বৰগীত

 90% Common Question


 HSLC 2016

* তোমাৰ পাঠপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সন্বোধন কৰিছে?

* তোমাৰ পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ?

 HSLC 2017 

* মাধৱদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি?

 HSLC 2018 

* সনক সনন্দ যোগী যাহাকু ধিয়ায়।-- সনক, সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে?

 HSLC 2020 

* তোমাৰ

 HSLC 2023 



 Important Questions 

1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

১। বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে?

৩। মাধৱদেৱৰ জন্মস্থান কি?

৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?

৫। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ"- 'ছোড়' শব্দৰ অর্থ লিখা।

৬। মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল?

৭। মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি?

৮। মহাপুৰুষ মাধৱদেৱে শিক্ষা জীৱন ক'ত আৰম্ভ কৰে?

৯। মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল?

১০। মাধৱদেৱে ক'ত সত্ৰ স্থাপন কৰে?

১১। 'নামঘোষা'ক আৰু কি নামেৰে জনা যায়?

১২। 'অর্জুন-ভঞ্জন' নাটকখন কোনে ৰচনা কৰিছিল?

১৩। মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে?

১৪। কবি কিহত আতুৰ হোৱা বুলি কৈছে?

১৫। শব্দার্থ লিখাঃ

যাহাকু, ধিয়ায়, নিগমে, বয়নে, বিষয় বিকলে, শৰণ, কমলে, ছোড়, মোহ-পাশ।

2 Marks Questions (২ নম্বৰীয়া প্ৰশ্ন)

১। মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

২। মাধৱদেৱে ক'ত ক'ত ধৰ্মপ্ৰচাৰ কৰিছিল?

৩। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

৪। মাধৱদেৱে ৰচনা কৰা তত্ত্বগধূৰ ৰচনা সমূহ কি কি?

৫। বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

৬। "আতুৰ ভৈলোহো হৰি বিষয় বিকলে।”- ইয়াত বিষয় বিকল মানে কি বুজাইছে?

৭। “তোমাৰ চৰণ দুই মোৰ মহা ধন।"- ইয়াত উল্লেখ কৰা 'মহাধন' মানে কি?

৮। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।”- ইয়াত কি মোহপাশৰ কথা কোৱা হৈছে?

৯। “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ। 

কহয় মাধৱ হৰি দাসকু দাস।।”- পদফাঁকিৰ জৰিয়তে  বক্তাৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?

১০। শংকৰদেৱ আৰু মাধৱদেৱে কিমানটাকৈ বৰগীত ৰচনা কৰিছিল?


4 Marks Questions (৪  নম্বৰীয়া প্ৰশ্ন)


১। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

২। বৰগীতটিৰ সাৰাংশ লিখা।

৩। বৰগীতৰ সংজ্ঞা দাঙি ধৰি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

৪। "সনক সনন্দ যোগী যাহাকু ধিয়ায়। 

সকল নিগমে যাক বিচাৰি নপায়।।” -তাৎপৰ্য বিচাৰ কৰা।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) সনক সনন্দ যোগী, যাহাকু ধিয়ায়। 

সকল নিগমে যাক বিচাৰি নপায়।।

(খ) সহস্র বয়নে যাৰ নপাৱন্ত সীমা। 

অধমে জানিবো কেনে তোমাৰ মহিমা।।

(গ) কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ। 

কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।

(ঘ) কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ। 

কহয় মাধৱ হৰি দাসকু দাস।।


D. পাঠভিত্তিক ব্যাকৰণ                                                                                     মূল্যাংক: ১/২


১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ 

নপাৱন্ত, কেনে, ভৈলোহা, তুমিসে, জনেৰ, কহয়।

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।