবাৰে পানী নসৰকা পাৰ্থক্য় নিৰ্ণয় কৰিব পৰাটো অসম্ভৱ। অন্য় অৰ্থত, লোকৰীতি আৰু লোকাচাৰ প্ৰকৃতিগতভাৱে প্ৰায় একে ধৰণৰ হয়। লোকৰীতি আৰু লোকাচাৰ মাজত একেবাৰে পাৰ্থক্য় নথকাও নহয়। লোকৰীতি আৰু লোকাচাৰ মাজত থকা মূল পাৰ্থক্য় এয়ে যে লোকাচাৰ পালনৰ বাধ্য়বাধকতাৰ ওপৰত ভিত্তি নিৰ্ণয় কৰা হয়। কিন্তু লোকৰীতিসমূহ পালনৰ ক্ষেত্ৰত কোনো বাধ্য়বাধকতা নাই। 


৮) সামাজিক প্ৰস্থিতি কি? ইয়াৰ ভাগসমূহ আলোচনা কৰা।

উত্তৰঃ- প্ৰস্থিতি হ'ল এজন ব্য়ক্তিয়ে সমাজত লাভ কৰা সামাজিক স্থান। এজন ব্য়ক্তিয়ে তেওঁৰ ব্য়ক্তিগত গুণাগুণ বা অৰ্হতাৰ ভিত্তিত সমাজত যি স্থান অধিকাৰ কৰে, তাকে সামাজিক প্ৰস্থিতি বুলি কোৱা হয়। 

            সামাজিক প্ৰস্থিতি জটিল আৰু সদায় পৰিৱৰ্তিত, মানুহে ইজনে সিজনৰ লগত কেনেকৈ যোগাযোগ কৰে আৰু কেনেকৈ সংযোগ স্থাপন কৰে তাৰ ওপৰত বহুতো কাৰকে প্ৰভাৱ পেলায়। আজিৰ সামাজিক পৰিস্থিতি গঢ় দিয়া কিছুমান মূল ধাৰা হ’ল-

(ক) ছ’চিয়েল মিডিয়া আৰু ডিজিটেল যোগাযোগৰ উত্থানঃ- ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ মানুহে বন্ধু-বান্ধৱ, পৰিয়াল আৰু অচিনাকি মানুহৰ সৈতে সংযোগ স্থাপনৰ বাবে ক্ৰমান্বয়ে জনপ্ৰিয় উপায় হৈ পৰিছে। ইয়াৰ ফলত সামাজিক যোগাযোগ আৰু সংযোগৰ নতুন ৰূপৰ সৃষ্টি হৈছে যদিও ইয়াৰ ফলত গোপনীয়তা, নিচা, ভুল তথ্যৰ বিস্তাৰৰ বিষয়েও উদ্বেগ প্ৰকাশ পাইছে।

(খ) সমাজৰ ক্ৰমবৰ্ধমান বৈচিত্ৰ্যঃ- বিশ্বৰ সমাজসমূহ ক্ৰমান্বয়ে বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিছে। বিভিন্ন সংস্কৃতি, জাতি আৰু পটভূমিৰ লোকসকলে একেলগে বাস কৰে। এই বৈচিত্ৰ্য শক্তি আৰু উদ্ভাৱনৰ উৎস হ’ব পাৰে যদিও ই যোগাযোগ আৰু বুজাবুজিৰ ক্ষেত্ৰতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।

(গ) ধনী আৰু দুখীয়াৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ব্যৱধানঃ- পৃথিৱীৰ বহু ঠাইত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছে। এই বৈষম্যই সামাজিক প্ৰস্থিতি যথেষ্ট প্ৰভাৱ পেলাইছে। কিয়নো ইয়াৰ ফলত বহু লোকৰ সুযোগ সীমিত হৈ পৰিছে আৰু সামাজিক অশান্তিৰ সৃষ্টি হৈছে।

(ঘ) জনপ্ৰিয়তাবাদ আৰু জাতীয়তাবাদৰ উত্থানঃ- বিশ্বৰ বহু ঠাইত জনপ্ৰিয়তাবাদ আৰু জাতীয়তাবাদৰ উত্থান ঘটিছে। এই আন্দোলনবোৰৰ বৈশিষ্ট্য হৈছে অভিজাত শ্ৰেণীৰ প্ৰতি অনাস্থা আৰু অধিক পৰম্পৰাগত জীৱনশৈলীলৈ ঘূৰি অহাৰ ইচ্ছা।

(ঙ) জলবায়ু পৰিৱৰ্তনৰ গুৰুত্ব বৃদ্ধিঃ- জলবায়ু পৰিৱৰ্তন সামাজিক প্ৰস্থিতি বাবে এক ডাঙৰ ভাবুকি। কিয়নো ইয়াৰ ফলত স্থানচ্যুতি, সংঘাত, সম্পদৰ অভাৱৰ সৃষ্টি হৈছে।

        আজিৰ সামাজিক প্ৰস্থিতি গঢ় দিয়া বহু কাৰকৰ ভিতৰত এইবোৰ মাত্ৰ কেইটামান। সামাজিক প্ৰস্থিতি জটিল আৰু অহৰহ বিকশিত হৈ আছে। আৰু আগলৈ আহিবলগীয়া প্ৰত্যাহ্বান আৰু সুযোগসমূহ বুজিবলৈ আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাবলৈ শেহতীয়া ধাৰাসমূহৰ বিষয়ে অৱগত হোৱাটো গুৰুত্বপূৰ্ণ।  

         প্ৰস্থিতি বুলি ক'লে সাধাৰণতে মানুহে সমাজত কিদৰে ইয়াক আহৰণ কৰিব পাৰি তাকে বুজায়। অৰ্থাৎ, প্ৰস্থিতিৰ প্ৰকাৰ নিৰ্ভৰ কৰে ইয়াক অহৰণ কৰা উপায়ৰ ওপৰত। ব্য়ক্তিয়ে সমাজত নিজৰ ব্য়ক্তিগত গুণাগুণ, অৰ্হতা আৰু জন্মসূত্ৰে লাভ কৰা খ্য়াতিৰ জৰিয়তে প্ৰস্থিতি আহৰণ কৰিব পাৰে। ঘতিকে আমি ক'ব পাৰো যে ব্য়ক্তিয়ে দুই ধৰণে প্ৰস্থিতি আহৰণ কৰিব পাৰো। অৰ্থাৎ প্ৰস্থিতি দুই প্ৰকাৰৰ। সেয়া হৈছে - জন্মপ্ৰদত্ত প্ৰস্থিতি আৰু স্বলদ্ধ প্ৰস্থিতি।

(ক) জন্মপ্ৰদত্ত প্ৰস্থিতিঃ- জন্মসূত্ৰে লাভ কৰা খ্য়াতিসমূহৰ জৰিয়তে এজন ব্য়ক্তিয়ে সমাজত যি প্ৰস্থিতি লাভ কৰে, তাকে জন্মপ্ৰদত্ত প্ৰস্থিতি বোলে। এই প্ৰস্থিতি লাভ কৰিবলৈ ব্য়ক্তিৰ নিজস্ব অৰ্হতা বা গুণাগুণৰ প্ৰয়োজন নাই। এইক্ষেত্ৰত আমি পিতৃপ্ৰধান বা মাতৃপ্ৰধান সমাজৰ প্ৰসংগ টানি আনিব পাৰোঁ। এখন পিতৃপ্ৰধান সমাজত এজন পুৰুষৰ ব্য়ক্তিগত যিয়েই গুণাগুণ নাথাকক কিয় তেওঁৰ প্ৰস্থিতি সেই সমাজত নাৰীতকৈ উচ্চ হয়। এইক্ষেত্ৰত এজন পুৰুষে পুৰুষ হিচাপে যি উচ্চ প্ৰস্থিতি লাভ কৰিছে, সেয়া তেওঁ পুৰুষ হৈ জন্মগ্ৰহণ কৰাৰ ফল। আনহাতে মাতৃপ্ৰধান সমাজত নাৰী হিচাপে সমাজত যি উচ্চ স্থান লাভ কৰে, তাক এগৰাকী নাৰীয়ে মাতৃপ্ৰধান সমাজত নাৰী হৈ জন্মগ্ৰহণ কৰাৰ ফল বুলিব পাৰি।

(খ) বলব্ধ প্ৰস্থিতিঃ- জন্মপ্ৰদত্ত প্ৰস্থিতিৰ বিপৰীতে স্বলব্ধ প্ৰস্থিতিয়ে নিজৰ ব্য়ক্তিগত গুণাগুণৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক বুজায়। যেতিয়া কোনো এজন ব্য়ক্তিয়ে জন্মসূত্ৰে লাভ কৰা খ্য়াতিসমূহ আওকাণ কৰি  নিজৰ শিক্ষা, অৰ্হতা, দক্ষতা আদিৰ সহায়ত কোনো প্ৰস্থিতি লাভ কৰে, তেনে প্ৰস্থিতিক বলব্ধ প্ৰস্থিতি বুলি অভিহিত কৰা হয়। সমাজতত্ত্ববিদ লিণ্টনৰ মতে, "সকলো সমাজ কেৱল জন্মপ্ৰদত্ত প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু সকলো সমাজতে স্বলব্ধ প্ৰস্থিতিও দেখা পোৱা নাযায়"। আনহাতে বৰ্তমান সমাজত ব্য়ক্তিৰ জন্মপ্ৰদত্ত প্ৰস্থিতিতকৈ স্বলব্ধ প্ৰস্থিতিৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছে। স্বলব্ধ প্ৰস্থিতি লাভ কৰাৰ প্ৰধান ভিত্তিসমূহৰ ভিতৰত শিক্ষা, ধন - সম্পত্তি, সুখ্য়াতি, ৰাজনৈতিক ক্ষমতা, বৃত্তি আদি। 


৯) ভূমিকা বুলিলে কি বুজা? ভূমিকা সমষ্টি আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ- ভূমিকা হৈছে প্ৰস্থিতিৰ লগত সন্নিৱিষ্ট দায়িত্ব। কোনো প্ৰস্থিতিত অধিষ্ঠিত হোৱাৰ পিছত সেই প্ৰস্থিতিৰ গৰাকীয়ে যি দায়িত্ব বা কৰ্তব্য় পালন কৰিব লগা হয়, তাকে ভূমিকা বোলা হয়।            

              "ভূমিকা" শব্দটোৰ প্ৰসংগ অনুসৰি বিভিন্ন অৰ্থ থাকিব পাৰে। ইয়াত কেইটামান সাধাৰণ কথা উল্লেখ কৰা হ’ল:

             সমাজবিজ্ঞানত ভূমিকা হ’ল কোনো বিশেষ সামাজিক স্থান দখল কৰা কোনোবা এজনৰ বাবে প্ৰত্যাশিত আচৰণৰ এটা গোট। উদাহৰণস্বৰূপে, শিক্ষকৰ ভূমিকা হ’ল ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া, চিকিৎসকৰ ভূমিকা চিকিৎসা সেৱা প্ৰদান কৰা, পিতৃ-মাতৃৰ ভূমিকা হ’ল সন্তানৰ যত্ন লোৱা আৰু লালন-পালন কৰা।

             মনোবিজ্ঞানত ভূমিকা হৈছে কোনো বিশেষ পৰিচয় বা ব্যক্তিত্বৰ বৈশিষ্ট্যৰ সৈতে জড়িত আচৰণৰ আৰ্হি। উদাহৰণস্বৰূপে, নেতা হিচাপে পৰিচয় দিয়া কোনোবাই সামাজিক প্ৰস্থিতিত অধিক আত্মবিশ্বাসী আৰু নিৰ্দেশনামূলক ভূমিকা ল’ব পাৰে।

             ভ্ৰাম্যমাণ থিয়েটাৰত অভিনেতাই অভিনয়ত অভিনয় কৰা চৰিত্ৰক ভূমিকা বোলে। উদাহৰণস্বৰূপে, একে নামৰ শ্বেক্সপীয়েৰৰ নাটকখনত হেমলেটৰ ভূমিকা।

             ব্যৱসায়ত ভূমিকা হ’ল কোনো সংস্থাৰ চাকৰি বা পদ। উদাহৰণস্বৰূপে, চিইঅ’ হ’ল এটা কোম্পানীত এটা ভূমিকা।

            "ভূমিকা" শব্দটো অধিক ৰূপকভাৱেও ব্যৱহাৰ কৰিব পাৰি। কোনোবাই কোনো বিশেষ পৰিস্থিতি বা পৰিঘটনাত লোৱা অংশটোক বুজাবলৈ। উদাহৰণস্বৰূপে, আপুনি ক’ব পাৰে যে কোনোবাই এটা প্ৰকল্পৰ সফলতাত মূল ভূমিকা পালন কৰিছিল, বা কোনোবাই সংঘাতত নেতিবাচক ভূমিকা পালন কৰিছিল।

            ভূমিকা সমষ্টি হ’ল কোনো বিশেষ সামাজিক মৰ্যাদাৰ সৈতে জড়িত সকলো ভূমিকাৰ সংগ্ৰহ। সমাজবিজ্ঞানী ৰবাৰ্ট কে মাৰ্টনৰ মতে, ভূমিকা সমষ্টি হৈছে "ব্যক্তিসকলে এটা বিশেষ সামাজিক মৰ্যাদা দখল কৰাৰ বাবে জড়িত সামাজিক সম্পৰ্কৰ পৰিপূৰক।"

             উদাহৰণস্বৰূপে, এজন ব্যক্তি যিজন চিকিৎসক, তেওঁৰ এটা ৰ’ল ছেট থাকে য’ত সহকৰ্মী, নাৰ্ছ, ৰোগী, চিকিৎসালয়ৰ প্ৰশাসক, পৰিয়ালৰ সদস্য আদি থাকে। এইসকলৰ প্ৰত্যেকৰে আশা থাকে যে চিকিৎসকে কেনে আচৰণ কৰিব লাগে আৰু চিকিৎসকে নিজৰ ভূমিকাত সফল হ’বলৈ হ’লে এই আশাবোৰ পৰিচালনা কৰিব লাগিব।

              ভূমিকা গোটৰ কিছুমান মূল বৈশিষ্ট্য ইয়াত উল্লেখ কৰা হৈছে -

(ক) ইয়াক মৰ্যাদাৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়ঃ- ভূমিকা সমষ্টিসমূহ বিশেষ সামাজিক মৰ্যাদাৰ সৈতে জড়িত। উদাহৰণস্বৰূপে, চিকিৎসকৰ ভূমিকা শিক্ষকৰ ভূমিকাতকৈ পৃথক।

(খ) ইহঁত একাধিক ভূমিকাৰে গঠিতঃ- প্ৰতিটো ভূমিকা সমষ্টিত কেইবাটাও ভিন্ন ভূমিকা অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে, অভিভাৱকৰ ভূমিকা সমষ্টিত প্ৰদানকাৰী, অনুশাসনমূলক আৰু যত্ন লোৱাৰ ভূমিকা অন্তৰ্ভুক্ত কৰা হয়।

(গ) ইহঁত নীতিগতঃ- ভূমিকা সমষ্টিসমূহ মানুহে নিজৰ ভূমিকাত কেনে আচৰণ কৰিব লাগে সেই বিষয়ে আশাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। এই আশাবোৰ প্ৰায়ে অনানুষ্ঠানিক হয়। কিন্তু ইয়াক আইন বা নিয়মতো সংহিতাভুক্ত কৰিব পাৰি।

(ঘ) ইহঁত গতিশীলঃ- আশাৰ পৰিৱৰ্তনৰ লগে লগে বা ব্যক্তিসকলে এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ যোৱাৰ লগে লগে ভূমিকা সমষ্টিসমূহ সময়ৰ লগে লগে সলনি হ’ব পাৰে।

             সমাজবিজ্ঞানত ভূমিকাৰ সমষ্টি এটা গুৰুত্বপূৰ্ণ ধাৰণা। কাৰণ ই আমাক বিভিন্ন সামাজিক পৰিস্থিতিত মানুহে কেনে আচৰণ কৰে সেই কথা বুজিবলৈ সহায় কৰে। ভূমিকা সমষ্টিসমূহ অধ্যয়ন কৰি আমি সামাজিক নীতি-নিয়মসমূহ কেনেকৈ সৃষ্টি আৰু বলবৎ কৰা হয়, মানুহে নিজৰ পৰিচয় কেনেকৈ পৰিচালনা কৰে, আৰু সামাজিক পৰিৱৰ্তন কেনেকৈ ঘটে, সেই বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিব পাৰো।

Answered by - Sri Mampi Kakati 

**********