90% Common Question


Buy Now Class 10 All Subject 90% Common Answer

Price All Subject 490/-

Product Code:: DAM000097

Buy Now


Paid Answer Update PDF

HSLC 2015

1. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে-

  (a) NaCl

  (b) HCl

  (c) LiCl

  (d) KCl

2. pH কাক বোলে?

3. তোমাক A আৰু B দুটা দ্রব দিয়া হ'ল। A দ্ৰৱটোৰ PH ৰ মান 6 আৰু B দ্ৰৱটোৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি? ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় দ্ৰৱ?

4. প্লাষ্টাৰ অৱ পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

HSLC 2016

1. এটা দ্রবই ৰঙা লিটমাছ নীলা কৰে। দ্রবটোৰ pH হ'ল-

  (a) 1

  (b) 4

  (c) 5

  (d) 10

2. কঠিন পানীক কোমল (মৃদু) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছ'ডিয়ামৰ যৌগটোৰ নাম লিখা। 

HSLC 2017

1. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

  (a) এন্টিবায় 'টিক

  (b) বেদনানাশক

  (c) অম্লনাশক

  (d) বীজানুবাৰক

2. তোমাৰ দুটা দ্ৰৱ A আৰু B দিয়া হ'ল। দ্ৰৱ A PHৰ মান 3 আৰু দ্ৰৱ Bৰ PH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি হ'ব? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয়?

3. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুওৱালৈ এটা ৰাসায়নিক সমীকৰণ লিখা।

HSLC 2018

1. এটা দ্রবই ৰঙা লিটমাছ নীলা কৰে। দ্রবটোৰ pH হ'ল-

  (a) 1

  (b) 4

  (c) 5

  (d) 10

2. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো

  (a) টিনতকৈ জিংক দামী

  (b) জিংকৰ গলনাংক টিনতকৈ বেছি

  (c) জিংক টিনতকৈ অধিক সক্রিয়

  (d) জিংক টিনতকৈ কম সক্রিয়

3. যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি?

4. বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।

HSLC 2019

1. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে-

  (a) NaCl

  (b) HCl

  (c) LiCl

  (d) KCl

2. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া।

3. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্রমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

HSLC 2020

1. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A PHৰ মান 6 আৰু দ্ৰৱ Bৰ PH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি। কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

2.  এটা বিকাৰত অলপমান ক'পাৰ অক্সাইড লোৱা। বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্র 'ক্ল'ৰিক এছিড যোগ কৰা আৰু তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কৰা।

(i) দ্ৰৱটোৰ ৰঙটো কি?

(ii) ক'পাৰ অক্সাইডত কি ঘটিছে?

(iii) ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা।

3. ব্রাইন কাক বোলে? এই ব্রাইনৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে কি পদার্থ উৎপন্ন হয়? ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা। 

HSLC 2022

1. এটা দ্রবই ৰঙা লিটমাছ নীলা কৰে। দ্রবটোৰ pH হ'ল-

  (a) 1

  (b) 4

  (c) 5

  (d) 10

2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে, ব্যাখ্যা কৰা।

3. এছিড বৰষুণ কি? ই আমাৰ জলজ জীৱ (aquatic life) ব ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে?

HSLC 2023

1. তলৰ কোনটো যৌগক ছ'ডা এছিড অগ্নি নির্বাপন যন্ত্রত ব্যৱহাৰ কৰা হয়-

  (a) NaCl

  (b) Na₂ CO₃

  (c) NaHCO₃

  (d) NH₄ Cl

2. সত্য বা অসত্য নির্ণয় কৰা: লঘু এছিডৰ পৰা অধাতুৰ হাইড্ৰ'জেন প্রতিস্থাপিত কৰিব পাৰে।

3. ব্লিচিং পাউদাৰ প্ৰস্তুতকৰণৰ এটা পদ্ধতি লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।

4. তলৰ ৰাসায়নিক বিক্ৰিয়াটোৰ উৎপাদিত দ্রব্য লিখা।

  (a) CaCO3(s) + H₂O(1) + CO2(g) →

  (b) Na₂CO, +10H2O→

 Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. (i) বিলাহীত থকা এছিডবিধ হ'ল

  (a) লেক্টিক এছিড

  (b) অঞ্জেলিক এছিদ

  (c) টাৰটাৰিক এছিড

  (d) ওপৰৰ এটাও নহয়

( ii) টেঙা দৈত থকা এছিডটো হ'ল

  (a) অঞ্জেলিক এছিড

  (b) টাৰটাৰিক এছিড

  (c) লেকটিক এছিড

  (d) ওপৰৰ এটাও নহয়

(iii) চাবোন দ্ৰৱৰ সোৱাদ তিতা হয়, কাৰণ চাবোন দ্ৰৱত-

  (a) ক্ষাৰক

  (b) অম্ল

  (c) a আৰু ৮ দুয়োটাই থাকে।

(iv) জিংকৰ লগত ছডিয়াম হাইড্ৰ'ক্সাইডৰ জলীয় দ্রব যোগ কৰিলে

  (a) CO₂ গেছ

  (b) N₂ গেছ

  (c) H₂ গেছ উৎপন্ন হয়।

(v) ক্ষাৰকবোৰে এছিডৰ সৈতে বিক্ৰিয়া কৰি

  (a) লৱণ আৰু পানী

  (b) লৱণ আৰু হাইড্ৰ'জেন গেছ

  (c) পানী আৰু হাইড্র'জেন গেছ উৎপন্ন কৰে।

(vi) জলীয় দ্ৰৱত এছিডে

  (a) H+ আয়ন

  (b) (a) আৰু

  (c) OH+ আয়ন

  (b) দুয়োটাই মুক্ত কৰে।

(vii) হাইড্র'ক্ল'ৰিক এছিড এবিধ -

  (a) অক্সি এছিড

  (b) হাইড্র'ছিড

  (c) (a) আৰু

  (b) দুয়োটাই।

(viii) পনীয়া HCI ৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ

  (a) বৰণহীন হয়

  (b) নীলা হৈয়ে থাকে

  (c) ৰঙা হয়

  (d) সেউজীয়া হয়।

(ix) পনীয়া NaOH ৰ স্বাদ –

  (a) টেঙা

  (b) মিঠা

  (c) তিতা

  (d) নিমখীয়া

(x) পনীয়া ছালফিউৰিক এছিড দ্রবত ছডিয়াম এটুকু যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয়

  (a) H₂

  (b) H₂S

  (c) SO₂

  (d) 0₂

(xi) চুণ পানীৰ মাজেদি যথেষ্ট সময় CO, গেছ যাবলৈ দিলে চুণপানীখিনি প্রথমে গাখীৰৰ দৰে বগা হয় আন পিছত ফটফটীয়া পৰিষ্কাৰ হৈ পৰে। এই অবস্থান দ্রৱটোত থাকে--

  (a) CaCO

  (b) Ca(HCO₃)₂

  (c) Ca(OH)₂

  (d) CaO

(xii) Zn + H₂SO₄ → এটা ZnSO₄ + H₂ এই বিক্রিয়াটে

  (a) অম্ল-ক্ষাৰক বিক্রিয়া

  (b) দ্বিবিযোজন বিক্রিয়া

  (c) জাৰণ-বিজাৰণ বিক্রিয়া

  (d) এইবোৰৰ এটাও নহয়।

(xiii) মিথাইল অ'ৰেঞ্জ হ'ল—

  (a) আম্লিক মাধ্যমৰ ৰঙা ক্ষাৰকীয় মাধ্যমত বৰণহীন

  (b) আম্লিক মাধ্যমত হালধীয়া, ক্ষাৰকীয় মাধ্যমত বঙ

  (c) আম্লিক মাধ্যমত ৰঙা ক্ষাৰকীয় মাধ্যমত হালধীয়

  (d) আম্লিক মাধ্যমত বৰণহীন ক্ষাৰকীয় মাধ্যমত ৰঙ

( xiv) নেমুটেঙাৰ ৰস আৰু কফি হ'ল-

  (a) দুয়োবিধেই ক্ষাৰকীয়

  (b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ'ল ক্ষাৰকীয়া

  (c) দুয়োবিধেই আম্লিক

  (d) নেমুটেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ'ল আম্লিক

(xv) কোনো এটা দ্ৰৱত ৰঙা লিটমাছ নীলা হয়। দ্ৰৱটোৰ PH ৰ মান হ'ব-

  (a) 10

  (b) 5

  (c) 4

  (d) 1.

(xvi) তলৰ কোনটো ক্ষাৰক নহয়-

  (a) C₂H₅OH

  (b) NH₄ OH

  (c) KOH

  (d) NaOH.

(xvii) সোণৰ বাবে তলৰ কোনটো ব্যৱহাৰ কৰা হয়-

  (a) একুউৱা ৰেজিয়া

  (b) চালফিউৰিক এছিড

  (c) নাইট্রিক এছিড

  (d) হাইড্র 'ক্লৰিক এছিড

(xviii) চকুৰে নেদেখা ছাত্ৰৰ বাবে তলত উল্লেখ কৰা কোনটোক অম্ল-ক্ষাৰ সূচক হিচাপে ব্যৱহাৰ কৰা হয়?

  (a) হালধি

  (b) লিটমাছ

  (c) ভেনিলা ইছেন্স

  (d) পেটুনিয়াৰ পাত।

(xix) এটা জলীয় দ্ৰৱত ৰঙা লিটমাছ দ্ৰৱ নীলা হয় আৰু তলৰ কোনটোক উক্ত দ্ৰৱত যোগ কৰিলে ৰঙা লিটমাছ পুনৰ ৰঙা হ'ব-

  (a) হাইড্ৰ'ক্লৰিক এছিড

  (b) এম 'নিয়াম হাইড্র'ক্সাইড দ্ৰৱ

  (c) চূণ

  (d) বেকিং পাউডাৰ।

( xx) ছডিয়াম কার্ব'নেট হ'ল ক্ষাৰকীয় লৱণ, কাৰণ এই লবণ-

  (a) গাঢ় অম্ল আৰু লঘু ক্ষাৰক

  (b) লঘু অম্ল আৰু লঘু ক্ষাৰক

  (c) গাঢ় অম্ল আৰু গাঢ় ক্ষাৰক

  (d) লঘু অম্ল আৰু গাঢ় ক্ষাৰক

(xxi) দাঁতৰ এনামেলত কেলছিয়াম ফছফেট থাকে। ইয়াৰ প্রকৃতি হ'ল-

  (a) ক্ষাৰকীয়

  (c) প্রশম

  (b) আম্লিক

  (d) এম্ফ 'টেৰিক

(xxii) বর্ধিত অম্লৰ তীব্ৰতাৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ-

  (a) হাইড্র 'ক্লৰিক এছিড পানী এচিটিক এছিড

  (b) এছিটিক এছিড পানী হাইড্র'ক্লৰিক এছিড

  (c) পানী < হাইড্ৰ'ক্লৰিক এছিড এছিটিক এছিড

  (d) পানী < এচিটিক এছিড হাইড্র'ক্লৰিক এছিড

(xxiii) বেকিং পাউডাৰৰ এবিধ হ'ল ছডিয়াম হাইড্র'জেন কার্বনেট, অন্য উপাদান বিধ হ'ল

  (a) ছালফিউৰিক এছিড

  (b) এচিটিক এছিড

  (c) টাৰটেৰিক এছিড

  (d) হাইড্র'ক্লৰিক এছিড

(xxiv) দাঁতক সুৰক্ষা দিয়াৰ বাবে সকলোকে দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ কোৱা হয়। দাঁত পৰিষ্কাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা টুথপেষ্টৰ প্ৰকৃতি হ'ল-

  (a) প্রশম

  (c) ক্ষয়কাৰী

  (b) ক্ষাৰকীয়

  (d) আম্লিক

(xxv) তলৰ কোনবিধ লৱণৰ স্ফটিকীকৰণত পানী নাথাকে-

  (a) নীলা ভিট্রি'ওল

  (b) বেকিং ছ'ডা

  (c) কাপোৰ ধোৱা ছ'ডা

  (d) জিপছাম

(xxvi) ব্রাইন হ'ল-

  (a) ছডিয়াম বাইকাব'নেটৰ জলীয় দ্ৰৱ

  (b) ছডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ

  (c) ছডিয়াম কাব'নেটৰ জলীয় দ্ৰৱ

  (d) ছডিয়াম হাইড্র'ক্সাইডৰ জলীয় দ্ৰৱ 

(xxvii) তলৰ কোনটোৰ পৰা ব'ৰাক্স প্ৰস্তুত কৰা হয়-

  (a) কাপোৰ ধোৱা ছ'ডা

  (b) বেকিং পাউডাৰ

  (c) ব্লিচিং পাউডাৰ

  (d) বেকিং ছ'ডা

(xxviii) ক্ষাৰকসমূহ হ'ল-

  (a) অম্ল, যি পানীত দ্রবীভূত হয়।

  (b) ক্ষাৰক, যি পানীত দ্ৰৱণীয়।

  (c) ক্ষাৰক, যি পানীত অদ্রবণীয়।

  (d) অম্ল, যি পানীত অদ্ৰৱণীয়।

(xxix) চূণ পানীৰ সৈতে ক্ল'ৰিণৰ বিক্ৰিয়াৰ ফলত গঠন হয়।

  (a) বেকিং ছ'ডা

  (b) কাপোৰ ধোৱা ছ'ডা

  (c) বেকিং পাউডাৰ

  (d) ব্লিচিং পাউডাৰ।

(xxx) ছডিয়াম হাইড্র'ক্সাইড হ'ল-

  (a) লঘু অম্ল

  (b) লঘু ক্ষাৰক

  (c) গাঢ় অম্ল

  (d) গাঢ় ক্ষাৰক

(xxxi) ছডিয়াম হাইড্র'ক্সাইড ব্যৱহাৰ হয়-

  (a) অম্লনাশক হিচাপে 

  (b) চাবোন উৎপাদনত

  (c) ক্ষাৰকীয় বেটাৰিত

  (d) পৰিষ্কাৰ কৰিবলৈ

(xxxii) খাদ্যত ব্যৱহাৰ কৰা লৱণ হ'ল—

  (a) ছডিয়াম ক্ল'ৰাইড 

  (b) ছডিয়াম হাইড্র'ক্সাইড

  (c) কেলছিয়াম ক্লৰাইড 

  (d) ছডিয়াম এচিটেট

(xxxiii) এটা মাটিৰ নমুনা পানীৰ সৈতে মিহলি কৰা হ'ল আৰু উক্ত পাত্রটো স্থিৰ কৰি ৰাখি থোৱা হ'ল। এতিয়া দ্ৰৱটোৰ ওপৰত থকা চুপাৰনেটেণ্ট দ্ৰৱত PH পেপাৰ ডুবাই দিয়াত পেপাৰখনৰ হৰণ হালধীয়া সুমথিৰালৈ পৰিবৰ্তিত হ'ল। তলৰ কোনটোৱে PH পেপাৰখনক সেউজীয়া নীলা বৰণলৈ পৰিবৰ্তিত কৰিব পাৰিব-

  (a) ভিনেগাৰ

  (b) সাধাৰণ নিমখ

  (c) নেমুটেঙাৰ বস

  (d) এন্টাচিড

2. উপযুক্ত শব্দৰে খালীঠাই পূৰণ কৰা-

(i) নেমুত ---------- এছিডৰ উপস্থিতিৰ বাবে টেঙা হয়।

(ii) সুমথিৰা আৰু আমলখিত ------------ এছিড পোৱা যায়।

(iii) জঠৰ ৰসত ----------- এছিড থাকে।

(iv) ক্ষাৰকবোৰক চুলে ------------ লাগে।

(v) আটাইবোৰ এলকালিয়েই ক্ষাৰক কিন্তু আটাইবোৰ ক্ষাৰক ----------- নহয়।

(vi) ছ'ডা পানীত ------------- দ্রবীভূত ------------ হৈ থকা বাবে আম্লিক হয়। 

(vii) এছিড আৰু ক্ষাৰকবোৰ-------------

(viii) নাইট্রিক এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ নাইট্রেট-------------, অক্সাইডবোৰ, নাইট্রজেন গেছ আৰু ---------- উৎপন্ন কৰে।

(ix) মেংগানিজে অতি লঘু নাইট্রিক এছিডৰ লগত বিক্রিয়া কৰি ------------ গেছ উৎপন্ন কৰে।

(x) এছিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি -------------- আৰু ------------- উৎপন্ন কৰে।

(xi) ক্ষাৰকবোৰে জলীয় দ্ৰৱত --------------- আয়ন মুক্ত কৰে।

(xii) -------------- ৰঙা লিটমাছৰ বৰণ নীলা কৰে।

(xiii) ক্ষাৰকে অধাতুৰ অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি ----------- আৰু ------------ উৎপন্ন কৰে।

(xiv) হাইড্ৰ'ছিডবোৰ ------------ যৌগ।

(xv) হাইপ'আয়'ডাছ আৰু আয় 'ডাছ এছিডৰ এনায়ন ক্রমে ----------  আৰু ------------।

(xvi) পাৰক্ল'ৰিক এছিড হেল'জেনৰ --------------। 

(xvii) ফেনলস্থলিন এটা- সূচক আৰু ইয়াৰ বৰণ ----------- দ্ৰৱত গুলপীয়া । 

(xviii) জলীয় দ্ৰৱত ছালফিউৰিক এছিডে ---------- আৰু ------------  আয়ন মুক্ত কৰে।

(xix) ছিলভাৰ নাইট্রেটৰ দ্ৰৱত কপাৰৰ পাত এখন ডুবালে ---------- মুক্ত হয়। এই বিক্রিয়াত কপাৰে --------------  হিচাপে কাম কৰে।

(xx) --------------- ক্ষাৰকীয় দ্ৰৱৰ PH ৰ মান সদায় 7 তকৈ

(xxi) ছ'ডা ------------- অম্ল অগ্নি নির্বাপক যন্ত্রত ------------- কৰা হয়। ৰ ব্যৱহাৰ

(xxii) পানীক বীজাণুৰ পৰা মুক্ত কৰিবলৈ ---------------- ব্যৱহাৰ কৰা হয়।

(xxii) বেকিং ছ'ডা উৎপাদনৰ বাবে এবিধ কেঁচা দ্রব্য হ'ল --------------

(xxiv) খাদ্য অজীর্ণ হ'লে পাকস্থলীত যথেষ্ট পৰিমাণৰ --------------- ৰ উৎপাদন হয়, যাৰ বাবে পাকস্থলীত বিষ অনুভৱ হয়।

3. সঁচা আৰু মিছা নিৰ্ণয় কৰা-

(i) এছিডে ধাতুৰ লগত বিক্রিয়া কৰি হাইড্ৰ'জেন গেছ আৰু ধাতুটোৰ লৱণ প্রস্তুত কৰে।

(ii) মেগনেছিয়ামে অতি লঘু নাইট্রিক এছিডৰ লগত বিক্রিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে।

(iii) এছিডে ধাতুৰ বাইকার্বনেটৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাইঅক্সাইড উৎপন্ন কৰে।

(iv) এছিডে ধাতুৰ অক্সাইডেৰে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

(v) এছিড আৰু ক্ষাৰকবোৰ বিদ্যুৎ অবিশ্লেষ্য পদার্থ।

(vi) আছেনিক এছিডৰ এনায়নৰ নাম আৰ্ছেনাইট।

(vii) আয় 'ডিক এছিড আৰু পাৰআয়'ডিক এছিডৰ এনায়ন ক্রমে আয় 'ডেট আৰু পাৰআয় 'ডেট।

(viii) লিটমাছ হৈছে জাৰণ-বিজাৰণ সূচক।

(ix) এছিডে ৰঙা লিটমাছৰ ৰং নীলা কৰে।

(x) ফেনলস্থলিন এটা প্রাকৃতিক সূচক।

(xi) অম্ল আৰু ক্ষাৰক দুয়োটাই পানীত দ্রবণীয় হয়।

(xii) আম্লিক মাটিত পৰম PH পাবলৈ হ'লে মাটিৰ সৈতে লঘু কার্বনিক এছিড মিহলি কৰিব লাগে।

(xiii) কপাৰ চালফেটৰ স্ফটিক সদায় সেমেকি থাকে, কাৰণ ইয়াৰ স্ফটিকীকৰণত পানী থাকে।

(xiv) প্লাষ্টাৰ অব্ পেৰিচ সদায় আর্দ্রতাবিহীন পাত্ৰত সঞ্চয় কৰা হয়।

(xv) ব্লিচিং পাউডাৰে লঘু এছিডৰ সৈতে বিক্ৰিয়া কৰি ক্লৰিণ উৎপন্ন কৰে।

4. ভিনেগাৰত পোৱা এছিডটোৰ নাম লিখা।

5. কেৰেলাৰ সোৱাদ কিয় তিতা হয়?

6. অম্ল বুলিলে কি বুজা?

7. তীব্র এছিড কাক বোলে? উদাহৰণ দিয়া।

8. মৃদু এছিড কাক বোলে? উদাহৰণ দিয়া।

9. H₃O+ আয়নটোক কি বুলি জনা যায়?

10. ক্ষাৰক কাক বোলে? উদাহৰণ দিয়া।

11. এলকালি কি? উদাহৰণ দিয়া।

12. এবিধ তীব্র আৰু এবিধ মৃদু ক্ষাৰকৰ উদাহৰণ দিয়া।

13. নেমুটেঙাৰ চৰ্বতত এটোপাল নীলা লিটমাছৰ দ্ৰৱ যোগ কৰিলে কেনেকুৱা পৰিবৰ্তন হয়?

14. সুমথিৰাৰ ৰস আম্লিক নে ক্ষাৰকীয় লিটমাছৰ সহায়ত কেনেদৰে প্ৰমাণ কৰিবা।

15. চুণ পানী কিয় ক্ষাৰকীয়?

16. ফলৰ ৰস আৰু দৈক তাম বা কাঁহ-পিতলৰ পাত্ৰত কিয় ৰখা নহয়?

17. অক্সি এছিড কাক বোলে? উদাহৰণ দিয়া।

18. লিটমাছ ৰঞ্জক পদাৰ্থটো কোন উদ্ভিদৰ পৰা আহৰণ কৰা হয়?

19. সুচক কাক বোলে? উদাহৰণ দিয়া।

20. ঘ্রাণেন্দ্রিক সূচক বুলিলে কি বুজা?

21. লঘু HCI আৰু ধাতুৰ অক্সাইডৰ মাজত ঘটা বিক্রিয়া এটা লিখা।

22. ধাতৱীয় অক্সাইডক কিয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা • হয়?

23. সার্বজনীন সূচক কি?

24. PH কি?

25. আম্লিক লৱণ কি? উদাহৰণ দিয়া।

26. ক্ষাৰকীয় লৱণ কি? উদাহৰণ দিয়া।

27. ক্লৰ'-এলকালি পদ্ধতিৰে উৎপাদন কৰা দ্ৰব্যৰ নাম লিখা।

28. তলত উল্লেখ কৰা লৱণসমূহৰ ৰাসায়নিক সংকেত লিখা। কাপোৰ ধোৱা ছ'ডা, বেকিং ছ'ডা, ব্লিচিং পাউডাৰ।

29. উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিত কোন প্ৰকাৰৰ PH থকা উচিত?

30. মৌ-মাখিয়ে কামুৰিলে আমাৰ শৰীৰত কি এছিড সুমুৱাই দিয়ে?

31. সাধাৰণ নিমখৰ হাইগ্র'স্ক'পিক প্রকৃতি বুলিলে কি বুজা?

32. ছডিয়াম হাইড্র'জেন কাৰ্ব'নেটৰ সাধাৰণ নাম কি?

33. এবিধ পানীত দ্ৰৱণীয় আৰু এবিধ পানীত অদ্ৰৱণীয় ধাতু কাৰ্ব'নেটৰ নাম লিখা।

34. হাইড্র'জেনক কিহত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়?

35. ঘৰত ব্যৱহৃত পানী, বিশুদ্ধ পানী আৰু সাগৰীয় পানীৰ ভিতৰত কোন প্ৰকাৰৰ পানী বিদ্যুতৰ বাবে উত্তম পৰিবাহী নহয়? 

36. ছালফিউৰিক এছিডক 'ৰসায়নিক পদাৰ্থৰ ৰজা' বুলি কোৱ হয়, কিয়?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. অম্ল ক্ষাৰক সূচক কি? দুটা সংশ্লেষিত অম্ল-ক্ষাৰক সূচকৰ নাম লিখা।

2. গাঢ় অম্ল আৰু লঘু অম্লৰ মাজৰ পাৰ্থক্য কি? প্ৰত্যেকৰে পৰা দুটাকৈ উদাহৰণ দিয়া।

3. লঘু ক্ষাৰক আৰু গাঢ় ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা। প্রত্যেকৰে বাবে দুটাকৈ উদাহৰণ দিয়া।

4. তলত দিয়া সমূহৰ পৰা লঘু অম্ল আৰু ক্ষাৰক; গাঢ় অম্ল আৰু ক্ষাৰকসমূহ বাছি উলিওৱা-

    HNO₃, CH₃COOH, NH₄OH, KOH, H₂CO₃, Ca(OH)₂, HCl

5. অতি বেছি ভোজনৰ বাবে পাকস্থলীৰ ভিতৰত পোৰণি উঠা যেন অনুভৱ হয়? এই ক্ষেত্ৰত ব্যৱহাৰ কৰা ঔষধ বিধক কি বুলি কোৱা হয়?

6. বেকিং ছ'ডা উৎপাদনৰ ক্ষেত্ৰত কি পদ্ধতি অৱলম্বন কৰা হয়?

7. প্লাষ্টাৰ অব্ পেৰিছ কেনেদৰে প্ৰস্তুত কৰা হয়? এই ক্ষেত্রত কি বিক্রিয়া ঘটে?

8. কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত লিখা। কাপোৰ ধোৱা ছ'ড়া নবন্ধাকৈ ৰাখিলে বা বায়ুত মুক্ত কৰি থ'লে কি ঘটিব?

9. Slaking of lime এ কি বুজায়? এই প্রক্রিয়াত কিয় শব্দৰ উৎপত্তি হয়? ইয়াত ঘটা বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা।

10. তলত দিয়া জুলীয়া পদাৰ্থ সমূহৰ PH ৰ মান লিখা-

(i) নেমুটেঙাৰ ৰস

(ii) পাতিত পানী

(iii) IM ছডিয়াম হাইড্র'ক্সাইড দ্ৰৱ

(iv) বিলাহীৰ ৰস

11. বেকিং পাউদাৰ কি? এই পাউডাৰে কেনেকৈ কেক বিস্কুট কোমল আৰু স্পঞ্জি কৰি তোলে?

12. ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত লিখা। ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয়? কাগজ উদ্যোগত কি কামৰ বাবে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়?

13. মুখৰ ভিতৰত PH ৰ মান 5.5 তকৈ কমি গ'লে কিয় দাঁতৰ পাচন আৰম্ভ হয়?

14. দৈ গাখীৰক কিয় তাম বা পিতলৰ পাত্ৰত ৰখা নহয়? এই পাত্ৰক সুৰক্ষাৰ বাবে কি কৰা হয়?

15. "সকলোবোৰ এলকালি ক্ষাৰক, কিন্তু সকলোবোৰ ক্ষাৰক এলকালি নহয়" উক্তিটোৰ ওপৰত মন্তব্য দাঙি ধৰা।

16. আম্লিক বৰষুণ কি? ইয়াৰ PH ৰ মান কিমান? এই বৰষুণে জলজ প্রাণীক কেনেদৰে প্ৰভাৱিত কৰে?

17. (a) তলত দিয়াবোৰৰ ওপৰত লিটমাছৰ কাৰ্য লিখা-

(i) শুষ্ক এম'নিয়া গেছ

(ii) পানী আৰু এম'নিয়া গেছৰ দ্ৰৱ

(b) তলত দিয়া জলীয় দ্ৰৱৰ সৈতে এম'নিয়াম হাইড্র 'ক্সাইড লগ লাগিলে কি ঘটিব নিৰীক্ষণ কৰা-

(i) ফেৰাছ ছালফেট 

(ii) এলুমিনিয়াম ক্ল'ৰাইড

18. অম্লৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

19. বায়ুত ব্লিচিং পাউডাৰৰ এক নির্দিষ্ট গোন্ধ পোৱা যায় কিয়? কি বিক্রিয়া ঘটে লিখা।

20. গাঢ় চালফিউৰিক এছিডৰ পৰা কেনেদৰে লঘু চালফিউৰিক এছিড প্রস্তুত কৰিবা লিখা। তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা।

21. তলত দিয়া এছিডবোৰৰ প্ৰাকৃতিক উৎসৰ নাম লিখা

  (a) মিথানয়িক এছিড

  (b) অজেলিক এছিড

  (c) ছাইট্রিক এছিড

  (d) এছকর্বিক এছিড

22. তলত দিয়া এছিডবোৰৰ প্ৰাকৃতিক উৎসৰ নাম লিখা

  (a) ইথানয়িক এছিড

  (b) টাৰটাৰিক এছিড

  (c) লেকটিক এছিড

  (d) হাইড্র'ক্ল'ৰিক এছিড

23. ছ'ডিয়াম কার্বনেট আৰু ছডিয়াম বাইকার্বনেটত পনীয়া হাইড্র'ক্ল'ৰিক এছিড যোগ কৰিলে কার্বনডাই অক্সাইড, ছ'ডিয়াম ক্ল'ৰাইড আৰু পানী উৎপন্ন হয়। ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত লিখা।

24. ক্ষাৰকৰ চাৰিটা প্রধান ধর্ম উল্লেখ কৰা।

25. এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে কি গেছ উৎপন্ন হয়? এটা উদাহৰণৰে চমুকৈ বুজাই লিখা।

26. ধাতুৰ কাৰ্ব নৈটত পনীয়া এছিড যোগ কৰিলে কি হয়? উৎপন্ন হোৱা গেছটোক চুণ পানীৰ মাজেদি যাবলৈ দিলে কি হ'ব? সমতুল সমীকৰণৰ সহায়ত এটা উদাহৰণ সহ বুজাই লিখা।

27. এছিড, প্রশম আৰু ক্ষাৰকীয় মাধ্যমত হালধীৰ বৰণ কেনেকুৱা হয় লিখা।

28. এছিড, প্রশম আৰু ক্ষাৰকীয় মাধ্যমত লিটমাছৰ বৰণ কেনেকুৱা হয় লিখা।

29. এছিড, প্রশম আৰু ক্ষাৰকীয় মাধ্যমত ফেনলিনৰ বৰণ কেনেকুৱা হয় লিখা।

30. এছিড, প্রশম আৰু ক্ষাৰকীয় মাধ্যমত মিথাইল অৰৈঞ্জৰ বৰণ কেনেকুৱা হয় লিখা।

31. দুটা প্রাকৃতিক সূচকৰ নাম লিখা।

32. H₂SO₄ ৰ দ্ৰৱ আম্লিক কিন্তু C₂H₅OH ৰ দ্ৰৱ আম্লিক নহয়। ব্যাখ্যা কৰা।

33. Na₂CO₃আৰু MgSO₄ প্রস্তুত কৰিবলৈ কি কি অম্ল আৰু ক্ষাৰকৰ প্ৰয়োজন হ'ব। সমতুল বিক্রিয়াৰে বুজাই লিখা।

34. তলত দিয়া এছিডবোৰৰ পৰা তীব্ৰ আৰু মৃদু এছিডবোৰ বাছি উলিওৱা।

HCI, CH₃ COOH, H₂CO₃, NHO₃, H₂C₂O, HBr

35. চূণ পানীৰ মাজেদি কার্বনডাই অক্সাইড গেছ যাবলৈ দিলে কি কি বিক্রিয়া সংঘটিত হয় বুজাই লিখা। 

36. তলত দিয়া এছিডকেইটাৰ নাম লিখা

HOI, H₂SO₄, HOCI, HClO₄

37. ৰঙা বন্ধা কবিৰ পাতৰ পৰা প্ৰাকৃতিক সূচক এটা কেনেদৰে প্ৰস্তুত কৰিব পাৰি? এই সূচকৰ বৰণ বিভিন্ন মাধ্যমত কেনে হয় উল্লেখ কৰা।

38. লিটমাছ পেপাৰৰ ওপৰত তলত উল্লেখ কৰা সমূহৰ কাৰ্য কেনেকুৱা হ'ব লিখা- 

শুষ্ক HCI গেছ, আর্দ্র NH₃ গেছ, নেমুটেঙাৰ ৰস, কার্বনেটযুক্ত মৃদু পনীয়, দৈ গাখীৰ, চাবোন দ্ৰৱ

39. কণীৰ খোলাৰ ওপৰত নাইট্রিক এছিড দিলে কি ঘটিব?

4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)

1. কেক প্ৰস্তুত কৰিবৰ বাবে বেকিং পাউডাৰ ব্যৱহাৰ কৰা হয়। যদি তোমাৰ ঘৰত তোমাৰ মাৰাই বেকিং পাউডাৰৰ পৰিৱৰ্তে বেকিং চ'ড়া ব্যৱহাৰ কৰে-

(a) কেকৰ সোৱাদ কেনেকুৱা হ'ব? আৰু কিয় হ'ব?

(b) বেকিং চ'ডাক কেনেদৰে বেকিং পাউডাৰলৈ ৰূপান্তৰ কৰিব পাৰি?

(c) বেকিং চ'ডাত দিয়া টাৰটাৰিক এছিডৰ কাম কি লিখা।

2. ধাতবীয় কার্বনেট আৰু ধাতবীয় হাইড্র'জেন কার্বনেট লৱণৰ সৈতে এছিডৰ বিক্রিয়া দেখুৱাবলৈ এটা পৰীক্ষাৰ বিষয়ে লিখা।

3. (a) পানীৰ আয়নীয় দ্রব্য আৰু PHৰ মান বুলিলে কি বুজা?

(b) তোমাক IM H₂SO₄, দ্ৰৱ দিয়া হৈছে। তুমি কেনেদৰে এই দ্ৰৱৰ পৰা PH = 2 থকা 400 ml দ্ৰৱ প্ৰস্তুত কৰিবা।

(c) কঠিন NaOH ব্যৱহাৰ কৰি, তুমি কেনেদৰে PH=2 ৰ 400 ml দ্ৰৱ প্ৰস্তুত কৰিবা?

4. (a) তিনিটা গুৰুত্বপূৰ্ণ খনিজ অম্লৰ নাম লিখা। প্রত্যেকৰে দুটা ব্যৱহাৰ উল্লেখ কৰা।

(b) এটা স্বাভাৱিক লৱণ আৰু আম্লিক লৱণৰ মাজৰ পাৰ্থক্য কি? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

5. (a) বিভিন্ন প্ৰকাৰৰ অক্সাইডসমূহক তুমি কেনেদৰে তিনিটা ভাগত ভাগ কৰিবা? উপযুক্ত উদাহৰণসহ ব্যাখ্যা কৰা।

(b) এলকালি আৰু ক্ষাৰৰ মাজৰ পাৰ্থক্য লিখা। উপযুক্ত উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

6. লৱণক কেনেদৰে বিভিন্ন প্ৰকাৰত শ্ৰেণীবিভাজন কৰিবা? প্রত্যেক প্ৰকাৰৰে দুটাকৈ উদাহৰণ দিয়া।

7. প্রকৃতিৰ পৰা সাধাৰণ নিমখ কেনেদৰে পাব পাৰি? প্রত্যেক উৎসৰ পৰা এই নিমখ কেনেদৰে আহৰণ কৰিব পাৰি? সাধাৰণ নিমখৰ চাৰিটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

8. কাপোৰ ধোৱা চ'ডা প্ৰস্তুত কৰা চ'লভেৰ পদ্ধতিৰ বিভিন্ন ক্রমসমূহ লিখা। ইয়াৰ ব্যৱহাৰসমূহ উল্লেখ কৰা।