90% Common Question


Buy Now Class 10 All Subject 90% Common Answer

Price All Subject 490/-

Product Code:: DAM000097

Buy Now


Paid Answer Update PDF


HSLC 2015

1. লোহা জোৰ দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়। ইথাইনৰ লগত বায়ুৰ মিশ্রণ কিয় ব্যৱহাৰ কৰা নহয়?

2. প্ৰ'পেনৰ অণু এটাত

(a) 10 সহযোজী বান্ধনি থাকে

(b) 9 সহযোজী বান্ধনি থাকে

(c) ৪ সহযোজী বান্ধনি থাকে 

(d) 11 সহযোজী বান্ধনি থাকে

3. ইথানলক ইথান'য়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? বিক্ৰিয়াটো লিখা।

4. পৰীক্ষাৰ সহায়ত এলক'হল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্রভেদ কিদৰে দেখুৱাব পাৰি?

5. এটা জৈৱ যৌগ 'A' আচাৰ সংৰক্ষণত বহুল ভাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ আণৱিক সংকেত C₂H₂O₂। এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰি এটা সুগন্ধি দ্রব্য 'B' উৎপন্ন কৰে।

  (i) 'A' যৌগটো চিনাক্ত কৰা।

  (ii) এই যৌগটোৱে ইথানলৰ লগত বিক্ৰিয়া কৰি 'B' যৌগ উৎপন্ন কৰা বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা।

  (iii) 'B' যৌগটোৰ পৰা 'A' যৌগটো পুনৰ কেনেকৈ ঘূৰাই পাব পাৰি?

  (iv) 'B' যৌগটোক 'A' যৌগলৈ কৰা ৰূপান্তৰ প্ৰক্ৰিয়াটোৰ নাম আৰু ইয়াৰ ৰাসায়নিক সমীকৰণ লিখা।

HSLC 2016

1. ইথেনৰ ইলেকট্রন বিন্দু গঠন আঁকা।

2. তলৰ যৌগটোৰ গঠন আঁকা:

ইথানয়িক এছিড

3. Bএটা প্রতিস্থাপন বিক্ৰয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া।

4. অধিক পৰিমাণ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা।

5. ৰাসায়নিক সমীকৰণৰ সৈতে দহন বিক্রিয়া এটাৰ উদাহৰণ দিয়া।

6. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ।

7. সমগণীয় শ্রেণী কাক বোলে? দুটা সমগণীয় শ্ৰেণীৰ নাম লিখা।

8. তলৰ কোনবোৰ হাইড্ৰ'কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়? 

     C₂H₆,C₃H,C₂H, CH

HSLC 2017

1. তলত দিয়া কোনবোৰ একে সমগণীয় শ্রেণীৰ অন্তৰ্গত?

C₃H₈, C₄H₈, C₄H₆, C₃H₆

2. চাইক্ল 'পেন্টেনৰ সংকেত আৰু ইলেকট্রন বিন্দু গঠন লিখা।

3. ব্রম'পেপ্টেনৰ গঠন চিত্র আঁকা।

4. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

5. ইথানলৰ লগত ছ'ডিয়াম ধাতু যোগ কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা?

6. হাইড্র'জেনছন বিক্রিয়া কি? এটা উদাহৰণ দিয়া।

7. পৰীক্ষাৰ সহায়ত এলক' হল আৰু কার্বক্সিলিক এছিডৰ মাজৰ পার্থক্য কেনেদৰে দেখুৱাবা? ৰাসায়নিক সমীকৰণ লিখা।

8. বিউটেনৰ (C₂H₁₀) বাবে কিমানটা গঠন সমযোগী আঁকিব পাৰিবা? প্ৰতিটোৰ নাম লিখা।

HSLC 2018

1. তলৰ যৌগবোৰৰ নামবোৰ লিখাঃ

(i) CH₃-CH₂-Br




2. ক্ষাৰকীয় KMnO₄ নাইবা আম্লিক K₂Cr₂O₇ ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা।

3. এটা উদাহৰণেৰে সৈতে প্রতিস্থাপন বিক্রিয়া ব্যাখ্যা কৰা।

4. ছ'ডিয়াম কার্বনেটৰ সৈতে ইথান 'য়িক এছিডে বিক্রিয়া কৰিলে কি কি বিক্রিয়াজাত পদার্থ উৎপন্ন হয়? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা।

5. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা।

HSLC 2019

1. লোহা জোৰ দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়। ইথাইনৰ লগত বায়ুৰ মিশ্রণ কিয় ব্যৱহাৰ কৰা নহয়?

2. এষ্টাৰিভৱন বিক্রিয়া কি? এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা।

3. তলত দিয়া যৌগবোৰৰ গঠন-চিত্র আঁকা:

  (i) হেক্সানেল

  (ii) প্র'পান'ন

4. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।

HSLC 2020

1. পৰীক্ষাৰ সহায়ত এলক' হল আৰু কার্বক্সিলিক এছিডৰ মাজৰ পার্থক্য কেনেদৰে দেখুৱাবা? ৰাসায়নিক সমীকৰণ লিখা।

2. ইথানয়িক এছিডে কার্বনেট আৰু হাইড্ৰ'জেন কার্বনেটৰ লগত কিদৰে বিক্রিয়া কৰে? ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা।

3. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া বাখ্যা কৰা।

HSLC 2022

1. লোহা জোৰ দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়। ইথাইনৰ লগত বায়ুৰ মিশ্রণ কিয় ব্যৱহাৰ কৰা নহয়?

2.  ইথানলক ক্ষাৰকীয় KMnO₄ -ৰ সৈতে উত্তপ্ত কৰিলে সংঘটিত হোৱা বিক্রিয়াটো লিখা। এই বিক্ৰিয়াটোৰ বিক্রিয়াজাত পদাৰ্থটোৰ নাম লিখা।

3. তলত দিয়াবোৰৰ ইলেক্ট্রন বিন্দু গঠন আঁকা:

  (i) প্র'পানল

  (ii) প্র'পাইন

4. বিউটেনৰ গঠন সমযোগী দুটাৰ গঠন আৰু সিহঁতৰ নাম লিখা।

Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. (i) কাৰ্বন যৌগৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ?

  (1) বিদ্যুতৰ সু-পৰিবাহী

  (2) সিঁহতৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল বেছি নাথাকে।

  (3) বিদ্যুতৰ কু-পৰিবাহী

  (4) সিঁহতৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল বেছি।

   (a) (1) আৰু (4) 

   (b) (3) আৰু (4)

   (c) (1) আৰু (2) 

   (d) (3) আৰু (2)

(ii) এলকাইন সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটো হ'ল-

  (a) প্র'পাইন

  (b) ইথিন

  (c) ইমাইন

  (d) মিথেন

(iii) CH₃-CH-CHO যৌগটোৰ নাম-

  (a) ইমানল

  (b) ইমানল

  (c) প্র'পেন

  (d) প্র'পানল

(iv) তলৰ কোনটো যৌগৰ বাবে কাৰ্যকৰী থুপ -OH

  (a) বিউটান'ন

  (b) বিউটানল

  (c) বিউটানইক এছিড

  (d) বিউটানল।

(v) চাৰিটা কাৰ্বনযুক্ত যৌগ বিউটান'নৰ কাৰ্যকৰী থুপটো হ'ল-

  (a) এলক 'হল

  (b) কিট'ন

  (c) এলডিহাইড

  (d) কার্বক্সিলিক এছিড

(vi) ইথানয়িক এছিডে কার্বনেট আৰু হাইড্র'জেন কাৰ্ব নেটৰ সৈতে বিক্রিয়া কৰি লৱণ, কার্বন ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰে। এই বিক্রিয়াত উৎপাদিত লৱণক সাধাৰণতে বোলে।

  (a) ছডিয়াম এচিটেট

  (b) পটাছিয়াম এচিটেট

  (c) ছডিয়াম ক্ল'ৰাইড

  (d) পটাছিয়াম ক্ল'ৰাইড

2. খালী ঠাই পূৰণ কৰা:

(i) আয়নীয় যৌগবোৰত কেটায়ন আৰু এনায়নৰ মাজত ________ বলৰ পৰিমাণ অতিশয় বেছি।

(ii) ইথাইনৰ অণুত __________ একবন্ধনি আৰু ত্রিবন্ধনি থাকে।

(iii) ক্ল'ৰিন অণুত দুয়োটা পৰমাণুৰ মাজত __________ সমভাগ হৈ থাকে।

(iv) ইথিন অণুত _________ ডাল এক-বান্ধনি আৰু ডাল __________ দ্বি-বান্ধনি আছে।

(v) ইথিনৰ আণৱিক সংকেত হৈছে __________ 

(vi) কাৰ্বনৰ পাৰমাণৱিক সংখ্যা ____________ আৰু ইয়াৰ ইলেক্‌ট্রনীয় বিন্যাস হৈছে ________।

(vii) কাৰ্বনৰ অষ্টকটো পূৰ্ণ হ'বৰ বাবে _________ ইলেক্‌ট্ৰনৰ আৱশ্যক।

(viii) সমগণীয় শ্রেণী এটাৰ দুটা কাষৰীয়া সমগণ __________ মূলৰ দ্বাৰা পৃথক হৈ থাকে।

(ix) জৈৱযৌগবোৰ __________ দ্ৰাৱকত দ্ৰৱীভুত হয়।

(x) __________ ধৰ্মৰ কাৰণে কাৰ্বনে মুক্ত শৃংখল যৌগ উৎপন্ন কৰে।

(xi) জৈৱযৌগবোৰ তাপ আৰু বিদ্যুতৰ __________

(xii) কাৰ্বন পৰমাণুৰ যোজ্যতা সদায়েই __________

(xiii) কার্বনে পৰস্পৰে যোজিত হৈ থকা C - C বান্ধনিৰ দ্বাৰা অতি দীঘল __________ গঠন কৰিব পাৰে। দুটা কাৰ্বন পৰমাণুৰ মাজৰ বান্ধনিবোৰ ___________ বা _________ বান্ধনি হ'ব পাৰে।

(xiv) মুক্ত শৃংখল কার্বন যৌগবোৰক ___________ যৌগ বুলিও কোৱা হয়।

(xv) পার্শ্ববর্তী কাৰ্বন পৰমাণুৰ মাজত একান্তৰভাৱে এক বান্ধনি আৰু দ্বিবান্ধনি থকা বিশেষ চক্রীয় যৌগ কিছুমানক ___________ বুলি কোৱা হয়।

(xvi) সংপৃক্ত হাইড্র'কাৰ্বনবোৰক __________ বুলিও কোৱা হয়।

(xvii) মিথেনে বিক্ষিপ্তসূৰ্য্যৰ পোহৰত ক্ল'ৰিনেৰে বিক্ৰিয়া কৰি _________ উৎপন্ন কৰে।

(xviii) যিবোৰ বিক্ৰিয়াত অসংপৃক্ত হাইড্র'কার্বন এটাই অন্য অণু এটাৰ সৈতে বিক্ৰিয়া কৰি এটাই মাত্র বিক্রিয়াজাত উৎপন্ন কৰিলে সেই বিক্রিয়াটোক __________ বিক্রিয়া বুলি কোৱা হয়। 

(xix) যিবোৰ অসংপৃক্ত হাইড্র'কার্বনত এডাল কার্বন-কার্বন দ্বি বান্ধনি থাকে, তাকে _________ বুলি কোৱা হয়।

(xx) যিবোৰ অসংপৃক্ত হাইড্র'কার্বনত এডাল কার্বন-কার্বন ত্রিবান্ধনি থাকে, তাকে _________ বুলি কোৱা হয়।

3. তলত দিয়া উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু ভুল উক্তিবোৰ শুধৰাই লিখা -

(i) সম্ভ্রান্ত গেছৰ বাদে বাকীবোৰ মৌলৰ পৰমাণুৰ বহিঃকক্ষত সদায়েই আঠটাতকৈ বেছি ইলেক্ট্রন থাকে।

(ii) অণু এটাত পৰমাণুবোৰ যি আকর্ষণীয় বলৰ দ্বাৰা বান্ধ খাই থাকে সেই বলকে ৰাসায়নিক বন্ধন বোলে।

(iii) মৌলৰ পৰমাণু এটাৰ বহিঃকক্ষৰ ইলেক্ট্রনবোৰক যোজক ইলেক্ট্রন বোলে।

(iv) অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8। গতিকে অক্সিজেনৰ যোজক কক্ষত 8 টা ইলেক্‌ট্রন থাকে।

(v) CI- আয়নৰ ইলেক্ট্রনীয় বিন্যাস নিয়ন (Ne) ইলেক্ট্রনীয় বিন্যাসৰ সৈতে একে।

(vi) হলে盞যোজী যৌগবোৰ অধৱীয় দ্রাৱকত দ্ৰৱণীয় কিন্তু ধ্রুবীয় দ্রাৱকত অদ্ৰৱণীয়।

(vii) ইলেক্ট্রযোজী যৌগবোৰত ধনাত্মক আৰু ঋণাত্মক আধানৰ সংখ্যা সদায় সমান।

(viii) দুটা পৰমাণুৰ মাজত এক-সহযোজী বান্ধনি উৎপন্ন হওঁতে প্রতিটো পৰমাণুৱে আনটো পৰমাণুলৈ একোটাকৈ ইলেক্ট্রন স্থানান্তৰ কৰে।

(ix) সহযোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক ইলেক্ট্রযোজী যৌগতকৈ কম হয়।

4. ইলেক্ট্রন ফুট চিত্র কেনেধৰণে উপস্থাপন কৰা হয়? 

5. ইলেক্ট্রন ফুটচিত্রত মৌলৰ চিহ্নটোৱে কি বুজায়?

6. ইলেক্ট্রন বিন্দু চিত্ৰৰ সহায়ত ইথাইন (C₂H₂) অণুটোৰ গঠন উপস্থাপন কৰা।

7. জৈৱ যৌগবোৰ কি? 

8. জীৱবিজ্ঞানত আকর্ষিত কৰিব পৰা তিনিটা জৈৱ যৌগৰ নাম লিখা।

9. কেটিনেছন মানে কি বুজা?

10. কাৰ্বন পৰমাণু এটাই কেইডাল সহযোগী বান্ধনি গঠন কৰিব পাৰে?

11. জৈৱ ৰসায়ন কাক কোৱা হয়?

12. কার্বনে কিয় সহযোজী বান্ধনিৰ সৃষ্টি কৰে?

13. মিথেন অণুৰ চতফলকীয় চিত্র আঁকা।

14. কি ধৰ্মৰ বাবে কার্বনে মুক্ত শৃংখল যৌগ গঠন কৰিব পাৰে?

15. কার্বনে লক্ষ লক্ষ যৌগ গঠন কৰিব পৰাৰ কাৰণ কি?

16. ইথিন আৰু ইথাইনৰ আণৱিক সংকেত লিখা।

17. বিষম পৰমাণু কাক বোলে? উদাহৰণ দিয়া।

18. কাৰ্যকাৰী মূলক বুলিলে কি বুজা? উদাহৰণ দিয়া।

19. জৈৱ যৌগবোৰত থকা বিভিন্ন প্ৰকাৰৰ বান্ধনিবোৰৰ নাম লিখা।

20. চক্ৰীয় যৌগৰ দুটা উদাহৰণ দিয়া।

21. হাইড্র'কার্বন বুলিলে কি বুজা? উদাহৰণ দিয়া।

22. এলকেন আৰু এলকিনৰ সাধাৰণ সংকেত দুটা লিখা।

23. এলকাইনৰ সাধাৰণ সংকেত কি? এলকাইনৰ দুটা উদাহৰণ দিয়া।

24. প্রতিস্থাপন বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

25. যোগাত্মক বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

26. বহুযোগীকৰণ বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

27. বিউটেন আৰু 2-মিথাইল প্ৰপেনৰ গঠন সংকেত লিখা।

28. পর্যাবৃত্ত তালিকাত কোন স্থানত কার্বন থাকে?

29. জৈৱযৌগবোৰত কাৰ্বনৰ যোজ্যতা কিমান?

30. মুক্ত শৃংখল হাইড্র'কার্বন কাক কয়?

31. জৈৱযৌগবোৰৰ গলনাংক আৰু উতলাংক কম হোৱাৰ কাৰণ কি?

32. বিউটেনৰ তাপ ঘটন কৰিলে কি কি যৌগৰ সৃষ্টি হয়?

33. হাইড্ৰ'কাৰ্বনবোৰক মুঠ কেইটা ভাগত ভাগ কৰিব পাৰি?

34. আৱদ্ধ শৃংখল হাইড্ৰ'কাৰ্বনৰ ভাগ দুটা কি কি?

35. এলিফেটিক হাইড্ৰ'কাৰ্বনবোৰ কেইপ্ৰকাৰৰ হাইড্ৰ'কাৰ্বনত ভাগ কৰা হৈছে আৰু কি কি?

36. প্রপিন আৰু প্ৰপাইনৰ গঠন সংকেত লিখা।

37. দুটা এলিছাইক্লিক যৌগৰ গঠন সংকেত লিখা।

38. এলিফেটিক যৌগবোৰ কি?

39. এৰ'মেটিক যৌগবোৰ কি?

40. দুটা এলকেনৰ নাম লিখা।

41. এলক'হলীয় আৰু কিট'নমূলকৰ সংকেত কেইটা লিখা।

42. সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ অন্য নাম এটা লিখা।

43. কোন যৌগই কঠিন বা গলিত অৱস্থাত বিদ্যুত পৰিবহণ কৰিব পাৰে?

44. কোনে C-60 বা ফলেবিন (Fullerene) ৰ আবিষ্কাৰ কৰিছিল?

45. কাৰ্বনৰ এল'ট্রপ বুলিলে কি বুজা?

46. কাৰ্বনৰ দুটা এল'ট্রপৰ নাম লিখা।

47. কি ঘটিব, যেতিয়া (প্রত্যেকৰ বাবে 1)

  (a) ছডিয়ামৰ সৈতে ইথানলৰ বিক্রিয়া।

  (b) অতিৰিক্ত গাঢ় ছালফিউৰিক এছিডৰ উপস্থিতিত 443K উষ্ণতাত ইথানল উত্তপ্ত কৰিলে।

  (c) এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিডৰ সৈতে পৰম ইথানলৰ বিক্ৰিয়া কৰিলে।

  (d) ইথানয়িক এছিডৰ সৈতে ছডিয়াম হাইড্র 'ক্সাইডৰ বিক্রিয়া ঘটিলে।

  (e) ইথানয়িক এছিডৰ সৈতে কাৰ্ব'নেটৰ বিক্ৰিয়া ঘটিলে।

48. কণাপুঞ্জ (micelle) কি?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. এলকেনবোৰ কি? ইহঁতক পেৰাফিন বোলা হয় কিয়? প্রথম দুটা এলকেনৰ গঠন সংকেত লিখা।

2. এলকেনৰ সাধাৰণ সংকেত কি? ইহঁতক কিয় পেৰাফিন বোলা হয়?

3. প্ৰতিটোৰ গঠন সংকেতসহ এটাকৈ উদাহৰণ দিয়া।

  (i) এটা এলিছাইক্লিক যৌগ আৰু

  (ii) এটা এৰ'মেটিক যৌগ।

4. এলকিন আৰু এলকাইনৰ সাধাৰণ আণৱিক সংকেত লিখা। প্রতিবিধৰ একোটাকৈ উদাহৰণ দিয়া।

5. জৈৱ যৌগত কাৰ্বনৰ সহযোজ্যতা চাৰি হয় কিয়?

6. সমগণীয় শ্রেণী কি? সমগণীয় শ্ৰেণীৰ এটা বৈশিষ্ট্য লিখা।

7. এলকেনৰ প্ৰথম চাৰিটা সমগণৰ নাম লিখা আৰু আণৱিক সংকেত লিখা।

8. তাপ অপঘটন কাক বোলে? বিউটেনৰ তাপ অপঘটনত উৎপন্ন হোৱা দুটা যৌগৰ নাম লিখা।

9. এলকেন, এলকিন আৰু এলকাইনৰ সাধাৰণ আণৱিক সংকেত লিখা। এলকেনৰ পৰা এটা হাইড্ৰ'জেন আঁতৰালে সৃষ্টি হোৱা মূলকটোৰ নাম কি?

10. বেনজিন আৰু নেপথেলিন কোনবিধ হাইড্ৰ'কাৰ্বনৰ অন্তৰ্গত? দুয়োটাৰ গঠন সংকেত লিখা।

11. এলকিল মূলকৰ সাধাৰণ সংকেত লিখা। দুটা এলকিল মূলৰ আণৱিক সংকেত লিখা।

12. এলকিন শ্ৰেণীৰ প্ৰথম চাৰিটা সমগণৰ নাম আৰু আণৱিক সংকেত লিখা।

13. জৈৱ যৌগবোৰৰ তিনিটা ধৰ্ম উল্লেখ কৰা।

14. চমুটোকা লিখাঃ

  (a) সমগণীয় শ্রেণী

  (b) কেটিনেছন

  (c) কাৰ্বনৰ চতুৰ্যোজ্যতা

  (d) আৱদ্ধশৃংখল হাইড্র'কার্বন।

15. চাৰিটা কাৰ্য্যকৰী মূলকৰ নাম লিখি উদাহৰণ দিয়া।

16. সম নিউক্লীয় অণু আৰু বিষম নিউক্লীয় অণুৰ দুটাকৈ। উদাহৰণ দিয়া।

17. ইলেক্ট্রন ফুট চিত্ৰৰ সহায়ত NaCl আৰু CH₄ অণুৰ গঠন ব্যাখ্যা কৰা।

19. আয়নীয় যৌগৰ প্ৰধান ধর্মকেইটা লিখা।

20. সহযোজী যৌগৰ প্ৰধান ধর্মকেইটা লিখা।

21. সহযোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক অতিশয় কম, কিন্তু আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি বেছি হোৱাৰ কাৰণ কি?

22. তলত দিয়াবোৰৰ ইলেক্ট্রন ফুট চিত্র আঁকা:

   O, N³‾, Na, F-

23. ইলেক্ট্রন ফুট চিত্ৰৰ সহায় লৈ CH, অণুৰ গঠন ব্যাখ্যা কৰা।

24. ইমাইনৰ ইলেক্ট্রন ফুটচিহ্নৰ গঠন লিখা আৰু ইয়াৰ গঠনাত্মক সংকেত লিখা।

25. অপমার্জক (detergents) বোৰ চাবোনতকৈ বেছি ভাল পৰিষ্কাৰকৰণ কাৰক, কিয় ব্যাখ্যা কৰা।

26. ইথানলৰ পৰা কেনেদৰে ইথেন প্ৰস্তুত কৰিব পাৰি? ইয়াত ঘটা ৰাসায়নিক বিক্রিয়াটো লিখা।

27. অসংপৃক্ত হাইড্র 'কার্বনত দুটা কাৰ্বন পৰমাণুৰ মাজত কেইবাটাও বন্ধনী থাকে আৰু সিহঁতে যোগাত্মক বিক্রিয়া দেখুৱায়। ইথিনৰ পৰা ইথেন পৃথক কৰাৰ বাবে এটা পৰীক্ষা দেখুওৱা।

28. হেক্সেনৰ সকলোবোৰ সমযোগীৰ গঠন সংকেত লিখা।

29. ইথানলৰ সৈতে ছডিয়ামে বিক্রিয়া কৰিলে এটা গেছ উৎপন্ন হয়। উৎপন্ন গেছটোৰ নাম লিখা আৰু ইয়াত ঘটা বিক্ৰিয়াৰ সমতুল সমীকৰণ লিখা।

30. উদাহৰণৰ সহায়ত কাৰ্বন পৰমাণুৰ ৰাসায়নিক বৈশিষ্ট্যসমূহ লিখা।

31. দহন (Combustion) বিক্রিয়া বুলিলে কি বুজা? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

32. উদাহৰণৰ সহায়ত ইথানয়িক এছিডৰ বৈশিষ্ট্য সমূহ বর্ণনা কৰা।

4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)

1. 1. জৈৱ যৌগবোৰৰ শ্ৰেণীবিভাজন কিদৰে কৰা হয়? প্রত্যেক বিভাগৰে দুটাকৈ উদাহৰণ দিয়া।

2. হাইড্ৰ'কাৰ্বনবোৰ কি? এইবোৰৰ কিদৰে শ্ৰেণী বিভাগ কৰা হয়। প্রত্যেক বিধৰে দুটাকৈ উদাহৰণ দিয়া।

3. অসংপৃক্ত হাইড্ৰ'কাৰ্বনবোৰ কি? যোগাত্মক বিক্ৰিয়াবোৰ কি? উদাহৰণসহ ব্যাখ্যা কৰা।

4. উদাহৰণৰ সহায়ত তলত উল্লেখ কৰা বিক্রিয়াসমূহ ব্যাখ্যা কৰা।

5. C₃ H₆ O ৰ সম্ভাব্য সমযোগীসমূহ অংকন কৰা আৰু সিহঁতৰ ইলেক্ট্রন ফুট চিহ্নৰ গঠন লিখা।

  (a) হাইড্র'জিনেচন বিক্রিয়া

  (b) জাৰণ বিক্রিয়া

  (c) প্রতিস্থাপন বিক্রিয়া

  (d) চেপ'নিফিকেচন বিক্রিয়া

  (e) দহন বিক্রিয়া।

6. (a) হাইড্র'কার্বন কি, উদাহৰণ দিয়া।

  (b) প্ৰত্যেকৰে দুটা উদাহৰণসহ সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ গঠনগত পার্থক্য লিখা।

  (c) কাৰ্যকৰী থুপ কি? চাৰিটা বেলেগ বেলেগ কাৰ্যকৰী থুপৰ উদাহৰণ দিয়া।

7. যেতিয়া ছডিয়াম হাইড্র'জেন কার্ব'নেটে ইথানয়িক এছিডে বিক্ৰিয়া কৰি x নামৰ লৱণ উৎপন্ন কৰে, আৰু গেছ বিধৰ নাম লিখা। পৰীক্ষাৰ সহায়ত প্রমাণ কৰা যে উৎপাদিত গেছবিধ তুমি কোৱা গেছবিধ আৰু তাত ঘটা বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা।