গোটঃ ১
সংঘাত আৰু ইয়াৰ ধাৰণাসমূহ
১। "মানুহৰ মাজত থকা স্বাৰ্থৰ ভিন্ন ধাৰণাই হৈছে সংঘাত।"- কথাষাৰ কোনে কৈছিল?
উত্তৰঃ এল থম্পছন।
২। ADR ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: Alternative Dispute Resolution.
৩। সংঘাত বোধগম্যতা কিয় গুৰুত্বপূৰ্ণ?
উত্তৰঃ কাৰণ সংঘাত বুজিলেহে সঠিক সমাধান সম্ভৱ হয়।
৪। সংঘাত সকলো সময়তে নেতিবাচক নে?
উত্তৰঃ নহয়, কিছু সংঘাত সমাজৰ উন্নতিৰ কাৰণো হ'ব পাৰে।
৫। "শান্তিৰ বিৰোধেই হৈছে সংঘাত।" - কথাষাৰ কোনে কৈছিল?
উত্তৰঃ এল এছ কান।
৬। SIPRI ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: Stockhom International Peace Research Institute.
৭। 'International Peace Research Institute'ক আন কি নামেৰে জনা যায়?
উত্তৰ: PRIO.
৮। সংঘাত কেতিয়া সৃষ্টি হয়?
উত্তৰ: যেতিয়া মানুহে নিজৰ স্বাৰ্থ আনজনৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে।
৯। কোনজন চিন্তাবিদে স্বতন্ত্ৰতাৰ মুখ্য আৰু স্বাধীনচেতিয়া মতামত প্ৰকাশৰ ওপৰত জোৰ দিছিল?
উত্তৰঃ জে এছ মিল।
১০। IPRI ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: International Peace Research Institute.
চমু প্রশ্নোত্তৰ
১। সংঘাতৰ সংজ্ঞা দিয়া।
উত্তৰঃ সংঘাতৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে প্ৰদান কৰা দেখা যায়।
(১) মেৰিয়াম ওৱেবষ্টৰ ডিকশ্যনৰী মতে, “সংঘাত হৈছে অন্যতকৈ পৃথক, বিৰোধী আৰু মতান্তৰৰ নামান্তৰ।"
(২) এল থম্পছনৰ মতে, “মানুহৰ মাজত থকা স্বাৰ্থৰ ভিন্ন ধাৰণাই হৈছে সংঘাত।"
(৩) ক্ৰিটনাৰ আৰু কিনিক্কি'ৰ মতে, "সংঘাত হৈছে এনে এক প্রক্রিয়া য'ত এটা পক্ষই অন্য পক্ষৰ দ্বাৰা নিজৰ স্বাৰ্থক বিৰোধিতা বা হানি কৰাক বুজায়।"
(৪) জি. টি ফার্লঙ'ৰ মতে, "কোনো সীমা লংঘন আৰু ইয়াৰ নীতি-নিয়মক প্রত্যাহ্বান জনোৱা তথা ভীতি প্রদর্শন কৰাকে সংঘাত বুলি কোৱা হয়।"
(৫) এল. এছ কানৰ মতে, "শক্তিৰ বিৰোধেই হৈছে সংঘাত।”
(৬) এল কোছাৰৰ মতে, "দুই বা ততোধিক পক্ষৰ মাজত মূল্যবোধ বা মৰ্যাদা আৰু ক্ষমতা আহৰণৰ প্ৰতিযোগিতা অথবা সম্পদৰ নাটনিয়ে সংঘাত সৃষ্টি কৰে।'
বিভিন্ন কাৰণত সংঘাত সৃষ্টি হ'ব পাৰে। তদুপৰি সংঘাত সৰু বা বৃহৎ স্বাৰ্থৰ বাবেও সৃষ্টি হয়। কিছুমান সংঘাত শান্তিপূর্ণভাৱে সমাধান হোৱাৰ বিপৰীতে আন কিছুমান আকৌ হিংসাত্মক ঘটনাৰে যুদ্ধৰ ৰূপ ধাৰণ কৰা দেখা যায়। সেয়েহে সংঘাতক এক বহুমুখী প্ৰকৃতিৰ ধাৰণা বুলি আখ্যা দিয়া হৈছে।
২। সংঘাতৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ সংঘাতৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে।
(ক) সংঘাত এক প্রক্রিয়া: ই একে দিনত উদ্ভৱ নহয়, সময়ৰ লগে লগে বিকাশ হয়।
(খ) সংঘাত অনিবার্য: সমাজ বা ৰাজনীতিত ইয়াক সম্পূর্ণৰূপে আঁতৰ কৰা সম্ভৱ নহয়।
(গ) সংঘাত স্বার্থকেন্দ্রিক: প্রতিজন ব্যক্তি বা ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে সংঘাত জন্মায়।
(ঘ) সংঘাত সদায় নেতিবাচক নহয়ঃ সৃজনশীল সংঘাতে চিন্তন, পৰিৱৰ্তন আৰু উন্নয়ন আনে।
(ঙ) সংঘাতে সহযোগিতাৰ পথো মুকলি কৰেঃ একে লক্ষ্যৰ স্বীকৃতিৰ জৰিয়তে দলসমূহৰ মাজত পৰৱৰ্তী বুজাবুজি স্থাপন হয়।
ইয়াৰ ফলত দেখা যায়, সংঘাত মানে হিংসা নহয়; বৰং ই মানুহৰ সামাজিক বিকাশৰ অংশ।
৩। আভ্যন্তৰীণ আৰু বাহ্যিক সংঘাত কি?
উত্তৰঃ আভ্যন্তৰীণ সংঘাত হ'ল যেতিয়া এটা চৰিত্ৰই তেওঁৰ নিজা বৈপৰীত আশা আৰু বিশ্বাসৰ সৈতে সংগ্ৰাম কৰে। চৰিত্ৰসমূহৰ ভিতৰত এইটো ঘটে আৰু এইটোৱে একোটা চৰিত্ৰ হিচাপে তেওঁলোকৰ বিকাশ ঘটায়।
বাহ্যিক সংঘাতে এটা চৰিত্ৰক কিছুমান বিষয় বা তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা কোনো এজনৰ বিপক্ষে সাজু কৰে। বাহ্যিক শক্তিসমূহে চৰিত্ৰ এটাৰ মানসিক অভিপ্ৰায়ৰ পথত ঠিয় হয় আৰু চৰিত্ৰই তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা চেষ্টাত উদ্বেগ বা মানসিক চাপৰ সৃষ্টি কৰে।
৪। সামাজিক সংঘাত কি?
উত্তৰঃ সামাজিক সংঘাত হ'ল এনে কিছুমান সমস্যা, যি সামাজিক বিন্যাস, শ্রেণী বৈষম্য, সাম্প্রদায়িক আৰ গোষ্ঠীগত বিভাজনৰ বাট মুকলি কৰে। ড্রাইডেনৰ মতে, "সামাজিক সমস্যা বুলিলে এনে এক পৰিস্থিতিক বুজা যায়, যিয়ে হেচা প্রয়োগ কৰা, উত্তেজনা বৃদ্ধি কৰা, দ্বন্দ্ব আৰু হাতাশা সৃষ্টি কৰি মানুহৰ চাহিদা পূৰণত প্রতিবন্ধকতা সৃষ্টি কৰে।" সামাজিক সংঘাত হৈছে মানৱ সমাজৰ এক অভিশাপ স্বৰূপ। এনে সংঘাতে মানুহক বৰ্বৰ, অমানৱিক আৰু অনৈতিক কার্যকলাপত লিপ্ত হ'বলৈ ইন্ধন যোগায়।
৫। সংঘাতৰ ৰূপসমূহ কি কি?
উত্তৰঃ সংঘাতৰ বহুবিধ ৰূপ দেখা যায়-
(ক) বিতর্কমূলক সংঘাত: যেতিয়া দুজনৰ ধাৰণা, মত বা সিদ্ধান্ত অসঙ্গত হয়।
(খ) ধাৰণাগত সংঘাত: কোনো বিষয়ৰ বিষয়ে মানুহৰ ভিতৰত নিজা চিন্তাৰ দ্বন্দ্ব সৃষ্টি হয়।
(গ) স্বার্থমূলক সংঘাতঃ ব্যক্তি বা গোটৰ লক্ষ্য একে সম্পদৰ ওপৰত নিৰ্ভৰ কৰিলে সংঘাত হয়।
(ঘ) উন্নয়নমূলক সংঘাত: বিশেষকৈ শিশু আৰু প্ৰাপ্তবয়স্কৰ মাজত স্থিৰতা আৰু পৰিৱৰ্তনৰ দ্বন্দ্বত সৃষ্টি হোৱা সংঘাত।
(ঙ) আভ্যন্তৰীণ সংঘাত: নিজৰ ভিতৰত থকা দ্বন্দ্ব বা মানসিক সংঘাত।
(চ) বাহ্যিক সংঘাত: কোনো চৰিত্ৰৰ বহিৰাগত শক্তিৰ সৈতে সংঘাত।
এইবোৰে প্ৰতিপন্ন কৰে যে সংঘাত মানৱ জীৱনৰ প্ৰাকৃতিক অভিজ্ঞতা।
৬। সংঘাত সমাধানৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ সংঘাত সমাধানৰ প্ৰয়োজনীয়তা-
(ক) সমাজত শান্তি আৰু স্থিৰতা ৰক্ষা কৰা।
(খ) হিংসাত্মক পৰিস্থিতি নির্বাপণ কৰা।
(গ) সম্পর্ক আৰু সহযোগিতা পুনৰ স্থাপন কৰা।
(ঘ) ৰাজনৈতিক বা সামাজিক বিকাশৰ ক্ষেত্রত স্থায়িত্ব আনিবলৈ।
(ঙ) সম্পদৰ সঠিক বিতৰণ নিশ্চিত কৰা।
অর্থাৎ সংঘাত সমাধান হৈছে এক নৈতিক আৰু প্ৰয়োগমূলক প্ৰক্ৰিয়া, যাৰ দ্বাৰা স্থায়ী শান্তি আৰু বিকাশৰ পথ প্ৰসাৰিত হয়।
৭। সংঘাত ব্যৱস্থাপনা (Conflict Management) বুলিলে কি বুজা? ইয়াৰ প্রয়োজনীয়তা কি?
উত্তৰঃ সংঘাত ব্যৱস্থাপনা মানে হৈছে সংঘাত সম্পূর্ণৰূপে শেষ নহয়, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰি সমাজত স্থিৰতা বজাই ৰখা। সকলো সংঘাত শেষ কৰা সম্ভৱ নহয়, কেতিয়াবা সংঘাত সমাজৰ স্বাভাৱিক অংশ। সেইবাবে সংঘাত ব্যবস্থাপনা সমাজ, সংগঠন বা ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱহৃত হয়। ইয়াৰ উদ্দেশ্য হ'ল- সংঘাতৰ ক্ষতি কমোৱা, বুজাবুজি উন্নত কৰা, আৰু সহযোগিতাৰ পথ খোলা ৰাখা। সংঘাত ব্যৱস্থাপনা পদ্ধতিত নেতৃবৃন্দ, সমাজকর্মী বা মধ্যস্থতাকাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, ৰাজনৈতিক দলৰ মাজত মতভেদ হ'লে সংগঠিত আলোচনাৰ জৰিয়তে সমঝোতা আনাটো সংঘাত ব্যৱস্থাপনা। ইয়াৰ ফলত সমাজত স্থিৰতা, ন্যায় আৰু শান্তিৰ সংহতি হয়।
৮। সংঘাত আৰু শান্তিৰ মাজত কি সম্পর্ক আছে? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ সংঘাত আৰু শান্তি একে মুদ্রাৰ দুটা পিঠি। সংঘাত নাই মানে স্থবিৰতা, আৰু অতিৰিক্ত সংঘাত মানে ধ্বংস। সংঘাত সমাজৰ পৰিৱৰ্তন আৰু নৱ সৃষ্টিৰ প্ৰেৰণা হ'ব পাৰে, যদি ইয়াক সঠিকভাৱে ব্যৱস্থাপনা কৰা যায়। শান্তি মানে সংঘাতৰ সম্পূৰ্ণ অনুপস্থিতি নহয়, বৰং সংঘাতৰ ন্যায়ভিত্তিক সমাধান। উদাহৰণস্বৰূপে, ভাৰতৰ স্বাধীনতা আন্দোলন এটা সংঘাত আছিল, কিন্তু ইয়াৰ ফলত স্বাধীনতা তথা স্থায়ী শান্তি আহে। গতিকে সংঘাতক ভয় নকৰাকৈ, ইয়াৰ পৰা শিকি শান্তি স্থাপনৰ দিশত আগবঢ়াটো সমাজৰ প্ৰগতিৰ চাবিকাঠি।
৯। সংঘাত নিৰসন মানে কি?
উত্তৰঃ সংঘাত নিৰসনৰ অৰ্থ হৈছে হিংসাত্মক পন্থাৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ মাধ্যম আৰু পদ্ধতি অৱলম্বন কৰি শান্তি আৰু সৌহার্দপূৰ্ণ পৰিৱেশ ৰচনা কৰা। সংঘাত নিৰসন বা সমাধান মানে হৈছে শান্তিপূর্ণ পদ্ধতিত সংঘাত বা বিবাদৰ নিষ্পত্তি। ই এক বৈজ্ঞানিক প্রক্রিয়া, য'ত যুক্তি, আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান বিচাৰ হয়। সেয়েহে কোৱা হয় যে দুই বা ততোধিক ৰাষ্ট্ৰই অনানুষ্ঠানিক বা আনুষ্ঠানিক পদ্ধতিৰে তেওঁলোকৰ মাজত উদ্ভৱ হোৱা বিৰোধ বা সংঘাতৰ শান্তিপূর্ণ সমাধান কৰা প্ৰয়াসক সংঘাত নিৰসন বুলি কোৱা হয়।
১০। সংঘাত বুলিলে কি বুজা যায়?
উত্তৰঃ সংঘাত বুলিলে সাধাৰণ অৰ্থত দুই বা ততোধিক পক্ষৰ মাজত স্বাৰ্থৰ বিৰোধ বা মতানৈক্য বুজায়। যেতিয়া কোনো ৰাষ্ট্ৰ, সমাজ, প্রতিষ্ঠান বা ব্যক্তিৰ মাজত লক্ষ্য, অবিচ্ছেদ্য অঙ্গ। ই মানুহৰ জীৱনৰ প্ৰতিটো ক্ষেত্রতে কোনো নহয় কোনো আকাৰত মূল্যবোধ, বা স্বাৰ্থৰ অসঙ্গতি হয়, তেতিয়াই সংঘাতৰ সৃষ্টি হয়। সংঘাত সমাজজীৱনৰ দেখা যায়।
সংঘাত মানে সদায় হিংসা নহয়। বহু সময়ত সংঘাত শান্তিপর্ণ ৰূপত বিদ্যমান থাকে, যেনে- বিতর্ক বা ধাৰণাগত মতবিৰোেধ। তথাপি, সংঘাতৰ তীব্রতা বৃদ্ধি পালে ই হিংসাত্মক ৰূপ ল'ব পাৰে। উদাহৰণস্বৰূপে ভাৰত-পাকিস্তান সংঘাত, যি প্রথমে ৰাজনৈতিক মতভেদ হিচাপে আৰম্ভ হৈছিল, পাছত যুদ্ধলৈ পৰিণত হয়।
সংঘাতৰ প্ৰকৃতি বহুমাত্রিক। কেতিয়াবা ই আন্তঃব্যক্তিগত হয়, কেতিয়াবা সামাজিক, সাংগঠনিক বা আন্তঃৰাষ্ট্ৰীয় ৰূপতো দেখা যায়। এই সংঘাতে কেতিয়াবা সমাজৰ বিকাশ আৰু পৰিৱৰ্তনৰ পথ প্ৰসাৰিত কৰে, আকৌ কেতিয়াবা হিংসা আৰু ধ্বংসৰ কাৰণ হয়।
সেয়েহে সংঘাত হৈছে এক স্বাভাৱিক ৰাজনৈতিক প্ৰক্ৰিয়া, যি সমাজৰ বিকাশৰ লগে লগে আগবাঢ়ি যায়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। সংঘাতৰ অৰ্থ, সংজ্ঞা আৰু সংঘাতৰ প্ৰধান ধৰণসমূহ আলোচনা কৰা।
উত্তৰঃ "সংঘাত” শব্দটোৰ অৰ্থ হৈছে মতভেদ, প্রতিদ্বন্দ্বিতা বা বৈৰিতা। কোনো দুজন ব্যক্তি, সমাজ, দল, সংস্থা বা ৰাষ্ট্ৰৰ মাজত যেতিয়া লক্ষ্য, স্বার্থ, মূল্যবোধ বা বিশ্বাসৰ ওপৰত একে সময়তে মিল নোহোৱাকৈ মতবিৰোধ বা প্রতিযোগিতাৰ সৃষ্টি হয়, তেতিয়াই সংঘাতৰ জন্ম হয়। সংঘাত মানৱ সমাজৰ এক প্রাকৃতিক আৰু অৱশ্যম্ভাবী অংশ।
সমাজত মানুহে নিজৰ ব্যক্তিগত স্বার্থ, গৌৰৱ বা বিশ্বাসৰক্ষাৰ বাবে সদায়েই কোনো নহয় কোনো সংঘাতৰ সন্মুখীন হয়। এনে সংঘাতৰ ফলত সমাজত কিছু নেতিবাচক প্ৰভাৱ পৰিলেও, সংঘাতেই একেদৰে সমাজক পৰিৱৰ্তন আৰু বিকাশৰ পথত আগবঢ়াবলৈ সহায় কৰে। সংঘাতৰ দ্বাৰাই মানুহে নিজৰ সীমাবদ্ধতা চিনে, পৰিস্থিতি পৰিবৰ্তন কৰিবলৈ আগবাঢ়ে, আৰু নতুন চিন্তাধাৰাৰ বিকাশ কৰে।
সংঘাতক সাধাৰণতে দুয়োটা দিশৰ সৈতে সম্পর্কিত ধৰা হয় -এটা হৈছে ধ্বংসাত্মক দিশ, আৰু আনটো হৈছে গঠনমূলক দিশ। ধ্বংসাত্মক সংঘাতৰ ফলত সমাজত হিংসা, বিভেদ, আৰু বৈৰিতা বৃদ্ধি পায়, যাৰ পৰা সামাজিক অশান্তি আৰু অনৈক্যৰ জন্ম হয়। কিন্তু যদি সংঘাতক যুক্তিসংগত আৰু শান্তিপূর্ণভাবে ব্যৱস্থাপনা কৰা যায়, তেতিয়া এই সংঘাতেই হ'ব পাৰে সমাজিক পৰিৱৰ্তন, ন্যায় আৰু সমানাধিকাৰৰ উৎস।
এই প্রেক্ষাপটত সংঘাতক কেইবাটাও ভাগত বিভক্ত কৰা যায়-
(ক) আন্তঃব্যক্তি সংঘাত (Interpersonal Conflict): আন্তঃব্যক্তি সংঘাত হৈছে কোনো দুজন বা তাতকৈ অধিক ব্যক্তিৰ মাজত সংঘটিত মতভেদ বা বিবাদ। প্রতিজন মানুহে নিজৰ ব্যক্তিগত চিন্তাধাৰা, মূল্যবোধ, জীৱনদৃষ্টি, লক্ষ্য আৰু প্ৰয়োজন অনুসৰি জীৱন চলায়। যেতিয়া এই লক্ষ্যসমূহ অন্যজনৰ স্বাৰ্থৰ সৈতে সংঘৰ্ষিত হয়, তেতিয়াই আন্তঃব্যক্তি সংঘাতৰ জন্ম হয়।
উদাহৰণস্বৰূপে-কৰ্মক্ষেত্ৰত দুজন সহকর্মীৰ মাজত পদোন্নতিৰ বাবে প্রতিযোগিতা, পৰিয়ালত ভাই-ভনীয়েকৰ মাজত সম্পত্তি বিতৰণৰ বিতৰ্ক, বা বন্ধুসকলৰ মাজত মতভেদ -এই সকলো ঘটনাই আন্তঃব্যক্তি সংঘাতৰ উদাহৰণ। এনে সংঘাত জীৱনৰ এক স্বাভাৱিক অংশ। সংঘাতক পৰিহাৰ নকৰি, ইমানেই কৰা উচিত যে ব্যক্তিয়ে যুক্তিৰে এই মতভেদৰ সমাধান কৰিব পাৰে। যোগাযোগ, সহানুভূতি আৰু পৰস্পৰ বুজাপৰা হ'ল আন্তঃব্যক্তি সংঘাত হ্রাস কৰাৰ সৰ্বোত্তম উপায়।
(খ) সামাজিক সংঘাত (Social Conflict): মানুহ সমাজপ্রিয় জীৱ। সমাজত মানুহে বিভিন্ন ধর্ম, ভাষা, জাতি, গোষ্ঠী, বর্ণ বা সংস্কৃতিৰ অন্তৰ্গত হৈ বাস কৰে। এই ভিন্নতাই মানুহৰ মাজত এক বৈচিত্র্যৰ সৃষ্টি কৰে, কিন্তু একেদৰে সময়ত এই বৈচিত্র্যই সংঘাতৰ উৎস হ'ব পাৰে।
যেতিয়া কোনো সমাজত ধনী-দৰিদ্ৰৰ বৈষম্য, ধর্মীয় অসহিষ্ণুতা, জাতিগত পক্ষপাত, ভাষাগত প্রাধান্য, বা সাংস্কৃতিক আধিপত্য দেখা যায়, তেতিয়াই সামাজিক সংঘাতৰ সৃষ্টি হয়। সমাজত ন্যায়, সমতা আৰু সন্মানৰ অভাৱ হ'লেই সামাজিক সংঘাত তীব্র ৰূপ ধাৰে।
উদাহৰণস্বৰূপে - অসমত ভাষা-সংস্কৃতিৰ ওপৰত হোৱা আন্দোলন, বৰ্ণভেদৰ ফলত ভাৰতীয় সমাজত হোৱা সংঘাত, বা ধর্মীয় বিভেদৰ ফলত সংঘটিত সংঘাত-এই সকলো ঘটনাই সামাজিক সংঘাতৰ প্ৰমাণ।
সামাজিক সংঘাতৰ সমাধানৰ বাবে চৰকাৰী আৰু সমাজিক দুয়ো দিশৰে সমতা, সংলাপ, শিক্ষা আৰু ধৈৰ্যৰ পথ বাছি লোৱা প্রয়োজন।
(গ) অনুষ্ঠান-প্ৰতিষ্ঠানৰ আন্তঃসংঘাত (Inter-Institutional Conflict): বিশ্বৰ সকলো সমাজত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান (Institution) আছে- যেনে শিক্ষা প্রতিষ্ঠান, অর্থনৈতিক সংস্থা, ৰাজনৈতিক দল, স্বাস্থ্য সংস্থা, বা বাণিজ্যিক প্রতিষ্ঠান। এই প্রতিষ্ঠানবোৰে নিজ নিজ উদ্দেশ্য পূৰণৰ বাবে কাম কৰে।
কিন্তু বহু সময়ত এই প্রতিষ্ঠানবোৰৰ লক্ষ্য, নীতি বা প্ৰণালীৰ মাজত বৈপৰীত্য দেখা যায়। উদাহৰণস্বৰূপে বেচৰকাৰি প্ৰতিষ্ঠানৰ সৈতে চৰকাৰী সংস্থাৰ নীতিৰ বিৰোধ, শিক্ষাপ্রতিষ্ঠানৰ মাজত প্রতিযোগিতা, বা দুটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মাজত ব্যৱসায়িক প্রতিদ্বন্দ্বিতা - এইবোৰেই অনুষ্ঠান-প্ৰতিষ্ঠানৰ আন্তঃসংঘাত।
এই ধৰণৰ সংঘাত বিশেষকৈ আর্থিক স্বার্থ, বাণিজ্যিক প্রাধান্য, বা সামাজিক প্ৰভাৱৰ বাবে দেখা যায়। সচেতন নেতৃত্ব, ন্যায়সংগত প্রতিযোগিতা আৰু পৰস্পৰ সহযোগিতাই এনে সংঘাত হ্রাস কৰিব পাৰে।
(ঘ) দলীয় সংঘাত (Party Conflict): গণতান্ত্রিক দেশত ৰাজনৈতিক দলবোৰ হৈছে গণশক্তিৰ প্ৰতিনিধি। দলবোৰে নিজৰ আদর্শ, নীতি আৰু উদ্দেশ্য অনুসৰি দেশ-সমাজৰ বিকাশৰ বাবে কাম কৰে। কিন্তু একেদৰে প্ৰতিটো দলৰ মাজত স্বাৰ্থ আৰু ক্ষমতাৰ প্ৰতিদ্বন্দ্বিতা থাকে।
যেতিয়া কোনো দল নিজৰ লাভৰ বাবে অন্য দল বা নেতাক হেয় প্ৰচাৰ কৰে, বিভাজনমূলক ৰাজনীতিৰ আশ্রয় লয়, বা ক্ষমতা লাভৰ বাবে অসত্যৰ আশ্রয় লয়, তেতিয়াই দলীয় সংঘাতৰ জন্ম হয়।
বিশ্বৰ প্ৰায় সকলো গণতান্ত্রিক সমাজত দলীয় সংঘাত দেখা যায়। ভাৰতত বহু সময়ত চৰকাৰ আৰু প্ৰতিপক্ষৰ মাজত বা ৰাজ্যিক দল আৰু ৰাষ্ট্ৰীয় দলৰ মাজত সংঘাত তীব্র ৰূপ ধাৰণ কৰে। দলীয় সংঘাতৰ ফলত ৰাজনৈতিক স্থিতিশীলতা নষ্ট হয়, সমাজত বিভাজন বৃদ্ধি পায়, আৰু নীতি-নিৰ্মাণৰ প্ৰক্ৰিয়া প্ৰভাৱিত হয়।
(ঙ) আন্তঃৰাজ্যিক সংঘাত (Inter-State Conflict): যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত থকা বিভিন্ন ৰাজ্য বা প্ৰদেশৰ মাজত মাজে সময়ে নানান কাৰণত সংঘাত সৃষ্টি হয়। এই সংঘাতৰ মূল কাৰণ হ'ল- সীমা-বিবাদ, জল-বিতৰণ, ৰাজস্ব বা সম্পদ ভাগ-বতৰা, বা ৰাজনৈতিক প্ৰভাৱৰ প্ৰতিদ্বন্দ্বিতা।
ভাৰতত এনে আন্তঃৰাজ্যিক সংঘাতৰ বহু উদাহৰণ আছে-
(১) অসম-মিজোৰাম সংঘাত (২০২১): সীমা চিহ্নিতকৰণৰ সমস্যাৰ বাবে দুয়ো ৰাজ্যৰ মাজত হিংসাত্মক সংঘাত।
(২) অসম-মেঘালয় সংঘাত: সীমা-বিবাদৰ ফলত তুমুল সংঘর্ষ।
(৩) তামিলনাডু-কর্ণাটক সংঘাত: কাবেৰী নদীৰ জল-বণ্টনক লৈ দীর্ঘকালীন মতভেদ।
(৪) পঞ্জাৱ-হাৰিয়ানাৰ সংঘাত: চণ্ডীগড় চহৰৰ ওপৰত ৰাজনৈতিক নিয়ন্ত্ৰণৰ বিতর্ক।
এই সংঘাতবোৰৰ মূল কাৰণ হৈছে- অশুদ্ধ প্রশাসনিক সীমা, সম্পদৰ বৈষম্য আৰু ৰাজনৈতিক প্ৰচাৰবাজি। এনে সংঘাতৰ সমাধানৰ বাবে সংবিধানিক সংলাপ, ন্যায়ালয়ৰ মধ্যস্থতা আৰু ৰাজনৈতিক সদিচ্ছা অতি প্রয়োজনীয়।
(চ) আন্তঃৰাষ্ট্ৰীয় সংঘাত (International Conflict): বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মাজত স্বার্থ, ক্ষমতা, আৰু আদৰ্শৰ ভিন্নতা থাকে। এই ভিন্নতাৰ ফলত যেতিয়া দেশসমূহৰ মাজত মতভেদ বা যুদ্ধজনিত প্রতিদ্বন্দ্বিতা সৃষ্টি হয়, তেতিয়াই তাক আন্তঃৰাষ্ট্ৰীয় সংঘাত বোলা হয়।
আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ কাৰণবোৰ হৈছে- সীমা-বিবাদ, ৰাজনৈতিক মতবিৰোধ, অর্থনৈতিক আধিপত্য, ধর্মীয় ভিন্নতা, সামৰিক প্ৰভাৱ, বা সম্পদৰ ওপৰত নিয়ন্ত্রণ।
বিশ্বৰ কেইবাটাও প্রসিদ্ধ আন্তঃৰাষ্ট্ৰীয় সংঘাত হ'ল-
(১) ভাৰত-পাকিস্তান সংঘাত: কাশ্মীৰ সমস্যাক লৈ দীর্ঘকালীন মতভেদ।
(২) ভাৰত-চীন সংঘাত: সীমান্ত চিহ্নিতকৰণ আৰু সামৰিক প্ৰভাৱৰ বিবাদ।
(৩) চীন-আমেৰিকা সংঘাত: অর্থনৈতিক আৰু প্রযুক্তিগত আধিপত্যৰ প্ৰতিযোগিতা।
(৪) ইৰাণ-ইজৰাইল সংঘাত: ধর্মীয় আৰু ৰাজনৈতিক মতবিৰোধ।
(৫) ইউক্রেইন-ৰাছিয়া সংঘাত: ভূখণ্ডীয় প্রভাৱ আৰু ৰাজনৈতিক আধিপত্যৰ যুদ্ধ।
এনে সংঘাতবোৰে বিশ্বশান্তি বিপন্ন কৰে, অর্থনীতি ধ্বংস কৰে, আৰু কোটি কোটি মানুহক উদ্বাস্তু কৰি তোলে। কিন্তু একেদবে, আন্তর্জাতিক সংঘাতৰ প্ৰতি বৈজ্ঞানিক দৃষ্টিভংগী, সংলাপ, কূটনীতি আৰু জাতিসংঘৰ মধ্যস্থতা বিশ্বশান্তি ৰক্ষা কৰিবলৈ সহায় কৰে।
সংঘাত হৈছে মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংশ। ই একেধৰণে সমাজৰ বিকাশৰ পথ দেখুৱায়, আনেধৰণে ধ্বংসৰো কাৰণ হ'ব পাৰে। সংঘাতক সঠিক দিশে পৰিচালনা কৰিলে ই পৰিৱৰ্তন আৰু ন্যায়ৰ প্ৰেৰক হ'ব পাৰে। কিন্তু যদি হিংসা, ঘৃণা আৰু ক্ষমতাৰ লালসাই এই সংঘাতক নিয়ন্ত্ৰণ কৰে, তেতিয়াই ই সমাজ আৰু ৰাষ্ট্ৰ দুয়োকে ধ্বংসৰ দিশে লৈ যায়।
সেয়ে, সংঘাতৰ সমাধানৰ মূল চাবিকাঠি হ'ল সংলাপ, সহানুভূতি, ন্যায় আৰু শান্তিৰ সংস্কৃতি।
২। সংঘাত ব্যৱস্থাপনা (Conflict Management) বুলিলে কি বুজায়? সংঘাত ব্যৱস্থাপনৰ প্ৰয়োজনীয়তা আৰু প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উত্তৰ : সংঘাত ব্যৱস্থাপনা অর্থাৎ (Conflict Management) হৈছে সংঘাতক সম্পূর্ণ শেষ নকৰাকৈ ইয়াক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা। সকলো সংঘাত শেষ কৰা সদায় সম্ভৱ নহয়, কাৰণ কিছু সংঘাত মানৱ সমাজৰ স্বাভাৱিক অংশ। এইবাবে সংঘাত ব্যৱস্থাপনা সমাজ, সংগঠন আৰু ৰাজনীতিৰ পৰিসৰত এক গুৰুত্বপূর্ণ কৌশল।
সংঘাত ব্যৱস্থাপনাৰ উদ্দেশ্য হ'ল সংঘাতৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰি, ইয়াক গঠনমূলক দিশলৈ নিয়া হয়। ইয়াৰ প্ৰক্ৰিয়াত নেতৃবৃন্দ, মধ্যস্থতাকাৰী বা পৰামৰ্শকাৰী সকলে সক্রিয় ভূমিকা লয়। সংঘাত ব্যৱস্থাপনাৰ কৌশলবোৰৰ ভিতৰত আছে- যোগাযোগ বৃদ্ধি, ন্যায়সঙ্গত সিদ্ধান্ত, পৰস্পৰ সন্মান, আৰু বিশ্বাসৰ পুনৰ স্থাপন।
সংঘাত ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা এই কাৰণে যে ই সমাজত স্থিতিশীলতা বজাই ৰাখে। যেতিয়া সংঘাতক সঠিকভাৱে নিয়ন্ত্ৰণ কৰা হয়, তেতিয়া ই উন্নতিৰ পথত বাধা নহয়। উদাহৰণস্বৰূপে, কর্মস্থানত কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ মাজত মতভেদ থাকিলে, সংঘাত ব্যৱস্থাপনা পদ্ধতিয়ে উভয়কেইজনক একত্ৰ কৰি সমস্যাৰ সমাধান কৰে।
ইয়াৰ দ্বাৰা সমাজত বিভেদৰ পৰিৱৰ্তে সংলাপৰ সংস্কৃতি গঢ়ি উঠে। সেয়ে সংঘাত ব্যৱস্থাপনা হৈছে এক গঠনমূলক পদ্ধতি, যিয়ে শান্তি স্থাপনৰ পথ সুগম কৰে।
৩। সংঘাত ৰূপান্তৰ (Conflict Transformation) ৰ অৰ্থ কি? সংঘাত ৰূপান্তৰৰ সামাজিক আৰু নৈতিক গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰ: সংঘাত ৰূপান্তৰ অৰ্থাৎ (Conflict Transformation) হৈছে সংঘাতৰ গঠনমূলক কাৰণবোৰ পৰিবৰ্তন কৰি এক নতুন ন্যায়ভিত্তিক সমাজ গড়া। এই প্রক্রিয়া সংঘাতক শেষ নকৰে, কিন্তু ইয়াৰ উৎসত থকা বৈষম্য, অন্যায়, দমন বা শোষণৰ গঠনক সলনি কৰে।
সংঘাত ৰূপান্তৰৰ মূল উদ্দেশ্য হ'ল সমাজত ন্যায়, বিশ্বাস আৰু সহযোগিতাৰ ধাৰা সৃষ্টি কৰা। ইয়াত ব্যক্তি, গোট, প্রতিষ্ঠান আৰু ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰত ধাৰ্মিক, সাংস্কৃতিক, অর্থনৈতিক আৰু নৈতিক পৰিৱৰ্তন আনে।
এই প্রক্রিয়া ক্রমে শান্তি স্থাপনৰ সৈতে জড়িত। সংঘাত ৰূপান্তৰে কেৱল স্থায়ী শান্তি নহয়, বৰং নতুন জীৱন দিশ প্ৰদান কৰে। উদাহৰণস্বৰূপে, দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যৰ শেষত নেলচন মেন্ডেলাৰ নীতি আছিল সংঘাত ৰূপান্তৰ প্ৰতিশোধ নহয়, সমঝোতা আৰু ন্যায়।
সংঘাত ৰূপান্তৰৰ নৈতিক গুৰুত্ব হৈছে ই সমাজত ক্ষমা, সহানুভূতি আৰু মানবিক মূল্যবোধৰ প্ৰতিষ্ঠা কৰে। এই পদ্ধতিয়ে মানুহক হিংসাৰ পৰিৱৰ্তে আলোচনাৰ দিশত লৈ যায়। সংঘাত ৰূপান্তৰ সফল হ'লে সমাজত সঁচাকৈয়ে শান্তি, ন্যায় আৰু মানৱতাৰ জ্যোতি স্থাপন হয়।
৪। সংঘাত বোধ (Understanding Conflict)ৰ অৰ্থ কি? সংঘাত বোধৰ গুৰুত্ব বর্ণনা কৰা।
উত্তৰঃ সংঘাত বোধ মানে হৈছে সংঘাতৰ উৎস, প্রকৃতি, কাৰণ, আৰু ইয়াৰ সমাজত প্রভাৱ বুজা। সংঘাতক সঠিকভাবে বুজা মানে কেৱল দুজনৰ মাজত তর্ক বা বিবাদ চিনাক্ত কৰা নহয়, বৰং সংঘাতৰ গভীৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক শিকঞ্জ চাব পাৰা। যেতিয়া কোনো সংঘাত দেখা যায়, সেয়া একে সময়তে আচৰণমূলক আৰু গঠনমূলক দুয়ো হ'ব পাৰে। সংঘাত বোধৰ দ্বাৰা ব্যক্তি বা সমাজে ই দুয়ো দিশ বুজি সঠিক দিশত আগবাঢ়িব পাৰে।
সংঘাত বোধৰ প্ৰধান গুৰুত্ব হ'ল ই সমস্যাৰ মূল চাবি আগবঢ়ায়। সংঘাতক কেরল উপৰিপৃষ্ঠত বুজিলেহে স্থায়ী সমাধান সম্ভৱ নহয়। উদাহৰণস্বৰূপে, যদি কোনো ৰাজনৈতিক সংঘাতৰ মূলত অর্থনৈতিক বৈষম্য আছে, তেতিয়া কেৱল আলোচনা বা সমঝোতাই যথেষ্ট নহয়; ন্যায়ভিত্তিক অর্থনৈতিক সংস্কাৰ প্ৰয়োজন। সংঘাত বোধ ব্যক্তি, সংগঠন আৰু সমাজৰ বাবে এক মৌলিক দক্ষতা।
সংঘাত বোধে মানুহক সহিষ্ণু, ধৈর্যশীল আৰু যুক্তিসঙ্গত কৰে। ইসহানুভূতি, সহযোগিতা আৰু সংলাপৰ দিশত আগবাঢ়ায়। সমাজত সংঘাত বুজা মানে সমাজৰ ৰোগ চিনাক্ত কৰা; আৰু সংঘাত বুজিলেহে চিকিৎসা অর্থাৎ সমাধান সম্ভব হয়। এইবাবে সংঘাত বোধ আধুনিক সমাজ-বিজ্ঞান, ৰাজনীতি, তথা শান্তি অধ্যয়নৰ মূলভিত্তি বুলি গণ্য।
৫। শান্তি বুলিলে কি বুজা? আমি শান্তি প্রতিষ্ঠা কৰাটো কিয় বিচাৰোঁ?
উত্তৰ: শান্তি হৈছে একপ্ৰকাৰৰ উচ্চস্তৰীয়া মানসিক অৱস্থা; শান্তি (Peace) অনুভৱ কৰিব পাৰি, কৰ্ষণ কৰিব পাৰি, কিন্তু ওপৰৰপৰা জাপি দিব নোৱাৰি। এই কথাটো সত্য যে শান্তি অন্তৰৰপৰা অনুভৱ কৰিব পৰা আধ্যাত্মিক অভিজ্ঞতা (Inner Spiritual Experience)। শান্তি অৱস্থাটো একপ্ৰকাৰৰ মানসিক অৱস্থা, য'ত কোনো এজন ব্যক্তিয়ে ঘৃণা, খং, অহংকাৰ, ঈর্ষা, প্রতিদ্বন্দ্বিতা ইত্যাদিৰ কথা ভাবিব নোৱাৰে।
বহুতে ভাবে, শান্তিৰ অর্থ হ'ল যুদ্ধহীনতা। অর্থাৎ যুদ্ধ নহ'লেই শান্তি। কিন্তু অশান্তিৰ সৃষ্টি হোৱা মানেই যুদ্ধ হোৱা নুবুজায়। কাৰণ যিকোনো তীব্র সংঘর্ষ, যেনে- হাংগামা, হত্যাকাণ্ড, যিকোনো শাৰীৰিক আক্রমণ, অন্যায় আদি অশান্তিৰ কাৰণ হ'ব পাৰে। সমাজত থকা কিছুমান ব্যৱস্থা, যেনে- জাতি বৈষম্য, লিংগ বৈষম্য, ঔপনিৱেশিকতা, বর্ণ বিদ্বেষ, সাম্প্রদায়িকতা ধর্মান্ধতা আদিও অশান্তিৰ কাৰণ হ'ব পাৰে। গতিকে শান্তি হ'বলৈ হ'লে বাহ্যিক আৰু মানসিক পৰিৱেশৰ কথাকে বুজায়, য'ত মানুহ সম্পূর্ণ সহযোগিতা তথা সহমর্মিতাৰে বসবাস কৰিব পাৰে।
হিংসাত্মক সংঘাত ২০১০ চনৰ পৰা নাটকীয়ভাৱে বৃদ্ধি হৈছে। বিশ্বই জৰুৰীভাৱে ইয়াক বিভিন্ন ৰূপত গুৰুত্ব দিয়াটো প্রয়োজন হৈ পৰিছে।
হিংসাই প্রত্যেককে প্রভাৱিত কৰে। যুদ্ধই সম্প্রদায়সমূহৰ উন্নয়নত বাধাৰ সৃষ্টি কৰে, শিশুসকলক বিদ্যালয়লৈ যোৱাটো বন্ধ কৰে আৰু ব্যক্তিক স্বাস্থ্যসন্মত যত্ন আদিত প্রবেশ কৰাটো কঠিন কৰি তোলে। দৰিদ্ৰতাই পিচলৈ অধিক সংঘাতৰ ফালে লৈ যায় আৰু সেই চক্ৰটোৰ কাৰ্য অব্যাহত ৰাখে।
(ক) দেশবোৰত বাস কৰা সকলো মানুহৰ এক-চতুর্থাংশৰ সকলো দিশতে সংঘাত আৰু হিংসাই প্ৰভাৱিত কৰে।
(খ) ইতিমধ্যে প্রায় ৬৮ মিলিয়ন থলগিৰি মানুহেই ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত অধিক বেছি হৈছে। সাম্প্রতিক সময়ত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতৰ পৰিণতিত লাখ লাখ মানুহ নিজ দেশ ইউক্রেইনৰ পৰা পলাই যাবলৈ বাধ্য হৈছে আৰু ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত শৰণাৰ্থীৰ জীৱন কটাবলগীয়া হৈছে।
(গ) মানবীয় প্রয়োজনৰ ৮০ শতাংশকেই সংঘাতে প্ৰভাৱিত কৰে।
(ঘ) ২০৩০ চনলৈ এইক্ষেত্ৰত ভৱিষ্যদ্বাণী কৰা হৈছে যে বিশ্বৰ দুখীয়া মানুহৰ আধা অংশই সংঘাতপ্রৱণ স্থানত বাস কৰিব লাগিব।-
সেইয়ে আমি এইক্ষেত্রত বিভিন্নধৰণে চিন্তা কৰিব লাগিব। সদ্যহতে আমি শান্তি আহৰণৰ কথা চিন্তা নকৰি হিংসাৰ চক্ৰটোৰ পৰিসমাপ্তিৰ বাবে কাম কৰিব লাগিব আৰু তাৰ পিছতেই আমি শান্তি প্রতিষ্ঠাৰ কামত অধিক নিয়োজিত হ'ব লাগিব।
শান্তি প্রতিষ্ঠা এক কৌশলগত প্ৰক্ৰিয়াত পৰিণত হৈছে, যেতিয়া ই সমাজৰ সকলো স্তৰতে ধাৰাবাহিকভাবে স্থানীয় তথা গোলকীয় স্তৰত মানুহৰ মাজত সম্পৰ্ক স্থাপন আৰু ইয়াক বৰ্তাই ৰখাৰ বাবে কাম কৰিছে। কৌশলগত শান্তি প্রতিষ্ঠাই ব্যক্তি আৰু গোটসমূহক একেবাৰে তৃণমূল পৰ্যায়ৰ পৰাই নীতি নির্ধাৰণকাৰী আৰু ক্ষমতাৰ মধ্যস্বত্বভোগীসকলৰ সৈতে সামৰি লয়। ইয়াৰ উদ্দেশ্য কেৱল সংঘাত সমাধানেই নহয়, এইটোৱে সমাজ, অনুষ্ঠান, নীতি আৰু সম্পর্ক আদিৰ নিৰ্মাণ কৰে, যিবোৰে অধিক উন্নতভাৱে শান্তি আৰু ন্যায় বৰ্তাই ৰাখিবলৈ সক্ষম হয়।
কৌশলগত শান্তি স্থাপনকাৰীসকলে মানৱীয় অধিকাৰ, অৰ্থনৈতিক উন্নয়ন, পৰিৱেশিক বহন ক্ষমতা লগতে হিংসা আদি বিষয়সমূহক সামৰি লয় বা লক্ষ্য কৰি লয়। কৌশলগত শান্তি প্রতিষ্ঠাই প্রজন্মজুৰি ব্যাপ্ত হয়, যেতিয়া ই তাৎক্ষণিক সংঘাতত নিয়োজিত হৈ পৰে। শান্তি প্রতিষ্ঠাই শান্তি অনাটো এটা দীর্ঘম্যাদী বৃত্তি হিচাপে স্বীকৃতি দিয়ে বা চিনাক্ত কৰে যে এইটোৱে বিপৰীত গোট বা পক্ষৰ নেটৱৰ্ক আৰু সম্পৰ্কও বিচাৰে, আৰু ৰৈ ৰৈ হোৱা সংঘাতক লক্ষ্য কৰে লগতে বহনক্ষম মানৱীয় বিকাশ আৰু সমাজৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰে।
সম্পৰ্কৰ পৰিৱৰ্তনেই হৈছে হিংসাৰ পৰিসমাপ্তিৰ মূল চাবিকাঠী। ইয়াৰ অৰ্থ হ'ল, প্রথম পর্যায়ত মানুহে কিয় কাজিয়াত লিপ্ত হয় সেইটো বিষয় হাতত লোৱা আৰু সেইটোৰ সম্মুখীন হোৱা আৰু বিষয়টো আগবঢ়াই নিবলৈ উপায় উলিওৱা। এইটো সত্য যে সংঘাত সম্প্ৰদায়ৰ ভিতৰত, সমাজৰ মাজত বা ৰাজ্য আৰু সাধাৰণ লোকৰ মাজত হয়।
ব্যৱহাৰিক ক্ষেত্ৰত শান্তি প্রতিষ্ঠা বিষয়টো বিভিন্ন ক্ৰিয়াৰ অংশবিলাকৰ যিকোনো এটা হিচাপে চাব পাৰি। এইটোৱে বিভিন্ন গোটক সমস্যাবোৰৰ আলোচনা কৰাৰ বাবে একগোট কৰে আৰু এইটোৱে অন্যসকলৰ মন্তব্যবোৰ বুজাৰ বাবে মানুহক সহায় কৰিবলৈ কথা ছবি আৰু সংবাদ মাধ্যমৰ ব্যৱহাৰ কৰিব পাৰে। এইটোৱে সশস্ত্র গোট আৰু চৰকাৰসমূহৰ মাজত চুক্তি বা বুজাবুজিৰ আনুষ্ঠানিক প্ৰক্ৰিয়াবোৰক সমর্থন দিয়াৰ ব্যৱস্থা কৰিব পাৰে বা গুৰুত্বহীন গোটসমূহৰ বক্তব্য বা অভিমত প্ৰকাশৰ সুবিধাক নিশ্চয়তা দিয়ে। শান্তি প্রতিষ্ঠা হয়, যেতিয়া আমি গতানুগতিক বা নতুনত্বহীন ব্যৱস্থাক ভাঙি পেলাওঁ আৰু যেতিয়া বিভিন্ন গোটে একেলগে কাম কৰে।