গোটঃ ৩

সংঘাতৰ প্ৰতিক্রিয়া: দক্ষতা আৰু কৌশল-Ⅰ


অতি চমু প্রশ্নোত্তৰ


১। বিশ্বাস ভঙ্গ হ'লে সংঘাত কি বৃদ্ধি পায়?


উত্তৰঃ বিশ্বাস নষ্ট হ'লে সন্দেহ, ভয় আৰু অসন্তুষ্টি বৃদ্ধি পায়।


২। আলোচনা (Negotiation) মানে কি?


উত্তৰঃ আলোচনা হৈছে সংঘাত সমাধানৰ উদ্দেশ্যে দুয়ো পক্ষৰ মাজত হোৱা পৰস্পৰ সংলাপ।


৩। আলোচনাই কেনেকৈ সংঘাত হ্রাস কৰে?


উত্তৰঃ আলোচনা দ্বাৰা ভুল-বুজাবুজি দূৰ হয় আৰু একে লক্ষ্যত উপনীত হ'বলৈ বুজাবুজি হয়।


৪। আলোচনা প্রক্রিয়াত কোনটো গুৰুত্বপূর্ণ উপাদান?


উত্তৰঃ ধৈৰ্য আৰু সক্ৰিয়তাৰে শুনাৰ ক্ষমতা।


৫। সংঘাত পৰিচালনাত 'Win-Win Situation' বুলিলে কি বুজায়?


উত্তৰঃ যেতিয়া দুয়ো পক্ষেই আলোচনা ফলত লাভবান হয়।


৬। BATNA ৰ সংক্ষিপ্তকৰণ কি?


উত্তৰ: Best Alternative to a Negotaited Agreement.


৭। দক্ষতা গঢ়ি তোলা মানে কি?


উত্তৰঃ সংঘাত পৰিচালনাৰ বাবে প্রয়োজনীয় বুদ্ধি, যোগাযোগ আৰু নেতৃত্ব বিকাশ কৰা।


৮। মধ্যস্থতা আৰু আলোচনাৰ মাজত পাৰ্থক্য কি?


উত্তৰঃ আলোচনাত দুয়ো পক্ষ জড়িত থাকে, মধ্যস্থতাত এটা তৃতীয় পক্ষ থাকে।


৯। মধ্যস্থতাৰ সময়ত শুনাৰ কৌশল কেনেকৈ সহায় কৰে?


উত্তৰঃ ই সকলো পক্ষৰ মতামত সঠিকভাবে বুজিবলৈ সহায় কৰে।


১০। দক্ষতা গঢ়ি তোলাৰ এটা সামাজিক ফল কি?


উত্তৰঃ সমাজত সহযোগিতা আৰু শান্তিৰ সংস্কৃতি বিকাশ কৰে।


চমু প্রশ্নোত্তৰ


১। আলোচনা (Negotiation) বুলিলে কি বুজায়? সংঘাত সমাধানত ইয়াৰ ভূমিকা ব্যাখ্যা কৰা।


উত্তৰ: আলোচনা বা Negotiation হৈছে সংঘাত সমাধানৰ এক শান্তিপূর্ণ কৌশল। যেতিয়া দুয়ো পক্ষৰ মাজত মতভেদ বা স্বাৰ্থৰ দ্বন্দ্ব দেখা যায়, তেতিয়া সেই সমস্যা সমাধানৰ উদ্দেশ্যে দুয়ো পক্ষ মুখামুখি হৈ পৰস্পৰ সংলাপ কৰে। এই সংলাপৰ মূল লক্ষ্য হৈছে-একে সময়তে দুয়ো পক্ষৰেই স্বাৰ্থ ৰক্ষা কৰি এক সুষ্ঠসমাধান স্থাপন কৰা।


আলোচনাৰ প্ৰক্ৰিয়াত তিনিটা মূল ধাপ থাকে-সমস্যা চিনাক্তকৰণ, মতামত বিনিময়, আৰু চূড়ান্ত বুজাবুজি। কোনো সংঘাতৰ সূচনা হ'লে প্রথমতে উভয় পক্ষক বুজা উচিত যে সংঘাতৰ মূলত কি আছে। তাৰপিছত আলোচনা মাধ্যমেৰে মতামত বিনিময় কৰি দুয়ো পক্ষেই একে স্থিতিত উপনীত হ'ব পাৰে।


আলোচনা সফল হ'বলৈ দুয়ো পক্ষৰ মাজত বিশ্বাস, ধৈর্য, সহানুভূতি আৰু খোলা মন প্রয়োজন। আলোচনা প্রক্রিয়াই ভুল-বুজাবুজি দূৰ কৰে, বৈৰিতা হ্রাস কৰে আৰু সংলাপৰ সংস্কৃতি স্থাপন কৰে।


২। আলাপ-আলোচনাৰ কেইটামান বৈশিষ্ট্য লিখা।


উত্তৰঃ আলাপ-আলোচনাক আন্তঃৰাষ্ট্ৰীয় সমাজ তথা ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় সংঘাত -মীমাংসাৰ আটাইতকৈ সহজ আৰু কম খবচী শান্তিপূর্ণ উপায় বুলি বিবেচনা কৰে।


আলাপ-আলোচনাৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হৈছে -


(ক) বিবাদত লিপ্ত দেশসমূহৰ মাজত স্বাৰ্থৰ সংঘাত বা উমৈহতীয়া সমস্যাৰ উদ্ভৱ হ'লে আলাপ-আলোচনাৰ জৰিয়তে তেনে বিষয়ত সিদ্ধান্ত গ্রহণ কৰা হয়।


(খ) বিবাদত লিপ্ত ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাৰ ভাৰসাম্য থাকিলে আলাপ-আলোচনাৰ পৰিৱেশ ৰচনা হয়।


(গ) যেতিয়া সংঘাতত লিপ্ত ৰাষ্ট্ৰবোৰে বুজাবুজি চুক্তিত উপনীত হ'বলৈ সন্মত হয়, তেতিয়া আলাপ-আলোচনা অনুষ্ঠিত হয়। তদুপৰি ই যথেষ্ট ফলপ্রসূ হোৱা দেখা যায়।


(ঘ) আলাপ-আলোচনা হৈছে পাৰস্পৰিক ক্রিয়া-প্রতিক্ৰিয়াৰ এক মিশ্রিত ৰূপ।


(ঙ) আলাপ-আলোচনাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰা দেশ সমূহে উমৈহতীয়া সমস্যা বা বিষয়সমূহ চিনাক্ত কৰি সেইবোৰৰ সম্ভাব্য সমাধান সূত্র উলিয়াবলৈ যত্ন কৰিব লাগে।

সংঘাত সমাধানত আলোচনা এক অতি ফলপ্রসূ মাধ্যম। ই সমাজ, সংগঠন, ৰাজনীতি বা আন্তৰাষ্ট্ৰীয় সম্পর্ক সকলো ক্ষেত্ৰতে শান্তি স্থাপনৰ পথ প্ৰসাৰিত কৰে।


৩। মধ্যস্থতা (Mediation) কি? সংঘাত সমাধানত ইয়াৰ ভূমিকা কি?


উত্তৰঃ মধ্যস্থতা হৈছে সংঘাত সমাধানৰ তৃতীয় ধৰণৰ প্ৰক্ৰিয়া, য'ত কোনো পক্ষপাতহীন তৃতীয় ব্যক্তি বা গোট সংঘাতত জড়িত দুয়ো পক্ষৰ মাজত সংলাপ স্থাপন কৰে। মধ্যস্থতাকাৰীজনক Mediator বোলা হয়।


মধ্যস্থতাৰ উদ্দেশ্য হ'ল-সংঘাতৰ মূল কাৰণ চিনাক্ত কৰি দুয়ো পক্ষক শান্তিপূর্ণভাবে একে বুজাবুজিলৈ আনি তোলা। মধ্যস্থতাকাৰীজনে কোনো পক্ষলৈ পক্ষপাত নকৰে; ই কেৱল সংলাপ আৰু সমঝোতাৰ পৰিৱেশ সৃষ্টিত সহায় কৰে।


সফল মধ্যস্থতাৰ বাবে মধ্যস্থতাকাৰীজনৰ ধৈৰ্য, যোগাযোগ কৌশল, সহানুভূতি আৰু ন্যায়বোধ প্রয়োজন। তেওঁ দুয়ো পক্ষৰ কথা শুনে, সমস্যা বিশ্লেষণ কৰে আৰু সমাধানৰ পথ নির্দেশ কৰে।


সংঘাত সমাধানত মধ্যস্থতা অতি কাৰ্যকৰী। ব্যক্তিগত, সামাজিক, ৰাজনৈতিক বা আন্তঃৰাষ্ট্ৰীয় সংঘাত সকলোতেই মধ্যস্থতাজনেই শান্তি স্থাপনৰ ভূমিকা লয়।


৪। মধ্যস্থতা সফলতাৰ চৰ্ত লিখা।


উত্তৰ: মধ্যস্থতা ব্যৱস্থাৰ সফলতাৰ কাৰণে কিছুমান চর্ত বা কৌশল মনত ৰখা উচিত। সেইবোৰ হ'ল-


(ক) বিবাদত লিপ্ত পক্ষসমূহৰ লগত মধ্যস্থতাকাৰী বিৰতিহীনভাৱে যোগাযোগৰ মাধ্যমত জড়িত থাকিব লাগে। মধ্যস্থতাকাৰীয়ে তথ্যপাতিৰ আধাৰত বিবাদৰ লগত যুক্ত বিষয়সমূহ আদান-প্রদান কৰি ইতিবাচক মনোভাব গঢ়ি তুলিব লাগে।


(খ) মধ্যস্থতাকাৰীয়ে সুনির্দিষ্ট মীমাংসা সুত্ৰ আৰু পদ্ধতি উদ্ভাৱন কৰিব পাৰিলে সফলতাৰে বিবাদ মীমাংসা কৰিব পাৰি।


(গ) সাধাৰণতে ক্ষমতাৰ ভাৰসাম্যতা থকা দুটা বিবাদী পক্ষৰ ক্ষেত্ৰত মধ্যস্থতা ব্যৱস্থা অধিক সফল হোৱা দেখা যায়।


(ঘ) বিবাদী পক্ষৰ মাজত বিশ্বাস আৰু সৌহার্দমূলক পৰিৱেশ গঢ়ি তুলিব পাৰিলে মধ্যস্থতাকাৰী ব্যৱস্থা সফল হয়।


(ঙ) যিবোৰ বিষয়ক কেন্দ্ৰ কৰি বিবাদৰ সূচনা হয়, সেই বিষয়বোৰৰ ওপৰত তথ্যপূর্ণ বিস্তৃত জ্ঞান আহৰণ কৰিবলৈ মধ্যস্থতাকাৰীয়ে সৰ্বতোপ্ৰকাৰ চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা বিবাদ মীমাংসা কৰা সহজ হয়।


৫। আলোচনা আৰু মধ্যস্থতাৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰা।


উত্তৰঃ আলোচনা হৈছে সংঘাতত জড়িত দুয়ো পক্ষৰ মাজত হোৱা পৰস্পৰ সংলাপ, য'ত কোনো তৃতীয় পক্ষ অংশ নলয়। মধ্যস্থতা হ'ল তৃতীয় পক্ষৰ সহায়ত সংঘাত সমাধানৰ প্রক্রিয়া।


আলোচনাত দুয়ো পক্ষৰ মতবিৰোধ সমাধানৰ বাবে নিজেই আলোচনা কৰে, কিন্তু মধ্যস্থতাত তৃতীয় ব্যক্তি (Mediator) সেই দুয়ো পক্ষক একে বুজাবুজিলৈ আনে।


আলোচনাত অংশগ্রহণকাৰী দুয়ো পক্ষই নিজৰ স্বাৰ্থ ৰক্ষা কৰে, আৰু মধ্যস্থতাজন ন্যায়পূর্ণ মধ্যস্থতা কৰে।


সেয়ে, আলোচনা হৈছে স্বনিয়ন্ত্রিত সংলাপ, আৰু মধ্যস্থতা হৈছে নিয়ন্ত্রিত সংলাপ-দুয়োটাই শান্তি স্থাপনৰ পথ প্ৰসাৰিত কৰে।


৬। চমুটোকা লিখাঃ


(ক) আলাপ-আলোচনা (Negotiation)।


উত্তৰ: আলাপ-আলোচনা হৈছে শান্তিপূর্ণভাৱে সংঘাত নিৰাময়ৰ এক উৎকৃষ্ট ব্যৱস্থা। এই আলাপ-আলোচনাৰ বাবে দুয়ো পক্ষই প্রত্যক্ষভাৱে নিৰ্দ্ধাৰিত কোনো স্থানত মিলিত হ'ব পাৰে। অৱশ্যে এই আলোচনা কেতিয়াবা ফলৱতী হ'বও পাৰে বা ব্যৰ্থও হ'ব পাৰে। কাশ্মীৰক লৈ ভাৰত-পাকিস্থানৰ মাজত সংঘাত নিৰাময়ৰ বাবে বিভিন্ন সময়ত তথা বিভিন্ন পর্যায়ত আলোচনা-বিলোচনা ইতিমধ্যে হৈছে যদিও এই সংঘাত আজিলৈকে মীমাংসাৰ পৰ্যায়লৈ আহিব পৰা নাই। অৱশ্যে এই আলাপ-আলোচনা দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা উত্তেজনা বহু পৰিমাণে হ্রাস কৰিবলৈ তথা প্রত্যক্ষ সংঘাতৰ পৰা (অৱশ্যে ১৯৬৫ চনৰ যুদ্ধক বাদ দি) আঁতৰত ৰাখিবলৈ সক্ষম হৈছে। আলোচনা সফল হ'ব লাগিলে দুয়োপক্ষই বিবাদ মীমাংসা শান্তিপূর্ণভাৱে সমাধান কৰিবলৈ ইচ্ছুক থাকিব লাগিব। অর্থাৎ আলোচনা সফল কৰাৰ কাৰণে বিবাদমান পক্ষৰ মানসিকতা থাকিব লাগিব। আলাপ-আলোচনা দ্বি-পাক্ষিক বা বহুপাক্ষিক হ'ব পাৰে।


৭। ৰাষ্ট্ৰসংঘ (UNO)ৰ শান্তি নির্মাণত ভূমিকা ব্যাখ্যা কৰক।


উত্তৰঃ ১৯৪৫ চনত প্রতিষ্ঠিত ৰাষ্ট্ৰসংঘই (UNO) বিশ্বশান্তি আৰু আন্তৰাষ্ট্ৰীয় ন্যায় ৰক্ষাৰ বাবে এক বৈশ্বিক মঞ্চ ৰূপে কাম কৰি আহিছে।


ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হ'ল যুদ্ধ বন্ধ কৰা, সংঘাতপীড়িত দেশত সংলাপ স্থাপন কৰা আৰু মানৱাধিকাৰ সুৰক্ষা। ইয়াৰ Security Council আৰু Peacekeeping Forces সংঘাতজৰ্জৰিত অঞ্চললৈ শান্তিৰক্ষী বাহিনী পঠায়।


ৰাষ্ট্ৰসংঘই আলোচনা আৰু মধ্যস্থতাৰ মাধ্যমেৰে দেশবোৰৰ মাজত সহযোগিতা স্থাপন কৰে। ই আর্থিক সহায়, মানবিক সাহায্য আৰু উন্নয়ন প্ৰকল্পৰ জৰিয়তে সংঘাতৰ মূল কাৰণ হ্রাস কৰে।


বিশ্বৰ বহু দেশত যেনে আফ্রিকা, আফগানিস্তান, বা মধ্যপ্রাচ্যতৰাষ্ট্রসংঘে শান্তি স্থাপনৰ বাবে সাফল্য লাভ কৰিছে। ই বিশ্বশান্তিৰ এক অনন্য প্রতীক।


৮। আলাপ-আলোচনা (Negotiation) কি?


উত্তৰ: আলাপ-আলোচনা হৈছে শান্তিপূর্ণভাবে সংঘাত নিৰাময়ৰ এক উৎকৃষ্ট ব্যৱস্থা। এই আলাপ-আলোচনাৰ বাবে দুয়ো পক্ষই প্রত্যক্ষভাৱে নিৰ্দ্ধাৰিত কোনো স্থানত মিলিত হ'ব পাৰে। অৱশ্যে এই আলোচনা কেতিয়াবা ফলবতী হ'বও পাৰে বা ব্যৰ্থও হ'ব পাৰে। কাশ্মীৰক লৈ ভাৰত-পাকিস্থানৰ মাজত সংঘাত নিৰাময়ৰ বাবে বিভিন্ন সময়ত তথা বিভিন্ন পর্যায়ত আলোচনা-বিলোচনা ইতিমধ্যে হৈছে যদিও এই সংঘাত আজিলৈকে মীমাংসাৰ পৰ্যায়লৈ আহিব পৰা নাই। অৱশ্যে এই আলাপ-আলোচনা দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা উত্তেজনা বহু পৰিমাণে হ্রাস কৰিবলৈ তথা প্রত্যক্ষ সংঘাতৰ পৰা (অৱশ্যে ১৯৬৫ চনৰ যুদ্ধক বাদ দি) আঁতৰত ৰাখিবলৈ সক্ষম হৈছে। আলোচনা সফল হ'ব লাগিলে দুয়োপক্ষই বিবাদ মীমাংসা শান্তিপূর্ণভাৱে সমাধান কৰিবলৈ ইচ্ছুক থাকিব লাগিব। অর্থাৎ আলোচনা সফল কৰাৰ কাৰণে বিবাদমান পক্ষৰ মানসিকতা থাকিব লাগিব। আলাপ-আলোচনা দ্বি-পাক্ষিক বা বহুপাক্ষিক হ'ব পাৰে।


৯। মধ্যস্থতাৰ বৈশিষ্ট্য দুটা উল্লেখ কৰা।


উত্তৰ: মধ্যস্থতাৰ বৈশিষ্ট্য প্রধানত দুটা। তাৰে প্ৰথমটো হৈছে- যে মধ্যস্থতা বিবাদ মীমাংসাৰ এক স্বেচ্ছামূলক প্রক্রিয়া। যেতিয়া বিবাদত লিপ্ত কোনো পক্ষই শান্তিপূর্ণভাৱে আলাপ-আলোচনাৰ মাজেৰে বিবাদ মীমাংসা কৰিব বিচাৰে, তেতিয়া তেওঁলোকে মধ্যস্থতাকাৰী নিযুক্ত কৰিব পাৰে। অর্থাৎ বিবাদত লিপ্ত পক্ষই প্রত্যক্ষভাৱে নিজেই মধ্যস্থতাকাৰী নিয়োগ কৰে। গতিকে মধ্যস্থতাকাৰীয়ে প্ৰদান কৰা সমাধান সূত্ৰ তেওঁলোকে গ্রহণ বা নাকচ কৰাৰ স্বাধীনতা থাকে। বিবাদত লিপ্ত ৰাষ্ট্ৰ বা পক্ষৰ এৰা-ধৰা মনোভাৱৰ ওপৰত ইয়াৰ সফলতা নিৰ্ভৰ কৰে।


দ্বিতীয়তে, মধ্যস্থতাৰ সিদ্ধান্ত বাধ্যতামূলক নহয়। অৰ্থাৎ ইয়াৰ দ্বাৰা কোনো পক্ষক সিদ্ধান্ত মানি চলিবলৈ বাধ্য কৰিব নোৱাৰ। মধ্যস্থতাৰ বিষয়ত কোনো তৃতীয় পক্ষই কাৰো ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। সেয়েহে, ইয়াৰ ফলাফল সকলোৰে বাবে সদায় সন্তুষ্টিজনক হয়।


১০। মনোমালিন্য আঁতৰাই বুজাবুজিত উপনীত হোৱাত আলাপ-আলোচনাৰ ভূমিকা কি? 


উত্তৰঃ যেতিয়া বিবাদলিপ্ত ৰাষ্ট্ৰসমূহে আলোচনা-বিলোচনা দিশসমূহ সমাযোজন কৰি সংঘাতৰ সমাধান কৰে তেতিয়া তাক আলাপ-আলোচনা বুলি কোৱা হয়। সাধাৰণতে ৰাষ্ট্ৰৰ মুৰব্বী প্রধান, বা তেওঁলোকৰ দ্বাৰা নিযুক্তি প্রতিনিধি বা কূটনৈতিক অভিকৰ্তাৰ জৰিয়তে এনে প্রত্যক্ষ আলোচনা স্থাপন কার্য সম্পাদিত হয়। আলাপ-আলোচনাৰ দ্বাৰা ৰাষ্ট্ৰসমূহে কোনো দ্বিপাক্ষিক বিষয়ত থকা মনোমালিন্য আঁতৰাই বুজাবুজিত উপনীত হ'ব পাৰে। সাধাৰণতে আলাপ-আলোচনাৰ জৰিয়তে পক্ষ দুটাৰ দাবীসমূহৰ গ্ৰহণযোগ্যতাৰ ওপৰতে প্রত্যক্ষ আলোচনাৰ সফলতা নিৰ্ভৰ কৰে। কূটনৈতিক বিষয়া তথা প্রতিনিধি সকলৰ বাকপটুতা, কার্যক্ষমতা, বিচক্ষণতা, উপস্থিত বুদ্ধি তথা ব্যক্তিত্বৰ ওপৰত আলাপ-আলোচনাৰ দিশসমূহ বহু পৰিমাণে নিৰ্ভৰ কৰে। অৱশ্যে প্রত্যক্ষ আলোচনাৰ কেতবোৰ দুর্বলতাও নথকা নহয়। কেতিয়াবা কেতিয়াবা আলাপ-আলোচনা যোগেদি ৰাষ্ট্ৰসমূহে বিবাদ উৎপত্তি হোৱা কাৰণসমূহ ভালদৰে অনুধাৱন কৰিব নোৱাৰিবও পাৰে। আলাপ-আলোচনা জৰিয়তে পক্ষ দুটা সমানে শক্তিশালী নহ'লে শক্তিশালী বাষ্ট্ৰখনৰ হাতত দুর্বলী ৰাষ্ট্রখনে নিজকে সমর্পণ কৰিবলগীয়া হ'ব পাৰে।


ৰচনাধৰ্মী প্রশ্নোত্তৰ


১। সংঘাত (Conflict) বুলিলে কি বুজায়? সংঘাতৰ প্ৰধান কাৰণসমূহ আৰু সংঘাত সমাধানৰ পদ্ধতি বিৱৰণ কৰা।


উত্তৰঃ মানৱ জীৱনৰ অবিচ্ছেদ্য অংশ হৈছে সংঘাত। য'ত মানুহে একেলগে বসবাস কৰে, কর্ম কৰে বা সামাজিক সম্পর্ক স্থাপন কৰে, তাতেই মতবিৰোধ আৰু স্বাৰ্থৰ সংঘাত স্বাভাৱিক। সংঘাত মানে কেৱল বিবাদ বা যুদ্ধ নহয়, ই মানৱ সমাজৰ ভিতৰতে হোৱা ধাৰণাগত, মানসিক, ৰাজনৈতিক, অর্থনৈতিক বা সামাজিক মতবিৰোধৰ এক প্রকৃতি। সমাজত বিভিন্ন ধৰণৰ চিন্তা-ধাৰা, সংস্কৃতি আৰু লক্ষ্য বিদ্যমান থাকে; এই বৈচিত্ৰঞ্জযৰ ফলতেই সংঘাত জন্ম লয়।


সংঘাতৰ মূল কাৰণবোৰ বহুবিধ। প্রথমতে ব্যক্তিগত স্বার্থ বা গোটীয় স্বাৰ্থৰ কঠিন পৰিস্থিতিয়ে সংঘাতৰ জন্ম দিয়ে। প্রতিযোগিতা আৰু সম্পদৰ সীমাবদ্ধতাৰ ফলত মানুহে নিজৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ সংগ্ৰাম কৰে। দ্বিতীয়ত যোগাযোগৰ অভাৱ বা ভুল-বুজাবুজি সংঘাতৰ এক গুৰুত্বপূৰ্ণ উৎস। তথ্যৰ অভাৱ, গুজব বা বিকৃত ধাৰণাই সংঘাতক বৃদ্ধি কৰে। তৃতীয়ত সামাজিক বৈষম্য, অর্থনৈতিক হীনতা, জাতিগত বা ধর্মীয় বৈৰিতাও সংঘাতৰ কাৰণ হয়।


সংঘাতক সাধাৰণতে দুয়ো দিশত দেখা যায়- ধ্বংসাত্মক আৰু গঠনমূলক। ধ্বংসাত্মক সংঘাতে সমাজৰ ভগ্নতা, বৈৰিতা আৰু বিভাজন ঘটায়; কিন্তু গঠনমূলক সংঘাতে পৰিৱৰ্তন, ন্যায় আৰু বিকাশৰ সম্ভাৱনা থাকে। সংঘাতক সঠিকপথে পৰিচালনা কৰিলে সমাজৰ উন্নতি আৰু নতুন দিশ প্রদর্শন সম্ভব।


সংঘাত সমাধানৰ বিভিন্ন পদ্ধতি আছে। প্রথম পদ্ধতি হৈছে আলোচনা (Negotiation), য'ত দুয়ো পক্ষৰ মাজত সংলাপৰ মাধ্যমে বুজাবুজি স্থাপন হয়। দ্বিতীয় হৈছে মধ্যস্থতা (Mediation), য'ত পক্ষপাতহীন তৃতীয় ব্যক্তি দুয়ো পক্ষৰ মাজত সংলাপ স্থাপন কৰে। তৃতীয় পদ্ধতি হৈছে সমঝোতা (Conciliation), য'ত দুয়ো পক্ষৰ মনোবৃত্তি নৰম কৰি সখ্য গঢ়ি তোলা হয়। চতুৰ্থত বিচাৰ (Arbitration)- য'ত সংঘাতৰ সিদ্ধান্ত কোনো আইনী বা নিৰপেক্ষ গোটে লয়।


সংঘাত সমাধানৰ সফলতাৰ মূল হ'ল ধৈর্য, বিশ্বাস, সহানুভূতি আৰু যোগাযোগ। যেতিয়া পক্ষবোৰে পৰস্পৰৰ দৃষ্টিভংগী বুজাৰ চেষ্টা কৰে, তেতিয়াহে শান্তিপূর্ণ সমাজ গঞ্জা সম্ভব হয়। সেয়ে সংঘাত হৈছে সমাজৰ এক প্রাকৃতিক কিন্তু পৰিবৰ্তনশীল শক্তি-যাক সঠিক কৌশলে ব্যৱস্থাপনা কৰাটোৱেই মানব সভ্যতাৰ মূল উদ্দেশ্য।


২। সংঘাত পৰিচালনাৰ দক্ষতা (Conflict Management Skills) কি আৰু ইয়াৰ প্ৰয়োগসমূহ বর্ণনা কৰা।


উত্তৰঃ সংঘাত পৰিচালনাৰ দক্ষতা মানে হৈছে সংঘাতৰ মূল বুজি, শান্তিপূর্ণভাৱে ইয়াক নিয়ন্ত্ৰণ আৰু সমাধান কৰিবলৈ সক্ষমতা। এই দক্ষতাত বহু ধৰণৰ মানৱিক আৰু সামাজিক গুণ অন্তর্ভুক্ত।


প্রথমে যোগাযোগ দক্ষতা সঠিকভাবে কথা কোৱা আৰু মন দি শুনা। দ্বিতীয়তে বিশ্লেষণাত্মক দক্ষতা-সমস্যা চিনাক্ত কৰি মূল কাৰণ ধৰা। তৃতীয়তে সিদ্ধান্তগ্রহণ ক্ষমতা -ন্যায়সঙ্গত সিদ্ধান্ত লোৱা। চতুৰ্থতে সহানুভূতি আৰু ধৈর্য।


এই দক্ষতাসমূহ শিক্ষা, প্রশিক্ষণ আৰু অভিজ্ঞতাৰ মাধ্যমে বিকাশ পায়। নেতৃত্ব, ৰাজনীতি, ব্যৱসায়, সমাজ সেৱা সকলো ক্ষেত্রতেই এই দক্ষতা প্রয়োজনীয়।


সংঘাত পৰিচালনাৰ দক্ষতাই সমাজত ন্যায়, শান্তি আৰু স্থিতিশীলতা স্থাপন কৰে। ই সংঘাতক হিংসাত্মকৰ পৰা গঠনমূলক ৰূপলৈ পৰিবৰ্তন কৰে। আজিৰ বিশ্বত এই দক্ষতা হৈছে শান্তি শিক্ষা (Peace Education)-ৰ মূলভিত্তি।


৩। সংঘাত সমাধানত যোগাযোগ (Communication) কৌশলৰ ভূমিকা বিশ্লেষণ কৰা।


উত্তৰঃ যোগাযোগ হৈছে সংঘাত পৰিচালনাৰ জীৱনশক্তি। সংঘাতৰ মূলত সাধাৰণতে ভুল-বুজাবুজি, তথ্যৰ অভাৱ বা বিকৃত ধাৰণা থাকে। সঠিক যোগাযোগে এই বাধাসমূহ দূৰ কৰি বিশ্বাস স্থাপন কৰে।-


সংঘাতৰ সময়ত সঠিক ভাষা আৰু ধৈৰ্যপূৰ্ণ সংলাপৰ প্ৰয়োগে পৰিস্থিতি স্থিতিশীল কৰে। যোগাযোগৰ কৌশলত দুয়ো দিশে কথা কোৱা আৰু মন দি শুনা-দুয়োটাই একে গুৰুত্বপূর্ণ। Active Listening তথা সক্রিয় শুনা হৈছে যোগাযোগৰ মূল। ই বক্তাৰ কথা বুজিবলৈ, তেওঁৰ অনুভূতিৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ সহায় কৰে।


সফল যোগাযোগৰ বাবে মনৰ মুকলি ভাব, সহানুভূতি, ধৈর্য আৰু অ-বৈৰী ভাষাৰ প্রয়োগ প্রয়োজন। হিংসাত্মক শব্দ, অপমানজনক ভাব বা আগ্রাসী ভংগীয়ে সংঘাত বৃদ্ধি কৰে; কিন্তু শান্ত, যুক্তিসঙ্গত ভাষাই পৰিৱেশ নৰম কৰে।


সংঘাত সমাধানত যোগাযোগ কৌশলৰ ভূমিকা এতিয়ালৈকে প্রমাণিত। পৰিয়ালৰ সংঘাত, কাৰ্যালয়ৰ মতবিৰোধ, ৰাজনৈতিক বিতর্ক, বা আন্তঃৰাষ্ট্ৰীয় কূটনীতি- সকলো ক্ষেত্রতেই সঠিক যোগাযোগেই শান্তিৰ ভিত্তি।


এইবাবে যোগাযোগক 'Conflict Transformation Tool' বুলি কোৱা হয়, কাৰণ ই সংঘাতক ধ্বংসাত্মকৰ পৰা গঠনমূলক ৰূপলৈ পৰিবৰ্তন কৰে।


৪। ৰাষ্ট্ৰসংঘ আৰু নাগৰিক সমাজৰ শান্তি নিৰ্মাণত ভূমিকা বিৱৰণ কৰা।


উত্তৰঃ বিশ্বযুদ্ধৰ ভয়াবহ পৰিস্থিতিৰ পিছত ৰাষ্ট্ৰসংঘৰ জন্ম হয় ১৯৪৫ চনত, উদ্দেশ্য -ভবিষ্যতৰ যুদ্ধ ৰোধ আৰু বিশ্বশান্তি স্থাপন। ৰাষ্ট্ৰসংঘৰ Security Council, General Assembly আৰু Peacekeeping Forces মিলি সংঘাতপীড়িত অঞ্চলত শান্তি স্থাপন, মানবিক সহায় আৰু পুনৰগঠন কাৰ্য কৰে।


ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনী আফ্রিকা, মধ্যপ্রাচ্য, আফগানিস্তান আদি দেশত সফলতা লাভ কৰিছে। ই আলোচনা, মধ্যস্থতা আৰু সাহায্যৰ মাধ্যমে দেশবোৰৰ মাজত বিশ্বাস স্থাপন কৰে। লগতে UNDP, UNICEF, UNHCR আদি সংস্থাই উন্নয়ন আৰু শৰণাৰ্থী সহায়ৰ কাম কৰে, যাৰ দ্বাৰা সংঘাতৰ মূল কাৰণসমূহ হ্রাস পায়।


নাগৰিক সমাজৰো ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। NGO, স্বেচ্ছাসেবী সংগঠন, গণমাধ্যম, শিক্ষা প্রতিষ্ঠান আদি সংগঠনে জনচেতনা বৃদ্ধি কৰি শান্তিৰ সংস্কৃতি গঢ়ে। নাগৰিক সমাজে সংঘাতপীড়িত অঞ্চলত শিক্ষা, স্বাস্থ্য, পৰামৰ্শ আৰু মধ্যস্থতা প্রদান কৰে।


এইবাবে ৰাষ্ট্ৰসংঘ আৰু নাগৰিক সমাজ একেলগে বিশ্বশান্তিৰ দুই দিশ। একে গোটে নীতি নির্ধাৰণ কৰে, আনটো গোটে ভূমিস্তৰে শান্তি স্থাপন কৰে। দুয়ো মিলি মানৱজাতিক এক শান্তিপূর্ণ সমাজৰ দিশে আগবঞ্জায়।


৫। কেনেথ থমাছ আৰু ৰাল্‌ল্ফ কিলমেনে সংঘাতৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়াক কি কি পাঁচটা শ্রেণীত শ্রেণীবদ্ধ কৰিছে আলোচনা কৰা।


উত্তৰঃ কেনেথ থমাছ আৰু ৰাল্‌ফ কিলমেনে সংঘাতৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়াক পাঁচটা শ্রেণীত শ্রেণীবদ্ধ কৰিছে। সেইকেইটা হ'ল-


(ক) প্রতিযোগিতা (খ) সহযোগিতা কৰা (গ) আপোচ কৰা (ঘ) পৰিহাৰ কৰা আৰু (ঙ) সামঞ্জস্যপূর্ণ।


এই সঁহাৰিবোৰ তেওঁলোকৰ দৃঢ়তাৰ স্তৰত পৃথক হয়। তেওঁলোকক তেওঁলোকৰ দৃষ্টিভংগীত অধিক বা কম সহযোগিতামূলক বুলিও বৰ্ণনা কৰিব পাৰি-


(ক) প্রতিযোগিতা: প্রতিযোগিতামূলক সঁহাৰি অতি দৃঢ় কিন্তু সহযোগিতা কম। এই পদ্ধতি ব্যৱস্থা কৰা এজন ব্যক্তিয়ে তাৰ প্ৰয়োজনীয়তাক আনৰ প্ৰয়োজনীয়তাতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। যিসকলে এই সঁহাৰিৰ পক্ষপাতী তেওঁলোক লক্ষ্যমুখী হয় আৰু আপোচ কৰাৰ সলনি সম্পৰ্কৰ বিপদাশংকা লয়। কেতিয়াবা, এই সঁহাৰিটো আক্রমণাত্মক আৰু সংঘৰ্ষমূলক বুলি ব্যাখ্যা কৰা হয়। প্রতিযোগিতামূলক সঁহাৰি সদায় নেতিবাচক সঁহাৰি নহয়। কিছুমান পৰিস্থিতিত এইটো প্রয়োজনীয় হয়।


(খ) সহযোগিতাঃ সহযোগিতামূলক সঁহাৰি এটা অত্যন্ত দৃঢ় আৰু সহযোগিতামূলক। ইয়াক ব্যৱহাৰ কৰা এজন ব্যক্তিয়ে তাৰ মতামত প্রকাশ কৰিব লগতে আনৰ মতামত শুনিব। ইয়াৰ উদ্দেশ্য হৈছে এক জয় জয় সংকল্পত উপনীত হোৱা। বিবাদত জড়িতসকলক সমাধানৰ বাবে প্রতিশ্রুতিবদ্ধ কৰিবলৈ ভাল মীমাংসা কৌশলৰ প্ৰয়োজন। এই পদ্ধতিটোৱে প্রায়ে আন পদ্ধতিতকৈ বেছি সময় ল'ব পাৰে। সহযোগিতা হৈছে এক উপযোগী সঁহাৰি যেতিয়া সকলোৰে উদ্বেগৰ সৈতে আপোচ কৰিব পৰাকৈ অতি গুৰুত্বপূর্ণ হয়। যেতিয়া এজন ব্যক্তি আনৰ পৰা শিকিব বিচাৰে, বিভিন্ন লোকৰ দৃষ্টিভংগী একত্ৰিত কৰিব বিচাৰে, সহমতৰ জৰিয়তে প্রতিশ্রুতি প্রাপ্ত কৰিব বিচাৰে, আৰু আনৰ সহনশীলতা আৰু বুজাবুজিক উৎসাহিত কৰিব বিচাৰে তেতিয়া এক সহযোগিতামূলক দৃষ্টিভংগীও উপযোগী হয়।


(গ) আপোচ কৰা: যেতিয়া কোনো এজন ব্যক্তি আপোচমূলক সঁহাৰি ব্যৱহাৰ কৰে তেওঁ তর্ক এটাত দুটা স্থিতিৰ মাজৰ পথ বিচাৰে। তেতিয়া তেওঁ এই পদ্ধতিৰ সৈতে বিবাদৰ সঁহাৰি দিয়ে, তেওঁ কিছু ৰেহাই দিবলৈ ইচ্ছুক হয়। তেওঁ এটা সমাধান বিচাৰে যিয়ে অন্ততঃ বিবাদত জড়িত সকলোকে আংশিকভাৱে সন্তুষ্ট কৰিব। গতিকে তেওঁ কিবা এৰি দিবলৈ ইচ্ছুক, আৰু আন পক্ষটোৱেও কিবা এটা এৰি দিব বুলি আশা কৰে।


বিবাদৰ প্ৰতি আপোচ কৰা পদ্ধতি সঠিক যেতিয়া-


(১) সমান শক্তি থকা দলবোৰ স্থবিৰ হৈ আহে,


(২) আমি এটা জটিল সমস্যাৰ অস্থায়ী সমাধান প্রাপ্ত কৰিব বিচাৰো


(৩) সমাধান এটাৰ উপনীত হ'বলৈ ওপৰত সময়ৰ চাপ আছে,


(৪) সহযোগিতা বা প্রতিযোগিতা সফল নহয়, আৰু বিবাদৰ ব্যয়-মাটি হেৰুওৱাৰ ব্যয়তকৈ বৈছি।


আপোচ কৰিলে দুয়োটা দলৰ বাবে আংশিক বিজয় আৰু আংশিক পৰাজয় নিশ্চিত হয় আৰু যেতিয়া দুয়ো পক্ষই মুখ বচাব লগা হয় তেতিয়া ই কাৰ্যকৰী হয়।


(ঘ) পৰিহাৰ কৰা: পৰিহাৰ কৰাটো হৈছে এক অদৃঢ় আৰু অসহযোগিতামূলক সঁহাৰি। ইয়াৰ অৰ্থ হৈছে যে বিবাদৰ পৰা প্ৰত্যাহাৰ কৰে বা পিছুৱাই দিয়ে। এই সঁহাৰিটোত বির্তকিত সিদ্ধান্তবোৰ প্ৰদান কৰা, ত্রুটিপূর্ণ সিদ্ধান্ত গ্রহণ কৰা, বা কাৰো অনুভূতিক আঘাত কৰিব নিবিচৰা অন্তর্ভুক্ত থাকিব পাৰে। বহুক্ষেত্ৰত ই বিবাদৰ প্ৰতি এক দুর্বল আৰু অকাৰ্যকৰী সঁহাৰি হ'ব পাৰে। যেতিয়া বিষয়টো পর্যাপ্ত গুৰুত্বপূৰ্ণ নহয়, তেতিয়া বিবাদৰ সৈতে মোকাবিলা কৰাত বা সংঘাত অব্যাহত থকাৰ ফলত ভালতকৈ অধিক ক্ষতি হ'ব, বা যেতিয়া উদ্বেগ পূৰণ কৰাৰ কোনো সম্ভাৱনা নাথাকে, তেতিয়া বিবাদ পৰিহাৰ কৰাটো উচিত হ'ব পাৰে। যেতিয়া আৱেগ উচ্চ হয়, জড়িতসকল শান্ত নোহোৱালৈকে অধিক সংঘৰ্ষ পৰিহাৰ কৰা ভাল। ইয়াৰ উপৰিও, যদি বিবাদটো সমাধান কৰাৰ আগতে অধিক তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন হয় তেতিয়া পৰিহাৰ কৰা সঁহাৰি ব্যৱহাৰ কৰিব পাৰে। যেতিয়া আনে বিবাদটো সমাধান কৰিবলৈ ভাল স্থিতিত থাকে তেতিয়া এই পদ্ধতিটো ব্যৱহাৰ কৰা উচিত।


(ঙ) সামঞ্জস্যপূঃ এক অনুকূল সঁহাৰি অদৃঢ় আৰু অতি সহযোগিতামূলক। ই সূচায় যে এজন ব্যক্তি আন এজন ব্যক্তিৰ মতামতক নিজৰ মতামততকৈ অধিক বৈধ বুলি গণ্য কৰে। ব্যক্তিজনে নিজৰ প্ৰয়োজনীয়তাৰ মূল্যত আনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইচ্ছুক। ব্যকিজনে সম্পর্ক এটাক তেওঁৰ নিজৰ লক্ষ্য বা প্রয়োজনীয়তাতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰে। ব্যক্তিজনে এক সামঞ্জস্যপূৰ্ণ সঁহাৰি ব্যৱহাৰ কৰিব পাৰে।


যেতিয়া তেওঁ অনুভৱ কৰে যে তেওঁৰ দোষ আছে আৰু তেওঁ পৰিস্থিতিটো সংশোধন কৰিব বিচাৰে আৰু সম্পৰ্ক এটা পুনৰুদ্ধাৰ কৰিব বিচাৰে।


তেওঁ তেওঁৰ উর্ধ্বতন বিষয়াসকলক সন্তুষ্ট কৰিবলৈ, বা যদি তেওঁ এজন মেনেজাৰ, তেওঁ ইয়াক অধীনস্থসকলৰ সৈতে ব্যৱহাৰ কৰিব পাৰে, যাতে তেওঁলোকে ভুলৰ পৰা শিকি বিকাশ কৰিব পাৰে, বা যেতিয়া আনজনৰ সৈতে সম্পর্কিত বিষয়টোতকৈ অধিক গুৰুত্বপূৰ্ণ হয়।