গোট - ১
সামজিক আৰু ৰাজনৈতি দৰ্শনৰ ভেটি
অতি চমু প্রশ্নোত্তৰ
উত্তৰ: সমাজ বিজ্ঞান হ'ল এক প্ৰকাৰৰ বিজ্ঞান যিয়ে মানৱ সমাজৰ ইতিহাস, ক্রমবিকাশ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ প্ৰকৃতি বর্ণনা কৰাৰ উপৰিও সেইবোৰৰ উৎপত্তি তথা বিকাশ সম্পর্কে আলোচনা কৰা।
উত্তৰ: অর্থবিজ্ঞান, ৰাষ্ট্রবিজ্ঞান, নীতিবিজ্ঞান, মনোবিজ্ঞান, জীৱবিজ্ঞান আদিয়ে হ'ল সামাজিক বিজ্ঞান।
উত্তৰঃ 'সমাজ দর্শন' শব্দটোৱে সমাজ বিষয়ক দার্শনিক আলোচনাকে বুজায়। অর্থাৎ যি শাস্ত্ৰত দৰ্শনৰ দৃষ্টিভংগীৰে সমাজৰ সর্বাঙ্গীণ দিশ সম্পর্কে আলোচনা কৰা হয় তাকেই সমাজ দর্শন বুলিব পাৰি। সমাজ দৰ্শন দৰ্শনৰএটা শাখা যিয়ে সমাজ জীৱনৰ তাৎপর্য, মূল্য আৰু আদৰ্শৰ বিষয়ে আলোচনা তথা বিচাৰ কৰে।
উত্তৰঃ ব্যক্তিৰ চিন্তা, আচৰণ আৰু কৰ্মৰ দ্বাৰাই সমাজ গঠিত আৰু পৰিবৰ্তিত হয়।
১। সমাজ দৰ্শন আৰু মনোবিজ্ঞানৰ সম্বন্ধ আলোচনা কৰা।
উত্তৰ: মনোবিজ্ঞান হ'ল মন সম্পর্কীয় বিজ্ঞান। মনৰ বিভিন্ন অৱস্থা বা প্ৰক্ৰিয়াৰ স্বৰূপ, গতি আৰু নিয়ম আৱিস্কাৰ কৰা আৰু তাৰ সঠিক ব্যাখ্যা কৰাই ইয়াৰ কাম। মনৰ উপাদান প্রধানতঃ তিনিটা চিন্তা, অনুভূতি আৰু ক্রিয়া। মনোবিজ্ঞানে এই তিনিটা উপাদানৰ উৎপত্তি স্বৰূপ, বিকাশ আদি সম্বন্ধে বিশদভাৱে আলোচনা কৰে। আনহাতে, সমাজ সম্পর্কীয় দার্শনিক আলোচনা। সমাজ দৰ্শনৰ কাম হ'ল সমাজ জীৱনৰ মূল উৎসস্বরূপ মূলতত্ত্ব বা নীতি আৰু সামাজিক বিকাশ আৰু বিৱৰ্তনক পৰিচালনা কৰা মৌলিক আদর্শবোৰৰ স্বৰূপ অনুসন্ধান কৰা। ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ প্রকৃত মূল্য নির্ধাৰণ কৰাটোও সমাজ দৰ্শনৰ কাম। মুঠতে, সমাজ দর্শনত দার্শনিক দৃষ্টিভংগীৰ পৰা সকলো সামাজিক ঘটনাৰ বিচাৰ কৰা হয় আৰু সমাজ জীৱনৰ অন্তর্নিহিত মৌলিক তত্ত্বৰ লগত সামাজিক ঘটনা সমূহৰ মূল্য নির্ণয় কৰা হয়। সমাজ দৰ্শন আৰু মনোবিজ্ঞানৰ মাজত কোনোটোৱেই জড় বিজ্ঞান নহয়। মনোবিজ্ঞানে মানসিক প্ৰক্ৰিয়াৰ বিষয়ে পৰ্য্যালোচনা কৰে। আকৌ সমাজ দর্শনে যেতিয়া সমাজৰ আদৰ্শৰ বিষয়ে আলোচনা কৰে সেই প্রসঙ্গত বিভিন্ন মানসিক প্রক্রিয়াৰে আলোচনাত উপনীয় হয়।
সমাজ দর্শন আৰু মনোবিজ্ঞানৰ মাজত বিভিন্ন সাদৃশ্য থাকিলেও
উভয়ৰে মাজত পার্থক্যও আছে। কিয়নো মনোবিজ্ঞান মূলতঃ বিজ্ঞান আৰু সমাজ দর্শন মূলতঃ
দর্শন। বিজ্ঞান হিচাপে মনোবিজ্ঞানে মানসিক ক্রিয়া-প্রক্রিয়াৰ বিশ্লেষণ কৰে আৰু
ইয়াৰ কিছুমান সাধাৰণ নিয়ম নিৰ্ণয় কৰে। বিভিন্ন মানসিক ক্রিয়া-প্রক্রিয়াৰ অন্তৰালত
থকা পৰম সত্তাৰ স্বৰূপ উদ্ঘাটন আৰু তত্ত্বমূলক আলোচনা মনোবিজ্ঞানত কৰা নহয়।
কিন্তু সমাজ দর্শনত বিশেষকৈ সমাজ জীৱনৰ অন্তর্নিহিত মৌলিক সত্য আৰু তাৰ দার্শনিক
আলোচনা আৰু বিশ্বসত্তাৰ মাজত ইয়াৰ স্থান আদিৰ বিষয়ে আলোচনা কৰা হয়।
মনোবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান, বিভিন্ন মানসিক
ক্রিয়া-প্ৰক্ৰিয়াৰ বাস্তৱ স্বৰূপ আৰু এইবোৰ কেনেকৈ ঘটে সেই বিষয়ে মনোবিজ্ঞানে
বর্ণনা কৰে। আনহাতে সমাজ দর্শন হ'ল
আদর্শনিষ্ঠ বিজ্ঞান। সমাজৰ উৎপত্তি,
গতি আৰু বিকাশৰ বাস্তৱ অৱস্থা বিশ্লেষণ কৰা সমাজ দৰ্শনৰ প্ৰধান কাম নহয়। সমাজ
দৰ্শনৰ মূল উদ্দেশ্য হ'ল সমাজ
কেনেকৈ গঠিত হোৱা উচিত আৰু কি আদর্শ অনুযায়ী পৰিচালিত হোৱা উচিত তাৰেই নির্দেশ
দিয়া। মনোবিজ্ঞানে ব্যক্তি সাপেক্ষ বিষয়বস্তুৰ আলোচনা কৰে, যেনে ব্যক্তিৰ
মানসিক প্রক্রিয়াসমূহৰ ব্যাখ্যা দান কৰা মনোবিজ্ঞানৰ অন্যতম কাম। কিন্তু সমাজ
দৰ্শনৰ আলোচনাৰ বিষয় ব্যক্তি নিৰপেক্ষ। ৰাষ্ট্ৰ, সমাজ,
গোষ্ঠী আদিৰ বিষয়ে আলোচনা কৰাতে সমাজ দর্শনে কোনো বিশেষ ব্যক্তিৰ মনোভাৱক লৈ
আলোচনা নকৰে, তাৰ
বিপৰীতে ব্যক্তি নিৰপেক্ষভাবেহে আলোচনা কৰা দেখা যায়। মনোবিজ্ঞান এক তাত্ত্বিক
বিজ্ঞান। মানসিক তথ্যসমূহ সম্বন্ধে ই জ্ঞান দান কৰে মাত্র; ইয়াৰ প্ৰত্যক্ষ
ব্যৱহাৰিক উপযোগিতা নাই। আনহাতে,
সমাজ দর্শনে সমাজৰ সৰ্বোচ্চ আদৰ্শ লাভৰ বাবে প্ৰয়োজনীয় উপায়ৰ নিৰ্দেশ দিয়ে আৰু
সামাজিক সংস্কাৰ আৰু উন্নতি সাধনত যথেষ্ট সহায় আগবঢ়ায়। সেইবাবে ইয়াৰ যথেষ্ট
ব্যৱহাৰিক উপযোগিতা লক্ষ্য কৰা যায়। ব্যৱহাৰিক জীৱনৰ ওপৰত সমাজ দৰ্শনৰ প্ৰভাৱ
অপৰিসীম।
মেকডুগার্ল আৰু ফ্রয়েডে মত পোষণ কৰে যে সমগ্র জীৱনটোক
কেইটামান মানসিক শক্তিত ৰূপান্তৰিত কৰিব পৰা যায়। কিন্তু তেনে কৰিলে সমাজ দর্শন
মনোবিজ্ঞানৰ এটা শাখা হিচাপে পৰিগণিত হয় আৰু সমাজ দর্শন ব্যক্তি সাপেক্ষ হৈ পৰে।
আনহাতে, গিছবার্টে
কয় যে সামাজিক আচৰণৰ অন্তৰালত যিবোৰ কাৰণ দেখা যায় সেই সকলোবোৰ মনস্তাত্বিক নহয়, গতিকে কেৱল
মনোবিজ্ঞানীসকলৰ পদ্ধতি অবলম্বন কৰি সমাজৰ বিষয়ে আলোচনা কৰাটো যুক্তিসংগত নহয়।
সমাজ দর্শন আৰু মনোবিজ্ঞানৰ মাজত বিভিন্ন সাদৃশ্য আৰু
পার্থক্য থাকে যদিও উভয়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। কাৰণ সমাজ দৰ্শন আৰু মনোবিজ্ঞান
উভয়ৰে মনৰ লগত সম্বন্ধ আছে। ব্যক্তিক কেন্দ্র কবিয়ে সমাজ। ব্যক্তিৰ আশা, আকাংক্ষা, চিন্তা, আবেগ আদি সমাজ
জীৱনত প্রতিফলিত হয়। ব্যক্তি মনক বাদ দি সমাজ জীৱনৰ আলোচনা অসম্ভৱ। গতিকে মনক বাদ
দি বাহ্যিক অনুষ্ঠান-প্রতিষ্ঠানৰ প্রতি সমাজ দর্শনে দৃষ্টি দিব নোৱাৰে। মনোবিজ্ঞান
আৰু সমাজ দর্শনে একে উপাদানকে লৈ কাৰ্য্য কৰে। পার্থক্য মাথোন এয়ে যে মনোবিজ্ঞানে
ব্যক্তিৰ ব্যৱহাৰ প্ৰক্ৰিয়াৰ আলোচনা কৰে আৰু সমাজ দৰ্শনে সমাজৰ মানুহৰ পাৰস্পৰিক
সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। গতিকে সমাজ দৰ্শন আৰু মনোবিজ্ঞানৰ মাজত গাঢ় সম্পর্ক
আছে।
ব্যক্তি বুলিলে সাধাৰণ অৰ্থত এজন মানুহক বুজোৱা হয় যদিও
দার্শনিক অর্থত ব্যক্তি কেৱল এক শাৰীৰিক সত্তা নহয়। ব্যক্তি হৈছে এজন সচেতন, যুক্তিবাদী আৰু
নৈতিক সত্তা। ব্যক্তিৰ ভিতৰত চিন্তা কৰিব পৰা ক্ষমতা, অনুভৱ, ইচ্ছা, আত্মচেতনা আৰু
বিবেক থাকে। এই গুণসমূহে ব্যক্তিক পশু বা অন্যান্য জীৱৰ পৰা পৃথক কৰে। ব্যক্তি
নিজৰ কৰ্মৰ ভাল-বেয়া বিচাৰ কৰিব পাৰে আৰু নিজৰ আচৰণৰ বাবে দায়িত্ব ল'ব পাৰে। এই
নৈতিক দায়িত্ববোধেই ব্যক্তিত্বৰ মূল আধাৰ। সেয়ে ব্যক্তি মানে কেৱল জন্মগ্রহণ কৰা
মানৱ নহয়, বৰং
সামাজিক পৰিৱেশত গঢ় লৈ উঠা এক পূৰ্ণ মানৱ সত্তা।
যদিও ব্যক্তি জন্মৰ সময়ত জৈৱিক সত্তা হিচাপে জন্ম লয়, তথাপিও সমাজৰ
সংস্পৰ্শ অবিহনে তেওঁৰ মানৱীয় গুণ বিকশিত হ'ব
নোৱাৰে। মানৱ শিশুৱে জন্মৰ সময়ত ভাষা নাজানে,
নৈতিকতা নাজানে, সামাজিক
আচৰণ নাজানে। এই সকলো গুণ সমাজৰ মাজত থাকি শিকি লয়। ভাষা শিকা, সামাজিক নিয়ম
মানি চলা, পৰম্পৰা
গ্ৰহণ কৰা আৰু নৈতিক মূল্যবোধ আয়ত্ত কৰা এই সকলোবোৰ সামাজিক প্ৰক্ৰিয়াৰ ফল। সেয়ে
ব্যক্তি মূলতঃ এক সামাজিক জীৱ। সমাজৰ বাহিৰত ব্যক্তিৰ অস্তিত্ব থাকিলেও মানৱীয়
বিকাশ সম্ভৱ নহয়।
সমাজ হৈছে এনে এক সংগঠিত সামাজিক ব্যৱস্থা য'ত বহু ব্যক্তি
একেলগে বাস কৰি পাৰস্পৰিক সম্পৰ্ক গড়ে। সমাজ কেৱল একে ঠাইত বাস কৰা মানুহৰ সমষ্টি
নহয়। সমাজৰ নিজস্ব গঠন,
নিয়ম, ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতি আৰু
মূল্যবোধ থাকে। এই সকলোবোৰ মিলি সমাজক এক স্থায়িত্ব প্রদান কৰে। সমাজ ব্যক্তিৰ
জীৱন নিয়ন্ত্ৰণ কৰে যদিও এই নিয়ন্ত্রণ অন্ধ বা ইচ্ছাকৃত নহয়। সমাজৰ নিয়মসমূহ
ব্যক্তিৰ সুৰক্ষা, শৃংখলা
আৰু সামূহিক কল্যাণৰ উদ্দেশ্যে প্রণীত কৰা হয়।
সমাজ ব্যক্তি সমষ্টিৰ পৰা গঢ় লৈ উঠিলেও ই কেৱল ব্যক্তিৰ
যান্ত্রিক যোগফল নহয়। সমাজৰ ভিতৰত পাৰস্পৰিক সম্পৰ্ক, সহযোগিতা আৰু
নিৰ্ভৰশীলতাৰ এক জাল থাকে। এই সম্পর্কসমূহেই সমাজক এক জীৱন্ত সত্তাত পৰিণত কৰে।
সমাজৰ অবিহনে ব্যক্তি অসুৰক্ষিত আৰু অস্থিৰ
জীৱন যাপন কৰিব লাগিব। সেয়ে সমাজ মানৱ জীৱনৰ এক অনিবার্য বাস্তৱতা।
ব্যক্তি আৰু সমাজৰ ধাৰণা আলোচনা কৰিলে দেখা যায় যে এই
দুয়োটা একেলগে বিকশিত হয়। ব্যক্তি সমাজৰ মাজতেই জন্ম লয় আৰু সমাজৰ মাজতেই ডাঙৰ হয়।
সমাজে ব্যক্তিক সামাজিকীকৰণৰ জৰিয়তে মানৱ ৰূপ দিয়ে। সামাজিকীকৰণৰ প্ৰক্ৰিয়াত
ব্যক্তি সমাজৰ ভাষা, সংস্কৃতি, আচৰণৰ ধৰণ আৰু
নৈতিক মানদণ্ড শিকে। এই প্রক্রিয়া অবিহনে ব্যক্তি মানৱ ৰূপ লাভ কৰিব নোৱাৰে। সেয়ে
সমাজক ব্যক্তিত্ব গঠনৰ এক বিদ্যালয় বুলি কোৱা হয়।
ব্যক্তি আৰু সমাজৰ ধাৰণা বুজাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ
দিশ হৈছে যে এই দুয়োৰ মাজত কেতিয়াবা সংঘাতো দেখা যায়। সমাজৰ নিয়ম বা পৰম্পৰাই
কেতিয়াবা ব্যক্তিৰ স্বাধীনতা দমন কৰিব পাৰে। বিশেষকৈ পৰম্পৰাগত সমাজত ব্যক্তিৰ
চিন্তা আৰু স্বাধীন ইচ্ছাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা হয়। এনে পৰিস্থিতিত ব্যক্তি
সমাজৰ বিৰুদ্ধে প্রতিবাদ কৰে। যদিও এই সংঘাত বাহ্যিকভাবে নেতিবাচক যেন লাগে, তথাপিও ই সমাজৰ
উন্নয়নৰ ক্ষেত্রত সহায়ক। বহু সামাজিক সংস্কাৰ, অধিকাৰ আৰু ন্যায়সংগত ব্যৱস্থাৰ জন্ম এই সংঘাতৰ ফলস্বৰূপে
হৈছে।
আধুনিক সমাজত ব্যক্তি আৰু সমাজৰ ধাৰণাত নতুন পৰিৱৰ্তন দেখা
যায়। আধুনিক গণতান্ত্রিক সমাজত ব্যক্তিৰ অধিকাৰ, স্বাধীনতা আৰু মর্যাদাক বিশেষ গুৰুত্ব দিয়া হয়। সমাজৰ
উদ্দেশ্য কেৱল নিয়ন্ত্ৰণ নহয়,
বৰং ব্যক্তিৰ পূৰ্ণ বিকাশ নিশ্চিত কৰা। এনে সমাজত ব্যক্তি আৰু সমাজৰ মাজত
সমন্বয়মূলক সম্পর্ক গঢ় লৈ উঠে। ব্যক্তি নিজৰ অধিকাৰ উপভোগ কৰাৰ লগতে সামাজিক
দায়িত্ব পালন কৰে। এই ভাৰসাম্যই আধুনিক সমাজৰ মূল বৈশিষ্ট্য।
শেষত ক'ব পাৰি
যে ব্যক্তি আৰু সমাজৰ ধাৰণা একে আনৰ পৰা বিচ্ছিন্ন নহয়। ব্যক্তি সমাজৰ পৰা ভাষা, শিক্ষা, সংস্কৃতি আৰু
নৈতিকতা লাভ কৰে আৰু সমাজ ব্যক্তিৰ কৰ্ম আৰু চিন্তাৰ দ্বাৰা গঢ় লৈ উঠে। ব্যক্তি
আৰু সমাজ পৰস্পৰৰ পৰিপূৰক। এজন অবিহনে আনজনৰ অস্তিত্ব অসম্ভৱ। এই দুয়োৰ মাজৰ সুস্থ
সমন্বয়েই এক ন্যায়সংগত,
উন্নত আৰু সুশৃংখল সমাজ গঢ়ি তোলাৰ মূল চাবিকাঠি।
সামাজিক বিজ্ঞান (Social
Science) আৰু সমাজ বিজ্ঞান (Sociology)
বস্তুনিষ্ঠ বিজ্ঞান,
সেইবাবে এই বিজ্ঞানবোৰে মূল্য বা আদর্শ সম্পর্কীয় প্রশ্ন আলোচনা নকৰে। কিন্তু
মানুহ চিন্তাশীল আৰু মানুহৰ মন আদৰ্শমুখী হোৱা বাবে সমাজ জীৱনৰ মূল্য নির্ধাৰণ
কৰাৰ প্ৰয়োজন হয়। সেয়েহে কোৱা হয় যে সমাজ দৰ্শন হ'ল দৰ্শনৰ এটা শাখা যি শাখাই সমাজ জীৱনৰ তাৎপর্য, মূল্য আৰু
আদৰ্শৰ বিষয়ে আলোচনা তথা বিচাৰ
কৰে। সমাজ দর্শন মূলতঃ দর্শন। কিয়নো, দর্শনে যেনেদৰে
সমগ্ৰ বিশ্বৰ মূল সত্তাৰ স্বৰূপ অন্বেষণ কৰি অৱভাষিক বা প্রকাশমান জগতৰ ব্যাখ্যা
দিয়ে আৰু বিভিন্ন ঘটনাৰ বিচিত্ৰতাৰ মাজত নিহিত মূল ঐক্যৰ সন্ধান দিবলৈ প্রয়াস কৰে, তেনেদৰে সমগ্ৰ
মানৱ সমাজ সম্পর্কে সমাজ দর্শনেও তত্বমূলক আলোচনা কৰে। মুঠতে সমাজ দর্শনত দার্শনিক
দৃষ্টিভংগীৰ পৰা সকলো সামাজিক ঘটনাৰ বিচাৰ কৰা হয় আৰু সামাজিক জীৱনৰ অন্তর্নিহিত
মৌলিক তত্ত্বৰ বা নীতিৰ লগত সামাজিক ঘটনাৱলীৰ সম্পৰ্ক নিৰ্ণয় কৰা হয়।
গিছবার্টে সমাজ দর্শনক সমাজ বিজ্ঞান আৰু দৰ্শনৰ মিলন স্থল
বুলি মত পোষণ কৰে। সমাজ বিজ্ঞান আৰু দৰ্শনৰ সমন্বয় সাধন কৰাই ইয়াৰ এটা প্রধান কাম।
দর্শনে যেনেকৈ বিভিন্ন বিজ্ঞানৰ পৰা বিভিন্ন তথ্য আৰু উপকৰণ সংগ্ৰহ কৰি সেইবোৰৰ
মাজত সামঞ্জস্য বা সমন্বয় সাধন কৰিবলৈ চেষ্টা কৰে আৰু বিভিন্ন বিজ্ঞানৰ স্বীকৃত
ধাৰণা আৰু মৌলিক নীতিৰ সত্যতা পৰীক্ষা কৰি মূল সত্যৰ পোহৰত তাৰ চৰম মূল্য নির্ধাৰণ
কৰে, সমাজ
দর্শনেও তেনেদৰেই মনোবিজ্ঞান,
ৰাষ্ট্ৰবিজ্ঞান, অর্থবিজ্ঞান, নীতি বিজ্ঞান
আদি বিভিন্ন সামাজিক বিজ্ঞানৰ পৰা প্ৰয়োজনীয় তথ্য আৰু সামগ্রী আহৰণ কৰি দাৰ্শনিক
দৃষ্টিভংগীত সেই তথ্যবোৰক একত্ৰিত কৰি সিহঁতৰ স্বীকৃত নীতি আৰু মৌলিক ধাৰণাবোৰৰ
চৰম আৰ্দশৰ মানদণ্ডেৰে বিচাৰ কৰি মূল্য নির্ধাৰণ কৰে আৰু এনেদৰেই আদর্শ সমাজ এখনৰ
এটা সামগ্রিক ধাৰণা প্ৰদান কৰে।
গিছৱার্টে 'Fundamentals
of Sociology' নামৰ গ্ৰন্থত সমাজ দৰ্শনৰ আলোচনাৰ ক্ষেত্ৰত ইয়াৰ জ্ঞান (Epistimology) আৰু মূল্য (Axiology) ৰ দিশকেইটা
আলোচনা কৰিছে। জ্ঞানৰ দৃষ্টিকোণৰ পৰা সমাজ দৰ্শনৰ কাৰ্যক তিনি প্ৰকাৰৰ বুলি ক'ব পাৰি -
(১)
তত্ত্বমূলক বা তাত্ত্বিক (Ontogical)
(২) নির্ণয়মূলক বা সমালোচনামূলক (Criterilogical)
(৩) সমন্বয় মূলক বা সংশ্লেষাত্মক (Synthetic)।
মানুহ,
মানুহৰ অন্তর্নিহিত সামাজিক
সত্তা, ন্যায়
আদি সমাজ জীৱনৰ মৌলিক ধাৰণা তথা নীতিসমূহ আলোচনা কৰাই সমাজ দৰ্শনৰ তাত্ত্বিক কাম।
সেইদৰে, অৰ্থবিজ্ঞান, ৰাষ্ট্রবিজ্ঞান, নীতিবিজ্ঞান
আদি সামাজিক বিজ্ঞানসমূহৰ নীতি আৰু সিদ্ধান্তবোৰৰ সত্যতা বিচাৰ কৰাটো সমাজ দৰ্শনৰ
সমালোচনামূলক কাম। আকৌ,
বিভিন্ন সামাজিক বিজ্ঞান আৰু দৰ্শনৰ সিদ্ধান্তবোৰৰ মাজত সামঞ্জস্য স্থাপন
কৰাটোৱে সমাজ দৰ্শনৰ সমন্বয়মূলক কাম।
সমাজৰ মূল্যবিষয়ক আলোচনাত সমাজ দর্শনে সমাজৰ চৰম মূল্য কি
আৰু কি উপায়ে ইয়াক লাভ কৰিব পাৰি সেইটো নিদের্শ কৰে। আনহাতে গিনছবার্গেও আদর্শ
নিষ্ঠ বিজ্ঞান হিচাপে সমাজ দৰ্শনৰ আৰু দুটা দিশ আছে বুলি উল্লেখ কৰে। সেইকেইটা হ'ল- ১)
সমালোচনাৰ দিশ (Critical)
আৰু (২) গঠনমূলক দিশ (Constructive)। প্রখম
দিশটোৱে সামাজিক বিজ্ঞানসমূহৰ যৌক্তিকতা আৰু এই বিজ্ঞানবোৰে প্ৰয়োগ কৰা পদ্ধতি তথা
নীতিসমূহৰ সত্যতা বিচাৰ কৰে। বিভিন্ন সামাজিক বিজ্ঞানত প্রয়োগ হোৱা সামাজিক
পৰিৱৰ্তনৰ ধাৰণাবোৰৰ (Social
Change) সমাজ দর্শনে দার্শনিক বিশ্লেষণ কৰে আৰু মানুহৰ ইচ্ছাৰ লগত
এই ধাৰণাবোৰৰ সম্পৰ্ক বিচাৰ কৰে।
গতিকে এনেদৰে ক'ব পাৰি
যে সমাজ দর্শনত দার্শনিক দৃষ্টিভংগীৰে সমাজক অধ্যয়ন কৰিবলৈ প্ৰয়াস কৰা হয়। সমাজৰ
লগত মানুহৰ সামাজিক সত্তাৰ কি সম্বন্ধ,
কি নীতি অনুসৰণ কৰিলে মানুহে মানুহৰ লগত পাৰস্পৰিক সম্বন্ধ সৃষ্টি কৰি সমাজত
ঐক্য স্থাপন কৰিব পাৰে আদি সম্পর্কে সমাজ দর্শনে অধ্যয়ন কৰে।
উত্তৰঃ ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্ক সামাজিক আৰু ৰাজনৈতিক দৰ্শনৰ এক গভীৰ আৰু মৌলিক বিষয়। মানৱ সমাজৰ অস্তিত্ব আৰু বিকাশ বুজিবলৈ এই সম্পৰ্কৰ স্বৰূপ বিশ্লেষণ কৰা অত্যন্ত প্রয়োজনীয়। ব্যক্তি আৰু সমাজ একে মুদ্ৰাৰ দুটা দিশৰ দৰে; এজনক আনজনৰ পৰা পৃথক কৰি ভাবিব নোৱাৰি। ব্যক্তি সমাজৰ ভিতৰত জন্ম গ্ৰহণ কৰে আৰু সমাজো ব্যক্তিৰ সহযোগিতাৰে গঢ় লৈ উঠে। সেয়ে ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্ক অবিচ্ছেদ্য, পাৰস্পৰিক আৰু গতিশীল।
ব্যক্তি জন্মৰ সময়ত কেৱল এক জৈৱিক সত্তা। তেওঁ ভাষা নাজানে, সামাজিক আচৰণ
নাজানে আৰু নৈতিক মূল্যবোধৰ বিষয়ে অৱগত নহয়। সমাজৰ সংস্পৰ্শত আহি তেওঁ মানৱ ৰূপ
লাভ কৰে। সমাজে ব্যক্তিক সামাজিকীকৰণৰ জৰিয়তে গঢ় দিয়ে। এই সামাজিকীকৰণৰ প্ৰক্ৰিয়াত
ব্যক্তি ভাষা শিকে, আচৰণৰ
নিয়ম মানি চলিবলৈ শিকে আৰু সামাজিক দায়িত্ব বুজি পায়। এই প্রক্রিয়া অবিহনে ব্যক্তি
কেৱল জৈৱিক অস্তিত্বতেই সীমাবদ্ধ হৈ থাকিব। সেয়ে সমাজ ব্যক্তিত্ব গঠনৰ এক
অপৰিহাৰ্য ক্ষেত্ৰ।
সমাজে ব্যক্তিক নিয়ম,
নীতি আৰু নৈতিকতাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰে। এই নিয়ন্ত্রণ বহু সময়ত ব্যক্তিৰ
স্বাধীনতাৰ ওপৰত সীমা আৰোপ কৰা যেন লাগিলেও ইয়াৰ মূল উদ্দেশ্য হৈছে সামাজিক শৃংখলা
আৰু সামূহিক কল্যাণ নিশ্চিত কৰা। আইন আৰু সামাজিক নিয়ম অবিহনে সমাজ অৰাজকতালৈ গতি
কৰিব। সেয়ে সমাজৰ নিয়ন্ত্ৰণ ব্যৱস্থা ব্যক্তিৰ জীৱন সুশৃংখল কৰিবলৈ এক প্রয়োজনীয়
উপাদান। ব্যক্তিয়ে এই নিয়মসমূহ মানি চলি সমাজৰ ভিতৰত সুৰক্ষিত আৰু স্থিৰ জীৱন যাপন
কৰে।
আনহাতে ব্যক্তি সমাজৰ কেৱল নিষ্ক্রিয় সদস্য নহয়। ব্যক্তি
সমাজৰ গঠন আৰু পৰিবৰ্তনৰ মূল শক্তি। ব্যক্তিৰ চিন্তা, কৰ্ম আৰু
উদ্যোগেই সমাজক নতুন দিশ দিয়ে। ইতিহাসত বহু উদাহৰণ পোৱা যায় য'ত ব্যক্তিয়ে
সমাজৰ প্ৰচলিত নিয়ম-নীতিৰ বিৰুদ্ধে মাত মাতি সমাজ সংস্কাৰ কৰিছে। মহান সমাজ
সংস্কাৰক, দার্শনিক
আৰু ৰাজনৈতিক নেতাসকলে ব্যক্তিগত সচেতন প্রয়াসৰ জৰিয়তে সমাজক অধিক ন্যায়সংগত আৰু
উন্নত কৰি তুলিছে। সেয়ে সমাজ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল।
ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্ক সদায় সমন্বয়মূলক নহয়; কেতিয়াবা
সংঘাতো দেখা যায়। সমাজৰ পৰম্পৰা,
ৰীতি-নীতি আৰু আইনসমূহ কেতিয়াবা ব্যক্তিগত স্বাধীনতা আৰু স্বাৰ্থৰ সৈতে সংঘাত
সৃষ্টি কৰে। বিশেষকৈ যেতিয়া সমাজ অত্যধিক ৰক্ষণশীল হৈ পৰে, তেতিয়া ব্যক্তি
নিজৰ চিন্তা আৰু স্বাধীন ইচ্ছা প্রকাশ কৰিব নোৱাৰে। এনে পৰিস্থিতিত ব্যক্তি সমাজৰ
বিৰুদ্ধে প্রতিবাদ কৰে। এই সংঘাত প্রথম দৃষ্টিত নেতিবাচক যেন লাগিলেও ই সমাজৰ
বিকাশৰ বাবে অত্যন্ত প্রয়োজনীয়। সংঘাতৰ জৰিয়তেই সমাজ আত্মসমালোচনা কৰিবলৈ বাধ্য হয়
আৰু প্রয়োজনীয় সংস্কাৰ আনে।
ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্কক বিভিন্ন দার্শনিক
দৃষ্টিভংগীৰ পৰা বিশ্লেষণ কৰা হৈছে। কিছুমান চিন্তাবিদে সমাজক প্রধান্য দি
ব্যক্তিক সমাজৰ এক অংশ হিচাপে গণ্য কৰিছে,
আন কিছুমানে ব্যক্তিক প্রধান্য দি সমাজক ব্যক্তিৰ স্বাৰ্থ ৰক্ষাৰ এক মাধ্যম
বুলি ধাৰণা কৰিছে। যদিও এই দৃষ্টিভংগীবোৰ ভিন্ন, তথাপিও আধুনিক চিন্তাধাৰাত ব্যক্তি আৰু সমাজৰ মাজত ভাৰসাম্য
ৰক্ষাকেই গুৰুত্ব দিয়া হয়। ব্যক্তি অবিহনে সমাজ অসম্ভৱ আৰু সমাজ অবিহনে ব্যক্তি
অপূর্ণ।
আধুনিক গণতান্ত্রিক সমাজত ব্যক্তি আৰু সমাজৰ সম্পৰ্ক নতুন
ৰূপ লৈছে। গণতন্ত্রত ব্যক্তিৰ অধিকাৰ,
স্বাধীনতা আৰু মৰ্যাদাক স্বীকৃতি দিয়া হয়। সমাজৰ উদ্দেশ্য কেৱল ব্যক্তিক
নিয়ন্ত্ৰণ কৰা নহয়, বৰং
ব্যক্তিৰ পূৰ্ণ বিকাশ নিশ্চিত কৰা। এই পৰিৱেশত ব্যক্তি নিজৰ অধিকাৰ উপভোগ কৰাৰ
লগতে সামাজিক দায়িত্ব পালন কৰে। এই ভাৰসাম্যই ব্যক্তি আৰু সমাজৰ মাজত সুস্থ
সম্পর্ক স্থাপন কৰে।
ব্যক্তি আৰু সমাজৰ সম্পৰ্ক সময়ৰ সৈতে পৰিবৰ্তনশীল। সামাজিক, অর্থনৈতিক আৰু
ৰাজনৈতিক পৰিৱৰ্তনৰ লগে লগে এই সম্পৰ্কৰ স্বৰূপো সলনি হয়। আধুনিক যুগত
ব্যক্তিবাদৰ প্ৰভাৱ বৃদ্ধি পাইছে যদিও সমাজৰ গুৰুত্ব হ্রাস হোৱা নাই। বৰং সমাজে
ব্যক্তিগত স্বাধীনতা আৰু সামাজিক দায়িত্বৰ মাজত সমন্বয় স্থাপন কৰিবলৈ চেষ্টা
কৰিছে। এই প্রচেষ্টাই ব্যক্তি আৰু সমাজৰ সম্পৰ্কৰ্ক অধিক গতিশীল কৰি তুলিছে।
সাৰাংশত ক'ব পাৰি
যে ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্ক এক জীৱন্ত আৰু গতিশীল প্রক্রিয়া। সমাজে
ব্যক্তিক মানৱ ৰূপ দিয়ে আৰু ব্যক্তিয়ে সমাজক পৰিবৰ্তন আৰু উন্নয়নৰ পথত আগুৱাই
নিয়ে। এই দুয়োৰ মাজত সংঘাত থাকিলেও সেই সংঘাতেই সমাজক অধিক ন্যায়সংগত আৰু উন্নত
কৰি তোলে। ব্যক্তি আৰু সমাজ পৰস্পৰৰ পৰিপূৰক আৰু নিৰ্ভৰশীল। এই সম্পৰ্কৰ সুস্থ
সমন্বয়েই এক সুস্থ, উন্নত
আৰু সুশৃংখল সমাজ গঢ়ি তোলাৰ মূল আধাৰ।
উত্তৰ: সমাজ দৰ্শন আৰ সমাজ বিজ্ঞানৰ সম্বন্ধৰ আলোচনা প্ৰসংগত সমাজ দর্শন আৰু সমাজ বিজ্ঞান কি, সেই বিষয়ে প্রথমে উল্লেখ কৰা প্ৰয়োজন। সমাজ দৰ্শনৰ সংজ্ঞা সমাজবিজ্ঞানী গিছবার্টে (Gisbert) এনেদৰে দিছে, Social Philosophy is the meeting point of Sociology and philosophy." অর্থাৎ সমাজ দর্শন হ'ল সমাজ বিজ্ঞান আৰু দৰ্শনৰ মিলনস্থল। সমাজ দৰ্শন আৰু সমাজ বিজ্ঞানৰ মাজত অতি নিবিড় সম্পর্ক পৰিলক্ষিত হয়। হ'বহাউচ (Hobhouse)ৰ মতে অসংখ্য সমাজ অধ্যয়নৰ এক সংমিশ্রণেই হ'ল সমাজ বিজ্ঞান।
সাধাৰণতে সমাজৰ বিষয়ে শৃংখলাবদ্ধ আলোচনাক সমাজ বিজ্ঞান
বুলিব পাৰি। সমাজ বিজ্ঞানে সমাজৰ উৎপত্তি,
গঠন আৰু ক্রমবিকাশ,
ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, মানুহৰ চিন্তা
আৰু ভাষা, ধর্ম
আৰু শিক্ষা, বিভিন্ন
সামাজিক ক্রিয়াকলাপ, বিভিন্ন
সামাজিক অনুষ্ঠানৰ স্বৰূপ,
ক্রমবিকাশ, বিভিন্ন
অনুষ্ঠান-প্রতিষ্ঠানৰ বাস্তৱ অৱস্থাৰ বিশ্লেষণ আৰু বস্তুনিষ্ঠ আলোচনা আদি বিশদভাৱে
কৰা দেখা যায়। সমাজ বিজ্ঞানে মানুহৰ সামাজিক জীৱন আৰু পাৰস্পৰিক সম্পৰ্ক, ক্রিয়া আদি
আলোচনা কৰে। হ'বহাউচ
(Hobhouse) ৰ মতে
সমাজ জীৱনক এটা ঐক্যৰ আলোকত ব্যাখ্যা কৰাই সমাজ বিজ্ঞানৰ উদ্দেশ্য।
গতিকে সমাজ বিজ্ঞানৰ প্ৰধান কাম হ'ল
ৰাষ্ট্ৰবিজ্ঞান, অর্থনীতি, নীতিবিজ্ঞান
প্রভৃতি বিভিন্ন সামাজিক বিজ্ঞানৰ পৰা নানা তথ্য আহৰণ কৰি প্ৰয়োজন অনুসৰি সেই
সিদ্ধান্তবোৰৰ ভিতৰত সমন্বয় সাধন কৰি সমগ্র মানব সমাজৰ বাস্তৱ অৱস্থা সম্বন্ধে
জ্ঞান প্রদান কৰা।
আনহাতে, সমাজ দর্শন হ'ল সমাজৰ বিষয়ে দার্শনিক আলোচনা। সেয়েহে সমাজ দৰ্শনৰ প্রধান কার্য হ'ল যিবিলাক মূল তত্ত্ব বা নীতি সমাজ জীৱনৰ ভিতৰত অন্তর্নিহিত হৈ আছে আৰু যিবিলাক মৌলিক আদর্শই সামাজিক বিকাশ আৰু বিৱৰ্তনক পৰিচালিত কৰিছে সেইবিলাক মূলনীতিৰ স্বৰূপ অনুসন্ধান কৰা আৰু সেই পৰম আদৰ্শসমূহৰ মানদণ্ডত সমাজৰ সকলো ঘটনা, আচৰণ, ৰীতি-নীতি আৰু বিভিন্ন প্ৰতিষ্ঠানৰ চৰম মূল্য আৰু উদ্দেশ্য নির্ধাৰণ কৰা।
সমাজ দৰ্শন আৰু সমাজ বিজ্ঞানৰ মাজত এক ঘনিষ্ঠ সম্পর্ক
পৰিলক্ষিত হয়। কিয়নো এটা আনটোৰ পৰিপূৰক। সমাজ বিজ্ঞান সমাজ দৰ্শনৰ ভিত্তি। মানৱ
আচৰণৰ মূল তত্ত্ব, জীৱনৰ
চৰম লক্ষ্য আৰু সৃষ্টিৰ উদ্দেশ্য সম্বন্ধে চিন্তা কৰিবলৈ গৈ সমাজৰ বিষয়বস্তু, উৎপত্তি, গঠন আৰু
ক্ৰমবিকাশৰ ধাৰাৰ লগত পৰিচিত হ'বলগীয়া
হয়। সমাজ বিজ্ঞানে আৱিস্কাৰ কৰা সামাজিক তথ্য আৰু সিদ্ধান্তৰ বাস্তৱ অৱস্থাৰ ওপৰত
নিৰ্ভৰ কৰি সমাজ দর্শনে সমাজ জীৱনৰ মূলনীতি আৰু চৰম মূল্য নির্ধাৰণ কৰে। সমাজ
বিজ্ঞানৰ য'ত
সমাপ্তি তাৰ পৰাই সমাজ দৰ্শনৰ যাত্ৰা আৰম্ভ হয়। কাৰণ তথ্যক অৱলম্বন কৰিহে তত্ত্ব
বা আদৰ্শৰ অনুসন্ধান কৰা হয়। আনহাতে,
সমাজ বিজ্ঞানো সমাজ দৰ্শনৰ ওপৰত নিৰ্ভৰশীল। সমাজ বিজ্ঞানে সমাজ জীৱন সম্বন্ধে
গ্রহণ কৰা তথ্য তথা সিদ্ধান্তবোৰৰ সমাজ দৰ্শনে মূল্যাংকন কৰে আৰু নীতি বা আদৰ্শৰ
অন্তৰ্গত কৰি সেইবোৰক ঐক্যবদ্ধ আৰু সুসংহত কৰিবলৈ চেষ্টা কৰে। সমাজ বিজ্ঞানে মানুহ, সমাজ, ন্যায় আদি
কিছুমান মৌলিক ধাৰণা স্বীকার্য সত্য হিচাপে গ্রহণ কৰি বিষয়বস্তুৰ আলোচনা কৰে, কিন্তু এই
ধাৰণাবোৰৰ বৈধত্য বা যথার্থতা পৰীক্ষা কৰিব নোৱাৰে। একমাত্র সমাজ দর্শনে সমাজ
বিজ্ঞানৰ এনে স্বীকার্য ধাৰণাবোৰৰ বৈধতা পৰীক্ষা কৰে আৰু মূল্য বিচাৰ কৰি যথাৰ্থতা
নিৰ্ণয় কৰে। এই ক্ষেত্রত সমাজ বিজ্ঞানেও সমাজ দৰ্শনৰ সহায় ল'বলগীয়া হয়।
সমাজ দৰ্শন আৰু সমাজ বিজ্ঞান এটা আনটোৰ লগত ওতঃপ্রোতভাবে
জড়িত যদিও দুয়োটাৰে মাজত উল্লেখযোগ্য পার্থক্যও আছে- (ক) সমাজ বিজ্ঞানে বিভিন্ন
ঘটনাৰ পৰ্য্যবেক্ষণৰ ভিত্তিত সমাজ সম্বন্ধে সামান্য জ্ঞানত উপনীত হয়।
অভিজ্ঞতাসিদ্ধ (Empirical)
অৱলম্বন কৰি সামাজিক ঘটনাৰ পৰ্য্যবেক্ষণ আৰু বিশ্লেষণ কৰে। আনহাতে, সমাজ দর্শনে
যুক্তিসিদ্ধ অভিনতি (Speculative
bias) ৰ সহায়ত সমাজ বিজ্ঞানৰ মূল সিদ্ধান্তবোৰৰ দার্শনিক মূল্য
নির্ণয় কৰে।
(গ) সমাজ বিজ্ঞান তত্ত্বমূলক আৰু বিষয়নিষ্ঠ। সমাজৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ বাহিৰে ইয়াৰ ব্যৱহাৰিক উপযোগিতা নাই। কিন্তু সমাজ দৰ্শনৰ ব্যৱহাৰিক দিশটো উল্লেখযোগ্য। বিভিন্ন সামাজিক প্রতিষ্ঠানৰ প্ৰগতি, সংস্কাৰ আদি সমাজ দার্শনিকৰ নিৰ্ধাৰিত আদর্শ অনুযায়ী হোৱা সম্ভব।
গতিকে দেখা গ'ল যে সমাজ দর্শন আৰু সমাজ বিজ্ঞানৰ মাজত বিভিন্ন পার্থক্য বিদ্যমান যদিও দুয়োটা বিষয়ে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। কাৰণ উভয়ৰে আলোচনাৰ বিষয় হ'ল সমাজ জীৱন। সমাজ জীৱনৰ বিভিন্ন বিভাগৰ অন্তৰালত কি উদ্দেশ্য বিৰাজ কৰিছে আৰু কি আদর্শ অনুযায়ী সেইবোৰ পৰিচালিত হৈছে সেইটো যদি সমাজ বিজ্ঞানীৰ জনা থাকে তেন্তে সমাজ জীৱন সম্বন্ধে তেওঁৰ অনুসন্ধান আৰু ব্যাখ্যা নির্ভুল হ'ব। গতিকে সমাজ বিজ্ঞানীয়ে সামাজিক আদৰ্শৰ স্বৰূপ আৰু জনকল্যাণৰ আদৰ্শ কি তাক জনা উচিত। আনহাতে সমাজ দার্শনিকে যেতিয়া সামাজিক আদর্শ, জনকল্যানৰ আদৰ্শৰ স্বৰূপ নির্ধাৰণ কৰে, তেতিয়া সমাজ বিজ্ঞানীয়ে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি তাক নির্ধাৰণ কৰিবলগীয়া হয়। গতিকে সমাজ বিজ্ঞানীয়ে যেনেকৈ আদর্শ সম্বন্ধে, অৱগত হ'ব লাগে, সমাজ দার্শনিকেও সামাজিক তথ্য সম্পর্কে সচেতন হ'ব লাগে। সেয়েহে ক'ব পাৰি যে সমাজ বিজ্ঞান আৰু সমাজ দৰ্শনৰ আলোচনা পৃথক পৃথকভাবে কৰা সম্ভৱ নহয়, যিহেতু এটা আনটোৰ পৰিপূৰক।