Chapter 1
[a] দৰ্শনৰ সংজ্ঞা, প্রকৃতি আৰু পৰিসৰ
[b] দৰ্শনৰ শাখাসমূহ
অতি চমু প্রশ্নোত্তৰ:
১। দর্শন কাক বোলে?
উত্তৰঃ ইন্দ্ৰিয় প্ৰত্যক্ষৰ সহায়ত পোৱা জগতখনৰ উপৰিও, তাৰ অন্তৰ্নিহিত পৰমসত্তাৰ স্বৰূপক বুজি পোৱাৰ চেষ্টা, তথা জগত আৰু জীৱনৰ গভীৰ যুক্তিভিত্তিক বিশ্লেষণ আৰু মূল্যায়নৰ যি প্রয়াস—তাকেই দৰ্শন বুলি কোৱা হয়।
২। ইংৰাজী 'philosophy' শব্দটো কোন দুটা গ্রীক শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ ‘Philos’ আৰু ‘Sophia’ এই দুটা গ্ৰীক শব্দৰ পৰা “Philosophy” শব্দৰ উৎপত্তি হৈছে। ‘Philos’ অৰ্থ হৈছে “স্নেহ” বা “আকৃষ্টি” আৰু ‘Sophia’ অৰ্থ “জ্ঞান”। সেয়ে, Philosophy অৰ্থ হৈছে—“জ্ঞানৰ প্ৰেম”।
৩। 'Philos' শব্দৰ অৰ্থ কি?
উত্তৰঃ "প্রীতি" বা "অনুৰাগ"
৪। 'Sophia' শব্দৰ অৰ্থ কি?
উত্তৰ: জ্ঞান।
৫। জ্ঞানবিদ্যাৰ প্রতিশব্দ 'Epistemology' শব্দটো কোন দুটা গ্রীক শব্দৰ পৰা আহিছে?
উত্তৰঃ “Epistēmē” আৰু “Logos” এই গ্ৰীক শব্দ দুটাৰ পৰা “Epistemology” শব্দটো আহিছে। “Epistēmē” অৰ্থ “জ্ঞান” আৰু “Logos” অৰ্থ “যুক্তি” বা “তত্ত্ব”। সেয়ে, Epistemology বুলিলে “জ্ঞানৰ তত্ত্ব” বা “জ্ঞানৰ স্বৰূপ, উৎস আৰু সীমা সম্পৰ্কে অধ্যয়ন” বুজোৱা হয়।
৬। 'Epistema' শব্দৰ অৰ্থ কি?
উত্তৰঃ জ্ঞান।
৭। 'Logos' শব্দৰ অৰ্থ কি?
উত্তৰঃ বিজ্ঞান।
৮। 'Metaphysics' শব্দটো কোন দুটা গ্রীক শব্দৰ পৰা আহিছে?
উত্তৰঃ “Meta” আৰু “Physika” এই দুটা গ্ৰীক শব্দৰ পৰা “Metaphysics” শব্দটো আহিছে। “Meta” অৰ্থ হৈছে “পৰ” বা “অতিক্ৰম” আৰু “Physika” অৰ্থ “প্ৰকৃতি”। সেয়ে, “Metaphysics” বুলিলে “প্ৰকৃতিৰ পাৰ হৈ থকা বাস্তৱতা” বা “অতিপ্ৰাকৃতিক তত্ত্ব” বুজোৱা হয়, যি জগতৰ আধাৰভূত সত্য বা পৰমসত্তাৰ অনুসন্ধান কৰে।
৯। 'Meta' শব্দৰ অৰ্থ কি?
উত্তৰঃ পিছত।
১০। 'Physika' শব্দৰ অৰ্থ কি?
উত্তৰঃ physika শব্দৰ অৰ্থ হল- বিজ্ঞান।
১১। জন ল'কৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ জন ল'কৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হল- An Essay Concerning Human Understanding.
১২। 'Critique of Pure Reason' নামৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ 'Critique of Pure Reason' নামৰ গ্ৰন্থখনৰ লেখক হল- ইমানুৱেল কাণ্ট।
১৩। দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক দেহ আৰু আত্মাৰ সম্বন্ধৰ সৈতে তুলনা কৰা দার্শনিকজনৰ নাম কি?
উত্তৰঃ দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক দেহ আৰু আত্মাৰ সম্বন্ধৰ সৈতে তুলনা কৰা দার্শনিকজনৰ নাম - ওৱেবাৰ।
১৪। দর্শনে সমগ্র বিশ্ব সম্পর্কে অধ্যয়ন কৰেনে?
উত্তৰঃ দর্শনে সমগ্র বিশ্ব সম্পর্কে অধ্যয়ন কৰে।
১৫। দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক নে বিশ্লেষণাত্মক?
উত্তৰঃ দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক।
(১) জ্ঞানমীমাংসা (Epistemology): ই জ্ঞানৰ উৎস, স্বৰূপ, সীমা আৰু মান্যতাৰ
বিষয়ে আলোচনা কৰে।
(২) অধিবিদ্যা (Metaphysics): ই বাস্তৱতাৰ মৌলিক স্বৰূপ, অস্তিত্ব, পৰমসত্তা আৰু জগতৰ
মূল কাঠামো সম্পৰ্কে অধ্যয়ন কৰে।
(৩) প্ৰমূল্যশাস্ত্র (Axiology): ই মূল্যবোধৰ অধ্যয়ন কৰে, যাৰ ভিতৰত নৈতিকতা (Ethics)
আৰু সৌন্দৰ্যবিদ্যা
(Aesthetics) অন্তৰ্গত।
২৪। জ্ঞানতত্ত্ব বা জ্ঞানমীমাংসা কি?
উত্তৰঃ যি বিজ্ঞান বা শাখাই জ্ঞানৰ উৎস, বিকাশৰ ধাৰা, সীমা, সম্ভাবনা আৰু বৈধতা
আদিৰ বিষয়ে তাত্ত্বিকভাৱে আলোচনা কৰে, তাকেই জ্ঞানতত্ত্ব বা জ্ঞানমীমাংসা (Epistemology)
বুলি কোৱা হয়।
২৫। জ্ঞান মীমাংসাৰ ইংৰাজী প্রতিশব্দ কি?
উত্তৰ: জ্ঞান মীমাংসাৰ ইংৰাজী প্রতিশব্দ হল- Epistemology
।
২৬। অধিবিদ্যা বা পৰাবিদ্যা কি?
উত্তৰঃ পৰিৱৰ্তনশীল আৰু অৱভাসিক জগতখনৰ অন্তৰত থকা অপৰিৱৰ্তনীয় সত্তাসমূহ—যেনে: আত্মা,
দ্রব্য, ঈশ্বৰ, কাৰণতা আদিৰ বিষয়ে
যি বিজ্ঞান আলোচনা কৰে, তাকেই অধিবিদ্যা (Metaphysics) বুলি কোৱা হয়।
২৭। অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ কি?
উত্তৰ: অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ হল - Metaphysics
|
২৮। পৰম্পৰাগত তর্কবিজ্ঞানৰ জনক কোন?
উত্তৰঃ পৰম্পৰাগত তর্কবিজ্ঞান জনক হল - এৰিষ্ট'টল।
২৯। 'নীতিশাস্ত্ৰ'দৰ্শনৰ কোনটো শাখাৰ লগত জড়িত?
উত্তৰঃ 'নীতিশাস্ত্ৰ'দৰ্শনৰ প্রমূল্য বিদ্যা শাখাৰ লগত জড়িত।
৩০। প্রমূল্য বিজ্ঞান কি?
উত্তৰঃ চৰম আদৰ্শৰ আধাৰত সত্য–অসত্য, ভাল–বেয়া, শুদ্ধ–অশুদ্ধ, সুন্দৰ–অসুন্দৰ আদি
মূল্যবোধৰ নিৰ্ণয় সম্পৰ্কে যি বিদ্যাই আলোচনা কৰে, তাকেই প্রমূল্য বিজ্ঞান বা
মূল্যতত্ত্ব (Axiology) বুলি কোৱা হয়।
৩১। প্ৰমূল্য বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ কি?
উত্তৰ: প্ৰমূল্য বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হল
- Axiology.
৩২। বিস্ময়তে দৰ্শনৰ উৎপত্তি বুলি কোনে কৈছিল।
উত্তৰ: বিস্ময়তে দৰ্শনৰ উৎপত্তি বুলি থেলচে কৈছিল।
৩৩। দৰ্শনৰ কোনটো শাখাই জ্ঞানৰ উৎপত্তি, প্রকৃতি, চৰ্ত আৰু পৰিধি
সম্পর্কে আলোচনা কৰে?
উত্তৰ: জ্ঞানমীমাংসাই।
৩৪। দৰ্শনৰ কোনটো শাখাই মূল্যৰ স্বৰূপ অধ্যয়ন কৰে?
উত্তৰ: দৰ্শনৰ প্ৰমূল্যবিদ্যাই শাখাই মূল্যৰ স্বৰূপ অধ্যয়ন কৰে।
৩৫। শুদ্ধ উত্তৰটো বাছনি কৰা:
(a) দর্শন হৈছে জ্ঞান প্রীতি/পদার্থ বিজ্ঞান।
উত্তৰ: জ্ঞান প্রীতি।
(b) দর্শনে সমগ্র বিশ্ব ব্রহ্মাণ্ড/পদার্থ/সংশয়
অধ্যয়ন কৰে।
উত্তৰঃ সমগ্ৰ বিশ্ব ব্রহ্মাণ্ড।
(c) 'দর্শন' শব্দটো সংস্কৃত 'দৃশ্'/ঋষৰ পৰা আহিছে।
উত্তৰঃ দৃশ্
(d) 'Philosophy' শব্দটো দুটা গ্রীক/লেটিন শব্দ 'Philo' আৰু 'sophia'ব পৰা আহিছে।
উত্তৰঃ গ্ৰীক। 
(e) দর্শন এক বিশ্লেষণাত্মক/সংশ্লেষণাত্মক অধ্যয়ন।
উত্তৰঃ সংশ্লেষণাত্মক।
(f) দর্শন আগমনাত্মক/নিগমনাত্মক পদ্ধতিৰ লগত জড়িত।
উত্তৰঃ নিগমনাত্মক।
(g) দর্শন বস্তুনিষ্ঠ/আকাৰিক সত্যৰ লগত প্ৰধানকৈ
জড়িত।
উত্তৰ: আকাৰিক সত্যৰ।
(h) দর্শনে কেৱল আধিবৈজ্ঞানিক সমস্যাসমূহ আলোচনা
কৰে/নকৰে।
উত্তৰ: নকৰে।
(i) কাণ্টৰ মতে ঐন্দ্ৰিক অভিজ্ঞতাৰ ভিতৰত অধিবিদ্যা
অসম্ভৱ/সম্ভৱ।
উত্তৰ: অসম্ভব।
(j) তকীয় প্রত্যক্ষবাদীসকলৰ মতে আধিবৈজ্ঞানিক
বচনসমূহ অর্থহীন পুনৰুক্তিমূলক/উভয়েই।
উত্তৰ: উভয়েই।
(k) অধিবিদ্যাই জগতক অৱভাস আৰু সত্তাত বিভক্ত
কৰে/নকৰে।
উত্তৰঃ কৰে।
(i) ব'লফ/ডেকার্টে 'Ontology'
নামৰ শব্দটো দৰ্শনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে।
উত্তৰঃ ব'ল্ল্ফ।
(m) দর্শন আৰু বিজ্ঞান পৰস্পৰ নিৰ্ভৰশীল হয়/নহয়।
উত্তৰঃ হয়।
(n) নীতিবিজ্ঞান এটা কলা এটা আদর্শনিষ্ঠ
বিজ্ঞান/বস্তুনিষ্ঠ বিজ্ঞান।
উত্তৰ: আদর্শনিষ্ঠ বিজ্ঞান।
(০) জ্ঞান মীমাংসাই/সংশয়/প্রমূল্য এইবোৰৰ কোনোটোকে অধ্যয়ন নকৰে।
উত্তৰ: এইবোৰৰ কেনোটোকে অধ্যয়ন নকৰে।
(p) ডেকার্ট/ল'ক/কাল্ট অভিজ্ঞতাবাদী।
উত্তৰঃ ল'ক।
(q) অধিবিদ্যাৰ সম্পৰ্ক জ্ঞান/সত্তা/প্ৰমূল্যৰ লগত।
উত্তৰঃ সত্তা।
(r) জ্ঞানতত্ত্বই প্রধানকৈ জ্ঞান/সত্য/মূল্যৰ বিষয়ে
আলোচনা কৰে।
উত্তৰঃ জ্ঞান।
৩৬। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছিউলিওৱাঃ
(i) 'Philosophy' শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?
(a) ইংৰাজী   
(b) লেটিন
(c) গ্রীক
(d) ইটালীয়
উত্তৰঃ (c) গ্ৰীক
(ii) 'দর্শন'ত কিমানটা শাখা পোৱা যায়?
(a) তিনিটা
(b) চাৰিটা
(c) পাঁচটা
(d) ছয়টা
উত্তৰ: (b) চাৰিটা
(iii) দৰ্শনৰ পিতৃস্বৰূপ বুলি কাক জনা যায়?
(a) থেলছ (Thales)
(b) প্লেটো (Plato)
(c) চক্রেটিছ (Sacrates)
(d) এৰিষ্টটল (Aristotle)
উত্তৰ: (c) চক্ৰেটিছ
(iv) 'The Republic' গ্রন্থখনৰ ৰচক-
(a) এৰিষ্ট 'টল
(b) প্লেটো
(c) আলেক্সেণ্ডাৰ
(d) চক্রেটিছ
উত্তৰ: (b) প্লেটো
(v) সর্বপ্রথম দার্শনিক হিচাপে কাক বিবেচিত কৰা হয়?
(a) খেল্ছ (Thales)
(b) এৰিষ্টটল (Aristotle)
(c) চক্রেটিছ (Sacrates)
(d) চোফিষ্ট (Sophist)
উত্তৰ: (a) থেল্ছ
(vi) 'জ্ঞান কি?' আৰু 'সত্য কি?' এনে ধৰণৰ
প্ৰশ্নবিলাক দৰ্শনৰ কোনটো শাখাত আলোচনা কৰা হয়?
(a) প্রমূল্যবিদ্যা
(b) জ্ঞানবিদ্যা
(c) অধিবিদ্যা
(d) তর্কবিদ্যা
উত্তৰঃ (a) জ্ঞানবিদ্যা
(vii) 'Man is the measure of all things' এই কথাষাৰ কৈছে-
(a) হেৰাক্লিটাছ
(c) প্ৰ'টগোৰাছ
(b) প্লেটো
(d) এৰিষ্টটল
উত্তৰঃ (c) প্ৰ'টগোৰাছ
(viii) অধিবিদ্যাত আলোচনা কৰা হয়-
(a) বিশ্বৰ অস্তিত্ব
(b) জ্ঞান আৰু অভিজ্ঞতা
(c) ঈশ্বৰ জ্ঞান
(d) যুক্তি তৰ্ক
 উত্তৰ: (a) বিশ্বৰ অস্তিত্ব
► চমু প্রশ্নোত্তৰ :
১। 'Philosophy' শব্দৰ ধাৰণা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ দৰ্শনক ইংৰাজীত Philosophy বুলি কোৱা হয়। “Philosophy” শব্দটো গ্ৰীক ভাষাৰ ‘Philos’ আৰু ‘Sophia’ এই দুটা শব্দৰ পৰা
আহিছে। ‘Philos’ৰ অৰ্থ হৈছে প্রীতি বা অনুৰাগ আৰু ‘Sophia’ৰ অৰ্থ হৈছে জ্ঞান। সেয়া অনুযায়ী, ‘Philosophy’ শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে জ্ঞানৰ প্ৰতি অনুৰাগ।
    সেয়ে, যি বিদ্যাই জ্ঞানৰ অনুসন্ধান কৰে বা যাৰ মূল
উদ্দেশ্য জ্ঞান লাভ—তাকেই দৰ্শন বুলি কোৱা হয়। দৰ্শনৰ বিষয়বস্তু নিৰ্দিষ্ট,
আৰু ই মূলত জগত আৰু জীৱনৰ প্ৰকৃত স্বৰূপ জানিবলৈ চেষ্টা কৰে।
এইদৰে, দৰ্শনে যুক্তি আৰু বিশ্লেষণৰ জৰিয়তে সত্যৰ সন্ধান কৰে।
২। 'Darsan' (দর্শন) শব্দৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ ‘দৰ্শন’ শব্দটো ‘দৃশ’ ধাতুৰ পৰা উদ্ভৱ
হোৱা, যাৰ অৰ্থ ‘দেখা’। ইয়াত ‘দেখা’ বুলিতে মাথোঁ
বাহ্য দৃষ্টিৰ কথা নহয়, বৰঞ্চ মানসিক দৃষ্টিৰে বা বৌদ্ধিক অনুভৱেৰে সত্যক উপলব্ধি কৰাৰ
অৰ্থ বুজোৱা হৈছে। সেয়ে, দৰ্শন মানে হৈছে—প্ৰকৃত সত্যৰ জ্ঞান লাভ। সংস্কৃত ‘দৰ্শন’
শব্দটোৱে সত্যক প্রত্যক্ষ কৰা বা আত্মসাৎ কৰা বুজায়। এই অৰ্থত, যিকোনো বৈজ্ঞানিক বা
যুক্তিসম্মত অনুসন্ধান, যি প্ৰকৃত সত্য উন্মোচন কৰিবলৈ কৰা হয়, তাক দৰ্শনৰূপে বিবেচনা কৰিব
পাৰি। আৰু এনে জ্ঞানসন্ধানত নিজকে নিয়োজিত কৰা ব্যক্তিক ‘দার্শনিক’ বুলি কোৱা হয়।
৩। 'দৰ্শনৰ লক্ষ্য হৈছে নিত্যবস্তুৰ মৌলিক প্রকৃতি সম্পর্কে জ্ঞান'- দৰ্শনৰ এই সংজ্ঞাটো
কোনজন দার্শনিকৰ? সংজ্ঞাটো গ্রহণযোগ্যনে? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ দৰ্শনৰ উক্ত সংজ্ঞাটো গ্ৰীক দার্শনিক প্লেটোয়ে প্ৰণয়ন কৰিছিল।
    তথাপি, প্লেটোৱে দিয়া সংজ্ঞাটো সম্পূৰ্ণ ৰূপে
গ্ৰহণযোগ্য নহয়, কাৰণ ই দৰ্শনৰ সকলো দিশৰ সঠিক প্ৰতিফলন নকৰে। তেওঁ দৰ্শনক মূলত অধিবিদ্যাৰ সমাৰ্থক ৰূপত উপস্থাপন কৰিছে,
যাৰ ফলত দৰ্শনৰ
অন্যান্য শাখাসমূহ—যেনে জ্ঞানতত্ত্ব, নৈতিকতা, সৌন্দৰ্যতত্ত্ব আদি—এই
সংজ্ঞাৰ পৰিসৰত পৰে না।
    যদিও প্লেটোৰ সংজ্ঞাটোৱে দৰ্শনক জগতৰ এক সামগ্ৰিক
ব্যাখ্যাৰ ৰূপত উপস্থাপন কৰাৰ চেষ্টা কৰিছে, তথাপি এই সংজ্ঞাই দৰ্শনৰ একমাত্ৰ শাখা অধিবিদ্যাৰ লগত দৰ্শনক সমান কৰি দিছে, যি দৰ্শনৰ বিস্তৃততা আৰু বহুমাত্রিকতাক সীমিত
কৰি তোলে। সেয়ে, দৰ্শনৰ ধাৰণা আলোচনা কৰোঁতে এই সংজ্ঞাটো আংশিকভাৱে প্ৰাসংগিক বুলিব পাৰি,
কিন্তু ই দৰ্শনৰ
পূৰ্ণতা প্ৰকাশ নকৰে।
৪। দৰ্শনৰ তিনিটা প্রধান বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ দৰ্শনৰ তিনিটা মুখ্য বৈশিষ্ট্য তলত সংক্ষেপে
দিয়া হৈছে—
(১) সামগ্রিক অধ্যয়ন: দৰ্শন হৈছে বিশ্ব আৰু জীৱনৰ এক সামগ্ৰিক অধ্যয়ন।
ই কেৱল একাংশ বিষয়ে নহয়, বৰঞ্চ জগত আৰু জীৱনৰ সকলো দিশৰ গভীৰ আৰু বিস্তৃত
বিশ্লেষণৰ জৰিয়তে এক সামগ্ৰিক ধাৰণা গঢ়ি তোলে।
(২) মূল্যায়নমূলক দৃষ্টিভংগী: দৰ্শনে কেৱল বিশ্লেষণেই নকৰে, ই এক মূল্যায়নমূলক
আৰু সক্ৰিয় দৃষ্টিভংগীও গ্ৰহণ কৰে। জগত আৰু জীৱনৰ সঠিক মূল্যায়ন কৰা দৰ্শনৰ এটা
গুৰুত্বপূৰ্ণ দিশ।
(৩) জ্ঞানমুখী আৰু সিদ্ধান্তমূলক প্ৰৱৃত্তি: দৰ্শন এক বিশুদ্ধ
জ্ঞানতত্ত্বমূলক অধ্যয়ন। ই কাব্যিক, কলাত্মক বা নিছক ধৰ্মীয় দৃষ্টিভংগী নহয়।
দৰ্শনৰ মূল উৎস হ’ল বিস্ময়, জ্ঞানৰ প্রতি আকাংক্ষা আৰু অনুসন্ধিৎসা, যাৰ পৰা ই
সিদ্ধান্তমূলক চিন্তাৰ দিশে আগবাঢ়ে।
৫। 'দর্শন হৈছে এনে এক বিজ্ঞান যি সত্তাৰ স্বৰূপ আৰু ইয়াৰ স্বৰূপ প্ৰকৃতিৰ লগত জড়িত গুণসমূহৰ অনুসন্ধান কৰে'- দৰ্শনৰ এই সংজ্ঞাটো কোনজন দার্শনিকৰ? এই সংজ্ঞাটো গ্রহণযোগ্যনে? যুক্তি দর্শোৱা।
উত্তৰঃ উক্ত সংজ্ঞাটো গ্ৰীক দার্শনিক এৰিষ্টটলৰ।
    তেওঁ দিয়া সংজ্ঞাটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য
নহয়, কাৰণ এই সংজ্ঞাই দৰ্শনক মূলত অধিবিদ্যাৰ সৈতে সমান কৰিছে। দৰ্শনৰ ধাৰণা
গভীৰভাৱে পৰ্যালোচনা কৰিলে দেখা যায় যে, যদিও এৰিষ্টটলে দৰ্শনক জগতৰ এক সামগ্ৰিক
ব্যাখ্যা হিচাপে উপস্থাপন কৰিছে, তথাপি তেওঁৰ সংজ্ঞাই দৰ্শনৰ অন্যান্য
শাখাসমূহ—যেনে জ্ঞানমীমাংসা, নৈতিকতা, সৌন্দৰ্যতত্ত্ব
আদি—অন্তর্ভুক্ত কৰিবলৈ ব্যৰ্থ হৈছে।
    এইদৰে, এৰিষ্টটলে দিয়া সংজ্ঞাটো দৰ্শনৰ এটা
গুৰুত্বপূৰ্ণ দিশ স্পষ্ট কৰি তোলে, কিন্তু ই দৰ্শনৰ বহুমুখী আৰু বিস্তৃত
স্বৰূপটো সম্পূৰ্ণৰূপে প্ৰতিফলিত নকৰে। সেয়ে, এই সংজ্ঞাটো আংশিকভাৱে
ব্যৱহাৰযোগ্য হলেও, দৰ্শনৰ একক আৰু পূৰ্ণ পৰিচয় দিব পৰা সক্ষম নহয়।
৬। দৰ্শনৰ প্ৰকৃতিবোৰ কি কি?
উত্তৰঃ দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—
(ক) দৰ্শন যুক্তিনিষ্ঠ। ই যুক্তি আৰু চিন্তনৰ ওপৰত আধাৰিত। দার্শনিকসকলে বৈজ্ঞানিক আৰু মৌলিক
তত্ত্বসমূহ গভীৰভাৱে বিশ্লেষণ কৰি যুক্তি আৰু প্ৰমাণৰ সহায়ত মতবাদ স্থাপন কৰে।
(খ) দৰ্শনে জীৱন আৰু জগতৰ জটিল সমস্যাসমূহৰ সমাধান বিচাৰে। ই কেবল চিন্তাত সীমাবদ্ধ নহয়,
বাস্তৱ জীৱনৰ
প্ৰশ্নসমূহৰো উত্তৰ সন্ধান কৰে।
(গ) দৰ্শন বিজ্ঞানৰ বিভিন্ন শাখাৰ সৈতে সম্পৰ্কিত। যেনে—পদার্থবিজ্ঞান, ভূগোল, উদ্ভিদবিজ্ঞান,
প্রাণীবিজ্ঞান আদিৰ
সৈতে দৰ্শনৰ মেলবন্ধনে দাৰ্শনিক চিন্তাক অধিক সমৃদ্ধ কৰে।
(ঘ) দৰ্শন আত্মা আৰু ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে অনুসন্ধান কৰে। ই দৃশ্য জগতৰ ওপৰিও
অধিদৰ্শনীয় সত্যৰ সন্ধানত ব্ৰতী থাকে।
(ঙ) দৰ্শন বাস্তৱতাৰে সংলগ্ন। ই বিশ্বব্ৰহ্মাণ্ড, সৃষ্টি, বস্তু, ঈশ্বৰ আদি বিষয়ে যুক্তিৰ সহায়ত গম্ভীৰ চিন্তা আগবঢ়ায়।
(চ) দৰ্শনে অভিজ্ঞতাৰ আধাৰত মৌলিক সত্য উন্মোচনৰ চেষ্টা কৰে। ই অভিজ্ঞতা, পর্যবেক্ষণ আৰু
চিন্তাৰ মাধ্যামেৰে নতুন তত্ত্বৰ সন্ধান কৰে।
৭। দৰ্শন আৰু বিজ্ঞানৰ মাজৰ যিকোনো তিনিটা সাদৃশ্য আৰু যিকোনো তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা তিনিটা সাদৃশ্য তলত পুনৰ সংক্ষেপে
উল্লেখ কৰা হ’ল—
(১) দাৰ্শনিক আৰু বৈজ্ঞানিক উভয়ৰ উদ্দেশ্য হৈছে—অভিজ্ঞতালব্ধ জগতখনৰ ব্যাখ্যা প্ৰদান কৰা। জগত আৰু
জীৱন বুজিবলৈ কৰা চিন্তাৰ ফলস্বৰূপেই দৰ্শন আৰু বিজ্ঞানৰ উৎপত্তি হৈছে।
(২) দৰ্শন আৰু বিজ্ঞান উভয়েই যুক্তি আৰু বিচাৰ-বিশ্লেষণৰ মাধ্যমে অভিজ্ঞতাৰ
ভিত্তিত বিভিন্ন ঘটনাৰ মাজত সমন্বয় সাধন কৰি এক সামগ্ৰিক তত্ত্বৰ
সন্ধান কৰে।
(৩) দৰ্শন আৰু বিজ্ঞান দুয়োটাই সত্য নিৰ্ধাৰণৰ ক্ষেত্ৰত যুক্তি, পৰ্যবেক্ষণ আৰু
প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল। কোনো ধাৰণাৰ বৈধতা যাচাই কৰিবলৈ ই যুক্তিনিষ্ঠ পদ্ধতি গ্ৰহণ কৰে।
দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা তিনিটা মুখ্য পাৰ্থক্য হ’ল—
(১) দৰ্শনৰ পৰিসৰ ব্যাপক। ই বাহ্যিক আৰু আভ্যন্তৰিক জগত, আত্মা, ঈশ্বৰ, নৈতিকতা আদি সকলো দিশৰ সামগ্ৰিক ব্যাখ্যা দিয়ে।
অন্যফালে, বিজ্ঞানৰ পৰিসৰ সীমিত। ই মূলত ইন্দ্ৰিয়গ্ৰাহ্য বস্তুগত জগতৰ বিশ্লেষণত কেন্দ্ৰিত থাকে।
(২) দৰ্শন হৈছে সামগ্ৰিক আৰু সংশ্লেষণমূলক, য’ত বিভিন্ন জ্ঞান শাখাৰ সমন্বয় ঘটায়। বিজ্ঞানৰ
দৃষ্টিভংগী খণ্ডিত আৰু বিশ্লেষণমূলক, য’ত প্ৰতিটো বিষয়ক পৃথকভাবে বিশ্লেষণ কৰা হয়।
৮। 'দৰ্শন আৰু বিজ্ঞান পৰস্পৰ নিৰ্ভৰ আৰু পৰিপূৰক'- কথাষাৰ সমৰ্থন কৰানে? যুক্তি দর্শোৱা।
উত্তৰঃ দৰ্শন আৰু বিজ্ঞান পৰস্পৰ নিৰ্ভৰশীল।
    দৰ্শন বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে,
কাৰণ বিজ্ঞানেই
দৰ্শনৰ ধাৰণাত্মক চিন্তাৰ বাবে প্ৰয়োজনীয় তথ্য আৰু উপাদানৰ যোগান ধৰে। বৈজ্ঞানিক
পৰ্যবেক্ষণ, অনুসন্ধান আৰু সিদ্ধান্তসমূহ দৰ্শনৰ চিন্তাৰ ভিত্তি হিচাপে কাম কৰে। বিভিন্ন
বিজ্ঞান শাখাৰ তত্ত্বসমূহৰ পৰাই দাৰ্শনিক চিন্তাৰ সূচনা হয়।
    একেদৰে, বিজ্ঞানো দৰ্শনৰ ওপৰত
নিৰ্ভৰশীল। বিজ্ঞান যেতিয়া পদাৰ্থ, শক্তি, স্থান, কাল, কাৰ্য-কাৰণ আদি মৌলিক ধাৰণাসমূহ গ্ৰহণ কৰে,
তেতিয়া সেই
ধাৰণাসমূহৰ যুক্তিকতা আৰু বৈধতা বিচাৰ কৰা দৰ্শনৰ কাম। দর্শনে এই মৌলিক
স্বীকাৰ্যসমূহৰ গভীৰ বিশ্লেষণ আৰু পৰ্যালোচনা কৰি বিজ্ঞানে ব্যৱহাৰ কৰিব পৰা
জ্ঞানৰ ভিত্তি প্ৰস্তুত কৰে।
    সেয়ে, দৰ্শনে সাধাৰণ তথা বৈজ্ঞানিক ধাৰণাসমূহ বিশ্লেষণ, পৰীক্ষা আৰু সংগঠিত কৰে, যাৰ ওপৰত বিজ্ঞানেও
নিৰ্ভৰ কৰে। এইদৰে, দৰ্শন আৰু বিজ্ঞান একে একে স্বতন্ত্ৰ হলেও, তেওঁলোকৰ বিকাশ আৰু গঠন একে
আনৰ ওপৰত নিৰ্ভৰশীল।
৯। দৰ্শন কি? ইয়াৰ প্ৰধান শাখাসমূহ কি কি?
উত্তৰঃ ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে উপলব্ধ হোৱা জগতখনৰ
উপৰিও, তাৰ অন্তৰত থকা পৰমসত্তাৰ স্বৰূপক জানিবলৈ যুক্তিভিত্তিক অনুসন্ধান কৰা আৰু
জগত তথা জীৱনৰ গম্ভীৰ বিশ্লেষণ আৰু মূল্যায়নৰ যি প্ৰচেষ্টা—তাকেই দৰ্শন বুলি কোৱা
হয়।
দৰ্শনৰ প্ৰধান শাখাসমূহ হ’ল:
(১) অধিবিদ্যা (Metaphysics) – ই জগত, আত্মা, ঈশ্বৰ, অস্তিত্ব আদিৰ মৌলিক স্বৰূপ সম্পৰ্কে আলোচনা কৰে।
(২) জ্ঞানমীমাংসা (Epistemology) – ই জ্ঞানৰ উৎস, স্বৰূপ, সীমা আৰু মান্যতা
সম্পৰ্কে তাত্ত্বিক আলোচনাৰে জড়িত।
(৩) প্রমূল্যবিদ্যা (Axiology) – ই নৈতিকতা আৰু সৌন্দৰ্যতত্ত্বৰ জৰিয়তে
মূল্যবোধৰ বিশ্লেষণ কৰে।
১০। অধিবিদ্যা কি? অধিবিদ্যাৰ ব্যুৎপত্তিগত অর্থ ব্যাখ্যা কৰা।
উত্তৰঃ দৰ্শনৰ যি শাখাই পৰিৱৰ্তনশীল আৰু অৱভাসিক জগতখনৰ
অন্তৰত অৱস্থিত অতীন্দ্রিয় সত্তাসমূহ—যেনে: আত্মা, দ্রব্য, ঈশ্বৰ, কাৰণতা আদি—বিষয়ে
তাত্ত্বিকভাৱে আলোচনা কৰে, তাকেই অধিবিদ্যা বুলি কোৱা হয়।
    অধিবিদ্যাৰ ইংৰাজী শব্দ হ’ল ‘Metaphysics’। এই শব্দটো গ্ৰীক
ভাষাৰ ‘Meta’ আৰু ‘Physika’ শব্দ দুটা পৰা আহিছে।
- ‘Meta’ অৰ্থ হৈছে পাছত বা অতিক্ৰম কৰা,
 - আৰু ‘Physika’ অৰ্থ হৈছে প্ৰকৃতি বা বস্তুগত জগতৰ বিজ্ঞান।
 
    সেয়ে, ‘Metaphysics’ শব্দৰ অৰ্থ
হ’ল—প্ৰাকৃতিক বিজ্ঞানৰ পাছত অহা তত্ত্ব, অৰ্থাৎ এনে এটা জ্ঞানক্ষেত্ৰ যি অতীন্দ্রিয় সত্তা
আৰু অস্তিত্বৰ মৌলিক স্বৰূপ সম্পৰ্কে আলোচনা কৰে।
১১। জ্ঞানমীমাংসা কি? 'Epistemology' শব্দৰ ব্যুৎপত্তিগত অর্থ ব্যাখ্যা কৰা।
উত্তৰঃ দৰ্শনৰ যি শাখাই জ্ঞান বিষয়ক আলোচনা
কৰে—যেনে: জ্ঞান কি, জ্ঞান কেনেকৈ উৎপন্ন হয়, জ্ঞান লাভৰ উপায় কি, জ্ঞান লাভৰ চৰ্তবোৰ কি,
আৰু ইয়াৰ সীমাবদ্ধতা
কি আদি—সেই শাখাটোক জ্ঞানমীমাংসা বুলি কোৱা হয়।
    জ্ঞানমীমাংসাৰ ইংৰাজী শব্দ হৈছে Epistemology। এই শব্দটো গ্ৰীক
শব্দ ‘Epistēmē’ আৰু ‘Logos’ৰ পৰা আহিছে।
- ‘Epistēmē’ অৰ্থ হৈছে জ্ঞান,
 - আৰু ‘Logos’ অৰ্থ হৈছে তত্ত্ব বা বিজ্ঞান।
 
    সেয়ে, Epistemology শব্দৰ ব্যুৎপত্তিগত
অৰ্থ হৈছে—জ্ঞানৰ বিজ্ঞান বা জ্ঞানৰ তাত্ত্বিক অধ্যয়ন, যাক আমি অসমীয়া ভাষাত জ্ঞানমীমাংসা বুলি অভিহিত কৰোঁ।
১২। জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা কাক বোলে? জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ দৰ্শনৰ যিটো শাখাই জ্ঞানৰ প্ৰকৃতি,
স্বৰূপ, উপাদান, উৎপত্তি, সীমা আদি বিষয়ৰ বিস্তৃত
আৰু বিজ্ঞানসন্মত আলোচনা কৰে, তাক জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা বুলি কোৱা হয়।
    জ্ঞানবিদ্যা আৰু দৰ্শনৰ সম্পৰ্ক পৰ্যালোচনা
কৰিলে দেখা যায় যে, প্ৰাচীন যুগত জ্ঞানবিদ্যা দৰ্শনৰ
অন্তৰ্গত হিচাপে বিবেচিত নাছিল। তৎকালীন গ্ৰীক দাৰ্শনিকসকলে জ্ঞানৰ সম্ভাব্যতা আৰু যথার্থতা সম্পৰ্কে গভীৰ
চিন্তা নকৰি কেৱল দাৰ্শনিক তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মধ্যযুগতো এনে আলোচনা প্ৰায়
অনুপস্থিত আছিল।
    আধুনিক যুগত, জন লক (John Locke) আৰু ইমানুৱেল কাণ্ট
(Immanuel Kant) আদি দার্শনিকসকলে প্ৰথমবাৰৰ বাবে জ্ঞানবিদ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইমানুৱেল
কাণ্ট আৰু জোহান গটলিব ফিষ্টে (Johann Gottlieb Fichte) আদি দাৰ্শনিকসকলে জ্ঞানবিদ্যা আৰু
দৰ্শনক একে বুলি বিবেচনা কৰিছিল।
    তথাপি, জ্ঞানবিদ্যাৰ গভীৰ অধ্যয়ন কৰিলে দেখা যায় যে, দৰ্শন আৰু
জ্ঞানবিদ্যা সম্পূৰ্ণ ৰূপে অভিন্ন নহয়, কিন্তু একে আনৰ পৰা পৃথকো নহয়। দৰ্শনে যেহেতু তত্ত্বজ্ঞান বা সত্যৰ সন্ধান কৰে, সেই সত্য লাভৰ বাবে উপযুক্ত জ্ঞানৰ উপায়,
চৰ্ত আৰু সীমা জানাটো অত্যন্ত
প্ৰয়োজনীয়। এই পৰ্যায়ে জ্ঞানবিদ্যাই গুৰুত্ব লাভ কৰে। যদি জ্ঞানলাভৰ প্ৰকৃত উপায়
নজনাকৈ সিদ্ধান্ত লোৱা হয়, তেন্তে ভ্ৰান্তিৰ সম্ভাৱনা দেখা যায়।
    সেয়ে দাৰ্শনিক চিন্তাত জ্ঞানবিদ্যাৰ
প্ৰয়োজনীয়তা অস্বীকাৰ্য। জ্ঞানবিদ্যা আৰু দৰ্শন ওতঃপ্রোতভাৱে জড়িত, যদিও দৰ্শনৰ পৰিসৰ
জ্ঞানবিদ্যাতকৈ অধিক বিস্তৃত। সেয়া অনুযায়ী, জ্ঞানবিদ্যা হৈছে দৰ্শনৰ এটা মুখ্য
আৰু বিশেষ শাখা, যিয়ে দাৰ্শনিক চিন্তাক শক্ত ভিতৰৰ ওপৰত দাঙি ধৰিবলৈ সহায় কৰে।
১৩। দৰ্শনৰ লগত প্ৰমূল্য বিজ্ঞানৰ সম্বন্ধ কি?
উত্তৰঃ দৰ্শন আৰু প্ৰমূল্য বিজ্ঞানৰ মাজত ঘনিষ্ঠ আৰু
অঙ্গাঙ্গী সম্পৰ্ক বিদ্যমান। দৰ্শনে কেৱল জগত আৰু জীৱনৰ বৈজ্ঞানিক তথা তাত্ত্বিক
ব্যাখ্যাহে নিদিয়ে, বৰং তাৰ মূল্যায়ন কৰি সম্পূৰ্ণ জ্ঞান প্ৰদানৰ চেষ্টা কৰে। ইহঁতৰ মূল্য বিচাৰৰ
ক্ষেত্ৰত প্ৰমূল্য বিজ্ঞানৰ সহায় ল’ব লাগে, কিয়নো এই শাখাই মূল্য, তাৰ প্ৰকৃতি,
প্ৰকাৰ আৰু মানদণ্ড
আদি বিষয়ে গভীৰ আলোচনাৰে পুৰক ৰূপত সহায় কৰে।
ভাববাদী দাৰ্শনিকসকলৰ দৃষ্টিভংগত, দৰ্শনৰ লক্ষ্য যিমানেই পৰমসত্তাৰ সন্ধান,
ঠিক তেনেদৰে
প্রমূল্য বিজ্ঞানৰ উদ্দেশ্য হৈছে পৰমমূল্যৰ সন্ধান। এই ক্ষেত্ৰত পৰমসত্তা আৰু
পৰমমূল্যৰ মাজত মৌলিক ভেদ নাই। দুয়োটা উদ্দেশ্যত একেই ধৰণৰ আধ্যাত্মিক গভীৰতা বিদ্যমান।
    যদিও দৰ্শনৰ পৰিসৰ প্ৰমূল্য বিজ্ঞানতকৈ
অধিক ব্যাপক, তথাপি প্ৰমূল্য বিজ্ঞান দৰ্শনৰ এটা বিশেষ শাখা হিচাপে বিবেচিত। এই
সম্পর্কটো অংশ আৰু সমগ্ৰৰ সম্পর্কৰ দৰে—প্ৰমূল্য বিজ্ঞান দৰ্শনৰ অংশ, আৰু দৰ্শন হৈছে
সমগ্ৰটো, য’ত প্ৰমূল্য বিচাৰ এক মুখ্য দিশ হিচাপে থাকে।
    সেয়ে, দৰ্শনৰ পূৰ্ণতা লাভৰ বাবে প্ৰমূল্য বিজ্ঞানৰ
আলোচনা এক অবিচ্ছেদ্য অংশ। দুয়োটাৰ মাজত ঘনিষ্ঠ আন্তঃসম্পর্ক বিদ্যমান, যিয়ে দাৰ্শনিক
চিন্তাৰ গভীৰতা আৰু মূল্যবোধ দাঙি ধৰিবলৈ সহায় কৰে।
১৪। দৰ্শন আৰু জ্ঞানবিদ্যাৰ যিকোনো দুটা সম্পর্ক ব্যাখ্যা কৰা।
উত্তৰঃ দৰ্শন আৰু জ্ঞানবিদ্যাৰ
(জ্ঞানমীমাংসা) মাজত ঘনিষ্ঠ আৰু পৰস্পৰ-নির্ভৰশীল সম্পৰ্ক আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দুটা
সম্পর্ক হ’ল—
(১) অংশ আৰু অংশীৰ সম্পর্ক: জ্ঞানমীমাংসা হৈছে দৰ্শনৰ এটা বিশেষ শাখা,
অৰ্থাৎ দৰ্শনৰ অংশ হিচাপে জ্ঞানবিদ্যা
অৱস্থিত। দৰ্শন হৈছে অংশী বা সমগ্ৰ। এই সম্পৰ্কটো ঠিক
যেনে এটা বৃক্ষ আৰু ইয়াৰ ডাল-পাতৰ মাজত থকা সম্পৰ্কৰ দৰে।
(২) সামগ্ৰিক ব্যাখ্যাৰ পূৰ্বে জ্ঞানৰ বিশ্লেষণ: দৰ্শনে যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ
সামগ্ৰিক ব্যাখ্যা দিয়াৰ উদ্দেশ্যে আগবাঢ়ে, তেতিয়া সেই ব্যাখ্যাই যুক্তিসংগত আৰু
যথার্থ হ’বলৈ—পূৰ্বে জ্ঞান কি, তাৰ উৎস, স্বৰূপ, সীমা আদি বিষয়ে জানিবলৈ জ্ঞানবিদ্যাৰ সহায় ল’ব লাগে। কিয়নো যথার্থ জ্ঞান নোহোৱাকৈ, দৰ্শনৰ কোনো
সিদ্ধান্ত নিশ্চিতভাৱে গ্ৰহণযোগ্য নহয়।
১৫। দৰ্শন আৰু জ্ঞানবিদ্যাৰ মাজত থকা যিকোনো দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ দৰ্শন আৰু জ্ঞানবিদ্যা
(জ্ঞানমীমাংসা)ৰ মাজত থকা দুটা মুখ্য পার্থক্য হ'ল—
(১) পৰিসৰৰ দিশত পার্থক্য: দৰ্শনৰ পৰিসৰ জ্ঞানবিদ্যাতকৈ অধিক
বিস্তৃত। দৰ্শনে বিশ্ব, জীৱন, আত্মা, ঈশ্বৰ, নৈতিকতা, সৌন্দৰ্য ইত্যাদি নানা দিশৰ সামগ্রিক ব্যাখ্যা দিয়ে; আনহাতে, জ্ঞানবিদ্যা কেৱল জ্ঞানৰ উৎস, স্বৰূপ, সীমা আৰু সত্যতা আদিৰ আলোচনা লৈ
সীমাবদ্ধ।
(২) উপৰ্ভৰাৰ দিশত পার্থক্য: দৰ্শনে যেতিয়া জগত আৰু জীৱনৰ ব্যাখ্যা দিবলৈ
আগবাঢ়ে, তেতিয়া সেয়া যুক্তিসংগত আৰু বিশ্বাসযোগ্য হোৱাৰ বাবে জ্ঞানৰ স্বৰূপ, উপায়, সীমা আদিৰ বিষয়ে
পূৰ্বে জানিব লাগে। সেইবাবে দৰ্শনক জ্ঞানবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়,
কিন্তু জ্ঞানবিদ্যা
নিজেই দৰ্শনৰ এক অংশ।
১৬। দৰ্শন আৰু অধিবিদ্যাৰ মাজত থকা যিকোনো দুটা সম্পর্ক উল্লেখ কৰা।
উত্তৰঃ দৰ্শন আৰু অধিবিদ্যাৰ মাজত থকা
দুটা মুখ্য সম্পর্ক হ'ল—
(১) দৰ্শনিক জ্ঞানৰ পূর্ণতা অৰ্জনৰ বাবে অধিবিদ্যাৰ জ্ঞান আৱশ্যক: দৰ্শনে জগত, জীৱন আৰু সত্যৰ
মৌলিক প্রশ্নসমূহৰ উত্তৰ বিচাৰে, আৰু এই গভীৰ অনুসন্ধানত অধিবিদ্যা দৰ্শনৰ এক মৌলিক
আধাৰ হিচাপে কাম কৰে। গতিকে দাৰ্শনিক জ্ঞান সম্পূৰ্ণ কৰিবলৈ অধিবিদ্যাৰ জ্ঞান
অনিবার্য।
(২) দৰ্শন আৰু অধিবিদ্যাৰ সম্বন্ধ অংশ আৰু অংশীৰ: অধিবিদ্যা হৈছে দৰ্শনৰ এক
গুৰুত্বপূৰ্ণ শাখা, যি পৰমসত্তা, আত্মা, ঈশ্বৰ, কাৰণতা আদিৰ বিষয়ে আলোচনা কৰে। এই দিশত, দৰ্শন অংশী (Whole) আৰু অধিবিদ্যা অংশ (Part) —
তেনে এটা গঠনত্মক
সম্পর্ক বিদ্যমান।
১৭। অধিবিদ্যা বা তত্ত্ববিদ্যা কাক বোলে? দৰ্শন আৰু অধিবিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা।
উত্তৰঃ দৃশ্যমান জগতৰ অন্তৰত থকা পৰমসত্তাৰ স্বৰূপ
উদঘাটন কৰি জগত আৰু জীৱনৰ ওপৰত যি সু-সংহত, যুক্তিসংগত আৰু সামগ্ৰিক
জ্ঞান লাভ কৰা হয়, তাকেই দৰ্শন বুলি কোৱা হয়। দৰ্শন আৰু অধিবিদ্যাৰ মাজত এক গভীৰ আৰু নিবিড়
সম্বন্ধ বিদ্যমান, কাৰণ দৰ্শনৰ মূল উদ্দেশ্য হৈছে মৌলিক তত্ত্বজ্ঞানৰ সন্ধান, আৰু অধিবিদ্যাই সেই
তত্ত্বৰ অন্তৰসত্তা—যেনে আত্মা, ঈশ্বৰ, কাৰণতা আদিৰ বিষয়ে আলোচনা কৰে।
    প্ৰাচীন দাৰ্শনিক প্লেটো, এৰিষ্ট'টল, হেগেল আদি দৰ্শন আৰু
অধিবিদ্যাৰ এই নিবিড় সম্বন্ধ স্বীকাৰ কৰি তেওঁলোকক অভিন্ন বুলি গণ্য কৰিছে।
তেওঁলোকৰ মতে, পৰমসত্তা আৰু তাত্ত্বিক সত্যৰ সন্ধানৰ বাবে অধিবিদ্যা এক অবিচ্ছেদ্য অংশ।
কিন্তু আনহাতে হিউম, কোমটে, কাৰনাগ আদি অনানুভৱবাদী তথা বিজ্ঞানবাদী দাৰ্শনিকসকলে ইন্দ্ৰিয়াতীত সত্তাৰ
অস্তিত্ব অস্বীকাৰ কৰি অধিবিদ্যাক দৰ্শনৰ বাবে অনাবশ্যক বুলি অভিহিত কৰিছে।
তেওঁলোকৰ মতে, যি কিবা অনুভৱ বা পৰ্যবেক্ষণৰ দ্বাৰা ধৰা নাযায়, তাক সত্য বুলি গণ্য কৰা
অনৈজ্ঞানিক।
    যদিও এনে মতভেদ দেখা যায়, তথাপিও পৰ্যালোচনা কৰিলে
স্পষ্ট হয় যে দাৰ্শনিক জ্ঞানৰ পূৰ্ণতা অৰ্জন কৰিবলৈ অধিবিদ্যা এক অপরিহাৰ্য অংগ।
কোনো বস্তুৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ ইন্দ্ৰিয়-গ্ৰাহ্য তথা ইন্দ্ৰিয়াতীত দুয়োটা
দিশৰেই উপলব্ধি প্ৰয়োজন। অধিবিদ্যায়েই দৰ্শনক সেই দৃশ্যাতীত বা অতীন্দ্ৰিয় জগতৰ
জ্ঞান প্ৰদান কৰে। অন্যদিকে, দৰ্শনে দৃশ্যমান জগতৰ তত্ত্বীয় ব্যাখ্যা দিয়া
মাধ্যমে ইন্দ্ৰিয়াতীত সত্যৰ সৈতে সংযোগ স্থাপন কৰে।
    এই দিশত, অধিবিদ্যা দৰ্শনৰ এক
অত্যন্ত গুৰুত্বপূৰ্ণ শাখা হলেও, ই দৰ্শনৰ সমান বা অভিন্ন নহয়। দৰ্শনৰ পৰিসৰ অধিক
ব্যাপক আৰু বিস্তৃত; অধিবিদ্যা মাথোঁ তাৰ এখন বিশেষ শাখা। কিন্তু দাৰ্শনিক আলোচনাৰ ক্ষেত্ৰত
অধিবিদ্যা এক অপৰিহাৰ্য অংগ হিচাপে বিবেচিত।
১৮। দৰ্শন আৰু অধিবিদ্যাৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ দৰ্শন আৰু অধিবিদ্যাৰ মাজত থকা দুটা মুখ্য
পার্থক্য হ'ল—
(১) পৰিসৰৰ দিশত পাৰ্থক্য: দৰ্শনৰ পৰিসৰ অধিবিদ্যাতকৈ অধিক বিস্তৃত। দৰ্শনে
সম্পূৰ্ণ জগত তথা জীৱনৰ সামগ্ৰিক ব্যাখ্যা প্ৰদান কৰে, য’ত ইন্দ্ৰিয়লব্ধ আৰু
ইন্দ্ৰিয়াতীত উভয় ধৰণৰ অভিজ্ঞতা সামৰি লৈ আলোচনা কৰে। বিপৰীতে, অধিবিদ্যাই মূলত
ইন্দ্ৰিয়াতীত তথা অতীন্দ্ৰিয় সত্তাসমূহ—যেনে আত্মা, ঈশ্বৰ, মৌলিক সত্য আদিৰ
ওপৰতে কেন্দ্ৰিত থাকে।
(২) আলোচ্য বিষয়ৰ ক্ষেত্ৰত পাৰ্থক্য: দৰ্শনে ইন্দ্ৰিয়গম্য (ধৰ্ম, বিজ্ঞান, নৈতিকতা আদিৰ জগত)
আৰু অতীন্দ্ৰিয় (যেনে পৰমসত্তা) উভয় জগতৰ বিষয়ে আলোচনা কৰে আৰু তাৰে সংহত ব্যাখ্যা
দিয়াৰ চেষ্টা কৰে। কিন্তু অধিবিদ্যাই কেৱল অতীন্দ্ৰিয় জগত—অৰ্থাৎ যি দেখা, স্পৰ্শ বা অনুভৱ
কৰিব নোৱাৰি, সেই সত্তাবোৰৰ ব্যাখ্যাতহে কেন্দ্ৰিত থাকে। ইন্দ্ৰিয়লব্ধ জগত অধিবিদ্যাৰ
আলোচ্য বিষয় নহয়।
১৯। প্রমূল্যবিদ্যা কি? দৰ্শনৰ লগত প্ৰমূল্যবিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা।
উত্তৰঃ দৰ্শনে পৰমসত্তাৰ জ্ঞানৰ আধাৰত বস্তুবোৰৰ মূল্য
নিৰ্ধাৰণ কৰে। বস্তুৰ যথাযথ মূল্য নিৰূপণৰ বাবে আদৰ্শৰ জ্ঞান অত্যাবশ্যক। দৰ্শনৰ
যি শাখাই মূল্য, আদৰ্শ, ন্যায়, শুভ, সৌন্দৰ্য আদিৰ স্বৰূপ, উৎস আৰু প্ৰয়োজনীয়তা সম্পৰ্কে গভীৰভাৱে আলোচনা
কৰে, তাক প্ৰমূল্যবিদ্যা বুলি কোৱা হয়।
    দৰ্শনৰ সৈতে প্ৰমূল্যবিদ্যাৰ সম্বন্ধ অত্যন্ত
ঘনিষ্ঠ। দর্শনে কেৱল জগত আৰু জীৱনৰ ব্যাখ্যাহে নিদিয়ে, বৰঞ্চ ইয়াৰ মূল্যায়নো কৰে,
যাৰ ফলত দৰ্শনৰ
জ্ঞান অধিক সমগ্ৰ আৰু পূৰ্ণ হয়। দার্শনিক চিন্তাধাৰাৰ পূৰ্ণতা লাভৰ বাবে
প্রমূল্যবিদ্যাৰ সহায় আবশ্যক।
    ভাববাদী দার্শনিকসকলৰ মতে, পৰমসত্তা আৰু পৰমমূল্য একে বস্তু, সেয়ে তেওঁলোকে দৰ্শন আৰু প্রমূল্যবিদ্যাক অভিন্ন
বুলি ভাবে। কিন্তু প্রকৃততে প্রমূল্যবিদ্যা দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ শাখা মাত্র।
দৰ্শনৰ পৰিসৰ অধিক ব্যাপক, কিয়নো ই জগত আৰু জীৱনৰ সামগ্ৰিক ব্যাখ্যা প্ৰদান
কৰাৰ লগতে ইয়াৰ মূল্যো নিৰ্ধাৰণ কৰে, যাৰ বাবে ই প্রমূল্যবিদ্যাৰ সহায় লয়।
    সেয়েহে ক’ব পাৰি—প্ৰমূল্যবিদ্যা হৈছে দৰ্শনৰ এক
অনিবার্য আৰু গুৰুত্বপূৰ্ণ অংগ, যাৰ সহায়ত দৰ্শনে পৰমসত্যৰ ভিত্তিত মূল্যৰ যথাযথ
নিৰূপণ কৰে।
২০। নির্বিচাৰবাদ বুলিলে কি বুজা? এটি ব্যাখ্যা দিয়া।
উত্তৰঃ দার্শনিক চিন্তাৰ সু-সংবদ্ধ আলোচনাৰ উদ্দেশ্যে
বিভিন্ন দাৰ্শনিকে বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছে। এইসকল পদ্ধতিকেইৰ অন্যতম হ'ল নিৰ্বিচাৰবাদ। যি দাৰ্শনিক পদ্ধতিত
জ্ঞানৰ সীমা, উৎস বা সত্যতা সম্পৰ্কে বিশ্লেষণ নকৰাকৈ কিছুমান ধাৰণাক স্বতঃসিদ্ধ হিচাপে
গ্ৰহণ কৰি তাৰ ওপৰত দাৰ্শনিক চিন্তা-চৰ্চা গঠন কৰা হয়, তাক নিৰ্বিচাৰবাদ বোলা হয়। এই পদ্ধতি
অনুসৰণ কৰা দাৰ্শনিকে নিজৰ গ্ৰহণ কৰা মূল নীতি বা প্ৰতিজ্ঞাবোৰৰ যুক্তিসঙ্গততা,
সত্যতা বা
কার্যকাৰিতা পৰীক্ষা নকৰি তেওঁলোকৰ সিদ্ধান্ত উপস্থাপন কৰে।
দৰ্শনৰ ইতিহাসত মূলতঃ দুই শ্ৰেণীৰ নিৰ্বিচাৰবাদী দাৰ্শনিক দেখা যায়—
(১) বুদ্ধিবাদী (Rationalist)
(২) অভিজ্ঞতাবাদী (Empiricist)
    বুদ্ধিবাদী দার্শনিকসকল ধৰি লয় যে
ইন্দ্ৰিয়জড়িত অভিজ্ঞতা ভ্ৰান্ত, কাৰণ ই ইমান বিশ্বস্ত নহয় আৰু বহু সময় ই আমাক
বিভ্ৰান্ত কৰে। সেয়ে বুদ্ধিয়েই সত্য জ্ঞান লাভৰ একমাত্র উপায়। বুদ্ধিৰ জৰিয়তে
মানুহে পৰমসত্তা বা সত্যৰ জ্ঞান লাভ কৰিব পাৰে। তেওঁলোকৰ মতে, মানুহ জন্মগতভাবে
কিছুমান ধাৰণা বা জ্ঞান লৈ জন্ম লৈছে। ডেকাৰ্ট (Descartes),
স্পিনোজা (Spinoza),
লাইবনিজ (Leibniz) আদি এই শ্ৰেণীৰ
নিৰ্বিচাৰবাদী দার্শনিক।
    অভিজ্ঞতাবাদী দার্শনিকসকলৰ মতে, ইন্দ্ৰিয়গত
অভিজ্ঞতাই হ'ল জ্ঞানৰ একমাত্র উৎস। তেওঁলোকে বিশ্বাস কৰে যে জন্মৰ সময়ত মানুহৰ মন এখন
"শূন্য পাত" (tabula rasa) সদৃশ হয়, যাৰ ওপৰত অভিজ্ঞতাৰ জৰিয়তে
জ্ঞান গঠন হয়। এই মতবাদত বুদ্ধিৰ স্বাধীন ভূমিকা অস্বীকাৰ কৰা হয়। লক (Locke), হিউম (Hume) আদি অভিজ্ঞতাবাদী
নির্বিচাৰবাদৰ অন্যতম সমর্থক।
    এই দুয়ো ধৰণৰ নিৰ্বিচাৰবাদী দাৰ্শনিকে কিছুমান
স্বতঃসিদ্ধ নীতিৰ ওপৰত আধাৰ কৰি নিজৰ চিন্তাধাৰা গঠন কৰিছে, যদিও তেওঁলোকে সেই নীতিবোৰৰ
বৈজ্ঞানিক বা দাৰ্শনিক বিশ্লেষণ কৰে নাই। সেয়েহে নির্বিচাৰবাদ এক প্ৰাথমিক পদ্ধতি
হিচাপে দৰ্শন চিন্তাত স্থান পেলায়।
২১। অজ্ঞেয়তাবাদ কি? আলোচনা কৰা।
উত্তৰঃ দার্শনিক চিন্তাৰ সু-সংবদ্ধ আলোচনাৰ বাবে বহু দাৰ্শনিকে বিভিন্ন পদ্ধতি গ্ৰহণ
কৰিছে। সেইবোৰৰ মাজত অজ্ঞেয়তাবাদ (Agnosticism) এক গুৰুত্বপূৰ্ণ
দাৰ্শনিক পদ্ধতি বা দৃষ্টিভংগী হিচাপে বিবেচিত। এই মতবাদ অনুসৰি, আমি যিটো জগত
ইন্দ্ৰিয়ৰ জৰিয়তে অনুভৱ কৰো, সেইটো মূল বা প্রকৃত জগত নহয়। আমি অভিজ্ঞতাৰ
মাধ্যমে কেৱল প্ৰতিভাষিক জগত (Phenomenal World) বা বাহ্যিক ৰূপটোহে উপলব্ধি
কৰো। এই মতৰ অনুসাৰীসকলে বিশ্বাস কৰে যে আমাৰ অভিজ্ঞতাৰ অন্তৰালত যি প্ৰকৃত জগত (Noumenal
World) আছে, তাৰ অস্তিত্ব সন্দেহাতীত হলেও সেই বিষয়ে আমি একেবাৰেই অজ্ঞ। অৰ্থাৎ, আমি সেই প্রকৃত
সত্তাৰ জ্ঞান লাভ কৰিবলৈ অক্ষম।
    ইমানুৱেল কাণ্ট (Immanuel Kant) আৰু জন লক (John
Locke)ৰ দৰ্শনত অজ্ঞেয়তাবাদ স্পষ্টভাৱে প্ৰকাশ পাইছে। কাণ্টৰ মতে, জগত দুপ্ৰকাৰৰ —
(১) ইন্দ্ৰিয়লব্ধ জগত (Phenomenal World)
(২) অতীন্দ্রিয় জগত (Noumenal World)
    ইন্দ্ৰিয়লব্ধ জগত হৈছে সেইটো জগত, যি আমি ইন্দ্ৰিয়ৰ
মাধ্যমে অনুভৱ কৰো, যাৰ জ্ঞান দেশ-কালৰ সীমাৰ ভিতৰত হয়। এই জ্ঞান সামান্য জ্ঞান আৰু সকলোৰে বাবে
অভিন্ন। এই জ্ঞান সংবেদন আৰু বোধৰ সমন্বয়ে গঠিত। কিন্তু অতীন্দ্রিয় বিষয় বা বস্তুবোৰ
ইন্দ্ৰিয়ৰ সীমাৰ বাহিৰত থাকে। সেয়ে কাণ্টৰ মতে আমি এই অতীন্দ্রিয় জগত বা "বস্তু নিজে"
(thing-in-itself) সম্পৰ্কে কোনো বাস্তৱিক জ্ঞান লাভ কৰিব নোৱাৰো। সেইবোৰ অজ্ঞাত আৰু অজ্ঞেয়।
    লকৰ অভিজ্ঞতাবাদী দৰ্শনতো অজ্ঞেয়তাবাদৰ চিন্হ
দেখা যায়। তেওঁ ভৌতিক বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিছিল, কিন্তু সেইবোৰ সম্পূৰ্ণৰূপে
আমাৰ ইন্দ্ৰিয়ৰ মাধ্যমে উপলব্ধ নহয়। তেওঁ বস্তুৰ প্রাথমিক গুণ (যেনে—আকাৰ, বিস্তৃতি, গতি) বস্তুভিত্তিক
বুলি মেনে চলিছিল আৰু গৌণ গুণ (যেনে—গোন্ধ, স্বাদ, ৰঙ) ব্যক্তিভিত্তিক
বুলি গণ্য কৰিছিল। তথাপিও, এই বস্তুবোৰক আমি ধাৰণাৰ মাধ্যমে অনুমানহে কৰো।
সেয়ে লকৰ মতে এই বস্তুসমূহ অজ্ঞাত আৰু কিছু পৰিসৰত অজ্ঞেয়ও বটে।
► ৰচনাধর্মী প্রশ্নোত্তৰ:
১। দর্শন কি? চমুকৈ আলোচনা কৰা
উত্তৰঃ দৰ্শনে কেৱল জগত আৰু জীৱনৰ ব্যাখ্যামাত্র দিয়ে নহয়, বৰং এইবোৰৰ মূল্য নিৰ্ধাৰণৰ
চেষ্টাও কৰে। সংসাৰ অতি জটিল, বিস্ময়কৰ আৰু বহুতো ৰহস্যেৰে পৰিপূৰ্ণ। পৃথিৱী,
সৌৰজগত, জীৱনৰ উৎপত্তি,
মৃত্যু আদিৰ দৰে
বহুতো বিষয় আজিও মানুহৰ বাবে এক অবুজ ৰহস্যস্বৰূপ। তথাপিও, মানুহৰ অন্তহীন
জ্ঞানপিপাসাই তেওঁক এই ৰহস্যবোৰ উন্মোচন কৰাৰ অনুপ্ৰেৰণা দিয়ে। অজানাক জানিবৰ
ইচ্ছাই মানুহক চিন্তা আৰু বিশ্লেষণৰ পথত আগবাঢ়ায়। এইবাবে জ্ঞান লাভক মানুহে নিজৰ
জীৱনৰ মুখ্য উদ্দেশ্য হিচাপে গ্ৰহণ কৰিছে।
    সাধাৰণ লোকে সংসাৰৰ বিষয়ে যি চিন্তা কৰে,
তাত বহু সময়ত
যুক্তিৰ অভাব, কু-সংস্কাৰ বা অন্ধবিশ্বাস থাকে। কিন্তু দাৰ্শনিকৰ চিন্তা এক সুসংবদ্ধ,
শৃংখলিত আৰু
যুক্তিভিত্তিক প্ৰক্ৰিয়া। দাৰ্শনিকসকলে বিচাৰ শক্তিৰ সহায়ত জগত আৰু জীৱনৰ গভীৰ
তত্ত্ববোৰক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰে। এই বিচাৰত আবেগ, কুসংস্কাৰ বা ধাৰণাৰ ঠাই
নাথাকে।
    ইংৰাজীত “দৰ্শন”ক Philosophy বুলি কোৱা হয়। এই
শব্দটো গ্ৰীক শব্দ Philos (অৰ্থাৎ প্রেম বা অনুৰাগ) আৰু Sophia (অৰ্থাৎ জ্ঞান)ৰ
সংমিশ্ৰণ। সেয়ে দৰ্শনৰ আক্ষৰিক অৰ্থ হ'ল—"জ্ঞানৰ প্ৰেম" বা "জ্ঞানৰ প্রতি অনুৰাগ"।
    দৰ্শনৰ ইতিহাস বহু পুৰণি। ছক্ৰেটিছ, প্লেটো, অ্যারিষ্টটল,
ডেকাৰ্ট, কান্ট, হেগেল, বার্কলি আদি মহান
দাৰ্শনিকসকলে জীৱন, জগত, ঈশ্বৰ, আত্মা, মুক্তি, নৈতিকতা আদিৰ বিষয়ে গুৰুত্বপূৰ্ণ চিন্তা আগবঢ়াইছে। তেওঁলোকে এই প্রশ্নবোৰৰ
ওপৰত চিন্তা কৰিছে—
- জগতৰ প্রকৃতি কি?
 - জীৱনৰ উদ্দেশ্য কি?
 - আত্মা আৰু ঈশ্বৰৰ অস্তিত্ব আছে নে নাই?
 - জগত চিৰস্থায়ী নে ক্ষণস্থায়ী?
 
    দৰ্শন মূলত এইবোৰ গভীৰ সমস্যাৰ যুক্তিভিত্তিক
অনুসন্ধানৰ নাম। দাৰ্শনিকসকলে যুক্তি, পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ সহায়ত এই সমস্যাবোৰৰ
উত্তৰ বিচাৰে।
    যদিও অতীতত দৰ্শন কঠিন আৰু সাধাৰণ লোকৰ পৰা বহু
দূৰ আছিল, আধুনিক দাৰ্শনিকসকলে দৰ্শনক সহজভাষা আৰু দৈনন্দিন অভিজ্ঞতাৰ সৈতে সংযোগ ঘটাবলৈ
চেষ্টা কৰিছে। তেওঁলোকে দৰ্শনক কেৱল ঈশ্বৰ, আত্মা বা metaphysics-ৰ আলোচনাত সীমাবদ্ধ
ন ৰাখি, সাধাৰণ জ্ঞান আৰু ভাষাৰ সমালোচনামূলক পৰ্যালোচনাৰ মাজেৰে সিদ্ধান্তত উপনীত
হ’বলৈ গুৰুত্ব দিয়ে। আজিৰ দৰ্শন হৈছে যুক্তিবাদী আৰু লোক-উপযোগী চিন্তাৰ এক
ব্যাখ্যামূলক পদ্ধতি।
২। দর্শন কি? জ্ঞানবিদ্যাক দর্শন শাস্ত্ৰৰ ভেটি বুলিব পাৰিনে?
উত্তৰঃ দৰ্শনে জগত আৰু জীৱনৰ বিষয়ে গভীৰ জ্ঞান দিয়ে। এই সংসাৰ অতি জটিল আৰু
ৰহস্যময়। পৃথিৱী, সৌৰজগত, জন্ম-মৃত্যু আদিৰ দৰে বহু বিষয় আমাৰ বাবে এক অবুঝ ৰহস্য। মানুহ ক’ৰ পৰা আহিছে?
ক’লৈ যাব? এইসকল সীমাহীন
প্ৰশ্নৰ উত্তৰ আমাৰ বাবে অজানাই থাকে। আমাৰ জ্ঞান আৰু শক্তি সীমিত, সেই বাবে আমি এই
সীমিত সময়ত পৃথিৱীৰ মুখ্য পৰিৱর্তন আনিব নোৱাৰো।
    তথাপিও আমি মানুহ এজন জ্ঞান-পিপাসু জীৱ। জানিব
নোৱাৰা কথা জানিবলৈ মানুহৰ ভিতৰত জন্মগত কৌতূহল থাকে। অন্যান্য জন্তুৰ দৰে কেৱল
জীৱনধাৰণ নহয়, বৰঞ্চ মানুহৰ জীৱনৰ মূল উদ্দেশ্য হ’ল জ্ঞান লাভ। সেই বাবে মানুহে সদায় চেষ্টা
কৰে—সংসাৰৰ অজ্ঞাত সত্যবোৰ জানিবলৈ।
    দৰ্শন শব্দটো ইংৰাজীত Philosophy বুলি কোৱা হয়,
যি গ্ৰীক শব্দ Philos (অনুৰাগ) আৰু Sophia (জ্ঞান) ৰ পৰা উদ্ভৱ
হোৱা। ইয়াৰ অৰ্থ—“জ্ঞানৰ প্ৰতি অনুৰাগ”। মানুহ এজন চিন্তাশীল জীৱ, আৰু সেয়েহে তেওঁ
সদায় চিন্তা কৰে—
- সংসাৰৰ স্বৰূপ কি?
 - আত্মাৰ প্রকৃতি কি?
 - জীৱনৰ উদ্দেশ্য কি?
 - অনিত্য সংসাৰৰ ভিতৰত নিত্য বস্তু কোন?
 - ঈশ্বৰ আৰু ব্ৰহ্ম কি একে বস্তু?
 
    এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ দৰ্শনে বুদ্ধিৰ
সহায় লৈ সত্যক উপলব্ধি কৰিবলৈ চেষ্টা কৰে। দৰ্শনৰ মুখ্য উদ্দেশ্য হ’ল—চৰম সত্যৰ
সন্ধান।
    দৰ্শনে দেশ, কাল, দ্রব্য, কাৰ্য-কাৰণ, বিকাশ, নৈতিকতা, সৌন্দৰ্যবোধ,
ভাল-বেয়া আদিৰ বিষয়ে
আলোচনা কৰে। দৰ্শনৰ মাজেৰে মানুহে জানিবলৈ চেষ্টা কৰে—বিশ্বৰ গঠন, মানৱ অস্তিত্ব আৰু
জীৱনৰ গূঢ়তম উদ্দেশ্য।
দৰ্শনত জ্ঞান-বিজ্ঞান (Epistemology) এক গুৰুত্বপূর্ণ শাখা। ইয়াৰ মূল প্রশ্ন হৈছে—
- জ্ঞান কি?
 - ইয়াৰ উৎস ক’ত?
 - জ্ঞানৰ সীমা কত?
 
    এইবোৰ জানিবলৈ জ্ঞান-বিজ্ঞান জ্ঞানৰ ধাৰা,
প্রকৃতি, প্ৰকাৰ আৰু পৰিসৰক
বিশ্লেষণ কৰে। যি বিজ্ঞান জ্ঞানৰ স্বৰূপ আৰু তাৰ যৌক্তিকতা বিশ্লেষণ কৰে, তাকেই জ্ঞান-বিজ্ঞান
বোলা হয়।
    দৰ্শনৰ বিষয়বস্তু হ’ল "সত্তা" (Reality)। কিন্তু সত্তাৰ জ্ঞান
পাবলৈ আগতে জ্ঞানৰ সন্ধান কৰাটো আবশ্যক। জ্ঞানৰ অন্বেষণ নকৰাকৈ সত্তাক উপলব্ধি
কৰাটো অসম্ভৱ। সেই কাৰণে, জ্ঞান-বিজ্ঞানক দৰ্শনৰ মূলভিত্তি বুলি গণ্য কৰা
হয়।
    এইদৰে দৰ্শনে মানুহক জগত আৰু জীৱনৰ গভীৰ জ্ঞান
দিয়ে, আৰু তেওঁক সত্যৰ সন্ধানলৈ আগবাঢ়িবলৈ পথ দেখুৱায়।
৩। দর্শন অধ্যয়নৰ উপযোগিতা সম্বন্ধে চমুকৈ আলোচনা কৰা।
উত্তৰঃ আধুনিক যুগৰ বহু লোকৰ মতে বৰ্তমান যুগটো বিজ্ঞানৰ যুগ। জীৱনৰ উৎকর্ষ সাধনৰ
ক্ষেত্ৰত বিজ্ঞানৰ অৱদান অপৰিসীম। বিজ্ঞানে মানুহৰ জীৱন সহজ, সুগম আৰু সুবিধাজনক
কৰি তুলিছে। অগণন উপযোগী বস্তুৰ আৱিষ্কাৰৰ জৰিয়তে ই মানুহৰ দৈনন্দিন জীৱনক অধিক
সৰল কৰি তুলিছে। ফলত কিছুমানে বিশ্বাস কৰে যে দৰ্শনৰ প্ৰয়োজনতা এতিয়া নাই।
তেওঁলোকৰ মতে, সত্য, শিৱ আৰু সুন্দৰৰ সন্ধান কৰি মানুহে কোনো বিশেষ লাভ নাপায়।
    কিন্তু এই ধৰণৰ মতবাদ একাংশত সীমাবদ্ধ আৰু
সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। কাৰণ, যি চৰম মানৱজীৱনক লৈ গঢ়ি তোলে, বিজ্ঞান তাত
পৰ্যাপ্ত নহয়। বিজ্ঞান মানুহক বাহ্যিক সুখ-সুবিধা দিব পাৰে, কিন্তু অন্তৰ্নিহিত
আত্মিক তৃপ্তি বিজ্ঞানৰ সক্ষমতাৰ বাহিৰে।
    মানুহ এটি কেৱল দেহ নহয়—তেওঁ এক অসীম মনৰ
অধিকারী। এই মনৰ গভীৰতাত নিহিত থাকে জ্ঞানৰ তীব্ৰ আকাংক্ষা, যিয়ে আধ্যাত্মিক জীৱনৰ
সন্ধান দিয়ে। দৰ্শনে এই জ্ঞান-পিপাসাক তৃপ্ত কৰে। চৰম সত্তাক উপলব্ধি কৰাৰ আনন্দ
জীৱনত এক গভীৰ তৃপ্তি দিয়ে, যাৰ অভিজ্ঞতা কেবল দাৰ্শনিক দৃষ্টিভংগীৰে সম্ভৱ।
    দৰ্শনৰ চিন্তাধাৰাৰ প্ৰভাৱ কেৱল আধ্যাত্মিক
ক্ষেত্ৰতে সীমাবদ্ধ নহয়। সাহিত্য, সমাজনীতি, ৰাষ্ট্ৰনীতি, ধৰ্ম, শিক্ষা, সংবাদমাধ্যম আদি
সকলো ক্ষেত্ৰতেই দৰ্শন গভীৰ প্ৰভাৱ বিস্তাৰ কৰে। দৰ্শনে মানুহক যুক্তিবাদী আৰু
চিন্তাশীল ব্যক্তি হিচাপে গঢ়ি তোলে।
    বিজ্ঞান বহু সূত্ৰক সত্য হিচাপে ধৰি লয়,
যিবোৰৰ সত্যতা বা
ভিত্তি সন্দেহ নকৰে। কিন্তু দৰ্শনে সেইবোৰ বস্তুকো বিশ্লেষণ কৰি সত্য-সত্যতা যাচাই
কৰে। দেশ, কাল, কাৰ্য-কাৰণ, সত্তা আদিৰ বিষয়ে বিজ্ঞান য’ত নিৰ্বিকাৰ, দৰ্শন তাতে প্রশ্ন কৰে আৰু
বুদ্ধিৰ সহায়ত উত্তৰ বিচাৰে। এই দৃষ্টিভংগীয়েই মানুহৰ বুদ্ধিক প্ৰখৰ আৰু
যুক্তিসঙ্গত কৰে।
    মানুহ দেহ-মন বিশিষ্ট বুদ্ধিসম্পন্ন জীৱ। দেহৰ
তৃপ্তিতহে জীৱনৰ তৃপ্তি নহয়। বহু বস্তু লাভ কৰাৰ পাছতো মানুহে অসন্তুষ্ট অনুভৱ
কৰিব পাৰে। এই অন্তঃস্থ অসন্তোষ দূৰ কৰাৰ একমাত্র উপায় হ’ল দার্শনিক চিন্তাৰ
জৰিয়তে সত্যৰ উপলব্ধি।
    দৰ্শনে জীৱনৰ মূল্য স্বীকাৰ কৰে, আৰু সেই মূল্যবোধৰ
ভিত্তিত এক শান্তিপূর্ণ গণতান্ত্ৰিক সমাজ গঢ়ি তোলে। প্লেটোৱে কৈছিল,
"আদৰ্শ ৰাষ্ট্ৰ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত হ’বই লাগিব।" হোৱাইট হেডৰ মতে,
"সাধাৰণ শিক্ষাত যিমান দিনলৈ দার্শনিক দৃষ্টিভংগী নাথাকে, তেতিয়ালৈকে
গণতান্ত্রিক সমাজ সার্থকভাৱে গঢ়ি উঠিব নোৱাৰে।"
    সেয়ে দৰ্শন কেতিয়াও নিষ্প্রয়োজন নহয়। ই জীৱনৰ এক
অপৰিহাৰ্য উপাদান—যি বাহ্যিক জীৱনক নহয়, অন্তৰ্জীৱনকো সমৃদ্ধ কৰি তোলে।
৪। দৰ্শনৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ দৰ্শনে জগত আৰু জীৱন সম্পৰ্কে গভীৰ জ্ঞান দিয়ে। এই সংসাৰ অতি জটিল আৰু
ৰহস্যময়। পৃথিৱী, সৌৰজগত, জন্ম-মৃত্যু আদিৰ বিষয়ে মানুহৰ মনত সদায় প্ৰশ্ন জাগে—মানুহ ক’ৰ পৰা আহিছে?
ক’লৈ যাব? এইসকল সীমাহীন
প্ৰশ্নৰ সন্তোষজনক উত্তৰ মানুহে এতিয়াও পোৱা নাই।
    মানুহৰ শক্তি সীমিত, আৰু ই সীমিত সময়ৰ ভিতৰত
পৃথিৱীৰ প্ৰকৃত ৰূপ উপলব্ধি কৰা কঠিন। তথাপি, মানুহ এটা জ্ঞান-পিপাসু
জীৱ। যি কথা তেওঁ নাজানে, সেয়া জানিবলৈ তেওঁৰ গভীৰ কৌতূহল থাকে। অন্যান্য
জন্তুৰ দৰে কেৱল জীয়াই থকাৰ বাবে নহয়, জ্ঞান অৰ্জনই হৈছে মানুহৰ জীৱনৰ অন্যতম উদ্দেশ্য।
    দৰ্শনক ইংৰাজীত Philosophy বোলা হয়। ই গ্ৰীক
শব্দ Philos (অনুৰাগ) আৰু Sophia (জ্ঞান) ৰ পৰা আহিছে। সেয়েহে দৰ্শনৰ আক্ষৰিক অৰ্থ
হ’ল—“জ্ঞানৰ প্ৰতি অনুৰাগ”।
    মানুহ এজন চিন্তাশীল জীৱ। সেয়েহে তেওঁ নিজৰ
অস্তিত্ব আৰু জগতৰ স্বৰূপ সম্পৰ্কে ভাবিব ধৰিছে—
- সংসাৰৰ প্রকৃতি কি?
 - আত্মাৰ স্বভাৱ কি?
 - জীৱনৰ উদ্দেশ্য কি?
 - ঈশ্বৰ বা ব্ৰহ্মৰ অস্তিত্ব আছে নে নাই?
 - যদি সংসাৰ অনিত্য, তেন্তে নিত্য বস্তু কোন?
 
    এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি দৰ্শনে যুক্তি আৰু
বুদ্ধিৰ সহায়ত সত্যৰ সন্ধান কৰে। দেশ, কাল, কাৰ্য-কাৰণ, সুন্দৰ-অসুন্দৰ, ভাল-বেয়া আদি বিষয়ত
দৰ্শন গভীৰ চিন্তা-বিচাৰ কৰে।
    দৰ্শন হৈছে বিশ্ব আৰু জীৱনসম্পৰ্কীয় সমস্যাবোৰৰ
ওপৰত যুক্তিনিষ্ঠ আৰু সামগ্ৰিক দৃষ্টিভংগীৰে কৰা আলোচনা। ইয়াৰ পৰিসৰ বহুপাক্ষিক—
১. প্রকাশবিজ্ঞান (Cosmology): দৰ্শনৰ এই শাখাই জগতৰ দৃশ্যমান অংশ, অৰ্থাৎ প্রকৃতিৰ
ওপৰত আলোচনা কৰে। ইয়াৰ মতে, জগতত সকলো বস্তু পৰিৱর্তনশীল, আৰু এই পৰিৱর্তনৰ
জৰিয়তে ঈশ্বৰৰ অস্তিত্ব প্ৰকাশ পায়।
২. পৰাবিজ্ঞান (Metaphysics): এই শাখাই আত্মা, ঈশ্বৰ আৰু দেহ-আত্মাৰ
সম্পৰ্ক আদিৰ বিষয়ে আলোচনা কৰে। এইবোৰ অধ্যাত্ম বিষয়, যিবোৰৰ ওপৰত বিজ্ঞান সন্দেহ
প্ৰকাশ নকৰে, কিন্তু দৰ্শনে বিচাৰ কৰে।
৩. মূল্যবিজ্ঞান (Axiology): ই মানৱ জীৱনত মূল্যৰ স্বৰূপৰ সন্ধান কৰে। ইয়াৰ
তিনিখন উপশাখা—
- নৈতিক বিজ্ঞান (Ethics): ভাল-বেয়া,
     ন্যায়-অন্যায় আদি নৈতিক মূল্যবোধৰ বিষয়ে আলোচনা কৰে।
 - সৌন্দৰ্য বিজ্ঞান (Aesthetics): সুন্দৰ আৰু
     অসুন্দৰৰ সংজ্ঞা আৰু স্বৰূপ বিশ্লেষণ কৰে।
 - তর্কবিজ্ঞান (Logic): বুদ্ধিৰ সহায়ত যুক্তিৰ সত্যতা নিৰূপণ কৰে।
 
জ্ঞান-বিজ্ঞান দৰ্শনৰ এক গুৰুত্বপূর্ণ শাখা। ই জ্ঞান সম্পৰ্কে তলৰ প্রশ্নসমূহৰ
উত্তৰ বিচাৰে—
- জ্ঞান কি?
 - ইয়াৰ উৎস ক’ত?
 - ইয়াৰ সীমা কিমান?
 
    দৰ্শনে জ্ঞান-বিজ্ঞানৰ সহায়তা নলগাই সত্যৰ
সন্ধান কৰিব নোৱাৰে। সেয়ে জ্ঞান-বিজ্ঞানক দৰ্শনৰ মুল আধাৰ বুলি গণ্য কৰা হয়।
    মুঠতে, দৰ্শনে জীৱন আৰু জগতৰ মৌলিক প্ৰশ্নসমূহৰ ওপৰত
চিন্তা-বিচাৰ কৰি সত্যৰ সন্ধান কৰে। জ্ঞান-বিজ্ঞান, প্রকাশবিজ্ঞান, পৰাবিজ্ঞান, নীতিবিজ্ঞান,
সৌন্দৰ্য বিজ্ঞান,
মূল্যবিজ্ঞান,
তর্কবিজ্ঞান ইত্যাদি
সকলো শাখাই দৰ্শনৰ অন্তৰ্গত। দৰ্শন হৈছে জ্ঞানৰ প্ৰতি অনুৰাগ আৰু জীৱনৰ গভীৰ অৰ্থ
উন্মোচনৰ প্ৰচেষ্টা।
৫। ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ কি কি? ব্যাখ্যা কৰা।
উত্তৰঃ বৈদিক, অবৈদিক, আস্তিক আৰু নাস্তিক সম্প্রদায়সমূহৰ মাজত যথেষ্ট পার্থক্য থকা সত্বেও কিছুমান
মৌলিক বিষয়ত সাদৃশ্য দেখা যায়। এই সাদৃশ্যসমূহকেই ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ বুলি কোৱা হয়।
(ক) ব্যৱহাৰিক প্ৰয়োজনবোধঃ ভাৰতীয় দৰ্শনে কেৱল তত্ত্বগত নহয়, বাস্তৱজীৱনৰ সমস্যা
সমাধানৰ উদ্দেশ্যে আদৰ্শ প্ৰণয়ন কৰে। ই জীৱনৰ সমস্যা সমাধানৰ বাবে সেই আদৰ্শসমূহৰ
অনুশীলন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে।
(খ) আধ্যাত্মিক অসন্তুষ্টিৰ স্বীকৃতিঃ মানুহৰ অন্তৰ্নিহিত
আধ্যাত্মিক অসন্তুষ্টি দূৰ কৰাৰ বাবে দৰ্শনৰ প্ৰয়োজন। জীৱন আৰু জগত সম্পৰ্কে উদ্ভৱ
হোৱা গভীৰ সমস্যাবোৰৰ উত্তৰ বিচাৰিছে দৰ্শনে।
(গ) জাগতিক আৰু নৈতিক নিয়মত বিশ্বাসঃ ভাৰতীয় দৰ্শনে বিশ্বাস কৰে
যে জগতখন নিয়মত চলি থাকে। মানুহো সেই নিয়মৰ অন্তৰ্গত। কৰ্মবাদ অনুসৰি সকলো জীৱে
নিজৰ কৰ্মৰ অনুসাৰে ফল ভোগ কৰে। নৈতিক নীতি, দৃষ্ট, অদৃষ্ট আদি ধাৰণাই
এই বিশ্বাসৰ আধাৰ।
(ঘ) আত্মাৰ সনাতন সত্তাৰ স্বীকৃতিঃ চাৰ্বাক আৰু বৌদ্ধ দৰ্শনৰ
বাহিৰে সকলো ভাৰতীয় দৰ্শনে আত্মাৰ অস্তিত্বত বিশ্বাস কৰে। আত্মা দেহৰ পৰা পৃথক,
নিত্য, চৈতন্যময়, শুদ্ধ আৰু মুক্ত।
আত্মাই ব্যক্তিগত অভিন্নতা, কৰ্ম, ভোগ আৰু জ্ঞানৰ আধাৰ।
(ঙ) বন্ধন আৰু মুক্তিত বিশ্বাসঃ ভাৰতীয় দৰ্শনে বিশ্বাস কৰে যে আত্মা বন্ধনত
আবদ্ধ। এই বন্ধনৰ মূল কাৰণ হ’ল অবিদ্যা বা অজ্ঞানতা। বৌদ্ধ দৰ্শনত আত্মাৰ অস্তিত্ব
অস্বীকাৰ কৰা হ’লেও বন্ধনৰ কথা স্বীকাৰ কৰা হৈছে। জ্ঞানৰ দ্বাৰাই মুক্তি লাভ হয়,
যাৰ জৰিয়তে
জন্ম-মৃত্যুৰ চক্ৰৰ পৰা উদ্ধাৰ হয়।
(চ) দুখৰ পৰা মুক্তিৰ প্ৰচেষ্টাঃ ভাৰতীয় দৰ্শনৰ আৰম্ভণি দুখ নামৰ সমস্যাৰ পৰা হয়।
দুখৰ উপস্থিতিই দৰ্শন প্ৰৱেশৰ মুখ্য প্ৰেৰণা। সেয়ে দুখ নিবাৰণ দৰ্শনৰ অন্যতম
লক্ষ্য।
(ছ) জ্ঞানৰ ওপৰত গুৰুত্বঃ সৰ্বভাৰতীয় দৰ্শনত জ্ঞানক মুক্তিৰ পথ হিচাপে
গুৰুত্ব দিয়া হৈছে। যদিও গীতাত কৰ্ম, জ্ঞান আৰু ভক্তিক সমান ৰূপে মুক্তিৰ উপায় হিচাপে
উল্লেখ কৰা হৈছে, তথাপিও উপনিষদ আৰু অন্যান্য দৰ্শনত জ্ঞানকেই সৰ্বোচ্চ স্থানে ৰখা হৈছে।
(জ) অজ্ঞানতাৰ দূৰীকৰণত গুৰুত্বঃ অজ্ঞানতা (অবিদ্যা) দূৰ কৰাটো দৰ্শনৰ মুখ্য
উদ্দেশ্য। বৌদ্ধ দৰ্শনত দুখৰ মূল কাৰণ হিচাপে অবিদ্যাক দৰ্শোৱা হৈছে। তেনেদৰে
অদ্বৈত বেদান্তত অজ্ঞানতা “মায়া”ৰূপে বর্ণিত হৈছে। সেয়ে দৰ্শনৰ মূল প্ৰচেষ্টাই হ’ল
অজ্ঞানতাৰ অপসাৰণ।
৬। দৰ্শনৰ সংজ্ঞা দিয়া। দৰ্শনৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ দৰ্শন হৈছে জীৱন আৰু জগতৰ ওপৰত এক সামগ্ৰিক, গভীৰ আৰু বৈজ্ঞানিক অনুসন্ধান। ই পৃথিৱীৰ
চিৰন্তন সত্য, মানৱ জীৱনৰ উদ্দেশ্য আৰু মূল্যবোধসমূহৰ ওপৰত যুক্তিনিষ্ঠ আৰু বৌদ্ধিক আলোচনা।
ইংৰাজী শব্দ “Philosophy” গ্ৰীক শব্দ ‘Philos’ (অৰ্থাৎ অনুৰাগ বা
প্ৰেম) আৰু ‘Sophia’ (অৰ্থাৎ জ্ঞান) ৰ পৰা উদ্ভূত,
যাৰ একেলগে অৰ্থ — “জ্ঞানৰ প্ৰতি অনুৰাগ”।
    গ্ৰীক দাৰ্শনিক সক্রেটিছৰ মতে, “আমি জ্ঞানী নহ’ব
পাৰো, কিন্তু জ্ঞানক ভাল পাইছো।” এই উক্তিৰে দৰ্শনৰ মূল স্পৃহা বুজি পোৱা যায়।
দৰ্শনৰ সংজ্ঞাসমূহ:
১. ৱেবাৰৰ মতে — “দৰ্শন হৈছে প্ৰকৃতিৰ বিষয়ে এক ব্যাপক দৃষ্টিভংগীৰ সন্ধান।”
২. ব্রাইটমেনৰ মতে — “দৰ্শন হৈছে অভিজ্ঞতাৰ কাষ চাপিব পৰা এক পদ্ধতি।”
৩. প্লেটোৰ মতে — “দৰ্শনৰ লক্ষ্য হ'ল বস্তুৰ অপৰিহাৰ্য প্ৰকৃতিৰ অনন্ত জ্ঞান।”
৪. বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে — “দৰ্শন হৈছে বিজ্ঞান আৰু ধৰ্মতত্ত্বৰ
মাজৰ এক অন্তর্বর্তী ক্ষেত্ৰ।”
    দৰ্শনৰ আলোচ্য বিষয় সকলোবোৰ জীৱন-মূলক, মানৱ অভিজ্ঞতা আৰু
বিশ্বচিন্তাৰ প্ৰতি এক গভীৰ অনুসন্ধান। সেইদৰে দৰ্শনক তিনিটা মুখ্য শাখাত বিভক্ত
কৰা হয়:
১. জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা (Epistemology)ঃ এই শাখাই জ্ঞানৰ উৎস,
স্বৰূপ, সীমা আৰু বৈধতা
সম্পৰ্কে আলোচনা কৰে। ই প্রশ্ন কৰে:
- জ্ঞান কি?
 - জ্ঞান ক’ৰ পৰা আহে?
 - কিদৰে জ্ঞান নিশ্চিত কৰা যায়?
 - জ্ঞানৰ সীমা কিমান?
 
ই দৰ্শনৰ এক গুৰুত্বপূৰ্ণ শাখা, যি জ্ঞানৰ ভিত্তিতেই চিন্তন আৰু বিশ্লেষণৰ পথ
মুকলি কৰে।
২. অধিবিদ্যা বা তত্ত্ববিদ্যা (Metaphysics)ঃ এই শাখাই পৰম সত্য,
সত্তা, জগত, আত্মা, ঈশ্বৰ, জীৱন আদি মৌলিক
সত্তাবোৰৰ স্বৰূপৰ ওপৰত আলোচনাৰে গঢ়ি উঠিছে।
অধিবিদ্যায় উদ্ৰেক হোৱা মূল প্ৰশ্নবোৰ হ’ল:
- এই জগতৰ অন্তত কি আছে?
 - সত্তা ক’ত থাকে?
 - সত্তা এক নে বহু?
 - আত্মা, ঈশ্বৰ, জগতৰ মধ্যত কিদৰে সম্পর্ক গঠিত হয়?
 
এই শাখাই বাস্তৱতা (Reality) ৰ গভীৰতম তলখনলৈ যাওঁৰ চেষ্টা কৰে।
৩. প্রমূল্যবিদ্যা বা আদর্শবিজ্ঞান (Axiology)ঃ এই শাখাই জীৱনৰ
মূল্য, নীতি, সৌন্দৰ্য আৰু সত্যৰ ওপৰত দৰ্শনৰ চিন্তন প্ৰকাশ কৰে। ইয়াৰ তিনিটা মুখ্য উপ-শাখা
হ’ল:
- নৈতিকতা (Ethics): সঠিক-ভুল, ন্যায়-অন্যায়ৰ
     মানদণ্ড নিৰ্ধাৰণ।
 - সৌন্দর্যবিদ্যা (Aesthetics): সৌন্দৰ্য আৰু
     শিল্পৰ মূল্যাংকন।
 - ধর্মদর্শন: ধৰ্মৰ স্বৰূপ, ধৰ্মীয় আচৰণৰ
     মূল্য, ঈশ্বৰ, আত্মা আদি প্ৰত্যয়ৰ আলোচনা।
 
    এই তিনিটা আদৰ্শ বা পৰম মূল্য — সত্যম (Truth),
শিৱম (Goodness)
আৰু সৌন্দৰ্যম (Beauty) —
দৰ্শনৰ প্ৰাথমিক
মূল্যবোধ হিচাপে বিবেচিত হয়।
    দৰ্শন হৈছে এক প্ৰকাণ্ড বৌদ্ধিক অভিযান, য’ত বিজ্ঞান,
ধৰ্ম, নৈতিকতা, আত্মা আৰু জগতৰ ওপৰত
এক গম্ভীৰ চিন্তন আৰু অনুশীলন কৰা হয়। ই জীৱনক কেৱল দেখিবলৈ নহয়, বুজিবলৈ আৰু উপলব্ধি
কৰিবলৈ সহায় কৰে। সেয়েহে দৰ্শনক জীৱনৰ পথ-প্ৰদৰ্শক বুলি কোৱা হয়।
৭। পৰাবিদ্যা বা অধিবিদ্যা কি? দর্শন আৰু অধিবিদ্যাৰ সম্বন্ধ কি? আলোচনা কৰা।
উত্তৰঃ পৰাবিদ্যা (Metaphysics) হৈছে দৰ্শনৰ এটা মুখ্য শাখা। 'Metaphysics'
শব্দটো গ্ৰীক শব্দ 'Meta'
আৰু 'Physics'
ৰ পৰা আহিছে। 'Meta'
অৰ্থ
"পিছত" আৰু 'Physics' অৰ্থ "প্ৰকৃতি" বা
"পদাৰ্থবিজ্ঞান"। সেয়ে Metaphysics মানে হৈছে — পদাৰ্থবিজ্ঞানৰ
পিছত থকা জ্ঞান, অৰ্থাৎ ইন্দ্ৰিয়গ্রাহ্য জগতৰ অন্তৰালত থকা সত্তা বা মূল সত্যৰ সন্ধান।
    পৰাবিদ্যাৰ মুখ্য উদ্দেশ্য হৈছে — জীৱন,
বিশ্ব, আৰু বাস্তবতাৰ
অন্তৰ্নিহিত স্বৰূপ জানিবলৈ চেষ্টা কৰা। সাধাৰণতে, প্ৰতিটো বস্তুৰ দুটা দিশ
থাকে — অবভাস (অৰ্থাৎ যি দেখি বা অনুভৱ কৰো) আৰু সত্তা (অৰ্থাৎ বস্তুটোৰ মূল সত্য
বা বাস্তৱ স্বৰূপ)। অবভাস হ’ল চঞ্চল, পৰিৱৰ্তনশীল, কিন্তু সত্তা হ’ল স্থায়ী
আৰু প্ৰকৃত। এই সত্তাৰ — যেনে আত্মা, মন, কাৰণতা, ঈশ্বৰ, পৰমাত্মা আদি — বাস্তব স্বৰূপ জানিবলৈ
পৰাবিদ্যাই অধ্যয়ন কৰে।
পৰাবিদ্যা আৰু তত্ত্ববিদ্যা (Ontology): কিছুমান দাৰ্শনিকে
পৰাবিদ্যাক তত্ত্ববিদ্যা নামেও অভিহিত কৰিছে। 'Ontology' শব্দটো 'Ontos'
(সত্তা) আৰু 'Logos'
(জ্ঞান বা বিজ্ঞান)ৰ
সংমিশ্ৰণ, যাৰ অৰ্থ — সত্তাৰ বিজ্ঞান। পৰাবিদ্যাই কেবল ঈশ্বৰ বা আত্মাৰ দৰে অতিন্দ্ৰিয়
বিষয়বোৰ নহয়, বিশ্বতত্ত্ব, সৃষ্টি, সময়, স্থান, কাৰণতা, আদিৰো আলোচনা কৰে।
দৰ্শন আৰু পৰাবিদ্যাৰ মাজত সম্বন্ধক লৈ দাৰ্শনিকসকলৰ ভিন্ন ভিন্ন মত পোৱা যায়।
- ভাববাদী দাৰ্শনিকসকল (Idealists) মনে কৰে যে
     দৰ্শন আৰু তত্ত্ববিদ্যা একে; দুয়ো পৃথক নহয়।
 - যুক্তিবাদী বা প্রত্যক্ষবাদী দাৰ্শনিকসকল (Empiricists)ৰ মতে, তত্ত্ববিদ্যা অবান্তৰ আৰু অপ্রয়োজনীয়, কাৰণ সেয়া অভিজ্ঞতাৰ বাহিৰৰ জ্ঞানত বিশ্বাস কৰে।
 - যদিও মতভেদ আছে, তথাপি অধিকাংশ দাৰ্শনিকৰ মতে দৰ্শন আৰু
     তত্ত্ববিদ্যাৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। দৰ্শনৰ পৰিসৰ ব্যাপক, কিন্তু পূৰ্ণ দাৰ্শনিক জ্ঞান লাভৰ বাবে তত্ত্ববিদ্যাৰ অধ্যয়ন অপৰিহাৰ্য।
 
    পৰাবিদ্যা দৰ্শনৰ এক অবিচ্ছেদ্য অংগ। ই জগত আৰু
জীৱনৰ অন্তৰ্নিহিত সত্য জানিবলৈ এক গভীৰ বৌদ্ধিক অন্বেষণ। এই শাখাটোৱে আমাক দৰ্শনৰ
গভীৰতম আৰু মৌলিক প্ৰশ্নবোৰৰ উত্তৰ বিচাৰ কৰিবলৈ সহায় কৰে।
৮। দৰ্শন শাস্ত্ৰৰ পৰাবিদ্যাৰ লগত কেনে ধৰণৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ দৰ্শন হৈছে জগত আৰু জীৱনৰ গহীন সত্যৰ সন্ধান। মানুহ চিন্তাশীল জীৱ হিচাপে সদায়
এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰে—জগতৰ স্বৰূপ কি? আত্মা কি? জীৱ আৰু জগতৰ মাজত
কি সম্পর্ক আছে? জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? ঈশ্বৰ আৰু ব্ৰহ্মৰ স্বৰূপ কি? এইবোৰ গভীৰ আৰু
মৌলিক প্ৰশ্নৰ উত্তৰ বিচাৰ কৰাই দৰ্শনৰ কাম। দৰ্শনে দেশ, কাল, কাৰ্য-কাৰণ, সৃষ্টিবিধি, সুন্দৰতা, নৈতিকতা, বিৱৰ্তন আদি বিষয়ৰ
চিন্তন-মনন কৰে। অনিত্যতাৰ মাজেৰে নিত্য সত্য বিচাৰেই দৰ্শনৰ মুখ্য লক্ষ্য।
    পৰাবিজ্ঞান (Metaphysics) দৰ্শনৰ এক মুখ্য
শাখা। "Meta" অৰ্থ ‘পিছত’ আৰু "Physics" অৰ্থ ‘প্ৰকৃতি বা পদার্থবিদ্যা’; সেয়েহে
ব্যুৎপত্তিগতভাৱে 'Metaphysics' মানে হৈছে—'প্ৰকৃতিৰ পাছত থকা জ্ঞান'। বিজ্ঞান যেতিয়া
দৃশ্যমান জগতৰ অধ্যয়ন কৰে, পৰাবিজ্ঞান তেতিয়া এই দৃশ্যৰ অন্তৰালত থকা
অদৃশ্য, মৌলিক সত্যৰ সন্ধান কৰে।
    সাধাৰণভাৱে যিকোনো বস্তুৰেই দুটা দিশ থাকে—অবভাস
(phenomenon) আৰু সত্তা (essence)। আমি যি দেখি বা অনুভৱ কৰোঁ, সেইটো অবভাস—ই ক্ষণস্থায়ী আৰু পৰিৱর্তনশীল।
কিন্তু ইয়াৰ অন্তৰালত থাকে এক স্থায়ী, সত্য স্বৰূপ—সেইটো হৈছে সত্তা। এই সত্তাক জানিবৰ
বাবে পৰাবিজ্ঞান অভিজ্ঞতাৰ ওপৰত আধাৰিত জ্ঞানতকৈ গভীৰ চিন্তাৰ প্ৰয়োজন বুলি ভাবে।
সেয়েহে আত্মা, মন, ঈশ্বৰ, পৰমাত্মা, কাৰণতা আদি মৌলিক তত্ত্ববোৰৰ স্বৰূপ অধ্যয়ন পৰাবিজ্ঞানৰ অন্তৰ্গত।
    কিছুমান দাৰ্শনিকৰ মতে দৰ্শন আৰু পৰাবিজ্ঞান
অভিন্ন। তেওঁলোকৰ মতে দৰ্শনৰ মূল উদ্দেশ্য হৈছে এই সত্তাবোৰৰ জ্ঞান লাভ। আকৌ
কিছুমান প্রত্যক্ষবাদী দাৰ্শনিক (empiricist)ৰ মতে পৰাবিজ্ঞান অবান্তৰ;
কাৰণ যিবোৰ সত্তাক
ইন্দ্ৰিয়দ্বাৰা উপলব্ধি কৰিব নোৱাৰে, সিবোৰৰ অস্তিত্ব নাই বুলি তেওঁলোকে ভাবে।
    তথাপিও অধিকাংশ দাৰ্শনিকৰ মতে দৰ্শনৰ মূল
উদ্দেশ্য চৰম সত্যৰ সন্ধান, আৰু এই সত্য লাভৰ ক্ষেত্ৰত পৰাবিজ্ঞান এক
অবিচ্ছিন্ন শাখা। দৰ্শনে পৰাবিজ্ঞানক উপকৰণ দিয়ে আৰু পৰাবিজ্ঞান দৰ্শনৰ মৌলিক
চিন্তাধাৰাক গঢ়ি তোলে।
    শেষত, যদিও দৰ্শন আৰু বিজ্ঞানৰ মাজত এক নিবিড় সম্পর্ক
আছে, তথাপিও পৰাবিজ্ঞানক বিজ্ঞান বুলি ক’ব নোৱাৰি। বিজ্ঞান অভিজ্ঞতা আৰু পৰীক্ষাৰ
ওপৰত আধাৰিত; পৰাবিজ্ঞান চিত্ত, যুক্তি আৰু আধ্যাত্মিক অনুভৱৰ ওপৰত। সেয়েহে পৰাবিজ্ঞান হৈছে দৰ্শনৰ এক গম্ভীৰ
আৰু প্ৰধান শাখা, যি মনুষ্য চেতনা আৰু তত্ত্বজ্ঞানৰ ওপৰত ভিত্তি কৰি জগত আৰু জীৱনৰ গভীৰ সত্যবোৰ
উন্মোচন কৰিবলৈ চেষ্টা কৰে।
৯। দর্শন কি? জ্ঞানবিদ্যাক দর্শন শাস্ত্ৰৰ ভেটি বুলিব পাৰিনে?
উত্তৰঃ দৰ্শনে জগত আৰু জীৱন সম্পৰ্কে গভীৰ জ্ঞান প্ৰদান কৰে। এই সংসাৰ অতি জটিল আৰু
ৰহস্যপূৰ্ণ। পৃথিৱী, সৌৰজগত, জন্ম-মৃত্যু আদি মানুহৰ বাবে এক অবুজ সাঁথৰ। “মানুহ ক’ৰ পৰা আহিছে? ক’লৈ যাব?” —
এইধৰণৰ সীমাহীন
প্রশ্নৰ উত্তৰ জানিবলৈ মানুহ সদায় আগ্ৰহী। যদিও আমাৰ শক্তি সীমিত, তথাপি এই সীমিত সময়
আৰু সামৰ্থ্যৰে আমি সংসাৰৰ অজ্ঞাত ৰহস্যবোৰ উন্মোচন কৰাৰ চেষ্টা কৰোঁ। এই
জ্ঞানপিপাসাই মানুহক আন জীৱৰ পৰা পৃথক কৰে।
    ‘দৰ্শন’ শব্দটোৰ ইংৰাজী ৰূপ ‘Philosophy’ হৈছে। ই গ্ৰীক শব্দ Philos (অনুৰাগ) আৰু Sophia (জ্ঞান) ৰ পৰা আহিছে,
যাৰ অৰ্থ — “জ্ঞানৰ
প্ৰতি অনুৰাগ”। দৰ্শন মূলতে সেই জ্ঞানৰ সন্ধান, যি জীৱন আৰু জগতৰ গভীৰতম
সত্যবোৰ উদঘাটন কৰে।
    মানুহ এক চিন্তাশীল জীৱ। সেইবাবে তেওঁ আত্মা,
ঈশ্বৰ, ব্ৰহ্ম, জগত, জীৱন আৰু মৃত্যুৰ
বিষয়ে চিন্তা কৰে। দৰ্শনৰ মুখ্য প্ৰশ্নসমূহ হ’ল:
- সংসাৰৰ স্বৰূপ কি?
 - আত্মাৰ প্রকৃতি কি?
 - জীৱনৰ উদ্দেশ্য কি?
 - জগত নিত্য নে অনিত্য?
 - ঈশ্বৰ কি? ব্ৰহ্ম কি? ঈশ্বৰ আৰু ব্ৰহ্ম একে নে বেলেগ?
 
    এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰেই দৰ্শনৰ মুখ্য
উদ্দেশ্য। অনিত্যতাৰ মাজেৰে দার্শনিকে নিত্য বস্তুৰ সন্ধান কৰে।
    দৰ্শনৰ মূল লক্ষ্য হ'ল চৰম সত্যৰ সন্ধান। এই
সত্য উপলব্ধিৰ বাবে বুদ্ধি, যুক্তি আৰু আধ্যাত্মিক অনুভৱ একেলগে কাম কৰে।
দৰ্শনে দেশ, কাল, কাৰণ-কাৰ্য সম্পর্ক, বিৱৰ্তন, সৌন্দৰ্যবোধ, নীতি-নৈতিকতা,
ভাল-মন্দ ইত্যাদি
বিষয়ে আলোচনা কৰে।
    দৰ্শনত জ্ঞানৰ স্বৰূপ, উৎস আৰু সীমা সম্পৰ্কে
আলোচনা কৰা হয়, যাক জ্ঞান-বিজ্ঞান বোলে। দার্শনিকৰ মতে, সত্তাৰ উপলব্ধিৰ আগতে জ্ঞানৰ অনুসন্ধান আবশ্যক।
ইন্দ্ৰিয়ৰ উপৰিও যুক্তি, অন্তজ্ঞান তথা আধ্যাত্মিক অনুভৱে জ্ঞান লাভ কৰিব
পাৰে। এই কাৰণে জ্ঞান-বিজ্ঞানক দৰ্শনৰ ভিত্তি বুলি গণ্য কৰা হয়।
    দৰ্শন হৈছে জ্ঞানৰ বাবে এক গভীৰ অনুৰাগ। ই জীৱন
আৰু জগতৰ গভীৰতম সত্যবোৰৰ সন্ধান কৰে। পৰাবিজ্ঞান, নীতিবিজ্ঞান, জ্ঞান-বিজ্ঞান আদি
শাখাসমূহৰ সহায়ত দৰ্শনে মানৱৰ জীৱন আৰু সত্তাৰ গভীৰ অৰ্থ উন্মোচন কৰিবলৈ চেষ্টা
কৰে। দৰ্শনেই মানুহক জীৱনক বুজিবৰ পথ দেখুৱায়।
১০। 'দর্শন হৈছে সমূহ বিজ্ঞানৰ সমন্বয়'- কথাষাৰ বিচাৰ কৰা।
উত্তৰঃ “দৰ্শন হৈছে সমূহ বিজ্ঞানৰ সমন্বয়” — এইটো
দৰ্শনসম্পৰ্কে এটা সাধাৰণভাৱে গ্ৰহণ কৰা ধাৰণা। এই ধাৰণাৰ অনুসৰি, পদার্থবিজ্ঞান,
ভূবিজ্ঞান, জীৱবিজ্ঞান আদি
বিশেষ বিশেষ বিজ্ঞানৰ দ্বাৰা আহৰণ কৰা জ্ঞান আৰু সিদ্ধান্তসমূহক সংহত কৰি যি
বিস্তৃত আৰু সংগতিপূর্ণ জ্ঞান উদ্ভৱ হয়, তাকেই দৰ্শন বুলি কোৱা হয়। অৰ্থাৎ, এই ধাৰণাত দৰ্শনক এক
প্ৰকাৰ সার্বিক বিজ্ঞান বা সমন্বয়মূলক জ্ঞানব্যৱস্থা হিচাপে ধৰা হৈছে,
যি বিভিন্ন বিজ্ঞানৰ
ফলাফলক বিশ্লেষণ আৰু ব্যাখ্যা কৰি এগৰাকী বৃহৎ তত্ত্ব দাঙি ধৰিবলৈ চেষ্টা কৰে।
    যদিও এই ধাৰণাত আংশিক সত্যতা আছে, তথাপিও ই দৰ্শনৰ
পূৰ্ণসত্তাক প্ৰতিফলিত নকৰে। প্ৰথমতে, দৰ্শনিক জ্ঞান বৈজ্ঞানিক জ্ঞানৰ বিৰুদ্ধাচাৰী
নহয়—এইটো সত্য। দৰ্শনে বহুসময়ত বিজ্ঞানৰ সহায়ত চিন্তাধাৰা গঢ়ি তোলে। তথাপি,
দৰ্শনক কেৱল এক ব্যাপক বিজ্ঞান হিচাপে গণ্য কৰাটো
সঠিক নহয়।
কাৰণসমূহ তলত দাঙি ধৰিছোঁ:
- সমন্বয় সাধনৰ সীমা: সকলো বিশেষ বিজ্ঞানৰ অতীত, বর্তমান আৰু ভবিষ্যতৰ তথ্য সমন্বয় কৰা মানুহৰ পক্ষে সম্ভৱ নহয়। একে সময়তে
     সকলো বিজ্ঞানৰ ওপৰত পূৰ্ণ জ্ঞান অৰ্জন কৰাটো বাস্তৱত অসম্ভৱ।
 - বৈজ্ঞানিক সত্যৰ পৰিৱর্তনশীলতা: বিজ্ঞানত
     সত্যসমূহ সময়ৰ সৈতে গৱেষণাৰ আধাৰত পৰিৱর্তিত হয়। যদি দৰ্শনে এই পৰিৱর্তনশীল
     সিদ্ধান্তৰ ওপৰতে আধাৰিত হয়, তেন্তে দৰ্শনো স্থিৰ জ্ঞান দান কৰিবলৈ
     অক্ষম হ’ব।
 - দৰ্শনৰ গভীৰতা আৰু দিশ: দৰ্শনে কেৱল বৈজ্ঞানিক তথ্যৰ সংহতি নহয়;
     ই নীতি, সৌন্দৰ্য, আত্মা, ঈশ্বৰ, চেতনা, সত্তা আদি অসংখ্য বিষয়ৰ গভীৰ অধ্যয়ন। এই
     সকলো দিশ বিজ্ঞানৰ পৰিধিৰ বাহিৰত পৰে। সেইদৰে, দৰ্শনে যুক্তি,
     আত্মজ্ঞান, ধ্যান, অনুভৱ আদিৰে
     সত্যক উপলব্ধি কৰিবলৈ চেষ্টা কৰে—যি বিজ্ঞানৰ পৰ্যবেক্ষণমূলক পদ্ধতিৰ পৰা
     বেলেগ।
 
    “দৰ্শন হৈছে সমূহ বিজ্ঞানৰ সমন্বয়” বুলি কোৱা
ধাৰণাটো আংশিকভাৱে সঠিক যদিও, ই দৰ্শনৰ সামগ্ৰিক আৰু গভীৰ অৰ্থ প্ৰকাশ নকৰে।
দৰ্শন কেৱল বৈজ্ঞানিক সিদ্ধান্তবোৰৰ সংগ্ৰহ নহয়; ই এক স্বাধীন জ্ঞানতত্ত্ব,
যাৰ লক্ষ্য হৈছে জগত
আৰু জীৱনৰ গূঢ়তম সত্যৰ সন্ধান। সেয়ে দৰ্শনক বিশেষ বিজ্ঞানসমূহৰ ওপৰত নিৰ্ভৰশীল
‘ব্যাপক বিজ্ঞান’ হিচাপে পৰিসীমিত কৰা যুক্তিযুক্ত নহয়।
১১। 'দর্শন হৈছে বিভিন্ন বিজ্ঞানসমূহৰ ভিত্তিৰ যুক্তিপূর্ণ অধ্যয়ন'- কথাষাৰৰ সত্যাসত্য
বিচাৰ কৰা।
উত্তৰঃ দৰ্শনৰ এটা বিশেষ সংজ্ঞা অনুসৰি, বিভিন্ন বিজ্ঞানসমূহ কিছুমান মৌলিক ধাৰণাৰ ওপৰত
প্ৰতিষ্ঠিত থাকে—যেনে স্থান, কাল, দ্রব্য, কাৰ্য-কাৰণ ইত্যাদি—যাক বিজ্ঞানত সাধাৰণতে
স্বতঃসিদ্ধ বুলি গ্ৰহণ কৰা হয়। এই সংজ্ঞা অনুসৰি, দৰ্শনৰ কাৰ্য হৈছে এই মৌলিক
ধাৰণাসমূহক বিচাৰমূলক পৰীক্ষাৰ সহায়ত যুক্তিপূৰ্ণ বিশ্লেষণৰ জৰিয়তে যাচাই কৰা।
    বিশ্ববিখ্যাত দার্শনিক বাৰ্ট্ৰেণ্ড ৰাছেলে
দৰ্শনৰ অত্যাবশ্যকীয় বৈশিষ্ট্য হিচাপে "বিচাৰাত্মক দৃষ্টিভংগী"ৰ ওপৰত
গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে, এই বিচাৰমূলক দৃষ্টিভংগী দৰ্শনক বিজ্ঞানৰ পৰা
পৃথক কৰি তোলে। ই সত্য যে দৰ্শনে যুক্তি আৰু বিশ্লেষণৰ ওপৰত ভিত্তি কৰি মৌলিক
ধাৰণাসমূহৰ বিশ্লেষণ কৰে, আৰু এই দিশটো দৰ্শনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
তথাপি, এই সংজ্ঞাটোৱে দৰ্শনৰ পূৰ্ণসত্তা প্ৰকাশ কৰিবলৈ সক্ষম নহয়। ইয়াৰ কিছুমান
সীমাবদ্ধতা আছে:
- দৰ্শন আৰু বিজ্ঞানৰ সীমানা অস্পষ্ট হয়: যদি দৰ্শনক
     কেৱল বিজ্ঞানৰ স্বতঃসিদ্ধ ধাৰণাসমূহৰ যুক্তিপূৰ্ণ বিশ্লেষণ হিচাপে গণ্য কৰা
     হয়, তেন্তে দৰ্শন বিজ্ঞানৰ এটা উপায় বা সহায়ক শাখা হৈ পৰে।
     ফলত, দৰ্শন আৰু বিজ্ঞানৰ মাজত থকা মৌলিক তফাৎ মচি যায়।
 - দৰ্শনৰ ব্যাপকতা সীমিত হয়: দৰ্শন কেৱল
     যুক্তি আৰু বিশ্লেষণৰ পৰিসৰত সীমাবদ্ধ নহয়। ই নৈতিকতা, সৌন্দৰ্য,
     ধৰ্ম, ঈশ্বৰ, আত্মা, মুক্তি আদি গভীৰ আধ্যাত্মিক আৰু নীতিক ক্ষেত্ৰসমূহৰো সন্ধান কৰে—যিবোৰ
     বিজ্ঞানৰ পৰিধিৰ বাহিৰত।
 - জ্ঞানৰ উৎস আৰু পদ্ধতি: বিজ্ঞান পৰ্যবেক্ষণ, পৰীক্ষা আৰু
     অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেয়া প্ৰাকৃতিক জগতলৈ সীমাবদ্ধ। দৰ্শনে
     তাতে যুক্তি, অনুভৱ, ধ্যান, আত্মানুভূতি
     আদি বহু পদ্ধতিৰে সত্যৰ সন্ধান কৰে।
 
১২। 'দৰ্শন হৈছে বিজ্ঞানৰ বচনসমূহৰ যৌক্তিক বিশ্লেষণ'- কথাষাৰ বিচাৰ কৰা।
উত্তৰঃ 'যৌক্তিক প্রত্যক্ষবাদী' (Logical Positivists) নামৰ দাৰ্শনিকসকলৰ মতে,
দর্শন কোনো
অভিজ্ঞতাৰ অধিবিদ্যা (metaphysics) নহয়, আৰু ই কোনো ইন্দ্ৰিয়াতীত সত্তাৰ জ্ঞানো নহয়।
তেওঁলোকৰ মতে, দর্শন হৈছে ভাষা আৰু বচনসমূহৰ যৌক্তিক বিশ্লেষণ—অর্থাৎ দৰ্শন হ'ল বিজ্ঞানৰ দৰে এক
ধৰণৰ বিশ্লেষণাত্মক পদ্ধতি। এই দৰ্শন-সংজ্ঞা বিশেষকৈ আয়াৰ (A.J. Ayer) আদিৰ দৃষ্টিভংগীত
দেখা যায়। তেওঁলোকৰ মতে, দৰ্শনৰ কাম হৈছে বচন বা উক্তিসমূহৰ অৰ্থ স্পষ্ট
কৰা, অৰ্থাৎ দর্শন হৈছে "ভাষাৰ সমালোচনা" (critique of language)।
    এই ধাৰণামতে, ভাষাই সত্তাক প্ৰকাশ কৰে,
আৰু সেইবাবে ভাষাৰ
বিশ্লেষণৰ জৰিয়তে সত্য বা সত্তাৰ স্বৰূপ বুজি পোৱা যায়। তথাপি, যৌক্তিক
প্রত্যক্ষবাদীসকলৰ দৰ্শন-সংজ্ঞাটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়, আৰু ইয়াৰ বহু
গুৰুত্বপূর্ণ সীমাবদ্ধতা আছে—
- ভাষা আৰু দৰ্শনৰ ভিন্নতা: যদি দৰ্শনক
     কেৱল ভাষাৰ বিশ্লেষণ বুলি গণ্য কৰা হয়, তেন্তে ই
     ব্যাকৰণৰ দৰে এক শুদ্ধ ভাষা-বিজ্ঞান বা ভাষাতত্বত পৰিণত হয়। এই ক্ষেত্ৰত
     দৰ্শন আৰু ব্যাকৰণৰ মাজত কোনো মৌলিক পাৰ্থক্য থাকিব নোৱাৰে।
 - তর্কবিদ্যাৰ সৈতে মিশ্ৰণ: দৰ্শন যদি কেৱল
     উক্তিসমূহৰ যুক্তিগত বিশ্লেষণহে হয়, তেন্তে এই কাম তর্কবিদ্যা (logic) বা ন্যায়বিদ্যাইও কৰিব পাৰে। সেয়া হ’লে দৰ্শনৰ স্বতন্ত্রত্ব সংকুচিত হৈ
     পৰে।
 - গভীৰ সত্য অনুসন্ধানৰ অভাৱ: ইংলেণ্ড আৰু
     আমেৰিকাৰ কিছুমান আধুনিক দাৰ্শনিকৰ মতে, বিজ্ঞানেই
     একমাত্র যথোচিত জ্ঞানৰ উৎস, আৰু দৰ্শনে বিজ্ঞানে দিব নোৱৰা কোনো গভীৰ
     সত্য প্ৰকাশ কৰিব নোৱাৰে। সেয়া দৰ্শনৰ আধ্যাত্মিক, নৈতিক, ধৰ্মীয় আদি দিশবোৰ উপেক্ষা কৰা হয়।
 - দৰ্শনৰ বিশিষ্টত্ব: দৰ্শন কেৱল যুক্তি বা ভাষাৰ বিশ্লেষণ নহয়—ই
     জগত, জীৱন, আত্মা, নৈতিকতা,
     সৌন্দৰ্য ইত্যাদিৰ ওপৰত গভীৰ চিন্তা-মনন কৰে। সেয়ে
     দৰ্শনৰ এক স্বতন্ত্র গৱেষণা-পদ্ধতি, বস্তুনিষ্ঠতা আৰু দৃষ্টিভংগী আছে।
 
১৩। 'দর্শন হৈছে সত্তাৰ জ্ঞান'- কথাষাৰ বিচাৰ কৰা।
উত্তৰঃ গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে, দর্শনৰ মূল উদ্দেশ্য হ'ল নিত্যসত্তাৰ জ্ঞান অৰ্থাৎ বস্তুৰ
চিৰস্থায়ী, সার্বজনীন আৰু অপৰিৱৰ্তনীয় স্বৰূপৰ জ্ঞান। তেওঁৰ মতে, ই জ্ঞান ইন্দ্ৰিয়ৰ মাধ্যমে
লাভ কৰিব নোৱাৰি, কাৰণ ইন্দ্ৰিয়বোৰে মাথোঁ বস্তুৰ বাহ্যিক ৰূপ বা অবভাস উপলব্ধি কৰায়। বস্তুৰ
সত্য আৰু চিৰন্তন ৰূপ জানিবলৈ বুদ্ধি বা যুক্তিৰ সহায় লব
লাগিব।
    এৰিষ্ট'টলে দর্শনক তেনে এখন বিজ্ঞান হিচাপে বিবেচনা
কৰিছে যি সত্তাৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ লগত জড়িত গুণসমূহৰ অনুসন্ধান কৰে। তেনে
অনুসন্ধানৰ উদ্দেশ্য হ'ল বাস্তৱিকতাৰ গহীন তলত থকা তাত্ত্বিক ভিত্তিসমূহ উদঘাটন কৰা।
    আনহাতে, দাৰ্শনিক হেগেলৰ মতে দর্শন হ'ল পৰম ধাৰণাৰ বিজ্ঞান। তেওঁৰ দৃষ্টিভঙ্গীত
দর্শনে বস্তুবোৰৰ বাহ্যিক ৰূপৰ অন্তৰত লুকাই থকা সত্তা আৰু তাত্ত্বিক তাৎপৰ্য
উন্মোচন কৰে।
    ভাৰতীয় দাৰ্শনিক চিন্তাৰে ‘দর্শন’ শব্দটোৱে কেৱল
চিন্তামূলক অধ্যয়নে নহয়, বৰং প্ৰকৃত সত্তাৰ এক প্রত্যক্ষ
অভিজ্ঞতা বা সাক্ষাৎ অনুভূতিৰ দিশটোও সূচিত কৰে।
    তথাপি, দর্শন যদি কেৱল সাক্ষাৎ অভিজ্ঞতাৰ বিষয় হ’ব লাগে,
তেন্তে ই এক প্ৰকাৰৰ অতীন্দ্ৰিয়বাদ বা বহস্যবাদলৈ পৰিণত
হ’ব পাৰে। সেয়ে, দর্শন হৈছে বুদ্ধি আৰু যুক্তিৰ সহায়ত, অভিজ্ঞতাৰ ভিত্তিত জীৱন আৰু বিশ্বৰ গহীন
তাৎপৰ্য অনুধাবন কৰাৰ এক সামগ্রিক, যুক্তিবাদী আৰু
বিশ্লেষণমূলক প্ৰয়াস।
১৪। দর্শন শাস্ত্রত দ্বান্দ্বিক পদ্ধতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ দ্বান্দ্বিক পদ্ধতি হৈছে এনে এখন চিন্তন পদ্ধতি, যাৰ মাধ্যমে চিন্তাৰ ভিতৰত
থকা পৰস্পৰ বিৰোধী ধাৰণাসমূহৰ সমন্বয় ঘটাই এক সুসংগত আৰু
সিদ্ধান্তমূলক জ্ঞানলৈ উপনীত হ'ব চেষ্টা কৰা হয়। এই পদ্ধতিৰ মূল লক্ষ্য হ'ল চিন্তাৰ বিকাশ
ঘটোৱা।
    এই পদ্ধতিৰ সাহায্যে আমাৰ মনত থকা বিৰোধ,
সন্দেহ বা দ্বিধাৰ
সমাধান ঘটাই চিন্তাৰ এক উচ্চতৰ স্তৰত উপনীত হোৱাৰ পথ খোলা হয়। ইতিহাসত
ছক্রেটিছ আৰু হেগেল আদি দার্শনিকসকলে এই দ্বান্দ্বিক পদ্ধতিৰ সদ্ব্যবহাৰ কৰিছে।
    ছক্রেটিছে দ্বান্দ্বিক পদ্ধতিক নঞর্থক ৰূপে ব্যৱহাৰ কৰিছিল।
তেওঁ খণ্ডনমূলক পদ্ধতি অৱলম্বন কৰি সহচৰসকলৰ মতবাদৰ ভ্ৰান্তি উন্মোচন
কৰিছিল। তেওঁ প্রশ্ন-উত্তৰৰ মাধ্যমে মতবিৰোধ উত্থাপন কৰি পৰস্পৰ বিরোধী ধাৰণাবোৰৰ
অন্তৰ্বিৰোধিতা স্পষ্ট কৰি তুলিছিল। এই পদ্ধতিক "ছক্রেটিছ পদ্ধতি" বুলিও কোৱা হয়।
    আনহাতে, হেগেলে দ্বান্দ্বিক পদ্ধতিক সদর্থক চিন্তন
প্ৰক্ৰিয়া হিচাপে ব্যাখ্যা কৰিছে। তেওঁৰ মতে, চিন্তাৰ বিকাশ সদর্থক, নঞর্থক আৰু সমন্বয়—এই ত্রয়ী ধাপৰ জৰিয়তে
হয়।
উদাহৰণস্বৰূপে:
- প্ৰথমে 'মানুহ' ধাৰণা আহে
     (সদর্থক),
 - তাৰ বিপৰীতে আহে 'অমানুহ' (নঞর্থক),
 - এই দুটাৰ সমন্বয় হয় 'জন্তু' ৰূপে (তৃতীয় ধাৰণা)।এই সমন্বয়ো পুনৰ সদর্থক হৈ পৰে আৰু আকৌ নতুন নঞর্থক ধাৰণা (যেনে 'অজন্তু') জন্ম হয়। এই চিন্তাধাৰা অৱিৰতভাৱে আগবাঢ়ি যায়, যেনে:
 - 'জন্তু' — 'অজন্তু' → সমন্বয়: 'দ্রব্য'
 - 'দ্রব্য' — 'অদ্রব্য' → সমন্বয়: 'জড়'
 
    এইদৰে চিন্তা সদাই সদর্থক, নঞর্থক আৰু তৃতীয়
সমন্বয়ৰ ধাৰাত আগবাঢ়ি চলে, যতলৈকে পৰম সমন্বয় বা চূড়ান্ত জ্ঞান না পায়। এই পৰম
সমন্বয়ক হেগেলে "সম্পূর্ণ সত্তা" বা "পৰমব্ৰহ্মা" বুলি আখ্যা দিছে।
    হেগেলৰ মতে, চিন্তা আৰু সত্তা একে। চিন্তাৰ দ্বাৰাই
সত্তা বিকশিত হয়। সেয়েহে, যিবোৰ বিৰোধ দেখা যায় সেয়া আংশিক মাত্ৰ,
আৰু চিন্তাৰ
দ্বান্দ্বিক পদ্ধতিৰ সহায়ত এই বিৰোধবোৰ মিলনৰ দিশে গৈ যুক্তিসংগত ঐক্যত পৰিণত হয়।
১৫। দৰ্শনত নির্বিচাৰবাদৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰঃ দাৰ্শনিক চিন্তাৰ সু-সংগঠিত বিকাশৰ বাবে দাৰ্শনিকসকলে বিভিন্ন চিন্তন-পদ্ধতি
গ্ৰহণ কৰিছে। তেনে এখন পদ্ধতি হৈছে নির্বিচাৰবাদ। এই পদ্ধতিত দাৰ্শনিকসকলে
জ্ঞানৰ উৎস, সীমা, অথবা ক্ষমতা সম্পৰ্কে গভীৰ অনুসন্ধান নকৰাকৈ কিছুমান ধাৰণা, নীতি বা মতবাদ
স্বতঃসিদ্ধ ৰূপে গ্ৰহণ কৰে। এই ধৰণৰ দৰ্শনকেই নির্বিচাৰবাদ বুলি কোৱা হয়।
    নির্বিচাৰবাদী দাৰ্শনিকসকলে কিছুমান মতবাদৰ
যুক্তিযুক্ততা পৰীক্ষা নকৰাকৈ, সমালোচনাৰ অপ্ৰয়াসে সিহঁতক সত্য বুলি স্বীকাৰ
কৰে। এই দৃষ্টিভংগীত যুক্তি আৰু বিশ্লেষণৰ পৰিৱৰ্তে বিশ্বাস আৰু অনুমানক প্ৰাধান্য
দিয়া হয়।
দৰ্শনৰ ইতিহাসত নিৰ্বিচাৰবাদী দাৰ্শনিকক দুটা প্ৰধান শাখালৈ ভাগ কৰা হয়:
- বুদ্ধিবাদী নির্বিচাৰবাদী (Rationalist Dogmatists): এই শ্ৰেণীৰ দাৰ্শনিকসকলে ইন্দ্ৰিয়ৰ জ্ঞানক অশুদ্ধ আৰু বিভ্ৰান্তিকৰ বুলি
     বিবেচনা কৰে। তেওঁলোকৰ মতে, কেৱল বুদ্ধিয়েহে সত্য আৰু নিখুঁত জ্ঞান দিব
     পাৰে। ইন্দ্ৰিয়ৰ অভিজ্ঞতা প্ৰৱঞ্চনামূলক হ’ব পাৰে,
     কিন্তু যুক্তি বোধগম্য, স্থায়ী আৰু
     বিশুদ্ধ।
 - উদাহৰণ: ডেকাৰ্ট, স্পিনোজা,
      লাইবনিজ আদিকে এই শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়।
      তেওঁলোকে বিশ্বাস কৰে যে মানুহে কিছু অন্তর্জাত (innate)
      ধাৰণা লৈ জন্ম লয়।
 - অভিজ্ঞতাবাদী নির্বিচাৰবাদী (Empiricist Dogmatists): এই শ্ৰেণীৰ দাৰ্শনিকসকলে বুদ্ধিক উপেক্ষা কৰি অভিজ্ঞতাক
     জ্ঞানৰ একমাত্ৰ উৎস বুলি স্বীকাৰ কৰে। তেওঁলোকৰ মতে, সকলো জ্ঞান ইন্দ্ৰিয়ৰ অভিজ্ঞতাৰ পৰা আহে আৰু মানুহ
     জন্মৰ সময়ত কোনো অন্তর্জাত ধাৰণাৰ সৈতে জন্মগ্রহণ নকৰে।
 - উদাহৰণ: লক, হিউম আদি
      দাৰ্শনিকসকলে এই দৃষ্টিভংগী গ্ৰহণ কৰিছে।
 
সমালোচনা: নির্বিচাৰবাদৰ মূল অসুবিধা হ'ল – ইয়াত প্রশ্ন, বিশ্লেষণ বা যুক্তিৰ
স্থান অতি সীমিত।
- দাৰ্শনিক চিন্তাৰ মূল ভিত্তি হৈছে সমালোচনামূলক
     বিশ্লেষণ আৰু যুক্তি-অনুসন্ধান।
 - নির্বিচাৰবাদীসকলে যিবোৰ নীতি বা মতবাদ গ্ৰহণ কৰে, সিহঁতক সত্য বুলি আগতে ধৰি লৈ ইয়াৰ ওপৰত নিজ চিন্তা গঢ়ি তোলে, যাৰ ফলত চিন্তাৰ বিকাশ স্তব্ধ হৈ পৰে।
 - এই দৃষ্টিভংগী অন্ধবিশ্বাস বা গোড়ামিৰ সৈতে তুলনীয়।
 - ইয়াত ব্যক্তিগত মতক শ্ৰেষ্ঠ বুলি ধৰি লোৱাৰ প্রবণতা দেখা যায়, যি দৰ্শনৰ মূলচেতনাৰ লগত অসঙ্গত।
 
    দৰ্শন হৈছে বিচাৰ আৰু চিন্তাৰ পথ। কোনো ধাৰণা, নীতি বা মতবাদ বিশ্লেষণ আৰু
যুক্তিৰ ছাঁনি নকৰাকৈ গ্ৰহণ কৰাটো দাৰ্শনিক দৃষ্টিভংগীৰ পৰিপন্থী।
সেয়েহে, নির্বিচাৰবাদ একপাক্ষিক, অযুক্তিক আৰু অগ্ৰহণযোগ্য চিন্তন-পদ্ধতি। দাৰ্শনিক চিন্তাৰ সঠিক বিকাশৰ
বাবে সমালোচনামূলক দৃষ্টিভংগী তথা বিচাৰপূৰ্ণ অনুসন্ধান অত্যন্ত প্রয়োজনীয়।
১৬। অজ্ঞেয়তাবাদ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ দাৰ্শনিক চিন্তাৰ সুসংবদ্ধ আলোচনাৰ উদ্দেশ্যে বিভিন্ন দার্শনিকে বিভিন্ন
পদ্ধতি গ্ৰহণ কৰিছে। সেইবোৰৰ ভিতৰত অজ্ঞেয়তাবাদ (Agnosticism) হৈছে এক বিশেষ ধাৰণা,
যাক জ্ঞানৰ সীমা স্বীকাৰ
কৰা পদ্ধতি হিচাপে বৰ্ণনা কৰিব পৰা যায়।
অজ্ঞেয়তাবাদ অনুসৰি, মানুহে যিখন জগত ইন্দ্ৰিয়ৰ সহায়ত অভিজ্ঞতা কৰি
পায়, সি প্রকৃত বা চূড়ান্ত জগত নহয়।
- এই জগত প্ৰতিভাষিক (Phenomenal world)—অর্থাৎ ই মাথোঁ
     আমাৰ ইন্দ্ৰিয়ৰ অভিজ্ঞতাৰূপে প্ৰকাশিত ৰূপ।
 - এই প্রতিভাষৰ অন্তৰালত যি ‘বস্তু-স্ব-ৰূপে’
     (Thing-in-itself) আছেহি, সেই সত্য বা
     প্ৰকৃত জগত অজ্ঞাত আৰু অজ্ঞেয়।
 - আমি সেই সত্তাৰ বিষয়ে কোনো পূৰ্ণ জ্ঞান লাভ কৰিব নোৱাৰো।
 
ইমানুৱেল কাণ্টৰ দৰ্শনত অজ্ঞেয়তাবাদৰ স্পষ্ট উপস্থিতি দেখা যায়।
- কাণ্টৰ মতে, জগত দুখন ভাগত বিভক্ত—(১) ইন্দ্ৰিয়লব্ধ
     জগত আৰু (২) অতীন্দ্ৰিয় জগত।
 - ইন্দ্ৰিয়লব্ধ জগতৰ বিষয়ে আমি সংবেদন আৰু
     বোধৰ সহায়ত জ্ঞান লাভ কৰোঁ, কিন্তু
     অতীন্দ্ৰিয় জগত ইন্দ্ৰিয়গম্য নহয়।
 - অতএব, ‘বস্তু-স্ব-ৰূপে’ বিষয়সমূহ মানৱ বৌদ্ধিক
     সীমাৰ বাহিৰত।
 - আমি যি জ্ঞান লাভ কৰোঁ, সেয়া মাথোঁ প্ৰতিভাষিক
     ৰূপৰ বিষয়ে; প্ৰকৃত বস্তু বা সত্য সত্তা অজ্ঞাত আৰু অজ্ঞেয়।
 
জন লকৰ অভিজ্ঞতাবাদী দৰ্শনতো অজ্ঞেয়তাবাদ প্ৰকাশ পাইছে।
- তেওঁ ভৌতিক বস্তুৰ অস্তিত্ব স্বীকাৰ কৰে যদিও, সেইবোৰ আমাৰ ইন্দ্ৰিয়ৰ মাধ্যমে পোনপটীয়াকৈ
     প্ৰত্যক্ষযোগ্য নহয়।
 - লকে বস্তুৰ প্রাথমিক গুণ (যেনে—আকাৰ,
     বিস্তৃতি, গতি)ক বস্তুনিৰ্ভৰ আৰু গৌণ গুণ (যেনে—স্বাদ, গোন্ধ)ক ব্যক্তিনির্ভৰ বুলি কয়।
 - তেওঁ ধাৰণাৰ সহায়ত বস্তুৰ অস্তিত্ব অনুমান কৰে; সেয়া নিশ্চিত জ্ঞান নহয়।
 - অতএব, বস্তুৰ প্রকৃত সত্তা অজ্ঞাত আৰু অজ্ঞেয়।
 
সমালোচনা
- অজ্ঞেয়তাবাদৰ মুখ্য দুর্বলতা হ’ল:  যি বস্তু
     সম্পৰ্কে আমি একেবাৰে অজ্ঞ, সেই বস্তু আছে বুলি ক’ব পাৰি নে?
 - ই এক ধৰণৰ স্ববিৰোধিতা। যদি কোনো বস্তু ‘অজ্ঞেয়’ হয়, তেন্তে সেই বস্তুৰ অজ্ঞেয়তাৰ বিষয়ে জ্ঞান
     থকা নিজেই এক ধৰণৰ জ্ঞান।
 - সেই বাবে, ‘অজ্ঞাত’ বুলি জনা বিষয়টোও এক প্ৰকাৰৰ জ্ঞান;
     যি অজ্ঞেয় বুলি কোৱা হৈছে, সেয়া জানিব পৰা
     বুলি স্বীকাৰ কৰা হৈছে।
 - দাৰ্শনিক জৰ্জ বার্কলি (George Berkeley) আদি ভাববাদীসকলে স্পষ্টকৈ কয়—যি বস্তু আমাৰ অভিজ্ঞতাৰ সীমাৰ বাহিৰত,
     তাৰ অস্তিত্ব ধৰি লোৱাৰ কোনো যুক্তিসংগত আধাৰ নাই।
 - ফলত, অজ্ঞেয়তাবাদ চিন্তাৰ পথ বন্ধ কৰি দিয়ে। ই জ্ঞান আৰু অনুসন্ধানৰ বিকাশ বাধাগ্ৰস্ত কৰে।
 
অজ্ঞেয়তাবাদে যেতিয়ালৈকে মানৱ জ্ঞানেৰ সীমা স্বীকাৰ কৰে, তেতিয়ালৈকে ই যুক্তিসংগত হ’ব পাৰে। কিন্তু জ্ঞানৰ সম্ভাবনাই অস্বীকাৰ কৰি যদি কোৱা হয় যে কোনো বস্তু একেবাৰে অজ্ঞেয়, তেন্তে ই দার্শনিক চিন্তাৰ উদ্দেশ্যৰ লগত সাংঘর্ষিক হৈ পৰে। দৰ্শন সন্দেহ, অনুসন্ধান, আৰু যুক্তিৰ ওপৰত আধাৰিত। সেই বাবে অজ্ঞেয়তাবাদ দাৰ্শনিক পদ্ধতি হিচাপে গ্রহণযোগ্য নহয়।
১৭। হেগেলৰ দ্বন্দ্বাত্মক পদ্ধতি চমুকৈ আলোচনা কৰা।
উত্তৰঃ হেগেলৰ মতে, জগতৰ মূল হ’ল পৰম ধাৰণা বা পৰম চিন্তা—যাক তেওঁ পৰমাত্মা বুলিও অভিহিত কৰিছে। এই পৰম সত্তা হ’ল অসীম, স্বয়ংসম্পূর্ণ, স্বনিৰ্ভৰ, স্বনিয়ন্ত্ৰিত আৰু
চিৰ চৈতন্যময়। এই পৰম চৈতন্যই জড় আৰু জীৱ—দুয়োৰে মাজেৰে আত্মপ্ৰকাশ কৰে আৰু নিজ
স্বৰূপ উপলব্ধি কৰে। সেয়ে জগতৰ সকলো বস্তু, জীৱ হ’ল সেই পৰম সত্তাৰেই
একোটা বিকাশমান ৰূপ। গতিকে, পৰম সত্তা আৰু জাগতিক সত্তাৰ মাজত কোনো মৌলিক
ভিন্নতা নাই।
    হেগেল বিশ্বাস কৰে যে এই চৈতন্যময় পৰম সত্তা জগতৰ বস্তুগত তথা আত্মিক
দিশবোৰৰ মাজেৰে বিকাশ লাভ কৰে। সকলো জাগতিক বস্তু আৰু সসীম সত্তাৰ ভিতৰতে এই অসীম পৰম সত্তাৰ
অস্তিত্ব থাকে। এই বিকাশ বা আত্মপ্ৰকাশৰ প্ৰক্ৰিয়াই হ'ল এক দ্বান্দ্বিক গতি—অর্থাৎ, এটা ধাৰণাৰ জন্ম হয়
(Thesis), তাৰ বিপৰীতে এটা নতুন ধাৰণা বা প্ৰতিনয় (Antithesis) আহে, আৰু শেষত উভয়টাক একত্ৰ কৰি
এটা উচ্চতর ধাৰণাত পৰিণত কৰা হয় (Synthesis)।
    এই দ্বান্দ্বিক গতিৰে পৰম সত্তাই নিজে অবিৰত বিকাশ কৰি থাকে। উদাহৰণ
স্বৰূপে, যদি কোনো দাৰ্শনিক কৈ যে "জড় বস্তুহে মূল" (থিছিছ), তেন্তে তাৰ প্ৰতিনয়
হ’ব—"আত্মাই মূল", আৰু এই দুয়োটাৰ মাজৰ সমন্বয় হ’ব—"জড় আৰু
আত্মা উভয়েই একে পৰম সত্তাৰ দিশ", যি হ'ল ছিন্থেছিছ।
    এইদৰে, হেগেলৰ মতে, পৰম সত্তা জগৎৰ মাজেৰে,
বিভিন্ন বিৰোধিতা
আৰু অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি, আত্মজ্ঞান অৰ্জন কৰে। এই আত্মজ্ঞানৰ
পথতে জগত উন্নতি লাভ কৰে আৰু পৰম সত্তাই নিজ স্বৰূপত পূৰ্ণতা পায়। এই পূৰ্ণতা হ'ল পৰম সত্তাৰ অন্তিম অভিব্যক্তি,
যি জগতক মহীয়ান আৰু
সুন্দৰ ৰূপত গঢ়ি তোলে।
    হেগেলৰ মতে, জগতখনে কেৱল এক মায়া নহয়;
ই হ'ল পৰম চৈতন্যৰ
বাস্তৱ আৰু বিকাশশীল ৰূপ। জগতেৰে পৰম সত্তাই নিজৰ লীলালাসা প্ৰকাশ কৰে আৰু অন্ততঃ
নিজেই পূৰ্ণ ৰূপত আত্মপ্ৰকাশ কৰে।