হাইজা
(CHOLERA)
হাইজা (CHOLERA) কাৰণ কি কি?
হাইজা ৰোগৰ (CHOLERA) লক্ষণ কি কি?
👉এই ৰোগত প্রথমে ৰোগীৰ চাউল ধোৱা পানীৰ দবে শৌচ হয়। শৌচ গন্ধ-যুক্ত হয়। শৌচ ঘনাই হয়। বমি হয়। অতিপাত পিয়াহ লাগে। জিভা শুকায় যায়। প্রস্রাব বন্ধ হৈ যায়। চকু সোমাই পৰে। শ্বাস-প্রশ্বাস ক্ষীণ হয়। নাড়ী দ্রুত আৰু দুর্বল হয়।
হাইজা(CHOLERA)কেনেকৈ ৰোধ কৰিব পাৰি?
👉ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে গৰম পানীত সামান্য নিমখ মিহলি কৰি তাত নেমুৰ ৰস দি দিনে ২ বাৰকৈ খালে এই ৰোগ ভাল হয়।
👉২৫ গ্রাম কুমলীয়া আমৰ পাত খুন্দি, এগিলাচ গৰম পানীত মিশ্ৰণ কৰি দিনে ২ বাৰকৈ গৰমে গৰমে খালে ৰোগৰ বীজাণু নাশ হয়।
👉কেঁচা হালধিৰ ৰস খালে এই ৰোগীয়ে যথেষ্ট আৰাম পায় আৰু ই হাইজা ৰোগৰ প্ৰতিষেধকৰ কাম কৰে। সেই কাৰণে, কোনো অঞ্চলত এই মহামাৰী ৰোগ দেখা দিলেই সকলোৱে কেঁচা হালধিৰ ৰস দিনে তিনিবাৰকৈ অন্ততঃ ১০ গ্রামকৈ খাব লাগে।
👉 অমিতাৰ আঠা, ৰস আৰু গুটিয়েও এই ৰোগ সহজে প্ৰতিৰোধ কৰিব পাৰে। ১৯৪৩-৪৪ চনত দক্ষিণ ভাৰতত কলেৰা মহামাৰীৰ বীজাণু ধ্বংস কৰিবৰ কাৰণে অমিতাৰ ৰস ব্যৱহাৰ কৰিছিল।
👉 কলেৰা ৰোগীৰ প্ৰস্ৰাৱ বন্ধ হ'লে পাতেগজা পাত খুন্দি পেটত প্রলেপ দিব লাগে।
👉 ফিক্সি পানীত গুলি খালে ৰোগীয়ে যথেষ্ট আৰাম পোৱা দেখা যায়।
👉 ২ টা পিঁয়াজৰ ৰস উলিয়াই নিমখৰ লগত বা সমপৰিমাণৰ নেমুৰ ৰসৰ লগত মিশ্ৰণ কৰি প্ৰতি ঘণ্টাৰ মূৰে মূৰে খুৱালে এই ৰোগ আৰোগ্য হয়। পিঁয়াজৰ ৰসৰ লগত নেমুৰ ৰস আৰু পদিনাৰ ৰস প্রায় ১০ গ্রামকৈ একেলগে খাব পাৰিলে বেছি ভাল।
👉 ৮/১০ টা লং পিহি পানীৰ লগত মিশ্ৰণ কৰি খুৱালে ৰোগীৰ পিয়াহ আৰু বমি বন্ধ হয় আৰু প্রস্রাব ঠিকমতে হয়।
👉জলকীয়াৰ ৰস ৮/১০ টোপাল এক চামুচ পানীত মিহলাই আধা ঘন্টাৰ মূৰে মূৰে খুৱালে ৰোগীয়ে যথেষ্ট আৰাম পায়।
👉 তুলসীৰ পাত আৰু জালুক পিহি (প্রায় ১০ গ্রাম) খালে এই ৰোগ ভাল হয়।
👉নিমৰ পাত ১০ গ্রাম পিহি এগিলাচ পানীৰ লগত মিহলাই এনেদৰে দিনে ২ বাৰকৈ খালে হাইজা ৰোগ ভাল হয়।
👉 ১০০ গ্রাম পানীত এক গ্রাম নহৰুৰ ৰস মিহলাই তাত ৫০ গ্রাম মৌ দি প্রতিবাৰতে ১৫ গ্রামকৈ খালে ৰোগীয়ে যথেষ্ট উপকাৰ পায়।৯। জলকীয়া গুটি প্রায় ৫ গ্রাম পিহি তাত খোৱা হিং বা কপূৰ সমপৰিমাণে মিহলাই অলপ মৌ দি সৰু বড়ি বনাই খালে কলেৰা ৰোগৰ বীজাণু নাশ হয়।
হাইজা (CHOLERA) হলে কি খাব লাগে?
হাইজা (CHOLERA) হলে কি খাব লাগে?
👉 ঘিউ, তেল বা ইয়াৰে ৰন্ধা বস্তু খোৱা সম্পূর্ণ নিষেধ। আক্রান্ত অঞ্চলত মুকলিকৈ বিক্ৰী কৰা, কাটি ৰখা ফলমূল বা অন্য খাদ্যবস্তু, শাক-পাচলি আৰু ঠাণ্ডা পানী কেতিয়াও খাব নালাগে।
হাইজা ৰোগৰ সময়ত কি ব্য়ায়্যাম কৰিব লাগে ?
বিশ্ৰাম:বিশ্ৰাম লোৱা অতি গুৰুত্বপূর্ণ। হাইজাৰ সময়ত শৰীৰৰ শক্তি কম থাকে আৰু ডিহাইড্ৰেচন হৈছে। অধিক শাৰীৰিক কৰ্ম কৰাটো আপোনাৰ স্বাস্থ্যৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে। সেয়ে আপুনি অধিক সময় বিশ্ৰাম ল'লে আপোনাৰ শৰীৰত পানী পূৰণ আৰু শক্তি লাভৰ ব্যৱস্থা হয়।
হালকা হাঁটাহাঁটি: যেতিয়া আপুনি কিছু পৰিমাণে আৰোগ্য লাভ কৰে, তেতিয়া হালকা হাঁটাহাঁটি কৰিব পাৰে। হাঁটাহাঁটি আপোনাৰ শৰীৰৰ ৰক্ত সঞ্চালন সঠিক ৰাখে আৰু আপোনাৰ শক্তি বৃদ্ধি কৰে। তবে, হাঁটাৰ সময়ত অধিক ক্লান্তি অনুভৱ হলে, সেয়া থামি বিশ্ৰাম ল'লে ভাল।
যোগাসন:গাসন মস্তিষ্ক আৰু শৰীৰৰ চাপ কমাই, শৰীৰৰ শক্তি পুনৰ উদ্ধাৰ কৰে। কিছু হালকা যোগাসন, যেনে পদমাসন (Padmasana), বুৎধাসন (Baddha Konasana), বা ভুজাঙ্গাসন (Bhujangasana), ৰোগীলৈ সহায়ক হ'ব পাৰে। ইয়াৰে আপোনাৰ শ্বাস-প্ৰশ্বাস পৰিস্কাৰ হয় আৰু শৰীৰৰ শক্তি বৃদ্ধি পায়। কিন্তু, অধিক শাৰীৰিক পৰিশ্ৰম এৰাই চলক।
হালকা এক্সাৰচাইজ: হালকা এক্সাৰচাইজ বা স্থিৰ অৱস্থাত কিছু সহজ ব্ৰেথিং এক্সাৰচাইজ (প্ৰাণায়াম) কৰিব পাৰি। ইয়াৰে শৰীৰৰ শক্তি আৰু উত্তেজনা বৃদ্ধি পায়। তবে, শাৰীৰিক ৰোগৰ পৰা পূৰ্ণ আৰোগ্য লাভ না হোৱা পৰ্যন্ত অধিক এক্সাৰচাইজ এৰাই চলক।
***