90% Common Question
HSLC 2015
1. মানুহৰ লিঙ্গ কেনেকৈ নিৰ্দ্ধাৰিত হয়? প্রয়োজনীয় চিত্ৰৰ সৈতে ব্যাখ্যা কৰা।
2. উদ্ভিদ আৰু প্ৰাণীত কেনেকৈ চাৰিত্রিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়?
HSLC 2016
1. যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইবোৰ হ'ল-
(a) সমসংস্থ
(b) সমবৃত্তি
(c) নিকটবর্তী
(d) অবশেষাংগ
2. প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ?
3. জীবাশ্ম কি? জীবাশ্মই কেনেকৈ বিবর্তনৰ সন্ধানত সহায় কৰে?
4. বিবর্তন আৰু শ্রেণীবিভাগ- এই দুটা অধ্যয়নৰ বিষয় কিদৰে সম্পর্কিত? ব্যাখ্যা কৰা।
5. কোনো জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্রজননে কিদৰে সহায় কৰে?
HSLC 2017
1. মানুহৰ উৎপত্তি হৈছিল-
(a) এচিয়াত
(b) আফ্রিকাত
(c) অস্ট্রেলিয়াত
(d) ইউৰোপত
2. মেণ্ডেলৰ পৰীক্ষাত ব্যবহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্রভাৱী?
3. মানুহৰ লিঙ্গ নির্ধাৰণ কি দৰে হয় ব্যাখ্যা কৰা।
4. প্ৰজাতিকৰণৰ কাৰণবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
HSLC 2018
1. নতুন প্রজাতি এটাৰ উৎপত্তিৰ বাবে কি কি উপাদানে অৰিহণা যোগায়, উল্লেখ কৰা।
2. প্ৰভাৱী চৰিত্ৰ কি? এটা জুনৰ পৰা তাৰ পৰৱৰ্তী জনুৱে বংশানুক্রমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে হস্তান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা কেনেদৰে প্ৰমাণিত কৰিছিল?
3. সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ সংজ্ঞা দিয়া। চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অগংৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত কৰা।
HSLC 2019
1. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্রিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্রক্রিয়াকে বোলা হয়
(a) প্ৰজাতিকৰণ
(b) ক্রমবিকাশ
(c) বংশানুক্রম
(d) বিভিন্নতা
2. প্ৰভাৱী চৰিত্ৰ কাক বোলে?
3. কোনো জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্রজননে কিদৰে সহায় কৰে?
4. মানুহৰ লিঙ্গ নির্ধাৰণ কি দৰে হয় ব্যাখ্যা কৰা।
5. প্রজনন প্রক্রিয়াত DNA-ৰ প্ৰতিলিপিকৰণৰ প্রয়োজনীয়তা কি?
6. ক্রমবিকাশ আৰু শ্ৰেণী বিভাজনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।
HSLC 2020
1. দি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম?
(a) ওখ (TT) আৰু চাপৰ (tt) দুয়ো ধৰণৰ
(b) কেৱল ওখ
(c) কেৱল চাপৰ
(d) ওপৰৰ কোনো ধৰণৰেই নহয়
2. কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্রমিকভাবে কিয় প্রবাহিত নহয়?
3. নতুন প্রজাতি এটাৰ উৎপত্তিৰ বাবে কি কি উপাদানে অৰিহণা যোগায়, উল্লেখ কৰা।
4. ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা? স্ব- পৰাগযোগ ঘটা উদ্ভিদ প্রজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্রধান কাৰক হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?
HSLC 2022
1. এজোপা হালধীয়া আৰু ঘুৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু শোটোৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব সিটো হ'ল-
(a) 1:1
(b) 3:1
(c) 9:3:3:1
(d) 1:1:1:1
2. জিনীয় পথচ্যুত কি?
3. বিভিন্নতা কি?
4. মানুহে কেইযোৰ যৌন ক্ৰম'জ'ম বহন কৰে? মানুহৰ ক্ষেত্ৰত সন্তানৰ লিংগ কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
5. আর্জিত আৰু বংশানুক্রমিক চৰিত্ৰসমূহ কি? ব্যাখ্যা কৰা।
HSLC 2023
1. সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে-
(a) চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা
(b) পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা।
(c) পাৰৰ পাখি আৰু মানুহৰ হাত।
(d) ভাটো চৰাইৰ পাখি আৰু মৌমাখিৰ পাখি।
2. তলৰ কোনযোৰ ক্ৰম'জমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্দ্ধাৰণ কৰিব?
(a) XX
(b) XY
(c) XO
(d) YO
3. 'জিন' এটাৰ সংজ্ঞা তুমি কেনেদৰে দিবা?
4. এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে কি কি কাৰকে অৰিহণা যোগায়?
5. যদি পিতৃ-মাতৃ দুয়োজনকে লৈ তেওঁলোকৰ সন্তান সকলেওঁ চকুৰ পাতল বৰণ বহন কৰে তেনেহ'লে চকুৰ পাতল বৰণৰ চাৰিত্রিক বৈশিষ্ট্যটো তোমাৰ মতে প্ৰভাৱী নে অ-প্রভাৱী স্বভাৱৰ হ'ব? কিয় হয় বা নহয় ব্যাখ্যা কৰা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. (i) কোনটো জীৱৰ আনুবংশিক পদার্থ-
(a) DNA
(c) কার্ব হাইড্রেট
(b) প্র'টিন
(d) ক্রম'জম
(ii) তলৰ কোনটো প্ৰক্ৰিয়াত জিনীয় পদাৰ্থৰ বিনিময় ঘটে-
(a) যৌন প্রজনন
(b) অযৌন প্রজনন
(c) মুকুলোদগম
(d) অংগজ প্রজনন
(iii) যদি মটৰ মাহৰ ওখ উদ্ভিদ (TT) আৰু চাপৰ উদ্ভিদ (tt) ৰ মাজত সংকৰণ ঘটোৱা হয় তেনেহ'লে প্রথম অপত্য জনু (F₁) ত সৃষ্টি হোৱা উদ্ভিদ সমূহ ওখ হয়, কাৰণ-
(a) ওখ চৰিত্ৰটো অপ্ৰভাৱী চৰিত্ৰ
(b) চুটি চৰিত্ৰটো প্ৰভাৱী চৰিত্ৰ
(c) ওখ চৰিত্ৰটো প্ৰভাৱী চৰিত্ৰ
(d) মটৰ মাহৰ উচ্চতাটো 'T' বা 't' ৰ দ্বাৰা নিয়ন্ত্রিত নহয়।
(iv) যদি মটৰ মাহৰ ঘূৰণীয়া সেউজীয়া বীজ (RRYY) আৰু সতোঁৰা হালধীয়া (rryy) বীজৰ সংকৰণ ঘটোৱা হয়, তেনেহ'লে প্রথম অপত্য অণু (FI) ত সৃষ্টি হোৱা উদ্ভিদৰ বীজ সমূহ হ'ব-
(a) সতোঁৰা আৰু সেউজীয়া বীজ
(b) ঘূৰণীয়া আৰু সেউজীয়া বীজ।
(c) সতোঁৰা আৰু হালধীয়া বীজ
(d) ঘূৰণীয়া আৰু হালধীয়া বীজ।
(v) এটা পুৰুষ শিশু নিৰ্ণয় কৰিব পাৰি __________ ৰ দ্বাৰা।
(a) কিৱা কাৰণত শিশুটো পুৰুষ হ'ব পাৰে।
(b) জনন কোষৰ কোষ প্রৰসে লিংগ নিৰ্ধাৰণ কৰিব।
(c) যোজন কোষত থকা y ক্রম'জ'মে।
(d) যোজন কোষত থকা ক্রম'জ'মে।
(vi) এটা যোজন কোষত থকা x- ক্রম'জ'মে পিতৃৰ পৰা বংশগতি সূত্রে স্থানান্তৰিত হৈছে, গতিকে তেনে যোজন কোষৰ পৰা কোন প্ৰকাৰৰ সন্তান জন্ম হ'ব-
(a) ল'বা
(b) ল'ৰা বা ছোৱালী
(c) ছোৱালী
(d) x- ক্রম'জ'মে শিশুৰ লিংগ নির্ধাৰণ নকৰে।
(vi) নতুন প্ৰজাতিৰ গঠন হ'ব পাৰে, যদি-
(a) জনন কোষত ...ৰ পৰিবৰ্ত্তন ঘটে।
(b) ক্রম'জ 'মৰ সংখ্যাৰ পৰিবৰ্ত্তন হ'লে।
(c) আনুবংশিক পদাৰ্থৰ কোনো পৰিবৰ্ত্তন নঘটিলে।
(d) সংগম নঘটিলে।
(i) (a), (b) আৰু (c)'
(ii) (a) আৰু (b)
(iii) (a) আৰু (c)
(vi) (b) (c) আৰু (d)
(vii) শুদ্ধ উক্তিটো বাছি উলিওৱা___
(a) মটৰ মাহৰ আকৰ্ষ আৰু অপুনচিয়া (Opuntia) ব স্ফাইল 'ক্লেড হ'ল সমবৃত্তিক অংগ।
(b) চৰাইৰ ডেউকা আৰু জেঠীৰ ঠেং সমবৃত্তিক অংগ।
(c) চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা সমসংস্থ অংগ।
(d) মটৰ মাহৰ আকৰ্ষ আৰু অপুচিয়াৰ ফাইল'ক্লেড হ'ল সমসংস্থ অংগ।
(viii) জীৱৰ চৰিত্ৰ ________ ৰে প্রভাবিত হয় ________
(a) মাতৃ DNA
(b) পিতৃ DNA
(c) মাতৃ আৰু পিতৃ DNA দুয়োটাই
(d) মাতৃ DNA ত নহয় আৰু পিতৃ DNA ও নহয়।
(ix) তলৰ কোনটোত, চৰিত্ৰৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায়
(a) এটা জাতিৰ অন্তর্গত দুটা প্রজাতি
(b) এটা গোত্ৰৰ দুটা জাতি
(c) একে প্ৰজাতিৰ দুটা জীৱ
(d) দুটা গোত্ৰৰ দুটা জাতি।
(x) তলৰ কোনটো চৰিত্ৰ অৰ্জন কৰিব পাৰি, কিন্তু বংশগতি সূত্রে স্থানান্তৰিত নহয় ____
(a) চৰ্মৰ বৰণ
(b) চকুৰ বৰণ
(c) চুলিৰ প্ৰকৃতি
(d) দেহৰ আকৃতি।
( xi) যেতিয়া বিশুদ্ধ ওখ মটৰ মাহ (TT) ৰ সৈতে বিশুদ্ধ চুটি মটৰ মাহ (tt) ৰ সংকৰণ ঘটোৱা হয, তেতিয়া F, জনুত ওখ আৰু চুটি উদ্ভিদৰ অনুপাত হ'ব—
(a) 1:3
(b) 3:1
(c) 1:1
(d) 2:1
(xii) মানুহৰ যোজন কোষত থকা ক্ৰম'জ'মৰ সংখ্যা-
(a) এক
(b) তিনি
(c) দুই
(d) চাৰিডাল।
(xiii) ভাইৰাচৰ দৰে জৈৱিক কণিকাৰ সৃষ্টি হোৱা বিৱৰ্তনক কি বোলে
(a) ৰাসায়নিক বিৱৰ্তন
(b) জৈৱ ৰাসায়নিক বিৱৰ্তন
(c) জৈৱ বিৱৰ্তন
(xiv) তলৰ কোন প্ৰকাৰৰ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কার্য ভিন ভিন
(a) সমসংস্থ অংগ
(b) সমবৃত্তি অংগ
(c) (a) আৰু (b) দুয়োটাই
(xv) তলৰ কোন প্ৰকাৰৰ অংগৰ গঠন আৰু উৎপত্তি ভিন ভিন কিন্তু কার্য একে
(a) সমসংস্থ অংগ
(b) সমবৃত্তি অংগ
(c) (a) আৰু (b) দুয়োটাই
(xvi) তলৰ কোনটো অংগ লুপ্ত প্রায় অংগ নহয়
(a) কাণৰ পেশী
(b) কৃন্তক দাঁত
(c) পুৰঃপেষক দাত
(d) অস্ত্রপুচ্ছ
(xvii) সৰীসৃপ আৰু স্তন্যপায়ী প্রাণীৰ সংযোগী প্রাণীটো হ'ল-
(a) প্লেটিপাছ
(b) পেৰিপেটাচ্
(c) পেৰামেচিয়াম
(d) প্লেটিথেচিয়াম
(xviii) সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজীৰ সংযোগী উদ্ভিদটো হ'ল-
(a) কলচী উদ্ভিদ
(b) নেটাম
(c) মন'ট্রপা
(d) পাইন
(xix) মানৱ শৰীৰৰ কোনটো লুপ্ত প্রায় অংগ
(a) পুচ্ছ অস্থি
(b) ভৰিৰ আঙুলি
(c) কিডনী
(d) মস্তিষ্ক
(xx) ফিল 'ছফি জুলজিক' গ্রন্থখন কোনে ৰচনা কৰিছিল?
(a) মিলাৰ
(b) ডাৰউইন
(c) লেমার্ক
(d) হেনছল
(xxi) প্রাকৃতিক নির্বাচন মতবাদটো তলৰ কোনখন কিতাপত প্রকাশ পাইছিল?
(a) অৰিজিন অব স্পেছিচ
(b) ফিল ছফি জুলজিক
(c) স্পেছিচ প্লেনটেৰাম
(d) ৰেড ডাটা বুক
(xxii) বিৱৰ্ত্তন সম্পর্কীয় প্রাকৃতিক নির্বাচন মতবাদ কোনে আগবঢ়াইছিল—
(a) লেমার্ক
(c) মৰগেন
(b) ডাৰউইন
(d) মেণ্ডেল।
(xxiii) মেণ্ডেলৰ সংকৰণ পৰীক্ষাত F₂ জনুৰ উৎপাদন হয়-
(a) F₁ জনুৰ উদ্ভিদৰ সংকৰণৰ দ্বাৰা
(b) F₁ জনুৰ উদ্ভিদ আৰু পিতৃমাতৃৰ যিকোনো এটাৰ মাজত হোৱা সংকৰণৰ দ্বাৰা
(c) পিতৃ মাতৃৰ যি কোনো এটাৰ মাজত স্ব-নিষেচন।
(d) এটাও নহয়।
(xxiv) জীৱাশ্ম সম্পর্কে তলৰ কোনটো শুদ্ধ-
(1) জীৱাশ্মৰ তাৰিখ নির্ধাৰণ কৰিব নোৱাৰি।
(2) জীৱাশ্ম হ'ল জীৱৰ অবশিষ্ট।
(3) একেবাৰে নতুন জীৱাশ্মসমূহ স্তৰীভূত শিলাৰ চুপাৰফিচিয়েল স্তৰত পোৱা যায়।
(4) জীৱাশ্মই বিৱৰ্ত্তনৰ সাক্ষ্য বহন নকৰে।
(a) (2) আৰু (4)
(b) (2) আৰু (1)
(c) (1) আৰু (3)
(d) (3) আৰু (4)
(xxv) মেণ্ডেলে সংকৰণ পৰীক্ষাৰ বাবে মটৰ মাহ নিৰ্বাচন কৰাৰ কাৰণ হ'ল-
(1) ইয়াৰ জীৱন চক্ৰ চুটি
(2) ইয়াৰ জীৱন চক্ৰ দীঘল।
(3) ইয়াৰ বিপৰীত ধৰ্মী চৰিত্ৰসমূহ সহজে নিৰ্ধাৰণ কৰিব পাৰি, আৰু চৰিত্ৰসমূহ সু-স্পষ্ট।
(4) ইয়াৰ বিপৰীত ধৰ্মী চৰিত্ৰসমূহ সহজে নিৰ্ধাৰণ কৰিব নোৱাৰি আৰু চৰিত্ৰসমূহ সু-স্পষ্ট নহয়।
(a) (1) আৰু (4)
(b) (1) আৰু (3)
(c) (2) আৰু (3)
(d) (2) আৰু (4)
2. খালী ঠাই পূৰণ কৰা -
(i) জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ-মাতৃৰ পৰা অপত্য জনুলৈ কেনেকৈ সঞ্চাৰিত হয়, তাৰ বিজ্ঞানসন্মত চিন্তাচর্চ্চা পোন প্রথমে _____________ আগবঢ়াইছিল।
(ii) মেণ্ডেলে বংশগতি সম্পৰ্কীয় পৰীক্ষা ___________ গছৰ ওপৰত চলাইছিল।
(iii) একে প্ৰজাতিৰ দুটা পৃথক চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত জীৱৰ মাজত কৰা কৃত্রিম প্রজননক __________ পৰীক্ষা বোলে।
(iv) জীবদেহৰ একে আকৃতি, আকাৰ আৰু গঠনৰ ক্র'ম'জ'মক ________ ক্র'ম'জ'ম বোলে।
(v) এযোৰ বিপৰীত ধৰ্মী চৰিত্ৰৰ মাজত ঘটোৱা সংকৰ পৰীক্ষাক __________ পৰীক্ষা বোলে।
(vi) মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে ______ _______ যোৰ বিপৰীতধর্মী চৰিত্ৰ নিৰ্বাচন কৰিছিল।
(vii) মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ প্ৰথম অপত্য জনুত প্রকাশিত চৰিত্ৰক ______ চৰিত্ৰ বোলে।
(viii) মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ প্ৰথম অপত্য জনুত প্রকাশ নপোৱা চৰিত্ৰক ________ চৰিত্ৰ বোলে।
(ix) ৰাসায়নিকভাৱে জিন _______ ৰ একো-একোটা খণ্ডমাত্র।
(x) জিন ______ ৰ বাহক।
(xi) সমৰূপী ক্ৰ'ম'জ'মৰ পিতৃ ফালৰ আৰু মাতৃফালৰ ক্র'ম'জ 'মত থকা জিনবোৰৰ মাজত বিনিময় হৈ নতুন জিনীয় বিন্যাস সৃষ্টি হোৱা প্ৰক্ৰিয়াক _________ বোলে।
(xii) ৰাসায়নিক বিৱৰ্তন সম্বন্ধে __________ পৰীক্ষা কৰি প্ৰমাণ কৰিছিল।
(xii) পূর্ববর্তী জীৱৰ পৰাহে পৰবৰ্তী জীৱৰ উৎপত্তি হোৱা ধাবণাক ________ বোলে।
(xiv) যিবোৰ অংগৰ মৌলিক গঠনত সামঞ্জস্য আছে কিন্তু কার্য বেলেগ বেলেগ, তেনে
অংগক ___________ অংগ বোলে।
(xv) যিবোৰ অংগ কাৰ্যৰ ফালৰ পৰা একেই কিন্তু গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন্ন। তেনে অংগক _________ অংগ বোলে।
(xvi) অজৈৱ ৰাসায়নিক পদাৰ্থৰ পৰাই ___________ বিৱৰ্তন ঘটি পৃথিৱীৰ জীৱ সৃষ্টি হৈছিল।
(xvii) __________ অংগসমূহে জীৱবিলাকৰ একোটা পূৰ্বপুৰুষৰ পৰা উৎপত্তি হোৱাটো বুজায়।
(xviii) মানুহৰ শৰীৰত __________ ৰ কোনো ক্রিয়া নাই কিন্তু তৃণভোজী প্রাণীৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(xix) __________ হ'ল নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ সংযোগী প্রাণী।
(xx) পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা জীৱসমূহ __________ শিলাস্তৰত পোৱা যায়।
(xxi) 'উত্তৰাধিকাৰী সূত্রে লাভ কৰা অর্জিত চৰিত্ৰ তত্ব নামৰ ________ আগবঢ়াইছিল।
(xxii) ডাৰউইনৰ মতবাদক ________ বুলিও কোৱা হয়।
3. সঁচা / মিছা নিৰ্ণয় কৰাঃ
(i) জীৱদেহ গঠনকাৰী জৈৱযৌগ সৃষ্টি হোৱা বিৱৰ্ত্তনক জৈৱ ৰাসায়নিক বিৱৰ্তন বোলে।
(ii) জীৱৰ ক্ৰমাগত বিৱৰ্তনকে জৈৱ বিৱৰ্তন বোলে।
(iii) চৰাই আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ।
(iv) নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ মাজৰ সংযোগী উদ্ভিদ বিধ হ'ল নেটাম।
(v) জীৱৰ শৰীৰৰ যিবিলাক অংগৰ কোনো ক্রিয়া নাই, সেইবিলাক অংগক লুপ্ত প্রায় অংগ বোলে।
(vi) ডাৰউইনৰ মতবাদক 'প্রাকৃতিক নির্বাচন মতবাদ' বোলে।
4. জেনেটিক্স শব্দটো পোন প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
5. মেণ্ডেলিজম কাক বোলে?
6. বংশগতি বিজ্ঞানৰ জনক কোন?
7. মেণ্ডেলৰ সম্পূৰ্ণ নাম লিখা।
8. মেণ্ডেল কোন?
9. মেণ্ডেলিজম কোন চনত প্রকাশ পাইছিল?
10. মেণ্ডেলৰ পৰীক্ষাৰ সত্যতা কোনে পুনৰ আবিষ্কাৰ কৰিছিল?
11. বংশগতি সূত্র বুলিলে কি বুজা?
12. বিপৰীত ধৰ্মী চৰিত্ৰ কাক বোলে? উদাহৰণ দিয়া।
13. বিশুদ্ধ বংশ কাক বোলে?
14. এলিলি কি?
15. সমযুতক জীৱ কাক বোলে? উদাহৰণ দিয়া।
16. বিষমযুতক জীৱ কাক বোলে? উদাহৰণ দিয়া।
17. সংকৰণ পৰীক্ষা কি?
18. সংকৰ জীৱ কি? উদাহৰণ দিয়া।
19. এক সংকৰ জীৱ কাক বোলে?
20. দ্বি সংকৰ জীৱ কাক বোলে?
21. দ্বি সংকৰণ পৰীক্ষা কাক বোলে?
22. বংশগতি বিজ্ঞানত বিশুদ্ধ উদ্ভিদ মানে কি?
23. মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ব্যক্তরূপ অনুপাত কি লিখা?
24. মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত কি লিখা?
25. জিন শব্দটো কোনে পোন প্রথমে আগবঢ়াইছিল?
26. যুগ্মকাৰক কাক বোলে?
27. ল'কাচ কি?
28. প্রকাৰণ কাক বোলে?
29. বিপৰীত সংগম কাক বোলে?
30. জিন কি?
31. মেণ্ডেলে কোন দেশত বংশগতি সম্পৰ্কীয় পৰীক্ষা কৰিছিল?
32. মেণ্ডেলে বংশগতি সূত্রসমূহ কোন চনত আগবঢ়াইছিল?
33. বংশগতি তত্ত্বৰ প্ৰভাৱী সূত্ৰটো কি?
34. বংশগতি তত্ত্বৰ স্বতন্ত্র বিন্যাস সূত্ৰটো কি?
35. প্রগতিকামী আৰু প্ৰতিগামী ক্রমবিকাশৰ অৰ্থ কি?
36. মাইক্ৰ' বিৱৰ্ত্তন বুলিলে কি বুজা?
37. xx-xy পদ্ধতিৰে লিংগ নিৰ্ধাৰণ কৰিব পৰা দুটা প্ৰাণীৰ নাম লিখা।
38. বায়'জেনিটিক সূত্র কোনে প্ৰৱৰ্ত্তন কৰিছিল?
39. জন্ম বৃত্তান্ত বা অন্ত'জেনি (Ontogeny) বুলিলে কি বুজা?
40. আধুনিক বিৱৰ্ত্তনৰ ধাৰণাৰ মুখ্য কাৰক কি লিখা?
41. আনুবংশিক বা জেনিটিক্স শব্দটো কোনে প্রবর্ত্তন কৰিছিল?
42. জীৱৰ উৎপত্তি সম্পর্কে থকা অতিকে গ্রহণযোগ্য মতবাদৰ নাম কি? এই মতবাদ কোনে আগবঢ়াইছিল?
43. অর্জিত চৰিত্ৰ সমূহ কিয় বংশগতি সূত্রে সন্তানে লাভ নকৰে?
44. 'জীবাৎজীৱোৎপত্তি' বুলিলে কি বুজা?
45. ৰাসায়নিক বিৱৰ্তন কাক বোলে?
46. ৰাসায়নিক বিৱৰ্তনৰ সত্যতা কেনে বিজ্ঞানীয়ে প্রমাণ কৰিছিল?
47. জৈৱ ৰাসায়নিক বিৱৰ্তন কাক বোলে?
48. জৈৱ বিৱৰ্তন কি?
49. সমসংস্থ অংগ কাক বোলে? উদাহৰণ দিয়া।
50. সমবৃত্তি অংগ কাক বোলে? উদাহৰণ দিয়া।
51. বাদুলি আৰু মানুহৰ এটা সমসংস্থ অংগৰ নাম লিখা।
52. সংযোগী জীৱ কাক বোলে? উদাহৰণ দিয়া।
53. বলয়ী আৰু সন্ধিপদী প্রাণীৰ সংযোগী প্রাণী এটাৰ নাম লিখা।
54. অশ্মীভূত জীৱাশ্ম কাক বোলে?
55. অশ্মীভৱন কাক বোলে?
56. লেমাৰ্কৰ মতবাদ কোনখন কিতাপত প্রকাশ কৰিছিল?
57. প্রত্নতাত্বিক কালৰ জীৱাশ্ম হিচাপে পোৱা আদিম চৰাই বিধৰ নাম কি?
58. ডাৰউইনে তেখেতৰ কোনখন গ্ৰন্থত জীৱৰ ক্ৰমবিকাশৰ ওপৰত মতবাদটো দাঙি ধৰিছিল?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. মেণ্ডেলে, তেওঁৰ পৰীক্ষাৰ বাবে নিৰ্বাচন কৰা দুযোৰ বিপৰীত ধৰ্মী চৰিত্ৰৰ নাম লিখা।
2. পৈত্রিক জনুৰ উদ্ভিদবোৰ কেনে বৈশিষ্ট্যযুক্ত হ'ব লাগে?
3. প্ৰভাৱী লক্ষণ আৰু অপ্ৰভাৱী লক্ষণ মানে কি বুজা?
4. মেণ্ডেলৰ প্ৰভাৱীতা সূত্রটো লিখা।
5. মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰটো লিখা।
6. মেণ্ডেলৰ স্বতন্ত্র বিন্যাস সূত্রটো লিখা।
7. ক্ৰ'ম'জ 'মক বংশগতিৰ বাহক বুলি কোৱা হয়, কিয়?
8. অবংশগতিক আৰু বংশগতিক প্ৰকাৰণ কাক বোলে? উদাহৰণ দিয়া।
9. অবংশগতিক আৰু বংশগতিক প্ৰকাৰণৰ কাৰণ সমূহ লিখা।
10. চমুটোকা লিখা-
(a) জোহান মেন্ডেল
(b) সমযুগ্মজাত জীৱ
(c) বিষমযুগ্মজাত জীৱ
(d) মেণ্ডেলিজম
(e) ব্যক্তৰূপ
(f) জিনীয় ৰূপ
(g) সংকৰ জীৱ
(h) সংকৰণ পৰীক্ষা
11. মানুহৰ কেনেদৰে লিংগ নিৰ্ধাৰণ কৰিব পাৰি?
12. মানৱ স্ত্ৰীৰ জননকোষত মাত্র x- ক্রম'জ'মহে থাকে, কিয়?
13. সমসংস্থ গঠন কি? উদাহৰণ দিয়া। সমসংস্থ অংগসমূহ একে পূৰ্বপুৰুষৰ পৰা উৎপত্তি হয়নে?
14. মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ বাবে কিয় মটৰ মাহ গছ নির্বাচন কৰিছিল?
15. এজনী মহিলাৰ সকলো সন্তানে ছোৱালী সন্তান। উপযুক্ত উদাহৰণ দিয়া আৰু এই অৱস্থাৰ ওপৰত বিশ্লেষণ কৰা।
16. বিৱৰ্ত্তনিক ক্ষেত্ৰত, দুটা প্রজাতিক ওচৰ সম্বন্ধীয় বুলি বুজাৱৰ বাবে কি কি বৈশিষ্ট ব্যৱহাৰ কৰা হয়।
17. জীৱাশ্ম চৰাই আর্কিওপটেৰিক্স হ'ল মৰীসৃপ আৰু চৰাইৰ এক মধ্যবর্তী প্রাণী।
(i) কোনটো কালত (Period) এই ধৰণৰ জীৱসমূহে বসবাস কৰিছিল? পৃথিৱীত এই জীৱসমূহে অনুমানিক কিমান বছৰ বৰ্ত্তি আছিল?
(ii) এই জীৱাষ্ম চৰাইত থকা দুটা সৰীসৃপ আৰু দুটা চৰাইৰ বৈশিষ্ট্য লিখা।
18. জেনিটিক ড্রিফট কি? বিৱৰ্ত্তনত ইয়াৰ তাৎপর্য লিখা।
19. জনা যায় যে অতীত কালত অজীৱ পদাৰ্থৰ পৰাই জীৱৰ সৃষ্টি হয় বুলি ভবা হয়, কিন্তু বর্তমান সময়ত কিয় জীৱৰ সৃষ্টি নহয়। দুটা কাৰণ দর্শোৱা।
20. কৃত্রিম নিৰ্বাচনৰ আৰু প্ৰাকৃতিক নিৰ্বাচনৰ মাজৰ তিনিটা পার্থক্য লিখা।
21. পৃথিৱীত জীৱৰ সৃষ্টিৰ অন্তৰালত থকা পর্যায় কেইটা লিখা।
22. ৰাসায়নিক বিৱৰ্তনৰ ফলত কেনেদৰে জীৱদেহ গঠনকাৰী জৈৱযৌগ সৃষ্টি হয়।
23. জৈৱ বিৱৰ্তনে জীৱৰ সৃষ্টিত কেনেকুৱা প্রভাব পেলায় ব্যাখ্যা কৰা।
24. পৃথিৱীৰ জন্মৰ সময়ত জীৱ আছিল নে নাই? তোমাৰ উত্তৰটোৰ সমৰ্থনত কি জানা লিখা।
25. আদিম পৃথিৱীৰ বায়ুমণ্ডলত কি কি উপাদান আছিল?
26. জীৱৰ তুলনামূলক অংগসংস্থান আৰু কলাসংস্থানে কিদৰে জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য বহন কৰে, উদাহৰণৰ সহায়ত বুজাই লিখা।
27. জীৱৰ লুপ্তপ্রায় অংগই কিদৰে জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য বহন কৰে, উদাহৰণৰ সহায়ত বুজাই লিখা।
28. সংযোগী জীৱসমূহে জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য কিদৰে বহন কৰে উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
29. নেটামক নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ সংযোগী প্রাণী বুলি কোৱা হয়, কিয়?
30. জীৱাশ্মই কিদৰে জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য বহন কৰে, উদাহৰণসহ বুজাই লিখা।
31. জীৱাশ্মৰ কেনেদৰে সৃষ্টি হয়, বুজাই লিখা।
32. জীৱাশ্ম সৃষ্টিৰ বাবে অত্যন্ত প্রয়োজনীয় অৱস্থা দুটা লিখা।
33. প্রাণী সমূহৰ ভ্রূণে কেনেদৰে জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য বহন কৰে চমুকৈ বুজাই লিখা।
34. উদ্ভিদৰ চাৰিবিধ লুপ্ত প্রায় অংগৰ নাম লিখা।
35. সমসংস্থ আৰু সমবৃত্তি অংগৰ মাজত পার্থক্য লিখা।
36. লেমাৰ্কৰ মতবাদটো কি কি মূল ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত?
37. ডাৰউইনৰ মতবাদটো কি কি মূল ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত?
38. মানুহৰ শৰীৰত পোৱা চাৰিবিধ লুপ্তপ্ৰায় অংগৰ নাম লিখা।
39. চমুটোকা লিখাঃ
(a) সমসংস্থ অংগ
(b) সমবৃত্তি অংগ
(c) জীৱন সংগ্রাম
(d) প্রকাৰণ
(e) প্রকৃতিক নির্বাচন
(f) লেমাৰ্কৰ তত্ত্ব
(g) জৈৱ বিৱৰ্ত্তন
(h) ভ্রূণীয় সাক্ষ্য।
4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)
1. মেণ্ডেলৰ সংকৰণ পৰীক্ষা পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।
2. মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা উদাহৰণ সহ বুজাই লিখা।
3. মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাতটো 3:1 উদাহৰণসহ প্রতিষ্ঠা কৰা।
4. মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ফলাফল ব্যাখ্যা কৰা।
5. মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ উদাহৰণ সহ বুজাই লিখা।।
6. মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাতটো। 9:3:3:1 প্ৰতিষ্ঠা কৰা।
7. মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ফলাফল ব্যাখ্যা কৰা।
8. মেণ্ডেলৰ প্ৰভাৱীতা সূত্ৰ উদাহৰণ সহ বুজাই লিখা।
9. মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰ উদাহৰণ সহ বুজাই লিখা।
10. মেণ্ডেলৰ স্বতন্ত্র বিন্যাস সূত্র উদাহৰণ সহ বুজাই লিখা।
11. পুনেটৰ বৰ্গক্ষেত্ৰ ব্যৱহাৰ কৰি তুমি জনা দ্বিসংকৰণ পৰীক্ষা এটা দ্বিতীয় জনুলৈকে কৰি দেখুওৱা।
12. (i) আনুবংশিক বিজ্ঞান কি?
(ii) মেণ্ডেলে পৰীক্ষা চলোৱা উদ্ভিদৰ নাম কি আছিল?
(iii) মেণ্ডেলে কোনবিলাক ক্ষেত্ৰত কাৰক (factor) শব্দৰ প্রয়োগ কৰিছিল আৰু বৰ্তমান সেই কাৰকবোৰক কি বুলি কোৱা হয়?
(iv) জিন কি? জিন ক'ত অৱস্থিত?
13. পৃথিৱীৰ জীৱৰ সৃষ্টিৰ লগত জড়িত পর্যায় তিনিটা চমুকৈ লিখা।
14. জীৱৰ ক্ৰমবিকাশ সম্পৰ্কে থকা "উত্তৰাধিকাৰী সূত্রে লাভ কৰা অর্জিত চৰিত্ৰ তত্ত্ব"টো বুজাই লিখা।
15. জীৱৰ ক্ৰমবিকাশ সম্পৰ্কে থকা লেমাৰ্কৰ তত্ত্বটো চমুকৈ বুজাই লিখা।
16. জীৱৰ ক্ৰমবিকাশ সম্পর্কে থকা 'প্রাকৃতিক নির্বাচন মতবাদ'টো চমুকৈ বুজাই লিখা।
17. নতুন জীৱৰ সৃষ্টি সম্পৰ্কে থকা ডাৰউইনৰ তত্ত্বটো চমুকৈ বুজাই লিখা।
18. পৃথিৱীত কেনেদৰে এক নতুন প্ৰজাতিৰ সৃষ্টি হয়? বুজাই লিখা।
19. চিত্রসহ মিলাৰৰ ৰাসায়নিক বিৱৰ্তনৰ ওপৰত কৰা পৰীক্ষাটোৰ বিষয়ে লিখা।
20. লেমাৰ্ক আৰু ডাৰউইনৰ মতবাদ দুটাৰ সমালোচনামূলক টোকা লিখা।
21. উপযুক্ত উদাহৰণৰ সহায়ত বিৱৰ্ত্তন প্ৰক্ৰিয়াৰ ব্যাখ্যা কৰা।
22. (a) জীৱাশ্ম কেনেদৰে গঠন হয়?
(b) প্রত্নতত্ব বিদ্যাৰ তাৎপৰ্যসমূহ উল্লেখ কৰা।