90% Common Question


HSLC 2015

1. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি?

2. বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো?

3. এজন মানুহে দৃষ্টিৰ বিকাৰৰ প্ৰতিকাৰ হিচাপে + 1.5 D ক্ষমতাৰ লেনছ ব্যৱহাৰ কৰিবলগীয়া হৈছে।

HSLC 2016

1. চকুৰ লেন্সৰ উপযোজন ক্ষমতা বুলি ক'লে কি বুজা?

2. চিত্র অংকন কৰি দেখুওৱা যে বগা পোহৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা প্রিজমৰ মাজেদি পাৰ হৈ যাব পাৰে।

3. মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100cm. তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব লগীয়া লেন্সৰ ক্ষমতা। আৰু ধৰণ কি হ'ব? ৰশ্মিচিত্র আঁকিবা।

(i) তেওঁ দৃষ্টিৰ কি বিকাৰত ভূগিছে?

(ii) প্ৰতিকাৰী লেনছখৰ ফ'কাছ দৈর্ঘ্য কিমান?

(iii) প্ৰতিকাৰী লেনছৰ প্ৰকৃতি কি?

HSLC 2017

1. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে ক'লা দেখে কিয়?

2. ত্রিভুজাকাৰ গ্লাচ প্রিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোন আঁকা।

3. টিণ্ডেল পৰিঘটনা কি? বগাপোহৰ অতিসুক্ষ্মকণা থকা 'মাধ্যমৰ মাজেদি পাৰ হৈ গলে, কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ'ব উল্লেখ কৰা। 

HSLC 2018

1. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?

2. নিকট-দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্রকৃতি কি আৰু ক্ষমতা কিমান? দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়?

3. দৃষ্টিৰ বিকাৰ কি কি? এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে তেওঁৰ -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনদ্ৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনদ্ৰ ক্ষমতা +1.5 ডায়প্টাৰ হ'লে দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনদ্ৰ ফ'কাচ দৈর্ঘ্য কিমান?

HSLC 2019

1. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ল

(i) 25 মিটাৰ'

(ii) 2.5 মিটাৰ

(iii) 25 ছে. মি.

(iv) 2.5 ছে. মি.

2. চকুৰ উপযোজন ক্ষমতা কি?

3. দূৰদৃষ্টিগ্রস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰদৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m. এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্‌দ্ৰৰ ক্ষমতা কিমান? (ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25 m)

4. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? কলয়ডীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তীকৰণ পর্যবেক্ষণৰ সঁজুলিৰ ৰশ্মিচিত্র অংকন কৰা।

HSLC 2020

1. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌দ্ৰৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়?

(i) চকুৰ মণি

(ii) চিলিয়াৰী

(iii) অক্ষিপট

(iv) চকুৰ পতা

2. তৰাই তিৰবিৰাই কিয়?

3. বগা পোহৰৰ বিচ্ছুৰণ মানে কি বুজা? প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্র অংকন কৰা।

4. প্রেছবায় পিয়া কি? নিকট দৃষ্টিগ্রস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা।

HSLC 2022

1. ৰামধেনু

(i) সূৰ্যৰ একে দিশত সৃষ্টি হয়

(ii) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়

(iii) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে

(iv) ওপৰৰ এটাও নহয়

2. স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব মানে কি?

3. এজন মানুহে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৈৰ বস্তুবোৰ ভালকৈ দেখা পায়। মানুহজনৰ বিকাৰটো কি হ'ব পাৰে? বিকাৰটোৰ সংশোধন দেখুৱাই ৰশ্মি চিত্র অংকন কৰা।

4. সূৰ্যৰ পোহৰ সাতটা ৰঙেৰে গঠিত। নিউটনৰ এই ধাৰণাটো প্ৰমাণ কৰিবলৈ বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ ৰশ্মি চিত্র অংকন কৰি ব্যাখ্যা কৰা।

HSLC 2023

1. তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্‌দ্ৰৰ বক্রতা পৰিবৰ্তন হয়?

(a) অক্ষিপট

(b) চকুৰ পতা

(c) চিলিয়াৰী পেশী

(d) নেত্র স্নায়ু

2. লেন্‌ছ এখনৰ ফ'কাছ দৈর্ঘ্য 1 মিটাৰ, ক্ষমতা হব-

(a) 0.5 D

(b) 1 D

(c) 1.5 D

(b) 2 D

3. মানহৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্ব কিমান?

4. চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা?

Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. (i) 2m তকৈ বেছি দূৰত্বত থকা লক্ষ্যবস্তুক এজন ব্যক্তিয়ে স্পষ্ট ভাবে নেদেখে। কি ক্ষমতাৰ লেন্স ব্যাৱহাৰ কৰি এই দোষ আতৰাব পাৰি-

  (a) -0.2 D

  (b) -0.5D

  (c)+0.2D

  (d) +0.5D

(ii) আবেলি সময়ত সূৰ্য্যটো বগা দেখিবলৈ পোৱা যায়, কাৰণ

  (a) ৰঙা ৰং অতি বেছি পৰিমাণে বিচ্ছুৰিত হয়।

  (b) নীলা ৰং অতিবেছি পৰিমাণে বিচ্ছুৰিত হয়।

  (c) বগা পোহৰৰ সকলো বৰণ দূৰলৈ বিচ্ছুৰিত হয়।

  (d) পোহৰ কম পৰিমাণে বিচ্ছুৰিত হয়।

(iii) পোহৰৰ কোনটো পৰিঘটনাৰ বাবে ৰামধেনুৰ গঠন হয়-

  (a) প্ৰতিসৰণ, বিচ্ছুৰণ আৰু পূৰ্ণ আভ্যন্তৰীণ প্রতিফলন

  (b) প্ৰতিসৰণ, বিচ্ছুৰণ আৰু পূৰ্ণ আভ্যন্তৰীণ প্রতিফলন

  (c) প্ৰতিসৰণ, বিচ্ছুৰণ আৰু পূৰ্ণ প্রতিফলন 

  (d) পোহৰৰ পূৰ্ণ আভ্যন্তৰীণ প্রতিফলন, বিচ্ছুৰণ

(iv) তৰাবোৰ তিৰবিৰাই থকাৰ কাৰণ হ'ল-

  (a) মেঘৰ দ্বাৰা সৃষ্টি হোৱা আভ্যন্তৰীণ প্রতিফলন।

  (b) ধূলি বালিৰ দ্বাৰা হোৱা পোহৰৰ বিচ্ছুৰণ

  (c) বিভিন্ন স্তৰৰ প্ৰতিসাৰণাংকৰ দ্বাৰা হোৱা প্ৰতিসৰণ।

  (d) পানীৰ দ্ৰপৰ দ্বাৰা হোৱা পোহৰৰ বিচ্ছুৰণ।

(v) আকাশখন নীলা দেখা যায়, কাৰণ-

  (a) বায়ুমণ্ডলে নীলা পোহৰ শোষণ কৰে।

  (b) বায়ুমণ্ডলত বেঙুনীয়া আৰু নীলা ৰংৰ পোহৰৰ তুলনাত অন্য ৰংৰ পোহৰ বেছিকৈ বিচ্ছুৰিত হয়।

  (c) বায়ুমণ্ডলত অতিবেঙুনীয়া ৰশ্মিৰ শোষণ ঘটে।

  (d) বায়ুমণ্ডলত অন্য ৰঙৰ পোহৰৰ তুলনাত বেঙুনীয়া আৰু নীলা ৰঙৰ পোহৰ বেছিকৈ বিচ্ছুৰিত হয়।

(vi) সূৰ্য্য উদয় আৰু সূৰ্য্য অস্ত যোৱাৰ সময়ত সূৰ্য্যটো ৰঙা দেখিবলৈ পোৱা যায়, ইয়াৰ বাবে জড়িত পৰিঘটনাটো হ'ল-

  (a) পোহৰৰ আভ্যন্তৰীণ পূৰ্ণ প্রতিফলন

  (b) পোহৰৰ বিচ্ছুৰণ

  (c) পৃথিৱীৰ পৰা পোহৰৰ প্ৰতিফলন

(vii) গভীৰ সমুদ্ৰত পানী নীলা দেখিবলৈ পোৱা যায়, কাৰণ

  (a) পোহৰৰ বিচ্ছুৰণ

  (b) সাগৰৰ পানীয়ে পোহৰ শোষণ কৰে

  (c) পানীত আকাশৰ প্ৰতিফলন ঘটে 

  (d) পানীত শেলাই আৰু অন্য উদ্ভিদ পোৱা যায়

 (viii) চকুত পোহৰ প্ৰবেশ কৰাৰ পিছত, চকুত কোন স্থানত পৰিসৰণ ঘটে-

  (a) আইবিছ

  (b) চকুৰমণি

  (c) কর্ণিয়াৰ বাহিৰৰ আৱৰণত

  (d) স্ফটিকাকাৰ লেন্সত।

(ix) তলৰ কোনটো শুদ্ধ-

  (a) এজন মায়'পিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে ওচৰৰ বস্তু ভালদৰে দেখা পায়

  (b) এজন মায় 'পিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে দূৰৰ বস্তু ভালদৰে দেখা পায়।

  (c) এজন হাইপাৰমেট্ৰ'পিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে দূৰৰ বস্তু ভালদৰে দেখা পায়।

(x) চকুৰ পেশীৰ ৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈর্ঘ্য বৃদ্ধি হয়-

  (a) চকুৰ পেশীৰ সংকোচন ঘটে আৰু লেন্সখন ডাঠ হয়।

  (b) চকুৰ পেশীৰ সংকোচন ঘটে আৰু লেন্সখন ক্ষীণ হয়।

  (c) চকুৰ পেশীৰ প্ৰসাৰণ ঘটে আৰু লেন্সখন ক্ষীণ হয়।

  (d) চকুৰ পেশীৰ প্ৰসাৰণ ঘটে আৰু লেন্সখন ডাঠ হয়।

(xi) মানুহৰ চকু তলৰ কোনটোৰ সদৃশ-

  (a) অণুবীক্ষণ যন্ত্র

  (b) দূৰবীণ

  (c) ফটো তোলা কেমেৰা

  (d) এটাও নহয়।

(xii) স্বাভাৱিক মানুহ এজনে কিমান দূৰত্বৰ বস্তু দেখা পায়-

  (a) অসীম

  (c) 1মি

  (b) 25 ছেঃমি

  (d) 1 ছেঃমি

(xiii) মানুহে দেখা পোৱা অতিকে কম দূৰত্ব হ'ল-

  (a) 25 মি

  (c) শূণ্য

  (b) 25 ছেঃমি
 
  (d) অসীম।

(xiv) তলৰ কোনটো আলোক সংবেদী কোষে বিভিন্ন বৰণৰ পার্থক্য দেখুৱাব পাৰে?

  (a) দণ্ড কোষ

  (b) শংকু কোষ

  (c) (a) আৰু (b) দুয়োটাই

  (d) এটাও নহয়।

(xv) তলৰ কোনটো পৰিঘটনাই পোহৰৰ বিচ্ছুৰণৰ ব্যাখ্যা নকৰে-

  (a) আগতীয়া সূর্য্য উদয়

  (b) মেঘৰ বগা ৰং

  (c) পৰিষ্কাৰ আকাশৰ নীলা বং

  (d) বিপদজনক সংকেতৰ ৰঙা বৰণ।

(xvi) মানুহৰ চকুৰ কোন অংশত লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ গঠন হয়

  (a) চকুৰ মণি

  (b) কর্ণিয়া

  (c) আইৰিছ

  (d) ৰেটিনা।

(xvii) তলৰ কোনটোৰ কাৰ্যৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিবৰ্ত্তন ঘটে-

  (a) ৰোমক পেশী

  (b) চকুৰ মণি

  (c) আইৰিছ

  (d) ৰেটিনা

(xviii) প্রিজমৰ মাজেৰে হোৱা পোহৰৰ বিচ্ছুৰণ-

  (a) প্ৰতিসৰণৰ সৈতে একে

  (b) বগা পোহৰৰ সংযুক্তিত থকা অন্যৰংৰ পোহৰৰ দৃশ্যমান হোৱা

  (c) প্রতিফলনৰ সৈতে একে

  (d) এটাও নহয়।

2. মানুহৰ চকুত কোন প্ৰকাৰৰ লেন্স পোৱা যায়?

3. মানুহৰ চকুত প্রতিবিম্ব সৃষ্টি কৰা পদাখনৰ নাম লিখা।

4. কর্ণিয়া পোহৰৰ বাবে স্বচ্ছ হয়নে?

5. বর্ণান্ধতাৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ চকুত কোন প্ৰকাৰৰ কোষৰ অভাৱ ঘটে?

6. উত্তল দাপোন ব্যৱহাৰ কৰি মানুহৰ চকুৰ কোন প্ৰকাৰৰ বিকাৰ আঁতৰাব পাৰি?

7. অৱতল দাপোন ব্যৱহাৰ কৰি মানুহৰ চকুৰ কোন প্ৰকাৰৰ বিকাৰ আঁতৰাব পাৰি?

8. পোহৰৰ কোনটো ৰংৰ তৰংগ দৈর্ঘ্য সবাতোকৈ বেছি হয়?

9. মহাকাশচাৰী সকলে, আকাশখন নীলা ৰংৰ পৰিবৰ্তে কলা দেখা পায় কিয়?

10. মানুহৰ চকুৰ আইৰিছৰ কাম কি?

11. একুৱাছ হিউমাৰ বা নেত্ৰৰস কি?

12. ভিট্রিয়াছ হিউমাৰ বা নেত্ৰমেদ কি?

13. মানুহৰ চকুৰ সন্মুখত থকা স্বচ্ছ অংশটোৰ নাম কি?

14. কিহৰ সহায়ত চকুৰ লেন্সখন নির্দিষ্ট স্থানত ৰৈ থাকে?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. হাইপাৰমেট্ৰ'পিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তি এজনে ওচৰত দেখা পাবৰ বাবে ー ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰি উক্ত অসুবিধাটো আঁতৰাব পাৰি। উক্ত ব্যক্তিজনৰ একেবাৰে ওচৰত দেখা পোৱা দূৰত্ব গণনা কৰা।

2. আয়নাৰ সন্মুখত লক্ষ্য বস্তুৰ স্থানৰ পৰিবৰ্ত্তন ঘটাই অৱতল দাপোনৰ ফ'কাচ দৈৰ্ঘ্যৰ পৰিবৰ্ত্তন ঘটাব পাৰিনে? দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি, তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা। 

3. প্রকৃতিয়ে আমাক এটাৰ পৰিবৰ্তে দুটা চকু দিছে কিয়?


4. এজন মানুহৰ ওচৰ দেখা বিন্দু 25 ছেঃমিৰ পৰিবৰ্তে 75 ছেঃমি হ'ল। মানুহজনে কোন প্ৰকাৰৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে। স্বাভাৱিক চকু আৰু বিকাৰগ্ৰস্তু চকুৰ ক্ষেত্ৰত ৰশ্মিচিত্ৰ অংকন কৰা।

5. প্রিজমৰ মাজেৰে হোৱা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্র অংকন কৰা। বিচ্ছুৰণৰ কাৰণ চমুকৈ ব্যাখ্যা কৰা।

6. আৱশ্যকীয় অংশসমূহ দেখুৱাই মানুহৰ চকুৰ এক চিহ্নিত চিত্র আঁকা।

7. তৰাবোৰ তিৰবিৰাই থকা দেখিবলৈ পোৱা যায়, কিন্তু গ্রহবোৰ তিৰবিৰাই নাথাকে, কিয়?

8. কেটাৰেক্ট বা চকুত ছানি পৰা ৰোগ কি? এইটো কেনেদৰে আতৰাব পাৰি?

9. মায় পিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ চকুত গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মিচিত্র, অংকন কৰা। এনেকুৱা চকুৰ বিকাৰ কেনেদৰে আঁতৰাব পাৰি?

10. চকুৰ লেন্সৰ প্ৰকৃতি কি? এই লেন্সৰ ফ'কাচ দূৰত্ব স্থিৰ হয় নেকি?

11. আমাৰ চকুৰ একেবাৰে ওচৰত ৰখা পৃষ্ঠা এটা কিয় পঢ়িব নোৱাৰো?

12. আমি কিয় বিভিন্ন বৰণ দেখিবলৈ পাওঁ?

13. শ্ৰেণীকোঠাৰ একেবাৰে পিছফালে বহি থকা ছাত্র এজনে ব'ৰ্ডত লিখা আখৰবোৰ ভালদৰে নাপায় ছাত্রজনক চিকিৎসকে কি উপায় দিব?

14. এজন ব্যক্তিৰ দৃষ্টি শুদ্ধিৰ বাবে- 4.5 Dৰ লেন্সৰ আৱশ্যক

(a) ব্যক্তিজনে কোন প্ৰকাৰৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে?

(b) দৃষ্টি শুদ্ধিৰ বাবে ব্যৱহৃৎ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কিমান?

(c) দৃষ্টি শুদ্ধিৰ বাবে ব্যৱহৃৎ লেন্সৰ প্ৰকৃতি কেনেকুৱা?

15. বৰষুণৰ পিছত আমি আকাশত ৰামধেনু দেখিবলৈ পাও কিয়?

16. (a) আটাইতকৈ বেছি দৈর্ঘ্যৰ দৃশ্যমান পোহৰৰ তৰংগ দৈর্ঘ্য কি? ইয়াৰ বৰণ কি?

(b) আটাইতকৈ চুটি দৈর্ঘ্যৰ দৃশ্যমান পোহৰৰ তৰংগ দৈর্ঘ্য কি? ইয়াৰ বৰণ কি?

17. (a) 4000 A° তৰংগ দৈৰ্ঘ্যৰ বেঙুনীয়া ৰংৰ পোহৰৰ কম্পনাংক কিমান?

(b) 8000 A° তৰংগ দৈৰ্ঘ্যৰ ৰঙা ৰংৰ পোহৰৰ কম্পনাংক কিমান?

18. কেতিয়াবা হঠাৎ পোহৰৰ তীব্রতা কমি গলে আমি মাজে সময়ে ভালদৰে দেখা নাপাও, কিয়?

19. দৃষ্টি নির্বর্ধ (persistance of vision) ৰ বৈশিষ্ট্য সমূহ চমুকৈ ব্যাখ্যা কৰা। ইয়াক ক'ত ব্যৱহাৰ কৰা হয়?

20. 25 ছেঃমি দূৰত্বত থকা কিতাপ এখন ভালদৰে পঢ়াৰ বাবে

এজন ব্যক্তিৰ চকুৰ লেন্সৰ ক্ষমতা কি হোৱা উচিত? মানুহজনে একেবাৰে ওচৰত দেখা বিন্দু হ'ল 50 ছেঃমি.

21. মায়া'পিয়া থকা চকুৰ ব্যক্তি এজনে ৪০ ছেঃমি দূৰত্বত থকা বস্তু দেখা ইয়াত কৈ বেছি দূৰত্বত থকা বস্তু দেখাৰ বাবে চকুৰ লেন্সৰ ক্ষমতা কিমান হ'ব লাগিব?

22. যেতিয়া এটা বস্তু 100 ছেঃমিতকৈ কম দূৰত্বত ৰখা হয়, তেতিয়া ব্যক্তিজনে বস্তুটো স্পষ্টভাৱে নেদেখে। 25 ছেঃমি দূৰত্বত ৰখা বস্তু এটা ভালদৰে দেখাৰ বাবে কি ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব?

23. হাইপাৰ মেট্ৰ'পিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তি এজনে একেবাৰে ওচৰত ৰখা বস্তু চাবলৈ হ'লে উক্ত ব্যক্তিজনৰ লেন্সৰ ক্ষমতা কিমান হ'ব লাগিব?

4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)

1. মানুহৰ চকুৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। আমি কেনেদৰে একেবাৰে ওচৰৰ আৰু একেবাৰে দূৰৰ বস্তু দেখা পাব পাৰো লিখা।

2. কেতিয়া এজন ব্যক্তিক মায় 'পিয়া বা হাইপাৰ মায়'পিয়া বা হাইপাৰ মায়'পিয়াৰ দ্বাৰা আক্ৰান্ত বুলি কোৱা হয়? চিত্ৰৰ সহায়ত দেখুওৱা যে কেনেদৰে মায়'পিয়া বা হাইপাৰ মায় 'পিক বিকাৰ আঁতৰাব পাৰি?

3. উপযুক্ত ৰশ্মি চিত্ৰৰ সহায়ত প্রিজমৰ মাজেৰে হোৱা বগা পোহৰৰ বিচ্ছুৰণ (disperssion) পৰিঘটনা ব্যাখ্যা কৰা।