গোটঃ ১
মানৱ অধিকাৰ : তত্ত্ব আৰু আনুষ্ঠানিকৰণ
অতি চমু প্রশ্নোত্তৰ
উত্তৰঃ যিবোৰ অধিকাৰ অবিহনে মানুহে ভালদৰে জীয়াই থাকিব নোৱাৰে সেইবোৰ অধিকাৰকে সাধাৰণতে মানৱ অধিকাৰ বুলি অভিহিত কৰা হয়।
২। Human Rights Council ৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰ: Human Rights Council ৰ 47 জন সদস্য ৰাষ্ট্র আছে।
৩। ফ্ৰান্সৰ জাতীয় সভাই নাগৰিকৰ অধিকাৰ ঘোষণা পত্ৰখন কেতিয়া গৃহীত কৰিছিল?
৪। "প্রাকৃতিক আইন ঈশ্বৰ প্রদত্ত" আৰু এনে আইন ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত, যি প্রত্যেকে মানি চলা উচিত।"-এইষাৰ কাৰ উক্তি?
৫। "মানৱ অধিকাৰবোৰ সাৰ্বজনীন" বুলি ক'লে কি বুজায়?
উত্তৰ:
মানৱ অধিকাৰবোৰ সাৰ্বজনীন বুলি ক'লে বুজায় যে সকলো মানুহে, বর্ণ,
ধর্ম, লিংগ, ভাষা বা সংস্কৃতি নির্বিশেষে, একে অধিকাৰ ভোগ কৰে।
৬। কোনটো দলে "সাংস্কৃতিক আপেক্ষিকতা"ক সমর্থন কৰে?
উত্তৰ: Cultural Relativists (সাংস্কৃতিক আপেক্ষিকতাবাদী) দলৰ মতে মানৱ অধিকাৰ সংস্কৃতি আৰু সমাজৰ ধাৰণাত নিৰ্ভৰশীল।
৭। ICCPR কেতিয়া গ্রহণ কৰা হৈছিল?
উত্তৰ: ICCPR ১৯৬৬ চনত গ্ৰহণ কৰা হৈছিল আৰু ১৯৭৬ চনত বলবৎ হৈছিল।
৮। বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: প্ৰতিবছৰে ১০ ডিচেম্বৰ তাৰিখে।
৯। Human Rights Council ৰ মুখ্য কার্যালয় ক'ত?
উত্তৰঃ ইয়াৰ মুখ্য কার্যালয় জিনেভা (Geneva), Switzerland-ত আছে।
১০। মানৱ অধিকাৰৰ আর্ন্তজাতিক টেহৰান সম্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৬৮ চনত।
চমু প্রশ্নোত্তৰ
১। মানৱ অধিকাৰৰ প্ৰধান বৈশিষ্ট্য কেইটামান উল্লেখ কৰা।
উত্তৰ: মানৱ অধিকাৰৰ প্ৰধান কেইটামান বৈশিষ্ট্য হ'ল-
(ক) অবিচ্ছিন্নতা হ'ল মানৱ অধিকাৰৰ প্ৰধান বৈশিষ্ট্য। জাতি, বর্ণ, ধর্ম, ভাষা, লিংগ নির্বিশেষে প্রত্যেক ব্যক্তিয়ে এই অধিকাৰৰ গৰাকী।
(খ) মানৱ অধিকাৰসমূহ প্রত্যেক ব্যক্তিৰেই প্রাকৃতিক অধিকাৰ। এজন ব্যক্তিৰ জীয়াই থকাৰ অধিকাৰ প্ৰাকৃতিকভাবেই নির্ণয় হয়, ইয়াক কোনেও আইন প্রণয়ন কৰি বঢ়াব বা কমাব নোৱাৰে।
(গ) মানৱ অধিকাৰৰ আন এক বৈশিষ্ট্য হ'ল সার্বজনীনতা। এই অধিকাৰসমূহ সকলো স্থানতেই, সকলো সময়তে সকলো পৰিস্থিতিতেই পৃথিৱীৰ সকলো ব্যক্তিৰ বাবেই বিদ্যামান।
(ঘ) মানৱ অধিকাৰৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল এই অধিকাৰ অসংশোধনীয়। কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সম্মিলনে ইয়াক সলনি কৰিব নোৱাৰে।
(ঙ) মানৱ অধিকাৰসমূহ হ'ল ব্যক্তিৰ মৌলিক অধিকাৰ।
(চ) মানৱ অধিকাৰসমূহ বৈধ।
(ছ) মানৱ অধিকাৰসমূহ ব্যক্তিৰ নৈতিক অধিকাৰো। এই অধিকাৰে ব্যক্তিৰ ব্যকিত্ৰ মানৱীয় মূল্যবোধৰ সুৰক্ষা আৰু বিকাশত সহায় কৰি শক্তিশালী ব্যক্তিত্ব গঠনত সহায় কৰে।
(জ) বহল অর্থত মানৱ অধিকাৰসমূহ ৰাজনৈতিক অধিকাৰো। ৰাষ্ট্ৰ ব্যৱস্থাই ব্যক্তিৰ এই অধিকাৰসমূহক সুৰক্ষা প্রদান কৰিব লাগে।
২। মানৱ অধিকাৰৰ তিনিটা প্রজন্ম কিকি?
উত্তৰ: মানৱ অধিকাৰৰ তিনিটা প্রজন্ম হৈছে-
(ক) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ,
(খ) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ, আৰু
(গ) সমষ্টিগত বা উন্নয়নমূলক অধিকাৰ।
৩। প্রথম প্ৰজন্মৰ মানৱ অধিকাৰ কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্য কি?
উত্তৰ: প্ৰথম প্ৰজন্মৰ মানৱ অধিকাৰক "নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ" বুলি কোৱা হয়। এই অধিকাৰসমূহৰ লক্ষ্য হৈছেব্যক্তিগত স্বাধীনতা আৰু ৰাজনৈতিক অংশগ্রহণ নিশ্চিত কৰা। ইয়াৰ উদ্ভৱ হৈছে ১৭-১৮শ শতিকাত ইউৰোপ আৰু আমেৰিকাৰ গণতান্ত্রিক বিপ্লৱৰ সময়ত।
প্রধানভাবে এই অধিকাৰসমূহৰ ভিতৰত অন্তর্ভুক্ত-
(ক) জীৱনৰ অধিকাৰ,
(খ) মতপ্রকাশৰ স্বাধীনতা,
(গ) ধর্মীয় স্বাধীনতা,
(ঘ) নির্বাচনত অংশগ্রহণৰ অধিকাৰ,
(ঙ) সন্মিলনৰ স্বাধীনতা আদি।
এই অধিকাৰবোৰ ৰাজ্যৰ পৰা ব্যক্তিক সুৰক্ষা দান কৰাৰ অধিকাৰ। অৰ্থাৎ, চৰকাৰে নাগৰিকৰ স্বাধীনতা সীমিত কৰিব নোৱাৰে, সেয়েহে একে সময়ত এই অধিকাৰবোৰক "Negative Rights" বুলিও কোৱা হয়- কাৰণ ই চৰকাৰৰ হস্তক্ষেপৰ সীমা স্থাপন কৰে।
বিশ্ব মানৱ অধিকাৰ ঘোষণাপত্র (UDHR, 1948), ICCPR (1966) আদি চুক্তিত এই অধিকাৰবোৰ স্থান পাইছে। এই প্ৰজন্মৰ অধিকাৰসমূহে গণতন্ত্র আৰু ন্যায়ভিত্তিক সমাজ গঠনত ভূমিকা পালন কৰে।
৪। মানৱ অধিকাৰ সম্বন্ধীয় ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন ঘোষণা বুলিলে কি বুজা?
উত্তৰ: মানৱ অধিকাৰ হ'ল মানুহৰ জন্মগত অধিকাৰ। এই অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা অসীম। ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ সম্পৰ্কীয় সার্বজনীন ঘোষণাপত্র খন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্রকাশ কৰে। এই ঐতিহাসিক ঘোষণাই মানৱ জাতিৰ সামগ্রিক বিকাশত অৰিহনা যোগাইছে। ইয়াৰ মহত্ব আৰু গুৰুত্ব উপলদ্ধি কৰি ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে প্রতি বছৰে ১০ ডিচেম্বৰ তাৰিখে "বিশ্ব মানৱ অধিকাৰ দিৱস" হিচাপে পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ প্রধান উদ্দেশ্য হ'ল মানৱ অধিকাৰ সমূহৰ উন্নতি সাধন কৰা আৰু এইবোৰৰ প্ৰতি মানুহৰ শ্রদ্ধা বৃদ্ধি কৰা যাতে সকলোৱে জাতি, বর্ণ, ধর্ম, লিংগ, ভাষা নির্বিশেষে মানৱ অধিকাৰসমূহ ভোগ কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ১ (৩) নং অনুচ্ছেদত এই সম্পৰ্কে সুন্দৰভাৱে উল্লেখ কৰিছে। ইয়াৰোপৰি ৰাষ্ট্ৰসংঘৰ ৫৫ আৰু ৫৬ নং অনুচ্ছেদতো ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক মানৱ অধিকাৰসমূহ সুৰক্ষিত কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছিল।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাত সন্নিবিষ্ট প্রস্তাৱনাত মানৱ অধিকাৰৰ প্রয়োজনীয়তা আৰু গুৰুত্বৰ কথা প্রকাশ পাইছে। ইয়াত উল্লেখ কৰা হৈছে যে বিশ্বৰ মানৱ পৰিয়ালৰ প্ৰতিজন সদস্যই জন্মগতভাবে অর্জন কৰা মৰ্যদা, সন্মান আৰু অভিন্ন অধিকাৰেই হ'ল বিশ্বৰ স্বাধীনতা, ন্যায় আৰু শান্তিৰ ভেটি। ইয়াক বাক আৰু বিশ্বাসৰ স্বাধীনতা, ত্ৰাসৰ পৰা স্বাধীনতা, নিস্পেষনৰ বিৰুদ্ধে স্বাধীনতা ইত্যাদিৰ অধিকাৰ আৰু স্বাধীনতা সম্বন্ধে আলোচনা কৰিছে যাৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন সম্ভৱ হৈ উঠিব।
৫। মানৱ অধিকাৰৰ সাৰ্বজনীনতা আৰু সাংস্কৃতিক আপেক্ষিকতাৰ মাজত সমন্বয় সম্ভব নে?
উত্তৰঃ মানৱ অধিকাৰৰ ক্ষেত্ৰত দুটা প্রধান দৃষ্টিভংগী দেখা যায়-
(ক) সার্বজনীনতা (Universalism),
(খ) সাংস্কৃতিক আপেক্ষিকতা (Cultural Relativism)।
এটা চৰমপন্থাই কয় যে সকলো অধিকাৰ একে আৰু বিশ্বজনীন; আনটো কয় যে প্রতিটো সমাজৰ মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু বাস্তৱত, এই দুয়ো দৃষ্টিভংগীৰ মাজত সমন্বয়ই সঠিক পথ।
প্রথমতে, UDHR-এ সকলো মানুহৰ মৌলিক অধিকাৰ একে বুলি ঘোষণা কৰিলে, কিন্তু ইয়াৰ কাৰ্যকৰণত সংস্কৃতিক বৈচিত্র্যৰ প্ৰভাৱ বিবেচনা কৰা নাছিল। তাৰ ফলত বহু উন্নয়নশীল দেশত এই অধিকাৰবোৰ সম্পূৰ্ণ ৰূপে গ্রহণযোগ্য নহ'ল।
অন্যহাতে, আপেক্ষিকতাই কেতিয়াবা মানৱাধিকাৰ লংঘনৰ অজুহাত হিচাপে ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, লিংগ বৈষম্য, শিশুবিবাহ, ধর্মীয় নির্যাতন আদি "সংস্কৃতিক প্রথা" বুলি ৰক্ষা কৰা হয়।
সেয়েহে একো নতুন দিশ উদ্ভৱ হ'ল- "Moderate Relativism"।
(ক) মূল নৈতিক মূল্য (যিদৰে জীৱনৰ অধিকাৰ, গৰিমাৰ অধিকাৰ) সাৰ্বজনীন, "
(খ) কিন্তু ইয়াৰ প্ৰয়োগৰ ধৰণ সংস্কৃতি অনুসৰি পৰিবৰ্তনীয়।
গতিকে, মানৱ অধিকাৰৰ বিশ্বজনীনতা আৰু সাংস্কৃতিক বৈচিত্র্য দুয়োকে মান্য কৰি এক সুশৃংখলিত দৃষ্টিভংগী গ্রহণ কৰাটোৱেই আধুনিক যুগৰ প্ৰয়োজন।
৬। UDHRৰ মুখ্য লক্ষ্য আৰু বৈশিষ্ট্য কি?
উত্তৰ: Universal Declaration of Human Rights (UDHR) হৈছে হৈছে বিশ্বমানৱ অধিকাৰৰ এক মৌলিক দলিল, যিটো ১৯৪৮ চনৰ ১০ ডিচেম্বৰত United Nations General Assembly-এ গ্রহণ কৰে।
এই দলিলৰ মূল লক্ষ্য হৈছে-
- সকলো মানুহে একে মর্যাদা আৰু অধিকাৰ ভোগ কৰে বুলি ঘোষণা কৰা,
- বিশ্বত স্বাধীনতা, ন্যায়, শান্তি আৰু সমতাৰ বীজ ৰোপণ কৰা।
UDHRৰ বৈশিষ্ট্যসমূহ:
(ক) ই ৩০ টা অনুচ্ছেদেৰে গঠিত, য'ত নাগৰিক, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সকলো অধিকাৰ অন্তর্ভুক্ত।
(খ) ই কোনো বাধ্যতামূলক আইন নহয়, কিন্তু ই এক নৈতিক আৰু মানদণ্ডমূলক দলিল।
(গ) UDHRয়ে পৰৱৰ্তী সকলো মানৱ অধিকাৰ চুক্তিৰ আধাৰ প্ৰস্তুত কৰে -যেনে- ICCPR, ICESCR আদি।
(ঘ) ই বিশ্বমানৱতা আৰু শান্তিৰ এক সার্বজনীন দিশ প্রদান কৰে।
গুৰুত্বঃ UDHRয়ে "মানৱ অধিকাৰ"ক ৰাষ্ট্ৰীয় সীমা পাৰ হৈ বিশ্বজনীন মূল্যবোধ ৰূপে প্রতিষ্ঠা কবে। আজিও ই জাতিসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰ নীতি আৰু সংবিধানত প্ৰভাৱ বিস্তাৰ কৰিছে।
৭। Human Rights Council (HRC)ৰ গঠন আৰু কাৰ্য আলোচনা কৰা।
উত্তৰ: United Nations Human Rights Council (HRC) ২০০৬ চনত স্থাপন কৰা হয়, আগৰ Commission on Human Rights-ৰ প্রতিস্থাপনস্বৰূপে। ই UN General Assembly-ৰ অধীনস্থ এক অঙ্গ।
গঠন:
- সদস্য সংখ্যাঃ ৪৭খন দেশ
- কার্যকাল: প্রতিজন সদস্যৰ ৩ বছৰৰ কাৰ্যকাল
- কার্যালয়: জেনেভা (Switzerland)
মূল কার্যসমূহ:
(১) সকলো সদস্য দেশৰ মানৱ অধিকাৰ পৰিস্থিতিৰ Universal Periodic Review (UPR) কৰা।
(২) বিশেষ ৰেপোৰ্টাৰ আৰু কাৰ্যদল গঠন কৰি নির্দিষ্ট ক্ষেত্র (যেনে- লিংগ, দাসত্ব, মতপ্রকাশ) পর্যবেক্ষণ কৰা।
(৩) সংকটপূর্ণ দেশসমূহত বিশেষ অধিবেশন (Special Session) আয়োজন কৰা।
গুৰুত্ব: HRC হৈছে বিশ্বমানৱ অধিকাৰ ৰক্ষাৰ কেন্দ্রীয় সংগঠন। ই ৰাষ্ট্ৰীয় আচৰণক বিশ্বমানদণ্ডৰ সৈতে মিলাই পর্যালোচনা কৰে। ই আধুনিক যুগৰ মানৱ অধিকাৰ প্রাতিষ্ঠানিকৰণৰ মূল স্তম্ভ।
৮। মানৱ অধিকাৰৰ প্ৰকৃতি সম্পর্কে চমুকৈ লিখা।
উত্তৰ: মানৱ অধিকাৰৰ প্ৰকৃতি-
(১) মানৱ অধিকাৰৰ প্ৰকৃতিৰ বিষয়ে দুটা দৃষ্টিভংগী আছে।
(২) মানৱ অধিকাৰৰ দৃষ্টিভংগী কেইবাটাও তত্ত্বৰ লগত জড়িত আছে।
(৩) মানৱ অধিকাৰ সামাজিক আৰু ৰাজনৈতিক শ্রেণীত অন্তর্ভুক্ত কৰিছে।
(৪) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক শ্রেণীতো বহুতো অধিকাৰ আছে।
(৫) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰবিলাক নেতিবাচক; কিন্তু অর্থনৈতিক অধিকাৰবিলাক নেতিবাচক নহয়।
(৬) নাগৰিক, ৰাজনৈতিক, সাংস্কৃতিক, অর্থনৈতিক অধিকাৰৰ উপৰিও এবিধ সামূহিক অধিকাৰ আছে।
(৭) সামূহিক অধিকাৰবিলাক সমূহীয়াভাৱে উপভোগ কৰিব পাৰি।
(৮) সকলো অধিকাৰৰ মাজতে পাৰস্পৰিক সম্পৰ্ক আছে।
৯। মানৱ অধিকাৰবোৰ সাৰ্বজনীন বুলি ক'লে কি অর্থ বুজায়?
উত্তৰ: মানৱ অধিকাৰবোৰ সাৰ্বজনীন বুলি ক'লে বুজায় যে ই সকলো মানুহৰ বাবে একে অধিকাৰ, যিসকলৰ জাতি, ধৰ্ম, ভাষা, লিংগ, সংস্কৃতি বা ৰাজনৈতিক বিশ্বাস যিয়েই নহওক। এই ধাৰণা অনুসৰি, প্ৰতিজন মানুহৰ জন্মগতভাবে একে মর্যাদা আছে, আৰু এই অধিকাৰবোৰ সৰ্বজনীন, অবিচ্ছেদ্য আৰু অখণ্ড।
এই চিন্তাধাৰাৰ আধাৰ হৈছে Universal Declaration of Human Rights (UDHR), 1948, য'ত ৩০টা মৌলিক অধিকাৰ সন্নিবিষ্ট। উদাহৰণস্বৰূপে জীৱনৰ অধিকাৰ, মতপ্রকাশৰ স্বাধীনতা, ধর্মীয় স্বাধীনতা, শিক্ষাৰ অধিকাৰ, ইত্যাদি।
সার্বজনীনতাবাদীসকলে কয় যে-
(ক) সকলো মানুহ একে নৈতিক মূল্যৰে জন্মে,
(খ) মানুহৰ মৌলিক প্রয়োজন একে,
(গ) ই এক বিশ্বজনীন মানৱ মৰ্যাদাৰ প্ৰতিফলন।
ইয়াৰ লগে লগে বিশ্বায়নৰ যুগত এই সার্বজনীনতা অধিক প্রাসঙ্গিক। উদাহৰণস্বরূপ, গ্লোবেল সংগঠনসমূহ (UN, Amnesty International) সকলো দেশত একে অধিকাৰ ৰক্ষা কৰিবলৈ কাম কৰে।
সেয়েহে মানৱ অধিকাৰৰ সাৰ্বজনীনতা মানৱতাৰ একতাবোধৰ প্রতীক, যি সকলো সংস্কৃতি আৰু সমাজৰ ওপৰত একে ৰূপে প্রযোজ্য বুলি ধাৰণা কৰে।
১০। মানৱ অধিকাৰৰ সংজ্ঞা দিয়া
উত্তৰঃ বিভিন্ন চিন্তাবিদে মানৱ অধিকাৰৰ সংজ্ঞা ভিন্ন ধৰণে আগবঢ়াইছে। কেইটামান গুৰুত্বপূর্ণ সংজ্ঞা হ'ল-
(ক) বেনেটৰ মতে, "যিবিলাক অধিকাৰ মানবীয় মর্যাদা বা কল্যাণত অৰিহণা থকা, ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পৰা মুক্ত আৰু ৰাষ্ট্ৰৰ দ্বাৰা সু-নিশ্চিত, সুৰক্ষিত আৰু বিকশিত সেইবিলাক অধিকাৰ মানৱ অধিকাৰৰ অন্তৰ্ভূক্ত।"
(খ) ১৯৯৩ চনত ভিয়েনা চহৰত অনুস্থিত মানৱ অধিকাৰৰ বিশ্ব সম্মিলনৰ মতে-"সকলো মানৱ অধিকাৰ মানুহৰ সৈতে নিহিত হৈ থকা মর্যাদা আৰু মূল্যব পৰা উদ্ভৱ হয়, গতিকে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ মূল বিষয়বস্তু হৈছে মানুহ"।
(গ) লুইছ হেনকিনৰ মতে, মানৱ অধিকাৰ হৈছে সমাজত ব্যক্তিৰ অধিকাৰ।
(ঘ) ড° দূর্গাদাস বসুৰ মতে "অন্য কোনো কথা বিবেচনা নকৰাকৈ মানৱ পৰিয়ালৰ সদস্য হিচাপে প্ৰতিগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰ অথবা অন্যান্য ৰাজহুৱা কর্তৃত্বৰ বিৰুদ্ধে লাভ কৰা নিম্নতম অধিকাৰে হৈছে মানৱ অধিকাৰ।"
ৰচনাধর্মী প্রশ্নোত্তৰ
১। মানৱ অধিকাৰৰ আনুষ্ঠানিকৰণৰ বিকাশ প্রক্রিয়া আলোচনা কৰা।
উত্তৰ: মানৱ অধিকাৰ আদিতে নৈতিক আৰু দার্শনিক ধাৰণা আছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্রাতিষ্ঠানিক রূপ প্রয়োজনীয় হৈছিল। এই প্রক্রিয়াই "Institutionalization of Human Rights" বুলি জনা যায়।
প্ৰাৰম্ভিক পর্যায়: ১৯৪৫ চনত United Nations Charter এ মানৱ অধিকাৰৰ সুৰক্ষাৰ কথা স্পষ্টকৈ উল্লেখ কৰে। এই সময়ত গঠন কৰা হয় Commission on Human Rights, যিয়ে ১৯৪৮ চনত UDHR প্রস্তুত কৰে।
UDHR ১৯৪৮ঃ ই মানৱ অধিকাৰৰ মূল ঘোষণাপত্র। যদিও বাধ্যতামূলক নহয়, ই সকলো পৰৱৰ্তী চুক্তিৰ নৈতিক ভিত্তি।
ICCPR আৰু ICESCR ১৯৬৬: এই দুটা বাধ্যতামূলক চুক্তিয়ে UDHR ৰ দিশ বাস্তব ৰূপ দিয়ে।
(ক) ICCPR এ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰে।
(খ) ICESCR এ অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ নিশ্চিত কৰে। এই তিনিটা মিলি "International Bill of Human Rights" গঠন কৰে।
অনুষ্ঠানিক সংস্থাসমূহঃ
(১) Human Rights Committee (HRCt): ICCPR-ৰ কাৰ্য পৰ্যবেক্ষণ কৰে।
(২) CESCR: ICESCRৰ কাৰ্য পৰ্যালোচনা কৰে।
(৩) Human Rights Council (HRC): ২০০৬ চনত গঠন, সমগ্ৰ বিশ্বৰ পর্যালোচনা কৰে।
(৪) Office of the High Commissioner for Human Rights (OHCHR): প্রশাসনিক সহায় প্রদান
আঞ্চলিক প্রচেষ্টাসমূহঃ
(ক) ইউৰোপীয় (European Convention, ১৯৫৩
(খ) আমেৰিকান (American Convention, ১৯৬৯
(গ) আফ্রিকান (African Charter, ১৯৮৬
(ঘ) ইছলামিক (Cairo Declaration, ১৯৯০
ভাৰতীয় প্রাসংগিকতা: ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু দিশ নির্দেশমূলক নীতিৰ মাজত UDHR ৰ প্ৰভাৱ দেখা যায়।
ভাৰত হৈছে UDHR, ICCPR, ICESCRৰ স্বাক্ষৰকাৰী দেশ।
মানৱ অধিকাৰৰ আনুষ্ঠানিকৰণ হৈছে বিশ্বমানৱতাৰ এক অমূল্য জয়যাত্রা। UDHRএ যি নৈতিক বীজ ৰোপণ কৰিছিল, ICCPR-ICESCR-HRC-এ সেই বীজক প্রাতিষ্ঠানিক ৰূপ দিয়ে। এই ধাৰাই বিশ্বজুৰি ন্যায়, শান্তি আৰু মানৱ গৰিমাৰ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে।
২। UDHR (Universal Declaration of Human Rights) ৰ ইতিহাস, বিষয়বস্তু আৰু গুৰুত্ব বিশদভাৱে আলোচনা কৰা।
উত্তৰ: মানৱ অধিকাৰ হৈছে প্ৰত্যেক মানুহৰ জন্মগত আৰু মৌলিক অধিকাৰ। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ অভিজ্ঞতাই বিশ্ববাসীক মানৱ অধিকাৰৰ এক সাৰ্বজনীন দলিলৰ প্রয়োজনীয়তা অনুভৱ কৰায়। ইয়াৰ ফলস্বৰূপে ১৯৪৮ চনৰ ১০ ডিচেম্বৰত United Nations General Assembly-এ গ্রহণ কৰে Universal Declaration of Human Rights (UDHR)। এই দিনটো এতিয়া "Human Rights Day" হিচাপে পালন কৰা হয়।
ঐতিহাসিক পটভূমিঃ দ্বিতীয় বিশ্বযুদ্ধ (1939-1945) ত নাজী জৰ্মানীৰ অধীনত যি মানবতাবিৰোধী অপৰাধ সংঘটিত হৈছিল, যেনে- গণহত্যা, দাসত্ব, নিপীড়ন-সেইবোৰে বিশ্বমানৱতা কঁপাই দিয়ে।
1945 চনত United Nations স্থাপনৰ সময়তেই মানৱ অধিকাৰক ৰক্ষা কৰাৰ লক্ষ্য গৃহীত হয়। UN Charterৰ ধাৰা 1, 55, আৰু 56ত এই বিষয়ে উল্লেখ আছে।
1946 চনত Commission on Human Rights গঠন হয়, আৰু আমেৰিকাৰ প্রথম মহিলা প্রতিনিধি Eleanor Rooseveltৰ নেতৃত্বত UDHRৰ খচৰা তৈয়াৰ হয়।
1948 চনৰ 10 ডিচেম্বৰত UDHRক 48খন দেশৰ সমৰ্থন লাভ হয়; ৪খন দেশ নিৰপেক্ষ থাকে, কোনো দেশেই বিৰোধিতা নকৰে।
গঠন আৰু বিষয়বস্তুঃ
UDHRত প্রস্তাৱনা আৰু 30টা অনুচ্ছেদআছে। এই অনুচ্ছেদসমূহ মানৱ অধিকাৰৰ পূৰ্ণ কাঠামো প্রদর্শন কৰে।
প্রধান বিষয়বস্তুঃ
(১) সমতা আৰু গৰিমা: অনুচ্ছেদ ১ আৰু ২৩ কোৱা হৈছে যে সকলো মানুহে জন্মগতভাৱে স্বাধীন আৰু একে গৰিমা আৰু অধিকাৰত সজ্জিত।
(২) জীৱনৰ অধিকাৰ আৰু সুৰক্ষাঃ অনুচ্ছেদ ৩ ত "জীৱন, স্বাধীনতা আৰু ব্যক্তিগত সুৰক্ষা"ৰ অধিকাৰ নিশ্চিত কৰা হৈছে।
(৩) দাসত্ব আৰু অত্যাচাৰৰ নিষেধাজ্ঞা: অনুচ্ছেদ ৪ আৰু ৫ত দাসত্ব, নির্যাতন, আৰু অমানৱিক ব্যৱহাৰৰ নিষেধাজ্ঞা দিয়া হৈছে।
(৪) বিচাৰ আৰু আইনৰ সমতা: অনুচ্ছেদ ৬-১২৩ ন্যায়পূর্ণ বিচাৰ, নির্দোষ ধাৰণা, আৰু আইনৰ আগত সমতাৰ অধিকাৰ উল্লেখ কৰা হৈছে।
(৫) চিন্তা আৰু মতপ্রকাশৰ স্বাধীনতা: অনুচ্ছেদ ১৮ আৰু ১৯৩ বিবেক, ধর্ম, আৰু মতপ্ৰকাশৰ স্বাধীনতা নিশ্চিত কৰা হৈছে।
(৬) সামাজিক আৰু অর্থনৈতিক অধিকাৰ: অনুচ্ছেদ ২২-২৭ত শিক্ষাৰ অধিকাৰ, স্বাস্থ্য, কাম, বিশ্রাম, সাংস্কৃতিক জীৱনত অংশগ্ৰহণৰ অধিকাৰ দিয়া হৈছে।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিকাৰ সুৰক্ষাঃ অনুচ্ছেদ ২৮-৩০৩ ৰাষ্ট্ৰসমূহৰ দায়িত্ব আৰু ব্যক্তি দায়িত্বৰ বৰ্ণনা আছে।
UDHRৰ বৈশিষ্ট্য:
(১) সার্বজনীনতা: সকলো দেশ আৰু জাতিৰ বাবে একে মানদণ্ড।
(২) অবিভাজ্যতাঃ নাগৰিক, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক-সকলো অধিকাৰ একে গুৰুত্বৰ।
(৩) অবাধ ন্যায় আৰু শান্তিৰ দিশঃ ই বিশ্বশান্তিৰ এক ভিত্তি ৰূপে কাম কৰে।
(৪) প্ৰেৰণাদায়ক দলিল: পৰৱৰ্তী চুক্তি ICCPR, ICESCR, CEDAW, CRC আদি- সকলোই UDHRৰ আধাৰত।
গুৰুত্বঃ
(ক) UDHRয়ে মানৱ অধিকাৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চত বৈধতা দিছে।
(খ) জাতীয় সংবিধানসমূহত প্ৰভাৱ বিস্তাৰ কৰিছে- ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহত ইয়াৰ প্ৰভাৱ স্পষ্ট।
(গ) জাতিসংঘৰ কামকাজৰ নৈতিক দিশ প্রদান কৰে।
(ঘ) সামাজিক ন্যায় আৰু শান্তিৰ দিশত এক বৈপ্লৱিক পদক্ষেপ।
সমালোচনাঃ
(ক) কিছু দেশৰ মতে UDHR-এ পশ্চিমীয়া মূল্যবোধৰ আধিক্য বহন কৰে।
(খ) ই বাধ্যতামূলক আইন নহয় কেৱল নৈতিক মানদণ্ড।
(গ) সাংস্কৃতিক আপেক্ষিকতাৰ সমস্যা-বিভিন্ন সমাজৰ ধৰ্ম, সংস্কৃতি, আদি সম্পূর্ণ ভিন্ন।
UDHR হৈছে বিশ্বমানৱতাৰ এক মিলনপত্ৰ। ই মানৱ গৰিমাৰ এক বিশ্বজনীন প্রতীক। আজিও ইয়াৰ মানদণ্ডই বিশ্বমানৱ অধিকাৰক এক সার্বজনীন দিশ দিয়ে।
৩। সাংস্কৃতিক আপেক্ষিকতাবাদী দৃষ্টিভংগীৰ মূল দিশসমূহকি কি? আলোচনা কৰা।
উত্তৰ: আপেক্ষিকতাবাদী দৃষ্টিভংগীক প্রধান সাংস্কৃতিক আপেক্ষিকতাবাদী দৃষ্টিভংগী বুলিয়েই কোৱা হ'লেও অন্যান্য ৰাজনৈতিক, নৈতিক দিশ কিছুমানো অন্তর্ভুক্ত নহ'লে সার্বজনীন দৃষ্টিভংগীৰ প্ৰকৃত বিৰোধিতা নহ'ব।
সাংস্কৃতিক আপেক্ষিকতাবাদ মূলতঃ নৃতত্ত্ব (Anthropology) আৰু সমাজতত্ত্বৰ (Sociology)-ৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল হ'বই লাগিব। উক্ত দুয়োটা ধাৰণাই আকৌ নৈতিকতাৰ মাজেৰেহে প্রকাশ ঘটে। সেয়েহে বহুতো ৰাজনৈতিক পণ্ডিতে নৈতিকতাকেই আপেক্ষিকতাবাদৰ মূল চাবিকাঠী বুলি ক'ব বিচাৰে। সাংস্কৃতিকেই হওক বা সামাজিক ধাৰণাই হওক, নৈতিকতাবর্জিত হ'লে প্রকৃত মানৱ অধিকাৰ ৰক্ষা নহ'ব আৰু সমাজত বিশৃংখলাই দেখা দিব।
অন্যহাতে সাংস্কৃতিক আপেক্ষিকতাবাদৰ মূল ধাৰণা হৈছে যে ভিন্নভাবে, (দেশভেদে) প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ঠাই আৰু পৰিৱেশত খাপ খোৱাকৈ স্বীকৃতি দিব পৰা সাৰ্বজনীন অধিকাৰ লাভ কৰাটো সম্ভৱপৰ নহয়। নৈতিকতাৰে হ'লেও এখন দেশ বা অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাক আন এখন ঠাইৰ মানুহে আঁকোৱালি নল'ব পাৰে। সেই দৃষ্টিকোণৰপৰা কোনো মানৱ অধিকাৰ সৰ্বোচ্চ বা চূড়ান্ত নহয়।
গতিকে 'তিনি বিশ্ব' (Three world)-ৰ পটভূমিত আপেক্ষিকতাবাদী দৃষ্টিভংগীৰে সার্বজনীন মানৱতা অধিকাৰ তত্ত্বৰ বিৰুদ্ধাচৰণ কৰিলে কিছুমান যুক্তি পৰিস্ফুট হয়।
সেইবোৰ হ'ল-
(ক) মূলতঃ পশ্চিমীয়া সাম্রাজ্যবাদী চিন্তাধাৰাৰপৰা উদ্ভৱ হোৱা মানৱ অধিকাৰ হৈছে পশ্চিমীয়া সমাজত ৰাজনৈতিক, সাংস্কৃতিক আৰু অর্থনৈতিক পৰ্যায়ত হোৱা বিকাশৰ বৈধ উপস্থাপন। গতিকে অন্যান্য ৰাষ্ট্ৰসমূহত ইয়াৰ প্ৰভাৱ সীমিত হোৱাটো স্বাভাৱিক।
(খ) সার্বজনীন মানৱ অধিকাৰৰ গোটেই বিশ্বতে এটা মাত্ৰ ৰাজনৈতিক মতবাদ থকা উচিত আৰু তেনে প্রমূল্যসমূহ সার্বজনীনভাৱে গ্ৰহণ কৰাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় সার্বজনীন সংস্থা গঠন কৰা উচিত। এই দৃষ্টিৰপৰা মানৱ অধিকাৰৰ সার্বজনীনতা কেতিয়াও সম্ভৱপৰ নহয়।
(গ) পশ্চিমীয়া পৰম্পৰা আৰু সাংস্কৃতিক ভাবধাৰাসমূহক অপ্রয়োজনীয় আৰু অনুভূতিহীনভাবে অ-পশ্চিমীয়া ৰাষ্ট্ৰত জাপি দিয়াৰ প্ৰচেষ্টা নিশ্চয় আদৰণীয় নহয়। কাৰণ পশ্চিমীয়া অতি আধুনিক ধাৰণাসমূহ অন্যান্য অ-পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বাবে মুঠেই গ্রহণযোগ্য নহয়।
(ঘ) নৈতিকতাৰ ফালৰপৰাও আপেক্ষিকতাবাদীসকলে সার্বজনীন মানৱ অধিকাৰৰ ধাৰণাক ন্যায্যতা দিব বিচৰা নাই। সামাজিক প্রাণী হিচাপে ভিন্ন সমাজ ব্যৱস্থাত ভিন্ন ভাবধাৰা, আচাৰ-ৰীতিত বিশ্বাসী মানুহে বসবাস কৰে। এটা জাতিৰ আচাৰ-ৰীতি আন এটা জাতি বা জনগোষ্ঠীৰ বাবে অমানৱীয় হ'ব পাৰে। উদাহৰণস্বৰূপে ভাৰততে বসবাস কৰা পাহাৰীয়া জাতি-জনগোষ্ঠী কিছুমানৰ সাজ-পাৰ, শাৰীৰিক অবয়ৱৰ পাৰ্থক্য বিদ্যমান। শৰীৰৰ কোনো অংশ কাটি প্রাকৃতিক ৰং ঘঁহি, নাক, কাণ ফুটা কৰি বিভিন্ন জীৱ-জন্তুৰ হাড় আদি পৰিধান কৰা দেখা যায়। ইবিলাক সেই জাতি-জনগোষ্ঠীৰ বাবে পৰম্পৰা, নৈতিকতাৰ আধাৰ হ'লেও অন্যান্যসকলৰ বাবে হ'ব অমানবীয়।
গতিকে সাৰ্বজনীনতাৰ নামত প্রত্যেক সমাজ ব্যৱস্থা আৰু সংস্কৃতিয়ে সকলো ধৰণৰ সাংস্কৃতিক পৰম্পৰা মানি চলাটো সহজ নহয়। ই নীতিবিৰুদ্ধও।
গতিকে দেখা যায় সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণা অনুসৰি পৰম্পৰাগতভাৱে সৃষ্ট পশ্চিমীয়া মানৱ অধিকাৰক সাৰ্বজনীন মানৱ অধিকাৰ বুলি ক'ব পৰা নাযায়। সাংস্কৃতিক বহুত্ববাদেই মানৱ অধিকাৰৰ সাৰ্বজনীনতাত প্ৰচুৰ বাধা দিছে বুলি ক'ব পৰা যায়।
৪। মানৱ অধিকাৰবোৰ সাৰ্বজনীন নে? আলোচনা কৰা।
উত্তৰঃ হয়। আন্তর্জাতিক মানদণ্ডবোৰ বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰে সাধাৰণ মানৱীয় প্রয়োজন আৰু সামর্থ্যৰ প্ৰতি উছৰ্গিত। আমাৰ এই ধৰাখন অৱশ্যেই বিভিন্ন অঞ্চল আৰু সংস্কৃতিৰে গঠিত। ধনী আৰু দুখীয়া হিচাবেও এই বিশ্বখন দুটা ভাগত বিভক্ত। আন্তর্জাতিক মানৱ অধিকাৰৰ মানদণ্ডবোৰ যিহেতু ব্যক্তিৰ লগতহে সম্পর্কিত, সেয়ে সংস্কৃতিৰ সেতে এইবোৰৰ কোনো সম্পর্ক নাই বুলিও বহুতে যুক্তি প্রদর্শন কৰে, কাৰণ সংস্কৃতিয়ে ব্যক্তিক সমষ্টিৰ পৰা বিচ্ছিন্ন বুলি নাচায় আৰু ব্যক্তিৰ কৰ্ত্তব্যক সমষ্টিৰ কৰ্ত্তব্যতকৈ আগস্থান নিদিয়ে। ব্যক্তিগত মানৱ অধিকাৰ সমসাময়িক ধাৰণাবোৰে সমাজক সম্প্রদায় আৰু ইয়াৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক পুনৰ মূল্যায়ন কৰেনে নকৰে সেইটো বিচাৰ কৰাটোৱেই হ'ল বিশ্বৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলার্ধৰে বহুল বিতর্কিত বিষয়। কথাটো হয়টো সচাওঁ, কিন্তু ব্যক্তিগত মানৱ অধিকাৰ সুৰক্ষা বা স্বীকৃতিয়ে মানবীয় সংস্কৃতি আৰু সম্প্রীতি ক্ষুন্ন কৰে বুলি ভৱাৰো কোনো প্রমাণ নাই। ইয়াৰ বিপৰীতে, আন্তর্জাতিক মানৱ অধিকাৰৰ নীতিসমূহে মানবীয় সমষ্টি আৰু জনসাধাৰণৰ সুৰক্ষাহে বিচাৰে আৰু প্ৰত্যেকৰে নিজৰ নিজৰ ভাষাৰ ব্যৱহাৰত আৰু তেওঁলোকৰ নিজৰ নিজৰ সংস্কৃতি, ধৰ্ম আৰু জীৱন ধাৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সময়ত আনৰ সৈতে জড়িত হোৱাৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰে। আন্তর্জাতিক মানৱ অধিকাৰ আইনে প্রথমতে সকলো মানুহৰ বাবেই মানৱ অধিকাৰৰ প্ৰাথমিক পৰ্যায়ৰ সাধাৰণ স্বত্বসমূহৰ প্ৰতি স্বীকৃতি প্রদান কৰে, কিন্তু তাৰ বাহিৰত সকলো সংস্কৃতিৰে বিকশিত হোৱাৰ অধিকাৰ মানি লয় আৰু তাত অনুমোদন জনায়। এই ক্ষেত্ৰত থলুৱা জনসাধাৰণৰ সংস্কৃতিকো ই সামৰি লয়।
অধিকাৰ আৰু কৰ্তব্য: মানৱ অধিকাৰ বিষয়ক আন্তর্জাতিক ঘোষণাপত্রই ব্যক্তিৰ নিজৰ দেশখনৰ প্ৰতি থকা কৰ্ত্তব্যৰ বিষয়েও উল্লেখ কৰিছে। এই কথা তাত স্পষ্টভাৱে কোৱা হৈছে যে এজন ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ আৰু মুক্ত বিকাশ একমাত্র আনৰ সহযোগত সমূহীয়াভাবেহে সম্ভব। যি কি নহওক, মানৱ অধিকাৰৰ ধাৰণাটো প্ৰতিজন ব্যক্তিগত মানুহৰ একক মূল্যৰ ওপৰত থকা বিশ্বাসৰ পৰাই আৰম্ভ হৈছে -
বৈষম্যমুক্ত বিচাৰ: আন্তর্জাতিক মানৱ অধিকাৰ বিষয়ক মানদণ্ডক সার্বজনীন আকাংক্ষা বুলি কোৱা ঘোষণাক বিভিন্ন দিশৰ পৰা সমালোচনা কৰা হৈছে। ইয়াৰে কিছুমান একোজন ব্যক্তিৰ অধিকাৰ আৰু কৰ্ত্তব্যক অগ্রাধিকাৰ দিয়া হ'ব নে নহয় তাক লৈ বিভিন্ন সংস্কৃতিৰ মাজত হোৱা সাম্ভাব্য সংঘাতৰ পৰা অহা বুলি ভৱা হয়। কিন্তু তাতকৈ প্রাসঙ্গিক হৈছে ব্যক্তি আৰু সম্প্ৰদায়ৰ ভিতৰত কাক অগ্রাধিকাৰ দিয়া হ'ব সেই লৈ হোৱা সংঘাত। এইটো স্পষ্ট যে এই ধৰণৰ মানৱ অধিকাৰৰ প্ৰসঙ্গত এইবোৰৰ অন্তর্লীন সার্বজনীনতা অস্বীকাৰ নকৰাকৈও বিভিন্ন সংস্কৃতিৰ মাজত বিভিন্ন ধৰণৰ ভাৰসাম্য উপস্থিত থকাটো লক্ষ্য কৰিব পাৰি। বৰং মানৱ অধিকাৰৰ অপব্যৱহাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ ক্ষেত্রত বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰবোৰৰ ভূমিকা যে একে নহয় সেই সম্পর্কীয় বিশ্বাসযোগ্য সাক্ষ্য-প্রমাণে এনে সমালোচনা তীব্ৰতৰ কৰিছে। তথাপি এনে সমালোচনা বিভিন্ন ৰাষ্ট্ৰৰ মাজত থকা ক্ষমতাৰ সম্পৰ্কৰ ফলত বৈষম্যমূলক হোৱাতো এটা সাধাৰণ কথা। আন অর্থত, ৰাষ্ট্ৰসমূহে প্রায়ে তেওঁলোকৰ প্ৰতিপক্ষ দেশসমূহত হোৱা ঘটনাক যিমান সমালোচনা কৰে নিজৰ সহযোগী ৰাষ্ট্ৰসমূহৰ ভূমিকাক সিমান নকৰে। যদি মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি সমগ্র বিশ্বৰে সমৰ্থন আদায় কৰিব লাগে, তেনেহ'লে তাক মানৱ অধিকাৰৰ প্রতি সন্মান প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰশীল এটা আন্তর্জাতিক শৃংখলা, এক উমৈহতীয়া আন্তর্জাতিক মানদণ্ডক উৰ্ধত তুলি ধৰা আন্তর্জাতিক দায়িত্বহীনতাৰ এটা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল কৰিবই লাগিব। আৰু এনে দায়িত্বাধীনতা বিভিন্ন ৰাষ্ট্ৰৰ কাৰ্যকলাপ পৰীক্ষা কৰাৰ ক্ষেত্ৰত বস্তুনিষ্ঠতা আৰু বৈষম্যমুক্ততাৰ নীতিৰ ভিত্তিত প্রতিষ্ঠিত হ'ব লাগিব।
ভিয়েনা সম্মিলন: মানৱ অধিকাৰ আৰু আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ কৰ্ত্তব্য সম্পর্কীয় এই গুৰুত্বপূৰ্ণ কথাখিনি অলপতে ভিয়েনাত, ১৯৯৩ চনৰ জুন মাহত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ বিষয়ক বিশ্ব সম্মিলন পুনৰবাৰ দোহৰা হৈছিল।
সকলো মানৱ অধিকাৰেই সাৰ্বজনীন, অবিভাজ্য, পৰস্পৰ সম্পর্কিত আৰু নিৰ্ভৰশীল। আন্তর্জাতিক মানৱ সম্প্রদায়ে মানবীয় অধিকাৰবোৰক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিৰপেক্ষ আৰু সমভাৱেৰে, সমভিত্তিত আৰু সমান গুৰুত্বৰে বিচাৰ কৰিব লাগিব, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিশেষত্বৰ তাৎপৰ্য আৰু বিভিন্ন ধৰণৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ধর্মীয় প্রেক্ষাপটৰ কথা মনত ৰখাৰ লগতে ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক বিভিন্নতা সত্ত্বেও সকলো মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ বিকাশসাধন আৰু সেইবোৰৰ সুৰক্ষাৰ ব্যৱস্থা কৰাটোও ৰাষ্ট্ৰসমূহৰ কৰ্ত্তব্য।
৫। মানৰ অধিকাৰৰ প্ৰকৃতি আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰ: মানৱ অধিকাৰ প্ৰকৃতিৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধাৰণা প্ৰকাশ কৰি অহা হৈছে। ১৮শতিকাৰ মানৱ অধিকাৰক প্ৰাকৃতিক আৰু সহজাত অধিকাৰ বুলি কোৱা হৈছিল। এই অধিকাৰসমূহ মানুহে প্রকৃতিকভাবে পাইছে যেতিয়া আনৰ ওপৰত নিৰ্ভৰশীল বুলি ভৱা হোৱা নাছিল। কিন্তু ক্রমান্বয়ে এই ধাৰণা পৰিৱৰ্তন হ'বলৈ ধৰিলে।
মানৱ অধিকাৰৰ প্ৰকৃতিৰ বিষয়ে দুটা দৃষ্টিভংগী আছে-
(১) দার্শনিক বা তাত্ত্বিক অধ্যয়ন পদ্ধতি (Philosoplical or Theoretical Approach) আৰু
(২) ব্যৱহাৰিক অধ্যয়ন পদ্ধতি (Pragmatic Approach)
দার্শনিক অধ্যয়ন পদ্ধতিৰ আকৌ কিছুমান তত্ত্ব আছে। সেইবোৰ হ'ল- (১) প্রাকৃতিক অধিকাৰ তত্ত্ব, (২) ঐতিহাসিক অধিকাৰ তত্ত্ব, (৩) আইনগত তত্ত্ব, (৪) অধিকাৰৰ সামাজিক কল্যাণ অধিকাৰ তত্ত্ব আৰু (৫) আদর্শবাদী তত্ত্ব।
(১) প্রাকৃতিক অধিকাৰ তত্ত্বঃ এই তত্ত্ব অনুসৰি মানৱ অধিকাৰ বিলাক সহজাত আৰু প্রকৃতিগত। সমাজ গঠন হোৱাৰ পূৰ্বেই এই অধিকাৰবিলাক মানুহে উপভোগ কৰিছিল। এই অধিকাৰবিলাক সমাজে প্রদান কৰা নাছিল। এই অধিকাৰবিলাক স্বতন্ত্র, ই কাৰোৰ ওপৰত নিৰ্ভৰশীল নহয়। ব্যক্তি নিজে এই অধিকাৰৰ মালিক। সেইকাৰণে এই অধিকাৰ হস্তান্তৰ কৰিব নোৱাৰি। এই অধিকাৰবিলাক সকলোৰে বাবে সমান।
(২) ঐতিহাসিক অধিকাৰ তত্ত্বঃ এই তত্ত্ব মতে অধিকাৰ ইতিহাসৰ সৃষ্টি। ইতিহাসৰ প্ৰাৰম্ভিক পৰ্যায়ত মানুহে এই অধিকাৰৰ অনুভৱ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত মানুহে অসম্পূর্ণ জ্ঞান আৰু সীমিত বিচাৰধাৰাৰে পৰিচালিত হৈ মানৱ অধিকাৰৰ ন্যায্যতা বুজি পাইছিল। ঐতিহাসিক বিৱৰ্তনৰ ফলত মানুহে মানি চলা অধিকাৰবিলাক ৰাষ্ট্ৰই মানি চলিবলগীয়া হয়। এইদৰে অধিকাৰে স্বীকৃতি লাভকৰিলে। কিন্তু দাসত্ব প্রথাক স্বাভাৱিক বুলি ধৰি লোৱা ঐতিহাসিক ব্যৱস্থাটোক মানি ল'ব নোৱাৰি। সাধাৰণতে ইতিহাসত অধিকাৰৰ ওপৰত যিমান গুৰুত্ব দিয়া হৈছিল সমতাৰ ওপৰত সিমান গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। ফৰাচী বিপ্লৱৰ পাছৰ পৰাহে সাম্য মৈত্রী আৰু স্বাধীনতাৰ ধ্বনি শক্তিশালী হৈছিল।
(৩) আইনগত তত্ত্বঃ বেন্থাম, হবচ আদি দার্শনিক সকলে অধিকাৰক আইনৰ লগতহে জড়িত কৰে। তেওঁলোকৰ মতে অধিকাৰবিলাক আইনৰহে সৃষ্টি। ৰাষ্ট্ৰই স্বীকৃতি নিদিলে বা কাৰ্যকৰী নকৰিলে কোনো অধিকাৰে স্বীকৃত নাপায় আৰু অধিকাৰ সুৰক্ষা কৰিবও নোৱাৰি। সেইকাৰণে অধিকাৰবিলাক প্রাকৃতিক হ'ব নোৱাৰে।
(৪) অধিকাৰৰ সামাজিক কল্যাণ অধিকাৰ তত্ত্ব: এই তত্ত্ব অনুসৰি অধিকাৰক সামাজিক উপযোগিতা দিশৰ পৰা বিচাৰ কৰিব লাগে। যিবোৰ অধিকাৰে সমাজৰ সৰহ সংখ্যক লোকৰ কল্যাণ সাধন কৰে তেনে অধিকাৰহে গ্রহণযোগ্য। সকলো অধিকাৰ সামাজিক দায়বদ্ধতাৰ লগত জড়িত। অধিকাৰে সৰ্বাধিক লোকৰ বাবে সৰ্বাধিক কল্যাণ সাধন কৰিব পাৰিব লাগিব। কেবল ব্যক্তিৰ অধিকাৰক অগ্ৰাধিকাৰ দিলে সামাজিক কল্যাণ বাধাগ্রস্ত হ'ব পাৰে। গতিকে অধিকাৰৰ প্ৰকৃতি সামাজিক কল্যাণৰ এটা দিশ।
(৫) আদর্শবাদী তত্ত্ব: এই তত্ত্ব অনুসৰি মানৱ অধিকাৰ ব্যক্তিত্ব বিকাশৰ লগত জড়িত। জীৱন ধাৰণৰ অধিকাৰে বুজায় যে এই অধিকাৰে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। গতিকে ব্যক্তিৰ অন্তর্নিহিত গুণবিলাক বিকাশ সাধন কৰিবলৈ যিবিলাক অধিকাৰৰ প্ৰয়োজন সেই অধিকাৰবিলাকেই মানৱ অধিকাৰ। এই তত্ত্বক ব্যক্তিত্ব তত্ত্ব বোলা হয় এই কাৰণেই যে আন সকলো অধিকাৰ ব্যক্তি অধিকাৰৰ তলতীয়া।
ব্যৱহাৰিক অধ্যয়ন পদ্ধতি (Proagmatic approach): মানৱ অধিকাৰৰ ব্যৱহাৰিক দিশটো এই দৃষ্টিভংগীয়ে গুৰুত্ব দিয়ে। কেবল অধিকাৰ থাকিলেই মানুহে কেবল অধিকাৰ ভোগ কৰিবলৈ নাপাবও পাৰে। কাৰণ অধিকাৰক স্বীকৃতি দিবলৈ, ৰক্ষণাবেক্ষণ দিবলৈ একোটা অনুস্থানৰ প্ৰয়োজন হয়। মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ অধীনত আইন প্রণয়ন কৰা হৈছে। মানৱ অধিকাৰৰ প্ৰকৃতি বুজাবলৈ হ'লে আন্তর্জাতিক দলিল, আঞ্চলিক পৰ্যায়ৰ দলিল, চুক্তি, বিশেষ গোটৰ বাবে স্বাক্ষৰিত সন্ধি আদি বিশ্লেষণ কৰি চাব লাগিব। এইদৰে দলিল, চুক্তি, সন্ধি আদিৰ দ্বাৰাহে মানৱ অধিকাৰে বৰ্তমান অৱস্থাত উপনীত হৈছে। মানর অধিকাৰে আৰু নতুন অধিকাৰে ক্ষেত্ৰ সামৰি ল'ব পাৰিব লাগিব।
মানৱ অধিকাৰৰ গুৰুত্বঃ মানৱ অধিকাৰৰ গুৰুত্ব অপৰিসীম। নিষ্ঠুৰ দমননীতি, শোষণ, নিষ্পেষণৰ পৰা যুগ যুগ ধৰি পুট, উৎপীড়িত মানব জাতিয়ে মানৱ অধিকাৰৰ যোগেদি এনে শোষণ, নিষ্পেষণৰ পৰা মুক্তি পোৱাৰ পথ সুগম হ'ল। আত্মনিৰ্ধাৰণৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এচিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ মুক্তকামী জনসাধাৰণে উঠি পৰি লাগিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ প্ৰদান, সুৰক্ষাৰ বাবে, মানৱ মৰ্যাদা ৰক্ষাৰ বাবে আদর্শ গ্রহণ কৰা হ'ল।
মানৱ অধিকাৰ অবিহনে এজন ব্যক্তিয়ে মানুহ হিচাপে জীয়াই থকাৰ সম্ভৱ নহয়। মানৱ অধিকাৰক সন্মান জনাব নোৱাৰিলে স্বতন্ত্রতা অর্থহীন শব্দত পৰিণত হ'ব। কিন্তু ১৯৪৮ চনত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰত মানৱ অধিকাৰৰ গুৰুত্ব প্রকাশ কৰা হৈছে। ঘোষণাপত্ৰৰ ১নং অনুচ্ছেদত কোৱা হৈছে যে "সকলো মানুহে স্বাধীন ভাবে জন্ম লাভ কৰিছে আৰু অধিকাৰ আৰু মৰ্যদাৰ ক্ষেত্ৰত সকলো সমান।"
মানৱ অধিকাৰ ঘোষণা পত্ৰৰ ৩নং অনুচ্ছেদত কোৱা হৈছে যে ব্যক্তিৰ জীৱন ধাৰণৰ অধিকাৰ, স্বতন্ত্ৰতাৰ অধিকাৰ আৰু ব্যক্তিগত নিৰাপত্তাৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰ মৌলিক অধিকাৰ আৰু বাকী অধিকাৰসমূহ এই তিনিবিধ অধিকাৰৰ ওপৰত নিৰ্ভৰশীল।
গতিকে দেখা যায় যে মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব প্রদান কৰি মানবীয় মর্যাদা বৃদ্ধিৰ বাবে, ব্যক্তিক এটা সুন্দৰ আৰু সভ্য জীৱন যাপনৰ বাবে সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মানৱ অধিকাৰৰ গুৰুত্ব ইমান অধিক যে ই মানুহৰ সন্মান, মর্যাদা আৰু সুৰক্ষাৰ নিশ্চয়তা প্রদান কৰে। মানৱ অধিকাৰে এনে কিছুমান অৱস্থা সৃষ্টি কৰে যাৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সম্ভৱ হয় আৰু ৰাজনৈতিক, আর্থ-সামাজিক দিশত মানুহে পাৰদৰ্শিতা দেখুৱাব পাৰে। মানৱ অধিকাৰ নাথাকিলে ব্যক্তিৰ ব্যক্তিত্বই বাধা পালেহেতেন, সামাজিক-ৰাজনৈতিক আৰু আর্থিক জীৱন দুর্বিসহ হ'লহেতেন, জাতীয় জীৱনৰ অশান্তিয়ে দেখা দিলেহেঁতেন, ব্যক্তি-গোষ্ঠীৰ ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু সংঘর্ষই দেখা দিলেহেঁতেন। মানুহ আকৌ জোৰ যাৰ মুলুক তাৰ অৱস্থালৈ ঘূৰি গ'লহেতেন। মানৱ জীৱনক ঘোৰ-অন্ধকাৰৰ পৰা পোহৰলৈ অনাত মানৱ অধিকাৰৰ গু ৰুত্ব অপৰিসীম।
নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় চুক্তিপত্র ১৯৬৬, অর্থনৈতিক আৰু সামাজিক অধিকাৰ সম্পৰ্কীয় চুক্তিপত্র ১৯৬৬, শান্তি, প্রগতি আৰু আত্মনির্ধাৰণৰ অধিকাৰ আদিয়ে বিশ্বৰ জনসাধাৰণৰ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে চুক্তি, দলিল, সংবিধানিক ব্যৱস্থা, আইনগত কাঠামোৰ গঢ়ি তোলা হৈছে। এনে ব্যৱস্থাসমূহে মানৱ অধিকাৰ যে মানৱ জাতিৰ বাবে ব্যক্তিগত ভাৱেই হওক অতি গুৰুত্বপূর্ণ সেই কথা প্রতীয়মান কৰে।
৬। মানৱ অধিকাৰৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ জন্মসূত্রে লাভ কৰা প্ৰাকৃতিক আৰু অবিচ্ছিন্নসমূহৰ সুৰক্ষাৰ ধাৰণাটি অতি পুৰণি যদিও বেবিলনৰ আইন ব্যৱস্থাত ইয়াৰ প্ৰথম ব্যৱহাৰ পৰিলক্ষিত হৈছিল। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰা আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পটভূমিত মানৱ অধিকাৰ ধাৰণাই প্ৰসাৰ আৰু জনপ্রিয়তা লাভ কৰে যদিও প্রাকৃতিক অধিকাৰ আৰু প্ৰাকৃতিক আইন হিচাপে ইয়াৰ ধাৰণা অতি পুৰণি। গ্রীক দার্শনিক প্লেটোৱে পোন প্ৰথমতে নৈতিক আচৰণ আৰু অধিকাৰৰ বিষয়ে উল্লেখ কৰিছিল। এৰিষ্টট'লে এনে নৈতিক অধিকাৰ প্ৰদানৰ পোষকতা কৰিছিল। ৰোমান লিখক চিচাৰোৱে মানৱ সভ্যতাৰ হকে এনেকুৱা সাৰ্বজনীন মানব অধিকাৰৰ পোষকতা কৰিছিল। যিবোৰে সমাজৰ পৰম্পৰাগত প্ৰথা আৰু পৌৰ আইনৰ বিকল্প হিচাবে ভূমিকা পালন কৰিব পাৰে।
পৰৱৰ্তী সময়ত ষ্টইক দার্শনিক সকলেও প্রাকৃতিক অধিকাৰৰ ধাৰণাৰ জনপ্ৰিয় কৰিছিল। মধ্য যুগীয় সময়ত প্রাকৃতিক আইনৰ শ্ৰেষ্ঠতাৰ প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে জৈৱিক আইনৰ ধাৰণাৰ প্ৰসাৰ হৈছিল।
১২১৫ চনৰ মেগনাকার্টাক দৰাচলতে মানৱ অধিকাৰ আন্দোলনৰ অন্যতম বাটকটীয়া বুলিব পাৰি। ইয়াক ইংৰাজসকলৰ স্বাধীনতাৰ অন্যতম চনদ বা দলিল বুলিও বহুতে ক'ব বিচাৰে।
প্রাকৃতিক আইন হিচাপে মানৱ অধিকাৰ আইনগত মৰ্যদা দিয়াৰ বাটকটীয়া আছিল থমাচ্ হচ, জন ল'ক আৰু ৰুছো। বিশেষকৈ জন ল'কে ১৮৮৯ চনৰ "Civil Government" নামৰ গ্ৰন্থত সাংবিধানিক ৰাজতন্ত্ৰৰ দৰে শাসন ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণৰ ন্যূনতম পৌৰ অধিকাৰসমূহৰ সুনিশ্চিতকৰণৰ পোষকতা কৰিছিল।
অষ্টাদশ শতিকাত প্রাকৃতিক আইনৰ ধাৰণাৰ বিৰোধীতা কৰি বিধিবদ্ধ আইন হিচাপে মানৱ অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ হকে বৌদ্ধিক জনমত গঢ় লৈ উঠিছিল।
ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱৰ পিছত অধিকাৰ বিধেয়ক প্রণয়ন কৰি নাগৰিকসকলক পৌৰ স্বাধীনতা অর্পণ কৰা হৈছিল। গৌৰৱময় বিপ্লবে প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ পথ মুকলি কৰিছিল।
১৭৭৬ চনৰ আমেৰিকাৰ ভার্জিনিয়া ঘোষণাপত্ৰত পোন প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ মৌলিক অধিকাৰৰ ধাৰণাক অন্তৰ্ভূক্ত কৰা হৈছিল।
১৭৮৯ চনৰ ২৬ আগষ্ট তাৰিখে ফ্ৰান্সৰ জাতীয় সভাই নাগৰিকৰ অধিকাৰ ঘোষণাপত্ৰখন গৃহীত কৰে। এই ঘোষণাপত্ৰত স্পষ্টভাৱে উল্লেখিত আছিল যে সকলো মানুহে মুক্তভাৱে জন্মগ্রহণ কৰে তথা স্বাধীনতা, সম্পত্তি ৰক্ষা তথা নিষ্পেষণৰ বিৰুদ্ধে অধিকাৰ লাভ কৰে।
১৯৪১ চনৰ ৰুছ ভেল্টৰ ঘোষণাপত্ৰৰ উল্লেখিত চাৰিবিধ স্বাধীনতাক আধুনিক যুগৰ মানৱ অধিকাৰসমূহৰ প্ৰথম লিপিবদ্ধ দস্তাবেজ বুলি ক'ব পাৰি।
১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে সৰ্বসন্মতিভাৱে ৰাষ্ট্ৰসংঘই গৃহীত কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ মানৱ অধিকাৰৰ প্ৰথম ঐতিহাসিক দলিল। এই ঘোষণাপত্রখনে বিশ্বৰ সকলো জনসাধাৰণৰ সহজাত অধিকাৰসমূহৰ মান্যতা দিছে তথা ইয়ে দেশসমূহৰ মাজত ঐক্যমত আৰু সংহতিৰ সৃষ্টি কৰিছে।
৭। মানৱ অধিকাৰৰ ধাৰণা আৰু অৰ্থৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: মানুহৰ অধিকাৰৰ ধাৰণাটো মানৱ সভ্যতাৰ সমানেই পুৰণি যদিও ফৰাচী বিপ্লৱৰ পাছৰ পৰাহে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। ৰাষ্ট্ৰসংঘই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখৰ পৰা মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰাৰ পাছৰে পৰা মানৱ অধিকাৰে সাৰ্বজনীনতা লাভ কৰে।
যিবোৰ অধিকাৰ অবিহনে মানুহে ভালদৰে জীয়াই থাকিব নোৱাৰে সেইবোৰ অধিকাৰকে সাধাৰণতে মানৱ অধিকাৰ বুলি অভিহিত কৰা হয়। যিবোৰ অধিকাৰ দেশৰ প্রত্যেকজন ব্যক্তিয়ে জাতি-বর্ণ-ধর্ম-ভাষা-জন্মস্থান-ভৌগোলিক পৰিসীমা, ৰাজনৈতিক শাসন ব্যবস্থা নির্বিশেষে কেবল মানুহে ভোগ কৰিব পাৰে। অধিকাৰ প্ৰতিজন ব্যক্তিয়েই জন্মসূত্রে লাভ কৰে আৰু কোনেও এই অধিকাৰৰ পৰা তেওঁক বঞ্চিত কৰিব নোৱাৰে। মানুহ হিচাপে সকলোৰে এই অধিকাৰ উপভোগ কৰিব পাৰে। মানৱ অধিকাৰ হ'ল মানুহক মৰ্যদা সহকাৰে জীয়াই থকাত সহায় কৰাৰ অধিকাৰ। মানৱ অধিকাৰৰ জৰিয়তে ব্যক্তিয়ে তেওঁলোকৰ নৈতিক চিন্তাধাৰা শক্তিশালী কৰি আধ্যাত্মিক গুণাগুণসমূহৰ পূৰ্ণ বিকাশত সহায়ক হ'ব পাৰে। মানৱ অধিকাৰৰ পৰিসৰ যথেষ্ট বহল আৰু বিভিন্ন ধৰণৰ অধিকাৰ ইয়াৰ ভিতৰত নিহিত হৈ আছে। এই মানৱ অধিকাৰসমূহৰ অধিকাংশই বাষ্ট্রীয় আৰু আন্তঃর্জাতিক স্তৰত বৈধ অধিকাৰৰ স্বীকৃতি লাভ কৰিছে। বৰ্ত্তমান দেশৰ সংবিধান, ৰাষ্ট্ৰী আইন, আর্ন্তজাতিক আইন, ন্যায়িক সিদ্ধান্ত আদিত মানৱ অধিকাৰসমূহে যথেষ্ট গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। বর্তমান ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত পদ্ধতিগত পদক্ষেপ গ্রহণ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কোনো ব্যক্তি, অনুষ্ঠান বা ৰাষ্ট্ৰয়ো কোনো ব্যক্তিৰে জন্মগত ভাৱে আহৰণ কৰা এই ক্ষমতাসমূহ বা অধিকাৰসমূহ খর্ব কৰিব নোৱাৰে। বিশ্বৰ বহু দেশে মানৱ অধিকাৰৰ গুৰুত্ব তথা মহত্ব অনুভৱ কৰি মানৱ অধিকাৰক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰিছে।
মানৱ অধিকাৰ ধাৰণাটোৰ বিকাশৰ ক্ষেত্ৰত অষ্টাদশ শতিকাৰ শেষৰ কালছোৱাত পশ্চিমৰ কিছুমান দেশত মূৰদাঙি উঠা বৈপ্লবিক আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্বৈৰাচাৰী আৰু মইমতীয়া ৰাজনৈতিক আমোলাবোৰক ক্ষমতাচুত্য কৰাৰ লক্ষ্যৰে এই আন্দোলন গঢ়ি তোলা হৈছিল। কোনেও কেতিয়াও কাঢ়ি নিব নোৱাৰা অধিকাৰবোৰকেই তেওঁলোকে আন্দোলনৰ মাজেৰে দাবি কৰাটো মূল উদ্দেশ্য হিচাপে গ্রহণ কৰিছিল আৰু সেই সময়ত সমগ্র বিশ্বতে বিভিন্ন বৈপ্লবিক আন্দোলনবোৰৰ অনুপ্ৰেৰণাৰ থল হৈ পৰিছিল এই অধিকাৰবোৰ।
সকলো মানুহেই সমান মর্যদা আৰু সমান অধিকাৰ লৈ জন্মগ্রহণ কৰে। কেৱল তেওঁলোকৰ মানৱীয়তাৰ খাতিৰতেই এই অধিকাৰসমূহ প্ৰতিজন ব্যক্তিৰ বাবে অপৰিহাৰ্য তথা জন্মগত নৈতিক হক। স্পষ্ট আৰু সহজে বোধগম্য হোৱাকৈ সূত্রবদ্ধ কৰা হোৱা এই হকবোৰকেই আমি আজি মানৱ অধিকাৰ বুলি কওঁ যাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় সমাজতে আইন নির্ধাৰণকাৰী প্ৰক্ৰিয়াবোৰৰ দ্বাৰা ন্যায়িক অধিকাৰৰূপে গঢ় দিয়া হৈছে। তেওঁলোকৰ সন্মতিয়েই হ'ল এই ন্যায়িক অধিকাৰ সমূহৰ আধাৰ।
ৰাজনৈতিক আৰু সামাজিকভারে সচেতন তথা শিক্ষিত ব্যক্তি মাত্রেই মানৱ অধিকাৰ সম্পর্কে এটা ধাৰণা থাকে। প্রত্যেক ব্যক্তিয়েই জীয়াই থকাৰ অধিকাৰ দাবী কৰে, কাৰণ তেওঁ মানুহ হিচাবে জন্ম গ্রহণ কৰিছে যেতিয়া, মানুহ হিচাবে জীয়াই থাকিবলৈ পাবই লাগিব। কিন্তু মানুহে সমাজ পাতি বাস কৰিবলৈ শিকাৰ আগলৈকে বা 'মানব সভ্যতা' (Human civilization) গঢ়ি উঠাৰ আগলৈকে এই ধাৰণাৰ ব্যাখ্যা এতিয়াৰ দৰে আছিল বুলি ক'ব পৰা নাযায়। কাৰণ আদিম মানুহৰ মাজত নিজকে প্রতিষ্ঠা কৰাৰ বাবে পৰস্পৰ যুদ্ধ-বিগ্রহ, কটা-মৰা আদিবোৰে ইয়াকে সূচায় যে এচামে জীয়াই থাকিবৰ বাবে আন এচামক জীয়াই থাকিবলৈ দিয়া নাছিল। তেনে অবস্থা এতিয়াও নাই বুলি ক'ব নোৱাৰি আৰু আছে কাৰণেই সভ্য জগতৰ মানুহে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে অহৰহ প্রচেষ্টা চলাই আহিছে। সেই কাৰণেই মানৱ অধিকাৰ সম্পৰ্কত চিন্তা কৰা চিন্তাবিদ সকলে ব্যক্ত কৰিছে যে মানৱ সভ্যতা যিমান পুৰণি মানৱ অধিকাৰৰ ধাৰণাও সিমানেই পুৰণি (The concept of Human rights is as ancient as human civilizations.)
মানুহ হিচাপে জন্ম গ্রহণ কৰা প্ৰতিজন ব্যক্তিয়েই মানুহৰ মৰ্যদা আৰু মানুহৰ হিচাপে জীয়াই থকাৰ অধিকাৰ পাব লাগে। জাতি, ধর্ম, বর্ণ, লিঙ্গ আদি সকলো ধৰণৰ বৈশিষ্ট্য নির্বিশেষে মানুহ মাত্রেই কিছুমান অধিকাৰ পাব লাগে বুলি মানুহৰ মাজত যিটো ধাৰণা আছে সেয়েই মানৱ অধিকাৰৰ ধাৰণা। বর্তমান সময়ত মানৱ অধিকাৰৰ ধাৰণা কেৱল দেশৰ মাজতে বর্তি থকা নাই, এই ধাৰণা এটা সাৰ্বজনীন ধাৰণালৈ (Universal concept) পর্যবসিত হৈছে।
৮। Human Rights Councilৰ ভূমিকা, গঠন, কাৰ্য আৰু সমালোচনা আলোচনা কৰা।
উত্তৰ: মানৱ অধিকাৰ ৰক্ষা হৈছে জাতিসংঘৰ মুখ্য লক্ষ্য। ২০০৬ চনত Human Rights Council (HRC) গঠন কৰা হয়, আগৰ Commission on Human Rights ৰ পৰিবৰ্তে। ই UN ৰ এটা প্রধান অঙ্গ।
গঠন:
গঠন বর্ষ: ২০০৬
সদস্যঃ ৪৭ খন দেশ
কাৰ্যকাল: ৩ বছৰ
কার্যালয়: জেনেভা, Switzerland
অধীনতা: UN General Assembly
মূল কার্য:
(১) Universal Periodic Review (UPR): প্রতিটো সদস্য দেশৰ মানৱ অধিকাৰ পৰিস্থিতিৰ নিয়মিত পর্যালোচনা।
(২) বিশেষ ৰেপোৰ্টাৰ ব্যৱস্থা: নির্দিষ্ট ক্ষেত্র (যেনে- লিংগ বৈষম্য, মতপ্রকাশ, শিক্ষা) পর্যবেক্ষণৰ বাবে বিশেষ নিযুক্ত ব্যক্তি।
(৩) বিশেষ অধিবেশনঃ সংকটকালীন দেশসমূহত (যেনে- যুদ্ধ, গণহত্যা) তৎকালীন অধিবেশন।
(৪) মানৱ অধিকাৰ শিক্ষা আৰু প্ৰচাৰঃ বিশ্বজুৰি সচেতনতা বৃদ্ধি আৰু মানদণ্ড স্থাপন।
সফলতা:
(ক) বিশ্বজুৰি মানৱ অধিকাৰ পৰিস্থিতি পৰ্যবেক্ষণৰ এক প্রাতিষ্ঠানিক পদ্ধতি সৃষ্টি।
(খ) UPR প্রক্রিয়াই দেশসমূহক উত্তৰদায়ী কৰিছে।
(গ) বহু ক্ষেত্রত দমন, গণহত্যা আদি বিষয় উত্থাপন।
সমালোচনাঃ
(ক) সদস্য দেশবোৰৰ মাজত মানৱ অধিকাৰ লংঘনকাৰী ৰাষ্ট্ৰও অন্তর্ভুক্ত হয়।
(খ) ৰাজনৈতিক পক্ষপাতিত্বৰ অভিযোগ।
(গ) HRC ৰ সিদ্ধান্ত বহু সময়ত অবাধ্য আৰু অপ্রয়োগযোগ্য।
Human Rights Council হৈছে বিশ্বমানৱ অধিকাৰৰ প্ৰহৰী। যদিও ইয়াৰ সীমাবদ্ধতা আছে, তথাপিও ই মানৱ গৰিমা ৰক্ষাৰ এক সৰ্বাধিক প্রভাবশালী আন্তর্জাতিক সংস্থা।
৯। সার্বজনীন মানৱ অধিকাৰসমূহৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ এই ঘোষণাৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ'ল-
(১) এই ঘোষণাই বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে বিকাশৰ বাবে প্রয়োজনীয় অধিকাৰ সমূহৰ উল্লেখ কৰিছে।
(২) এই ঘোষণা মানি চলাটো সদস্য ৰাষ্ট্ৰসমূহৰ বাবে বাধ্যতামূলক কৰা হোৱা নাই যদিও প্রত্যেকখন ৰাষ্ট্ৰই জনসাধাৰণৰ মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত ল'ব গা ব্যৱস্থাৰ গুৰি ধৰিছে।
(৩) ৰাষ্ট্ৰীয় আইনৰ ক্ষেত্রত এই ঘোষণাই উল্লেখযোগ্য বিকাশৰ ভূমিকা গ্ৰহণ কৰিছে।
(৪) এই ঘোষণা আইনৰ কেৱল উৎসই নহয়, ই আইনৰ শক্তি ৰূপেও পৰিগণিত হৈছে।
(৫) সার্বজনীন মানৱ অধিকাৰৰ ঘোষণাৰ দৰে অন্য কোনো আন্তঃৰাষ্ট্ৰীয় ঘোষণাই সমাদৰ লাভ কৰা নাই।
(৬) আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত এই ঘোষণাই গুৰুত্বপূৰ্ণ উদ্দেশ্য সাধনত সহায় কৰিছে।
(৭) কিছুমান নতুনকৈ সংগঠিত হোৱা ৰাষ্ট্ৰৰ সংবিধান প্রণয়ন আৰু আঞ্চলিক সংহতি সাধনৰ ক্ষেত্ৰত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাই ইতিবাচক প্রভাৱ বিস্তাৰ কৰিব পাৰিছে।
১০। মানৱ অধিকাৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা।
উত্তৰ: মানৱ অধিকাৰৰ কিছুমান বৈশিষ্ট্য আছে। সেইসমূহ তলত আলোচনা কৰা হ'ল
(ক) সার্বজনীন (Universal): মানৱ অধিকাৰ মানুহৰ সামগ্রিক অধিকাৰ, মৰ্যাদা, পোৱা-নোপোৱাৰ অনুভৱৰ নায্যতা দিয়া এক ধাৰণা। ই বৈষম্যবিহীনভাবে সকলোকে সামৰি লৈ সমান অধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে। সমাজৰ সকলো লোকেই সমান অধিকাৰ ভোগ কৰাৰ লগতে সমান স্বাধীনতাও বৈধ। সেয়েহে মানৱ অধিকাৰৰ উৎকৃষ্ট তথা সর্বজনগ্রাহ্য ৰূপটোৱেই হ'ল সার্বজনীনতা। ই সকলোৰে বাবে উপভোগ্য আৰু আইনৰ দিশৰপৰা স্বতন্ত্র।
(খ) অহস্তান্তৰযোগ্য (Inalienable): মানৱ অধিকাৰ হ'ল আইনৰ দ্বাৰা সুৰক্ষিত এক অহস্তান্তৰযোগ্য অধিকাৰ। মানৱ অধিকাৰৰ সমৰূপতা আছে কিন্তু এজনৰ অধিকাৰ আন এজনলৈ হস্তান্তৰ কৰা নাযায়। বাহ্যিক দৃষ্টিত সমৰূপতাই অধিকাৰসমূহৰ সাৰ্বজনীনতাহে বুজায়, হস্তান্তৰযোগ্যতা নুবুজায়।
(গ) জন্মগত (Inherent): মানৱ জীৱনৰ দৰে প্ৰাকৃতিক অধিকাৰসমূহো প্রকৃতি প্রদত্ত। প্রত্যেক ব্যক্তিয়ে পৃথিৱীত জন্মগ্রহণ কৰাৰ দিন ধৰি মানুহৰ অধিকাৰসমূহ ভোগ কৰিবলৈ পায়। জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলো মানুহে বৈষম্যহীনভাবে মানৱ অধিকাৰসমূহো ভোগ কৰিবলৈ পায়। সামাজিকেই হওক বা সাংস্কৃতিক, ৰাজনৈতিকতাই হওক, লিঙ্গ ভিত্তিতেই হওক বা বর্ণ-সম্প্রদায় ভিত্তিতেই হওক বৈষম্য সৃষ্টি কৰি কাকো প্রকৃত মানৱ অধিকাৰ ভোগৰপৰা বঞ্চিত কৰিব নোৱাৰিব। সৰু-বৰ সকলোৱেই দ্বিধাহীনভাবে মানৱ অধিকাৰসমূহ ভোগ কৰিবলৈ পাব লাগিব। মানৱ অধিকাৰে ব্যক্তিৰ মৰ্যাদা নিশ্চিত কৰে।
(ঘ) স্থায়িত্ব (Permanence): মানৱ জাতিৰ ইতিহাস অতি প্রাচীন। অধিকাৰৰ কথা জনা হোৱাৰপৰা মানুহে সেইসমূহ ৰক্ষা আৰু উপভোগৰ পাৰ্যমানে চেষ্টা কৰে। অৱশ্যে মানুহৰ অধিকাৰসমূহ স্থান-কাল-পাত্র ভেদে নিশ্চিত হোৱা দৰকাৰ। ই যিহেতু সাময়িকভাৱে ভোগ কৰা বস্তু নহয়। গতিকে ইয়াৰ স্থায়িত্ব আন এটা বৈশিষ্ট্য। মানৱ অধিকাৰসমূহ কোনেও বঞ্চিত নোহোৱাকৈ স্থায়ীভাবে ভোগ কৰা হ'ব লাগে।
(ঙ) মৌলিকতা (Fundamentality): মৌলিকতা মানৱ অধিকাৰৰ আন এটা বৈশিষ্ট্য। মৌলিক নীতি হিচাপে মানৱ অধিকাৰে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় আইনৰ কাৰ্যকাৰিতা নিৰূপণ কৰে। ৰাজ্যৰ নাগৰিকসকলে প্ৰকৃততে অধিকাৰসমূহ ভোগ কৰিবলৈ পাইছে নে নাই বা কাৰোবাৰ দ্বাৰা মানৱ অধিকাৰসমূহ লংঘন কৰা হৈছে নেকি এই সকলোবিলাক নিৰ্ভৰ কৰিছে ইয়াৰ মৌলিকতাৰ ওপৰত।
মানৱ অধিকাৰে ব্যক্তিৰ সমমর্যাদা, সমঅধিকাৰ নিশ্চিত কৰে। অৱশ্যে অবাধ স্বাধীনতাৰ দ্বাৰা ব্যক্তিৰ অধিকাৰ অতিৰঞ্জিত হোৱাৰ লগে লগে ইয়াৰ মৌলিকতা গুণ লোপ পোৱাৰ অৱকাশ থাকে।
(চ) আন্তর্জাতিকতা (Internationality): ১৯৪৮ চনৰ ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰৰ যোগেদিয়েই মানৱ অধিকাৰে আন্তর্জাতিক স্বীকৃতি লাভ কৰে। ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰৰ বিষয়টো অন্তর্ভুক্ত কৰাৰ লগে লগেই আন্তর্জাতিক সম্প্ৰদায়ৰ বাবে মানৱ অধিকাৰ ৰক্ষা কৰাটো বাধ্যতামূলক হৈ পৰে। 'ইণ্টাৰনেচনেল কমিটী অব্ দ্য ৰেডক্ৰছ'ৰ জন্মদাতা জ্যাঁ হেনৰী ডুনাণ্টৰ নিৰলস প্রচেষ্টাত ১৮৪৪-ৰ পৰা ১৯৪৯ চনৰ ভিতৰত জেনেভা সম্মিলনে এটা কাৰ্যকৰী ৰূপ পৰিগ্ৰহণ কৰে। সম্মিলনে মানৱ অধিকাৰ সম্পৰ্কীয় আইন, যেনে- আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন বা সশস্ত্র সংঘৰ্ষৰ আইন বা যুদ্ধৰ আইন আদি মানৱ অধিকাৰৰ সুৰক্ষামূলক আইন প্রস্তুতৰ বাট প্রশস্ত কৰিলে। অন্যহাতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে মানৱ অধিকাৰ লংঘন নকৰিবলৈ অংগীকাৰবদ্ধ হোৱা বাবে প্রয়োজনীয় সময়ত বিফল হ'লে ৰাষ্ট্ৰসংঘই কৈফিয়ৎ তলব কৰিব পাৰে। মুঠৰ ওপৰত মানৱ অধিকাৰ ৰাষ্ট্ৰৰ সীমান্ত অতিক্ৰম কৰি আন্তর্জাতিক সম্প্ৰদায়ৰ সমূহীয়া আদর্শ হৈ পৰিছে।
(ছ) স্বয়ংসম্পূর্ণতা (Absolutness): মানৱ অধিকাৰ সাৰ্বজনীনভাবে গ্রহণযোগ্য স্বীকৃত অধিকাৰ। মানুহৰ ব্যক্তিগত তথা সামাজিক অধিকাৰসমূহ ৰক্ষাৰ সময়ত দায়বদ্ধতাৰে আনৰ অধিকাৰৰ প্ৰতি সচেতন হোৱাটো প্রয়োজন। ৰাষ্ট্ৰই ব্যক্তিৰ অধিকাৰ খৰ্ব কৰিব পৰা আইনসমূহৰ প্ৰতি নেতিবাচক দৃষ্টিভঙ্গীৰে বাধা প্রদান কৰা দৰকাৰ। ব্যক্তিৰ মৰ্যাদাপূর্ণ অধিকাৰ সদায় একক আৰু স্বয়ংসম্পূর্ণ। অন্যহাতে আপেক্ষিকতাবাদী অধ্যয়ন পদ্ধতিৰ আর্হিত মানৱ অধিকাৰসমূহ তাত্ত্বিক আৰ্হি (Model) কিছুমানৰ ওপৰত নিৰ্ভৰশীল, যিবিলাকে মানৱ অধিকাৰৰ স্বকীয়তা বজাই ৰখাত সহায় কৰিছে। এনেবিলাক আৰ্হি মানৱ অধিকাৰৰ বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত
সেইবিলাক হ'ল- (১) পৰম্পৰাগত ৰাজনৈতিক আর্হি; (২) বিশ্বজনীন আর্হি; (৩) আন্তঃৰাষ্ট্ৰীয় আৰ্হি।