অধ্যায়- ৩
অতি চমু
প্রশ্নোত্তৰ
উত্তৰঃ ১৯৫০ চনত মাৰ্ঘেৰিটাত বহা অসম সাহিত্য সভাৰ বাৰ্ষিক সম্মিলনে পোনপ্ৰথমবাৰৰ বাবে অসমত অসমীয়া ভাষাক অসমৰ ৰাজ্যভাষা তথা শাসকীয় ভাষাৰ মর্যাদা দি বিধানসভাত এখন আইন প্রণয়ন কৰিবলৈ প্ৰস্তাৱ লৈছিল।
২। বিচ্ছিন্নতাবাদী বা পৃথকীকৰণ আন্দোলনৰ অৰ্থর্থ কি?
উত্তৰঃ পৃথকীকৰণ আন্দোলনত ৰাজ্যই নিজৰ দেশৰ পৰা স্বাধীন হৈ নিজকে স্বাধীন দেশ হিচাপে পৰিচয় বিচৰা বুজায়।
৩। কোন চনত অসম চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে মর্যাদা দি আইন প্রণয়ন কৰে?
উত্তৰঃ ১৯৬০ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে অসম বিধানসভাই অসমীয়া ভাষাক ৰাজ্যভাষাৰ মৰ্যাদা দি এখন আইন প্রণয়ন কৰিছিল।
৪। কোন চনত অসম চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছিল?
উত্তৰঃ ১৯৬০ চনৰ ৩ মাৰ্চত অসম চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছিল।
৫। কোন চনত অসম চৰকাৰে বড়ো ভাষাক মাধ্যমিক স্তৰত বড়ো ভাষাক শিক্ষাৰ মাধ্যমৰূপে স্বীকৃতি দিছিল?
২। উত্তৰ-পূব ভাৰতৰ জনজাতি সমাজবোৰৰ বাবে উদ্বেগজনক পৰিস্থিতি সৃষ্টিৰ বাবে দায়ী কাৰকসমূহ কি কি?
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ জনজাতি সমাজবোৰৰ বাবে উদ্বেগজনক পৰিস্থিতি সৃষ্টিৰ বাবে দায়ী কাৰকসমূহ হ'ল- ভাষা সমস্যা, অর্থনৈতিক বঞ্চনা, ৰাজনৈতিক পৰিৱৰ্তন, হিন্দুত্ববাদ তথা বহিৰাগত শাসকৰ প্ৰভাৱত হোৱা সাংস্কৃতিক ৰূপান্তৰ।
৩। অসমৰ ভাষা বিবাদ আৰু ৰাজনীতি সম্পর্কে চমুকৈ লিখা।
৪। অসমৰ 'All Bodo Student Union (ABSU)' গঠন সম্পর্কে লিখা।
উত্তৰঃ ১৯৬৭ চনৰ ২৬ ফেব্ৰুৱাৰীত কোকৰাঝাৰত 'All Bodo Student Union (ABSU)' গঠন হয়। ১৯৮৭ চনত ABSU বে Divide Assam 50-50 'শ্ল'গানেৰে পৃথক বড়ো ৰাজ্য দাবী কৰে। ১৯৯৬ চনত BLT আৰু NDFB নামৰ আন দুটা সশস্ত্র সংগঠনৰ জন্ম হয়। বড়ো আন্দোলন অবশেষত এই দুটা সংগঠনৰ হাতলৈ আহে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু BLT ৰ মাজত ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি ষষ্ঠ অনুসুচীৰ মৰ্যাদাৰে বড়ো কেন্দ্ৰীয় পৰিষদ Bodo Territorial Council গঠনৰ সিদ্ধান্ত লয়। আনহাতে, বড়ো আন্দোলনৰ ফলতেই 'বড়ো ভাষা' সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত হয়।
৯। চমুটোকা লিখাঃ
(ক) বড়ো চুক্তি।
উত্তৰঃ বড়ো লিবাৰেচন টাইগাৰ্ছ (Bodo Liberation Tigers, সংক্ষেপে BLT) নামৰ বড়ো উগ্রপন্থী সংগঠনটোৰ সৈতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বড়ো চুক্তি সম্পন্ন কৰে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীত এই চুক্তিখন স্বাক্ষৰিত হৈছিল। এই চুক্তিখনৰ জৰিয়তে সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত বড়োসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰে। ইয়াৰ বাবে সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হৈছিল। এই চুক্তিত অন্তর্ভুক্ত হোৱা বড়োলেও টেৰিটৰিয়েল কাউন্সিল (Bodoland Territorial Council, সংক্ষেপে BTC) গঠনৰ প্ৰস্তাৱৰ ভিত্তিতে জাৰি কৰা অধ্যাদেশ অনুসৰি ২০০৩ চনৰ ৭ ডিচেম্বৰত বড়োলেও টেৰিটৰিয়েল এৰিয়া ডিস্ট্রিক্ট (Bodoland Territorial Area District, সংক্ষেপে BTAD) গঠন হয়। বি এল টিৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে সংগঠনটোৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে। ইয়াৰ পাছতে হাগ্রামা মহিলাৰীৰ নেতৃত্বতে বি টি এ ডিৰ প্ৰথমখন অন্তৱৰ্তী পৰিষদ গঠন হয়।
(খ) মাধ্যম আন্দোলন।
উত্তৰঃ অসমত অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে স্বীকৃত হোৱাৰ পাছত 'সদৌ অসম ছাত্র সন্থা (আছু)ৰ নেতৃত্বত ১৯৭২ চনত মাধ্যম আন্দোলন গঢ় লৈ উঠে। পৰীক্ষাত উত্তৰসমূহ অসমীয়া ভাষাতো লিখিবলৈ অনুমতি দিবৰ বাবে সেই সময়ত 'আছু'বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলক দাবী জনাইছিল। মাধ্যম আন্দোলন হিচাপে জনাজাত এই আন্দোলন ক্রমে হিংসাত্মক হৈ উঠে। আছুৰ উদ্যোগত সমগ্র ব্রহ্মপুত্র উপত্যকাত মাধ্যম আন্দোলন বিয়পি পৰে। একে সময়তে কাছাৰতো পৰীক্ষাৰ মাধ্যম হিচাপে বাংলা ভাষা ব্যৱহাৰৰ বাবে আন্দোলন আৰম্ভ কৰা হয়। অৱশেষত এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা সমাধান সূত্র গ্রহণ কৰে। সেই অনুসৰি ব্ৰহ্মপুত্র উপত্যকাত পৰীক্ষাৰ মাধ্যম অসমীয়া ভাষা, বৰাক উপত্যকাত বাংলা ভাষা আৰু প্রয়োজন অনুসৰি ইংৰাজীও ব্যৱহাৰৰ ব্যৱস্থা কৰা হ'ল। কিন্তু এই তিনিটা ভাষা ব্যৱহাৰৰ প্ৰস্তাৱ 'আছু'বে অগ্রাহ্য কৰে। পৰীক্ষাৰ প্ৰশ্নৰ মাধ্যম ইংৰাজীসহ অসমীয়া ভাষাত প্ৰৱৰ্তনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে বৰাক উপত্যকাৰ ছাত্রসকলে। আনহাতে, পৰীক্ষাত অসমীয়া, বাংলা, ইংৰাজী ভাষাত উত্তৰ লিখিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে ছাত্ৰ সন্থাই। এনে পৰস্পৰ বিৰোধী সিদ্ধান্তৰ বাবে মাধ্যম আন্দোলন অসমত তীব্র হয়। কাছাৰ জিলাৰ বাবে পৃথক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণৰ লগতে গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যম গ্ৰহণৰ বিৰোধিতাৰে অসম বিধানসভাত প্রস্তাৱ লোৱা হয় আৰু 'আছু'ৱে ইয়াৰ বিৰোধিতা কৰে। অৱশেষত মুখ্যমন্ত্রীয়ে বিধানসভাৰ প্ৰস্তাৱ গ্ৰহণ নকৰা আৰু আছুৰ দাবী মানি লোৱাৰ প্রতিশ্রুতি দিয়াত আছুৰে আন্দোলন স্থগিত ৰাখে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
উত্তৰঃ ১৯৬০ চনৰ ভাষা আন্দোলন আছিল ১৯৫০ চনৰ 'ৰাজ্যিক পুনৰ গঠন আয়োগ' নিযুক্তিৰ এটি প্রত্যক্ষ ফল। এই আয়োগে ব্রহ্মহ্মপুত্ৰ, বৰাক উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনমানক লৈ অসম ৰাজ্য গঠন কৰিছিল। পাহাৰীয়া জিলাবোৰৰ লোকসকলৰ স্বকীয় ভাষা আছিল। সেইবাবে অসমীয়া ভাষাক তেওঁলোকে এটি সংযোগকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। বৰাক উপত্যকা আৰু সেই সময়ত অসমৰ ৰাজধানী ছিলঙৰ কাষৰ কিছুমান লোক বঙালী ভাষী আছিল। আয়োগে লক্ষ্য কৰিছিল যে প্ৰব্ৰজন আৰু বিভিন্ন সময়ত ভিন ভিন ভাষা-ভাষী লোক এই অঞ্চলত বসতি স্থাপন কৰাৰ বাবে অসমীয়া ভাষাই এটি বিশেষ মর্যাদাৰ বাবে দাবী আগবঢ়াব নোৱাৰে।
অৱশ্যে আয়োগৰ প্ৰতিবেদনৰ প্ৰতিক্রিয়া অসমীয়া ৰাজনীতিবিদ, অসম জাতীয় মহাসভা আৰু অসম সাহিত্য সভাই তীক্ষ্ণভাৱে প্ৰকাশ কৰিছিল। উপৰিউক্ত ব্যক্তি আৰু অনুষ্ঠানবোৰে অসমীয়া ভাষাক অসম ৰাজ্যৰ ভাষা হিচাপে মর্যাদা প্রদান কৰিবলৈ দাবী কৰিছিল।
১৯৫৯ চনৰ এপ্রিল মাহত অসম সাহিত্য সভাৰ অধিৱেশনে অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে ভাষা বিতর্কই এক বিশেষ ৰূপ লাভ কৰে। ১৯৫৯ চনৰ ৯ ছেপ্টেম্বৰৰ দিনটো গোটেই অসমজুৰি 'ৰাজ্যিক ভাষা দিৱস' হিচাপে উদ্যাপন কৰা হয়। অৱশেষত ১৯৬০ চনৰ ৪ জুলাইত ভাষা বিতর্কটো এটি আন্দোলন হিচাপে প্রকাশ লাভ কৰে।
আন্দোলনৰ বিভিন্ন পর্যায় (Different Stages of the Movement): অসম সাহিত্য সভাৰদ্বাৰা অসমীয়া ভাষাক বাজ্যিক ভাষা হিচাপে গ্রহণ কৰা প্ৰস্তাৱে এই আন্দোলনটোক এটা বিশিষ্ট ৰূপ প্রদান কৰে। এই আন্দোলনে ক্ষিপ্রতা লাভ কৰে তেতিয়া যেতিয়া 'সদৌ অসম ছাত্র মর্চা', 'সদৌ অসম ছাত্র সংস্থা' আদিয়ে এই আন্দোলনত অংশগ্রহণ কৰে। এই আন্দোলনৰ মুখ্য ভাবাদর্শ আছিল 'Assam for Assamese' আৰু দাবী আছিল অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া।
১৯৬০ চনৰ তিনি মাৰ্চত মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই ৰাজ্য ভাষাৰ সমৰ্থনত দুটা যুক্তি প্ৰদৰ্শন কৰে—
প্রথমতে, সাধাৰণ মানুহে এনে ভাষা এটি সহজতে বুজিব পৰাবিধৰ হয় আৰু দ্বিতীয়তে, বিভিন্ন ভাষাৰ মাজৰ প্ৰাচীৰ ভঙাৰ বাবে এনে ভাষাই সংযোগী ভাষা হিচাপে ভূমিকা গ্রহণ কৰিব পাৰে। বিভিন্ন ৰাজনৈতিক দলে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ বিৰুদ্ধে প্রতিক্রিয়া প্রদর্শন কৰে। অসমৰ বিভিন্ন পত্ৰিকায়ো এনেধৰণৰ ঘোষণাৰ অন্তঃসাৰশূন্যতাৰ ওপৰত লিখনি প্রকাশ কৰে। এনেধৰণৰ প্ৰতিক্রিয়াই অসমীয়াভাষী লোকসকলৰ স্বাভিমানত আঘাত কৰাৰ লগতে বৰাক উপত্যকাৰ বঙালীভাষী আৰু পাহাৰীয়া জিলাৰ লোকসকলক সকাহ দিয়ে। এনে ঘটনাৰ পিছত ১৯৬০ চনৰ ৮ এপ্ৰিলত কৰিমগঞ্জৰ ভাষিক সংখ্যালঘুসকলে ৰাজ্য ভাষাৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰে।
১৯৬০ চনৰ ১৭ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম ভ্রমণ কৰে। এই ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটি সঁজাতী দলে অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে অতিশীঘ্রে ঘোষণা কৰাৰ বাবে আবেদন কৰে। এনে দাবী অসম প্রদেশ কংগ্ৰেছ কমিটীৰদ্বাৰাও অনুষ্ঠিত হয়। এই দাবীৰ সমৰ্থনত অসমৰ বিভিন্ন অঞ্চলত সমদল যাত্ৰা আৰু সভা অনুষ্ঠিত হয়। ইয়াৰ লগতে ৰাজ্যভাষাবিৰোধী সমদল ভাষিক সংখ্যালঘুসকলৰদ্বাৰা উলিওৱা হয়।
ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰভাৱশালী সদস্য আৰু গোটসমূহে এনে পৰিস্থিতি উপশম ঘটাবলৈ চেষ্টা কৰে। এই উদ্দেশ্যে জুলাইৰ ৩ তাৰিখে শিলচৰত বঙালী আৰু অনা-বঙালী লোকসকলৰ এখন সম্মিলন অনুষ্ঠিত হয়। কিন্তু তাৰ পিছদিনাৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানত অস্থিৰতাই দেখা দিয়ে। ফলস্বৰূপে চৰকাৰে দুখন অনুসন্ধান কমিটী গঠন কৰিছিল।
এই হৈ চৈবোৰৰ পিছত অসম চৰকাৰে ১৯৬০ চনৰ ১০ অক্টোবৰত Assam Of-ficial Language Bill উত্থাপন কৰে। ইয়াত অসমীয়া আৰু ইংৰাজী এই দুটা ভাষাক চৰকাৰী ভাষা হিচাপে গ্রহণ কৰা হয়। ভাষিক সংখ্যালঘুসকলৰ কাৰণে ৰক্ষাকৱচৰ ব্যৱস্থা কৰি এই বিধেয়কখন ১৯৬০ চনৰ ২৩ অক্টোবৰত আইন হিচাপে গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে বিভিন্ন অঞ্চলত প্রতিবাদী সমদল আদি উলিওৱা হয়। ১৯৬১ চনত বঙালীভাষী হিন্দুসকলে কাছাৰত চৰকাৰী ভাষা আইন ৰূপায়ণৰ বিৰুদ্ধে শক্তিশালীভাৱে বিৰোধ প্রদর্শন কৰে। এই সময়ছোৱাত মুছলমান সম্প্রদায়টো এই বিবাদৰ পৰা সম্পূর্ণরূপে আঁতৰত থাকে।
২। বড়োসকলৰ ভাষাকেন্দ্রিক ৰোমান লিপি আন্দোলনৰ পটভূমি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ বড়ো জনজাতিৰ উত্থানত বড়ো ভাষাৰ অৰিহণা অতি মহত্ত্বপূর্ণ। আগতে আলোচনা কৰি অহা হৈছে যে অসমত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ মূল ভিত্তি হ'ল ভাষা। বৰ্তমান অসমৰ ভৈয়াম অঞ্চলৰ বৃহৎ জনজাতীয় গোষ্ঠী হিচাপে বড়োসকলৰ নিজস্ব ভাষা-সংস্কৃতি আছে। বড়োভাষা তিব্বত বর্মী ঠালৰ অন্তৰ্গত। প্রথম অৱস্থাত বড়ো ভাষাৰ লিপি অসমীয়া আছিল যদিও জনগোষ্ঠেীটোৰ এচামে ৰোমান লিপিৰ পোষকতা কৰিছিল। ৰোমান লিপিক লৈ হোৱা মতানৈক্য বিচাৰ কৰাৰ আগেয়ে বড়ো ভাষাৰ স্থান আৰু মর্যাদা সম্পর্কে এটি আভাস লোৱা আৱশ্যক।
১৯৫২ চনৰ ১৬ নৱেম্বৰত বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ বাসুগাঁৱত বড়ো সাহিত্য সভাৰ জন্ম হয়। বড়ো সাহিত্য সভাৰ প্রথম অধিৱেশনৰ সভাপতি আছিল জয়ভদ্র হাগজেৰ আৰু প্রথম সম্পাদক সোণাৰাম থাওছেন। এওঁলোক দুয়ো ডিমাছা সম্প্রদায়ৰ আছিল। বড়ো সাহিত্য সভাৰ চেষ্টাৰ ফচল হিচাপে ১৯৬৩ চনত উচ্চ ইংৰাজী বিদ্যালয়, ১৯৬৮ চনত মধ্য ইংৰাজী বিদ্যালয়, ১৯৭২ চনত উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষাই স্বীকৃতি লাভ কৰে। ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৭৮ চনত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু) আৰু ১৯৯৪ চনত ডিব্রুগড় বিশ্ববিদ্যালয়ত বড়ো ভাষাক আধুনিক ভাৰতীয় ভাষাৰ স্বীকৃতি দিয়া হয়। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ পৰ্যায়ত বড়ো চার্টিফিকেট পাঠ্যক্রম ১৯৮০ চনত আৰম্ভ কৰি পিছত ডিপ্ল'মা পাঠ্যক্ৰমলৈ উন্নীত কৰে। বড়ো ভাষাক স্নাতকোত্তৰ পূৰ্ণ পৰ্যায়লৈ ১৯৯৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে উন্নীত কৰে। অসম চৰকাৰে বড়ো অধ্যুষিত অঞ্চলত বড়ো ভাষাক অসমৰ চৰকাৰী ৰাজ্যিক সহযোগী ভাষা হিচাপে ১৯৮৪ চনত স্বীকৃতি প্রদান কৰে। ১৯৯৬ চনৰ পৰা বড়ো ভাষাক স্নাতকোত্তৰ পৰ্যায়ৰ ডিগ্ৰী পাঠ্যক্ৰম হিচাপে স্বীকৃতি প্রদান কৰা হয়। ২০০৪ ৰ জানুৱাৰী ৯২তম সংবিধান সংশোধন অনুসৰি বড়ো ভাষাক সংবিধানৰ অষ্টম। অনুসূচীত অন্তর্ভুক্ত কৰা হয়।
ৰোমান লিপি আন্দোলনৰ পটভূমিঃ ইতিমধ্য উল্লেখ কৰা হৈছে যে বড়ো প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম হিচাপে ১৯৬২ চনত স্বীকৃতি আৰু ১৯৬৩ চনত সেই সময়ৰ কোকৰাঝাৰ মহকুমাৰ কিছুমান প্রাথমিক বিদ্যালয়ত প্ৰথম ৰূপায়ণ কৰা হয়। আদিপাঠ হিচাপে ৰাজেন্দ্রলাল নাৰ্জাৰীৰদ্বাৰা লিখিত 'Makhojennay' ব্যৱহাৰ কৰা হয়। এই আদিপাঠখনৰ লিপি আছিল অসমীয়া। কিন্তু আদিপাঠৰ লিপি অসমীয়া হোৱাটোলৈ বহুতো বড়ো চিন্তাবিদৰ আপত্তি আছিল। এই বিষয়টো লৈ বড়ো সাহিত্য সভাৰ মজিয়াত সুদীর্ঘ ৬ বছৰ ধৰি (১৯৬৫ ৰ পৰা ১৯৭০লৈ) মতানৈক্য চলি থাকে। ১৯৭০ চনৰ পশ্চিমবংগৰ জলপাইগুৰিৰ মহাক'লগুৰিত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ১২তম অধিৱেশনত সংখ্যাগৰিষ্ঠ প্ৰতিনিধিৰ সন্মতিমর্মে বড়ো ভাষাৰ বাবে ৰোমান লিপি গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। মহাকলগুৰি প্ৰস্তাৱটো ১৯৭৩ চনৰ বড়ো সাহিত্য সভাৰ শালবৰী (বর্তমান বাচা জিলাত) অধিৱেশনত অনুমোদন জনোৱা হয় আৰু শেষান্ত কাৰ্যকৰীকৰণৰ বাবে ১৯৭৪ চনৰ খেলমাটি অধিৱেশনত (তেজপুৰৰ ওচৰত) উত্থাপন কৰা হয়। ইতিমধ্যে বড়ো সাহিত্য সভাৰ সন্মতিমর্মে শ্ৰীৰামদাস বড়ো, এম এয়ে ৰোমান লিপিৰ জৰিয়তে বড়ো আদিপীঠ 'Bithorai' লিখি উলিয়ায় আৰু এই সম্পর্কে অসম চৰকাৰৰ শিক্ষা বিভাগক জনায়। শিক্ষা বিভাগৰ উদাসীনতাৰ পৰিপ্ৰেক্ষিতত ২২ এপ্রিল, ১৯৭৪ চনৰ পৰা বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়বোৰত এই আদিপাঠখন স্বেচ্ছামূলকভাৱে প্রচলন কৰা হয়। বড়ো সাহিত্য সভাই এই সিদ্ধান্তৰ কথা তদানীন্তন অসম চৰকাৰক অৱগত কৰে।
ৰোমান লিপিৰ জৰিয়তে বড়ো আদিপাঠৰ স্বেচ্ছামূলক প্ৰৱৰ্তনৰ বিষয়টোৱে অসম চৰকাৰক অসন্তুষ্ট কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগে এনে পদক্ষেপ গ্ৰহণ কৰা বিদ্যালয় আৰু শিক্ষকসকলৰ ওপৰত তলত উল্লিখিত অনুশাসনমূলক ব্যৱস্থাবোৰ গ্ৰহণ কৰে—
(ক) বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাহেকীয়া দৰমহা বন্ধ কৰা;
(খ) তেনে বিদ্যালয়ৰ শিক্ষকসকলক আন বিদ্যালয়লৈ বদলি কৰা হয়;
(গ) বড়ো মাধ্যমৰ বিদ্যালয়বোৰলৈ প্ৰদান কৰা সাহায্য আংশিকভআৱে ৰদ কৰা হয়।
চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনঃ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে ১৯৭৩ চনৰ ২২ মাৰ্চত দিছপুৰৰ বিধানসভা ভৱনৰ সন্মুখত বড়ো স্বেচ্ছাসেৱক কিছুমানে সত্যাগ্রহ কাৰ্যসূচী পালন কৰে। ইয়াৰ পিছত সেই বছৰৰ ২৫ আৰু ২৬ মাৰ্চত বিভিন্ন মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সত্যাগ্রহ কাৰ্যসূচী পালন কৰা হয়। ফলত বহুতো স্বেচ্ছাসেবীয়ে গ্রেপ্তাৰৰণ কৰে।
১৯৭৪ চনৰ ঘটনাৰ প্ৰভাৰঃ ৰোমান লিপিক লৈ বড়ো সাহিত্য সভা আৰু বিভিন্ন বড়ো সংগঠনৰ সমৰ্থনত আৰম্ভ হোৱা আন্দোলনৰ সংক্ষিপ্ত বিৱৰণী তলত উল্লেখ কৰা হ'ল।
(ক) বড়ো সাহিত্য সভাৰ এটি প্রতিনিধি দলে ১৯৭৪ চনৰ জুলাইত অসমৰ শিক্ষা বিভাগৰ আয়ুক্ত এ কে চৌধুৰীক লগ কৰি ৰোমান লিপিৰ বাবে আবেদন কৰে। আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত অপাৰগতা প্রকাশ কৰে। ইয়াৰ পিছত এটি বড়ো সঁজাতী দলে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লগ ধৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। ১২ ছেপ্টেম্বৰ, ১৯৭৪ত বড়ো সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিয়ে ৰাজ্য চৰকাৰক বিষয়টো সম্পৰ্কত শেষ সীমা বান্ধি দিয়ে আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
(খ) ১৮ ছেপ্টেম্বৰ ১৯৭৪ অসমৰ বড়ো অধ্যুষিত অঞ্চলত ৰোমান লিপিৰ সপক্ষে সমদল, ধর্ণা আদিৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
(গ) ২১ ছেপ্টেম্বৰ ১৯৭৪ লৈ অসম চৰকাৰৰ মুখ্য কাৰ্যালয়বোৰৰ সন্মুখত সত্যাগ্রহ পালন কৰা হয়।
(ঘ) সেই সময়ৰ পিছপৰা সম্প্ৰদায়ৰ কল্যাণ আয়োগ আৰু ভূমি সংৰক্ষণ মন্ত্রী উত্তম চন্দ্র ব্রহ্মা আৰু সদৌ অসম ট্রাইবেল সংঘৰ সভাপতি তথা বিধায়ক ৰমেশ মোহন কৌলিৰ লগত হোৱা আলোচনা মর্মে বড়ো সাহিত্য সভাৰ প্রতিনিধিবগর্গই তদানীন্তন মুখ্যমন্ত্রী শৰৎ চন্দ্ৰ সিংহক এখন স্মাৰক-পত্র দাখিল কৰে। এনে সময়তে বিধায়িনী সদস্যসকলক বিশ্বাসত নলৈ বড়ো সাহিত্য সভাৰ উদ্যোগত পুনৰ ২৭ ছেপ্টেম্বৰ ১৯৭৪ত সেই সময়ৰ কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ অন্তর্গত বৰপেটাৰোডৰ সজনিকান্ত হাইস্কুল প্রাংগণত অনুষ্ঠিত পিকেটিং কাৰ্যসূচীত অংশগ্রহণ কৰা লোকক ছত্রভংগ কৰিবলৈ পুলিচে লাঠীচালনা কৰে। পৰিস্থিতিৰ অৱনতি ঘটাত পুলিচে গুলীচালনা কৰাত দুজন বড়ো পিকেটিংকাৰী অমলা ৰাম বড়ো আৰু চিবোৰাম বড়োৰ মৃত্যু ঘটে। এনে আন্দোলন ১৯৭৪ চনৰ নৱেম্বৰলৈকে চলে। এনে সময়ছোৱাত সংঘটিত অন্যান্য ঘটনাত মুঠ ১৬ জন লোক পুলিচৰ গুলীচালনাত নিহত হয়।
(ঙ) অৱশেষত অসম চৰকাৰে আন্দোলনকাৰীসকলক আলোচনাৰ বাবে আমন্ত্রণ জনোৱাত বড়ো নেতাসকলে এই আন্দোলন বাতিল কৰে। ২৮ নৱেম্বৰ ১৯৭৪ চনত শিক্ষামন্ত্রী হবেন্দ্ৰ নাথ তালুকদাৰৰ লগত হোৱা আলোচনামর্মে বড়ো মাধ্যমৰ শিক্ষকসকলৰ দৰমহা আৰু সকলো আটকাধীন ব্যক্তিক মুকলি কৰি দিয়া হয়। পৰৱৰ্তী আলোচনা মুখ্যমন্ত্রী স্তৰত অনুষ্ঠিত কৰাৰ সময় নির্ধাৰণ কৰা হয়।
(চ)
পূর্ব নির্ধাৰিত সিদ্ধান্ত অনুসৰি ১১ ফেব্ৰুৱাৰী ১৯৭৫ চনত মুখ্যমন্ত্ৰীৰ পৰ্যায়ত
আলোচনা আৰম্ভ হয়। এই আলোচনামর্মে ৰোমান লিপিৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক জড়িত কৰাটো
প্রয়োজনীয় বুলি বিবেচিত হয় যিহেতু শিক্ষা বিষয়টো সংবিধানৰ সমৱৰ্তী সূচীভুক্ত।
(ছ) এই সিদ্ধান্তমর্মে বড়ো সঁজাতী দল এটিয়ে জে বড়ো এম এৰ তত্ত্বাৱধানত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লগ কৰে। প্ৰধানমন্ত্ৰীয়ে একে আষাৰে ৰোমান লিপিৰ দাবী নাকচ কৰি কয়: 'No I can never consider Ropman Script, you choose any other Indian Language Script of your choice if you do not like Assamese script.'। অৱশেষত বড়ো নেতাসকলে দিল্লীতেই 'দেৱনাগৰী লিপি' গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ সেই সময়লৈ বড়ো ভাষাৰ লিপিৰ বিবাদৰ অন্ত পেলায়।
পৰৱৰ্তী ঘটনাৱলীঃ এনেকৈ ২৮ বছৰ পাৰ হৈ যায়। বড়ো চিন্তাবিদসকলৰ মাজত লিপি বিতর্ক লৈ সময়ে সময়ে বাক-বিতণ্ডা চলি থাকে। আনকি ইতিমধ্যে জন্ম লাভ কৰা বড়ো সন্ত্রাসবাদী আৰু সশস্ত্র সংগঠনবোৰেও দেৱনাগৰী আৰু ৰোমান লিপিক লৈ পৃথক পৃথক মনোভাব পোষণ কৰে। ১৯৯৮ চনৰ বড়ো সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনত পুনৰ ৰোমান লিপিৰ সপক্ষে বিবাদ উৎপন্ন হয়। অৱশেষত ২০০০ চনৰ ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰ জিলাৰ সিম্বৰ গাঁৱৰ মাইনাও নগৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৩৯তম বছৰেকীয়া অধিবেশনত তুমুল বাক্-বিতণ্ডাৰ মাজেৰে দেৱনাগৰী লিপিকেই চিৰদিনৰ বাবে গ্ৰহণ কৰাৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হয়। উত্থাও গৌৰা ব্ৰহ্মৰ ভাষাত 'The BSS decision on Devanagari is big relief.' কিন্তু এই বিবাদৰ শেষ আহুতি দিবলৈ তথাপিও বাকী আছিল। উপৰিউক্ত সিদ্ধান্তৰ প্রতিক্রিয়া স্বৰূপে বড়ো সাহিত্য সভাৰ সভাপতি বীনেশ্বৰ ব্ৰহ্ম আৰু বিধায়ক মোহিনী বসুমতাৰী আততায়ীৰ গুলীত প্রাণ আহুতি দি লিপি বিবাদৰ শেষ বলি হয়।
(ক) ভাষাভিত্তিক বাজ্য পুনৰ গঠন অসমৰ বহুভাষিক, বহু গোষ্ঠীক জাতি-উপজাতিৰ বাবে সঠিক নহ'ল,
(খ)
অসমীয়া ভাষা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা হোৱাৰ সকলো উৎপাদন থকাৰ পিছতো
কিছুৰাজনৈতিক আৰু কিছু অসমীয়া জাতীয়তাবোধযুক্ত কাৰাবেগৰ পদক্ষেপ, সঠিক নোহোৱাৰ
বাবে ই স্থায়িত্ব নাপালে।
(গ) জনজাতীয় ভাষাৰ ভাৱাবেগৰ প্ৰতি সঠিক দৃষ্টি প্রদান কৰাত ব্যৰ্থতা;
(ঘ)
ভাষাভিত্তিক ৰাজনীতিৰ বাবে সৃষ্ট ক্রিয়া-প্রতিক্রিয়া।
৩। উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যাৰ কাৰণ আৰু পটভূমি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ যোৱা প্ৰায় ছটা দশকজুৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উগ্রপন্থাজনিত সমস্যাই জনজীবন ভাৰাক্ৰান্ত কৰি ৰাখিছে। এই সময়ছোৱাতে হাজাৰ হাজাৰ নিৰীহ নাগৰিক, উগ্রপন্থী তথা চৰকাৰী বাহিনীৰ লোকৰ মৃত্যু হোৱাৰ উপৰি বহু সা-সম্পত্তিৰ বিনাশ হৈছে। তেনেদৰে এই সময়ছোৱাত উক্ত অঞ্চলসমূহৰ সামাজিক-অর্থনৈতিক বিকাশো অতি মন্থৰ হৈ পৰিছে।
সম্প্রতি বিদ্রোহাত্মক কার্যকলাপ বহু ক্ষেত্রত সন্ত্রাসবাদী কাৰ্যকলাপৰ মাজতে সীমাবদ্ধ হৈ পৰিলেও ইয়াৰ আঁৰত ৰাজনৈতিক দিশটোও সম্পৃক্ত হৈ আছে। মণিপুৰত ৰাজপৰিয়াল আৰু জমিদাৰৰ বিৰুদ্ধে ঐৰাৱত সিঙৰ নেতৃত্বত কৃষকসকলৰ সশস্ত্র আন্দোলনেই আছিল এই অঞ্চলৰ প্ৰথম বিদ্রোহী আন্দোলন। এই আন্দোলন আছিল মূলতঃ সাম্যবাদী ভাবধাৰাৰে অনুপ্রাণিত। কিন্তু স্বাধীন ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সশস্ত্র বিদ্রোহী আন্দোলনৰ সূচনা হৈছিল ছয় দশকৰ আগতে নাগালেণ্ডত স্বাধীন নগাভূমিৰ দাবীত। পৰৱৰ্তী সময়ছোৱাত মিজোৰামত সশস্ত্র আন্দোলন আৰম্ভহয় লালদেংগাৰ নেতৃত্বত। এই আন্দোলন দমন কৰিবলৈ ভাৰতীয় সেনা বাহিনীয়ে বায়ুসেনা বাহিনীকো ব্যৱহাৰ কৰিবলগীয়া অৱস্থা হৈছিল। ১৯৭০ৰ দশকৰ শেষভাগত আৰু ১৯৮০ৰ দশকৰ আৰম্ভণিত ভাৰতৰ পৰা পৃথক হোৱাৰ দাবীত মণিপুৰ আৰু অসমত আৰম্ভ হয় ব্যাপক সশস্ত্র আন্দোলন। ১৯৮০ৰ দশকৰ মাজভাগত দিল্লী চৰকাৰৰ সৈতে মিজো চুক্তি স্বাক্ষৰ কৰি লালদেংগাৰ নেতৃত্বত মিজো নেচনেল ফ্রন্টে (Mizo National Front) সংসদীয় ৰাজনীতিত অংশগ্ৰহণ কৰে। সম্প্ৰতি মিজোৰাম শান্ত যদিও দুই-এটা উগ্রবাদী সংগঠনৰ অস্তিত্ব এতিয়াও আছে। আনহাতে, ১৯৮৮ চনত নাগালেণ্ডত সশস্ত্র সংগঠন এন এছ চি এনৰ দুটা সংগঠন খাপলাং আৰু ইশ্বাক-মুইভা দুটা গোটত বিভক্ত হয়। বিগত প্রায় তিনিটা দশকত নাগালেণ্ডত উক্ত সংগঠন দুটাৰ হিংসাত্মক ঘটনাত বাজ্যখনৰ বিস্তৰ ক্ষতি হয়। সংগঠন দুটাৰ মাজৰ সংঘৰ্ষতো বহু বিদ্রোহী তথা জনগোষ্ঠী সমৰ্থকৰ মৃত্যু হয়।
ইফালে, সশস্ত্ৰ তৎপৰতা চলি আছে অসম, মণিপুৰ আৰু মেঘালয়তো। ইয়াৰ বিপৰীতে বিদ্রোহ দমনৰ নামত চৰকাৰী অভিযানো জোৰদাৰ চলিছে। নিষিদ্ধ কৰা হৈছে প্ৰায় সকলো। বিদ্রোহী সংগঠন। সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন-১৯৫৮, উপদ্রুত অঞ্চল আইনৰ পৰা আৰম্ভ কৰি ১৯১১ চনত ইংৰাজ চৰকাৰৰ দিনৰ ৰাষ্ট্ৰদ্রোহ প্ৰতিৰোধ আইনো বলবৎ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত। মানৱাধিকাৰ লংঘনৰ ঘটনাও ঘটিছে নিয়মিত ৰূপত। উগ্রবাদী সংগঠনসমূহৰ কিছুমানৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ সন্মতি প্রকাশ কৰিছে, কিছুমানৰ সৈতে আলোচনা কৰাও হৈছে, তথাপি উত্তৰ-পূৰ্বাঞ্চলত উগ্রবাদ সমস্যাটো এতিয়াও জ্বলন্ত সমস্যা হৈয়ে ৰৈছে।
৪। অসমৰ বিচ্ছিন্নতাবাদী-বিদ্রোহাত্মক কাৰ্যাৱলী সম্পৰ্কত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ প্ৰতি চৰকাৰৰ ব্যৱস্থাৱলী হ'ল হিংসাক হিংসাৰে প্ৰতিৰোধ কৰা আঁচনি। সেয়েহে প্রতি বিচ্ছিন্নতাবাদী পদক্ষেপ হিচাপে ৰাষ্ট্ৰই সামৰিক পদক্ষেপ গ্রহণ কৰি বিদ্ৰোহ নিয়ন্ত্ৰণৰ পৰিকল্পনা কৰিছিল। ১৯৯০ চনত ৰাষ্ট্ৰই প্রথম অপাৰেচন বজৰং কাৰ্যসূচী আৰম্ভ কৰে। কিন্তু উক্ত অপাৰেচনে বিশেষ সফলতা লাভ নকৰিলে। অভিযান আৰম্ভ কৰাৰ এসপ্তাহ পূর্বেই 'সমুৱা'ৰ নেতাসকলে নিৰাপদ স্থানত আত্মগোপন কৰিলে।
১৯৯১ চনৰ এপ্রিল মাহলৈ পৰিস্থিতি স্বাভাৱিক হোৱাৰ কাৰণে বজৰং অভিযান স্থগিত ৰাখি বিধানসভা নির্বাচন অনুষ্ঠিত কৰে। আৰু কংগ্ৰেছ মন্ত্রীসভা গঠন হয়। মন্ত্রীসভা গঠনৰ কেইঘণ্টামানৰ ভিতৰতেই 'সমুৱা'ই ১৪ জন তৈল বিভাগৰ অভিযন্তাক অপহৰণ কৰে। ইয়াৰ ভিতৰতেই ৰাছিয়ান অভিযন্তা গ্রীটচেংকো চার্গেই আছিল অন্যতম। লগে লগেই ১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত 'বাইনো অভিযান' আৰম্ভ কৰে। ১৯৯১ চনৰে শেষৰ ফালে দ্বিতীয় 'বাইনো অভিযান' আৰম্ভ কৰে। এই অভিযানত ভাৰতীয় সেনা বাহিনীয়ে বিদ্রোহীসকলৰ বিপক্ষে বহু পৰিমাণৰ সফলতা লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত এক নতুন চৰকাৰী নীতি সংযোজন হয়। সেয়া হ'ল চৰকাৰী প্ৰচেষ্টাত আত্মসমর্পণকাৰী ছালফা (SULFA) নামৰ এক শ্রেণী বিদ্রোহীৰ সৃষ্টি কৰা হয়। এওঁলোকে চৰকাৰৰ প্ৰৰোচনাত পৰি বিদ্ৰোহী পথ ত্যাগ কৰি চৰকাৰী বাহিনীৰ ওচৰত আত্মসমর্পণ কৰে। ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত অগপ দলে ৰাজ্যত চৰকাৰ গঠন কৰে। এই সময়তে বিদ্রোহাত্মক কার্যকলাপো দ্রুত হাৰত বৃদ্ধি পাবলৈ ধৰে। গুৱাহাটী মহানগৰীত আলফাই এজন বিগ্রেদিয়াৰ আৰু এজন আইজি পিক গুলীয়াই হত্যা কৰে। দুজন কর্ণেল পৰ্যায়ৰ সামৰিক বিষয়াক কামাখ্যা মন্দিৰৰ চৌহদত হত্যা কৰে। তদুপৰি সমাজকর্মী সঞ্জয় ঘোষক মাজুলীত অপহৰণ কৰি পিছত হত্যা কৰা হয়। ফলস্বৰূপে ১৯৯৭ চনত ৰাষ্ট্ৰই 'ইউনিফাইড কমাণ্ড ষ্টাৰ্কৰ্চাৰৰ' অধীনত সামৰিক বাহিনীক পুনৰ বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। এনে প্রেক্ষাপটতেই কেন্দ্ৰত চৰকাৰৰ পৰিৱৰ্তন হয়। এইচ্ ডি দেৱেগৌড়াই চৰকাৰৰ দায়িত্ব লৈ প্ৰধানমন্ত্ৰী হয়। দেৱেগৌড়াৰ দিনত কেন্দ্ৰৰ অসম সম্পৰ্কীয় নীতিৰো এক পৰিৱৰ্তন হয়। দেৱেগৌড়াই উত্তৰ-পূবৰ বিকাশমূলক আঁচনি ৰূপায়ণৰ কাৰণে এক শক্ত পুঁজিৰ যোগান ধৰে।
৫। বিদ্রোহী সংগঠন আলফাৰ বিচ্ছিন্নতাবাদী ধাৰা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ১৯৪৮ চনত আৰ চি পি আইৰ সশস্ত্র বিদ্ৰোহৰ পাছত অসমত সশস্ত্র বিদ্রোহী আন্দোলনৰ সূত্রপাত হয় ১৯৭৯ চনৰ ৭ এপ্রিলত উজনি অসমৰ শিৱসাগৰৰ 'ৰংঘৰ'ৰ বাকৰিত। এই দিনটোতে 'স্বাধীন অসম' গঢ়াৰ উদ্দেশ্যেৰে গঠন হৈছিল সংযুক্ত মুক্তি বাহিনী, অসম বা ULFA (United Liberation Front of Assam)। অসম আন্দোলন চলি থকাৰ সময়তে সামাজিক, ভৌগোলিক আৰু অর্থনৈতিকভাবে স্বাধীন অসমৰ কল্পনা কৰি বিদ্ৰোহী সংগঠনটো প্রতিষ্ঠা কৰা হয়। এই সংগঠনৰ মাজেৰেই অসমৰ ৰাজনৈতিক সমাজ জীৱনৰ এক বিদ্রোহী অধ্যায়ৰ সূচনা হয়। অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ লুণ্ঠনৰ অভিযোগ তুলি হিন্দী বলয় নিয়ন্ত্ৰিত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই বিদ্রোহ চলে। প্ৰতিষ্ঠাৰ পাছত আলফাই লাহে লাহে নিজৰ কাম-কাজ বৃদ্ধি কৰে আৰু দক্ষিণ-পূব এছিয়াৰ এটা শক্তিশালী সশস্ত্র সংগঠনত পৰিণত হয়। সেই সময়ত আলফাৰ সপক্ষে আৰু বিপক্ষে অসমৰ ৰাইজ বিভক্ত হৈ পৰিছিল। আলফাৰ প্ৰভাৱ অধিক বৃদ্ধি পোৱাত কেন্দ্ৰই আলফাক ১৯৯০ চনত নিষিদ্ধ ঘোষণা কৰে। ১৯৯০ চনৰ ২৮ নৱেম্বৰত অসমত ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰে আৰু আলফাৰ বিৰুদ্ধে সেনা-বাহিনী নিয়োগ কৰে। পৰৱৰ্তী সময়ত বহুকেইটা সেনা অভিযানে স্বদেশ আৰু বিদেশৰ ভূমিত থকা আলফাৰ শিবিৰ উৎখাত কৰে। ১৯৯২ চনত আলফাৰ বহু নেতা আৰু সদস্যই আত্মসমর্পণ কৰে। এইসকল 'ছালফা' হিচাপে পৰিচিত হৈ পৰে।
তদুপৰি ২০০৯ চনৰ ৫ ডিচেম্বৰত আলফাৰ বহুকেইগৰাকী শীর্ষ নেতাসকল বাংলাদেশত আটক হোৱাত কেন্দ্ৰ আৰু আলফাৰ মাজত আলোচনাৰ পথ মুকলি হয়। আলফাৰ এটা অংশই অসমৰ সাৰ্বভৌমত্বৰ দাবী ত্যাগ কৰি আলোচনাৰ মেজলৈ আহে। আলফাৰ আলোচনাপন্থী নেতা আৰু আটকাধীন সদস্য, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ২০১১ চনৰ ৩ ছেপ্টেম্বৰত এখন ত্রিপাক্ষিক চুক্তি সম্পাদিত হয়। অৱশ্যে এই আলোচনা আৰু চুক্তি অগ্রাহ্য কৰি আলফাৰ কিছুসংখ্যকে বর্তমানেও সশস্ত্র সংগ্রাম চলাই আছে।
উল্লেখ্য যে আলফাই আলোচনাৰ বাবে পূৰ্বে ভাৰত চৰকাৰক তিনিটা চৰ্ত বান্ধি দিছিল। এইকেইটা হ'ল- (ক) ভাৰত চৰকাৰ আৰু আলফাৰ মাজত তৃতীয় ৰাষ্ট্ৰত আলোচনা হ'ব লাগিব, (খ) আলোচনা ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত হ'ব লাগিব, (গ) আলোচনাৰ বিষয়ত অসমৰ সাৰ্বভৌমত্বৰ বিষয়টো থাকিব লাগিব। ভাৰত চৰকাৰে এই চৰ্তসমূহ মানি নোলোৱাত ২০০৪ চনত আলফাই কেৱল সার্বভৌমত্বৰ চৰ্তটো চৰকাৰৰ সন্মুখত ৰাখে যদিও এই আলোচনা আগবঢ়া নাছিল। অৱশেষত ২০০৫ চনত পি চি জি (পি কনছালটেটিভ গ্রুপ) গঠন কৰা হয়। আলফা-চৰকাৰৰ মাজত আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে গঠন হোৱা পি চি জিৰ সদস্যসকলৰ সৈতে চৰকাৰৰ আলোচনা হয়। অৱশেষত পিচি জি ভংগ হয় আৰু আলফাৰ বিদ্ৰোহ অব্যাহত থাকে।
৬। অসমৰ ভাষা আন্দোলনৰ কাৰণ আৰু পটভূমি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমত ১৯৬০ চনত ভাষা আন্দোলন হৈছিল। এই আন্দোলনত অসমৰ কেইবাজনো সুযোগ্য সন্তান ছহিদ হৈছিল। এই আন্দোলনৰ প্ৰধান কাৰণসমূহ হৈছে -(ক) ভাৰতবৰ্ষৰ স্বাধীনতা আৰু ভাৰত বিভাজন, (খ) ঐতিহাসিক কাৰণ, (গ) বাতৰি কাকতৰ ভূমিকা, (ঘ) বিভিন্ন সংগঠনৰ ভূমিকা, (ঙ) ৰাজনৈতিক অৱস্থা আৰু (চ) অর্থনৈতিক কাৰণ।
(ক) ভাৰতৰ স্বাধীনতা আৰু বিভাজনঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ বিভাজন হোৱা হেতুকে কিছুমান ভৌগোলিক পৰিৱৰ্তনে দেখা দিছিল। বিশেষকৈ পূব বংগৰ লগত ছিলেটৰ সংযোজন (বর্তমান বাংলাদেশ) ব পিছত বঙালী ভাষা কোৱা লোকৰ সংখ্যাতকৈঅসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বেছি আছিল। অসমৰ মুঠ জনসংখ্যাৰ ৬০.৮৯ শতাংশ লোকেই অসমীয়া ভাষা কোৱা লোক হিচাপে পৰিগণিত হৈছিল (১৯৭১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি)। এই বৃহৎসংখ্যক অসমীয়াভাষী লোকেই অসমত অসমীয়া ভাষা প্রচলন কৰাৰ বাবে আন্দোলন আৰম্ভ কৰিছিল।
(খ) ঐতিহাসিক কাৰণঃ ব্ৰিটিছ ৰাজত্বকালত অসমত অসমীয়া ভাষাৰ সলনি বঙালী ভাষা প্রচলনো এটা ভাষা আন্দোলনৰ অন্যতম কাৰণ। সেই সময়ত আদালতৰ ভাষা হিচাপে বঙালী ভাষাক ব্যৱহাৰ কৰা হৈছিল। ইয়ে অসমীয়া লোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকন আৰু মণিৰাম দেৱানে অসমৰ আদালতত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা প্রয়োগ কৰাৰ বাবে প্রতিবাদ জনাই ব্রিটিছক আবেদন জনাইছিল। ইয়াৰ পিছত অসমৰ শিক্ষিত শ্রেণীয়ে অসমত অসমীয়া ভাষা প্ৰচলনৰ হকে মাত মাতিব ধৰিলে। তাৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, গুণাভিৰাম বৰুৱা আদিৰ নাম উল্লেখযোগ্য। সেই সময়ত অসমীয়া ভাষাৰ হৈ মাত মতা সংগঠন আছিল 'অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অসম সাহিত্য সভা'। এইবোৰ ঐতিহাসিক কাৰণত স্বাধীনোত্তৰ কালত অসমত ভাষা আন্দোলন গঢ়ি উঠাত অৰিহণা যোগাইছিল।
(গ) বাতৰি কাকতৰ ভূমিকাঃ অসমত ভাষা আন্দোলন গঢ়ি উঠাত বাতৰি কাকতে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা দেখা যায়। অসমীয়া আৰু বঙালী দুয়োটা ভাষাতে প্রকাশ হোৱা বাতৰি কাকতসমূহে জনসাধাৰণৰ মাজত এটি ভাষাৰ প্ৰতি সজাগতা আনি দিছিল। বিভিন্ন লোকৰ লিখনিয়ে জনসাধাৰণক ভাষ। আন্দোলন কৰিবলৈ উদ্গনি জনাইছিল। বাতৰি কাকতত প্রকাশ হোৱা ৰাইজৰ মতামত, সম্পাদকলৈ চিঠি, সম্পাদকীয় পৃষ্ঠাত প্রকাশ হোৱা প্ৰবন্ধ আদিয়ে জনসাধাৰণৰ মনত ভাষা সম্বন্ধে থকা আসোঁৱাসমূহ জনাৰ সুবিধা দিছিল। ইয়ে ভাষা আন্দোলন গঢ়ি উঠাত গুৰুত্বপূর্ণ অৰিহণা যোগাইছে।
(ঘ) বিভিন্ন সংগঠনৰ ভূমিকাঃ অসমত ভাষা আন্দোলন গঢ়ি উঠাত কিছুমান সংগঠনেও অৰিহণা যোগাইছিল। যেনে- অসমীয়া সংগঠনৰ ভিতৰত অসম সাহিত্য সভা, অসম জাতীয়তাবাদী মহাসভা, সদৌ অসম ছাত্র সন্থা উল্লেখযোগ্য। বঙালী সংগঠন হৈছে যেনে- নিখিল অসম বংগ ভাষা সমিতি সংগ্রাম পৰিষদ, ভাষা আন্দোলন সমিতি ইত্যাদি। উক্ত সংগঠনবোৰে আবেদন, প্রতিবাদী সমদল, স্মাৰক-পত্ৰ, ধৰ্ণা আদিৰদ্বাৰা ভাষা আন্দোলন গঢ়ি তুলিছিল।
(ঙ) অর্থনৈতিক কাৰণঃ ভাষা আন্দোলনৰ আন এটা কাৰণ হৈছে অর্থনৈতিক। স্বাধীনতাৰ পিছত অসমত ভাৰতবৰ্ষৰ আন আন ৰাজ্যবোৰৰ দৰে উন্নয়ন হোৱা নাছিল। যাতায়াত, কৃষি, উদ্যোগ আদি কোনো ক্ষেত্রতে অসমত উন্নয়ন হোৱা নাছিল। অর্থনৈতিক উন্নয়ন নোহোৱা বাবে অসমত বিপুল প্রাকৃতিক সম্পদ থকা সত্ত্বেও অৰ্থৰ অভাৱত এইবোৰৰ উদ্যোগ বা অন্যান্য কাৰ্যত ব্যৱহাৰ কৰিব পৰা নগৈছিল। অসমৰ নিবনুৱা সমস্যা দিনকদিনে বাঢ়ি গৈছিল। অসমৰ প্ৰধান অর্থনীতি যেনে- কৃষিয়ে বৈপ্লৱিক উন্নতি সাধন কৰিব পৰা নাছিল। মুঠৰ ওপৰত সমগ্ৰ অর্থনীতিয়ে অসমৰ জনসাধাৰণৰ আশাত চেঁচাপানী ঢালিছিল। ইয়াৰ ফলস্বৰূপে অসমত ভাষা আন্দোলন গঢ়ি উঠিছিল।
ওপৰত উল্লেখ কৰা কাৰণ কেইটাৰ কোনো এটা কাৰণেই ভাষা আন্দোলনৰ বাবে দায়ী নহয়। আটাইকেইটা কাৰণেই কম-বেছি পৰিমাণে দায়ী। ইয়াৰ লগতে অর্থনৈতিক আৰু ৰাজনৈতিক কাৰণো জড়িত আছিল। কিয়নো অসম সেই সময়ত অর্থনৈতিক আৰু ৰাজনৈতিক দিশত কিছু কেন্দ্ৰৰদ্বাৰা অৱহেলিত হৈ আছিল।