GU BA 2nd Sem

Education

Chapter 3 Question Answer

স্মৃতি, মনোযোগ আৰু আগ্ৰহ

▶▶ অতি চমু প্রশ্নোত্তৰ:

 ১। স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ স্মৃতিৰ দুটা বৈশিষ্ট্য হ'ল-

 (ক) ইন্দ্রিয় গ্রাহ্য অভিজ্ঞতাৰ প্ৰয়োজন

(খ) পুনৰাবৃত্তিৰ প্রয়োজন

২। বিস্মৃতিৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ বিস্মৃতিৰ দুটা বৈশিষ্ট্য হ'ল-

 (ক) বিস্মৃতি অনাবশ্যক নহয়

(খ) বিস্মৃতি এক স্বাভাৱিক প্রক্রিয়া

৩। বিস্মৃতিৰ দুটা মানসিক কাৰণ লিখা

উত্তৰঃ বিস্মৃতিৰ দুটা মানসিক কাৰণ হ'ল-

(ক) আগ্রহবিহীন শিক্ষণ

(খ) আৱেগিক আলোড়ন

৪। মনোযোগক কিয় মনৰ এক নির্বাচনধর্মী প্রক্রিয়া বুলি কোৱা হয়?

উত্তৰঃ মনোযোগক নির্বাচনধর্মী প্রক্রিয়া বুলি এই কাৰণেই কোৱা হয় যে-পবিবেশ। পুন থকা সকলো উপাদানৰ প্রতি আমি আমাৰ সচেতনতা প্রকাশ নকৰো। সকলোকে উপাদানৰ মাজৰ পৰা আমি এটা উপাদান নির্বাচন কবি লওঁ আৰু মনোযোগ দিনর সেয়েহে মনোযোগক নির্বাচনী প্রক্রিয়া বুলি কোৱা হয়

৫। মনোযোগৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰ: মনোযোগৰ দুটা বৈশিষ্ট্য হ'ল-

 (১) নির্বাচনধর্মী আৰু

(২) গতিশীলতা

৬। আগ্ৰহৰ দুটা পৰিৱেশীয় উপাদানৰ নাম লিখা

উত্তৰঃ আগ্ৰহৰ দুটা পৰিৱেশীয় উপাদানৰ নাম হ'ল-

(১) হুলস্থূলীয়া পৰিৱেশ আৰু

(২) দুর্বল স্বাস্থ্য

৭। স্মৃতিৰ সংজ্ঞা দিয়া

উত্তৰঃ মনোবিদ ষ্টাউটৰ মতে, 'স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ মূল ৰূপৰ অবিকল -পুনৰ উদ্ভৱ কাৰ্য।'

৮। স্মৃতিৰ উপাদান কেইটা উল্লেখ কৰা

উত্তৰঃ স্মৃতিৰ উপাদান কেইটা হৈছে-

(ক) অভিজ্ঞতা (খ) সংৰক্ষণ (গ) পুনঃস্মৰণ (ঘ) প্রত্যাভিজ্ঞা

৯। স্মৃতি-বিস্মৃতিৰ বিষয়ে গৱেষণা কৰা প্ৰথম গৱেষকজনৰ নাম কি?

উত্তৰঃ স্মৃতি-বিস্মৃতিৰ বিষয়ে গৱেষণা কৰা প্ৰথম গৱেষকজনৰ নাম হ'ল এবিংহাচ

১০। শিশুৰ পাঠ্যপুথিত ৰংচঙীয়া চিত্ৰ প্ৰয়োগ কৰাৰ কাৰণ কি?

উত্তৰ: অভ্যাস স্মৃতিত

১১। মনোবিজ্ঞানী বাৰ্গচনৰ মতে স্মৃতিৰ ভাগ দুটা কি কি?

উত্তৰ: মনোবিজ্ঞানী বাৰ্গচনৰ মতে স্মৃতিৰ ভাগ দুটা হ'ল-

(ক) প্রতিৰূপ স্মৃতি আৰু (খ) অভ্যাস স্মৃতি

১২। আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম লিখা

উত্তৰঃ আমি কোনো কথা মনত ৰাখিব পৰা দুটা প্ৰক্ৰিয়াৰ নাম হৈছে-

(ক) ছন্দৰ প্ৰয়োগ আৰু (খ) প্ৰতিৰূপৰ ব্যৱহাৰ

১৩। পশ্চাদমুখী প্রতিবোধ মানে কি?

উত্তৰঃ কোনো কথা বা বিষয় শিকাৰ পিছত সময়ৰ ব্যবধান নৰখাকৈ আন এটা শু বা বিষয় শিকিলে প্রথম শিকাটোরে দ্বিতীয়টো বিষয় শিকোঁতে বাধাৰ সুষ্টি করে পশ্চাদমুখী প্ৰতিৰোধ বোলে

১৪। মনোযোগৰ এটা বস্তুনিষ্ঠ কাবণ লিখা

উত্তৰ: মনোযোগৰ এটা বস্তুনিষ্ঠ কাবণ হ'ল আকৃতি

১৫। মনোযোগৰ এটা বৈশিষ্ট্য লিখা

উত্তৰঃ মনোযোগ হ'ল মনৰ এক ক্রিয়াবৃত্তি

১৬। মনোযোগ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ মনোযোগ দুই প্ৰকাৰৰ- ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ আৰু অনৈচ্ছিকর অনিচ্ছাকৃত মনোযোগ

১৭। তলত দিয়া উক্তিকেইটাৰ শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰাঃ

(i) স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান

উত্তৰঃ শুদ্ধ

(ii) স্মৃতিকার্যত অখণ্ড পদ্ধতি, খণ্ড পদ্ধতিতকৈ বেছি উপযোগী। 

উত্তৰঃ শুদ্ধ

(iii) অনৈচ্ছিক মনোযোগত উদ্দীপকৰ প্ৰভাৱ নাথাকে। 

উত্তৰঃ অশুদ্ধ

(iv) স্মৃতিৰ বাবেই বিস্মৃতিৰ প্ৰয়োজন। 

উত্তৰঃ শুদ্ধ

(v) সাধাৰণতে মানুহৰ মনোযোগ একেটা বস্তুতে ৮ বা ১০ ছেকেণ্ড সময় থাকে

উত্তৰঃ শুদ্ধ

১৮। খালী ঠাই পূৰ কৰাঃ

(ক) এজন মানুহে বহুদিন লগ নোপোৱা এজন বন্ধুক                 চিনাক্তকৰণ কৰে। 

উত্তৰঃ প্রত্যভিজ্ঞা

(খ) পেশীয় সঞ্চালনৰদ্বাৰা লাভ কৰা স্মৃতিক                 বুলি জনা যায়

উত্তৰঃ অভ্যাস স্মৃতি

(গ)                     স্মৃতিক যান্ত্রিক স্মৃতি বুলি কোৱা হয়

উত্তৰঃ মুখস্থ

(ঘ) সক্রিয় প্ৰচেষ্টাৰে মনত পেলোৱাক                    স্মৃতি বোলে। 

উত্তৰঃ যৌক্তিক

(ঙ) প্রবৃত্তিৰ পৰা উদ্ভৱ হোৱা আগ্রহক                 আগ্রহ বোলে

উত্তৰঃ জন্মগত

(চ) নতুনত্ব হ'ল মনোযোগৰ এক                 কাৰক

উত্তৰঃ বাহ্যিক

▶▶ চমু প্রশ্নোত্তৰ:

১। স্মৃতি মানে কি?

উত্তৰঃ দৈনন্দিন জীৱনত আমি আহৰণ কৰা অভিজ্ঞতাসমূহক আমাৰ মানসপটত ছাপ হিচাপে ৰাখি প্রয়োজনসাপেক্ষে তাক পুনৰুদ্রেক কৰি চিনাক্তকৰণ কৰা মানসিক প্রক্রিয়াকে স্মৃতি বোলা হয়। সচেতন মনত পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱাকে স্মৰণ ক্রিয়া বা স্মৃতি বোলা হয়। সেয়ে সোঁৱৰণ প্ৰক্ৰিয়াক অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান বুলিও কোৱা হয়। প্রত্যেক ব্যক্তিয়ে জীৱনৰ প্ৰতি মুহূৰ্ততে বিভিন্নধৰণৰ অভিজ্ঞতা লাভ কৰে। এই অভিজ্ঞতাবোৰ মুহূর্তে মুহূর্তে মানসপটত মুদ্রিত হৈ পুনৰ অপসাৰিত হৈ গৈ থাকে আৰু মানুহৰ মনে অচেতন স্তৰত এই অভিজ্ঞতাবোৰৰ ছবি সংৰক্ষণ কৰে। গতিকে কেতিয়াবা কেতিয়াবা পূর্ব অভিজ্ঞতাবোৰৰ ছবি সংৰক্ষণ কৰে। গতিকে কেতিয়াবা কেতিয়াবা পূর্ব অভিজ্ঞাতাৰ প্ৰয়োজনসাপেক্ষে পুনৰুদ্রেক হয়। অতীত অভিজ্ঞতাক অবিকল পুনৰুদ্ৰেক কৰাৰ যি মানসিক শক্তি সেয়েই হ'ল স্মৃতিশক্তি

২। স্মৃতিৰ চাৰিটা উপাদানৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ স্মৃতিৰ চাৰিটা উপাদান হ'ল-

(ক) শিক্ষণঃ শিক্ষা লাভ কৰাটো স্মৃতিৰ প্ৰথম পর্যায়। যি বিষয়ত কোনো অভিজ্ঞতা লাভ হোৱা নাই তেনে বিষয়ৰ স্মৰণ কেতিয়াও সম্ভব হ'ব নোৱাৰে

(খ) সংৰক্ষণ: আমি আমাৰ দৈনন্দিন জীৱনত যি শিক্ষা বা অভিজ্ঞতা আহৰণ কৰো সেই অভিজ্ঞতা আৰু শিক্ষাক মনৰ মাজত সযতনে সংৰক্ষণ কৰি ৰাখো। যিজন ব্যক্তিয়ে তেওঁ আহৰণ কৰা অভিজ্ঞাসমূহ বেছি দিনলৈ মনত ধাৰণ কৰি ৰাখিব পাৰে, তেওঁকেই ভাল স্মৃতিৰ গৰাকী বুলি কোৱা হয়

(গ) পুনঃস্মৰণ: অতীত অভিজ্ঞতাৰ সাঁচ মনত যিমানেই গভীৰ আৰু স্পষ্ট হয়, সেই অভিজ্ঞতাৰ পুনঃস্মৰণো সিমানেই সহজ হয়। (ঘ) প্রত্যাভিজ্ঞা: ইন্দ্রিয়গ্রাহ্য অবস্থাত থকা কোনো বস্তু বা বিষয়ক পূর্ব অভিজ্ঞতাৰ সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্রত্যাভিজ্ঞা

৩। পুনঃস্মৰণতকৈ প্ৰত্যভিজ্ঞা সহজনে?

উত্তৰঃ পুনঃস্মৰণতকৈ প্রত্যভিজ্ঞা সহজ। আগতে জনা কোনো ব্যক্তিৰ নাম মনত পেলাবলৈ যিমান কষ্ট হয়, কেইটামান নামৰ ভিতৰত নির্দিষ্ট ব্যক্তিজন চিনাক্ত কৰিবলৈ যথেষ্ট সহজ হয়

৪। মস্তিষ্কত আঘাত পালে বিস্মৃতি হ'ব পাৰেনে? কেনেকৈ?

উত্তৰঃ মস্তিষ্কত আঘাত পালে বিস্মৃতি হ'ব পাৰে। মস্তিষ্কৰ যি অংশই স্মৃতি সম্বন্ধীয় ক্রিয়া সম্পাদিত কৰে, সেই অংশত আঘাত পালে স্মৃতি বিলোপ হয়

৫। কোনো বস্তু মনত ৰখাৰ বাবে মানসিক সুস্বাস্থ্য আৰু আগ্রহ কিয় দৰকাৰী ব্যাখ্যা কৰা

উত্তৰঃ কোনো বস্তু মনত ৰখাৰ বাবে মানসিক সুস্বাস্থ্য আৰু আগ্রহ অতি দৰকাৰী, সুস্থ মন আৰু আগ্রহ অবিহনে স্মৃতিক সজীৱ কৰিব নোৱাৰি। অসুস্থ শৰীৰ আৰু মনেৰে কোনো ব্যক্তিয়ে শিক্ষণৰ বিষয়বস্তুৰ প্রতি মনোযোগ দিব নোৱাৰে। ফলত ভালকৈ মনত ৰাখিব নোৱাৰে

৬। মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ কি কি?

উত্তৰ: মনোযোগে বাহ্যিক জগতৰ বিষয়বস্তুৰ নির্ধাৰণ কৰে। মনোযোগৰ বাহ্যিক কাৰণসমূহ হৈছে-

(ক) আকাৰ: বস্তুৰ আকাৰ ডাঙৰ হ'লে মনোযোগ সহজে আকর্ষণ হয়। সেয়ে বিজ্ঞাপন, 'ষ্টাৰ আদি ডাঙৰকৈ ৰাখে

(খ) গতিশীলতা: কোনো স্থিৰ বস্তুতকৈ গতিশীল বস্তুবে সহজে দৃষ্টি আকর্ষণ কৰে

(গ) তীব্রতা: উদ্দীপকৰ ভিতৰত যাৰ তীব্রতা সর্বাধিক বা উজ্জ্বল, তাৰ প্ৰতি মনোযোগ সহজে আকর্ষিত হয়

(ঘ) প্রকৃতিঃ প্রকৃতিগত কাৰণতো মনোযোগ বহু পৰিমাণে প্রভাবান্বিত হয়

(ঙ) নতুনত্ব: নতুন বস্তুৱে মনোযোগ বহু বেছি পৰিমাণে আনে। নতুনৰ প্ৰতি আকৰ্ষণ আৰু পুৰণিৰ প্ৰতি বিকৰ্ষণ মানুহৰ স্বাভাবিক গুণ

(চ) অৱস্থিতি: বিষয়বস্তুৰ উপস্থাপনৰ এক বিশেষ অৱস্থিতিয়েও আমাৰ মনোযোগ আকৰ্ষণ কৰে। সেয়ে গুৰুত্বপূৰ্ণ সংবাদবোৰ বাতৰি কাকতত এক বিশেষ স্থানত পৰিৱেশন কৰে

(ছ) শৃংখলাবদ্ধতা: কোনো বিষয় শৃংখলাবদ্ধভাৱে নিয়াৰিকৈ বুজাই দিলে সি সহজে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়

(জ) পৰিৱৰ্তন: আকস্মিক পৰিৱৰ্তনা মনোযোগৰ এক কাৰণ

(ঝ) পুনৰাবৃত্তিঃ কোনো এটা বিষয়ৰ বাৰম্বাৰ পুনৰাবৃত্তিয়ে মনোযোগ আনে

(ঞ) গোপনীয়তা: কোনো ৰহস্যঘন ঘটনাৰ প্ৰতি আমাৰ মনোযোগ আকর্ষিত হয়

৭। চমুটোকা লিখা:

(ক) ভাল স্মৃতিৰ লক্ষণ

উত্তৰঃ ভাল স্মৃতি হৈছে সুস্থ আৰু বুদ্ধিদীপ্ত মনৰ পৰিচায়ক। এজন ব্যক্তিৰ স্মৃতিশক্তি। ভাল নে বেয়া তাক জনাটো প্রত্যেক ব্যক্তিয়ে প্রয়োজন অনুভৱ কৰে। মনোবিজ্ঞানীসকলেও। ভাল স্মৃতিৰ কিছুমান লক্ষণ চিনাক্ত কৰিছে। ইংলেণ্ডৰ মনোবিজ্ঞানী জি এফ্ ষ্টাউটে ভাল স্মৃতিৰ কিছুমান লক্ষণৰ বিষয়ে বৰ্ণনা কৰিছে। এই লক্ষণসমূহ হ'ল-

(ক) সহজ আৰু দ্রুত শিক্ষা গ্রহণ: বিষয়বস্তুক অতি কম সময়ৰ ভিতৰতে আৰু সহজতে আয়ত্তকৰণ কৰিব পৰাটো ভাল স্মৃতিৰ লক্ষণ। কোনো এবিধ শিক্ষা গ্রহণ কৰোঁতে অধিক সময় লগাটো দুৰ্বল স্মৃতিৰ চিন। ভাল স্মৃতিৰ বাবে উন্নত বৌদ্ধিক মনৰ প্ৰয়োজন

(খ) সংৰক্ষণৰ দীর্ঘস্থায়িত্ব: ভাল স্মৃতি থকা লোকে শিকি উঠা কথাবোৰ অধিক সময়ৰ বাবে মনত ধৰি ৰাখিবও পাৰে। দুৰ্বল স্মৃতিৰ লোকৰ বাবে সি সম্ভৱ হৈ নুঠে। প্ৰখৰ স্মৃতিসম্পন্ন লোকৰ স্মৃতি সংৰক্ষণৰ ক্ষমতা অধিক থাকে

(গ) দ্রুত আৰু যথার্থ পুনৰুত্থাপন: ভাল স্মৃতিসম্পন্ন লোকে পূৰ্বৰ অভিজ্ঞতাক অলপো পৰিৱৰ্তন নোহোৱাকৈ তাৰ হুবহু ৰূপত মনলৈ আনিব পাৰে। পূর্বে শিকা কোনো কথা প্রয়োজন হ'লেই অতি সহজে আৰু সোনকালে স্মৰণ কৰিব পৰাটো উত্তম স্মৃতিৰ লক্ষণ

(ঘ) স্মৃতিৰ কাৰ্যকাৰিতা: ভাল স্মৃতিসম্পন্ন লোকে যেতিয়াই যি অভিজ্ঞতাৰ প্রয়োজন হয় তেতিয়াই সেইবোৰ স্মৰণ কৰিব পাৰে। ক্ষীণ স্মৃতিসম্পন্ন লোকে প্রয়োজনৰ সময়ত সংৰক্ষিত স্মৃতি মনলৈ আনিব নোৱাৰে, অসময়তহে ই মনলৈ আহে। এনে লোকৰ স্মৃতি হৈছে ক্রিয়া উপযোগিতাহীন

▶▶▶ ৰচনাধর্মী প্রশ্নোত্তৰ:

১। স্মৃতি কাক বোলে? কল্পনাৰ লগত ইয়াৰ পাৰ্থক্য কি? তোমাৰ নিজৰ অভিজ্ঞতাৰ প্রসংগত ব্যাখ্যা কৰা

উত্তৰ: অতীত অভিজ্ঞতাক অবিকল পুনৰুদ্ৰেক কৰাৰ যি মানসিক শক্তি সেয়াই হ'ল স্মৃতি শক্তি। আমি জীৱনত নানা সমস্যাৰ সন্মুখীন হওঁ, সেয়ে তাৰ সমাধানৰ চেষ্টা কৰো আৰু ফলত আমাৰ অভিজ্ঞতা লাভ হয়। দৈনন্দিন জীৱনত আমি নানা ঘটনা আৰু সমস্যাৰ সন্মুখীন হওঁ। এই অভিজ্ঞতাবোৰৰ মুহূর্ত মানসপটত মুদ্রিত হৈ পুনৰ অপসাৰিত হৈ গৈ থাকে। সকলো অভিজ্ঞতা সচেতন মনত ৰাখি থোৱা সম্ভৱ নহয়। সেয়ে আমাৰ মনৰ অচেতন স্তৰত এই অভিজ্ঞতাবোৰ সংৰক্ষিত হয় আৰু আমি ইচ্ছা কৰিলে এই সংৰক্ষিত অভিজ্ঞতাসমূহ অবিকলভাৱে পুনৰ সচেতন মনলৈ আনি স্মৰণ কৰিব পাৰো। এনে স্মৰক কাৰ্যকে কোৱা হয় স্মৃতি। সচেতন মনত পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱাকে স্মৰণ ক্রিয়া বা স্মৃতি বোলা হয়

স্মৃতি আৰু কল্পনাৰ পার্থক্য: স্মৃতি আৰু কল্পনা দুয়োটাই পুৰণা অভিজ্ঞতাৰ ফল। যেতিয়া পুৰণা অভিজ্ঞতা এটা হুবহু মনলৈ আহে সেইটো স্মৃতি। যেতিয়া পুৰণা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এক নতুন প্রতিরূপ মনত সৃষ্টি হয় সেইটো কল্পনা। স্মৃতি প্ৰতিৰূপত অতীত অভিজ্ঞতাৰ ৰূপ ক্রমে পৰিৱৰ্তিত নহয়। কিন্তু কল্পনাত ৰূপ-ৰঙৰ পৰিৱৰ্তন হৈ এটা নতুন বস্তু হৈ উঠে

স্মৃতিত পুৰণা ঘটনাটোৰ কোনো পৰিৱৰ্তন নহয়, কিন্তু কল্পনাত পুৰণা অভিজ্ঞতাৰ সাল-সলনি হয় আৰু নতুনৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, আমি ৰাছিয়াৰ কথা পঢ়িছোঁ আৰু শুনিছোঁ। ৰাছিয়ানসকলে কেনেকুৱা হ', তাত কিছুদিন থাকি-ফুৰি কেনেকুৱা লাগিব সেইটো ৰাছিয়ালৈ নোযোৱা মানুহ এজনৰ কাৰণে কল্পনা। কিন্তু ৰাছিয়াত কিছুদিন থাকি ফুৰি-চাকি অহা এজনৰ কাৰণে স্মৃতি। স্মৃতিয়ে সেই কাৰণে সদায় পিছলৈ চায়, কিন্তু কল্পনাই চাই আগলৈ

স্মৃতিত নতুন একো নাই; কল্পনাত আছে। স্মৃতি বাস্তববাদী; কল্পনা ভাব-বিলাসী। স্মৃতি সীমাবদ্ধ, কিন্তু কল্পনাৰ সীমা নাই

২। স্মৃতি শক্তিৰ উন্নতি কেনেকৈ কৰিব পাৰি? বর্ণনা কৰা

উত্তৰঃ স্মৃতি শক্তি উন্নত কৰিবলৈ হ'লে তলত উল্লেখ কৰা দিশসমূহৰ প্ৰতি সচেতন হ'ব লাগিব-

(ক) বিশ্লেষণমূলক শিক্ষাদান পদ্ধতিৰ প্ৰয়োগ: বিষয়বস্তু ভালদৰে বিশ্লেষণ কৰিব তাৰ অৰ্থ স্পষ্টকৈ বুজি ল'ব পাৰিলে সেই জ্ঞান বহুদিনলৈ মনত সংৰক্ষণ কৰাটো ছাত্ৰ-ছাত্ৰীৰ পক্ষে সম্ভৱ হয়

(খ) পূর্ব জ্ঞান: শ্ৰেণীৰ পৰিবেশত শিক্ষকে নতুন পাঠ প্রদান কৰাৰ বাবে ছাত্র ছাত্ৰীসকলৰ পূৰ্বৱতী অভিজ্ঞতা সজীৱ কৰি তোলা উচিত। তেতিয়া ছাত্র ছাত্ৰীসকলৰ বাবে নতুন শিক্ষণীয় বিষয়টো মনত কৰিবলৈ সুবিধা হয়

(গ) মানসিক সুস্বাস্থ্য: কোনো অভিজ্ঞতাৰ স্মৃতিক সজীব কৰি ৰাখিবলৈ সুস্থ মন এটাৰ প্রয়োজন। ৰোগমুক্ত, সুস্থ আৰু বলিষ্ঠ মন এটাইহে ভালদৰে প্রতিরূপক সংৰক্ষণ কৰিব পাবে

(ঘ) আগ্রহ: কোনো বিষয়ৰ স্মৃতি সংৰক্ষণৰ বাবে প্রয়োজনীয় মানসিক অবস্থা হৈছে আগ্রহ। গভীৰ আগ্রহেৰে শিকা কথা আমাৰ মনত বহুদিনলৈ থাকে

(ঙ) শিকাৰ প্ৰতি ইচ্ছা শক্তিঃ মনৰ ইচ্ছা শক্তিয়ে অসম্ভব ক্রিয়াকো সম্ভব আৰু কঠিন কামকো সহজ কৰি তোলে। সেয়ে, শিক্ষাৰ ক্ষেত্ৰত ছাত্রব ইচ্ছা শক্তি জগাই তুলিবলৈ যত্নপৰ হ'ব লাগে

(চ) শিক্ষণৰ পুনৰাবৃত্তি: শিকা কথা বহুদিনলৈ মনত ৰাখিবলৈ হ'লে পুনৰাবৃত্তি আৰু চৰ্চাৰ প্রয়োজন। সেয়ে ছাত্র-ছাত্রীসকলক শিক্ষণীয় বিষয়টো পুনৰাবৃত্তি আৰু অনুশীলন কৰিবলৈ উৎসাহিত কৰিব লাগে

(ছ) সক্রিয় পদ্ধতি: শিকাৰ সময়ত দেহ আৰু মন সক্রিয় হৈ থাকিলে বিষয়বস্তু ভালদৰে বুজা আৰু স্মৃতি সংৰক্ষণ কৰাত সহজ হয়। গতিকে শিক্ষা গ্রহণৰ সময়ত ছাত্র-ছাত্রীক সক্ৰিয় কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে

(জ) জিৰণিঃ স্মৃতি সংৰক্ষণ কৰাৰ বাবে জিৰণিৰ প্রয়োজন। ছাত্র-ছাত্রীসকলে পঢ়ি থকাৰ সময়ত মাজে মাজে বিৰতি লাগে। জিৰণিয়ে তেওঁলোকৰ মনৰ পৰা ভাগৰ আৰু বিৰক্তিৰ ভাব নাইকিয়া কৰে আৰু শিক্ষণীয় বিষয় অধিক মনোগ্রাহী হৈ উঠে

৩। মনত ৰখাৰ সন্তোষজনক কিছুমান অৱস্থাৰ বিষয়ে আলোচনা কৰা

উত্তৰ: মনত ৰখাৰ সন্তোষজনক কিছুমান অৱস্থা আছে। এইসমূহ তলত উল্লেখ কৰ হ'ল-

(ক) গভীৰ মনোযোগ: কোনো বিষয় যিমানেই গভীৰ মনোযোগ দি শিকা যায় সিমানে সেই শিক্ষা স্থায়ী হয়

(খ) পুনঃ পুনঃ অনুশীলন: শিকিবলগীয়া কোনো বিষয় বাৰে বাৰে পুনৰাবৃষি আৰু চৰ্চাৰি থাকিলে সেই শিক্ষা বহু দিন মনত থাকে

(গ) অর্থপূর্ণ শিক্ষণঃ যুক্তিযুক্তভাৱে আৰু অৰ্থ ফঁহিয়াই শিকা কোনো বিষয় আমাৰ মানসপটত দীর্ঘদিন ধৰি থাকে

(ঘ) ব্যৱহৃত শিক্ষণ: দীর্ঘকাল ধৰি কোনো কথা মনত ৰাখিবলৈ হ'লে অবিৰাম একেটা বিষয়কে পঢ়ি থকাতকৈ মাজে মাজে কিছু সময়ৰ ব্যৱধান ৰাখি পঢ়া বেছি ফলদায়ক

(ঙ) প্রবল আগ্রহ: নিজৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিলে বা কোনো কাম শিকাত আগ্রহ নাথাকিলে সেই শিক্ষা সার্থক নহয়। গতিকে কোনো বিষয়ত দৃঢ় সংকল্প আৰু আগ্রহ থাকিলেহে পৰৱৰ্তী স্মৰণত সহায় হয়

(চ) সক্রিয় প্রচেষ্টা: স্মৃতি শক্তি সজীৱ অৱস্থাত ৰাখিবলৈ হ'লে পাঠ্যপুথিৰ নিষ্ক্রিয় শিক্ষাৰ লগত কিছু সক্রিয় শিক্ষাৰ ব্যৱস্থা থকা উচিত

(ছ) বেছি ইন্দ্ৰিয়ৰ ব্যৱহাৰঃ শ্ৰেণীত কোনো কথা শিকাওঁতে যিমান বেছি ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিব পাৰি সিমানেই বেছি মনত থাকে

(জ) খণ্ড আৰু অখণ্ড পদ্ধতি: শিকিবলগীয়া কথাবোৰ মনত ৰাখিবৰ বাবে পাঠসমূহক খণ্ড অর্থাৎ ভাগ ভাগ কৰি আৰু সম্পূর্ণ অর্থাৎ অখণ্ড দুয়োটা পদ্ধতিৰে শিকিব লাগে

(ঝ) জিৰণি: অনর্গল শিক্ষা কার্য চলি থাকিলে দেহ আৰু মন একেলগে অতি সোনকালে ক্লান্ত হৈ পৰে। ক্লান্তিকৰ অৱস্থাত স্মৃতিও হ্রাস পায়। গতিকে স্মৃতি শক্তিৰ প্রাবল্যৰ কাৰণে জিৰণিৰ প্ৰয়োজন

(ঞ) পৰিৱেশৰ অৱস্থা: মনত ৰখা এটি প্রধান চৰ্ত হ'ল যে বাহিৰৰ পৰিৱেশটো যেন শিক্ষাৰ অনুকূল হয়। প্রতিকূল পৰিৱেশত শিক্ষা লাভ কৰিলে মনত বিশেষ বাধাৰ সৃষ্টি হয়

(ট) শাৰীৰিক আৰু মানসিক অৱস্থাঃ স্মৃতিশক্তিৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক সুস্থতাই বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে

(ঠ) ছন্দৰ প্ৰয়োগঃ স্থায়ীভাবে কোনো কথা মনত ৰাখিবলৈ হ'লে ছন্দৰ প্ৰয়োগ অত্যন্ত কার্যকৰী। কোনো পাঠ পঢ়াৰ ফাঁকে ফাঁকে তাক আবৃত্তি কৰি মনত ৰাখিবলৈ যদি চেষ্টা কৰা হয় তেন্তে তাৰ পৰা ফল পোৱা যায়

(ড) ইচ্ছাশক্তিঃ ইচ্ছাশক্তি হ'ল স্মৃতিৰ প্ৰাণশক্তি। গতিকে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰৰ ইচ্ছাশক্তি জগাই তুলিবলৈ যত্নপৰ হ'ব লাগে

(ঢ) অভিপ্রায়ঃ নতুন কথা শিকাত নাইবা অভিজ্ঞতা লাভ কৰাত শিকোঁতাৰ অভিপ্রায় থাকিব লাগে

৪। মনোযোগৰ স্বৰূপ বৰ্ণনা কৰা আৰু ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা

উত্তৰ: কোনো এটা নির্দিষ্ট বিষয় বা বস্তু চেতনাৰ কেন্দ্ৰস্থললৈ অনাই হৈছে মনোযোগ। আমাৰ মনত চেতনাৰ সোঁত অৱধাৰিত গতিত প্রৱাহিত হৈ থাকে। বহির্জগতৰ নানা বস্তুই এই চেতনাৰ বিষয়বস্তু। একে সময়তে আমি বিভিন্ন বস্তুৰ প্রতি মনোযোগ দিব নোৱাৰো, মাত্র এটা বা দুটা বস্তুৰ প্ৰতিহে আমি একে সময়তে মনোযোগ দিব পাৰোঁ। সেই কাৰণে মনোযোগ হ'ল চেতনাৰ ক্ষেত্ৰ সংকুচিত কৰি এটা বা দুটা মাত্র বস্তু বা বিষয়ৰ মনোনিৱেশ কৰা। উদাহৰণস্বৰূপে চালকে মটৰ গাড়ীখন চলাই যাওঁতে চকুৰ আগত মানুহ, গৰু, ছাগলী, ঘৰ-দুৱাৰ আদি অংসখ্য বস্তু দেখে কিন্তু সেই সকলোবোৰৰ প্রতি চালক মনোযোগ দিব নোৱাৰে। মটৰৰ আগতে অলপ দূৰত থকা ৰাস্তাৰ বস্তুখিনির প্রতিহে চালকে মনোযোগ দিব পাৰে

মনোযোগৰ বৈশিষ্ট্যসমূহ তলত বর্ণনা কৰা হ'ল-

(i) নির্বাচনী ধর্মঃ মনোযোগৰ এটি প্রধান বৈশিষ্ট্য হ'ল ইয়াৰ নিৰ্বাচনী ধর্ম। এটা উদ্দীপক নিৰ্বাচন কৰি তাৰ প্ৰতি সঁহাৰি জনোৱা আৰু অন্যান্য উদ্দীপকৰ কাম বন্ধ কৰা এয়ে হ'ল মনোযোগৰ প্ৰধান ধর্ম। ছাত্ৰই যেতিয়া পৰীক্ষাত লিখি থাকে তেতিয়া বাহিৰৰ হাই-উৰুমি, চৰাই-চিৰিকতিৰ মাত, ৰেডিঅ'ৰ সংগীত, সকলোবিলাক চেতনাৰ কেন্দ্ৰৰ পৰা বৰ্জন কৰে আৰু লিখা কামটোত একান্তভাৱে মন নিবিষ্ট কৰি ৰাখে

(ii) সদর্থক আৰু নঞর্থক দিশ: মনোযোগৰ দুটা ফাল আছে, এটা সদর্থক আৰু আনটো নঞর্থক। যি বিষয় বা বস্তুত মন দিয়া হ'ল সেইটো হ'ল মনোযোগৰ সদর্থক ফাল আৰু যি বিষয় আৰু বস্তুৰ পৰা মনোযোগ আঁতৰাই অনা হ'ল সেইটোৱে ইয়াৰ নঞর্থক ফল

(iii) অনুসন্ধানী ধর্ম: মনোযোগৰ আন এটা বৈশিষ্ট্য হ'ল ইয়াৰ অনুসন্ধানী ধর্ম। গভীৰ মনোযোগে আমাক কোনো বিষয়ৰ তথ্য উদ্‌ঘাটন কৰাত বা কোনো বস্তুক স্পষ্টকৈ বুজাত সহায় কৰে

(iv) সঞ্চৰণশীলতা: মনোযোগ চঞ্চল বা সঞ্চৰণশীল। মনোযোগ সদায় স্থিৰ হৈ নাথাকে, এটা বস্তুৰ পৰা এটালৈ, এটা ভাবৰ পৰা আন এটা ভাবলৈ সঞ্চাৰিত হয়

(v) সঞ্চালনমূলক পৰিৱৰ্তন: মনোযোগ দিয়াৰ সময়ত ব্যক্তিৰ ভিতৰত নানা সঞ্চালনসূচক পৰিৱৰ্তনে দেখা দিয়ে। গভীৰ মনোযোগ দিয়াৰ সময়ত কেতিয়াবা কেতিয়াবা চকু ঘোপাকৈ চোৱা, হেলনীয়াকৈ শুনা ইত্যাদিয়েই তাৰ প্ৰমাণ

(vi) চেতনাৰ কেন্দ্ৰত স্থিতি: মনোযোগৰ আন এটা বৈশিষ্ট্য হ'ল যে যেতিয়া কোনো বিষয়ত মনোেযাগ দিয়া হ'ল তেতিয়া সেই বস্তুটো আমাৰ চেতনাৰ কেন্দ্রত আহি উপস্থিত হয়

(vii) উদ্দেশ্যধর্মী: মনোযোগ হ'ল মনৰ কৰ্মমূলক ক্রিয়া। ইয়াৰ মাজত এটা উদ্দেশ্য নিহত হৈ থাকে

(viii) গঠনমূলক পৰিৱৰ্তন: মনোযোগৰ আন এটা বৈশিষ্ট্য হ'ল যে ই ব্যক্তিৰ নানা ধৰণৰ স্নায়ুজনিত পৰিৱৰ্তন ঘটায়

(ix) বিশ্লেষণী ধর্মঃ মনোযোগ হ'ল বিশ্লেষণাত্মক। কোনো বস্তুৰ প্রতি মনোযোগ দিলে আমি সেই বস্তুৰ খুঁটি-নাটি সকলো কথা চালি-জাৰি চাওঁ আৰু তাৰদ্বাৰা সেই বস্তুৰ সামগ্রিক ৰূপটো উপলব্ধি কৰিবলৈ সক্ষম হওঁ

(x) প্রত্যক্ষৰ স্পষ্টতা: মনোযোগৰ আন এটা বৈশিষ্ট্য হ'ল স্পষ্টতা

(xi) পাৰস্পৰিক : মনোযোগৰদ্বাৰা বিভিন্ন বিষয়বস্তুৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপিত হয়

৫। 'আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অবস্থা' উদাহৰণসহ ব্যাখ্যা কৰা। এজন শিক্ষকে নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মনোযোগ কেনেকৈ আকৰ্ষণ কৰিব পাৰিব আলোচনা কৰা

উত্তৰ: আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ হ'ল আগ্ৰহৰ সক্ৰিয় ৰূপ। আমি কিতাপ এখন পঢ়াৰ আগ্রহ প্রকাশ মুহূৰ্ততে কিতাপখনৰ প্রতি মনোযোগ দিয়া বুজায় আৰু সম্পূর্ণ মনোযোগেৰে কিতাপখন পঢ়াৰ অৰ্থ হ'ল আমাৰ কিতাপ পঢ়াৰ প্ৰতি থকা আগ্রহক সক্ৰিয় ৰূপ দিয়া। গতিকে মনোযোগ আৰু নিৰৱচ্ছিন্ন মনক সক্ৰিয় কৰি তোলা মানসিক অৱস্থাকে আগ্রহ বুলি কোৱা হৈছে আৰু এই সক্রিয় অৱস্থাৰ ব্যৱহাৰিক দিশটোক মনোযোগ বুলি কোৱা হৈছে। ইয়াৰ পৰা দুয়োটাৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ কথা উপলব্ধি হয়। প্রকৃতার্থত আগ্রহক মনোযোগৰ পূৰ্বচৰ্ত বুলি ব্যাখ্যা কৰিব পাৰি। আগ্রহ নাথাকিলে কোনো বিষয়তে মনোযোগ দিয়াটো প্রকৃতাৰ্থত সম্ভৱ নহয়। আগ্রহ স্বাভাৱিক হ'লে মনোযোগৰ কাম সহজ হয়। প্রথমতে আগ্রহ সৃষ্টি কৰি লৈহে মনোযোগত প্রবৃত্ত হ'ব পৰা যায়। সেয়েহে মনোবিদ ষ্টাউতে মনোযোগ আৰু আগ্ৰহক একেটা মুদ্ৰাৰে দুটা পিঠি বুলি অভিহিত কৰিছে। মনোযোগ যেতিয়া প্রকাশ্য হৈ থাকে তেতিয়া আগ্রহ সুপ্ত অৱস্থাত থাকে আৰু কোনো বিষয়ৰ প্রতি আগ্রহ প্রকাশ কৰোঁতে বিষয়টোৰ প্ৰতি মনোযোগ দিয়াকে বুজায়

এজন শিক্ষকে নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ তলত উল্লেখ কৰা নানান উপায় আৰু কৌশলসমূহ অৱলম্বন কৰিব লাগে

(ক) শিক্ষকে পাঠদান কৰোঁতে সদায় আধুনিক আৰু উন্নয়নশীল পাঠদান প্রণালী ব্যৱহাৰ কৰিব লাগে। যিবিলাক পদ্ধতি ব্যৱহাৰ কৰিলে শিক্ষার্থীয়ে নিজেও ভ্যাগল'ব পাৰে তেনে ধৰণৰ পাঠদান প্রণালী ব্যৱহাৰ কৰিলে শিক্ষার্থীয়ে পার গ্রহণত মনোযোগ দিয়ে

(খ) শিক্ষকৰ উৎসাহ আৰু উদ্দীপনাই শিক্ষাৰ্থীৰ মনত গভীৰ মনোযোগৰ সৃষ্টি কৰিব পাৰে

(গ) শিকোৱাৰ বেলিকা শিক্ষকে প্রশ্ন আৰু উত্তৰ দান প্ৰণালীৰ ব্যৱস্থা কৰিব লাগে। ই শিক্ষার্থীক পাঠটোৰ প্ৰতি মনোযোগ দিয়াত সহায় কৰিব। 

(ঘ) শিক্ষকে শিক্ষার্থীৰ বাবে পাঠটো সম্পূর্ণ মনোগ্রাহী কৰি তুলিব লাগিব

(ঙ) শিক্ষকে শ্ৰৱণ-দৰ্শন আহিলাৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগে। তেতিয়া শিক্ষার্থীসকলে স্বাভাৱিকতে মনোযোগ দিবলৈ ধৰিব

(চ) শিক্ষার্থীক ঘৰত বা শ্ৰেণীত কিছুমান কাম কৰিবলৈ দিব লাগে। শিক্ষকে পাঠদান সম্পূৰ্ণৰূপে কৰ্মকেন্দ্ৰিক কৰাৰ ব্যৱস্থা কৰিব লাগে

(ছ) শিক্ষকে শ্ৰেণীত পাঠদান কৰিবলৈ যোৱাৰ আগতে পাঠটোৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰিব লাগে। শিক্ষকে খৰচি মাৰি পঢ়োৱা পাঠে শিক্ষার্থীৰ মনোযোগ সহজে আকৰ্ষণ কৰিব পাৰে

(জ) ক'লা ফলিৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে। পাঠৰ মূল বিষয়কেইটা ব'ৰ্ডত লিখি লৈ বুজাবলৈ ল'লে শিক্ষার্থীৰ মনোযোগ আদায় কৰিব পাৰি

(ঝ) বিভিন্ন ধৰণৰ শিক্ষণ কৌশলৰ ব্যৱস্থা কৰি শিক্ষকে পাঠদান কৰাৰ ব্যৱস্থা কৰিলে শিক্ষাৰ্থীৰ মনোযোগ আকর্ষণ কৰিবলৈ সমর্থ হ'

৬। 'মনোযোগ আৰু আগ্রহ একেটা মুদ্ৰাৰে দুটা পিঠি'- বুজাই লিখা

উত্তৰঃ 'আগ্রহ আৰু মনোযোগ একেটা মুদ্রাৰে দুটা পিঠি'- আগ্রহ আৰু মনোযোগৰ সম্বন্ধ আচলতে এৰাব নোৱাৰা বিধৰ। কাৰণ এটাৰ লগত আনটো অতি নিবিড়ভাবে জড়িত। এটা বিষয়ত মনোযোগ দিবলৈ হ'লে বিষয়টোৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। আকৌ আগ্রহী বস্তুটোৰ প্ৰতি স্বাভাৱিকতে মনোযোগ দিয়া হয়। সেইবাবেই আগ্রহক মনোযোগৰ প্ৰধান অন্তর্নিহিত কাৰণ বুলি ক'ব পাৰি। মনোযোগৰ নিষ্ক্রিয় মানসিক অৱস্থাই হৈছে আগ্রহ। আনহাতে, আগ্ৰহৰ সক্ৰিয় আৰু কৰ্মত প্রবৃত্ত কৰা অৱস্থাই হৈছে মনোযোগ। সেয়েহে এনে পাৰস্পৰিক সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি মনোবিজ্ঞানী মেগেলে মত প্রকাশ কৰিছিল যে – 'আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অৱস্থা মাথোন।'

যদিওবা আগ্রহ মনোযোগৰ প্ৰধান কাৰণ তথাপি ই একমাত্ৰ কাৰণ নহয়। কিছুমান সময়ত আগ্ৰহ নথকা বস্তুৰ প্ৰতিও মনোযোগী হোৱা দেখা যায়। আৰু এনেকৈ কোনো কোনো সময়ত জোৰকৈ দিয়া মনোযোগেও সেই বিষয়ৰ প্ৰতি অৱশেষত আগ্রহ জন্মাই তোলে। ইয়াৰ ফলত আজিও আগ্ৰহৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, প্রাথমিক স্কুলৰ ছাত্ৰৰ মনত কোনো বিষয়ৰ প্ৰতি অন্তর্নিহিত আগ্রহ নাথাকে। কিন্তু বাধ্যতামূলকভাৱে শিকা বিষয়বোৰৰ প্ৰতি পিছলৈ আগ্রহ জন্মে

মুঠতে, আগ্রহ আৰু মনোযোগ দুয়োটা ওতপ্রোত জড়িত। ইটোৰ লগত সিটোৰ সম্বন্ধ অতি নিবিড়। সেয়ে মনোযোগ আৰু আগ্রহক এটা মুদ্রাৰ দুটা পিঠি বুলি ক'ব পাৰি

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)