90% Common Question
Buy Now Class 10 All Subject 90% Common Answer
Price All Subject 490/-
Product Code:: DAM000097
HSLC 2015
1. নাইট্ৰ'জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমানৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেক্ট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো মৌল বেছি বিদ্যুৎঋণাত্মক আৰু কিয়?
HSLC 2016
1. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে
(a) বাঢ়ে
(b) একেই থাকে
(c) কমে
(d) ওপৰৰ এটাও নহয়।
2. পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহৰ নাম লিখা।
3. এটা মৌলৰ পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ'ল 2.8.1
(i) মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান?
(ii) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে?
(বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া আছে)
K(19), Cl(17), Mg(12), Ar (18)
1. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ'ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
(a) N (7)
(b) P (15)
(c) F(9)
(d) Ar (18)
2. দুটা মৌল A আৰু B ৰ পাৰমাণৱিক সংখ্যা যথাক্রমে 12 আৰু 17.
(a) A আৰু Bৰ ইলেকট্রনীয় বিন্যাস লিখা।
(b) A আৰু B ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ'ব?
(c) A আৰু Bৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা।
3. কোনটো মৌলৰ দুয়োটা কক্ষই ইলেকট্রন পূর্ণ?
4. কোনটো মৌলৰ ইলেকট্রনীয় বিন্যাস 2.8.3?
5. কোনটো মৌলৰ যোজক কক্ষত চাৰিটা ইলেকট্ৰনেৰে সৈতে তিনিটা কক্ষ আছে?
1. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ উক্তি নহয়?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেক্ট্রনৰ সংখ্যা বাড়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেন্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যি কোনো দুটা)
3. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰাঃ
K আৰু Al
4. সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
5. নাইট্ৰ'জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমানৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেক্ট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো মৌল বেছি বিদ্যুৎঋণাত্মক আৰু কিয়?
1. মৌল Xয়ে XCl₂ সংকেতৰ ক্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Si
(c) Mg
(d) Al
2. কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্রন আছে?
3. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ'ল 2, 8, 7 এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি?
4. লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্ৰ'জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
1. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ'ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
(a) N (7)
(b) P (15)
(c) F(9)
(d) Ar (18)
2. আধুনিক পর্যাবৃত্ত সূত্রটো লিখা। আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কিদৰে দূৰ কৰিছিল?
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কি? নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
HSLC 2022
1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক কি ভিত্তিত সজোৱা হৈছিল? গেলিয়ামৰ উপৰিও আন-কোন কেইটা মৌলৰ বাবে মৌলকেইটা আবিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল?
2. মৌলবোৰক শ্রেণীবিভাজন কৰাৰ প্ৰয়োজনীয়তা কি? নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা।
HSLC 2023
1. K, Na, Ca আৰু Mg ৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম?
2. সত্য বা অসত্য নিৰ্ণয় কৰা: আধুনিক পর্যাবৃত্ত তালিকাত মৌলবোৰক 18 টা থিয় স্তম্ভত আৰু 7 টা অনুভূমিক শাৰীত সজোৱা হৈছে।
3. পর্যাবৃত্ত তালিকাৰ পৰ্যায় আৰু বৰ্গবোৰত ধাতবীয় ধর্ম কেনেদৰে পৰিবৰ্তন হয় ব্যাখ্যা কৰা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. (i) মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা অনুসৰি, মৌলসমূহ পর্যাবৃত্ত তালিকাত সজ্জিত হয়-
(a) পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত
(b) পাৰমাণৱিক ভৰৰ হ্রাসিত ক্ৰমত
(c) পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত
(d) পাৰমাণৱিক সংখ্যাৰ হ্রাসিত ক্ৰমত
(ii) আধুনিক পর্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ-
(a) আধুনিক পর্যাবৃত্ত তালিকাত 7 টা অনুভূমিক থুপ থাকে, তাকে বর্গ (Group) বোলে।
(b) আধুনিক পর্যাবৃত্ত তালিকাত 18 টা অনুভূমিক থুপ থাকে, তাকে পর্যায় (period) বোলে।
(c) আধুনিক পর্যাবৃত্ত তালিকাত 18 টা উলম্ব স্তম্ভ থাকে, তাকে বর্গ বোলে।
(d) আধুনিক পর্যাবৃত্ত তালিকাত 7 টা উলম্ব স্তম্ভ থাকে, তাকে পর্যায় বোলে।
(iii) A, B, C, D, আৰু E মৌলৰ পাৰমাণৱিক সংখ্যা ক্রমে 2,3,7,10 আৰু 30 ত কোনকেইটা মৌল একে পৰ্যায়ৰ অন্তৰ্গত-
(a) A,D,E
(b) B, D, E
(c) A, B, C
(d) B, C, D
(iv) তলৰ কোনটো বৰ্গৰ মৌল এটা সকলোবোৰ জৈৱ যৌগৰ বাবে লাগতিয়াল উপাদান-
(a) ১ ম বর্গ
(b) ১৬ নং বর্গ
(c) ১৪ নং বর্গ
(d) ১৫ নং বর্গ
(v) তলৰ কোনটো মৌলই সহজে ইলেক্ট্রন ত্যাগ কৰিব পাৰে-
(a) Mg
(b) Na
(c) K
(d) Ca
(vi) তলৰ কোনটো মৌলই সহজে ইলেক্ট্রন ত্যাগ নকৰে-
(a) Al
(b) F
(c) Mg
(d) Na
(vii) মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ উলম্ব স্তম্ভ ক বোলে।
(a) বর্গ
(b) পর্যায়
(c) (a) আৰু (b) দুয়োটাই
(d) এটাও নহয়
(viii) তলৰ কোনটো মৌলৰ যোজক ইলেক্ট্রনৰ সংখ্যা সর্বোচ্চ-
(a) P
(c) Al
(d) Na.
(ix) মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ অনুভূমিক স্তম্ভবোৰক ______
(a) বর্গ
(b) (a) আৰু (b) পর্যায়
(c) দুয়োটাই
(d) এটাও নহয়
(x) একা (EKa) - এলুমিনিয়ামত কোন প্ৰকাৰৰ অক্সাইডৰ গঠন কৰে-
(a) E₃O₂
(b) EO₃
(c) EO
(d) E₂O₃
(xi) আধুনিক পর্যাবৃত্ত তালিকাত পাৰমাণৱিক ব্যাসাৰ্দ্ধৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ-
(a) পর্যাবৃত্ত, পাৰমাণবিক ব্যাসার্দ্ধ বাওঁফালৰ পৰা সোঁফাললৈ হ্রাস হয়।
(b) পর্যাবৃত্ত, পাৰমাণৱিক ব্যাসার্দ্ধ বাওঁফালৰ পৰা সোঁফাললৈ বৃদ্ধি হয়।
(c) পর্যাবৃত্ত, পাৰমাণৱিক ব্যাসার্দ্ধ সোঁফালৰ পৰা বাওঁফাললৈ হ্রাস হয়।
(d) পর্যাবৃত্ত, পাৰমাণৱিক ব্যাসার্দ্ধ সোঁফালৰ পৰা বাওঁফাললৈ বৃদ্ধি হয়।
(xii) তলৰ কোনটোৱে ধাতু আৰু অধাতু দুয়োবিধৰে বৈশিষ্ট্য দেখুৱায়-
(a) ধাতুকল্প
(b) সংকৰ ধাতু
(c) ধাতু
(d) অধাতু
(xiii) ধাতুসমূহ হ'ল___
(a) বৈদ্যুতিক ঋণাত্মক
(b) বৈদ্যুতিক ধনাত্মক
(c) (a) আৰু (b) দুয়োটাই
(d) এটাও নহয়।
(xiv) পর্যাবৃত্ত তালিকাৰ, পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয়-
(a) মৌলসমূহ কম ধাতবীয় প্ৰকৃতিৰ হয়
(b) যোজক ইলেক্ট্রনৰ সংখ্যা বৃদ্ধি পায়
(c) পৰমাণুসমূহে সহজে ইলেক্ট্রন ত্যাগ কৰিব পাৰে।
(d) অক্সাইডসমূহ অতি বেছি আম্লিক হয়।
(xv) পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ কোনটো বহিঃতম কক্ষ-
(a) N কক্ষ
(b) M কক্ষ
(c) L কক্ষ
(d) K কক্ষ
(xvi) আধুনিক পর্যাবৃত্ত তালিকাত কোনটো বৰ্গৰ মৌলৰ ইলেক্ট্রনীয় বিন্যাস 2,8
(a) 18 নং বর্গ
(b) 10 নং বর্গ
(c) 8 নং বর্গ
(d) 2 নং বর্গ
(xviii) আধুনিক পর্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ
(1) আধুনিক পর্যাবৃত্ত তালিকাত পাৰমাণবিক সংখ্যাৰ বর্ধিত ক্রমত মৌলসমূহক সজোৱা হয়।
(2) পর্যাবৃত্ত তালিকাত সমস্থানিক সমূহক নিকটবর্তী বর্গত সজোৱা হয়।
(3) আধুনিক পর্যাবৃত্ত তালিকাত পাৰমাণবিক ভৰৰ বর্ধিত ক্রমত মৌল সমূহক সজোৱা হয়।
(4) আধুনিক পর্যাবৃত্ত তালিকাত পাৰমাণবিক সংখ্যাৰ হ্রাসিত ক্রমত মৌল সমূহক সজোৱা হয়।
(a) (4) (b) (4), (2) আৰু (3)
(c) (4), (3) আৰু (1) (d) ওপৰৰ এটাও নহয়।
(xix) A, B, C, D আৰু E মৌলৰ পাৰমাণৱিক সংখ্যা ক্রমে 2, 3,7,10 আৰু 30 কোনকেইটা মৌল এটা পর্যায়ত থাকিব?
(a) B, C D
(b) B, D, E
(c) A, B, C
(d) A, D E
(xx) A, B, C, D আৰু E মৌলৰ পাৰমাণৱিক সংখ্যা ক্রমে 9, 11, 17, 12 আৰু 13 হ'লে, কোনযোৰ মৌলক এটা বৰ্গ (Group)ত ৰাখিব পাৰি?
(a) A আৰু B
(b) A আৰু C
(c) B আৰু D
(d) D আৰু E
(xxi) তলৰ কোনটো মৌলত সর্বোচ্চ পৰিমাণৰ যোজক ইলেকট্রন পোৱা যায়-
(a) P
(b) Al
(c) Na
(d) Si
(xxii) তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসার্দ্ধ সর্বোচ্চ হয়?
(a) Ca
(b) Na
(c) Mg
(d) K.
(xxiii) তলত উল্লেখ কৰা কোনটো মৌলই সহজে ইলেকট্রন ত্যাগ কৰিব পাৰে?
(a) Mg
(b) Na
(c) K
(d) Ca
(xxiv) তলৰ কোনটো মৌলই সহজে ইলেকট্রন ত্যাগ কৰিব নোৱাৰে?
(a) Na
(b) F
(c) Mg
(d) Ap.
(xxv) তলৰ কোনটো মৌলৰ সমস্থানিকৰ বৈশিষ্ট্য-
(1) সমস্থানিকৰ পাৰমাণৱিক ভৰ একে হয়।
(2) সমস্থানিকৰ পাৰমাণৱিক সংখ্যা একে হয়।
(3) সমস্থানিকৰ ভৌতিক ধর্ম একে।
(4) সমস্থানিকৰ ৰাসায়নিক ধর্ম একে।
(a) (1), (2) আৰু (4) (b) (2), (3) আৰু (4)
(c) (2) আৰু (3) (d) (2) আৰু (4)
( xxvi) তলত দিয়া কোন মৌলই আম্লিক অক্সাইড গঠন কৰে-
(a) যি মৌলৰ পাৰমাণৱিক সংখ্যা 19।
(b) যি মৌলৰ পাৰমাণবিক সংখ্যা 12।
(c) যি মৌলৰ পাৰমাণৱিক সংখ্যা 3।
(d) যি মৌলৰ পাৰমাণৱিক সংখ্যা 7।
(xxvii) পর্যাবৃত্ত তালিকাত বর্গসমূহত ক্রমান্বয়ে তললৈ, কোনটোৰ বৃদ্ধি নহয়-
(a) ধাতবীয় বৈশিষ্ট্য
(b) যোজ্যতা
(c) পাৰমাণৱিক ব্যাসার্দ্ধ
(d) পৰমাণুৰ কক্ষ (shell) সংখ্যা।
(xxviii) তলৰ কোনটো অতি বিক্রিয়াত্মক হেল'জেন নহয়-
(a) Br
(b) F
(c) Cl
(d) I
2. শূন্য বৰ্গৰ মৌল কাক বোলে?
3. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলৰ শ্ৰেণীবিভাজনৰ ভিত্তি কি লিখা।
4. দৈৰ্ঘাকৃতিৰ পর্যাবৃত্ত তালিকাত মৌলৰ শ্ৰেণীবিভাজনৰ ভিত্তি কি আছিল লিখা।
5. আমি মৌলসমূহক কিয় শ্রেণীবিভাজন কৰিব লাগে?
6. এটা সম্ভ্রান্ত গেছৰ নাম লিখা, যাৰ যোজক কক্ষত দুটা ইলেকট্রন থাকে।
7. বায়ুমণ্ডলত সবাতোকৈ বেছিকৈ পোৱা সম্ভ্রান্ত গেছ বিধৰ নাম কি?
8. আটাইতকৈ পাতল সম্ভ্রান্ত গেছ বিধৰ নাম লিখা যাৰ যোজক কক্ষত আঠটা ইলেকট্রন থাকে।
9. পর্যাবৃত্ত তালিকা আটাইতকৈ বেছি ধাতবীয় মৌলটোৰ নাম লিখা।
10. পর্যাবৃত্ত তালিকাত আটাইতকৈ বেছি অধাতবীয় মৌলটোৰ নাম কি?
11. এটা ধাতুকল্পৰ নাম লিখা যিটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে?
12. এটা ক্ষাৰকীয় ধাতুৰ নাম যিটো তেজস্ক্রিয় হয়।
13. দুটা মৌলৰ নাম লিখা যাৰ বহিঃকক্ষত মাত্ৰ এটা ইলেকট্রন থাকে।
14. বহিঃকক্ষ ইলেকট্রনৰ সম্পূৰ্ণ হৈ থকা দুটা মৌলৰ নাম লিখা।
15. পাৰমাণৱিক ব্যাসাৰ্দ্ধৰ বৰ্ধিত ক্ৰমত তলৰ মৌলসমূহৰ নাম লিখা।
16. কেলছিয়াম, স্ট্রনছিয়াম আৰু বেৰিয়ামক কিয় মৃত্তিকাক্ষাৰ বুলি কোৱা হয়?
Li, Be, F, N.
17. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সংজ্ঞা লিখা।
18. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সূত্ৰটো লিখা।
19. পর্যাবৃত্ত তালিকাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ একোটা মৌলৰ নাম লিখা যিয়ে উভয়ধর্মী অক্সাইড গঠন কৰে।
20. এটা ধাতু Mৰ অক্সাইডৰ সংকেত হ'ল M₂O₃. যিটো আধুনিক পর্যাবৃত্ত তালিকাৰ তৃতীয় পৰ্যায়ত থাকে। এই ধাতুৰ পাৰমাণৱিক সংখ্যা আৰু যোজ্যতা লিখা।
21. লিথিয়াম জাৰক পদাৰ্থ আৰু ফ্ল'ৰিন এবিধ বিজাৰক পদার্থ। এই উক্তিটো শুদ্ধ নে অশুদ্ধ লিখা।
22. পর্যাবৃত্ত তালিকা প্রথম সকলোতকৈ দীঘল পর্যায়টোত _________ সংখ্যক মৌল থাকে আৰু সিহতৰ পাৰমাণৱিক সংখ্যা _______ ৰ পৰা ________ লৈ, এইবোৰৰ ভিতৰত ________ টা মৌল _______ আৰু ______ টা সংক্রমণশীল মৌল আৰু _______ টা _______ সংক্রমণশীল মৌল।
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. "আধুনিক পর্যাবৃত্ত তালিকাত হাইড্র'জেনে এক বিশেষ স্থান অধিকাৰ কৰি থাকে” উক্তিটোৰ যথার্থতা লিখা।
2. A, B আৰু C তিনিটা মৌলৰ বহিঃকক্ষত থকা ইলেকট্রন ক্রমে 3, 4, আৰু 2. আধুনিক পর্যাবৃত্ত তালিকাৰ কোন বর্গত এই মৌলসমূহ থাকিব আৰু সিহঁতৰ যোজ্যতা কি হ'ব লিখা।