ভাৰতৰ জনসংখ্যা বৃদ্ধি সমস্যা  


আৰম্ভণি: ‘জনবিস্ফুৰণ’ বুলিলে খাদ্যদ্ৰব্য উৎপাদনৰ তুলনাত জনসংখ্যা বৃদ্ধি হোৱাক অৱস্থাক বুজোৱা হয়। জনসংখ্যাৰ দিশত ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ২০১৮ চনৰ সমীক্ষা অনুসৰি ভাৰতৰ জনসংখ্যা প্ৰায় ১৩৫.২৬ কৌটি। বিশ্বৰ মুঠ জনসংখ্যাৰ ১৫ শতাংশ ভাৰতত বাস কৰে। ইয়াৰ মাটিকালি বিশ্বৰ মাটিকালিৰ মাত্ৰ ২.৪ শতাংশ।  ইমান বিশাল সংখ্যক জনসংখ্যাৰ বিপৰীতে ভাৰতত খাদ্য-শস্য আৰু অন্যান্য দৈনন্দিন ব্যৱহাৰ্য বস্তুৰ উৎপাদন যথেষ্ট কম। ফলত ভাৰতবৰ্ষৰ অৰ্থনীতিত এক বিৰূপ প্ৰভাৱ পৰিছে। বিভিন্ন সমস্যা যেনে নিবনুৱা সমস্যা, মাটি-বাৰীৰ সমস্যা, সামাজিক নিৰাপত্তা, শান্তি-শৃঙ্খলা আদি বিভিন্ন দিশত সমস্যা উদ্ভৱ হোৱাৰ লগতে জীৱন নিৰ্বাহৰ মানদণ্ডও নিম্নগামী হৈছে। 


জনবিস্ফুৰণৰ কাৰণ: ভাৰতবৰ্ষত জনবিস্ফুৰণৰ কেইবাটাও কাৰণ আছে, যেনেঃ


(ক) বাল্য বিবাহ আৰু বহু বিবাহ: আজিৰ বিজ্ঞানৰ এই চৰম যুগতো ভাৰতত বাল্য বিবাহ, বহু বিবাহ আদি পৰম্পৰাগত নীতি হিচাপে চলি আছে। অশিক্ষিত জনসাধাৰণে জন্ম নিয়ন্ত্ৰণৰ তাৎপৰ্য অনুধাৱন কৰিব নোৱাৰি অধিক সন্তান জন্ম দিয়ে। ফলত প্ৰতিবছৰ জনসংখ্যা বৃদ্ধি পাই আছে।


(খ) জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ নিম্ন: বৰ্তমান বিজ্ঞানৰ বদৌলতত চিকিৎসা পদ্ধতি যথেষ্ট উন্নতি হৈছে। বহুতো দূৰাৰোগ্য বেমাৰৰ ঔষধ আৱিষ্কাৰ হৈছে। ফলত জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্রাস পাই জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে।


(ঘ) দুৰ্নীতিঃ পৃথিৱীৰ দুৰ্নীতিগ্ৰস্ত দেশবোৰৰ ভিতৰত ভাৰত অন্যতম। ভাৰতত আজি এনে এটি চৰকাৰী বিভাগ পাবলৈ নাই য’ত দুৰ্নীতি নাই। ভাৰতৰ দুৰ্নীতি অনুধাৱন কৰি এজন বিদেশী পৰ্যটকে মন্তব্য কৰিছিল, ‘ভাৰত হৈছে পৃথিৱীৰ ভিতৰত এটি আচৰিত দেশ, যত সামান্য প্ৰহৰীৰ চাকৰি কৰা ব্যক্তিৰ পৰা শাসনৰ সর্বোচ্চ নেতাজনেও উৎকোচ গ্ৰহণ কৰে, তথাপি দেশখন জীয়াই আছে।’ মন্তব্যটি শ্ৰৱণত তিক্তকৰ যদিও ইয়াৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে। দুৰ্নীতিৰ বাবে দেশৰ উন্নয়নৰ আঁচনিসমূহ যথাযথভাৱে ৰূপায়নত বাধা প্ৰাপ্ত হৈ দেশৰ অৰ্থনতিত প্ৰতিকূলতাৰ সৃষ্টি কৰিছে। ফলত উৎপাদন হ্রাস পাই জনবিস্ফুৰণ ঘটাইছে।


(ঘ) অনুপ্ৰৱেশঃ ভাৰতবৰ্ষত জনবিস্ফুৰণৰ জলন্ত কাৰকটো হৈছে প্রব্রজন (অনুপ্ৰৱেশ)। ভাতৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে বাংলাদেশ, মিয়ানমাৰ, নেপাল, ভূটান, আফগানিস্থান, শ্ৰীলংকা আদি দেশৰ পৰা জীৱিকাৰ সন্ধানত প্ৰতিদিনে ভাৰতলৈ অবৈধভাৱে অনুপ্ৰৱেশ ঘটি আছে। সিহঁতে নগৰ, মহানগৰত স্থান লোৱাৰ উপৰিও চৰ-চাপৰি, হাবি-বননিৰ ওচৰ-চুবুৰী অঞ্চলত আশ্ৰয় লৈ ভাৰতৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আছে। 

অৰ্থনীতিৰ ওপৰত জনবিস্ফুৰণৰ প্ৰভাৱ: জনবিস্ফুৰণে ভাৰতৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, আধ্যাত্মিক, অৰ্থনৈতিক আদি সকলো দিশতে সমস্যাৰ সৃষ্টি কৰিছে যদিও অৰ্থনীতিৰ ওপৰত যি সমস্যাৰ সৃষ্টি কৰিছে সেয়া অতি ভয়াবহ। 

জনসংখ্যা অত্যধিক হাৰত বৃদ্ধি পোৱাৰ বাবে শস্য উৎপাদনৰ ভূমিৰ পৰিমাণ কমি আছে। ফলত ভাৰতত খাদ্য সংকটে দেখা দিছে। দেশৰ জনগণৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতে প্ৰতিবছৰ বিদেশৰ পৰা বহুল পৰিমাণৰ খাদ্য শস্য আমদানি কৰিবলগা হৈছে। ফলত বৈদেশিক মূদ্ৰাও ব্যয় হৈ ভাৰতত মুদ্রাস্ফীতি  ঘটাইছে।

জনবিস্ফুৰণৰ ফলত দেশত দুৰ্নীতিও বৃদ্ধি পাইছে। বহুতে চৰকাৰী পদ এটি পোৱাৰ বাবে উৎকোচ দিয়াৰ নামত লাখ লাখ টকা খৰচ কৰিছে। পিছত দুৰ্নীতিৰ জৰিয়তে খৰচ কৰা টকাৰ কেইবা হাজাৰগুণ    চৰকাৰী টকা বা সম্পদ আত্মসাৎ কৰি উন্নয়নত ব্যঘাত ঘটাই আছে।

জনসংখ্যা অত্যধিক হাৰত বৃদ্ধি পোৱা বাবে স্কুল-কলেজত ল’ৰা-ছোৱালীক উপযুক্ত শৈক্ষিক সুবিধা দিয়াত চৰকাৰ ব্যৰ্থ হৈছে। শিক্ষাৰ মানদণ্ডও নিম্নগামী হৈছে।জনবিস্ফুৰণৰ বাবে দেশত চুৰি, ডকাইতি, মৰামৰি, অসূয়া-প্ৰীতি আদি আগৰ তুলনাত বৃদ্ধি পাইছে। ফলত দেশৰ শান্তি-শৃঙ্খলা ব্যাহত হৈ সামাজিক পৰিৱেশ বিনষ্ট হৈছে আৰু ই প্ৰত্যক্ষ-পৰোক্ষ ভাৱে অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে। 

ভাৰতত জনসংখ্যা বৃদ্ধি পোৱাত সৃষ্টি হোৱা আন এক অতি  ভয়াবহ সমস্যা হৈছে ভাৰতৰ স্থায়ী নাগৰিক আৰু অনুপ্ৰৱেশকাৰীসকলৰ মাজত উদ্ভৱ হোৱা সংঘাত। আজি প্ৰকৃত ভাৰতীয়সকলে অনুপ্ৰৱেশকাৰীসকলৰ ভিৰত বহুতো সুবিধা ভোগ কৰাৰ পৰা বঞ্চিত হৈছে। অনুপ্ৰৱেশকাৰীসকলওে বিভিন্ন অবৈধ উপায় আৰু চল-চাতুৰিৰ আশ্ৰয় লৈ ভাৰততে থাকি যাবলৈ প্ৰকৃত ভাৰতীয়সকলৰ লগত সংঘাতত লিপ্ত হৈছে। ফলত দেশৰ শান্তি আৰু শৃঙ্খলা আৰু ঐতিহ্যময় সংহতিত কুঠাৰঘাত পৰিছে।

ভাৰতবৰ্ষত জনবিস্ফুৰণৰ আন এক জলন্ত সমস্যা হৈছে হিন্দু-মুচলামনৰ মাজত চলা সংঘাত। উদাহৰণস্বৰূপে বিংশ শতাব্দীৰ নৱম দশকত অসমত উদ্ভৱ হোৱা ‘বহিৰাগত খেদা আন্দোলন, একবিংশ শতিকাৰ প্ৰথম দহকত গুজৰাটত সংঘটিত হোৱা হিন্দু-মুছলামনৰ সংঘাত। সৌ সিদিনা দিল্লী, পশ্চিমবংগ, বিহাৰ, হিমাচল প্ৰদেশ, জম্বু-কাশ্মীৰ আদিত বসবাস কৰি থকা ভাৰতীয় ইছলামধৰ্মী লোকসকলক বহিৰাগত বুলি সন্দেহ কৰি হিন্দুসকলৰ দ্বাৰা কৰা উৎপীড়ন ভাৰতৰ সংহতিৰ পথাৰত এলানি কলা অধ্যায়। এই সংঘাতসমূহে পৰোক্ষভাৱে ভাৰতৰ অৰ্থীনতিতো এক প্ৰতিকূল প্ৰভাৱ পেলাইছে।

মুঠতে জনবিস্ফুৰণে ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ লগতে অৰ্থনীতিত এক ভয়ানক সংকটৰ সৃষ্টি কৰিছে।


সংকট মোচনৰ উপায়: জনবিস্ফুৰণৰ ফলত দেখা দিয়া ভাৰতৰ অৰ্থনৈতিক সংকট মোচনৰ বাবে আমি তলত দিয়া উপায়সমূহ গ্ৰহণ কৰিব পাৰো–

প্ৰথম, দেশত শিক্ষাৰ  প্ৰসাৰ ঘটাব লাগিব। সাৰ্বজনীনন প্ৰাথমিক শিক্ষাৰ কেৰোণসমূহ আঁতৰ কৰি ভিতৰুৱা, অনুন্নত গাওঁবোৰত সকলো-ল’ৰাছোৱালীয়ে যাতে সহজে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। শৈক্ষিক পৰিৱেশ উন্নত কৰিব লাগিব। কাৰীকৰি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।দ্বিতীয়তে, দেশত জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিব লাগিব। পৰিয়াল পৰিকল্পনা সৰ্বাত্মকভাৱে গ্ৰহণ কৰাৰ বাবে জনজাগৰণৰ সৃষ্টি কৰিব লাগিব।তৃতীয়তে,  বাহিৰা ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ হোৱা অনুপ্ৰৱেশ ৰোধ কৰিব লাগিব। ইয়াৰ বাবে কঠোৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সীমান্তত প্ৰহৰী সৈনিকৰ সংখ্যা বৃদ্ধি কৰিব লাগিব।চতুৰ্থতে, দেশত উৎপাদন বৃদ্ধি কৰিব লাগিব। তাৰ বাবে কৃষি ব্যৱস্থা আধুনিকীকৰণ কৰাৰ লগতে জৈৱিক সাৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰাৰ বাবে কৃষকসকলক উদ্বুদ্ধ কৰিব লাগিব। উন্নত যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰিব লাগিব। কৃষকক আৰ্থিক সাহাৰ্য প্ৰদান কৰি কৃষকক সকাহ দিয়াৰ লগতে কৃষি কাৰ্যত উৎসাহ প্ৰদান কৰিব লাগিব। কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব।পঞ্চমতে, থলুৱা সম্পদৰ সুব্যৱহাৰৰ বাবে কল-কাৰখানা, উদ্যোগ আদিৰ প্রতিষ্ঠা কৰিব লাগিব।ষষ্টতে, দেশৰ পৰা দুৰ্নীতি নাশ কৰি প্ৰশাসন আৰু লেনদেন স্বচ্ছ কৰিব লাগিব। মধ্যভোগী দলাল শ্ৰেণী নিঃশেষ কৰিব লাগিব।সপ্তমতে, প্ৰশাসনীয় খৰচ হ্রাস কৰি উৎপাদন কাৰ্যত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।


সামৰণি: জনসংখ্যা জনবিস্ফুৰণ আৰু অৰ্থনৈতিক সংকট মোচনৰ বাবে উপৰিউক্ত ব্যৱস্থাসমূহ সুপৰিকল্পিতভাৱে কাৰ্যত ৰূপায়ণ কৰিব পাৰিলে নিশ্চয় এই সমস্যাৰ সমাধান হ’ব আৰু ভাৰত বিশ্বৰ এক লেখতলবলগীয়া উন্নত ৰাষ্ট্ৰত পৰিণত হ’ব।



Mousumi Kalita

MA in Assamese (G.U.)

Check by - Mukesh Borah