সামাজিক সমূহ 

অনুশীলনী

১) সামাজিক সমূহ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য়সমূহ কি কি?

উত্তৰঃ- সমাজতত্ত্বৰ বাবে আন এটা প্ৰধান অৱধাৰণা সামাজিক সমূহ। সামাজিক সমূহ হৈছে এনে ব্যক্তিৰ সমষ্টি যিয়ে ইজনে সিজনৰ লগত মত বিনিময় কৰে। কিছুমান সাধাৰণ বৈশিষ্ট্যৰ অংশীদাৰ আৰু ঐক্যৰ ভাৱ ৰাখে। সামাজিক সমূহ আনুষ্ঠানিক বা অনানুষ্ঠানিক হ’ব পাৰে, আৰু ই বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি হ’ব পাৰে। যেনে - ভাগ-বতৰা কৰা আগ্ৰহ, কাৰ্য্যকলাপ বা লক্ষ্য। 

             সামাজিক সমূহ আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে আমাক নিজৰ বুলি অনুভৱ, সমৰ্থন আৰু পৰিচয় প্ৰদান কৰে। তেওঁলোকে আমাক শিকিবলৈ আৰু সামাজিকভাৱে মিলিবলৈও সহায় কৰে। আৰু তেওঁলোকে আমাক আমাৰ লক্ষ্যত উপনীত হোৱাৰ সুযোগ প্ৰদান কৰিব পাৰে।

              ইয়াৰ বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ'ল - 

(ক) ব্য়ক্তিৰ সমষ্টিঃ- সামাজিক সমূহ ব্য়ক্তিৰ সমষ্টিৰে গঠিত হয়। গতিকে ব্য়ক্তিৰ সমষ্টি অবিহনে সামাজিক সমূহ গঠন হ'ব নোৱাৰে। যিদৰে ছাত্ৰ - ছাত্ৰী আৰু শিক্ষকৰ অবিহনে মহাবিদ্যালয় বা বিদ্য়ালয় বা বিশ্ববিদ্যালয়ৰ কথা কল্পনা কৰিব নোৱাৰি, সেইদৰে ব্য়ক্তিৰ অবিহনেও সমূহৰ কথা উল্লেখ কৰিব নোৱাৰি। 

(খ) আন্তঃক্ৰিয়াঃ- আন্তঃক্ৰিয়া সামাজিক সমূহৰ মূল ভিত্তি। সেয়ে কেৱল ব্য়ক্তিৰ সমষ্টিৰেই সমূহ গঠন কৰিব নোৱাৰি। ইয়াৰ বাবে সদস্য়সকলৰ মাজত আন্তঃক্ৰিয়া থাকিব লাগিব। সেয়ে সামাজিক সমূহক আমি সামাজিক আন্তঃক্ৰিয়াৰ এটা পদ্ধতি বুলিব পাৰোঁ। 

(গ) পাৰস্পৰিক সচেতনতাঃ- সমূহীয়া জীৱনত পাৰস্পৰিক সচেতনতা বিদ্য়মান হৈ থাকে। সেইবাবে এটা সমূহৰ সদস্য়সকল এজনে আন এজনৰ কাৰ্য, আচৰণ আদিৰ প্ৰতি সচেতন হৈ থাকে। আনহাতে, তেওঁলোকৰ ব্য়ক্তিগত আচৰণো সদস্য়সকলৰ পাৰস্পৰিক সন্মতিত নিৰ্ণয় কৰা হয়।

(ঘ) আমি ভাবঃ- সমূহৰ সদস্য়সকলৰ মাজত আমি ভাব থাকে। যাৰ বাবে এটা সমূহৰ সদস্য়সকলে নিজৰ সমূহটোৰ কাৰ্যপ্ৰণালী বা আদৰ্শকে শ্ৰেষ্ঠ বা শুদ্ধ বুলি ভাবে। সেইবাবে কোনো সদস্য়ৰ ব্য়ক্তিগত কাৰ্যকলাপে যাতে সমূহটোৰ ওপৰত কু - প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি সচেতন থাকে। ব্য়ক্তিগত কাৰ্যপ্ৰণালী সম্পাদন কৰোঁতেও সামূহিক দৃষ্টিভংগীৰেহে সম্পাদন কৰে। 

(ঙ) সদৃশ আচৰণঃ- সাধাৰণতে এটা নিৰ্দিষ্ট সমূহৰ সদস্য়সকলে তেওঁলোকৰ সমূহীয়া স্বাৰ্থ পূৰণৰ উদ্দেশ্য়ে কম - বেছি পৰিমাণে একে আচৰণ কৰা দেখা যায়। সেয়ে ক'ব পাৰি যে সামাজিক সমূহে সমূহীয়া আচৰণক প্ৰতিনিধিত্ব কৰে। 

(চ) গতিশীলতাঃ- সামাজিক সমূহ গতিশীল। ই স্থিতিশীল নহয়। ক্ষিপ্ৰ গতিতেই হওক বা লেহেমীয়া গতিতেই হওক সকলো সমূহেই পৰিৱৰ্তনশীল। যিদৰে সমূহৰ প্ৰধান সদস্য়সকলৰ এসময়ত মৃত্য়ু হয়, তেনেদৰে নবীন সদস্য়ৰ আগমনো সমূহত হয়। গতিকে ইও সমূহক গতিশীল কৰি তোলে। 


২) প্ৰাথমিক সমূহৰ অৰ্থ প্ৰকাশ কৰা। ইয়াৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা। 

উত্তৰঃ- প্ৰাথমিক সমূহ হ’ল ঘনিষ্ঠ, ব্যক্তিগত আৰু চিৰস্থায়ী সম্পৰ্কৰ বৈশিষ্ট্যপূৰ্ণ সৰু, অন্তৰংগ সামাজিক সমূহ। প্ৰাথমিক সমূহৰ সদস্যসকলে সাধাৰণতে শক্তিশালী আৱেগিক বন্ধন, ভাগ কৰা পৰিচয়ৰ অনুভূতি আৰু পাৰস্পৰিক সমৰ্থনৰ প্ৰতি দায়বদ্ধতা ভাগ কৰে। প্ৰাথমিক সমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আমাক প্ৰেম, অন্তৰ্গততা আৰু আত্মবোধ প্ৰদান কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজতত্ত্ববিদ চাৰ্লছ হৰ্টন কুলীয়ে তেওঁৰ বিখ্য়াত গ্ৰন্থ "Social Organization" ত এই সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়াইছে। 

            প্ৰাথমিক সমূহৰ কিছুমান উদাহৰণ ইয়াত দিয়া হ’ল - 

(ক) পৰিয়াল,

(খ) ঘনিষ্ঠ বন্ধু,

(গ) প্লেগ্ৰুপসমূহ,

(ঘ) ক্ৰীড়া দল,

(ঙ) ধৰ্মীয় গোট।

           প্ৰাথমিক গোটসমূহৰ কিছুমান মূল বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল - 

(ক) সৰু আকৃতিঃ- প্ৰাথমিক সমূহবোৰ সাধাৰণতে সৰু। মাত্ৰ কেইজন মানহে সদস্য থাকে। ইয়াৰ ফলত ঘনিষ্ঠ, ব্যক্তিগত সম্পৰ্ক গঢ়ি উঠিব পাৰে।

(খ) মুখামুখি পাৰস্পৰিক সম্পৰ্কঃ- প্ৰাথমিক সমূহত সাধাৰণতে মুখামুখি পাৰস্পৰিক ক্ৰিয়া-কলাপ জড়িত হৈ থাকে। ইয়াৰ ফলত অকথ্য ইংগিত, যেনে - শৰীৰৰ ভাষা আৰু মুখৰ অভিব্যক্তিৰ বিকাশ ঘটে। যিয়ে সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব পাৰে।

(গ) আৱেগিক ঘনিষ্ঠতাঃ- প্ৰাথমিক সমূহৰ বৈশিষ্ট্য হৈছে আৱেগিক ঘনিষ্ঠতা উচ্চ মাত্ৰা। প্ৰাথমিক সমূহৰ সদস্যসকলে সাধাৰণতে নিজৰ চিন্তা আৰু অনুভৱ ইজনে সিজনৰ লগত ভাগ-বতৰা কৰাত আৰাম অনুভৱ কৰে।

(ঘ) সহজাত আৰু স্থায়ী সম্বন্ধঃ- প্ৰাথমিক সমূহৰ সদস্য়সকলৰ মাজত যি সম্বন্ধই গঢ় লৈ উঠে, সেয়া স্থায়ী প্ৰকৃতিৰ হয়। আনহাতে এনে সম্বন্ধ সদস্য়সকলৰ মাজত স্বতঃস্ফূৰ্তভাৱে গঢ় লৈ উঠে। সদস্য়সকলৰ মাজত সম্বন্ধ গঢ় ল'বলৈ কোনো পূৰ্বচৰ্তৰ প্ৰয়োজন নাথাকে। 

(ঙ) প্ৰত্য়ক্ষ সহযোগিতাঃ- প্ৰাথমিক সমূহৰ আন এটা বৈশিষ্ট্য় হৈছে সদস্য়সকলৰ মাজত থকা প্ৰত্য়ক্ষ সহযোগিতা। এনে সমূহৰ সদস্য়সকলে উমৈহতীয়া উদ্দেশ্য় আৰু প্ৰত্য়ক্ষ সহযোগিতাৰে যিকোনো কাম সমাধান কৰে। তদুপৰি সদস্য়সকলৰ মাজত ব্য়ক্তিগত স্বাৰ্থ থাকিলেও সমূহীয়া স্বাৰ্থতকৈ ই সদায় গৌণ ৰূপত থাকে। 


৩) দ্বিতীয়ক সমূহ বুলিলে কি বুজা? প্ৰাথমিক আৰু দ্বিতীয়ক সমূহৰ পাৰ্থক্য়সমূহ আলোচনা কৰা।

উত্তৰঃ- সামাজিক সমূহৰ আন এটা উল্লেখযোগ্য় প্ৰকাৰ হ'ল দ্বিতীয়ক সমূহ। সমাজবিজ্ঞানত দ্বিতীয়ক সমূহ হৈছে ব্যক্তিহীন সম্পৰ্ক থকা বৃহৎ আনুষ্ঠানিক সমূহ। এই সমূহবোৰ প্ৰায়ে এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হ’বলৈ গঠন কৰা হয়। প্ৰাথমিক সমূহতকৈ ইহঁত অধিক শিথিলভাৱে সংগঠিত হোৱাৰ প্ৰৱণতা থাকে আৰু আৱেগিক ঘনিষ্ঠতাৰ একে মাত্ৰাৰ অভাৱ। দ্বিতীয়ক সমূহৰ বিষয়ে অধ্য়য়ন কৰা কেইজন মান উল্লেখযোগ্য় সমাজতত্ত্ববিদ হ'ল পেজ, হৰ্টন, হাণ্ট, মেক আইভাৰ, কিংছলি ডেভিছ আদি।

            প্ৰাথমিক সমূহ আৰু দ্বিতীয়ক সমূহৰ মাজত থকা পাৰ্থক্য়সমূহ তলত আলোচনা কৰা হ'ল - 

(ক) প্ৰাথমিক সমূহৰ আকাৰ সৰু আৰু বহু কম সদস্য়ৰে এই সমূহ গঠন হয়। কিন্তু, দ্বিতীয়ক সমূহৰ আকাৰ ডাঙৰ। প্ৰাথমিক সমূহৰ তুলনাত বহু বেছি সদস্য়ৰে এই সমূহ গঠন কৰা হয়। 

(খ) প্ৰাথমিক সমূহত সদস্য় সংখ্য়া কম হোৱাৰ বাবে ইয়াৰ সদস্য়সকলৰ মাজত মুখামুখি সম্পৰ্ক থাকে। সদস্য়সকলে এজনে আন এজনৰ দৈহিক সান্নিধ্য় লাভ কৰে। কিন্তু, দ্বিতীয়ক সমূহত অধিক সংখ্য়ক সদস্য় থকাৰ বাবে তেওঁলোকৰ মাজত মুখামুখি সম্পৰ্ক ৰক্ষা কৰাটো অসম্ভৱ। 

(গ) প্ৰাথমিক সমূহৰ সদস্য়সকলৰ মাজত যি সম্বন্ধৰ সৃষ্টি হয় সেয়া ব্য়ক্তিবাচক বা ব্য়ক্তিগতভাৱে গঢ় লয়। এই সম্পৰ্ক প্ৰস্থিতি বা ভূমিকাৰ ওপৰত নিৰ্ভৰ নকৰে। কিন্তু, দ্বিতীয়ক সমূহত সদস্য়সকলৰ সম্পৰ্ক নৈৰ্ব্য়ক্তিক। এই সমূহৰ সদস্য়সকলৰ মাজত যি সম্পৰ্ক থাকে সেয়া তেওঁলোকে পালন কৰা ভূমিকাৰ ওপৰত নিৰ্ভৰশীল। 

(ঘ) প্ৰাথমিক সমূহৰ সৃষ্টি স্বাভাৱিক আৰু ইয়াৰ সদস্য়পদ লাভ কৰাটো ব্য়ক্তিৰ বাবে বাধ্য়তামূলক। কিন্তু, দ্বিতীয়ক সমূহৰ গঠন স্বাভাৱিক নহয়। মানুহে ইচ্ছাকৃতভাৱে নিৰ্দিষ্ট লক্ষ্য় আগত ৰাখি এই সমূহ গঠন কৰে। আনহাতে ইয়াৰ সদস্য় পদ লাভ কৰাটো ব্য়ক্তিৰ বাবে বাধ্য়তামূলক নহয়। 

(ঙ) প্ৰাথমিক সমূহত কোনো উপ-সমূহ নাথাকে। কিন্তু, দ্বিতীয়ক সমূহত উপ-সমূহ থাকে, যিবোৰক প্ৰাথমিক সমূহ বুলিব পাৰি।

(চ) প্ৰাথমিক সমূহৰ সদস্য়সকলৰ মাজত প্ৰত্য়ক্ষ সহযোগ থাকে। উমৈহতীয়া এই সমূহ গঠন হোৱাৰ বাবে এনে প্ৰত্য়ক্ষ সহযোগ সদস্য়সকলৰ মাজত থাকে। কিন্তু, দ্বিতীয়ক সমূহৰ সদস্য়সকলৰ মাজত পৰোক্ষ সহযোগহে দেখা যায়। কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে এনে সমূহৰ সদস্য়সকলে সহযোগ আগবঢ়োৱা দেখা যায়। 

(ছ) প্ৰাথমিক সমূহ তুলনামূলকভাৱে দীৰ্ঘকালীন বা ইয়াৰ স্থায়িত্ব আছে। সদস্য়সকলৰ মাজত সম্বন্ধও স্থায়ী আৰু দীৰ্ঘকালীন। কিন্তু, দ্বিতীয়ক সমূহ স্থায়ী নহয়। ই আপেক্ষিক।

(জ) ব্য়ক্তিৰ গঠন, সামাজিকীকৰণ, নিয়ন্ত্ৰণ আদিৰ দিশত প্ৰাথমিক সমূহৰ প্ৰভাৱ দ্বিতীয়ক সমূহতকৈ বহু গুণে বেছি।  

(ঝ) যিবোৰ নীতি-নিয়মেৰে প্ৰাথমিক সমূহ পৰিচালিত হয় সেইবোৰ অলিখিত ৰূপত থাকে।কিন্তু দ্বিতীয়ক সমূহৰ বিধি বা ৰীতি-নীতি আদি লিখিত ৰূপত থাকে। 

(ঞ) প্ৰাথমিক সমূহত সদস্য়সকলৰ মাজত আন্তৰিকতাৰ পৰিমাণ অধিক গভীৰ ৰূপত দেখা যায়। কিন্তু, দ্বিতীয়ক সমূহত সদস্য়সকলৰ মাজত আন্তৰিকতা দেখা নাযায়। 


৪) অন্তঃৱৰ্তী আৰু বহিঃৱৰ্তীসমূহৰ অৰ্থ লিখা। অন্তঃৱৰ্তী আৰু বহিঃৱৰ্তী সমূহৰ পাৰ্থক্য়সমূহ কি কি ?

উত্তৰঃ- অন্তঃৱৰ্তী সমূহ হৈছে এনে এটা সামাজিক গোট, যাৰ সৈতে ব্যক্তিয়ে নিজৰ নিজৰ বুলি অনুভৱ কৰে। চিনাক্তকৰণ আৰু সংহতি অনুভৱ কৰে। সমূহৰ ভিতৰৰ ক্ষেত্ৰত সাধাৰণতে ভাগ-বতৰা কৰা স্বাৰ্থ, মূল্যবোধ আৰু নীতি-নিয়মৰ বৈশিষ্ট্য থাকে। গোটৰ ভিতৰৰ সদস্যসকলে প্ৰায়ে ইজনে সিজনৰ প্ৰতি সতীৰ্থতা আৰু আনুগত্য অনুভৱ কৰে। তেওঁলোকে সামগ্ৰিকভাৱে সমূহটোক উপকৃত কৰিবলৈ সহযোগিতামূলক আচৰণত লিপ্ত হ’ব পাৰে। যিটো সমূহৰ লগত আমি প্ৰত্য়েক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকোঁ সেইটো সমূহকে অন্তঃৱৰ্তী সমূহ বোলা হয়। 

            অন্তঃৱৰ্তী সমূহৰ প্ৰধান আধাৰ হ'ল ইয়াৰ সদস্য়সকলৰ মাজত থকা আত্মীয়তাৰ ভাৱ। উইলিয়াম গ্ৰাহাম ছামাৰে অন্তঃৱৰ্তী সমূহৰ সংজ্ঞা দি কৈছে যে "The individual belongs to a number of groups which are his In Groups."  অৰ্থাৎ "কোনো এজন ব্য়ক্তিয়ে যিবিলাক সমূহৰ সদস্য় পদ লাভ কৰি থাকে, সেইবিলাকে তেওঁৰ অন্তঃৱৰ্তী সমূহ"। উদাহৰণস্বৰূপে - নিজৰ পৰিয়াল, নিজৰ চুবুৰি বা গাওঁ, নিজৰ শিক্ষানুষ্ঠান আদি। 

                  অন্তঃৱৰ্তী সমূহৰ বিপৰীত সমূহবিলাককে বহিঃৱৰ্তী সমূহ বুলিব পাৰি। কোনো এজন বা ততোধিক ব্য়ক্তিয়ে যেতিয়া আন কোনো সমূহৰ প্ৰতি আনুগত্য় বা আগ্ৰহ প্ৰকাশ নকৰি নিজকে তেনে সমূহবিলাকৰ সদস্য় নহয় বুলি মত পোষণ কৰে সেইবিলাক সমূহেই সেই ব্য়ক্তিসকলৰ বাবে বহিঃৱৰ্তী সমূহ। ছামনাৰৰ মতে, "All other groups to which he does not belong are his out groups". অৰ্থাৎ, "যিবিলাক সমূহত কোনো এজন ব্য়ক্তি অন্তৰ্ভুক্ত হৈ নাথাকে, সেইবিলাকেই সেই ব্য়ক্তিজনৰ বহিঃৱৰ্তী সমূহ"। বহিঃৱৰ্তী সমূহক ছামনাৰে 'সিহঁত সমূহ' বুলি নামাকৰণ কৰিছে।             

                     অন্তঃৱৰ্তী আৰু বহিঃৱৰ্তী সমূহৰ মাজত থকা পাৰ্থক্য়সমূহ তলত আলোচনা কৰা হ'ল -

(ক) অন্তঃৱৰ্তী সমূহৰ সদস্যসকলে নিজৰ গোটটোক অনুকূলভাৱে আৰু ইয়াৰ সদস্যসকলক দক্ষ, বিশ্বাসযোগ্য আৰু সহযোগী বুলি চোৱাৰ প্ৰৱণতা থাকে। কিন্তু, গোটৰ বাহিৰৰ সদস্যসকলক কম অনুকূলভাৱে চোৱা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে কু-সংস্কাৰ বা বৈষম্য হ’ব পাৰে।


৫) প্ৰসংগ সমূহৰ অৰ্থ প্ৰকাশ কৰা? ইয়াৰ বৈশিষ্ট্য়সমূহ কি কি?

উত্তৰঃ- মানৱ সমাজত দেখা পোৱা আন এবিধ সমূহ হ'ল 'প্ৰসংগ সমূহ' বা 'সন্দৰ্ভ সমূহ' । এই সমূহক আন আন সমাজতত্ত্ববিদে 'অনা সদস্য়তা সমূহ' বুলিও নামাকৰণ কৰিছে। যেতিয়া কোনো ব্য়ক্তি বা ব্য়ক্তিসমূহে কোনো সমূহৰ সদস্য়পদ গ্ৰহণ নকৰাকৈ সেই সমূহৰ আদৰ্শ অনুকৰণ কৰে, তেতিয়া তেনে সমূহক 'অনা সদস্য়তা সমূহ' বোলা হয়। অৰ্থাৎ, সদস্য়পদ গ্ৰহণ নকৰাকৈ সমূহৰ আদৰ্শ গ্ৰহণ কৰা বাবে এনে সমূহক 'অনা সদস্য়তা সমূহ' বোলা হয়।           

            সমাজতত্ত্বত প্ৰসংগ সমূহৰ বিষয়ে পোন প্ৰথমে হাৰ্বাৰ্ট হাইমেনে আগবঢ়াইছিল। যাৰ বাবে হাইমেনক প্ৰসংগ সমূহৰ স্ৰষ্টা বুলি কোৱা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লিণ্টন, টাৰ্ণাৰ আৰু মাৰ্টনে প্ৰসংগ সমূহৰ বিষয়ে বহলাই আলোচনা কৰিছিল। এইসকল সমাজতত্ত্ববিদে আগবঢ়োৱা আলোচনাৰ ভিত্তিত প্ৰসংগ সমূহৰ অৰ্থ এইবুলি প্ৰকাশ কৰিব পাৰি যে, যেতিয়া কোনো এটা সমূহে আন এটা সমূহৰ আদৰ্শ আগত ৰাখি নিজৰ সমূহৰ মান উন্নত কৰিবলৈ যত্ন আৰু চেষ্টা কৰে, তেতিয়া অনুকৰণীৰ সমূহটোক 'প্ৰসংগ সমূহ' বুলিব পাৰি।  

            প্ৰসংগ সমূহৰ অৰ্থ সম্পৰ্কে বিভিন্ন সমাজতত্ত্ববিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ'ল - 

(ক) বিশিষ্ট সমাজতত্ত্ববিদ উইলিয়াম এফ অগবাৰ্ণ আৰু মেয়াৰ এফ নিমকফৰ মতে, "যিকোনো সমূহে যেতিয়া আন সমূহৰ তুলনাৰ কেন্দ্ৰবিন্দু হিচাপে কাৰ্য কৰে, সেই সমূহেই প্ৰসংগ সমূহ"।   

(খ) সমাজতত্ত্ববিদ পল বি হৰ্টন আৰু চেষ্টাৰ এল হাণ্টৰ মতে, "যেতিয়া আমি কোনো গুণাগুণ নিৰ্ধাৰণৰ ক্ষেত্ৰত আন এটা সমূহৰ প্ৰসংগ উত্থাপন কৰোঁ বা যেতিয়া কোনো সমূহৰ গুণাগুণ নিৰ্ধাৰণ পদ্ধতি আমাৰ গুণাগুণ নিৰ্ধাৰণ পদ্ধতি হয়, তেতিয়া সেই সমূহকে প্ৰসংগ সমূহ বুলিব পাৰি"। 

(গ) সমাজবিজ্ঞানী মুজাফৰ শ্বেৰিফৰ মতে, "প্ৰসংগ সমূহ হ'ল এনে কিছুমান সমুহ, যিবোৰত ব্য়ক্তিসকলে একো একোটা অংশ হিচাপে নিজকে সম্পৰ্কিত কৰে বা যিবোৰত ব্য়ক্তিসকলে নিজকে মনোবৈজ্ঞানিকভাৱে সম্পৰ্কিত কৰে"।  

            প্ৰসংগ সমূহৰ বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হ'ল -

(ক) প্ৰসংগ সমূহে ব্যক্তিক এটা বিশেষ গোটৰ ভিতৰত ৰাখি স্বাভাৱিক বা গ্ৰহণযোগ্য আচৰণৰ অনুভৱ প্ৰদান কৰে। ইয়াৰ ফলত ব্যক্তিসকলে সামাজিক প্ৰত্যাশাৰ লগত খাপ খাব পাৰে আৰু নেতিবাচক নিষেধাজ্ঞাৰ পৰা হাত সাৰিব পাৰে।

(খ) ব্যক্তিসকলে নিজৰ মনোভাৱ, বিশ্বাস আৰু আচৰণক আনৰ সৈতে তুলনা কৰিবলৈ প্ৰসংগ সমূহ ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ পৰিচয়ত অধিক নিৰাপত্তা অনুভৱ কৰিব পাৰে আৰু নিজৰ জীৱনৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰে।

(গ) প্ৰসংগ সমূহে ব্যক্তিসকলক বিভিন্ন সামাজিক নীতি-নিয়ম আৰু মূল্যবোধৰ বিষয়ে তথ্য প্ৰদান কৰিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনৰ বিষয়ে অধিক জ্ঞাত সিদ্ধান্ত ল’ব পাৰে।

(ঘ) ব্যক্তিসকলে নিজৰ পৰিচয় সংজ্ঞায়িত কৰাত সহায় কৰিবলৈ প্ৰসংগ সমূহ ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ যিসকল ব্যক্তিয়ে এতিয়াও নিজৰ আত্মবোধ গঢ়ি তুলিছে তেওঁলোকৰ বাবে এইটো গুৰুত্বপূৰ্ণ হ’ব পাৰে।

(ঙ) ব্যক্তিয়ে প্ৰসংগ সমূহক প্ৰেৰণা আৰু প্ৰেৰণাৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ লক্ষ্য আৰু আকাংক্ষা পূৰণত সহায় কৰিব পাৰে।

Answered by - Sri Mampi Kakati

**********