অধ্যায়-১
অন্তৰ্ভিত্তিকৰণ আৰু প্ৰশাসনীয় ঔপনিৱেশিক নীতি
১। ইতিহাসৰ পাতনিত উত্তৰ-পূব ভাৰতক কি নামেৰে জনা গৈছিল?
উত্তৰঃ ইতিহাসৰ পাতনিত উত্তৰ-পূব ভাৰতক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল।
২। উত্তৰ-পূব ভাৰতৰ জনজাতিসকলৰ পাহাৰ এলেকাত বাস কৰাসকলে প্রধানকৈ কি প্ৰথাৰে খেতি কৰে।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ জনজাতিসকলৰ পাহাৰ এলেকাত বাস কৰাসকলে প্রধানকৈ ঝুম খেতি কৰে।
৩। খাম্তি শব্দৰ অৰ্থ কি?
উত্তৰঃ খাম্তি শব্দৰ অৰ্থ হৈছে 'সোণেৰে পূৰ্ণ এক ভূ-খণ্ড'।
৫। উত্তৰ-পূবৰ মাতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ আৰ্হিত চলা কেইটামান জনজাতীয় সমাজৰ নাম উল্লেখ কৰা।
উত্তৰঃ মাতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ আৰ্হিত চলা জনজাতীয় সমাজসমূহ হৈছে-লালুং, খাচী, জয়ন্তীয়া আৰু গাৰো।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ দুটা বৈশিষ্ট্য হ'ল—
(ক) দেশৰ ৪ শতাংশ জনসংখ্যা উত্তৰ-পূব ভাৰতত বসবাস কৰে।
(খ) কেৱল ২২ কিল মিটাৰৰ প্ৰস্থত এটা ঠেক অঞ্চলৰ যোগেদি এই অঞ্চলটো দেশৰ লগত জড়িত।
চমু প্রশ্নোত্তৰ
১৪। ফুলগুৰি বিদ্ৰোহৰ ফলস্বৰূপ অসমৰ সমাজতকি প্ৰভাৱ পৰিছিল?
উত্তৰঃ ফুলগুৰি বিদ্ৰোহ অসমত ব্রিটিছৰ বিৰুদ্ধে এক নতুন যুগৰ সূচনা কৰিছিল। কৃষকসকলৰ এই আন্দোলনে অসমৰ সমাজত এক বৃহৎ সামাজিক পৰিৱৰ্তন আৰম্ভকৰিছিল। বিদ্ৰোহৰ সময়ত কৃষকসকলৰ একতা আৰু সংগঠনৰ প্রভাৱ পৰিসৰ আৰু অন্যান্য শ্ৰেণীৰ পৰা ব্ৰিটিছৰ বিপক্ষে জনমত গঠন কৰিছিল। ইয়াৰ পৰিণতি হিচাপে ব্রিটিছৰ দমন-পীড়ন আৰু শোষণৰ প্ৰতিবাদে অসমৰ সৰ্বসাধাৰণ লোকক ব্ৰিটিছৰ বিৰুদ্ধে। সচেতন কৰিলে। বিশেষকৈ, মধ্যবিত্ত শ্ৰেণী আৰু অভিজাত সমাজৰ পৰা ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে এক দৃঢ় মনোভাব সৃষ্টি হৈছিল। ব্ৰিটিছৰ শাসন তলত কৃষকসকলৰ আন্দোলন এক নতুন ইতিহাস ৰচনা কৰিছিল, যাৰ ফলত অসমৰ ইতিহাসত কৃষকসকলৰ এই ভূমিকা অমৰ হৈ থাকিব।
উত্তৰঃ খাচী ৰাজ্যত সৰ্বমুঠ ২৫খন সৰু সৰু খাচী ৰাজ্য আছিল। এই ৰাজ্যবোৰৰ মুখিয়ালসকলক চিয়েম, লিংডো, চৰ্দাৰ, ওহাদাৰ আদি নামেৰে জনা যায়। উল্লেখযোগ্য যে খাচী ৰাজ্যৰ শাসন কার্যত 'খাচী দৰবাৰ'ৰ বিশেষ ভূমিকা আছিল।
উত্তৰঃ স্বাধীনতাৰ পাছত উত্তৰ-পূব ভাৰতৰ কিছুমান জনজাতি সম্প্ৰদায়ৰ দাবীৰ আধাৰত অসমৰ পুনঃগঠন প্রক্ৰিয়া আৰম্ভ হৈছিল যদিও সম্প্রদায়বিলাকৰ আটাইবোৰ দাবী কেন্দ্ৰীয় চৰকাৰে মানি লোৱা নাছিল, তথাপিও যিবোৰ পাহাৰীয়া এলেকাৰ জনজাতি সম্প্রদায়ে এনে দাবী জনোৱা নাছিল তেওঁলোকৰ বাবে একেধৰণৰ নতুন নীতি প্ৰৱৰ্তন কৰা হৈছিল। এই নীতিৰ আধাৰত নর্থ-ইষ্টার্ন ফ্ৰ'ন্টিয়াৰ এজেন্সী (NEFA) গঠন কৰা হৈছিল। এই অঞ্চলৰ শাসনকার্য ১৯৭২ চনলৈকে অসমৰ ৰাজ্যপালৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিজেই চলাইছিল। পাছত এই অঞ্চলটোক অৰুণাচল প্রদেশ নাম দি এখন নতুন ৰাজ্যৰ মৰ্যাদা প্রদান কৰা হৈছিল।
উত্তৰঃ জনজাতীয় ৰাজনীতি উত্তৰ-পূব ভাৰতৰ সাধাৰণ ৰাজনীতিৰ এক অংশ। এই ৰাজনীতিয়ে সাম্প্রতিক সময়ত উত্তৰ-পূবৰ সমাজ জীৱনত বিভিন্ন দিশত প্রভাৱ পেলাইছে।
উত্তৰঃ ১৮৫৪ চনৰ ভাৰত শাসন আইনৰ অধীনত আৰু ১৮৭৪ চনৰ ৬ ফেব্ৰুৱাৰীৰ ঘোষণা অনুসৰি ব্রিটিছ-অসমক, মুখ্য আয়ুক্ত (Chief Commissioner) এজনৰ শাসনাধীন কৰা হয়। এই ঘোষণা অনুসৰি অসমৰ চাৰিসীমাৰ অন্তৰ্গত তলত উল্লেখ কৰা জিলা আৰু অঞ্চলসমূহ অন্তর্ভুক্ত কৰা হয়—
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দৰ ১৭ ছেপ্টেম্বৰত, নগাঁও জিলাৰ ফুলগুৰিত কৃষকসকলৰ এক বৃহৎ সমাবেশ সংগঠিত হৈছিল। এই সমাবেশৰ অন্তৰালত মূলত আফু খেতিত নিষেধাজ্ঞা আৰু তামোল-পাণত কৰ আৰোপ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ আছিল। ব্ৰিটিছ চৰকাৰে কৃষকসকলৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ চেষ্টা কৰিছিল, আৰু কৃষকসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে আপত্তি তুলিছিল। কৃষকসকলৰ ক্ষোভ তীব্র হৈছিল আৰু তেওঁলোকে এই কৰ প্ৰথাৰ বিৰুদ্ধে এক সংগঠিত আন্দোলন আৰম্ভ কৰিছিল। প্রথমত, কৃষকসকল উপায়ুক্তৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু ব্ৰিটিছ চৰকাৰে নির্দেশনা অবজ্ঞা কৰিছিল। একেবাৰেই অবিহিত কৰি ব্ৰিটিছৰ দমননীতিৰে, কৃষকসকলক আৰু উত্তেজিত কৰা হৈছিল। এই ক্ষেত্রত পূর্বতকৈ বেছি সমবেত হৈ মঞ্চত বহা কৃষকসকলে ব্রিটিছ শাসনৰ বিৰুদ্ধে সজাগ হৈছিল।
উত্তৰঃ ১৮২৬ খ্ৰীঃৰ ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমখন ব্ৰিটিছৰ হাতলৈ যায়। অসমত মানসকলৰ সৈতে যুদ্ধ ঘোষণা কৰোঁতে ব্ৰিটিছে অসমৰ ৰাইজক আশ্বাস দিছিল যে তেওঁলোকে ৰাজ্য জয়ৰ অভিপ্ৰায়েৰে অসমত প্ৰৱেশ কৰা নাই। তেওঁলোকে মানসকলক বিতাৰিত কৰি শান্তি প্রতিষ্ঠা কৰি এক সুস্থিৰ চৰকাৰ গঠন হ'লেই তেওঁলোকে অসম এৰি গুচি যাব। কিন্তু ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছে সেই আশ্বাস পাহৰি পেলাইছিল কিয়নো তেওঁলোকে এইটো স্পষ্ট কৰি কোৱা নাছিল যে মানক অসমৰ পৰা খেদি পুনৰ আহোম ৰাজতন্ত্ৰৰ হাতত অসমৰ শাসনভাৰ গতাই দিব। ইতিমধ্যে ১৭৯৪ চনতে ব্ৰিটিছে অসমৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আদি অনুষ্ঠানৰ বিষয়ে বহুতো তথ্যপাতি সংগ্ৰহ কৰি ৰাখিছিল।
অসমৰ হাবিত থকা চাহগছৰ বিষয়ে জনাত ইংৰাজসকলৰ অসমৰ প্ৰতি লোভ বৃদ্ধি হৈছিল। মানক খেদি অসমক ব্রিটিছৰ নিয়ন্ত্রণাধীনলৈ অনাৰ পিছত ব্ৰিটিছে নামনি অসমখন নিজৰ হাতত ৰাখে আৰু উজনি অসমখন এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ গতাই দিয়াৰ সিদ্ধান্ত লৈছিল এনে সিদ্ধান্ত অনুযায়ী ১৮৩৩ চনত কোম্পানীৰ চৰকাৰে ৰৰ্বাটচনৰ জৰিয়তে আহোম ৰাজকোঁৱৰ পুৰন্দৰ সিংহৰ সৈতে এক চুক্তি কৰি বছৰি ৫০ হাজাৰ টকা কৰ দিবলৈ লোৱাৰ বিনিময়ত পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পাতিছিল তেওঁৰ ৰাজধানী আছিল যোৰহাট। কিন্তু সময়মতে নিৰ্ধাৰিত কৰ দিব নোৱাৰাৰ অজুহাতত ১৮৩৮ চনত পুৰন্দৰ সিংহক আঁতৰাই উজনি অসমো ব্রিটিছে নিজ দখললৈ আনে।
(ক)
ফুলগুৰি ধাৰা
উত্তৰঃ ইংৰাজৰ অৰ্থনৈতিক দুর্নীতিৰ বিৰুদ্ধে ১৮৬১ খ্রীঃত বর্তমান নগাঁও চহৰৰ পৰা ১২১ কি.মি. অন্তৰৰ ফুলগুৰি অঞ্চলত কৃষক বিদ্ৰোহৰ সূচনা হয়। ১৮৬০ খ্রীঃত চৰকাৰে আফু খেতিৰ প্ৰচলন বন্ধ কৰে। এই খেতিৰ অধিক প্রচলন আছিল নগাঁও অঞ্চলত। ফলত বিশেষকৈ নগাঁৱৰ খেতিয়কসকলৰ অশেষ ক্ষতি সাধন হয়। তদুপৰি তামোল-পাণৰ ওপৰত কৰ বহুওৱাৰ প্ৰস্তুতি চলোৱাত লালুং সম্প্ৰদায়ৰ ক্ষোভ বাঢ়িল। এই সকলো সমস্যাৰ সমাধানকল্পে প্রায় ১৫০০ কৃষকে ১৮৬১ খ্রী.ৰ অক্টোবৰ মাহত নগাঁৱৰ ডেপুটি কমিচনাৰ হার্বার্ট স্কন্সৰ ওচৰত এক আবেদন দাখিল কৰে কিন্তু কমিচনাৰে এই সন্দৰ্ভত কোনো সঁহাৰি নজনোৱা দেখি ফুলগুৰিত ৰাইজে মেল পাতি প্রায় পাঁচ দিন ধৰি চৰকাৰী নীতিৰ প্ৰতিবাদ জনায়। এনেদৰে ক্ৰমান্বয়ে পৰিস্থিতি বৰ জটিল হৈ আহে আৰু শেষত কৃষক আৰু চৰকাৰী পুলিচৰ মাজত সংঘৰ্ষ হয়। এই ঘটনাত বিদ্রোহীসকলে ইংৰাজ কমিচনাৰ লেফটেনেন্ট জি.বি. চিঙ্গাৰক হত্যা কৰে। বিদ্রোহীসকলৰ এনে কাৰ্যত চৰকাৰ ক্ষুণ্ণ হয় আৰু কৃষকসকলৰ ওপৰত নানাধৰণৰ অত্যাচাৰ কৰে। চৰকাৰী অত্যাচাৰৰ ফলত কমেও ৫৪ জন কৃষকৰ মৃত্যু হয়। আনহাতে চিঙ্গাৰৰ হত্যাৰ লগত জড়িত ৯ জন লোকৰ ৬ জনক দ্বীপান্তৰিত আৰু ২ জনক ১৪ বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ লগতে বাকী ১ জনক সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।
(খ) পথৰুঘাটৰ ৰণ
উত্তৰঃ উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্রোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয়, খাজনা সংগ্রহতো বাধা প্রদান কৰি আহিছিল, বৰ্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ খবৰ পাই জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্রা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।
পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোতে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচ-মিলিটাৰী, প্রশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।
১। উত্তৰ-পূব ভাৰতৰ জনজাতিসকলৰ নৃগোষ্ঠীয় ভিন্নতাৰ বিষয়ে
আলোচনা কৰা।
উত্তৰঃ প্রাচীন অসম তথা বৰ্তমানৰ উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰা ভিন ভিন ঠালসমূহৰ বিষয়ে নৃতত্ত্ববিদসকলে তলত দিয়া ধৰণে উল্লেখ কৰিছে —
(ক) কিছুমান বগা জনজাতি নেগ্রিটো ঠালৰ বুলি জে পি মিলচ্ আৰু জে এইচ্ হুটন আদি নৃতত্ত্ববিদে অনুমান কৰে। উত্তৰ-পূবৰ কিছুমান জনজাতিৰ ক্ষেত্ৰতো এনে অনুমান কৰা হয়। কিন্তু বৰ্তমানৰ নৃতত্ত্ববিদসকল এইক্ষেত্রত একমত নহয়।
(খ) দ্বিতীয়তে অসমত তথা উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰব্ৰজন কৰা এটি অতি পুৰণি ঠাল হ'ল অষ্ট্ৰিকসকল। বৰ্তমানৰ খাচী আৰু চিনটেৎসকলক এনে গোষ্ঠীৰ বুলি কোৱা হয়।
(গ) তৃতীয়তে উত্তৰ-পূব ফালেদি মংগোলীয় ঠালৰ লোক উত্তৰ-পূৰ্বাঞ্চলত তথা অসমত প্রৱেশ কৰে। এওঁলোক অষ্ট্ৰিক লোকসকলৰ পিছত অসমলৈ প্রব্রজন কৰা বুলি কোৱা হয়। অসমৰ অধিকাংশ জনজাতীয় লোকৰ মাজত এই উপাদানটো দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষৰ পুৰাণ, মহাকাব্য আদিত এনে লোকসকলক 'কিৰাত' বুলি অভিহিত কৰা হৈছিল।
(ঘ) মংগোলীয়সকলৰ পিছত অসমলৈ ককেচাচসকল আহে। এওঁলোক ভাৰতবৰ্ষৰ মূল ভূমিৰ পৰা অসমত প্ৰৱেশ কৰা বুলি কোৱা হয়। উচ্চ বৰ্ণৰ হিন্দু আৰু অসমীয়া মুছলমানসকলৰ মাজত ককেচাচসকলৰ উপাদান থকা বুলি নৃতত্ত্ববিদসকলে দাবী কৰে।
(ঙ) আলপাইনসকল ভাৰতবৰ্ষৰ মূল ভূমিৰ পৰা ককেচাচসকল অসমলৈ অহাৰ সময়তে অসমলৈ প্রব্রজন কৰা বুলি কোৱা হয়।
(চ) অসমলৈ একেবাৰে শেষত প্ৰব্ৰজন কৰা লোকসকল ইন্দো-আর্য ঠালৰ বুলি নৃতত্ত্ববিদসকলে চিহ্নিত কৰিছে। এনে লোকসকল উত্তৰ বিহাৰৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা বুলি নৃতত্ত্ববিদসকলে কয়। ভাস্কৰ বৰ্মনৰ নিধানপৰদানফলিত দুইশ ব্রাহ্মহ্মণ লোকৰ নাম অন্তর্ভুক্ত থকা ঘটনাই এনে লোকসকলৰ প্ৰব্ৰজনৰ ব্যাপকতাক নিশ্চিত কৰে।
২। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ভূ-প্রাকৃতিকভাৱে উত্তৰ-পূৰ্বাঞ্চলক তিনিটা ভাগত ভগোৱা হৈছে। সেই ভাগকেইটা হৈছে মেঘালয় মালভূমি, উত্তৰ-পূবৰ পাৰ্বত্য আৰু অৱবাহিকা অঞ্চল আৰু ব্রহ্মপুত্র উপত্যকা। অঞ্চলটোৰ মুঠ মাটিকালিৰ ৬৫ শতাংশ অঞ্চল উত্তৰ-পূবৰ পাৰ্বত্য আৰু অৱবাহিকা অঞ্চলে অধিকাৰ কৰি আছে। আনহাতে, ব্রহ্মপুত্র উপত্যকা আৰু মেঘালয় মালভূমিয়ে ক্রমে ২২ শতাংশ আৰু ১৩ শতাংশ মাটিকালি আৱৰি আছে।
অৰুণাচল প্রদেশ (Arunachal Pradesh): অৰুণাচল প্ৰদেশ ৰাজ্যখন শাৰী শাৰী পাহাৰেৰে পৰিবেষ্টিত। এটা পাহাৰৰ শাৰী অন্ত হ'লে আন এটা শাৰী আৰম্ভ হয়। পাহাৰৰ শাৰীসমূহৰ মাজে মাজে বহল আৰু ঠেক উপত্যকাও দৃশ্যমান হয়। এনেধৰণৰ পাহাৰৰ শাৰী আৰু উপত্যকাসমূহে প্রদেশখনৰ উপৰিভাগ প্ৰায় ভিন্নধৰণৰ কৰি তুলিছে। তদুপৰি বিভিন্নধৰণৰ নদ-নদীয়ে প্রদেশখনক বিভিন্ন ভূ-প্রাকৃতিক ভাগত ভাগ কৰি পেলাইছে।
অসম (Assam): অসম ৰাজ্যখন কপাহাৰ আৰু ভৈয়াম- এই দুটা ভূ-প্রাকৃতিক ভাগত ভাগ কৰিব পাৰি। পাহাৰ অঞ্চলে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক ভাগ কৰিছে। ব্রহ্মপুত্র উপত্যকা ব্রহ্মপুত্র নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। ৫৬,০০০ বর্গমাইল অঞ্চল ব্রহ্মপুত্র উপত্যকাই সামৰি লৈছে আৰু এই উপত্যকা অঞ্চলত বাৰিষা প্ৰায়েই বানপানী হয়। বৰাক উপত্যকা ৭,০০০ বর্গমাইল অঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বৰাক উপত্যকাত পাহাৰীয়া অঞ্চল হিচাপে বৰাইল আৰু মেঘালয় পাহাৰ আছে।
মণিপুৰ (Manipur): উত্তৰৰ টুৱেনচাং পাহাৰৰ পৰা এলানি পাহাৰ আৰু উপত্যকা সামৰি মণিপুৰ ৰাজ্য গঠিত হৈছে। ৰাজ্যখনৰ পূবসীমা ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু পশ্চিমফালে অসমৰ কাছাৰ জিলা চুই গৈছে। বৰাক মণিপুৰ পাহাৰৰ সবাতোকৈ ডাঙৰ নদী।
মেঘালয় (Meghalaya): ভূ-প্রাকৃতিকভাৱে মেঘালয়ত দুখন পাহাৰ আছে। খাচী আৰু জয়ন্তীয়া পাহাৰ আৰু আনখন হ'ল গাৰো পাহাৰ। গাৰো পাহাৰ ৮০০ কিল মিটাৰৰ দৈৰ্ঘ্যৰ আৰু এই পাহাৰ অঞ্চল দক্ষিণ পশ্চিমমুৱাকৈ আছে। তুৰা আৰু চিমাচাং উপত্যকা এই অঞ্চলৰ দুটা বিশেষ ভূ-প্রাকৃতিক গাঁথনি। মেঘালয়ৰ পূব আৰু কেন্দ্রীয় ভাগ ১৪,৩৭৫ কিল মিটাৰ এলেকা লৈ গঠিত।
মিজোৰাম (Mizoram): উত্তৰ-পৰ্বাঞ্চলৰ দক্ষিণ দিশত মিজোৰাম ৰাজ্য অবস্থিত। উত্তৰ-দক্ষিণাকৈ গঢ়ি উঠা এলানি পাহাৰেৰে মিজোৰাম গঠন হৈছে। মিজোৰামৰ সীমাত ম্যানমাৰৰ লগত এক দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে।
নগাৰাজ্য (Nagaland): ৰাজ্যখনক পূব দিশত নগা পাহাৰে আৱৰি আছে। তেজু হ'ল একমাত্র নদী, যি নদীয়ে নগাপাহাৰ ৰাজ্যৰ মাজেদি বৈ গৈ ম্যানমাৰৰ চেন্দুইন নদীত পৰিছেগৈ। পশ্চিমফালে কহিমা পাহাৰে ভূ-প্রাকৃতিক গঠন কৰিছে।
ত্ৰিপুৰা (Tripura): ত্ৰিপুৰা ৰাজ্যখন প্রায় বাংলাদেশে আৱৰি আছে। ৰাজ্যখনৰ বেছিভাগ অঞ্চলেই পাহাৰ। গতিকে যোগাযোগ ৰাজ্যখনৰ এক ডাঙৰ সমস্যা। ত্ৰিপুৰা ৰাজ্যত চাৰিটা উপত্যকা আছে আৰু গোমতি ইয়াৰ দীঘল নদী।
৩। উত্তৰ-পূব ভাৰতৰ জনজাতিসকলৰ মাজত পিতৃতান্ত্রিক আৰু
মাতৃতান্ত্রিক বাসস্থানৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ বিভিন্ন স্থান আৰু পাৰিপার্শ্বিক অৱস্থাত বাস কৰিবলৈ লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্নমুখী মংগোলীয় গোটসমূহে কালক্ৰমত নিজস্ব পৰিচয় আহৰণ কৰি বিভিন্ন জনজাতিৰূপে গঢ়ি উঠে। বর্তমান উত্তৰ-পূব ভাৰতত বৃহৎ সংখ্যক জনজাতিয়ে বাস কৰে। ইয়াত প্রায় ১৪৫টা জনজাতীয় সম্প্রদায়ে বাস কৰে যিসমূহৰ ভিতৰত ৭৮টা জনজাতি হৈছে ৫০০০ ৰো অধিক লোকৰ জনসংখ্যাৰে বৃহৎ গোট। এনে বৃহৎ জনজাতিসমূহ হৈছে ভাৰতৰ মুঠ জনসংখ্যাৰ ১২ শতাংশ আৰু উত্তৰ-পূব ভাৰতৰ মুঠ জনসংখ্যাৰ ২৫.৮১ শতাংশ। এই বৃহৎ জনজাতিসমূহৰ উদাহৰণ হৈছে- বড়ো, খাচী, গাৰো, মিজো, কাৰ্বি আৰু মিচিং।
মিচিংসকলঃ উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা জনজাতিসকলৰ এক বৃহৎ অংশ হৈছে মিচিংসকল। পূর্বতে মিৰি বুলি জনাজাত মিচিংসকল হৈছে উত্তৰ-পূব ভাৰতৰ প্রাচীন জনজাতিসকলৰ অন্যতম। বর্তমান তেওঁলোক অসমৰ ভৈয়ামত বসবাস কৰা জনজাতি আৰু তেওঁলোকে বাস কৰা জিলাসমূহ হৈছে লখিমপুৰ, ধেমাজি, ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু শোণিতপুৰ। মিচিং পৰিয়াল পৰিচালনা আৰু বৰ্তাই ৰখাৰ দায়িত্ব এজন 'মিল বং' (পুৰুষ) ৰ। সন্তানক প্রতিপালন কৰা আৰু খোৱাই-বোৱাই তোলাৰ ক্ষেত্ৰত স্বামীয়ে পত্নীক সহযোগিতা কৰে। পত্নীয়েও আনুগত্যৰে স্বামীক সেৱা আগবঢ়ায়। মিচিং পৰিয়ালত কন্যা সন্তানতকৈ পুত্র সন্তানে অধিক গুৰুত্ব লাভ কৰে। সাধাৰণতে মিচিং গাঁওসমূহক বিভক্ত কৰে কৃষিপথাৰ, জংঘল, নদী আৰু উপনৈ আদিয়ে। মিচিং সামাজিক ব্যৱস্থাৰ এক অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে সহযোগিতামূলক সমবায় সংস্থা যেনে- ৰিগ ব', দাগলেক আদি। মিচিং সমাজ মহিলাই গণতান্ত্রিক অধিকাৰ উপভোগ কৰে। 'কেবাং' হৈছে মিচিংসকলৰ প্ৰধান ৰাজনৈতিক আৰু সামাজিক মঞ্চ। 'কেবাঙ'ৰ প্ৰধানজনক গাম বুলি কোৱা হয়। পুৰুষ সহযোগীতকৈ মিচিং মহিলাসকলে দৈনন্দিন জীৱনত অধিক কাম কৰে।
কাৰ্বিসকলঃ অসমৰ কাৰ্বি আংলং জিলাৰ প্ৰধান জনজাতি হৈছে কার্বিসকল। তেওঁলোকক মিকিৰ বুলিও জনা যায়। কার্বি সমাজত অবিবাহিতসকলৰ আশ্রয়গৃহক পূৰ্বতে জনা গৈছিল তেৰাং আহেম, তেৰাং হাংবাৰ, ফাৰলা বুলি, কিন্তু সময়ত এই গৃহ জনপ্রিয় হ'ল জিৰকেদাম নামেৰেহে। জিৰকেদাম মূলতঃ পুৰুষসকলৰ বাবে নিৰ্মাণ কৰা গৃহ যদিও বর্তমান মহিলাসকলেও ইয়াৰ অংশ হ'ব পাৰে কিন্তু তেওঁলোকে কোনোধৰণৰ বিষয়বাবৰ দায়িত্ব লাভ নকৰে। কার্বি সমাজত এক বিবাহ প্ৰথাৰ প্ৰচলন আছে যদিও বহুবিবাহত বাধা নাই। কিন্তু বহুবিবাহৰ নিদৰ্শন বহু কম। দূৰ সম্বন্ধীয় লোকৰ মাজত বিবাহক গুৰুত্ব দিয়া হয়। আন জনজাতীয় সমাজৰ দৰে কাৰ্বি সমাজত কন্যা মূল্যৰ প্ৰথা নাই। বিয়াৰ পিছতো পত্নীয়ে নিজৰ পিতৃৰ উপাধি ব্যৱহাৰ কৰে। কিন্তু সন্তানসমূহে পিতৃৰ উপাধি গ্ৰহণ কৰে। গতিকে দেখা যায় যে কাৰ্বিসকলৰ পৰিয়াল ব্যৱস্থা পিতৃতান্ত্রিক।
বড়ো-কছাৰীসকলঃ অসমৰ জনজাতিসকলৰ ভিতৰত এক বৃহৎ অংশ দখল কৰি আছে বড়ো-কছাৰীসকলে। এওঁলোকৰ প্ৰধান বসতিস্থল হৈছে কোকৰাঝাৰ, দৰং, গোৱালপাৰা আৰু কামৰূপ জিলা। অসমৰ আটাইতকৈ বৃহৎ জনজাতি হৈছে বড়ো-কছাৰীসকল।
বিবাহৰ ক্ষেত্ৰত অন্তঃ বিবাহ প্রথা মানি চলা হয়। জীবনসংগী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি, হৰণ কৰি বিবাহ, অনধিকাৰ প্ৰৱেশ আৰু চুক্তিৰ ভিত্তি বিবাহ প্রথা মানি চলা হয়। এজন পত্নীহাৰা ব্যক্তিয়ে প্রয়াত পত্নীৰ কনিষ্ঠ ভগ্নীক বিয়া কৰাব পাৰে কিন্তু জ্যেষ্ঠ ভগ্নীক বিয়া কৰাব নোৱাৰে। বিধৱা বিবাহৰ ক্ষেত্ৰতো একে ধৰণৰ নীতি মানি চলা হয় আৰু বিধৱা বিবাহক মুক্ত মনেৰে গ্ৰহণ কৰা হয়। কিন্তু এই ক্ষেত্রত এটা ধৰা-বন্ধা নিয়ম আছে যে এগৰাকী বিধৱা মহিলাই নিজৰ প্ৰয়াত স্বামীৰ কনিষ্ঠ ভাতৃৰ সৈতেহে বিবাহপাশত আবদ্ধ হ'ব পাৰে জ্যেষ্ঠ ভাতৃৰ সৈতে বিবাহত বহিব নোৱাৰে। কন্যা মূল্য টকা আৰু সম্পদ দুই ধৰণেৰে আদায় দিয়া হয়। বিবাহৰ পিছত ঠিকনা পিতৃতান্ত্রিক।
খাচীসকলঃ খাচীসকল হৈছে জনজাতীয় লোক, যিসকলৰ গৰিষ্ঠসংখ্যক সদস্য বাস কৰে উত্তৰ-পূব ভাৰতৰ মেঘালয়ত। অসমৰ অতি সামান্য অংশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো কেতবোৰ স্থানত খাচীসকলে বাস কৰে। খাচী সমাজ হৈছে মাতৃপ্রধান আৰু মাতৃতান্ত্রিক। মাকৰ মাধ্যমত বংশই বিস্তৃতি লাভ কৰে। সন্তানসকলে মাতৃৰ উপাধি গ্রহণ কৰে। মামাকে খাচী পৰিয়ালসমূহত সাধাৰণতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে আৰু ঘৰুৱা পৰিচালনাত পিতৃৰ ভূমিকা অতি গুৰুত্বপূর্ণ। খাচী পৰম্পৰা অনুসৰি পৰিয়ালৰ কনিষ্ঠ কন্যাগৰাকী (খাদুহ) ঘৰৰ অতি গুৰুত্বপূৰ্ণ সদস্য আৰু সম্পত্তিৰ বৃহৎ অংশ তেওঁ দখল কৰে যিহেতু পিতৃ-মাতৃক মূল চোৱা-চিতা কৰাৰ দায়িত্বও তেওঁৰে। অৱশ্যে মাতৃপ্রধান হ'লেও খাচী সমাজক পূর্ণ অর্থত মাতৃতান্ত্রিক বুলি আখ্যা দিব পৰা নাযায়। কাৰণ গোত্ৰ আৰু পৰিয়ালত মহিলাসকল প্রভাৱশালী হ'লেও পৰম্পৰাগত ৰাজনৈতিক সংস্থাসমূহ পুৰুষৰ বাবেহে সংৰক্ষিত।
গাৰোসকলঃ মেঘালয়ৰ খাচীসকলৰ পিছতে গাৰোসকল হৈছে দ্বিতীয় সর্ববৃহৎ জনজাতি। গাৰোসকল সিঁচৰতি হৈ আছে মেঘালয়ৰ তিনিখন গাৰো পাহাৰ জিলা, বাংলাদেশৰ মৈমনসিং আৰু অসমৰ কামৰূপ, গোৱালপাৰা আৰু কাৰ্বি আংলং জিলাত। তেওঁলোকৰ কিছুসংখ্যকে ত্ৰিপুৰা আৰু নাগালেগুতো বাস কৰে। গাৰো সমাজ হৈছে সম্পূৰ্ণৰূপত জাত-পাত ৰহিত সমাজ। এই সমাজ হৈছে মাতৃপ্রধান আৰু মাতৃৰ মাধ্যমতহে সম্পত্তি আহৰণ কৰা হয়। জন্মৰ লগে লগে নিজৰ মাতৃৰ 'মা চত্ত'ৰ অধীনস্থ হয়। গাৰোসকলৰ মাজত সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰথা সাধাৰণতে মাতৃৰ সম্পৰ্কৰ ভিত্তিত হয় আৰু পুৰুষসকলে সম্পত্তি লাভ নকৰিলেও সম্পত্তি কাক প্রদান কৰা হ'ব সেইক্ষেত্ৰত মত প্রকাশ কৰাৰ গুৰুত্বপূর্ণ ভূমিকা লাভ কৰে। সম্পত্তিৰ উত্তৰাধিকাৰী গৰাকী সাধাৰণতে পৰিয়ালৰ কনিষ্ঠ কন্যা অথবা নকনা গৰাকী হয়। নকনাগৰাকীৰ বিবাহৰ পূৰ্বে সংগী নিৰ্বাচনৰ ব্যৱস্থা আছে, পিতৃয়ে নিজৰ বংশৰ পৰা নকনাগৰাকীৰ বাবে স্বামী নিৰ্বাচনৰ ব্যৱস্থা কৰে আৰু এইক্ষেত্ৰত নিজৰ ভগ্নীৰ পুত্ৰক অগ্রাধিকাৰ দিয়া হয় উত্তৰাধিকাৰী গৰাকীৰ স্বামীৰ ৰূপত। নকনাগৰাকী প্রায়ে অবিবাহিতা হৈ ৰয়। নকনাৰ স্বামীক নকৰম বুলি কোৱা হয়।
আপাটানীসকলঃ পৰম্পৰাগতভাৱে আপাটানীসকলৰ সাতখন বৃহৎ গাঁও আছে। আপাটানীসকলৰ বসতি আৰু জীৱিকা নিৰ্বাহৰ পদ্ধতি স্থায়ী প্রকৃতিৰ। আপাটানী সমাজত পুৰুষৰ স্থান মহিলাতকৈ উচ্চ। কিন্তু কার্যত কর্মক্ষেত্ৰ, ঘৰ আৰু পৰিয়ালৰ ক্ষেত্ৰত উভয়ে নিজৰ দায়িত্ব সমানে পালন কৰে। এটা ঘৰত পৰিয়ালৰ আয় অভ্যন্তৰীণভাৱে এগৰাকী মহিলাই নিয়ন্ত্ৰণ কৰে। আপাটানী সমাজত এক বিবাহ প্রথাৰ প্ৰচলন আছে যদিও এজন পুৰুষে একাধিক পত্নী গ্ৰহণ কৰিব পাৰে যদিহে তেওঁৰ কোনো পুত্র সন্তান নাথাকে, পত্নী বন্ধ্যা হয় অথবা একাধিক পত্নীক আশ্রয় আৰু খাদ্য প্ৰদান কৰিব পৰাকৈ উপযুক্ত ধৰণে সক্ষম হয় অথবা প্ৰথমা পত্নীৰ সন্মতিত আন পত্নীক গ্রহণ কৰিব পাৰে। মহিলাৰ বহুবিবাহ প্ৰথাৰ প্ৰচলন নাই। দূৰ সম্বন্ধীয় আত্মীয়ৰ মাজত বিবাহ নিষিদ্ধ। আপাটানীসকলে নিজৰ জ্যেষ্ঠ ভাতৃৰ পত্নীক দ্বিতীয় মাতৃৰূপে গ্ৰহণ কৰে আৰু কনিষ্ঠ ভাতৃৰ পত্নীক নিজৰ ভগ্নী জ্ঞান কৰে। আপাটানীসকলৰ বিবাহৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই।
খামতিসকলঃ অসমৰ খামতিসকলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ এলেকা আৰু ডিব্ৰুগড় জিলাত বাস কৰে। খামতি সমাজ হৈছে পিতৃতান্ত্রিক আৰু পিতৃপ্রধান। সমাজত পুৰুষতকৈ মহিলাৰ স্থান নিম্ন।
নগাসকলঃ মংগোলীয় প্রজাতিৰ খিলঞ্জীয়া লোক নগাসকলৰ প্রধান বসতিস্থান হৈছে নাগালেণ্ডৰ পাহাৰীয়া এলেকাৰ লগতে সীমান্তবর্তী অৰুণাচল প্রদেশ, অসম আৰু মণিপুৰ। নগাসকলৰ মাজত একবিবাহ আৰু গোত্র বহিঃবিবাহ প্রথাৰ প্ৰচলন আছে। বিবাহৰ ক্ষেত্ৰত নীতিসমূহ কঠোৰভাৱে পালন কৰা হয়। বিবাহ প্রথাত গা-ৰে খাটি দিয়া প্ৰথাৰ প্রচলন আছিল য'ত এজন যুৱকে বিবাহৰ পূৰ্বে ভাবী কন্যাৰ ঘৰত সেৱা আগবঢ়াবলগীয়া হৈছিল। একক পৰিয়াল ব্যৱস্থাৰ প্ৰচলন আছিল। জ্যেষ্ঠ পুত্ৰসকলে বিবাহৰ পিছত স্বাধীন ঘৰ প্ৰতিষ্ঠা কৰিছিল। কনিষ্ঠ পুত্ৰসকলে অভিভাৱকৰ সৈতে থাকি সম্পত্তিৰ এক বৃহৎ অংশ দখল কৰিছিল। লগতে তেওঁলোকে এক কঠোৰ পিতৃতান্ত্রিক ব্যৱস্থা অনুসৰণ কৰিছিল।
৪। অসমত ব্ৰিটিছ শাসনৰ পাতনি মেলাত ডেভিড স্কটৰ ভূমিকা সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ হাতলৈ যায়। কোম্পানীৰ চৰকাৰে ডেভিড স্কটক অসমলৈ পঠিয়ায়। তেওঁ ১৮১৪ চনত পোনপ্ৰথমবাৰৰ বাবে অসমৰ ৰাজনৈতিক ঘটনাৱলীৰ সৈতে জড়িত হৈ পৰে। ১৮২২ চনৰ নৱেম্বৰত তেওঁক উত্তৰ-পূব সীমান্তৰ বাবে গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধিৰূপে নিযুক্তি দিয়া হৈছিল। ডেভিড স্কট উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ উপদেষ্টা থকা বাবে অসমত প্রশাসনিক কাম-কাজত তেওঁৰ কিছু বিশেষ ক্ষমতা আছিল।
ডেভিড স্কটে উজনি অসমত আহোম ৰজা এজনক সিংহাসনত দিয়াৰ পক্ষপাতী আছিল আৰু নামনি অসমক ব্ৰিটিছৰ হাতত ৰখাৰ পাৰমৰ্শ দিছিল। সাধাৰণ দুই-এটা বিষয়ত কিছু সাল-সলনি কৰাৰ পাছত তেওঁ উজনি অসমত আহোম আমোলৰ খেল প্রথা তথা পাইক ব্যৱস্থাক অব্যাহত ৰাখিছিল। ৰাজহ সম্পৰ্কীয় সকলো দায়িত্ব আহোমৰ এজন উচ্চপদস্থ বিষয়া জনার্দন বৰবৰুৱাৰ ওপৰত অর্পণ কৰিছিল। ১৮২৯-৩০ চনত কেপ্তেইন নিউউভিলে তহচিলদাৰী ব্যবস্থা প্ৰৱৰ্তন কৰে আৰু ফলত খাজনা সংগ্ৰহৰ পৰিমাণ ভালেখিনি বৃদ্ধি পাইছিল। জনার্দন বৰবৰুৱাৰ হাতত উজনি অসমৰ দেৱানী মোকদমা বিচাৰৰ দায়িত্বও অর্পণ কৰা হৈছিল।
নামনি অসমত ভূমি বন্দৱস্তিৰ কাম আৰম্ভ কৰিছিল ১৮২৪-২৫ চনতেই। কামৰূপত মোগলৰ আমোলত প্ৰৱৰ্তিত গৰগনা ব্যবস্থাকে ব্ৰিটিছে অব্যাহত ৰাখি চৌধুৰীসকলৰ সৈতে খাজনা সংগ্ৰহৰ বন্দৱক্তি সম্পন্ন কৰিছিল। ৰাজহ সংগ্ৰহৰ কামত চৌধুৰীসকলক সহায় কৰিছিল পাটোৱাৰী আৰু ঠাকুৰীয়া নামে নিম্নখাপৰ ৰাজহ কৰ্মচাৰীয়ে। ১৮২৪-২৫ চনত নগাঁও আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিছিল যথাক্রমে আৰাধন ৰায় আৰু সতা পানীফুকনৰ ওপৰত, দৰঙৰ ৰজা বিজয় নাৰায়ণৰ সৈতে ডেভিড স্কটে কৰা বন্দৱস্তি মর্মে তেওঁ ইংৰাজক সম্মতি প্রকাশ কৰিছিল। কিন্তু ১৮২৭-২৮ চনত ভালেমান খাজনা দিবলৈ বাকী থকাত চৰকাৰে তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰে।
নগাঁও, ৰহা আৰু দৰঙৰ মৰিয়া, সোণোৱাল আৰু মাছমৰীয়া আদিয়ে বৃত্তিমুখী কৰ দিব লাগিছিল। আহোম আৰু মানসকলৰ দিনত আব্যাহত ৰখা হাট, ঘাট আৰু বিলৰ ওপৰত খাজনা কোম্পানীৰ চৰকাৰেও অব্যাহত ৰাখি আদায় কৰিছিল।
গৱৰ্ণৰ জেনেৰেল উপদেষ্টা ডেভিড স্কটে চৰকাৰৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যৰে অসমত লাখেৰাজ অৰ্থাৎ নিৰকৰ ভূমি সম্পত্তিৰ ওপৰতো খাজনা বহুৱাইছিল। কোম্পানীৰ চৰকাৰে ডিমৰুৱা বেলতলা, ন-দুৱৰা আৰু ৰাণীৰ ৰজাৰ সৈতে চুক্তি কৰি সেই ৰাজ্যৰ পৰাও কৰ আদায় কৰিছিল। ৰজাসকলে যি কৰ দিছিল তাৰ কোনো নির্দিষ্ট পৰিমাণ নাছিল। নামনি অসমত দেৱানী আৰু ফৌজদাৰী বিচৰা ব্যৱস্থা ছিনিয়ৰ কমিছনাৰ অৰ্থাৎ ডেভিড স্কটৰ হাতত ন্যস্ত আছিল। কিন্তু তেওঁ তিনিটা পৃথক আদালত গঠন কৰি ৰাজখোৱা, বৰফুকন, কৰতলীয়া ৰজা, চৌধুৰীৰ হাতত ন্যস্ত কৰিছিল, তেওঁলোকক দৰমহাৰ পৰিৱৰ্তে চৰকাৰে পাইকৰ যোগান ধৰিছিল।
ডেভিড স্কটে প্ৰৱৰ্তন কৰা কোম্পানীৰ শাসনৰ পৰা অসমৰ জনসাধাৰণ অধিক ক্ষতিগ্রস্ত হৈছিল। মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটলে ৰাজহ বিষয়াসকলক অতিষ্ঠ কৰাত অনেক লোকে নিজৰ ঘৰ-বাৰী ত্যাগ কৰি বংগদেশত আৰু ভূটানত আশ্রয় লৈছিলগৈ। ১৮৩১ চনৰ ২০ আগষ্টত ডেভিড স্কটৰ চেৰাপুঞ্জীত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ লগে লগে অসমত ব্ৰিটিছ শাসনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰে।
৫। ফুলগুৰি ধেৱাৰ ইতিহাস, পৰিণতি আৰু
অসমত প্ৰভাৱ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ফুলগুৰি বিদ্ৰোহ ১৮৬১ খ্রীষ্টাব্দত সংঘটিত এক উল্লেখযোগ্য কৃষক বিদ্রোহ আছিল। এই বিদ্রোহ অসমৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰিছে, কাৰণ এই আন্দোলনেই অসমত ব্রিটিছ শাসনৰ বিৰুদ্ধে প্রথম বৃহৎ জনগণৰ প্ৰতিবাদৰ ৰূপ লৈছিল। ফুলগুৰি বিদ্ৰোহৰ পটভূমি, কাৰণ আৰু পৰিণতিৰ বিশ্লেষণ কৰোতে, আমাৰ বুজিব পৰা যায় যে এই বিদ্রোহে অসম সমাজত এক বৃহৎ পৰিৱৰ্তন ঘটাৰ সূচনা কৰিছিল।
ফুলগুৰি বিদ্ৰোহৰ পটভূমিত প্রধানকৈ কৃষকসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ শোষণমূলক নীতি আছিল। ১৮৬১ খ্ৰীষ্টাব্দৰ ১৭ ছেপ্টেম্বৰত, কৃষকসকলে নগাঁও জিলাৰ ফুলগুৰিত এক বৃহৎ সমাবেশত অংশ গ্রহণ কৰিছিল। কৃষকসকলৰ এই সমাবেশৰ মূল উদ্দেশ্য আছিল আফুখেতিত নিষেধাজ্ঞা আৰু তামোল-পাণত কৰ আৰোপ কৰা ব্ৰিটিছৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ জনোৱা। কৃষকসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে একত্রিত হৈ ব্রিটিছ শাসনৰ দমননীতিৰ আগত প্ৰতিবাদৰ পথ খুলি দিছিল। ব্ৰিটিছ চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সামৰিক বাহিনীৰ সহায় লৈ কৃষকসকলৰ ওপৰত আক্ৰমণ চলাইছিল। ফলস্বৰূপে, বহু কৃষক নিহত হৈছিল, আৰু বহু কৃষক আটক কৰি শাস্তি দিয়া হৈছিল।
ফুলগুৰি ধেৱাৰ পৰিণতিত এক বিপুল সংখ্যক কৃষকৰ মৃত্যু হয়। কৃষকসকলৰ সাহসিকতা, ব্ৰিটিছৰ দমনপীড়ন আৰু শোষণৰ প্রতি সজাগতা, অসমৰ অন্য সমাজৰ ভিতৰতো এক নতুন প্রজন্মৰ সজাগতা আৰু প্ৰতিবাদৰ আৱেগৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰা সৃষ্টি হোৱা জনমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক বৃহৎ শক্তি হিচাপে পৰিণত হৈছিল।
এই বিদ্ৰোহৰ পৰিণতিয়ে অসম সমাজৰ বাবে এক নতুন অধ্যায়ৰ সূচনা
কৰিছিল। কৃষকসকলৰ আন্দোলনে,
যাৰ পৰা অসমৰ সৰ্বসাধাৰণ মানুহক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সোচ্চাৰ হোৱা এক নতুন
দিশ দেখুৱাইছিল।
৬। অসমক পূর্ব পাকিস্তানৰ অন্তৰ্ভূক্ত কৰাৰ ব্ৰিটিছৰ অভিসন্ধিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ গ্রুপিং আঁচনি অনুসৰি অসমক পূর্ব আঁচনি মতে অসমক পূৰ্ব বংগৰ লগত অন্তর্ভুক্ত কৰিলে ভবিষ্যতে পূর্ব পাকিস্তানৰ অন্তর্ভুক্ত হোৱাটো নিশ্চিত আছিল। সেইবাবে বৰদলৈ চৰকাৰে ১৯৪৫ চনৰ ২২ মাৰ্চত অসমৰ চৰণীয়া পথাৰ আৰু সংৰক্ষিত বনাঞ্চল বেদখল কৰা লোকক উৎখাত কৰাৰ এখন চুক্তি বৰদলৈ, চাদুল্লা আৰু আৰ কে চৌধুৰীৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তি অনুসৰি অসমৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল। এনে সময়তে (মার্চ ১৯৪৬) পুলিচৰ গুলীচালনাত ১২ অনুপ্রবেশকাৰী নিহত হৈছিল। আঞ্চলিক মুছলিম লীগৰ সভাপতি ভাছানীয়ে এই ব্যৱস্থাৰ বিপক্ষে মানকাছাৰত কিছুমান স্বেচ্ছাসেৱকক প্রশিক্ষণ দিছিল। লীগৰ সৰ্বোচ্চ নেতা মঃ আলি জিন্নাই ব্যক্তিগতভাবে ৭এপ্রিল ১৯৪৬ত গুৱাহাটীত উপস্থিত হৈ চৰকাৰৰ নীতি পৰিৱৰ্তনৰ বাবে আহ্বান জনাইছিল। আঞ্চলিক মুছলিম লীগেও ১৯৪৭ৰ ৩ জানুৱাৰীৰ দিনটো "Black Flag Day" হিচাপে উদ্যাপন কৰিছিল। আত্মগোপনকাৰী মৌলবাদী উগ্রপন্থী কিছুমানেও তলে তলে অসম চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল। কিন্তু অসমীয়া মুছলমানসকলে এই আন্দোলনত বিশেষ সঁহাৰি জনোৱা নাছিল। মুছলিম লীগৰ কেন্দ্ৰীয় কমিটীৰ পৰাও এই আন্দোলনলৈ আর্থিক সাহায্য উপযুক্ত পৰিমাণে অহা নাছিল। অৱশেষত এই আন্দোলন ১৯৪৭ চনৰ ১১ জুনত পৰিত্যাগ কৰা হৈছিল।
তৎসত্ত্বেও মুছলিম লীগৰ নেতাসকলে অসমক পূব পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। আনকি জিন্নাই ছিলঙক তেওঁৰ গ্ৰীষ্মকালীন বসতি স্থান হিচাপে ঘোষণা কৰিছিল। ফলস্বৰূপে চিলেট, নগাঁও, গোৱালপাৰা আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাত উৎকণ্ঠাৰ সৃষ্টি হৈছিল। উগ্রবাদী লীগ সমর্থকসকলে আনকি 'লড়কে লেংগে পাকিস্তান'ৰ শ্ল'গান দিছিল।
চিলেট গণভোট (Sylhet Referendum): উপৰোক্ত মতানৈক্য আৰু মাউন্টবেটে আঁচনিৰ ফলস্বৰূপে চিলেট জিলাত এটি গণভোটৰদ্বাৰা জিলাখনৰ জনসাধাৰণৰ মতামত জানিবৰ বাবে বৰদলৈ চৰকাৰে মনস্থ কৰিছিল। ১৯০১ চনত অসমৰ চিলেট জিলাক বাদ দি অসমত মুঠ জনসংখ্যাৰ ৭% আছিল মুছলমান। কিন্তু বংগদেশৰ পৰা অহা অত্যধিক প্ৰব্ৰজনৰ বাবে এই জনসংখ্যা তিনি লাখৰ পৰা তেৰ লাখলৈ বৃদ্ধি পাইছিল। তেতিয়া চিলেট জিলাক লৈ অসমৰ মুছলিম জনসংখ্যা হৈছিল ৩৩.৭%। চিলেটক বাদ দিলে এই জনসংখ্যা হয় ২০% (১৯৪৬ চনত)। অৱশেষত ১৯৪৭ চনৰ ৬ আৰু ৭ জুলাইত চিলেট জিলাত গণভোট অনুষ্ঠিত কৰা হৈছিল। জিলাখনৰ হিন্দুসকলে অসমৰ লগত সাঙোৰ খাই থাকিব বিচাৰিছিল যাতে অঞ্চলটো পাকিস্তানৰ লগত অন্তর্ভুক্ত নহয়। মুছলিম লীগৰ সমৰ্থকসকল পাকিস্তান পন্থী আছিল। যিবিলাক মুছলমান লোক লীগৰ সমর্থক নাছিল তেওঁলোকে জমিয়ত-উল-উলেমাৰ মাধ্যমেৰে আৰু হুছেইন আহমদৰ মাদানীৰ নেতৃত্বত অসমৰ লগত থকাৰ পক্ষে মত দান কৰিছিল।
গণভোটৰ সময়ত মুছলিম লীগৰ উগ্র সমর্থক কিছুমানে ৰিগিং কৰাৰ চেষ্টা কৰাৰ লগতে কংগ্ৰেছ আৰু জমিয়তৰ সমৰ্থকসকলৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত পুলিচে গুলীচালনা কৰিব লগা হৈছিল। মৌলবী বাজাৰৰ ওচৰৰ আমতলত হোৱা গুলীয়াগুলীত এজন লোক আহত হয় আৰু দুজন নিহত হৈছিল। চিলেট টাউনখনৰ ওচৰত গুপচৰত মুছলিম লীগ আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত ১২জন লোক আহত হয় (৭ জুলাই ১৯৪৭ চন)। আন এটি ঘটনাত পলিং অফিচাৰ এজনে নিজৰ কৰ্তব্যৰ পৰা অব্যাহতি বিচাৰিছিল।
এনে ধৰণৰ অসন্তুষ্টিৰ মাজেৰে গণভোট সম্পন্ন হৈছিল আৰু ৭৭% লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ইয়াৰ ভিতৰত ৫৬.৬% অর্থাৎ ২,৩৯,৬১৯ জন ভোটাৰে পাকিস্তানৰ সপক্ষে আৰু ১,৮৪,০৪১ (৪৩%) লোকে অভগ্ন অসমৰ সপক্ষে ভোটদান কৰে। গণভোটৰ এনেধৰণৰ ফলাফল সকলোৰে কাম্য আছিল কাৰণ জিলাখনৰ ৬০% লোক আছিল ইছলামধর্মী।
এই গণভোটৰ পিছত কার্লাইল ৰেডক্লিফে অসম আৰু পূব পাকিস্তানৰ সীমা নির্ধাৰণ কৰে। এই সীমা অনুসৰি, পাথাৰকান্দি, বাটাবাৰী আৰু বদৰপুৰৰ তিনিখন থানা, কৰিমগঞ্জৰ মুঠ থানাবিলাকৰ অৰ্ধাংশ অসমৰ লগত ৰাখি চিলেটৰ বাকীখিনি অংশ পাকিস্তানৰ লগত অন্তর্ভুক্ত কৰা হয়।
দেশ বিভাজনৰ সময়ত অসমৰ গোৱালপাৰা জিলাখনক মুছলিম লীগে পূব পাকিস্তানৰ অন্তৰ্গত কৰাৰ পোষকতা কৰিছিল। বঙালী ভাষী লোকৰ সংখ্যাধিক্য থকা কাছাৰ জিলাখনকো গোপীনাথ বৰদলৈয়ে অসমৰ লগত নৰখাৰ পক্ষপাতি আছিল যদিও হিন্দু লোকৰ সংখ্যাধিক্যৰ বাবে জিলাখন অসমৰ অংশ হৈ থাকিল। এনেধৰণে স্বাধীনতাৰ প্রাক্ সন্ধানত অসমৰ পুনৰ গঠন হৈছিল। অৱশ্যে ৰাজ্যখনত এটি বৃহৎ অংশ তেতিয়াও মুছলমানধর্মী আছিল। তথাপিও হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজেৰে অসম ৰাজ্যখনে ভাৰতৰ ভিতৰত এক উচ্চ আসন লাভ কৰিবলৈ সমৰ্থ হৈছে।
৭। উত্তৰ-পূব ভাৰতৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ-পূব দিশৰ এক অনন্য বৈশিষ্ট্যসম্পন্ন আৰু দূৰবৰ্তী অসম, অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নগাৰাজ্য আৰু ত্ৰিপুৰাকে ধৰি ৭খন ৰাজ্য লগ লাগি গঠন হোৱা অঞ্চলটেৱেই হ'ল উত্তৰ-পূর্বাঞ্চল। এক উন্নত জৈৱিক আৰু সাংস্কৃতিক বৈশিষ্ট্যসম্পন্ন স্বকীয়তাৰে পৰিপূৰ্ণ; আঞ্চলিক আৰু জৈৱ-ভৌগোলিক পৰম্পৰাৰে সমৃদ্ধ; নদ-নদী, গছ-লতিকাৰে সমৃদ্ধ অঞ্চলটোৱেই হ'ল উত্তৰ-পূৰ্বাঞ্চল। এই অঞ্চলটো নৃগোষ্ঠীয় আৰু ভাষিক বৈচিত্র্যতাৰেও পৰিপূৰ্ণ এটা অঞ্চল। তদুপৰি অঞ্চলটো চাৰিখন বিদেশী ৰাষ্ট্ৰ চীন, ম্যানমাৰ, বাংলাদেশ আৰু ভূটানে আৱৰি আছে। উত্তৰ-পূব ভাৰতবৰ্ষৰ অৱস্থিতি হ'ল ২১.২৫ ডিগ্ৰী আৰু ৯৭.২৮ ডিগ্রী উত্তৰ অক্ষাংশ আৰু ৮৯.৪ ডিগ্রী আৰু ৯৭.২৫ ডিগ্রী পূব দ্রাঘিমাংশৰ মাজত ২.৫৫ লাখ বর্গ মাইল এলেকাজুৰি পৰিবেষ্টিত। এই অঞ্চলৰ ৭০ শতাংশ এলেকা পাহাৰে আগুৰা আৰু ৪৬.৮৮ শতাংশ এলেকা বনভূমিৰে আৱৰা। অঞ্চলটোৰ জনসংখ্যা ৩১.৫৪ মিলিয়ন। ১৯৯১ চনৰ লোকপিয়ল মতে, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ৭.৭ শতাংশ আৰু মুঠ জনসংখ্যাৰ ৩.৭১ শতাংশ উত্তৰ-পূৰ্বাঞ্চলৰ। উত্তৰ-পূব অঞ্চলটো স্থলভাগেৰে পৰিবেষ্টিত সাগৰৰ লগত সম্পর্ক নথকা অঞ্চল।
উত্তৰ-পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত মাত্র ৩৩ কিল মিটাৰহে সংলগ্ন হৈ আছে আৰু বাৰিষা সময়ছোৱাত বানপানীৰ ফলত মূল ভূখণ্ডৰ লগত প্ৰায়েই সংযোগবিহীন হৈ পৰে। এনেধৰণৰ ভূ-প্রাকৃতিক পৰিৱেশত অৱস্থিত অঞ্চলটো মূল ভূ-ভাগৰ পৰা দূৰবৰ্তী হোৱাৰ বাবেই বিচ্ছিন্ন প্রায় হৈ থাকে আৰু এই অঞ্চলৰ জনসাধাৰণৰ মনটোত বিচ্ছিন্ন মনোভাবে গা কৰি উঠিবলৈ সুবিধা পায়। এই অঞ্চলটোৰ ক্ষেত্ৰত জনপ্রিয় প্রবচন 'প্রাচুর্যতাৰ মাজত দৰিদ্ৰতা' সুন্দৰকৈ খাপ খাই পৰে। অঞ্চলটোক এক ক্ষুদ্ৰ ভাৰতবৰ্ষ বুলিও কোৱা হয়। সেয়া হ'লেও, ভৌগোলিকভাবে অকলশৰীয়া অঞ্চলটোৰ ক্ষেত্ৰত প্রাক-স্বাধীনতাৰ যুগত ব্রিটিছসকলে গ্রহণ কৰা অৰ্থনৈতিক নীতিৰ ফলত অঞ্চলটোৰ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ ভিতৰতেই অনগ্ৰসৰ অঞ্চল হৈ পৰে।
উত্তৰ-পূর্বাঞ্চল প্রাকৃতিক সম্পদৰে ভৰপূৰ হ'লেও অর্থনৈতিকভাৱে পিছপৰা এটা অঞ্চল। এই অঞ্চলৰ ৰাজ্যসমূহৰ প্ৰত্যেকৰে কিছু কিছু বিশেষ ধৰণৰ সামাজিক, সাংস্কৃতিক আৰু গাঁথনিগত বৈশিষ্ট্য আছে। উদাহৰণস্বৰূপে জনজাতীয় অধ্যুষিত অঞ্চল, পাহাৰীয়া অঞ্চল আৰু বানপানী অধ্যুষিত অঞ্চল আদি। ঐতিহাসিক আৰু ভৌগোলিক কাৰণত অবহেলিত মনোভাবে ক্রিয়া কবি থকাৰ বাদেও মূলসুঁতিৰ জনসাধাৰণে এই অঞ্চলৰ জনসাধাৰণৰ অভাব-অভিযোগবোৰকো কম গুৰুত্ব দিয়া বিষয়টোৱেও এই অঞ্চলৰ মানুহৰ মাজত এক বেলেগ ভাবব সৃষ্টি কৰি আহিছে। সেয়েহে এই অঞ্চলৰ ৰাজ্যবোৰৰ এক সামুহিক, সুষম, বিকাশ অতীব প্রয়োজনীয় বিষয়। অৱশ্যে সামগ্রিকভাবে বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ যাওঁতে অঞ্চলটোত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব সংস্কৃতি, নৃগোষ্ঠীয় আৰু ভাষিক বৈশিষ্ট্যসমূহ অটুট ৰখাটো প্রয়োজনীয় হ'ব।
৮। উত্তৰ-পূৰ্বাঞ্চলত পৰিলক্ষিত বিভিন্ন দিশৰ ভিন্নতাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ সমাজ ব্যবস্থাত বিভিন্ন দিশত ভিন্নতা পৰিলক্ষিত হয়। তলত তাৰে কেইটামান আলোচনা কৰা হ'ল।
ভাষিক ভিন্নতাঃ উত্তৰ-পূব ভাৰতৰ সমাজ ব্যৱস্থাত ভাষিক ভিন্নতা দেখা যায়। এই
অঞ্চলৰ পাহাৰীয়া আৰু ভৈয়াম অঞ্চলত বেলেগ বেলেগ ভাষা ব্যৱহাৰ হয়। উত্তৰ-পূবৰ
জনজাতিৰ লোকসকলে নিজৰ মাজত নিজ ভাষাতে কথা পাতিলেও প্রায়ে অসমীয়া ভাষাক দ্বিতীয়
প্রধান ভাষা হিচাপে ব্যৱহাৰ কৰে। নাগালেণ্ডত অসমীয়া ভাষা 'উমৈহতীয়া ভাষা' হিচাপে ব্যৱহাৰ
হয়। নাগালেণ্ডৰ লোকসকলে 'নাগামিছ' নামৰ এক বিশেষ
ভাষা ব্যৱহাৰ কৰে। একেদৰেই অৰুণাচলৰ জনজাতীয় লোকসকলেও তেওঁলোকৰ নিজা দোৱান বা ভাষা
ব্যৱহাৰ কৰে। অৰণাচলতো অসমীয়া এক উমৈহতীয়া ভাষা। মেঘালয়ৰ খাচী আৰু জয়ন্তীয়াসকলে
যিহেতু মংগোলীয় মানুহ, গতিকে
তেওঁলোকে অষ্ট্রিক বা প্রত্ন-অস্ট্রোলোইড ভাষা ব্যৱহাৰ কৰে। মণিপুৰ, মিজোৰাম আৰু
ত্ৰিপুৰাৰ লোকসকলেও নিজা নিজা ভাষা ব্যৱহাৰ কৰে। আনহাতে, অসম প্রকৃততে Tower of Babel, ইয়াত
শতাধিক ভাষা, উপভাষা
চলে। ড° বাণীকান্ত
কাকতিৰ মতে- 'ইয়াত
আনকি এনেকৈও ক'ব পাৰি
যে অসমীয়া ভাষাটো বিভিন্ন আর্যভিন ভাষাৰ মাজত থকা এটা সৰু দ্বীপহে। পৃথিৱীৰ
কেইবাটাও বৃহৎ ভাষা-গোষ্ঠীৰ ভাষাই ইয়াত চলে। যেনে—
(খ) চীনঃ তিব্বতীয়
(গ) টাইঃ আহোম
(ঘ)
অস্ট্রিক।
অসমত দেখা দিয়া ভাষাগত বৈষম্যৰ ভেটিতে ৰাজ্যখন কেবাবাৰো দ্বিখণ্ডিত হৈছে। এইক্ষেত্ৰত আমি ১৯৬০ আৰু ১৯৭০ৰ দশকৰ ভাষা আৰু মাধ্যম আন্দোলনৰ পৰিণামসমূহ লক্ষ্য কৰিব পাৰো। ১৯৬০ চনৰ ভাষা আন্দোলন আছিল ১৯৫০ চনৰ 'ৰাজ্যিক পুনৰ গঠন আয়োগ' নিযুক্তিৰ ফল। এই আয়োগে ব্ৰহ্মপুত্ৰ, বৰাক উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনমানক লৈ অসম ৰাজ্য গঠন কৰিছিল। পাহাৰীয়া জিলাবোৰৰ লোকসকলৰ স্বকীয় ভাষা আছিল। 'অসম সাহিত্য সভা', 'সদৌ অসম ছাত্ৰ মৰ্চা' আৰু 'সদৌ অসম ছাত্র সংস্থা'ৰ দৰে সংগঠনে ভাষাক লৈ এক আন্দোলনৰ সূচনা কৰিলে। ১৯৭২ চনত ভাষাক লৈ আৰম্ভ হোৱা অন্য এটা আন্দোলন হ'ল 'মাধ্যম আন্দোলন'।
ইপিনে, বড়ো জনজাতিৰ উত্থানত বড়ো ভাষাৰ অৰিহণা অতি মহত্ত্বপূর্ণ। প্ৰথম অৱস্থাত বড়ো ভাষাৰ লিপি অসমীয়া আছিল যদিও জনগোষ্ঠীটোৰ এচামে ৰোমান লিপিৰ পোষকতা কৰিছিল।
সাংস্কৃতিক ভিন্নতাঃ ভাষিক ভিন্নতাৰ
দৰে সাংস্কৃতিক ভিন্নতাও উত্তৰ-পূবৰ সমাজ ব্যৱস্থাৰ বিশেষ বৈশিষ্ট্য।
সাংস্কৃতিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ সমাজত আৰ্য সংস্কৃতিৰ প্ৰভাৱ বেছি। সেয়া হ'লেও বিভিন্ন
জনজাতীয় সংস্কৃতিও এই অঞ্চলত দেখা যায়। বিশেষকৈ পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণৰ
সংস্কৃতি ভিন্নধৰণৰ।
ধৰ্মীয় ভিন্নতাঃ উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন ধৰ্মাৱলম্বী মানুহে বসবাস কৰে। প্ৰথমতে শৈৱ ধৰ্মৰ বিষয়ে উল্লেখ কৰিব পাৰি। কাশ্মীৰ আৰু দাক্ষিণাত্যত শৈৱ ধৰ্মৰ প্ৰাধান্য যদিও উত্তৰ-পূবত ইয়াৰ গুৰুত্ব নোহোৱা নহয়। জনজাতীয় লোকসকলৰ মাজতো শৈব ধৰ্মৰ গুৰুত্ব আছে। অসমক কেন্দ্ৰ কৰি শাক্ত ধৰ্মই উত্তৰ-পূব ভাৰতত কেনেকৈ প্রসিদ্ধি লাভ কৰিছিল, তাৰ বিৱৰণ কালিকা পুৰাণ, কামাখ্যা তন্ত্র, কালিবিলাস আদি তন্ত্রত বহুলভাবে উল্লেখ আছে। বৌদ্ধ ধর্মীয় লোকসকলো উত্তৰ-পূব ভাৰতত দেখা যায়। খ্রীষ্টিয় ষষ্ঠ শতাব্দীৰ পৰা ক্ৰমান্বয়ে অসমত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হ'বলৈ ধৰে। বৈষ্ণৱ ধৰ্মই অসমত অতি প্রাচীন কালৰ পৰা প্ৰচলিত আছিল। মহাপুৰুষ শংকৰদেৱে মধ্যযুগত যি বৈষ্ণৱ ধৰ্ম উত্তৰ-পূব ভাৰতত প্ৰচাৰ কৰিলে তাৰ এটি স্বকীয় বৈশিষ্ট্য আছে। উত্তৰ-পূর্বাঞ্চলত দেখা পোৱা ধর্মীয় ভিন্নতাত ব্ৰিটিছসকলৰ আগমনৰ পিছৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰে বিশেষ অৰিহণা যোগাইছে। বিশেষকৈ পাহাৰীয়া ৰাজ্যকেইখনৰ বেছিভাগ মানুহেই খ্রীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ হৈছে। উত্তৰ-পূব ভাৰতত ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যাও যথেষ্ট।
ভৌগোলিক ভিন্নতাঃ উত্তৰ-পূৰ্বাঞ্চল অসমকে ধৰি ৮ খন ৰাজ্যৰে গঠিত। ভৌগোলিকভাৱে এই অঞ্চলটোৰ ভিন্নতা লক্ষ্য কৰিবলগীয়া। উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থানৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এই যে উত্তৰলৈ চীনদেশ তথা মধ্য এছিয়া আৰু পূবে দক্ষিণ-পূব এছিয়াৰ নিকটৱৰ্তী। ইয়াত পাহাৰ আৰু ভৌয়াম অঞ্চলেৰে পৰিবেষ্টিত। এই অঞ্চলত পৃথিৱীৰ সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাই আছে, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ আছে।