Chapter 1
দর্শন (Philosophy)
১। ‘Philosophy’ শব্দটো মূলত কোন ভাষাৰ পৰা আহৰণ কৰা হৈছে?
উত্তৰঃ গ্ৰীক ভাষাৰ পৰা।
২। গ্ৰীক ভাষাৰ কোন দুটি শব্দৰ পৰা 'Philosophy' শব্দটো আহে?
উত্তৰঃ ‘Philos’ আৰু ‘Sophia’ শব্দৰ পৰা।
৩। ‘Philos’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ভালপোৱা বা অনুৰাগ।
৪। ‘Sophia’ শব্দৰ অৰ্থ কি?
উত্তৰঃ জ্ঞান।
৫। ‘দৰ্শন’ শব্দটো সংস্কৃত ভাষাৰ কোন ধাতুৰ পৰা উৎপত্তি?
উত্তৰঃ ‘দৃশ’ ধাতুৰ পৰা।
৬। 'দৰ্শন হৈছে জ্ঞানৰ মতবাদ অথবা বিজ্ঞান'- সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ ফিক্টে (Fichte)।
৭। "দৰ্শন হৈছে চৰম ভাৱাদৰ্শৰ বিজ্ঞান" – এই উক্তি কোনে আগবঢ়াইছিল?
উত্তৰঃ হেগেল (Hegel)।
৮। জার্মান দার্শনিক ফিক্টে (Fichte) দর্শনক কি হিচাপে উপস্থাপন কৰিছিল?
উত্তৰঃ জ্ঞানৰ বিজ্ঞান হিচাপে।
৯। অধিবিদ্যা (Metaphysics) শব্দটো পোনপ্ৰথমবাৰৰ বাবে কোনগৰাকী দার্শনিকে প্রয়োগ কৰিছিল?
উত্তৰঃ গ্রীক দার্শনিক এৰিষ্টট'লে।
১০। দর্শনৰ উৎপত্তিৰ এটা কাৰণ কি?
উত্তৰঃ আধ্যাত্মিক অন্বেষা বা স্পৃহা।
১১। জ্ঞান মীমাংসাৰ ইংৰাজী প্রতিশব্দ 'Epistemology' শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল?
উত্তৰঃ গ্ৰীক ভাষাৰ পৰা।
১২। গ্রীক ভাষাৰ কোন দুটা শব্দৰ পৰা 'Epistemology' শব্দটোৰ উৎপত্তি হৈছিল?
উত্তৰঃ ‘Episteme’ (জ্ঞান) আৰু ‘Logos’ (বক্তৃতা/বিদ্যা)।
১৩। ‘Episteme’ শব্দৰ অৰ্থ কি?
উত্তৰঃ জ্ঞান (Knowledge)।
১৪। ‘Logos’ শব্দৰ অৰ্থ কি?
উত্তৰঃ আলোচনা বা বিদ্যা।
১৫। 'Metaphysics' বা অধিবিদ্যা শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল?
উত্তৰঃ গ্ৰীক ভাষাৰ পৰা।
১৬। কি কি শব্দৰ পৰা 'Metaphysics' শব্দটোৰ উৎপত্তি হৈছিল?
উত্তৰঃ ‘Meta’ (পিছত) আৰু ‘Physika’ (পদাৰ্থবিদ্যা) শব্দৰ পৰা।
১৭। ‘Meta’ শব্দৰ অৰ্থ কি?
উত্তৰঃ পাছত বা আঁতৰত।
১৮। ‘Physika’ শব্দৰ অৰ্থ কি?
উত্তৰঃ পদাৰ্থবিদ্যা।
১৯। 'অধিবিদ্যা'ৰ আন এটা নাম কি?
উত্তৰঃ তত্ত্ববিদ্যা (Ontology)।
২০। মূল্যবিদ্যা বা 'Axiology' শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল?
উত্তৰঃ গ্ৰীক ভাষাৰ পৰা।
২১। 'Axiology' শব্দটো গ্রীক ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছিল?
উত্তৰঃ ‘Axios’ (প্ৰমূল্য) শব্দৰ পৰা।
২২। ‘Axios’ শব্দৰ অৰ্থ কি?
উত্তৰঃ মূল্য (Value) বা প্রমূল্য।।
২৩। দৰ্শনৰ এটা প্রকৃতি বা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৌদ্ধিক আৰু ব্যৱহাৰিক জ্ঞানাৰ্জনৰ প্ৰচেষ্টা।
২৪। মূল বিদ্যাৰ বিষয়বস্তু কি?
উত্তৰঃ মূল বিদ্যাই প্রমূল্যৰ স্বৰূপ, উৎস, প্ৰকাৰ আৰু প্ৰমূল্যৰ অৱস্থান সম্পর্কে আলোচনা কৰে।
খালী ঠাই পূৰণ (Fill in the blanks):
(ক) দৰ্শন হৈছে সত্যৰ____
উত্তৰঃ অনুসন্ধান।
(খ) Philosophy শব্দটো উৎপত্তি হৈছে _____
উত্তৰঃ গ্ৰীক শব্দৰ পৰা।
(গ) ____ সহায় নোলোৱাকৈ শিক্ষাৰ কলা অসম্পূর্ণ।
উত্তৰঃ দৰ্শনৰ।
(ঘ) দৰ্শন হৈছে তাত্ত্বিক আৰু শিক্ষা হৈছে_____
উত্তৰঃ ব্যৱহাৰিক।
(ঙ) ____ হৈছে চৰম ভাৱাদৰ্শৰ বিজ্ঞান।
উত্তৰঃ দৰ্শন।
(চ) 'Philosophy' শব্দটো মূলতঃ গ্রীক ভাষাৰ পৰা উৎপত্তি হৈছিল। -আৰু -শব্দব
উত্তৰঃ Philos আৰু Sophia শব্দৰ পৰা আহে।
(ছ) 'Philosophia' শব্দটো উৎপত্তি হৈছে 'Philos' আৰু -ৰ পৰা।
উত্তৰঃ Sophia
(জ) ‘Philos’ মানে হ’ল ____
উত্তৰঃ ভালপোৱা।
(ঝ) 'দর্শন হৈছে সকলো বৈজ্ঞানিক জ্ঞানৰ সমষ্টি' উক্তিটো আগবঢ়াইছিল।
উত্তৰঃ পলচেনে (Paulsen)।
(ঞ) 'Philosophy' শব্দটো গ্রীক ভাষাৰ শব্দৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ Philosophia.
(ট) দর্শন হৈছে সকলো কলাৰেই - স্বৰূপ।
উত্তৰঃ মাতৃ।
(ঠ) 'দর্শন হৈছে সকলো কলাৰেই মাতৃস্বৰূপ'- কথাষাৰ কোনে কৈছিল?
উত্তৰঃ চিচাৰো।
(ঢ) 'দৰ্শনৰ সহায় নোলোৱাকৈ শিক্ষাৰ কলা অসম্পূর্ণ' কথাষাৰ কৈছিল।
উত্তৰঃ ফিষ্টে।
(ণ) দর্শন হৈছে তাত্ত্বিক আৰু শিক্ষা হৈছে।
উত্তৰঃ ব্যৱহাৰিক।
(ত) ______ হৈছে চৰম ভাবাদৰ্শৰ বিজ্ঞান।
উত্তৰঃ দৰ্শন।
(থ) 'Critique of pure Reason' গ্রন্থখনৰ প্রণেতা আছিল
উত্তৰঃ কাণ্ট (Kant)।
(দ) জাৰ্মান দার্শনিক
উত্তৰঃ ফিফ্টে (Fichte)। -দর্শনক জ্ঞানৰ বিজ্ঞান হিচাপে উপস্থাপন কৰিছিল।
(ধ) 'Metaphysics' শব্দটো পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। আৰু তেওঁৰ শিষ্যসকলে।
উত্তৰঃ এৰিষ্টট'লে।
(ন) ‘Physika’ শব্দৰ অৰ্থ –
উত্তৰঃ পদাৰ্থবিদ্যা।
(প) অধিবিদ্যাক তত্ত্ববিদ্যা বা ইংৰাজীত -নামেৰেও জনা যায়।
উত্তৰঃ Ontology
(ফ) "দৰ্শন হৈছে সকলো কলাৰেই মাতৃস্বৰূপ" – কথাষাৰ চিচাৰো কৈছিল।
উত্তৰঃ চিচাৰোৱে।
চমু প্রশ্নোত্তৰ :
১। দৰ্শন কি? ইয়াৰ প্ৰধান শাখাসমূহ কি কি?
উত্তৰঃ ইন্দ্ৰিয়ৰ প্ৰত্যক্ষ জ্ঞানৰ জগতৰ লগতে, তাৰ অন্তৰত অৱস্থিত পৰমসত্তাৰ স্বৰূপক জানিবলৈ কৰা অনুসন্ধান, আৰু জগত-জীৱনৰ বিষয়ে যুক্তিসন্মত চিন্তা, বিশ্লেষণ আৰু মূল্যায়নৰ যাক এক গম্ভীৰ প্ৰচেষ্টা বুলি ধৰা হয়, তাকেই দৰ্শন বুলি কোৱা হয়।
দৰ্শনে কেৱল বাহ্য জগত নহয়, অন্তৰ্মুখীন চিন্তাৰ জৰিয়তেও সত্যৰ সন্ধান কৰে। এই দ্বৈত দিশৰ অধ্যয়ন, বিশ্লেষণ আৰু মূল্য নিৰ্ধাৰণই দৰ্শনৰ মূল লক্ষ্য।
দৰ্শনৰ মুখ্য শাখাসমূহ হ'ল—
(১) অধিবিদ্যা (Metaphysics) – জগত, আত্মা আৰু পৰমসত্তাৰ স্বৰূপৰ অনুসন্ধান।
(২) জ্ঞানমীমাংসা (Epistemology) – জ্ঞানৰ উৎস, স্বৰূপ আৰু সীমাৰ আলোচনা।
(৩) প্রমূল্যবিদ্যা (Axiology) – নৈতিকতা, সৌন্দৰ্য আৰু মূল্যবোধৰ অধ্যয়ন।

২। দৰ্শনৰ ব্যুৎপত্তিগত অর্থ লিখা।
উত্তৰঃ ‘দৰ্শন’ শব্দৰ ইংৰাজী প্রতিশব্দ ‘Philosophy’ গ্ৰীক ভাষাৰ দুটা শব্দ — ‘Philos’ আৰু ‘Sophia’ —ৰ পৰা গঠিত। ‘Philos’ অৰ্থ ‘ভালপোৱা’ বা ‘অনুৰাগ’, আৰু ‘Sophia’ অৰ্থ ‘জ্ঞান’। সেয়ে, ‘Philosophy’ শব্দৰ আক্ষৰিক অৰ্থ হৈছে জ্ঞানৰ প্ৰতি ভালপোৱা।
দৰ্শনৰ মূল উদ্দেশ্য হ'ল— জগত আৰু জীৱনৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰা, মানে এই বিশ্বৰ গভীৰ সত্য, জীৱনৰ উদ্দেশ্য আৰু তাত নিহিত মূল্যমূল্যবোধৰ বৌদ্ধিক অনুসন্ধান কৰা। দৰ্শনে যুক্তি, বিশ্লেষণ আৰু আত্ম-অন্বেষণৰ জৰিয়তে সত্যৰ সন্ধান দিয়ে।
৩। দর্শন মানে কি বুজা?
উত্তৰঃ ‘দর্শন’ (Philosophy) শব্দটো গ্ৰীক ভাষাৰ ‘Philosophia’ শব্দৰ পৰা আহৰণ কৰা হৈছে। এই শব্দটো গঠিত হৈছে দুটা গ্ৰীক শব্দ — ‘Philos’ (অৰ্থাৎ ভালপোৱা) আৰু ‘Sophia’ (অৰ্থাৎ জ্ঞান) —ৰ সংমিশ্ৰণত। সেয়ে, দর্শন বুলিলে ‘জ্ঞানৰ প্ৰতি ভালপোৱা’ বা ‘জ্ঞানপ্ৰেম’ বুজায়।
গডফ্ৰে থমছনৰ মতে, দর্শন হৈছে কোনো প্ৰশ্নক অবাধভাৱে, বিস্তৃতভাৱে আৰু সমগ্ৰ দৃষ্টিৰে চোৱা। দর্শনে কেৱল পদ্ধতি বা উপায়ৰ বিশ্লেষণ নহয়, বৰঞ্চ উদ্দেশ্য আৰু মূল লক্ষ্যকো গভীৰভাবে অধ্যয়ন কৰে। ইয়াত প্ৰথম বিষয়বস্তুৰ পোহৰেৰে দ্বিতীয় বিষয়ক অনুসন্ধান বা বুজি পাবলৈ চেষ্টা কৰা হয়।
দার্শনিক চিচাৰোৰ মতে, “দর্শন হৈছে সকলো কলাৰেই মাতৃস্বৰূপ।” অৰ্থাৎ, সকলো জ্ঞানশাখা বা বিদ্যাবোৰৰ আধাৰ হ’ল দর্শন।
দার্শনিক চিচাৰোৰ মতে, “দর্শন হৈছে সকলো কলাৰেই মাতৃস্বৰূপ।” অৰ্থাৎ, সকলো জ্ঞানশাখা বা বিদ্যাবোৰৰ আধাৰ হ’ল দর্শন।
৪। দর্শনৰ উৎপত্তি ক'ৰ পৰা হৈছে?
উত্তৰঃ দৰ্শনৰ উৎপত্তি মূলতঃ বিস্ময়ৰ পৰা হৈছিল। সূৰ্যোদয়, সূৰ্যাস্ত, ৰ'দ-বৰষুণ, ঋতুৰ পৰিৱৰ্তন, ভূমিকম্প, সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, জোৱাৰ-ভাটা আদি নানা প্ৰাকৃতিক পৰিঘটনাই মানুহক আশ্চৰ্যচকিত কৰিছিল। এই বিস্ময়ৰ পৃষ্ঠপোষকতাত মানুহে এই ঘটনাবোৰৰ কাৰণ বিচাৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে চিন্তাৰ পৰা দৰ্শনৰ জন্ম হৈছিল।
কিন্তু কেৱল বিস্ময়ৰ পৰা নহয়, দৰ্শনৰ উৎপত্তি সংশয়ৰ পৰা হয় বুলিও মানি লোৱা হয়। মধ্যযুগত বিজ্ঞানৰ অস্পষ্ট ব্যাখ্যা আৰু ধৰ্মগুৰুসকলৰ অসংগত শিক্ষা ইউৰোপৰ চিন্তাশীল লোকসকলৰ মনত গভীৰ সংশয় সৃষ্টি কৰিছিল। এই সংশয়ে তেওঁলোকক নতুন দৃষ্টিভংগীৰে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰিছিল।
ইয়াৰ উপৰিও, দৰ্শনৰ উৎপত্তিৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল—মানুহৰ জীৱনৰ দুখ-দুৰ্দশা দূৰ কৰাৰ উপায় বিচৰা। জীৱনৰ গূঢ় সত্য উদঘাটন কৰি দুখ-নাশৰ পথ সন্ধান কৰাও দৰ্শনৰ গঢ় লৈ উঠাৰ এক গুৰুত্বপূর্ণ ক্ষেত্ৰ।

৫। দৰ্শনৰ মূল কাৰ্য দুটা উল্লেখ কৰা।
উত্তৰঃ দৰ্শনৰ মূল কাৰ্য দুটা হৈছে—
(ক) ব্যাখ্যা – অর্থাৎ জগত, জীৱন, আৰু বিভিন্ন সত্যৰ স্বৰূপ যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰি বুজি পোৱাৰ চেষ্টা।
(খ) মূল্যাংকন – অৰ্থাৎ সেই সত্য বা তত্ত্বসমূহৰ মূল্য বিচাৰ কৰা, সেয়া কিমান যুক্তিসঙ্গত, নৈতিক বা প্ৰয়োজনীয় তাক নিৰূপণ কৰা।

৬। দৰ্শনৰ দুটা প্রকৃতি বা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ দৰ্শনৰ দুটা মুখ্য বৈশিষ্ট্য বা প্রকৃতি হ’ল—
(১) চিৰন্তন সমস্যাৰ অনুসন্ধান – দৰ্শন জীৱন আৰু জগতৰ সৈতে জড়িত গভীৰ, মৌলিক আৰু চিৰন্তন প্রশ্নসমূহৰ যুক্তিপূৰ্ণ সমাধান বিচাৰিবলৈ সদায় চেষ্টা থাকে।
(২) যুক্তিভিত্তিক ব্যাখ্যা আৰু মূল্যায়ন – দৰ্শনে সকলো বিষয়বস্তু যুক্তিৰে বিশ্লেষণ কৰে আৰু তাৰ মান-অৰ্থ নির্ধাৰণ কৰে। ই এক ব্যাখ্যামূলক আৰু মূল্য-নির্ধাৰণমূলক জ্ঞানৰ শাখা।

৭। শিক্ষাত দৰ্শনৰ দুটা গুৰুত্ব উল্লেখ কৰা।
উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ দুটা মুখ্য গুৰুত্ব হ’ল—
(১) পাঠ্যসূচী নিৰ্ধাৰণত সহায়ক – দৰ্শনৰ দ্বাৰা শিক্ষাৰ উদ্দেশ্য আৰু মূল্য বুজি পোৱাৰ ফলত পাঠ্যক্রম আৰু পাঠ্যসূচীৰ বিষয়বস্তু নিৰ্বাচন সহজ হয়। ই শিক্ষাৰ মৌলিক দিশসমূহ চিহ্নিত কৰাত সহায় কৰে।
(২) উপযুক্ত শিক্ষা-পদ্ধতি নিৰ্বাচনত সহায় – দৰ্শন যুক্তি আৰু চিন্তাৰ উত্তম পথ দেখুৱায়। এইদৰে, কিহৰ আধাৰত শিক্ষা অধিক ফলপ্ৰসূ হব পাৰে, তেনে উপযুক্ত পদ্ধতি বাছনি কৰাত দৰ্শনে সহায় কৰে।

৮। দৰ্শনৰ প্ৰধান বিভাগ বা শ্রেণী কেইটা কি কি?
উত্তৰঃ দৰ্শনৰ প্ৰধান বিভাগ বা শাখাসমূহ তলত দিয়া হৈছে—
(১) জ্ঞান মীমাংসা (Epistemology) – ই জ্ঞানৰ উৎস, স্বৰূপ, সীমা আৰু বৈধতাৰ আলোচনা কৰে।
(২) তত্ত্ববিজ্ঞান বা অধিবিদ্যা (Metaphysics) – ই বাস্তব জগত, আত্মা, ঈশ্বৰ, সময়-স্থান আদি মৌলিক তত্ত্ববোৰৰ ওপৰত চিন্তা-চৰ্চা কৰে।
(৩) প্রমূল্যবিদ্যা (Axiology) – ই মূল্যবোধ, নৈতিকতা, সৌন্দৰ্যবোধ আদিৰ বিষয়ে আলোচনা কৰে।

৯। শিক্ষা দৰ্শনৰ পৰিধিৰ দুটা দিশ উল্লেখ কৰা।
উত্তৰঃ শিক্ষা দৰ্শনৰ পৰিধিৰ মুখ্য দুটা দিশ হ’ল—
(১) শিক্ষাৰ লক্ষ্য আৰু আদৰ্শৰ বিশ্লেষণ – শিক্ষা কেনেকুৱা মানুহ গঢ়ি তুলিব বিচাৰে, তাৰ মৌলিক উদ্দেশ্য আৰু আদৰ্শবোৰৰ তাত্ত্বিক ভিত্তি দৰ্শনে প্ৰদান কৰে।
(২) শৈক্ষিক প্ৰমূল্যৰ অধ্যয়ন – দৰ্শনে শিক্ষা-সম্পৰ্কীয় নৈতিকতা, সৌন্দৰ্য, সত্য, মুক্তি আদিৰ দৰে প্ৰমূল্যবোৰৰ বিশ্লেষণ আৰু মূল্যায়ন কৰে, যিয়ে শিক্ষা ব্যৱস্থাক দিশ দেখুৱায়।