90% Common Question


HSLC 2015

1.  চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে-

  (a) ট্রিপচিনে

  (b) পেপছিনে

  (c) পিত্ত লবণে

  (d) এমাইলেজে

2. জীবৰ গ্লুক'জৰ পৰা নিৰ্গত শক্তিৰ বিভিন্ন পদ্ধতি বর্ণনা কৰা।

3. উদ্ভিদত কেনেকৈ পানী, খাদ্য আৰু আন দ্রব্য সমূহ। পৰিবাহিত হয়? 

HSLC 2016

1. অবাত শ্বসন সম্পন্ন হয়-

  (a) মাইট 'কন্দ্রিয়াত

  (b) ক্ল'ৰ'প্লাষ্টত

  (c) কোষকেন্দ্রত

  (d) চাইট'প্লাজমত

2. মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে হোৱা তেজৰ প্রবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা।

3. মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হোৱা পাচন প্রক্রিয়া বর্ণনা কৰা।

HSLC 2017

1. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল-

  (a) এমাইলেজ

  (b) পেপচিন

  (c) লাইপেজ

  (d) ট্রিপচিন

2. মানুহৰ উশাহ-নিশাহ প্রক্রিয়া বর্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস প্রশ্বাস হাৰ স্থলচৰ প্ৰাণীত কৈ কিয় বেছি?

3. সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনা সমূহ কি? উদ্ভিদে কেনেকৈ CO₂ শোষণ কৰে লিখা।

HSLC 2018

1. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীবৰ কাৰ্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূৰ্ণ কৰা হয় তাক-

  (a) সালোক সংশ্লেষণ বোলে

  (b) বাষ্পমোচন বোলে

  (c) স্থানান্তৰণ বোলে

  (d) দীপ্তফচফ'ৰিলীকৰণ বোলে

2. ভোক আৰু 'পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল-

  (a) প্রমস্তিষ্ক

  (b) মধ্যমস্তিষ্ক

  (c) পশ্চাৎমস্তিষ্ক

  (d) হাইপ'থেলামাছ

3. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা। মূত্র উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা।

4. উচ্চ মাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত বাষ্পমোচন প্ৰক্ৰিয়াৰ ভূমিকা কি?

HSLC 2019

1. আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়

  (a) এমাইলেজ

  (b) ট্রিচিন

  (c) লাইপেজ

  (d) পেচিন

2. সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনা সমূহ কি? উদ্ভিদে কেনেকৈ CO₂ শোষণ কৰে লিখা।

3. আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম লিখা। কণাবিধৰ কাৰ্য উল্লেখ কৰা।

4. মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈর্ঘ্যচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰৱাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাঁড় চিনৰ দ্বাৰা দেখুওৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া।

HSLC 2020

1. অবাত শ্বসন সম্পন্ন হয়-

  (a) মাইট 'কন্দ্রিয়াত

  (b) ক্ল'ৰ'প্লাষ্টত

  (c) কোষকেন্দ্রত

  (d) চাইট'প্লাজমত

2. এখিলা পাতৰ প্রস্থচ্ছেদ আঁকা আৰু তাক সঠিকভাবে চিহ্নিত কৰা।

3. পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা। এইবোৰে কি কার্য প্রদর্শন কবে?

4. 'জৈৱ অনুঘটকবোৰ' কি? এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাৰ আলোচনা কৰা। পাকগ্রন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্র 'ক্লৰিক এছিডৰ কাৰ্য কি?

5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে? জাইলেম আৰু ফ্ৰ'বেম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি?

HSLC 2022

1.  স্ফাইগম'মেনোমিটাৰ এবিধ যন্ত্র, যাক মানুহৰ জুখিবলৈ ব্যৱহাৰ কৰা হয়।

  (a) বক্তচাপ

  (b) তেজত O₂-ৰ মাত্রা

  (c) তেজত শৰ্কৰাৰ মাত্রা 

  (d) তেজত ইউৰিয়াৰ মাত্ৰা

2. উপযুক্ত চিত্ৰৰ সহায়ত এমিবাৰ খাদ্য আহৰণ প্ৰক্ৰিয়া বর্ণনা কৰা।

3. জৈৱ অনুঘটকবোৰ কি? এইবোৰৰ কাৰ্য কি?

4. আমাৰ তেজত থকা শ্বাসকণা বিধৰ নাম লিখা আৰু তাৰ কাৰ্য ব্যক্ত কৰা।

5. জীৱবোৰৰ খাদ্যৰ কিয় প্রয়োজন? আমি খোৱা খাদ্যবস্তুবোৰ অৱশেষত কি ৰূপত আৰু আমাৰ শৰীৰৰ ক'ত সঞ্চিত হয়গৈ? শক্তিৰ যোগান ধৰাৰ অৰ্থে বিভিন্ন জীৱবোৰত কি কি বেলেগ বেলেগ প্রক্ৰিয়াৰ দ্বাৰা গ্লুক'জৰ জাৰণ ঘটে?

6. মানুহৰ হৃৎপিণ্ডৰ এটি পৰিষ্কাৰ চিহ্নিত দৈর্ঘ্যচ্ছেদৰ ছবি আঁকা আৰু কাঁড় চিনৰ দ্বাৰা ইয়াৰ মাজেৰে প্ৰৱাহিত হোৱা ৰক্ত প্ৰৱাহৰ দিশ দেখুওৱা আৰু ৰক্ত প্ৰৱাহৰ দিশৰ এটি চমু বিৱৰণ দিয়া। অলিন্দ আৰু নিলয়ৰ মাজৰ কপাটবোৰৰ গুৰুত্ব, ব্যক্ত কৰা।

HSLC 2023

1. গ্লুকজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিবৰ্তিত হয়-

  (a) কোষৰ কোষপ্ৰৰসত

  (b) মাইটকন্ড্রিয়াত

  (c) কোষাৱৰণত

  (d) গল্প বড়িত

2. বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্রা হৈছে

  (a) ADP

  (b) AMP

  (c) ATP

  (d) CO₂

3. খালী ঠাই পূৰণ কৰা:

__________ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীবই সিহঁতৰ কাৰ্যন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে।

4. ৰক্তচাপ কি? চিষ্ট'লিক আৰু ডায়েষ্ট'লিক চাপ কি? এজন মানুহৰ সাধাৰণ চিষ্ট'লিক চাপ আৰু ভায়েষ্ট'লিক চাপৰ মাত্রা কিমান হোৱা উচিত?

5. লসিকা কি? প্লাজমাত কৈ ই কেনেদৰে পৃথক? এইবোৰৰ কাৰ্য্যসমূহ কি কি?

6. 18cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্রতিবিম্ব এটা পোৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নিৰ্ণয় কৰা।

7. 2cm উচ্চতাৰ বস্তু এটা 10cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তৰ লেন্‌ এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল। লেন্‌দ্ৰৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 cm। প্রতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা।

8. 'ATP' ৰ সম্পূৰ্ণ ৰূপটো কি? বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ ক্ষেত্রত ইয়াক কোষীয় বা শক্তি মুদ্রা বুলি কোৱা হয় কিয়? 'ATP' - ৰ অনুবোৰ কেনেদৰে উৎপাদিত হয়? তাপগ্রাহী প্রক্রিয়া কি? 'ATP' অনুবোৰক এনেবোৰ প্ৰক্ৰিয়া অগ্ৰসৰ কৰাৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয়?

9. উপজাত পদাৰ্থবোৰৰ পৰা ৰক্ষা পাবলৈ উদ্ভিকে কি কি নিষ্কাশন প্ৰক্ৰিয়াৰ উপয়োগ কৰে? এই প্রক্রিয়াত প্রয়োগ কৰা কৌশল সমূহ প্রাণীয়ে প্রয়োগ কৰা কৌশলতকৈ কেনেদৰে বেলেগ?

Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. স্ব-পোষীৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়

  (a) খাদ্য শৃংখলত প্রথম ট্র'ফিক স্তৰত থাকে।

  (b) সূৰ্যৰ পোহৰৰ অনুপস্থিতিত কার্বন ডাই অক্সাইড আৰু পানীক কার্বহাইড্রেডলৈ ৰূপান্তৰ কৰে।

  (c) সিহঁতে কার্ব'হাইড্রেটক শ্বেতসাৰ হিচাপে সঞ্চয় কবে।

  (d) সূৰ্যৰ পোহৰ আৰু ক্ল'ৰফিলৰ উপস্থিতিত কার্বন- ডাই অক্সাইড আৰু পানীৰ পৰা কাৰ্ব'হাইড্রেট সংশ্লেষণ কৰে।

2. চাউল তিয়াই ৰখা পানীত কেইটা পালমান আয় 'ডিন দ্ৰৱ যোগ কৰা হ'ল, তেতিয়া দ্ৰৱৰ ধৰণ নীলা ক'লা হ'ল। এই পৰিৱৰ্তনে পানীৰ দ্ৰৱটোত কি থকা বুজায়-

  (a) স্নেহ পদার্থ

  (b) শ্বেতসাৰ

  (c) জটিল প্র'টিন

  (d) সৰল প্ৰ'টিন

3. উদ্ভিদ ভক্ষণকাৰী প্ৰাণীসমূহক-

  (a) মাংসভোজী

  (c) সর্বভক্ষী

  (b) তৃণভোজী

  (d) পতংগভোজী বোলে।

4. মৃতদেহৰ পৰা খাদ্য গ্রহণ কৰা প্ৰাণীসমূহক-

  (a) মৃতভোজী

  (b) মাংসভোজী

  (c) সর্বভক্ষী

  (d) এটাও নহয়।

5. পোষকৰ পৰা আহাৰ গ্ৰহণ কৰি পুষ্টি লাভ কৰা পুষ্টিক-

  (a) পৰজীৱী পুষ্টি

  (b) মৃতজীৱী পুষ্টি

  (c) পূর্ণগ্রাসী পুষ্টি

  (d) সহজীৱী পুষ্টি বোলে।

6. স্নায়ু প্ৰেৰণাৰ প্ৰবাহ আৰু পেশীৰ সঞ্চালনত সহায় কৰে-

  (a) ছ'ডিয়াম, পটাছিয়াম মৌলই

  (b) কেলছিয়াম, মেগনেছিয়াম মৌলই

  (c) লো, মেগনেছিয়াম মৌলই

  (d) এটাও নহয়।

7. ক্ল'ৰ'ফিল গঠনত সহায় কৰে-

  (a) ছ'ডিয়াম

  (b) কেলছিয়াম

  (c) মেগনেছিয়াম

  (d) এটাও নহয়।

8.  হিম'গ্ল'বিন গঠনত সহায় কৰে-

  (a) লো

  (b) মেগনেছিয়াম

  (c) ছ'ডিয়াম

  (d) কোবাল্ট।

9. সেউজীয়া উদ্ভিদৰ পুষ্টি-

  (a) মৃতজীৱী পোষী পুষ্টি 

  (b) পৰপোষিত

  (c) স্বপোষিত

  (d) পূর্ণগ্রাসী।

10. প্ৰাণীৰ পুষ্টি-

  (a) স্বপোষিত

  (b) পৰপোষিত

  (c) পূর্ণগ্রাসী

  (d) মৃতজীৱী পোষী পুষ্টি।

11. মানুহৰ কলেৰা ৰোগ সৃষ্টি কৰে-

  (a) আদ্যপ্রাণী

  (b) কৃমি

  (c) বেক্টেৰিয়া

  (d) পতংগই।

12. বিপাকীয় কার্য নিয়ন্ত্ৰণ কৰা পুষ্টি দ্রব্য-

  (a) ভিটামিন

  (b) প্র'টিন

  (c) স্নেহদ্রব্য

  (d) কার্বহাইড্রেট।

13. আমাৰ শৰীৰত এন্টিবডি গঠন কৰে-

  (a) প্র'টিনে

  (b) লিপিডে

  (c) কার্ব'হাইড্রেটে

  (d) এটাও নহয়।

14. দাঁত আৰু হাড়ৰ গঠনত সহায় কৰে-

  (a) কেলছিয়াম

  (b) পটাছিয়াম

  (c) ছ'ডিয়াম

  (d) ছালফাৰ মৌলই।

15. অগ্ন্যাশয়ৰ অন্তঃস্ৰাৱী অংশৰ পৰা ক্ষৰিত হোৱা হৰম'ন-

  (a) ইনচুলিন আৰু গ্লুকাগন

  (b) টায়ালিন

  (c) ইষ্ট্র'জেন

  (d) ৰিলক্সিন।

16. পাকস্থলীৰ ৰস-

  (a) আম্লিক

  (b) ক্ষাৰকীয়

  (c) প্রশমিত

  (d) এটাও নহয়।

17.  পেপছিনে পেৰাকেজিনেটক ভাঙি-

  (a) পেপট'ন আৰু প্ৰ'টিওজ

  (b) এমিন' এচিড

  (c) মাল্ট'জ

  (d) ডেক্সট্র'জেন উৎপন্ন কৰে।

18. পাকস্থলীত আংশিক পাচন হোৱা খাদ্যক-

  (a) কাইম

  (b) ব'লাছ

  (c) ক্যাইল

  (d) পিত্ত বোলে।

19. আন্ত্রিক লাইপেজ-

   (a) কার্ব'হাইড্রেট বিশ্লেষী

  (b) স্নেহবিশ্লেষী

  (c) প্র'টিন বিশ্লেষী

  (d) এটাও নহয়।

20. পাকস্থলীত HCI উৎপন্ন কৰে-

  (a) অক্সিন্টিক কোষে

  (b) পেপ্টিক কোষে

  (c) মিউকাচ কোষে

  (d) পেৰাইটেল কোষে।

21. তলৰ কোনটো ৰসত উৎসেচক নাথাকে-

  (a) পিত্তৰস

  (b) লালটি

  (c) আন্ত্ৰিক ৰস

  (d) অগ্ন্যাশয় ৰস।

22. উদ্ভিদৰ খনিজ পুষ্টিৰ অত্যাৱশ্যকীয় পোষক মৌলৰ সংখ্যা

  (a) 40

  (b) 17

  (c) 27

  (d) 71

23. নীলা সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদার্থ বিধ হ'ল-

  (a) ফাইক'লিজ

  (c) ফাইক'মাইচিচ্

  (b) ফাইক'বিলিন

  (d) জেন্থ'ফিল

24. সৌৰ ৰশ্মিৰ ফ'ট'ন কণাত নিহিত হৈ থকা শক্তি হ'ল-

  (a) কোৱাক

  (c) কেৰ'টিন

  (b) কোৱান্টাম

  (d) কোষীয় শক্তি।

25. সালোক সংশ্লেষণ প্রক্রিয়াত O₂ নির্গত হয়-

  (a) আলোক বিক্রিয়া দশাত

  (b) তিমিৰ বিক্রিয়া দশাত

  (c) কেলভিন চক্রত

  (d) ওপৰৰ এটাও নহয়।

26. কোন শ্ৰেণী উদ্ভিদৰ সালোক সংশ্লেষণ কৰিব পৰা ক্ষমতা নাই-

  (a) পতংগ ভোজী উদ্ভিদ

  (b) আংশিক মূল পৰজীৱী

  (c) সম্পূর্ণ কাণ্ড পৰজীৱী

  (d) আংশিক কাণ্ড পৰজীৱী

27. পানী আৰু কার্বন ডাই-অক্সাইড গেছৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটাই জৈব যৌগ সংশ্লেষণ কৰিব পৰা জীৱক স্বপোষী/স্ব-পুষ্ট (Autotroph) বোলে।

28. ৰাফ্লেছিয়া নামৰ উদ্ভিদবিধ আংশিক কাণ্ড পৰজীৱী/আংশিক মূল পৰজীৱী।

29. পতংগভোজী উদ্ভিদত সালোকসংশ্লেষণ হয়/নহয়।

30. সকলো উদ্ভিদ স্ব-পোষী হ'ব পাৰে নহ'বও পাৰে।

31. ভেঁকুৰ পৰজীৱী/মৃতজীৱী হয়।

32. পতংগভোজী উদ্ভিদে পতংগৰ পৰা নাইট্র'জেন শোষণ কৰে/নকৰে।

33. শক্তিৰ ব্যৱহাৰৰ পাছত ATP অণু ADP লৈ পৰিবৰ্তিত হয়/নহয়।

34. খাদ্যৰ অসম্পূৰ্ণ জাৰণৰ বাবে সামান্য পৰিমাণৰ শক্তি, CO₂ আৰু ইথাইল এলক'হল উৎপন্ন হয়/নহয়।

35. প্ৰাণীৰ পেশী কোষত অবাত শ্বসন হয়/নহয়।

36. গ্লাইক'লাইছিছত গ্লুক'জ অণুৰ পৰা পাইৰুভিক এছিড / লেকটিক এছিড উৎপন্ন হয়।

37. কিম্বন প্রক্রিয়াত জাইমেজ/লাইগেজ উৎসেচকে ভাগ লয়।

38. লালুকীয়ে ফুলৰ দ্বাৰা/হাওঁফাওঁৰ দ্বাৰা শ্বসন কার্য সম্পাদন কৰে।

39. প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া মন্থৰ / খৰতকীয়া / এটাও নহয়।

40. বৃক্ষ জাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্রয়োজনীয় O, বায়ুমণ্ডলৰ পৰা বাতৰন্ধ্র / পত্ৰৰন্ধ্র / বন্ধবাত / হৰিৎকণাৰ দ্বাৰা আহৰণ কৰে।

41. কোষীয় শ্বসন প্রক্রিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল জেন্থফিল/ ATP/TPA/PTI

42. কোষীয় শ্বসন প্রক্রিয়া কোষৰ হৰিৎকণা / মাইট'কন্ড্রিয়া / লাইছ'ছ'ম / ৰসধানীত সংঘটিত হয়।

43. উদ্ভিদৰ শ্বসন কেৱল দিনতহে ঘটে / ৰাতিহে ঘটে / দিন আৰু ৰাতি উভয় কালতে ঘটে / বৰষুণৰ বতৰতহে ঘটে

44. কোষস্থ দ্রব্য কোষটোৰ ভিতৰতে যি কোনো দিশত প্রবাহিত হৈ কোষটোৰ সকলো ঠাইলৈ পৰিবহণ কৰিব পৰা ব্যৱস্থাক কি বোলে।

  (a) আৱৰ্ত্তন

  (c) ব্যাপন

  (b) অৱশোষণ

  (d) আসৃতি

45.  উদ্ভিদ দেহৰ পৰিবহণৰ লগত কি কলা জড়িত। 

  (a) কেৱল জাইলেম 

  (b) কেৱল ফ্ল'ৱেম

  (c) জাইলেম আৰু ফ্ল'ৱেম 

  (d) এবিধো নহয় 

46. শুকান বীজ পানীত তিয়াই থ'লে কোনটো প্ৰক্ৰিয়াৰ যোগেদি ওফন্দি উঠে।

  (a) আৱৰ্ত্তন

  (b) অৱশোষণ

  (c) আসৃতি

  (d) ব্যাপন

47. টিৰ পৰা উদ্ভিদৰ শিপালৈ পানীৰ প্ৰবেশ ঘটে আসৃতি/ব্যাপন প্রক্রিয়াৰে।

48. মাটিত থকা দ্রবণত মৌলবোৰ লৱণ হিচাপে/মৌলৰ আয়ন হিচাপে থাকে।

49. উদ্ভিদৰ শিপাৰে পানী শোষিত হোৱাৰ পাছত আয়ন বোৰ জাই লেমৰ মাজেৰে পানীৰ সৈতে উর্দ্ধমুখী/নিম্নমুখী যাত্রা কৰে।

50. উদ্ভিদত প্রস্তুত হোৱা খাদ্য বস্তু গোটা/অদ্রবীভূত অৱস্থাত পৰিবাহিত হ'ব পাৰে।

51. উদ্ভিদৰ দেহত খাদ্যবস্তু পাতৰ পৰা উর্দ্ধমুখী অদ্রবীভূত/ অধঃমুখী পার্শ্বীয় এই তিনিও দিশত পৰিবাহিত হয়।

52. উদ্ভিদৰ পাতত সালোক সংশ্লেষণ প্রক্রিয়াৰে প্ৰস্তুত কৰা খাদ্য দেহৰ বিভিন্ন অংগলৈ ফ্ল'ৱেম কলাই/ জাইলেম কলাই সংবহন কৰে।

53. উদ্ভিদে মূলৰোমৰ দ্বাৰা মাটিৰ পৰা শোষণ কৰা পানী মূলচাপৰ/কাণ্ডচাপৰ প্ৰভাৱত জাইলেম নলীকাত প্ৰৱেশ কৰে।

54. প্ৰাণীৰ দেহৰ কোষসমূহলৈ পুষ্টিকৰ দ্ৰব্য আৰু অক্সিজেন যোগান ধৰা তন্ত্ৰটোৰ নাম হ'ল-

  (a) পাচনতন্ত্র

  (b) সংবহন তন্ত্র

  (c) ৰেচন তন্ত্র

  (d) শ্বাসতন্ত্র।

55. দানাবিহীন শ্বেতৰক্ত কণা হ'ল মন'চাইট/বেছ'ফিল /নিউট্র'ফিল।

56. হৃদপিণ্ডৰ বহিঃআৱৰণ আৰু অন্তঃআৱৰণৰ মাজৰ ঠাই খিনিক প্ল্যুৰা গহ্বৰ/হৃদয়াৱৰণী গহ্বৰ/হৃদগহ্বৰ বোলে।

57. অলিন্দ আৰু নিলয়ৰ মাজত থকা ছিদ্ৰটোক অলিন্দ- নিলয় ৰন্ধ/নিলন্দ-অলিন্দ ৰন্ধ/নিলয় ৰন্ধ/অলিন্দ ৰন্ধ বোলে।

58. দুটা কপাটযুক্ত ভালখনক ট্রাইকস্পিড/বাইকস্পিড /অর্ধচন্দ্ৰাকৃতিৰ ভালভ বোলে।

59. মানুহৰ হৃদযন্ত্ৰত 4/8/2 টা কোঠালী থাকে।

60. মানুহৰ তেজ আৰু প্লাজমাৰ অনুপাত- 50% – 50% /55%-45%/60%-40% |

61. চিষ্টেমিক মহাধমনী বাঁও অলিন্দত/সোঁ অলিন্দত/বাওঁ নিলয়ত আৰম্ভ হয়।

62. চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰপৰা তেজ ওলায় যায়?

  (a) সোঁ অলিন্দ

  (c) বাওঁ অলিন্দ

  (b) সোঁ নিলয়

  (d) বাওঁ নিলয়

63. মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে?

  (a) সোঁ অলিন্দ

  (b) সোঁ নিলয়

  (c) বাওঁ অলিন্দ

  (d) (b) আৰু (c) দুয়োটাই

64. মিট্রেল ভাল্ভ ক'ত থাকে?

  (a) সোঁ আৰু বাওঁ অলিন্দৰ মাজত

  (b) সোঁ আৰু বাওঁ নিলয়ৰ মাজত

  (c) সোঁ অলিন্দ-নিলয়ৰ মাজত

  (d) বাওঁ অলিন্দ-নিলয়ৰ মাজত

65. তলত দিয়া কোনটো শ্বেতকণাই এন্টিব'ডি সৃষ্টি কৰে?

  (a) নিউট্র'ফিল

  (b) মন'টাইট

  (c) লিম্ফ'চাইট

  (d) বেছ'ফিল

66. কোনটো শ্বেত ৰক্তকণিকা দানাবিহীন?

  (a) নিউট্র'ফিল

  (b) ইয় 'ছিন'ফিল

  (c) লিম্ফ'চাইট

  (d) বেছ'ফিল

67. বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম-

  (a) কর্টেক্স

  (b) হাইলাছ

  (c) মেডুলা

  (d) ৰেনেল কৰপাছক'ল

68. তেজৰপৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয়?

  (a) গ্ল'মেৰুলাছ

  (b) ব'মেনৰ সম্পুট

  (c) দূৰৱৰ্তী নলিকা

  (d) হেল্লীৰ লুপ

69. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়?

  (a) 180 লিটাৰ

  (b) 2 লিটাৰ

  (c) 1.5 লিটাৰ

  (d) 100 লিটাৰ

70. মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিম'গ্লবিন ভাঙি বিলিৰুবিন আৰু বিলিভাৰডিন গঠন হয়?

  (a) অস্ত্র

  (b) যকৃত

  (c) হাওঁফাওঁ

  (d) প্লীহা

71.  তলৰ উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰটো লিখা-

  (a) পৰপোষীসমূহে নিজৰ খাদ্য সংশ্লেষণ কৰিব পাৰে।

  (b) পৰপোষীসমূহে নিজতৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে।

  (c) পৰপোষীসমূহে সালোক সংশ্লেষণৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰে।

  (d) পৰপোষীসমূহে কাৰ্বন-ডাই অক্সাইড আৰু পানীৰ পৰা শ্বেতসাৰ সংশ্লেষণ কৰে।

72. মানুহৰ পাচন নলীৰ শুদ্ধ ক্ৰম'টো হ'ল- 

  (a) মুখ → পাকস্থলী → অন্ননলী → ক্ষুদ্র নলী → বৃহদান্ত্র। 

  (b) মুখ → পাকস্থলী → ক্ষুদ্রান্ত → অন্ননলী → বৃহদান্ত্র।

  (c) মুখ → অন্ননলী → পাকস্থলী → ক্ষুদ্রান্ত → বৃহদান্ত্র।

  (d) মুখ → পাকস্থলী → ক্ষুদ্রান্ত → অন্ননলী → বৃহদান্ত্র।

73. পাচন নলীৰ কোনটো অংগই যকৃতৰ পৰা পিত্তৰস গ্রহণ কৰে-

  (a) বৃহদান্ত্র

  (b) অন্ননলী

  (c) ক্ষুদ্রান্ত

  (d) পাকস্থলী।

74. ক্রিকেট খেলুবৈ সকলৰ পেশীত সঘনে হোরা। অক্সিজেনৰ অভাৱৰ ফলত শৰীৰৰত অৱসাদ বা বিষ হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল

  (a) পাইঝভেট গ্লুক'জলৈ ৰূপান্তৰিত হোৱা বাবে।

  (b) পাইৰুভেট ইথানললৈ ৰূপান্তৰিত হোৱা বাবে।

  (c) পাইভেট লেকটিক এছিডলৈ ৰূপান্তৰিত হোৱাৰ বাবে।

  (d) গ্লুক'জ পাইৰুভেটলৈ ৰূপান্তৰিত হোৱাৰ বাবে।

75. কলাকোষৰ পৰা অহা তেজত তলৰ কোনটো সর্বোচ্চ পৰিমাণে পোৱা যায়-

  (a) হিম'গ্ল'বিন

  (b) অক্সিজেন

  (c) কার্বন-ডাই অক্সাইড

  (d) পানী

76. সালোক সংশ্লেষণ প্রক্রিয়া ঘটা বুলি প্রমাণ কৰাৰ বাবে শ্বেতসাৰৰ পৰীক্ষা কৰা হয় কিন্তু গ্লুক'জৰ পৰীক্ষা নহয়, কিয়-

  (a) সালোক-সংশ্লষণত গ্লুক'জৰ গঠন হয় আৰু শ্বেতসাৰ হিচাপে সঞ্চিত হয়।

  (b) গ্লুক'জ হ'ল এবিধ সুস্থিৰ উৎপাদিত দ্রব্য যাক পৰীক্ষা কৰিব নোৱাৰি।

  (c) সালোক-সংশ্লেষণৰ সময়ত গ্লুক'জৰ গঠন হয় আৰু চুক্ৰ'জ হিচাৈেপ সঞ্চিত হয়।

  (d) সালোক-সংশ্লেষণৰ সময়ত ক্ল'ৰ'ফিল বিহীন পাত্ৰত গ্লুক'জৰ উৎপাদন নহয়।

77. তলত উল্লেখ কৰা কোনটোৱে পাকস্থলীৰ আভ্যন্তৰীণ বেৰক হাইড্ৰ'ক্ল'ৰিক এছিডৰ কাৰ্যৰ পৰা সুৰক্ষা প্রদান কৰে।

  (a) এমাইলেজ

  (b) মিউকাছ

  (c) পিত্তৰস

  (d) পেপছিন।

78. চূণ পানী থকা পৰীক্ষানল এটাত মুখেৰে ফুৱাই দিয়াৰ পিছত চূণ পানীখিনি ঘোলা হৈ গাখীৰৰ দৰে হয়, কাৰণ মুখেৰে ফুৱাই দিয়া বায়ুত

  (a) কার্বন ডাই অক্সাইড

  (b) নাইট্র'জেন

  (c) পানীৰ বাষ্প

  (d) অক্সিজেন।

79. শ্বসনৰ সময়ত গেছৰ বিনিময় ঘটে-

  (a) হাওঁফাওঁৰ বায়ুকোষত

  (b) ট্রেকিয়া আৰু লেৰিংছ

  (c) বায়ুকোষ আৰু ডিঙি

  (d) ডিঙি আৰু লেৰিংছ।

80. হাওঁফাওঁৰ নিলয়ৰ সংকাচনৰ সময়ত নিলয়ৰ পৰা তেজ অলিন্দলৈ উভতি যোৱাত বাধা দিয়ে-

  (a) ট্রাইকাছপিড্ আৰু বাইকাছপিড্ ভালভ।

  (b) অর্ধচন্দ্ৰাকৃতিৰ ভালভ

  (c) এপিগ্ল'টিছ

  (d) হৃদপিণ্ডীয় অৱৰোধিনী।

81. তলৰ কোনটো মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত হৃদপিণ্ডই অক্সিজেন মুক্ত তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত নকৰে-

(a) উভচৰ আৰু সৰীসৃপ

(b) উভচৰ

(c) মৎস্য

(d) মৎস্য আৰু উভচৰ।

82. পত্ৰৰন্ধ খোল খোৱা বা বন্ধ কাৰ্য নিৰ্ভৰ কৰে-

  (a) অক্সিজেন

  (b) উষ্ণতা

  (c) পত্ৰৰৰ্দ্ধত CO₂ ৰ গাঢ়তা

  (d) ৰক্ষীকোষত থকা পানী।

83. তলৰ কোনটো ক্ষেত্ৰত পত্ৰৰন্ধ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে-

  (a) সালোক সংশ্লেষণ

  (b) বাষ্পমোচন

  (c) শ্বসন

  (d) ওপৰৰ গোটেই কেইটা।

84. গছৰ পাতৰ উপৰিভাগৰ এখন অস্থায়ী শ্লাইড প্রস্তুত কৰিবৰ বাবে আৰু তাত পত্ৰৰন্ধ্ৰ প্ৰত্যক্ষ কৰিবৰ বাবে ব্যৱহাৰ কৰা অভিৰঞ্জিত পদাৰ্থ আৰু মাউন্টিং (mount- ing) পদার্থ ক্রমে-

  (a) চাফ্রেনিন আৰু গ্লিচাৰিন

  (b) গ্লিচাৰিন আৰু আয়'ডিন

  (c) চাফ্রেনিন আৰু আয়'ডিন

  (d) আয়'ডিন আৰু চাফ্রেনিন।

85. যেতিয়া ভালদৰে অভিৰঞ্জিত কৰা স্লাইড এখন উচ্চ বিৱৰ্ধনৰ অণুবীক্ষণ যন্ত্ৰত নিৰীক্ষণ কৰা হয় তেতিয়া ক'ত কোষকেন্দ্র দেখিবলৈ পোৱা যায়-

  (a) ৰক্ষী কোষ আৰু এপিডার্মেল কোষত

  (b) মাত্ৰ ৰক্ষী কোষত

  (c) ৰক্ষী কোষ আৰু এপিডাৰ্মেল কোষত

  (d) মাত্র কোষ আৰু এপিডার্মেল কোষ আৰু পত্ৰৰন্ধ্ৰত

86. "শ্বসনত কার্বন ডাই অক্সাইড উৎপন্ন হয়” এই কথাটো প্ৰমাণ কৰাৰ বাবে কৰা পৰীক্ষাত ব্যৱহৃত ভাজখোৱা নলীত কিছুসময়ৰ পিছত পানী ওপৰলৈ উঠি যায়, কাৰণ-

  (a) গজালি ওলোৱা বীজ সমূহে O ব্যৱহাৰ কৰে আৰু CO₂ৰ উৎপন্ন কৰে। যাক সৰু পৰীক্ষা নলত ৰখা ৰাসায়নিক পদার্থই শোষণ কৰে।

  (b) অংকুৰিত বীজে ফ্লাক্সত থকা সকলোবোৰ O আৰু CO₂ ব্যৱহাৰ কৰে।

  (c) বীজৰ অংকুৰণ আৰু বৃদ্ধিৰ বাবে পানীৰ আৱশ্যক হয়।

  (d) অংকুৰিত বীজে CO₂ ৰ উৎপন্ন কৰে।

87. "সালোক সংশ্লেষণৰ বাবে পোহৰৰ আৱশ্যক” হয় এইটো প্ৰমাণ কৰোতে পাতত শ্বেতসাৰৰ উপস্থিতি নিৰ্ণয় কৰা হয়, আৰু পাতটোক কেইমিনিট মানৰ বাবে এলক'হলড উতলোৱা হ'ল আৰু পানীত পাতটো ধোৱা হয়। অনেকবাৰ মুখ্য কাৰণ হ'ল-

  (a) এল'কহল উদ্বায়ী

  (b) পানীৰ উতলাংক এলক'হলৰ উতলাংকতকৈ কম

  (c) পানীৰ ভাপে দ্রুতগতিত পাতটো উত্তপ্ত কৰে

  (d) পানীৰ বাষ্পত পত্ৰহৰিৎ দ্রবীভূত হয়।

88. এজন ছাত্রই, সালোক-সংশ্লেষণৰ এটা পৰীক্ষাত, ৰাতিপুৱাই পাতৰ উপৰিভাগৰ এটা অংশক কলা কাগজেৰে ঢাকি ৰাখিছিল আৰু সেই পাতটোত গধূলি শ্বেতসাৰৰ পৰীক্ষা কৰিছিল। ইয়াৰ ফলাফলসমূহ হ'ল-

  (a) গোটেই পাতটোৰ বৰণ কলা হোৱা দেখা গৈছিল।

  (b) গোটেই পাতটো বগা হৈ পৰিব।

  (c) পাতটোৰ উপৰিভাগৰ বৰণ বগা হৈ পৰিব।

  (d) পাতটোৰ উপৰিভাগ বগা হৈ থাকিব আনহাতে আনটো ফাল নীলা বৰণ হৈ পৰিব।

89. লালটিত যদি চেলাইভাৰী এমাইলেজ নাথাকে তেনেহ'লে মুখগহ্বৰত তলৰ কোনটো ঘটনাত প্ৰভাৱিত হ'ব__

(a) চর্বি, ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰিত হ'ব।

(b) ভিটামিনৰ শোষণ।

(c) প্র'টিন এমিন' এছিডলৈ ৰূপান্তৰিত হ'ব।

(d) শ্বেতসাৰৰ পৰা শৰ্কৰাৰ উৎপন্ন হ'ব।

90. খাদ্যনলীত হোৱা সংকোচন আৰু প্ৰসাৰণ চলনক ________ বোলে।

  (a) প্রস্বেদন

  (b) প্রবহন

  (c) পেৰিষ্টেলচিছ চলন

  (d) পাচন।

91. ফ্লোরেমত হোৱা খাদ্যৰ চলনক ________ বোলে। 

  (a) ট্রেন্সলোকেচন

  (b) বাষ্পীভৱন।

  (c) বাষ্পমোচন

  (d) শ্বসন

92. মানুহৰ তেজৰ পৰা ইউৰিয়া পৃথক কৰিবলৈ কৰা পদ্ধতিটো হ'ল_____

  (a) আসৃতি

  (b) ডায়ালাইচিছ

  (c) পৰিস্ৰাৱন

  (d) দ্বি-পৰিসংচাৰণ

93. আমাৰ শৰীৰৰ পৰা মূত্ৰ নিৰ্গমন হোৱা প্ৰকৃত পথটো  হ'ল_______

(a) বৃক্ক → মূত্রবাহী নলী→মূত্রথলী → মুত্রজনন নলী 

(b) বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নলী → মূত্রথলী 

(c) মূত্রথলী → বৃক্ক → মূত্রবাহী নলী → মুত্রজনন নলী

(d) মূত্রথলী → বৃক্ক → মূত্রবাহী নলী → মুত্রজনন নলী।

2. খালী ঠাই পূৰণ কৰা :

(1) উদ্ভিদৰ দেহত _______ তন্ত্র নাথাকে।

(2) পাচন কার্যত উৎপন্ন হোৱা সৰল অণুবোৰ দেহকোষে শোষণ কৰি লৈ কোষস্থ পদাৰ্থলৈ পৰিবৰ্তন কৰাকে _________ বোলে।

(3) অন্তঃকোষীয় জাৰণত শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক _________ বোলে।

(4) হৰিৎকণাত __________ মৌল থাকে।

(5) হিম'গ্লবিনত __________ মৌল থাকে।

(6) পুষ্টি লাভ কৰাকে ___________ পুষ্টি বোলে। 

(7) নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰা জীৱৰ পুষ্টিক __________ বোলে।

(৪) উদ্ভিদ বা প্রাণীৰ পঁচা জৈৱ পদাৰ্থৰ পৰা পুষ্টি আহৰণ কৰা জীৱক ___________ বোলে। 

(9) _________ এবিধ দেহ গঠনকাৰী প্রধান দ্রব্য।

(10) গ্লুক'জ, ফুক্ট'জ মাল্ট'জ আৰু শ্বেতসাৰক একেলগে _____________ বোলা হয়।

(11) __________ এক শকৰাৰপৰা কোষীয় শ্বসনত শক্তিৰ উৎপাদন হয়।

(12) _________ এবিধ উদ্ভিদজনিত আৰু _________ এবিধ প্রাণীজনিত বহুশৰ্কৰা।

(13) তেজ গোট মৰাত সহায় কৰা প্ৰ'টিনৰ নাম _________ আৰু _________

(14) মানুহৰ শৰীৰত থকা সাধাৰণ লিপিডৰ নাম ___________।

(15) সাধাৰণ উঞ্চতাত তৰল আৰু গোটা অৱস্থাত পোৱা স্নেহদ্রব্যক ক্রমে _________ আৰু ________ বুলি জনা যায়।

(16) লালটি গ্রন্থিৰ পৰা ওলোৱা ৰসক _________ বোলে।

(17) অগ্ন্যাশয়ৰ অন্তঃস্ৰাৱী অংশৰ পৰা _________ হৰম'ন ক্ষৰণ হয়। 

(18) পিত্তৰসত কোনো _________ নাথাকে।

(19) পিত্তৰসৰ লবণে চীৰ ________ সৃষ্টি কৰে।

(20) স্নেহ দ্ৰব্যৰ পাচনৰ ফলত _______ আৰু _______ উৎপন্ন হয়।

(21) কার্বহাইড্রেটৰ পাচনৰ ফলত __________ উৎপন্ন হয়। 

(22) প্ৰ'টিনৰ পাচনৰ ফলত _________ উৎপন্ন হয়।

(23) পৃথিৱীৰ সকলো জীৱকে জীয়াই থাকিবলৈ প্রধানতঃ __________ ৰ আৱশ্যক।

(24) শক্তিৰ মূল উৎস হ'ল _________ ।

(25) ________ ৰঞ্জক অণুৱে সালোকসংশ্লেষণত সূৰ্যৰ পোহৰ আহৰণ কৰিব পাৰে।

(26) ________ শেলাই আৰু বেক্টেৰিয়াত ক্লৰ'প্লাষ্ট নাথাকে।

(27) ________ ক আলোকতন্ত্র-Ⅰ ৰ বিক্রিয়াকেন্দ্ৰ বোলে।

(28) আলোকীয় বিক্রিয়াত, সূৰ্যৰ পোহৰ শক্তি _________ শক্তিলৈ ৰূপান্তৰিত হয়।

(29) __________ ক সালোক সংশ্লেষণৰ কাৰ্য্যকৰী একক বোলে।

(30) খনিজ লবণৰ অভাৱত উদ্ভিদৰ শৰীৰত _________ ৰোগে দেখা দিয়ে।

(31) আলোক বিক্রিয়া হৰিৎকণাৰ ________ অংশত আৰু তিমিৰ বিক্ৰিয়া হৰিৎকণাৰ _________ অংশত সংঘটিত হয়

(32) সূৰ্যৰ পোহৰৰ ৰশ্মিৰ _________ তৰংগ দৈর্ঘ্যৰ ভিতৰত থকা ফ'ট'ন কণাহে সালোক সংশ্লেষণত ব্যৱহাৰ হয়।

(33) সালোক সংশ্লেষণ প্রক্রিয়াটো _______ আৰু _________ এটা জটিল ৰাসায়নিক বিক্রিয়া।

(34) আলোক বিক্রিয়াত O₂, ATP আৰু _______ উৎপন্ন হয়। 

(35) বিক্রিয়া কেন্দ্ৰৰ একোটা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থৰ থুপক __________ বোলে।

(36) ________ হ'ল শ্বেতসাৰ সংশ্লেষণৰ কলঘৰ।

(37) কেলভিন চক্রত ________ নামৰ জৈৱযৌগই CO গ্রহণ কৰে।

(38) পতংগভোজী উদ্ভিদে পতংগৰ পৰা শোষণ __________ কৰে।

(39) _________ উদ্ভিদে পোষক উদ্ভিদৰ অপকাৰ সাধন কৰে।

(40) _______ এবিধ আংশিক কাণ্ড পৰজীৱী।

(41) যিবিলাক উদ্ভিদে পোষক উদ্ভিদৰ কাণ্ডৰ পৰা আহাৰ শোষণ কৰি জীয়াই থাকে তাকে __________ বোলে।

(42) __________ হ'ল বিলাহীত পোৱা এবিধ পূৰ্ণ শিপা পৰজীৱী।

(43) যি অংগ উদ্ভিদৰ কাণ্ডৰ পৰা শিপাৰ দৰে ওলাই আহি পোষক উদ্ভিদৰ দেহত প্রবেশ কৰে তাক _________ বোলে।

(44) ________ পৰজীৱী উদ্ভিদৰ খাদ্য শোষণ অংগ।

(45) কলচী উদ্ভিদৰ কলহৰ আকৃতি ________ ৰ ৰূপান্তৰ।

(46) ইউট্রিকুলাৰিয়াৰ মোনা _______ ৰ ৰূপান্তৰ।

(47) পতংগ ধৰিবৰ বাবে ৰ'দমুকুতাৰ __________ থাকে।

(48) মন'ট্রপা এবিধ __________ সপুষ্পক উদ্ভিদ।

(49) ________ উদ্ভিদে গেলা-পচা উদ্ভিদৰ পৰা নিজৰ খাদ্য আহৰণ কৰে।

(50) শ্বসন প্রক্রিয়াত CO পানীৰ অণু আৰু ________ ৰ উৎপন্ন হয়।

(51) শ্বসন _______ প্রক্রিয়া।

(52) পেশী কোষৰ অবাত শ্বসনত _________ উৎপন্ন হয়।

(53) ক্রেব চক্র কোষৰ _________ অঙ্গাণুত ঘটে।

(54) __________ হ'ল কোষৰ বাহিৰত সংঘটিত হোৱা এটা ভৌতিক প্রক্রিয়া।

(55) ভেকুলীয়ে পানীত থকা অৱস্থাত _________ ৰে শ্বসন কার্য সম্পাদন কৰে।

(56) ________ ৰ মাজেদি বায়ুকোষৰ বায়ু আৰু কেশিকাৰ তেজৰ মাজত O আৰু CO ৰ বিনিময় হয়।

(57) অক্সিজেন আৰু হিম'গ্লবিন লগলাগি _________ অস্থিৰ যৌগ গঠন কৰে। 

(58) গ্লাইক'লাইছিছ কোষৰ __________ ত সংঘটিত হয়।

(59) Hb₄+4O₂ = ________

(60) যি জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্যৰ অণু জাৰণ ঘটাই শক্তি উৎপন্ন কৰা হয় তাক _________ বোলে।

(61) কোষীয় শ্বসনত উৎপন্ন হোৱা মুখ্য দ্রব্যটোৰ নাম ________

(62) এ.টি.পিত থকা উচ্চ শক্তি সমৃদ্ধ বন্ধনীক _________ বন্ধনী বোলে।

(63) ইষ্টৰ কোষত হোৱা কিথনক _________ কিখন বোলে।

(64) পেশী কোষত হোৱা কিশ্বনক __________ কিখন বোলে।

(65) শ্বসন গেছৰ বিনিময় হোৱা প্ৰক্ৰিয়াটোক ___________ বোলে।

(66) এমিবা আৰু আন এককোষী প্রাণীৰ __________ ৰ দ্বাৰা গেছৰ বিনিময় হয়।

(67) জৈৱ আহাৰ বিলাকৰ জাৰণ ঘটিবলৈ _________ প্রয়োজন।

(68) উদ্ভিদৰ শিপাই ________ বাবে মাটিত ৰন্ধৰ মাজে মাজে বিয়পি থকা অক্সিজেন _________ প্ৰক্ৰিয়াৰে আহৰণ কৰি শ্বসন প্রক্রিয়া সমাধা কৰে।

(69) উদ্ভিদে ৰাতিৰ ভাগত প্ৰচুৰ পৰিমাণে ________ ব্যাপন প্ৰক্ৰিয়াৰে বায়ুমণ্ডললৈ এৰি দিয়ে আৰু _________ আহৰণ কৰে।

(70) __________ আৰু ________ উদ্ভিদৰ শ্বসনত প্রস্তুত হোৱা প্রধান ৰেচন দ্রব্য।

(71) ________ এক প্ৰকাৰৰ ৰেচন প্রক্রিয়া।

(72) ________ প্রস্বেদনৰে শতকৰা 90 ভাগ পানী নির্গত হয়।

(73) __________ উদ্ভিদৰ পাতৰ বহিস্ত্বকত পোৱা যায়।

(74) উদ্ভিদৰ শিপাই শোষণ কৰা পানী জাইলেমৰ মাজেৰে গৈ ________ ৰ কোষ পায়।

(75) উষ্ণতা বাঢ়িলে প্রস্বেদন __________।

(76) বায়ুত জলীয় বাষ্প অধিক হ'লে প্রস্বেদনৰ হাৰ __________

(77) ৰক্ষী কোষ ৰসপূৰ্ণ হৈ থাকিলে পত্ৰৰন্ধ ___________ যায়।

(78) বাষ্পমোচনৰ ফলত উদ্ভিদ দেহ __________ হয়।

(79) উদ্ভিদৰ বাবে _________ ক্ষতিকাৰক অথচ অপৰিহাৰ্য্য।

(80) পত্ৰৰন্ধৰ দ্বাৰা সংঘটিত হোৱা বাষ্পমোচনকে ___________  বাষ্পমোচন বোলে।

(81) শুকান বুট মাহ পানীত তিয়াই থোৱাৰ পাছত ওফন্দি আয়তনত ডাঙৰ হৈ পৰে, এই প্রক্রিয়াক ____________ বোলে।

(82) অৱশোষণ এক __________ প্রক্রিয়া।

(83) কোষস্থ পদাৰ্থৰ আৱৰ্ত্তন এক __________ প্রক্রিয়া।

(84) দুটা ভিন্ন গাঢ়তা বা ঘনত্ব দ্ৰৱৰ অৰ্দ্ধভেদ্য আৱৰণে পৃথক কৰি ৰাখিলে বেছি গাঢ়তা বা ঘনত্বৰ দ্ৰৱলৈ দ্ৰাৱকৰ ব্যাপন হয় তাকে __________ বোলে। 

(85) উদ্ভিদৰ প্ৰতিটো কোষৰ কোষবেৰ খন _________ কৰিব পৰা গুণ বিশিষ্ট।

(86)  যি প্ৰক্ৰিয়াৰ যোগেদি কোনো এক মাধ্যমত কোনো পদাৰ্থৰ অণু বেছি ঘনত্বৰ পৰা কম ঘনত্বৰ ঠাইলৈ গতি কৰি বিয়পি পৰে তাকে ___________ বোলে।

(87) ____________ প্ৰক্ৰিয়াৰে মাটিৰপৰা শিপাৰে পানী সোমায়

3. সঁচা নে মিছা নিৰ্ণয় কৰা-

(i) পৰিৱেশত থকা অজৈৱ দ্ৰৱ্যৰ পৰা খাদ্য প্রস্তুত কৰোতে কোনো শক্তিৰ আৱশ্যক নহয়।

(ii) মানুহৰ মুখ্য বৰ্জিত পদার্থ হ'ল গ্লুক'জ।

(iii) প্রত্যেক বৃক্কত যথেষ্ট সংখ্যক পৰিশ্ৰুশ্রুত একক থাকে, যিবোৰক বৌসেন সম্পুট বোলে।

(iv) যেতিয়া আমাৰ শৰীৰৰ পেশীকোষত অক্সিজেনৰ অভাৱ হয়, তেতিয়া পাইৰুভেটৰ পৰা এমিন' এছিডৰ সৃষ্টি হয়।

(v) তৃণভোজী প্ৰাণীৰ ক্ষুদ্রান্ত মাংসভোজী প্ৰাণীৰ ক্ষুদ্রান্ততকৈ দীঘল হয়।

(vi) যকৃতৰ পৰা উৎপন্ন হোৱা পিত্তৰস আম্লিক প্ৰকৃতিৰ।

(vii) ট্রিপছিন উৎসেচকে স্নেহ পদাৰ্থক গ্লিচাৰললৈ ৰূপান্তৰ কৰে।য

(viii) উদ্ভিদৰ পাতৰ যিবিলাক কোষত হৰিৎকণাৰ উপস্থিতি বেছিকৈ পোৱা যায় সেই কোষ বিলাকক গোজ কোষ বোলে।

(ix) বেক্টেৰিয়াৰ দেহত সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থ বিধক বেক্টেৰিওফিল বোলে।

(x) সালোক সংশ্লেষণ প্রক্রিয়াটো সংঘটিত হবলৈ সূৰ্যৰ। পোহৰৰ লগতে উদ্ভিদৰ পাতত থকা হৰিৎকণা, CO₂ আৰু H₂Oও অপৰিহাৰ্য।

(xi) তিমিৰ বিক্ৰিয়াটো দিনৰ ভাগত সংঘটিত নহয়।

(xii) PGA ৰ পৰা PGAL লৈ বিজাৰণ হবলৈ প্রয়োজন হোৱা শক্তি আলোক বিক্রিয়াত উৎপন্ন হোৱা ATP আৰু NADPH এ যোগান ধৰে।

(xiii) পানী সালোকসংশ্লেষণত জাৰক/বিজাৰক হিচাপে কাৰ্য কৰে।

(xiv) গ্রেনামত ওপৰা-উপৰিকৈ থকা কাঁহীসদৃশ গঠনক থাইলাকয়ড/স্ট্রোমা বোলে। 

(xv) আলোক নিৰ্ভৰ বিক্ৰিয়াত সূৰ্যৰ পোহৰ ৰাসায়নিক শক্তিলৈ/স্থিতি-শক্তিলৈ ৰূপান্তৰিত হয়।

(xvi) আলোক বিক্রিয়া সূৰ্যৰ পোহৰত ঘটা/নঘটা বিক্রিয়া। 

(xvii) আন্ধাৰ বিক্রিয়া আলোক নিৰ্ভৰ/অনিৰ্ভৰ বিক্রিয়া।

(xviii) ADP ৰ লগত ফছফেট লগহৈ AKP/GTPৰ সৃষ্টি হয়।

(xix) ইলেক্ট্রনৰ স্থানান্তৰণৰ ফলত শক্তিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক ফট 'ফছফ'ৰাইলেছন/ফছফ'ৰাইলেছন বোলে।

(xx) সালোকসংশ্লেষণত ক্ল'ৰ'ফিলে ইলেক্ট্রন গ্রহণ/দান কৰে।

(xxi) পেশী কোষত লেকটিক এছিড বাঢ়ি গ'লে পেশী অৱসাদগ্রস্ত হয়।

(xxii) গ্লাইক'লাইছিছৰ আগত ক্রেব চক্র সংঘটিত হয়।

(xxiii) পতংগৰ শ্বাস অংগ ট্রেকিয়া।

(xxiv) স্তন্যপায়ী প্রাণীয়ে চৰ্মৰে শ্বসন কাৰ্য সম্পাদন কৰে।

(xxv) বায়ুকোষৰ বেৰ আৰু ৰক্তকেশিকাৰ বেৰ দুখনক একেলগে শ্বসনচ্ছদা বোলে।

(xxvi) উদ্ভিদ আৰু প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ মূল সূত্র একেই।

(xxvii) উদ্ভিদৰ শ্বসনত উদ্ভিদ আৰু বায়ুমণ্ডলৰ মাজত কেৱল O₂ৰ আদান প্রদান হয়।

(xxviii) শ্বসনৰ বাবে উদ্ভিদৰ শ্বাসতন্ত্র আছে।

(xxix) উদ্ভিদৰ শ্বসনৰ বাবে প্রয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা ব্যাপন প্রক্রিয়াৰে আহৰণ কৰে।

(xxx) জৈৱ আহাৰ নহলেও উদ্ভিদৰ শ্বসন প্রক্রিয়া চলি থাকে।

(xxxi) উদ্ভিদৰ শিপা বা মূলৰ দ্বাৰা প্রস্বেদন ঘটে।

(xxxii) পত্ৰৰন্ধীয় প্রস্বেদনত পত্ৰৰন্ধৰ ৰক্ষী কোষৰ একো ভূমিকা নাথাকে।

(xxxiii) প্রস্বেদনত পানী তৰল অৱস্থাত নির্গত হয়।

(xxxiv) অতিৰিক্ত বাষ্পমোচনে উদ্ভিদৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশ বাধাগ্রস্ত কৰে।

(xxxv) প্রস্বেদনে উদ্ভিদ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি থাকে। (xxxvi) পত্ৰৰন্ধ্ৰীয় বাষ্পমোচনে শ্বসন আৰু সালোক সংশ্লেষণৰ গেছীয় আদান প্রদানত কিছু বাধা প্ৰদান কৰে।

(xxxvii) বাষ্পমোচনে উদ্ভিদ দেহৰ পানী আৰু খনিজ লৱণৰ উর্দ্ধমুখী পৰিবহনত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

(xxxviii) বাষ্পমোচনে উদ্ভিদৰ কোষৰ কোষপ্ৰৰসৰ গাঢ়তা নিয়ন্ত্রণ কৰে।

(xxxix) পত্ৰৰন্ধৰ ৰক্ষী কোষৰ স্ফীতি চাপ বৃদ্ধিয়ে পত্ৰৰন্ধৰ ছিদ্র মুকলি হোৱাত সহায় কৰে।

(xL) অৱশোষণ, ব্যাপন আৰু আসৃতি জৈৱিক প্রক্রিয়া।

(xli) কঠিন পদার্থ কিছুমানে পৃষ্ঠটানৰ বাবে জুলীয়া পদার্থ শোষণ কৰে।

(xlii) ব্যাপন প্রক্রিয়াত কোনো পদাৰ্থৰ অনু কম ঘনত্বৰ পৰা বেছি ঘনত্বলৈ গতি কৰে।

(xliii) কোষৰ দ্ৰাৱক পানী আসৃতি প্ৰক্ৰিয়াৰ দ্বাৰা এটা কোষৰ পৰা আনটো কোষলৈ প্রবাহিত হয়।

(xliv) ব্যাপন এক জৈৱিক প্রক্রিয়া।

(xlv) কোষাৱৰণখনৰ প্ৰকৃতি অৰ্দ্ধভেদ্য গুণ বিশিষ্ট।

(xlvi) শুকান বীজ পানীত তিয়াই থ'লে ব্যাপনৰ বাবে ওফন্দি উঠে।

(xlvii) সোঁ অলিন্দত বিশুদ্ধ তেজ থাকে।

(xlviii) মানুহৰ হৃদপিণ্ডৰ সোঁ অলিন্দৰ আকাৰ বাওঁ অলিন্দতকৈ ডাঙৰ।

(xlix) মানুহৰ হৃদপিণ্ডৰ সোঁ নিলয়ৰ বেৰ বাওঁ নিলয়ৰ বেৰতকৈ ডাঠ।

(L) অগ্র মহাসিৰা সোঁ নিলয়ত মুক্ত হয়।

(li) চিষ্টেমিক ধমনীয়ে অশুদ্ধ তেজ কঢ়িয়াই নিয়ে।

(lii) মহাধমনীৰ মুখত ট্রাইকাস্পিড ভাল্ভ থাকে।

(liii) সোঁ অলিন্দ-নিলয়ৰ মাজত থকা ভাল্ভখন ট্রাইকাস্পিড ভাল্ড।

(liv) সোঁ অলিন্দ-নিলয়ৰ মাজত থকা ভাল্ডখন তিনিটা। কপাটযুক্ত।

(lv) মানুহৰ লোহিত ৰক্তকণাবোৰ আকৃতিত গোলাকাৰ।

(lvi) আটাইবোৰ ধমনীয়ে বিশুদ্ধ তেজ পৰিবহণ কৰে।

(lvii) আমাৰ শৰীৰৰ আটাইবোৰ সিৰাই অশুদ্ধ তেজ পৰিবহণ কৰে।

(lviii) ক্লোমসিৰাই অশুদ্ধ তেজ কঢ়িয়ায়।

(lvix) ক্লোমধমনীয়ে শুদ্ধ তেজ কঢ়িয়ায়।

(lx) মানুহৰ লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্রযুক্ত।

(lxi) স্তন্যপায়ীৰ লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্রযুক্ত।

(lxii) হৃদযন্ত্ৰৰ হৃদয়াৱৰণী গুহাত হৃদয়াবৰণী ৰস থাকে।

(lxiii) সোঁ অলিন্দৰ আকাৰ বাঁও অলিন্দৰ আকাৰতকৈ সামান্য সৰু।

(lxiv) লোহিত ৰক্ত কণাত হিম'গ্ল'বিন নামৰ এবিধ ৰঞ্জক পদার্থ থাকে।

(lxv) ক্লোম ধমনীয়ে দূষিত তেজ কঢ়িয়ায়।

4. "সকলো উদ্ভিদে দিনত অক্সিজেন ত্যাগ কৰে আৰু ৰাতি কার্বন-ডাই অক্সাইড ত্যাগ কৰে” এই উক্তিটোৰ সৈতে তুমি একমত হয়নে? যুক্তি দিয়া।

5. পৃথিৱীৰ পৰা সেউজীয়া উদ্ভিদ নোহোৱা হ'লে কি ঘটিব?

6. মস্তিষ্কৰ কোনটো অংশই শ্বাস-প্রশ্বাস নিয়ন্ত্ৰণ কৰে।

7. জীৱৰ জীৱন প্ৰক্ৰিয়াৰ ইন্ধন কি?

8. জীৱন প্রক্রিয়া বুলিলে কি বুজা?

9. পৰিপুষ্টি কাক বোলে?

10. শ্বসন বুলিলে কি বুজা?

11. জীৱৰ দেহত সংঘটিত হোৱা জৈৱিক ক্রিয়াসমূহৰ সমন্বয় ৰক্ষা কৰা এবিধ ৰাসায়নিক দ্ৰব্যৰ নাম লিখা।

12. পাচন কাক বোলে?

13. আহাৰ বা খাদ্য বুলিলে কি বুজা, উদাহৰণ দিয়া।

14. খাদ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱসমূহক কি কি ভাগত ভাগ কৰিব পাৰি লিখা।

15. সালোক সংশ্লেষণ কাক বোলে?

16. সালোক সংশ্লেষণ বিক্রিয়াত ঘটা ৰাসায়নিক বিক্রিয়াটো লিখা।

17. উৎপাদক কাক বোলে? উদাহৰণ দিয়া।

18. পৰজীবী কাক বোলে? এটা বহিঃপৰজীৱীৰ উদাহৰণ দিয়া।

19. পোষক কাক বোলে? উদাহৰণ দিয়া।

20. দুবিধ অন্তঃপৰজীৱীৰ নাম লিখা।

21. কোষীয় শ্বসন কাক বোলে?

22. প্রাণীদেহত পোৱা এক শর্কবা আৰু বহু শৰ্কৰাৰ নাম লিখা

23. তেজ গোট মৰাত সহায় কৰা প্ৰ'টিন দুবিধৰ নাম লিখা।'

24. তেজত অক্সিজেন পৰিবহণত সহায় কৰা ৰঞ্জক দ্ৰব্যৰ নাম কি?

25. খাদ্যৰ কোনবিধ উপাদানৰ অণুত শক্তিৰ পৰিমাণ। আটাইতকৈ বেছি?

26. মানুহৰ লালটিত থকা বেক্টেৰিয়ানাশক কাৰকটোৰ নাম লিখা।।

27. লালটিত থকা পাচক উৎসেচকবিধৰ নাম লিখা।

28. পাচন তন্ত্র কাক বোলে?

29. শোষণ কাক বোলে?

30. লালটি গ্রন্থিয়ে ক্ষৰণ কৰা ৰসক কি বোলে?

31. আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম লিখা।

32. পিত্তৰস অস্থায়ীভাৱে ক'ত সঞ্চিত হৈ থাকে?

33. মানুহৰ শৰীৰৰ কোনটো গ্রন্থিয়ে বহিঃস্রাৱী আৰু অন্তঃস্রাৱী গ্ৰন্থিৰ কাৰ্য কৰিব পাৰে?

34. পাকস্থলীয়ে ক্ষৰণ কৰা ৰসৰ নাম লিখা।

35. পাকস্থলীত প্ৰ'টিনৰ আংশিক পাচন হৈ কি দ্ৰব্যৰ সৃষ্টি হয়?

36. গাখীৰত পোৱা প্ৰ'টিনবিধৰ নাম কি?

37. অগ্ন্যাশয় ৰসত থকা দুবিধ প্র'টিন পাচনকাৰী উৎসেচকৰ নাম লিখা।

38. অগ্ন্যাশয় ৰসত থকা দুবিধ কার্বহাইড্রেট পাচনকাৰী উৎসেচকৰ নাম লিখা।

39. আত্মীয়কৰণ কাক বোলে?

40. আন্ত্রিক ৰসত থকা প্র'টিন বিশ্লেষী উৎসেচক বিধৰ নাম লিখা।

41. মানুহৰ লালটি গ্রন্থিবোৰৰ নাম লিখা।

42. মুখগহ্বৰত খাদ্যৰ কোন উপাদান পাচিত হয়?

43. শোষণ কি? অন্ত্ৰৰ কোন অংশত শোষণৰ হাৰ আটাইতকৈ বেছি?

44. যকৃতৰ প্ৰধান দুটা কাৰ্য উল্লেখ কৰা।

45. পাকস্থলীত খাদ্যৰ কোনটো উপাদানৰ পাচন হয়?

46. লালটিৰ প্ৰধান দুটা কাৰ্য উল্লেখ কৰা।

47. সবাত শ্বাসক্রিয়াত সংঘটিত ৰাসায়নিক বিক্রিয়াটো লিখা।

48. গ্লাইক'লাইছিচৰ অন্তিম উৎপাদিত দ্ৰৱ্যটো কি?

49. শ্বসন কাক বোলে?

50. কোষীয় শ্বসন কাক বোলে?

51. কোষীয় শ্বসনৰ প্ৰধান উদ্দেশ্য কি?

52. শ্বসনক কিয় অপচিতিমূলক বিপাকীয় কার্য বোলে?  

53. শ্বসনত উৎপাদিত কার্বন-ডাই-অক্সাইড কি প্ৰক্ৰিয়াৰে কোষৰ পৰা বাহিৰলৈ ওলায় যায়?

53. লোহিত ৰক্ত কণিকাত থকা কোনবিধ ৰঞ্জক পদার্থই অক্সিজেন আৰু কার্বন ডাই-অক্সাইড পৰিবহন কৰিব পাৰে?

54. অক্সিজেনৰ উপস্থিতি আৰু অনুপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শ্বসনক কেইভাগত ভগাব পাৰি, নাম লিখা।

55. গ্লাইক'লাইছিছ কাক বোলে?

56. কিম্বন বুলিলে কি বুজা?

57. পেশী কোষত কোন প্ৰকাৰৰ কিম্বন হয়?

58. গ্লাইক'লাইছিছ আৰু কিম্বনৰ মাজৰ এটা সাদৃশ্য লিখা।

59. বহিঃশ্বসন কাক বোলে?

60. শ্বাস-প্রশ্বাস কাক বোলে?

61. শ্বাস-তন্ত্র কাক বোলে?

62. বলয়ী প্ৰাণীৰ শ্বাস অংগৰ নাম লিখা।

63. অন্তঃশ্বসন কাক বোলে?

65. অক্সিহিম'গ্ল'বিন কেতিয়া বিয়োজিত হয়?

66. শ্বাসনতন্ত্ৰৰ আটাইতকৈ সৰু এককটোৰ নাম লিখা।

67. কোষৰ সবাত শ্বসন ক'ত হয়?

68. কিহৰ বাবে কোষ আৰু ৰক্ত কেশিকাৰ মাজত CO, আৰু O₂ ৰ বিনিময় ঘটে?

69. ভেকুলীৰ লালুকী অৱস্থাৰ শ্বসন অংগৰ নাম কি?

70. ক্রেব চক্র কাক বোলে?

71. শ্বসনত উৎপন্ন হোৱা দ্রব্যকেইটাৰ নাম লিখা।

72. এ.টি.পিৰ সম্পূর্ণ নাম কি?

73. অবাত শ্বসনত উৎপন্ন হোৱা দ্রব্যকেইটাৰ নাম লিখা।

74. ইষ্টৰ অবাত শ্বসনত সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

75. অবাত শ্বসন কাৰ্যৰে শক্তি উৎপন্ন কৰা প্ৰাণী এবিধৰ নাম লিখা।

76. অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত পেশীকোষত এ.টি.পিৰ উপৰিও কি দ্রব্য উৎপন্ন হয়?

77. সবাত শ্বসনৰ মূল বিক্ৰিয়াটো লিখা।

78. ইষ্টৰ অবাত শ্বসনত জড়িত বহিঃকোষীয় উৎসেচকটোৰ নাম লিখা।

79. চৰ্মৰ দ্বাৰা শ্বাস-প্রশ্বাস চলোৱা দুবিধ প্ৰাণীৰ নাম লিখা।

80. মিছা মাছৰ শ্বসন অংগটোৰ নাম কি?

81. এমিবাৰ শ্বসন কাৰ্য কোনটো কোষাংগৰ দ্বাৰ হয়?

82. আমি অক্সিজেন গেছ সেৱন কৰাৰ কাৰণ কি?

83. অবাত শ্বসনত কি কি উপাদান সৃষ্টি হয়?

84. তেজত অক্সিজেন আৰু হিম'গ্লবিনৰ মাজত বিক্রিয়া ঘটি সৃষ্টি হোৱা যৌগটোৰ নাম কি?

85. ৰসাৰোহন কাক বোলে?

86. কোনবিধ সংবহন কলাই জৈৱ যৌগৰ স্থানান্তৰ ঘটায়? 

87. উদ্ভিদৰ পৰিপুষ্টিৰ কাৰণে প্রয়োজনীয় চাৰিবিধ লৱণৰ নাম লিখা।

88. মাটিত NaCl কিয় Na' আৰু CI- আয়ন হিচাপে থাকে?

89. মাটিত থকা লৱণসমূহ কিয় সাধাৰণ ব্যাপন প্রক্রিয়াৰে উদ্ভিদব চুলি শিপাত সোমাব নোৱাৰে?

90. বহু উচ্চতা বিশিষ্ট উদ্ভিদ দেহত ৰসোত্তোলনৰ সপক্ষে কি মতবাদৰ দ্বাৰা যুক্তি দাঙি ধৰিব পাৰি?

91. উদ্ভিদৰ সংবহন কলা কি?

92. উদ্ভিদ দেহত খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণ কি কলাৰ দ্বাৰা সংঘটিত হয়?

93. কোনবিধ কলাই উদ্ভিদ দেহৰ আভ্যন্তৰীণ পৰিবহন ব্যৱস্থা নিয়ন্ত্ৰণ কৰে?

94. হৃদয়াৱৰণী গুহা কাক বোলে?

95. পৰিবহণ তন্ত্র কাক বোলে?

96. কোন পৰিবহন তন্ত্রই বিপাকীয় কার্যত উৎপন্ন হোৱা নাইট্ৰ'জেন জাতীয় ৰেচন দ্রব্যবোৰ বৰ্জন কৰাত সহায় কৰে?

97. ৰক্ত পৰিবহণ তন্ত্ৰৰ পৰিবহণ মাধ্যম কি?

98. মানুহৰ হৃদযন্ত্রটো ক'ত অৱস্থিত?

99. হৃদপেশী কাক বোলে?

100. মানুহৰ হৃদযন্ত্ৰত কিমান অলিন্দ আৰু কিমান সংখ্যক নিলয় আছে?

101. অলিন্দলৈ অহা তেজ পুনৰ মহাসিৰালৈ কিয় উভতি যাব নোৱাৰে?

102. অলিন্দৰ পৰা তেজ নিলয়ত প্রবেশ কৰিব পাৰে, কিন্তু উভতি যাব নোৱাৰে কিয়?

103. চিষ্টেমিক ধমনী আৰু ক্লোমধমনীৰ পৰা তেজ কিয় নিলয়লৈ উভতি আহিব নোৱাৰে?

104. হৃদযন্ত্ৰৰ ক'ত দূষিত তেজ থাকে?

105. হৃদযন্ত্ৰৰ ক'ত বিশুদ্ধ তেজ থাকে?

106. চিষ্টেমিক মহাধমনী হৃদযন্ত্ৰৰ ক'ত আৰম্ভ হৈছে?

107. ক্লোম ধমনী হৃদযন্ত্ৰৰ ক'ত আৰম্ভ হৈছে?

108. প্লাজমা কাক বোলে?

109. লোহিত ৰক্ত কণাৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা।

110. কোন প্ৰকাৰৰ শ্বেত ৰক্ত কণিকাই এন্টিবডি সৃষ্টি কৰিব পাৰে।

111. অনুচক্রিকাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য উল্লেখ কৰা।

112. ৰক্ত সংৰক্ষণ কাক বোলে?

113. ধমনী কাক বোলে?

114. সিৰা কাক বোলে?

115. কোন ধমনীয়ে দূষিত তেজ বহন কৰে?

116. কোন সিৰাই বিশুদ্ধ তেজ বহন কৰে?

117. সিৰাতন্ত্ৰ কাক বোলে?

118. লসিকা কি?

119. লসিকাৰ এটা কার্য লিখা।

120. হৃদযন্ত্র গঠনকাৰী পেশীৰ নাম লিখা।

121. প্লাজমাৰ দুটা কার্য লিখা।

122. সোঁ অলিন্দ আৰু বাঁও অলিন্দক পৃথক কৰা আৱবণখনৰ নাম লিখা।

123. মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটাৰ নাম লিখা।

124. হৃদপিণ্ডৰ কোনটো কোঠালিত মহাসিৰাই তেজ যোগান ধৰে?

125. বাওঁ আৰু সোঁ অলিন্দ-নিলয় পথত থকা ভালভ দুটাৰ নাম লিখা।

126. প্ৰাণীৰ পৰিবহণ তন্ত্ৰৰ কাম কি?'

127. প্ৰাণীৰ পৰিবহণ তন্ত্ৰৰ মুখ্য দুটা কাৰ্য উল্লেখ কৰা।

128. হৃদয়াৱৰণী ৰস ক'ত পোৱা যায়? ইয়াৰ কাৰ্য উল্লেখ কৰা।

129. দেহৰ বিভিন্ন অংশৰপৰা মানুহৰ হৃদপিণ্ডলৈ তেজ কঢ়িয়াই অনা মহাসিৰা দুডালৰ নাম লিখা।

130. মানুহৰ হৃদপিণ্ডৰপৰা তেজ ওলাই যোৱা ধমনী দুডালৰ নাম লিখা।

131. তেজৰ দুটা প্রধান কার্য কি উল্লেখ কৰা।

132. লোহিত ৰক্তকণিকাৰ মুখ্য কাম কি?

133. মানুহৰ তেজৰ লোহিত ৰক্তকণাত থকা শ্বসন ৰঞ্জকৰ নাম লিখা।

134. কোন স্তন্যপায়ী প্রাণীৰ লোহিত ৰক্তকণিকা কোষকেন্দ্র যুক্ত?

135. মানুহৰ পৰিবহণ তন্ত্রক কেইভাগত ভগাব পাৰি, কি কি?

136. নেফ্রন কি?

137. মানুহৰ বৃক্কৰ প্ৰাথমিক এককটো কি?

138. ৰেচন কাক বোলে?

139: আমাৰ শীৰৰ ৰেচন দ্রব্যসমূহক প্রধানকৈ কেইটা ভাগত ভগাব পাৰি, কি কি?

140. আমাৰ শৰীৰৰ দুবিধ নাইট্ৰ'জেনজাতীয় বৰ্জিত দ্ৰব্যৰ নাম লিখা।

141. জলজ প্রাণীৰ নাইট্ৰ'জেনজাতীয় দ্ৰব্যৰ ৰেচন দ্রব্য কি ৰূপত বাহিৰলৈ ওলাই যায়?

142. লালুকীৰ নাইট্ৰ'জেনজাতীয় ৰেচন দ্রব্য কি?

143. প্রাণীদেহত ইউৰিক এচিদ সংৰক্ষণ কৰিব পাৰি কিন্তু এম'নিয়া বা ইউৰিয়া সংৰক্ষণ কৰিব নোৱাৰি, কিয়?

144. চৰাইৰ নাইট্ৰ'জেনজাতীয় বর্জ্য পদার্থ কি?

145. গ্ল'মেৰুলাছ কাক বোলে?

146. বৃক্কৰ প্ৰধান কার্য কি?

147. মালপিঘিয়ান ব'ডি কাক বোলে?

148. স্তন্যপায়ী প্রাণীৰ ছালত পোৱা দুবিধ গ্ৰন্থিৰ নাম লিখা।

149. ৰেচন অংগ হিচাপে হাঁওফাঁওৰ কার্য লিখা।

150. ডি এমিনেছন কাক বোলে?

151. পিত্তৰঞ্জক দুবিধৰ নাম লিখা।

152. প্ৰাণীৰ শৰীৰত উৎপন্ন হোৱা প্ৰধান ৰেচন দ্রব্য দুটা কি?

153. প্ৰাণীৰ দেহত উৎপন্ন হোৱা নাইট্ৰ'জেন জাতীয় ৰেচন পদার্থসমূহৰ নাম লিখা।

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. চৰ্বিৰ অৱদ্ৰৱ (enmulsion)ৰ তাৎপর্য কি?

2. চাৰিটা কোঠালীযুক্ত হৃদপিণ্ডৰ সুবিধাসমূহ কি কি?

3. তলত উল্লেখ কৰা পৰিৱেশত সালোক সংশ্লেষণৰ হাৰ কেনেকুৱা হ'ব লিখা-

  (a) মেঘেৰে আবৃত দিনত

  (b) কোনো অঞ্চলত বৰষুণ নহ'লে

  (c) কোনো অঞ্চলত ভালদৰে সাৰ প্ৰয়োগ কৰিলে

  (d) ধূলিৰ বাবে পত্ৰহৰিৎ বন্ধ হ'লে।

4. ধমনীৰ বেৰতকৈ সিৰাৰ বেৰ পাতল হয় কিয়?

5. তেজত অনুচক্রিকা নাথাকিলে কি ঘটিব?

6. পৰজীৱী পুষ্টি কি? এটা অন্তঃপৰজীৱীৰ উদাহৰণ দিয়া।

7. "প্রাণীসমূহে খাদ্যৰ বাবে অন্য উদ্ভিদ বা অন্য প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল” কথাষাৰ ব্যাখ্যা কৰা।

8. পুষ্টিকৰ দ্ৰব্য কাক বোলে? উদাহৰণ দিয়া।

9. স্ব-পোষিত পুষ্টি বুলিলে কি বুজা? কোনবোৰ জীৱত এনেকুৱা পুষ্টি দেখিবলৈ পোৱা যায়?

10. স্ব-পোষী জীৱ আৰু পৰপোষী জীৱ কাক বোলে? উদাহৰণ দিয়া।

11. পৰ-পোষিত পুষ্টি কাক বোলে? ভক্ষক কাক বোলে? উদাহৰণ দিয়া।

12. কোন প্ৰকাৰৰ পুষ্টিত প্রাণীয়ে গোটা জৈৱ আহাৰ ভক্ষণ কৰি পুষ্টি আহৰণ কৰে? মানুহৰ ক্ষেত্ৰত কোন প্ৰকাৰৰ পুষ্টি হয়?

13. পূর্ণগ্রাসী জীৱ কাক বোলে? উদাহৰণ দিয়া।

14. কোন প্ৰকাৰৰ পুষ্টিত প্রাণীয়ে সহজীৱীতাৰ সংসর্গ S সৃষ্টি কৰে, তেনে পুষ্টিৰ নাম লিখি, উদাহৰণৰ সহায়ত বর্ণনা কৰা।

15. পৰিপুষ্টিৰ গুৰুত্ব চমুকৈ লিখা।

16. পার্থক্য লিখা:

  (a) স্ব-পোষিত পুষ্টি আৰু পৰপোষিত পুষ্টি।

  (b) সহজীৱী পুষ্টি আৰু পৰজীৱী পুষ্টি।

  (c) শোষণ আৰু আত্মীয়কৰণ।

  (d) অন্তঃপৰজীৱী আৰু বহিঃপৰজীৱী।

17. মানুহৰ লালটি গ্রন্থিসমূহৰ নাম লিখি, এই গ্রন্থিৰ কাৰ্য উল্লেখ কৰা।

18. লালটিৰ যিকোনো চাৰিটা কাৰ্য উল্লেখ কৰা।

19. যকৃতে ক্ষৰণ কৰা ৰসৰ নাম লিখা। যকৃতৰ কাৰ্য উল্লেখ কৰা।

20. আমাৰ শৰীৰৰ কোনটো বহিঃস্রাবী গ্রন্থিত (i) গ্লুক'জ, গ্লাইক'জেনলৈ আৰু (ii) এম'নিয়া, ইউৰিয়ালৈ। ৰূপান্তৰিত হয়?

21. মুখগহ্বৰত খাদ্যৰ কোন অংশৰ পাচন হয় আৰু কেনেদৰে হয় লিখা?

22. পাকস্থলীত খাদ্যৰ কোন অংশৰ পাচন হয় আৰু কেনেদৰে হয় লিখা।

23. পিত্তলোণৰ দুটা কার্য লিখা।

24. ক্ষুদ্রান্ত্রত প্র'টিন পাচনত অগ্ন্যাশয় ৰসৰ ভূমিকা লিখা।

25. ক্ষুদ্রান্ত্রত কার্বহাইড্রেট পাচনত অগ্ন্যাশয় ৰসৰ ভূমিকা লিখা।

26. ক্ষুদ্রান্ত্রত প্র'টিন পাচনত আন্ত্ৰিক ৰসৰ কাৰ্য উল্লেখ কৰা।

27. মানুহৰ খাদ্যনলীৰ প্ৰধান অংশসমূহৰ নাম লিখা।

28. পিত্তৰসে পাচনত কিদৰে সহায় কৰে?

29. সালোক সংশ্লেষণত পানীক কিয় বিক্রিয়ক বোলে?

30. ক্ল'ৰ'প্লাষ্টত থকা ৰঞ্জকসমূহৰ নাম লিখা। কোনটো ৰঞ্জকে সালোক সংশ্লেষণত ভাগ লয়?

31. ক্ল'ৰ'ফিল আৰু কেৰ'টিনইডে শোষণ কৰা আৰু এৰি দিয়া পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ নাম লিখা।

32. সালোক সংশ্লেষণীয় একক কাক বোলে? ইয়াৰ অৰ্থ উল্লেখ কৰা।

33. কেলভিন চক্ৰৰ আৱশ্যকীয় পদাৰ্থসমূহৰ নাম লিখা।

34. সালোক সংশ্লেষণত উৎপাদিত কার্বহাইড্রেটৰ কি দশা হয় চমুকৈ লিখা।

35. সালোক সংশ্লেষণত উৎপাদিত কার্বহাইড্রেট উদ্ভিদৰ কি কি অংগত সঞ্চিত হয়?

36. জীৱজগতৰ বাবে সালোক সংশ্লেষণ কিয় অপৰিহাৰ্য?

37. ক্ল'ৰ'প্লাষ্ট এটাৰ চিহ্নিত চিত্র আঁকা।

38. সালোকসংশ্লেষণত ক্ল'ৰ'প্লাষ্টৰ ভূমিকা লিখা।

39. থাইলাকয়বোৰ কি? ইয়াৰ গঠন চমুকৈ বৰ্ণনা কৰা।

40. উদ্ভিদৰ অত্যাৱশ্যকীয় পোষক মৌলসমূহৰ প্ৰয়োজনীয়তাৰ মাত্রা অনুযায়ী কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

41. সেউজীয়া উদ্ভিদ এজোপা কিছুদিন অন্ধকাৰ কোঠাত ৰাখিলে কিয় শ্বেতসাৰ বিহীন হৈ পৰে?

42. পতংগভোজী উদ্ভিদে সালোক সংশ্লেষণ কৰিব পাৰে যদিও ইহঁতক কিয় ভিন্নভোজী শ্রেণীত অন্তর্ভুক্ত কৰা হৈছে?

43. সালোক সংশ্লেষণৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।

44. কেলভিন চক্র কি? এই চক্র সংক্ষেপে লিখা।

45. পৰজীৱীয় পৰিপুষ্টি কি? উদাহৰণ দি চমুকৈ লিখা।

46. মৃতজীৱী বেক্টেৰীয়া আৰু ভেঁকুৰবোৰক কিয় প্রধান বিয়োজক বোলে?

47. উদ্ভিদৰ মাংসভোজীতাৰ দ্বাৰা হোৱা পৰিপুষ্টি উদাহৰণৰ সহায়ত চমুকৈ লিখা।

48. পতংগভোজী উদ্ভিদৰ আৱশ্যকীয় নাইট্র'জেন কেনেদৰে শোষণ হয়, চমুকৈ লিখা।

49. চমু টোকা লিখা (প্রত্যেকৰ বাবে 2 নম্বৰ)

  (a) ক্ল'ৰ'প্লাষ্ট

  (b) চক্ৰীয় ফটোফছফ'ৰাইলেছন

  (c) আলোক বিক্রিয়া

  (d) অনাচক্রীয় ফটোফছফ'-ৰাইলেছন

  (e) আন্ধাৰ বিক্রিয়া।

50. চমু টোকা লিখা:

  (a), কলচী উদ্ভিদ

  (b) সপুষ্পক মৃতজীবী উদ্ভিদ

  (c) শিপা পৰজীৱী উদ্ভিদ

51. সম্পূর্ণ নাম লিখাঃ

  (a) RuBp

  (b) NADPH

  (c) PGA 

  (d) PGAL.

52. সালোকসংশ্লেষণৰ ইলেক্ট্রন স্থানান্তৰণ প্ৰক্ৰিয়া বর্ণনা কৰা।

53. সালোকসংশ্লেষণৰ আলোকতন্ত্র-II চিত্ৰৰ সহায়ত বুজাই লিখা।

54. কিম্বন কাক বোলে? কেই প্ৰকাৰৰ, কি কি?

55. সুৰা কিম্বন আৰু লেক্টিক এছিড কিম্বন কাক বোলে?

56. শ্বাস-প্রশ্বাস কৌশল চমুকৈ বুজাই লিখা।

57. শ্বসনত গেছৰ কেনেদৰে বিনিময় ঘটে চমুকৈ বুজাই লিখা।

58. কোন লানি বিক্রিয়াক কিথন বুলি জনা যায়?

59. গ্লাইক'লাইছিছ আৰু কিখনৰ মাজত থকা দুটা মুখ্য প্রভেদ কি?

60. অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত পেশীকোষত হোৱা কোষীয় শ্বসন বর্ণনা কৰা।

61. কোষীয় শ্বসন কাক বোলে? সবাত কোষীয় শ্বসন প্রক্রিয়া চমুকৈ বৰ্ণনা কৰা।

62. কোষীয় শ্বসনৰ গ্লাইক'লাইছিছ স্তৰটোৰ বিষয়ে লিখা।

63. বহিঃশ্বসন প্রক্রিয়াটো চমুকৈ বৰ্ণনা কৰা।

64. তেজত অক্সিজনে গেছৰ পৰিবহণ কেনেকৈ হয় বর্ণনা কৰা।

65. ইষ্টৰ কোষীয় শ্বসনত ইথাইল এলকহল কেনেকৈ উৎপন্ন হয়?

66. অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত পেশী অৱসাদগ্রস্ত হোৱাৰ কাৰণ কি?

67. সবাত কোষীয় শ্বসনৰ স্তৰকেইটাৰ নাম উল্লেখ কৰা।

68. তলত দিয়া প্ৰক্ৰিয়াত ঘটা ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা-

  (i) ইষ্টৰ অবাত শ্বসন

  (ii) সবাত শ্বসন

  (iii) পেশীকোষৰ অবাত শ্বসন।

69. বহিঃশ্বসন প্রক্রিয়াত জাড়িত স্তৰকেইটা কি কি?

70. পার্থক্য লিখা:

  (a) লেক্টিক এছিড কিথন আৰু সুৰা কিম্বন।

  (b) সবাত শ্বসন আৰু অবাত শ্বসন।

71. উদ্ভিদৰ শিপাই শ্বসনৰ বাবে অক্সিজেন ক'ৰ পৰা আৰু কেনেকৈ আহৰণ কৰে?

72. উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে অক্সিজেন ক'ৰ পৰা আৰু কেনেকৈ আহৰণ কৰে?

73. উদ্ভিদৰ পাতে শ্বসনৰ বাবে অক্সিজেন ক'ৰ পৰা আৰু কেনেকৈ আহৰণ কৰে?

74. বাষ্পমোচনক কেইভাগত ভগাব পাৰি, কি কি নাম লিখা।

75. বিভিন্ন প্ৰকাৰৰ বাষ্পমোচন হোৱা অংগসমূহৰ নাম লিখা আৰু বাষ্পমোচন উদ্ভিদৰ বাবে আৱশ্যকীয় হয় নে?

76. চিহ্নিত চিত্ৰৰ সহায়ত পত্ৰৰন্ধৰ গঠন লিখা।

77. বাষ্পমোচনৰ তাৎপর্য উল্লেখ কৰা।

78. বহিস্তকীয় বা উপচর্মীয় প্রস্বেদন কাক বোলে?

79. বাষ্পমোচনৰ উপকাৰিতাৰ বিষয়ে লিখা।

80. বাষ্পমোচনৰ অপকাৰিতাৰ বিষয়ে লিখা।

81. সংবহন তন্ত্র কাক বোলে?

82. আৱৰ্ত্তন কাক বোলে?

83. অৱশোষণ কাক বোলে?

84. আসৃতি কাক বোলে?

85. ব্যাপন কাক বোলে?

86. উদ্ভিদ দেহৰ পৰিবহণ বুলিলে কি বুজা?

87. জীৱৰ পৰিবহণ তন্ত্র বুলিলে কি বুজা?

88. উদ্ভিদত পানীৰ চলন কেনেদৰে হ'ব পাৰে লিখা।

89. পানী পৰিবহণত উদ্ভিদৰ শিপা আৰু জাইলেমৰ ভূমিকা কি?

90. মাটিৰ পৰা উদ্ভিদলৈ কেনেদৰে খনিজ লৱণৰ পৰিবহন হয় লিখা।

91. ফ্লোৱেমৰ দ্বাৰা যে জৈৱ যৌগৰ স্থানান্তৰণ হয় দেখুৱাবলৈ এটা পৰীক্ষা লিখা।

92. ৰসাৰোহন প্ৰক্ৰিয়াটো চমুকৈ বর্ণোৱা।

93. জাইলেমৰ দুটা কাৰ্য উল্লেখ কৰা।

94. উদ্ভিদ দেহত খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণৰ দিশ সম্পর্কে লিখা।

95. উচ্চশ্ৰেণীৰ উদ্ভিদত কার্ব'হাইড্রেট স্থানান্তৰণত জড়িত কলাৰ নাম লিখা। চিত্ৰৰ সহায়ত উদ্ভিদত খাদ্যবস্তুৰ নিম্নগামী সঞ্চালন দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

96. ধমনী আৰু সিৰাৰ মাজত যিকোনো দুটা পার্থক্য লিখা।

97. তেজৰ কাৰ্যসমূহ লিখা।

98. আমাৰ তেজত থকা ৰঞ্জক কণাটোৰ নাম লিখা। এটা চিত্ৰৰ সহায়ত তেজ আৰু বায়ুকোষৰ মাজত শ্বসন গেছৰ বিনিময় কেনেকৈ হয় ব্যাখ্যা কৰা।

99. মানুহৰ হৃৎপিণ্ডৰ সোঁ অলিন্দ আৰু সোঁ নিলয় আৰু বাঁও অলিন্দ আৰু বাঁও নিলয়ৰ মাজত থকা ভালভ কেইটাৰ নাম লিখা। সেইবোৰৰ কাৰ্য লিখা।

100. উশাহ মানে কি? এই প্ৰক্ৰিয়াৰ সময়ত কামিহাড় সংযোগী পেশীয়ে কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?

101. ৰক্ত পৰিবহণ তন্ত্ৰৰ পৰিবাহী মাধ্যমটো কি? ৰক্ত পৰিবহণ তন্ত্র কিহৰে গঠিত?

102. লসিকা পৰিবহণ তন্ত্ৰৰ গঠনাত্মক উপাদান সমূহৰ নাম লিখি এই তন্ত্ৰৰ এটা কাৰ্য উল্লেখ কৰা।

103. মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে চমুকৈ লিখা।

104. মানুহৰ শৰীৰৰ অগ্র অংশ আৰু নিম্ন অংশৰ পৰা দূষিত তেজ বহনকাৰী মহাসিৰা দুডালৰ নাম লিখা।

105. তেজৰ প্লাজমাৰ সংযুক্তি লিখা।

106. তেজ কেনেদৰে গোট মাৰে? তেজৰ চেকুৰা মৰা কাৰ্যত সহায় কৰা ৰক্তকণাটোৰ নাম লিখা।

107. উচ্চস্তৰীয় প্ৰাণীৰ দেহত পৰিবহণ তন্ত্ৰৰ প্ৰয়োজন কি বুজাই লিখা।

108. পার্থক্য লিখা:

  (a) তেজ আৰু লসিকা।

  (b) ৰক্ত পৰিবহণ তন্ত্ৰ আৰু লসিকা পৰিবহণ তন্ত্র।

  (c) সোঁ আৰু বাওঁ অলিন্দৰ আভ্যন্তৰীণ গঠন।

109. নিউৰণৰ কেইটা অংশ থাকে? স্নায়ু প্রবর্ধ কেইপ্ৰকাৰৰ, কি কি?

110. স্নায়ুকোষবোৰক কেইটা ভাগত ভগাব পাৰি? কি কি লিখা।

111. বিভিন্ন স্নায়ুকোষবোৰৰ কাৰ্য উল্লেখ কৰা।

112. স্নায়ুতন্ত্র কাক বোলে? স্নায়ুতন্ত্রক কেইভাগত ভগাব পাৰি, কি কি?

113. মায়েলিন আৱৰণ থকা নথকাৰ ওপৰত ভিত্তি কৰি স্নায়ুতন্ত্র কেইভাগত ভগাব পাৰি, কি কি?

114. স্নায়ুৰ ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি স্নায়ুকোষ বোৰক কেইটা ভাগত ভগাব পাৰি? যিকোনো দুটাৰ ক্ৰিয়াৰ বিষয়ে লিখা।

115. স্বয়ংক্রিয় স্নায়ুতন্ত্র কেইভাগত ভগাব পাৰি, কি কি?

116. ছিপথেটিক আৰু পেৰছিপেথেটিক স্নায়ুতন্ত্ৰৰ কাৰ্য লিখা।

117. প্রতীপ ক্রিয়া কাক বোলে? উদাহৰণ দিয়া।

118. অগ্ন্যাশয় গ্রন্থিক কিয় অন্তঃস্রাৱী গ্রন্থি আৰু বহিঃস্রাবী গ্রন্থি বোলে?

119. প্রতীপ ক্ৰিয়াৰ দ্বাৰা কেনেদৰে স্নায়ু প্ৰেৰণাৰ প্ৰবাহ হয়?

120. মানুহৰ শৰীৰত পোৱা চাৰিটা অন্তঃস্রাৱী গ্ৰন্থিৰ নাম লিখা।

121. মানুহৰ শৰীৰৰ কেলছিয়াম আৰু ফছফৰাছৰ বিপাক কি হৰম'নে নিয়ন্ত্ৰণ কৰে আৰু কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা এই হৰম'ন ক্ষৰণ হয়?

122. অগ্ন্যাশয়ৰ দুবিধ হৰম'নৰ নাম লিখা।

123. এটা স্নায়ুকোষৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

124. পার্থক্য লিখা:

  (a) অন্তঃস্রাবী গ্রন্থি আৰু বহিঃস্রাবী গ্রন্থি।

  (b) মধুমেহ ৰোগ আৰু গলগণ্ড ৰোগ।

  (c) ৰাসায়নিক সমন্বয় আৰু স্নায়বিক সমন্বয়।

  (d) ছিপেথেটিক আৰু পেৰাছিম্পেথেটিক স্নায়ুতন্ত্র।

125. জনন গ্রন্থিক কিয় অন্তঃস্রাবী গ্রন্থি বোলে?

126. প্রতীপ ক্রিয়া নাথাকিলে আমাৰ শৰীৰত কি ধৰণৰ বিসংগতিয়ে দেখা দিব চমুকৈ লিখা।

127. এটা স্নায়ুকোষৰ প্ৰধান অংশকেইটাৰ নাম লিখা।

128. এক্সন আৰু ডেনড্রাইটৰ কাৰ্যপ্রণালী বর্ণনা কৰা।

129. থাইৰইড গ্রন্থিয়ে ক্ষৰণ কৰা হৰম'নৰ নাম আৰু ইয়াৰ কার্য কি লিখা।

130. ইনছুলিন হৰম'নৰ কাৰ্য আৰু ইয়াৰ অভাৱত সৃষ্টি হোৱা ৰোগটোৰ নাম লিখা।

131. হৰম'নক কিয় ৰাসায়নিক বাহক বোলা হয়?

132. আমাৰ পাকস্থলীত ক্ষৰিত হোৱা অম্লৰ নাম আৰু কাৰ্য লিখা। পাকস্থলীত হোৱা অজীর্ণ, বিষৰ উপশমৰ বাবে তুমি কি পৰামৰ্শ আগবঢ়াবা। ইয়াৰ উপশমত ব্যৱহাৰ কৰা প্রধান দ্ৰব্যৰ নাম লিখা আৰু ইয়াৰ কাৰ্য লিখা।

134. (a) গাখীৰৰ PH হ'ল 61 যেতিয়া গাখীৰ দৈ গাখীৰলৈ ৰূপান্তৰিত হয় তেতিয়া ইয়াৰ PHমান বাঢ়িব নে কমিব।

(b) যদি এডাল উদ্ভিদৰ জাইলেম গুচাই দিয়া হয়; তেনেহ'লে কি ঘটিব?

135. শ্বাস-প্রশ্বাস বুলিলে কি বুজা? অতি বেছি শাৰীৰিক পৰিশ্ৰম কৰিলে শ্বাস-প্রশ্বাসৰ হাৰ বাঢ়িব নে কমিব, কিয় লিখা?

136. উদ্ভিদৰ পৰিবহণৰ ক্ষেত্ৰত ট্রেন্সল'কেচন (transloca- tion)ৰ সংজ্ঞা দিয়া। উদ্ভিদৰ বাবে এই প্রক্রিয়া কিয় প্রয়োজনীয়? তলত উল্লেখ কৰা দ্রব্যসমূহ উদ্ভিদে ক'ত সংশ্লেষণ কৰে।

  (a) শৰ্কৰা

  (b) হৰম'ন।

137. শ্বাসনলৰ কাৰ্য লিখা। বায়ু কমিলেও কিয় শ্বাসনলৰ বেৰখন ধ্বংস নহয়?

138. সৰুজ উদ্ভিদৰ পত্ৰৰন্ধ্ৰ দিনৰ ভাগত বন্ধ হৈ থাকে। সেই উদ্ভিদসমূহে কেনেদৰে কাৰ্বন্‌ডাই অক্সাইড গ্রহণ কৰে আৰু সালোক সংশ্লেষণ প্রক্রিয়া সম্পন্ন কৰে।

4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)

1. এমিবাৰ পৰিপুষ্টি প্রক্রিয়া ব্যাখ্যা কৰা।

2. মানুহৰ পাচন নলীৰ বৰ্ণনা দিয়া।

3. উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।

4.(a) সালোক-সংশ্লেষণত ঘটা তিনিটা প্ৰক্ৰিয়াৰ নাম লিখা। এই প্ৰক্ৰিয়াত পত্ৰৰন্ধৰ কাৰ্য চমুকৈ লিখা।

(b) সালোক সংশ্লেষণত পোহৰৰ আৱশ্যকতা দেখুওৱাবলৈ এটা পৰীক্ষাৰ বৰ্ণনা দিয়া।

5. (a) পৰিপুষ্টি জীৱৰ বাবে এক আৱশ্যকীয় প্রক্রিয়া। তিনিটা কাৰণ দর্শোৱা।

  (b) পৃথিৱীৰ পৰা সেউজীয়া উদ্ভিদ বা গছ-গছনিসমূহ নোহোৱা হ'লে কি ঘটিব।

  (c) "সকলোবোৰ উদ্ভিদে দিনত অক্সিজেন আৰু ৰাতি কার্বন-ডাই-অক্সাইড ত্যাগ কৰে উক্তিটোৰ যুক্তিযুক্ততা ব্যাখ্যা কৰা।

6. (a) তলৰ অংশসমূহ চিহ্নিত কৰি মানুহৰ ৰেচনতন্ত্ৰৰ এটা পৰিষ্কাৰ চিত্ৰ আঁকা।

  (i) বাত্ত বৃক্ক

  (ii) মূত্রনলী

  (iii) মূত্রবাহী নলী

  (iv) মুত্রজনন নলী।

  (b) বৃক্কই তেজৰ পৰা পৰিষ্কাৰ কৰা প্ৰধান বিষাক্ত বর্জিত পদার্থ বিধৰ নাম কি?

  (c) নেফ্রনৰ নলীকাই পুনৰ শোষণ কৰা দুবিধ দ্ৰব্যৰ নাম লিখা।

7. (a) তলত উল্লেখ কৰা অংশসমূহ চিহ্নিত কৰি মানুহৰ হৃদপিণ্ডৰ এক পৰিষ্কাৰ চিত্ৰ অংকন কৰা-

  (i) ক্লোম ধমনী

  (ii) চেপ্টাম

  (iii) মহাধমনী

  (iv) নিলয়।

  (b) ধমনীৰ ডাঠ স্থিতিস্থাপক বেৰ থাকে কিন্তু সিৰাৰ ভালভ (volve) থাকে। ব্যাখ্যা কৰা।

৪. (ⅰ) তলৰ অংশসমূহ দেখুৱাই মানুহৰ পাচন নলীৰ এক চিহ্নিত চিত্র আঁকা-

  (a) মুখ গহ্বৰ

  (b) যকৃত

  (c) অগ্ন্যাশয়

  (d) পাকস্থলী

  (e) বৃহদান্ত্র

  (f) পিত্তস্থলী

(ii) লালটিৰ এমাইলেজ উৎসেচক কোন প্ৰকাৰৰ খাদ্যৰ ওপৰত ক্ৰিয়া কৰে? এই খাদ্যৰ পৰা উৎপাদিত দ্ৰব্যৰ নাম লিখা।

9. পুষ্টি কাক বোলে? পৰপোষিত পুষ্টি কেইপ্ৰকাৰৰ? প্ৰত্যেকৰে নাম লিখি চমুকৈ আলোচনা কৰা।

10. মানৱ দেহৰ ডুৱডেনামত হোৱা খাদ্যবস্তুৰ পাচন প্রক্রিয়া আলোচনা কৰা।

11. মানুহৰ পাচন তন্ত্ৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

12. মানুহৰ পুষ্টি কেনেদৰে সাধিত হয়, চমুকৈ আলোচনা কৰা।

13. মানুহৰ পাকস্থলীত হোৱা পাচন ক্রিয়া বিশদভাবে ব্যাখ্যা কৰা।

14. খাদ্যৰ বিভিন্ন উপাদানৰ পাচন প্রক্রিয়াত জড়িত উৎসেচক সমূহ, ইহঁতৰ কাৰ্যদ্রব্য আৰু পাচিত উপাদানৰ নাম উল্লেখ কৰি এখন তালিকা প্রস্তুত কৰা।

15. উদ্ভিদৰ পৰিপুষ্টি কাক বোলে? উদ্ভিদে কেনেদৰে পৰিপুষ্টি লাভ কৰিব পাৰে, বৰ্ণনা কৰা।

16. স্ব-পোষী উদ্ভিদৰ বাহিৰে অন্য উদ্ভিদবোৰে কেনেদৰে নিজৰ পৰিপুষ্টি সাধন কৰিব পাৰে, আলোচনা কৰা।

17. শ্বসন মানে কি বুজা? জীৱদেহত ইয়াৰ আৱশ্যকতা কি বহলাই লিখা।

18. কিম্বন কাক বোলে? ই কেইপ্ৰকাৰ? উদাহৰণেৰে সৈতে বুজাই লিখা

19. বায়ুকোষ আৰু ৰক্ত কেশিকাৰ মাজত কেনেদৰে শ্বাস-প্রশ্বাসত ব্যৱহৃত গেছৰ বিনিময় ঘটে চিত্ৰৰ সহায়ত বুজাই লিখা।

20. শ্বাস-প্রশ্বাস কার্যত অক্সিজেন আৰু কার্বন ডাই-অক্সাইড গেছ কেনেদৰে পৰিবাহিত হয় চমুকৈ বুজাই লিখা।

21. কোষীয় শ্বসনৰ গ্লাইক'লাইছিচ আৰু ক্ৰেব চক্ৰৰ বিষয়ে চমুকৈ লিখা।

22. পত্ৰৰন্ধীয় বাষ্পমোচনত পত্ৰৰন্ধৰ ভূমিকাৰ বিষয়ে বৰ্ণনা দিয়া।

23. ৰৈখিক চিত্ৰৰ সহায়ত পত্ৰৰন্ধৰ ছিদ্ৰৰ মুকলি আৰু বন্ধ হোৱাৰ ঘটনাৱলী উল্লেখ কৰা।

24. গছৰ পাত বতাহত লৰিলে আমাৰ শৰীৰ শাঁত পৰে কিয়? যুক্তি সহ বর্ণনা দিয়া।

25. উদ্ভিদ দেহৰ পৰিবহণত কি কি জৈৱিক আৰু ভৌতিক প্রক্রিয়া জড়িত তাৰ বিয়ে বহলাই লিখা।

26. উদ্ভিদ দেহত খাদ্য সংবহনৰ পথ কি? পৰীক্ষাৰ সহায়ত ইয়াৰ বৰ্ণনা দিয়া।

27. পৰীক্ষাৰ সহায়ত প্রমাণ কৰা যে উদ্ভিদ দেহত ৰসোত্তোলনৰ পথ জাইলেম কলা।

28. উদ্ভিদৰ মূলৰোমে মাটিৰ পৰা শোষণ কৰা পানী মূলৰোমৰ পৰা জাইলেম কলা কেনেকৈ পায়গৈ চমুৱাই লিখা।

29. তেজক কিয় তৰল সংযোজক কলা বোলে? তেজৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে চমুকৈ লিখা।

30. শ্বেত ৰক্তকণা কেই প্ৰকাৰৰ, কি কি? প্রত্যেক বিধৰে চিত্ৰ আঁকি একোটা কার্য লিখা।

31. ৰক্ত পৰিবহণ তন্ত্র কাক বোলে? ৰক্ত পৰিবহণ তন্ত্ৰৰ লগত জড়িত মুখ্য ভাগকেইটাৰ নাম লিখা আৰু অতিসংক্ষেপে সিহঁতৰ কাৰ্য উল্লেখ কৰা।

32. নেফ্রনত কেনেদৰে মূত্ৰ উৎপাদন হয়, বৰ্ণনা কৰা।

33. মেৰুদণ্ডী প্রাণীৰ অতিৰিক্ত ৰেচন অংগসমূহৰ নাম লিখি সিহঁতৰ কাৰ্য উল্লেখ কৰা।

34. ৰেচন দ্ৰব্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক কেইটা ভাগত ভগাব পাৰি? কি কি, চমুকৈ লিখি একোটা উদাহৰণ দিয়া

35. বৃক্কৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে বহলাই আলোচনা কৰা। 36. নেফ্রন কি? চিত্ৰৰ সহায়ত নেফ্ৰনৰ গঠন বৰ্ণনা কৰা।