ৰক্তহীনতা 

(ANAEMIA)



 ৰক্তহীনতা (ANAEMIA) হোৱাৰ কাৰণ কি কি?

👉 তেজত হিমোগ্ল'বিনৰ পৰিমাণ কমি গ'লে এই ৰোগ হ'ব পাৰে। কোনো কাৰণত ৰক্তপাত, ৰক্তস্ৰাৱ আৰু ঋতুস্ৰাৱত অধিক তেজ গ'লে, অৰ্শ ৰোগত বেছিকৈ তেজ গ'লে, দেহত লৌহ জাতীয় পদাৰ্থৰ অভাৱ হ'লে এই ৰোগ হোৱা দেখা যায়। খাদ্যপ্রাণ 'খ' আৰু ফলিক এচিদৰ পৰিমাণ দেহত কম হ'লেও এই ৰক্তহীনতা ৰোগে দেখা দিয়ে। দেহত পেলু হ'লেও ৰক্তহীনতা হ'ব পাৰে।


 ৰক্তহীনতা (ANAEMIA) লক্ষণ কি কি?

👉গাৰ ছালৰ বৰণ শেঁতা হয়। ভোক কম হয়। শৰীৰ দুৰ্বল লাগে। হাত-ভৰি ফুলি উঠে। বুকু ধপ-ধপায়, মূৰ ঘুৰণি আৰু শ্বাসকষ্ট হয়। চকুৰ পতা বগা পৰে। চকু সোমাই যায় আৰু অনেক সময়ত ৰোগী সংজ্ঞাহীন হৈ পৰে।


 ৰক্তহীনতা (ANAEMIA) পৰা কিদৰে বাচিব পাৰি?

👉গোলনেমুৰ ৰস একাপত আধা কাপ পানী মিহলি কৰি খাব লাগে।

👉 আধা কাপ আমলখিৰ বস ২ চামুচ মৌ আৰু ভাগ পানী মিহলি কৰি খালে ৰক্তহীনতা ৰোগীয়ে যথেষ্ট আৰাম পায়।

👉 ২৫০ গ্রাম গাজৰৰ ৰসত পালেং শাকৰ ৰস ২০০ গ্রাম মিহলি কৰি খোৱা ভাল।

👉 কেঁচা পিঁয়াজ খালে তেজ বৃদ্ধি হয়।

👉নিতৌ তিনিবাৰ মৌৰ ৰস কোনো খাদ্য বস্তুৰ লগত খোৱা উচিত।

👉 আধা গিলাচ গাখীৰত ১ টা গাজৰ টুকুৰা কৰি কাটি তাক গৰম কৰি খাব লাগে।

👉 ১ টা নেমুৰ ৰসত বিলাহী ৰস সম-পৰিমাণৰ মিহলি কৰি খোৱা ভাল।

👉 আধা গিলাচ পালেং শাকৰ ৰসত ২ চামুচ মৌজোল মিহলি কৰি দিনে এবাৰকৈ একেৰাহে দুমাহ খাব লাগে।

👉দিনে ২০০ গ্রামকৈ আঙুৰ খোৱাৰ পাছত একমুঠিকৈ পদিনা খোৱা ভাল।

👉কাঁটাখুটুৰা ১০০ গ্রামকৈ প্ৰতি সাজত তৰকাৰী কৰি খাব লাগে।


 ৰক্তহীনতা (ANAEMIA) হলে  কি খাব লাগে?

👉খিছমিছ, নৰা বগৰী, গুৰ, আটলাচ, চয়াবিন, ধনীয়া, নৰসিংহৰ পাত, খেজুৰী, আপেল, ফুলকবি, গাজৰ, মিঠি, শুকান মটৰ, বিলাহী, ৰহৰ দাইল, নহৰু, কেৰেলা, পূৰাকল, খেজুৰী সুপথ্য।


 ৰক্তহীনতা (ANAEMIA) হলে  কি খাব নালাগে?

👉টেঙা জাতীয় বস্তু, মাদকদ্রব্য, ধুমপান, শুকান বস্তু, সহজে হজম নোহোৱা বস্তু খাব নালাগে।


***