দৃশ্যান্তৰ
90% Common Question
HSLC 2016
* দৃশ্য়ান্তৰ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছিল?
HSLC 2017
* দৃশ্য়ান্তৰ- ৰ অৰ্থ কি?
* নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল?
* হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্য়াসখনৰ নাম কি?
HSLC 2018
* কাকিনী তামোল শব্দৰ অৰ্থ কি?
* মধুসূদনৰ দলং নামৰ গল্প-পুথিখনৰ ৰচক কোন ?
HSLC 2019
* হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি?
HSLC 2023
* পঁজাঘৰটিত মানুহজনে কেনেদৰে আছিল?
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। 'দৃশ্যান্তৰ' নামৰ কবিতাটিৰ ৰচক কোন?
২। হৰেকৃষ্ণ ডেকাৰ জন্ম কোন চনত হয়?
৩। হৰেকৃষ্ণ ডেকাই কেতিয়াৰ পৰা কবিতা লিখিবলৈ লৈছিল?
৪। হৰেকৃষ্ণ ডেকাই কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?
৫। হৰেকৃষ্ণ ডেকাই কি পদৰ পৰা অৱসৰ লয়?
৬। হৰেকৃষ্ণ ডেকাই ৰচনা কৰা প্ৰথম কবিতাটোৰ নাম কি?
৭। কবিয়ে বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল?
৮। বৃদ্ধ মানুহজনে এতিয়াৰ মানুহবোৰক কি বুলি সম্বোধন কৰিছে?
৯। হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
১০। "বৃদ্ধ ন্যুজ দেহ।"- 'ন্যুজ' শব্দৰ অর্থ কি?
১১। 'দৃশ্যান্তৰ' কবিতাটোৰ মতে কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
১২। পঁচিশ বছৰৰ আগতে মানুহজনৰ ঘৰটো কেনেকুৱা আছিল?
১৩। পঁচিশ বছৰৰ পিছত লগপোৱা মানুহজনৰ দেহ কেনেকুৱা আছিল?
১৫। পঁচিশ বছৰৰ পাছত মানুহজন ক'ত ৰৈ আছিল?
১৬। কবিক মানুহজনে কি বিচাৰি যোৱা বুলি ভাবিছিল?
১৭। পঁচিশ বছৰৰ পিছত কবিয়ে মানুহজনক লগ পাই শান্তি পালেনে?
১৮। শব্দার্থ লিখাঃ
দৃশ্যান্তৰ, দাহ, কেঁকুৰি, ধিয়াই, কাকিনী তামোল, লণ্ঠন, ন্যুজ, যখ, সাঁচ, সাইলাখ, কংক্রীট।
2 Marks Questions (২ নম্বৰীয়া প্ৰশ্ন)
১। হৰেকৃষ্ণ ডেকাই কোন চনত কি বিষয়ত ক'ৰপৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?
২। হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন কবিতাপুথিৰ নাম লিখা।
৩। হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম লিখা।
৪। হৰেকৃষ্ণ ডেকাই সাহিত্য ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে কি কি বঁটা লাভ কৰিছিল?
৫। হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা কাকত আৰু আলোচনীখনৰ নাম কি?
৬। 'দৃশ্যান্তৰ' কবিতাটোৰ মতে পঁচিশ বছৰ আগতে মানুহজনে কি বিচাৰি আছিল?
৭। কবিৰ মতে পঁচিশ বছৰ আগৰ পৰিৱেশ কেনে আছিল?
৮। "যখৰ পোৱালীহঁতে কাক কোনে চায়!” ইয়াত 'যখৰ পোৱালী' বুলি কোনে কাক কৈছে বুজাই লিখা।
৯। “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?"- এনেদৰে কোনে কাক প্রশ্ন কৰিছে?
১০। "বৰ অশান্তিৰে উভতি আহিলো।"- ইয়াত কি অশান্তিৰ কথা কোৱা হৈছে বুজাই লিখা।
4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)
১। হৰেকৃষ্ণ ডেকাৰ জীৱন আৰু সাহিত্য-কৰ্মৰ এটি চমু আভাস দিয়া।
২। 'দৃশ্যান্তৰ' নামৰ কবিতাটিত আধুনিক যান্ত্রিক জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
৩। 'দৃশ্যান্তৰ' কবিতাটিত গ্রাম্য জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশিত। হৈছে বুজাই লিখা।
৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
(ক) সময়টো আছিল গধূলি।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি।
(খ) বৰ শান্তিত আছোঁ
এই পঁজাতিত
(গ) সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল।
(ঘ) মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।
(ঙ) এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালো আৰু।
D. পাঠভিত্তিক ব্যাকৰণ মূল্যাংক : ১/২
১। বিপৰীত শব্দ লিখাঃ
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।
২।এটাকৈ সমার্থক শব্দ লিখাঃ জোন, ঘৰ, চৰা, দাহ, উভতি।
৩।নঞার্থক শব্দ গঠন কৰা :
শান্তি, চিনাকি, সহায়।
8।'নমস্কাৰ' শব্দটো সন্ধি ভাঙিলে এনে হ'ব-
নমঃ + কাৰ। - এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি - ভাঙা।