শিক্ষাত সামাজিক অসমতা আৰু সাংবিধানিক সুৰক্ষা

চমু প্ৰশ্ন উত্তৰঃ

১। সামাজিক বৈষম্যৰ উদাহৰণ এখন দিয়া।


উত্তৰঃ কোনো বিদ্যালয়ত কেবল ধনী ছাত্র-ছাত্রীক ভাল সুবিধা আৰু সুযোগ দিয়া হ'লে, তেন্তে ই সামাজিক বৈষম্যৰ এটা উদাহৰণ।


২। শিক্ষাত সমতা নিশ্চিত কৰাৰ ক্ষেত্ৰত সংবিধানৰ মূল উদ্দেশ্য কি?


উত্তৰঃ সকলো নাগৰিকক ধর্ম, জাতি, লিংগ, ভাষা আদিৰ ভিত্তিত বৈষম্য নকৰাকৈ শিক্ষা লাভৰ সমান সুযোগ প্রদান কৰাটো সংবিধানৰ মূল উদ্দেশ্য।


৩। অনগ্ৰসৰ বা পিছপৰা শিশুসমূহৰ শিক্ষাৰ ক্ষেত্রত মুখ্য সমস্যা কি?


উত্তৰঃ দাৰিদ্র্য, বিদ্যালয়ত যোৱাৰ সুযোগৰ অভাব, অভিভাৱকৰ অজ্ঞতা আৰু পর্যাপ্ত শিক্ষা সঁজুলিৰ অভাৱ মুখ্য সমস্যা।


৪। শিশু শ্রমিকসকলৰ শিক্ষাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে? উত্তৰঃ চৰকাৰে বিশেষ বিদ্যালয়, সন্ধ্যা পাঠশালা, বিনামূলীয়া শিক্ষা সামগ্রী আৰু আহাৰৰ ব্যৱস্থা কৰিছে।

৫। বস্তি অঞ্চলৰ শিশুসকলৰ বাবে শিক্ষাৰ উন্নয়ন কাৰ্যসূচী কোনবিলাক?


উত্তৰঃ শিক্ষা গাৰাণ্টি আঁচনি, মোবাইল বিদ্যালয়, নগৰ প্রাথমিক শিক্ষা অভিযান (UEE) আৰু বিশেষ সাক্ষৰতা কার্যসূচী প্রচলিত আছে।


৬। শিক্ষাত গ্রাম্য-চহৰ বৈষম্যৰ মূল কাৰণ কি?


উত্তৰ: শিক্ষা প্রতিষ্ঠানৰ অভাৱ, যোগাযোগ ব্যৱস্থাৰ দুৰ্বলতা, শিক্ষকৰ অভাৱ আৰু প্রযুক্তি সুবিধাৰ অভাৱেই গ্রাম্য অঞ্চলত শিক্ষাৰ বিকাশ বাধাগ্রস্ত কৰে।


৭। চহৰ আৰু গ্ৰাম্য শিক্ষাৰ মাজত কিহৰ পৰা সৰ্বাধিক পার্থক্য দেখা যায়?


উত্তৰঃ বিদ্যালয়ৰ গুণগত মান, শিক্ষকসকলৰ উপস্থিতি, বিদ্যুত আৰু ডিজিটেল সুবিধা আদিত সর্বাধিক পার্থক্য দেখা যায়।

৮। চৰ অঞ্চলৰ শিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে?

উত্তৰঃ চৰকাৰে চৰ অঞ্চলৰ শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যেনে— মোবাইল শিক্ষা কেন্দ্ৰ স্থাপন, আবাসিক বিদ্যালয় খোলা, পর্যাপ্ত শিক্ষক নিযুক্তি কৰা আৰু বিশেষ গৃহপাঠ আঁচনিৰ ব্যৱস্থা কৰা।

৯। সংবিধানৰ কোন অনুচ্ছেদে 6 বছৰতকৈ 14 বছৰ বয়সৰ শিশুসকলৰ বাবে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে?


উত্তৰঃ সংবিধানৰ অনুচ্ছেদ 21(ক) (Article 21A) ত এই ব্যৱস্থা কৰা হৈছে।


১০। লিংগ বৈষম্য হ্রাস কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে?


উত্তৰ: চৰকাৰে 'বেটী বচাও, বেটী পঢ়াও', ছাত্রীবৃত্তি, বিনামূলীয়া বিদ্যালয় পোছাক, হোষ্টেল আদিৰ ব্যৱস্থা কৰিছে।


১১। শিক্ষাত লিংগ বৈষম্য বুলিলে কি বুজায়?


উত্তৰ: পুৰুষ আৰু মহিলাৰ মাজত শিক্ষা লাভৰ সুযোগ, সুবিধা আৰু আগবাঢ়ি যাবৰ ক্ষেত্রত হোৱা অসাম্যক লিংগ বৈষম্য বোলা হয়।


চমু প্রশ্নোত্তৰ

১। সামাজিক বৈষম্যতাৰ মূল কাৰণ কি?

উত্তৰঃ সামাজিক বৈষম্যতা একেদিনত সৃষ্টি হোৱা সমস্যা নহয়, ই বহু প্ৰাচীন সামাজিক গঠনৰ ফল। এই বৈষম্য গঢ় লৈ উঠাৰ কেইবাটাও মুখ্য কাৰণ আছে। সেয়া হৈছে—দাৰিদ্ৰ্য, শিক্ষাৰ অভাৱ, জাত-পাতেৰে বিভাজন, ধৰ্মীয় কুসংস্কাৰ, লিংগভেদ, সম্পত্তিৰ অসম বণ্টন আৰু সামাজিক জাগৰণৰ ঘাটতি। এই সকলোবোৰে মিলি কিছুমান समाजিক গোটক উন্নয়ন আৰু অধিকাৰ দুয়োৰে পৰা আঁতৰ ৰাখে।

        উদাহৰণস্বৰূপে, অর্থনৈতিকভাৱে দুর্বল পৰিয়ালৰ শিশুসকলে ভাল বিদ্যালয় বা অন্যান্য সুযোগ-সুবিধা লাভ নকৰে, ফলত তেওঁলোকে আগবাঢ়িব নোৱাৰে। এনে ধৰণে মহিলাসকলো সামাজিক নিরাপত্তাৰ অভাৱ, ঘৰুৱা সীমাবদ্ধতা আৰু শিক্ষাৰ সুযোগ নথকাৰ বাবে বহুক্ষেত্ৰত পিছপৰা হয়।

        ইয়াৰ উপৰিও জাতিভেদ এটা গুৰুত্বপূর্ণ গোড়া সমস্যা। নিম্নবৰ্গীয় সমাজসকলে সামাজিক মান-মৰ্যাদা, শিক্ষা, অৰ্থনৈতিক সুযোগ আৰু ন্যায়ৰ ক্ষেত্ৰত বহু সীমাবদ্ধতাৰ সন্মুখীন হয়। লগতে ৰাজনৈতিক ক্ষমতা আৰু চৰকাৰী সুবিধা বিতৰণত অসম নীতি থাকিলেও বৈষম্যতা অধিক দীৰ্ঘস্থায়ী হয়।

        এই সমস্যা মুকাবিলা কৰিবলৈ সঠিক শিক্ষা বিস্তাৰ, সামাজিক ধ্যান-ধাৰণাৰ পৰিবর্তন, সমান সুযোগৰ নিশ্চিতকৰণ আৰু ন্যায়সঙ্গত ৰাজহুৱা ব্যৱস্থা অতি প্ৰয়োজনীয়।

২। সামাজিক বৈষম্যই সমাজত কি প্ৰভাৱ পেলায়?

উত্তৰঃ সামাজিক বৈষম্য সমাজৰ মৰ্মস্থলতে আঘাত কৰিছিলেই। ই সমাজৰ ভিতৰত বিভাজন, সন্দেহ আৰু অসন্তোষ বৃদ্ধি কৰে। ধনী-দুখীয়া, জাতি, ধৰ্ম বা লিংগৰ ভিত্তিত হোৱা বৈষম্যই গোটেই সমাজখনক বিভিন্ন গোটত ভাগ কৰে, যাৰ ফলত একতা আৰু ভ্রাতৃত্ববোধ ক্ষয় হয়।

        এই বৈষম্যৰ বাবে বহু লোক শিক্ষাৰ অধিকার, উপযুক্ত কৰ্মসংস্থান, স্বাস্থ্য সেৱা আৰু ৰাজনৈতিক অংশগ্ৰহণৰ পৰা আঁতৰি থাকে। পিছপৰা গোটসমূহ দীৰ্ঘদিন দাৰিদ্ৰ্য আৰু অশিক্ষাৰ ফাঁদত পংজা হৈ থাকে। এই দৰে সুযোগৰ অভাৱ থাকিলে অপৰাধ, নেশা, সমাজবিৰোধী কার্যকলাপ আৰু ৰাজনৈতিক অস্থিৰতাৰ দৰে নতুন সমস্যা জন্ম লাভ কৰে।

        জাতি বা ধৰ্মৰ ওপৰত ভিত্তি কৰি আচৰা বৈষম্যৰ ফলত সমাজত সংঘাত, হিংস্ৰতা আৰু অবিশ্বাসৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও গণতান্ত্রিক মূল্যবোধ, ন্যায় আৰু সমতাৰ নীতি ক্ষীণ হয়। ফলস্বপ, সমাজৰ ধাৰাবাহিক উন্নয়ন বাধাপ্ৰাপ্ত হয় আৰু দেশটোক আগবঢ়িবলৈ সময় অধিক লাগে।

৩। শিক্ষাত সমতা বুলিলে কি বুজায়? উত্তৰঃ শিক্ষাত সমতা মানে হৈছে—যিকোনো শিশুকে জাতি, ধৰ্ম, লিংগ, ভাষা, অঞ্চল বা আৰ্থিক অৱস্থাৰ ভিত্তিত বিভেদ নকৰি একে ধৰণৰ শিক্ষাৰ সুযোগ প্ৰদান কৰা। অৰ্থাৎ, উচ্চ-নীচ পটভূমিৰ কাকো বাদ নিদি সকলোৰ বাবে মানসম্মত শিক্ষা উপলব্ধ হ’ব লাগিব।        বহু সময় দুখীয়া, সামাজিকভাবে পিছপৰা, সংখ্যালঘু বা কন্যা শিশুসকলে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা পৰিস্থিতিৰ সন্মুখীন হয়। এই অসম সুযোগই সমাজত বৈষম্য, অপৰিণতি আৰু বিকাশৰ অন্তৰায় সৃষ্টি কৰে। এই সমস্যাৰ সমাধানৰ বাবে সংবিধানত শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰা হোৱাৰ লগতে সমতা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে।        শিক্ষাত সমতা কেৱল পঢ়াশুনাৰ সুযোগ নহয়, ই সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন, গণতান্ত্ৰিক অংশগ্ৰহণ আৰু মানৱিক মূল্যবোধ বৃদ্ধিৰ মূখ্য ভিত্তি। যেতিয়া সকলো শিশুৱে একেদৰে শিক্ষাৰ সুযোগ পায়, তেতিয়া সমতা, শান্তি আৰু অগ্ৰগতিমুখী সমাজ গঠন সম্ভৱ হয়। তাই শিক্ষাত সমতা নিশ্চিত কৰা এটা জৰুৰী গণতান্ত্ৰিক আৰু নৈতিক দায়িত্ব।

৪। অসমৰ চৰ অঞ্চলৰ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত মুখ্য সমস্যা কি? উত্তৰঃ চৰ অঞ্চল হৈছে ব্রহ্মপুত্র নৈৰ মাজত অবস্থিত এটা ভৌগোলিকভাবে জটিল অঞ্চল, য'ত প্রতি বছৰে বানপানী, খহনীয়া আৰু স্থানচ্যুতিৰ সমস্যা দেখা যায়। ইয়াৰ ফলত তাত বসবাস কৰা শিশুসকলৰ শিক্ষাত অনেক বাধা সৃষ্টি হয়। মুখ্য সমস্যাবোৰ হৈছে-বিদ্যালয়ৰ ঘাট, যোগাযোগৰ অসুবিধা, শিক্ষকৰ অনুপস্থিতি, আৰু দাৰিদ্র্য।         এই অঞ্চলত বহু পৰি    য়ালে বানপানীৰ ফলত বছৰি বহুবাৰ ঠাই সলনি কৰে, যাৰ বাবে শিশুসকলে বিদ্যালয়লৈ যোৱাই অসম্ভৱ হৈ পৰে। আনহাতে, বহু পিতৃ-মাতৃ অশিক্ষিত আৰু শিক্ষাৰ প্রয়োজনীয়তা বুজি নাপায়, ফলত ছাত্র-ছাত্রী বেছি ভাগ সময় গৃহস্থালিৰ কামত ব্যস্ত থাকে।         চৰকাৰে মোবাইল শিক্ষা কেন্দ্র, বিশেষ পাঠশালা, সন্ধ্যা বিদ্যালয়, গৃহ পাঠ আঁচনি আৰু বিনামূলীয়া পাঠ্যপুঠি-পোছাকৰ ব্যৱস্থা কৰিছে। তথাপি, ভৌগোলিক বাধা, অপর্যাপ্ত শিক্ষক আৰু সমাজিক সচেতনতাৰ অভাব এতিয়ালৈও মূল সমস্যা।         এই সমস্যাবোৰ সমাধান কৰিবলৈ অধিক নীতি'আঁচনি আৰু স্থানীয় অংশগ্রহণ অত্যন্ত প্রয়োজন।

৫। শিশু শ্রমিকসকলৰ শিক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ বাধা দেখা যায়?

উত্তৰঃ শিশু শ্রমিকসকল মূলতঃ দুখীয়া আৰু অৰ্থনৈতিকভাবে অসুৰক্ষিত পৰিয়ালৰ সন্তান। পৰিয়ালৰ উপার্জনত সহায় কৰাৰ দায়িত্ব তেওঁলোকৰ ওপৰত পৰে। ইটাভাটা, চাহ দোকান, গৃহস্থালী কাম, কাৰখানা বা দিন-মজুৰিৰ ক্ষেত্ৰত দিনটো কটাই তেওঁলোকে বিদ্যালয়লৈ যাবলৈ সময়, শক্তি আৰু সুযোগ নাপায়।

ইয়াৰ উপৰিও বহু ক্ষেত্ৰত মালিকে এই শিশুসকলক বিদ্যালয়লৈ যাব নেদিয়ে। আনফালে, বহু অভিভাৱকে ভাবে—শিক্ষা দিয়ে পেট নেভৰে, কাম কৰাই অধিক লাভজনক। এই ভুল ধাৰণা আৰু সচেতনতা হীনতা শিশুশিক্ষাৰ বাধা হিচাপে সবলভাৱে কাম কৰে। শিশুসকল শিক্ষাৰ অধিকাৰ পেলাইছে বুলিও, বাস্তৱতে তাৰে সদ্ব্যৱহাৰ বহুক্ষেত্ৰতে হ’ব নোৱাৰে।

চৰকাৰে নিশা বিদ্যালয়, বিকল্প শিক্ষা কেন্দ্র আৰু বিশেষ আঁচনিৰ ব্যৱস্থা কৰিছে। "National Child Labour Project"ৰ জৰিয়তে শিশুশ্রমিকক আহাৰ, শিক্ষাসামগ্ৰী, স্বাস্থ্য পৰীক্ষা আৰু শিক্ষা প্ৰদানৰ ব্যৱস্থা থাকে। যদিও, কেৱল আঁচনিৰ উপস্থিতি যথেষ্ট নহয়।

এই ব্যৱস্থাবোৰ সফল কৰাৰ বাবে সামাজিক সচেতনতা, কড়া মনিটৰিং, এনজিঅ' আৰু স্থানীয় সংগঠনৰ সজাগ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়। শিক্ষাই জীৱনৰ অধিকাৰ বুলি সমাজে উপলব্ধি নকৰালৈকে এই শিশুসকল শিক্ষাৰ মূল প্রবাহত সোনকালে আহি নিব নোৱাৰে।



Type by- Pankaj Saikia