GU BA 2nd Sem

Education

Chapter 5 Question Answer

অসাধাৰণ শিশু আৰু ব্য়ক্তি পাৰ্থক্য় 

অতি চমু প্রশ্নোত্তৰঃ

১। ' ব্যতিক্রমী বা অসাধাৰণ শিশু' বুলি কাক কোৱা হয়?

উত্তৰঃ স্বাভাৱিক নাইবা সাধাৰণ শিশুতকৈ মানসিক, শাৰীৰিক আৰু সামাজিক বৈশিষ্ট্যত বিচ্যুত শিশুকে ব্যতিক্রমী বা অসাধাৰণ শিশু বোলে

২। শাৰীৰিক বাধাগ্রস্ততা কি?

উত্তৰঃ শাৰীৰিকভাৱে বাধাগ্রস্ত বুলিলে অসমর্থতা বা অক্ষমতাৰ ফলস্বৰূপে গঢ়ি উঠা ব্যক্তিক বুজায়। ই ব্যক্তিক তেওঁৰ পৰিৱেশৰ লগত সমাযোজন কৰাত বা কাৰ্য সম্পাদনত প্রভাৱ পেলায়

চমু প্রশ্নোত্তৰ :

১। বিশেষ প্রয়োজনযুক্ত শিশু কোনবোৰ?

উত্তৰঃ বিশেষ প্রয়োজনযুক্ত শিশু বুলিলে সেইবোৰ শিশুক বুজোৱা হয়, যিবোৰৰ শাৰীৰিক, মানসিক, আৱেগিক, শৈক্ষিক আৰু শিক্ষণ সামৰ্থতাৰ ক্ষেত্ৰত অন্য শিশুতকৈ পৃথক বুলি গণ্য কৰা হয়। এই শিশুবোৰে বিভিন্ন ক্ষেত্ৰত অভাৱ অনুভৱ কৰে যি তেওঁলোকৰ বিকাশ আৰু বৰ্ধনত বাধাস্বৰূপ হৈ উঠে

২। 'অসাধাৰণ শিশু' বুলি কোনবোৰ শিশুক কোৱা হয়?

উত্তৰঃ যি সকল শিশু সাধাৰণ নহয় তেওঁলোককে অসাধাৰণ বুলি কোৱা হয়। অসাধাৰণ শিশুসকলৰ সাধাৰণ বা স্বাভাৱিক শিশুতকৈ উচ্চবুদ্ধিসম্পন্ন বা নিম্নবুদ্ধিসম্পন্ন হ'ব পাৰে। সাধাৰণতে ৯০ ৰ পৰা ১১০ বুদ্ধ্যাংকৰ শিশুক স্বাভাৱিক শিশু বুলি কোৱা হয়। ১১০ পৰা ১৪০ তকৈ ওপৰৰ বুদ্ধ্যাংকৰ শিশুক উচ্চবুদ্ধিসম্পন্ন আৰু ৯০ ৰ তলৰ বুদ্ধ্যাংকৰ অন্তৰ্ভুক্ত শিশুসকলক নিম্নবুদ্ধিসম্পন্ন বুলি বিবেচনা কৰা হয়। গতিকে ৯০ ৰ পৰা ১১০ বুদ্ধ্যাংকৰ ওপৰৰ আৰু তলৰ বুদ্ধ্যাংকৰ অধিকাৰী শিশুসকলক অসাধাৰণ শিশু বুলি কোৱা হয়

অসাধাৰণ শব্দটোৱে বেলেগ বেলেগ অর্থ প্রকাশ কৰে। সেয়ে অসাধাৰণ শিশুক চিনাক্ত কৰাটো বৰ জটিল। বহু মনোবিদে অসাধাৰণ শিশুক অসাধাৰণ, অপৰিসীম যোগ্যতাৰ অধিকাৰী বুলি কয় আৰু বহু মনোবিদে আকৌ যিবিলাক শিশু মূর্খ, অনগ্ৰসৰ আৰু শৈক্ষিক দিশত পিছপৰা সেইবোৰ শিশুৱে অসাধাৰণ

চমু প্রশ্নোত্তৰঃ

১। মন্থৰ বুদ্ধিৰ শিক্ষার্থীক কেনেকৈ শিক্ষা প্রদান কৰিব পাৰি ব্যাখ্যা কৰা

উত্তৰঃ মানসিকভাবে বাধাগ্রস্থ আৰু মন্থৰ বুদ্ধিৰ শিক্ষার্থীসকলক বিশেষ যত্নব প্রয়োজন। এনে শিশুক চুটি আৰু সহজ কার্য-প্রকল্প কৰিবলৈ দিয়া উচিত। বিশেষ প্রশিক্ষণপ্রাপ্ত শিক্ষক অথবা বৃত্তিজীবী লোকে ধৈর্য সহকাৰে এনে শিশুৰ যত্ন লোৱা উচিত। শিক্ষকে এনে ল'ৰা-ছোৱালীৰ সৃজনশীলতাৰ প্রশংসা কৰিব লাগে। এনে প্রশংসাই সিহঁতৰ শিকাৰ প্রতি ধাউতি বৃদ্ধি কৰিব

২। ব্যতিক্রমী বা অসাধাৰণ শিশুৰ প্ৰয়োজনীয়তাবোৰ কেনেধৰণৰ?

'উত্তৰঃ শাৰীৰিক, বৌদ্ধিক আৰু আবেগিক সক্ষমতাৰ দিশত স্বাভাৱিক শিশুতকৈ অলপ বেলেগ ধৰণে বৃদ্ধি আৰু বিকাশ হোৱা শিশুবোৰকে ব্যতিক্রমী বা অসাধাৰণ শিশু বোলা হয়। এনে শিশুৰ প্ৰয়োজনীয়তাবোৰো স্বাভাৱিক শিশুতকৈ পৃথক। কিছুমান ব্যতিক্রমী বা অসাধাৰণ শিশুৰ বুদ্ধ্যাংক অতি উচ্চ হ'ব পাৰে, আন কিছুমানৰ বুদ্ধিৰ মান একেবাৰে কম হ'ব পাৰে, আন কিছুমান ব্যতিক্রমী বা অসাধাৰণ শিশু আবেগিকভাবে পীড়িত হ'ব পাৰে। সেয়েহে এনে শিশুৰ বিকাশ সিহঁতৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা শৈক্ষিক পাঠ্যক্ৰমৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ, এনে শিশুৰ শাৰীৰিক, আবেগিক আৰু বৌদ্ধিক প্রয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ কিছুমান বিশেষ সা-সুবিধা আগবঢ়াব লাগে। এনে শিশুৰ বাবে যুগুত কৰা পাঠ্যক্ৰমৰ বিষয়সূচী উপযুক্ত হ'ব লাগে। ব্যতিক্রমী বা এনে প্ৰকাৰৰ ব্যক্তিসকল শকত-আৱত, সামাজিক আৰু অর্পণ কৰা উচিত। যিকোনো ধৰণৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে পৰীক্ষাৰ বাবে বাছনি কৰা শিশুৰ প্ৰয়োজনীয়তাবোৰ চিনাক্ত কৰাটো অতি গুৰুত্বপূর্ণ। এই প্রয়োজনীয়তাবোৰ ভিন ভিন ধৰণৰ হ'ব পাৰে। সেয়েহে ব্যতিক্রমী বা অসাধাৰণ শিশুৰ বাবে প্ৰস্তুত কৰা বিশেষ শিক্ষাৰ উদ্দেশ্যবোৰ নিৰ্ধাৰণ কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। শিশুৰ অধিকাৰ বিষয়ক ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত (১৯৫৯) কোৱা হৈছে- "শাৰীৰিক, মানসিক অথবা সামাজিকভাবে বাধাগ্রস্ত শিশুক তাৰ নাইবা তাইৰ বিশেষ দশা অনুসৰি উপযুক্ত বিশেষ উপাচাৰ, শিক্ষা আৰু যত্ন আগবঢ়াব লাগিব।” ভাৰতৰ শিশুৰ বাবে থকা ৰাষ্ট্ৰীয় নীতিৰ (১৯৭৪) মতে, "যিবোৰ শিশু সামাজিকভাৱে বাধাগ্রস্ত, অপৰাধ প্ৰৱণ হৈ পৰিছে নাইবা জোৰকৈ ভিক্ষাবৃত্তিত নমোৱা হৈছে অথবা কোনো দুর্দশাৰ মাজেৰে জীৱন কটাইছে, সিহঁতক শিক্ষা, প্রশিক্ষণ আৰু পুনসংস্থাপনৰ সুবিধা দিব লাগিব তথা দেশৰ কমত অহা নাগৰিক হোৱাত সহায় কৰিব লাগিব।" ৰাষ্ট্ৰীয় নীতিত ইয়াকো কোৱা হৈছে যে, "প্রতিভাসম্পন্ন শিশু, বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীত জন্ম লোৱা প্রতিভাসম্পন্ন শিশুবোৰক বিচাৰি উলিয়াবলৈ, উৎসাহিত আৰু সহায় কৰিবলৈ বিশেষ কাৰ্যসূচী প্রস্তুত কৰা উচিত।”

ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। প্রতিভাসম্পন্ন শিশু এটি কেনেদৰে চিনাক্ত কৰিব পাৰি? প্রতিভাসম্পন্ন শিশুৰ বাবে আদর্শ শৈক্ষিক কার্যসূচী এখন কেনেকৈ প্ৰস্তুত কৰিব পৰা যায়?

উত্তৰ : যিবোৰ শিশুৰ বুদ্ধিৰ মান অথবা বুদ্ধ্যাংক অতি উচ্চ নাইবা যিবোৰ শিশুৱে খেল-ধেমালি, সংগীত, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত বিশেষ দক্ষতাৰ পৰিচয় দিয়ে তেনে শিশুক প্রতিভাসম্পন্ন শিশু বোলা হয়। প্রতিভাসম্পন্ন শিশুবোৰে নিজে জড়িত থকা কাম-কাজবোৰত পটুতা দেখুৱায়

হেভিঘাষ্টৰ মতে, “যিকোনো অর্থবহ কাৰ্যতে একেৰাহে উল্লেখনীয় পাৰদৰ্শিতা প্রদর্শন কৰা শিশুকে প্রতিভাসম্পন্ন শিশু বোলা হয়।"

হলিংৱ'ৰ্থে কে বিস্তৃত সংজ্ঞা দাঙি ধৰি কৈছে যে, "প্রতিভাসম্পন্ন শিশু বুলিলে আমি এনে এটি শিশুৰ কথা কওঁ যি অন্য সাধাৰণ শিশুতকৈ বহু বেছি পৰিমাণে শিক্ষণীয়। এই উচ্চতৰ শিক্ষণীয়তা কলাভিত্তিক বিভিন্ন ক্ষেত্র, যেনে-সংগীত অথবা চিত্রকলা আদিত পৰিস্ফুট হ'ব পাৰে। লগতে ই শিশুটিৰ যান্ত্ৰিক শিক্ষা গ্ৰহণৰ ক্ষমতা নাইবা সাহিত্য আৰু অন্য বিমূর্ত জ্ঞান আহৰণত দেখুওৱা অতুলনীয় ক্ষমতাৰ জৰিয়তেও প্রকট হ'ব পাৰে।” প্রতিভাসম্পন্ন শিশুৰ বাবে শৈক্ষিক কাৰ্যসূচী: প্রতিভাসম্পন্ন শিশুৰ বাবে উপযুক্ত শিক্ষাৰ ভিতৰত আছে-

(ক) উপযুক্ত পাঠ্যক্রমঃ প্রতিভাসম্পন্ন শিশুৰ বাবে যুগুত শিশুৰ পাঠান কার্য-কলাপবোৰে যাতে শিশুৰ সৃজনশীল দক্ষতাবোৰ বিকশিত কৰাত হায় শিশুৰ পাঠ্যক্ৰমতকৈ বেলেগ হোৱা উচিত। এনে পাঠ্যক্রমত অধিক কৰে, শিশুক অনুসন্ধান আৰু অন্বেষণ কৰিবলৈ উদ্বুদ্ধ কৰে, সমালোচনাত্মক চিন্তা আৰু যুক্তিসংগত বিশ্লেষণত গুৰুত্ব দিবলৈ শিকায় তাল লক্ষ্য ৰাখিব লাগে

(খ) এবাৰতে দুটা শ্ৰেণীৰ উত্তীৰ্ণ কৰাই দিয়াৰ সুবিধাঃ প্রতিভাসম্পন্ন শিশুৰ বাবে এবাৰতে দুটা শ্ৰেণী উত্তীৰ্ণ কৰাই দিয়া নাইবা সময়তকৈ আগতে উত্তীৰ্ণ কৰাই দিয়াৰ সুবিধা থাকিব লাগে। ইয়াৰ ফলত শিশুটিক এনে শ্রেণীত বহাৰ সুযোগ দিব পৰা যাব যিটো শ্রেণীত সি নাইবা তাই সবাতোকৈ উত্তমভাবে নিজৰ সম্ভাৱনীয়তাবোৰ প্ৰকাশ কৰিব পাৰিব। অৱশ্যে এনেদৰে বিশেষভাৱে উত্তীৰ্ণ কৰাই দিয়া ল'ৰা ছোৱালীবোৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। এনে ল'ৰা-ছোৱালীৰ পৰিপক্কতা আৰু স্বাস্থ্যৰ বিষয়ে খুব ভালদৰে বিবেচনা কৰিব চাব লাগে

(গ) সমৃদ্ধকাৰী সুযোগঃ পাঠ্যক্ৰমভিত্তিক আৰু সহঃ পাঠ্যক্ৰমভিত্তিক দুয়োধৰণৰ শৈক্ষিক কার্যসূচীয়েই মানসিক উদ্দীপনা যোগোৱাবিধৰ হ'ব লাগে। এনে পাঠ্যক্রমে শিক্ষাৰ্থীৰ সৃজনশীল অভিব্যক্তিক অধিক জোৰ দিয়া উচিত। পাঠ্যক্রমে শিক্ষা গ্রহণৰ পৰিৱেশবোৰ সম্পৰ্কে উপযুক্ত অন্তদৃষ্টি প্রতিফলিত কৰিব লাগে। প্রতিভাসম্পন্ন শিশুক নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিব পৰা ব্যক্তিগত কার্য প্রকল্প দিব লাগে। ইয়াৰ ফলত শিক্ষকে নিজৰ শিক্ষণ অগ্রগতি মূল্যায়ন কৰিব পাৰিব। প্রতিভাসম্পন্ন শিশু এটিৰ সামৰ্থ্য সর্বাধিক সম্ভাব্য সীমালৈ বিকশাই তুলিবলৈ পাঠ্যক্রম নমনীয় হোৱাটো বাঞ্ছনীয়

২। বিশেষ প্রয়োজনযুক্ত শিশুৰ ধাৰণাটো ব্যাখ্যা কৰা

উত্তৰঃ বিশেষ প্রয়োজনযুক্ত শিশু বুলিলে সেইবোৰ শিশুক বুজোৱা হয় যিবোৰৰ শাৰীৰিক, মানসিক, আৱেগিক, শৈক্ষিক আৰু শিক্ষণ সামৰ্থতাৰ ক্ষেত্ৰত অন্য শিশুতকৈ পৃথক বুলি গণ্য কৰা হয়। এই বিচ্যুতি যোগাত্মক নাইবা ঋণাত্মক হ'ব পাৰে অৰ্থাৎ সবল আৰু দুৰ্বল হ'ব পাৰে। দুৰ্বল বৈশিষ্ট্যৰ সমাহাৰে অধিকসংখ্যক অক্ষম বা প্রত্যাহ্বানমূলক শিশু গঢ়ি তোলে যিবোৰ বিভিন্ন ক্ষেত্ৰত পিছ পৰি ৰয়। এই শিশুবোৰে বিভিন্ন ক্ষেত্রত অভাৱ অনুভৱ কৰে যি তেওঁলোকৰ বিকাশ আৰু বৰ্ধনত বাধাস্বৰূপ হৈ উঠে

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) তেওঁলোকৰ এক প্রকাশিত বিজ্ঞপ্তিত দুর্বল, অক্ষম আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত (১৯৮০) ৰ আন্তর্জাতিক শ্ৰেণীকৰণত "The International Classification of Impairments, Disabilities and Handicap" উল্লেখ কৰিছে। WHO ৰ মতে দুৰ্বলতা হৈছে মৌলিক গঠনাত্মক, মানসিক বা শাৰীৰিক বিসংগতি। অক্ষমতা বা অসমর্থতা হৈছে এক মৌলিক অভাব, যাক ব্যক্তিয়ে দুৰ্বল হোৱাৰ ফলস্বৰূপে অনুভৱ কৰে। শাৰীৰিকভাৱে বাধাগ্রস্ততা বুলিলে এজন ব্যক্তিৰ সেই দুৰ্বলতা বা অক্ষমতাকে বুজায় যিবোৰৰ কাৰণে বিভিন্ন সামাজিক কামত অংশগ্রহণ কৰোতে তেওঁ অসুবিধা অনুভৱ কৰে

দুৰ্বল, অক্ষমতা আৰু শাৰীৰিক বাধাগ্রস্ততাৰ মাজত এক ক্ৰিয়াত্মক সম্পর্ক আছে য'ত কোনো অক্ষমতাৰ ফলত দুৰ্বল অঞ্চলৰ সৃষ্টি হয় আৰু ব্যক্তিয়ে যেতিয়া জন্মগতভাৱে কোনো শাৰীৰিক প্ৰতিবন্ধকতা নিজৰ সৈতে লৈ আহে, সি অক্ষমতাৰ সৃষ্টি কৰে। বিশেষ প্রয়োজনৰ শিশুসকল আন সাধাৰণ শিশুসকলৰ তুলনাত কিছুমান ক্ষেত্রত ভিন্ন যদিও বহুক্ষেত্রত একে। প্রত্যেক শিশুৱে ব্যক্তিৰ পৰা মনোযোগ, প্রতিপালন আৰু আদৰ-যত্ন বিচৰে

৩। সাধাৰণ শিক্ষা গ্ৰহণৰ অযোগ্যতা সম্বন্ধে আলোচনা কৰা

উত্তৰঃ বহু শিশুৱে নিজৰ শাৰীৰিক বা দৈহিক, আৱেগিক কাৰণত শিক্ষা আহৰণ অসাধাৰণ শিশুৰ শিক্ষা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এনে শিশুক সাধাৰণ শিক্ষা আহৰণৰ বাবে অযোগ্য বুলি কক্সব পাৰি। এনে শিশুৰ প্ৰকাৰবোৰ হৈছে-

(ক) আৱেগিকভাৱে সমস্যা জড়িত (Emotionally Disturbed): যিবিলাক শিশুৱে বিভিন্ন আবেগজনিত কাৰণত শিক্ষা আহৰণত কৃতকার্য হ'ব নোৱাৰে তেনে শিশুকে এই শ্ৰেণীত ধৰা হয়। এনে শিশুৰ খং ৰাগ বেছি হয়। এনে শিশুৱে আৱেগক সংযম বা নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবেই বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বহু সময়ত এনে শিশুৱে অসামাজিক কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। অপৰাধপ্ৰৱণ শিশুক এনে শিশুৰ অন্তর্ভুক্ত কৰিব পাৰি। আৱেগিক সমস্যা জড়িত শিশুৱে বিভিন্ন কাৰণত আৱেগিক হৈ উঠিব পাৰে, যাৰ ফলত এওঁলোকৰ শিক্ষাৰ অগ্রগতি বাধাপ্রাপ্ত হয়

(খ) কথন আৰু ভাষিক বাধাগ্রস্ত (Speech and Language Disturbed): যি সকল শিশুৱে ভাষাজ্ঞান অর্জন কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম নহয় আৰু সহজে আন লোকৰ লগত নিজৰ মনৰ ভাব আদান-প্রদান কৰিব নোৱাৰে আৰু যিবোৰ শিশুৰ ভাষাৰ উচ্চাৰণ অস্বাভাৱিক, দোষযুক্ত আৰু আনে বুজিব নোৱৰা বিধৰ হয় তেনে দোষ থকা শিশুকে কথন আৰু ভাষিক বাধাগ্রস্ত শিশু বোলা হয়। এনে শিশুবে নিজৰ কোনো ধৰণৰ সুখজনক বা দোষজনক অভিজ্ঞতাক আনৰ আগত স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰে। এনে শিশুৰ মুখগহ্বৰ, দাঁত, জিভা, কণ্ঠনলী আদি অস্বাভাৱিক আৰু দোষযুক্তভাবে গঠিত। এনে শিশু বিভিন্ন প্রকাৰৰ হ'ব পাৰে; যেনে-শ্চৰগ্ন বাকঞ্জ অস্পষ্টতা, অর্থাৎ শব্দৰ দ্রুত উচ্চাৰণৰ ফলত হোৱা অৰ্থৰ অস্পষ্টতা, শ্চয় বাকসঞ্জখলন, অর্থাৎ কিছুমান বিশেষ শব্দ মুখত লাগি লাগি ধৰা, যাক সাধাৰণতে খোনা বুলি কোৱা হয়, শুগ্ধ বাক অক্ষমতা, অর্থাৎ শব্দ উচ্চাৰণত একেবাৰে ব্যৰ্থ হৈ নিজে বিৰক্তি অনুভৱ কৰা

এনে শিশুৰ পঠন অক্ষমতা প্রাথমিক স্তৰৰ পৰাই পৰিলক্ষিত হয়। শব্দ উচ্চাৰণত সমস্যা থকাৰ বাবে এনে শিশুৱে ভয়ে ভয়ে পড়ে; ফলত এওঁলোকে পঢ়া বাক্যৰ অৰ্থ স্পষ্ট হৈ নুঠা, দাৰি-কমা আদি লক্ষ্য কৰিব নোৱৰা, পঢ়োতে শব্দ লাগি লাগি ধৰা, কিতাপত নথকা কিছুমান শব্দ উচ্চাৰণ কৰা, শব্দ ভুলকৈ পঢ়া, কোনো যুক্তাক্ষৰ থকা শব্দ নপঢ়াকৈ এৰি যোৱা আদি অৱস্থা সাধাৰণতে পৰিলক্ষিত হয়। কথন আৰু পঠন ক্ৰিয়াৰ পৰবৰ্তী অৱস্থাত লিখন কার্য সম্পন্ন হয়; কিন্তু পঠন স্পষ্টভা নথকাৰ বাবে এনে শিশুৱে শুদ্ধকৈ লিখিব নোৱাৰে, ফলত এওঁলোকৰ ভাষাৰ বিকাশ সাধন নহয়

(গ) দৃষ্টি সম্বন্ধীয় বাধাগ্রস্ত (Visually Impaired): যি সকল শিশুবে দৃষ্টিহীনতাত ভোগে, অর্থাৎ সম্পূর্ণ নেদেখে বা ভালদৰে নেদেখে তেনে শিশু দৃষ্টি শক্তিৰ বাধাগ্রস্ত শিশু বুলি কোৱা হয়। দৃষ্টিহীনতাত ভোগা শিশুক দুটা ভাগত ভাগ কৰা হয়; যেনে- (১) সম্পূর্ণরূপে অন্ধ (The Blind), (২) আংশিকভাবে অন্ধ (The Partially Sighted)যি সকল শিশুৱে চকুৰে একেবাৰে নেদেখে তেনে শিশুক সম্পূর্ণভারে অন্ধ আৰু যি সকল শিশুরে কম দেখে তেনে শিশুক আংশিকভাবে অন্ধ বুলি কোৱা হয়

(ঘ) শ্ৰৱণ সম্বন্ধীয় বাধাগ্রস্ত (Hearing Impaired): যি বিলাক শিশুবে কাণেৰে শুনাৰ সমস্যাত ভোগে তেনে শিশুক শ্রৱণ সম্বন্ধীয় বাধাগ্রস্ত শিশু বোলা হয়। নুশুনাৰ বাবেই এওঁলোকৰ জ্ঞান আহৰণ কৰাত অক্ষম শিক্ষাৰ বিকাশ আৰু মানসিক বিকাশত বাধাপ্রাপ্ত হয়। কাণেৰে নুশুনাৰ বাবেই এওঁলোকে নিজৰ ভাব-অনুভূতি আনৰ লগত আদান-প্রদান কৰাত অসুবিধাৰ সন্মুখীন হয়। শ্ৰৱণ অক্ষমতা শিশুৰ জন্মগত আৰু পৰিৱেশীয় দুয়োটা কাৰণতে হ'ব পাৰে

এই অক্ষমতা শিশুৰ ক্ষেত্ৰত সম্পূর্ণভাবে নুশুনা বা আংশিকভাবে নুশুনা হ'ব পাৰে। জীৱনৰ দোষযুক্ত গঠনৰ বাবে জন্মগতভাৱে এনে অক্ষমতা হ'ব পাৰে আৰু পৰিৱেশৰ কাৰণবোৰৰ ভিতৰত বিভিন্ন বেমাৰ, যেনে- নিমোনিয়া, টাইফইড আদি আৰু শাৰীৰিক দুর্ঘটনা উল্লেখযোগ্য

(ঙ) দৈহিকভাবে পংগু (Orthopaedically Handicapped): যিবোৰ শিশু তথা ব্যক্তি দৈহিকভাৱে অক্ষম, অর্থাৎ কাৰোবাৰ এখন বা দুয়োখন হাতেই নাই, কাৰোবাৰ এটা বা দুয়োটা ভৰিয়েই বেয়া, আকৌ শৰীৰৰ অন্যান্য কোনো অংগ স্নায়ৱিকভাৱে নিষ্ক্রিয়, কাৰোবাৰ কোনো দুর্ঘটনাত পৰি নাক, কাণ, আঙুলি আদি কাটি যোৱা ইত্যাদি তেনে শিশু বা ব্যক্তিকে দৈহিকভাৱে পংগু বুলি কোৱা হয়। এনে দৈহিক বাধাগ্রস্ত বা দৈহিক অক্ষমতা বিভিন্ন কাৰণত হ'ব পাৰে; যেনে- জন্মগতভাবে বা সহজাতভাৱে দেহৰ কোনো অংগৰ জড়তা থকাৰ বাবে জীৱনৰ নিম্নমান বিশিষ্টতা, মাতৃৰ অপুষ্টি সাধন, সংক্ৰামক ৰোগ, অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ অনিয়মিত ক্ষৰণ আদি কাৰণবোৰ উল্লেখযোগ্য। ঠিক সেইদৰে পলিঅক্স ৰোগৰ প্ৰভাৱ, দৈহিক দুর্ঘটনাত পতিত হৈ অংগচ্যুত হোৱা, অপুষ্টি সাধনৰ বাবে কোনো অংগ স্নায়ৱিকভাৱে দুৰ্বল তথা নিষ্ক্রিয় হৈ পৰা, মাৰাত্মক ৰোগত আক্ৰান্ত হৈ অংগচ্যুত হোৱা আদিক পৰিৱেশীয় কাৰণৰ অন্তৰ্ভুক্ত কৰিব পাৰি



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)