গোটঃ ২


মানৱ অধিকাৰৰ পৰম্পৰা

অতি চমু প্রশ্নোত্তৰ

European Convention on Human Rights সংক্ষিপ্ত নাম কি?

উত্তৰ: ECHR

আফ্রিকান চুক্তি কোন বছৰত গৃহীত হৈছিল?

উত্তৰঃ ১৯৮৬ চনত

Cairo Declaration on Human Rights in Islam সংক্ষিপ্ত নাম কি

উত্তৰ: CDHRI

আফ্রিকান পৰম্পৰা কোন বিষয়ক গুৰুত্ব দিয়ে?

উত্তৰ: মানবাধিকাৰ আৰু জনগোষ্ঠীৰ অধিকাৰ দুয়োটাৰ সমান্তৰাল সুৰক্ষা

আফ্রিকান চুক্তি কোন সংস্থাৰ অধীনত প্রবৃদ্ধি পায়?

উত্তৰ: African Commission on Human and Peoples' Rights |

কায়ৰ' ঘোষণা কোন নৈতিক আৰু ধর্মীয় নীতি অনুসৰি মানৱ অধিকাৰ ব্যাখ্যা কৰে?

উত্তৰ: শ্বাৰীয়ত (Shariah) অনুসৰি

কায়ৰ' ঘোষণা কোন বছৰত গৃহীত হৈছিল?

উত্তৰঃ ১৯৯০ চনত

ইউৰোপীয় মানৱ অধিকাৰ চুক্তি কোন বছৰত গৃহীত হৈছিল?

উত্তৰঃ ১৯৫৩ চনত

আমেৰিকান চুক্তি কোন সংস্থাৰ অধীনত ৰক্ষা পায়?

উত্তৰ: Inter-American Court of Human Rights |

১০ আমেৰিকান চুক্তিৰ মূল লক্ষ্য কি?

উত্তৰ: নাগৰিকৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা সুৰক্ষা কৰা

চমু প্রশ্নোত্তৰ

আফ্রিকান আৰু ইছলামিক পৰম্পৰা তুলনা কৰা

উত্তৰ: African Charter on Human and Peoples' Rights (ACHPR) আৰু Cairo Declaration on Human Rights in Islam (CDHRI) দুয়োটা মানৱ অধিকাৰৰ ক্ষেত্ৰত বিশেষ দৃষ্টিভঙ্গী প্ৰদান কৰে দুয়োটা চুক্তিত নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আছে, কিন্তু প্রস্তুতি, সাংস্কৃতিক পৰিপ্ৰেক্ষিত আৰু কাৰ্যপদ্ধতিত পার্থক্য আছে

ACHPR, ১৯৮৬ চনত গৃহীত, আফ্রিকান দেশসমূহৰ নাগৰিক আৰু জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ বাবে ইয়াত ব্যক্তিগত, নাগৰিক, সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক অধিকাৰ সমন্বয় কৰা হৈছে বিশেষকৈ জনগোষ্ঠীৰ অধিকাৰৰ ওপৰত গুৰুত্ব আছে African Commission on Human and Peoples' Rights দেশসমূহৰ অধিকাৰ লংঘন পৰীক্ষা কৰে, যদিও আদালতৰ শক্তি সীমিত ACHPR আফ্রিকান সমাজৰ ইতিহাস, ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি সংবেদনশীল

অন্যফালে, CDHRI, ১৯৯০ চনত গৃহীত, ইছলামিক দেশসমূহৰ নাগৰিকৰ অধিকাৰ আৰু নৈতিক দায়িত্বৰ সমন্বয় নিশ্চিত কৰে ইছলামিক শ্বাৰীয়ত আইন অনুসৰি অধিকাৰ ব্যাখ্যা কৰা হয় নাগৰিকৰ অধিকাৰৰ লগত ধৰ্মীয় আৰু নৈতিক দায়িত্ব জড়িত অধিকাৰ সীমাবদ্ধ, যেনে -শ্বাৰীয়ত আইন অনুসৰি মত প্রকাশ, ধৰ্ম, সামাজিক আচৰণ আদালতৰ ক্ষমতা দেশসমূহৰ ইছলামিক আইন অনুসৰি সীমিত

তুলনামূলকভাবে-

() ACHPR ব্যক্তিগত আৰু জনগোষ্ঠী অধিকাৰ সমন্বয় আছে; CDHRI মূলত ব্যক্তি অধিকাৰ শ্বাৰীয়ত সীমাৰ ভিতৰত

() ACHPR সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰত গুৰুত্ব প্রদান কৰে; CDHRI ধর্মীয় নৈতিক সীমাবদ্ধতাৰে অধিকাৰ সংজ্ঞায়িত

() ACHPR কমিছনৰ দ্বাৰা পৰ্যবেক্ষণ; CDHRI দেশসমূহৰ নিজস্ব শ্বাৰীয়ত আইনৰ প্ৰয়োগ

দুয়োটা পৰম্পৰা সাংস্কৃতিক, ধর্মীয় আৰু ভৌগোলিক প্রেক্ষাপটত মানৱাধিকাৰ ব্যাখ্যা কৰে ACHPR আফ্রিকান পৰম্পৰা আৰু জনগোষ্ঠী অধিকাৰৰ সমন্বয়ৰ ক্ষেত্ৰত বিশেষ, CDHRI ইছলামিক নৈতিকতা আৰু শ্বাৰীয়ত আইন অনুসৰি অধিকাৰ সংজ্ঞা প্রদান কৰে

আফ্রিকান আৰু ইছলামিক পৰম্পৰা তুলনা কৰা

উত্তৰ: ACHR ব্যক্তি আৰু জনগোষ্ঠীৰ অধিকাৰ দুয়োটাৰ সুৰক্ষা হয় ইছলামিক কায়ৰ' ঘোষণাত শাৰীয়া আৰু ধর্মীয় নীতি অনুসৰি অধিকাৰ ব্যাখ্যা কৰা হয় দুয়ো পৰম্পৰা নিৰ্দিষ্ট ভৌগোলিক আৰু সাংস্কৃতিক পৰিপ্ৰেক্ষিতত প্রয়োগ হয়

আমেৰিকান মানৱ অধিকাৰ পৰম্পৰাৰ লক্ষ্য কি?

উত্তৰ: American Convention on Human Rights, ১৯৬৯ চনত গৃহীত হৈছে ইয়াৰ মূল লক্ষ্য হৈছে নাগৰিকৰ মৌলিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, স্বাধীনতা আৰু ন্যায়িক সুৰক্ষা নিশ্চিত কৰা এই চুক্তিৰ অধীনত Inter-American Court of Human Rights দেশসমূহৰ মানৱাধিকাৰ লংঘন পৰীক্ষা কৰে ইয়াত ব্যক্তি অধিকাৰ, সামাজিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা হৈছে

Cairo Declaration on Human Rights in Islam প্রধান উদ্দেশ্য কি?

উত্তৰ: Cairo Declaration on Human Rights in Islam (CDHRI), ১৯৯০ চনত গৃহীত, ইছলামিক দেশসমূহৰ নাগৰিকৰ অধিকাৰ আৰু নৈতিক দায়িত্ব নিশ্চিত কৰে এই চুক্তি শ্বাৰীয়ত আইন আৰু ইছলামিক নৈতিকতাৰ ভিত্তিত অধিকাৰ সংজ্ঞায়িত কৰে

CDHRI প্ৰধান উদ্দেশ্য-

() শ্বাৰীয়ত ভিত্তিক অধিকাৰ সংজ্ঞা: নাগৰিকৰ অধিকাৰ শ্বাৰীয়ত আইন অনুসৰি নিৰ্ধাৰিত

() নাগৰিকৰ নৈতিক দায়িত্ব: অধিকাৰ লাভৰ লগত ধর্মীয়, নৈতিক কর্তব্য সম্পৃক্ত

() সাংস্কৃতিক সংবেদনশীলতা: ইছলামিক দেশসমূহৰ সামাজিক আৰু ধর্মীয় পৰিপ্ৰেক্ষিতৰ সৈতে সামঞ্জস্য

() আইনী দিশ: আদালত আৰু শ্বাৰীয়ত নিয়ম অনুসৰি অধিকাৰ সুৰক্ষা

CDHRI নাগৰিকৰ অধিকাৰৰ ক্ষেত্রত:

() জীৱন আৰু স্বাধীনতা: শ্বাৰীয়ত আইন অনুসৰি সুৰক্ষিত

() মত প্রকাশ আৰু ধৰ্মঃ মত প্রকাশ আৰু ধৰ্ম পালন সীমিত, নৈতিক মূল্যবোধৰ সীমা মানি

() সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক অধিকাৰঃ শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায়, সম্পদৰ সুৰক্ষা

গুৰুত্ব: CDHRI ইছলামিক দেশসমূহত নাগৰিক অধিকাৰ, নৈতিক দায়িত্ব আৰু ধর্মীয় মূল্যবোধৰ সমন্বয় নিশ্চিত কৰে আন্তর্জাতিক মানৱাধিকাৰৰ প্ৰতি সাংঘর্ষিক নহয়, কেবল ইছলামিক নৈতিকতা অনুসৰি সমন্বয় প্রদান কৰে

Cairo Declaration ইছলামিক দেশসমূহৰ নাগৰিক অধিকাৰ সুৰক্ষা আৰু ধর্মীয় নৈতিক দিশৰ সমন্বয়ৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে শ্বাৰীয়ত আইন অনুসৰি অধিকাৰ সংজ্ঞায়িত কৰি ইছলামিক সমাজত সামাজিক স্থিতিশীলতা নিশ্চিত কৰে

কায়ৰ' ঘোষণা কি আৰু ইয়াৰ প্ৰয়োজন কেনেকুৱা?

উত্তৰ: Cairo Declaration on Human Rights in Islam, ১৯৯০ চনত গৃহীত ইছলামিক পৰম্পৰাত মানৱ অধিকাৰ ব্যাখ্যা কৰাৰ উদ্দেশ্যে ইয়াত শাৰীয়া অনুসৰি নৈতিক আৰু ধৰ্মীয় মানদণ্ডৰ আধাৰত অধিকাৰ নিৰ্ধাৰিত বিশেষকৈ ইছলামিক দেশসমূহত প্রয়োগৰ বাবে নিৰ্মাণ কৰা হৈছে

ৰচনাধৰ্মী প্রশ্নোত্তৰ

ইছলামিক পৰম্পৰা আৰু কায়ৰ' ঘোষণাৰ ভূমিকা বিশ্লেষণ কৰা

উত্তৰঃ ইছলামিক পৰম্পৰা অনুসৰি মানৱ অধিকাৰৰ ক্ষেত্ৰত এক বিশেষ দৃষ্টিভংগী প্রকাশ কৰে Cairo Declaration on Human Rights in Islam (CDHRI), যি ১৯৯০ চনত কায়ৰ' গৃহীত এই চুক্তি ইছলামিক দেশসমূহৰ নাগৰিকৰ অধিকাৰ আৰু নৈতিক মূল্যবোধৰ সুৰক্ষাৰ বাবে প্ৰস্তুত

ঐতিহাসিক পটভূমি: ইছলামিক দেশসমূহৰ মধ্যযুগীয় পৰম্পৰা, শ্বাৰীয়ত আইন, আৰু ধার্মিক মূল্যবোধত নাগৰিকৰ অধিকাৰ আৰু দায়িত্বৰ স্পষ্ট ধাৰণা আছিল ২০ শতিকাৰ শেষৰ ফালে, আন্তর্জাতিক মানৱাধিকাৰৰ বিস্তাৰ আৰু বিশ্বজুৰি হোৱা সমালোচনাৰ প্রেক্ষাপটে ইছলামিক দেশসমূহে নিজৰ ধৰ্মীয় আৰু নৈতিক মূল্যবোধৰ আধাৰত অধিকাৰ নিৰ্ধাৰণৰ প্ৰয়াস আৰম্ভ কৰে সেই পৰিপ্ৰেক্ষিতত Cairo Declaration গৃহীত হয়

মূল উদ্দেশ্য:

() শ্বাৰীয়ত ভিত্তিক অধিকাৰ ব্যাখ্যাঃ নাগৰিকৰ অধিকাৰ শ্বাৰীয়ত আইন অনুযায়ী সংজ্ঞায়িত

() নাগৰিকৰ নৈতিক দায়িত্ব: অধিকাৰৰ লগতে ব্যক্তিৰ ধৰ্মীয় আৰু নৈতিক দায়িত্বক গুৰুত্ব দিয়া

() সাংস্কৃতিক সামঞ্জস্যঃ ইছলামিক দেশসমূহৰ ধৰ্ম, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি সংবেদনশীল

() আন্তঃৰাষ্ট্ৰীয় দিশঃ ইছলামিক বিশ্বৰ দেশসমূহৰ বাবে মানৱাধিকাৰৰ মানদণ্ড প্রদান

প্রধান বৈশিষ্ট্য:

() জীৱন আৰু স্বাধীনতাঃ নাগৰিকৰ জীৱন অধিকাৰ, কিন্তু শ্বাৰীয়ত আইন অনুসৰি সীমাবদ্ধ

() মত প্রকাশ আৰু ধৰ্মঃ শ্বাৰীয়ত আইন অনুযায়ী ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতা, কিন্তু নৈতিক মূল্যবোধৰ সীমা অতিক্ৰম নকৰাকৈ

() আইনী সুৰক্ষাঃ আদালত আৰু শ্বাৰীয়ত ৰীতি অনুসৰি নাগৰিকৰ অধিকাৰ সুৰক্ষা

() সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰঃ শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায়, পৰিৱেশ আৰু সম্পদৰ অধিকাৰ

গুৰুত্বঃ

() ইছলামিক দেশসমূহৰ সামাজিক, ধর্মীয় আৰু সাংস্কৃতিক পৰিপ্ৰেক্ষিতত মানৱ অধিকাৰৰ ব্যাখ্যা

() বিশ্বমানৱাধিকাৰৰ সৈতে সাংঘর্ষিক নহয়, কেবল ইছলামিক নৈতিকতা অনুযায়ী সমন্বয়

() নাগৰিকৰ অধিকাৰ আৰু দায়িত্বৰ সমন্বয়

তুলনামূলক দিশ:

() ইউৰোপীয় বা আমেৰিকান পৰম্পৰা মূলত ব্যক্তিগত আৰু নাগৰিক অধিকাৰত কেন্দ্রীভূত, কিন্তু Cairo Declaration ধৰ্মীয় আৰু নৈতিক সীমাবদ্ধতাৰ ওপৰতো গুৰুত্ব

() আফ্রিকান চুক্তিৰ দৰে জনগোষ্ঠী অধিকাৰৰ ওপৰত সীমিত দৃষ্টি

() আদালতৰ শক্তি সীমিত; দেশসমূহে শ্বাৰীয়ত আইন অনুসৰি প্ৰয়োগ

সমালোচনা আৰু সীমাবদ্ধতা:

() স্বাধীনতা আৰু অধিকাৰৰ ক্ষেত্ৰত শাৰীয়া সীমাবদ্ধতা

() বিশ্বমানৱাধিকাৰৰ সামঞ্জস্য প্রসঙ্গত বিতর্ক

() প্রয়োগ দেশভেদে ভিন্ন

ওপৰৰ আলোচনাৰপৰা ' পাৰি যে Cairo Declaration on Human Rights in Islam ইছলামিক বিশ্বত নাগৰিকৰ অধিকাৰ আৰু নৈতিক দায়িত্বৰ সমন্বয় নিশ্চিত কৰে শ্বাৰীয়ত আইন আৰু ধৰ্মীয় মূল্যবোধ অনুসৰি অধিকাৰ সংজ্ঞায়িত কৰাৰ মাধ্যমে ইছলামিক দেশসমূহৰ নাগৰিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ প্রাসঙ্গিক

আমেৰিকান মানৱ অধিকাৰ পৰম্পৰা আৰু ইয়াৰ গুৰুত্ব বিশ্লেষণ কৰক

উত্তৰ: আমেৰিকান মানৱ অধিকাৰ পৰম্পৰা, অৰ্থাৎ American Convention on Human Rights (ACHR), ১৯৬৯ চনত গৃহীত হৈছিল এই চুক্তি বিশেষভাৱে Latin America আৰু Caribbean দেশসমূহৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা হৈছিল বিশ্বমানৱাধিকাৰৰ পৰম্পৰাত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে

ঐতিহাসিক পটভূমিঃ ১৯৫০ আৰু ১৯৬০ দশকত Latin America বহু দেশ সাম্রাজ্যবাদ, সামৰিক ৰাষ্ট্ৰীয়তা আৰু সাম্যবাদী আন্দোলনৰ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই সময়ছোৱাত ৰাজনৈতিক দমন-পীড়ন, নাগৰিক অধিকাৰৰ উলংঘন আৰু ব্যক্তিগত স্বাধীনতাৰ সীমাবদ্ধতা প্রচলিত আছিল এই পৰিস্থিতিৰ বাবে আমেৰিকান ৰাষ্ট্ৰসমূহে নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড প্ৰস্তুত কৰাৰ প্ৰয়াস আৰম্ভ কৰিছিল ১৯৬৯ চনত Organisation of American States (OAS) অধীনত ACHR গৃহীত হয়, যাৰ উদ্দেশ্য আছিল নাগৰিকৰ অধিকাৰ সুৰক্ষা আৰু ৰাজনৈতিক স্থিতিশীলতা নিশ্চিত কৰা

মূল উদ্দেশ্য:

ACHR মূল উদ্দেশ্য হৈছে-

() নাগৰিকৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা নিশ্চিত কৰা

() ৰাজনৈতিক অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা আৰু ধর্মীয় স্বাধীনতা সুৰক্ষা কৰা

() সামাজিক আৰু সাংস্কৃতিক অধিকাৰ নিশ্চিত কৰা, যেনে- শিক্ষা, স্বাস্থ্য, সামাজিক সুৰক্ষা, আৰু সাংস্কৃতিক সম্পদ লাভৰ অধিকাৰ

() আইনসঙ্গত ন্যায়িক ব্যৱস্থাৰ জৰিয়তে নাগৰিকৰ অধিকাৰ ৰক্ষা কৰা

প্রধান বৈশিষ্ট্য:

() সার্বজনীন নাগৰিক অধিকাৰঃ নাগৰিকৰ জীৱন, স্বাধীনতা, ব্যক্তিগত সুৰক্ষা আৰু ন্যায়িক বিচাৰৰ অধিকাৰ সুৰক্ষা কৰা

() ৰাজনৈতিক অধিকাৰঃ মত প্রকাশ, ভোটাধিকাৰ, দল গঠন আৰু সংস্থা প্ৰতিষ্ঠাৰ অধিকাৰ

() সামাজিক আৰু সাংস্কৃতিক অধিকাৰঃ শিক্ষা, স্বাস্থ্য, আৰ্হি-সম্পদ লাভ, আৰু সাংস্কৃতিক অধিকাৰৰ ক্ষেত্ৰ সুৰক্ষিত

( ) নিয়মিত পর্যবেক্ষণ: Inter-American Court of Human Rights (lACHR) আৰু Inter-American Commission on Human Rights দেশসমূহৰ মানৱাধিকাৰ লংঘন পৰীক্ষা কৰে

Inter-American Court of Human Rights (IACHR): এই আদালত ACHR অধীনত নাগৰিকৰ অধিকাৰ লংঘন পৰীক্ষা কৰে কোনো নাগৰিক বা সংস্থা আদালতত অভিযোগ দায়ৰ কৰিব পাৰে আদালতৰ নিৰ্দেশনা দেশসমূহৰ বাবে বাধ্যতামূলক IACHR সিদ্ধান্তৰ মাধ্যমে দেশসমূহে আইনসঙ্গত পদক্ষেপ গ্রহণ কৰে আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰে

গুৰুত্বঃ

() ৰাষ্ট্ৰীয় স্থিতিশীলতা: নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ জৰিয়তে ৰাজনৈতিক স্থিতিশীলতা বৃদ্ধি হয়

() আন্তঃৰাষ্ট্ৰীয় মান্যতা: ACHR লৈ Latin America দেশসমূহ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত মানবাধিকাৰৰ মান্যতা লাভ কৰে

() সামাজিক ন্যায়ঃ সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ সুৰক্ষা নাগৰিকৰ জীৱনৰ মান উন্নত কৰে

() আইনী দিশঃ নাগৰিকৰ অধিকাৰ লংঘনৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা নিশ্চিত হয়

তুলনামূলক দিশ:

() ইউৰোপীয় পৰম্পৰাৰ তুলনাত ACHR সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে

() আফ্রিকান চুক্তিৰ দৰে, ACHR ব্যক্তিগত আৰু জনগোষ্ঠীৰ অধিকাৰৰ সমন্বয় নাই, মূলত নাগৰিকৰ অধিকাৰত কেন্দ্ৰীভূত

() আদালতৰ শক্তি পূর্ণ, আৰু দেশসমূহ বাধ্য হয় আদালতৰ সিদ্ধান্ত মান্য কৰিবলৈ

সমালোচনা আৰু সীমাবদ্ধতা:

() সকলো দেশ ACHR অধীনত সমানভাবে আদালতৰ সিদ্ধান্ত মানি নলয়

() ৰাজনৈতিক স্থিতিশীলতা হ্রাস পোৱাৰ ক্ষেত্ৰত নাগৰিক অধিকাৰৰ কাৰ্যকাৰিতা সীমিত হয়

() সামাজিক আৰু অর্থনৈতিক বৈষম্য থকা দেশসমূহত অধিকাৰৰ প্ৰয়োগ কঠিন

ওপৰৰ আলোচনাৰপৰা ' পাৰি American Convention on Human Rights লেটিন আমেৰিকা আৰু Caribbean দেশসমূহত নাগৰিকৰ অধিকাৰ নিশ্চিত কৰিবলৈ এক শক্তিশালী মানদণ্ড প্রদান কৰিছে IACHR আৰু OAS অধীনত দেশসমূহৰ পৰ্যবেক্ষণৰ মাধ্যমে নাগৰিক অধিকাৰ ৰক্ষা, সামাজিক ন্যায় আৰু ৰাজনৈতিক স্থিতিশীলতা নিশ্চিত হৈছে এই পৰম্পৰা বিশ্বমানৱাধিকাৰৰ ক্ষেত্ৰত এক বিশেষ প্রসঙ্গ যোগায়

ইউৰোপীয় মানৱ অধিকাৰ পৰম্পৰা আৰু ইয়াৰ বৈশিষ্ট্য বিশ্লেষণ কৰা

উত্তৰঃ ইউৰোপীয় মানৱ অধিকাৰ পৰম্পৰা বিশ্বমানৱ অধিকাৰৰ ক্ষেত্ৰত অন্যতম প্রাচীন আৰু প্রভাবশালী পৰম্পৰা European Convention on Human Rights (ECHR) ১৯৫৩ চনত গৃহীত হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ অভিজ্ঞতাৰ পিছত নাগৰিকৰ মৌলিক অধিকাৰ, স্বাধীনতা আৰু ন্যায়িক সুৰক্ষা নিশ্চিত কৰা ইউৰোপীয় দেশসমূহৰ ইতিহাসত যুদ্ধ, সাম্রাজ্যবাদ আৰু ৰাষ্ট্ৰীয় দমন-পীড়নবাহী পৰিস্থিতিয়ে নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি দিছিল

ঐতিহাসিক পটভূমিঃ দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ইউৰোপীয় দেশসমূহে মানৱাধিকাৰৰ ৰক্ষাৰ ক্ষেত্ৰত আন্তর্জাতিক মানদণ্ড নিৰ্মাণৰ প্ৰয়াস আৰম্ভ কৰে গণহত্যা, যুদ্ধাপৰাধ আৰু নৃশংসতা ৰোধৰ বাবে ECHR সৃষ্টি কৰা হৈছিল ১৯৫০ চনত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ জাৰ্মানি, ফ্রান্স, ইটালী, আৰু বেলজিয়ামত European Convention on Human Rights খচৰা প্ৰস্তুত কৰা হয় ১৯৫৩ চনত চুক্তি কাৰ্যকৰী হয়, আৰু ১৯৫৯ চনত European Court of Human Rights গঠন কৰি দেশসমূহক নিৰীক্ষণৰ অধীন কৰোৱা হয়

মূল উদ্দেশ্য আৰু লক্ষ্য: ECHR মূল উদ্দেশ্য হৈছে নাগৰিকৰ মৌলিক অধিকাৰ, স্বাধীনতা আৰু ন্যায়িক সুৰক্ষা নিশ্চিত কৰা ইয়াত অন্তর্ভুক্ত হৈছে

() জীৱনৰ অধিকাৰঃ কোনো ব্যক্তিক অবৈধভাৱে হত্যা কৰাৰ ওপৰত নিষেধাজ্ঞা

() স্বাধীনতা আৰু ব্যক্তিগত সুৰক্ষাঃ কোনো ব্যক্তিক অবৈধভাবে বন্দী কৰাৰ ওপৰত নিষেধাজ্ঞা

() ন্যায়িক বিচাৰ অধিকাৰঃ বিবাদৰ ন্যায্য বিচাৰ, আদালতত নিৰপেক্ষ আৰু স্বচ্ছ বিচাৰৰ অধিকাৰ

() মত প্ৰকাশৰ স্বাধীনতা: সাংবাদিকতা, ব্যক্তিগত মতামত, সৃজনশীলতা আৰু প্ৰকাশৰ অধিকাৰ

() ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতা: ধর্ম পালন, বিশ্বাসৰ অধিকাৰ

() গোপনীয়তা আৰু ব্যক্তিগত জীৱনৰ সুৰক্ষাঃ ব্যক্তিগত তথ্য আৰু সম্পত্তিৰ সুৰক্ষা

European Court of Human Rights (ECHR): এই আদালত চুক্তিৰ অধীনত দেশসমূহৰ নাগৰিকৰ অধিকাৰ উলংঘন পৰীক্ষা আৰু নিৰীক্ষণ কৰে কোনো নাগৰিক বা সংস্থা আদালতত অভিযোগ দায়ৰ কৰাৰ অধিকাৰ আছে আদালতৰ সিদ্ধান্ত বাধ্যতামূলক, আৰু দেশসমূহে আইনসঙ্গত ব্যৱস্থা গ্রহণ কৰি অভিযোগৰ সমাধান নিশ্চিত কৰে

প্রধান বৈশিষ্ট্য:

() আন্তর্জাতিক আইনী বাধ্যবাধকতা: ECHR স্বাক্ষৰিত দেশসমূহ চুক্তি পালনৰ আইনগত দায়িত্ব লয়

() সম্পূর্ণ নিয়মাৱলী: চুক্তিত উল্লেখিত অধিকাৰসমূহ স্পষ্ট আৰু সৰ্বজনীন

() নিয়মিত পর্যালোচনা: আদালত আৰু কমিটি দেশসমূহৰ মানৱাধিকাৰ ৰক্ষা পর্যবেক্ষণ কৰে

() বিধিগত সুৰক্ষাঃ দেশসমূহে নিজৰ সংবিধান আৰু আইন অনুযায়ী নাগৰিকৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰে

ইতিহাস আৰু প্ৰসাৰ: ECHR গৃহীত হোৱাৰ পাছত ইউৰোপীয় দেশসমূহে চুক্তিত উল্লেখিত অধিকাৰসমূহ ৰাষ্ট্ৰীয় আইনত অন্তর্ভুক্ত কৰে কিছুমান দেশৰ ক্ষেত্ৰত নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত পূৰ্ণৰূপে মান্য নহ' যদিও আদালতৰ নিৰ্দেশনা আৰু সমালোচনাৰ জৰিয়তে ধীৰে ধীৰে প্ৰয়োগ বৃদ্ধি পায় ২০ শতিকাৰ শেষৰ ফালে, ইউৰোপীয় চুক্তিৰ অধীনত একাধিক landmark decisions গ্রহণ হৈছে, যাৰ দ্বাৰা মানৱ অধিকাৰৰ ক্ষেত্ৰত দৃঢ় নীতি নির্ধাৰিত হৈছে

তুলনামূলক দিশ: ইউৰোপীয় পৰম্পৰা অন্যান্য পৰম্পৰাৰ তুলনাত বিশেষত্বপূর্ণ

উদাহৰণস্বৰূপে-

() আমেৰিকান পৰম্পৰা নাগৰিকৰ অধিকাৰত গুৰুত্ব দিয়ে, আফ্রিকান পৰম্পৰা জনগোষ্ঠীৰ অধিকাৰো অন্তর্ভুক্ত কৰে

() ইউৰোপীয় চুক্তি সম্পূৰ্ণত ব্যক্তিগত আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত কেন্দ্রীভূত

() আদালতৰ শক্তি পূৰ্ণঃ সিদ্ধান্ত দেশসমূহৰ ওপৰত বাধ্যতামূলক

সমালোচনা আৰু সীমাবদ্ধতা:

() চুক্তিৰ সকলো দেশ পূৰ্ণৰূপে আদালতৰ সিদ্ধান্ত মান্য নকৰে

() নাগৰিকৰ অধিকাৰৰ ক্ষেত্ৰত সংস্কৃতি আৰু সামাজিক পৰিপ্ৰেক্ষিত প্রায়েই বিতর্ক সৃষ্টি কৰে

() শৃংখলাবদ্ধ প্রয়োগ নোহোৱাত বহুক্ষেত্ৰত মানৱাধিকাৰ লংঘন ঘটে

ইউৰোপীয় পৰম্পৰা বিশ্বমানৱাধিকাৰৰ ক্ষেত্রত এক দর্শনীয় আদর্শ ECHR অধীনত দেশসমূহে নাগৰিকৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আইনগত, সামাজিক আৰু ৰাজনৈতিক প্রয়াস অব্যাহত ৰাখে দ্বিতীয় বিশ্বযুদ্ধৰ আতংক আৰু নৃশংস্তাৰ পাছত এই চুক্তিয়ে ইউৰোপৰ দেশসমূহক ন্যায়িক, সাংস্কৃতিক আৰু মানবিক দিশে পুনঃস্থাপন কৰিছে