90% Common Question


HSLC 2011

1. ওলম বা ঝুলন উপত্যকা সৃষ্টি কৰা কাৰকটো হ'ল-

(i) হিমবাহ

(ii) নদী

(iii) বতাহ

(iv) সাগৰৰ ঢৌ

2. বাহ্যিক প্রক্রিয়া কি?

3. অনুদৈর্ঘ্য বালিয়াৰি বা য়াৰদাঙৰ এটি চিত্র আঁকা।

HSLC 2012

1. ইনছেলবার্গ সৃষ্টি কৰা কাৰকটো হ'ল-

(i) প্রবহমান জল

(ii) হিমবাহ

(iii) বতাহ

(iv) সামুদ্রিক ঢৌ

2. হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যি কোনো এটা অৱয়বৰ নাম লিখা।

3. বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপনজনিত অৱয়বৰ নাম লিখা?

4. আফ্ৰিকাৰ মৰুভূমিৰ দুটা আদিম জনগোষ্ঠীৰ নাম লিখা।

5. ভূ-আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা।

HSLC 2013

1. বালিয়াৰি সৃষ্টি কৰা কাৰকটো হ'ল-

(i) নদী

(ii) হিমবাহ

(iii) সাগৰৰ ঢৌ

(iv) বতাহ

2. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটাৰ/ দুটাৰ নাম লিখা।

2. গ্রাব কি? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা।

HSLC 2014

1. তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা?

(i) U- আকৃতিক উপত্যকা

(ii) ড্রামলিন

(iii) গ্রাব

(iv) ইনছেলবার্গ

2. বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপনজনিত অৱয়বৰ নাম লিখা?

3. হিমবাহ কি? তিনি প্ৰকাৰৰ হিমবাহৰ নাম লিখা।

4. "ক্রিয়াত্মক অঞ্চল” কি? ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ দিয়া।

HSLC 2015

1.  তলত দিয়াবোৰৰ কোনটো অৱক্ষেপনজনিত অৱয়ব?

(i) ওলোমা উপত্যকা

(ii) এঙ্কাৰ

(iii) ইনছেলবার্গ

(iv) ইয়াৰদাং

2. হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ৱ এটাৰ নাম লিখা।

3. বালিয়াৰি কি? ই কেনেকৈ সৃষ্টি হয়?

HSLC 2016

1.  মৰুভূমিত কোন মুখ্য কাৰকে ভূ-আকৃতিক প্রক্রিয়াত বিশেষ ভূমিকা লয় – 

(i) বৰষুণ

(ii) উত্তাপ

(iii) বতাহ

(iv) নদী

2. কোনটো বালিয়াৰি অর্ধচন্দ্ৰাকৃতিৰ লিখা।

3. গ্রাব কি? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা।

HSLC 2017

1.  হিমবাহ উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্রাবৰেখাক কোৱা হয়-

(i) মধ্য গ্রাব

(ii) প্রান্ত গ্রাব

(iii) পার্শ্ব গ্রাব

(iv) ভূমি গ্রার

2. ভূ-প্রাকৃতিক বিজ্ঞান মানে কি?

3. এটা ইনছেলবাৰ্গৰ নক্সা চিত্ৰ আঁকা।

4. মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি?

HSLC 2018

1. মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অর্ধচন্দ্ৰাকৃতিৰ বালিয়াৰিক কোৱা হয়

(i) ইনছেলবার্গ

(ii) অনুপ্রস্থ বালিয়াৰি

(iii) বাৰখান

(iv) ইয়াৰদাং

2. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটাৰ/ দুটাৰ নাম লিখা।

3. বালিয়াৰি কি? ই কেনেকৈ সৃষ্টি হয়?

4. ওলোমা উপত্যকাৰ এটি নক্সা চিত্র আঁকা।

HSLC 2019

1. তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব?

(i) এস্কাৰ

(ii) ড্রামলিন

(iii) শংকু

(iv) কেম

2. স্থলমণ্ডল কি?

3. 'অপঘর্ষণ' বুলিলে কি বুজায়? অপঘর্ষণে সৃষ্টি কৰা এটা ভূ-অৱয়বৰ উদাহৰণ দিয়া।

4. মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহৰ মাজত থকা পার্থক্য লিখা।

5. মৰুদ্যান কাক বোলে? ইয়াৰ গুৰুত্ব উল্লেখ কৰা।

HSLC 2020

1. তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অৱয়ব?

(i) বাৰখান

(ii) ওলোমা উপত্যকা

(iii) গ্রাব

(iv) ড্রামলিন

2. বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপনজনিত অৱয়বৰ নাম লিখা?

3. ভূ-পৃষ্ঠত স্থলাকৃতি সৃষ্টি কৰা ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভূমিকা কি?

4. হিমবাহে সৃষ্টি কৰা তিনিটা অৱক্ষেপজনিত অৱয়বৰ নাম উল্লেখ কৰা।

5. বাহ্যিক আৰু আভ্যন্তৰীন ভূ-আকৃতিক প্রক্ৰিয়াবোৰ কি? সিহঁতৰ প্ৰত্যেকৰে এটাকৈ কাৰকৰ উদাহৰণ দিয়া।

HSLC 2022

1. তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব?

(i) বালিয়াৰি

(ii) ইন্‌লেবার্গ

(iii) মরূদ্যান

(ii) বাৰখান

2. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটাৰ/ দুটাৰ নাম লিখা।

3. ভূ-আকৃতিক বিজ্ঞান কি?

4. গ্রাব কি? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা।

5. ওলোমা উপত্যকাৰ অৰ্থ লিখা।

HSLC 2023

1. তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অৱয়ব?

(i) বাৰখান

(ii) ওলোমা উপত্যকা

(iii) গ্রাব

(iv) ড্রামলিন

2. ইনছেলবার্গ কি?

3. দুই প্ৰকাৰৰ গ্ৰাবৰ নাম উল্লেখ কৰা।

4. গিৰিপদ হিমবাহ কাক বোলে?

5. হিমবাহ কাক বোলে? ভূ-আকৃতিক প্ৰক্ৰিয়াত ইয়াৰ ভূমিকা চমুকৈ বৰ্ণনা কৰা।

 Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. পৃথিৱীৰ উপৰিভাগৰ স্থলভাগত থকা দুবিধ অৱয়বৰ নাম লিখা।

2. ভূ-পৃষ্ঠত থকা বৰফ স্তূপবোৰে কিমান পৰিমাণৰ পানী জমা কৰি ৰাখে?

3. হিমবাহৰ স্থিতি আৰু কাৰ্যাৱলীৰ ব্যাপক পৰিবৰ্তন ঘটোৱাত বৰ্তমান কি কাৰকে সহায় কৰিছে?

4. স্থলাকৃতি বুলিলে কি বুজা?

5. ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।

6. ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা।

7. শংকুৰ ক'ত সৃষ্টি হয়?

8. আভ্যন্তৰীণ প্রক্রিয়া কাক বোলে?

9. মহাদেশীয় হিমবাহ থকা এখন দেশৰ নাম লিখা।

10. মৰুদ্যান কি?

11. বাৰখান ক'ত সৃষ্টি হয়?

12. দীঘলীয়া শিৰা ক'ত দেখা যায়?

13. মৰুভূমিত সাধাৰণতে বৰষুণৰ পৰিমাণ কিমান ছেন্টিমিটাৰ হ'ব পাৰে?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. ভূ-আকৃতিক বিজ্ঞানে কি কি অধ্যয়ন কৰে?

2. ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টিত অৰিহণা যোগোৱা কাৰক দুটা কি কি?

3. বাহ্যিক প্রক্রিয়াত সহায় কৰা দুবিধ প্ৰধান কাৰকৰ নাম লিখা।

4. দুবিধ আভ্যন্তৰীণ কাৰকৰ নাম লিখা।

5. বতাহে অতি সক্রিয়ভাৱে ক্রিয়া কৰা দুটা অঞ্চলৰ নাম লিখা।

6. অনুদৈর্ঘ্য বালিয়াৰি কাক বোলে?

7. অনুপ্রস্থ বালিয়াৰি কাক বোলে?

8. বাৰখান কাক বোলে?

9. অপঘর্ষণ বুলিলে কি বুজা?

10. অপঘর্ষণ প্রক্রিয়াই সৃষ্টি কৰা দুটা অৱয়বৰ নাম লিখা।

11. হিমবাহ বুলিলে কি বুজা?

12. শংকুৰ কি? এটা উল্লেখযোগ্য শংকুৰৰ উদাহৰণ দিয়া।

13. গ্রাব বুলিলে কি বুজা?

14. পার্শ্বগ্রাব কি?

15. ভূমিগ্রাব কাক বোলে?

16. মধ্যগ্রাব কাক বোলে?

17. প্রান্তগ্রাব কাক বোলে?

18. হিমবাহৰ প্ৰান্তীয় অঞ্চলত দেখা পোৱা দুবিধ অৱক্ষেপজনিত অৱয়বৰ নাম লিখা।

19. চিত্র আঁকা

(ক) ইনছেলবার্গ

(খ) বাৰখান

(গ) বিভিন্ন প্ৰকাৰৰ গ্ৰাব

(ঘ) শংকু আৰু ওলোমা উপত্যকা।

20. বতাহে মৰভূমি অঞ্চলত কেনেধৰণেৰে কাৰ্য সম্পাদন কৰে?

21. অবনমন কি?

22. কি কি কাৰকে বালিয়াৰি আকাৰ আৰু আকৃতিত প্রভাৱ পেলায়?

23. সংনিঘর্ষণ কাক বোলে?

24. মৰুভূমিত হোৱা বিস্তৃত বানপানীৰ বিষয়ে লিখা।

25. হিমবাহে কেনেধৰণেৰে ভূ-পৃষ্ঠৰ পৰিবৰ্তন সাধন কৰে?

26. মহাদেশীয় হিমবাহ কাক বোলে? কোনবোৰ অঞ্চলত এনেধৰণৰ হিমবাহ দেখা যায়?

27. পার্বত্য হিমবাহ কাক বোলে? এই হিমবাহ ক'ত ক'ত পৰিলক্ষিত হয়?

28. গিৰিপদ হিমবাহ কাক বোলে? ইয়াক ক'ত দেখা যায়?

29. বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

30. ইনছেলবার্গ কি ছবি আঁকি দেখুওৱা।

31. মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি?

32. বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

33. হিমবাহ কাক বোলে? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ লিখা।

4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)

1. গ্রাব কি? ই কেইপ্ৰকাৰৰ? চিত্ৰ আঁকি গ্ৰাবৰ অৱস্থান দেখুওৱা।

2. গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া।

3. হিমবাহ উপত্যকা কি লিখা।

4. অপঘৰ্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?

5. হিমবাহ কেইপ্ৰকাৰৰ? প্রত্যেকৰ বিষয়ে চমুকৈ লিখা।

6. হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা।

7. বতাহৰ বিভিন্ন কাৰ্যসমূহ ব্যাখ্যা কৰা।

8. হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ববোেৰ আলোচনা কৰা।