Chapter 1
তর্কবিজ্ঞানৰ মৌলিক ধাৰণা (Basic Logical Concepts)
অতি চমু প্রশ্নোত্তৰ:
১। তর্কবিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ ইংৰাজী "Logic" শব্দটোৰ অসমীয়া
প্রতিশব্দ তর্কবিজ্ঞান। এই শব্দটো গ্ৰীক ভাষাৰ "Logos" শব্দৰ পৰা উদ্ভৱ হোৱা,
যাৰ অৰ্থ চিন্তা বা যুক্তি। সেইবাবে কিছুমান
তর্কবিদে তর্কবিজ্ঞানক চিন্তাৰ বিজ্ঞান বুলি অভিহিত কৰিছে।
ব্যুৎপত্তিগত দৃষ্টিৰ পৰা তর্কবিজ্ঞান হৈছে — ভাষাত প্ৰকাশিত চিন্তা বা যুক্তিৰ
বিজ্ঞান।
২। তর্কবিজ্ঞানৰ প্ৰধান বিষয় কি?
উত্তৰঃ সত্য আৰু অসত্য লগতে বৈধতা আৰু অবৈধতা — এইবোৰ তর্কবিজ্ঞানৰ মুখ্য আলোচ্য বিষয়।
৩। পৰম্পৰাগত তর্কবিজ্ঞান কি?
উত্তৰঃ এৰিষ্টটল আৰু তেওঁৰ অনুসৰীসকলৰ তর্কবিজ্ঞানমূলক চিন্তা, পদ্ধতি আৰু নীতিসমূহৰ ওপৰত ভিত্তি কৰি গঠিত তর্কবিজ্ঞানক প্ৰাচীন বা পৰম্পৰাগত তর্কবিজ্ঞান বুলি কোৱা হয়।
৪। পৰম্পৰাগত তর্কবিজ্ঞানত এবিষ্ট টলে কি প্রতীক ব্যৱহাৰ কৰিছিল?
উত্তৰঃ পৰম্পৰাগত তর্কবিজ্ঞানত এৰিষ্টটলে চল বা পৰিবৰ্ত্যৰ ব্যৱহাৰ কৰিছিল।
৫। পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্রতীকাত্মক তর্কবিজ্ঞানৰ মাজত থকা এটা গুকত্বপূর্ণ পার্থক্য উল্লেখ কৰা।
উত্তৰঃ পৰম্পৰাগত তর্কবিজ্ঞানত আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতা পৰীক্ষা কৰা হয়, কিন্তু প্ৰতীকাত্মক তর্কবিজ্ঞানত কেৱল আকাৰগত সত্যতাহে পৰীক্ষা কৰা হয়।
৬। যুক্তি কাক বোলে?
উত্তৰঃ এটা যুক্তি আধাৰবচন আৰু সিদ্ধান্তৰ মাজৰ তর্কবিজ্ঞানসন্মত সম্পৰ্কক প্ৰদৰ্শন কৰে।
৭। এটা যুক্তি কেতিয়া বৈধ হয়?
উত্তৰঃ এটা যুক্তি তেতিয়াহে বৈধ হয়, যেতিয়া সিদ্ধান্তটো আধাৰবচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।
৮। এটা যুক্তি কেতিয়া অবৈধ হয়?
উত্তৰঃ এটা যুক্তি তেতিয়াহে অবৈধ হয়, যেতিয়া সিদ্ধান্তটো আধাৰবচনৰ পৰা অনিবার্যভাৱে নিঃসৃত নহয়।
৯। বচন আৰু যুক্তিৰ মাজত থকা এটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ বচন সঁচা বা মিছাৰ সৈতে সম্পর্কিত, আৰু বৈধতা বা অবৈধতা যুক্তিৰ সৈতে সম্পর্কিত।
১০। যুক্তিৰ গুণ কি?
উত্তৰঃ বৈধতা আৰু অবৈধতা হৈছে যুক্তিৰ গুণ।
১১। যুক্তিৰ প্ৰকাৰসমূহ কি কি?
উত্তৰঃ আগমনাত্মক আৰু নিগমানত্মক যুক্তি।
১২। নিগমনাত্মক যুক্তি কি?
উত্তৰঃ যি যুক্তিত সিদ্ধান্তটো আধাৰবচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়, সেই যুক্তিক নিগমনাত্মক যুক্তি বুলি কোৱা হয়।
১৩। আগমনাত্মক যুক্তি কি?
উত্তৰঃ যি যুক্তিত সম্ভাব্য সিদ্ধান্তটো বিশেষ বচনৰ পৰা প্ৰতিষ্ঠা কৰা হয়, সেই যুক্তিক আগমনাত্মক যুক্তি বুলি কোৱা হয়।
১৪। নিগমনাত্মক যুক্তিৰ উদাহৰণ দিয়া।
উত্তৰঃ সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ধনী মানুহ।
চমু প্রশ্নোত্তৰ:
১। তর্কবিজ্ঞান কি?
উত্তৰঃ তর্কবিজ্ঞান হৈছে ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। ইয়াৰ ইংৰাজী প্ৰতিশব্দ "Logic", যি গ্ৰীক শব্দ "Logika" ৰ পৰা উদ্ভৱ হৈছে। "Logika" হৈছে "Logos" বিশেষ্যৰ বিশেষণ, আৰু "Logos" ৰ অৰ্থ হ'ল চিন্তা বা চিন্তাৰ প্ৰকাশ। সেইবাবে তর্কবিজ্ঞানৰ অৰ্থ — ভাষাত প্ৰকাশিত চিন্তা বা যুক্তিৰ বিজ্ঞান।ডিউৱে আৰু ষ্টেকিঙ-ৰ মতে, যুক্তি হৈছে পদ্ধতিগত চিন্তা, আৰু ভাষা হৈছে চিন্তাৰ বাহন। চিন্তা মনৰ ভিতৰৰ এটা মানসিক প্ৰক্ৰিয়া। তর্কশাস্ত্ৰ ভাষাৰ আকাৰ বা শব্দৰ ৰূপৰ সৈতে সম্পৰ্কিত নহয়; ই ভাষাই সূচোৱা চিন্তাক আলোচনা কৰে। সেয়েহে তর্কশাস্ত্ৰক আদৰ্শ বা শুদ্ধ চিন্তাৰ বিজ্ঞান বুলি কোৱা হয়।এলড্ৰিচ-ৰ মতে, তর্কশাস্ত্ৰ হৈছে যুক্তিৰ কলা।হোৱেটলি-ৰ মতে, তর্কবিজ্ঞান হৈছে যুক্তিৰ কলা আৰু বিজ্ঞান।যুক্তিত সত্যতা নিশ্চিত কৰিবলৈ তর্কবিজ্ঞানৰ প্ৰয়োগ হয়।মিল-ৰ মতে, তর্কশাস্ত্ৰ হৈছে অৱৰোধ (Inference)-ৰ ক্ৰিয়াবলীসমূহৰ বিজ্ঞান — যিবোৰ ক্ৰিয়া সাক্ষ্যৰ মূল্যায়নৰ নিয়ম মানে। অৱৰোধ হৈছে জনা সত্যৰ পৰা অজানা সত্যলৈ আগবাঢ়াৰ প্ৰক্ৰিয়া, আৰু ইয়াৰ অন্তৰ্গত বিভিন্ন বৌদ্ধিক ক্ৰিয়া থাকে।সাৰাংশত, তর্কশাস্ত্ৰ হৈছে চিন্তা আৰু যুক্তিৰ নীতি-নিয়মৰ বিজ্ঞান।
২। পৰম্পৰাগত তর্কবিজ্ঞানৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান বুলিলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে খ্ৰীষ্টপূৰ্ব চতুৰ্থ
শতিকাত প্ৰতিষ্ঠা কৰা তর্কবিজ্ঞানক বুজোৱা হয়। ইয়াক এৰিষ্টটলীয় তর্কবিজ্ঞান নামেও অভিহিত কৰা
হয়। এই তর্কবিজ্ঞান মূলতঃ ন্যায় অনুমানৰ আলোচনাত সীমাবদ্ধ
আছিল আৰু উনবিংশ শতিকাৰ মধ্যভাগলৈকে পাশ্চাত্য চিন্তাজগতত আধিপত্য বিস্তাৰ কৰিছিল।
এৰিষ্টটলৰ অনুগামীসকলে তর্কবিজ্ঞানক সম্পূর্ণ
বিজ্ঞান হিচাপে গণ্য কৰিছিল। যদিও সময়ৰ সৈতে বুজি উঠা যায় যে, এৰিষ্টটলীয়
তর্কবিজ্ঞান গুৰুত্বপূৰ্ণ হলেও ই সামগ্ৰিক তর্কবিজ্ঞানৰ কেৱল এটা অংশ, আৰু ইয়াৰ উন্নতি
আৰু বিকাশৰ প্ৰয়োজন আছে।
পৰম্পৰাগত তর্কবিজ্ঞান হৈছে তর্কবিজ্ঞানৰ এটা
শাখা যি মধ্যযুগৰ পৰাই প্ৰায় অপৰিৱৰ্তনীয় হৈ আছে। প্ৰায় ২০০০ বছৰ আগতে এৰিষ্টটল আৰু তেওঁৰ অনুসৰীসকলে ইয়াৰ প্ৰৱৰ্তন
কৰিছিল।এৰিষ্টটলে প্ৰৱৰ্তন কৰা বাবে ইয়াক এৰিষ্টটলীয় তর্কবিজ্ঞান বুলিও কোৱা হয়।
তেখেতৰ বহু অনুগামীয়ে ইয়াক স্বয়ংসম্পূর্ণ বিজ্ঞান বুলি ধৰি লৈছিল আৰু নতুনকৈ
সংযোজনৰ প্ৰয়োজন নাই বুলি ভাবিছিল। সেয়েহে পৰম্পৰাগত তর্কবিজ্ঞানক প্ৰাচীন বা এৰিষ্টটলীয় তর্কবিজ্ঞান নামেও জনা যায়।
৩। যুক্তি কি? উদাহৰণ দিয়া।
উত্তৰঃ যুক্তি তর্কবিজ্ঞানৰ এটা কেন্দ্ৰীয় বিষয়। যুক্তি মানে দুটা বা ততোধিক বচনৰ
সমষ্টি, কিন্তু যিকোনো বচনৰ সমষ্টিকেই যুক্তি বুলি ক’ব নোৱাৰি। উদাহৰণস্বৰূপে —
উপৰোক্ত দুটা বচন একেলগে থৈলেও ইয়াৰে মাজত কোনো তর্কবিজ্ঞানসন্মত সম্পৰ্ক নাই,
সেয়ে এইটো যুক্তি
নহয়।
৪। সুস্থ বা সবল যুক্তি কি?
উত্তৰঃ তর্কবিজ্ঞানৰ মুখ্য কাম হৈছে যুক্তিৰ দৃঢ়তা পৰীক্ষা কৰা। যুক্তি বৈধ বা অবৈধ হব পাৰে, আৰু ই বচনৰ দ্বাৰা গঠিত হয়। বচন সত্য বা মিথ্যা দুয়োটাই হব পাৰে। যদি কোনো যুক্তিৰ আধাৰবচন আৰু সিদ্ধান্ত — দুয়োটাই সত্য হয় আৰু যুক্তিটো বৈধ হয়, তেন্তে সেই যুক্তিক সুস্থ বা সবল যুক্তি বুলি কোৱা হয়। অৰ্থাৎ, যুক্তিৰ সকলো বচন সত্য আৰু যুক্তি বৈধ হ’লে এটাক সুস্থ যুক্তি বুলি গণ্য কৰা হয়।
৫। নিগমনাত্মক যুক্তি কাক বোলে?
উত্তৰঃ নিগমনাত্মক যুক্তিত সিদ্ধান্তটো আধাৰবচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।
সাধাৰণতে এই ধৰণৰ যুক্তিত আমি সাৰ্বজনীন বচনৰ পৰা বিশেষ বচনলৈ আগবাঢ়ো, আৰু ইয়াৰ সিদ্ধান্ত
আধাৰবচনতকৈ কম ব্যাপক হয়।
উদাহৰণ —
সকলো মানুহ মৰণশীল।
ৰাম মানুহ।
∴ ৰাম মৰণশীল।
ইয়াত সিদ্ধান্তটো আধাৰবচন দুটাৰ পৰা নিঃসৃত, সেয়েহে এইটো নিগমনাত্মক যুক্তি। এই যুক্তি অনুসৰি
যদি আধাৰবচন সত্য হয়, তেন্তে সিদ্ধান্তো নিশ্চিতভাৱে সত্য হব লাগে।নিগমনাত্মক যুক্তিত শুদ্ধ আৰু অশুদ্ধৰ পৰিৱৰ্তে বৈধ আৰু অবৈধ শব্দ ব্যৱহাৰ কৰা
হয়। কোনো নিগমনাত্মক যুক্তি বৈধ হবলৈ ইয়াৰ আধাৰবচন আৰু সিদ্ধান্ত পৰস্পৰে
যুক্তিসংগতভাৱে সম্পৰ্কিত হব লাগিব। এই ধৰণৰ যুক্তিত আধাৰবচনবোৰ সত্য হৈ সিদ্ধান্ত
অসত্য হোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অসম্ভৱ।
৬। আগমনাত্মক যুক্তি কাক বোলে?
উত্তৰঃ আগমনাত্মক যুক্তিত সিদ্ধান্তটো সম্ভাব্যতাৰ ভিত্তিত বিশেষ বিশেষ
আধাৰবচনৰ পৰা নিঃসৃত হয়। এই ধৰণৰ যুক্তিত আধাৰবচনবোৰক সিদ্ধান্তৰ আধাৰ বা ভেটি হিচাপে ধৰা হয়।
সাধাৰণতে আগমনাত্মক যুক্তিত আমি বিশেষ বচনৰ পৰা সাৰ্বজনীন সত্যলৈ আগবাঢ়ো, আৰু ইয়াৰ সিদ্ধান্ত
আধাৰবচনতকৈ অধিক ব্যাপক হয়।
উদাহৰণ —
ইয়াত সিদ্ধান্ত ‘সকলো মানুহ বুধিয়ক’ বিশেষ বিশেষ আধাৰবচন (ৰাম বুধিয়ক, হৰি বুধিয়ক, যদু বুধিয়ক)ৰ পৰা আহৰণ কৰা হৈছে। আগমনাত্মক যুক্তিত এই আধাৰবচনবোৰ অভিজ্ঞতাৰ পৰা সংগৃহীত তথ্যৰ ওপৰত নিৰ্ভৰশীল, আৰু সিদ্ধান্ত প্ৰতিষ্ঠাৰ বাবে প্রমাণ হিচাপে কাম কৰে। যেতিয়া আধাৰবচনবোৰ যথেষ্ট তথ্য প্ৰদান কৰে, তেতিয়া আগমনাত্মক যুক্তি সত্য হ’ব; কিন্তু যদি এই আধাৰবচনবোৰ প্ৰমাণৰ যোগান ধৰিবলৈ ব্যৰ্থ হয়, তেন্তে আগমনাত্মক যুক্তি অসত্য বা অশুদ্ধ** হব পাৰে।
৭। সত্যতা আৰু বৈধতাৰ সম্পৰ্ক কেনেকুৱা?
উত্তৰঃ জ্ঞাত আধাৰবচনৰ ভিত্তিত কোনো অজ্ঞাত সিদ্ধান্তবচন প্ৰতিষ্ঠা কৰিবলৈ যি বচনৰ সমষ্টিৰ সহায় লোৱা হয়, তাকেই যুক্তি বোলা হয়। যুক্তিৰ ক্ষেত্ৰত বৈধতা আৰু অবৈধতাৰ মূল্যায়ন কৰা হয়। বৈধ যুক্তিত যদি আধাৰবচন সত্য হয়, তেন্তে সিদ্ধান্তো নিশ্চয়তে সত্য হব। আনহাতে, অবৈধ যুক্তিত আধাৰবচন সত্য হ’লেও সিদ্ধান্ত মিছা হ’ব পাৰে। সেয়ে যেতিয়া কোনো যুক্তিৰ আধাৰবচনে সিদ্ধান্তক নিশ্চিতভাৱে নির্দেশ কৰে, সেই যুক্তিকেই বৈধ যুক্তি বুলি কোৱা হয়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। তর্কবিজ্ঞান কি? তর্কবিজ্ঞানৰ এটি সংজ্ঞা দিয়া। এই সংজ্ঞাটো কিয় সন্তোষজনক তাৰ যুক্তি দর্শোৱা।
উত্তৰঃ তর্কবিজ্ঞানক সাধাৰণতে অনুমানসম্পৰ্কীয় বিজ্ঞান বুলি কোৱা হয়। ই চিন্তাৰ আদৰ্শনিষ্ঠ বিজ্ঞান, আৰু জ্ঞানৰ সত্যতাই ইয়াৰ মুখ্য আদৰ্শ। যথার্থতা নিৰ্ণয়ৰ উদ্দেশ্যে তর্কবিজ্ঞানৰ বহুবিধ সংজ্ঞা প্ৰচলিত থাকিলেও, তাৰ ভিতৰত মিল-ৰ সংজ্ঞাটো অধিক গ্রহণযোগ্য বুলি বিবেচিত হয়। মিলৰ মতে — "যি জ্ঞানবৃত্তিয়ে সাক্ষ্য-প্ৰমাণৰ ভিত্তিত জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ উপনীত হ'বলৈ সহায় কৰে, সেই জ্ঞানবৃত্তিৰ ক্ৰিয়াসমূহ আৰু সেই অনুমান প্ৰক্ৰিয়াৰ সহায়ক আনুষঙ্গিক বুদ্ধিগত প্ৰক্ৰিয়াসমূহৰ বৈজ্ঞানিক আলোচনাকেই তর্কবিজ্ঞান বোলে। এই সংজ্ঞাটো গ্রহণযোগ্য হোৱাৰ মুখ্য কাৰণসমূহ —
(ক) সংজ্ঞাটোৱে স্পষ্টকৈ দেখুৱাইছে যে তর্কবিজ্ঞান হৈছে বিজ্ঞান আৰু কলা
উভয়েই।
(খ) "সত্য" শব্দৰ ব্যৱহাৰে বুজাই দিছে যে তর্কবিজ্ঞান হৈছে
আদৰ্শনিষ্ঠ বিজ্ঞান আৰু ইয়াৰ উদ্দেশ্য সত্যৰ অনুসন্ধান।
(গ) "জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ উপনীত হওয়া" কথাটোৱে
তর্কবিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তুৰ ইংগিত দিয়ে।
(ঘ) "প্ৰমাণ" শব্দৰ উল্লেখে তর্কবিজ্ঞানৰ আকাৰগত সত্যতাৰ লগতে বস্তুনিষ্ঠ সত্যতা বিচাৰাৰ প্ৰয়োজনীয়তা
প্ৰকাশ কৰিছে।
(ঙ) সংজ্ঞাটোৱে অনুমান প্ৰক্ৰিয়াৰ লগতে ইয়াৰ সহায়ক অন্যান্য মানসিক প্ৰক্ৰিয়াৰো
উল্লেখ কৰিছে।
এইবোৰ গুণৰ বাবে, কিছুমান দোষ-ত্রুটি থাকিলেও, মিলৰ এই সংজ্ঞাটো সন্দেহাতীতভাৱে সন্তোষজনক সংজ্ঞা বুলি গণ্য কৰিব পাৰি।
২। তর্কবিজ্ঞানৰ স্বৰূপ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ভাষাত প্ৰকাশিত চিন্তাৰ যৌক্তিক বিজ্ঞানক তর্কবিজ্ঞান বোলা হয়। ই
মূলতঃ অনুমানৰ বিজ্ঞান, যাৰ মাধ্যমে চিন্তাৰ সহায়ত অধিগত বিষয়ৰ পৰা অনধিগত বিষয়ৰ জ্ঞানলৈ আগবাঢ়ি
যোৱা হয়। আমি যাতে শুদ্ধভাবে চিন্তা কৰিব পাৰো, তাৰ বাবে প্ৰণালীবদ্ধ আৰু
শৃঙ্খলাবদ্ধ নীতিৰ প্ৰয়োগেই তর্কবিজ্ঞান। ইংৰাজীত তর্কবিজ্ঞানক Logic বোলা হয়। Logic শব্দটো গ্ৰীক শব্দ Logikeৰ পৰা উদ্ভৱ হৈছে,
আৰু ইয়াৰ মূল Logos শব্দৰ অভিধানগত অৰ্থ
হৈছে চিন্তা বা চিন্তাৰ বাহক শব্দ।
মানুহ বুদ্ধি-বৃত্তিসম্পন্ন জীব। বুদ্ধি-বৃত্তি আৰু চিন্তা-চৰ্চাৰ মাধ্যমেই
মানুহ সদায় নতুনৰ সন্ধান কৰে, অজ্ঞানৰ পৰা জ্ঞানৰ দিশলৈ আগবাঢ়ে। এই সক্ষমতাই
মানুহক জীৱশ্ৰেষ্ঠৰ আসনত বসুৱাইছে। কিন্তু মানুহৰ সকলো চিন্তা সদায় যথার্থ নহয়;
কেতিয়াবা ভুল
চিন্তাৰ ফলত বিভ্ৰান্তি আৰু অশান্তি জন্মে। সোণৰ পাহাৰ বা পখীঘোঁৰাৰ দৰে অলীক
কল্পনাই চিন্তাক গধুৰ আৰু বিপথগামী কৰি তোলে। সেয়ে ভুল চিন্তা পৰিহাৰ কৰি সত্যলৈ
উপনীত হ’বলৈ কিছুমান নীতি-নিয়মৰ আশ্ৰয় ল’ব লাগিব, আৰু এই নীতি-নিয়মৰ
জ্ঞানেই হৈছে তর্কবিজ্ঞান।
প্ৰকৃত সত্যত উপনীত হ’বলৈ বিষয়ৰ আকাৰগত আৰু বস্তুগত দুয়ো সত্যতা একেলগে
বিদ্যমান থাকিব লাগিব। সেয়ে, তর্কবিজ্ঞান এই দুয়ো দিশৰ সত্যতা নিশ্চিত কৰিবলৈ
সদায় অনুসন্ধান অব্যাহত ৰাখে।
৩। তর্কবিজ্ঞান কলা নে বিজ্ঞান? আলোচনা কৰা।
উত্তৰঃ প্ৰকৃতিৰ কোনো বিশেষ ক্ষেত্ৰৰ বিষয়ে সু-শৃংখল আৰু পদ্ধতিগত জ্ঞান লাভ কৰাক বিজ্ঞান বোলে। যেনে –
পদার্থবিজ্ঞান, ৰসায়নবিজ্ঞান, মনোবিজ্ঞান আদি। আনহাতে, কলা বিদ্যা হৈছে বিজ্ঞানলব্ধ
জ্ঞানৰ প্ৰয়োগ। কলাৰ মূল লক্ষ্য হৈছে এই জ্ঞানক ব্যৱহাৰ কৰি উদ্দেশ্য সিদ্ধি কৰা।
সেইবাবে তর্কবিজ্ঞানক অনেক সময়তে প্ৰয়োগবিজ্ঞান বোলা হয়।
বিজ্ঞান আৰু কলাৰ মাজত মূল পাৰ্থক্য হৈছে –
- বিজ্ঞানে “জানিবলৈ” শিকায়, জ্ঞান প্ৰদান
কৰে।
- কলা বিদ্যা “কৰিবলৈ” শিকায়, অৰ্থাৎ সেই
জ্ঞানক কামত লগাবলৈ প্ৰেৰণা দিয়ে।
তর্কশাস্ত্ৰবিদ মিলৰ মতে –
- বিজ্ঞানৰ ভাষা হৈছে — “কোনো বস্তুৰ সত্তা আছে বা নাই”, “ই ঘটে বা নঘটে”।
- কলাৰ ভাষা হৈছে — “ই কৰে বা নকৰে”।
বিজ্ঞানে কিছুমান ঘটনা লক্ষ্য কৰি
সাধাৰণ নিয়ম উদ্ভাৱন কৰে, আৰু কলা বিদ্যাই নিৰ্দিষ্ট উদ্দেশ্য
সিদ্ধিৰ বাবে উপায় উদ্ভাৱন কৰে। যদিও বিজ্ঞান আৰু কলাৰ মাজত পাৰ্থক্য আছে, দুয়ো পৰস্পৰবিৰোধী
নহয়। বিজ্ঞানৰ সাফল্য কলাৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন তর্কশাস্ত্ৰবিদৰ মত —
- Hamilton,
Mansel আদি – তর্কবিজ্ঞান হৈছে বিজ্ঞানহে, কলা নহয়; ইয়াৰ নিজৰ বিষয়বস্তু আৰু উদ্দেশ্য আছে, কিন্তু কোনো প্ৰয়োগমূলক দিশ নাই। ইয়াৰ প্ৰয়োগ কৰা নকৰা সম্পূর্ণ
ব্যক্তিগত কথা।
- Aldrich
প্রভৃতি – তর্কবিজ্ঞান
কেৱল কলাহে, বিজ্ঞান নহয়; কিয়নো ই যৌক্তিক চিন্তা আৰু নীতি-নিয়মৰ
প্ৰয়োগ শিকায়। ইয়াৰ উদ্দেশ্য হৈছে ভুল চিন্তা চিনাক্ত কৰি সত্য উপলব্ধি কৰা।
- Mill, Whetely আদি – তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। ই অনুমানৰ জ্ঞান প্ৰদান কৰে আৰু তাক ব্যৱহাৰিক জীৱনত প্ৰয়োগৰ শিক্ষা দিয়ে।
৪। তর্কবিজ্ঞানৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ তর্কবিজ্ঞানৰ পৰিসৰ সম্বন্ধে তলত আলোচনা কৰা হল-
১. তর্কবিজ্ঞান বিজ্ঞান ৰূপে
- অন্যান্য বিজ্ঞানৰ দৰে তর্কবিজ্ঞানো এক প্ৰকাৰ বিজ্ঞান।
- ইয়াৰ এক নিৰ্দিষ্ট বিষয়ক্ষেত্ৰ আছে, যাক সাধাৰণতে চিন্তা-সম্পর্কীয় বিজ্ঞান বুলি কোৱা হয়।
- চিন্তা শব্দে প্রত্যক্ষ, স্মৃতি, কল্পনা,
অনুমান আদি সকলোকে ধৰে, যদিও
তর্কবিজ্ঞানে মূলত অনুমান বা যুক্তিপদ্ধতিৰ আলোচনা কৰে।
২. তর্কবিজ্ঞানৰ লক্ষ্য
- আদর্শনিষ্ঠ বিজ্ঞান হিচাপে পৰোক্ষ অনুমানলব্ধ জ্ঞানৰ প্রামাণ্য নিৰূপণ কৰা।
- যিহেতু পৰোক্ষ জ্ঞান অনিশ্চিত, ইয়াৰ সত্যতা নিৰ্ধাৰণ কৰাই তর্কবিজ্ঞানৰ
মুখ্য উদ্দেশ্য।
৩. মনোবিজ্ঞানৰ পৰা পাৰ্থক্য
- তর্কবিজ্ঞান অনুমানৰ উৎপত্তি বা বিকাশ (মনোবিজ্ঞানে যি কৰে) আলোচনা নকৰে।
- ইয়াত অনুমানৰ পৰিৱৰ্তে যুক্তি শব্দ ব্যৱহাৰ
হয়।
- যুক্তিবাক্যৰ গঠন:
- আধাৰ বচন (Premise)
- সিদ্ধান্ত বচন (Conclusion)
৪. অনুমানৰ প্ৰকাৰ
- নিগমন অনুমান (Deductive)
- আগমন অনুমান (Inductive)
- সেই অনুযায়ী তর্কবিজ্ঞানৰ শাখা —
- নিগমন তর্কবিজ্ঞান
- আগমন তর্কবিজ্ঞান
৫. আলোচ্য বিষয়বস্তু
- অনুমান বা যুক্তিপদ্ধতি
- যুক্তি-পদ্ধতিৰ সহায়ক বিষয়: পদ, বচন, সংজ্ঞা,
বিভাজন, শ্ৰেণীকৰণ ইত্যাদি।
- চিন্তাৰ মূলসূত্র:
- তাদাত্ম্য নিয়ম (Law of Identity)
- বিৰোধবাধক নিয়ম (Law of Contradiction)
- নির্মধ্যম নিয়ম (Law of Excluded Middle)
- সত্যতা নিৰূপণৰ নীতি-নিয়ম
- নীতি লংঘনজনিত দোষসমূহ
৬. আধুনিক তর্কবিজ্ঞানৰ অবদান
- উক্তি আৰু যুক্তিৰ আকাৰনিষ্ঠ বৈধতা আৰু সত্যতা নিৰূপণৰ পদ্ধতি:
- নিগমন পদ্ধতি
- ভেন চিত্ৰ পদ্ধতি (Venn Diagram Method)
- সত্যতা-তালিকা পদ্ধতি (Truth Table Method)
৭. সম্পৰ্কীয় বিষয়
- মনোবিজ্ঞান, ব্যাকৰণ, দৰ্শন আদি বিষয়ৰ কিছুমান দিশো তর্কবিজ্ঞানৰ অন্তৰ্ভুক্ত হয়।
৫। তর্কবিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বোলা হয় কিয়?
উত্তৰঃ
১. আদর্শনিষ্ঠ বিজ্ঞানৰ অৰ্থ
- যি বিজ্ঞানে কোনো আদর্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰূপণ কৰে।
- আদর্শবোধৰ অনুগত হৈ বিষয়বস্তুৰ অতিপ্রাকৃত বা অতীন্দ্ৰিয় স্বভাৱৰ আলোচনা
কৰে।
- উদাহৰণ: তর্কবিজ্ঞান, নীতিবিজ্ঞান, সৌন্দর্যবিজ্ঞান।
২. বস্তুনিষ্ঠ বিজ্ঞানৰ অৰ্থ
- যি বিজ্ঞানে কোনো বস্তু বা বস্তুৰ প্ৰকৃত স্বভাৱ নিৰূপণ কৰে।
- বিষয়বস্তুৰ বাস্তৱ গুণ আৰু ক্রিয়াৰ বিষয়ে আলোচনা কৰে।
৩. বিষয়নিষ্ঠ বনাম আদর্শনিষ্ঠ জ্ঞান
- বিষয়নিষ্ঠ জ্ঞান: বস্তুৰ প্ৰকৃত স্বভাৱ নিৰূপণ।
- আদর্শনিষ্ঠ জ্ঞান: বস্তুৰ অতিপ্রাকৃত বা আদর্শ স্বভাৱ প্ৰতিপাদন।
৪. তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান হিচাপে
- মুখ্য লক্ষ্য: আদৰ্শৰ ভেটিত সভ্যতা আৰু সত্যৰ প্ৰাপ্তি।
- আলোচ্য বিষয়:
- জ্ঞানৰ আগৰগত স্বভাৱ
- জ্ঞানৰীতি
- জ্ঞানৰ মূল নিয়ম
- তর্কবিজ্ঞানৰ আদৰ্শ সত্য
- যথার্থ জ্ঞানৰ পৰা সত্যৰ উপলব্ধি হয়।
৫. ভিন্ন মতামত
- মিল, বেইন আদি: তর্কবিজ্ঞান
বস্তুনিষ্ঠ বিজ্ঞান; ইয়াৰ ব্যৱহাৰিক দিশ আছে।
- বাস্তৱত তর্কবিজ্ঞানত আকাৰগত আৰু বস্তুগত উভয় সত্যতা জড়িত।
- সেইবাবে ই আদর্শনিষ্ঠ আৰু বিষয়নিষ্ঠ উভয়েই।
৬. আকাৰগত বনাম বস্তুগত সত্যতা
- আকাৰগত সত্যতা: বচনৰ গঠন স্ববিৰোধী নহয়।
- উদাহৰণ: “বৃত্তাকাৰ ত্ৰিভুজ” (মিথ্যা — স্ববিৰোধী)“সোণৰ পাহাৰ” (আকাৰগতভাৱে সত্য, যদিও বাস্তৱত নাই)।
- বস্তুগত সত্যতা: চিন্তা আৰু বাস্তৱৰ মাজত মিল।
- উদাহৰণ: “কাউৰী ক’লা”, “গাখীৰ বগা” — আকাৰগতভাৱে সত্য আৰু বাস্তৱৰ
লগত সামঞ্জস্যপূর্ণ।
৭. তর্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য
- শুদ্ধ চিন্তাৰ মাধ্যমে সত্যত উপনীত হওঁ।
- কিদৰে চিন্তা কৰিলেই চিন্তা নিৰ্ভুল হ’ব — সেই নীতি নিৰ্দেশ কৰা।
- মনৰ ভিতৰত চিন্তাৰ উৎপত্তি বা বিকাশৰ আলোচনা নকৰে।
৬। তর্কবিজ্ঞান আকাৰনিষ্ঠ হয়নে? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ তর্কবিজ্ঞানৰ আকাৰনিষ্ঠ বিষয়ে তলত ব্যাখ্যা কৰা হল- তর্কবিজ্ঞান হৈছে ভাষাত প্ৰকাশ হোৱা চিন্তাৰ বিজ্ঞান, আৰু ই মূলত অনুমানৰ বিজ্ঞান। ই চিন্তাৰ সহায়ত অধিগত জ্ঞানৰ পৰা অনধিগত জ্ঞানলৈ আগুৱাই নিয়ে। মিছা জ্ঞান পৰিহাৰ কৰি সত্যজ্ঞান লাভ কৰাই ইয়াৰ মূল উদ্দেশ্য। মানুহ বুদ্ধি-বৃত্তি সম্পন্ন জীৱ হিচাপে সদায় নতুন জ্ঞানৰ সন্ধান দিয়ে আৰু অজ্ঞানৰ অন্ধকাৰৰ পৰা জ্ঞানৰ ভঁৰাললৈ অগ্ৰসৰ হয়। সত্যতা হৈছে তর্কবিজ্ঞানৰ আদৰ্শ, যি দুই প্ৰকাৰৰ —
- আকাৰগত সত্যতা — অন্তৰ্বিৰোধমুক্ত চিন্তা বা অনুমান,
অৰ্থাৎ য’ত ধাৰণাৰ মাজত কোনো অভ্যন্তৰীণ বিৰোধ নাথাকে।
উদাহৰণ — "সোণৰ পাহাৰ", "এগৰাকী
পৰী" আকাৰগতভাৱে সত্য হ'ব পাৰে, কাৰণ ইয়াত
আত্মবিৰোধ নাই; কিন্তু "বৃত্তাকাৰ ত্ৰিভুজ", "বন্ধ্যা নাৰীৰ পুত্ৰ" আকাৰগতভাৱে মিছা, কাৰণ ই
আত্মবিৰোধী।
- বস্তুগত সত্যতা — চিন্তা আৰু বাস্তৱ জগতৰ মাজত মিল বা
সামঞ্জস্য থাকিলে ই বস্তুগতভাৱে সত্য হয়।
যথার্থ জ্ঞানত বস্তুৰ সত্তা প্ৰকাশ পায়, আৰু প্রকৃত সত্যত উপনীত
হ’বলৈ আকাৰগত আৰু বস্তুগত উভয় সত্যতা থাকিব লাগে।
- "চক্রেটিছ এজন দাৰ্শনিক" বচনত কর্তা — "চক্রেটিছ", বিধেয় — "দাৰ্শনিক", আৰু সম্পৰ্কসূচক শব্দ — "হয়"।
- "ৰাম হৈছে হৰিৰ ভাই" আৰু "ৰাম হৈছে ওখ" — দুয়ো বচনৰ আকাৰ
একে, কিন্তু গঠন বেলেগ। প্ৰথমটোত দুইজন ব্যক্তিৰ মাজৰ
সম্পর্ক বুজাইছে, দ্বিতীয়টোত ব্যক্তিৰ এটা গুণ বুজাইছে।
যুক্তিৰ বৈধতা মূলত আকাৰৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে তর্কবিজ্ঞানক আকাৰিক বিজ্ঞান বুলিও কোৱা হয়।
তর্কবিজ্ঞান যুক্তিৰ আকাৰ বিশ্লেষণ কৰি বৈধ যুক্তি চিনাক্ত কৰে আৰু বৈধ-অবৈধ
যুক্তিৰ পাৰ্থক্য নিৰ্ধাৰণৰ নীতি-নিয়ম দিয়ে।
৭। তর্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ তর্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা বিষয়ে তলত ব্যাখ্যা কৰা হল তর্কবিজ্ঞান হৈছে ভাষাৰে প্ৰকাশিত চিন্তাৰ যৌক্তিক বিজ্ঞান। মানুহ বুদ্ধি-বৃত্তিসম্পন্ন জীৱ আৰু চিন্তা কৰাটো তেওঁৰ সহজাত প্রবৃত্তি। কিন্তু চিন্তা যাতে সুসংযত আৰু সঠিক হয়, তাৰ বাবে তর্কবিজ্ঞান কিছুমান নীতি-নিয়ম প্ৰদান কৰে। তর্কবিজ্ঞান প্রামাণ্য নিৰূপণ কৰি যথার্থ জ্ঞানৰ সন্ধান দিয়ে, যাৰ ফলত ইয়াৰ জ্ঞান ব্যৱহাৰিক সিদ্ধি লাভৰ ক্ষেত্ৰত সহায়ক হয়।
তর্কবিজ্ঞানৰ ভূমিকা
- যুক্তি-তর্ক কৰাৰ ক্ষমতা তর্কবিজ্ঞান সৃষ্টি নকৰে; ই স্বাভাৱিক
প্রবৃত্তি।
- কিন্তু তর্কবিজ্ঞান শুদ্ধ যুক্তি-তর্কৰ নিয়ম-নীতিৰে ভুল-ভ্ৰান্তি চিনাক্ত
আৰু সংশোধন কৰিবলৈ সহায় কৰে।
- তর্কবিজ্ঞান অধ্যয়ন কৰিলে যুক্তি-তর্কৰ ক্ষমতা উন্নত হয়, আৰু ভুল চিন্তা-চৰ্চা দূৰীকৰণৰ পথ দেখায়।
সংশয় আৰু কুসংস্কাৰ দূৰীকৰণত তর্কবিজ্ঞান
- সংশয়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ ব্যৱহাৰিক জীৱনৰ প্ৰধান
অন্তৰায়।
- তর্কবিজ্ঞানৰ জ্ঞান এইবোৰৰ পৰা মুক্তি লাভত সহায়ক।
- ই মনক নিৰপেক্ষ, সংস্কাৰমুক্ত, আৰু
যুক্তিনিষ্ঠ দৃষ্টিভংগীৰ বাবে প্ৰস্তুত কৰে।
- মনৰ ভাবাবেগ পৰিহাৰ কৰি নির্ভুল যুক্তি-তর্কৰে বিষয়বস্তুৰ বিচাৰ কৰিবলৈ
মানসিক প্ৰৱণতা গঢ়ি তোলে।
৮। যুক্তি আৰু যুক্তিৰ আকাৰ সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ যুক্তি আৰু যুক্তিৰ আকাৰ সম্বন্ধে চমুকৈ দিয়া হল এক বা একাধিক জ্ঞাত অভিজ্ঞতাৰ ভিত্তিত অজ্ঞাত বিষয়ত উপনীত হোৱা মানসিক প্রক্রিয়াক অনুমান বোলে। অনুমানক ভাষাত প্ৰকাশ কৰাক যুক্তি বোলা হয়।
- অনুমান হৈছে মনৰ অব্যক্ত ৰূপ, আৰু যুক্তি হৈছে চিন্তাৰ ব্যক্ত ৰূপ।
- যুক্তিত এক বা একাধিক জ্ঞাত বচন (আধাৰ বচন/প্ৰতিজ্ঞা বচন) অনুধাৱন কৰি
তাৰ ভিত্তিত এটা নতুন অজ্ঞাত বচনক (সিদ্ধান্ত বচন) প্রতিষ্ঠা কৰা হয়।
উদাহৰণ
- সকলো মানুহ হয় মৰণশীল,হৰি হয় মানুহ,∴ হৰি হয় মৰণশীল।
- সোণটি হয় মৰমিয়াল,মাজনী হয় মৰমিয়াল,মিন্টু হয় মৰমিয়াল,∴ সকলো মানুহ হয় মৰমিয়াল।
প্ৰথম উদাহৰণত দুইটা আধাৰ বচনৰ সম্পৰ্কৰ ভিত্তিত
সিদ্ধান্ত স্থাপন কৰা হৈছে, আৰু দ্বিতীয় উদাহৰণত একাধিক অভিজ্ঞতাৰ ভিত্তিত
সাধাৰণ সিদ্ধান্ত স্থাপন কৰা হৈছে। সিদ্ধান্ত বচনৰ আগতে সচৰাচৰ "∴", "গতিকে", "এতেকে" আদি চিহ্ন ব্যৱহাৰ কৰা হয়।
যুক্তিৰ আকাৰ
- যুক্তিৰ আকাৰ হৈছে যুক্তিৰ এক প্ৰকৃত গঠন, য’ত কিছুমান খালী স্থান থাকে।
- যুক্তিৰ আকাৰ নিজে যুক্তি নহয়, কাৰণ ইয়াত নিৰ্দিষ্ট তথ্য বা তাৎপৰ্য
নাথাকে।
- খালী স্থানসমূহ উপযুক্ত উপাদানেৰে পূৰণ কৰিলে তেতিয়াহে পূৰ্ণ যুক্তি লাভ
হয়।
- যুক্তিৰ আকাৰৰ বৈধতা বা অবৈধতা পূৰ্ণ উপাদান থকাতেই নিৰ্ধাৰণ কৰিব পাৰি।
উদাহৰণ
প্ৰতীকী যুক্তি
- যুক্তিৰ আকাৰ কেতিয়াবা প্ৰতীকৰ দ্বাৰা প্ৰকাশ কৰা হয়, যেনে p, q আদি।
- এই প্ৰতীকবোৰৰ ঠাইত অৰ্থপূৰ্ণ বচন বহুৱালে পূৰ্ণ যুক্তি পোৱা যায়।
৯। তর্কবিজ্ঞানত আকাৰ অধ্যয়নৰ উপযোগিতা কি? চমুকৈ আলোচনা কৰা।
উত্তৰঃ তর্কবিজ্ঞানত বচন আৰু বচন-সমষ্টি যুক্তিৰ সংপ্ৰত্যয়ৰূপত প্ৰতীকীয় ৰূপে প্ৰকাশ কৰা হয়। এই প্ৰতীকীয় ৰূপকেই যুক্তিৰ আকাৰগত প্ৰকাশ বোলা হয়।তর্কবিজ্ঞানৰ মুখ্য কাম হৈছে যুক্তিৰ বৈধতা নিৰ্ণয় কৰা, আৰু এই কাৰ্য কেৱল আকাৰৰ জৰিয়তে সম্ভৱ। সেইবাবে তর্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ।সি. এছ. পিয়াৰ্ছৰ মতে — “সকলো প্ৰকাৰৰ চিন্তা আৰু গৱেষণা প্ৰতীকৰ জৰিয়তে সম্পন্ন হয়; প্ৰতীকে চিন্তা আৰু বিজ্ঞানৰ জীৱনীশক্তি।”এল. এছ. ষ্টেবিঙৰ মতে — “যি চিহ্ন কোনো বস্তুৰ পৰিৱৰ্তে সজ্ঞানে আৰু সচেতনভাবে ব্যৱহাৰ কৰা হয়, তাক প্ৰতীক বোলে।”হোৱাইটহেডৰ মন্তব্য — “প্ৰতীক পদ্ধতিৰ সহায়ত আমি যুক্তিৰ গতিবিধি চকুৰ আগতেই পৰীক্ষা কৰিব পাৰোঁ; ইয়াৰ অভাৱত মগজুৰ উচ্চতৰ প্ৰতিক্ৰিয়া অপচয় হয়।”
(১) ভাষাগত দোষ আঁতৰোৱা
- সাধাৰণ ভাষাত অস্পষ্টতা, দ্বাৰ্থকতা আৰু আবেগিক প্রভাব থাকে, যি যুক্তি-অনুসন্ধানৰ ফলাফলক অনিশ্চিত কৰে।
- প্ৰতীক ব্যৱহাৰ কৰি এই দোষবোৰ আঁতৰাব পাৰি।
(২) মনোযোগৰ কেন্দ্ৰীকৰণ
- প্ৰতীক ব্যৱহাৰ কৰিলে আৱশ্যকীয় বিষয়ৰ ওপৰত মনোযোগ কেন্দ্ৰিত হয়।
- উদাহৰণ: ‘ছক্ৰেটিছ’, ‘মানুহ’, ‘মৰণশীল’ আদি
শব্দৰ পৰিৱৰ্তে আক্ষ্যবিক প্ৰতীক ব্যৱহাৰ কৰিলে যুক্তি আৰু অনুমানৰ বৈধতা
নিৰ্ণয় সহজ হয়।
(৩) যুক্তিৰ আকাৰ স্পষ্টকৰণ
- প্ৰতীক বচনৰ আকাৰ আৰু আধাৰ বচনবোৰ স্পষ্ট আৰু নিশ্চিতভাৱে প্ৰকাশ কৰে।
- সাধাৰণ ভাষাত এই আকাৰ সদায় সুনিশ্চিত নহয়।
(৪) চিন্তন প্ৰক্ৰিয়াৰ সংহতি আৰু সময় সঞ্চয়
- প্ৰতীক ব্যৱহাৰে চিন্তন প্ৰক্ৰিয়া নিয়মিত আৰু সংহত হয়।
- জটিল আৰু দীঘল যুক্তিত প্ৰতীক পদ্ধতি ব্যৱহাৰ কৰিলে বৈধতা বা অবৈধতা
নিৰ্ণয় সহজ হয় আৰু সময়ৰ অপচয় ৰোধ হয়।
১০। যুক্তি কাক বোলে? যুক্তি আৰু যুক্তিৰ আকাৰৰ পাৰ্থক্য লিখা।
উত্তৰঃ অনুমান আৰু যুক্তিৰ অৰ্থ
- অনুমান = এক বা একাধিক জ্ঞাত অভিজ্ঞতাৰ ভিত্তিত অজ্ঞাত বিষয়ত
উপনীত হোৱা মানসিক প্ৰক্ৰিয়া।
- যুক্তি = অনুমানক ভাষাত প্ৰকাশ কৰা।
- অনুমান হৈছে মনৰ অব্যক্ত ৰূপ, যুক্তি হৈছে চিন্তাৰ ব্যক্ত ৰূপ।
যুক্তিত —
- জ্ঞাত বচনক আধাৰ বচন বা প্ৰতিজ্ঞা বচন বোলা হয়।
- ইয়াৰ পৰা নিঃসৃত বচনক সিদ্ধান্ত বচন বোলা হয়।
উদাহৰণ:
- সকলো মানুহ মৰণশীল,হৰি মানুহ,∴ হৰি মৰণশীল।
- সোণটি মৰমিয়াল,মাজনী মৰমিয়াল,মিন্টু মৰমিয়াল,∴ সকলো মানুহ মৰমিয়াল।
প্ৰথম উদাহৰণত দুটা আধাৰ বচনৰ সম্পৰ্কৰ ভিত্তিত সিদ্ধান্ত আহিছে। দ্বিতীয় উদাহৰণত বহু অভিজ্ঞতাৰ পৰা
সাধাৰণ সিদ্ধান্ত আহিছে। সিদ্ধান্ত সূচাবলৈ “∴”,
“গতিকে”, “এতেকে” আদি চিহ্ন
ব্যৱহাৰ হয়।
যুক্তি আৰু যুক্তিৰ আকাৰ
- যুক্তি হৈছে বচনসমষ্টি, য'ত জ্ঞাত আধাৰ বচনৰ ভিত্তিত অজ্ঞাত সিদ্ধান্ত স্থাপন কৰা হয়।
- ইয়াত বচনৰ সত্য-মিথ্যাৰ পৰিৱৰ্তে বৈধতা-অবৈধতাৰ বিচাৰ কৰা হয়।
ইয়াত বিধেয় “জ্ঞানী”ৰ সত্যতাৰ পৰিৱৰ্তে দুয়োটা আধাৰ বচনৰ সম্পৰ্কৰ দ্বাৰা সিদ্ধান্ত
বৈধ নে অবৈধ — সেয়াহে লক্ষ্য।
যুক্তিৰ আকাৰ
- যুক্তিৰ আকাৰ হৈছে কিছুমান খালী অংশ থকা যুক্তিৰ দৰে ৰূপ, যি নিজে পূৰ্ণ যুক্তি নহয়।
- উপযুক্ত উপাদানেৰে সেই খালী অংশ পূৰণ কৰিলে সি পূৰ্ণ যুক্তি হয়।
- যুক্তিৰ আকাৰত কোনো অৰ্থ বা তথ্য নাথাকে — কেৱল প্ৰতীক থাকে।
উদাহৰণ:
প্ৰতীকী ৰূপ:
- p আৰু q প্ৰতীক।
- প্ৰতীকৰ ঠাইত অৰ্থপূৰ্ণ উপাদান পূৰ্ণ যুক্তি হয়।
ইয়াত:
- p = মিন্টো অফিচলৈ যায়
- q = কমল ফুৰিবলৈ যাব
সাৰাংশ:
- যুক্তি = বিষয়বস্তু-সহ বচনসমষ্টি।
- যুক্তিৰ আকাৰ = যুক্তি নিৰ্মাণৰ নিয়ম/আৰ্হিৰ
প্ৰতীকী ৰূপ।
- তর্কবিজ্ঞানে মূলত বৈধ-অবৈধ যুক্তিৰ আকাৰৰ ওপৰত গুৰুত্ব দিয়ে।
১১। সত্যতা আৰু বৈধতা কি? সত্যতা আৰু বৈধতাৰ পাৰ্থক্য চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ সত্যতা আৰু বৈধতা হল
- সত্যতা — বচনৰ গুণ; বাহ্যিক
সত্যতাৰ সৈতে মিল থাকিলে সত্য, নাথাকিলে অসত্য।
- প্ৰকাৰ:
- আকাৰগত সত্যতা → অন্তৰ্বিৰোধ নথকা চিন্তা (যেনে: ‘সোণৰ পাহাৰ’)।
- বস্তুগত সত্যতা → বাস্তৱৰ সৈতে মিল (যেনে: ‘গাখীৰ বগা’)।
- বৈধতা — আশ্রয় বচন সত্য হ’লে সিদ্ধান্ত অচলাভাৱে
সত্য হয়।
- বৈধতা আশ্রয় আৰু সিদ্ধান্তৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে।
- আশ্রয় বচন মিছা হলেও যুক্তি বৈধ হ’ব পাৰে।
- পাৰ্থক্য —
- সত্যতা → বচনৰ তথ্যৰ মিল।
- বৈধতা → যুক্তিৰ গঠন আৰু সম্পৰ্ক।
- উদাহৰণ —
- সুস্থ যুক্তি: সকলো চৰাই পাখীযুক্ত; সকলো কাউৰী চৰাই; ∴ সকলো কাউৰী
পাখীযুক্ত।
- অসত্য কিন্তু বৈধ: সকলো চাৰিঠেঙীয়া প্ৰাণী চৰাই; সকলো বাদুলী চাৰিঠেঙীয়া; ∴ সকলো বাদুলী
চৰাই।
- সত্য কিন্তু অবৈধ: যদি এৰিষ্টটল ৰাষ্ট্ৰপতি, তেন্তে বিখ্যাত; এৰিষ্টটল ৰাষ্ট্ৰপতি নহয়; ∴ বিখ্যাত নহয়।
১২। পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্রতীকাত্মক তর্কবিজ্ঞানৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা।
উত্তৰঃ প্ৰতীকাত্মক তর্কবিজ্ঞান আৰু পৰম্পৰাগত
তর্কবিজ্ঞানৰ পাৰ্থক্য
(ক) ইতিহাসৰ ক্ষেত্ৰত পাৰ্থক্য
- পৰম্পৰাগত তর্কবিজ্ঞান — দুহেজাৰ বছৰৰ দীঘল ইতিহাস; গ্ৰীক দাৰ্শনিক এৰিষ্টটলে প্ৰতিষ্ঠা কৰিছিল।
- প্ৰতীকাত্মক তর্কবিজ্ঞান — তুলনামূলকভাবে নতুন; প্ৰায় ১৫৩ বছৰ
আগতে উদ্ভৱ, ক্রমান্বয়ে বিকাশ লাভ কৰিছে।
(খ) প্ৰতীকৰ ব্যৱহাৰ
- পৰম্পৰাগত তর্কবিজ্ঞান — প্ৰতীকৰ সীমিত ব্যৱহাৰ; এৰিষ্টটলে S, P, M আদি সীমিত বৰ্ণ ব্যৱহাৰ কৰিছিল।
- প্ৰতীকাত্মক তর্কবিজ্ঞান — ব্যাপক আৰু বিস্তৃত প্ৰতীকৰ ব্যৱহাৰ;
যুক্তি, বিশ্লেষণ আৰু নিগমনত কৌশলগত ভাষা ব্যৱহাৰ;
অধিক সঠিক আৰু যথার্থ।
(গ) বচনৰ শ্ৰেণীবিভাজন
- পৰম্পৰাগত তর্কবিজ্ঞান — বচন চাৰিটা প্ৰকাৰৰ: A, E, I, O।
- প্ৰতীকাত্মক তর্কবিজ্ঞান — বচন তিনিটা মূল প্ৰকাৰৰ:
- সৰল বচন — উদ্দেশ্যবিহীন, উদ্দেশ্য-বিধেয়,
সম্বন্ধাত্মক, শ্ৰেণীসদস্যতা।
- যৌগিক বচন — সংযোজক, বিকল্পাত্মক,
সম্বন্ধাত্মক, বৈকল্পিক।
- সাধাৰণ বচন — সত্তাত্মক, বিশুদ্ধ
সাধাৰণ, শ্ৰেণী-সম্পর্কসূচক সাধাৰণ।
(ঘ) সম্বন্ধৰ ব্যৱহাৰ
- পৰম্পৰাগত তর্কবিজ্ঞান — কেৱল উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধক
গুৰুত্ব; যোজকক সকলো সম্বন্ধ প্ৰকাশৰ একমাত্ৰ মাধ্যম বুলি ধাৰণা।
- প্ৰতীকাত্মক তর্কবিজ্ঞান — যোজকৰ সীমিত ক্ষমতা চিনাক্ত; সকলো ধৰণৰ সম্বন্ধ অকল যোজকে প্ৰকাশ কৰিব নোৱাৰে বুলি স্বীকাৰ।
১৩। তর্কবিজ্ঞান আৰু নিগমনাত্মক যুক্তিৰ মাজত কিবা সম্বন্ধ আছেনে? ব্যাখ্যা কৰা।
উত্তৰঃ তর্কবিজ্ঞান মূলত নিগমনাত্মক যুক্তিৰ অনুসন্ধান প্ৰক্ৰিয়াৰ সৈতে
জড়িত, য'ত সিদ্ধান্তটো আধাৰ বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়। এই ধৰণৰ যুক্তিক আকাৰনিষ্ঠ
তর্কবিজ্ঞান, শুদ্ধ তর্কবিজ্ঞান বা নিখুঁত তর্কবিজ্ঞান বোলা হয়। তর্কবিজ্ঞানত লক্ষ্য
থাকে শুদ্ধ (বৈধ) আৰু অশুদ্ধ (অবৈধ) যুক্তিৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা। যুক্তিৰ শুদ্ধতা বা বৈধতা বিষয়বস্তুৰ ওপৰত নহয়,
আকাৰৰ ওপৰত নিৰ্ভৰ
কৰে।
উদাহৰণ:
ইয়াৰ দুয়োটা যুক্তি বৈধ, যদিও বিষয়বস্তু অসত্য।
বৈধতাৰ মূল কাৰণ হ'ল আকাৰ, বিষয়বস্তু নহয়।তর্কবিজ্ঞানত যুক্তিৰ আকাৰ বুজাবলৈ ইংৰাজী বৰ্ণমালাৰ ডাঙৰ হাতৰ
আখৰ (যেনে S, P) পদৰ পৰিবৰ্তে আৰু সৰু হাতৰ আখৰ (যেনে a) নামবাচক পদৰ
পৰিবৰ্তে ব্যৱহাৰ কৰা হয়।
এই আকাৰৰ সৈতে যিকোনো যুক্তি বৈধ বুলি গণ্য হয়।
সেয়ে তর্কবিজ্ঞানত বিষয়বস্তুৰ পৰিৱৰ্তে যুক্তিৰ আকাৰৰ ওপৰতে গুৰুত্ব দিয়া হয়।
১৪। সুস্থ বা সবল যুক্তি কি? আলোচনা কৰা।
উত্তৰঃ তর্কবিজ্ঞানৰ মূল উদ্দেশ্য হৈছে যুক্তিৰ ধৈৰ্য্য বা বৈধতা নিৰ্ধাৰণ কৰা। যুক্তি গঠিত হয় বচনৰ দ্বাৰা,
আৰু বচন সত্য বা মিথ্যা হ'ব পাৰে।
১. সুস্থ যুক্তি
তেতিয়া সেই যুক্তিক সুস্থ বা সৱল যুক্তি বোলা হয়।
উদাহৰণ:
- সকলো মানুহ হয় প্রাণী।সকলো দাৰ্শনিক হয় মানুহ।∴ সকলো দাৰ্শনিক হয় প্রাণী।
- যদি নৰ্থ-ইষ্ট ফুটবল দল জিকে, তেন্তে জন আব্ৰাহাম সুখী হয়।আজিৰ খেলত নৰ্থ-ইষ্ট ফুটবল দল জিকিছে।∴ জন আব্ৰাহাম সুখী হৈছে।
২. অসুস্থ যুক্তি
যিবোৰ যুক্তিয়ে ওপৰৰ দুটা চৰ্তৰ যিকোনো এটা বা দুয়োটাই পূৰণ নকৰে, সেইবোৰক অসুস্থ যুক্তি বোলা হয়।
অসুস্থ যুক্তি হ'ব পাৰে—
- আশ্রয়বাক্যবোৰ সত্য, কিন্তু যুক্তি অবৈধ।
- উদাহৰণ:সকলো মানুহ হয় মৰণশীল।কোনো মানুহ নহয় দেৱতা।∴ কোনো দেৱতা নহয় মৰণশীল।
- যুক্তি বৈধ, কিন্তু আশ্রয়বাক্যত অসত্য বচন আছে।
- উদাহৰণ:যদি বানপানী হয়, তেন্তে জনগণৰ ক্ষতি নহয়।বানপানী হৈছে।∴ জনগণৰ ক্ষতি হোৱা নাই।
- যুক্তি অবৈধ, আৰু আশ্রয়বাক্যবোৰ মিথ্যা।
- উদাহৰণ:সকলো পক্ষী হয় চাৰিঠেঙীয়া।কোনো পক্ষী নহয় জীৱ।∴ কোনো জীৱ নহয় চাৰিঠেঙীয়া।
৩. মূল কথা
- সুস্থ যুক্তি = বৈধ + আশ্রয়বাক্যবোৰ সত্য।
- অসুস্থ যুক্তি = বৈধ বা অবৈধ + আশ্রয়বাক্য সত্য বা মিথ্যা
(বা দুয়ো)।
- তর্কবিজ্ঞানত সুস্থ/অসুস্থ যুক্তিৰ তুলনাত বৈধ যুক্তিৰ
আলোচনা অধিক গুৰুত্ব পায়।
১৫। আগমনাত্মক যুক্তি আৰু নিগমনাত্মক যুক্তি কাক বোলে?
উত্তৰঃ আগমনাত্মক আৰু নিগমনাত্মক যুক্তি হল
১. আগমনাত্মক যুক্তি (Inductive Reasoning)
- সংজ্ঞা: বিশেষ বিশেষ আশ্রয়বাক্যৰ পৰা সম্ভাব্যতাৰ
ভিত্তিত সার্বিক সিদ্ধান্ত নিৰ্মাণ কৰা যুক্তি।
- ধাৰা: বিশেষ → সার্বজনীন।
- বৈশিষ্ট্য:
- সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক ব্যাপক হয়।
- আধাৰ বচন অভিজ্ঞতাৰ মাধ্যমে আহৰণ কৰা হয়।
- আশ্রয়বাক্য প্ৰমাণ হিচাপে তথ্য যোগায়।
- আশ্রয়বাক্য সঠিক নোহ'লে সিদ্ধান্তও ভুল হ'ব পাৰে।
- উদাহৰণ:ৰাম বুধিয়ক।হৰি বুধিয়ক।যদু বুধিয়ক।∴ সকলো মানুহ বুধিয়ক।
২. নিগমনাত্মক যুক্তি (Deductive Reasoning)
- সংজ্ঞা: সার্বজনীন আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে
বিশেষ সিদ্ধান্ত নিৰ্মাণ কৰা যুক্তি।
- ধাৰা: সার্বজনীন → বিশেষ।
- বৈশিষ্ট্য:
- সিদ্ধান্ত আশ্রয়বাক্যতকৈ কম ব্যাপক হয়।
- সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা নিশ্চিতভাৱে নিঃসৃত হয়।
- আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্ত মিছা হোৱাৰ সম্ভাবনা নাই।
- বৈধতা নির্ভৰ কৰে আশ্রয়বাক্য আৰু সিদ্ধান্তৰ তৰ্কসংগত সম্পৰ্কৰ ওপৰত।
- উদাহৰণ:সকলো মানুহ হয় মৰণশীল। (সাধ্য আশ্রয়বাক্য)ৰাম হয় মানুহ। (পক্ষ আশ্রয়বাক্য)∴ ৰাম হয় মৰণশীল। (সিদ্ধান্ত)
১৬। আগমনাত্মক আৰু নিগমনাত্মক যুক্তিৰ মাজত থকা পার্থক্য নির্ণয় কৰা।
উত্তৰঃ নিগমনাত্মক আৰু আগমনাত্মক যুক্তিৰ পাৰ্থক্য হল
(ক) সিদ্ধান্তৰ ব্যাপকতা
- নিগমনাত্মক যুক্তিত সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক ব্যাপক হ'ব নোৱাৰে। সাধাৰণতে সার্বজনীন বচনৰ পৰা বিশেষ বচনলৈ আগবঢ়ে আৰু সিদ্ধান্ত আধাৰ বচনতকৈ কম ব্যাপক হয়।উদাহৰণ:সকলো মানুহ হয় মৰণশীল।∴ কিছুমান মৰণশীল প্রাণী হয় মানুহ।
- আগমনাত্মক যুক্তিত সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক ব্যাপক হয়। বিশেষ বচনৰ পৰা সার্বজনীন বচনলৈ আগবঢ়ে আৰু সিদ্ধান্ত আধাৰ বচনতকৈ অধিক ব্যাপক হয়।উদাহৰণ:ৰাম হয় মৰণশীল।হৰি হয় মৰণশীল।∴ সকলো মানুহ হয় মৰণশীল।
(খ) সত্যতাৰ ধৰণ
- নিগমনাত্মক যুক্তি মূলত আকাৰগত সত্যতাৰ লগত জড়িত, বস্তুগত সত্যতা নহয়। আশ্রয়বাক্য অসত্য হলেও আকাৰগতভাৱে যুক্তি বৈধ হ'ব পাৰে।উদাহৰণ:সকলো ৰজা হয় অমৰ।ৰাম হয় ৰজা।∴ ৰাম হয় অমৰ। (বৈধ কিন্তু বস্তুগতভাৱে মিছা)
- আগমনাত্মক যুক্তি আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয়ৰ লগত জড়িত।
(গ) আশ্রয়বাক্যৰ উৎস
- নিগমনাত্মক যুক্তি মূলত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
- আগমনাত্মক যুক্তি পৰ্যবেক্ষণৰ লগতে নিৰীক্ষণ আৰু পৰীক্ষণ উভয়ৰ ওপৰত
নিৰ্ভৰশীল।
(ঘ) সিদ্ধান্তৰ নিশ্চয়তা
- নিগমনাত্মক যুক্তিৰ সিদ্ধান্ত অনিবার্যভাৱে সত্য, অৰ্থাৎ নিশ্চিত।
- আগমনাত্মক যুক্তিৰ সিদ্ধান্ত সম্ভাবনামূলক, নিশ্চিত নহয়; কেতিয়াবা মিছা হ'বও পাৰে।
১৭। যুক্তিৰ প্ৰকৃতি বুলিলে কি বুজা? আগমনাত্মক আৰু নিগমনাত্মক যুক্তিৰ মাজত থকা পার্থক্যক উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ যুক্তি, আগমন আৰু নিগমন যুক্তি এক বা ততোধিক বচনৰ সহযোগত গঠিত হয়। ইয়াত
কিছুমান বচনক আধাৰ বচন (Premise) আৰু এটাক সিদ্ধান্ত (Conclusion)
বুলি ধৰা হয়। আধাৰ
বচনসমূহৰ পৰা সিদ্ধান্ত অনিবার্যভাৱে নিঃসৃত হয়।
যদি আধাৰ বচন আৰু সিদ্ধান্তৰ মাজত এই অনিবার্য সম্পর্ক নাথাকে, তেন্তে যুক্তিটো
অবৈধ হয়।
নিগমন (Deduction)
নিগমন হৈছে সার্বিক সম্বন্ধৰ পৰা বিশেষ সম্বন্ধত উপনীত হোৱাৰ প্ৰক্ৰিয়া। ইয়াত
সিদ্ধান্ত আধাৰ বচনতকৈ বেছি ব্যাপক নহয়।
আগমন (Induction)
আগমন হৈছে বিশেষ বিশেষ সম্বন্ধৰ পৰা সার্বিক সম্বন্ধত উপনীত হোৱাৰ প্ৰক্ৰিয়া।
ইয়াত সিদ্ধান্ত আধাৰ বচনতকৈ বেছি ব্যাপক হয়।
আগমন আৰু নিগমনৰ পাৰ্থক্য
- আধাৰ বচনৰ উৎস
- নিগমনত আধাৰ বচন পূর্বেৰে স্বীকৃত বা ধাৰ্য্য ধৰা হয়।
- আগমনত আধাৰ বচন নিৰীক্ষণ আৰু পৰীক্ষণৰ মাধ্যমে সংগ্ৰহ কৰা হয়।
- সত্যতাৰ ধৰণ
- নিগমন আকাৰগত সত্যতাৰ লগত জড়িত; বস্তুগত সত্যতা নহয়।
- আগমন আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত।
- সিদ্ধান্তৰ ব্যাপকতা
- নিগমনত সিদ্ধান্ত আধাৰ বচনতকৈ অধিক ব্যাপক নহয়।
- আগমনত সিদ্ধান্ত আধাৰ বচনতকৈ অধিক ব্যাপক।
- প্ৰক্ৰিয়াৰ দিশ
- নিগমন অৱতৰণ প্ৰক্ৰিয়া — সার্বজনীনৰ
পৰা বিশেষলৈ।
- আগমন অধিৰোহণ প্ৰক্ৰিয়া — বিশেষৰ পৰা
সার্বজনীনলৈ।
- বিশ্লেষণ বনাম সংশ্লেষণ
- নিগমন বিশ্লেষণাত্মক — সার্বিক
সম্বন্ধ ভাঙি বিশেষ দৃষ্টান্তত প্ৰয়োগ।
- আগমন সংশ্লেষাত্মক — বিশেষ
দৃষ্টান্তৰ একত্ৰিতকৰণেৰে সার্বজনীন সম্বন্ধ স্থাপন।
- সিদ্ধান্তৰ নিশ্চয়তা
- নিগমনৰ সিদ্ধান্ত নিশ্চিত আৰু অনিবার্যভাৱে সত্য।
- আগমনৰ সিদ্ধান্ত সম্ভাবনামূলক; কাৰ্য-কাৰণ সম্বন্ধ স্থাপন হ'লে অধিক নিশ্চিত।
১৮। সত্য আৰু বৈষতা তর্কবিজ্ঞানৰ মৌলিক বিষয় হয়নে? উদাহৰণৰ সৈতে আলোচনা করা।
উত্তৰঃ আধুনিক তর্কশাস্ত্ৰত সত্যতা আৰু বৈধতা দুয়োটা অত্যন্ত
মৌলিক ধাৰণা।
- সত্যতা হৈছে বচনৰ গুণ।
- বৈধতা হৈছে যুক্তিৰ গুণ।
যুক্তি হৈছে তর্কশাস্ত্ৰৰ কেন্দ্ৰীয় বিষয়।
যুক্তিৰ বৈধতা পৰীক্ষাৰ বাবে তর্কীয় প্ৰক্ৰিয়া, যুক্তি বিশ্লেষণৰ কৌশল,
আৰু প্ৰমাণ পদ্ধতিৰ
ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। যুক্তি মূলত এক বা ততোধিক বচনৰ দ্বাৰা গঠিত হয়,
য’ত এটাক সিদ্ধান্ত আৰু বাকীক আধাৰ বচন বুলি ধৰা হয়।
বচন আৰু সত্যতা
উদাহৰণ:
- "ঘাঁহ সেউজীয়া" — সত্য (কাৰণ বাস্তৱত ঘাঁহ সেউজীয়া)।
- "সকলো মানুহ অমৰ" — অসত্য (কাৰণ কোনো মানুহ অমৰ নহয়)।
যৌগিক বচনৰ সত্যতা নিৰূপণত সত্যফলনৰ নীতি ব্যৱহাৰ কৰা হয়।
যুক্তি আৰু বৈধতা
যুক্তিত আধাৰ বচন আৰু সিদ্ধান্তৰ মাজত অনিবার্য সম্পর্ক থাকে।
- যদি সিদ্ধান্ত আধাৰ বচনৰ পৰা স্বাভাৱিকভাৱে নিঃসৃত হয় আৰু আধাৰ বচনে
সিদ্ধান্তক প্ৰয়োজনীয় সমৰ্থন দিয়ে, তেনেহ’লে যুক্তি বৈধ।
- যদি এই সম্পর্ক নাথাকে, যুক্তি অবৈধ।
মূল কথা: বৈধ যুক্তিত, আধাৰ বচনসমূহ সত্য আৰু যুক্তি প্ৰক্ৰিয়া শুদ্ধ হ’লে সিদ্ধান্ত নিশ্চিতভাৱে
সত্য হ’ব লাগে। কিন্তু আধাৰ বচন সত্য হোৱাৰ পাছতো যুক্তি অবৈধ হ’ব পাৰে, আৰু অসত্য আধাৰ বচন
থকা সত্ত্বেও যুক্তি বৈধ হ’ব পাৰে।
উদাহৰণ
- মিছা আধাৰ বচন, কিন্তু যুক্তি বৈধ
- সকলো কুকুৰ হয় মেকুৰী।
- সকলো মেকুৰী হয় চৰাই।
- ∴
সকলো কুকুৰ হয় চৰাই।
— আধাৰ বচনবোৰ অসত্য, কিন্তু তর্কীয় গঠন সঠিক, সেয়ে যুক্তি বৈধ।
- সত্য আধাৰ বচন, কিন্তু যুক্তি অবৈধ
- সকলো কুকুৰ হয় জন্তু।
- সকলো মেকুৰী হয় জন্তু।
- ∴
সকলো মেকুৰী হয় কুকুৰ।
— আধাৰ বচনবোৰ সত্য, কিন্তু সিদ্ধান্ত তর্কীয়ভাৱে নিঃসৃত হোৱা নাই, সেয়ে যুক্তি অবৈধ।
সত্যতা বনাম বৈধতা
- সত্যতা বচনৰ গুণ;
- বৈধতা যুক্তিৰ গুণ।এই দুয়ো স্বতন্ত্র, যদিও সম্পূৰ্ণৰূপে সম্পর্কহীন নহয়।বৈধতা নিৰ্ধাৰণ হয় আধাৰ বচন আৰু সিদ্ধান্তৰ মাজৰ নিহিতাৰ্থক সম্পৰ্কৰ ওপৰত, সত্যতাৰ ওপৰত নহয়।
উদাহৰণ:
যদি সকলো মানুহ সৎ হয়, দেশৰ উন্নতি হ’ব।
সকলো মানুহ সৎ নহয়।
∴ দেশৰ উন্নতি নহয়।
— আধাৰ বচন সত্য, কিন্তু সিদ্ধান্ত অসত্য; সেয়ে যুক্তি অবৈধ।
১৯। সত্য আৰু বৈধতাৰ মাজত থকা পার্থক্য নির্ণয় কৰা।
উত্তৰঃ আধুনিক তর্কশাস্ত্ৰত সত্যতা আৰু বৈধতা দুয়োটা মৌলিক ধাৰণা।
- সত্যতা হৈছে বচনৰ গুণ বা ধৰ্ম।
- বৈধতা হৈছে যুক্তিৰ গুণ বা ধৰ্ম।
যুক্তি হৈছে তর্কশাস্ত্ৰৰ কেন্দ্ৰীয় বিষয়, আৰু যুক্তি গঠিত হয় একাধিক বচনৰ দ্বাৰা। এইবাবে
বৈধতাৰ আলোচনাত সত্যতাৰ প্ৰশ্ন স্বাভাৱিকভাৱে আহে।
১. বচন আৰু সত্যতা
বচন সৰল বা যৌগিক হ’ব পাৰে। যৌগিক বচনসমূহক সত্যফলনীয় বচন বুলিও কোৱা হয়।
- বচনৰ সত্যতা মানে কেৱল “সঁচা” নহয়; ই সত্য আৰু অসত্য দুয়োটাকে অন্তর্ভুক্ত কৰে।
- সত্যমান: এটা বচনে প্ৰকাশ কৰা অৰ্থ যদি বাস্তৱৰ সৈতে মিল খায়,
তেন্তে ই সত্য; অন্যথা ই অসত্য।
- যৌগিক বচনৰ সত্যতা নিৰূপণত সত্যফলনৰ নীতি ব্যৱহাৰ হয়।
উদাহৰণ:
- “ঘাঁহ সেউজীয়া” — সত্য (কাৰণ বাস্তৱৰ সৈতে মিল আছে)
- “সকলো মানুহ অমৰ” — অসত্য (কাৰণ কোনো মানুহ অমৰ নহয়)
২. যুক্তি আৰু বৈধতা
যুক্তি হৈছে বচনৰ সমষ্টি, য’ত এটা সিদ্ধান্ত আৰু একাধিক আশ্রয় বচন থাকে। নিগমনাত্মক
যুক্তি বৈধ হয় যেতিয়া সিদ্ধান্তটো আশ্রয় বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।
মূল চৰ্ত:
- গঠনমূলক চৰ্ত: আশ্রয় বচনসমূহ আৰু সিদ্ধান্তৰ মাজত বৈধ নিহিতাৰ্থক
সম্পৰ্ক হ’ব লাগিব।
- জ্ঞানমূলক চৰ্ত: আশ্রয় বচনসমূহক সত্য বুলি ধৰা বা জ্ঞাত হ’ব
লাগিব।
৩. উদাহৰণ
(ক) বৈধ যুক্তি — সত্য বচন
সকলো মানুহ হয় মৰণশীল।
সকলো ছাত্র হয় মানুহ।
∴ সকলো ছাত্র হয় মৰণশীল।
— আশ্রয় বচন আৰু সিদ্ধান্ত দুয়ো সত্য, আৰু তকীয় সম্পৰ্ক শুদ্ধ; সেয়ে বৈধ।
(খ) অবৈধ যুক্তি — সত্য বচন
সকলো কুকুৰ হয় জন্তু।
সকলো মেকুৰী হয় জন্তু।
∴ সকলো মেকুৰী হয় কুকুৰ।
— বচনবোৰ সত্য হলেও হেতুপদ ‘জন্তু’ ব্যাপ্ত নহোৱাৰ বাবে যুক্তি অবৈধ।
(গ) বৈধ যুক্তি — অসত্য বচন
সকলো মানুহ হয় চৰাই।
সকলো চৰাই হয় ফুল।
∴ সকলো মানুহ হয় ফুল।
— বচনবোৰ অসত্য, তথাপি কোনো তকীয় দোষ নাথকাৰ বাবে যুক্তি বৈধ।
৪. মূল সিদ্ধান্ত
- সত্যতা বচনৰ গুণ;
- বৈধতা যুক্তিৰ গুণ।
- যুক্তিৰ বৈধতা বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ নকৰে, ই নিৰ্ভৰ কৰে আশ্রয় বচন আৰু সিদ্ধান্তৰ মাজৰ নিহিতাৰ্থক সম্পৰ্কৰ ওপৰত।
- আশ্রয় বচন সত্য হলেও যদি সিদ্ধান্ত অসত্য হয়, তেনেহ’লে
যুক্তি অবৈধ।
- সেয়ে সত্যতা আৰু বৈধতা দুয়ো স্বতন্ত্ৰ ধাৰণা, যদিও
সম্পূৰ্ণৰূপে সম্পর্কহীন নহয়।
২০। বচনৰ 'সত্য আৰু অসত্য' আৰু যুক্তিৰ 'বৈধতা আৰু অবৈধতা'ৰ মাজত কিবা সম্পর্ক আছে বুলি ভাবানে? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ সত্য, অসত্য, বৈধতা আৰু অবৈধতা — তর্কবিজ্ঞানৰ প্ৰধান ধাৰণা। তর্কবিজ্ঞানত সত্য আৰু অসত্য বচনৰ গুণ, আৰু বৈধতা আৰু অবৈধতা যুক্তিৰ গুণ হিচাপে
বিবেচিত হয়।
১. সত্যতা আৰু অসত্যতা
- এটা বচন বাস্তৱৰ সৈতে সাদৃশ্যপূর্ণ হ’লে ই সত্য বা সঁচা।উদাহৰণ: “ঘাঁহ সেউজীয়া” — সত্য, কাৰণ আমি বগা ঘাঁহ কেতিয়াও দেখা নাই।
- এটা বচন বাস্তৱৰ সৈতে মিল নাখালে ই অসত্য বা মিছা।উদাহৰণ: “সকলো মানুহ অমৰ” — অসত্য, কাৰণ কোনো মানুহ অমৰণশীল নহয়।
২. বৈধতা আৰু অবৈধতা
- বৈধতা যুক্তিৰ গুণ।
- এটা নিগমনাত্মক যুক্তি বৈধ হয় যেতিয়া
সিদ্ধান্তটো আধাৰ বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।
- বৈধ যুক্তিত ব্যৱহৃত বচনবোৰ সত্য বা অসত্য দুয়োটাই হ’ব পাৰে।
- সেয়ে:
- বৈধ যুক্তিত অসত্য আধাৰ বচন
থাকিব পাৰে।
- বৈধ যুক্তিত অসত্য সিদ্ধান্তও থাকিব পাৰে।
- অবৈধ যুক্তিত সত্য আধাৰ বচন
থাকিব পাৰে।
৩. উদাহৰণ
(ক) বৈধ যুক্তি — অসত্য আধাৰ বচন
সকলো কুকুৰ হয় মেকুৰী।
সকলো মেকুৰী হয় বাঘ।
∴ সকলো কুকুৰ হয় বাঘ।
— আধাৰ বচনবোৰ অসত্য, কিন্তু তকীয় গঠন শুদ্ধ; সেয়ে যুক্তি বৈধ।
(খ) অবৈধ যুক্তি — সত্য আধাৰ বচন
সকলো কুকুৰ হয় জন্তু।
সকলো মেকুৰী হয় জন্তু।
∴ সকলো মেকুৰী হয় কুকুৰ।
— আধাৰ বচনবোৰ সত্য, কিন্তু ‘জন্তু’ হেতুপদ এবাৰো ব্যাপ্ত নহোৱাৰ বাবে যুক্তি অবৈধ।
(গ) অবৈধ যুক্তি — অসত্য আধাৰ বচন
সকলো মানুহ হয় ধনী।
সকলো উদ্যোগপতি হয় ধনী।
∴ সকলো উদ্যোগপতি হয় মানুহ।
— আধাৰ বচনবোৰ অসত্য, আৰু তকীয় গঠন ভুল; সেয়ে অবৈধ।
(ঘ) বৈধ যুক্তি — সত্য আধাৰ বচন
সকলো মানুহ হয় বিচাৰবুদ্ধিসম্পন্ন।
কোনো মেকুৰী নহয় বিচাৰবুদ্ধিসম্পন্ন।
∴ কোনো মেকুৰী নহয় মানুহ।
— আধাৰ বচন আৰু সিদ্ধান্ত দুয়োটাই সত্য, আৰু তকীয় গঠন শুদ্ধ; সেয়ে বৈধ।
৪. মূল সিদ্ধান্ত
- সত্য/অসত্য = বচনৰ গুণ
- বৈধতা/অবৈধতা = যুক্তিৰ গুণ
- যুক্তিৰ বৈধতা বা অবৈধতা আধাৰ বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ নকৰে; ই নিৰ্ভৰ কৰে আধাৰ বচন আৰু সিদ্ধান্তৰ তৰ্কশাস্ত্ৰসম্মত
সম্পৰ্কৰ ওপৰত।
- বচনৰ সত্যতা নিৰ্ণয় — বৈজ্ঞানিক অনুসন্ধানৰ বিষয়।
- যুক্তিৰ বৈধতা নিৰ্ণয় — নিগমন তর্কবিজ্ঞানে উদ্দেশ্য।
২১। 'সত্য আৰু বৈধতা' তর্কবিজ্ঞানৰ মৌলিক বিষয় হয়নে? তুমি কি ভাবা? উদাহৰণৰ সৈতে আলোচনা কৰা।
উত্তৰঃ সত্য, অসত্য, বৈধতা আৰু অবৈধতা — তর্কবিজ্ঞানৰ মুখ্য ধাৰণা। তর্কবিজ্ঞানত সত্য আৰু অসত্য বচনৰ গুণ, আৰু বৈধতা আৰু অবৈধতা যুক্তিৰ গুণ হিচাপে
ধৰা হয়।
১. সত্যতা আৰু অসত্যতা
- এটা বচন বাস্তৱৰ সৈতে সাদৃশ্যযুক্ত হ’লে ই সত্য (সঁচা)।উদাহৰণ: “ঘাঁহ সেউজীয়া” — সত্য, কাৰণ আমি কেতিয়াও বগা ঘাঁহ দেখা নাই।
- এটা বচন বাস্তৱৰ সৈতে অমিল হ’লে ই অসত্য (মিছা)।উদাহৰণ: “সকলো মানুহ অমৰণশীল” — অসত্য, কাৰণ কোনো মানুহ অমৰণশীল নহয়।
২. বৈধতা আৰু অবৈধতা
- বৈধতা যুক্তিৰ গুণ।
- এটা নিগমনাত্মক যুক্তি বৈধ হয়, যদি সিদ্ধান্তটো আধাৰ বচনৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।
- বৈধতা বচনৰ সত্য বা অসত্যৰ ওপৰত নিৰ্ভৰ নকৰে, বৰং আধাৰ বচন আৰু সিদ্ধান্তৰ তৰ্কশাস্ত্ৰসম্মত সম্পৰ্কৰ
ওপৰত নিৰ্ভৰ কৰে।
- সেয়ে:
- বৈধ যুক্তিত অসত্য আধাৰ বচন
থাকিব পাৰে।
- বৈধ যুক্তিত অসত্য সিদ্ধান্ত থাকিব পাৰে।
- অবৈধ যুক্তিত সত্য আধাৰ বচন
থাকিব পাৰে।
৩. উদাহৰণসমূহ
(ক) বৈধ যুক্তি — অসত্য আধাৰ বচন
সকলো কুকুৰ হয় মেকুৰী।
সকলো মেকুৰী হয় ঘোড়া।
∴ সকলো কুকুৰ হয় ঘোড়া।
— আধাৰ বচনবোৰ মিছা, কিন্তু তকীয় গঠন শুদ্ধ; সেয়ে যুক্তি বৈধ।
(খ) অবৈধ যুক্তি — সত্য আধাৰ বচন
সকলো কুকুৰ হয় জন্তু।
সকলো মেকুৰী হয় জন্তু।
∴ সকলো মেকুৰী হয় কুকুৰ।
— আধাৰ বচনবোৰ সত্য, কিন্তু ‘জন্তু’ হেতুপদ এবাৰো ব্যাপ্ত নহোৱাৰ বাবে যুক্তি অবৈধ।
(গ) অবৈধ যুক্তি — অসত্য আধাৰ বচন
সকলো মানুহ হয় ধনী।
সকলো উদ্যোগপতি হয় ধনী।
∴ সকলো উদ্যোগপতি হয় মানুহ।
— আধাৰ বচনবোৰ অসত্য, আৰু তকীয় গঠন ভুল; সেয়ে অবৈধ।
(ঘ) বৈধ যুক্তি — সত্য আধাৰ বচন
সকলো মানুহ হয় বিচাৰবুদ্ধিসম্পন্ন।
কোনো মেকুৰী নহয় বিচাৰবুদ্ধিসম্পন্ন।
∴ কোনো মেকুৰী নহয় মানুহ।
— আধাৰ বচন আৰু সিদ্ধান্ত দুয়োটাই সত্য, আৰু তকীয় গঠন শুদ্ধ; সেয়ে বৈধ।
৪. মূল সিদ্ধান্ত
- সত্য/অসত্য = বচনৰ গুণ
- বৈধতা/অবৈধতা = যুক্তিৰ গুণ
- যুক্তিৰ বৈধতা আধাৰ বচনৰ সত্যতা-অসত্যতাৰ ওপৰত নিৰ্ভৰ নকৰে।
- বচনৰ সত্যতা নিৰ্ণয় — বৈজ্ঞানিক অনুসন্ধানৰ বিষয়।
- যুক্তিৰ বৈধতা নিৰ্ণয় — নিগমনাত্মক তর্কবিজ্ঞানে উদ্দেশ্য।
- Irving
M. Copi-ৰ মতে, আধাৰ বচন আৰু সিদ্ধান্তৰ তকীয় সম্পৰ্ক
বিশ্লেষণ কৰাই বৈধতা নিৰ্ণয়ৰ মুখ্য প্ৰক্ৰিয়া।
Type- Bhabani Bora