অধ্যায়- ৪

অসমৰ পৰিৱৰ্তিত ৰাজনীতিৰ প্ৰকৃতি


 অতি চমু প্রশ্নোত্তৰ

 ১। আঞ্চলিকতাবাদী আন্দোলন কি বিষয়ৰ লগত জড়িত?

উত্তৰঃ ভাষা, সংস্কৃতি আৰু স্বকীয় জাতিগত আৰু গোষ্ঠীগত ঐতিহ্য আৰু পৰিচয় ৰক্ষণাবেক্ষণৰ দাবীসমূহৰ সৈতে আঞ্চলিকতাবাদী আন্দোলন জড়িত।

২। অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৯৮৫ চনৰ ২৫ আগষ্টৰ অসম চুক্তি গ্ৰহণৰ পিছতেই ছাত্রনেতা প্রফুল্ল কুমাৰ মহন্ত আৰু ভুণ্ড কুমাৰ ফুকনৰ নেতৃত্বত এই দলৰ গঠন হয়।

৩। মৰ্চা চৰকাৰ কি?

উত্তৰঃ দুই বা ততোধিক দলসমূহে মিত্ৰতাৰ ভিত্তিত গঠন কৰা চৰকাৰ ব্যৱস্থাক মর্চা বা সংযুক্ত চৰকাৰ বুলি কোৱা হয়।

৪। আঞ্চলিকতাবাদ মানে কি?

উত্তৰঃ আঞ্চলিকতাবাদে কোনো এখন ৰাজ্য বা অঞ্চলৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

৫। অসমৰ ৰাজনীতিৰ ইতিহাসত সৰ্বপ্ৰথম কোনে মৰ্চা চৰকাৰ গঠন হৈছিল?

উত্তৰঃ আছাম ভেলী ইছলাম পাৰ্টীৰ নেতা ছাৰ ছাদুল্লাই প্ৰাক্ স্বাধীন অসমৰ প্ৰথমখন সংযুক্ত মন্ত্রীসভা গঠন কৰে।

৬। মিচিংসকল কোন গোষ্ঠীৰ অন্তৰ্গত জনজাতি?

উত্তৰঃ মিচিংসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত জনজাতি, যাৰ ভাষা তিব্বত-বৰ্মী গোটৰ অন্তৰ্গত উত্তৰ অসমীয় শাখাৰ অন্তর্গত।

৭। ৰাভাসকল কোন ভাষা পৰিয়ালৰ অন্তর্গত?

উত্তৰঃ বাভাসকল চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত তিব্বত-বর্মী শাখাৰ বড়ো ভাষিক গোষ্ঠীৰ লোক।

৮। আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ লিখা।

উত্তৰঃ আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ হ'ল- (ক) কেন্দ্ৰৰ বৈষম্য (খ) অসমান উন্নয়ন।

৯। মিচিং স্বায়ত্তশাসন দাবী আন্দোলনৰ সূচনা কোন সংগঠনে কৰিছিল?

উত্তৰঃ এই আন্দোলনৰ সূচনা সদৌ অসম মিচিং ছাত্ৰ সন্থাই কৰিছিল, যাৰ নাম পিছলৈ 'তাকাম মিচিং পৰিণ কেবাং' (TMPK) হয়।

১০। নাগৰিকত্ব সংশোধনী আইন (CAA) বুলিলে কি বুজা যায়?

উত্তৰঃ নাগৰিকত্ব সংশোধনী আইন চাৰা হৈছে ভাৰতৰ নাগৰিকত্ব আইন, ১৯৫৫ৰ এটা সংশোধিত ৰূপ। এই আইনৰ মূল উদ্দেশ্য হৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, বৌদ্ধ, জৈন, শিখ, পার্চি আৰু খ্ৰীষ্টান ধর্মীয় সংখ্যালঘু যিসকল ধর্মীয় নির্যাতনৰ ফলত ভাৰতলৈ আহিছিল, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্রদান কৰা। এই আইনত মুসলিম শৰণাৰ্থীক অন্তর্ভুক্ত কৰা হোৱা নাই, যাৰ বাবে ব্যাপক বিতর্ক সৃষ্টি হৈছিল।

১১। অসম আৰু উত্তৰ-পূব ভাৰতত CAAৰ বিৰুদ্ধে প্রতিবাদ কিয় হৈছিল?

উত্তৰঃ অসম আৰু উত্তৰ-পূব ৰাজ্যসমূহত CAAৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ হয় কাৰণ স্থানীয় লোকসকলৰ ভয় আছিল যে এই আইন অনুসৰি বিদেশী শৰণাৰ্থীসকলক নাগৰিকত্ব দিলে ৰাজ্যৰ জনসংখ্যাগত গঠন, ভাষা, সংস্কৃতি আৰু ভূমি অধিকাৰ বিপন্ন হ'ব।

১২। CAA ৰ চৰকাৰী যুক্তি কি আছিল?

উত্তৰঃ চৰকাৰে কৈছিল যে এই আইন কোনো ধর্মীয় বৈষম্য সৃষ্টি কৰাৰ বাবে নহয়, বৰং প্রতিবেশী দেশৰ সংখ্যালঘু যিসকল ধর্মীয় নির্যাতনৰ বলি হৈছে, তেওঁলোকক আশ্ৰয় আৰু নাগৰিকত্ব দিয়াৰ উদ্দেশ্যেৰে এই আইন আনা হৈছে।

১৩। নাগৰিকত্ব সংশোধনী আইন কেতিয়া সংসদত অনুমোদিত হৈছিল?

উত্তৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ৰৰ ডিচেম্বৰত ভাৰতীয় সংসদৰ দুয়ো সদন- লোকসভা আৰু ৰাজ্যসভাত অনুমোদিত হয়। তাৰ পিছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ মাধ্যমে আইনটো ১২ ডিচেম্বৰত কাৰ্যকৰী হয়।

১৪। মিচিংসকলৰ প্ৰথম সামাজিক সংগঠনখন কেতিয়া গঠন হৈছিল আৰু কোনে কৰিছিল?

উত্তৰঃ ১৯২৪ চনত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ উদ্যোগত 'মিৰি জাতিৰ হিতসাধিনী সভা' নামৰ সংগঠন গঠন কৰা হৈছিল।

১৫। কোন চনত কেন্দ্রীয় আৰু অসম চৰকাৰে বড়োলেণ্ড চুক্তি চহী কৰি বড়োলেও স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল?

উত্তৰঃ ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় আৰু অসম চৰকাৰে বড়োলেও চুক্তি চহী কৰি বড়োলেও স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল।

 চমু প্রশ্নোত্তৰ

১। অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ উদ্দেশ্যসমূহ কি?

উত্তৰঃ এই দলৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে—

(ক) ভাৰতীয় সংবিধান, ধৰ্মনিৰপেক্ষতা, গণতান্ত্রিক ভাৱধাৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সাৰ্বভৌম ঐক্য আৰু সংহতিৰ ৰক্ষণাবেক্ষণ দিয়া।

(খ) অসমক প্রগতিশীল ৰাজ্য হিচাপে প্রতিষ্ঠা কৰা।

(গ) জাতি-বর্ণ, ধর্ম-ভাষা নির্বিশেষে অসমৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সমঅধিকাৰ, ন্যায় স্বাধীনতা, সুযোগ-সুবিধা প্রদান কৰা।

(ঘ) উদ্যোগীকৰণ, বিভিন্ন বনজ সম্পদ, খনিজ, জলজ সম্পদসমূহৰ প্ৰকৃত ব্যৱহাৰৰ উপযোগী কৰি তোলা আৰু অসমক অর্থনৈতিকভাৱে স্বাৱলম্বী আৰু শক্তিশালী কৰি তোলা।

(ঙ) অসমত বিদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা।

(চ) অসমৰ আৰ্থ-সামাজিক, সাংস্কৃতিক দিশৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া।

(ছ) যাতায়াতৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নতুন দুখন দলং নিৰ্মাণ কৰা।

(জ) অসমত দুখন কেন্দ্রীয় বিশ্ববিদ্যালয়, সৰ্বভাৰতীয় কাৰিকৰী অনুষ্ঠান (IIT), এখন কলাক্ষেত্র স্থাপন কৰা, অসম-বাংলা সীমান্তত কাটাতাঁৰৰ বেৰ দিয়াৰ ব্যবস্থা ইত্যাদি।

২। ১৯৯৫ চনৰ মিচিং চুক্তিৰ প্ৰধান দিশবোৰ আলোচনা কৰা।

উত্তৰঃ ১৯৯৫ চনৰ ১৪ জুনত অসম চৰকাৰ, মিচিং স্বায়ত্তশাসন দাবী সমিতি আৰু মিচিং বানে কেবাঙৰ মাজত 'মিচিং চুক্তি' স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ উদ্দেশ্য আছিল মিচিং জনগোষ্ঠীক উপগ্রহীয় ধৰণৰ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা। চুক্তিখনত চৰকাৰৰ পক্ষৰ পৰা মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া আৰু মুখ্য সচিব এ. ভট্টাচাৰ্যই স্বাক্ষৰ কৰিছিল।

চুক্তি অনুসৰি যিবিলাক গাঁওত ৫০ শতাংশ বা তাতকৈ অধিক মিচিং জনগোষ্ঠী আছে, সেই গাঁওবোৰক লৈ মিচিং স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ কথা উল্লেখ আছিল। পঞ্চায়তী ৰাজৰ ধৰণে তিনিখলপীয়া গঠন গাঁও, আঞ্চলিক আৰু শীর্ষ পৰিষদ স্থাপন কৰাৰ কথা আছিল। পৰিষদৰ সদস্যসকল স্থানীয়ভাৱে নির্বাচিত হ'ব আৰু পঞ্চায়তীয় ধাৰাৰ দৰে কায্য কৰিব।

যদিও চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছত অন্তর্বর্তী পৰিষদ গঠন কৰা হৈছিল, তথাপিও বহু সংগঠনে এই ব্যৱস্থাক অসম্পূর্ণ বুলি বিৰোধিতা কৰে। TMPK আৰু মিচিং মিমাগ কেবাংৰ মত মতে এই চুক্তিয়ে সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুৰক্ষা প্ৰদান নকৰাৰ ফলত প্রকৃত স্বায়ত্তশাসনৰ ধাৰণা পূৰ্ণ নহ'ল। তথাপিও এই চুক্তিই মিচিং আন্দোলনৰ ইতিহাসত এটা মাইলস্টোন ৰূপে গণ্য হয়, কিয়নো ইয়াৰ ফলতেই পৰৱৰ্তী আইন সংশোধন আৰু চৰ্ব চনৰ নিৰ্বাচনৰ বীজ পতা হৈছিল।

৩। অসমত প্ৰথমবাৰ NRC কেতিয়া তৈয়াৰ কৰা হৈছিল?

উত্তৰঃ অসমত প্ৰথমবাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ১৯৫ৰ চনত তৈয়াৰ কৰা হৈছিল। ভাৰতৰ প্ৰথম জনগণনা সম্পূৰ্ণ হোৱাৰ পাছত ৰাজ্যভিত্তিকভাৱে নাগৰিকসকলৰ নাম নথিভুক্ত কৰা হৈছিল। এই NRCয়ে অসমৰ নাগৰিকসকলক চিহ্নিত কৰাৰ প্ৰথম প্ৰচেষ্টা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

৪। চূড়ান্ত NRC কেতিয়া প্রকাশিত হৈছিল?

উত্তৰঃ অসমত চূড়ান্ত NRC ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত হৈছিল। এই NRCত প্রায় ৩.১১ কোটি আবেদনকাৰীৰ ভিতৰত প্ৰায় ১৯ লক্ষাধিক লোকৰ নাম অন্তর্ভুক্ত নহ'ল। ফলত এই ফলাফলৰ ওপৰত ৰাজনৈতিক বিতর্ক সৃষ্টি হৈছিল।

৫। অসম আন্দোলনৰ লগত NRCৰ সম্পৰ্ক কেনে?

উত্তৰঃ অসম আন্দোলন ১৯৭৯ চনত আৰম্ভ হৈছিল আৰু ইয়াৰ মূল লক্ষ্য আছিল বিদেশী অনুপ্রবেশ ৰোধ কৰা। আন্দোলনৰ সময়ত অসমৰ বিভিন্ন সংগঠনে বিদেশীৰ উপস্থিতিয়ে অসমৰ ভাষা, সংস্কৃতি আৰু ভূমি অধিকাৰৰ ওপৰত বিপদ আহৰণ কৰিছে বুলি জনাইছিল। এই আন্দোলনৰ ফলস্বৰূপে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ হয়, 'NRC জৰীপ কৰি বৈধ নাগৰিক চিনাক্ত কৰাৰ কথা উল্লেখ আছিল। সেই অনুসাৰে, NRC প্রক্রিয়া অসম আন্দোলনৰ ফলাফল আৰু অসমৰ স্বাভিমানৰ প্ৰতীক হিচাপে দেখা যায়।

৬। NRCৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ NRCৰ মূল লক্ষ্য আছিল অসমত বৈধ নাগৰিকসকলক চিনাক্ত কৰা আৰু বিদেশীক পৃথক কৰা। লগতে ই অনুপ্রবেশ আৰু জনসংখ্যা পৰিৱৰ্তনৰ ওপৰত নিয়ন্ত্রণ আনিবলৈ সহায়ক হোৱাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰা হৈছিল।

৭। CAA আৰু NRCৰ মাজত সম্পৰ্ক বিৱৰণ কৰা।

উত্তৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) একেলগে ভাৰতৰ নাগৰিকত্ব চিনাক্তকৰণৰ প্ৰসঙ্গত আলোচনা কৰা হয়। NRCৰ লক্ষ্য হৈছে ভাৰতৰ বৈধ নাগৰিকসকলক চিহ্নিত কৰা আৰু বিদেশীক পৃথক কৰা। আনহাতে CAAৰ মাধ্যমে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা নির্যাতিত সংখ্যালঘুক নাগৰিকত্ব দিয়া হয়। বিতর্ক সৃষ্টি হয় এই কাৰণত যে, যদি NRCত কোনো হিন্দু শৰণাৰ্থীৰ নাম বাদ পৰে, তেওঁ CAAৰ সহায়ত নাগৰিকত্ব লাভ কৰিব পাৰে, কিন্তু মুসলিমৰ ক্ষেত্ৰত এই সুবিধা নাই। ফলত এই দুয়ো বিধান একেলগে ধর্মীয় বৈষম্যৰ নতুন বিতৰ্কৰ জন্ম দিয়ে।

৮। আঞ্চলিকতাবাদ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে আঞ্চলিকতাবাদে কোনো ব্যক্তিয়ে বাস কৰা বিশেষ অঞ্চলৰ প্রতি থকা ভালপোৱাকে সূচায়। আঞ্চলিকতাবাদ বিষয়টোৰ সকাৰাত্মক আৰু নকাৰাত্মক-দুয়ো প্ৰকাৰৰ অৰ্থ আছে। নকাৰাত্মক অৰ্থত আঞ্চলিকতাবাদে সমগ্ৰ ৰাষ্ট্ৰৰ তুলনাত ব্যক্তিৰ কোনো এক বিশেষ অঞ্চলৰ প্ৰতি থকা অত্যধিক সংযোজনক বুজায়, যিয়ে ৰাষ্ট্ৰখনৰ একতা আৰু সংহতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। গতিকে নকাৰাত্মক অৰ্থত আঞ্চলিকতাবাদে ৰাষ্ট্ৰৰ একতা, সংহতি আৰু বৈধতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এক বিভেদকামী শক্তি হিচাপে কাৰ্য কৰে। সকাৰাত্মক অৰ্থত ভালপোৱাকে সূচায়, যাৰ উদ্দেশ্য তেওঁলোকৰ স্বাধীন অস্তিত্ব আৰু মর্যাদা অটুট ৰখা আৰু ইয়ে জনসাধাৰণৰ মাজত উমৈহতীয়া অঞ্চল, সংস্কৃতি আৰু ভাষাৰ ভিত্তিত, ভাতৃত্ববোধৰ সঞ্চাৰিত কৰাত সহায় কৰে। অন্য কথাত ক'বলৈ গ'লে আঞ্চলিকতাবাদে কোনো এক অঞ্চলৰ নিজা স্বার্থ সমাধা কৰাৰ ইচ্ছাক বুজায় আৰু জনসাধাৰণৰ স্বাধীনতা আৰু গণতন্ত্র লাভৰ আকাংক্ষা প্রতিফলিত কৰে। ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত আঞ্চলিকতাবাদে বিভিন্ন দল অথবা গোটসমূহে তেওঁলোকৰ জাতিগত, ভাষিক, ৰাজনৈতিক অথবা অৰ্থনৈতিক স্বার্থপূৰণৰ বাবে কৰা দাবীসমূহক সূচায়। অন্য অর্থত আঞ্চলিকতাবাদ হৈছে সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে অৱহেলিত দলৰ বহিঃপ্রকাশ, যিবোৰে তেওঁলোকৰ দাবীসমূহৰ জৰিয়তে ন্যায় পাবলৈ যত্ন কৰে। আৰু প্ৰায়ে দাবীসমূহে অতি গুৰুতৰ ৰূপ ধাৰণ কৰি ভাৰতবৰ্ষৰ একতা আৰু সংহতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

৯। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) বুলিলে কি বুজা যায়?

উত্তৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হৈছে ভাৰতীয় নাগৰিকসকলৰ নাম অন্তর্ভুক্ত কৰা এটা চৰকাৰী নথি, যাক সংক্ষেপে NRC বুলি কোৱা হয়। ই দেশৰ বৈধ নাগৰিকসকলক চিনাক্ত কৰাৰ উদ্দেশ্যেৰে তৈয়াৰ কৰা হয়। অসমত এই পঞ্জীৰ বিশেষ গুৰুত্ব আছে, কাৰণ ইয়াত বিদেশীৰ সমস্যাই বহুদিন ধৰি সামাজিক আৰু ৰাজনৈতিক জটিলতা সৃষ্টি কৰি আহিছে।

১০। আঞ্চলিকতাবাদৰ যিকোনো এটা প্ৰকাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আঞ্চলিকতাবাদৰ এটা প্ৰকাৰ হ'ল—

অধিক স্বায়ত্ত শাসনৰ দাবীঃ ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ আন এক প্রকাৰ হৈছে অধিক স্বায়ত্ত শাসনৰ দাবী। ৰাজনৈতিক, অর্থনৈতিক আদি ক্ষেত্ৰত এনে ধৰণৰ অধিক স্বায়ত্ত শাসনৰ দাবী জনোৱা হয়। ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলবোৰে এনেকুৱাধৰণৰ অধিক স্বায়ত্ত শাসনৰ বাবে দাবী জনায়। উদাহৰণ স্বৰূপে অসমত অসম গণ পৰিষদ, পঞ্জাৱত আকালী দলে (Akali Dal) নিজৰ নিজৰ ৰাজ্যত অধিক স্বায়ত্ত শাসনৰ দাবী জনাইছে।

 ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। অসমৰ আঞ্চলিক ৰাজনৈতিক দল সৃষ্টিৰ ঐতিহাসিক পটভূমি সম্পর্কে বহলাই লিখা।

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হ'ল আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি। ভাৰতীয় ৰাজনীতিত One Party Dominal System অন্ত পৰাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগতে ৰাজ্যিক ৰাজনীতিতো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল। এনেকুৱা ৰাজনৈতিক পৰিস্থিতিত আঞ্চলিক দলৰ ৰাজনীতিয়ে বিশিষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

অসমত আঞ্চলিকতাবাদৰ নিচান প্রথমে স্বাধীনতা আন্দোলনৰ মূলসুঁতিত থকা অসমকেশবী অম্বিকাগিৰি ৰায় চৌধুৰীৰ উদ্যোগত। ইয়াৰ পিছত প্রাক্তন কমউনিষ্ট নেতা আৰু একাধিকবার বিধায়ক হোৱা ব্যতিক্ৰমী ৰাজনীতিবিদ তথা ৰাজনৈতিক গৌৰীশংকৰ ভট্টাচার্য ১৯৭১ চনত এখন নির্দিষ্ট কাৰ্যসূচীৰে গঢ়ি তুলিছিল 'জনগণতান্ত্রিক দল'। কিন্তু ইয়াৰ নেতৃত্বই গণ আন্দোলনৰ সংগ্রামী কাৰ্যসূচীৰ কৰ্মধাৰা অব্যাহত ৰাখিব নোৱাৰাৰ কাৰণে আৰু দলটো মূলতঃ নির্বাচনকেন্দ্ৰিক হৈ পৰাৰ কাৰণে ই ইপ্সিত ফল লাভ কৰিব নোৱাৰিলে। ১৯৭৭ চনত 'জন গণতান্ত্রিক দলটো' জনতা পার্টীৰ লগত চামিল হয়। উজনি অসমত একে সময়তে জন্ম লাভ কৰা 'উজনি অসম ৰাজ্য পৰিষদ দলটোও জনতা পার্টীৰ লগত চামিল হয়। ১৯৭৭ চনত 'পূর্বাঞ্চলীয় লোক পৰিষদ' (পি এল পি) আৰু ১৯৭৮ চনত 'অসম জাতীয়তাবাদী দল'ৰ জন্ম হৈছিল। এই দুয়োটা দল ১৯৮৫ চনত 'অসম গণ পৰিষদ দল'ৰ লগত চামিল হৈছিল। অসমত ৰাজনৈতিক ইতিহাসত অসম গণ পৰিষদেই হ'ল সর্বপ্রথম আন্দোলনভিত্তিক ৰাজনৈতিক দল; যি সুস্থ আঞ্চলিকতাবাদী ৰাজনীতিক সুস্থ জাতীয়তাবাদৰ লগত সমন্বয় স্থাপনৰ যোগেদি প্রশাসনব জীবন্ত কাৰ্যসূচীত ৰূপায়িত কৰাৰ সুযোগ লাভ কৰিছিল। পিছত অসম গণ পৰিষদ বিভাজিত হৈ নতুন অসম গণ পৰিষদ, তৃণমূল অসম গণ পৰিষদ, প্রগতিবাদী অসম গণ পৰিষদ আদিৰ সৃষ্টি হয়। ইয়াৰ উপৰিও অসম জাতীয় সম্মিলন আদি দলেও অসমৰ ৰাজনীতিত ভুমুকি মাৰিছিল।ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন (১৯৫৫) ব্যৱস্থাৰ প্ৰভাৱ অসমৰ ৰাজনীতিত বাৰুকৈয়ে পৰিছিল। অসম ৰাজ্যিক ভাষা আইন ১৯৬০ চনত বিমলাপ্রসাদ চলিহাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছিল। ইয়াৰ প্রতিবাদ স্বৰূপে সেই সময়ৰ বিভিন্ন পাহাৰীয়া জিলাবোৰৰ নেতাসকল লগ লাগি নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে এটি ৰাজনৈতিক দলৰ জন্ম দিছিল। এই দলটোৰ নাম আছিল All Party Hill Leaders Conferrence (APHLC)বর্তমান অসমত সর্ববৃহৎ জনগোষ্ঠী বড়ো জনগোষ্ঠীটোৱে নিজৰ স্থায়িত্ব ৰক্ষাৰ বাবে সময়ে সময়ে কিছুমান ৰাজনৈতিক দলৰ জন্ম দিছে। এইক্ষেত্রত প্রথম আছিল Plain Tribals Council of Assam (১৯৬৭)। ১৯৭৭ চনৰ নিৰ্বাচনত এই দলে জনতা পার্টীৰ লগত মিত্ৰতা কৰিছিল আৰু কোকৰাঝাৰ লোকসভাব আসনখন দখল কৰিছিল। ১৯৪৮ চনত আহোম, চাহ শ্রমিক আৰু বিভিন্ন জনগোষ্ঠী লগ লাগি সর্বদল গঠন কৰিছিল। ষাঠিৰ দশকত জন্ম লাভ কৰিছিল 'টাই আহোম মংগোলীয় পৰিষদ' আৰু 'ভৈয়াম জনজাতীয় পৰিষদ' (পি টি চিএ)।

সেই সময়তে নির্বাচন আয়োগে পি টি চি এক এটা আঞ্চলিক ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্রদান কৰে। সেই সময়ত এই দলৰ নেতা আছিল চৰণ নাৰ্জাৰী। পিছলৈ বিনয় খুংণ্ডৰ বসুমতাৰীয়ে এই দলৰ পৰা ওলাই আহি পি টি চি এ (প্রগতিবাদী) দলৰ জন্ম দিছিল। ১৯৬৮ চনত এই দলটো ইউ টি এন এল এফ (United Tribal National Liberation front) নাম লৈছিল। ১৯৯৩ চনত বড়োলেও স্বায়ত্তশাসিত পৰিষদ (Bodoland Autonomous Council) গঠন হোৱাৰ পিছত Peoples Democratic Front (PDF) নামেৰে এটা বড়ো জনজাতীয় দলে ভুমুকি মাৰিছিল। ২০০৪ চনৰ বড়ো নেতৃবর্গ, অসম আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিমর্মে বড়োলেও ক্ষেত্রীয় পৰিষদ (Bodo Territorial Autonomous Districts) সৃষ্টি কৰা হৈছিল। ইয়াৰ পিছত হাগ্রামা মহিলাৰী, ৰবিৰাম নাৰ্জাৰী, ইউ জি ব্রহ্ম, চন্দন ব্রহ্ম আদিৰ নেতৃত্বত বিপি পি এফ (Bodoland Peoples Progressive Front) গঠিত হৈছিল।

বড়োসকলৰ দৰে কাৰ্বিসকলেও বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক মঞ্চৰ জন্ম দিছিল। কাৰ্বি আংলঙৰ এজন বিশিষ্ট নেতা হলিৰাম তেৰাঙৰ নেতৃত্বত Progressive Democratic Front ৰ জন্ম হৈছিল অৱশ্যে পিছলৈ এই দলটো অসম গণ পৰিষদৰ লগত চামিল হৈছিল। 'স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতি' কাৰ্বিসকলৰ আন এটি উল্লেখযোগ্য ৰাজনৈতিক দল।

অসমৰ ভাষিক আৰু ধর্মীয় সংখ্যালঘুসকলৰ ফালৰ পৰা দুই-এটা ৰাজনৈতিক দল আৰু গোটে মূৰ দাঙি উঠিছিল। অগপৰ সমসাময়িকভাবে গোলাম ওচমানি আদিৰ নেতৃত্বত সংযুক্ত সংখ্যালঘু মৰ্চা নামৰ এটি আঞ্চলিক দলৰ জন্ম হৈছিল। অতি সম্প্রতি বদৰুদ্দিন আজমলৰ তত্ত্বাৱধানত আৰু নেতৃত্বত সংযুক্ত গণতান্ত্রিক মর্চা নামৰ এটি ধর্মীয় সংখ্যালঘু দলে ভুমুকি মাৰিছে। ভাষিক সংখ্যালঘুৰ ভিতৰত ৰণোজ পেণ্ড, সব্যসাচি ৰাভা আদিৰদ্বাৰা গঠিত আর্মকা (URMCA), বড়োলেও ক্ষেত্রীয় জিলাৰ (Bodoland Territorial District) অন্তর্গত অঞ্চলসমূহৰ অবড়ো জনসাধাৰণৰ অবড়ো সংগ্ৰাম সমিতি আদি তাৎপর্যপূর্ণ। চাহ বনুৱা, নেপালী আদি সম্প্রদায়েও ৰাজনৈতিক স্বার্থ পূৰণৰ বাবে কিছুমান প্রভাৱ গোষ্ঠীৰ জন্ম দিছে।

২। অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ দুৰ্বলতাসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ দুৰ্বলতাসমূহঃ ওপৰৰ আলোচনাত অসমৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ওপৰত বহলভাৱে আলোকপাত কৰা হৈছে।

এই আলোচনাৰ মাজেৰে আঞ্চলিক দলৰ তলত উল্লেখ কৰা দুৰ্বলতাসমূহ লক্ষ্য কৰিব পাৰি—

(ক) দলীয় বিভাজনঃ অসমৰ আঞ্চলিক ৰাজনীতিক দলীয় বিভাজনে দুৰ্বল কৰি তুলিছে। উদাহৰণস্বৰূপে, অসম গণ পৰিষদৰ পৰা বিভাজিত হোৱা গোটবোৰৰ ভিতৰত অন্যতম আছিল নতুন অসম গণ পৰিষদ, জাতীয় সম্মিলনী, তৃণমূল গণ পৰিষদ, অসম গণ পৰিষদ (প্রগতিশীল) আদি। সংযুক্ত সংখ্যালঘু মর্চাত ঘটা বিভাজনে সমগ্র দলটোৰ পতন মাতি আনিছে। স্বায়ত্তশাসিত ৰাজ্য দাবী পৰিষদ, বড়োলেণ্ড পিপল্টু প্রগেচিফ ফ্রন্ট আদি জনজাতীয় আঞ্চলিকতাবাদী দলেও বিভাজনৰ সন্মুখীন হৈছে।

(খ) ক্ষমতাৰ দ্বন্দ্বঃ ক্ষমতাৰ দ্বন্দ্বৰ বাবেও আঞ্চলিকতাবাদী ৰাজনীতি দুৰ্বল হৈছে। উদাহৰণস্বৰূপে ভূণ্ড কুমাৰ ফুকন আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ মাজৰ দ্বন্দ্ব, অতুল বৰা আৰু প্ৰফুল্ল মহন্তৰ দ্বন্দ্ব, বৃন্দাবন গোস্বামী আৰু প্ৰফুল্ল মহন্তৰ মাজৰ দ্বন্দ্ব, ৰবিৰাম নাৰ্জাৰী আৰু হাগ্রামা মহিলাৰীৰ মজৰ দ্বন্দ্ব আদি এই ক্ষেত্রত উল্লেখনীয়।

(গ) দল সলনিঃ অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত দল-সলনি কৰা এটি প্রৱণতা দেখা যায়। উদাহৰণস্বৰূপে ১৯৮৫ চনৰ সংযুক্ত সংখ্যালঘু মৰ্চাৰ ২১জন বিধায়ক গোটেই কেইজন পিছৰ নিৰ্বাচনতো জয়ী হয় যদিও অন্যান্য দলৰ মজিয়াৰ পৰাহে। পি টি চি এৰ জন্মলগ্নৰ অন্যতম নেতা চৰণ নাৰ্জাৰী বৰ্তমান ভাৰতীয় জনতা পার্টীৰ মজিয়াত।

(ঘ) আৱেগভিত্তিক ৰাজনীতিঃ অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি মুখ্যতঃ আবেগভিত্তিক। ১৯৮৫ চনৰ অসম গণ পৰিষদ দলে অসমৰ জনসাধাৰণৰ আবেগক আশ্ৰয় কৰি ৰাজনীতি পথাৰত নামিছিল। ঠিক তেনেকৈ সংযুক্ত সংখ্যালঘু মৰ্চাৰ ৰাজনীতিও অগপৰ বিপৰীতে থকা জনসাধাৰণৰ আৱেগৰ আশ্রয়ত আঞ্চলিক ৰাজনীতিৰ পথাৰত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে।

(ঙ) ব্যক্তিকেন্দ্রিকতাঃ অসমৰ আঞ্চলিক ৰাজনীতিৰ আন এটি দুর্বলতা হ'ল ব্যক্তিকেন্দ্রিকতা। জন্মলগ্নৰ অগপ প্রফুল্ল মহন্ত কেন্দ্রিক, বৃন্দাবদন গোস্বামী কেন্দ্রিক, সংযুক্ত গণতান্ত্রিক মর্চা বদরুদ্দিন আজমল কেন্দ্রিক; তৃণমূল অগপ অতুল বৰা কেন্দ্রিক আদি বিষয় উল্লেখ কৰিব পাৰি।

(চ) ক্ষুদ্ৰ ৰাজনৈতিক স্বার্থক অগ্রাধিকাৰঃ অসমৰ আঞ্চলিক ৰাজনীতিত ক্ষুদ্ৰ ৰাজনৈতিক স্বার্থক সামুহিক স্বাৰ্থতকৈ বেছি অগ্রাধিকাৰ দিয়া পৰিলক্ষিত হয়। পি টি চি এৰ পতনৰ মুখ্য কাৰণ আছিল সামুহিক লক্ষ্যতকৈ ক্ষুদ্ৰ ৰাজনৈতিক স্বার্থক অধিক গুৰুত্ব প্রদান। সংযুক্ত সংখ্যালঘু মৰ্চাৰ নেতাসকলে নিজ নিজ ৰাজনৈতিক স্বার্থ পূৰণাৰ্থে আন দললৈ প্রস্থান কৰোঁতে কোনো দ্বিধাবোধ কৰা নাছিল।

(ছ) পৰিয়ালকেন্দ্ৰিক ৰাজনীতিঃ অসমৰ আঞ্চলিক ৰাজনীতিত বিশেষকৈ অসম গণ পৰিষদৰ ৰাজনীতিত পৰিয়ালকেন্দ্ৰিকতাৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়। উদাহৰণস্বৰূপে, প্রফুল্ল মহন্তৰ সময়ত নিজৰ পত্নীক ৰাজনৈতিক সুবিধা দান কৰা, ললিত ৰাজখোৱা, নগেন শৰ্মা আদিৰ মৃত্যুৰ পিছত সংশ্লিষ্ট লোকসকলৰ পত্নীক বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট প্রদান কৰা আদি বিষয়ক এই ক্ষেত্রত উল্লেখ কৰিব পাৰি।

(জ) অনুশাসনহীনতাঃ অসমৰ আঞ্চলিক ৰাজনীতিত দলীয় অনুশাসনহীনতাও এটি উল্লেখনীয় দুর্বলতা। দলৰ হুইপ অমান্য কৰিও অগপ দলত থকা সময়ত আব্দুল জব্বৰ, আলি আকবৰ মিত্ৰা আদি বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ প্রতিকূলে যাব পৰাকৈ নিজ নিজ ভোট নষ্ট কৰিছিল। বর্তমান বড়ো ৰাইজৰ অতি আকাংক্ষাৰ বি পি পি এফ দলত দুটা সমভাবে শক্তিশালী গোটৰ সৃষ্টি হৈ দলীয় আনুগত্যৰ প্ৰতি প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

৩। ভাৰতত সংযুক্ত বা মৰ্চা চৰকাৰ ৰাজনীতিৰ উত্থান আৰু মৰ্চা ব্যৱস্থাৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ আমাৰ ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাত সাধাৰণতে লোকসভা বা ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচনত যিটো দলে নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন লাভকৰিব সেই দলেহে চৰকাৰ গঠনৰ ক্ষমতা লাভ কৰিব। কিন্তু ১৯৮৯ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত সংসদত কোনো এটা দলেই নিৰংকুশ সংখ্যা গৰিষ্ঠ আসন লাভ কৰিব নোৱাৰিলে। সংসদত যেতিয়া কোনো এটা দলে চৰকাৰ গঠন কৰিবৰ জোখাৰে আসন লাভ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া তাক ওলমা সংসদ (hung parliament) বুলি কোৱা হয়। গতিকে এনে পৰিস্থিতিত বিভিন্ন ৰাজনৈতিক দলে মিত্রতা স্থাপন কৰি চৰকাৰ গঠন কৰা দেখা যায়। এইদৰে দুই বা ততোধিক দলসমূহে মিত্ৰতাৰ ভিত্তিত গঠন কৰা চৰকাৰ ব্যৱস্থাক মৰ্চা বা সংযুক্ত চৰকাৰ বুলি কোৱা হয়। সাধাৰণতে আমাৰ ভাৰতবৰ্ষৰ দৰে বহুদলীয় পদ্ধতিৰ প্ৰচলন থকা দেশত মিত্রতা বা মৰ্চা চৰকাৰ গঠনৰ প্ৰৱণতা বেছি। উদাহৰণস্বৰূপে হাৰিয়ানাত ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হৈছিল।

গতিকে সংযুক্ত বা মৰ্চা চৰকাৰ হৈছে দুই বা ততোধিক ৰাজনৈতিক দলসমূহ একত্রিত হৈ বা মিত্ৰতা স্থাপনৰ জৰিয়তে এক উমৈহতীয়া উদ্দেশ্য, কার্যসূচী, আমোলাৰে উদ্বুদ্ধ হৈ চৰকাৰ গঠনৰ প্রক্রিয়া। অধ্যাপক F.A. Oggৰ ভাষাত কোনো ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধভাবে মিলিত হৈ চৰকাৰ গঠনৰ উদ্দেশ্যে কৰা এক সহযোগিতামূলক প্রচেষ্টাই হৈছে সংযুক্ত বা মৰ্চা চৰকাৰ বা ৰাজনীতি। (According to F. A. Ogg a Coalition politics is a cooperative arrangement under which district political parties or at all events members of such parties unite to form a government or ministry)সাধাৰণতে ৰাজনৈতিক দলসমূহে প্রাক মিত্ৰতা আৰু পৰৱৰ্তী মিত্ৰতা এই দুই প্ৰকাৰৰ মিত্ৰতা স্থাপন কৰা দেখা যায়। প্রাক মিত্রতা বুলিলে সংখ্যাগৰিষ্ঠ আসন লাভৰ উদ্দেশ্যেৰে দুই বা ততোধিক দলসমূহৰ মাজত নিৰ্বাচনৰ পূৰ্ব অৱস্থাত কৰা মিত্ৰতাক বুজা যায়। দ্বিতীয়তে, পৰৱৰ্তী মিত্ৰতাই নিৰ্বাচনৰ ফলাফলৰ পিছত স্থাপন কৰা বা আবদ্ধ হোৱা মিত্ৰতা ব্যৱস্থাক বুজায়।

মিত্ৰতা বা মৰ্চা ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্যঃ মিত্ৰতা চৰকাৰ ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে—

(ক) মিত্ৰতা বা মৰ্চা চৰকাৰ গঠনৰ বাবে দলসমূহে প্রাক মিত্ৰতা বা পৰৱৰ্তী মিত্ৰতা-এই দুই মিত্রতা ব্যৱস্থাত আবদ্ধ হ'ব পাৰে।

(খ) সাধাৰণতে সংসদত সংখ্যাগৰিষ্ঠ আসন লাভৰ উদ্দেশ্যেৰেহে দলসমূহৰ মিত্ৰতা স্থাপন কৰা হয়। এনে প্রক্রিয়াত দুই বা ততোধিক দলৰ অংশগ্রহণ অৱশ্যম্ভাবী।

(গ) সংযুক্ত বা মৰ্চা চৰকাৰ ব্যৱস্থাত প্ৰত্যেক সদস্যভুক্ত দলেই ক্ষমতাৰ অংশীদাৰী হ'ব পাৰে। অৰ্থাৎ দলসমূহৰ মাজত কম-বেছি পৰিমাণে ক্ষমতা লাভৰ চুক্তি বা চৰ্তৰ ওপৰত ভিত্তি কৰি মিত্ৰতা স্থাপন কৰা হয়।

(ঘ) মিত্ৰতা চৰকাৰ ব্যৱস্থাত সদস্যভুক্ত বা সংযুক্ত দলীয় সদস্যসকলে নিজ নিজ ভাবাদর্শসমূহ প্রয়োজনসাপেক্ষে ত্যাগ কৰি একে আদর্শ, নীতি কাৰ্যসূচীৰ দ্বাৰা পৰিচালিত হয়।

৪। অসমত আঞ্চলিকতাবাদ উদ্ভৱ হোৱাৰ কাৰণসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ যদিও অসমত ১৯৭৯ চনত বিদেশী বহিষ্কাৰ আন্দোলনে গা কৰি উঠিছিল তথাপিও অসমত আঞ্চলিকতাবাদী ভাবধাৰাৰ জন্ম স্বাধীনতাৰ আগতে হৈছিল। বিশেষকৈ অসমত যেতিয়া অসমীয়া ভাষাৰ সলনি বঙলা ভাষা কেইজনমান বঙালীৰ প্ৰৰোচনাত পৰি ব্ৰিটিছে প্রয়োগ কৰিলে, তেতিয়াই আনন্দৰাম ঢেকিয়াল ফুকন, মণিৰাম দেৱান, অম্বিকাগিৰি ৰায় চৌধুৰী, বাণীকান্ত কাকতি, গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ জেবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা আদি কেইজনমান অসমৰ সুযোগ্য সন্তানে অসমত অসমীয়া ভাষাহে প্রয়োগ কৰিব লাগে, বঙালী নহয় বুলি ব্ৰিটিছ চৰকাৰৰ ওচৰত দাবী জনালে। সেই সময়ত বিশেষকৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসম সাহিত্য সভা আদিয়ে অসমীয়া ভাষাক প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। এই আঞ্চলিকতাবাদী ভাবধাৰা অকল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে হৈছিল। অসমত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষা পুনৰ স্থাপনৰ বাবে বেপ্টিষ্ট মিছনাৰীসকলৰ প্রত্যক্ষ সহযোগত অসমীয়া কেইজনমান নেতাৰদ্বাৰা আনুষ্ঠানিক প্রচেষ্টা চলে। এই প্রচেষ্টাটোকে অসমৰ জাতীয়তাবাদ বা উপ-জাতীয়তাবাদ বুলিব পাৰি।

ভাৰতবৰ্ষত ১৯৬৯ চনৰ পৰা আঞ্চলিকতাবাদী ৰাজনীতিয়ে গা কৰি উঠে। ইয়াৰ আগতে ভাৰতবৰ্ষৰ তামিলনাডু আৰু পঞ্জাবৰ বাহিৰে আন আন ৰাজ্যবোৰত আঞ্চলিকতাবাদী ৰাজনীতিয়ে মূৰ দাঙি উঠিব পৰা নাছিল। ১৯৬৯ চনৰ পিছৰ পৰা লাহে লাহে ভাৰতবৰ্ষৰ আন আন ৰাজ্যবোৰতো আঞ্চলিকতাবাদী ৰাজনীতিয়ে গা কৰি উঠে। অসমতো ১৯৬৯ চনৰ পিছতে আঞ্চলিকতাবাদী ৰাজনীতিয়ে ঠন ধৰি উঠে।

ইতিমধ্যে ওপৰত আলোচনা কৰি অহা অসমৰ আঞ্চলিকতাৰ প্ৰকৃতিৰ মাজেৰে আঞ্চলিকতাবাদৰ উদ্ভৱৰ বিভিন্ন দিশত ভিন ভিন এইটো সহজে অনুমেয় যে ৰাজ্যখনৰ কাৰণ জড়িত হৈ আছে। ভৌগোলিক পৃথকতা, কেন্দ্রীয় প্রশাসনৰ অৱহেলা, অসম অর্থনৈতিক উন্নয়নৰ লগতে অসমৰ বৈচিত্র্যপূর্ণ বৰ্ণময় সমাজখনৰ বহু গোষ্ঠীয় উপাদানসমূহৰ পাৰস্পৰিক ক্রিয়া-প্রতিক্ৰিয়াৰ এক উমৈহতীয়া উদ্ভৱ হ'ল অসমৰ আঞ্চলিকতাবাদ। ব্যাপক অবৈধ-বৈধ গণ প্ৰব্ৰজন আৰু কিছুমান ঐতিহাকি কাৰণো এই ক্ষেত্রত লুকাই আছে।

তলত এনে উপাদানসমূহৰ ওপৰত এটি আলোচনা আগবঢ়োৱা হ'ল—

(ক) ভাৰতীয় সংবিধানৰ কেন্দ্ৰীয় প্ৰৱণতাঃ ভাৰতবৰ্ষৰ জনসাধাৰণে যথার্থতে বিচাৰিছিল এখন 'ফেডাৰেল ৰাষ্ট্ৰ', কিন্তু ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সেই কথা স্পষ্ট কৰা নহ'ল। অর্থাৎ ভাৰতবৰ্ষক সংঘীয় ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰা হ'ল। ফলস্বৰূপে ৰাজ্যসমূহৰ আৰু কেন্দ্ৰীয় বিষয়সমূহৰ পৃথকতা দেখুৱালেও ৰাজ্যসমূহক কেন্দ্ৰ মুখাপেক্ষী কৰি ৰখা হ'ল। ভাৰতবৰ্ষত আঞ্চলিকতাবাদ গঢ় লৈ উঠাৰ ইয়েই আছিল প্রধান কাৰণ। এই একেটা কাৰণ অসমত আঞ্চলিকতাবাদৰ উদ্ভৱ আৰু বিকাশৰ বাবে সমানে দায়ী। অসমৰ বহু জনগোষ্ঠীয় অঞ্চলটোৰ বাবে কিছু স্বায়ত্তশাসিত ব্যৱস্থাৰ অতি আৱশ্যক আছিল।

(খ) অসম অর্থনৈতিক বিকাশঃ স্বাধীনতাৰ পিছৰে পৰা ভাৰতবৰ্ষৰ আন কিছুমান ৰাজ্য যেনে— মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, পশ্চিমবংগ, অন্ধ্রপ্রদেশ আদিৰ তুলনাত অসম অর্থনৈতিক ক্ষেত্রত তুলনামূলকভাৱে বহু পিছ পৰি ৰয়। ইয়াৰ কাৰণ হ'ল ৰাজ্যখনৰ আন্তঃগাঁথনিৰ বিকাশৰ অভাৱ, প্রাকৃতিক সম্পদৰ প্রয়োজনীয় ব্যৱহাৰৰ অভাব, ভূমি ব্যৱস্থাত অবৈজ্ঞানিক উৎপাদন ব্যৱস্থাৰ প্রয়োগ, দৰিদ্রতা, জনসংখ্যাৰ অত্যধিক বৃদ্ধি আদি। ইয়াৰ ফলত ৰাজ্যখনৰ নিবনুৱা সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে। জনসাধাৰণৰ মাজত ক্রমাগতভাবে বৃদ্ধি পোৱা অসন্তুষ্টিয়ে অৱশেষত আঞ্চলিকতাবাদৰ ৰূপ লাভ কৰিছে। এনেদৰে ৰাজ্যসমূহৰ অসম অর্থনৈতিক বিকাশৰ ফলত সৃষ্টি হোৱা অসন্তুষ্টি আৰু ভাষিক-সাংস্কৃতিক স্বার্থ বিঘ্নিত হোৱাৰ আশংকা অসমৰ আঞ্চলিকতাবাদৰ সৃষ্টিৰ এটি উল্লেখযোগ্য কাৰণ।

(গ) ভাষাগত উপাদানঃ অসমত আঞ্চলিকতাবাদ সৃষ্টিৰ আন এটা কাৰণ হ'ল ভাষাগত। স্বাধীনতাৰ পিছৰে পৰা অসমত ভাষা-ভিত্তিক বহুতো সংঘাতে দেখা দিয়ে। অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে চৰকাৰে পদক্ষেপ গ্রহণ কৰোঁতে অসমৰ পাহাৰীয়া অঞ্চলবোৰৰ লগতে বৰাক উপত্যকাত প্রতিক্ৰিয়াৰ সৃষ্টি হয়। অসম সাহিত্য সভা আদি অনুষ্ঠানেও অসমীয়া ভাষা সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ দৃষ্টিভংগীক সমর্থন জনায়। যোৱা শতিকাৰ সত্তৰ দহকৰ পৰা অৱস্থাৰ দ্রুত পৰিৱৰ্তন ঘটিবলৈ ধৰে। ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ নেতৃত্ব দি ছাত্র সন্থাই সমগ্ৰ অসমত এক অৰাজনৈতিক শক্তি হিচাপে আত্ম প্রতিষ্ঠা লাভ কৰে। মাধ্যম আন্দোলনে অসমৰ অসমীয়াভাষী আঞ্চলিকতাবাদৰ স্থিতি মজবুত কৰে। আনহাতে, অসমৰ আন এক জনগোষ্ঠী বড়োসকলেও ৰোমান লিপিৰ সমর্থনত ব্যাপক আন্দোলন গঢ়ি তোলে। এনেকৈ অসমৰ ক্ষুদ্র জনগোষ্ঠীসমূহৰ মাজতো উপ-আঞ্চলিকতাবাদ ভাষা ভিত্তিত গঢ় ল'বলৈ ধৰে। অসম চুক্তিয়ে (১৯৮৫) যেনেকৈ অসমীয়া ভাষাৰ উন্নয়নৰ বাবে ব্যৱস্থা লোৱাৰ বাবে অংগীকাৰবদ্ধ হয়, তেনেকৈ 'বড়োচুক্তি' (২০০৩) য়ে বড়ো ভাষাক সংবিধানৰ অষ্টম অনুসূচীভুক্ত কৰিবলৈ অংগীকাৰবদ্ধ হয়। পিছত সংবিধানৰ ৯২তম সংশোধনীৰ ২০০৪ অনুসৰি বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত হয়।

(ঘ) ব্যাপক প্ৰব্ৰজন আৰু অসম আন্দোলনঃ অসমৰ আঞ্চলিকতাবাদী মনোভাব ব্যাপক বিদেশী প্ৰব্ৰজনৰ বাবেও উত্থান হৈছে। সদৌ অসম গণ সংগ্রাম পৰিষদৰ বেনাৰত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বিতাৰণ আন্দোলন বা অসম আন্দোলনৰ সময়ত আঞ্চলিকতাবাদী দৃষ্টিভংগীয়ে সমগ্র ৰাজ্যত ব্যাপক প্ৰচাৰ লাভ কৰে। এই আন্দোলনৰ সমৰ্থক আৰু বিৰোধী দুয়োটা গোটে ভিন ভিন দৃষ্টিভংগী লৈ অসমৰ সাৰুৱা পথাৰত আঞ্চলিকতাবাদৰ বীজ ৰোপণ কৰে। পৰৱৰ্তী সময়ত এইবোৰৰ ঠাল-ঠেঙুলিৰে অসমত আঞ্চলিকতাবাদৰ ব্যাপকতাৰ সৃষ্টি হয়।

(ঙ) আঞ্চলিক ৰাজনৈতিক দলঃ আঞ্চলিকতাবাদক ব্যাপক অর্থক প্রতিনিধিত্ব কৰা প্ৰথম আঞ্চলিক ৰাজনৈতিক দল হ'ল অসম গণ পৰিষদ। অসম গণ পরিষদ দলে এটি অঞ্চল হিচাপে অসমৰ বাবে অধিক স্বায়ত্ত শাসন, অর্থনৈতিক আন্তঃগাঁথনি নির্মাণ, বিদেশী বহিষ্কৰণ আদি দাবী লৈ ১৯৮৫ চনত জন্ম লাভকবে। অসমৰ সংখ্যালঘু লোকসকলৰ স্বাৰ্থৰ নিৰাপত্তাৰ নিশ্চয়তা আগত ৰাখি অগপক প্রত্যাহ্বান জনোৱাৰ অভিপ্রায় লৈ গঠিত হৈছিল আন এটি আঞ্চলিক ৰাজনৈতিক দল- সংযুক্ত সংখ্যালঘু মর্চা (ইউ এম এফ)। এই দল দুটি গঠনে যেন আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ দুৱাৰ খোল খুৱাই দিয়ে। তাৰ পিছৰে পৰাই বহুকেইটা আঞ্চলিক ভাবাপন্ন ৰাজনৈতিক দলৰ জন্ম আৰু অৱসান প্রক্রিয়া চলিব ধৰে। অতি সম্প্রতি আঞ্চলিক ৰাজনৈতিক দল হিচাপে নির্বাচনী আয়োগৰদ্বাৰা স্বীকৃত দলকেইটা হ'ল অসম গণ পৰিষদ, অসম গণ পৰিষদ (প্রগতিশীল) আৰু স্বায়ত্ত ৰাজ্য দাবী সমিতি। ইয়াৰ উপৰি বড়োলেও পিপলচ্ প্রগেছিভ ফ্রন্ট, সংযুক্ত গণতান্ত্রিক মৰ্চা, তৃণমূল গণ পৰিষদ, পূৰ্বাঞ্চলীয় লোক পৰিষদ, সংযুক্ত সংখ্যালঘু মৰ্চা আদিও অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আঞ্চলিকতাবাদী দল হিচাপে সক্রিয় হৈ আছে।

(চ) গোষ্ঠীগত চেতনাঃ নগেন শইকীয়াৰ মতে 'অসম চুক্তিৰ পিছত আঞ্চলিকতাবাদী দল গঠনৰ ক্ষেত্ৰ মুকলি হ'ল। লগে লগে অসমৰ অন্যান্য নৃগোষ্ঠী তথা থলুৱা ভাষা-গোষ্ঠীসমূহৰ মাজতো গঢ় লৈ উঠিল সমান্তৰাল একো একোটা ৰাজনৈতিক গোট।' গোষ্ঠীগত স্বায়ত্ত শাসন দানৰ প্ৰক্ৰিয়াই এই অৱস্থাক আৰু অধিক সাৰ-পানী যোগাবলৈ ধৰিছে। এক কথাত আঞ্চলিকতাবাদে অসমত সমগ্ৰ ৰাজ্যখনক সামৰাৰ পৰিৱৰ্তে এতিয়া ক্ষুদ্ৰতৰ অঞ্চলক সামৰি লৈ বিভিন্ন ৰূপত মূৰ দাঙি উঠিছে।

(ছ) দলা-দলিঃ বহুক্ষেত্রত দলীয় আৰু উপদলীয় সংঘাতে আঞ্চলিকতাবাদৰ ছাঁত আশ্রয় লোৱা দেখা যায়। অসম গণ পৰিষদৰ পৰা নতুন গণ পৰিষদ দল, বি পি পি এফৰ ৰবিৰাম নাৰ্জাৰী গোট আৰু হাগ্রামা মহিলাৰী গোট, অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত হৈ জন্ম লোৱা সংযুক্ত জনজাতীয় মুক্তি মর্চা আদি হ'ল এনে আঞ্চলিকতাবাদৰ ধ্বজাবাহী। অতি সম্প্রতি অসম গণ পৰিষদৰ পৰা উপদলীয় কন্দলৰ পৰিপ্ৰেক্ষিতত সৃষ্ট প্রগতিশীল অসম গণ পৰিষদে প্রকৃত আঞ্চলিকতাবাদৰ ধ্বজাবাহী বুলি দাবী উত্থাপন কৰিছ

(জ) ঐতিহাসিক কাৰণঃ অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰে নিজা নিজা ইতিহাস বিদ্যমান। ইংৰাজৰ আগমনৰ আগেয়ে এই জাতি-উপজাতিয়ে নিজ নিজ ক্ষেত্রত স্বকীয় ঐতিহ্য বহন কৰিবলৈ পর্যাপ্ত সুযোগ লাভ কৰিছিল। ইংৰাজসকলেও বিভিন্ন থলুৱা জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ নামত লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। স্বাধীনতাৰ পিছতো বিভিন্ন ব্লক, বেল্ট আদিৰ ব্যৱস্থা কৰে। এনেবোৰ ব্যৱস্থাই এহাতে জনগোষ্ঠীয় অস্তিত্বৰ বাবে সহায়ক হয় যদিও আনহাতে জনসংমিশ্রণৰ প্রক্রিয়া বাধাপ্রাপ্ত হয়। এনেকৈ এহাতে অসমীয়া জাতীয়তাবাদ আৰু আনহাতে জনগোষ্ঠীয় অস্তিত্ববাদে অসমৰ আঞ্চলিকতাবাদক সুদৃঢ় ভেটি প্রদান কৰিছে।

(ঝ) মধ্যবিত্ত শ্ৰেণীৰ ভূমিকাঃ অসমলৈ আঞ্চলিকতাবাদৰ ধ্বজা বহনকাৰী হিচাপে মধ্যবিত্ত শ্ৰেণীটোৰ ভূমিকা অন্যতম। অসমৰ গোটেইকেইটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত মধ্যবিত্ত শ্রেণীটোৱে আগভাগ লৈছে। লগতে ভাষিক, সাংস্কৃতিক আদি ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীটোৰদ্বাৰা চালিত সংস্থাসমূহে মুখ্য ভূমিকা গ্রহণ কৰে।

(ঞ) সংৰক্ষণৰ ৰাজনীতিঃ অসমৰ আঞ্চলিকতাবাদী ভাবধাৰাৰ উপ-আঞ্চলিকতাবাদক সাৰ-পানী যোগাইছে সংৰক্ষণৰ ৰাজনীতিয়ে। ভাৰতৰ সংবিধানে সমাজৰ পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে এক নির্দিষ্ট সময়ৰ বাবে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক বিষয়ত সংৰক্ষণৰ পোষকতা কৰিছে। অসমৰ পাহাৰ আৰু ভৈয়ামৰ বিভিন্ন গোষ্ঠীক এই নীতি অনুসৰি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা জাতি আদি ভাগত ভগাই সেইবোৰৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। বর্তমান অসমত বিভিন্ন জনগোষ্ঠীৰ পৰা ভিন ভিন ক্ষেত্ৰত সংৰক্ষণৰ দাবী উঠিছে। ৰাভা-হাজং, টিৱা, মিচিং আদিৰ ষষ্ঠ অনুসূচীত অন্তর্গত স্বায়ত্ত শাসন ব্যৱস্থাৰ দাবী, কোচ-ৰাজবংশী, আহোম, চাহ, বনুৱা জনগোষ্ঠী আদিৰ জনজাতিকৰণৰ দাবী আদিৰ মাজেৰে এনে আঞ্চলিকতাবাদী ধাৰণাৰ পূৰ্ণ বিকাশ হ'বলৈ আৰম্ভ কৰিছে।

(ট) কৰ্মঃসংস্থাপনৰ অভাৱঃ অসমৰ আঞ্চলিকতাবাদী ভাবধাৰাক সাৰপানী যোগোৱা আন এটি কাৰণ হ'ল কর্ম-সংস্থাপন। অসমৰ জনসংখ্যাত এটি বৃহৎ অংশ কর্ম-সংস্থাপনৰ অভাৱত ভুগিব লগা হৈছে। এনে পৰিস্থিতিত অসমৰ বিভিন্ন উদ্যোগ প্রতিষ্ঠানত অনা অসমীয়া লোকক নিযুক্তি দিয়াৰ বাবে সময়ে সয়ে ব্যাপক ক্ষোভৰ সৃষ্টি হয়। ৰে'লৱে বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী মকৰলৰ ঘটনাৱলীক এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি।

৫। অসমৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দলসমূহে অসমৰ ৰাজনীতিত কিদৰে ভূমিকা পালন কৰিছে আলোচনা কৰা।

উত্তৰঃ বৰ্তমান অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কিছুমান অতি ক্ষুদ্র আঞ্চলিক ৰাজনৈতিক দলে অৱস্থান গ্রহণ কৰি আছে। এই দলবোৰৰ কিছুমান দল বিভাজনৰ ফলস্বৰূপে উদ্ভৱ হোৱা, আন কিছুমান বিশেষ গোষ্ঠীভিত্তিক আৰু কিছুমান উপ-আঞ্চলিক ভিত্তিত গঢ়ি উঠা। অসম গণ পৰিষদ দলৰ পৰা বিভাজিত হৈ জন্ম লাভ কৰিছে তৃণমূল অসম গণ পৰিষদ আৰু অসম গণ পৰিষদ (প্রগতিশীল)। 'বড়োলেও টেৰিট'ৰিয়েল অটোন 'মাচ ডিস্ট্রিক্ট' চুক্তিৰ পিছত সদৌ বড়ো ছাত্ৰ সন্থা আৰু সন্ত্রাসবাদ এৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা বড়োলেও লিবাৰেচন টাইগাৰছৰ উদ্যোগত গঢ়ি উঠা 'বড়োলেও পিপলছ প্রগেছিভফ্রন্ট' 'ল আন এটি নব্য আঞ্চলিকতাবাদী ৰাজনৈতিক দল। হোজাইৰ বিখ্যাত আগৰ ব্যবসায়ী আৰু সুগন্ধি আঁতৰ প্ৰস্তুত কৰোঁতা বদৰুদ্দিন আজমলৰ তত্ত্বাৱধানত সংখ্যালঘুসকলৰ স্বাৰ্থৰক্ষাৰ প্ৰসংগ আগত ৰাখি গঢ় লৈ উঠিছে সংযুক্ত গণতান্ত্রিক মর্চা। কার্বি আংলঙত সক্রিয় স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতিৰ বিভিন্ন গোটবোৰেও অসমৰ আঞ্চলিক ৰাজনীতিত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ থল আছে। লগতে কোচ-ৰাজবংশী ছাত্র সন্থা (বিশ্বজিৎ বয় গোট), অসমৰ চাহ-জনগোষ্ঠী আদিৰদ্বাৰা সমৰ্থিত গোট কিছুমানৰ প্রভাবো অসমৰ আঞ্চলিক ৰাজনীতিত ক্ৰিয়া কৰিব বুলি ধাৰণা কৰিব পাৰি।

(ক) তৃণমূল অসম গণ পৰিষদ (Trinamul Asom Gana Parishad): অসম গণ পৰিষদৰ দ্বিতীয় কার্যকালৰ সময়ছোৱাত ভেদ ভাবপূৰ্ণ ৰাজনীতিয়ে শিখৰলৈ গতি কৰিছিল। বিভিন্ন শীর্ষস্থানীয় ব্যক্তিক চৰকাৰৰ নেতৃত্বৰ পৰা আঁতৰাই ৰখা হৈছিল। আনহাতে, আন কিছুমানক কম গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰা হৈছিল। এনে এক ঘটনাপ্রৱাহৰ ফলস্বৰূপে চৰকাৰখনৰ মন্ত্রীসভা সালসলনি কৰোঁতে গড়কাপ্টানী মন্ত্রী অতুল বৰাক কম গুৰুত্বপূর্ণ বন দপ্তৰলৈ স্থানান্তৰিত কৰা হৈছিল। ফলত জ্যেষ্ঠ মন্ত্রীজনাই অপদস্থ বোধ কৰি মন্ত্রীসভাৰ পৰা পদত্যাগ কৰাৰ লগতে মুখ্যমন্ত্ৰীজনাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰে। অতুল বৰাৰ এনে আচৰণৰ বাবে তেওঁক অসম গণ পৰিষদ দলৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হয়।দলটোৰ নেতৃত্বৰ ফালৰপৰা এনে আচৰণ লাভ কৰাৰ ফলস্বৰূপে বহিষ্কৃত অতুল বৰা আৰু লগতে পুলকেশ বৰুৱা প্ৰমুখ্যে অগপ নেতাসকলে নিজ নিজ সমৰ্থকৰ সৈতে মূল দলটোৰ পৰা প্ৰস্থান কৰি তৃণমূল অসম গণ পৰিষদ নামেৰে আন এটি আঞ্চলিকতাবাদী দলৰ জন্ম দিয়ে। তৃণমূল অগপৰ প্ৰধান দাবী আছিল অগপ দলৰ ক্ষমতালোভী, দুর্নীতি পৰায়ণতা আৰু পৰিয়ালকেন্দ্রিক ৰাজনীতিক প্রতিহত কৰি এক সুস্থ আঞ্চলিক ৰাজনীতিৰ ভেটি গঠন কৰা। এই দলটোৰ প্ৰভাৱ মুখ্যতঃ দলটোৰ নেতাসকলৰ গৃহ সমষ্টি বিলাকতে মুখ্যতঃ সীমাবদ্ধ।

নির্বাচনী সাফল্যঃ  তৃণমূল অগপ দলটোৱে ২০০১ চনৰ অসম একাদশ বিধানসভাৰ নির্বাচনত কেইখনমান আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু দলটোৰ মুখ্য নেতাদ্বয় অতুল বৰা আৰু পুলকেশ বৰুৱা দুয়োজনে কংগ্ৰেছ (ই) প্রার্থীৰ হাতত পৰাজয়বৰণ কৰে। দলটোৰ হৈ একমাত্র বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰেমধৰ বৰাই নিৰ্বাচিত হৈ আহিবলৈ সক্ষম হয়। প্ৰেমধৰ বৰাই উক্ত সমষ্টিটোৰ পৰা ১৯৬৭, ১৯৭২ আৰু ১৯৭৮ চনৰ বিধানসভা নির্বাচনতো নির্দলীয় প্রার্থী হিচাপে জয়লাভ কৰিছিল। তৃণমূল অগপ দলে দ্বাদশ বিধানসভা নির্বাচনত অধিক সাফল্য লাভ কৰাৰ বাবে আশাবাদী।

(খ) অসম গণ পৰিষদ (প্রগতিশীল) (Asom Gana Parishad Progressive): "বালিলৈ যিপাত শৰ সুগ্ৰীৱলৈও সিপাতে শৰ" কথনটো অসম গণ পৰিষদ দলৰ প্রতিষ্ঠাপক সভাপতি, অগপৰ দুটি কার্যকালৰ (১৯৮৫-৮৯) আৰু (১৯৯৬-২০০১) মুখ্যমন্ত্রী আৰু এটি কার্যকালৰ বিৰোধী দলৰ নেতা প্রফুল্ল মহন্তৰ ক্ষেত্ৰত তাৎপর্যপূর্ণভাৱে প্রয়োগ কৰিব পাৰি। ১৯৯১ চনৰ অগপ বিভাজিত গোট নতুন অসম গণ পৰিষদ দলৰ এজন অন্যতম কাণ্ডাৰী আছিল বৃন্দাবন গোস্বামী। পিছলৈ নতুন অসম গণ পৰিষদ, অগপত চামিল হোৱাৰ ফলস্বৰূপে বৃন্দাবন গোস্বামীৰো অগপলৈ আগমন হয়। ইতিমধ্যে দুর্নীতি, অনৈতিকতা, পৰিয়ালকেন্দ্রিক ৰাজনীতি, গুপ্তহত্যা আদি নানান অভিযোগেৰে প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ জনসাধাৰণৰ লগতে দলটোৰ বহুতৰে অপ্রিয়ভাজন হৈ পৰিছিল। এনে সন্ধিক্ষণত ২০০৩ চনত দলটোৰ তেজপুৰ অধিৱেশনত বৃন্দাবন গোস্বামী সভাপতিৰূপে নির্বাচিত হয়। পিছৰ পৰ্যায়ত প্রফুল্ল কুমাৰ মহন্তক বিভিন্ন দলবিৰোধী কার্যকলাপৰ মুখ্য প্ৰৰোচক হিচাপে অভিহিত কৰি দলৰ পৰা বহিষ্কাৰ কৰা হয়।

বহিষ্কৃত হৈ মহন্তই তেওঁৰ সমৰ্থকৰ সৈতে এটি নতুন দলৰ কুক্কাৱাজ আৰম্ভ কৰে। এনে কুকাৱাজৰ ফলস্বৰূপে ২০০৫ চনৰ ১৩ আৰু ১৪ ছেপ্টেম্বৰত অগপ দলটোত বৃহৎ বিভাজন সংঘটিত হৈ অসম গণ পৰিষদ (প্রগতিশীল) ৰ জন্ম হয়। এই দলটোৰ সাংগঠনিক ব্যবস্থা, লক্ষ্য, উদ্দেশ্য আটাইবোৰে অগপৰ লগত একে। বর্তমান অগপ (প্রগতিশীল)ব সভাপতি প্রফুল্ল কুমাৰ মহন্ত।

(গ) বড়োলেণ্ড পিপলছ প্রগেছিভ ফ্রন্ট (Bodoland Peoples Progressive Front): ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বি টি এ ডি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰ পৰাই আন্দোলনকাৰী নেতাসকলৰ মাজত বড়ো জনজাতিসকলৰ স্বাৰ্থৰ সুৰক্ষাথে এটি ৰাজনৈতিক দলৰ পোষকতা কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত প্রাক্তন আবছুৰ সভাপতি ৰবিৰাম নাৰ্জাৰীৰ সভাপতিত্বত ১৩ এপ্রিল, ২০০৫ চনত 'বড়োলেণ্ড পিপলছ প্রগ্রেছিভফ্রন্ট' নামেৰে এটি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হয়।

বি পি পি দল গঠন হোৱাৰ ঠিক পিছতেই বড়োলেও ক্ষেত্রীয় পৰিষদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত দলটোৰ মাজত কোৰোণে দেখা দিয়ে। এটা ভাগে ৰবিৰাম নাৰ্জাৰীৰ পক্ষ আৰু আনটো চামে প্রাক্তন বি এল টি সেনাধ্যক্ষ হাগ্রামা মহিলাৰীৰ পক্ষ লয়। আনকি দলটোৰ সভাপতিজন 'বনৰগাঁও'ৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত পৰাজয়বৰণ কৰে। দ্বাদশ অসম বিধানসভাৰ নিৰ্বাচনৰ পিছত দলটোৰ ভৱিষ্যৎ সম্পর্কে মন্তব্য কৰিব পৰা হ'ব।

(ঘ) সংযুক্ত গণতান্ত্রিক মর্চা (United Democratic Front): দ্বাদশ অসম বিধানসভা নির্বাচনৰ আগে আগে জন্ম লাভ কৰা আন এটি ৰাজনৈতিক দল হ'ল সংযুক্ত গণতান্ত্রিক মর্চা। এই দলটো গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে বদৰুদ্দিন আজমল নামৰ বিখ্যাত 'আগৰ ব্যৱসায়ী জনে। দলটোৱে সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজৰ হকে ৰাজনীতি কৰিব বিচাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে। এই দলটোৰো ৰাজনৈতিক ভবিষ্যৎ দ্বাদশ বিধানসভা নির্বাচনৰ পিছতহে নিশ্চিত কৰিব পৰা হ'ব।

৬। প্রাক্-স্বাধীনতা কালৰ অসমৰ সংযুক্ত চৰকাৰ তথা মৰ্চা ৰাজনীতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত শাসন বিধি অনুসৰি ১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহত অসম বিধানসভাৰ নির্বাচন অনুষ্ঠিত হয়। অসমত কংগ্ৰেছ আৰু নির্দলীয় হিন্দু, ইছলাম প্রজা পার্টী, মিলিত জনসংঘ, অসম উপত্যকা ইছলাম পার্টী, সুৰমা উপত্যকা ইছলাম পার্টী, ইউৰোপীয় (চাহ খেতিয়ক আৰু অন্যান্য) অনুন্নত জনজাতি, শ্রমিক (চাহ শ্রমিক), নির্দলীয় আৰু অন্যান্য ৰাজনৈতিক দলসমূহে নির্বাচনত অংশগ্ৰহণ কৰিছিল। এই নির্বাচনত অসম বিধানসভাৰ ১০৮খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল মাত্র ৩৩খন আসন। অর্থাৎ কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। দলীয় অৱস্থানৰ ফালৰপৰা কংগ্ৰেছ বৃহৎ দল হ'লেও মন্ত্রীসভা গঠন কৰিবৰ জোখাৰে সদস্য সংখ্যা কম আছিল।

গতিকে কংগ্ৰেছে অসমত মন্ত্রীসভা গঠনৰ প্ৰশ্নটো আছিল নিতান্তই অবান্তৰ। এনে এটা পৰিস্থিতিত দলীয় আনুগত্য নির্বিশেষে বিধানসভাৰ সমুদায় মুছলমান সদস্যই একত্রিত হৈ মন্ত্রীসভা গঠনৰ প্ৰস্তুতি চলাইছিল। এই প্ৰস্তুতিৰ ফলস্বৰূপেই অসম বিধানসভাৰ সদ্য নির্বাচিত সকলোবোৰ মুছলমান সদস্যই একত্ৰিত হৈ সংযুক্ত ইছলাম পার্টী (United Muslim Party) গঠন কৰিছিল। এইদৰে আছাম ভেলী ইছলাম পার্টীৰ নেতা ছাৰ ছাদুল্লাৰ নেতৃত্বত ইউৰোপীয়, জনজাতি আৰু মিলিত জনসংঘৰ সদস্যসকলৰ সহযোগত সংযুক্ত মন্ত্রীসভা এখন গঠনৰ সম্ভাৱনা প্রকট কৰে। গতিকে ছাদুল্লাই অসমৰ প্ৰথমখন সংযুক্ত মন্ত্রীসভা গঠন কৰি পহিলা এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী (তেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্রধানমন্ত্রী বোলা হৈছিল) ৰূপে শপত গ্রহণ কৰে। আনহাতে, অসম বিধানসভাৰ বিৰোধী দলৰ নেতা নির্বাচিত হৈছিল কংগ্ৰেছৰ গোপীনাথ বৰদলৈ। দলীয় অৱস্থানৰ ফালৰপৰা অসম বিধানসভাত ছাদুল্লা চৰকাৰৰ স্থিতি মজবুত নাছিল। কোন সময়ত চৰকাৰৰ পতন ঘটে তাৰ কোনো স্থায়িত্ব নাছিল। এই অনিশ্চয়তাৰ অৱসান ঘটাবলৈ প্ৰধানমন্ত্ৰী ছাৰ মহম্মদ ছাদুল্লাই ইছলাম লীগত যোগদান কৰে। সেয়েহে তেওঁ অক্টোবৰ মাহত লক্ষ্ণৌত অনুষ্ঠিত ইছলাম লীগৰ অধিৱেশনৰ পৰা উভতি অহাৰ কিছুদিনৰ ভিতৰতেই তেওঁ প্রধানমন্ত্রী পদবীৰ পৰা পদত্যাগ কৰে আৰু ইছলাম লীগৰ সদস্যৰ অন্তর্ভুক্তিৰে নতুন মন্ত্রীসভা এখন গঠন কৰিবলৈ যত্নপৰ হৈ পৰে। এই যত্নৰ পৰিণতি স্বৰূপেই তেওঁ ১৯৩৮ চনৰ ৫ ফেব্ৰুৱাৰীত অসমৰ গৱৰ্ণৰৰ আমন্ত্রণ ক্রমে দ্বিতীয়বাৰৰ বাবে এখন ছয়জনীয়া সংযুক্ত মন্ত্রীসভা গঠন কৰে।

সংসদীয় ৰাজনীতিৰ এই পাকচক্ৰত পৰি জাতীয়তাবাদী মুছলমান ৰাজনৈতিক নেতা ছাৰ মহম্মদ ছাদুল্লাই ইছলাম লীগৰ দলভুক্ত হৈ ইছলাম লীগৰ নেতৃত্বত সংযুক্ত মন্ত্রীসভা গঠন কৰে। ছাদুল্লাৰ নেতৃত্বাধীন প্রথমখন সংযুক্ত মন্ত্রীসভাতকৈ দ্বিতীয়খন সংযুক্ত মন্ত্রীসভাৰ, বিশেষকৈ বিধানসভাত কৃতকার্যতা আছিল বিশেষ লক্ষণীয়। কিন্তু শেষৰ পিনে চৰকাৰৰ সমর্থনকাৰী ভালেমান সদস্যই বিৰোধী দলৰ সৈতে চামিল হোৱাত চৰকাৰ পক্ষৰ ৪৯জন সদস্যৰ বিপৰীতে বিৰোধী পক্ষৰ সদস্য সংখ্যা ৫৫জনলৈ বৃদ্ধি পায়। এই সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত (১৯৩৮ চনৰ ১২ ছেপ্টেম্বৰৰ দিনাখন) মন্ত্রীসভাৰ বিপক্ষে অনা অনাস্থা প্রস্তাৱৰ পৰিপ্ৰেক্ষিতত পিছ দিনাখন ছাদুল্লাই পদত্যাগ কৰাত অসমত ইছলাম লীগ নেতৃত্বাধীন সংযুক্ত মন্ত্রীসভাৰ পতন ঘটে।

ছাদুল্লাৰ নেতৃত্বাধীন মন্ত্রীসভাৰ পতনৰ লগে লগে কংগ্ৰেছৰ নেতৃত্বত অন্য এখন মন্ত্রীসভা গঠনৰ সম্ভাৱনাই কংগ্ৰেছী মহলত অগ্রাধিকাৰ পায়। কিন্তু এই ক্ষেত্রত নিখিল ভাৰত কংগ্ৰেছ সমিতি আৰু কংগ্ৰেছ সংসদীয় উপ-সমিতিৰ সদস্য মৌলানা আবুল কালাম আজাদৰ দৃষ্টিভংগীয়ে অসম বিধানসভাৰ কংগ্ৰেছ দলপতি গোপীনাথ বৰদলৈ আৰু অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ সভাপতি বিষ্ণুৰাম মেধিক যথেষ্ট চিন্তিত আৰু অসন্তুষ্ট কৰি তুলিছিল। অৱশেষত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি সুভাষ চন্দ্র বসুৰ উদ্যোগ আৰু তৰুণৰাম ফুকনৰ অশেষ চেষ্টা পুৰুষাৰ্থৰ ফলস্বৰূপে ২০ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈৰ নেতৃত্বত প্রথমখন পাঁচজনীয়া কংগ্রেছ নেতৃত্বাধীন সংযুক্ত মন্ত্রীসভা গঠিত হয়। এনেতে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত নৱেম্বৰ মাহৰ ১৫ তাৰিখে অসমত গোপীনাথ বৰদলৈ নেতৃত্বাধীন কংগ্রেছ সংযুক্ত মন্ত্রীসভায়ো পদত্যাগ কৰে। এই পৰিস্থিতিয়ে অসমত তৃতীয়বাৰৰ বাবে ছাৰ মহম্মদ ছাদুল্লাৰ নেতৃত্বত এখন অকংগ্রেছী মন্ত্রীসভা গঠনৰ পথ মোকলাই দিয়ে। তেওঁ দুদিন পিছতে (১৭ নৱেম্বৰত) ইছলাম লীগ নেতৃত্বাধীন মন্ত্রীসভা (১৭ নৱেম্বৰ, ১৯৩৯, ১৩ ডিচেম্বৰ, ১৯৪১) এখন গঠন কৰে।

সি যি কি নহওক, ১৯৪১ চনৰ ১৩ ডিচেম্বৰত বিধানসভাত অনাস্থা প্রস্তাৱ এটি গৃহীত হোৱাত ছাদুল্লা মন্ত্রীসভাৰ পতন ঘটে আৰু গৱৰ্ণৰ ৰবাৰ্ট ৰিডে (Robert Reid) প্রাদেশিক শাসনভাৰ নিজৰ হাতলৈ নিয়ে। ইফালে, চৰকাৰে কংগ্ৰেছ নেতা-কর্মীসকলক জেইলত ভৰোৱাত ছাদুল্লাৰ বাবে পুনৰ মন্ত্রীসভা এখন গঠন কৰাটো পুনৰ উজু হৈ পৰে। আনহাতে, দেশৰ স্বাধীনতা তথা বিয়াল্লিছৰ আন্দোলনৰ সূচনা হোৱাত সেই আন্দোলন দমন কৰিবলৈ ব্রিটিছ সাম্রাজ্যবাদীৰ বাবে মন্ত্রীসভা এখনৰ নিতান্তই প্রয়োজন আছিল। গতিকে এই সুযোগতে ছাদুল্লাই ১৯৪২ চনৰ ২৫ আগষ্টত পুনৰ মন্ত্রীসভা গঠন কৰি অসমত ৰাজনৈতিক ক্ষমতা দখল কৰে।

ছাদুল্লা মন্ত্রীসভাই পূর্ববংগীয় পমুৱাসকলৰ অনুকূলে অসমত প্ৰৱৰ্তন কৰা ভূমি বন্দোবস্তিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ আৰু অন্যান্য ভালেমান জাতীয়তাবাদী সংগঠনৰ নেতা-কর্মীয়ে তীব্র আন্দোলন গঢ়ি তুলিছিল। তাতে আকৌ অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ ইছলাম লীগে কৰা চেষ্টাৰো অন্তই নাছিল। ফলত অসমত ছাদুল্লাবিৰোধী এক আন্দোলন গঢ়ি উঠিছিল। এইদৰে গঢ়ি উঠা ৰাজনৈতিক ধুমুহাৰ আগত ছাদুল্লাৰ ৰাজনৈতিক অস্তিত্ব বিপন্ন হৈ পৰিছিল। তেনে অৱস্থাত তেওঁ গোপীনাথ বৰদলৈ আৰু ৰোহিণী কুমাৰ চৌধুৰীৰ সৈতে মন্ত্রীসভা পুনৰ গঠনৰ ক্ষেত্ৰত এটি বুজাপৰাত উপনীত হৈ ১৯৪৫ চনৰ ২৩ মাৰ্চত পদত্যাগ কৰি প্ৰায় লগে লগেই পঞ্চমবাৰৰ বাবে ছাৰ মহম্মদ ছাদুল্লাই নতুন মন্ত্রীসভা এখন গঠন কৰে। এই মন্ত্রীসভা ১৯৪৬ চনৰ জানুৱাৰীপর্যন্ত বৰ্তি আছিল।

 ৭। অসমত NRCৰ ইতিহাস, প্ৰক্ৰিয়া আৰু ফলাফল বিশদভাবে বর্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ ইতিহাস অসমত বহু গভীৰ আৰু সংবেদনশীল। ১৯৫১ চনত প্ৰথমবাৰ ভাৰতৰ জনগণনা সম্পূৰ্ণ হোৱাৰ পাছত ৰাজ্যভিত্তিকভাৱে নাগৰিকসকলৰ নামৰ তালিকা প্রস্তুত কৰা হৈছিল, যাক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বুলি জনা যায়। কিন্তু তাৰপাছত বাংলাদেশ (তেতিয়াৰ পূর্ব পাকিস্তান)ৰ পৰা অনুপ্ৰবেশৰ ঢৌয়ে অসমৰ সামাজিক গঠনক প্রভাবিত কৰে। এই প্ৰৱাহৰ বিৰুদ্ধে ১৯৭৯ চনত আৰম্ভ হয় অসম আন্দোলন, যাৰ মূল লক্ষ্য আছিল বিদেশীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা। আন্দোলনৰ ফলত ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ হয়। চুক্তিখনত ২৪ মার্চ, ১৯৭১ তাৰিখৰ আগৰ সময়ছোৱাত অসমত থকা সকলো লোকক বৈধ নাগৰিক হিচাপে গণ্য কৰাৰ কথা উল্লেখ আছিল।

NRC প্রক্রিয়া ২০০৫ চনত আৰম্ভ হৈছিল, কিন্তু কার্যত গতি লাভ কৰে ২০১৩ চনৰ পৰা, সর্বোচ্চন্যায়ালয়ৰ নিৰ্দেশত। নাগৰিকত্ব প্রমাণ কৰিবলৈ প্রত্যেক আবেদনকাৰীক নিজৰ পূৰ্বপুৰুষৰ নথি তথা legacy data প্রমাণপত্র দাখিল কৰিব লগা হৈছিল। ১৯৫১ NRC আৰু ১৯৭১ৰ পূৰ্বৰ ভোটাৰ তালিকাক মূল ভিত্তি হিচাপে ধৰা হৈছিল। প্রায় ৩.২ কোটি মানুহে আবেদন দিছিল, যাৰ পৰা তথ্য পৰীক্ষা কৰি চূড়ান্ত NRC ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশ কৰা হয়।

এই চূড়ান্ত NRCত প্রায় ৩.১১ কোটি লোকৰ নাম অন্তর্ভুক্ত হৈছিল আৰু ১৯ লক্ষাধিক লোকৰ নাম বাদ পৰিছিল। ফলত এই ফলাফলে ব্যাপক বিতৰ্কৰ জন্ম দিয়াৰ লগতে অসমবাসীৰ মাজত উদ্বেগৰ পৰিৱেশ সৃষ্টি কৰে। বহুজন প্রকৃত অসমীয়া নাগৰিকৰ নাম বাদ পৰাৰ অভিযোগ তোলে, আনহাতে বিদেশীৰ নাম অন্তর্ভুক্ত হোৱাৰ কথাও কোৱা হয়। এই NRCৰ ফলাফল সমাজৰ একেদৰে জাতিগত, ধর্মীয় আৰু ৰাজনৈতিক বিভাজন বৃদ্ধি কৰে।এই প্রক্রিয়াত প্রশাসনিক অসুবিধাও ব্যাপক আছিল। বিশেষকৈ গাঁওঅঞ্চলৰ দৰিদ্ৰ জনতাই নথি পুৰণ, পৰীক্ষা আৰু পুনৰপ্ৰমাণ প্ৰক্ৰিয়াত বেছি সমস্যাৰ সন্মুখীন হৈছিল। বহু পৰিয়ালৰ নাম বিভক্ত হোৱাত মানসিক চাপ আৰু সামাজিক অনিশ্চয়তা বৃদ্ধি পায়।চূড়ান্ত NRC প্ৰকাশৰ পাছত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে একে সময়তে ইয়াক সন্দেহৰ চকুৰে চালে। NRCত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকক বিদেশী ন্যায়াধীকৰণৰ ওচৰত আপিল কৰাৰ সুযোগ দিয়া হয়। কিন্তু সেই প্রক্রিয়া ধীৰ আৰু ব্যয়বহুল। ইয়াৰ লগে লগে চৰকাৰে ঘোষণা কৰে যে সৰ্বভাৰতীয় স্তৰতো নতুনকৈ NRC তৈয়াৰ কৰা হ'ব।

এই সময়ত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (CAA) প্রচলিত হোৱাৰ লগে লগে NRC আৰু CAAৰ মাজত এক বৃহৎ বিতর্ক সৃষ্টি হয়। NRCত নাম বাদ পৰা কিছু শৰণাৰ্থী CAAৰ অধীনত নাগৰিকত্ব লাভ কৰিব পাৰে, কিন্তু ই কেৱল নির্দিষ্ট ধৰ্মৰ লোকৰ বাবে সীমিত আছিল। ফলত ইছলাম অনুপ্রবেশকাৰীৰ বাবে কোনো ব্যৱস্থা নথকাত ধর্মীয় বৈষম্যৰ অভিযোগ উঠে।

বর্তমান সময়লৈকে NRCক কেন্দ্ৰ চৰকাৰে আনুষ্ঠানিক অনুমোদন দিয়া নাই। Reg-istrar General of India ৰ অনুমোদন নোহোৱালৈকে এই NRCক চৰকাৰী দস্তাবেজ হিচাপে গ্রহণ কৰা নহ'ব। তথাপিও NRC অসমবাসীৰ বাবে এক ঐতিহাসিক সামাজিক নথি হিচাপে গণ্য হয়। NRCৰ এই যাত্ৰা অসমবাসীৰ পৰিচয় আৰু অধিকাৰৰ সৈতে ওতপ্রোতভাবে জড়িত। ইয়াৰ উদ্দেশ্য ন্যায়সঙ্গত, কিন্তু প্রক্রিয়া নিখুঁত নহয়। আগতকৈ উন্নত আৰু ন্যায়সংগত পদ্ধতিত পুনৰপৰীক্ষণ কৰিলেহে NRC প্রকৃত অৰ্থত সফল হ'ব পাৰে।

৮। নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ উৎপত্তি, উদ্দেশ্য আৰু প্ৰভাৱ বিশদভাবে আলোচনা কৰা।

উত্তৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) ভাৰতীয় ৰাজনীতিত এক ঐতিহাসিক আৰু বিতর্কমূলক আইন হিচাপে পৰিগণিত। ভাৰতৰ নাগৰিকত্ব আইন ১৯৫৫ই প্ৰথমবাৰ নাগৰিকত্বৰ বিধান স্থাপন কৰিছিল। কিন্তু সময়ৰ সৈতে উপমহাদেশৰ তিনিটা দেশ-বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা বহু সংখ্যালঘু ধর্মীয় জনগোষ্ঠী নির্যাতনৰ বাবে ভাৰতলৈ পালি আহিছিল। এই প্রেক্ষাপটতে চৰকাৰে তেওঁলোকক নাগৰিকত্ব প্রদান কৰিবলৈ ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন প্রবর্তন কৰে।

CAA অনুসৰি, এই দেশবোৰৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চি আৰু খ্রীষ্টান যিসকল ৩১ ডিচেম্বৰ ২০১৪ ৰ আগতে ভাৰতলৈ আহিছিল, তেওঁলোকক নাগৰিকত্ব লাভৰ অধিকাৰ দিয়া হৈছে। এই আইনে ১১ বছৰ বসবাসৰ প্ৰমাণৰ সময়সীমা হ্রাস কৰি ৫ বছৰত নমাই আনে। চৰকাৰৰ যুক্তি আছিল যে এই আইন ধর্মীয় নির্যাতনৰ সন্মুখীন সংখ্যালঘু লোকক আশ্রয় আৰু সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে আনা হৈছে।

তথাপিও এই আইন ঘোষণা হোৱাৰ লগে লগে দেশজুৰি তীব্র প্রতিবাদ দেখা যায়। সমালোচকৰ মতে, এই আইন ভাৰতৰ সংবিধানৰ ধাৰা ৰস্তুৰ সৈতে সাংঘর্ষিক, যি সকলো নাগৰিকক ধর্ম নির্বিশেষে সমান অধিকাৰ প্ৰদান কৰে। বিশেষকৈ মুসলিম শৰণাৰ্থীক বাদ দিয়া হোৱাত ই ধর্মীয় বৈষম্যৰ প্ৰমাণ বুলি বহুজনৰ অভিযোগ। উত্তৰ-পূব ভাৰতত এই আইনলৈ অধিক তীব্র প্রতিক্রিয়া দেখা যায়। অসম, মণিপুৰ, মেঘালয়, নাগালেণ্ড আদি ৰাজ্যৰ স্থানীয় জনগণে ভয় কৰিছিল যে বিদেশী শৰণাৰ্থীসকলক নাগৰিকত্ব দিলে তেওঁলোকৰ সামাজিক গঠন, ভাষা আৰু সংস্কৃতি বিপন্ন হ'ব। অসমত এই আইন অসম চুক্তিৰ আত্মাৰ ওপৰত আঘাত হিচাপে ধৰা হয়, 'ত ২৪ মার্চ, ১৯৭১ৰ পাছত আহি থিতাপি লোৱা সকলো বিদেশীক বিদেশী হিচাপে গণ্য কৰাৰ ধাৰা আছিল।

CAAৰ ফলত ভাৰতৰ ৰাজনীতি দুটা শিবিৰত বিভক্ত হৈ পৰে। চৰকাৰ একে সময়তে CAANRCৰ সৈতে সংযোগ কৰি নাগৰিকত্বৰ নতুন কাঠামো প্ৰচাৰ কৰে। বহুজনৰ আশংকা হয় যে NRCত নাম বাদ পৰা হিন্দু লোকসকল CAAৰ মাধ্যমে নাগৰিকত্ব লাভ কৰিব পাৰিব, কিন্তু ইছলামসকলৰ বাবে এই সুযোগ থাকিব নোৱাৰে। এই আশংকাই দেশত গভীৰ ধৰ্মীয় বিভাজন আৰু সামাজিক উত্তেজনা সৃষ্টি কৰে।

CAAৰ সামাজিক প্ৰভাৱো বহুমুখী। কেইটামান ৰাজ্যত বিক্ষোভৰ সময়ত প্রাণহানি ঘটিছিল। বৌদ্ধ আৰু জৈন সংগঠনে আইনটো মানবিক দৃষ্টিভংগীৰ উদাহৰণ বুলি স্বীকাৰ কৰিলেও, নাগৰিক অধিকাৰ সংগঠন আৰু বহু সামাজিক নেতা ইক অসম্পূর্ণ আৰু বৈষম্যমূলক আইন বুলি সমালোচনা কৰে।

বর্তমান সময়লৈকে, CAA সম্পূৰ্ণ ৰূপে প্রয়োগ কৰা হোৱা নাই। চৰকাৰে ইয়াৰ কায্যবিধি সম্পূর্ণ কৰিবলৈ সময় লৈছে। তথাপিও CAA ভাৰতৰ ধৰ্মীয়-সামাজিক পৰিচয়, সংবিধানৰ ন্যায় আৰু নাগৰিকত্বৰ মূল ধৰ্মৰ ওপৰত এক গভীৰ প্ৰশ্ন তুলিছে।

৯। ৰাভা স্বায়ত্ত শাসন দাবী আন্দোলনৰ ইতিহাস, ধাৰা-বিকাশ আৰু ফলাফল বিৱৰণ দিয়া।

উত্তৰঃ ৰাভা জনজাতি অসমৰ এক প্রাচীন মংগোলীয় গোষ্ঠী, যাৰ ভাষা তিব্বত-বর্মী শাখাৰ বড়ো উপগোষ্ঠীৰ অন্তৰ্গত। তেওঁলোকে নামনি অসম তথা কামৰূপ, গোৱালপাৰা, দৰং, লখিমপুৰ, শিৱসাগৰ আদি জিলা আৰু মেঘালয়ৰ গাৰো পাহাৰত বসতি স্থাপন কৰিছে। ১৯শ শতিকাৰ অন্তভাগত তেওঁলোকৰ মাজত স্বগোষ্ঠীয় চেতনা আৰু জাতীয় জাগৰণৰ ঢৌ উঠিছিল। ১৯১৫ চনত মিহিৰ চন্দ্ৰ ৰাভাৰ নেতৃত্বত গঠিত হয় "ৰাভা ছাত্র সম্মিলন" আৰু তাৰ প্ৰেৰণাত ১৯২৫ চনত গঠন হয় "আসাম ৰাভা সম্মিলন"। স্বাধীনতাৰ পিছত এই সংগঠনসমূহে একত্রিত হৈ ১৯৪৮ চনত "আসাম ৰাভা সংঘ" আৰু পাছত "নিখিল ৰাভা জাতীয় পৰিষদ" নামেৰে পৰিচিত হয়।

১৯৮০ দশকৰ আৰম্ভণিৰ পৰা ৰাভাসকলৰ মাজত স্বায়ত্ত শাসনৰ দাবী জোৰ পায়। ১৯৮২ চনত নিখিল ৰাভা ছাত্ৰ সন্থাই ২০ দফীয়া দাবী চনদ প্রস্তুত কৰি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰেৰণ কৰে। এই দাবীত ৰাভা অধ্যুষিত অঞ্চলক ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কৰি স্বায়ত্তশাসিত জিলা গঠনৰ কথা উত্থাপন কৰা হৈছিল। এই দাবীক প্ৰচাৰ কৰিবলৈ ৰাভা জাতীয় পৰিষদ আৰু ছাত্র সংগঠন সক্রিয় হয়।

১৯৮৯ চনত "ৰাভা হাছং স্বায়ত্ত শাসিত জিলা দাবী সমিতি" গঠন কৰা হয়। মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত আৰু হিতেশ্বৰ শইকীয়াক স্মাৰকপত্ৰ প্ৰেৰণ কৰি দাবী পুনৰায় উত্থাপন কৰা হয়। ১৯৯৩ চনত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই বিধানসভাত ৰাভাসকলক স্বায়ত্ত শাসন দিয়া হ'ব বুলি ঘোষণা কৰে।

১৯৯৫ চনৰ ১০ মাৰ্চত চৰকাৰ আৰু আন্দোলনকাৰী সংগঠনসমূহৰ মাজত ঐতিহাসিক বাভা চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ ফলত "বাভা হাছং স্বায়ত্ত শাসিত পৰিষদ” গঠনৰ বিধান কৰা হয়। ৫ জুলাই ১৯৯৫ত এই চুক্তি আইন ৰূপে গৃহীত হয়। ২০ জুলাই দুধনৈত প্রথম অন্তবর্তী পৰিষদ গঠন কৰা হয়।যদিও এই পৰিষদৰ গঠন ৰাভাসকলৰ আশা পূৰণৰ এক পদক্ষেপ আছিল, তথাপিও চৰকাৰৰ নীতিৰ দ্বন্দ্ব আৰু সংগঠনসমূহৰ বিভাজনে সমস্যা সৃষ্টি কৰে। ১৯৯৬-২০০১ ৰ সময়চোৱাত নতুন দলসমূহ-"ৰাভা গণ সম্মিলন", "ৰাভা হাছং সুৰক্ষা পৰিষদ", "স্বায়ত্ত শাসন দাবী সমিতি" আদি গঠিত হয়। চৰকাৰৰ দৃষ্টিভঙ্গি নিৰাশাজনক হোৱাত পুনৰ আন্দোলন তীব্র হয়।

২০০০ চনত "ৰাভা হাছং সমন্বয় সমিতি" গঠন হয় আৰু ২০০৩ চনত 'ষষ্ঠ অনুসূচী দাবী সমিতি" গঠন কৰি নতুন দাবী আগবঢ়োৱা হয়। এই দাবীত ষষ্ঠ অনুসূচীত অন্তর্ভুক্তি, চাৰিসীমা নির্ধাণ, বিত্তীয় আৰু বিধায়িনী ক্ষমতা প্রদানৰ কথা আছিল।২০০৫ চনত চৰকাৰে ৰাভা হাছং স্বায়ত্ত পৰিষদ আইন সংশোধন কৰে, যাৰ ফলত পৰিষদীয় গঠন শক্তিশালী হয়। অৱশেষত ২০১৩ চনত তিনিটা পৰ্যায়ত ৰাভা হাছং পৰিষদীয় নির্বাচন অনুষ্ঠিত হয়। যদিও এতিয়ালৈও ষষ্ঠ অনুসূচীত অন্তর্ভুক্তি অমীমাংসিত, তথাপিও ৰাভাসকলৰ এই আন্দোলনে অসমৰ জনজাতীয় ৰাজনীতিত এটা নতুন অধ্যায় সৃষ্টি কৰিছে। এই আন্দোলনে ৰাভা জাতিৰ আত্মপৰিচয়, সংস্কৃতি সংৰক্ষণ আৰু সামাজিক অধিকাৰৰ প্ৰতীক ৰূপে পৰিগণিত হয়।সাৰাংশত, নাগৰিকত্ব সংশোধনী আইন একেদৰে ধৰ্মীয় নির্যাতিত সংখ্যালঘুক সুৰক্ষা দিয়াৰ মানবিক প্রচেষ্টা, আনহাতে ই ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধানৰ মূল্যবোধৰ সৈতে সংঘৰ্ষত পৰে। ই মানৱিকতা আৰু ধর্মীয় সমতাৰ মাজত সংঘৰ্ষৰ এক নতুন দৃষ্টান্ত ৰূপে ইতিহাসত স্থান পাইছে।

১০। আঞ্চলিকতাবাদ বুলিলে কি বুজা আলোচনা কৰা।

উত্তৰঃ আঞ্চলিকতাবাদ ধাৰণাটোৰ লগত অঞ্চল (Region) শব্দৰ এক নিবিড় সম্পর্ক আছে। আঞ্চলিকতাবাদ এক প্ৰকাৰৰ মানসিক অন্তর্ভুক্তি, যি এটা অঞ্চলৰ মানুহৰ আৱেগিক আৰু মানসিক অনুভূতিৰ লগত জড়িত। গতিকে আঞ্চলিকতাবাদৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে অঞ্চল (Region) মানে কি তাক জনা প্রয়োজন। সংকীর্ণ অর্থত 'অঞ্চল' বুলি ক'লে প্রদেশ, জিলা, আনকি ক্ষুদ্ৰ নগৰসমূহৰ দৰে ক্ষুদ্র বিভাজনক সূচায়। ব্যাপক অর্থত, অঞ্চল বুলি ক'লে অন্য অঞ্চলৰ পৰা পৃথক এক সুকীয়া নির্দিষ্ট বৈশিষ্ট্যপূর্ণ ভৌগোলিক এলেকাক বুজায়। সাধাৰণ অৰ্থত, আঞ্চলিকতাবাদ হৈছে অতিশয় কেন্দ্ৰীভূত ব্যৱস্থাৰ বিৰুদ্ধে প্রকাশ পোৱা এক বিদ্বেষ। ই উগ্রৰূপত প্রকাশ পাব পাৰে। কৌজৰ জে আজমৰ (Kausar J Azam) মতে, 'ৰাষ্ট্ৰীয় ৰাজনীতি আৰু সংস্কৃতিৰ ব্যাখ্যা কৰোঁতে প্রকাশ নোপোৱা অৱশিষ্ট উপাদানৰ প্রকাশেই হ'ল আঞ্চলিকতাবাদ। ৰাজনৈতিক অসন্তুষ্টি আৰু ৰাজনৈতিক স্বতন্ত্রতাবাদৰ যোগেৰে সেইবোৰে প্ৰকাশ লাভ কৰে।'চেলিগমেন আৰু জনচনৰ মতে, 'অত্যধিক বা শোষণকাৰী কেন্দ্ৰীকৰণ প্ৰকৃতিৰ বিৰুদ্ধে আঞ্চলিকতাবাদ হৈছে এক আন্দোলন।' (Regionalism is a movement to any exaggerated or oppressive form of Centrialisation).

ইকবাল নাৰায়ণৰ মতে, আঞ্চলিকতাবাদ হ'ল এটি 'অনির্দিষ্ট ধাৰণা (Vague concept)ধাৰণাটোৰ সকাৰাত্মক আৰুনকাৰাত্মক দুটা দিশ আছে। সকাৰাত্মক দিশটোরে এটা বিশেষ অঞ্চলৰ লোকৰ বাস্তৱ উদ্দেশ্যসমূহৰ প্ৰাপ্তিৰ কথাক বুজায়। নকাৰাত্মক দিশটোৱে তুলনামূলকভাবে বঞ্চিত হোৱাৰ ফলস্বৰূপে সৃষ্ট বিশেষ অসন্তুষ্টিৰ প্ৰকাশক সূচায়।

সমাজ বিজ্ঞানৰ বিশ্বকোষত লিখিছে 'সাধাৰণ অৰ্থত আঞ্চলিকতাবাদ কেন্দ্রীভূত ব্যৱস্থাৰ বিপক্ষে উগ্ৰৰূপত প্রকাশ পোৱা এটি বিদ্বেষ, কিন্তু ইয়াক অকল ৰাজনৈতিক নাইবা চৰকাৰী প্ৰশাসনৰ দৃষ্টিভংগীৰে গ্ৰহণ কৰিব নোৱাৰি। আঞ্চলিক সমস্যা দুটা বা তাতকৈ অধিক উপাদান যেনে- ভৌগোলিক পৃথকতা, স্বতন্ত্র ঐতিহাসিক পৰম্পৰা, জাতিগত, গোষ্ঠীগত নাইবা ধর্মীয় বৈচিত্র্য আৰু স্থানীয় আৰু আৰ্থিক স্বাৰ্থৰ সংযোগেৰে প্রকাশ পায়।আঞ্চলিকতাবাদ জাতীয়তাবাদৰ দৰে এক প্ৰকাৰৰ মানসিক অনুভূতি। একে জাতিৰ অনুভূতিৰ পৰা জাতীয়তাবাদৰ সৃষ্টি হোৱাৰ দৰে এটা অঞ্চলৰ আৱেগিক অনুভূতিৰ পৰাই আঞ্চলিকতাবাদৰ জন্ম হয়।আঞ্চলিকতাবাদে এটা অঞ্চলৰ অৰ্থনৈতিক, সাংস্কৃতিক, ভাষিক দিশত স্বকীয়তাৰ কথাকে বুজায়। আন এটা দিশত আঞ্চলিকতাবাদে ৰাষ্ট্ৰৰ ভিতৰৰ কিছুমান সংগঠন বা দলে ভাষাৰ, জাতিৰ বা সাংস্কৃতিক ক্ষেত্রত পৃথক জাতি সত্তা বুজাবলৈ কৰা কাৰ্যকলাপক আঞ্চলিকতাবাদ বুলিব পাৰি। এটা নির্দিষ্ট সীমাৰ ভিতৰত এটা সংগঠনে বা গোটে নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ বিচাৰে। পাহাৰৰ জাতি-জনজাতিবিলাকে নিজৰ সুকীয়া অস্তিত্ব বজাই ৰাখিবলৈ আঞ্চলিকতাবাদৰ আশ্রয় লয়। অসমত ভৈয়ামৰ বড়োসকলৰ সুকীয়া জাতি সত্তাৰ পৰিচয় জীয়াই ৰাখিবলৈ বড়ো আঞ্চলিকতাবাদৰ জন্ম দিছে। উত্তৰ ভাৰতৰ প্রাধান্য প্রতিৰোধ কৰিবলৈ দাক্ষিণাত্যত আঞ্চলিকতাবাদ গঢ়ি উঠিছে। সেইবাবে আঞ্চলিকতাবাদক আঞ্চলিক ভিত্তিত নিজৰ অস্তিত্ব আৰু আঞ্চলিক বৈশিষ্ট্য জীয়াই বখাৰ এট আৱেগিক অনুভূতি বুলিব পাৰি।

ওপৰৰ সংজ্ঞাবোৰৰ বিচাৰ কৰিলে দেখা যায় যে ভাৰতবৰ্ষত নাইবা অসমৰ আঞ্চলিকতাবাদী ভাৱধাৰা বিকাশৰ অন্তৰালত দুটা বিশেষ মনোভাবে ক্রিয়া কৰে। এটি মনোভাৱে কোনো অঞ্চলৰ বা কোনো অঞ্চলৰ বিশেষ জাতি, গোষ্ঠী বা সম্প্ৰদায়ৰ নিজকে বঞ্চিত বুলি ভবা অনুভূতিক প্রতিনিধিত্ব কৰে। এনে মনোভাৱৰ ফলশ্রুতিত তেনে অগাল বা জাতি বা গোষ্ঠীয়ে আন অঞ্চল বা জাতি বা গোষ্ঠীৰ দৰে আগবাঢ়ি যাবলৈ আকাংক্ষা কৰে। আনহাতে, আঞ্চলিকতাবাদৰে আনটো ধাৰণাই নিজৰ আঞ্চলিক মনোবৃত্তিক পূৰণৰ বাবে বিচ্ছিন্নতাবাদৰ পোষকতা কৰে। পিছৰ ধাৰণাটো ৰাষ্ট্ৰীয় সংহতিৰ পৰিপন্থী।

° চি এ পিৰোমলৰ মতে, ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ ধাৰণা ৪টা দিশত প্রস্ফুটিত হোৱা পৰিলক্ষিত হয়—

(ক) ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ দাবী।

(খ) পৃথক ৰাজ্য গঠনৰ দাবী।

(গ) কেন্দ্রীয় শাসিত অঞ্চল থকা কিছুমান প্রশাসনীয় গোটৰ পূৰ্ণাংগ ৰাজ্য গঠনৰ দাবী।

(ঘ) সীমা বিবাদ নিষ্পত্তিৰ দাবী।