GU BA 2nd Sem
Education
Chapter 5 Question Answer
অসাধাৰণ শিশু আৰু ব্য়ক্তি পাৰ্থক্য়
► অতি চমু প্রশ্নোত্তৰঃ
১। ' ব্যতিক্রমী বা অসাধাৰণ শিশু' বুলি কাক কোৱা হয়?
উত্তৰঃ স্বাভাৱিক নাইবা সাধাৰণ শিশুতকৈ মানসিক, শাৰীৰিক আৰু সামাজিক
বৈশিষ্ট্যত বিচ্যুত শিশুকে ব্যতিক্রমী বা অসাধাৰণ শিশু বোলে।
২। শাৰীৰিক বাধাগ্রস্ততা কি?
উত্তৰঃ শাৰীৰিকভাৱে বাধাগ্রস্ত বুলিলে অসমর্থতা বা
অক্ষমতাৰ ফলস্বৰূপে গঢ়ি উঠা ব্যক্তিক বুজায়। ই ব্যক্তিক তেওঁৰ পৰিৱেশৰ লগত সমাযোজন
কৰাত বা কাৰ্য সম্পাদনত প্রভাৱ পেলায়।
উত্তৰঃ বিশেষ প্রয়োজনযুক্ত শিশু বুলিলে সেইবোৰ শিশুক
বুজোৱা হয়, যিবোৰৰ শাৰীৰিক, মানসিক, আৱেগিক, শৈক্ষিক আৰু শিক্ষণ সামৰ্থতাৰ ক্ষেত্ৰত অন্য শিশুতকৈ পৃথক বুলি গণ্য কৰা হয়।
এই শিশুবোৰে বিভিন্ন ক্ষেত্ৰত অভাৱ অনুভৱ কৰে যি তেওঁলোকৰ বিকাশ আৰু বৰ্ধনত
বাধাস্বৰূপ হৈ উঠে।
উত্তৰঃ যি সকল শিশু সাধাৰণ নহয় তেওঁলোককে অসাধাৰণ বুলি
কোৱা হয়। অসাধাৰণ শিশুসকলৰ সাধাৰণ বা স্বাভাৱিক শিশুতকৈ উচ্চবুদ্ধিসম্পন্ন বা
নিম্নবুদ্ধিসম্পন্ন হ'ব পাৰে। সাধাৰণতে ৯০ ৰ পৰা ১১০ বুদ্ধ্যাংকৰ শিশুক স্বাভাৱিক শিশু বুলি কোৱা
হয়। ১১০ পৰা ১৪০ তকৈ ওপৰৰ বুদ্ধ্যাংকৰ শিশুক উচ্চবুদ্ধিসম্পন্ন আৰু ৯০ ৰ তলৰ
বুদ্ধ্যাংকৰ অন্তৰ্ভুক্ত শিশুসকলক নিম্নবুদ্ধিসম্পন্ন বুলি বিবেচনা কৰা হয়। গতিকে
৯০ ৰ পৰা ১১০ বুদ্ধ্যাংকৰ ওপৰৰ আৰু তলৰ বুদ্ধ্যাংকৰ অধিকাৰী শিশুসকলক অসাধাৰণ শিশু
বুলি কোৱা হয়।
উত্তৰঃ মানসিকভাবে বাধাগ্রস্থ আৰু মন্থৰ বুদ্ধিৰ
শিক্ষার্থীসকলক বিশেষ যত্নব প্রয়োজন। এনে শিশুক চুটি আৰু সহজ কার্য-প্রকল্প কৰিবলৈ
দিয়া উচিত। বিশেষ প্রশিক্ষণপ্রাপ্ত শিক্ষক অথবা বৃত্তিজীবী লোকে ধৈর্য সহকাৰে এনে
শিশুৰ যত্ন লোৱা উচিত। শিক্ষকে এনে ল'ৰা-ছোৱালীৰ সৃজনশীলতাৰ প্রশংসা কৰিব লাগে। এনে
প্রশংসাই সিহঁতৰ শিকাৰ প্রতি ধাউতি বৃদ্ধি কৰিব।
'উত্তৰঃ শাৰীৰিক, বৌদ্ধিক আৰু আবেগিক
সক্ষমতাৰ দিশত স্বাভাৱিক শিশুতকৈ অলপ বেলেগ ধৰণে বৃদ্ধি আৰু বিকাশ হোৱা শিশুবোৰকে
ব্যতিক্রমী বা অসাধাৰণ শিশু বোলা হয়। এনে শিশুৰ প্ৰয়োজনীয়তাবোৰো স্বাভাৱিক শিশুতকৈ
পৃথক। কিছুমান ব্যতিক্রমী বা অসাধাৰণ শিশুৰ বুদ্ধ্যাংক অতি উচ্চ হ'ব পাৰে, আন কিছুমানৰ বুদ্ধিৰ
মান একেবাৰে কম হ'ব পাৰে, আন কিছুমান ব্যতিক্রমী বা অসাধাৰণ শিশু আবেগিকভাবে পীড়িত হ'ব পাৰে। সেয়েহে এনে
শিশুৰ বিকাশ সিহঁতৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা শৈক্ষিক পাঠ্যক্ৰমৰ ওপৰত
নিৰ্ভৰশীল। অর্থাৎ, এনে শিশুৰ শাৰীৰিক, আবেগিক আৰু বৌদ্ধিক প্রয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ কিছুমান বিশেষ সা-সুবিধা
আগবঢ়াব লাগে। এনে শিশুৰ বাবে যুগুত কৰা পাঠ্যক্ৰমৰ বিষয়সূচী উপযুক্ত হ'ব লাগে। ব্যতিক্রমী
বা এনে প্ৰকাৰৰ ব্যক্তিসকল শকত-আৱত, সামাজিক আৰু অর্পণ কৰা উচিত। যিকোনো ধৰণৰ
প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে পৰীক্ষাৰ বাবে বাছনি কৰা শিশুৰ প্ৰয়োজনীয়তাবোৰ চিনাক্ত
কৰাটো অতি গুৰুত্বপূর্ণ। এই প্রয়োজনীয়তাবোৰ ভিন ভিন ধৰণৰ হ'ব পাৰে। সেয়েহে ব্যতিক্রমী
বা অসাধাৰণ শিশুৰ বাবে প্ৰস্তুত কৰা বিশেষ শিক্ষাৰ উদ্দেশ্যবোৰ নিৰ্ধাৰণ কৰোঁতে
যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। শিশুৰ অধিকাৰ বিষয়ক ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত
(১৯৫৯) কোৱা হৈছে- "শাৰীৰিক, মানসিক অথবা সামাজিকভাবে বাধাগ্রস্ত শিশুক তাৰ
নাইবা তাইৰ বিশেষ দশা অনুসৰি উপযুক্ত বিশেষ উপাচাৰ, শিক্ষা আৰু যত্ন আগবঢ়াব
লাগিব।” ভাৰতৰ শিশুৰ বাবে থকা ৰাষ্ট্ৰীয় নীতিৰ (১৯৭৪) মতে, "যিবোৰ শিশু
সামাজিকভাৱে বাধাগ্রস্ত, অপৰাধ প্ৰৱণ হৈ পৰিছে নাইবা জোৰকৈ ভিক্ষাবৃত্তিত
নমোৱা হৈছে অথবা কোনো দুর্দশাৰ মাজেৰে জীৱন কটাইছে, সিহঁতক শিক্ষা, প্রশিক্ষণ আৰু
পুনসংস্থাপনৰ সুবিধা দিব লাগিব তথা দেশৰ কমত অহা নাগৰিক হোৱাত সহায় কৰিব
লাগিব।" ৰাষ্ট্ৰীয় নীতিত ইয়াকো কোৱা হৈছে যে, "প্রতিভাসম্পন্ন শিশু,
বিশেষকৈ সমাজৰ
দুৰ্বল শ্ৰেণীত জন্ম লোৱা প্রতিভাসম্পন্ন শিশুবোৰক বিচাৰি উলিয়াবলৈ, উৎসাহিত আৰু সহায়
কৰিবলৈ বিশেষ কাৰ্যসূচী প্রস্তুত কৰা উচিত।”
উত্তৰ : যিবোৰ শিশুৰ বুদ্ধিৰ মান অথবা বুদ্ধ্যাংক অতি
উচ্চ নাইবা যিবোৰ শিশুৱে খেল-ধেমালি, সংগীত, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত বিশেষ দক্ষতাৰ
পৰিচয় দিয়ে তেনে শিশুক প্রতিভাসম্পন্ন শিশু বোলা হয়। প্রতিভাসম্পন্ন শিশুবোৰে নিজে
জড়িত থকা কাম-কাজবোৰত পটুতা দেখুৱায়।
হেভিঘাষ্টৰ মতে, “যিকোনো অর্থবহ কাৰ্যতে একেৰাহে উল্লেখনীয় পাৰদৰ্শিতা প্রদর্শন কৰা শিশুকে প্রতিভাসম্পন্ন শিশু বোলা হয়।"
হলিংৱ'ৰ্থে কে বিস্তৃত সংজ্ঞা দাঙি ধৰি কৈছে যে, "প্রতিভাসম্পন্ন শিশু বুলিলে আমি এনে এটি শিশুৰ কথা কওঁ যি অন্য সাধাৰণ শিশুতকৈ বহু বেছি পৰিমাণে শিক্ষণীয়। এই উচ্চতৰ শিক্ষণীয়তা কলাভিত্তিক বিভিন্ন ক্ষেত্র, যেনে-সংগীত অথবা চিত্রকলা আদিত পৰিস্ফুট হ'ব পাৰে। লগতে ই শিশুটিৰ যান্ত্ৰিক শিক্ষা গ্ৰহণৰ ক্ষমতা নাইবা সাহিত্য আৰু অন্য বিমূর্ত জ্ঞান আহৰণত দেখুওৱা অতুলনীয় ক্ষমতাৰ জৰিয়তেও প্রকট হ'ব পাৰে।” প্রতিভাসম্পন্ন শিশুৰ বাবে শৈক্ষিক কাৰ্যসূচী: প্রতিভাসম্পন্ন শিশুৰ বাবে উপযুক্ত শিক্ষাৰ ভিতৰত আছে-
(ক) উপযুক্ত পাঠ্যক্রমঃ প্রতিভাসম্পন্ন শিশুৰ বাবে যুগুত শিশুৰ পাঠান কার্য-কলাপবোৰে যাতে শিশুৰ সৃজনশীল দক্ষতাবোৰ বিকশিত কৰাত হায় শিশুৰ পাঠ্যক্ৰমতকৈ বেলেগ হোৱা উচিত। এনে পাঠ্যক্রমত অধিক কৰে, শিশুক অনুসন্ধান আৰু অন্বেষণ কৰিবলৈ উদ্বুদ্ধ কৰে, সমালোচনাত্মক চিন্তা আৰু যুক্তিসংগত বিশ্লেষণত গুৰুত্ব দিবলৈ শিকায় তাল লক্ষ্য ৰাখিব লাগে।
(খ) এবাৰতে দুটা শ্ৰেণীৰ উত্তীৰ্ণ কৰাই দিয়াৰ সুবিধাঃ প্রতিভাসম্পন্ন শিশুৰ বাবে এবাৰতে দুটা শ্ৰেণী উত্তীৰ্ণ কৰাই দিয়া নাইবা সময়তকৈ আগতে উত্তীৰ্ণ কৰাই দিয়াৰ সুবিধা থাকিব লাগে। ইয়াৰ ফলত শিশুটিক এনে শ্রেণীত বহাৰ সুযোগ দিব পৰা যাব যিটো শ্রেণীত সি নাইবা তাই সবাতোকৈ উত্তমভাবে নিজৰ সম্ভাৱনীয়তাবোৰ প্ৰকাশ কৰিব পাৰিব। অৱশ্যে এনেদৰে বিশেষভাৱে উত্তীৰ্ণ কৰাই দিয়া ল'ৰা ছোৱালীবোৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। এনে ল'ৰা-ছোৱালীৰ পৰিপক্কতা আৰু স্বাস্থ্যৰ বিষয়ে খুব ভালদৰে বিবেচনা কৰিব চাব লাগে।
(গ) সমৃদ্ধকাৰী সুযোগঃ পাঠ্যক্ৰমভিত্তিক আৰু সহঃ পাঠ্যক্ৰমভিত্তিক দুয়োধৰণৰ শৈক্ষিক কার্যসূচীয়েই মানসিক উদ্দীপনা যোগোৱাবিধৰ হ'ব লাগে। এনে পাঠ্যক্রমে শিক্ষাৰ্থীৰ সৃজনশীল অভিব্যক্তিক অধিক জোৰ দিয়া উচিত। পাঠ্যক্রমে শিক্ষা গ্রহণৰ পৰিৱেশবোৰ সম্পৰ্কে উপযুক্ত অন্তদৃষ্টি প্রতিফলিত কৰিব লাগে। প্রতিভাসম্পন্ন শিশুক নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিব পৰা ব্যক্তিগত কার্য প্রকল্প দিব লাগে। ইয়াৰ ফলত শিক্ষকে নিজৰ শিক্ষণ অগ্রগতি মূল্যায়ন কৰিব পাৰিব। প্রতিভাসম্পন্ন শিশু এটিৰ সামৰ্থ্য সর্বাধিক সম্ভাব্য সীমালৈ বিকশাই তুলিবলৈ পাঠ্যক্রম নমনীয় হোৱাটো বাঞ্ছনীয়।
উত্তৰঃ বিশেষ প্রয়োজনযুক্ত শিশু বুলিলে সেইবোৰ শিশুক
বুজোৱা হয় যিবোৰৰ শাৰীৰিক, মানসিক, আৱেগিক, শৈক্ষিক আৰু শিক্ষণ সামৰ্থতাৰ ক্ষেত্ৰত অন্য
শিশুতকৈ পৃথক বুলি গণ্য কৰা হয়। এই বিচ্যুতি যোগাত্মক নাইবা ঋণাত্মক হ'ব পাৰে অৰ্থাৎ সবল
আৰু দুৰ্বল হ'ব পাৰে। দুৰ্বল বৈশিষ্ট্যৰ সমাহাৰে অধিকসংখ্যক অক্ষম বা প্রত্যাহ্বানমূলক শিশু
গঢ়ি তোলে যিবোৰ বিভিন্ন ক্ষেত্ৰত পিছ পৰি ৰয়। এই শিশুবোৰে বিভিন্ন ক্ষেত্রত অভাৱ
অনুভৱ কৰে যি তেওঁলোকৰ বিকাশ আৰু বৰ্ধনত বাধাস্বৰূপ হৈ উঠে।
বিশ্ব স্বাস্থ্য সংস্থাই (WHO) তেওঁলোকৰ এক প্রকাশিত বিজ্ঞপ্তিত দুর্বল, অক্ষম আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত (১৯৮০) ৰ আন্তর্জাতিক শ্ৰেণীকৰণত "The International Classification of Impairments, Disabilities and Handicap" উল্লেখ কৰিছে। WHO ৰ মতে দুৰ্বলতা হৈছে মৌলিক গঠনাত্মক, মানসিক বা শাৰীৰিক বিসংগতি। অক্ষমতা বা অসমর্থতা হৈছে এক মৌলিক অভাব, যাক ব্যক্তিয়ে দুৰ্বল হোৱাৰ ফলস্বৰূপে অনুভৱ কৰে। শাৰীৰিকভাৱে বাধাগ্রস্ততা বুলিলে এজন ব্যক্তিৰ সেই দুৰ্বলতা বা অক্ষমতাকে বুজায় যিবোৰৰ কাৰণে বিভিন্ন সামাজিক কামত অংশগ্রহণ কৰোতে তেওঁ অসুবিধা অনুভৱ কৰে।
দুৰ্বল, অক্ষমতা আৰু শাৰীৰিক বাধাগ্রস্ততাৰ মাজত এক ক্ৰিয়াত্মক সম্পর্ক আছে য'ত কোনো অক্ষমতাৰ ফলত দুৰ্বল অঞ্চলৰ সৃষ্টি হয় আৰু ব্যক্তিয়ে যেতিয়া জন্মগতভাৱে কোনো শাৰীৰিক প্ৰতিবন্ধকতা নিজৰ সৈতে লৈ আহে, সি অক্ষমতাৰ সৃষ্টি কৰে। বিশেষ প্রয়োজনৰ শিশুসকল আন সাধাৰণ শিশুসকলৰ তুলনাত কিছুমান ক্ষেত্রত ভিন্ন যদিও বহুক্ষেত্রত একে। প্রত্যেক শিশুৱে ব্যক্তিৰ পৰা মনোযোগ, প্রতিপালন আৰু আদৰ-যত্ন বিচৰে।
উত্তৰঃ বহু শিশুৱে নিজৰ শাৰীৰিক বা দৈহিক, আৱেগিক কাৰণত শিক্ষা
আহৰণ অসাধাৰণ শিশুৰ শিক্ষা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এনে শিশুক সাধাৰণ
শিক্ষা আহৰণৰ বাবে অযোগ্য বুলি কক্সব পাৰি। এনে শিশুৰ প্ৰকাৰবোৰ হৈছে-
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)