GU BA 2nd Sem
Assamese
Chapter 1 Question Answer
►অতি চমু প্ৰশ্নোত্তৰঃ
১। অসম কেতিয়া ইংৰাজৰ অধীন হয়?
উত্তৰঃ- ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজৰ অধীন হয়।
২ । প্ৰথম অসমীয়া ছপাশাল কেতিয়া ছপা হয়?
উত্তৰঃ- ১৮৪০ চনত (মিছনেৰীৰ দ্বাৰা শিৱসাগৰত)।
৩। প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি?
উত্তৰঃ- অৰুনোদই।
৪। অসমীয়া ভাষাৰ প্ৰথমখন অভিধান কেতিয়া ছপা হয়?
উত্তৰঃ- ১৮৬৭ চনত।
৫। ‘অৰুনোদই’ সম্পাদকৰ দায়িত্ব লোৱা মিছনেৰীকেইজন কোন কোন?
উত্তৰঃ- নাথান ব্ৰাউন, মাইলছ ব্ৰন্সন, এ এইচ ডেনফোৰ্থ, ডব্লিউ ৱাৰ্ড, ৰেঃ ক্লাৰ্ক, এ .কে. গাৰ্নি আদি।
৬। অৰুণোদয় যুগৰ খ্ৰীষ্টিয়ান লেখকসকল কোন কোন আছিল?
উত্তৰঃ- নাথান ব্ৰাউন, মাইলছ ব্ৰন্সন, নিধিৰাম ফাৰৱেল, এলিজা ব্ৰাউন, মিঃ গাৰ্নি।
৭। অৰুণোদয় যুগৰ অখ্ৰীষ্টিয়ান লেখকসকল কোন কোন আছিল?
উত্তৰঃ- আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা।
৮। ‘অসম বুৰঞ্জী’ (১৮৪৪) ৰ ৰচক কোন?
উত্তৰঃ- কাশীনাথ তামুলী ফুকন।
৯। ‘অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য়’ (১৮৪০) ৰ ৰচক কোন?
উত্তৰঃ- অলিভাৰ টি কাট্টাৰৰ পত্নী শ্ৰীমতী কাট্টাৰ।
১০। ‘বেলিমাৰৰ বুৰঞ্জী’ (১৮৩৩-৩৮ খ্ৰীঃ) কোনে লিখিছে?
উত্তৰঃ- বিশ্বেশ্বৰ বৈদ্য়াধিপ।
১১। জোনাকী যুগক আৰু কি নামেৰে জনা যায়?
উত্তৰঃ জোনাকী যুগক 'বসন্যাসিক যুগ', 'ৰসন্যাসিক যুগ' বা 'ৰোমাণ্টিক যুগ' বুলিও কোৱা হয়।
১২। 'অসমীয়া সাহিত্য চ'ৰা' কোন চনত প্রতিষ্ঠা হয়?
উত্তৰঃ ১৮৭২ চনত।
১৩। আৱাহন কাকতখন কিমান চনত, ক'ৰপৰা প্ৰথম প্ৰকাশ হৈছিল?
উত্তৰঃ ১৯২৯ চনত কলিকতাৰপৰা প্ৰকাশ হৈছিল।
১৪। 'ৰামধেনু যুগ' বুলি কোনচোৱা কালক অভিহিত কৰা হৈছে?
উত্তৰঃ ১৯৪০ চনৰ পাৰ ১৯৭০ চনলৈ এই কালছোৱাক 'ৰামধেনু যুগ' বুলি অভিহিত কৰা হৈছে।
১৫। ৰামধেনু যুগৰ প্ৰথমখন ঐতিহাসিক উপন্যাসৰ নাম কি?
উত্তৰঃ দণ্ডিনাথ কলিতাৰ 'গণবিপ্লৱ'।
১৬। কোন ধাৰাৰ কবিতাৰ যোগেদি ৰামধেনু যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভ ঘটিছিল?
উত্তৰঃ ৰামধেনু যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভ ঘটিছিল প্রগতিবাদী ধাৰাৰ কবিতাৰ যোগেদি।
১৭। 'জয়ন্তী' কিমান চনত প্রথম প্রকাশ হৈছিল।
উত্তৰঃ ১৯৩৮ চনৰ ২ জানুৱাৰীৰ দিনা পষেকীয়া জয়ন্তীৰ প্ৰথম সংখ্যা প্রকাশ হয়। জয়ন্তীৰ সম্পাদক আছিল বিহগী কবি ৰঘুনাথ চৌধাৰী। প্রতিষ্ঠাপক আছিল কেশৱ কান্ত বৰুৱা।
► চমু প্রশ্নোত্তৰঃ
১। অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত প্রাক্ অৰুনোদই স্তৰ বুলিলে কোনছোৱা সময়ক বুজায়?
উত্তৰঃ 'অৰুণোদই' প্রকাশ হোৱাৰ আগলৈকে অর্থাৎ ১৮২৬ খৃঃৰ পৰা ১৮৪৬ খৃঃলৈকে এই কালছোৱা অসমীয়া সাহিত্যৰ বুৰঞ্জীত প্রাক্-অৰুণোদয় ('অৰুণোদই') কাল বুলি জনা যায়। এই সময়ছোৱাত অসমীয়া ভাষাত ৰচনা কৰা পুথি-পাজিীৰ সংখ্যা নিচেই তাকৰ। ১৮১৩ খৃঃত শ্ৰীৰামপুৰৰ প্ৰেছৰ পৰ ওলোৱা 'বাইবেলৰ অসমীয়া ভাঙণি'ৰ দ্বিতীয় সংস্কৰণ ১৮৩৩ খৃঃত প্রকাশ পায়। প্রাক্-অবণোদয় কালছোৱাত শ্ৰীৰামপুৰৰ মিছনেৰীসকলৰ যত্নত বাইবেলৰ বাহিৰেও খৃষ্টধর্ম সম্পর্কীয় ভালেখিনি পুস্তিকা প্রকাশ পায়। বাইবেল অনুবাদক হিচাপে এই সময়ছোৱাৰ উল্লেখযোগ্য লেখক হ'ল আত্মাৰাম শর্মা। চতুর্থ দশকৰ আৰম্ভণিতে শ্ৰীৰামপুৰ প্ৰেছৰ পৰা ১৮৩৩ খ্রীঃত আত্মাৰাম শৰ্মাই অনুবাদ কৰা ধৰ্মপুস্তকৰ আদিভাগ (অল্ড টেষ্টামেন্ট) প্রকাশ পাইছিল। এই সময়ছোৱাৰ আন আন উল্লেখযোগ্য সাহিত্যৰাজি হ'ল- ববিন্সন চাহাবে ইংৰাজীতে লিখা অসমীয়া ব্যাকৰণ (১৮৩৯), কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী (১৮৪৪) মি কাট্টাৰৰ পত্নী শ্রীমতী কাট্টাৰৰ অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য (১৮৪০) বিশ্বেশ্বৰ বৈদ্যাধিপৰ বেলিমাৰৰ বুৰঞ্জী (১৮৩৩-৩৮), যদুৰাম ডেকাবৰৱাৰ অসমীয়া বঙলা অভিধান (১৮৩৯), মণিৰাম বৰভাণ্ডাৰ বৰুৱা (মণিৰাম দেৱান)ৰ বুৰঞ্জী বিৱেকৰত্ন (১৮৩৮) আদি।
আত্মাৰাম শৰ্মাৰ অসমীয়া গদ্যত তৎসম শব্দৰ প্ৰয়োগ অলপ বেছি আছিল। অন্যান্য মিছনেৰী লেখক ব্রাউন, ব্ৰন্সন আদিৰ ভাষাৰ আখৰ জোঁটনিৰ পৰা এওঁৰ আখৰ জোঁটনি বেলেগ আছিল। কথা কওঁতে যেনেকৈ কোৱা হয়, লিখোতেও সেইদৰেই লিখাৰ এওঁ পক্ষপাতী নাছিল। কাশীনাথ তামুলী ফুকনৰ 'অসম বুৰঞ্জী' এই সময়ৰে ৰচনা। পুৰণি কাব্যৰ ৰীতি, পদ, দুলড়ী, ছবি আদি ছন্দত অসমৰ পদ্য বুৰঞ্জী ৰচনা কৰে বিশ্বেশ্বৰ বৈদ্যাধিপে। ডঃ ভূঞাই এই বুৰঞ্জীৰ নাম 'বেলিমাৰৰ বুৰঞ্জী' দিছে। এই সময়ৰে অন্য এগৰাকী লেখক মণিৰাম দেৱান। ১৮৩৮ খৃঃত এওঁৰ ৰচিত 'বুৰঞ্জী বিবেক ৰত্ন'ৰ প্ৰথম খণ্ডহে উদ্ধাৰ হৈছে। যদুৰাম বৰুৱা এই সময়ৰ অন্য এজন লেখক। ১৮৩৯ খৃঃতে যদুৰাম বৰুৱাই অসমীয়া অভিধান এখন প্রণয়ন কৰি কৰ্ণেল জেনকিন্সক দিছিল। এইখনৰ ওপৰতে ভিত্তি কৰি ১৮৬৭ খৃঃত ব্রন্সন চাহাবে অসমীয়া অভিধান সম্পূর্ণ কৰে।
দেখা গ'ল যে প্রাক্-অৰুণোদয় যুগত মিছনেৰীসকলৰ প্ৰযত্নত নতুন ধাৰাৰ সাহিত্য সৃষ্টি হোৱাৰ উপক্ৰম হৈছিল। লগতে বৈষ্ণৱ যুগৰ সাহিত্যৰ ধাৰা এটি ক্ষীণকৈ হ'লেও বৈ আছিল।
২। আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলে কেতিয়া কি উদ্দেশ্যেৰে অসমত প্ৰৱেশ কৰেহি?
উত্তৰঃ ১৮৩৬ চনত সুদূৰ আমেৰিকাৰপৰা আহি বেপ্তিষ্ট মিছনেৰীসকলে অসমত প্রবেশ কৰেহি। তেওঁলোক অসমলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা। নাথান ব্রাউন, ও টি কট্টাৰ, মাইল্ল্থ ব্রন্সন আদি মিছনেৰীসকলে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ শিৱসাগৰ, নগাঁও, গুৱাহাটী আদি ঠাইত থিতাপি লয়।
৩। অৰুণোদয় যুগত কেইশ্রেণী লেখকৰ আৱিৰ্ভাৱ হৈছিল? লেখক শ্রেণীকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অৰুনোদই যুগত দুই শ্ৰেণীৰ লেখকৰ আৱিৰ্ভাৱ হৈছিল।
শ্রেণী দুটা হ'ল- এটা খ্রীষ্টিয়ান লেখক আৰু আনটো অখ্রীষ্টিয়ান বা অসমীয়া লেখক। খ্রীষ্টিয়ান লেখক শ্রেণীয়ে খ্ৰীষ্টধর্ম প্ৰচাৰৰ উদ্দেশ্যে ধর্মমূলক গ্রন্থ ৰচনা কৰিছিল। তদুপৰি অভিধান, ব্যাকৰণ, পঢ়াশলীয়া পুথি, সাধুকথাৰ পুথি আদিও লিখিছিল। অসমীয়া লেখকসকলে অসমীয়া ভাষাৰ উন্নতিৰ হকে নানাধৰণৰ পুথি ৰচনা কৰিছিল। অৰুনোদই যুগৰ সেইসকল লেখক আছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি।
৪। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন ১৮৪৮ চনত নাথান ব্রাউনে প্রকাশ কৰি উলিয়াইছিল। নাথান ব্রাউনে ৰচনা কৰা প্ৰসিদ্ধ অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্ৰকৃত নাম আছিল 'Grammatical Notices of the Assamese Language'। ভাষাবিদ নাথান ব্রাউনে এইখন ইংৰাজী ভাষাত ৰচনা কৰিছিল।
৫। অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ অ ভাউ সা সভাৰ উদ্দেশ্য সম্পর্কে লিখা।
উত্তৰঃ ১৮৭২ চনত কলিকতীয়া অসমীয়া ছাত্রই প্রতিষ্ঠা কৰা 'অসমীয়া সাহিত্য চ'ৰা (Assamese Literary Society)'ৰ প্ৰভাৱ ক্ষীণ হৈ অহাত ইয়াৰ নতুন নামকৰণ কৰি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ অ ভাউ সা সভা প্রতিষ্ঠা কৰে। এই সভাৰ উদ্দেশ্যবোৰ হ'ল-
(ক) পুৰণি পুথি সংগ্ৰহ আৰু প্রকাশ।
(খ) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন।
(গ) অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ প্ৰচলন।
(ঘ) সংস্কৃত আৰু আন ভাষাৰপৰা ভাল ভাল পুথিৰ অনুবাদকৰণ।
(ঙ) অসমৰ সামাজিক আৰু ধার্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্রণয়ন।
(চ) সাহিত্য আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ আদি বহুতো উদ্দেশ্য লৈ উক্ত সভা স্থাপিত হৈছিল।
৬। আৱাহন যুগৰ গল্পৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰঃ ১৯২৯ চনত 'আৱাহন' ওলোৱাৰ লগে লগে অসমীয়া গল্প-সাহিত্যই এটা নতুন স্তৰত ভৰি দিয়ে। এই যুগৰ গল্পত কল্পনাৰ মুক্ত গতি, ৰোমাণ্টিক ভাবধাৰাৰ লাহ-বিলাহ আৰু ভাষাৰ সূক্ষ্ম ব্যঞ্জনা পরিদৃষ্ট হয়। ফ্রয়েদ, যুং এডলাৰৰ যৌনতত্ত্বই এই যুগৰ লেখকসকলক বিশেষভাবে প্রভাবিত কৰে।
৭। অসমীয়া সাহিত্যৰ 'সাম্প্রতিক যুগ' বুলিলে কি বুজা?
উত্তৰঃ 'সাম্প্রতিক' শব্দটো আপেক্ষিক। সময় পৰিৱর্তনৰ লগে লগে সাম্প্রতিক শব্দটোৰ সময়ৰ পৰিসৰ বিস্তাৰিত হ'ব পাৰে। আজি যিটো সাম্প্রতিক, দহ বছৰ বা তাৰ পিছত সি সাম্প্রতিক হৈ নাথাকিবও পাৰে। এনে পৰিপ্ৰেক্ষিতত সাহিত্যৰ ইতিহাসকাৰসকলে সাহিত্যৰ ইতিহাসত সত্তৰৰ দশকৰ পৰৱৰ্তী কালত ৰচিত সাহিত্যৰাজিক বুজোৱাৰ কাৰণে ব্যৱহাৰ কৰা 'সাম্প্রতিক' শব্দটো গ্ৰহণ কৰা হৈছে।
৮। চমুটোকা লিখাঃ
(ক) মণিৰাম দেৱান।
উত্তৰঃ শিৱসাগৰ চাৰিঙৰ ৰাজদত্ত বৰুৱাৰ পুত্ৰ মণিৰাম দেৱান পুৰন্দৰ সিংহৰ ৰাজত্বৰ দ্বিতীয় কালত ৰাজসভাসদ আছিল। তেওঁ ইংৰাজৰ অধীনত মিৰমুঞ্চি আৰু পেচকাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল যদিও পৰৱৰ্তীকালত অসম চাহ কোম্পানীত দেৱান হিচাপে নিযুক্তি লভিছিল। অৱশ্যে পাছলৈ নিজাকৈ চাহ বাগিচা খুলিছিল। তেওঁ ইংৰাজ ৰাজত্বৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল। এই দ্ৰোহৰ বাবে ইংৰাজসকলে মণিৰাম দেৱানক মৃত্যুদণ্ডবে দণ্ডিত কৰে। মণিৰাম দেৱানে ৰচনা কৰা বুৰঞ্জী বিৱেকৰত্নৰ দ্বিতীয়টো খণ্ডহেবৰ্তমানলৈকে উদ্ধাৰ হৈছে। ১৮৩৮ চনত ৰচনা কৰা এই খণ্ডটো প্রাচীন কামৰূপ-অসমৰ সামাজিক-সাংস্কৃতিক বুৰঞ্জীৰ এক বিৰাট ভঁৰাল বুলি সাহিত্যৰ ইতিহাসকাৰসকলে বিবেচনা কৰে।
প্রাচীন কামৰূপৰ ধৰ্ম আৰু সমাজ, জাতি আৰু বর্ণ, আহোম শাসন পদ্ধতিব কিছু দিশ, বৈষ্ণব গ্রন্থ আৰু সত্ৰৰ উৎপত্তি, বৈষ্ণৱ সত্ৰৰ চাৰি সংহতিৰ বিকাশ, শাক্ত গোস্বামীসকলৰ 'আগমোক্ত মার্গ'ৰ প্ৰচাৰ, মোৱামৰীয়া বিদ্রোহ তথা মানৰ দিনৰ কিছু কথা এই খণ্ডটোত বর্ণিত হৈছে।
(খ) যদুৰাম ডেকাবৰুৱা।
উত্তৰঃ অসমীয়া ভাষাত অভিধান প্রণেতা যদুৰাম ডেকাবৰুৱাৰ ঘৰ যোৰহাটত আৰু তেওঁৰ পিতৃ হ'ল কৃষ্ণদাস ভৰালী বৰুৱা। চন্দ্রকান্ত সিংহ তথা পুৰন্দৰ সিংহৰ চ'ৰাত বিষয়া হিচাপে থকাৰ লগতে ইংৰাজ শাসন কালত মুন্সিফ হিচাপে তেওঁ কার্যনির্বাহ কৰিছিল। ১৯৩৯ চনত তেওঁ বঙলা-অসমীয়া অভিধানখন প্রণয়ন কৰি কৰ্ণেল জেনকিঞ্চ চাহাবৰ হাতী অৰ্পণ কৰে। এই অভিধানখনকে ভিত্তি হিচাপে লৈ পৰৱৰ্তী সময়ত ব্রন্সনে তেওঁৰ অভিধানখন প্রণয়ন কৰিছিল বুলি সত্যেন্দ্রনাথ শর্মাই অনুমান কৰে।
▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। আধুনিক অসমীয়া সাহিত্যৰ পটভূমি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰেপৰা ইংৰাজৰ লগত সম্পর্ক স্থাপন আৰু ইংৰাজী শিক্ষাষ প্রচলনে অসমৰ সামাজিক আৰু বৌদ্ধিক জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আনে। ইয়াৰ পৰিণতিস্বৰূপে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা হয়। এই যুগটোকেই আধুনিক সাহিত্যৰ যুগ বুলি চিহ্নিত কৰা হৈছে। উনবিংশ শতিকাৰ মাজভাগৰপৰা এই নতুন যুগটোৰ নিৰ্মাণৰ প্রচেষ্টা চলে। ১৮৩৬ চনত অসমৰ পঢ়াশালি আৰু আদালতৰপৰা অসমীয়া প্রবর্তন কৰা হ'ল। কিন্তু আনন্দৰাম বিশি, ব্যক্তিসকলে প্রায় ৩৬ বছৰ যুঁজ বাগৰ কৰাৰ অন্তত ১৮৭৩ চনত অসমীয়া ভাবাই হেৰোৱা সম্মান ঘুৰাই পায়। অসমৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাৰ পুনৰ প্রচলন হয়। তেওঁলোকক এই কামত সহায় কৰিলে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে সুদূৰ আমেৰিকাৰপৰা আছি। অসমৰ মাটিত ভৰি দিয়া বেপ্তিষ্ট মিছনেৰীসকলে। মিছনেৰীসকলে অসমীয়া ভাষাৰ পুনর্বাসনৰ কাষণে মাত মতাই নহয়, অসমীয়া ব্যাকৰণ, অভিধান আৰু পঢ়াশলীয়া পুথি লিখি আৰু কেইবাখনো মূল্যৱান পুথি অসমীয়ালৈ অনুবাদ কৰি আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেটি স্থাপনৰ কামো আৰম্ভ কৰিলে। অসমৰ পুৰণি পুথি সংগ্রহতো তেওঁলোকে মনোযোগ দিয়ে। ১৮৪৩ চনত উজনি অসমৰ শিৱসাগৰত স্থাপন কৰা বেপ্তিষ্ট মিছনেৰীৰ ছপাশালৰপৰা তেওঁলোকেই প্রথম অসমীয়া সংবাদ-পত্ৰ আৰু আলোচনী 'অৰুনোদই সম্বাদ-পত্র' (১৮৪৬) প্রকাশ কৰে। অকনোদই' কাকতে ধর্ম, সাহিত্য, বিজ্ঞান, ইতিহাস আদি বিষয়ক প্রবন্ধ প্রকাশ কৰাৰ উপৰিও সাধাৰণজ্ঞান সম্বন্ধীয় বহু সংবাদ যোগান ধৰি আধুনিক চিন্তা-চৰ্চাৰ বাট মুকলি কৰিলে।
আধুনিক অসমীয়া সাহিত্যৰ জন্মৰ আগমুহূৰ্তত খ্রীষ্টিয়ান লেখকসকলে আগবঢ়োৱা বৰঙণি চিৰস্মৰণীয় হৈ ৰ'ব। 'অৰুনোদই'ৰ প্রথম সম্পাদক ড° নাথান ব্রাউনে 'অসমীয়া ভাষাৰ
ব্যাকৰণ' প্রণয়ন কৰাৰ উপৰি পঢ়াশলীয়া পুথি ৰচনা কৰিছিল। অসমীয়া পুৰণি পুথি সংগ্রহতো তেওঁ আগভাগ লৈছিল। ব্রন্ছনে অসমীয়া-ইংৰাজী অভিধান (অসমীয়া আৰু ইংৰাজী অভিধান, ১৮৬৭) যুগুতাই অসমীয়া শব্দসমূহৰ মান নির্ধাৰণ কৰাৰ লগতে আধুনিক অসমীয়া ভাষা প্রতিষ্ঠাত সহায় কৰিছিল। অৰুনোদইৰ শেষৰ বছৰকেইটাত সম্পাদক হৈ থকা এ কে গার্নিয়ে খ্রীষ্টধর্ম বিষয়ক পুথিৰ উপৰিও অসমীয়াত উপন্যাসধর্মী কাহিনীৰ বাট কাটিছিল। ব্রাউনৰ পত্নী শ্রীমতী ইলাইছা ব্রাউন আৰু গার্নিৰ পত্নী শ্রীমতী গার্নিৰ দান-বৰঙণিও লেখত ল'বলগীয়া বিধৰ আছিল। অন্যান্য খ্রীষ্টিয়ান লেখকৰ ভিতৰত ১৮৩৯ চনতেই অসমীয়া ভাষাৰ ব্যাকৰণ প্রস্তুত কৰি উলিওৱা ডব্লিউ ৰবিনছন আৰু অসমীয়া খ্রীষ্টিয়ান নিধি লিবাই ফাৰোৱেলৰ নাম প্রধানকৈ উল্লেখযোগ্য।
অৰুনোদই যুগটোৰ যথার্থ প্রতিনিধি হিচাপে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা (১৮৩৭-৯৪) আৰু হেমচন্দ্র বৰুৱা (১৮৩৫-৯৭) —এই তিনিগৰাকী অসমীয়া ব্যক্তিৰ নাম বিশেষভাৱে স্মৰণীয়। নতুন যুগটোৰ ধ্যান-ধাৰণা আৰু চিন্তা-চৰ্চা এওঁলোকৰ জীৱন আৰু কৰ্মৰ মাজেদি প্রকাশ পাইছিল। ঊনবিংশ শতিকাৰ ভাৰতৰ সংস্কাৰধৰ্মী আন্দোলনৰ আদর্শ এওঁলোকৰ সমুখত আছিল। আধুনিক অসমীয়া গদ্যই নিটোল ৰূপ লাভ কৰাত এই তিনিগৰাকী ব্যক্তিৰ নাম পোনতেই ল'ব লাগিব।
আনন্দৰাম ঢেকিয়াল ফুকনে অসমত বাংলা ভাষা প্রচলনৰ বিৰোধিতা কৰি আৰু অসমীয়া ভাষাৰ স্বতন্ত্রতা প্রতিপন্ন কৰি লিখা 'A Few Remarks on the Assamese Language and on Vernacular Education in Assam (১৮৫৫)'এ অসমীয়া ভাষাৰ পুনৰ সংস্থাপনৰ দাবী শক্তিশালী কৰি তোলাত সহায় কৰিছিল। পঢ়াশলীয়া পুথিৰ অভাৱ দূৰীকৰণৰ লগতে অসমীয়া ছাত্ৰৰ চিন্তাৰ পৰিধি বহল কৰাৰ বাবে লিখা ফুকনৰ 'অসমীয়া ল'বাব মিত্র' (১৯৪৯) অসমীয়া গদ্যৰ আধুনিকতাৰ প্রথম উজ্জ্বল নিদর্শন। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীবনীপ্রণেতা আৰু 'আসাম বন্ধু' (১৮৮৫) কাকতৰ জন্মদাতা গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত 'বাম নরমী' নাটক ৰচনা কৰিছিল। এইখনেই পাশ্চাত্যৰ আর্হিত লিখা প্রথম অসমীয়া নাটক। হেমচন্দ্র বৰুবাই ঘৰতে মনে মনে ইংবাজী পঢ়ি ইংৰাজী শিক্ষাৰ জৰিয়তে এটি যুক্তিনিষ্ঠ মন গড়ি তুলিছিল। 'অসমীয়া ব্যাকৰণ', 'পঢ়াশলীয়া অভিধান' আদিকে ধৰি কেইবাখনো পাঠ্যপুথি ৰচনা কৰাৰ উপৰি তেওঁ সাপ্তাহিক আসাম নিউজ (১৮৮২) কাকত উলিয়াইছিল। হেমচন্দ্র বকরা অসমীয়া ব্যংগ বচনাৰ বাটকটীয়া।
অৰুনোদইৰ পিছত কলিকতাৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী 'জোনাকী' (১৮৮৯) আধুনিক সাহিত্যৰ বুৰঞ্জীত এটি বিশিষ্ট মাইলৰ খুঁটি। এই আলোচনীখনেই অসমীয়া সাহিত্যত ৰোমাণ্টিক আন্দোলনৰ জন্ম দি আধুনিক সাহিত্যৰ বিভিন্ন ৰূপ অসমীয়া সাহিত্যলৈ বোঁৱাই আনিলে। 'জোনাকী'য়ে আধুনিক সাহিত্য সৃষ্টিৰ বাবে এক আলোড়নৰ সৃষ্টি কৰি কবিতা, উপন্যাস, চুটিগল্প, প্রবন্ধ আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাত সহায় কৰিলে।
ঊনবিংশ শতিকাৰ শেষ দশকৰপৰা বিংশ শতিকাৰ তৃতীয় দশকলৈ 'জয়ন্তী' (১৯৪৩) নামৰ আলোচনীখনে প্রকাশ লাভ কৰিলে। 'জয়ন্তী'য়ে সাহিত্যৰ এটি নতুন ধাৰা প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিলে।
১৯৪৫ চনত দ্বিতীয় মহাযুদ্ধৰ পিছত ন ন চিন্তাৰ প্ৰৱেশ আৰু সংস্কৃতিৰ সংযোগ ঘটি ৰামধেনু' (১৯৫১) আলোচনীয়ে নতুন ধাৰাৰ সাহিত্যৰ বিস্তাৰ আৰু জনপ্রিয়তাত অতি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিলে।
এইদৰেই গঢ় লৈ উঠা অসমীয়া সাহিত্যৰ বুনিয়াদে আজি সগৌৰৱেৰে একবিংশ শতিকাত পদার্পণ কৰিবলৈ সক্ষম হয়।
২। মিছনেৰীসকলক আধুনিক অসমীয়া গদ্য সাহিত্যৰ স্রষ্টা কিয় বোলা হয়, আলোচনা কৰা।
উত্তৰঃ ইংৰাজ ৰাজত্বৰ কিছু বছৰ পিছৰ পৰাই অসমীয়া সাহিত্যই সকলো পিনেদি নতুনত্ব লাভ কৰিলে। সেইহে সমালোচকসকলে ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সৃষ্টি হোৱা অসমীয়া সাহিত্যক আধুনিক অসমীয়া সাহিত্য আৰু অসমীয়া সাহিত্যৰ এই যুগাটোক আধুনিক যুগ বুলি অভিহিত কৰিছে।
১৮৩৬-৩৭ চনত ৰেভাৰেণ্ড নাথান ব্রাউন আৰু ও. টি. কট্টাৰ, ড° মাইলছ ব্রন্সন আদিকে কেবাগৰাকী আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰী চাহাব সপৰিয়ালে আহি অসমত খ্ৰীষ্টধর্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰে। মিছনেৰীসকলে অসমবাসীৰ মাজত নিজ ভাষা ইংৰাজী এৰি অসমীয়া ভাষাতে খ্রীষ্টধর্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিলে। এই উদ্দেশ্যে তেওঁলোকে অলপ দিনৰ ভিতৰতে অসমীয়া ভাষা শিকি পেলালে। অকল ইমানেই নহয়, সকলো ভাষাৰ কাৰণে ব্যাকৰণ আৰু অভিধান নিতান্ত অপৰিহাৰ্য বুলি জানি ৰবিন্সন চাহাবে ১৮৩৯ খ্রীষ্টাব্দত ইংৰাজীতে অসমীয়া ভাষাৰ ব্যাকৰণ, ১৮৪৬ খ্ৰীষ্টাব্দত ড° নাথান ব্রাউনে চমু অসমীয়া ব্যাকৰণ আৰু ১৮৬৭ খ্রীষ্টাব্দত ড° মাইলছ ব্রন্সনে চৈধ্য হেজাৰ মান শব্দেৰে ইংৰাজী অসমীয়া অভিধান লিখি প্রকাশ কৰে। মিছনেৰীবিলাকৰ যত্নতেই ইতিমধ্যে ১৮১৩ খ্ৰীষ্টাব্দত নগাঁৱৰ আত্মাৰাম শৰ্মাই বাইবেল পুথি অনুবাদ কৰে।
মিছনেৰীসকলে অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমীয়া ভাষাটোকো সঞ্জীৱিত কৰিবলৈ দেহে-কেহে লাগি গৈছিল। এওঁলোকৰ যত্নতেই ১৮৭৩ খ্রীষ্টাব্দত ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছিল।
প্রধানকৈ খ্রীষ্টধর্ম প্রচাৰৰ কাৰণে, ইং ১৮৪৬ চনত, শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা 'অৰুণোদই' মাহেকীয়া আলোচনী ওলায়। এইখনেই প্রথম অসমীয়া আলোচনী। এই আলোচনীখনে অসমীয়াৰ মাজত দেশ-বিদেশৰ জ্ঞানৰ বাট মুকলি কৰে। খ্ৰীষ্টধর্ম প্ৰচাৰৰ উদ্দেশ্যে এই আলোচনীখন উলিওৱা হৈছিল যদিও ইয়াত বাইবেলৰ অনুবাদমূলক কাহিনীৰ উপৰি বুৰঞ্জী, বিজ্ঞান, জ্যোতিষ, নীতিমূলক গল্প, জীৱনী, প্রকৃতিবিষয়ক কথা, দেশ-বিদেশৰ বা-বাতৰি আদি প্রকাশ কৰা হৈছিল। ইয়াত 'দেওধাই অসম বুৰঞ্জী', 'কামৰূপ বুৰঞ্জী' আদিকৈ কেইবাখনো বুৰঞ্জী ধাৰাবাহিকভাবে প্রকাশ কৰা হৈছিল।
মিছনেৰীসকলে অসমীয়া ভাষাত ভালেমান গ্রন্থ ৰচনা বা অনুবাদ কৰে। ড° নাথান ব্রাউন চাহাবে 'আমাৰ ত্ৰাণকর্তা যীশুখ্ৰীষ্টৰ নতুন নিয়ম' আৰু 'খৃষ্টৰ বিৱৰণ আৰু শুভ বাত্রা' নামৰ দুখন অনুবাদ গ্রন্থ প্রকাশ কৰে। ব্রাউনৰ পত্নী এলিজা ব্রাউনেও অসমীয়া ভাষাত ল'ৰা-ছোৱালীৰ উপযোগীকে সাধুৰ পুথি, গণনা পুথি, ৰচনা আৰু 'ভূগোলৰ বিৱৰণ' প্রকাশ কৰে। এ, কে, গানী নামৰ মিছনেৰী গৰাকীয়ে 'কামিনীকান্ত' নামৰ উপন্যাস, 'এলোকেশী বেশ্যাৰ বিষয়', 'যোচেফৰ কাহিনী আদি ৰচনা কৰে। শ্রীমতী গার্নীয়েও 'ফুল আৰু কৰুণা' নামৰ পুথি ৰচনা কৰে।
অসমীয়া খ্রীষ্টান নিধি লিবাই ফাৰোৱেলেও 'অৰুণোদয়'ত 'বিনই বচন', 'নিস্তাৰৰ উপাই', 'নৰকৰ বিৱৰণ' আদি কবিতা পুৰণি বৈষ্ণৱ কবিতাৰ আৰ্হিত লিখিছিল।
এই গ্রন্থসমূহৰ উপৰিও মিছনেৰী চাহাবসকলে অসমীয়া ভাষাত 'বাইবেলৰ সাধু', 'জাত্ৰিকৰ জাত্রা', 'জোচেফৰ কাহিনী', 'মাউৰী ছোৱালী' আদি ভালেমান পুথি ৰচনা কৰে।
খৃষ্টিয়ান পাদুৰীসকলে আৰু সেই সময়ত 'অৰুণোদই'ত যি অসমীয়া ভাষা লিখিছিল সেই ভাষা সৰল আৰু উচ্চাৰণ অনুসৰি ভাষা আছিল। সেইটো অসমীয়া ভাষাৰ শুদ্ধ আৰু স্বাভাৱিক অৱস্থা নহয়। সৰু ল'ৰাৰ ভাষাত যেনে সৰলতা আৰু মধুৰতা গুণ থাকে পাদুৰী সকলৰ ভাষাতো তেনে এটি অবিশুদ্ধ সৰলতা আৰু মধুৰতা আছে। যেনে- 'হাঙ্গেৰী দেশৰ এজন খৃষ্টিয়ান ৰজাই এদিন আপোনাৰ মনত বৰ বিয়াকুল পাইছিল।'
মিছনেৰীসকলে যত্ন কৰি অসমীয়া ভাষা শিকি লৈছিল যদিও আৰু তেওঁলোকৰ ভাষা সৰল আৰু কথিত ভাষাৰ ওচৰ-চপা আছিল যদিও অসমীয়া জতুৱা ঠাচটো সম্পূর্ণরূপে আয়ত্ব কৰিব পৰা নাছিল। ইংৰাজী ভাষাৰ ঠাচটো অজানিতভাৱেই অসমীয়া লিখোতেও প্রকাশ পাইছিল। উদাহৰণ স্বৰূপে অৰুণোদয়ত প্রকাশ হোৱা 'জাত্ৰিকৰ জাত্রা' নামৰ অনুবাদটো দেখুৱাব পাৰি- 'এই জগতৰ অৰণ্যৰ মাজে মই ফুৰি জাওঁতে জি এখন ঠাইত এটা গাঁত আছিল, এনে ঠাই পালোহি তাতে পৰি শুই থাকোঁতে এক সামাজিক দেখিলোঁ।'- এই উদ্ধৃতিৰ শব্দ আৰু ভাষা অসমীয়া যদিও বাক্যবিন্যাস প্রণালী ইংৰাজী ভাষাৰ অনুগামী। ঠায়ে ঠায়ে বিজতৰীয়া ৰীতিও দেখা যায়।
বানান পদ্ধতিৰ ক্ষেত্ৰত যুক্ত ধ্বনিবোৰ ভাঙি কোমল কৰি আৰু শ, ষ, সৰ পৰিৱৰ্তে কেৱল স; য, জ, ঝ এই তিনি আখৰৰ ঠাইত কেৱল জ; চ, ছ-ৰ কেৱল চঁ আৰু দন্ত্য ন-ৰ ব্যৱহাৰ আৰু ক্ষৰ ঠাইত খ্য ৰ ব্যৱহাৰ তেওঁলোকৰ ভাষাৰ বিশেষত্ব আছিল। মিছনেৰীসকলে দীর্ঘ ঊ আৰু ঈ ব্যৱহাৰ নকৰিছিল। মিছনেৰীসকলৰ বানান পদ্ধতি অনুসৰি লিখা কেইটামান শব্দৰ উদাহৰণ হ'ল- সাস্ত্রিয় (শাস্ত্রীয়), ইচা (ইচ্ছা), অকির্তিম (অকৃত্রিম), অদ্রিস্য (অদৃশ্য) আদি যতি চিন প্রৱর্তন কৰে। অচর্ধা (অশ্রদ্ধা) আদি। মিছনেৰীসকলেই অসমীয়া ভাষাত কমা, চেমিক'লন, প্রশ্নবোধক চিন
এইদৰে দেখা যায়, মিছনেৰীসকলে অসমীয়া ভাষাটোক বঙলা ভাষাৰ কবলৰ পৰা মুক্ত কবি নতুন বোলোবে নতুন সুৰেৰে যিভাবে প্রাণবন্ত কৰি তুলিলে, তাৰ বাবে সকলো অসমীয়া ভাষা-ভাষী তেওঁলোকৰ ওচৰত চিৰ ঋণী হৈ থাকিব লাগিব।
৩। ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ ৰচিত অসমীয়া সাহিত্যৰ ইতিহাসৰ বিষয়ে এটি সমালোচনা আগবঢ়োৱা।
উত্তৰঃ ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া সাহিত্যৰ এই সময়ছোৱাক ৰোমাণ্টিক যুগ আখ্যা দিয়া হৈছে। কিয়নো এই সময়ছোৱাতে ৰোমাণ্টিক ভাবধাৰা অসমীয়া সাহিত্যলৈ আমদানি হয়। অসমীয়া সাহিত্যৰ সকলোকেইটা দিশতে ইয়াৰ প্ৰভাৱ পৰে। কাব্য সাহিত্যৰ ক্ষেত্ৰত ৰোমাণ্টিক ভাবধাৰাৰ প্ৰকাশ আৰু বিকাশ দ্রুতগতিত হয়।
এই যুগৰ কবিসকলৰ হাতত ব্যক্তিনিষ্ঠ ভাব-ব্যঞ্জনাৰে কবিতাসমূহ অভিষিক্ত হয়। ব্যক্তিনিষ্ঠতা আৰু সমন্বয়ধর্মিতা কবিতাৰ বৈশিষ্ট হৈ পৰিল।
ইউৰোপীয় বিশেষকৈ ইংৰাজী সাহিত্যৰ আদৰ্শত চতুর্দশীপদী কবিতা, শোক-কবির্তী, দীঘল বর্ণনাত্মক কবিতা, সাহিত্যিক বা অনুকৰণধর্মী লোকগীত আৰু ব্যংগ কবিতা (Satire) আদিৰ বিবিধ কাব্যিকৰূপে অসমীয়া সাহিত্যৰ পুষ্টি সাধন কৰিলে। পূব প্রচলিত লোকগীতসমূহকো উদ্ধাৰ কৰা প্ৰচেষ্টা চলিল।
ইংৰাজী ৰোমাণ্টিক কবিসকলে আৰু বংগদেশৰ মাইকেল মধুসূদন দত্ত, হেমচন্দ্র বন্ধ্যোপ্যাধ্যায় ভ আৰু ৰবীন্দ্রনাথৰ ৰচনাই অসমীয়া কবিসকলক আদর্শ আৰু অনুপ্ৰেৰণা দান কৰা দেখা যায়। কিন্তু সেই বুলি অসমীয়া কবিতা অনুকৰণপ্রধান বা মৌলিকতাবাহিনী কেতিয়াও নহয়। অসমীয়া কবিয়ে বিদেশী কবিৰ আদর্শ ল’লেও নিজস্ব দৃষ্টিভংগী, অভিজ্ঞতা আৰু প্ৰকাশৰীতিৰে কবিতাৰ মৌলিকতা বজাই ৰাখিছে।
আপোন মনৰ মাধুৰীৰাশিৰে বোলাই প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা, প্রকৃতিৰ শান্ত-স্নিগ্ধ শান্তিময়ী ৰূপৰ আকৰ্ষণ আৰু ত্রিতাপক্লিষ্ট মানব-জগতৰ লগত তাৰ বৈপৰীত্য প্রদর্শন, প্রাকৃতিক পদার্থত - সঞ্জীরতা আবোপ, প্রকৃতিত প্রিয়তমাৰ সৌন্দর্যব প্রতিবিম্ব দর্শন, খণ্ড প্রাকৃতিক সৌন্দর্যৰ অন্তৰালত অখণ্ড সৌন্দৰ্যৰ উপলব্ধি, প্রকৃতিত আত্ম সুখ-দুখৰ অধ্যাৰোপ, প্রকৃতি শিক্ষাৰ উৎসৰূপে অথবা প্রকৃতিৰ স্বাভাৱিক ঋতু পৰ্যায়ৰ সৌন্দৰ্য আদি বহুতো বিশেষত্ব প্রকৃতি বিষয়ক কবিতা বা প্রকৃতি-চিত্রণত দেখা পোৱা যায়। কবি ভেদে প্রকৃতিৰ স্থানৰ হীন-দেড়ি দেখা যায়। উদাহৰণস্বৰূপে ৰঘুনাথ চৌধুৰীৰ কবিতাত প্রকৃতিয়ে যে প্রাধান্য লাভ কৰিছে, আন কবিৰ ৰচনাত সিমান নহয়। কিন্তু সকলো কবিৰ ৰচনাতে প্ৰকৃতিৰ সৌন্দৰ্যৰ আকৰ্ষণ সাধাৰণ বিশেষত্ব।
এই যুগৰ কবিতাৰ আন এটা বিশেষত্ব হ'ল- চহা বা আদিম আৰু সৰল জীৱনধাৰাৰ মূল্য আৰোপণ আৰু ব্যক্তি সত্ত্বাৰ জয়গান। কৃত্রিম নগৰীয়া সভ্যতালৈ পিঠি দিবা সেই সভ্যতাত কেৱল জীৱনৰ অন্ধকাৰ দিশটোহে দেখা পাই ৰোমাণ্টিক কবিসকলে সহজ আৰু স্বাভাৱিক জীৱন অতিবাহিত কৰা গাঁৱৰ জীৱনলৈ সৌন্দর্য পিপাসু দৃষ্টিৰে চাইছিল। আনফালে আকৌ প্রাচীন সাহিত্যৰ দ্বাৰা অৱহেলিত বা পৰিত্যক্ত সাধাৰণ পদাৰ্থ বা ঘটনাক বুটলি লৈ 'সৰগৰ বতৰা' সুধিছিল। 'মানিমুনি শাক', 'বাটৰ দুবৰি বনো' তেওঁলোকৰ দ্বাৰা উপেক্ষিত নহৈছিল। অতীতৰ জয়গান, পৰাধীনতাৰ গ্লানি আৰু অৱসাদ, জাতীয় ঐক্যৰ কাৰণ উদাত্ত আহ্বান, আন কথাত কবিতাত স্বদেশপ্ৰীতিৰ প্ৰবাহ বেজবৰুৱাতে আৰম্ভ হয় আৰু স্বাধীনতা আন্দোলনত সেই ভাব পৰিপুষ্ট হৈ বিংশ শতাব্দীৰ তৃতীয়-চতুর্থ দশকত তেনে ভাবৰ কবিতাৰ জোৱাৰ আহে। বিন্দন বৰুৱা, ডিম্বেশ্বৰ নেওগ, প্রসন্নলাল চৌধুৰী, অতুলচন্দ্ৰ হাজৰিকা আৰু অম্বিকাগিৰী ৰায়চৌধুৰী স্বদেশ প্ৰীতিমূলক তেজোদ্দীপক কবিতাই তাৰ নিদৰ্শন।
এই যুগৰ গীতি কবিতাত প্ৰেমৰ স্থান বিশেষভাৱে মন কৰিবলগীয়া। জীৱন ক্ষণভংগু, কিন্তু প্রেম শাশ্বত বস্তু। কবিসকলৰ দৃষ্টিত 'প্রেমত ঘূৰিছে ভূমণ্ডল, প্রেমত ফুলিছে শতদল।' যুৱক-যুৱতীৰ প্রণয়ো সৰ্বব্যাপী প্ৰেমৰেই এক অভিব্যক্তি মাথোন। তেওঁলোকৰ দৃষ্টিত প্ৰণয়ৰ সার্থকতা মিলন বা সম্ভোগত নহয়, দুষ্প্রাপ্য প্রণয়িনীক লাভৰ চেষ্টাতহে। কাল্পনিক প্ৰিয়াৰ অংগশোভাৰ বৰ্ণনা, বিশ্বপ্রকৃতিত প্ৰিয়াৰ ৰূপদর্শন, বিৰহৰ গৌৰৱ আদি ভাৱেৰে এই কালৰ প্রণয় কবিতা ৰঞ্জিত। বেজবৰুৱাৰ 'প্রিয়তমা' আৰু প্রিয়তমাৰ সৌন্দৰ্যৰপৰা আৰম্ভ কৰি গণেশ গগৈৰ 'পাপৰি'ৰ কবিতালৈকে ৰোমাণ্টিক প্রণয়ৰ গীতি কবিতাৰ ধাৰাটিৰ স্বৰূপ একেই, কিন্তু অম্বিকাগিৰী ৰায়চৌধুৰী, নলিনীবালা দেৱীৰ কবিতাত প্রেম আধ্যাত্মিকস্তৰলৈ ৰূপান্তৰিত হৈ ৰহস্যবাদৰ সৃষ্টি কৰিছে। অতীন্দ্ৰিয় প্ৰেমৰ এই সুৰাট আন দুই এজন কবিৰ কবিতাতো ছেগা- ছোৰোকাকৈ পোৱা যায় যদিও সেইটো তেওঁলোকৰ প্ৰধান সুৰ নহয়।
চন্দ্ৰকুমাৰ আগৰাৱালা, নলিনীবালা দেৱী, দুর্গেশ্বৰ শৰ্মা, ৰত্নকান্ত বৰকাকতি আদি কবিৰ গীতি-কবিতাও আকৌ ভাৰতীয় দার্শনিক ভাৱত সর্বাত্মবাদ (Pantheism), আত্মাৰ অবিনশ্বৰতা, জন্মান্তৰবাদ, কর্মফলবাদ আদিৰ ধ্বনি প্রতিধ্বনি শুনা যায়। তেওঁলোকৰ কবিতাত প্রাচ্য আৰু পাশ্চাত্য ভাৱৰ অপূর্ব সংযোগ ঘটিছে। ৰহস্যবাদ (mysticism) আৰু অধ্যাত্মবাদ ভাৰতীয় সংস্কৃতিৰ চিৰকলীয়া বস্তু, প্রত্যেক ভাৰতীয়ৰই প্ৰাণৰ সুৰ। গতিকে সেই সুৰ অসমীয়া কবিক আকৰ্ষণ কৰা স্বাভাৱিক কথা।
ৰোমাণ্টিক যুগৰ কবিতাসমূহত এনেবোৰ বৈশিষ্ট্য প্রতিফলিত হোৱা দেখা যায়।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)