ব্রঙ্কাইটিচ

(BRONCHITIS)




ব্রঙ্কাইটিস (BRONCHITIS) কাৰণ কি কি?

👉ই সংক্ৰামক ৰোগ। জীৱাণুৰ দ্বাৰা এই ৰোগ হয়। ঠাণ্ডাত এই ৰোগ বেছি হয়।


ব্রঙ্কাইটিস (BRONCHITIS) মূল লক্ষণ কি কি ?

👉কাহ হয়। কাহোতে মুখৰ বৰণ নীলা হৈ যায়। জ্বৰ উঠে। অৰুচি হয় আৰু উশাহ-নিশাহ লওতে কষ্ট হয়।


ব্রঙ্কাইটিস(BRONCHITIS)পৰা কিদৰে বাচিব পাৰি?

👉হালধিৰ গুড়ি এচামুচ, এগিলাচ গাখীৰত মিহলাই দিনে ৩ বাৰকৈ খালে এই ৰোগ ভাল হয়। গৰুৰ গাখীৰৰ লগত এই বনৌষধ খাব পাৰিলে ভাল।

👉সমপৰিমাণৰ শুকান আদা, জালুক দুটা আৰু পিপলি ৪/৫ টা খুন্দি খাব লাগে। দিনটোত এনেদৰে তিনিবাৰকৈ খোৱা উচিত। লগত মৌজোল মিহলি কবি খাব পাৰিলে ভাল।

👉বগা বাহক পাতৰ ৫ চামুচ ৰস বা তিতাফুল দিনে ২০ গ্রামকৈ ২ বাৰ খাব লাগে।

👉 আমলখিৰ গুটি খুন্দি খালে ব্রঙ্কাইটিচ ৰোগ ভাল হয়।

👉 মৰাণ আদাৰ ৰস, মৌজোল আৰু কলীয়া তুলসী পাতৰ ৰস মিহলি কৰি খাব লাগে। প্রত্যেকৰে ২ চামুচকৈ।

👉দোৰোণ বনৰ আগ ৫ টা আৰু পচতীয়া আগ ৫ টা চোবাই ১৫ মিনিট মুখত লৈ থাকিব লাগে।


ব্রঙ্কাইটিস (BRONCHITIS) হলে কি খাব লাগে ?

👉কাহত উল্লেখ কৰা পথ্যৰ সৈতে একে পথ্য ব্যৱহাৰ কৰিব পাৰিব। যষ্ঠি মধু, মৌজোল উপকাৰী।


ব্রঙ্কাইটিস (BRONCHITIS) হলে কি খাব নালাগে ?

👉টেঙা বস্তু আৰু দৈ খোৱা বেয়া। কল, মধুৰীআম আৰু মিঠা বস্তু খাব নালাগে। ধূলি, বতাহ লগাব নালাগে।