GU BA 2nd Sem

Assamese

Chapter 5 Question Answer

চন্দ্ৰকুমাৰ আগৰৱালাঃ 'প্ৰকৃতি'

▶▶আতি চমু প্রশ্নোত্তৰঃ

১। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি আৰু এইটো কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'বনকুঁৱৰী'-এইটো 'চন্দ্ৰকুমাৰ আগৰৱালা 'ই ৰচনা কৰিছিল

২। কোনখন কাকতৰ মাধ্যমেৰে অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাবধাৰাৰ আগমন ঘটিছিল?

উত্তৰঃ জোনাকী কাকতৰ মাধ্যমেৰে

৩। অসমীয়া ৰোমাণ্টিক সাহিত্যৰ প্রধান হোতা কোন?

উত্তৰঃ 'জোনাকী'ৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা

৪। কোনে 'প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ' বুলি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা'খনৰ বিষয়ে কৈছে?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই

৫। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ  বনকুঁৱৰী

৬। 'মউপিয়া' কি?

উত্তৰঃ এবিধ সৰু চৰাই

৭। 'প্রকৃতি' কবিতাটো কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত?

উত্তৰঃ 'প্রতিমা' কাব্যপুথিৰ অন্তৰ্গত

৮। 'অসমীয়া সাহিত্যৰ ত্রিমূর্তি' বুলি কাক কাক কোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী

৯। চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত কবিতা পুথি দুখনৰ নাম কি?

উত্তৰঃ 'প্রতিমা' (১৯১৪) আৰু 'বীণবৰাগী' (১৮২৩)

▶▶ চমু প্রশ্নোত্তৰঃ

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্ৰকাশ পোৱা স্পষ্ট ধাৰা কেইটা আৰু কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্রকাশ পোৱা স্পষ্ট ধাৰা তিনিটা। ধাৰাকেইটা হ'ল-

(১) নৈসর্গিক বা প্রকৃতি বিষয়ক

(২) মানবপ্রেমী বা জীৱনসুলভ আৰু

(৩) বিশ্বপ্রেমিক বা অতিমানৱ সম্বন্ধীয়

২। চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটোৰ তাৎপর্য লিখা

উত্তৰঃ প্রকৃতিৰ ৰহস্যময়তা আৰু সৌন্দর্য ৰোমাণ্টিক কবিসকলৰ অন্যতম আকর্ষণ। চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বনকুঁৱৰী', 'জলকুঁৱৰী' জোনাকী আদি কবিতাত ৰহস্যময়ী প্রকৃতিৰ সৌন্দর্যমণ্ডিত ৰূপটি উদ্ভাসিত হৈ উঠিছে। ৰহস্যময়ী প্ৰকৃতিৰ অবিনশ্বৰ ৰূপৰ আভাস চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' নামৰ কবিতাটিত প্ৰকাশ পাইছে। প্রকৃতি যিদৰে উদাৰ আৰু মমতাময়ী সেইদৰে সুন্দৰ আৰু ৰহস্যময়ীও

             সুন্দৰ প্ৰকৃতিৰ ইন্দ্ৰিয়গ্রাহ্য বস্তুসমূহৰ সৌন্দৰ্য অনিত্য নহয়, ক্ষণভংণ্ডৰ। কিন্তু এই ক্ষণভংগুৰতাৰ মাজতেই আছে এক চিৰশাশ্বত অব্যয় ৰূপ, এয়াও প্ৰকৃতিৰ এক ৰহস্য


৩। ব্যাখ্যা কৰাঃ

(ক) ফুল কলি গোন্ধ 

      বোৱাই প্ৰীতিৰ সোঁত 

                      সৰি পাছে নাইকিয়া হ',

      সি ফুলৰ মউ-পিয়া 

      এটা ভোমোৰা বলিয়া

                       ঘূৰি ঘূৰি ফুৰিছে অকল। 

উত্তৰঃ উক্ত কবিতাফাঁকি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটিৰ পৰা তুলি দিয়া হৈছে

         উক্ত কবিতাফাঁকিৰ জৰিয়তে ফুলৰ কলি এটা ফুলি চৌপাশ সুৰভি বিয়পাই এদিন শুকাই সৰি শেষ হৈ যোৱাৰ কথাই কৈছে

          ফুলৰ কলি এটা ফুলি উঠাৰ পিছত তাৰ চৌদিশ সুৱাসিত হৈ পৰে আৰু ফুলি থকা দিনকেইটাথ বতাহত বিয়পি পৰে আলসুৱা মৰম-প্রীতিৰ সোঁত, কিন্তু সুৰভি বিলাই ফুৰা ফুলপাহ শুকাই সৰি গ'ল। চিন-চাব নাইকিয়া হ'ল। ফুলি থকা ফুলপাহত পৰি যি ভোমোৰাই মৌ পান কৰিছিল সেই ফুলপাহ শুকাই সৰি যোৱা বাবেই বলিয়া হৈ ভোমোৰাটোৱে অকলে অকলে ইফাল-সিফাল ঘূৰি ফুৰিছে

▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ


১। চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰা

উত্তৰঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবি, প্রতিমাৰ খনিকৰ ৰূপে খ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৃতিৰ চমু আভাষ তলত দাঙি ধৰা হ'ল। 

         জোনাকী কাকতৰ প্রথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা এগৰাকী গীতি কবি। তেওঁ লিখা। বনকুবিৰী কবিতাটিয়ে প্রথম অসমীয়া ৰোমাণ্টিক কবিতা। 'জোনাকী' আৰু 'বাঁহী'ত প্রকাশিত আৰু পিছত বচা কিছু কবিতাৰ সংগ্ৰহ কৰি ১৯১৪ চনত তেওঁ 'প্রতিমা' প্রকাশ কৰে। ১৯২৩ চনত 'বীণ বৰাগী' নামৰ আন এখন কবিতা পুথি প্রকাশ কৰে। চন্দ্ৰকুমাৰৰ আটাইবোৰ কবিতা কবি প্রতিভাৰ উজ্জ্বল নিদর্শন। ১৯৬৭ চনত অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত চন্দ্রকুমার আগৰৱালাৰ সমগ্র কবিতা আৰু অন্যান্য ৰচনা একথুপে 'চন্দ্রামৃত' গ্রন্থত প্রকাশিত হয়

              লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা' কাব্য পুথিৰ সন্দৰ্ভত এষাৰি মূল্যবান কথা কৈ থৈ গৈছে। 'প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ।' নৱন্যাসৰ কেবাটাও লক্ষণ আগৰৱালাৰ কবিতাত বিদ্যামান। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত ইংৰাজ ৰোমাণ্টিক কবি ৱৰ্ডছৱৰ্থব দবে প্রকৃতিৰ লগত মনৰ নিবিড় সম্বন্ধ পাতিছে। প্রকৃতিৰ সাধাৰণ বস্তুটো অসাধাৰণ ৰূপ দেখা পাইছে

              আগৰৱালাৰ 'তেজীমলা', পুৰণি নাৱিক, বনকুঁৱৰী আদি কবিতাত ক'লৰীজৰ কবিতাৰ দৰে ভৌতিক পৰিবেশৰ লগতে লোকগীতৰ প্রভাব মন কৰিবলগীয়া। তেওঁৰ 'তেজীমলা' কৃত্রিম মালিতা আৰু বীণ-বৰাগী'ক জাতীয় গীতি-কবিতাৰ শাৰীত থব পাৰি। 'মাধুৰী' কবিতাত 'ফুটো নে নুফুটোকৈ কুমলীয়া কলিটি' বুলি আৰম্ভ কৰি সৌন্দৰ্য সূচক বিভিন্ন চিত্র দাঙি ধৰিছে। যি কবিৰ আজীৱন সাধনাৰ' তাৰেই প্ৰকাশ হৈছে। 'সুন্দৰৰ আৰধানা জীৱনৰ খেল'

      মানুহ সকলো জীৱতকৈ শ্রেষ্ঠ সেই কথা তেওঁৰ কবিতাত স্পষ্টভাবে প্রকাশ পাইছে। তলৰ কবিতাফাকিয়ে তাৰ উৎকৃষ্ট নিদর্শন

        'মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। কৰাঁ কৰাঁ পূজা পাদ্য-অর্ঘ লই জয় জয় মানৱ দেৱ।' তদুপৰি পাচ্য আৰু পাশ্চত্য ভাব আদৰ্শ আৰু কাব্য ৰীতিৰ সংযোগ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ অন্যতম উল্লেখনীয় বিষয়

        অন্যান্য ৰচনাৰ ক্ষেত্ৰতো আগৰৱালাৰ দক্ষতা মন কৰিব লগীয়া। কিন্তু কবি হিচাপেহে তেওঁৰ জনপ্রিয়তা তুংগত। অসমীয়া কাব্য জগতত ৰোমাণ্টিক কবি হিচাপে চন্দ্ৰকুমাৰ আগৰৱালা সদায়ে নমস্য হৈ থাকিব

২। অসমীয়া ৰোমাণ্টিক কবিতা সম্পর্কে বহলাই আলোচনা কৰা

উত্তৰঃ ইংৰাজী সাহিত্যৰ যোগেদি ৰোমাণ্টিক ভাবধাৰা অসমীয়া সাহিত্যলৈ আগমণ হয়। অসমীয়া সাহিত্যলৈ ৰোমাণ্টিকতাৰ ঢল নমাই অনাসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামীয়ে অগ্রগণী ভূমিকা লৈছিল। ১৮৮৮ চনত তেওঁলোকৰ প্রচেষ্টাত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত অঃ ভাঃ উঃসাঃ ৰ যোগেদি 'জোনাকী নামৰ এখন মুখপত্র উলিয়ায়। এই কাকতখনৰ জৰিয়তে তেতিয়াৰ শিক্ষিত চামে কবিতা, প্রবন্ধ, গল্প আদি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে। 'জোনাকী' কাকতৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাই 'বন কুঁৱৰী' নামৰ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটি প্রকাশ কৰে। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত ৰোমাণ্টিক কবিতাৰ প্ৰায়বোৰ লক্ষণ পৰিপূৰ্ণ ৰূপত পৰিস্ফুট হয়। পৰৱৰ্তী সময়ত আনন্দচন্দ্ৰ আগৰৱালা, ৰত্নাকান্ত বৰকাকতি, ৰঘুনাথ চৌধাৰী, দুর্গেশ্বৰ শৰ্মা, হিতেশ্বৰ বৰবৰুৱা, নলিনীবালা দেৱী আদিয়ে ৰোমাণ্টিক সাহিত্যৰাজিলৈ উল্লেখনীয় বৰঙণি আগবঢ়ায়

          ৰোমাণ্টিক ভাৱধাৰাৰ বিকাশৰ স্তৰ জোনাকী যুগৰ কাব্য সাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে সেইবোৰৰ বেছি ভাগেই ইংৰাজী কবিতাৰ আৰ্হিত ৰচিত। কিন্তু নকল ৰূপ নাছিল বুলি ডাঠি ক'ব পাৰি। মূলৰ বিষয়বস্তু হজম কৰি তাক অসমীয়াত্ব প্রদান কৰি অসমীয়া সাজ-পাৰ আ-অলংকাৰ পিন্ধাই সেইবোৰক অভিনৱত্ব প্রদান কৰিছিল। বাংলা সাহিত্যৰ ৰবীন্দ্ৰনাথ ঠাকুৰকে আদি কৰি অন্যান্য বাংলা সাহিত্যিকৰ পৰাও কাব্যবস্তু আহৰণ কৰিছিল। কিন্তু সেইবোৰো অসমীয়া মাটি, পানী বায়ুৰ স্পৰ্শেৰে মহিমামণ্ডিত হৈ উঠিছিল

           বিশ্বৰ অন্যান্য ৰোমাণ্টিত সাহিত্যৰাজিৰ লক্ষণৰ দৰে অসমীয়া ৰোমাণ্টিক কবিতাৰ মাজতো কেতবোৰ বিশিষ্ট লক্ষণ দেখা পোৱা যায়। তাৰ ভিতৰত- অতীত প্রীতি, প্রকৃতি প্রেম, মানৱপ্রেম, স্বদেশ-প্রীতি, অতিন্দ্রীয়বাদ, কল্পনা প্রবণতা, ব্যক্তিগত প্ৰেমৰ উচ্ছাস, গীতি ধর্মিতা, শোকগাঁথা, বর্ণনাত্মক খণ্ড কবিতা, আত্ম সচেতন কাহিনী গীতি, প্রত্যক্ষ আৰু প্ৰাঞ্জল প্রকাশ ভংগী, সাধাৰণ মানুহ আৰু সৰল গ্রাম্য জীৱনৰ চিত্ৰণ, বিশ্ব প্ৰকৃতিৰ মাজেৰে প্ৰিয়াৰ ৰূপ দৰ্শন; সাধাৰণজনৰ মুখৰ সৰল ভাষাৰ ব্যৱহাৰ, আত্ম-আৱিস্কাৰ আদিয়ে প্রধান

       মুঠতে অন্যান্য ৰোমাণ্টিক কবিতা অথবা সাহিত্যৰাজিৰ তুলনাত অসমীয়া ৰোমাণ্টিক সাহিত্যৰাজিয়ে কোনো দিশতে পিছপৰি থকা নাছিল। কবলৈ গলে ৰোমাণ্টিক ঢল অহাৰ পিছৰ পৰাই অসমীয়া কাব্য সাহিত্যই এক নতুন গতি লাভ কৰিলে

৩। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটোৰ পটভূমি সম্পর্কে লিখা

উত্তৰঃ প্রকৃতি-প্রীতি ৰোমাণ্টিক কবিতাৰ এক বিশেষ বৈশিষ্ট্য। নৱন্যাসবাদী সাহিত্যৰ পূর্বে সাহিত্যৰ বুকুত নৈসর্গিক চিত্র অংকিত হৈছিল। যদিও, তাৰ মাজত সাহিত্যিকৰ আত্মিক প্রীতি পৰিলক্ষিত হোৱা নাছিল। গছ-লতা, ফুল আদিবোৰ কাব্যৰ মাজত উল্লেখ মাত্র হৈছিল, তাৰ প্ৰকাশত তেওঁলোকৰ অন্তৰে নাচি উঠা নাছিল বা ভাৱনা ৰসঘন হৈ পৰা নাছিল। ৰোমাণ্টিক কবিসকলে ন-দৃষ্টিভংগীৰে প্ৰকৃতিৰ অৰ্থ বিচাৰি ল'লে। তেওঁলোকে মূলতঃ দুটা অর্থত প্রকৃতি চিত্ৰণৰ অৰ্থক নির্ণয় কৰি ল'লে- (১) প্রকৃতি হৈ পৰিল এক আহ্বান – কৃত্রিমতাবিহীন, অনাড়ম্বৰ, সহজ-সৰল যাপন, অথবা (২) প্রকৃতিয়ে বুজাবলৈ ল'লে প্রকৃতি জগতৰ বিভিন্ন বস্তুৰ প্ৰতি আকর্ষণ। পাশ্চাত্য সাহিত্যৰ অধ্যয়ন আৰু প্রকৃতি কবিসকলৰ কবিতাৰ জনপ্রিয়তাই চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি সত্বাক প্ৰভাৱান্বিত নকৰাকৈ নাথাকিল। ওৱৰ্ডছৱৰ্থ, কোলৰিজ, শ্য়েলী, কীছৰ দৰে পাশ্চাত্য কবিৰ কবিতাত প্ৰকৃতিৰ চমকপ্রদ অভিব্যক্তি দেখি আধুনিক অসমীয়া সাহিত্যৰ ভেটি গঢ়াৰ উদ্দেশ্যে আগবাঢ়ি অহা চন্দ্ৰকুমাৰে তেওঁৰ কবিতাত প্রকৃতিক বিভিন্ন ধৰণে উপস্থাপন কৰিলে

          এইসকল পাশ্চাত্য ৰোমাণ্টিক কবিৰ মতে প্রকৃতি সৌন্দর্য আৰু আনন্দৰ উদ্দীপকে নহয়, ই এক শক্তি। এই শক্তিৰ আলোকত আমাৰ মন আৰু আত্মা মহীয়ান হৈ উঠে। প্রকৃতি জগতৰ সকলো বস্তুৱেই জীবন্ত। সেয়ে গছ-লতা, ফুল-পাত আনকি ওখ ওখ পাহাৰ-পর্বতেও সুখ-দুখ কঢ়িয়াই লৈ ফুৰে। প্রকৃতি অনুভৱী হৈ পৰে। জীৱনৰ সৰ্বস্বতা বহন কৰা এই প্রকৃতি জগতে। ৰহস্যময়তা আৰু অলৌকিকতাৰ চিন্তাক বাস্তৱ ৰূপত উপস্থাপন কৰে। প্ৰকৃতিৰ এই ৰামধেনুকুলীয়া আনন্দৰ চিত্ৰণসমৃদ্ধ পাশ্চাত্য কবিসকলৰ কবিতাই চন্দ্ৰকুমাৰক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। অসমীয়া কবিতাক ভাববস্তু আৰু ৰূপবস্তুৰ দিশেৰে চন্দ্ৰকুমাৰে প্ৰকৃতিৰ মেৰ দি নতুনত্বৰ সাজ পিন্ধাইন-কইনাৰ ৰূপত উলিয়াই আনে। সেয়েহে তেওঁৰ কেইবাটাও কবিতাত প্রকৃতি বিষয়ক উপাদানৰ স্থিতি পৰিলক্ষিত হৈছে। ৰোমাণ্টিক কবিতাৰ অন্যতম বৈশিষ্ট্য প্রকৃতি চিত্ৰণ তেওঁৰ কবিতাৰো বিশেষ বৈশিষ্ট্য হৈ ধৰা দিলে

৪। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটোৰ বিষয়ে বহলাই লিখা। 

উত্তৰঃ কবি চন্দ্ৰকুমাৰৰ 'প্রকৃতি' এটি উৎকৃষ্ট ৰোমাণ্টিক কবিতা। প্ৰকৃতিৰ সুন্দৰ সৃষ্টিসম্ভাৰৰ এখন মনোমোহা সজীৱ চিত্ৰ কবিতাটিত অংকণ কৰিছে। ৰূপ-ৰস-গন্ধৰ উৎস এপাহি ফুলক লৈয়ে কবিয়ে কবিতাৰ পাতনি তৰিছে। সৃষ্টিকৰ্ত্তাই ৰং-বিৰঙৰ ফুলক কিদৰে আকর্ষণীয় ৰূপত সৃষ্টি কৰিছে তাকেই কবিয়ে সুমধুৰ শব্দৰ মালাৰে পাঠকক সম্ভাষণ জনাইছে। ফুলৰ সুগন্ধ আৰু মৌ আহৰণ কৰিবলৈ ভোমোৰা আহে। এটা সময়ত সেই পাহি ফুল সৰি নাইকিয়া হ', অথচ প্ৰকৃতিৰ গছ-পাত বৰণ আদি সৃষ্টি প্রক্রিয়া একেদৰেই থাকিল। তেওঁ ক'ব বিচাৰিছে প্রকৃতি সদায় ৰহস্যাবৃত। 

             কবিতাটিৰ প্ৰথম স্তৱকত প্ৰকৃতিৰ অনন্য সৃষ্টি ফুলৰ কথাকে বৰ্ণনা কৰিছে-

"ফুল-কলি ফুলি গোন্ধ

বোৱাই প্ৰীতি সোঁত

সৰি পাছে নাইকিয়া হ'ল"

         প্রকৃতিৰ বুকুত থকা নানাৰঙী ফুল সকলোৰে আদৰৰ; তাৰ সৌন্দৰ্য আৰু সুমধুৰ গোন্ধে মানৱ প্ৰাণত অনন্য আকর্ষণ সৃষ্টি কৰে। যাক কবিয়ে 'ফুলৰ হাঁহি' বুলি বৰ্ণনা কৰিছে। পিছে সেই সুন্দৰৰ অৱসান ঘটে, যেতিয়া ফুলপাহ লেৰেলি সৰি পৰে। কবিৰ কল্পনাত ফুল কেৱল এটি সৌন্দৰ্যৰ প্রতীকেই নহয়, ই হৃদয় মথি ওলোৱা আবেগৰঞ্জিত ভাব। সেই সুন্দৰতা কেৱল মানুহেই পান নকৰে, প্ৰকৃতিৰ বুকুত থকা মৌ-মাখি, ভোমোৰায়ো ফুলত সৃষ্টি হোৱা মৌপান কৰে। তাকেই কবিতাটিত বৰ্ণনা কৰিছে

"সি ফুলৰ মউ পিয়া

এটি ভোমোৰা বলিয়া

ঘূৰি ঘুৰি ফুৰিছে অকল।"

             ফুলৰ গোন্ধ আৰু ৰঙে এই কীট-পতঙ্গবোৰক আকৰ্ষণ কৰে। প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে বা জীৱয়ে আন কাৰোবাৰ লগত জড়িত। সিহঁতৰো এখন জগত আছে। জগতৰ কাৰ্য আৰু কাৰণ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল

উৰি ফুৰি বেজাৰৰ

হৃদয় বাগিনী তাৰ

বষিযে সিও গুচি গ'

           উৰি ফুৰা মৌ-মাখি আৰু ভোমোৰাই মৌপান কৰিবলৈ আহি আপোনমনে গুণ-গুণাই এক অপূর্ব মূর্ছনাৰ সৃষ্টি কৰে। প্ৰকৃতিৰ বুকুত থকা প্রত্যেকেই নিজৰ নিজৰ কাম কৰি গুচি যায়। অথচ দিন বাতি হৈছে। বতাহ বলিছে সকলো নিৰবিচ্ছিন্ন গতিত চলি আছে

'ৰ কোন কিবা হ'

চিন-স্মৃতি পমি গ'

প্রকৃতিযে তেনেকৈয়ে ৰ'

            ফুল ফুলি সৰি গ', মানুহ জন্মিল, সময়ৰ ববচা বনত কাম-কাজ কৰি এদিন নিয়তির বুকুত হেৰাই গ'ল। কামৰ স্মৃতি চিহ্নবোৰো সময়ৰ আহ্বানত নোহোৱা হ'ল। কিন্তু প্রকৃতি যেনেকৈ আছিল তেনেকৈয়ে অবিৰাম গতিত চিৰপ্রবহমান গতিত চলি থাকিল। আকাশত জোন-বেলি-তৰা ওলায়ে থাকিব, নদী বৈয়ে থাকিব, ঋতু পৰিবৰ্ত্তন হ', ফুল ফুলিব আৰু জগতত তাৰ সৌৰভ বিলাব অবিশ্রান্ত ৰূপত

            কবিতাত প্রকৃতিৰ অপূর্ব সৃষ্টিক বিভিন্ন উপমাৰে বৰ্ণনা কৰিছে। 'ফুল' ইয়াত প্রতীকৰূপে ব্যৱহাৰ হৈছে। ফুল সৌন্দৰ্যৰ প্রতীক। মানুহ প্রকৃতিৰে এটি অঙ্গ। মানুহে কর্মব্যস্ততাৰ মাজেৰে সময় অতিবাহিত কৰে। এদিন এই পৃথিৱীৰ পৰা মেলানি মাগে। কিন্তু প্রকৃতি একেদৰে থাকে। তাৰ কেতিয়াও শেষ নাই। ই অনাদি অনন্ত। বিশ্বসৃষ্টিৰ ৰহস্য হয়তো কেতিয়াও মানুহে গম নাপাব। প্রকৃতি এক অদৃশ্য শক্তিৰ বাহক। জীৱন ক্ষণস্থায়ী কিন্তু জগতত চিৰপ্রবহমান আৰু চিৰ-উন্মুখ। এইদৰে কবিৰ সৌন্দৰ্য অনুভূতিৰ এক সূক্ষ্ম পর্যবেক্ষণ 'প্রকৃতি'ৰ ৰূপ বর্ণনাত সুন্দৰভাবে চিত্ৰিত হৈছে

৫। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটোৰ বিষয়বস্তু সম্পর্কে লিখা

উত্তৰঃ 'প্রতিমা' কাব্যপুথিৰ অন্তৰ্গত 'প্রকৃতি' চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰকৃতিবিষয়ক এটি সুন্দৰ কবিতা। পাশ্চাত্যৰ ৰোমাণ্টিক কবিসকলৰ প্ৰকৃতি বৰ্ণনাৰ দ্বাৰা উদ্বুদ্ধ চন্দ্ৰকুমাৰে তেওঁৰ বিভিন্ন কবিতাত প্রকৃতিক বিভিন্ন ৰূপত সজাই তুলিছে। আমাৰ আলোচনাত তেওঁৰ 'প্রকৃতি' শীর্ষক কবিতাটোৰহে এটি আলোচনা যুগুতোৱা হ'

            তৰু-তৃণ-পুষ্প-লতাৰে পৰিপূৰ্ণ প্ৰকৃতিৰ এক বিৰাট আনন্দ। প্রকৃতি জগতত নিৰানন্দ আস্তিত্বহীন, যি নিৰানন্দই মানৱ সমাজ কলুষিত কৰি ৰাখে। এক স্বতন্ত্র সত্বাবে প্রকৃতি জীৱন্ত। প্রকৃতিৰ সত্বাৰ লগত মানৱী সত্বাৰ একাকীত্ব স্থাপনৰ মাজেদি প্ৰকৃতিৰ সৌন্দৰ্যৰ বহিঃপ্রকাশ ঘটে। মানবে প্ৰকৃতিৰ সুখৰ মাজত নিজকে সুখী অনুভৱ কৰে অথবা বিষন্নতা দেখিবলৈ পায়। 

             কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটোৰ মাজেৰে প্ৰকৃতিৰ চিৰন্তন সত্যৰ কথা প্রকাশ পাইছে। প্রকৃতিৰ বিভিন্ন উপাদানবোৰে নিজস্ব ৰূপান্তৰৰ মাজেৰে স্বকীয়তা প্রতিপন্ন কৰে। কবিয়ে প্রকৃতি জগতৰ ফল-ফুলৰ পৰিৱৰ্তন স্বচক্ষে প্রত্যক্ষ কৰিছে। ফুলৰ কলি ফুল হৈ চৌদিশ তাৰ গোন্ধৰে আমোল-মোলাই তুলিছে। ফুলৰ গোন্ধই প্রেমিক ভোমোৰাক বলিয়া কৰিছে আৰু বলিয়া প্ৰেমিকৰ দৰে ভোমোৰায়ো অকলেই ঘূৰি ফুৰি অফুৰন্ত সৌন্দৰ্যৰ মাধুৰী বিয়পাইছে। সেয়ে কবিয়ে কৈছে-

সি ফুলৰে মউ-পিয়া

এটা ভোমোৰা বলিয়া

                    ঘূৰি ঘুৰি ফুৰিছে অকল

              কিন্তু ফুলৰ সুগন্ধি সৌৰভ নিষ্ঠুৰ নিয়তিৰ হাতোৰাত সৰি নাইকিয়া হৈ গৈছে। ফুল বলিয়া ভোমোৰাটোও মৰহি যোৱা ফুলৰ বেজাৰত 'হৃদয় বাগিণী' বজাই কেনিবা গুচি গৈছে। অহা- যোৱাৰ এই নিৰন্তৰ পৰিৱৰ্তনৰ মাজত কবিয়ে দেখিবলৈ পাইছে প্রকৃতিৰ অবিনশ্বৰতা। বিচিত্র শক্তিৰ অধিকাৰী এই প্ৰকৃতিৰ শাশ্বত ৰূপ দেখি তেওঁ অভিভূত হৈ পৰিছে- 'সেই শক্তি ৰূপময়ী, স্নেহময়ী আৰু চিৰন্তৰা

কৰ কোন কিবা হ'

চিন স্মৃতি পমি গ'

                              প্রকৃতি যে তেনেকৈয়ে ৰ'

                 'প্রকৃতি যে তেনেকৈয়ে ৰ'' কবিতাটোৰ এই শেষৰ শাৰীটোৰ মাজেৰে প্ৰকাশ পাইছে মানৱ জীৱনৰ ক্ষণভঙ্গুৰতাৰ বিপৰীতে প্ৰকৃতিৰ চিৰন্তন বা অবিনশ্বৰতাৰ কথা। এই অবিনশ্বৰতাৰ অন্তৰালত নিহিত হৈ আছে প্রকৃতিৰ অবিনাশী ৰহস্যময়তা। কবিতাটোত আনন্দবে পৰিপূৰ্ণ প্রকৃতিৰ অন্তৰালত থকা দুখ বা বিচ্ছেদৰ ছবিখনো অংকন কৰিছে। কবিয়ে ক'ব বিচাৰিছে প্রকৃতিৰ কোনো পৰিৱৰ্তন নাই। প্রকৃতি নিত্য, অবিনশ্বৰ। সেয়ে প্রকৃতি সদা সজীৱ তথা জীৱন্ত আৰু সৌন্দর্যময়ী। প্রকৃতিৰ এই ৰূপৰ মাজেদি কবিয়ে অন্তৰাত্মাক উপলব্ধি কৰি এক অনাবিল সুখবোধত ডুব গৈছে। প্রকৃতিৰ শ্রেষ্ঠত্ব ঘোষণাই কবিতাটোৰ মূল কথা। সকলো হেৰুৱাই প্ৰকৃতি নিজৰ স্থিতিত অটল হৈ থকাৰ অপূর্ব সৌন্দৰ্যৰ বৰ্ণনাৰে কবিতাটো আকর্ষণীয় হৈ উঠিছে

                  চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রকৃতি' কবিতাটোত পাশ্চাত্যৰ প্রখ্যাত প্রকৃতি পূজাৰী কবি ওৱৰ্ডছৱৰ্থৰ কবিতাৰ প্রভাৱ দেখা গৈছে। ওৱৰ্ডছৱৰ্থৰ বিশ্বাস যে গোটেই প্রকৃতিজগত আনন্দৰ আকৰ। তেওঁৰ কবিতাত 'প্রকৃতি জগতৰ বিভিন্ন দিশৰ বর্ণনা জীৱন্ত, সুস্পষ্ট আৰু বর্ণাঢ্য (শর্মা ১৫৩)।' এই বিশ্বাসৰ নিৰ্ভৰযোগ্য ৰূপায়ণ তেওঁৰ 'Lines Written in Early Spring' শীর্ষক কবিতাটোত স্পষ্টকৈ ফুটি উঠিছে-

And it is my faith

                                         That every flower enjoys the air it breathes.

                  এনে এক বিশ্বাসৰ বাবে ওৱৰ্ডছৱৰ্থৰ দৃষ্টিত প্রকৃতি জীৱন্ত ৰূপত ধৰা দিছে। তেওঁৰ প্রতিটো কবিতাই প্ৰকৃতিৰ প্ৰতি তেওঁৰ গভীৰ বিশ্বাসৰ অভিব্যক্তি প্রকাশক। ওৱৰ্ডছৱৰ্থৰ এই দৃষ্টিভংগীৰে চন্দ্রকুমাৰে 'প্রকৃতি' কবিতাটোত প্রকৃতিক জীৱন্ত আৰু আনন্দৰ অনুভূতি ৰূপে প্ৰকাশ কৰিছে। কবি চন্দ্ৰকুমাৰ ওৱৰ্ডছৱৰ্থৰ দৰে প্ৰকৃতিৰ লগত অভিন্ন হৈ পৰিছে। প্রকৃতিৰ মনোমোহা পৰিৱেশৰ চিৰন্তন সত্যই তেওঁক আকর্ষিত কৰিছিল আৰু এই আকর্ষণেই তাৎপর্যপূর্ণ প্রকাশ ঘটিছে 'প্রকৃতি' কবিতাটোত।

৬। ৰোমাণ্টিক কবিতা হিচাপে 'প্রকৃতি' কবিতাটো চিত্রিত কৰা

উত্তৰঃ ৰোমাণ্টিক কবিতাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হৈছে প্ৰকৃতিৰ প্ৰতি আকর্ষণ। প্রকৃতি জগতৰ ৰূপ, ৰস, গন্ধই কবিৰ সৃষ্টিৰ উৎস। সৃষ্টিশীল মনৰ বহিঃপ্রকাশক হোৱা বাবে ৰোমাণ্টিক কবিৰ দৃষ্টিত প্রকৃতি জীৱন্ত। ৰোমাণ্টিক কবিতাৰ বিশেষ লক্ষণ প্রকৃতি প্ৰীতিৰ প্রকাশ 'প্রকৃতি' কবিতাটোত স্পষ্ট। প্রকৃতিৰ আকৰ্ষণৰ মাজেৰে প্ৰকৃতিৰ বিচিত্র শক্তিৰ প্রকাশে গোটেই কবিতাটোত প্রাধান্য লাভ কৰিছে। প্রকৃতিৰ বিনাশ নাই, প্রকৃতিয়ে নিজস্ব শক্তিবে স্থিৰ। এই স্থিৰতাৰ মাজত কবিয়ে মানৱ জীৱনৰ চালিকা শক্তিৰ সন্ধান বিচাৰিবলৈ সক্ষম হৈছে। এয়াই কবিৰ আনন্দপ্রাপ্তি

              ৰোমাণ্টিক কবিতাত ফুল আৰু চৰাই এক বিশেষ উপাদান। কবি চন্দ্রকুমাৰেও ফুল আৰু ভোমোৰা (পোকহে)ৰ জৰিয়তে কবি হৃদয়ৰ আনন্দ আৰু বিষাদৰ ছবিখন স্পষ্ট কৰি তুলিছে। কল্পনাশক্তিৰ সহায়ত তেওঁ সাধাৰণ ফুলটি বা ভোমোৰাটোকো জীৱনৰ উপলব্ধিৰ ইংগিতেৰে মহিমামণ্ডিত কৰি তুলিছে

               ফুল ফুলি মৰহি যোৱা, ভোমোৰাই মনৰ আৱেগানুভূতি প্রকাশ কৰি দিক-বিদিক হেৰাই পেলোৱা উল্লেখৰ জৰিয়তে কবিয়ে মানৱ জীৱনৰ ক্ষণস্থায়ী সুখানুভূতিৰ উপলব্ধিকো প্রকাশ কৰিছে যেন বোধ হয়। প্রকৃতিৰ অপৰিৱৰ্তনশীল ৰূপৰ মাজত নিহিত অফুৰন্ত শক্তিয়েই মানৱ জীৱনৰ মূল চালিকা শক্তিৰ ৰূপত ইন্ধন যোগোৱাৰ অৰ্থ প্ৰকাশ পাইছে

               গতিকে দেখা যায় যে প্রকৃতি-প্রীতি, কল্পনা-প্রৱণতা, সাধাৰণ বস্তুৰ মাজেৰে জীৱনৰ উপলব্ধি প্রকাশ আদি ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্যৰে 'প্রকৃতি' এটি সাৰ্থক ৰোমাণ্টিক কবিতা। ৰোমাণ্টিক ভাবৰ আদর্শই কবিতাটোক বিষয়বস্তুৰ দিশেৰে উজ্জ্বল ৰূপ এটি প্রদান কৰাত সক্ষম হৈছে। কবিতাটোৰ ভাষাও এইক্ষেত্ৰত মন কৰিবলগীয়া। বুদ্ধিদীপ্ত উজ্জ্বল ভাষাৰ সলনি কল্পনামণ্ডিত ধ্বনিশীল ভাষাই হ'ল ৰোমাণ্টিক কবিতাৰ ভাষা। 'প্রকৃতি' কবিতাটোতো কবি প্রযুক্ত অনাড়ম্বৰ তথা মধুময় শব্দৰ উপযুক্ত ব্যৱহাৰে কবিতাটোক ৰোমাণ্টিক আস্বাদ নিদিয়াকৈ থকা নাই

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)