মই অসমীয়া

 90% Common Question

 HSLC 2020 

* অসমৰ হেংদাং কত জিলিকিছিল?

 HSLC 2022

* চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনিৰ নাম লিখা?

 Important Questions 

1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)    

১। 'মই অসমীয়া' কবিতাটোৰ কবিগৰাকী কোন?

২। অসমীয়া সাহিত্যত 'গল্প সম্রাট' বুলি কাক কোৱা হয়? 

৩। চৈয়দ আব্দুল মালিকৰ জন্ম ক'ত হৈছিল?

৪। চৈয়দ আব্দুল মালিকৰ জন্ম কোন চনত হৈছিল?

৫। চৈয়দ আব্দুল মালিক অসমীয়া আধুনিক কবিসকলৰ কোন পৰ্বৰ কবি আছিল?

৬। কিন্নৰ কি?

৭। চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্প সংকলনখনিৰ নাম কি?

৮। 'জেতুকাপাতৰ দৰে' নামৰ উপন্যাসখনৰ ৰচক কোন?

৯। চৈয়দ আব্দুল মালিকে লিখা শংকৰদেৱৰ জীৱনীভিত্তিক।

উপন্যাসখনৰ নাম কি?

১০। চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ জীৱনৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি?

১১। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

১২। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

১৩। চৈয়দ আব্দুল মালিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি?

১৪। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ-কাহিনীৰ নাম লিখা।

১৫। চৈয়দ আব্দুল মালিকে কিমান চনত 'চোভিয়েট দেশ নেহৰু বঁটা' লাভ কৰিছিল?

১৬। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে 'চোভিয়েট দেশ নেহৰু বঁটা' লাভ কৰিছিল?

১৭। 'ৰামধেনু' যুগত সর্বাধিক খ্যাতি লাভ কৰা গল্পকাৰ আব্দুল মালিকে প্রথমে কোনখন কাকতত গল্প ৰচনাত হাত দিয়ে?

১৮। চৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?

১৯। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল?

২০। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

২১। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

২২। খৰমৰ চুলা কি?

২৩। মৰকত মানে কি?

2 Marks Questions (২ নম্বৰীয়া প্ৰশ্ন)

১। চৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ।

সভাপতি হৈছিল আৰু সেই অধিবেশনখন ক'ত অনুষ্ঠিত হৈছিল?

২। চৈয়দ আব্দুল মালিকে ৰচনা কৰা গৱেষণামূলক গ্রন্থসমূহৰ নাম লিখা।

৩। চৈয়দ আব্দুল মালিকৰ চুটিগল্পৰ সংকলন কেইখনমানৰ নাম লিখা।

৪। চৈয়দ আব্দুল মালিকৰ ৰচিত উপন্যাস কেইখনমানৰ নাম উল্লেখ কৰা।

৫। চৈয়দ আব্দুল মালিকৰ ৰচিত কোনকেইখন গল্প-। উপন্যাসৰপৰা কি কি চলচ্চিত্র নির্মিত হৈছে?

৬। পুঠিয়ে কাণত পিন্ধে... সজায় সুৱাগী'--- কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰাঁ।

৭। জনমৰ লগে লগে সুৱদী অসমী মাতে অসমীক চিঞৰিলোঁ-'আই'-যিদিনা মুদিম চকু সিদিনাও 'যাওঁ' 

বুলি কৈ যাম অসমীক দু-ওঁঠ কঁপাই। --- কথাষাৰৰ  তাৎপর্য ব্যাখ্যা কৰা। 

5 Marks Questions ( ৫ নম্বৰীয়া প্ৰশ্ন)

১। 'পঁচিশটামান শব্দৰ ভিতৰত কবি চৈয়দ আব্দুল মালিকৰ পৰিচয় দিয়া।”

২। চৈয়দ আব্দুল মালিকৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।

৩। 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।

৪। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।

৬। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা।

৭। 'মই অসমীয়া' কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। 

৮। স্বদেশপ্রেমমূলক কবিতা হিচাপে 'মই অসমীয়া' | কবিতাটোৰ এটা মূল্যায়ন কৰা।

৯। ব্যাখ্যা কৰাঃ

(ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি। 

(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা, 

ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।

(গ) মোহ গ'ল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, অসমত বন্দী হ'ল, অসমৰ ৰূপ-মুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া।।

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ-প্রাণ মন; 

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,

মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।

D. পাঠভিত্তিক ব্যাকৰণ                                                                                         মূল্যাংক: ১/২


১ । (ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখা: 

স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।

(খ) তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা: 

বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং।

 (গ) বিপৰীত শব্দ লিখা:

গৌৰৱ; আলোক, স্বাধীনতা, পৰাজিত; সপোন,মৰণ।