Chapter 3

 

[a] অভিজ্ঞতাবাদ, বুদ্ধিবাদ

[b] সংশয়বাদ

[c] বিচাৰবাদ

 


অতি চমু প্রশ্নোত্তৰ:


১। জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় দুটা প্রধান মতবাদৰ নাম উল্লেখ কৰা

উত্তৰঃ জ্ঞানৰ উৎস সম্পর্কীয় দুটা মুখ্য দাৰ্শনিক মতবাদ হ'ল — (১) অভিজ্ঞতাবাদ (Empiricism)

(২) বুদ্ধিবাদ (Rationalism) 

২। অভিজ্ঞতাবাদ কি?

উত্তৰঃ জ্ঞান উৎপত্তি সম্পর্কীয় যি দাৰ্শনিক মতবাদ অনুসৰি ইন্দ্ৰিয় অভিজ্ঞতাহে জ্ঞানৰ একমাত্র উৎস, আৰু ইন্দ্ৰিয় অভিজ্ঞতাৰ বাহিৰে আন কোনো উপায়েৰে নিশ্চিত আৰু যথার্থ জ্ঞান লাভ সম্ভৱ নহয়, সেই মতবাদক “অভিজ্ঞতাবাদ” (Empiricism) বোলে 

৩। দুজন অভিজ্ঞতাবাদী দার্শনিকৰ নাম উল্লেখ কৰা

উত্তৰঃ দুজন প্ৰধান অভিজ্ঞতাবাদী দাৰ্শনিক হ'ল —

(১) জন লক (John Locke)

(২) ডেভিড হিউম (David Hume) 

৪। 'বুদ্ধিত এনে কোনো বস্তু বা উপাদান নাই, যাক ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা নাযায়'- এই উক্তিটো কোন মতবাদৰ লগত জড়িত? 

উত্তৰ: 'বুদ্ধিত এনে কোনো বস্তু বা উপাদান নাই, যাক ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা নাযায়'- এই উক্তিটো অভিজ্ঞতাবাদ মতবাদৰ লগত জড়িত

৫। জ্ঞান উৎপত্তি সম্পর্কীয় কোন মতবাদ মতে বুদ্ধিয়েই জ্ঞানৰ একমাত্র উৎস? 

উত্তৰঃ বুদ্ধিবাদ 

৬। বুদ্ধিবাদ কি?

উত্তৰঃ জ্ঞান উৎপত্তি সম্পর্কীয় যি দাৰ্শনিক মতবাদ অনুসৰি বুদ্ধি বা যুক্তিই জ্ঞানৰ একমাত্র উৎস, আৰু বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান যথার্থ, সার্বজনীন আৰু অনিবার্য, সেই মতবাদক “বুদ্ধিবাদ” (Rationalism) বোলে 

৭। তিনিজন বুদ্ধিবাদী দার্শনিকৰ নাম লিখা

উত্তৰঃ তিনিজন প্ৰধান বুদ্ধিবাদী দাৰ্শনিক হ'ল —

(১) ৰেনে ডেকাৰ্ট (René Descartes)

(২) বাৰুখ স্পিনোজা (Baruch Spinoza)

(৩) গটফ্ৰিড উইলহেল্ম লাইবনিজ (Gottfried Wilhelm Leibniz) 

৮। দুজন বুদ্ধিবাদী গ্রীক দার্শনিকৰ নাম লিখা

উত্তৰঃ দুজন প্ৰধান গ্ৰীক বুদ্ধিবাদী দাৰ্শনিক হ'ল —

(১) প্লেটো (Plato)

(২) ছোক্ৰেটিছ (Socrates)

৯। দুজন আধুনিক বুদ্ধিবাদী দার্শনিকৰ নাম উল্লেখ কৰা

উত্তৰঃ দুজন আধুনিক বুদ্ধিবাদী দাৰ্শনিক হ'ল —

(১) ৰেনে ডেকাৰ্ট (René Descartes)

(২) গটফ্ৰিড উইলহেল্ম লাইবনিজ (Gottfried Wilhelm Leibniz) 

১০। ডেকার্ট এজন বুদ্ধিবাদী দার্শনিক হয়নে? 

উত্তৰঃ ডেকার্ট এজন বুদ্ধিবাদী দার্শনিক হয়

১১। অন্তৰ্জাত ধাৰণা কি?

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিক ৰেনে ডেকাৰ্টৰ মতে, যিসকল ধাৰণা অভিজ্ঞতাৰ পৰা লাভ নোহোৱা, ঈশ্বৰে জন্মৰ সময়তে আমাৰ মনত ৰোপণ কৰি দিয়া ধাৰণা — যিবোৰ অসীম, নিত্য, স্বচ্ছ আৰু স্পষ্ট — সেইবোৰক “অন্তর্জাত ধাৰণা” (Innate Ideas) বোলা হয় 

১২। যিকোনো দুটা অন্তৰ্জাত ধাৰণাৰ নাম উল্লেখ কৰা

উত্তৰঃ দুটা মুখ্য অন্তর্জাত ধাৰণা হ'ল —

(১) ঈশ্বৰ (God)

(২) আত্মা (Soul) 

১৩। অভিজ্ঞতা পূর্ব জ্ঞান কি?

উত্তৰঃ যি জ্ঞান অভিজ্ঞতা লাভ কৰাৰ আগতেই ব্যক্তিৰ মনত স্পষ্টভাৱে থাকে, আৰু যি জ্ঞান অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা নহয়, তাক “অভিজ্ঞতাপূৰ্ব জ্ঞান” (A priori knowledge) বোলা হয় 

১৪। অভিজ্ঞতাপ্রসূত জ্ঞান বা অভিজ্ঞতালব্ধ জ্ঞান কি?

উত্তৰঃ যি জ্ঞান ইন্দ্ৰিয় প্রত্যক্ষ বা অভিজ্ঞতাৰ পৰা উদ্ভৱ হয়, তাক “অভিজ্ঞতালব্ধ জ্ঞান” বা “অভিজ্ঞতাপ্রসূত জ্ঞান” (A posteriori knowledge) বোলা হয় 

১৫। ম 'নাড কি?

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিক গটফ্ৰিড উইলহেল্ম লাইবনিজৰ মতে, যি দ্রব্য অসীম, অনন্ত, চৈতন্যযুক্ত, স্বতন্ত্ৰ আৰু খিৰিকীবিহীন, সেইধৰণৰ মৌলিক একক সত্তাক “ম'নাড” (Monad) বুলি কোৱা হয় 

১৬। আগন্তুক ধাৰণা কি?

উত্তৰঃ যিসকল ধাৰণা বাহ্যিক বস্তুৰ সৈতে ইন্দ্ৰিয়ৰ সংস্পৰ্শৰ ফলত ব্যক্তিৰ মনত আহে, সেইবোৰক “আগন্তুক ধাৰণা” (Adventitious Ideas) বুলি কোৱা হয় 

১৭। কৃত্রিম বা কাল্পনিক ধাৰণা কি?

উত্তৰঃ যিসকল ধাৰণা অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা দুই বা ততোধিক ধাৰণাক সংযোগ কৰি গঠন কৰা হয়, সেইবোৰক “কৃত্ৰিম” বা “কাল্পনিক ধাৰণা” (Fictitious Ideas) বুলি কোৱা হয় 

১৮। 'বুদ্ধিত এনে কোনো বস্তু বা উপাদান নাই, যাক ইন্দ্ৰিয়ৰ জৰিয়তে লগতে লাং কৰা নাযায়'- এই উক্তিটোৰ লগত জড়িত দার্শনিকজনৰ নাম লিখা?

উত্তৰঃ 'বুদ্ধিত এনে কোনো বস্তু বা উপাদান নাই, যাক ইন্দ্ৰিয়ৰ জৰিয়তে লগতে লাং কৰা নাযায়'- এই উক্তিটোৰ লগত জড়িত দার্শনিকজনৰ নাম - জন লক 

১৯। বুদ্ধিবাদ অনুসৰি 'মানুহৰ জ্ঞান কেতিয়াও প্ৰত্যক্ষপূর্ব নহয়, কিন্তু সদায় প্রত্যক্ষোত্তৰ।'- এই উক্তিটো সত্যনে? 

উত্তৰ: এই উক্তিটো অসত্য 

২০। 'জন্মৰ সময়ত মানুহৰ মন এখন উকা ফলিৰ দৰে।'- উক্তিটো কোনজন দার্শনিকৰ? 

উত্তৰঃ উক্তিটো জন লক দার্শনিকৰ 

২১। কোন মতবাদ অনুসৰি বাহ্যজগতৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল

উত্তৰঃ ভাববাদ মতবাদ অনুসৰি বাহ্যজগতৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল 

২২। অন্তর্জাত ধাৰণা ইন্দ্ৰিয়ৰ জৰিয়তে পোৱা যায় নে? 

উত্তৰঃ অন্তর্জাত ধাৰণা ইন্দ্ৰিয়ৰ জৰিয়তে পোৱা নাযায় 

২৩। বুদ্ধিবাদত "খিৰিকীবিহীন ম'নাড "ৰ ধাৰণা দিওঁতা দার্শনিকজন কোন? 

উত্তৰঃ বুদ্ধিবাদত "খিৰিকীবিহীন ম'নাড "ৰ ধাৰণা দিওঁতা দার্শনিকজন হল- লাইবনিজ 

২৪। হিউম এজন বুদ্ধিবাদী দার্শনিক হয়নে? 

উত্তৰঃ নহয়, অভিজ্ঞতাবাদী দার্শনিক 

২৫। 'প্রত্যক্ষতে-ইতি-বিদ্যতে'- উক্তিটো কোনজন দার্শনিকৰ? 

উত্তৰ: উক্তিটো জর্জ বার্কলিৰ দার্শনিকৰ 

২৬। এজন বুদ্ধিবাদী দার্শনিকৰ নাম লিখা 

উত্তৰ: এজন বুদ্ধিবাদী দার্শনিকৰ নাম হল- ডেকার্ট 

২৭। চৰম অভিজ্ঞতাবাদী দার্শনিক বুলি কোনজন দার্শনিকক কোৱা হয়? 

উত্তৰঃ চৰম অভিজ্ঞতাবাদী দার্শনিক বুলি হিউম দার্শনিকক কোৱা হয় 

২৮। এজন অভিজ্ঞতাবাদী দার্শনিকৰ নাম লিখা 

উত্তৰঃ এজন অভিজ্ঞতাবাদী দার্শনিকৰ নাম হল- জন লক 

২৯। অভিজ্ঞতাবাদ মতবাদটো সর্বপ্রথমে কোনে প্রবর্তন কৰিছিল? 

উত্তৰঃ অভিজ্ঞতাবাদ মতবাদটো সর্বপ্রথমে জন লকে প্রবর্তন কৰিছিল

৩০। হিউমক কিয় চৰমপন্থী অভিজ্ঞতাবাদী দার্শনিক বুলি অভিহিত কৰা হয়?

উত্তৰঃ ডেভিড হিউম ইন্দ্ৰিয়প্ৰত্যক্ষ অভিজ্ঞতাৰ বাহিৰে আন কোনো জ্ঞান স্বীকাৰ নকৰে 

৩১। হিউমক কিয় সংশয়বাদী দার্শনিক বুলি অভিহিত কৰা হয়?

উত্তৰঃ হিউমৰ মতে, সার্বজনীন আৰু অনিবার্য বুলি কোৱা কোনোও অস্তিত্ব নাই; কাৰণ, কোনো জ্ঞানেই সম্পূর্ণ সুনিশ্চিত নহয়

৩২। 'জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে' বুলি কোনে কৈছিল? 

উত্তৰঃ 'জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে' বুলি লকে কৈছিল 

৩৩। 'পূর্বতে ইন্দ্রিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে'- এই উক্তিটো কাৰ? 

উত্তৰঃ এই উক্তিটো - লকৰ 

৩৪। 'অন্তৰ্জাত ধাৰণা' কোনটো মতবাদৰ লগত জড়িত? 

উত্তৰঃ 'অন্তৰ্জাত ধাৰণা' বুদ্ধিবাদ মতবাদৰ লগত জড়িত

৩৫। 'অন্তৰ্জাত ধাৰণা' কোনজন অভিজ্ঞতাবাদী দার্শনিকে খণ্ডন কৰিছিল? 

উত্তৰঃ 'অন্তৰ্জাত ধাৰণা' লকে অভিজ্ঞতাবাদী দার্শনিকে খণ্ডন কৰিছিল 

৩৬। জ্ঞান উৎপত্তি সম্বন্ধীয় যিকোনো এটা মতবাদ উল্লেখ কৰা 

উত্তৰঃ জ্ঞান উৎপত্তি সম্বন্ধীয় যিকোনো এটা মতবাদ হল- বুদ্ধিবাদ 

৩৭। বুদ্ধিবাদী দার্শনিকে অভিজ্ঞতাক সম্পূর্ণভাবে অস্বীকাৰ কৰেনে? 

উত্তৰ: বুদ্ধিবাদী দার্শনিকে অভিজ্ঞতাক সম্পূর্ণভাবে অস্বীকাৰ নকৰে 

৩৮। বিচাৰবাদৰ প্ৰৱৰ্তক দার্শনিকজনৰ নাম লিখা 

উত্তৰঃ বিচাৰবাদৰ প্ৰৱৰ্তক দার্শনিকজনৰ নাম - ইমানুৱেল কাণ্ট 

৩৯। ইমানুৱেল কাণ্টৰ ৰচিত এখন গ্ৰন্থৰ নাম লিখা 

উত্তৰ: ইমানুৱেল কাণ্টৰ ৰচিত এখন গ্ৰন্থৰ নাম হল- 'Critique of Pure Reason' 

৪০। ইমানুবেল কান্টে ইন্দ্রিয় অভিজ্ঞতাক সম্পূর্ণভাৱে অৱজ্ঞা কৰেনে? 

উত্তৰ: ইমানুবেল কান্টে ইন্দ্রিয় অভিজ্ঞতাক সম্পূর্ণভাৱে অৱজ্ঞা নকৰে 

৪১। বিচাৰবাদৰ মতে 'প্রকৃত জ্ঞান ইন্দ্রিয় অভিজ্ঞতা আৰু বুদ্ধি দুয়োটাৰ সমাহাৰতে উৎপত্তি হয়'- কথাষাৰ সত্যনে? 

উত্তৰঃ সত্য

৪২। বিচাৰবাদে বুদ্ধি বা যুক্তিক জ্ঞানলাভৰ ক্ষেত্ৰত সম্পূৰ্ণ অস্বীকাৰ কৰেনে? 

উত্তৰঃ বিচাৰবাদে বুদ্ধি বা যুক্তিক জ্ঞানলাভৰ ক্ষেত্ৰত সম্পূৰ্ণ অস্বীকাৰ নকৰে 

৪৩। ইমানুৱেল কাণ্টে প্ৰৱৰ্তন কৰা জ্ঞান উৎপত্তি সম্পর্কীয় দার্শনিক মতবাদটোৰ নাম কি? 

উত্তৰ: ইমানুৱেল কাণ্টে প্ৰৱৰ্তন কৰা জ্ঞান উৎপত্তি সম্পর্কীয় দার্শনিক মতবাদটোৰ নাম হল -বিচাৰবাদ 

৪৪। "জন্মৰ সময়ত মানুহৰ মন এখন উকা ফলি বা 'টেবুলাৰাশা'ৰ দৰে।” এই উক্তিটোৰ দ্বাৰা প্ৰকাশিত মতবাদটোৰ নাম কি?

উত্তৰ: এই উক্তিটোৰ দ্বাৰা প্ৰকাশিত মতবাদটোৰ নাম হল- অভিজ্ঞতাবাদ 

৪৫। খালী ঠাই পূৰ কৰাঃ 

(a) অভিজ্ঞতাবাদীসকলৰ মতে                  জ্ঞানৰ উৎস 

উত্তৰ: অভিজ্ঞতা 

(b) বুদ্ধিবাদীসকলৰ মতে                 জ্ঞানৰ উৎস

উত্তৰঃ বুদ্ধি 

(c) ডেকার্ট এজন                দার্শনিক 

উত্তৰঃ বুদ্ধিবাদী 

(d) বার্কলি এজন                 দার্শনিক 

উত্তৰ: ভাববাদী 

(e) স্পিনোজা এজন              দার্শনিক 

উত্তৰঃ বুদ্ধিবাদী

(f) লাইবনিজ এজন                 দার্শনিক 

উত্তৰঃ বুদ্ধিবাদী 

(g) লক এজন                 দার্শনিক 

উত্তৰ: অভিজ্ঞতাবাদী 

(h) হিউম এজন                  অভিজ্ঞতাবাদী দার্শনিক।  

উত্তৰঃ চৰম 

(i) লকৰ মতে জন্মৰ সময়ত আমাৰ মনটো                   ৰ নিচিনা হৈ থাকে 

উত্তৰ: উকা কাগজ 

(j) অভিজ্ঞতাবাদৰ মতে জ্ঞান উৎপানত মনৰ ভূমিকা                                  

উত্তৰঃ নিষ্ক্রিয়।  

(k) অভিজ্ঞতাবাদৰ জ্ঞান উৎপাদনত মনৰ ভূমিকা                  

উত্তৰঃ সক্রিয়।  

(l) 'অস্তিত্ব প্রত্যক্ষনিৰ্ভৰ' উক্তিটো                ৰ দৰ্শনত পোৱা যায়।  

উত্তৰঃ বার্কলি 

(m) 'নাডৰ ধাৰণা              ৰ দৰ্শনত পোৱা যায় 

উত্তৰঃ লাইবনিজ 

(n) বিচাৰবাদ প্ৰৱৰ্তন কৰা দার্শনিকজনৰ নাম                      

উত্তৰঃ ইমানুৱেল কাল্ট 

(০) অভিজ্ঞতা অবিহনে জ্ঞান শূন্য আৰু বুদ্ধি অবিহনে জ্ঞান                    

উত্তৰ: অন্ধ 

(p) 'Critique of Practical Reason' নামৰ গ্ৰন্থখন                   ৰচনা কৰিছিল 

উত্তৰঃ ইমানুৱেল কাণ্টে 

(q) 'Critique of Pure Reason' গ্রন্থখন                ৰচনা কৰিছিল 

উত্তৰঃ ইমানুৱেল কান্টে 

চমু প্রশ্নোত্তৰ : 

১। অভিজ্ঞতাবাদ বুলিলে কি বুজা?

উত্তৰঃ অভিজ্ঞতাবাদ হৈছে জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় এক দাৰ্শনিক মতবাদ, যাৰ মতে ইন্দ্ৰিয় অভিজ্ঞতা বা সংবেদনহে জ্ঞানৰ প্ৰধান তথা একমাত্র উৎস। অভিজ্ঞতাবাদী দাৰ্শনিকসকলৰ মতেঅভিজ্ঞতাৰ বাহিৰে কোনো অভিজ্ঞতাপূৰ্ব জ্ঞানৰ অস্তিত্ব নাইতেওঁলোকৰ মতে সকলো জ্ঞান হৈছে অভিজ্ঞতালব্ধ

    প্ৰথমে, আমি বাহ্য ইন্দ্ৰিয়ৰ সহায়ত বাহ্য বস্তুৰ বিষয়ে আৰু অন্তৰ ইন্দ্ৰিয়ৰ সহায়ত অন্তৰ অভিজ্ঞতাৰ বিষয়ে জানো। এই ধৰণেআগমন পদ্ধতি (inductive method)ৰে সামান্য ধাৰণা আৰু বিশেষ বিশেষ সত্যৰ আধাৰত আমি জ্ঞান অৰ্জন কৰো

    প্ৰাচীন গ্ৰীক দাৰ্শনিকসকল, বিশেষকৈ এটমিষ্ট আৰু 'ফিষ্টসকল, অভিজ্ঞতাবাদৰ প্ৰথম প্রবর্তক বুলি গণ্য। ছ’ফিষ্টসকলৰ ভিতৰত প্রোটেগোৰাচৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ মতেমানুহেই সকলো বস্তুৰ মাপকাঠী, অৰ্থাৎ সত্য-মিথ্যা বিচাৰৰ একমাত্ৰ মানদণ্ড মানুহৰ অভিজ্ঞতা

    আধুনিক যুগৰ অভিজ্ঞতাবাদী দাৰ্শনিকসকল — জন লকজৰ্জ বার্কলি আৰু ডেভিড হিউম — এই মতবাদৰ সুস্পষ্ট বিকাশ ঘটায়। তেওঁলোকৰ মতেজ্ঞান অৰ্জনৰ একমাত্র উৎস হৈছে ইন্দ্ৰিয় অভিজ্ঞতা

২। অভিজ্ঞতাবাদৰ বিৰুদ্ধে থকা অভিযোগবোৰ চমুকৈ উল্লেখ কৰা

উত্তৰঃ অভিজ্ঞতাবাদৰ বিৰুদ্ধে উত্থাপিত মূল অভিযোগসমূহ হ'ল—

(১) অভিজ্ঞতা জ্ঞানৰ একমাত্র উপায় হ’ব নোৱাৰে অভিজ্ঞতাবাদী দাৰ্শনিকসকলে “অভিজ্ঞতা” বুলিলে কেৱল ইন্দ্ৰিয় সংবেদনকহে বুজিছে, যি জ্ঞানৰ খুবেই সীমিত ক্ষেত্রমানৱ জ্ঞান কেৱল ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ হ’ব নোৱাৰে

(২) ইন্দ্ৰিয় সংবেদন মাত্ৰ বিক্ষিপ্ত অভিজ্ঞতা ইন্দ্ৰিয়ৰ সহায়ত পোৱা জ্ঞানবোৰ সাধাৰণতে বিক্ষিপ্ত আৰু অখণ্ড। এইবোৰক যদি বুদ্ধিয়ে সংশ্লেষণ কৰি এক সংহত আৰু সংগঠিত ৰূপ নিদিয়ে, তেন্তে সেইবোৰে পূৰ্ণ জ্ঞান ৰূপ ল’ব নোৱাৰে। সেয়েহে সংবেদন হ’ব পাৰে, কিন্তু বুদ্ধি অবিহনে ই সেই সংবেদন জ্ঞানলৈ উত্তীর্ণ হ’ব নোৱাৰে

(৩) অভিজ্ঞতাবাদ জ্ঞানৰ সার্বজনীনতা নষ্ট কৰে ইন্দ্ৰিয় সংবেদন ব্যক্তিভেদে ভিন্নএকে বস্তুৰ বিষয়ে একো সময়তে দুইজন ব্যক্তিৰ অভিজ্ঞতা এক নহব পাৰে। সেইবাবে অভিজ্ঞতাবাদ সাৰ্বজনীন আৰু উমৈহতীয়া সত্য উপস্থাপন কৰিবলৈ সক্ষম নহয়। এই মতবাদে জ্ঞানক নিছক ব্যক্তিগত অনুভৱলৈ সীমাবদ্ধ কৰি তোলে

(৪) ইন্দ্ৰিয় সংবেদন বুদ্ধিবিহীন হ’লে অন্ধ মানুহ হৈছে বুদ্ধিযুক্ত জীৱ, যাৰ দ্বাৰা তেওঁ অন্যান্য প্ৰাণীৰ পৰা পৃথক হয়। কেৱল ইন্দ্ৰিয় সংবেদনৰ ওপৰত নিৰ্ভৰ কৰি জ্ঞান লাভ সম্ভৱ নহয়। কাণ্টৰ মতে,

৩। বুদ্ধিবাদ বুলিলে কি বুজা?

উত্তৰঃ বুদ্ধিবাদ (Rationalism) হৈছে জ্ঞানৰ উৎপত্তি সম্পৰ্কে এক গুৰুত্বপূর্ণ দাৰ্শনিক মতবাদ। এই মতবাদ অনুসৰিবুদ্ধি বা যুক্তি 'ল জ্ঞানৰ একমাত্ৰ বা প্ৰধান উৎস। বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে, জ্ঞানৰ উৎপত্তিৰ বাবে অভিজ্ঞতাৰ সহায় প্রয়োজন নহয়; বুদ্ধিৰ দ্বাৰাই যথেষ্ট জ্ঞান লাভ সম্ভৱ। এই ধাৰণাক অভিজ্ঞতাপূর্ব (a priori) জ্ঞান বুলি কোৱা হয়

বুদ্ধিবাদৰ মুখ্য সমৰ্থকসকলৰ ভিতৰত ৰেনে ডেকাৰ্ট (René Descartes), বাৰুখ স্পিনোজা (Baruch Spinoza) আৰু গটফ্ৰিড উইলহেল্ম লাইবনিজ (Gottfried Wilhelm Leibniz) অন্যতম

  • ডেকাৰ্টৰ মতে, বুদ্ধিয়েই জ্ঞানৰ মূল উৎস। তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰে মানুহৰ মনত জন্মৰ সময়তে কিছুমান স্বতঃসিদ্ধ আৰু চিৰসত্য ধাৰণা প্ৰতিষ্ঠা কৰি দিয়ে, যিবোৰৰ সত্যতা সন্দেহাতীত। তেওঁৰ পৰিচিত উক্তি "Cogito, ergo sum" — “মই চিন্তা কৰোঁ, সেয়ে মই আছোঁ” — বুদ্ধিবাদী চিন্তাৰ এক উৎকৃষ্ট দৃষ্টান্ত
  • স্পিনোজা বুদ্ধিৰ পৰা আহৰণ কৰা অন্তৰ্জাত ধাৰণাক জ্ঞানৰ এক নিশ্চিত আধাৰ হিচাপে বিবেচনা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে জ্ঞানৰ গঠন এক গাণিতিক বা যুক্তিগত পদ্ধতিত সম্ভৱ
  • লাইবনিজৰ মতে, মানুহৰ মনত জন্মৰ সময়তে কিছুমান অন্তৰস্থ প্ৰৱণতা (innate tendencies) থাকে। তেওঁ এই ধাৰণাটো তেলৰ সৈতে তুলনা কৰিছিল, যেনেকৈ তেল সৰিয়হৰ ভিতৰত থাকিলেও শেষত বাহিৰলৈ ওলাই আহে, তেনেদৰে সেই অন্তৰ্নিহিত ধাৰণাবোৰ বুদ্ধিৰ সহায়ত বিকাশিত হয়। যদিও অভিজ্ঞতা এক সহায়ক, তথাপিও লাইবনিজ বুদ্ধিৰ প্ৰাধান্য স্বীকাৰ কৰিছিল

৪। বুদ্ধিবাদৰ বিৰুদ্ধে থকা প্ৰধান অভিযোগবোৰ চমুকৈ আলোচনা কৰা

উত্তৰঃ বুদ্ধিবাদ (Rationalism) মতে বুদ্ধি বা যুক্তিই জ্ঞানৰ একমাত্ৰ উৎস। যদিও এই মতবাদে জ্ঞানৰ উৎকৃষ্ট আৰু নিশ্চিত উৎস হিচাপে বুদ্ধিক মান্যতা দিয়ে, তথাপিও ইয়াৰ ওপৰত কেইবাটাও গুৰুত্বপূর্ণ সমালোচনা উত্থাপন কৰা হৈছে। তলত বুদ্ধিবাদৰ বিৰুদ্ধে কিছুমান মুখ্য অভিযোগ উল্লেখ কৰা হৈছেঃ

(১) অভিজ্ঞতাৰ অবমূল্যায়ন বুদ্ধিবাদী দাৰ্শনিকসকলে অভিজ্ঞতাৰ দ্বাৰা লাভ হোৱা সকলো জ্ঞানক সংশয়াত্মক বা ভ্রান্ত বুলি বিবেচনা কৰে। কিন্তু এই মত প্ৰসংগত গ্রহণযোগ্য নহয়। বহু ক্ষেত্রত ইন্দ্ৰিয় অভিজ্ঞতাইও শুদ্ধ আৰু নিশ্চিত জ্ঞান প্ৰদান কৰে — যেনে বৈজ্ঞানিক পৰীক্ষণত। অতএব, অভিজ্ঞতাৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰাটো যুক্তিযুক্ত নহয়

(২) গণিত আৰু দৰ্শনৰ তুলনা ডেকাৰ্টৰ মতে, যিদৰে গণিতত স্বতঃসিদ্ধ সূত্ৰৰ পৰা নিগমন পদ্ধতিত নিশ্চিত সিদ্ধান্ত লোৱা যায়, ঠিক তেনেদৰে অন্তৰ্জাত ধাৰণাৰ পৰা দৰ্শনতো নিশ্চিত জ্ঞান লাভ কৰিব পাৰি। কিন্তু এই তুলনা সম্পূর্ণভাৱে উপযুক্ত নহয়, কাৰণ গণিতৰ বিষয়বস্তু বিশুদ্ধ বিমূর্ত আৰু নিৰপেক্ষ, কিন্তু দৰ্শনৰ বিষয় জটিল, বহুমুখী আৰু প্ৰায়েই মানৱ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল

(৩) ঈশ্বৰক অন্তৰ্জাত ধাৰণা হিচাপে গ্ৰহণ ডেকাৰ্টৰ মতে, ঈশ্বৰ সম্পৰ্কে জ্ঞান এক অন্তৰ্জাত ধাৰণা। কিন্তু যদি ঈশ্বৰ বিষয়ে জ্ঞান সত্যকে অন্তৰ্নিহিত ধাৰণা হ’লহেঁতেন, তেন্তে সকলো জাতি-ধৰ্ম, সংস্কৃতি বা সমাজত ঈশ্বৰৰ ধাৰণা একে হ’ব লাগিছিল। বাস্তৱত, ঈশ্বৰৰ ধাৰণাত বিশ্বব্যাপী বৈচিত্ৰ্য দেখা যায়, যি এই মতৰ ওপৰত সন্দেহ উত্থাপন কৰে

(৪) ইন্দ্ৰিয়ৰ প্ৰয়োজনীয়তা যদিও বুদ্ধি জ্ঞানৰ গুৰুত্বপূর্ণ উৎস, তথাপিও ইন্দ্ৰিয় অভিজ্ঞতাৰ অবদান উপেক্ষা কৰিব নোৱাৰি বিখ্যাত দাৰ্শনিক ইমানুৱেল কাণ্টৰ মতে — "Perceptions without concepts are blind; concepts without perceptions are empty." অর্থাৎইন্দ্ৰিয়ৰ সংবেদন নোহোৱালৈকে কেৱল বুদ্ধিৰ ওপৰত আধাৰিত জ্ঞান অন্তঃসাৰশূন্যসেয়ে ইন্দ্ৰিয় আৰু বুদ্ধি — উভয়ৰ সমন্বয়েই প্ৰকৃত জ্ঞানৰ বাবে প্ৰয়োজনীয়

৫। বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ পাৰ্থক্য নিৰ্ণয় কৰা

উত্তৰঃ বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ পাৰ্থক্য

(১) জ্ঞানৰ উৎস

  • অভিজ্ঞতাবাদ মতে, জ্ঞানৰ একমাত্ৰ উৎস হ’ল ইন্দ্ৰিয় অভিজ্ঞতা। বাহ্যিক জগতৰ বস্তুসমূহক ইন্দ্ৰিয়দ্বাৰা জানিব পাৰি
  • বুদ্ধিবাদ মতে, জ্ঞানৰ প্ৰধান উৎস হ’ল বুদ্ধি বা যুক্তি। ইন্দ্ৰিয়দ্বাৰা পোৱা জ্ঞান বিশ্বাসযোগ্য নহয়, কাৰণ ই বহুসময় ত্রুটিপূর্ণ হয়

(২) পূর্বজাত ধাৰণাৰ স্বীকৃতি

  • অভিজ্ঞতাবাদ অনুসৰি, মানুহৰ মন জন্মৰ সময়ত ‘উকা ফলি’ (Tabula Rasa) হিচাপে থাকে, যিটো অভিজ্ঞতাৰ দ্বাৰা পূৰ্ণ হয়
  • বুদ্ধিবাদ অনুসৰি, মনত কিছু ধাৰণা জন্মগতভাৱে থাকে (যেনে ঈশ্বৰ, আত্মা, গণিতগত সত্য ইত্যাদি)। এইবোৰক ‘পূৰ্বজাত ধাৰণা’ বুলি কোৱা হয়

(৩) জ্ঞানৰ নিশ্চয়তা

  • অভিজ্ঞতাবাদ মতে, ইন্দ্ৰিয় অভিজ্ঞতাৰে পোৱা জ্ঞান যথার্থ আৰু বাস্তৱ। বাহ্যিক জগত বাস্তৱ আৰু ইন্দ্ৰিয়ই তাক জানিব পাৰে
  • বুদ্ধিবাদ মতে, কেবল অন্তৰ্জাত ধাৰণাৰ দ্বাৰা পোৱা জ্ঞানহে নিশ্চিত আৰু অভ্ৰান্ত। ইন্দ্ৰিয়জ জ্ঞান সন্দেহজনক

(৪) জ্ঞাতা-জ্ঞেয়ৰ সম্পর্ক

  • অভিজ্ঞতাবাদ অনুসৰি, জ্ঞাতা (জ্ঞান লাভ কৰা ব্যক্তি) আৰু জ্ঞেয় (জ্ঞানৰ বিষয়) বস্তুৰ সম্পর্ক বাহ্যিক আৰু অভিজ্ঞতাৰ দ্বাৰা গঠিত
  • বুদ্ধিবাদ মতে, জ্ঞাতা আৰু জ্ঞেয়ৰ ভিতৰত এক অন্তৰ্নিহিত, যুক্তিসঙ্গত সম্পর্ক থাকে। কাৰ্য-কাৰণ, আত্মা, ঈশ্বৰ আদি ধাৰণাও অভিজ্ঞতাৰ আগতেই মনত থাকে

৬। হিউমক কিয় সংশয়বাদী দার্শনিক বুলি অভিহিত কৰা হয়?

উত্তৰঃ হিউমে সার্বিক আৰু অনিবার্য সত্যৰ অস্তিত্ব স্বীকাৰ নকৰে। তেওঁৰ মতে কোনো জ্ঞানই সম্পূৰ্ণভাবে সুনিশ্চিত নহয়। যিহেতু তেওঁ সকলো জ্ঞানক সম্ভাব্য বুলি বিবেচনা কৰে, সেইকাৰণে হিউমক সংশয়বাদী দাৰ্শনিক (Skeptic) বুলি গণ্য কৰা হয়। হিউমৰ মতে, জ্ঞানৰ উৎপত্তিত যুক্তিৰ কোনো ভূমিকা নাইতেওঁ বিশ্বাস কৰে যে সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰা আহে। তেওঁ যিকোনো সেই বস্তু বা ধাৰণাক অস্বীকাৰ কৰে, যাক ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা প্রত্যক্ষ কৰিব নোৱাৰি। অৰ্থাৎ, যিবোৰ কথা অনুভৱ নকৰি কেৱল চিন্তাৰে ধৰা যায়, সেইবোৰ হিউমৰ মতে অমূল্য। এই কাৰণেই, দাৰ্শনিক চিন্তাত হিউমক চৰম অভিজ্ঞতাবাদী (Extreme Empiricist) বুলি আখ্যা দিয়া হয় 

৭। হিউমৰ সংশয়বাদৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ দৰ্শনত চৰম অভিজ্ঞতাবাদৰ পৰিণতি: সংশয়বাদ। অভিজ্ঞতাবাদৰ চূড়ান্ত পৰিণতি হিচাপে সংশয়বাদৰ উত্থান দেখা যায়। বিশেষকৈ জন লকৰ অভিজ্ঞতাবাদৰ ভিত্তিত ডেভিড হিউমে সংশয়বাদী দৃষ্টিভংগীৰ উন্মোচন কৰে। লকৰ দৰে হিউমেও বিশ্বাস কৰিছিল যে সকলো জ্ঞানৰ উৎস হ’ল ইন্দ্রিয় অভিজ্ঞতা। তেওঁৰ মতে, যিবোৰ বস্তু বা সত্তা ইন্দ্রিয়ৰ মাধ্যমে অনুভৱ কৰিব নোৱাৰি, সেইবোৰৰ অস্তিত্ব মানি লোৱাৰ কোনো যুক্তি নাই। এইবাবে হিউমে অতীন্দ্রিয় আত্মা, ঈশ্বৰ বা দ্ৰব্যৰ অস্তিত্ব অস্বীকাৰ কৰে

    হিউমৰ মতে, আমি কেৱল ‘মুদ্রণ’ বা অনুভৱৰ স্পষ্ট ৰূপহে পোৱা—অর্থাৎ যিবোৰ জিনিস আমি ইন্দ্ৰিয়ৰ মাধ্যমে সৰাসৰি অনুভৱ কৰো। যিবোৰ কম স্পষ্ট আৰু অনুভৱৰ পিছত মনত থাকে, সেইবোৰক তেওঁ ‘ধাৰণা’ (ideas) বুলি কয়। যদি কোনো বস্তুৰ মুদ্রণেই নাই, তেন্তে সেই ধাৰণা অবৈধ—এই যুক্তিত তেওঁ আত্মা, ঈশ্বৰ, আৰু দ্ৰব্যৰ অস্তিত্ব অস্বীকাৰ কৰে

    হিউমে জ্ঞানৰ উৎপত্তি তিনিটা অনুষংগিক নিয়মৰ ভিত্তিত বুজায়—সান্নিধ্য (contiguity), সাদৃশ্য (similarity), আৰু কাৰ্য-কাৰণ সম্বন্ধ (cause and effect)তথাপি তেওঁ কৈছে যে কাৰ্য-কাৰণৰ মাজত কোনো ‘অনিবার্য’ (necessary) সম্পর্ক নাই। উদাহৰণস্বৰূপে, আকাশত ডাৱৰ দেখিলে আমি ভাৱো যে বৰষুণ হ’ব, কিন্তু ডাৱৰ আৰু বৰষুণৰ মাজত কোনো জড়িত অনিবার্যতা নাই। এই ধাৰণা মাথোঁ আমাৰ অভ্যাস (habit) আৰু অভিজ্ঞতাৰ পুনৰাবৃত্তি (repetition)-ৰ ফল। অৰ্থাৎ, হিউমৰ মতে আমি কেৱল ঘটনাসমূহৰ অনুক্ৰম দেখি, কিন্তু ‘কাৰণ’ আৰু ‘কাৰ্য’ৰ মাজত কোনো যুক্তিবদ্ধ নিত্য সংযোগ পোৱা নাযায়

    এইদৰে, হিউমে জ্ঞান, কাৰ্য-কাৰণ, আত্মা, ঈশ্বৰ আদি বিষয়ে সংশয় প্ৰকাশ কৰি এই সিদ্ধান্ত লৈছে যে জ্ঞানৰ ‘সম্ভাব্যতা’ (probability) আছে, কিন্তু কোনো ‘অনিবার্যতা’ (certainty) নাই। ই এক সংশয়বাদী দৃষ্টিভংগী, যি অভিজ্ঞতাবাদৰ সীমাবদ্ধতাৰ ফল

৮। কাণ্টৰ বিচাৰবাদৰ এটি চমু ব্যাখ্যা দিয়া

উত্তৰঃ জ্ঞানৰ উৎস সম্পৰ্কে দার্শনিকে প্ৰধানকৈ দুটা একপক্ষীয় মত পোষণ কৰিছিল—অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ। অভিজ্ঞতাবাদ মতে জ্ঞানৰ একমাত্ৰ উৎস হ’ল ইন্দ্ৰিয়ৰ সংবেদন, অৰ্থাৎ বাহ্যিক অভিজ্ঞতা। আনহাতে, বুদ্ধিবাদ মতে জ্ঞানৰ উৎস হ’ল বুদ্ধি আৰু যুক্তি। এই দুয়োটা মতবাদে নিজ নিজ দৃষ্টিকোণৰ পৰা জ্ঞান ব্যাখ্যা কৰি সীমাবদ্ধতাত পৰিছে

    এই দৃষ্টিভংগীসমূহক সমন্বয় কৰিবলৈ জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টে এক নতুন দাৰ্শনিক মতবাদ প্ৰতিপন্ন কৰে, যাক বিচাৰবাদ (Critical Philosophy) বুলি কোৱা হয়

    কাণ্টৰ মতে, অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ উভয়তে আংশিক সত্য আছে, কিন্তু এককভাবে কোনোটিৰে দ্বাৰা পূৰ্ণ জ্ঞান সম্ভৱ নহয়। সেয়েহে তেওঁ এই দুয়োটাৰ সমন্বয় ঘটায়। তেওঁৰ মতে, আমি যিবোৰ বস্তু দেখি বা অনুভৱ কৰো, সেইবোৰ প্ৰতিভাস’ (Phenomena)—অৰ্থাৎ বস্তুৰ পৰিপূর্ণ বা ‘স্বতঃসিদ্ধ’ ৰূপ (Noumena) নহয়

জ্ঞানৰ উৎপত্তি কাণ্ট অনুসৰি দুটা উপাদানৰ সমন্বয়ৰ ফলঃ

  1. ইন্দ্ৰিয় সংবেদন (Sense Perception): বাহ্যিক জগতৰ পৰা অহা অনুভূতিসমূহ
  2. বুদ্ধিৰ অভিজ্ঞতাপূৰ্ব প্ৰকাৰ (A Priori Forms): দেশ (Space) আৰু কাল (Time)ৰ ধাৰণাসমূহ, যিবোৰ আমাৰ মনত আগতে থাকে আৰু যিবোৰৰ সহায়ত আমি অনুভূতিক শৃংখলাবদ্ধ কৰি জ্ঞান গঠন কৰো

    ইন্দ্ৰিয় অনুভৱ আমাৰ মনত মাত্ৰ কাঁচা উপাদান প্ৰদান কৰে, কিন্তু সেইবোৰক জ্ঞান ৰূপে গঠন কৰিবলৈ বুদ্ধিৰ আগধৰা কাঠামো (space-time, category) প্ৰয়োজন

    তেওঁ স্পষ্টকৈ কয়: "প্ৰত্যক্ষবিহীন ধাৰণা শূন্য, আৰু ধাৰণাবিহীন প্রত্যক্ষ অন্ধঅর্থাৎ, কেৱল অনুভৱ থাকিলে আমি কিছু বুজি নাপাওঁ (অন্ধ), আৰু কেৱল ধাৰণা থাকিলে তাৰ ভিত্তি নাথাকে (শূন্য)

    কাণ্টৰ মতে, বুদ্ধিৰ তিনিটা মুখ্য ধাৰণা হৈছে—জগত (world), আত্মা (soul), আৰু ঈশ্বৰ (God)এই ধাৰণাসমূহ অভিজ্ঞতাৰ উপাদানবোৰক সংগঠিত আৰু বোধগম্য কৰিবলৈ সহায় কৰে, যদিও এই ধাৰণাসমূহ ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা প্ৰতিপন্ন নহয়। এইবোৰ হৈছে বুদ্ধিৰ সীমান্তধাৰণা, যিবোৰ জ্ঞান গঠনত সহায়ক

৯। অন্তৰ্জাত ধাৰণা বুলিলে কি বুজা? চমুকৈ বুজাই লিখা

উত্তৰঃ ডেকাৰ্টৰ মতে ঈশ্বৰে জন্মৰ সময়ত মানুহৰ মনত কিছুমান ধাৰণা দিয়ে। এই ধাৰণাবোৰ স্বতঃসিদ্ধ আৰু চিৰসত্য। মানুহৰ যথার্থ জ্ঞান এই ধাৰণাসমূহৰ ওপৰতে নিৰ্ভৰ কৰে। অন্তৰ্জাত ধাৰণাৰ পৰা গাণিতিক অৱৰোহ পদ্ধতিৰে যি সিদ্ধান্তত উপনীত হোৱা যায় সি সুনিশ্চিত। তেওঁৰ মতে দৰ্শনত গাণিতিক পদ্ধতি প্রয়োগ কৰিলেহে দার্শনিক সত্য গাণিতিক সত্যৰ দৰেই যথার্থ আৰু সুনিশ্চিত হ' 

    ডেকাৰ্টৰ মতে ধাৰণা তিনি প্ৰকাৰৰ। যেনে- কাল্পনিক বা আহৃত ধাৰণা, জি ধাৰণ্য ইন্দ্ৰিয়ৰ মাধ্যমেৰে বাহ্যিক জগতৰ পৰা পাওঁ। কৃত্রিম ধাৰণা, যিবোৰ বিভিন্ন ধাক পৰস্পৰ সংযোগ কৰি মনে নতুন ধাৰণাৰ সৃষ্টি কৰে। অন্তর্জাত ধাৰণা, যিবোৰ ঈশ জন্মৰ সময়ত আমাক দিছে। ঈশ্বৰ, কাৰ্যকাৰণ নিয়ম, দ্রব্য, দেশ, অসীমতা আদিৰ ধান অন্তর্জাত ধাৰণা। এই ধাৰণাবোৰ স্বতঃসিদ্ধ, স্পষ্ট আৰু সুনিশ্চিত। ডেকার্টর দশ অস্তিত্বক সন্দেহ কৰিব নোৱাৰি। 'মই ভাবো, গতিকে মই আছো।'ই এক চিৰন্তন সত সন্দেহবাদেৰে আৰম্ভ কৰি দেখিবলৈ পালে যে সকলো বস্তুকে সন্দেহ কৰিলেও আছ আত্মাৰ অস্তিত্ব সত্য কাৰণেই অন্তৰ্জাত ধাৰণাও সত্য 

    বুদ্ধিবাদী স্পিনোজায়ো অন্তর্জাত ধাৰণাক সুনিশ্চিত বুলি মানি লৈছিল। এই ধাৰণাবোৰ সুনিশ্চিত। এই সহজাত ধাৰণাবোৰৰ পৰা দার্শনিক জ্ঞানৰ উৎপত্তি হয়। তেওঁৰ মতে মানুহৰ মনত থকা সকলোবোৰ ধাৰণাৰ ভিতৰত ঈশ্বৰ নামৰ দ্ৰব্যৰ ধাৰণাই সবাতোকৈ শ্রেষ্ঠ আৰু উত্তম। ঈশ্বৰৰ ধাৰণাৰ পৰাই জ্যামিতিক পদ্ধতিৰ সহায়ত জীব, জগত আদি  বাকী সত্যবোৰ উদঘাটন কৰিব পাৰি

    লাইবনিজৰ মতে আমাৰ সহজাত ধাৰণাবোৰ জন্মগত নহয়। সমগ্র জগতৰ জ্ঞান মনৰ ভিতৰত সুপ্ত অৱস্থাত থাকে। জ্ঞানৰ বিকাশ হোৱা মানে এই সুপ্ত ধাৰণা বা প্রত্যয়সমূহ জাগ্রত হে সম্পূর্ণ গঢ় লোৱাকে বুজায়। জ্ঞানৰ ক্ষেত্ৰত অভিজ্ঞতাৰ প্ৰয়োজন স্বীকাৰ কৰিলেও অভিজ্ঞতাক জ্ঞানৰ উৎপত্তিৰ কাৰণ বুলি কোৱা নাই। জ্ঞান উৎপত্তি হয় বুদ্ধিত

    ডেকাৰ্ট, স্পিনোজা আৰু লাইবনিজ—এই তিনিজন বুদ্ধিবাদী দাৰ্শনিকৰ মতে, জ্ঞানৰ উৎস ইন্দ্ৰিয় নহয়, বুদ্ধি। যদিও তেওঁলোকৰ মাজত অন্তর্জাত ধাৰণাৰ ব্যাখ্যাত কিছু প্ৰভেদ দেখা যায়, তথাপিও সকলোৰে মতেই জ্ঞান উৎপত্তিত যুক্তিৰ (reason) ভূমিকা মুখ্য। বুদ্ধিবাদে দৰ্শনৰ ক্ষেত্ৰত যুক্তি আৰু গাণিতিক নিশ্চয়তাৰ ওপৰত ভিত্তি স্থাপন কৰিছে

১০। লকে অন্তৰ্জাত ধাৰণাৰ বিৰুদ্ধে কি কি অভিযোগ উত্থাপন কৰিছে- চমুবৈ উল্লেখ কৰা

উত্তৰঃ অভিজ্ঞতাবাদী দাৰ্শনিক জন লকে (John Locke) বুদ্ধিবাদীসকলৰ "অন্তৰ্জাত ধাৰণা"ৰ ধাৰণাৰ প্ৰতিক্ৰমা কৰে। তেওঁৰ মতে'অন্তৰ্জাত ধাৰণা' বুলি কোনো বস্তু নাইবুদ্ধিবাদীসকলে যিবোৰ ধাৰণাক জন্মগত বা স্বতঃসিদ্ধ বুলি দাবী কৰে, সেইবোৰো বাস্তৱত ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰাই উদ্ভৱ হয়

লকৰ মূল যুক্তিসমূহ অন্তৰ্জাত ধাৰণাৰ বিৰুদ্ধে:

  1. সকলোতে একে ধাৰণা নাথাকা: যদি কিবা ধাৰণা জন্মগত হ’লেহেঁতেন, তেন্তে সেই ধাৰণা সকলো ব্যক্তিৰ মনত স্বাভাৱিকভাৱে থাকিব লাগিছিল। কিন্তু শিশু, মানসিক বিকলাঙ্গ ব্যক্তি, আৰু অসভ্য জাতিৰ লোকৰ মনত এনে ধাৰণা দেখা নাযায়। এই বাস্তবতা অন্তৰ্জাত ধাৰণাৰ অস্তিত্বক অস্বীকাৰ কৰে
  2. স্থান-কালৰ ভিত্তিত ধাৰণাৰ ভিন্নতা: ঈশ্বৰ, আত্মা, নৈতিকতা আদিৰ বিষয়ে সকলো মানুহৰ ধাৰণা একে নহয়। বিভিন্ন সমাজ, সময় আৰু সংস্কৃতিৰ লোকসকলে এই বিষয়ে ভিন্নমত পোষণ কৰে। যদি এইবোৰ ধাৰণা অন্তৰ্জাত হ’লেহেঁতেন, তেন্তে সকলোতে একে ধাৰণা থাকিব লাগিছিল
  3. সামান্যীকৰণৰ ভুল বুজাবুজি: কিছু ধাৰণা (যেনে: ‘জুয়ে পোৰে’) সকলোৰে বাবে সত্য হ’লেও সেয়া অভিজ্ঞতাৰ পৰা উদ্ভৱ। এই ধৰণৰ অভিজ্ঞতাৰ আধাৰতেই তাদাত্ম্য নিয়ম বা বিৰোধবাধক নিয়ম গঠিত হয়, যাক বুদ্ধিবাদীসকলে স্বতঃসিদ্ধ বুলি মানে। কিন্তু লকৰ মতে, এইবোৰ সাধাৰণীকৰণৰ ফল, কোনো জন্মগত জ্ঞান নহয়
  4. সাধাৰণভাবে গ্ৰহণযোগ্য ধাৰণাও অন্তৰ্জাত নহয়: কাৰ্য-কাৰণৰ ধাৰণা প্ৰায় সকলোৰে মনত দেখা যায়। তথাপিও, ই জন্মজাত নহয়, অভিজ্ঞতাৰ পুনৰাবৃত্তি আৰু পৰ্যবেক্ষণৰ ফল

    লকৰ মতেমানুহৰ মন জন্মৰ সময়ত একেবাৰে শূন্য, যেন নিলিখা কাগজ (Blank Slate)সকলো ধাৰণা আৰু জ্ঞান ইন্দ্ৰিয় সংবেদনৰ অভিজ্ঞতা আৰু আত্ম-অবলোকনৰ দ্বাৰা আহে। সেয়েহে তেওঁ অভিজ্ঞতাক জ্ঞানৰ একমাত্ৰ উৎস বুলি ঘোষণা কৰে

১১/ 'চৈতন্য হ'ল এখন ফটোগ্রাফিক প্লেট য'ত বাহ্যিক ক্রিয়াসমহ প্রতিবিম্বিত হয়'- কথাষাৰ চমুকৈ ব্যাখ্যা কৰা

উত্তৰঃ অভিজ্ঞতাবাদী দাৰ্শনিক জন লকেৰ মতে, মানুহৰ মন এখন ফটোগ্ৰাফিক প্লেটৰ দৰে — য’ত বাহ্যিক বস্তুসমূহৰ অনুকৃতি বা প্ৰতিবিম্ব গঠিত হয়। তেওঁ বিশ্বাস কৰিছিল যে জ্ঞানৰ উৎস হ’ল অভিজ্ঞতা, আৰু জন্মৰ সময়ত মনত কোনো ধাৰণা বা জ্ঞান থাকে নে। এই দৃষ্টিভংগী অনুযায়ী, মানুহৰ মনক তেওঁ টেবুলা ৰাছা’ (Tabula Rasa) — অৰ্থাৎ এখন উকা কাগজ—ৰ সৈতে তুলনা কৰিছে

লকৰ মতে, বাহ্যিক জগতৰ বস্তুবোৰ ইন্দ্ৰিয়ৰ মাধ্যমেৰে মনত প্ৰভাৱ পেলায়। এই প্ৰভাৱই ‘ধাৰণা’ (Ideas)ৰ সৃষ্টি কৰে, যাৰ জৰিয়তে আমি বস্তুসমূহক জানো। তেওঁৰ মতে:

  • ৰং, গোন্ধ, স্পৰ্শ, স্বাদ আদিকে আমৰা বস্তুৰ বৈশিষ্ট্য বুলি ধৰি লওঁ, কিন্তু এইবোৰ বাস্তৱ বস্তুৰ গুণ নহয়এইবোৰ আমাৰ মনত গঠিত ধাৰণাহে
  • মন বস্তুবোৰক পোনপটীয়াকৈ (directly) জানিব নোৱাৰে, মন মাথোঁ তেওঁলোকৰ প্ৰভাৱৰ ভিত্তিত গঠিত ধাৰণাসমূহ জানে

লকৰ মতে, জ্ঞানৰ উৎপত্তি হয় দুটা উৎসৰ পৰা—

  1. ইন্দ্ৰিয় সংবেদন (Sensation): বাহ্যিক জগতৰ বস্তুসমূহৰ সংস্পর্শত অহা ইন্দ্ৰিয় অনুভৱ
  2. অন্তদৰ্শন (Reflection): ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত মনৰ চিন্তন, মনোবৃত্তি, আৰু আত্ম-অবলোকন

এই দুয়ো অভিজ্ঞতাৰ মাধ্যমেৰে ধাৰণাবোৰ গঠিত হয়। এই ধাৰণাবোৰেই আমাৰ জ্ঞানৰ ভিত্তি

    সেয়েহে, জন লকৰ মতেজন্মৰ সময়ত মানুহৰ মন একেবাৰে শূন্য, আৰু জ্ঞানৰ সকলো উপাদান অভিজ্ঞতাৰ দ্বাৰা গঠিতবাহ্যিক বস্তুবোৰ ইন্দ্ৰিয়ৰ সহায়ত মনে গ্ৰহণ কৰে আৰু মনে তেওঁলোকৰ ধাৰণাবোৰ সংৰক্ষণ কৰে, যেন ফটোগ্ৰাফিক প্লেটত ছবি ৰেকর্ড হোৱা এক প্ৰক্ৰিয়া

১২। 'প্রত্যক্ষতে ইতি বিদ্যতে' বা 'অস্তিত্ব প্রত্যক্ষনিৰ্ভৰ'- কথাষাৰ চমুকৈ বুজাই লিখা

উত্তৰঃ ভাববাদী দাৰ্শনিক জৰ্জ বার্কলি অভিজ্ঞতাৰ আধাৰত জ্ঞান ব্যাখ্যা কৰি ভাববাদী অভিজ্ঞতাবাদ (Idealistic Empiricism) প্ৰতিপন্ন কৰে। তেওঁৰ মতেবস্তুৰ অস্তিত্ব কেবলমাত্র তেতিয়াহে থাকে, যেতিয়া সেইটো প্রত্যক্ষ কৰা হয় এই ধাৰণাটোকেই তেওঁ প্ৰকাশ কৰিছে “Esse est percipi” — অৰ্থাৎ “অস্তিত্ব মানেই হ'ল প্রত্যক্ষিত হোৱাঁ।” বার্কলিৰ মতে—

  • জগতৰ সকলো বস্তু মানৱ মনের ধাৰণাৰ ওপৰত নিৰ্ভৰশীল
  • মন আৰু মনৰ ধাৰণা বাহিৰে আমি একো জানিব নোৱাৰো
  • গুণবোৰ—যেনে ৰূপ, ৰং, গন্ধ, স্বাদ, আয়তন, গতি আদিৰ অস্তিত্ব ব্যক্তি-নির্ভৰ। অৰ্থাৎ, যিজনে সেইবোৰ অনুভৱ কৰে, তাৰ মনতে এইবোৰ বিদ্যমান

তেওঁ বিশ্বাস কৰে যে—

  • গুণবোৰৰ সমষ্টিয়েই বস্তু বুলি আমি জানো
  • এই গুণবোৰ আমি ইন্দ্ৰিয়ৰ সহায়ত প্ৰত্যক্ষ কৰো, কিন্তু যি বস্তু এই গুণবোৰ বহন কৰে বুলি ধৰা হয়, সেই ‘দ্ৰব্য’ (Substance)ক আমি কেতিয়াও প্রত্যক্ষ নকৰো
  • সেয়েহে দ্ৰব্যৰ অস্তিত্ব অনুমানৰ ওপৰত নিৰ্ভৰ কৰে, আৰু ইয়াক মানি লোৱাৰ কোনো যুক্তিগৰিষ্ঠ আধাৰ নাই

বার্কলি এই মতবাদৰ আধাৰত কয়—

  • গছজোপা আছে” বুলি কোৱাৰ অৰ্থ হ’ল—“কোনোবাই গছজোপাটিক দেখিছে বা অনুভৱ কৰিছে।”
  • যদি কিবা বস্তু দেখা, শুনা বা স্পৰ্শ কৰা নহয়, তেন্তে সেই বস্তু অস্তিত্বহীন

    তেওঁৰ মতেবস্তুৰ অস্তিত্ব ইন্দ্ৰিয় অভিজ্ঞতাৰ (প্ৰত্যক্ষৰ) ওপৰতে নিৰ্ভৰ কৰে, আৰু এই প্ৰত্যক্ষেই জ্ঞানৰ একমাত্র আধাৰ

১৩। কাণ্টৰ বিচাৰবাদৰ এটি চমু ব্যাখ্যা দিয়া

উত্তৰঃ দুইটা একপক্ষীয় দাৰ্শনিক মতবাদ—অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদজ্ঞানৰ উৎস ব্যাখ্যা কৰাৰ ক্ষেত্ৰত পৰস্পৰৰ পৰা সম্পূৰ্ণ ভিন্ন পথ অনুসৰণ কৰে। অভিজ্ঞতাবাদে জ্ঞানৰ উৎস হিচাপে ইন্দ্ৰিয় অভিজ্ঞতাক কেন্দ্ৰস্থানে ৰাখে, আৰু বুদ্ধিবাদে জ্ঞানৰ উৎস হিচাপে বুদ্ধি আৰু যুক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। এই দুয়োটা মতৰ সীমাবদ্ধতা উপলব্ধি কৰি দার্শনিক ইমানুয়েল কাণ্টে তেওঁলোকৰ আংশিক সত্যতাক স্বীকাৰ কৰি বিচাৰবাদ নামৰ এক নতুন দৃষ্টিভংগী প্ৰৱৰ্তন কৰে। ইমানুয়েল কাণ্টৰ মতে—

  • অভিজ্ঞতাবাদ কেৱল ইন্দ্ৰিয় সংবেদনৰ ওপৰত নিৰ্ভৰ কৰাত জ্ঞান অতিশয় সীমিত আৰু অসম্পূর্ণ হয়
  • আনহাতেবুদ্ধিবাদ কেৱল বুদ্ধিৰ ওপৰত ভিত্তি কৰি বাস্তৱ জগতৰ সৈতে সংযোগহীন ধাৰণাসমূহ গঠন কৰে, যাৰ ভিত্তিত যথার্থ জ্ঞান সম্ভৱ নহয়

কাণ্টৰ সমন্বয়বাদী দৃষ্টিভংগী:

  • কাণ্টৰ মতে, জ্ঞানৰ উৎপত্তিত ইন্দ্ৰিয় অভিজ্ঞতা (অন্যথা সংবেদন) আৰু বুদ্ধি (ধাৰণা) দুয়োটাই সমভাবে জড়িত
  • আমি সত্তাৰ যি অংশ দেখি বা জানো, সেয়া ‘প্ৰতিভাসিক’ (phenomenal)আমি জিনিষ-বিলাক-নিজে’ (thing-in-itself বা noumenon) জানিব নোৱাৰো
  • ইন্দ্ৰিয় সংবেদন আমাৰ মনে অভিজ্ঞতাপূর্ব ধাৰণাসমূহৰ সহায়ত জ্ঞানৰ গঠন কৰে

জ্ঞানৰ গঠন প্ৰক্ৰিয়া:

  1. সংবেদন (Sensation): বাহ্যিক জগতৰ পৰা আহে — গন্ধ, ৰং, শব্দ, স্পৰ্শ ইত্যাদি। ই উপাদান প্ৰদান কৰে, কিন্তু এইবোৰ নিজে নিজে জ্ঞান নহয়
  2. অভিজ্ঞতাপূৰ্ব ধাৰণা (A priori Forms): সংবেদনে যে উপাদান দিয়ে, সেয়া দেশ (space) আৰু কাল (time) নামৰ অভিজ্ঞতাপূৰ্ব কাঠামোৰ ভিতৰত পৰে। এই দেশ আৰু কাল মানৱ মনৰ অন্তৰ্গত ধাৰণা — অভিজ্ঞতা পাবৰ আগতেই আমি ইহঁত লৈ জন্মো
  3. বুদ্ধিৰ ধাৰণা (Concepts of Understanding): সংবেদনপৰা অহা উপাদানবোৰক বুদ্ধিয়ে ধাৰণাৰ সহায়ত শৃংখলাবদ্ধ কৰে। ইহঁতে সজ্ঞানে গঠন প্ৰদান কৰে। যদি কেৱল সংবেদন থাকে, তেন্তে তথ্য হ', কিন্তু জ্ঞান নহয়

    কাণ্টৰ বিখ্যাত উক্তি — “Perceptions without concepts are blind; concepts without perceptions are empty.” (অৰ্থাৎ—প্রত্যক্ষবিহীন ধাৰণা অন্ধ, আৰু ধাৰণাবিহীন প্রত্যক্ষ শূন্য)

  • কাণ্টৰ মতে, বুদ্ধিৰ তিনিটা মুখ্য ধাৰণা—জগত (World), আত্মা (Soul), আৰু ঈশ্বৰ (God)—এইবোৰ বুদ্ধিজাত ধাৰণা, যিবোৰ ইন্দ্ৰিয় অভিজ্ঞতাৰ বাহিৰে থাকিলেও জ্ঞানক শৃংখলিত আৰু সংগঠিত কৰিবলৈ অপৰিহার্য

    ইমানুয়েল কাণ্টে বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ একপাক্ষিকতা কাটাই সমন্বয়মূলক বিচাৰবাদ প্ৰৱর্তন কৰে। তেওঁৰ মতে, জ্ঞানৰ সৃষ্টি ইন্দ্ৰিয় অভিজ্ঞতা আৰু অভিজ্ঞতাপূৰ্ব ধাৰণাৰ পৰস্পৰ মিশ্ৰণে সম্ভৱ। এই দৃষ্টিভংগী দৰ্শনচিন্তাত এক নতুন যুগৰ সূচনা কৰে

১৪। ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণা খণ্ডন কৰাত লক কৃতকার্য হ'ব পাৰিছেনে?

উত্তৰঃ ডেকাৰ্টৰ মতেজ্ঞানৰ উৎস হ'ল অন্তর্জাত ধাৰণা, অৰ্থাৎ মানৱ মনত কিছু ধাৰণা বা জ্ঞান সহজতে, জন্মলগ্নৰ পৰা থাকে—যেনে ঈশ্বৰৰ ধাjণা, আত্মাৰ চিন্তা, আৰু গণিতীয় সত্যসমূহ। এই ধাৰণাসমূহ অভিজ্ঞতাৰ বাহিৰে জন্মায় বুলি ডেকাৰ্ট বিশ্বাস কৰে

    এই মতৰ সম্পূৰ্ণ খণ্ডন কৰিবলৈ জন লকে (John Locke) নিজৰ অভিজ্ঞতাবাদী দৰ্শন প্ৰস্তুত কৰে। তেওঁ কয়—“মানৱ মন জন্মৰ সময়ত এক শূন্য কাগজ (tabula rasa)”ৰ নিচিনা। মনত কিবা ধাৰণা বা জ্ঞান জন্মলগ্নৰ পৰা থাকে বুলি ভাবাটো ভুল। লকৰ মতে, সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতা (sense experience) আৰু আন্তৰিক চিন্তা (reflection) ৰ পৰা আহে। যদিও লকে অন্তর্জাত ধাৰণাক অস্বীকাৰ কৰে, তথাপিও কিছু ধাৰণাক সম্পূৰ্ণৰূপে অভিজ্ঞতা দ্বারা ব্যাখ্যা কৰা কঠিন:

  • কাৰ্য-কাৰণতাদেশ-কালতাদাত্ম্য (identity), বিবোধ (difference) ইত্যাদি ধাৰণা ইন্দ্ৰিয়লব্ধ নহয়, কিন্তু জ্ঞান গঠন কৰিবলৈ অত্যন্ত আবশ্যক
  • সংবেদন আমাক উপাদান দিয়ে, কিন্তু সেই উপাদানবোৰক শ্ৰেণীবদ্ধসংযোজিত, আৰু গঠনমূলক জ্ঞানত পৰিণত কৰিবৰ বাবে বুদ্ধিগত ধাৰণাৰ প্ৰয়োজন

এই প্ৰেক্ষাপটত ইমানুয়েল কাণ্টৰ বিচাৰবাদ অধিক যুক্তিসঙ্গত বুলি বিবেচিত হয়

কাণ্টৰ সমন্বয় দৃষ্টিভংগী:

  • কাণ্টৰ মতেইন্দ্ৰিয় অভিজ্ঞতা জ্ঞানৰ উপাদান দিলেও, সেইবোৰক সংগঠিত কৰাৰ বাবে কিছু অভিজ্ঞতাপূৰ্ব (a priori) ধাৰণাৰ প্ৰয়োজন হয়
  • যিহেতু এই ধাৰণাসমূহ ইন্দ্ৰিয়সমূহৰ দ্বাৰা লাভ হোৱা নহয়, সেয়া বোলে—মানুহৰ চিন্তা আৰু বুদ্ধিয়ে সহজতে এইবোৰ লৈ জন্মেসেইবাবে ইহঁতক "অন্তঃপ্ৰজ্ঞালব্ধ বিধেয় (categories of understanding)" বুলি কোৱা হয়

উদাহৰণস্বৰূপ:

  • কার্য-কাৰণতাৰ ধাৰণা কোনো অনুভূতি নহয়, কিন্তু আমি সকলো ঘটনাৰ মাজত কাৰণ বিচাৰো
  • দেশ আৰু কাল মানৱ অভিজ্ঞতাৰ কাঠামো, কিন্তু কোনো ইন্দ্ৰিয়ই এইবোৰ পৃথকভাৱে দেখুৱাব নোৱাৰে

মানুহৰ চিন্তাশক্তি আৰু উত্তৰাধিকাৰ প্রশ্ন:

  • যদি কোৱা হয় যে পূৰ্বপুৰুষে অভিজ্ঞতাৰ জৰিয়তে যিবোৰ ধাৰণা আহৰণ কৰিছে, সেয়া উত্তৰ পুৰুষে উত্তৰাধিকাৰ ৰূপে পাইছে, তেন্তে প্ৰশ্ন উত্থাপন হয়— “প্ৰথম পুৰুষজনে কেনেদৰে সেই ধাৰণা লাভ কৰিলে?”

সেইক্ষেত্ৰত, কোনো এক সহজাত (অন্তর্জাত) ধাৰণাৰ অস্তিত্ব স্বীকাৰ কৰা বাধ্যতামূলক হৈ পৰে

    জন লকৰ অভিজ্ঞতাবাদে অন্তর্জাত ধাৰণাক অস্বীকাৰ কৰিলে যদিও, কাৰ্য-কাৰণতা, দেশ-কাল, ইত্যাদি ধাৰণাৰ অস্তিত্ব অভিজ্ঞতা দিয়াৰ পৰা পূৰ্ণ ব্যাখ্যা দিয়াটো সম্ভৱ নহয়। সেই বাবে ইমানুয়েল কাণ্টৰ দৃষ্টিভংগী অনুসৰি কোৱা যায়—
    সংবেদনপূৰ্ব ধাৰণাসমূহ মানৱ জ্ঞানৰ গঠনৰ বাবে অপরিহার্য। মানুহে অন্যান্য জীৱ-জন্তুতকৈ উন্নত চিন্তাশক্তিৰ দ্বাৰাই পৃথক, আৰু সেইবাবে চিন্তা, ধাৰণা, আৰু বুদ্ধিগত কাঠামো মানৱ জীৱত স্বীকৃত হ’বই লাগে। সেয়ে কোৱা যায়—লকৰ অভিজ্ঞতাবাদ অন্তর্জাত ধাৰণাৰ অস্তিত্ব সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰে, আৰু তেওঁৰ যুক্তি সম্পূৰ্ণভাবে গ্ৰহণযোগ্য নহয়

১৫। চমুটোকা লিখা: 

(a) বুদ্ধিবাদ

উত্তৰঃ যুক্তিবাদী দার্শনিকসকলৰ মতে জ্ঞানৰ উৎস বুদ্ধি বা যুক্তি। তেওঁলোকৰ বিশ্বাস, ইন্দ্ৰিয় সংবেদনে যি জ্ঞান দিয়ে সি অস্থায়ী, পৰিবর্তনশীল আৰু ব্যক্তিভেদে ভিন্ন হয়। সেইবাবে ইন্দ্ৰিয়-অভিজ্ঞতা সত্য জ্ঞানৰ উৎস হ’ব নোৱাৰে। ইয়াৰ বিপৰীতে বুদ্ধিজাত জ্ঞান চিৰন্তন, সার্বজনীন আৰু সুনিশ্চিত। এই যুক্তিবাদী মতৰ পৃষ্ঠপোষক ডেকাৰ্ট, স্পিনোজা আৰু লাইবনিজ অন্যতম

    আধুনিক পাশ্চাত্য দৰ্শনৰ জনক ডেকাৰ্টে জ্ঞানৰ উৎস হিচাপে বুদ্ধিক প্ৰধান স্থান দিছে। তেওঁৰ মতে, ঈশ্বৰে মানুহৰ মনে কিছুমান অন্তৰ্জাত ধাৰণা (Innate Ideas) দিয়েই জন্ম দিছে। এই ধাৰণাবোৰ স্বতঃসিদ্ধ, চিৰসত্য আৰু সুনিশ্চিত। তেওঁ দৰ্শনত গাণিতিক পদ্ধতি (mathematical method) প্রয়োগ কৰি দেখুৱাইছে যে বুদ্ধিয়ে নিশ্চিত জ্ঞান প্ৰদান কৰিব পাৰে। তেওঁৰ মতে, সন্দেহ কৰিলে দেখা যায়— "মই ভাবো, গতিকে মই আছোঁ" (Cogito ergo sum) এই আত্মসচেতনতা সন্দেহ-অতিক্ৰমী এক সত্য। আত্মাৰ অস্তিত্ব নিশ্চিত বুলি স্বীকাৰ কৰিলে অন্তৰ্জাত ধাৰণাবোৰো নিশ্চিত হয়। তেওঁ ধাৰণাক তিনি ভাগত ভাগ কৰিছে:

  1. কাল্পনিক ধাৰণা – ইন্দ্ৰিয়ৰ দ্বাৰা আহৃত (যেনে, ৰঙা গোলাপ)
  2. কৃত্ৰিম ধাৰণা – মনৰ গঠন কৰা (যেনে, সোণৰ পাহাৰ)
  3. অন্তৰ্জাত ধাৰণা – জন্মগত ধাৰণা (যেনে, ঈশ্বৰ, কাৰ্যকাৰণতা, দেশ-কাল, অসীমতা ইত্যাদি)

    স্পিনোজাৰ মতেসৰ্বোচ্চ ধাৰণা হ'ল ঈশ্বৰঈশ্বৰৰ অন্তৰ্জাত ধাৰণাৰ পৰা জ্যামিতিক পদ্ধতিত সকলো সত্য উদঘাটন কৰিব পাৰি। তেওঁৰ মতে, সহজাত ধাৰণাবোৰ স্পষ্ট, বিশ্লেষণযোগ্য আৰু সুনিশ্চিত। এই ধাৰণাবোৰৰ ওপৰত ভিত্তি কৰি আমৰা বিশ্ব আৰু জীৱনৰ সত্য জ্ঞান লাভ কৰিব পাৰো

    লাইবনিজে বুলিছে যে সহজাত ধাৰণাবোৰ জন্মগত নহয়, কিন্তু মনত সুপ্ত অৱস্থাত থাকে। অভিজ্ঞতা এই সুপ্ত ধাৰণাবোৰ জাগ্ৰত কৰি তোলাত সহায় কৰে। সেয়ে, তেওঁ অভিজ্ঞতাৰ সহায়ক ভুমিকা স্বীকাৰ কৰিছে, কিন্তু জ্ঞানৰ উৎস বুদ্ধি বুলিয়েই মত দিছে

(b) অভিজ্ঞতাবাদ

উত্তৰঃ অভিজ্ঞতাবাদ অনুসৰি অভিজ্ঞতাই হ’ল জ্ঞানৰ একমাত্র উৎসঅভিজ্ঞতাবাদীসকলে অভিজ্ঞতাপূৰ্ব কোনো ধাৰণাৰ অস্তিত্ব স্বীকাৰ নকৰে। তেওঁলোকৰ মতে সকলো জ্ঞান অভিজ্ঞতাৰ দ্বাৰা লাভ কৰা হয়

    প্ৰথমেবাহ্য ইন্দ্ৰিয়ৰ সহায়ত আমি বাহ্য বস্তুবোৰক জানো আৰু অন্তৰ ইন্দ্ৰিয়ৰ দ্বাৰা মানসিক অৱস্থা বা চিন্তাক উপলব্ধি কৰো। এই বিশেষ জ্ঞানবোৰৰ ওপৰত ভিত্তি কৰি আগমন পদ্ধতিৰে আমি সাধাৰণ নিয়ম বা সত্যসমূহ গঠন কৰো

    ইয়াৰ প্ৰাচীন প্ৰৱৰ্তক হ’ল গ্ৰীক দাৰ্শনিক এটমিষ্ট (Atomist) আৰু ছফিষ্ট (Sophist) সকলে। ছফিষ্টসকলৰ ভিতৰত প্ৰোটেগোৰাচৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকে কৈছিল – “মানুহেই হ’ল সকলো বস্তুৰ মাপকাঠী”, অৰ্থাৎ, জ্ঞান আৰু সত্যৰ মাপকাঠী হ’ল ব্যক্তিগত অভিজ্ঞতা

    আধুনিক অভিজ্ঞতাবাদী দাৰ্শনিক হিচাপে জন লক (Locke), জৰ্জ বার্কলি (Berkeley) আৰু ডেভিড হিউম (Hume) ৰ নাম উল্লেখযোগ্য। তেওঁলোকে বিশ্বাস কৰিছিল যে জ্ঞানৰ উৎস হ’ল কেৱল অভিজ্ঞতা

    লকৰ মতেমানুহৰ মন জন্মৰ সময়ত এখন অলিখিত বগা কাগজ (tabula rasa) সদৃশ। ই এক শূন্য পাত্ৰৰ দৰে, যাক অভিজ্ঞতাৰ দ্বাৰা জ্ঞানৰে পূৰ্ণ কৰা হয়। তেনে ধাৰণাবোৰ (যেনে- ঈশ্বৰ, নিত্যতা, অসীমতা) যদি অন্তৰ্জাত হ’লহেঁতেন, তেন্তে সিহঁত সকলো মানুহৰ মনত সমানভাৱে থাকিব লাগিছিল। কিন্তু শিশু, উন্মাদ বা অশিক্ষিত লোকৰ মনত এনে ধাৰণা দেখা নাযায়

    জৰ্জ বার্কলিৰ মতেপ্ৰত্যক্ষ অভিজ্ঞতাই জ্ঞানৰ একমাত্র উৎসতেওঁৰ মতে, বস্তুবোৰৰ অস্তিত্ব মানে হ’ল “তেওঁলোকক অনুভৱ কৰিব পৰা” – “To be is to be perceived”বস্তুবোৰ বাহ্যিক ৰূপত স্বতন্ত্ৰভাৱে অস্তিত্বশীল নহয়

    হিউমৰ মতে, যেতিয়া ইন্দ্ৰিয়সমূহ বাহ্য বস্তুৰ সৈতে সংযোগ ঘটে, তেতিয়া সেই বস্তুসমূহৰ ছাপ আমাৰ মনত পৰে। এই “ছাপ” বা impressions-ই জ্ঞানৰ মূল। সকল অভিজ্ঞতাবাদীৰ মূল মত হ’ল – জ্ঞান অভিজ্ঞতাপূৰ্ব নহয়, জ্ঞান অভিজ্ঞতালব্ধ

    জ্ঞানৰ উৎসৰ ক্ষেত্ৰত অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ উভয়েই গুৰত্বপূৰ্ণ। অভিজ্ঞতাৰ দ্বাৰা জ্ঞানৰ উপকৰণ সংগৃহীত হয়, আৰু বুদ্ধিৰ দ্বাৰা সেই উপকৰণসমূহক সংহতি আৰু আকাৰ দিয়া হয়। অভিজ্ঞতা নাথাকিলে জ্ঞান অন্ধ হৈ থাকে, আৰু বুদ্ধি নাথাকিলে সেই জ্ঞান অসংগঠিত হৈ থাকেসেয়েহে, জ্ঞানৰ বাবে অভিজ্ঞতা আৰু বুদ্ধি দুয়োটা সমানভাৱে প্ৰয়োজনীয়

(c) কাণ্টৰ বিচাৰবাদ

উত্তৰঃ জ্ঞানৰ উৎস সম্পৰ্কে অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ হৈছে দুটা একপক্ষীয় দৰ্শনীয় মতবাদ। ইমানুৱেল কাণ্ট (Immanuel Kant) এই দুয়ো মতবাদেৰ সমন্বয় সাধন কৰি বিচাৰবাদ (Criticism/Critical Philosophy) প্ৰবর্তন কৰে। কাণ্টৰ মতে,

  • অভিজ্ঞতাবাদ কেৱল ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত আধাৰিত হৈ জ্ঞানৰ আলোচনা কৰে, যাৰ ফলত এই জ্ঞান সীমিত আৰু অপূর্ণ হয়
  • আনহাতেবুদ্ধিবাদ কেৱল বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জ্ঞানক বিশ্লেষণ কৰে, যি কেৱল ধাৰণা আৰু যুক্তিমূলক চিন্তাত সীমাবদ্ধ থাকে

    এইদৰে, কোনোটোৱেই এককভাবে জ্ঞানৰ যথার্থ উৎস হব নোৱাৰে। সেয়েহে কাণ্টৰ মতে, এই দুয়ো মতবাদ আংশিকভাৱে সত্যতেওঁ অভিজ্ঞতা আৰু বুদ্ধিৰ এক যৌগিক পন্থা অবলম্বন কৰি বিচাৰবাদ গঠন কৰে। কাণ্টৰ মতে,

    আমি বস্তুৰ স্বৰূপ (thing-in-itself) জানিব নোৱাৰো; আমি জানো বস্তুৰ প্রতিভাসিক ৰূপ (phenomenon)হে

  • ইন্দ্ৰিয় সংবেদনৰ দ্বাৰা আমি বাহ্যিক জগতৰ অনুভূতি লাভ কৰো
  • এই অনুভূতিবোৰ দেশ আৰু কালৰ অভিজ্ঞতাপূৰ্ব প্ৰকাৰৰ সহায়ত সংবেদনে শৃংখলাবদ্ধ কৰে
  • এই অভিজ্ঞতাপূৰ্ব প্ৰকাৰসমূহ (space & time) আমাৰ মনৰ ভিতৰতে থাকে; বাহ্যিক জগতৰ অংশ নহয়
  • বুদ্ধি এই সংবেদনক ধাৰণাৰ সহায়ত গঠন কৰে আৰু তেতিয়াহে জ্ঞানৰ সৃষ্টি হয়

কাণ্টৰ প্ৰসিদ্ধ উক্তি হ'ল — "ধাৰণাবিহীন প্রত্যক্ষ অন্ধ আৰু প্রত্যক্ষবিহীন ধাৰণা শূন্য (Perception without conception is blind, and conception without perception is empty) ইয়াৰ অৰ্থ হ'ল —

  • অনুভূতিৰ সহায় নোহোৱাকৈ কেৱল ধাৰণাই জ্ঞান সৃষ্টি কৰিব নোৱাৰে
  • আৰু অনুভূতিয়ে ধাৰণাৰ সহায় নোপালে জ্ঞান অনিয়মিত আৰু বিশৃঙ্খল হৈ থাকে

কাণ্টে বুদ্ধিৰ তিনিটা প্ৰধান ধাৰণাৰ উল্লেখ কৰে –

১. জগত,

২. আত্মা,

৩. ঈশ্বৰ

    এইবোৰ ইন্দ্ৰিয় অভিজ্ঞতা দ্বাৰা জানিব পৰা নহয়, তথাপিও এই ধাৰণাসমূহ বোধগম্যতাৰ কাৰণে প্ৰয়োজনীয়কাণ্টৰ মতে —

বোধেই প্রকৃতিক সৃষ্টি কৰে” (Understanding makes nature)এই বোধ বা বুদ্ধিৰ ধাৰণাসমূহ সৰ্বজনীন আৰু অৱশ্যম্ভাবীকোনো ব্যক্তি বিশেষৰ নহয়; সকলো মানুহৰ বাবে একে। তেওঁ কয় —

  • আমি কেতিয়াও অতীন্দ্রিয় সত্তা বা দ্রব্যৰ আসল ৰূপ (noumenon) জানিব নোৱাৰো
  • এই বস্তুসমূহ অজ্ঞাত আৰু অজ্ঞেয় (unknown and unknowable)
  • তথাপিও তেওঁ অতীন্দ্রিয় সত্তাৰ অস্তিত্ব স্বীকাৰ কৰে, কাৰণ ইন্দ্ৰিয় অভিজ্ঞতাৰ পিছফালে কিবা এটা উৎস থকা প্ৰয়োজন আছে

(d) অন্তর্জাত ধাৰণা

উত্তৰঃ আধুনিক পাশ্চাত্য দৰ্শনৰ জন্মদাতা হিচাপে পৰিচিত ৰেনে ডেকাৰ্ট (René Descartes)- বুদ্ধিক জ্ঞানৰ মূল উৎস বুলি স্বীকাৰ কৰিছিল। তেওঁৰ মতে, ঈশ্বৰে মানুহৰ মনত জন্মৰ সময়তে কিছুমান অন্তৰ্জাত ধাৰণা (innate ideas) দিয়ে। এই ধাৰণাবোৰ স্বতঃসিদ্ধচিৰসত্য, আৰু সুনিশ্চিতযথার্থ জ্ঞান লাভৰ বাবে এই ধাৰণাবোৰক আধাৰ হিচাপে গ্ৰহণ কৰিব লাগে

    ডেকাৰ্ট বিশ্বাস কৰিছিল যেগাণিতিক অৱৰোহ পদ্ধতিৰ সহায়ত অন্তৰ্জাত ধাৰণাৰ পৰা যি সিদ্ধান্তত উপনীত হওঁ, সি অবিশ্বাস্যভাৱে নিশ্চিত আৰু যৌক্তিক হয়। সেয়ে তেওঁ দৰ্শনত গাণিতিক পদ্ধতিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে

ডেকাৰ্ট ধাৰণাক তিনি ভাগত বিভক্ত কৰিছে:

  1. কাল্পনিক বা আহহৃত ধাৰণা (Adventitious ideas) – ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা বাহ্যিক জগতৰ পৰা লাভ কৰা ধাৰণা। উদাহৰণ: বঙা গোলাপ, বগা বৰফ
  2. কৃত্ৰিম ধাৰণা (Fictitious ideas) – মনে নানা ধাৰণাৰ সংমিশ্ৰণ কৰি সৃষ্টি কৰা ধাৰণা। উদাহৰণ: সোণৰ পাহাৰ (golden mountain)
  3. অন্তৰ্জাত ধাৰণা (Innate ideas) – ঈশ্বৰে জন্মৰ সময়তে মনত দিয়ে। উদাহৰণ: ঈশ্বৰ, কাৰ্য-কাৰণ, অসীমতা, আত্মা, দেশ আদি

    ডেকাৰ্টৰ দৰ্শন সন্দেহবাদেৰে আৰম্ভ হয়। তেওঁ সকলো বস্তুক সন্দেহৰ দৃষ্টিৰে চালে, কিন্তু শেষত তেওঁ উপলব্ধি কৰে — মই ভাবো, গতিকে মই আছোঁ (Cogito ergo sum) — এই সত্যটো সন্দেহাতীত। এই আত্মজ্ঞানেই অন্তৰ্জাত ধাৰণাৰ নিশ্চিত সত্যতাৰ আধাৰ

    স্পিনোজা (Spinoza)-এও অন্তৰ্জাত ধাৰণাক সত্য আৰু সুনিশ্চিত হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ মতেদাৰ্শনিক জ্ঞানৰ উৎস 'ল এই সহজাত ধাৰণাসমূহ। স্পিনোজাৰ দৃষ্টিত ঈশ্বৰৰ ধাৰণাই সৰ্বশ্ৰেষ্ঠ, আৰু এই ধাৰণাৰ পৰা জ্যামিতিক পদ্ধতিৰ সহায়ত আত্মা, জগত আদি সকলো সত্য উদ্ঘাটন কৰিব পাৰি

    লাইবনিজ (Leibniz)-ৰ মতে, অন্তৰ্জাত ধাৰণাসমূহ জন্মগত হ’লেও সক্ৰিয় নহয়তেওঁ বিশ্বাস কৰিছিল — সকলো জ্ঞান মনত সুপ্ত অৱস্থাত থাকে। জ্ঞান অৰ্জন মানে হ'ল এই ধাৰণাসমূহ জাগ্ৰত আৰু বিকশিত হ’ব। লাইবনিজ অভিজ্ঞতাৰ প্ৰয়োজন স্বীকাৰ কৰিলে, কিন্তু তেওঁ স্পষ্টকৈ কৈছিল — অভিজ্ঞতা জ্ঞানৰ উৎস নহয়, জ্ঞান উৎপত্তি হয় বুদ্ধিত

(e) লকৰ দ্বাৰা অন্তৰ্জাত ধাৰণাৰ খণ্ডনৰ যুক্তি

উত্তৰঃ অভিজ্ঞতাবাদী দাৰ্শনিক জন লক (John Locke) অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব স্পষ্টভাৱে অস্বীকাৰ কৰিছে। তেওঁৰ মতে অন্তৰ্জাত ধাৰণা বুলি কোৱা কোনো ধাৰণাই বাস্তৱত জন্মগত নহয়; এইবোৰ ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰা লাভ হোৱা সামান্যীকৰণহেযিবোৰক বুদ্ধিবাদীসকলে স্বতঃসিদ্ধ আৰু চিৰসত্য বুলি কয়, সিহঁত অভিজ্ঞতাৰ দ্বাৰাই গঠিত লকৰ মতে –মানুহৰ মন জন্মৰ সময়ত এখন “নিলিখা বগা কাগজ” (tabula rasa)ৰ দৰে। সেয়া ইন্দ্ৰিয় অভিজ্ঞতা আৰু আত্মপ্ৰত্যৱেদনৰ জৰিয়তে ধাৰণা লাভ কৰি পূৰ্ণ হয়। তেওঁ যুক্তিৰ সহায়ত অন্তৰ্জাত ধাৰণাৰ খণ্ডন কৰিছে:

  1. যদি অন্তৰ্জাত ধাৰণা সঁচা হ'লহেঁতেন, তেন্তে সেয়া সকলো মানুহৰ মনত থকা উচিত আছিল। কিন্তু শিশু, উন্মাদ, অশিক্ষিত আৰু অসভ্য লোকৰ মনত এনে ধাৰণা দেখা নাযায়
  2. যদি অন্তৰ্জাত ধাৰণা সত্য হ'লহেঁতেন, তেন্তে ঈশ্বৰ, আত্মা, নৈতিকতা আদি বিষয়ে সকলো মানুহে একে মত পোষণ কৰিব লাগিছিল। কিন্তু বাস্তৱত স্থান, কাল আৰু সংস্কৃতি অনুসৰি এইবোৰৰ বিষয়ে মতভেদ দেখা যায়
  3. কিছুমান ধাৰণা যদি সকলো মানুহে গ্ৰহণ কৰে (যেনে: “জুয়ে পোৰে”), তথাপিও সেই ধাৰণাবোৰ অন্তৰ্জাত নহয়সিহঁত ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত আধাৰিত
  4. কাৰ্য-কাৰণৰ ধাৰণা যেনে কিছুমান ধাৰণা সৰ্বজনীন হ’ব পাৰে, তথাপি সেয়া অন্তৰ্জাত বুলি ক’ব নোৱাৰিএই ধাৰণাও অভিজ্ঞতাৰ ভিত্তিত গঠিত হয়

    সেয়ে লকৰ মতে— অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব নাই সকলো ধাৰণাই ইন্দ্ৰিয় অভিজ্ঞতা আৰু মানসিক পর্যবেক্ষণ (reflection)ৰ দ্বাৰা গঠিতএইদৰে তেওঁ অন্তৰ্জাত ধাৰণাৰ তত্ব খণ্ডন কৰি অভিজ্ঞতাবাদৰ ভিত্তি শক্তিশালী কৰে

(f) হিউমৰ সংশয়বাদ

উত্তৰঃ দৰ্শনত অভিজ্ঞতাবাদৰ অন্তিম পৰিণতি হৈছে সংশয়বাদ। বিশেষকৈ জন লকৰ অভিজ্ঞতাবাদৰ ওপৰত আধাৰিত হৈ ডেভিড হিউমে নিজৰ সংশয়বাদ গঢ়ি তোলে। লকৰ মতৰ সমৰ্থন কৰি হিউমে কয় যে জ্ঞানৰ একমাত্ৰ উৎস হৈছে ইন্দ্ৰিয়গত অভিজ্ঞতা। অভিজ্ঞতাত নোপোৱা কোনো বিষয়ক সত্য বুলি স্বীকাৰ কৰিব নোৱাৰি। সেয়ে ঈশ্বৰ, আত্মা, বা দ্রব্যতত্বৰ অস্তিত্ব স্বীকাৰ কৰাৰো কোনো যুক্তি নাই। ইন্দ্ৰিয়সাধ্য অভিজ্ঞতাৰ বাহিৰে থকা সকলো বিষয় অজ্ঞানযোগ্য বুলি হিউমৰ মত — এই ধাৰণাকেই 'সংশয়বাদ' বুলি কোৱা হয়

    হিউমৰ মতে, আমি জীৱনত যি কিছু অনুভৱ কৰোঁ, সেয়া ইন্দ্ৰিয়ৰ মাধ্যমেৰে মনলৈ আহে। এই অনুভৱবোৰ স্পষ্ট বা জ্বলন্ত হ’লে হিউমে তাক "মুদ্রণ (impression)" বুলি কয়। যদি অস্পষ্ট হয়, তেনে অনুভৱক "ধাৰণা (idea)" বুলি কোৱা হয়। হিউমৰ মতে, ধাৰণাৰ উৎপত্তি সদায় মুদ্রণৰ পৰা হয়। যদি কিবা বস্তুৰ কোনো মুদ্রণ নহয়, তেনেহলে তাৰ কোনো ধাৰণাও নহয়। সেয়ে আত্মা, ঈশ্বৰ বা দ্রব্য যেহেতু কেতিয়াও ইন্দ্ৰিয়ৰে অনুভৱ কৰিব নোৱাৰি, সেয়ে সিহঁতৰ অস্তিত্ব মানি লোৱাৰো কোনো যুক্তি নাই

    হিউমে কৈছে, মুদ্রণবোৰ কিছুমান নিয়মৰ আধাৰত সংগঠিত হয়, যাৰ দ্বাৰাই জ্ঞানৰ সৃষ্টি হয়। সেই নিয়মকেইটা হৈছে—

  1. সান্নিধ্য (contiguity) – সময় বা স্থানত একে লগত থকা বস্তুবোৰৰ সংযোগ,
  2. সাদৃশ্য (similarity) – একে ধৰণৰ বস্তুবোৰৰ মাজত মিল,
  3. কাৰ্য-কাৰণ (cause-effect) – এটা বস্তুৰ পিছতেই আনটো হোৱাৰ ধাৰণা

    তথাপিও, হিউমে বিশ্বাস নকৰে যে কাৰ্য-কাৰণৰ মাজত কোনো প্ৰাকৃতিক বা অনিবার্য সম্বন্ধ আছে। উদাহৰণস্বৰূপে, আকাশত ডাৱৰ দেখিলে আমি বিশ্বাস কৰোঁ যে বৰষুণ হ’ব; কিন্তু হিউমৰ মতে, এই বিশ্বাস অভ্যাসৰ ফল, কোনো যুক্তিগত নিশ্চয়তা নহয়

    উপসংহাৰস্বৰূপে, হিউমে এই সিদ্ধান্ত লৈছে যে ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰেই জ্ঞান নিৰ্ভৰশীল। তথাপিও, এই জ্ঞানত কোনো নিশ্চিততা বা অনিবার্যতা নাই — কেৱল সম্ভাবনা মাত্র। সেইকাৰণে হিউমৰ দৰ্শনক সংশয়বাদ বোলা হয়

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। জ্ঞান উৎপত্তি সম্পৰ্কত অভিজ্ঞতাবাদৰ বিষয়ে আলোচনা কৰা

উত্তৰঃ অভিজ্ঞতাবাদ মতেঅভিজ্ঞতাই হ'ল জ্ঞানৰ একমাত্র উৎসএই মতবাদ অনুসৰি, অভিজ্ঞতাত লভ্য নহোৱা কোনো ধাৰণাক বা সত্যক জ্ঞান বুলি স্বীকাৰ কৰা নহয়। অভিজ্ঞতালব্ধ তথ্যসমূহৰ ওপৰত ভিত্তি কৰি হে জ্ঞান গঠন হয়

    প্ৰথমে বাহ্য ইন্দ্ৰিয়ৰ সহায়ত বাহ্য বস্তুবোৰৰ বিষয়ে, আৰু অন্তৰ ইন্দ্ৰিয়ৰ সহায়ত অন্তৰ অভিজ্ঞতাৰ বিষয়ে জ্ঞান লাভ কৰা হয়। এই পদ্ধতিক আগমন পদ্ধতি (inductive method) বোলা হয়, যাৰ মাধ্যমে মানুহ সামান্য সত্যৰ পৰা সামান্য জ্ঞান লাভ কৰে

    প্ৰাচীন গ্ৰীকৰ এটমিস্ট আৰু ছফিষ্টসকলে এই মতবাদৰ প্ৰাৰম্ভ কৰে। ছফিষ্টসকলৰ ভিতৰত প্ৰোটেগোৰাচৰ নাম উল্লেখযোগ্য, যিজনে কৈছিল – "Man is the measure of all things." অৰ্থাৎ মানুহেই সকলো সত্য-মিথ্যাৰ মানদণ্ড

আধুনিক অভিজ্ঞতাবাদী দাৰ্শনিক:

  • জন লক (John Locke)
  • জর্জ বাৰ্কলি (George Berkeley)
  • ডেভিড হিউম (David Hume)

    এইসকল দাৰ্শনিকৰ মতে, জ্ঞান লাভৰ একমাত্র উপায় হৈছে অভিজ্ঞতা। লকৰ মতেমানুহ জন্মৰ সময়ত মনটো এক নিৰ্জন কাগজ (tabula rasa)” – একেবাৰে শূন্য, যি পিচত অভিজ্ঞতাৰ দ্বাৰা পূৰ্ণ হয়। তেওঁ ডেকাৰ্টৰ অন্তর্জাত ধাৰণাৰ (innate ideas) তীব্র সমালোচনা কৰে

  1. যদি জন্মগতভাবে অন্তর্জাত ধাৰণা থাকিলেহে, তেন্তে সকলো শিশুৰ বা উন্মাদৰ মনত সেইবোৰ দেখা যাব লাগিছিল। কিন্তু দেখা নাযায়
  2. বিভিন্ন সমাজ, সময় আৰু জাতিত একেটা বিষয় সম্পৰ্কে বিভিন্ন মত পোৱা যায়, যি অন্তর্জাতত্ৰুটিক প্ৰমাণ কৰে
  3. কিছুমান ধাৰণাত সকলোৰে মত এক নোহোৱাকৈয়ো সেইবোৰ অভিজ্ঞতাৰ দ্বাৰাই গঠিত হ’ব পাৰে

    লকে বস্তু আৰু ধাৰণাৰ মাজত পাৰ্থক্য সৃষ্টি কৰিছে। তেওঁৰ মতে, অভিজ্ঞতাত আমি বস্তুক নহয়, বস্তুৰ ধাৰণাহে পাই থাকোঁ। ফলতপ্ৰকৃত বস্তু অজ্ঞাত আৰু অজ্ঞেয়

বাৰ্কলিয়ে সম্পূৰ্ণ ভাৱে বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰে। তেওঁৰ মতেTo be is to be perceived.” অৰ্থাৎ, যি বস্তু ইন্দ্ৰিয়ত ধৰা নপৰে, তাৰ কোনো অস্তিত্ব নাই

হিউমে জ্ঞানক "মুদ্রণ (impression)" আৰু "ধাৰণা (idea)" হিচাপে ভাগ কৰিছে

  • মুদ্রণ: ইন্দ্ৰিয়ৰ সৈতে সংযোগত আহি যি স্পষ্ট অনুভৱ হয়
  • ধাৰণা: মুদ্রণৰ অস্পষ্ট প্ৰতিচ্ছবি

    হিউমৰ মতে, যদি কিবা বস্তুৰ মুদ্রণ নাথাকে, তেন্তে তাৰ কোনো ধাৰণাও হব নোৱাৰে। সেয়ে ঈশ্বৰ, আত্মা, আদি অস্তিত্বহীন বুলি তেওঁ মানে

সমালোচনা:

  1. অভিজ্ঞতাবাদ একপক্ষীয় – ই কেবল ইন্দ্ৰিয় সংবেদনকহে জ্ঞানৰ উৎস বুলি মানে, বুদ্ধিক যথোপযুক্ত স্থান নিদিয়ে। কিন্তু মানুহ আন জীৱৰ ওপৰত শ্রেষ্ঠ সেয়েহে, কাৰণ তাৰ বুদ্ধি আছে। বুদ্ধিবিহীন জ্ঞান কেতিয়াও সম্পূর্ণ হ’ব নোৱাৰে
  2. মন নিষ্ক্ৰিয় নহয় – লকে যিদৰে কয় মন শূন্যপাত্ৰ বা অলিখিত কাগজ, সেইটো সম্পূৰ্ণ ঠিক নহয়। ধাৰণা গ্ৰহণ কৰাৰ সময়তো মন সচলভাৱে কাম কৰে
  3. কাৰ্য-কাৰণ সম্পর্ক – হিউমে কাৰ্য-কাৰণৰ মাজত কোনো অনিবার্যতা নাই বুলি ক’লে, সেইটো দৈনন্দিন জীৱনৰ যৌক্তিকতা খণ্ডন কৰে

    অভিজ্ঞতাবাদে জ্ঞানৰ উৎস হিচাপে ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়ে। যদিও ই জ্ঞানৰ এক দিশ বুজাবলৈ সহায় কৰে, তথাপিও ই সম্পূৰ্ণ নহয়। কান্তৰ ভাষাতেই ক’ব পাৰি– বুদ্ধিবিহীন সংবেদন অন্ধ আৰু সংবেদনবিহীন বুদ্ধি শূন্য” অর্থাৎ ইন্দ্ৰিয় আৰু বুদ্ধি – দুয়োটাই জ্ঞানৰ বাবে সমান প্ৰয়োজনীয়

২। জ্ঞান উৎপত্তি সম্পর্কীয় মতবাদ হিচাপে যুক্তিবাদ বা বুদ্ধিবাদ ব্যাখ্যা কৰা আৰু সমীক্ষা কৰা

উত্তৰঃ যুক্তিবাদী দাৰ্শনিকসকলৰ মতে, জ্ঞানৰ মূল উৎস হৈছে বুদ্ধি বা যুক্তি ইন্দ্ৰিয় সংবেদনে আমাক যথার্থ জ্ঞান দিব নোৱাৰে, কাৰণ ই ক্ষণস্থায়ী, পৰিৱর্তনশীল আৰু অনিশ্চিত। ই বিপৰীতে, বুদ্ধিৰ পৰা পোৱা জ্ঞান স্থায়ী, সার্বজনীন আৰু সুনিশ্চিত। এইমতে, জ্ঞান হ'ল অভিজ্ঞতাপূৰ্ব, বুদ্ধিগত আৰু চিৰসত্য

প্ৰধান যুক্তিবাদী দাৰ্শনিকসকল:

  • ডেকাৰ্ট (Descartes)
  • স্পিনোজা (Spinoza)
  • লাইবনিজ (Leibniz)

ডেকাৰ্টক আধুনিক পাশ্চাত্য দৰ্শনৰ পিতা বুলি কোৱা হয়। তেওঁৰ মতে, “বুদ্ধিয়েই জ্ঞানৰ উৎস”

    তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰে মানুহৰ মনত অন্তৰ্জাত ধাৰণা (innate ideas) দিয়ে। এই ধাৰণাসমূহ স্বতঃসিদ্ধ, স্পষ্ট আৰু চিৰন্তন। যথার্থ জ্ঞান লাভৰ বাবে এই ধাৰণাবোৰক ভিত্তি হিচাপে লৈ গাণিতিক অৱৰোহ পদ্ধতি ব্যৱহাৰ কৰিব লাগে

ধাৰণাৰ প্ৰকাৰ:

  1. আহৃত ধাৰণা (Adventitious): ইন্দ্ৰিয়ৰ মাধ্যমে বাহ্যিক জগতৰ পৰা লাভ কৰা ধাৰণা (যেনে – ৰঙা ফুল, বৰফৰ ঠাণ্ডা)
  2. কৃত্ৰিম ধাৰণা (Fictitious): মনৰ নিজস্ব সৃষ্টি, যি বিভিন্ন ধাৰণাৰ সংযোগৰ ফল (যেনে – সোণৰ পাহাৰ)
  3. অন্তৰ্জাত ধাৰণা (Innate): জন্মগত, ঈশ্বৰে দিয়া ধাৰণা (যেনে – ঈশ্বৰ, অসীমতা, কাৰ্য-কাৰণ, দেশকাল ইত্যাদি)

    ডেকাৰ্টৰ মতে, সকলো বস্তুক সন্দেহ কৰিব পাৰি, কিন্তু নিজ চিন্তাৰ অস্তিত্বক সন্দেহ কৰিব নোৱাৰি। সেয়েহে তেওঁৰ প্ৰসিদ্ধ উক্তি: “Cogito, ergo sum” (মই ভাবো, গতিকে মই আছোঁ)। এই চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি তেওঁ আত্মাৰ আৰু অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব প্ৰমাণ কৰে

স্পিনোজাও অন্তৰ্জাত ধাৰণাক সুনিশ্চিত বুলি বিশ্বাস কৰিছিল

তেওঁ মতে:

  • সকলো ধাৰণাৰ ভিতৰত ঈশ্বৰৰ ধাৰণাই আটাইতকৈ সৰ্বোৎকৃষ্ট
  • ঈশ্বৰৰ ধাৰণাৰ পৰা জ্যামিতিক পদ্ধতিৰে জগত, জীৱ আদি সকলো বিষয়ের সত্য উদঘাটন কৰিব পাৰি
  • তেওঁৰ দৰ্শনত ঈশ্বৰ, প্ৰকৃতি আৰু নিয়মবোৰ একে, অৰ্থাৎ ঈশ্বৰ হৈছে জগতৰ একমাত্ৰ দ্ৰব্য

লাইবনিজে অন্তৰ্জাত ধাৰণাক স্বীকাৰ কৰি কৈছে:

  • এই ধাৰণাবোৰ জন্মগত নহয়, কিন্তু মনত সুপ্ত অৱস্থাত থাকে
  • জ্ঞান মানে এই সুপ্ত ধাৰণাবোৰ জাগ্ৰত হোৱা
  • যদিও অভিজ্ঞতাৰ প্ৰয়োজন স্বীকাৰ কৰে, তথাপিও অভিজ্ঞতা জ্ঞানৰ উৎস নহয় — জ্ঞান জন্মায় বুদ্ধিৰ পৰা

সমালোচনা:

যুক্তিবাদৰ কিছু সীমাবদ্ধতা আছে:

  1. জন লকৰ সমালোচনা:
    • যদি সকলো ধাৰণা অন্তৰ্জাত হয়, তেন্তে শিশু বা উন্মাদ লোকৰ মনতো সেই ধাৰণা থাকিব লাগিব। কিন্তু ই দেখা নাযায়
    • ঈশ্বৰ যদি অন্তৰ্জাত হয়, তেন্তে সকলো জাতি-ধর্মৰ মানুহৰ মনত ঈশ্বৰ সম্পৰ্কে একে ধাৰণা থাকিব লাগিব — কিন্তু বাস্তৱত তেনে নহয়
  2. ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰয়োজন: জ্ঞানৰ বাবে কেবল বুদ্ধি যথেষ্ট নহয়। অভিজ্ঞতা নাথাকিলে নতুন জ্ঞান আহিবই নোৱাৰে কণ্ঠৰ ভাষাত: “বুদ্ধিবিহীন সংবেদন অন্ধ আৰু সংবেদনবিহীন বুদ্ধি শূন্য।” অৰ্থাৎ, ইন্দ্ৰিয় অভিজ্ঞতা আৰু বুদ্ধি — দুয়োটাই জ্ঞানৰ বাবে প্রয়োজনীয়

    যুক্তিবাদে জ্ঞানৰ উৎপত্তিৰ উৎস হিচাপে বুদ্ধিক কেন্দ্ৰস্থান দিয়ে। ই চিৰসত্য আৰু নিৰ্ভুল জ্ঞানৰ সন্ধান কৰে। যদিও ই জ্ঞানৰ এক গুৰুত্বপূর্ণ দিশ বুজায়, তথাপিও কেবল বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জ্ঞানৰ পূৰ্ণ ব্যাখ্যা সম্ভৱ নহয়। বুদ্ধি আৰু অভিজ্ঞতা — উভয়ৰ সমন্বয়েই জ্ঞানৰ পূৰ্ণতা নিশ্চিত কৰে

৩। সংশয়বাদ কি? আলোচনা কৰা

উত্তৰঃ সংশয়বাদ হৈছে দৰ্শনৰ এক গুৰুত্বপূর্ণ পদ্ধতি। এই পদ্ধতিৰ মূল বক্তব্য হৈছে—মানুহৰ পক্ষে যথার্থ (সাৰ্বভৌম) জ্ঞান লাভ কৰা সম্ভৱ নহয়। দৰ্শনত গঢ়ি উঠা বিভিন্ন মতবাদসমূহৰ মাজত থকা অমিল, পৰস্পৰবিৰোধিতা, আৰু যুক্তিৰ অভাৱৰ ওপৰত লক্ষ্য ৰাখি সংশয়বাদীসকলে প্রশ্ন উত্থাপন কৰে—যদি জ্ঞান লাভ সম্ভৱ হয়, তেন্তে একেটা বিষয়েৰ ওপৰত ইমানবোৰ বেলেগ-বেলেগ মত কিয় আছে?

    সংশয়বাদ পদ্ধতিত দৰ্শনৰ প্ৰতিষ্ঠিত সকলো মতবাদৰ সমালোচনা আৰু খণ্ডন কৰা হয়। ই যুক্তিৰ জৰিয়তে প্ৰতিটো দৰ্শনিক ধাৰণাক সন্দেহৰ চকুত পৰীক্ষা কৰে। এই সন্দেহ আৰু বিশ্লেষণৰ দ্বাৰাই সংশয়বাদ গঢ়ি উঠিছে। সংশয়বাদৰ মূল সিদ্ধান্ত হ'ল—মানুহৰ বাবে পূৰ্ণ আৰু নিশ্চিত জ্ঞান লাভ কৰা অসম্ভৱ। কোনো সিদ্ধান্তক চূড়ান্ত বুলি গ্ৰহণ নকৰা বাবে, সংশয়বাদক নির্বিচাৰবাদৰ এক ৰূপ হিচাপে গণ্য কৰিব পাৰি

    প্ৰাচীন গ্ৰীচদেশৰ 'ফিষ্ট (Sophists) নামেৰ দাৰ্শনিক দলটো সংশয়বাদৰ অন্যতম প্ৰচাৰক আছিল। তেওঁলোকৰ ভিতৰত প্ৰটেগ'ৰাছ (Protagoras) আছিল সৰ্বাধিক প্ৰসিদ্ধ। তেওঁ ঘোষণা কৰিছিল—"মানুহেই সকলো বস্তুৰ মাপকাঠি"অৰ্থাৎ, কোনো বস্তু সঁচা, মিছা, ভাল, বেয়া, সুন্দৰ বা অসুন্দৰ—এই সকলো বিচার সম্পূৰ্ণকৈ ব্যক্তিগত অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। যি কথা এজনৰ বাবে সঁচা, সেইটো আন এজনৰ বাবে মিছা হ’ব পাৰে। সেয়েহে, সকলোৰে বাবে প্ৰযোজ্য এনে কোনো সার্বজনীন সত্য বা জ্ঞান নাথাকে। এই ভাবধাৰাই সংশয়বাদক অধিক সুদৃঢ় কৰি তোলে

    আধুনিক যুগত ডেভিড হিউম (David Hume) আছিল এজন প্ৰধান সংশয়বাদী। তেওঁ লক-ৰ অভিজ্ঞতাবাদ (empiricism) অনুসৰণ কৰি কৈছিল—অভিজ্ঞতাৰ বাহিৰে কোনো জ্ঞান সম্ভৱ নহয়। যি বস্তু ইন্দ্ৰিয়সংবেদনৰে জানিব পৰা যায়, কেবল সেইবোৰকে বাস্তৱ বুলি গণ্য কৰিব পাৰি। যিবোৰ বস্তু—যেনে আত্মা, ঈশ্বৰ বা মন—অতীন্দ্ৰিয় আৰু ইন্দ্ৰিয়সংবেদনৰ দ্বাৰা ধৰা নাযায়, সিহঁতৰ অস্তিত্ব সন্দেহজনক বুলি হিউমৰ মত

    তেওঁ এইটোও কৈছিল যে, মানুহ অতীত আৰু বৰ্তমানৰ অভিজ্ঞতাৰ ওপৰেই নিৰ্ভৰ কৰে; কিন্তু তাৰ পৰা ভৱিষ্যতক অনুমান কৰা কোনো নিশ্চয়তা নাথাকে। গতিকে জ্ঞান কেতিয়াও পূৰ্ণ, নিশ্চিত বা সার্বজনীন হ’ব নোৱাৰে। ই কেৱল সম্ভাৱনামূলকহে হ’ব পাৰে

সমালোচনাঃ সংশয়বাদে দৰ্শনৰ ক্ষেত্ৰত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সন্দেহৰ পৰা আলোচনা আৰম্ভ হয়, আৰু বিচাৰ-বিশ্লেষণৰ সহায়ত দাৰ্শনিকসকলে যথার্থ জ্ঞানৰ সন্ধানত আগবাঢ়ে। হিউমৰ সংশয়বাদই ইমানুৱেল কাণ্ট-ৰ মনত এক গভীৰ প্ৰশ্ন উত্থাপন কৰিছিল, যাৰ পৰা "বিচাৰবাদ" আৰু "জ্ঞানবাদ"-ৰ ধাৰণাৰ জন্ম হৈছিল। সেয়েহে সংশয়বাদক পদ্ধতি হিচাপে গ্ৰহণ কৰাটো জ্ঞানসন্ধানৰ বাবে সহায়ক

    তথাপিও, যদি সংশয়বাদক সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হয়—অর্থাৎ, যদি ধৰো যে কোনো জ্ঞান সম্ভৱেই নহয়—তেন্তে দৰ্শনৰ উদ্দেশ্য নিজেই ব্যৰ্থ হৈ পৰে। সেই বাবে সংশয়বাদক সিদ্ধান্ত হিচাপে নহয়, পদ্ধতি হিচাপে গ্ৰহণ কৰাই যুক্তিসংগত

৪। সংশয়বাদৰ ধাৰণাটো ব্যাখ্যা কৰা

উত্তৰঃ সংশয়বাদ বা সন্দেহবাদ হৈছে দৰ্শনৰ এক গুৰুত্বপূর্ণ পদ্ধতি। এই পদ্ধতি অনুসৰি, চৰম সত্য বা পৰম জ্ঞান লাভ কৰাটো মানুহৰ পক্ষে সম্ভৱ নহয়। সংশয়বাদৰ উৎপত্তি হৈছিল নির্বিচাৰবাদৰ ফলস্বৰূপ—যি নির্বিচাৰ চিন্তাৰে পৰস্পৰবিরোধী সিদ্ধান্তসমূহলৈ উপনীত হৈছিল। নির্বিচাৰবাদে যুক্তিৰ অবিহনে স্ততঃসিদ্ধ নীতিসমূহক ভিত্তি কৰি বিভিন্ন মত প্ৰকাশ কৰিছিল। এই পৰিস্থিতিৰ প্ৰতি প্ৰতিবাদ হিচাপে সংশয়বাদে নিজ দৰ্শন গঢ়ি তোলে

    প্ৰাচীন গ্ৰীচৰ ছোফিষ্টসকল—বিশেষকৈ প্ৰটেগ'ৰাছ-এ মত প্ৰকাশ কৰিছিল: মানুহেই সকলো বস্তুৰ মাপকাঠি।” অৰ্থাৎ, কোনো বস্তু সঁচা, মিছা, ভাল বা বেয়া—এইবোৰ সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতা বা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। এজনৰ বাবে যি বস্তু ধুনীয়া বা ভাল, আন এজনৰ বাবে সেয়া বেয়া হ’ব পাৰে। সেয়েহে সকলোৱে মানি ল’ব পৰা একোটা সার্বজনীন সত্য নাই; গতিকে সঁচা জ্ঞান লাভো সম্ভৱ নহয়

    আধুনিক দৰ্শনৰ পিতৃ হিচাপে খ্যাত ৰেনে ডেকাৰ্ট (René Descartes)-এ সংশয়বাদক এটা দৰ্শনিক পদ্ধতি হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ দৰ্শনক "পদ্ধতিগত সংশয়বাদ" (Methodical Doubt) বুলি কোৱা হয়। তেওঁ বিশ্বসংসাৰৰ সকলো বস্তু সন্দেহৰ চকুত পৰীক্ষা কৰি নিশ্চিত সত্যৰ সন্ধান কৰিবলৈ চেষ্টা কৰিছিল

    ডেকাৰ্টৰ মতে—"Cogito, ergo sum" (মই চিন্তা কৰো, সেইকাৰণে মই আছো)। এই সিদ্ধান্তৰ মাধ্যমে তেওঁ দেখুৱালে যে নিজৰ অস্তিত্ব বা আত্মাৰ অস্তিত্ব সন্দেহাতীত। সকলো বস্তু সন্দেহজনক হ’ব পাৰে, কিন্তু সন্দেহ কৰাটো নিজেই এটা চিন্তনক্রিয়া, যাৰ দ্বাৰা চিন্তা কৰোঁতা ব্যক্তিৰ অস্তিত্ব নিশ্চিত হয়। এই আত্মাৰ অস্তিত্বক আধাৰ কৰি ডেকাৰ্টে ঈশ্বৰ, দেহ, আৰু বাহ্য জগতৰ অস্তিত্বো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে, সন্দেহবাদৰ মাজেৰে তেওঁ এক নতুন দৰ্শনিক ধাৰাৰ প্ৰতিষ্ঠা কৰিছিল

    ডেকাৰ্টৰ সন্দেহবাদ পদ্ধতিক পূৰ্ণতা দিয়ে ডেভিড হিউম (David Hume)হিউম আছিল অভিজ্ঞতাবাদী দাৰ্শনিক। তেওঁৰ মতে, আমি কেবল সংবেদন (Impression) আৰু ধাৰণা (Idea)-ৰ জগতৰ বিষয়ে জানো। যিবোৰ বস্তু ইন্দ্ৰিয় সংবেদনৰ মাধ্যমে জানিব নোৱাৰি, সিহঁতৰ অস্তিত্বক মান্যতা দিয়াটো যুক্তিযুক্ত নহয়

হিউমে আত্মা, ঈশ্বৰ, বা দ্রব্যৰ অস্তিত্বক অস্বীকাৰ কৰিছিল, কাৰণ এইবোৰ কোনোও সময়তে প্রত্যক্ষ অনুভৱ কৰা নাযায়। তেওঁ ক'লে যে যি জ্ঞানক আমি নিশ্চিত বুলি ধৰি লওঁ, সেয়া মূলতে বিশ্বাস মাথোঁ—সুনিশ্চিত জ্ঞান নহয়। এনে বিশ্বাসবোৰ অভ্যাসত পৰিণত হৈছে, কিন্তু সেয়া যুক্তিৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়। সেয়ে হিউমৰ মতে, নিশ্চিত জ্ঞান লাভ অসম্ভৱ—ই কেৱল সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে

সমালোচনা

    নির্বিচাৰবাদ আৰু সংশয়বাদ দুয়ো একেটা সমস্যাৰ দুটা পৃষ্ঠ। নির্বিচাৰবাদে যুক্তিবিহীন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সংশয়বাদে যুক্তিবিহীন সন্দেহৰ ওপৰত। একেদৰে, নির্বিচাৰবাদত জ্ঞানৰ সীমা নাই বুলি ধৰা হয়, আৰু সংশয়বাদত অজ্ঞতাৰ সীমা নাই বুলি। কিন্তু মানুহ জ্ঞান অন্বেষণ কৰা সত্তা—অজ্ঞতাই তাক সন্তুষ্ট কৰিব নোৱাৰে

    সংশয়বাদে সত্যৰ সন্ধানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে—ই আমাক শিক্ষা দিয়ে যে যিকোনো নীতিবাদী চিন্তাক অন্ধভাৱে গ্ৰহণ নকৰি বিচাৰ-বিশ্লেষণৰ দ্বাৰা যাচাই কৰা উচিত। তথাপিও, যদি সংশয়বাদক চূড়ান্ত সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হয়, তেন্তে মানুহৰ জীৱনৰ মূল নৈতিক আৰু ধৰ্মীয় মূল্যবোধবোৰ বিলীন হ’ব। এনে পৰিস্থিতিৰ ফলাফল হৈছে হতাশা, দ্বিধা আৰু ধ্বংসাত্মক দৃষ্টিভংগী

    সেয়েহে, সংশয়বাদক পদ্ধতি হিচাপে গ্ৰহণ কৰাটো উপযোগী, কিন্তু সিদ্ধান্ত হিচাপে গ্ৰহণ কৰাটো দৰ্শনৰ লক্ষ্যৰ বিপৰীত। সংশয়বাদ দৰ্শনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়। ই যুক্তি, বিচাৰ আৰু সত্য সন্ধানৰ পথ উন্মুক্ত কৰে। ৰেনে ডেকাৰ্টে সংশয়বাদৰ পথৰ জৰিয়তে আত্মাৰ অস্তিত্ব নিশ্চিত কৰিছিল, আৰু হিউমে অভিজ্ঞতাৰ সীমা নিৰূপণ কৰি জ্ঞানৰ ভ্ৰান্তিৰ ওপৰত আঙুলি তুলিছিল। এই সন্দেহবাদেৰ ইতিবাচক দিশ হ'ল—ই অন্ধবিশ্বাসৰ বিপৰীতে যুক্তিবাদী চিন্তাৰ পথ দেখুৱায়। কিন্তু চূড়ান্ত সিদ্ধান্ত হিচাপে সংশয়বাদ গ্ৰহণ কৰিলে দৰ্শনৰ উদ্দেশ্য—সত্যৰ সন্ধান—ব্যৰ্থ হৈ পৰে

৫। কাণ্টৰ বিচাৰবাদ ব্যাখ্যা আৰু পৰীক্ষা কৰা

উত্তৰঃ ইমানুৱেল কাণ্ট আছিল এজন বিশিষ্ট দাৰ্শনিক যিজনে জ্ঞানৰ উৎস সম্পৰ্কে অভিজ্ঞতাবাদ (empiricism) আৰু বুদ্ধিবাদ (rationalism) নামৰ দুটা একপক্ষীয় মতবাদক সমন্বয় কৰি এক নতুন দৰ্শনিক পদ্ধতি—বিচাৰবাদউপস্থাপন কৰিছিল। কাণ্টৰ মতে, অভিজ্ঞতাবাদ কেবল ইন্দ্ৰিয়সংবেদনত পোৱা তথ্য বা অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰি জ্ঞান আলোচনা কৰে, যাৰ সীমা অত্যন্ত সংকীর্ণ। আনহাতে, বুদ্ধিবাদ কেৱল যুক্তি আৰু ধাৰণাৰ ওপৰত আধাৰিত থাকি বাস্তৱ অভিজ্ঞতা নোহোৱাকৈ চিন্তা কৰে। সেয়ে, ইয়াৰে কোনোটোৱেই এককভাবে জ্ঞানৰ যথার্থ উৎস হ’ব নোৱাৰে

    কাণ্টৰ মতে, জ্ঞানৰ উৎপত্তিৰ বাবে ইন্দ্ৰিয় অভিজ্ঞতা আৰু বুদ্ধিৰ অভিজ্ঞতাপূর্ব ধাৰণাৰ সংমিশ্ৰণ প্রয়োজন। ইন্দ্ৰিয় সংবেদনে বাহ্যিক জগতৰ পৰা উপাদান প্ৰদান কৰে, যাক অনুভূতি বোলা হয়। এই অনুভূতিসমূহ দেশ আৰু কাল নামৰ অভিজ্ঞতাপূৰ্ব ধাৰণাৰ মাধ্যমে শৃংখলাবদ্ধ হয়। দেশ আৰু কাল কাণ্টৰ মতে, বাস্তৱ বস্তু নহয়—ই বুদ্ধিৰ গঠনত্মক ধাৰণা, যাৰ জড়িয়তে আমি অভিজ্ঞতাৰ তথ্যসমূহক বিন্যাস কৰি জানিব পৰা যোজ্য কৰি তুলো

    ইয়াৰোপৰি, বুদ্ধিৰ তৰ্কসাপেক্ষ ধাৰণাসমূহ—যেনে আত্মা, ঈশ্বৰ আৰু বিশ্ব—এইবোৰও জ্ঞানৰ সংৰচনাত ভূমিকা পালন কৰে, যদিও এইবোৰক ইন্দ্ৰিয় সংবেদনৰ সহায়ত প্ৰত্যক্ষ কৰিব নোৱাৰি। কাণ্টৰ মতে, এই ধাৰণাসমূহ অভিজ্ঞতাৰ তথ্যসমূহক সজাৱট কৰি আৰু জানিব পৰা আকাৰ দিয়ে। এইদৰেবুদ্ধি আৰু অভিজ্ঞতা দুয়োটাৰ সমন্বয়ে জ্ঞান গঢ়ি উঠে

    তেওঁ লগতে কয় যে আমি যি জগত দেখোঁ, সেয়া “প্ৰতিভাসিক জগত”—এই জগতখিনিতেই আমি জ্ঞান লাভ কৰিব পাৰো। কিন্তু এই জগতৰ অতীতত থকা যি সত্তা বা অবিমিশ্ৰ বস্তুসত্তা আছে, সেয়া অজ্ঞাত আৰু অজ্ঞেয়আমি তাক কেতিয়াও জানিব নোৱাৰো, কেবল তাৰ অস্তিত্ব অনুমানহে কৰিব পাৰো। কাণ্টৰ মতে, যদি অনুভূতিৰ উৎস হিচাপে কোনো বস্তু না থাকে, তেন্তে সংবেদনে অনুভূতি পাব নোৱাৰে। এইদৰে, সত্তাৰ অস্তিত্বক মানি ল’ব লাগিব যদিও তাক জানিব নোৱাৰি। তেওঁৰ বিখ্যাত উক্তি — প্রত্যক্ষবিহীন ধাৰণা শূন্য, আৰু ধাৰণাবিহীন প্রত্যক্ষ অন্ধ” অৰ্থাৎ, জ্ঞানৰ বাবে অনুভূতি আৰু ধাৰণাৰ সংমিশ্ৰণ অপরিহার্য

সমালোচনা

    ইমানুৱেল কাণ্টৰ বিচাৰবাদ দৰ্শন জগতলৈ এক গুৰুত্বপূর্ণ অৱদান। তেওঁ জ্ঞানৰ উৎপত্তিত ইন্দ্ৰিয় অভিজ্ঞতা আৰু বুদ্ধিৰ প্ৰাক-ধাৰণাৰ সমন্বয় ঘটাই এক নতুন দিশ দেখুৱাইছে। ই অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদ উভয়ৰ সীমাবদ্ধতা দূৰ কৰি দৰ্শনৰ নতুন অধ্যায়ৰ সূচনা কৰিছিল

    তথাপিও, কাণ্টৰ মতবাদ সমগ্ৰতে দোষমুক্ত নহয়। তেওঁ জ্ঞানৰ বাবে ইন্দ্ৰিয় উপাদান আৰু বুদ্ধিৰ অভিজ্ঞতাপূৰ্ব ধাৰণাৰ সংমিশ্ৰণৰ কথা কৈছে, কিন্তু এই দুয়োটাৰ মাজত যি মৌলিক প্ৰকৃতিগত পাৰ্থক্য আছে, তাক কেনেদৰে সমন্বয় ঘটিল—তাৰ কোনো স্পষ্ট ব্যাখ্যা কাণ্ট দিয়া নাই। ই এক অসমন্বিত দ্বৈতবাদৰ সৃষ্টি কৰে

    সেয়ে, যদি সত্তা অজ্ঞেয়, তেন্তে তাৰ প্ৰতিভাসিক ৰূপো (যাক আমি জানো) কি ৰূপত জানিব পাৰো? কাণ্টে অজ্ঞেয় সত্তাক ‘অস্তিত্বমান’ বুলি কোৱা সত্বেও তাক জানিব নোৱাৰো বুলি দাবী কৰা এটা দার্শনিক অসংগতি

    ইমানুৱেল কাণ্টে দৰ্শন জগতলৈ অভিজ্ঞতা আৰু বুদ্ধিৰ সমন্বয়ৰ ভিত্তিত যি বিচাৰবাদ উপস্থাপন কৰিছিল, সেয়া দৰ্শনৰ ইতিহাসত এক গভীৰ ৰূপান্তৰ আনিছিল। ই দৰ্শনক যুক্তিবাদ আৰু ইন্দ্ৰিয়বাদৰ সীমাৰ পৰা উদ্ধাৰ কৰি নতুন ভিত্তিত স্থাপন কৰিছিল। যদিও তেওঁৰ মতবাদত কিছুমান অন্তৰ্দ্বন্দ্ব আছে, তথাপিও কাণ্টৰ বিচাৰবাদ দৰ্শন চিন্তাৰ বিকাশত এক অমূল্য অৱদান হিচাপে গণ্য হয়

৬। জ্ঞানৰ উৎপত্তি সম্পর্কে কাণ্টৰ বিচাৰবাদ ব্যাখ্যা কৰা

উত্তৰঃ বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ — এই দুয়োটা দাৰ্শনিক মতবাদ জ্ঞানৰ উৎপত্তি সম্বন্ধীয় চূড়ান্ত ব্যাখ্যা দিবলৈ চেষ্টা কৰিছে। কিন্তু পৃথকভাবে চালে, কোনো এটায়ো সন্তোষজনকভাৱে জ্ঞানৰ উৎস ব্যাখ্যা কৰিব পৰা নাই

    বুদ্ধিবাদ বুদ্ধিৰ পৰা অনিবার্য, সার্বজনীন তথা শুদ্ধ জ্ঞান সম্ভৱ বুলি কয়। বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত এই ধাৰণাৰ প্ৰমাণ দেখা যায়। তথাপিও ই ইন্দ্ৰিয়গম্য জগতৰ প্ৰতিচ্ছবি দিব নোৱাৰে, যাৰ ফলত ই সীমাবদ্ধ

    অন্যফালে, অভিজ্ঞতাবাদ জ্ঞানৰ একমাত্ৰ উৎস হিচাপে ইন্দ্ৰিয় অভিজ্ঞতাক মানে। এই মতবাদ অনুসৰি, অভিজ্ঞতা নোহোৱাকৈ বাস্তৱ বস্তু বা ঘটনা সম্বন্ধে কোনো জ্ঞান সম্ভৱ নহয়। ই বাস্তৱ জগতৰ জ্ঞান দানে সহায় কৰে, কিন্তু শুদ্ধ, সার্বজনীন জ্ঞান দিব নোৱাৰে

    এই সীমাবদ্ধতাৰ পটভূমিতেই জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্ট দুয়োটা মতবাদৰ মাজত সমন্বয় সাধন কৰাৰ প্ৰয়াস কৰিলে। তেওঁৰ মতবাদক বিচাৰবাদ বুলি কোৱা হয়

কাণ্টৰ মতে,

  • জ্ঞানৰ সূত্ৰপাত হয় অভিজ্ঞতাৰ পৰা, কিন্তু অভিজ্ঞতামাত্রেই জ্ঞান নহয়
  • ইন্দ্ৰিয় সংবেদন (বিশুদ্ধ সংবেদন) কেবল সংবেদ্য তথ্য দিয়ে, কিন্তু সেই তথ্য দেশ আৰু কালৰ আকাৰত গঢ় দিয়েহে মনে গ্ৰহণ কৰিব পাৰে। এই আকাৰবোৰ অভিজ্ঞতাপূর্ব, অৰ্থাৎ ই মনৰ অন্তঃস্থ গঠন
  • এই দেশ-কালৰ আকাৰযুক্ত সংবেদনবোৰতে বুদ্ধিয়ে দ্রব্য, গুণ, কার্য-কাৰণ ইত্যাদি ধাৰণা (Categories of Understanding) প্ৰয়োগ কৰি সু-সংগঠিত জ্ঞান গঠন কৰে

সেয়ে কাণ্টৰ মতেজ্ঞান হ'ল সংবেদনৰ ওপৰত বুদ্ধিৰ ধাৰণাবোৰৰ প্ৰয়োগ

    কিন্তু এইদৰে আমি যি জ্ঞান লাভ কৰোঁ, তাক কাণ্টে "ফেনোমেনন" (phenomenon) বুলি কৈছে — মানে, জগতৰ বস্তুবোৰৰ জানিব পৰা দিশ "নৌমেনন" (noumenon) — অৰ্থাৎ বস্তুৰ নিজা সত্তা বা স্বৰূপ — আমাৰ জ্ঞানে গ্ৰহণ কৰিব নোৱাৰে 

কাণ্টে বিচাৰশক্তিৰ তিনিটা মূল ধাৰণাৰ উল্লেখ কৰিছে:

  1. জগতৰ ধাৰণা (World) – যাৰ জৰিয়তে আমি বাহ্যিক জগতক সংগঠিত কৰো
  2. আত্মাৰ ধাৰণা (Soul) – যাৰ দ্বাৰা অন্তৰ্জগতৰ নানা মনোবৃত্তিক ধাৰণা সংগঠিত হয়
  3. ঈশ্বৰৰ ধাৰণা (God) – যাৰ মাধ্যমে জগত আৰু আত্মাৰ ধাৰণাবোৰ সুসংহত হয়, আৰু জ্ঞানৰ একটি সামগ্রিক ঐক্য গঢ়ি উঠে

সমালোচনা (Criticism)

কাণ্টৰ মতবাদ উচ্চমূল্যবান হ'লেও কিছুমান অসংগতি দেখা যায়:

  1. আত্মবিৰোধিতা: কাণ্ট কয় যে বস্তুৰ সত্তা অজ্ঞেয়, তথাপিও সেই সত্তাই সংবেদনৰ সৃষ্টি কৰে বুলি স্বীকাৰ কৰে — যি তেওঁৰ নিজা ধাৰণাৰ সৈতে অসংগত
  2. জাতীয়তা অভাৱ: যদি জ্ঞানৰ গঠন মনৰপৰা হয় আৰু সংবেদন বস্তুৰ সত্তাৰ পৰা — তেন্তে মনৰ গঠন বৌদ্ধিকভাৱে জাতীয় (universal) হব লাগিছিল। কিন্তু কাণ্টে এই জাতীয়তা সুনিশ্চিত কৰিব পৰা নাই
  3. দৃশ্যমান আৰু প্ৰকৃত জগতৰ বিভাজন: কাণ্টে দৃশ্যমান জগত (phenomenal world) আৰু বস্তুৰ প্রকৃত স্বৰূপ (noumenal world)ৰ মাজত এক দৃঢ় পাৰ্থক্য সৃষ্টি কৰিছে। এইখিনিতে হেগেল কাণ্টৰ সমালোচনা কৰিছে — তেওঁ কয়, “দৃশ্যমান আৰু প্ৰকৃত জগত একে পৰমসত্তাৰ বিভিন্ন ৰূপ।” অৰ্থাৎ, মন আৰু জগত — উভয়ে একে সত্যৰ দুটা প্ৰকাশ

    যদিও কাণ্টৰ মতবাদত কিছুমান সীমাবদ্ধতা আছে, তথাপিও জ্ঞানৰ উৎপত্তি আৰু গঠন বিষয়ক আলোচনা সমাধানৰ দিশে আগবঢ়োৱা এক গুৰুত্বপূর্ণ পদক্ষেপ। কাণ্টেই প্ৰথমে দেখুৱালে যে জ্ঞান কেবল ইন্দ্ৰিয়ৰ পৰা নহয়, কেবল বুদ্ধিৰ পৰা নহয় — সংবেদন আৰু বুদ্ধিৰ একতাৰ ফল। সেয়ে কাণ্টৰ বিচাৰবাদ জ্ঞানৰ উৎস আৰু গঠনৰ সমস্যা সমাধানত এক সন্তোষজনক আৰু যুগান্তকাৰী দৃষ্টিভংগী প্ৰদান কৰিছে — যাৰ স্বীকৃতি আজি অধিকাংশ দাৰ্শনিকেই দিয়ে

৭। নৈতিক আদর্শ হিচাপে কাণ্টৰ বিচাৰবাদ আলোচনা কৰা

উত্তৰঃ কাণ্টৰ যুক্তিবাদ হৈছে নৈতিক আদৰ্শৰ এক গুৰুত্বপূর্ণ দাৰ্শনিক মতবাদ, যি সুখবাদ (Hedonism) বা ফলপ্ৰত্যাশিত নৈতিকতাৰ বিপৰীত। এই মতবাদত যুক্তি আৰু বিচাৰশক্তিৰ ভূমিকা অতি উচ্চস্তৰত ৰখা হৈছে। কাণ্টৰ মতে, মানৱৰ বৈশিষ্ট্য হ'ল তেওঁৰ যুক্তি-সক্ষমতা, আৰু এই যুক্তিবৃত্তিৰ দ্বাৰাই তেওঁক নিজৰ জীৱন পৰিচালনা কৰিব লাগে। আবেগ, অনুভূতি, ইন্দ্ৰিয়সুখ আদি ত্যাগ কৰি বিশুদ্ধ চিন্তা আৰু বিৱেকৰ সহায়ত কৰ্তব্যপথ অৱলম্বন কৰাটো হৈছে নৈতিক জীৱনৰ পৰম গন্তব্য

কাণ্টৰ ‘কৰ্তব্যৰ কাৰণেই কৰ্তব্য’ মতবাদ

    কাণ্টৰ মতে, নৈতিকতা মানে হ’ল — কাৰ্য কোনো লাভৰ আশাৰে নহয়, বৰঞ্চ "কৰ্তব্যৰ কাৰণেই কৰ্তব্য" হিচাপে সম্পাদন কৰা। যদিও মানৱ প্ৰকৃতি ইন্দ্ৰিয় কামনা আৰু বুদ্ধিবৃত্তিৰ সমন্বয়ে গঠিত, তথাপি বুদ্ধিবৃত্তিয়ে উচ্চতৰ স্থান অধিকাৰ কৰে। কাণ্টে বিচাৰশক্তি বা চিন্তাশক্তিক দুভাগত বিভক্ত কৰিছে—

  1. বিশুদ্ধ চিন্তা (Pure Reason): যাৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰোঁ
  2. ব্যৱহাৰিক চিন্তা (Practical Reason): যাৰ সহায়ত আমি ইচ্ছাশক্তিৰ সহায়ে নৈতিক সিদ্ধান্ত গ্ৰহণ কৰোঁ

    এই ব্যৱহাৰিক চিন্তাশক্তি বা বিৱেকই হৈছে নৈতিক আদেশৰ উৎস। কাণ্টৰ মতে, এই আদেশ বা নৈতিক নিয়মবোৰ ‘চৰ্তহীন আদেশ’ (Categorical Imperative) — অৰ্থাৎ, যাক কোনো ব্যক্তিগত লক্ষ্য বা লাভৰ বাবে নহয়, কৰ্তব্য হিচাপে পালন কৰিব লাগে

    কাণ্টৰ মতে, নৈতিক আদেশ স্বয়ং আৰোপিত (self-imposed) আৰু ই বৌদ্ধিক ইচ্ছাৰ দ্বাৰা প্ৰকাশ পায়। এই আদেশ পালন কৰাটো যদিও কষ্টসাধ্য, তথাপি কোনো বিকল্প নাই। নৈতিকতা মানে হ’ল—

  • কৰ্তব্য মানি চলা
  • লাভ-ক্ষতি, সুখ-দুখ, আবেগ-অনুভূতি উপেক্ষা কৰি যুক্তি আৰু বিৱেকৰ আদেশ মানি চলা তেওঁ কয়: "তুমি কৰা উচিত মানেই হৈছে তুমি কৰিব পাৰা"
  1. এনে নিয়ম অনুসৰি আচৰণ কৰা, যাক তুমি সার্বজনীন আইন হিচাপে স্বীকাৰ কৰিব পাৰা
  2. তোমাৰ নিজৰ বা আন এজনৰ ভিতৰত থকা মানুহজনক কেতিয়াও কেৱল উপায় হিচাপে নহয়, সদায় উদ্দেশ্য হিচাপে আচৰণ কৰা
  3. এনে ভাবুক, যেন তুমি আদর্শ সমাজৰ এজন বিধানদাতা

    কাণ্ট সততা আৰু কৰ্তব্যপালনক "পৰম উদ্দেশ্য" বুলি বিবেচনা কৰে — ই আমাৰ নিজৰ হাতত থাকে। কিন্তু “পূর্ণ কল্যাণ” মানে হ’ল সততা আৰু সুখৰ সংমিশ্ৰণ, যি আমাৰ আয়ত্তৰ বাহিৰত। এই পৃথিৱীত সাধাৰণতে ধৰ্মপথে চলা লোকসকল সদায় সুখী নহয়, সেয়েহে কাণ্ট “ভগৱানৰ অস্তিত্ব”, “ইচ্ছাৰ স্বাধীনতা” আৰু “আত্মাৰ অমৰত্ব”ত বিশ্বাসৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। তেওঁৰ মতে, পৰকালতেই পূৰ্ণ নৈতিক উৎকর্ষ সম্ভৱ

    কাণ্টৰ যুক্তিবাদে দেখুৱাইছে যে নৈতিকতা মানে হয় বুদ্ধিৰ দ্বাৰা নিজে নিৰ্ধাৰিত আদৰ্শপথৰ অনুসৰণ। সুখ-দুখ, লাভ-ক্ষতি, অনুভূতি আদিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ, কেৱল কৰ্তব্যপথে আগবাঢ়ি যোৱাটো হৈছে এক আদৰ্শ জীৱন — য’ত আত্মসম্মান, নৈতিক স্থিৰতা আৰু মানৱতাৰ সত্য মূল্য নিহিত

৮। কাণ্টৰ মতবাদৰ বিৰুদ্ধে আলোচনা কৰা

উত্তৰঃ ইমানুয়েল কাণ্টৰ নৈতিক যুক্তিবাদ আদর্শবাদী আৰু কঠোৰ নীতি-নিষ্ঠাত বিশ্বাসী দৰ্শন হিচাপে পৰিগণিত হয়। যদিও তেওঁৰ দৃষ্টিভংগীত উচ্চ নৈতিক আদৰ্শৰ প্ৰতিফলন পোৱা যায়, তথাপি তলত কিছুমান গুৰুত্বপূর্ণ আপত্তি বা সীমাবদ্ধতা আলোচনা কৰা হৈছে –

(ক) অতিমাত্রায় কঠোৰতা (Rigidity): কাণ্টৰ মতবাদৰ মূল ভিত্তি — "চর্তহীন আদেশ" — অতিমাত্রায় কঠোৰ। তেওঁ বিশ্বাস কৰে যে নৈতিক নিয়মৰ ব্যতিক্ৰম হ’বই নোৱাৰে। কিন্তু বাস্তৱ জীৱনত নৈতিক নিয়মবোৰ পৰিস্থিতি অনুসৰি নমনীয় হ’ব লাগিব। প্ৰতিটো নিয়মৰ ক্ষেত্ৰতে বিশেষ পৰিস্থিতিত ব্যতিক্ৰমৰ সুযোগ থাকিব পাৰে। গতিকে, কাণ্টৰ কঠোৰতা বাস্তৱ জীৱনৰ অনুশীলনত যথেষ্ট জটিলতা সৃষ্টি কৰে

(খ) অনুভূতিৰ অস্বীকৃতি: কাণ্টৰ মতে, যদি কোনো কাম "কর্তব্যৰ কাৰণে কৰ্তব্য" হিচাপে কৰা নহয়, তেন্তে তাৰ নৈতিক মূল্য নাই। এই দৃষ্টিভংগীয়ে অনুভূতি, সহানুভূতি, আৰু মানৱীয় আবেগসমূহক নৈতিক সিদ্ধান্তৰ ক্ষেত্ৰত মূল্যহীন কৰি তোলে। কিন্তু বহুতো মহান ব্যক্তি আৰু নৈতিক বীৰসকলৰ অনুপ্ৰেৰণা আছিল কৰুণাবোধ, সহানুভূতি, আৰু ভালপোৱাৰ দৰে অনুভূতিবোৰ

(গ) উপাদানবর্জিত আকাৰবোধ: কাণ্টৰ মতে, নৈতিক নিয়ম হৈছে কেবল আকাৰ (form), যাৰ কোনো উপাদান (content) নাই। কিন্তু নৈতিক জীৱন কেবল নিয়ম মানি চলাত সীমাবদ্ধ নহয়; ইচ্ছা, প্ৰেৰণা, কামনা-বাসনা ইত্যাদি মানৱীয় অনুভূতিৰে সমৃদ্ধ। যদি এই উপাদানবোৰক অগ্ৰাহ্য কৰা হয়, তেন্তে নৈতিকতাৰ পূৰ্ণতা নষ্ট হয়

(ঘ) ব্যক্তিকেন্দ্ৰিকতা (Subjectivism): অনুভূতিৰ ভূমিকা অস্বীকাৰ কৰি কাণ্টে নৈতিকতা ব্যক্তিকেন্দ্ৰিক কৰি তুলিছে। কিন্তু নৈতিকতা সামাজিক জীৱনৰ এক অনিবাৰ্য অংশ। অনুভূতিকেই আমাৰ অন্য মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ মূল মাধ্যম। এই দিশটোক বাদ দিয়াক মানৱতাৰ বিপৰীত বুলি বিবেচনা কৰিব পাৰে

(ঙ) দমন আৰু দ্বন্দ্ব: কাণ্টৰ মতে, জীৱবৃত্তি আৰু বুদ্ধিবৃত্তিৰ মাজত নৈতিক দ্বন্দ্ব সদায় থাকিব। নৈতিক উৎকর্ষ অৰ্জনৰ বাবে এই দ্বন্দ্বক দমন কৰি বিৱেকৰ কথা শুনা উচিত। কিন্তু যদি এই দ্বন্দ্বেই নৈতিকতাৰ মূৰ্ত ৰূপ হয়, তেন্তে দ্বন্দ্বৰ অন্ত হ’লে নৈতিকতাৰো অন্ত ঘটিব — যি এটা আত্মঘাতী চিন্তা

(চ) ব্যাখ্যাতীততা (Non-explanatory Nature): চৰ্তহীন আদেশ কাণ্টৰ মতে যুক্তিৰ ওপৰত আধাৰিত, কিন্তু ই নিজেই ব্যাখ্যাতীত — কিয় একেটা কাম নৈতিক আৰু আনটো অনৈতিক, সেয়া সদায় স্পষ্ট নহয়। যুক্তিপ্ৰিয় মানুহ কেতিয়াও অন্ধভাৱে নিয়ম মানি নচলে; সেয়ে নৈতিক নিয়মৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ তাৰ যুক্তি আৰু ব্যাখ্যা দৰকাৰ

(ছ) সাধাৰণ মানুহৰ বাবে গ্ৰহণযোগ্য নহয়: কাণ্টৰ ত্ৰয়ী নৈতিক নীতিবাক্য — (১) সার্বজনীন নিয়ম হিচাপে কাৰ্যকৰণ, (২) মানুহক উদ্দেশ্য হিচাপে গণ্য কৰা, আৰু (৩) আদর্শ সমাজৰ সদস্য হিচাপে ব্যৱহাৰ কৰা — সাধাৰণ মানুহে দৈনন্দিন জীৱনত প্ৰতিপালন কৰা কঠিন। এই আদৰ্শবোৰ অতিমাত্রায় বৌদ্ধিক আৰু সাধাৰণ মানৱীয় দুর্বলতা বিচাৰি নাপায়

    এইসমূহ যুক্তিৰ ভিত্তিত কাণ্টৰ যুক্তিবাদক কিছু সীমাবদ্ধতা আছে, যাৰ বাবে ই সাধাৰণ নৈতিক আচৰণৰ পথনির্দেশিকা হিচাপে কিছু পৰ্যন্ত অসুবিধাজনক। তথাপি, এই মতবাদে নৈতিকতাৰ ক্ষেত্ৰত যি উচ্চ আদৰ্শ, দায়িত্ববোধ, আৰু আত্মসংযমৰ শিক্ষা দিয়ে, সেয়া মান্য আৰু অনুসৰণযোগ্য। সেয়ে, একমাত্ৰ আদৰ্শ হিচাপে নহয়, কিন্তু নৈতিক চিন্তাৰ এক গুৰুত্বপূর্ণ দিশ হিচাপে কাণ্টৰ মতবাদক গুরুত্ব দিয়াটো উপযুক্ত হ’ব

 

 

 

 Type - Boby Bora