90% Common Question
HSLC 2015
1. এটা পদাৰ্থৰ ৰোধকতাৰ এচ. আই. একক
(a) Ω
(b) Ω m
(c) Ω m-¹
(d) Ω m²
HSLC 2017
1. এক মাইক্ৰ'এম্পিয়াৰৰ বিদ্যুৎপ্ৰৱাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেকট্রন চালিত হ'ব লাগিব?
(a) 6.25 × 15¹⁵
(b) 6.25 × 10¹²
(c) 6.25 × 10⁹
(d) 6.25 × 10⁶
2. 11W ৰে চিহ্নত বৈদ্যুতিক হিটাৰ এটা 220V লাইনত ব্যবহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। যদি উৎসৰ পৰা সৰ্ব্বোচ্চ প্রবাহ 5A হয়, কিমানটা বৈদ্যুতিক হিটাৰ সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব পৰা যায় আৰু 20 মিনিটত মুঠ কিমান শক্তি ব্যয় হ'ব?
HSLC 2018
1. এটা বৈদ্যুতিক বাল্ব 220 V আৰু 100 W চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110V ত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ'ব
(a) 75 W
(b) 25 W
(c) 100 W
(d) 50 W
2. তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা। যেতিয়া এটা অজ্ঞাত ৰোধ 12 V ৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, তাত 2.5 mA প্রবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
3. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি? কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব-এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ বৈদ্যুতিক ইস্ত্রি 10 মিনিট চলিলে আৰু কেনেকৈ?
HSLC 2019
1. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 kWh মানে
(i) 36 × 10⁶ J
(ii) 3.6 × 10⁶ J
(iii) 3.6 × 10⁵ J
(iv) 36 × 10⁴ J
2. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5A প্রৱাহ লয়। বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা।
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?
4. 20°C উষ্ণতাত 1 m দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26 Ω. যদি তাঁৰডালৰ ব্যাস 0.03 cm হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব?
5. 4 Ωৰ ৰোধক এটাত প্রতি ছেকেণ্ডত উৎপন্ন হোৱা তাপ 100 J. ৰোধকটোৰ দুই মূৰৰ মাজত বিভৱভেদ উলিওৱা।
HSLC 2020
1. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে?
(i) IR2
(ii) I²R
(iii) V²/R
(iv) VI
2. এটা বৈদ্যুতিক বাল্ব তাঁৰডালে 5 মিনিট সময়ত 0.6 প্রবাহ লয়। বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা।
3. পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক আধান কেনেকৈ প্রবাহিত হয়? বাখ্যা কৰা।
4. ৰোধকৰ S.I. একক লিখা। এটা বৈদ্যুতিক মটৰে 220 V উৎসৰ পৰা 5 A প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।
5. এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে? 8Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা?
HSLC 2022
1. 10 V বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে 5C আধান চালিত কৰোঁতে কিমান কার্য কৰিব লাগিব?
2. বৈদ্যুতিক বর্তনী মানে কি বুজা? কোষ, বৈদ্যুতিক বাল্ব, এমিটাৰ আৰু প্লাগ ছাবিৰ সৈতে এটা বৈদ্যুতিক বৰ্তনীৰ চিত্র অংকন কৰা।
3. ওমৰ সূত্ৰটো লিখা। নিক্ৰম তাঁৰৰ V-I লেখখন অংকন কৰা।
HSLC 2023
1. পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক লিখা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. (i) বৈদ্যুতিক ক্ষেত্ৰ প্ৰাৱল্য আৰু ধাৰকত্বৰ S.I. একক যথাক্রমে-
(a) নিউটন/কুলম্ব আৰু কুলম্ব/ভল্ট
(b) নিউটন/কুলম্ব আৰু ভল্ট/কুলম্ব
(c) নিউটন/কুলম্ব আৰু এম্পিয়াৰ/কুলম্ব
(d) নিউটন/কুলম্ব আৰু ভল্ট²/কুলম্ব
(ii) বৈদ্যুতিক শক্তিৰ এছ আই একক হৈছে-
(a) ব্রাট
(b) কিলোৱাট/ঘণ্টা
(c) বাট × ছেকেণ্ড
(d) কিল'জুল ছেকেণ্ড
(iii) তলৰ কোনটো উক্তি অশুদ্ধ?
(a) বৈদ্যুতিক বিভৱ এটা স্কেলাৰ ৰাশি।
(b) ইলেক্ট্রন উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে।
(c) প্ৰ'টন উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে।
(d) বিদ্যুৎ ক্ষেত্রত নিউট্রনৰ স্থিতি শক্তি নাথাকে।
(iv) বৈদ্যুতিক বিভৱ-
(a) ভেক্টৰ ৰাশি
(b) স্কেলাৰ ৰাশি
(c) ভেক্টৰো নহয় স্কেলাৰো নহয়
(d) কেতিয়াবা স্কেলাৰ কেতিয়াবা ভেক্টৰ।
(v) আধানৰ একক হ'ল-
(a) কুলম্ব
(b) ওম
(c) ভল্ট
(d) ফেৰাড
(vi) 1 মাইক্ৰ'ফেৰাড সমান-
(a) 10¯¹²F
(b) 10¯⁴F
(c) 10¯⁶ F
(d) 10¯²F
(vii) ৰোধৰ একক হ'ল-
(a) ওম
(b) কুলম্ব
(c) ফেৰাড
(d) এম্পিয়াৰ
(viii) বৈদ্যুতিক বিভৱৰ একক হ'ল-
(a) এম্পিয়াৰ
(b) কুলম্ব
(c) ওম
(d) ভল্ট
(ix) ধাৰকত্বৰ একক
(a) ফেৰাড
(b) ওম
(c) ভল্ট
(d) কুলম্ব
(x) নির্দিষ্ট দূৰত্বৰ বাবে দুখন পাতৰ ক্ষেত্ৰফল বঢ়ালে পাত দুখনৰ ধাৰকত্ব-
(a) বাঢ়িব
(b) কমিব
(c) একেই থাকিব
(d) এটাও নহয়।
(xi) পৰিবাহীৰ মাজেৰে চালিত প্রবাহ নিৰ্ভৰ কৰে—
(a) ধাৰকত্ব
(b) ক্ষেত্রপ্রাবল্য
(c) বিভৱভেদ
(d) বিদ্যুৎক্ষেত্র।
(xii) দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰাত সংযুক্ত ৰোধক 10 ওম। তাৰে এটা ৰোধকৰ মান 20 ওম হ'লে আনটো ৰোধকৰ মান-
(a) 5 Ω
(b) 10 Ω
(c) 15 Ω
(d) 30 Ω
(xiii) বিভিন্ন মানৰ চাৰিটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে সমতুল্য ৰোধকৰ মান হ'ব-
(a) আটাইতকৈ ডাঙৰ ৰোধকৰ ৰোধৰ মানতকৈ বেছি।
(b) আটাইতকৈ সৰু ৰোধকৰ ৰোধৰ মানতকৈ বেছি।
(c) আটাইতকৈ সৰু ৰোধকৰ ৰোধৰ মানতকৈ কম।
(d) আটাইতকৈ ডাঙৰ ৰোধকৰ ৰোধৰ মানৰ সমান।
(xiv) আহিত ধাৰক এটাৰ পাত দুখনৰ মাজত এখন পাতল মাইকাৰ পাত ৰাখিলে পাত দুখনৰ মাজৰ বিভৱভেদ-
(a) বাঢ়িব
(b) একেই থাকিব
(c) কমিব
(d) এটাও নহয়।
(xv) বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল-
(a) ভল্ট মিটাৰ
(b) গেলভেন 'মিটাৰ
(c) এমিটাৰ
(d) এটাও নহয়।
(xvi) বিদ্যুৎ প্রবাহ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল-
(a) এমিটাৰ
(b) ভল্টমিটাৰ
(c) গেলভেন 'মিটাৰ
(d) এটাও নহয়।
(xvii) 'এছ আই. একক মতে বিদ্যুৎ প্রবাহ, ধাৰক, ৰোধ আৰু আধানৰ একক ক্রমে-
(a) এম্পিয়াৰ, ফেৰাড, ওম আৰু কুলম্ব
(b) ফেৰাড, ওম, কুলম্ব আৰু এম্পিয়াৰ
(c) এম্পিয়াৰ, কুলম্ব, ওম আৰু ফেৰাড
(d) কুলম্ব, এম্পিয়াৰ, ওম আৰু ফেৰাড
(xviii) 1 মাইক্র'কুলম্ব হ'ল-
(a) 10‾⁶ কুলম্ব
(b) 10‾⁸ কুলম্ব
(c) 10‾⁷ কুলম্ব
(d) 10⁶ কুলম্ব
(xix) 1 কুলম্ব হ'ল-
(a) 10‾⁹ নেনো কুলম্ব
(b) 10‾⁹ মাইক্র'কুলম্ব
(c) 10⁹ নেনো কুলম্ব
(xx) ধাতবীয় তাৰৰ বৈদ্যুতিক ৰোধকত্ব নিৰ্ভৰ কৰে-
(a) ডাঠ নে পাতল (thickness) তাৰ ওপৰত
(b) দ্ৰব্যৰ প্ৰকৃতি
(c) ইয়াৰ আকৃতি
(d) ইয়াৰ দৈৰ্ঘ্য।
(xxi) ৰোধকতাৰ পৰিবৰ্তন নঘটে যদিহে-
(a) দ্ৰব্য আৰু উষ্ণতাৰ পৰিবৰ্তন ঘটিলে।
(b) ৰোধৰ আকৃতিৰ পৰিবৰ্তন হ'লে।
(c) উষ্ণতাৰ পৰিবৰ্তন হ'লে।
(d) দ্ৰব্যৰ পৰিবৰ্তন ঘটিলে।
(xxii) এটা বৈদ্যুতিক কেটলী 220v ত চলিলে 1kw বিদ্যুৎ শক্তিৰ কৰচ হয়। ইয়াৰ বাবে আৱশ্যকীয় ফিউজ তাৰ কেনে হ'ব-
(a) 5 A
(b) 2 A
(c) 4 A
(d) 1 A
(xxiii) তলৰ কোনটো জুখিবৰ বাবে মাল্টি মিটাৰ (multim- eter) ব্যৱহাৰ কৰা হয়-
(a) মাত্ৰ ৰোধ
(b) ভল্টেজ মাত্র
(c) বিদ্যুত, ৰোধ আৰু ভল্টেজ
(d)' মাত্র বিদ্যুত।
(xxiv) তলৰ কোনটো উক্তিয়ে ওমৰ সূত্ৰক প্রতিনিধিত্ব নকৰে-
(a) বৈদ্যুতিক বিভৱ/বিদ্যুত = ধ্ৰুৱক
(b) বৈদ্যুতিক বিভৱ/বিদ্যুত= বিদ্যুৎ × ৰোধ।
(c) বিদ্যুৎ/বৈদ্যুতিক বিভব = ধ্ৰুৱক।
(d) বিদ্যুত = ৰোধ × বৈদ্যুতিক বিভৱ।
(xxv) এটা বর্তনীত বিদ্যুত আধা হ'ব যদিহে ৰোধ-
(a) দ্বিগুণ হয়
(b) উলিয়াই দিয়া হয়
(c) আধা হয়
(d) এটাও নহয়
2. খালী ঠাই পূৰণ কৰাঃ
(i) বৈদ্যুতিক বর্তনী এটাত কোনো দুই বিন্দুৰ মাজত একক ধনাত্মক আধানৰ স্থানান্তৰ কৰা কাৰ্যৰ পৰিমাণেই হৈছে _________।
(ii) বায়ু মাধ্যমত সামানুপাতিক ধ্ৰুৱক K ৰ মান হৈছে, প্রায় _________
3. স্থিতি বৈদ্যুতিক বল কাক বোলে?
4. আধান কি?
5. এক কুলম্ব মানে কি?
6. এক নেনো কুলম্ব কি?
7. এক মাইক্র' কুলম্ব কি?
8. 1 কুলম্ব ধনাত্মক আধান মানে কি বুজা?
9. 1 কুলম্ব ঋণাত্মক আধান মানে কি বুজা?
10. এটা বিন্দুত বৈদ্যুতিক প্রাবল্যৰ সংজ্ঞা দিয়া। ইয়াৰ এছ. আই. একক লিখা।
11. এটা বিন্দুত বৈদ্যুতিক বিভৱৰ সংজ্ঞা দিয়া। ইয়াৰ এছ. আই. একক কি?
12. 'দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট'- এই উক্তিটোৰ অর্থ কি?
13. "আমাৰ ঘৰত যোগান ধৰা বিদ্যুতৰ ভল্টেজ 220 ভল্ট"- এই উক্তিটোৰ অৰ্থ তুমি কি বুজা?
14. 40 ভল্ট বিভৱৰ এটা বিন্দুত ৰখা 2 কুলম্বৰ আধান এটাই কিমান শক্তি বহন কৰে?
15. 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া।
16. ক্রিয়াশীল বল বুলিলে কি বুজা?
17. বৈদ্যুতিক ক্ষেত্র কাক বোলে?
18. ক্ষেত্র প্রাবল্যক কিয় বিদ্যুৎক্ষেত্ৰৰ মৌলিক ৰাশি বুলি গণ্য কৰা হয়?
19. ক্ষেত্র প্রাবল্য আৰু বৈদ্যুতিক বিভৱৰ পাৰ্থক্য কি?
20. ক্ষেত্ৰ প্রাবল্যৰ একক কি?
21. এক কুলম্ব আধান কিমানটা ইলেকট্রনৰ আধানৰ সমান?
22. ধাৰকত্বৰ ব্যৱহাৰিক একক দুটা কি কি?
23. ধাৰক কাক বোলে?
24. ৰোধক কাক বোলে?
25. মাইকা ধাৰক কেনেকৈ নিৰ্মাণ কৰা হয়?
26. প্রত্যক্ষ প্রবাহ কাক বোলে?
27. পৰিৱৰ্তী প্রবাহ কাক বোলে?
28. বৈদ্যুতিক বর্তনী কি?
29. বিদ্যুৎ প্রবাহ, বিভৱভেদ আৰু ৰোধৰ মাজৰ সম্বন্ধটো লিখা।
30. বৰ্তনীত এমিটাৰ কেনেদৰে লগোৱা থাকে?
31. বর্তনীত ভল্টমিটাৰ এটা কেনেভাবে লগোৱা থাকে?
32. সাধাৰণতে পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন কিয়?
33. সমান্তৰাল পাত ধাৰকৰ ধাৰকত্ব বৃদ্ধি কৰিব পৰা দুটা উপায় উল্লেখ কৰা।
34. আধান এটাৰ বৈদ্যুতিক ক্ষেত্র থাকেনে?
35. আধানৰ শক্তি থাকেনে?
36. আধান এটাৰ বৈদ্যুতিক ক্ষেত্ৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
37. আধান ভাঙিলে আকৌ আধানৰ সৃষ্টি হয়নে?
38. এডাল পৰিবাহী তাঁৰৰ ভিতৰত ক্ষেত্র থাকেনে?
39. আহিত ধাৰক এটাৰ পাত দুখনৰ মাজত এখন পাতল মাইকাৰ পাত ৰাখিলে পাত দুখনৰ মাজত বিভৱ ভেদ কি হ'ব?
40. ওমৰ সূত্ৰটো লিখা।
41. এক ওম কি?
42. কুলম্বৰ সূত্ৰৰ সমানুপাতিক ধ্ৰুৱকটো কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
43. হীৰা আৰু ৰূপৰ আপেক্ষিক ৰোধৰ মান লিখা।
44. তামৰ তাৰক কিয় সংযোজক তাৰ হিচাবে ব্যৱহাৰ কৰা হয়?
45. সংযোজক তাৰৰ ৰোধ কিমান?
46. এটা এমিটাৰৰ ৰোধ কিমান?
47. এটা ভল্টমিটাৰৰ ৰোধ কিমান?
48. 100w আৰু 60w বালবৰ কোনটোৰ ৰোধ বেছি?
49. সাধাৰণ উষ্ণতাত বিদ্যুত সুপৰিবাহী হিচাবে কোন দ্রব্যক কব পাৰি?
50. শ্রেণীবদ্ধ সজ্জাত ৰোধকৰ ৰোধ বেছি হয় কিয়?
51. সমান্তৰাল সজ্জাত ৰোধকৰ ৰোধ কম হয় কিয়?
52. এবিধ দ্ৰব্যৰ নাম লিখা যাৰ ৰোধ উষ্ণতাৰ লগে লগে হ্রাস পায়?
53. এবিধ দ্ৰব্যৰ নাম লিখা যাৰ ৰোধ উষ্ণতাৰ বৃদ্ধি হ'লেও একে থাকে অর্থাৎ কোনো পৰিবৰ্ত্তন নঘটে।
54. 25w ৰ লেন্স এটা 200v ত চলিলে কিমান বিদ্যুতৰ ব্যয় হয়।
55. দুট্য বৈদ্যুতিক বালবৰ এটাত 60 w 220v লিখা আছে। আনটোত 100 w ৰ বালব 220 v এই দুটাৰ কোনটোত সৰ্বোচ্চ ৰোধ হ'ব?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ শূন্য হ'লে প্রবাহ নবয় কিয়?
2. ওমৰ সূত্ৰটো উল্লেখ কৰি গাণিতিক ব্যাখ্যা দিয়া।
3. কাগজ ধাৰক কেনেকৈ সজা হয়?
4. বিদ্যুৎ ক্ষেত্ৰ আৰু ধাৰকৰ সংজ্ঞা দিয়া।
5. ধাৰকত্ব কাক বোলে? ধাৰকত্বৰ দুটা ব্যৱহাৰিক এককৰ নাম লিখা।
6. দুই বিদ্যুৎ আধানৰ ভিতৰত হোৱা বল সন্দৰ্ভত কুলম্বৰ সূত্র লিখা। এছ আই এককত আধানৰ এককৰ সংজ্ঞা লিখা।
7. পৰমাণু এটা বৈদ্যুতিকভাবে কিয় উদাসীন?
8. পৰমাণুৰ নিউক্লিয়াছৰ বাহিৰত ইলেকট্রনবোৰ এনেয়ে ঘূৰি থাকেনে?
9. বিদ্যুৎ প্রবাহ আৰু ৰোধৰ সংজ্ঞা দিয়া। সিহঁতৰ এছ, আই. একক লিখা।
10. বিদ্যুতৰ কুলম্বৰ সূত্র লিখা আৰু ইয়াক গাণিতিকভাবে প্রকাশ কৰা। এছ. আই. এককত এটা ইলেকট্রনৰ আধান কিমান?
11. এম্পিয়াৰ আৰু ৱাটৰ সংজ্ঞা লিখা।
12. পৰিবাহীৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুৎ সোঁতৰ সংজ্ঞা দিয়া। ওমৰ নিয়মটো লিখা। এক ওম কি?
13. কুলম্বৰ সূত্ৰ ব্যৱহাৰ কৰি এটি বিন্দু প্রমাণ আধানৰ ওচৰৰ বিদ্যুৎক্ষেত্ৰ প্ৰাৱল্যৰ প্ৰকাশ ৰাশি লিখা।
14. পৰিবাহীৰ আপেক্ষিক ৰোধৰ সংজ্ঞা দিয়া। আপেক্ষিক ৰোধৰ এচ আই একক লিখা।
15. এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো এটা বিন্দুত বৈদ্যুতিক বিভৱৰ সংজ্ঞা লিখা। বিন্দু প্রমাণ আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ প্ৰকাশ ৰাশিটো লিখা। বিন্দু প্রমাণ আধান আৰু বিভৱ নিৰ্ণয় কৰিব লগীয়া বিন্দুৰ দূৰত্ব বাঢ়ি গ'লে বিভৱৰ মান বাড়ে নে কমে?
16. বৈদ্যুতিক ক্ষেত্র প্রাবল্য বুলিলে কি বুজা? ইয়াৰ এচ.আই. একক কি? বৈদ্যুতিক ক্ষেত্র এখনত ধনাত্মক আধান আৰু ঋণাত্মক আধানে কেনেদৰে গতি কৰে বৰ্ণনা কৰা।
17. দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ । ভল্ট বুলিলে কি বুজা? এটা বিন্দুসম আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ প্ৰকাশ ৰাশি লিখা। ঋণাত্মক আধান এটাক নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ স্থানান্তৰ কৰিলে তাৰ স্থিতি শক্তিৰ পৰিবৰ্তন কেনেকুৱা হ'ব?
18. বৈদ্যুতিক বর্তনী কি? আবদ্ধ আৰু মুক্ত বৰ্তনীৰ মাজৰ পার্থক্য লিখা।
19. যেতিয়া ৰোধকসমূহ এক নির্দিষ্ট ক্ৰমত জোৰা লগোৱা হয়, তেতিয়া R = R+R₂+R, ব্যাখ্যা কৰা।
20. বিদ্যুত পৰিবহনত তাপৰ উৎপন্ন হোৱা পৰিঘটনা চমুকৈ ব্যাখ্যা কৰা।
21. কি কি চৰ্ত সাপেক্ষে ওমৰ সূত্ৰৰ প্ৰয়োগ কৰিব পাৰি?
22. নিক্র'মক কিয় তাপীয় মৌল হিচাবে ব্যৱহাৰ কৰা হয়?
23. ফিউজ প্ৰস্তুতকৰণত কিয় সীহ-টিনৰ সংকৰ ধাতু ব্যৱহাৰ কৰা হয়?
24. ৰোধকত্বৰ (resistivity)) ওপৰত ভিত্তি কৰি পদাৰ্থৰ কি কি শ্রেণীত ভগাব পাৰি?
25. বিদ্যুতৰ তাপীয় প্রভাব প্রয়োগ হোৱা তিনিটা প্ৰয়োগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
26. বৈদ্যুতিক সা-সঁজুলিক সুৰক্ষা দিয়াৰ বাবে ব্যৱহাৰ কৰা ফিউজ তাৰে কেনেদৰে সুৰক্ষা প্ৰদান কৰে?
27. ঘৰত কিয় সমান্তৰাল সজ্জা ব্যৱহাৰ কৰা হয়?
4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)
1. তোমাক রেটেৰী, ছাবি, তাঁৰ, এমিটাৰ আৰু ভল্টমিটাৰ দিয়া হৈছে। তাঁৰডালৰ ৰোধ জুখিবলৈ প্রয়োজনীয় লেবেলযুক্ত বর্তনী আঁকা।
2. কুলম্বৰ সূত্ৰ লিখা। ইয়াৰ গাণিতিক ৰূপত প্ৰকাশ কৰা। প্ৰতিটো 4 × 10‾⁷ কুলম্বৰ দুটা বিষমধর্মী আধানক বায়ু মাধ্যমত 50 ছেঃমিঃ দূৰত্বত ৰখা হৈছে। ইহঁতৰ প্ৰত্যেকৰে ওপৰত কিমান বলে ক্ৰিয়া কৰিব?
3. বৈদ্যুতিক ক্ষেত্ৰ এখনৰ এটা বিন্দুত বৈদ্যুতিক বিভৱৰ সংজ্ঞা দিয়া আৰু বিন্দুপ্রমাণ আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ এটা প্রকাশ ৰাশি লিখা। 1 মিঃমিঃ ব্যাসাৰ্দ্ধৰ ধাতৱ বল এটাত থকা আধানৰ পৰিমাণ 2 × 10‾⁶ কুলম্ব। বলটোৰ কেন্দ্ৰৰ পৰা 10 ছেঃমিঃ দূৰত্বত বৈদ্যুতিক বিভৱ কিমান হ'ব?
4. পৰিবৰ্তী প্রবাহ বুলিলে কি বুজা? একমুখী (DC) প্রবাহৰ তুলনাত AC ৰ দুটা সুবিধাজনক দিশৰ কথা উল্লেখ কৰা। 3Ω আৰু 2Ω ৰোধবিশিষ্ট দুটা বাল্বক শ্রেণীবদ্ধভাৱে 10 ভল্ট বেটাৰী এটাৰ সৈতে সংযুক্ত কৰা হৈছে। বাল্ব দুটাই বেটাৰীৰ পৰা কিমান প্রবাহ আহৰণ কৰিছে আৰু প্ৰতিটো বাল্বৰ দুয়ো মূৰে থকা বিভৱভেদ কিমান উলিওৱা।
5. জুলৰ তাপীয় পৰিঘটনা কি? পৰীক্ষামূলকভাৱে ইয়াক কেনেদৰে বৰ্ণনা কৰিব পাৰি। দৈনন্দিন জীৱনত ব্যৱহৃত চাৰিটা এনে সঁজুলিৰ নাম লিখা।
6. এবিধ পদাৰ্থৰ বৈদ্যুতিক ৰোধকতা কাক বোলে? এটা পৰীক্ষাৰ সহায়ত দেখুওৱা যে সংযোগী তাৰৰ ৰোধ, কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰশীল।