অধ্যায়-২
উপনিৱেশিকোত্তৰ বিকাশ
২। গাৰো নেচনেল কাউন্সিল কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯৪৬ চনত।
৩। পোন প্ৰথমবাৰৰ বাবে কোনে 'উদয়াচল' নামে এখন সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰে?
৪। পূর্ববংগৰ কৃষকসকলে অসমলৈ কিয় আহিছিল?
উত্তৰঃ পূর্ববংগৰ কৃষকসকলে নিজৰ অঞ্চলত ভূমি সংকট আৰু জীৱিকাৰ সীমিত সুযোগৰ বাবে অসমলৈ প্ৰব্ৰজন কৰিছিল। অসমত উৰ্বৰা মাটি আৰু পতিত ভূমিৰ প্ৰাচুৰ্য থকাত তে বলোকে খেতি আৰু বনুৱা হিচাপে কাম আৰম্ভ কৰিছিল।
৫। স্বাধীনতাৰ পিচত অসমৰ প্ৰশাসনীয় পুনৰ সংগঠনৰ মুখ্য সমস্যা কি আছিল?
উত্তৰঃ পাহাৰীয়া আৰু সমতল অঞ্চলৰ বৈচিত্র্যৰ বাবে পুনৰ সংগঠন দুৰুহ হৈছিল।
৬। মেঘালয় কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯৭২ চনত।
৭। নাগালেণ্ডে কেতিয়া ভাৰতৰ ১৬তম ৰাজ্য হিচাপে স্বীকৃতি পায়?
উত্তৰঃ ১৯৬৩ চনত।
৮। বর্তমান উত্তৰ-পূব ভাৰতত কিমানখন ৰাজ্য আছে?
উত্তৰঃ আঠখন।
৯। অৰুণাচলক পূর্ণ পৰ্যায়ৰ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি দিয়া হয়?
উত্তৰঃ ১৯৭৫ চনত অৰুণাচলক পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰূপে স্বীকৃতি দিয়া হয়।
১০। মিজো পাহাৰ জিলাক কেন্দ্রীয় শাসিত ৰাজ্যৰূপে কেতিয়া স্বীকৃতি দিয়া হয়?
উত্তৰঃ ১৯৭১ চনত সংসদে গ্রহণ কৰা ভাৰতীয় সংবিধানৰ ২৭ নং সংশোধন মর্মে অসমৰ মিজো পাহাৰ জিলাক কেন্দ্ৰীয় শাসিত ৰাজ্যৰূপে স্বীকৃতি দিয়া হয়।
১। পূর্ববংগৰ পৰা অসমলৈ প্ৰব্ৰজনৰ প্ৰশাসনিক পটভূমি বৰ্ণনা কৰা।
উত্তৰঃ ১৮২৬ চনত বৃটিছে বৰ্মাৰ পৰা উত্তৰ-পূব ভাৰত অধিকাৰ কৰে। তেতিয়াৰ পৰা অসম, মণিপুৰ আৰু ত্ৰিপুৰাক পৃথক ৰাজনৈতিক গোট হিচাপে গঠন কৰা হৈছিল। বৰাক উপত্যকা পূর্ববংগৰ লগত সংলগ্ন থাকাত শ্রীহট্ট, কাছাৰ, আৰু উত্তৰ কাছাৰত বংগীয় প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধি পায়। ১৮৩২ চনত ৰজা গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পাছত বৃটিছে কাছাৰ অধিগ্রহণ কৰি শিলচৰত সদৰ স্থাপন কৰে।
১৮৭৩ চনত অসমক বংগৰ পৰা পৃথক কৰি মুখ্য আয়ুক্তৰ ৰাজ্য ঘোষণা কৰা হয়। ইয়াৰ ফলত উত্তৰ-পূৰ্ব ভাৰত বংগৰ প্ৰশাসনৰ পৰা সম্পূর্ণভাবে পৃথক হয়, যদিও শ্রীহট্ট আৰু কাছাৰক কিছু সময়লৈ বংগৰ অধীনত ৰখা হৈছিল। ১৮৯৮ চনত লুচাই পাহাৰকো অসমৰ সৈতে সংযোজন কৰা হয়।
বৃটিছ প্রশাসনে অসমত পথ, যোগাযোগ, আৰু বন-সম্পদৰ বিকাশ ঘটোৱাৰ নামত বহু নতুন এলাকা উন্মুক্ত কৰে। ইয়াৰ ফলত পূর্ববংগৰ কৃষকসকলক ভূমি দখল কৰি খেতি কৰাৰ অনুমতি দিয়া হয়। এই প্রশাসনিক নীতিয়ে বংগীয় কৃষকৰ প্ৰব্ৰজনৰ বাট মুকলি কৰি দিয়ে। ফলস্বৰূপে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা উভয়তে ধানখেতি আৰু বনুৱাৰ কামত বংগীয় কৃষকৰ প্ৰবেশ বৃদ্ধি পায়।
সেই সময়ৰ চাহ কোম্পানীয়ে বাহিৰৰ পৰা শ্রমিক আনিবলৈ আইনগত সুবিধা পাইছিল। এই শ্রমিকসকলে সময়ৰ লগে লগে স্থানীয়ভাবে বসতি স্থাপন কৰে। বৃটিছ নীতিয়ে ভূমি উন্মুক্ত কৰি কৃষকসকলক মাটিত অধিকাৰ দিয়া কাৰণে এই প্ৰব্ৰজন ক্রমান্বয়ে স্থায়ী ৰূপ লৈছিল।
২। মেঘালয় ৰাজ্য গঠনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯৭০ চনৰ ২ এপ্ৰিলত খাচী-জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা দুখনক লৈ মেঘালয় নামে এখন স্বায়ত্তশাসিত ৰাজ্য তৈয়াৰ কৰা হয়। ভালেমান বছৰৰ আগৰে পৰাই এখন পাহাৰীয়া ৰাজ্য তৈয়াৰ কৰিবলৈ তাৰ জনসাধাৰণে দাবী জনাই আহিছিল। নিৰৱচ্ছিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ১৩-১-১৯৬৭ তাৰিখে অসমৰ পুনৰ গঠনৰ সিদ্ধান্তৰ কথা সদৰী কৰিছিল। তাৰ পিছত ১১-৯-১৯৬৭ তাৰিখে কেন্দ্ৰীয় চৰকাৰে খাচী-জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলাক লৈ এখন স্বায়ত্তশাসতি ৰাজ্য গঠনৰ কথা ঘোষণা কৰে। অৱশেষত ২৪-১২-১৯৬৯ তাৰিখে সংসদত গ্ৰহণ কৰা আইনমর্মে মেঘালয় স্বায়ত্তশাসিত ৰাজ্যৰ সৃষ্টি হয়।
৩। পূর্ববংগৰ হিন্দু-মুছলমান সংঘাত আৰু অসমলৈ প্ৰব্ৰজনৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ পূর্ববংগত জনসংখ্যা বৃদ্ধিৰ সৈতে ভূমিৰ সংকট ভয়াবহ ৰূপ ধাৰণ কৰিছিল। এই সংকটৰ লগত ধর্মীয় প্রতিদ্বন্দ্বিতাও যুক্ত হৈছিল। মুছলমানসকলে সংখ্যাগুৰু হোৱাৰ ফলত হিন্দুসমাজ নির্যাতন আৰু অত্যাচাৰৰ মুখামুখি হৈছিল। ইয়াৰ ফলত বহু হিন্দু অসমলৈ প্ৰব্ৰজন কৰে। কিন্তু এই প্ৰব্ৰজন কেৱল ধর্মীয় কাৰণত নহয়, অর্থনৈতিক দিকেও তেনেই গুৰুত্বপূৰ্ণ আছিল।
অন্যপক্ষে, মুছলমান কৃষকসকলো অধিক উৰ্বৰা মাটিৰ সন্ধানত অসমলৈ প্রব্রজন কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড বেভেলৰ মতে ছাদুল্লা চৰকাৰে খাদ্য উৎপাদন বৃদ্ধিৰ নামত মুছলমান পমুৱাক অনাবাদী মাটিত বসতি স্থাপনৰ অনুমতি দিছিল। কিন্তু বাস্তৱতঃ ইয়াৰ পেছত আছিল ৰাজনৈতিক উদ্দেশ্য অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰা।
এই ধর্মীয় আৰু অর্থনৈতিক দৃষ্টিকোণৰ মিশ্রণেই অসমত ভূমি সংকট, সামাজিক দ্বন্দ্ব, আৰু অসমীয় সমাজৰ পৰিৱৰ্তনৰ মূল কাৰণ হৈ পৰে। এই প্ৰব্ৰজনৰ ফলত কামৰূপ, 'নগাঁও, দৰঙ, বৰপেটা আদি জিলা অঞ্চলসমূহত বংগীয় জনসংখ্যা দ্রুত বৃদ্ধি পায়। ১৯৩১ চনৰ চি.এছ. মুলানৰ প্রতিবেদনেও এই কথাই প্রকাশ কৰিছিল। সেইমতে, হিন্দু-মুছলমান সংঘাত অর্থনৈতিক প্রয়োজনৰ লগে লগে ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলও আছিল।
৪। নগা সশস্ত্ৰ সংগ্ৰামৰ বিষয়ে আভাস দিয়া।
উত্তৰঃ ১৯৫৫ চনত নগা পাহাৰত আংগামী জাপো ফিজোৰ (Angamai Zapuo Phizo) নেতৃত্বত ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্র সংগ্ৰামৰ সূচনা হয়। এই সংগ্ৰামৰ লক্ষ্য আছিল নগাসকলৰ বাবে এখন সার্বভৌম ৰাষ্ট্ৰ তৈয়াৰ কৰা। ইতিপূর্বে দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ প্ৰায় পিছতে নগা পাহাৰৰ জিলাধিপতি পাওছেৰ (Pawsey) চেষ্টাত ১৯৪৫ চনত 'Naga Hills Districts Tribal Council' নামে এটি সংগঠন গঢ়ি উঠিছিল। ১৯৪৬ চনৰ মাৰ্চ মাহত 'Naga National Council' লৈ পৰিৱৰ্তিত কৰা হৈছিল। ১৯৪৭ চনৰ ১৪ আগষ্টত ফিজোৱে নগাসকলৰ বাবে স্বাধীনতা ঘোষণা কৰে।
১৯৫৬ চনৰ ২২ মাৰ্চত নগা নেচনেল কাউঞ্চিলে নগা পার্বত্য জিলাক সামৰি লৈ এখন স্বাধীন নগা যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠন কৰে। এখন সংসদ বিশিষ্ট সেই চৰকাৰৰ এজন ৰাষ্ট্ৰপতি, এজন উপ-ৰাষ্ট্ৰপতি, এজন প্রধান মন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত এখন মন্ত্রীসভাৰ ব্যৱস্থা কৰা হৈছিল।
১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতবৰ্ষৰ সংসদে নগা পাহাৰক পূৰ্ণ পৰ্যায়ৰ প্ৰদেশৰূপে স্বীকৃতি দি আইন প্রণয়ন কৰে আৰু ১৯৬৩ চনৰ ১ জানুৱাৰীত নাগালেণ্ড নামে ভাৰতবৰ্ষৰ ষোড়শ নং ৰাজ্যখনৰ সৃষ্টি কৰা হয়। এইটো আছিল ১৯৫৫ চনৰ পৰা চলা নগা আত্মগোপনকাৰীসকলৰ সশস্ত্র সংগ্ৰামৰ ৰাজনৈতিক পৰিণতি।
৫। নাগালেণ্ড গঠন কেনেকৈ হৈছিল?
উত্তৰঃ স্বাধীনতাৰ পিচত নাগাসকলৰ মাজত স্বাধীনতাৰ দাবী তীব্ৰ হৈ পৰে। ১৯৫১ চনত গণভোট অনুষ্ঠিত হয় য'ত প্রায় সকলো নাগা লোকই স্বাধীনতাৰ পক্ষে ভোট দিয়েহে। ফলত তেওঁলোকে ১৯৫২ চনৰ সাধাৰণ নির্বাচন বিৰোধিতা কৰে। ১৯৫০ৰ দশকৰ প্ৰথমার্ধত নাগা নেচনেল কাউন্সিলৰ নেতৃত্বত এ জে ফিজোই স্বাধীন নাগালেণ্ডৰ দাবী তোলে। ভাৰত চৰকাৰে বহুবাৰ আলোচনা চলায়, কিন্তু স্বাধীনতাৰ দাবী গ্রহণ নকৰে। শেষত, ১৯৬৩ চনত নাগালেণ্ডক ভাৰতৰ ৰছ তম ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়। যদিও এই গঠনে নাগা বিদ্রোহ সম্পূর্ণ শেষ নকৰে, তথাপি অসমৰ পৰা প্ৰথম পাহাৰীয়া অঞ্চল পৃথক হৈ ৰাজ্য গঠন কৰিছিল।
৬। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিশপুৰলৈ স্থানান্তৰৰ কাৰণ কি আছিল?
উত্তৰঃ মেঘালয় গঠন হোৱাৰ পিছত শ্বিলঙ মেঘালয়ৰ অন্তর্ভুক্ত হয়। শ্বিলঙত অসমীয়া বিৰোধী মনোভাব তীব্র হৈছিল, ভাষিক আৰু ধর্মীয় সংঘাত বৃদ্ধি পাইছিল। খৃষ্টান মিছনেৰিৰ প্ৰভাৱত বহিৰাগত মনোভাব বৃদ্ধি পাই ৰাজনৈতিক পৰিবেশ উত্তপ্ত হৈছিল। এই পৰিস্থিতিত অসম চৰকাৰে কাৰ্যকৰী স্থিতিশীলতা ৰাখিব নোৱাৰিলে। ফলত তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই ১৯৭০ৰ দশকত ৰাজধানী দিশপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়।
৭। স্বাধীনতাৰ পিচত উত্তৰ-পূব ভাৰতৰ পুনৰ গঠন আৰু ইয়াৰ প্ৰভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ স্বাধীনতাৰ পিছত উত্তৰ-পূবৰ এলেকাই একাধিক পুনৰ গঠন অভিজ্ঞতা লাভকবে। প্রথমে নাগালেণ্ড (১৯৬৩), তাৰপিছত মেঘালয় (১৯৭২), মিজোৰাম আৰু অৰুণাচল প্রদেশ (১৯৮৭) গঠন হয়। এই পুনৰ গঠন প্রক্রিয়া জনজাতি সমাজৰ স্বায়ত্ব দাবীৰ ফল।
ইয়াৰ ফলত অসমৰ ভৌগোলিক পৰিসৰ সংকুচিত হয়, তথাপিও ভাৰতৰ গণতান্ত্রিক ব্যৱস্থা মজবুত হয়। প্রতিটো ৰাজ্য নিজৰ ভাষা, সংস্কৃতি আৰু সমাজৰ বিকাশৰ সুযোগ পায়। আনফালে, অসমৰ অৰ্থনৈতিক উন্নয়ন মন্থৰ হয়, প্রবজন সমস্যা বৃদ্ধি পায়।
তথাপিও এই পুনৰ গঠন ভাৰতৰ সংবিধানৰ অন্তৰ্গত গণতান্ত্রিক একতাবোধৰ প্রতীক। উত্তৰ-পূবৰ সাতখন ৰাজ্যই আজি গণতান্ত্রিক পৰিচালনাৰ সাৰথী।
৮। নাগা বিদ্ৰোহৰ কাৰণ আৰু প্ৰভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ নগাসকল ঐতিহাসিকভাবে স্বাধীন মনোভাৱী আছিল। বৃটিছৰ সময়ত তেওঁলোকক প্রশাসনিকভাৱে অসমৰ অধীন কৰা হৈছিল, কিন্তু সংস্কৃতি-সমাজত তেওঁলোকে নিজৰ স্বাতন্ত্র্য ৰক্ষা কৰিছিল। স্বাধীনতাৰ সময়ত এ জে ফিজোৰ নেতৃত্বত "নাগা নেচনেল কাউন্সিল" গঠন হয়। ১৯৫১ চনৰ গণভোটত ৯৯.৯ শতাংশ লোকে স্বাধীনতাৰ পক্ষে ভোট দিয়ে।
ভাৰত চৰকাৰে এই দাবী গ্রহণ নকৰাত বিদ্রোহ আৰম্ভ হয়। ১৯৫০ৰ দশকৰ সময়ত সশস্ত্র আন্দোলনে ব্যাপক ৰূপ ধৰে। নেহেৰু চৰকাৰে বহুবাৰ আলোচনা কৰে, কিন্তু স্বাধীনতাৰ প্রশ্নত আপোছ কৰিবলৈ ইচ্ছুক নাছিল। ১৯৬৩ চনত নাগালেণ্ডক স্বীকৃতি দিয়াৰ পিছতো বিদ্রোহ সম্পূর্ণভাবে শেষ নহয়।
নাগা বিদ্ৰোহৰ ফলত উত্তৰ-পূবৰ জনজাতি সমাজত স্বায়ত্বতাৰ ধাৰণা বিস্তৃত হয়। মেঘালয়, মিজোৰাম আদি ৰাজ্য গঠনৰ প্ৰভাৱও ইয়াৰ পৰা আহে। এইদৰে নাগা বিদ্রোহ অসমৰ পাহাৰীয়া অঞ্চলৰ পুনৰ গঠনৰ বাট মুকলি কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। উত্তৰ-পূৰ্বাঞ্চলৰ পৃথক পার্বত্য ৰাজ্য গঠনৰ দাবী
সম্পর্কে বহলাই লিখা।
উত্তৰঃ অতীতৰ দীর্ঘদিনীয়া অৱহেলা আৰু পৃথকতাই সৃষ্টি কৰা অবিশ্বাস আৰু সন্দেহৰ ফলত ভৈয়াম আৰু পাৰ্বত্য অঞ্চলৰ অধিবাসীৰ মাজত সমন্বয় সৃষ্টি হোৱাটো কঠিন হৈ পৰিছিল। গাৰো পাহাৰৰ মুখ্য কাৰ্যবাহী সদস্য উইলিয়ামছন চাংমাৰ অধীনত পূব-ভাৰতীয় জনজাতি একতা সভাই (Eastern India Tribal Union) সুকীয়া পার্বত্য ৰাজ্য গঠনৰ দাবী তুলিছিল। ১৯৫৪ চনৰ অক্টোবৰ মাহত তুৰাত অনুষ্ঠিত সম্মিলনে নির্দেশ দিয়া মতে, স্মাৰক-পত্ৰখন চাংমাই ৰাজ্য পুনৰ গঠন আয়োগক দাখিল কৰিছিল। স্মাৰক-পত্ৰখনত তেওঁ স্পষ্টভাৱে কৈছিল যে পার্বত্য অঞ্চলৰ অধিবাসীৰ ভৈয়ামৰ অধিবাসীৰ সৈতে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু আৱেগিক কোনো সম্বন্ধ নাছিল। ভৈয়াম অঞ্চলৰ মানুহৰ মনোভাব 'ঘৃণা আৰু শত্রুতাপূর্ণ' বুলি স্মাৰক-পত্ৰ দিয়াসকলে কৈছিল। পার্বত্য অঞ্চলত বাস কৰা মানুহৰ ওপৰত অসমীয়াসকলে তেওঁলোকৰ ভাষা-সংস্কৃতি জাপি দিবলৈ চেষ্টা কৰাৰ বাহিৰেও তেওঁলোকে পার্বত্য অঞ্চলৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। মুঠ জনসংখ্যাৰ ৫৬ শতাংশ অসমীয়া হোৱা সত্ত্বেও বিধানসভাৰ মুঠ আসনৰ ৭৫ শতাংশ, মন্ত্রীসভাৰ ৯০ শতাংশ আৰু ৰাজহুৱা সেৱাৰ ৭৫ শতাংশ অসমীয়াই নিয়ন্ত্রণ কৰিছিল। বাস্তৱ ক্ষেত্ৰত সৰ্বপ্ৰধান সকলোবোৰ উন্নয়নমূলক কাম কাৰিকৰী আৰু অকাৰিকৰী শিক্ষানুষ্ঠানবিলাক ব্রহ্মপুত্র উপত্যকাত স্থাপন কৰা হৈছিল। সেই কাৰণে মুঠ ২৭,৫৯৯ বর্গমাইল আৰু ১১,৭১,০৯৮ জনসংখ্যা থকা অসমৰ পার্বত্য অঞ্চলসমূহৰ বাবে এখন সুকীয়া পার্বত্য ৰাজ্য গঠনৰ বাবে তেওঁলোকে আবেদন কৰিছিল।
পার্বত্য ৰাজ্যৰ দাবীৰ ঐক্যমত নাছিল। সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰে সুকীয়া পার্বত্য ৰাজ্যৰ বিৰোধিতা কৰিছিল। গাৰো আৰু মিকিৰ (কাৰ্বি) সকলৰ জাতীয় পৰিষদবোৰে তেওঁলোকৰ নিজা ৰাজ্যসমূহৰ বাবে স্বায়ত্ত শাসনৰ দাবী তুলিছিল। অসম মন্ত্রীসভাৰ সদস্য নিকলচ ৰয়ে গোপন স্মাৰক-পত্ৰৰ যোগেদি এষাৰ কথা স্পষ্ট কৰি দিছিল: 'এটা চর্তত মই পার্বত্য ৰাজ্যৰ বাবে নৈতিক সমর্থন আগবঢ়াইছো চৰ্তটো হ'ল —
আমাৰ অসমীয়া ভাইসকলৰ বিৰদ্ধে ঘৃণা আৰু শত্রুতাৰ ভাব সৃষ্টি কৰিব পৰাকৈ কোনেও যাতে একো কথা নকয়। তদুপৰি অসম চৰকাৰৰ বিৰুদ্ধে কোনেও যাতে কোনোধৰণৰ অপ্রয়োজনীয়, অশোভনীয় আৰু অযৌক্তিক কথা নকয়, যিবোৰৰ ফলত হয়তো অশান্তির সৃষ্টি হ'ব পাৰে।' এখন সুকীয়া ৰাজ্যৰ বাবে কৰা দাবীটোৰ ৰয়ে বিৰোধিতা কৰিছিল, কিয়নো ই অর্থনীতিসন্মত নহয়। জিলা পৰিষদ ভংগ কৰা আৰু ৰাজধানী ভৈয়ামলৈ স্থানান্তৰ কৰা প্ৰস্তাৱৰ তেওঁ বিপক্ষে আছিল। সেই কাৰ্যই জনজাতিসকলৰ অৰ্থনীতিত গুৰুতৰ আঘাত কৰিব। জনজাতিসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁ প্রতিখন স্বায়ত্তশাসিত জিলাত একোখনকৈ পাৰ্বত্য মন্ত্রীসভা বিচাৰিছিল। তেওঁৰ মতে, অসমৰ মন্ত্রীসভাত এজন মন্ত্রী বা উপমন্ত্রীয়ে সেই স্বায়ত্তশাসিত জিলাখনক প্রতিনিধিত্ব কৰিব আৰু ৰাজ্যপালে তেওঁৰ বিশেষাধিকাৰ প্ৰয়োগ কৰি তেওঁক নিযুক্তি দিব। সাধাৰণ বিষয়বোৰৰ প্ৰশাসনৰ বাবে বৰলাটৰ প্ৰতিনিধি হিচাপে বাজ্যপালে অসম মন্ত্রীসভাৰ এটা অংশ গঠন কৰিব।
ইতিমধ্যে কংগ্রেছ বিধায়িনী দলৰ নেতৃত্বলৈ পৰিৱৰ্তন আহিল। আঁকোৰগোজ মনোভাবৰ অসমীয়া হিচাপে পৰিচিত বিষ্ণুৰাম মেধিৰ পৰিৱৰ্তে উদাৰনীতিৰ বিমলাপ্রসাদ চলিহাই নেতৃত্ব গ্রহণ কৰিলে। এইজনা মুখ্যমন্ত্রীয়ে লালমাউয়া নামৰ মিজো নেতাজনক মন্ত্রীসভাৰ সদস্যই কৰা নাছিল, গাৰো নেতা উইলিয়ামছন চাংমাকো পূর্ণ পৰ্যায়ৰ মৰ্যাদাৰে জনজাতি অঞ্চল বিভাগৰ মন্ত্ৰী পাতিছিল। ইয়াৰ পিছতে জনজাতীয় পৰিক্ৰমা উপদেষ্টা পৰিষদ গঠন কৰি জনজাতিসকলৰ সৈতে থকা সম্বন্ধৰ উন্নতি সাধন কৰি সুকীয়া ৰাজ্য গঠনৰ ধাৰণাটোৰ অৱসান ঘটাব খুজিছিল। উইলিয়ামছন চাংমাই মুখ্যমন্ত্রীলৈ লিখা এখন চিঠিৰ পৰা এই কথাটো স্পষ্ট হৈছিল যে এখন সুকীয়া পার্বত্য বাজ্য গঠনক লৈ সৃষ্টি হ'ব পৰা আন্দোলনক বাধা দিয়াত তেওঁ আন্তৰিকতা প্রদর্শন কৰিছিল। যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই বাকী পাহাৰীয়া জিলাকেইখনৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াক বাধা দিয়াৰ বাবে উপদেষ্টা পৰিষদে পৰামৰ্শ দিয়া মতে ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ বিষয়টো অতিশীঘ্ৰে হাতত ল'ব লাগিব। অৱশ্যে চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ সনদত উত্থাপন কৰাৰ লগে লগে পৰিস্থিতিয়ে এটা নতুন ৰূপ ধাৰণ কৰিলে।
এনেধৰণৰ পৰিস্থিতিসমূহৰ প্ৰেক্ষাপটতেই ১৯৬৪ চনত প্রথমে নগা ৰাজ্য সৃষ্টি হ'ল। পৰৱৰ্তী সময়ত ১৯৭২ চনত মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য গঠন হ'ল। ১৯৭১ চনৰ উত্তৰ-পূৰ্বাঞ্চল অঞ্চল পুনৰ গঠন আইনৰ অধীনত। স্বাধীনতাৰ পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰশাসনীয় পুনৰ গঠন সম্পূর্ণ হয় ১৯৮৭ চনত মিজোৰাম আৰু অৰুণাচল প্রদেশক দেশৰ ২৩ আৰু ২৪তম প্রদেশ হিচাপে ঘোষণা কৰাৰ পিছত।
চীন, ম্যানমাৰ, বাংলাদেশ আৰু ভূটানৰ দৰে বিদেশী ৰাষ্ট্ৰসমূহে পৰিবেষ্টিত হৈ থকা দেশৰ প্ৰতিৰক্ষাৰ দিশৰ পৰা স্পৰ্শকাতৰ অঞ্চলটোৰ সাতোখন ৰাজ্যক আর্থ-সামাজিক দিশত সুষম আৰু ভাৰসাম্যজনক বিকাশৰ কাৰণে এক প্ৰশাসনীয় গোট সৃষ্টি কৰি অন্তৰ্ভুক্ত কৰিব লাগে বুলি ভাৰত চৰকাৰে অনুভৱ কৰিলে। এই অঞ্চলৰ ৰাজ্যসমূহক উত্তৰ-পূব ভাৰত বুলি কোৱাতকৈ অঞ্চলটোৰ সাতোখন ৰাজ্যকে এক যৌথ প্রশাসনীয় কাঠামোৰ মাজত অন্তর্ভুক্ত কৰাটো বেছি সময়োপযোগী হ'ব। সেয়েহে ৰাজ্য পুনৰ গঠনৰ লগে লগেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি ১৯৭২ চনত ভাৰতীয় সংসদৰ এখন আইনৰ অধীনত উত্তৰ-পূব পৰিষদ সৃষ্টি কৰা হ'ল। কিছুমান সাধাৰণ স্বাৰ্থক আগত ৰাখি সদস্য ৰাজ্যকেইখনৰ স্বতন্ত্রতাক হস্তক্ষেপ নকৰাকৈ উত্তৰ-পূব পৰিষদে অঞ্চলটোৰ সামূহিক উন্নয়নৰ কাৰণে কাৰ্যনিৰ্বাহ কৰি যাব। উত্তৰ-পূব পৰিষদ গঠনৰ পিছৰ পৰাই উত্তৰ-পূর্বাঞ্চল এটা অঞ্চল বা মণ্ডল হিচাপে সৃষ্টি হ'ল বুলি ক'ব পাৰি। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে 'উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰ' নামৰ এক নতুন কেন্দ্ৰীয় বিভাগ সৃষ্টি কৰি এজন পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰীৰ অধীনত অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ ব্যৱস্থা কৰিছে। এই 'উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰ'ৰ অধীনত ছিকিমকো অন্তর্ভুক্ত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ সংখ্যা ৮খনলৈ বৃদ্ধি কৰা হৈছে।
২। ভাৰীয়সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিষয়ে সংক্ষেপে আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ বাহিৰেও অন্য ৰাজ্যসমূহৰ ভিতৰত থকা কিছুমান অঞ্চল, শাসনৰ কাৰণে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। এই অঞ্চলসমূহ হ'ল- 'অনুসূচীভুক্ত অঞ্চল'। এই অঞ্চলসমূহ পিছপৰা অঞ্চল হিচাপে গণ্য কৰি এক বিশেষ শাসনৰ ব্যৱস্থা কৰা হৈছে। ঠিক সেইদৰে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতি অঞ্চলসমূহ শাসন কৰাৰ কাৰণে সংবিধানৰ ষষ্ঠ অনুসূচীত বিভিন্ন ব্যৱস্থা দিয়া হৈছে।
স্বায়ত্তশাসিত জিলা হিচাপে জনজাতি অঞ্চলসমূহ শাসন কৰা হয়। অৱশ্যে ২০০৩ চনত এক সংশোধনীৰ (৪৪ তম অধিনিয়ম) দ্বাৰা এই স্বায়ত্ত শাসনৰ ব্যৱস্থা অসমৰ ভৈয়াম অঞ্চললৈ সম্প্ৰসাৰণ কৰা হয়। শেহতীয়াভাৱে সংবিধানৰ ষষ্ঠ অনুসূচী হিচাপে প্ৰচাৰিত এই অধিনিয়মখন উত্তৰ-পূৰ্বাঞ্চলৰ সীমা চেৰাই দার্জিলিং পাৰ্বত্য জিলা পৰিষদলৈ সম্প্ৰসাৰিত কৰা হৈছে। কোনো বিশেষ অঞ্চলক অনুসূচীভুক্ত তালিকাত অন্তর্ভুক্ত কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অর্পণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰে বাকী অঞ্চলৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা ভাৰতৰ সংবিধানৰ পঞ্চম অনুসূচীৰ দ্বাৰা পৰিচালিত। ইয়াৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ অঞ্চলসমূহ ষষ্ঠ অনুসূচীৰ দ্বাৰা শাসিত আৰু সংবিধানৰ ২৪৪(২) অনুচ্ছেদৰ অধীনত পৰিচালিত।
ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত অঞ্চলবোৰ প্ৰথমে 'এ' আৰু 'বি' দুটা ভাগত আছিল যদিও সংশোধনীৰ যোগেদি ইয়াক চাৰিটা ভাগত ভাগ কৰা হয়। প্রথম ভাগত অসমৰ এলেকাসমূহ, দ্বিতীয় ভাগত মেঘালয়ৰ এলেকাসমূহ, দ্বিতীয় ভাগৰ (এ) এলেকাসমূহ, ত্ৰিপুৰাৰ আৰু তৃতীয় ভাগৰ এলেকাসমূহ মিজোৰামৰ। ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত হোৱা একমাত্র ভৈয়াম জনজাতি এলেকা হ'ল বড়োলেও টেৰিটৰিয়েল কাউন্সিল।
স্বায়ত্তশাসিত অঞ্চলসমূহ ৰাজ্যৰ প্ৰশাসনৰ বাহিৰত নাথাকে। কিছুমান আইন সম্পর্কীয় আৰু বিচাৰ সম্পৰ্কীয় কাম-কাজ চলোৱাৰ বাবে জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদ গঠন কৰা হয়। এই পৰিষদসমূহ প্ৰধানকৈ জনপ্রতিনিধিত্বমূলক সংস্থা। এই পৰিষদসমূহে কিছুমান বিশেষ বিষয়ত যেনে কৃষিযোগ্য তথা কৃষিৰ অনুপযোগী ভূমি বিতৰণ, সংৰক্ষিত বনাঞ্চলৰ বাদে অন্যান্য বনভূমিৰ সংৰক্ষণ আৰু পৰিচালনা, সম্পত্তিৰ উত্তৰাধিকাৰী, বিবাহ আৰু বিচ্ছেদ, ভূমি ৰাজহ, কৰ আদিত আইন প্রণয়ন কৰিব পাৰে।
১৯৯৫ চনত ষষ্ঠ অনুসূচীৰ ৪২ তম সংশোধনীৰ জৰিয়তে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদলৈ ১৫টা অতিৰিক্ত বিষয়ৰ ক্ষমতা হস্তান্তৰ কৰা হৈছে। এইবোৰৰ ভিতৰত আছে উদ্যোগ, যোগাযোগ, পশুপালন আৰু সংৰক্ষণ, মীন পানী যোগান আদি।
২০০৩ চনত ৪৪ তম সংশোধনীৰ জৰিয়তে বড়োলেও স্বায়ত্ত শাসিত অঞ্চললৈ ৪০টা বিভাগ হস্তান্তৰ কৰা হৈছে। ইয়াৰ ভিতৰত কৃষি, পশুপালন, সমবায়, শিক্ষা, মীন, বন, ভূমি আৰু ৰাজহ বজাৰ, পৌৰ প্রশাসন আদি। ষষ্ঠ অনুসূচীৰ অধীনত এতিয়ালৈকে বড়োলেও টেৰিটৰিয়েল এৰিয়া ডিষ্টিক্টেই (BTAD) সৰ্বাধিক ক্ষমতাৰ অধিকাৰী। পৰিষদে প্রণয়ন কৰা আইনসমূহ ৰাজ্যপালে অনুমোদন নকৰিলে কাৰ্যকৰী নহয়।
ৰাজ্যিক বিধানসভাই পাছ কৰা আইন স্বায়ত্ব শাসিত অঞ্চলত প্রয়োগ নহ'ব পাৰে যদি জিলা পৰিষদে ৰাজহ্বা জাননীৰ যোগেদি নির্দেশ নিদিয়ে। কেন্দ্রীয় চৰকাৰৰ আইনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি আৰু ৰাজ্যিক আইনৰ ক্ষেত্ৰত ৰাজ্যপালে নির্দেশৰ যোগেদি আইনসমূহ পৰিবৰ্তন নকৰাকৈ স্বায়ত্ত শাসিত অঞ্চলত প্রয়োগ নকৰিবও পাৰে।
ৰাজ্যপালে সময়ে সময়ে নির্দিষ্ট কৰি দিয়া দেৱানী আৰু ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ আয়ত্বৰ ভিতৰত জিলা পৰিষদসমূহে ন্যায়িক ক্ষমতা লাভ কৰে।.
৩। পূর্ববংগৰ পৰা অসমলৈ প্ৰব্ৰজনৰ ইতিহাস, কাৰণ আৰু ফলাফল বিশ্লেষণ কৰা।
উত্তৰঃ অসমলৈ পূর্ববংগৰ প্ৰব্ৰজন এটা দীঘলীয়া আৰু বহুস্তৰীয় প্রক্রিয়া আছিল। এই প্ৰব্ৰজনৰ মূল কাৰণ আছিল অর্থনৈতিক, প্রশাসনিক, ৰাজনৈতিক আৰু ধর্মীয়। বৃটিছ শাসনৰ সময়ত কলিকতাৰ বিকাশৰ লগে লগে পশ্চিমবংগত জনসংখ্যা কেন্দ্রীভূত হয়, কিন্তু পূর্ববংগৰ জনসংখ্যা বৃদ্ধি হৈ ভূমিৰ সংকট সৃষ্টি হয়। পূর্ববংগৰ কৃষকসকল উৰ্বৰা ভূমিৰ সন্ধানত অসমলৈ প্ৰব্ৰজন আৰম্ভ কৰে।
১৮২৬ চনত বৃটিছে উত্তৰ-পূৰ্ব ভাৰত অধিকাৰ কৰি অসম, মণিপুৰ আৰু ত্ৰিপুৰাক পৃথক একক হিচাপে গঠন কৰে। বৰাক উপত্যকা পূর্ববংগৰ সংলগ্ন থাকাত প্ৰব্ৰজনৰ বাট মুকলি হৈছিল। ১৮৭৩ চনত অসমক বংগৰ পৰা পৃথক কৰি মুখ্য আয়ুক্তৰ ৰাজ্য ঘোষণা কৰা হয়। এই নীতিয়ে পূর্ববংগৰ পৰা অসমলৈ প্ৰব্ৰজনৰ প্ৰশাসনিক সহায়তা যোগায়।
বৃটিছ চৰকাৰে চাহ বাগানৰ বাবে শ্রমিক আনিবলৈ আইনগত অনুমতি দিয়াত বাহিৰৰ পৰা লোকৰ আহৰণ বৃদ্ধি পায়। এই প্রক্রিয়াই বংগীয় কৃষকৰ অসমলৈ প্ৰৱেশকো সহজ কৰে। আনহাতে পূর্ববংগত মুছলমান সংখ্যাগুৰু আৰু হিন্দু সংখ্যালঘু আছিল। সামাজিক বৈষম্য আৰু নিৰ্যাতনৰ ফলত বহু হিন্দু অসমলৈ স্থানান্তৰিত হয়।
ধর্মীয় দৃষ্টিকোণৰ বাহিৰেও, অর্থনৈতিক কাৰণই এই প্ৰব্ৰজনৰ মূলভিত্তি আছিল। অসমত পতিত ভূমি আৰু উৰ্বৰা মাটিৰ প্ৰাচুৰ্য আছিল, যাৰ ফলত কৃষি কৰ্মত নিযুক্ত হোৱাৰ সুযোগ থাকিল। এই সুবিধাই পূর্ববংগৰ কৃষকসকলক আকৰ্ষণ কৰিছিল।
১৯০৫ চনত লর্ড কার্জনে অসম আৰু পূর্ববংগ সংযুক্ত কৰি নতুন প্রদেশ গঠন কৰে। এই পদক্ষেপে ৰাজনৈতিক আন্দোলনৰ জন্ম দিয়ে। ১৯১২ চনত এই ব্যৱস্থা প্রত্যাহাৰ কৰা হয়। কিন্তু তৎকালীন সময়তে বংগীয় কৃষকসকল অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিছে।
১৯৩১ চনৰ চি.এছ. মুলানৰ প্ৰতিবেদন অনুসৰি, নগাঁও, কামৰূপ, বৰপেটা আৰু দবও জিলা বংগীয় প্রব্রজনকাৰীয়ে দখল কৰি পেলায়। এই প্ৰব্ৰজন কাৰ্য্যই অসমীয়া সমাজত ভূমি সংকট আৰু জনসংখ্যাগত পৰিৱৰ্তন আনে।
চৈয়দ ছাদুল্লাৰ চৰকাৰে খাদ্য উৎপাদনৰ নামত মুছলমান প্রব্রজনক উৎসাহিত কৰে। কিন্তু ইয়াৰ অন্তৰালত ৰাজনৈতিক উদ্দেশ্য আছিল- অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰি মুছলিম লীগৰ প্ৰভাৱ শক্তিশালী কৰা। অন্যফালে, গোপীনাথ বৰদলৈ কংগ্ৰেছৰ জাতীয় নীতি অনুসৰি অসমক ভাৰতীয় সংবিধানত স্থায়ীভাৱে সংযুক্ত ৰাখে।
বিভাজনৰ পাছত পূর্ববংগ "পূর্ব পাকিস্তান" নামেৰে পৃথক হয়। শ্রীহট্ট জিলাৰ গণভোটত কৰিমগঞ্জ অসমত থাকে। কিন্তু হিন্দু-মুছলমান উভয়ৰ প্ৰব্ৰজন অব্যাহত থাকে। হিন্দু প্ৰব্ৰজনকাৰীক "শৰণাৰ্থী" আৰু মুছলমানক "বিদেশী প্ৰব্ৰজনকাৰী" বুলি গণ্য কৰা হয়।
এই প্ৰব্ৰজনৰ ফলত অসমত জনসংখ্যা বৃদ্ধি, সামাজিক সংঘাত, ভূমি সংকট আৰু ৰাজনৈতিক অস্থিতিশীলতা দেখা যায়। কৃষি বনুৱাৰ সংখ্যা বৃদ্ধি পায় আৰু স্থানীয় অসমীয় সমাজত ভাষা-সংস্কৃতিৰ দ্বন্দ্ব বৃদ্ধি পায়। তথাপিও, এই প্ৰব্ৰজন অসমীয় সমাজৰ অর্থনৈতিক গঠনক কোনো অংগেৰে সম্পূৰ্ণ ৰূপে পৰিবৰ্তন কৰিছিল, যাৰ ফল আজিও অসমীয় ৰাজনীতিৰ অন্যতম স্পৰ্শকাতৰ বিষয়।