Chapter 3 -
উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পর্যালোচনা
(ক) অতি চমু প্ৰশ্ন উত্তৰ:
১। গোলকীকৰণ বা বিশ্বায়ন কি?
উত্তৰ: অৰ্থনীতিক বিশ্বমুখী কৰি তোলাৰ প্ৰক্ৰিয়াই হৈছে গোলকীকৰণ, য’ত দেশবোৰৰ মাজত বস্ত্ৰ, সেৱা, মূলধন, শ্ৰম, প্ৰযুক্তিৰ আদান-প্ৰদান হয়।২। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য কি?
উত্তৰ: কাগজী নোট ছপা কৰা।৩। ভাৰতত অৰ্থনৈতিক পুনগঠন বা অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৯৯১ চনত।৪। ব্যক্তিগতকৰণ কি?
উত্তৰ: চৰকাৰী উদ্যোগৰ পৰা ব্যক্তিগত খণ্ডলৈ মালিকানা হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াক ব্যক্তিগতকৰণ বোলা হয়।
৫। নিৰ্বিনিয়োগৰ অৰ্থ কি?
উত্তৰ: ৰাজহুৱা উদ্যোগৰ পৰা চৰকাৰী ইকুইটি-শ্বেয়াৰ বিক্ৰীৰ দ্বাৰা ব্যক্তিগত খণ্ডলৈ মালিকানা হস্তান্তৰ প্ৰক্ৰিয়াই নিৰ্বিনিয়োগ।
৬। কিমান দেশ বিশ্ব বাণিজ্য সংস্থাৰ সদস্য?
উত্তৰ: ২০০১ চনলৈ ১৪২খন ৰাষ্ট্ৰ।
৭। উদাৰীকৰণ বুলিলে কি বুজা?
উত্তৰ: ভাৰতীয় অৰ্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ তাৰ ওপৰত থকা যাবতীয় নিয়ন্ত্ৰণ প্রত্যাহাৰ কৰাৰ প্ৰক্ৰিয়াই হৈছে উদাৰীকৰণ।(খ) চমু আৰু দীঘল প্ৰশ্ন উত্তৰ:
১। অর্থনৈতিক সংস্কাৰ সংঘটিত কৰাৰ মুখ্য কাৰণসমূহ কি কি?
উত্তৰ:
(ক) অত্যাধিক ৰাজহ ঘাটতি
(খ) লেনদেনৰ উদ্বৃত্তৰ ঘাটতি
(গ) সামগ্ৰীৰ মূল্য বৃদ্ধ
(ঘ) ৰাজহুৱা খণ্ডৰ দুৰ্বল প্ৰদৰ্শন
(ঙ) অত্যাধিক নিয়ন্ত্ৰণ
২। অর্থনৈতিক পুনগঠনৰ গুৰুত্বপূৰ্ণ এলেকাসমূহ কি কি?
উত্তৰ:
(ক) বৈদেশিক সম্পদ-বিনিয়োগ আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰ
(খ) ৰাজহুৱা খণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধি
(গ) বিত্তীয় খণ্ডৰ পুনৰ্গঠন
(ঘ) উদ্যোগিক উৎপাদনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সৃষ্টি
৩। অর্থনৈতিক সংস্কাৰৰ মূল উদ্দেশ্যসমূহ কি কি?
উত্তৰ:
(ক) বিত্তীয় আৰু মুদ্ৰাগত নীতিৰ পুনৰ্গঠন
(খ) বৈদেশিক বিনিয়োগ আৰু বাণিজ্য নীতিৰ সংস্কাৰ
(গ) অবিৰত আৰু বহনযোগ্য অৰ্থনৈতিক উন্নয়ন
(ঘ) জ্ঞানভিত্তিক উদ্যোগৰ উন্নতি
(ঙ) পৰম্পৰাগত উদ্যোগসমূহৰ আধুনিকীকৰণ
৪। অর্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ:
(ক) অর্থনৈতিক উদাৰীকৰণ (Liberalisation)
(খ) বিশ্বায়ন (Globalisation)
(গ) ব্যক্তিগতকৰণ (Privatisation)
(ঘ) নিৰ্বিনিয়োগ (Disinvestment)
৫। উদাৰীকৰণৰ দুটা সুবিধা লিখা।
উত্তৰ:
(ক) উদ্যোগিক লাইচেন্স প্রত্যাহাৰ হোৱাৰ বাবে উদ্যোগপতিসকল প্ৰশাসনিক হাৰাসমুক্ত
(খ) অৰ্থনৈতিক উন্নয়ন আৰু জনমূৰি আয়ৰ হাৰ বৃদ্ধিত সহায়
৬। উদাৰীকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰ:
(ক) নিয়োগ সৃষ্টি কমি যোৱা
(খ) নিয়ন্ত্রণহীন প্ৰতিযোগিতাই একচেটিয়া ব্যৱসায়ৰ সৃষ্টি কৰিব পাৰে
৭। গোলকীকৰণৰ দুটা সুবিধা লিখা।
উত্তৰ:
(ক) প্ৰযুক্তি হস্তান্তৰ বৃদ্ধি
(খ) বস্তুৰ বাণিজ্য বিস্তৃতি
৮। গোলকীকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰ:
(ক) নিয়োগ পৰিস্থিতি অধিক বেয়া হোৱাটো
(খ) উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহক শোষণ কৰা
৯। ব্যক্তিগতকৰণৰ দুটা সুবিধা লিখা।
উত্তৰ:
(ক) উদ্যোগৰ পৰিচালনাত দক্ষতা বৃদ্ধি
(খ) অৰ্থনৈতিক সম্পদৰ সঠিক বিতৰণ নিশ্চিত কৰা
১০। ব্যক্তিগতকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰ:
(ক) গণতান্ত্ৰিক সমাজত শ্রমিকৰ স্বাৰ্থ উপেক্ষা
(খ) লোকচান মুখী উদ্যোগৰ ব্যক্তিগতকৰণ সম্ভৱ নহয়
১১। পূৰ্ণগঠন ভাৰতত কিয় আৰম্ভ হৈছিল?
উত্তৰ: বিদেশী বিনিময় ভাণ্ডাৰ হ্ৰাস, উচ্চ মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ।
১২। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহ নিয়ন্ত্ৰণ কৰে?
উত্তৰ: নীতি আৰু বিধিৰ মাধ্যমে — মুদ্ৰা জমা, সুদৰ হাৰ, ঋণ যোগান নিয়ন্ত্ৰণ কৰি।
১৩। টকাৰ অৱমূল্যয়ণ বুলিলে কি বুজা?
উত্তৰ: মুদ্ৰাৰ মূল্য কমোৱা, ১৯৯১ চনত বিদেশী মুদ্ৰাৰ তুলনাত মূল্য হ্ৰাস কৰা।
১৪। পাৰ্থক্য নিৰ্ণয় কৰা:
(ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী
(খ) দ্বিপাক্ষীক আৰু বহুপাক্ষীক বাণিজ্য
(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা
উত্তৰ:
(ক) কৌশল সম্বন্ধীয় বিক্ৰী হৈছে দক্ষতাৰ ভিত্তিত উন্নত বাণিজ্য; লঘু বিক্ৰী পৰম্পৰাগত, ক্ৰেতা-বিক্ৰেতা সীমাবদ্ধ।
(খ) দ্বিপাক্ষীক বাণিজ্য দুই দেশৰ মাজত; বহুপাক্ষীক বাণিজ্য বহুত দেশৰ মাজত।
(গ) শুল্ক হৈছে কৰ; অনা শুল্ক হৈছে প্রশাসনিক বাধা।
১৫। শুল্ক কিয় আৰোপ কৰা হয়?
উত্তৰ: আমদানীৰ নিয়ন্ত্ৰণ আৰু ঘৰুৱা উদ্যোগৰ সুৰক্ষাৰ বাবে।
১৬। সাংখ্যিক নিয়ন্ত্ৰণৰ অৰ্থ কি?
উত্তৰ: আমদানিত সংখ্যাগত সীমাবদ্ধতা আৰোপ কৰা।
১৭। ৰাজহুৱা উদ্যোগ লাভজনক হলে ব্যক্তিগতকৰণৰ প্ৰয়োজন? মত?
উত্তৰ: নহয়, কাৰণ ৰাজহুৱা উদ্যোগে কম খৰচত ভাল সামগ্ৰী দিয়ে আৰু দায়বদ্ধ।
১৮। বৰ্হিসোঁত ভাৰতৰ বাবে ভাল নে বেয়া? উন্নত দেশৰ বিৰোধিতা?
উত্তৰ: ভাল, কিয়নো জনসংখ্যা অধিক আৰু সস্তা মজুৰি; উন্নত দেশসমূহ প্রতিযোগিতা ভয় কৰে।
১৯। ভাৰতবৰ্ষৰ বৰ্হিসোঁতৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান সুবিধা কি কি?
উত্তৰ: ভাৰতবৰ্ষত বৰ্হিসোঁতৰ উদ্দেশ্য সফল কৰিবলৈ কিছুমান বিশেষ সুবিধা আছে। সেইবোৰ হ’ল—
-
(a) মজুৰিৰ হাৰ কম।
-
(b) বুদ্ধিমান আৰু দক্ষ মানৱ সম্পদ সহজে উপলব্ধ।
-
(c) প্রচুৰ পৰিমাণে অব্যৱহৃত প্ৰাকৃতিক সম্পদ।
-
(d) কাঁচামাল সহজে লাভযোগ্য।
২০। চৰকাৰৰ "নৱৰত্ন" কৌশলে ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ উন্নয়নত কেনেকৈ সহায় কৰিছে?
উত্তৰ: নৱৰত্ন কৌশলে ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ অধিক স্বায়ত্তশাসিত আৰু দায়িত্বশীল কৰি তুলিছে। এই কৌশলৰ ফলত—
-
উদ্যোগসমূহে নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰে।
-
উন্নত ব্যৱসায়িক পৰিৱেশত প্রতিযোগিতা কৰিব পাৰে।
-
আন্তঃগাঁথনি উন্নয়ন আৰু চাকৰি সৃষ্টি হোৱাৰ সুবিধা হয়।
-
অধিক লাভজনক আৰু উৎপাদনশীল হ’বলৈ সক্ষম হয়।
২১। সেৱা খণ্ডৰ উচ্চ বিকাশৰ কাৰণসমূহ কি কি?
উত্তৰ:
সেৱা খণ্ডৰ বিকাশৰ প্ৰধান কাৰণসমূহ হ’ল—
-
(a) সামগ্রী খণ্ডৰ তুলনাত সেৱা খণ্ডত অধিক বিনিয়োগ আৰু উন্নয়ন।
-
(b) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বমুখীকৰণৰ প্ৰভাৱ।
-
(c) তথ্য প্ৰযুক্তি আৰু যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নতি।
-
(d) বাণিজ্যিক সংগঠন আৰু বিত্তীয় প্ৰতিষ্ঠানৰ অধিক চাহিদা।
২২। পূর্ণগঠন (liberalisation) কাৰ্যৰ ফলত কৃষি খণ্ডত কিয় বিপৰীত প্ৰভাৱ পৰিছে?
উত্তৰ: পূৰ্ণগঠনৰ ফলত কৃষি খণ্ডত কিছুমান সমস্যাৰ সৃষ্টি হৈছে—
-
ৰাজহুৱা বিনিয়োগ হ্ৰাস পালে, বিশেষকৈ আন্তঃগাঁথনি (সিঞ্চন, শক্তি, বজাৰ সংযোগ)।
-
চৰকাৰী সহায় (subsidy) কমি গ’ল; উৎপাদন ব্যয় বৃদ্ধি পালে।
-
ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকল দ্ৰুত ক্ষতিগ্ৰস্ত হ’ল।
-
ৰপ্তানিমুখী নীতিয়ে খাদ্য শস্যৰ পৰিৱৰ্তে নগদ শস্যৰ উৎপাদনত কৃষকসকলক আকৃষ্ট কৰিলে, যাৰ ফলত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পালে।
২৩। পূর্ণগঠনৰ সময়চোৱাত উদ্যোগ খণ্ডৰ কার্যক্ষমতা কিয় দুৰ্বল হ’ল?
উত্তৰ: পূৰ্ণগঠন কালত উদ্যোগ খণ্ডৰ কার্যক্ষমতা কম হোৱাৰ কাৰণসমূহ হ’ল—
-
(a) কম মূল্যত আমদানিকৃত সামগ্ৰীৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰা।
-
(b) শক্তি, যোগাযোগ ইত্যাদি আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ অভাৱ।
-
(c) বিদেশী সামগ্ৰীৰ সহজ প্ৰৱেশৰ ফলত দেশীয় উদ্যোগসমূহ ক্ষতিগ্রস্ত হ’ল।
-
(d) উদ্যোগত বিনিয়োগৰ হ্ৰাস ঘটিল।
২৪। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ দুর্বলতাসমূহ কি কি?
উত্তৰ: অৰ্থনৈতিক সংস্কাৰৰ কিছু মুখ্য দুর্বলতা হ’ল—
-
(a) মুদ্রাস্ফীতি নিয়ন্ত্ৰণত ব্যৰ্থতা।
-
(b) চাবচিডি হ্ৰাসৰ ফলত দুখীয়া জনগণ সঠিক সুবিধা লাভ নকৰে।
-
(c) নিযুক্তি সৃষ্টি হোৱাৰ সলনি নিবনুৱা বৃদ্ধি।
-
(d) বিদেশী লোণৰ ওপৰত নিৰ্ভৰশীলতা (যেনেঃ বিশ্ব বেংক, IMF)।
-
(e) ৰাজহুৱা খণ্ডত আমোলাতন্ত্রৰ দেৰি আৰু সিদ্ধান্ত প্ৰক্ৰিয়াৰ ধীৰ গতি।
২৫। মুদ্রাস্ফীতিৰ মূল কাৰণসমূহ কি কি?
উত্তৰ: মুদ্রাস্ফীতি (inflation) হোৱা মুখ্য কাৰণসমূহ হ’ল—
-
(a) মজুৰি আৰু কাঁচামালৰ মূল্য বৃদ্ধিয়ে উৎপাদন ব্যয় বৃদ্ধি কৰে।
-
(b) অধিক মুনাফাৰ আশাত ব্যৱসায়ীসকলে মূল্য বৃদ্ধি কৰে।
-
(c) বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ হ্ৰাসৰ ফলত আমদানি সংকোচন আৰু মূল্যবৃদ্ধি ঘটে।
-
(d) চৰকাৰৰ দ্বাৰা আৰোপ কৰা অধিক পৰোক্ষ কৰ (GST, VAT)।
২৬ (ক)। চাহিদাজনিত মুদ্রাস্ফীতি কাক বোলে?
উত্তৰ: চাহিদাজনিত মুদ্রাস্ফীতি (Demand-pull Inflation) হৈছে তেনে অৱস্থা, যেতিয়া এটা দেশত বিদ্যমান উৎপাদনৰ তুলনাত লোকৰ চাহিদা অধিক হয়।
এই অৱস্থাত—
-
উৎপাদনৰ পৰিমাণ স্থিৰ থাকিলেও মুদ্ৰাৰ যোগান বা লোকৰ ব্যয়ক্ষমতা বৃদ্ধি পায়।
-
ইয়াৰ ফলত চাহিদা বৃদ্ধি পায় আৰু দাম বাঢ়ি যায়।
-
বিশেষকৈ পূৰ্ণ নিয়োগৰ অৱস্থাত এনে প্ৰভাৱ অধিক দেখা যায়।
২৬ (খ)। ব্যয়জনিত মুদ্রাস্ফীতি কাক বোলে?
উত্তৰ: ব্যয়জনিত মুদ্রাস্ফীতি (Cost-push Inflation) হৈছে, যেতিয়া উৎপাদনৰ উপাদানবোৰৰ মূল্য (যেনেঃ মজুৰি, কাঁচামাল, ইন্ধন) বৃদ্ধি পায় আৰু সেইবাবে সামগ্ৰীৰ উৎপাদন ব্যয় বৃদ্ধি পায়।
এই অৱস্থাত—
-
উৎপাদকসকলে নিজৰ লাভ বজাই ৰখাৰ বাবে মূল্য বৃদ্ধি কৰে।
-
সামগ্ৰীৰ যোগান কমি যায়, দাম বৃদ্ধি পায়।
-
ইয়াৰ ফলত সামগ্ৰিক দৰসূচী বা মূল্যবৃদ্ধি ঘটে।