গোটঃ 8


সংঘাতৰ প্ৰতিক্রিয়া: দক্ষতা আৰু কৌশল-ⅠⅠ


অতি চমু প্রশ্নোত্তৰ


১। কুটনীতি (Diplomacy) কি?


উত্তৰঃ কূটনীতি বুলিলে বিবাদ জড়িত পক্ষৰ মাজত সমিলমিল ঘটোৱাৰ বিচক্ষণতাকে বুজায়। বৈদেশিক নীতি নিৰ্ণয় কৰা আৰু তাক কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰই হ'ল কূটনীতি।


২। মাল্টিট্রেক কূটনীতি কেতিয়া আৰম্ভণি হৈছিল?


উত্তৰঃ ১৯৯০ৰ দশকত।


৩। গান্ধীৰ মতে স্থায়ী শান্তিৰ মূল চাবি কি?


উত্তৰঃ ন্যায় আৰু আন্তৰিক পবিত্রতা।


৪। গান্ধীজীৰ মতে হিংসাৰ প্ৰতিকাৰ কি?


উত্তৰ: প্ৰেম আৰু ক্ষমা।


৫। গান্ধীজীয়ে কিদৰে সমাজক শান্তিৰ পথে আগবঢ়াবলৈ আহ্বান জনাইছিল?


উত্তৰ: আত্মনিয়ন্ত্রণ, সংলাপ আৰু নৈতিক শিক্ষাৰ মাধ্যমেৰে।


৬। শান্তি স্থাপনত সংবাদ মাধ্যমৰ ভূমিকা কি?


উত্তৰঃ সংবাদ মাধ্যম জনচেতনতা সৃজন কৰি সংঘাত কমাবলৈ সহায় কৰে।


৭। সংবাদ মাধ্যম সংঘাত পৰিস্থিতিত কেনেকৈ সহায় কৰে?


উত্তৰঃ সঠিক তথ্য প্ৰচাৰ কৰি ভুল বুজাবুজি আৰু উত্তেজনা ৰোধ কৰে।


৮। শান্তি স্থাপন বুলিলে কি বুজায়?


উত্তৰঃ সংঘাতৰ পিছত স্থায়ী সৌহার্দ্য আৰু উন্নয়ন নিশ্চিত কৰাৰ প্ৰক্ৰিয়া।


৯। মাল্টি ট্রেক কূটনীতিৰ প্ৰতিষ্ঠাপক কোন?


উত্তৰঃ ড° লুইজ ডায়মণ্ড।


১০। শান্তি স্থাপন কার্যত নাগৰিক সমাজৰ ভূমিকা কি?


উত্তৰঃ সেতুৰ ভূমিকা লৈ আলোচনা, পুনৰ মিলন আৰু ন্যায়ৰ ক্ষেত্ৰত সহায় কৰে।


চমু প্রশ্নোত্তৰ


১। গান্ধীবাদী শান্তিৰ দৰ্শন বিৱৰণ কৰা।


উত্তৰ: গান্ধীজীৰ শান্তি দর্শন মানৱ সভ্যতাৰ এক অনন্য অৱদান। তেওঁ বিশ্বাস কৰিছিল - "শান্তি আৰু সত্য হৈছে একে মূদ্রাৰ দুই পিঠি।" শান্তিৰ অৰ্থ হ'ল মানৱতাৰ ভিতৰত ন্যায় আৰু প্রেম স্থাপন।


গান্ধীৰ মতে, শান্তিৰ মূল উপাদান হ'ল অহিংসা, সত্য, আত্মসংযম, ক্ষমা আৰু সহানুভূতি। অহিংসা অর্থাৎ "অন্যক কষ্ট নিদিয়া” আৰু মনৰ ভিতৰৰ বিদ্বেষ দূৰ কৰা। সত্য মানে ন্যায় আৰু সততা ৰক্ষা কৰা।


গান্ধীজীয়ে বিশ্বাস কৰিছিল- যুদ্ধ বা হিংসাৰে কোনো সমস্যাৰ সমাধান নহয়। সত্যাগ্রহ আৰু অহিংসাই হ'ল একমাত্র শান্তিপূর্ণ পথ। তেওঁ কয়, “অহিংসা হৈছে সাহসীৰ অস্ত্র, কাপুৰুষৰ নহয়।”


গান্ধীৰ শান্তি দৰ্শন আধুনিক সমাজৰ বাবে এক নৈতিক দিশ। ই কেৱল ৰাজনীতি নহয়, শিক্ষাত, অর্থনীতি আৰু সামাজিক সম্পর্কতো প্রয়োগযোগ্য।


২। সংবাদ মাধ্যম আৰু NGO-ৰ মাজত সম্পর্ক আলোচনা কৰা।


উত্তৰঃ সংবাদ মাধ্যম আৰু বেচৰকাৰী সংগঠন দুয়ো সমাজব দুটা শক্তিশালী স্তম্ভ। সংবাদ মাধ্যম তথ্য প্ৰচাৰ কৰে, বেচৰকাৰী সংগঠন সমাজত কাম কৰে। দুয়ো মিলি শান্তি স্থাপনৰ বাবে একে লক্ষ্যত কাম কৰিব পাৰে।


বেচৰকাৰী সংগঠন সংবাদ মাধ্যমৰ সহায়ত নিজৰ উদ্যোগসমূহ জনসাধাৰণলৈ পঠিয়াব পাৰে। একেদৰে সংবাদ মাধ্যমেও এনেজিওৰ মাটিতলৰ কামৰ মাধ্যমেৰে সঠিক তথ্য সংগ্ৰহ কৰিব পাৰে।


সংঘাতপীড়িত অঞ্চলত দুয়োখনৰ সমন্বিত প্রচেষ্টা-সংবাদ মাধ্যমৰ "সত্য বুজাবুজি" আৰু বেচৰকাৰী সংগঠনৰ "ভূমিতলীয় কার্য”- মিলি শান্তিৰ দিশে এক দৃঢ় পদক্ষেপ হয়।


৩। বেচৰকাৰী সংগঠন (NGO)-ৰ শান্তি স্থাপনত ভূমিকা লিখা।


উত্তৰ: বেচৰকাৰী সংগঠন বা NGO হৈছে এনে এক সংস্থা, যি চৰকাৰৰ পৰা স্বাধীনভাৱে সমাজৰ কল্যাণৰ বাবে কাম কৰে। শান্তি স্থাপনৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠন বা NGOসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।


  • প্রথমত, বেচৰকাৰী সংগঠনসমূহে সমাজত আলোচনা আৰু পুনৰ মিলনৰ পৰিৱেশ সৃষ্টি কৰে। সংঘাতৰ পিছত পক্ষবোৰৰ মাজত যোগাযোগ পুনঃস্থাপন কৰা শান্তিৰ প্ৰথম ধাপ। বেচৰকাৰী সংগঠনসমূহে কর্মশালা, বৈঠক আৰু পৰামৰ্শৰ আয়োজন কৰি সমাজৰ বিভিন্ন গোটক একত্রিত কৰে।


  • দ্বিতীয়তে, বেচৰকাৰী সংগঠনসমূহে শিক্ষা আৰু সচেতনতাৰ মাধ্যমেৰে শান্তিৰ সংস্কৃতি গড়ে। উদাহৰণস্বৰূপে, ব্রাক (BRAC), এচ'ভি (SEWA), আক ওক্সফেম (Oxfam)ৰ দৰে সংস্থাই ভাৰত আৰু দক্ষিণ এচিয়াত বহু শান্তি পৰিকল্পনা সফলভাৱে আগবঢ়াইছে।


  • তৃতীয়তে, বেচৰকাৰী সংগঠনসমূহ অর্থনৈতিক পুনর্জীৱন আৰু সামাজিক পুনর্গঠনৰ ক্ষেত্ৰতো সহায় কৰে। সংঘাতৰ পিছত ক্ষতিগ্রস্ত পৰিয়ালক সাহায্য, উদ্যোগ প্রশিক্ষণ, পুনর্বাসন দিয়া হয়।


মুঠতে, বেচৰকাৰী সংগঠনবোৰ সমাজৰ এক বিকল্প শক্তি হিচাপে চৰকাৰৰ হাতৰ সৈতে হাত মিলাই শান্তি স্থাপনৰ সপোন সফল কৰে।


৪। সত্যাগ্রহৰ অৰ্থ আৰু শান্তি স্থাপনত ইয়াৰ প্রাসঙ্গিকতা বর্ণনা কৰা।


উত্তৰঃ 'সত্যাগ্রহ' শব্দটো সংস্কৃতৰ 'সত্য' আৰু 'আগ্রহ' শব্দৰে গঠিত। মানে-সত্যৰ ওপৰত দৃঢ়তা। গান্ধীজীয়ে এই ধাৰণাটো বিকশিত কৰিছিল অহিংসাৰ ভিত্তিত।


সত্যাগ্রহ হৈছে অন্যায়ৰ বিৰুদ্ধে অহিংস প্রতিবাদ। ই প্রতিপক্ষক বিনাশ নকৰি, সত্য আৰু প্ৰেমৰ মাধ্যমেৰে জয় কৰিবলৈ চেষ্টা কৰে।


শান্তি স্থাপনত সত্যাগ্ৰহৰ প্রাসঙ্গিকতা অতি গভীৰ। ই মানুহক সহনশীল, ন্যায়প্রিয় আৰু দায়িত্বশীল কৰি তোলে। সংঘাতৰ পৰিবৰ্তে আলোচনা আৰু বুজাবুজিৰ পথ দেখুৱায়।


আজিও সমাজৰ নানা আন্দোলন-নাগৰিক অধিকাৰ, পৰিৱেশ সুৰক্ষা, সমতা আন্দোলন - সকলোতেই সত্যাগ্রহৰ মূলনীতি ব্যবহৃত হৈছে।


৫। সংঘাত নিৰাময়ৰ সত্যাগ্ৰহৰ গান্ধীবাদী কৌশল কি?


উত্তৰ: মহাত্মা গান্ধীয়ে অনুশীলন কৰা সত্যগ্রহ হৈছে স্থায়ী শান্তি লাভৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ডিজাইন কৰা এক কাৰ্য্য কৌশল। হিংসাই যে হিংসাৰ জন্ম দিয়ে, সেই উপলব্ধিৰ পৰাই ইয়াৰ উন্মেষ ঘটিছিল; যুদ্ধৰ অন্ত পেলাবলৈ আৰু শান্তি আনিবলৈ যুঁজ দিয়া যুদ্ধই অধিক আৰু অধিক বিধ্বংসী যুদ্ধ আনিছিল।


৬। অহিংস সংঘাত সমাধানৰ নীতি কি কি?


উত্তৰঃ সংঘাত সমাধানৰ বাবে মূল নীতিসমূহ হ'ল- ইআমাক আনৰ কথা গভীৰভাৱে শুনিবলৈ উৎসাহিত কৰে, তেওঁলোকৰ আৱেগ আৰু প্রয়োজনীয়তাক বিচাৰ বা সমালোচনা নকৰাকৈ বুজিবলৈ চেষ্টা কৰে। অ-বিচাৰ: এনভিচিয়ে অ-বিচাৰ যোগাযোগক প্ৰসাৰিত কৰে, এই কথা স্বীকাৰ কৰে যে বিচাৰে সংযোগ আৰু সহানুভূতিত বাধাৰ সৃষ্টি কৰিব পাৰে।


৭। অহিংসা নীতি কোনে পোনতে ক'ত উদ্ভাৱন কৰিছিল?


উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৯৩-১৯১৪ চনৰ ভিতৰৰ সময়ছোৱাত দক্ষিণ আফ্ৰিকাৰ বৰ্ণ-বৈষম্যবাদী চৰকাৰৰ বিৰুদ্ধ পোন প্ৰথমে এই অহিংসা নীতি প্রয়োগ কৰিছিল। গান্ধীজীয়ে প্ৰয়োগ কৰা অহিংসা নীতিৰ মৰ্ম আছিল শান্তিপূর্ণ উপায়েৰে দক্ষিণ আফ্ৰিকাৰ চৰকাৰে প্ৰৱৰ্তন কৰা কঠোৰ আইন যেনে- বাধ্যতামূলক পঞ্জীয়ন আইন, প্রবেশাধিকাৰ পত্র, বাণিজ্যিক অনুজ্ঞাপত্র সম্পর্কীয় আইন আদি উলংঘা কৰা। উক্ত আইন-কানুন উলংঘা বা ভংগ কৰাৰ উপায় আছিল স্বেচ্ছাই গণ প্ৰতিৰোধ কৰি গ্ৰেপ্তাৰবৰণ কৰা, মাজে মাজে হৰতাল পালন কৰা, সভা-শোভাযাত্রা, বিক্ষোভ, ধর্ণা আদি অনুষ্ঠিত কৰা। তেনে আন্দোলনত অংশগ্ৰহণকাৰী লোকৰ ওপৰত প্ৰতিপক্ষই আক্ৰমণ কৰিলেও আন্দোলনকাৰীসকলে প্রতি আক্ৰমণ কৰিব নালাগিব, শান্তিপূর্ণভাৱে সেই শাস্তি মূৰ পাতি ল'ব লাগিব। এই ধৰণৰ আইনৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাত পৰিচালিত কৰা ৰাজনৈতিক আন্দোলনৰ আৰ্হি-আদর্শই পিছত তেওঁক ভাৰতবৰ্ষতো সেই দিশত অগ্ৰসৰ হ'বলৈ অনুপ্রাণিত কৰিছিল।


৮। মহাত্মা গান্ধীয়ে অহিংসা নীতি ভাৰতবৰ্ষত কিদৰে প্ৰয়োগ কৰিছিল?


উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ ব্যৱহাৰিক ৰাজনীতিত সফলভাৱে সম্পৰীক্ষা কৰাৰ পিছত তেওঁ পৰৱৰ্তী কালত ভাৰতবৰ্ষলৈ উভতি অহাৰ পিছত ব্ৰিটিছৰ বিৰুদ্ধে সেই নীতি আদৰ্শৰ আৰ্হিত ৰাজনৈতিক আন্দোলন কৰিবলৈ হ'লে আন্দোলনত অংশগ্ৰহণকাৰী লোকসকল অহিংসাত বিশ্বাসী হ'ব লাগিব, তাৰ বাবে অহিংসা নীতি অনুশীলন কৰিব লাগিব, নিজকে হিংসাশ্রয়ী প্ৰৱণতাৰপৰা মুক্ত কৰিব লাগিব। সেই ধৰণৰ ৰাজনৈতিক আদৰ্শত অনুপ্রাণিত কৰিবলৈ তেওঁ ১৯১৫ চনত গুজৰাটৰ সৱৰমতীত এখন আশ্রম পাতিছিল। তাকেই সৱৰমতী আশ্ৰম বুলিছিল। গান্ধীয়ে তেওঁৰ চিন্তা, কাৰ্য আৰু কথাত এই অহিংসা নীতি আখৰে আখৰে পালন কৰি আহিছিল।


ভাৰতবৰ্ষত ৰাজনৈতিক অস্ত্র হিচাপে গান্ধীয়ে পোনতে তেওঁৰ অহিংসা নীতি প্রয়োগ কৰিছিল চম্পাৰণ, খেদা আৰু অহমেদাবাদত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ কালছোৱাত। পিচত তেওঁ সেই নীতি পর্যায়ক্রমে ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলনত প্রয়োগ কৰিছিল।


৯। সংবাদ মাধ্যমৰ শান্তি স্থাপনত ভূমিকা বিৱৰণ কৰা।


উত্তৰ : সংবাদ মাধ্যম আধুনিক সমাজৰ চতুৰ্থ স্তম্ভ বুলি গণ্য কৰা হয়। সংবাদ মাধ্যমৰ প্ৰধান কাৰ্য হৈছে তথ্য প্ৰেৰণ, জনমত গঠন আৰু সচেতনতা বৃদ্ধি কৰা। সংঘাতপূর্ণ সমাজত সংবাদ মাধ্যমৰ দায়িত্ব আৰু অধিক বৃদ্ধি পায়। সংঘাতৰ সময়ত ভুল সংবাদ বা পক্ষপাতদুষ্ট প্রতিবেদন জনমতক বিভ্রান্ত কৰি পৰিস্থিতি উত্তপ্ত কৰিব পাৰে। কিন্তু দায়িত্বশীল সংবাদ মাধ্যম সংঘাতক সঠিকভাবে প্রতিবেদন কৰি সমাজত শান্তিৰ বতৰা প্ৰচাৰ কৰে।


সংবাদ মাধ্যম শান্তি স্থাপনত তিনিটা প্রধান দিশত কাম কৰে (ক) তথ্য প্ৰেৰণ, (খ) জনচেতনা গঠন, আৰু (গ) সংলাপৰ পৰিসৰ সৃষ্টি। সংঘাতৰ পিছত মিডিয়াই সমাজৰ ভগ্ন সম্বন্ধ পুনৰ গঢ়িবলৈ ভূমিকা লয়। ইয়াৰ সংবাদ আৰু আলোচনাই জনগণক বিশ্বাস আৰু সহমর্মিতাৰ বীজ ৰোপন কৰে। উদাহৰণস্বৰূপে, ভাৰতৰ অসম বা মণিপুৰৰ দৰে সংঘাত-পীড়িত এলেকাত স্থানীয় সংবাদ মাধ্যমৰ দায়িত্বশীল প্রতিবেদনে বহু সময়ত উত্তেজনা হ্রাস কৰিছে।


সংবাদ মাধ্যমৰ এটা গুৰুত্বপূর্ণ দিশ হ'ল শান্তি সাংবাদিকতা (Peace Journalism) ইয়াত সংবাদক হিংসা নয়, শান্তি আৰু সমাধানৰ দিশে আগবঢ়োৱা হয়। এই পদ্ধতি সংঘাতৰ মূল কাৰণ বিশ্লেষণ কৰি বিকল্প শান্তিমূলক দিশ দেখুৱায়।


অন্তত, সংবাদ মাধ্যমক উচিত-সত্যতা, ন্যায় আৰু জনস্বাৰ্থৰ ভিত্তিত সংবাদ প্ৰচাৰ কৰি সমাজত বিশ্বাস আৰু সৌহার্দ্য পুনঃস্থাপন কৰা।


১০। সংঘাত নিৰাময় আৰু শান্তি গান্ধীৰ দৃষ্টিভংগী কি?


উত্তৰঃ গান্ধীয়ে সংঘাতৰ অন্ত পেলাবলৈ আৰু আমাৰ চিন্তা আৰু কৰ্মক ৰূপান্তৰিত কৰিবলৈ অহিংসাৰ নতুন আৰু গতিশীল পথটো আঙুলিয়াই দিলে। তেওঁ অহিংসাত এক নতুন মাত্রা সংযোজন কৰিলে আৰু এইদৰে অন্যায়, শোষণ আৰু অন্যান্য বিভিন্ন ধৰণৰ হিংসাৰ বিৰুদ্ধে যুঁজিবলৈ এক নিষ্ক্রিয় নীতিক সত্যগ্ৰহৰ গতিশীল মতবাদলৈ ৰূপান্তৰিত কৰিলে।


১১। মহাত্মা গান্ধীৰ সংঘাত নিৰাময় কি?


উত্তৰ: তেওঁ বিশ্বাস কৰিছিল যে সত্যগ্রহ হৈছে সকলো সামাজিক, ৰাজনৈতিক, অর্থনৈতিক অশুভতাৰ সমাধানৰ এক নির্ভুল উপায়। সামাজিক ক্ৰিয়াৰ কৌশল হিচাপে সত্যাগ্রহক তলত দিয়া ধৰণৰ সামাজিক সংঘাতৰ সমাধানৰ বাবে প্ৰয়োগ কৰিব পাৰি-


(ক) এজন ব্যক্তি আৰু আন এজন ব্যক্তিৰ মাজত সংঘাত।


(খ) ব্যক্তি আৰু এটা গোটৰ মাজত সংঘাত।


ৰচনাধৰ্মী প্রশ্নোত্তৰ


১। কূটনীতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।


উত্তৰঃ কূটনীতিৰ কেইটামান মূল বৈশিষ্ট্য আছে।


এই বৈশিষ্ট্যকেইটা হ'ল-


(১) কূটনীতি হ'ল ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক সৃষ্টিকাৰী এক ধৰণৰ চৰকাৰী আহিলা। এই ক্ষেত্রত কূটনৈতিক বিষয়াসকলে কেতবোৰ কৰ্তব্য পালন কৰিবলগীয়া হয়। সেইবোৰ হ'ল ৰাষ্ট্ৰদূত প্ৰেৰণ, বাণিজ্যিক দূত প্ৰেৰণ, বিভিন্ন দেশত দূতবাস আৰু বাণিজ্য দূতবাস স্থাপন। ইয়াৰ বাবে তেওঁলোকে এক নিদ্দিষ্ট নিয়ম তৈয়াৰ কৰে।


(২) সাধাৰণতে কূটনীতি দুই পক্ষীয়। কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্মিলন, আন্তঃৰাষ্ট্ৰীয় সংগঠন, আঞ্চলিক মধ্যস্থতা আদিয়ে বর্তমান ইয়াক বহুপক্ষীয় হিচাপে প্রতিষ্ঠা কৰিছে।


(৩) বর্তমান কূটনীতিৰ প্ৰসাৰ ঘটিছে। কূটনীতিয়ে যুদ্ধ আৰু শান্তিৰ লগত জড়িত ৰাজনীতিৰ বিভিন্ন দিশৰ লগত জড়িত হৈ পৰে।


(৪) কূটনীতিৰ মুখ্য উদ্দেশ্য হ'ল- সংশ্লিষ্ট দেশখনৰ জাতীয় স্বার্থ সুৰক্ষিত কৰা। কূটনীতিৰ জৰিয়তে জাতীয় স্বার্থ পূৰণ কৰা হয় আৰু ইয়াৰ ফলতেই কূটনীতিব সফলতা নিৰ্ভৰ কৰে।


(৫) কূটনীতিয়ে ৰাষ্ট্ৰসমূহৰ মাজত সদায় সহযোগিতা বিচাৰে। সহযোগিতাৰ অবিহনে কূটনীতি স্থাপন কৰিব পৰা নাযায়। এই সহযোগিতাৰ ওপৰতেই কূটনীতিৰ সাফল্য নিৰ্ভৰ কৰে।


(৬) কূটনীতি আৰু ৰাষ্ট্ৰীয় ক্ষমতা ইটো-সিটোৰ লগত জড়িত। ৰাষ্ট্ৰীয় ক্ষমতা শক্তিশালী হ'লে কূটনীতিও ক্ষমতাশালী হয়। দুৰ্বল ৰাষ্ট্ৰীয় ক্ষমতাই দুর্বল কূটনীতিৰ জন্ম দিয়ে।


(৭) কূটনীতিৰ সাফল্য বা বিফলতা নিৰ্ভৰ কৰে এখন ৰাষ্ট্ৰৰ কৌশলী নেতৃত্বৰ ওপৰত। নীতি ৰচনা কৰা আৰু তাক কাৰ্য্যকৰী কৰা ব্যক্তিসকলৰ মাজত সমন্বয় থাকিলে কূটনীতিৰ যিটো উদ্দেশ্য সেইটো সফল হোৱাৰ সম্ভাৱনা থাকে।


(৮) কূটনীতি স্থাপন কৰা মূল বিষয়াজনক কূটনীতিবিদ বুলি কোৱা হয়। বহু পৰিমানে এই বিষয়াজনৰ চল-চাতুর্য্য, দক্ষতা আদিয়ে সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ কূটনীতিৰ সাফল্যতা নিৰ্ভৰ কৰে।


(৯) কূটনীতিয়ে কেতিয়াও শক্তি বা হিংসাৰ আশ্রয় নলয়। তথাপি কূটনীতিয়ে ভাবুকি দিয়া, নিদ্দিষ্ট সময় ধাৰ্য্য কৰি দিয়া, পুৰস্কাৰৰ লোভ দেখুৱা আদিয়েই হ'ল কূটনীতিৰ কৌশল।


(১০) সাম্প্ৰতিক কালৰ কূটনীতি প্রকাশ্য বা নতুন কূটনীতি। কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই বিশেষকৈ প্রথম মহাসমৰৰ পৰাই এই ধৰণৰ কূটনীতি আৰম্ভ হোৱা বুলি ক'ব পাৰি। জনমত, যোগাযোগ আৰু যাতায়তৰ উন্নতি, বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ বিকাশ, জনসাধাৰণৰ কূটনীতিত অংশ গ্ৰহণৰ দাবী আদিয়ে গোপন কূটনীতিৰ পৰিৱৰ্তে নতুন বা প্রকাশ্য কূটনীতি আৰম্ভ হোৱা বুলি ক'ব পাৰি।


২। সংঘাত সমাধানৰ বহুপথীয় কূটনীতি বুলিলে কি বুজা? ইয়াৰ ইতিহাস আৰু পটভূমি সম্পর্কে আলোচনা কৰা।


উত্তৰঃ নিৰূপিত বহু পথীয় কূটনীতি এটা ধাৰণাত্মক দিশ, যিটোৱে আন্তর্জাতিক শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াক এক প্রাণৱন্ত পদ্ধতি হিচাপে নিৰীক্ষণ কৰে। এইটোৱে আন্তঃসংযোগী কাম-কাজ, ব্যক্তি, অনুষ্ঠান আৰু সম্প্রদায় আদিৰ সংযোগক লক্ষ্য কৰে, যিবোৰে এখন শান্তিপূর্ণ বিশ্বৰ সমূহীয়া উদ্দেশ্য বা লক্ষ্যৰ কাৰণে একেলগে কাম কৰে।


এইবোৰ নতুন পথে চৰকাৰ, সংঘাত সামাধানকাৰী বৃত্তিধাৰী, ব্যৱসায়, ব্যক্তিগত নাগৰিক আৰু সংবাদ মাধ্যম আদি অন্তর্ভুক্ত কৰে। ১৯৯১ চনত বহুপথীয় কূটনীতি এক ধাৰণা হিচাপে বিকাশ লাভ কৰে Louise Diamond আৰু Joh.w Mc Donald যি দুগৰাকী 'Institute for Multi Track Diplomacy' ৰ সহঃপ্রতিষ্ঠাপক, যিসকলে এই পথক কার্যত খটুৱায়।


নিৰূপিত বহু পথীয় কূটনীতি পথ-১ আৰু পথ-২ ৰ আৰ্হিৰ সম্প্ৰসাৰণ, যিটোক যোৱা দশকৰ সময়ছোৱাত সংঘাত সমাধান ক্ষেত্ৰৰ বাবে ব্যাখ্যা কৰা হৈছিল।


নিৰূপিত পথ-১ হৈছে কর্তৃত্বশীল চৰকাৰী কূটনীতি য'ত চৰকাৰসমূহৰ মাজত যোগাযোগ আৰু ভাবৰ আদান প্রদান কৰা হয়।


নিৰূপিত পথ-২ হৈছে ৰাষ্ট্ৰহীন পৰিৱেশনকাৰীৰ বে-চৰকাৰী বা কর্তৃত্বহীন ভাব বিনিময় আৰু হস্তক্ষেপকৰণ।


বহুপথীয় কূটনীতিৰ উদ্দেশ্য হ'ব বিশ্বত শান্তিপূর্ণভাৱে বাস কৰা কাৰণে সহায় কৰা। বহুপথীয় কূটনীতিৰ পিছফালে থকা সাধাৰণ সিদ্ধান্তটো হ'ল 'আমি যদি ভাব বিনিময় কৰোঁ আমি যুদ্ধ কৰিব নালাগে।'


বহুপথীয় কূটনীতিত এখন দেশৰ জনসাধাৰণে আন এখন দেশৰ জনসাধাৰণৰ সৈতে, ঠিক তেনেকৈ চৰকাৰসমূহ আৰু অনুষ্ঠানসমূহৰ সৈতে ভাব আৰু মতৰ বিনিময় কৰে। সর্বোত্তমভাৱে মিলিলেহে ভ্রাতৃত্বৰ ভাব বাঢ়ে আৰু যুদ্ধৰ শংকা কম থাকে আৰু শান্তি আহে। এই উদ্দেশ্যৰ বহু অংশীয় স্তৰত যেনে- সাংস্কৃতিক, শৈক্ষিক, বাণিজ্য, চৰকাৰী আদি স্তৰত ভাবৰ আদান প্রদান হয়।


যেতিয়াই চৰকাৰসমূহে সংঘাত সমাধানৰ ক্ষেত্ৰত বিফল হয় আৰু যেতিয়া তিক্ততাপূর্ণ পৰিৱেশৰ স্তৰ অতি উচ্চ হয় তেতিয়াই বহু পথীয় কূটনীতি সমুখলৈ আহে। এইটোৱে ক্ষিপ্ৰ গতিৰে শান্তি অনাত সহায় কৰে আৰু বহুপথীয় কূটনীতিৰ কাৰণে শান্তি দীর্ঘদিনীয়া হয়।


পটভূমি: বহুপথীয় কূটনীতি পদ্ধতিটো শুদ্ধ চৰকাৰী মধ্যস্থতাৰ অদক্ষতাৰ ফলতেই উৎপত্তি হৈছে। তদুপৰি ১৯৯০ ৰ দশকত ৰাষ্ট্ৰৰ আভ্যন্তৰীণ সংঘাতৰ বৃদ্ধিয়ে নিশ্চিত কৰিছিল যে পথ-১ কূটনীতি আন্তর্জাতিক সহযোগিতা বা সংঘাতসমূহৰ সমাধান লাভকৰাৰ কাৰণে এটা সফল পদ্ধতি নহয়। ক'বলৈ গ'লে চৰকাৰী বা কর্তৃত্বশীল মধ্যস্থতাৰ উপৰিও এটা অধিক আন্তঃব্যক্তিকেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন আছে। এই কাৰণে প্ৰাক্তন কূটনীতিবিদ Joseph Montville এ বিচিত্ৰ আৰু দক্ষ নাগৰিকসকলক মধ্যস্থতা প্রক্রিয়াত একত্ৰিত কৰাৰ কাৰণে পথ-২ কূটনীতি আৱিষ্কাৰ কৰিছিল।


তথাপিও Dr. Louise Diamond এ স্বীকাৰ কৰিছেল যে সকলোকে পথ-২ কাৰ্যৰ এটা স্তৰত গোট খুওৱাটোৱে অকর্তৃত্বশীল কূটনীতিৰ জটিলতাক ৰোধ কৰা নাছিল। সেইয়ে তেওঁ ব্যক্তিগত নাগৰিকসকলৰ তৃণমূল পৰ্যায়ৰ কাৰ্যৰ পৰা ৰাষ্ট্ৰৰ মুৰব্বীসকললৈকে মধ্যস্থতাৰ সকলো ধাৰণাক একত্ৰিত কৰাৰ কাৰণে বহুপথীয় কূটনীতিৰ বাক্যাংশক নতুনকৈ সজাইছিল। বহুপথীয় কূটনীতিয়ে সমাজৰ সকলো স্তৰৰ মাজত প্রয়োজনীয় আৰু সুবিধাজনক যোগযোগ নিৰ্ধাৰণ কৰাৰ কাৰণে সমাজৰ সকলো স্তৰকে কামত নিয়োজিত কৰায়।


বহু পথীয় কূটনীতি হ'ল এটা প্রাণৱন্ত পদ্ধতি হিচাপে আন্তর্জাতিক শান্তি প্রক্রিয়া প্ৰদৰ্শনৰ মনোগত পথ বা উপায়। বহুপথীয় কূটনীতিত সমাজৰ সকলো ক্ষেত্ৰৰ জড়িতকৰণ, সমর্থন আৰু আন পক্ষৰ কতা শুনাটো গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজন। কথোপকথনৰ এটা অংশীদাৰিত্ব ভাষাৰ প্ৰশিক্ষণ, সংঘাত সমাধান আৰু হিংসাত্মক সংগাতক বাধা দিয়া বা শেষ কৰাৰ কাৰণে শান্তি প্ৰতিষ্ঠাৰ বাবে এই পথ অতি গুৰুত্বপূর্ণ। এইটো এটা আন্তঃসংযোগী কাম-কাজ, ব্যক্তিসকল, অনুষ্ঠানবোৰ আৰু সম্প্ৰদায়ৰ সৈতে জড়িত হৈ থকা উপায়, যিবোৰ বিশ্বশান্তিৰ কাৰণে একেলগে প্রয়োগ কৰা হয়। এই পথ অনুসৰণ কৰি বিভিন্ন ধৰণৰ পৰিৱেশনকাৰীয়ে বিশ্বশান্তি প্রতিষ্ঠাৰ কাৰণে পৰিপূৰক ভূমিকা পালন কৰে।


যোৱা দশকবোৰত আন্তর্জাতিক সমুদায়ে অধিকভআৱে গৰিলা যুদ্ধৰ সন্মুখীন হ'ব লগা হৈছে, যিয়ে পৃথকতাবাদী আৰু অন্যধৰণৰ আন্তঃৰাজ্যিক হিংসাৰ প্ৰচেষ্টা চলায়। কূটনীতিৰ পৰম্পৰাগত পদ্ধতিবোৰ এনেবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত দুর্বল সজ্জিতকৰণ প্ৰদৰ্শন কৰিছে।


ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনা বহুপথীয় কূটনীতি প্ৰয়োগৰ দ্বাৰা উপশম ঘটাব পাৰি। OSLO চুক্তি হ'ল বহুপথীয় কূটনীতিৰ সৃষ্টি।


৩। গান্ধীবাদী পদ্ধতিত শান্তি স্থাপনৰ এক বিস্তৃত আলোচনা আগবঢ়োৱা।


উত্তৰঃ গান্ধীজীয়ে শান্তি স্থাপনক জীৱনৰ মুখ্য লক্ষ্য হিচাপে গণ্য কৰিছিল। তেওঁৰ মতে, শান্তি মানে কেৱল যুদ্ধৰ অনুপস্থিতি নহয়, ই এক অন্তর্মুখী ন্যায় আৰু সম্প্ৰীতিৰ অবস্থা।


গান্ধীৰ শান্তি স্থাপন পদ্ধতিৰ মূল উপাদানসমূহ হৈছে-


(ক) অহিংসা (Ahimsa): তেওঁ কয়, "অহিংসা হৈছে ঈশ্বৰৰ আইনৰ সমান।" অহিংসা মানে কেৱল শাৰীৰিক হিংসা এৰোৱা নহয়, মনৰ ভিতৰৰ ঘৃণা আৰু প্রতিহিংসা দূৰ কৰা।


(খ) সত্য (Truth): সত্য হৈছে নৈতিক শক্তিৰ মূলে। গান্ধীজীয়ে কৈছিল, "সত্য হ'ল ঈশ্বৰ।" ই মানুহক ন্যায় আৰু সততা শিকায়।


(গ) সত্যাগ্রহঃ ই হৈছে অহিংসাৰ ব্যৱহাৰিক ৰূপ। অন্যায়ৰ বিৰুদ্ধে শান্তিপূর্ণ প্রতিবাদ। ১৯১৭ চনৰ চম্পাৰণ আন্দোলন, ১৯৩০ ৰ লৱণ সত্যাগ্রহ ইয়াৰ প্ৰকৃষ্ট উদাহৰণ।


(ঘ) আত্মসংযম আৰু ত্যাগঃ তেওঁ কৈছিল "শান্তি বাহিৰে সন্ধান কৰিব নালাগে, ই তোমাৰ ভিতৰে আছে।" এজন ব্যক্তি নিজে সংযমী হ'লে সমাজতো শান্তি আহে।


(ঙ) শিক্ষাৰ ভূমিকা: গান্ধীজীয়ে শিক্ষাক মানৱ চৰিত্ৰ গঠনৰ মূল শক্তি হিচাপে গণ্য কৰিছিল। শিক্ষাই নৈতিকতা, সহানুভূতি আৰু সত্যৰ বোধ জাগ্রত কৰে।


(চ) গাঁওভিত্তিক সমাজ আৰু স্বাৱলম্বনঃ গান্ধীজীয়ে কল্পনা কৰিছিল এক শান্তিপূর্ণ গাঁও, য'ত সকলো মানুহে পৰস্পৰক সহায় কৰে। গাঁও সমাজেই শান্তি সংস্কৃতিৰ আধাৰ।


(ছ) আলোচনা আৰু সহানুভূতি: গান্ধীজীয়ে মানিছিল "সংলাপেই সংঘাতৰ সর্বোত্তম বিকল্প।” মনুষ্যতাক আধাৰ কৰি অন্যৰ দৃষ্টিভংগী বুজা উচিত।


(জ) আধুনিক প্রাসঙ্গিকতাঃ আজিৰ বিশ্বত যুদ্ধ, সংঘাত, সম্পদৰ অ-সম বণ্টন, ধর্মীয় বিভাজন সকলো সমস্যাৰ সমাধান গান্ধীবাদী পথেই সম্ভৱ। বিশ্ব সংস্থা (UNO) আৰু বহু বেচৰকাৰী সংগঠন আজিও গান্ধীৰ দৰ্শন অনুসৰণ কৰি শান্তি স্থাপন কার্য চালাইছে।


৪। সংঘাতোত্তৰ সমাজত সংবাদ মাধ্যম আৰু NGO-ৰ সহায়ক ভূমিকা বর্ণনা কৰা। 


উত্তৰ : সংঘাতোত্তৰ সমাজত প্রধান প্রয়োজন হয় বিশ্বাস পুনৰ গঠন আৰু ন্যায় নিশ্চিত কৰা। এইক্ষেত্ৰত সংবাদ মাধ্যম আৰু বেচৰকাৰী সংগঠন দুয়ো অতি গুৰুত্বপূর্ণ।


সংবাদ মাধ্যমৰ দায়িত্ব হ'ল-


(ক) তথ্যৰ স্বচ্ছতা ৰক্ষাঃ ভুল বুজাবুজি আৰু অপপ্ৰচাৰ দূৰ কৰা।


(খ) আলোচনাৰ মঞ্চ সৃষ্টি: বিভিন্ন গোটৰ মাজত সংলাপ আগবঢ়োৱা।


বেচৰকাৰী সংগঠনৰ সফল উদাহৰণ প্ৰচাব: শান্তি উদ্যোগৰ কথা সমাজলৈ পঠিয়াব পৰা।


বেচৰকাৰী সংগঠনৰ দায়িত্ব হ'ল-


(১) মানৱিক সহায়: আহত আৰু ক্ষতিগ্রস্ত পৰিয়ালক পুনর্সংস্থাপন।


(২) শিক্ষা আৰু প্রশিক্ষণঃ শান্তিৰ সংস্কৃতি গঢ়া আৰু যুবসমাজক প্রশিক্ষণ দিয়া।


(৩) পুনৰ মিলন কাৰ্যঃ সংঘাতৰ পিছত সামাজিক বন্ধন পুনৰ প্ৰতিষ্ঠা।


সংবাদ মাধ্যম আৰু বেচৰকাৰী সংগঠন দুয়ো হাতে হাতধৰি কাম কৰিলে সংঘাতোত্তৰ সমাজ এক দীঘলীয়া শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িব পাৰে।


৫। সংঘাত সময়ত সংবাদ মাধ্যমৰ ভূমিকা কিদৰে সমাজক প্ৰভাৱিত কৰে, আৰু এই প্ৰভাৱৰ ইতিবাচক-নেতিবাচক দুয়ো দিশ কিয় গুৰুত্বপূর্ণ?


উত্তৰ: সংঘাত হোৱাতেই সমাজত মানসিক চাপ, অনিশ্চয়তা আৰু এক প্রচণ্ড ৰাষ্ট্ৰীয়-সামাজিক আলোড়ন সৃষ্টি হয়। এই সময়ত সংবাদ মাধ্যম হৈছে সেই মাধ্যম যাৰ জৰিয়তে জনসাধাৰণে সকলো তথ্য, বিশ্লেষণ আৰু ভাৱনা সংগ্ৰহ কৰে। সেয়ে সংঘাতকালীন সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব থাকে সঠিক তথ্য প্ৰসাৰণ, জনমত গঠন, আৰু নৈতিক দায়িত্ব পালনৰ। ইয়াৰ কাম এটাৰ ওপৰত দেশ-জাতিৰ মনোবিজ্ঞান, সামাজিক সম্প্রীতি, আৰু ভবিষ্যৎ নীতি নিৰ্ধাৰণো নিৰ্ভৰ কৰিব।


সংবাদ মাধ্যমৰ প্ৰতিক্রিয়া বুজিবলৈ কেইবাটাও দিশৰ সমন্বয় দেখা যায়। সংঘাতৰ আৰম্ভণিতে সংবাদ মাধ্যম তৎকালীন পৰিস্থিতিৰ খবৰ দেশৰ প্ৰতিটো কোণলৈ পোহৰ দিয়ে। লোকসকল ঘৰতে থাকি সংঘাত কোথায় হ'ল, কিহৰ বাবে হ'ল, কিমান বেয়া পৰিণাম হ'ল-এই সকলো জানিব পৰা বাবে গণমাধ্যমেই একমাত্র সেতু। ইয়াৰ ফলত ভয়, চিন্তা, আতংক বা সচেতনতা-এই সকলো মানসিক অৱস্থা সংবাদ মাধ্যমৰ ভাষা, শৈলী আৰু তথ্যৰ গাম্ভীৰ্যৰ ওপৰত নিৰ্ভৰ কৰি সমাজত বিয়পি পৰে।


ইতিবাচক দিশত সংবাদ মাধ্যম সংঘাতৰ বিষয়ে সদ্ভাৱ, সহায়তা, আৰু মানবিক বার্তা বিয়পাই এক গভীৰ সামাজিক দায়িত্ব পালন কৰে। আহত লোকক সহায়ৰ আহ্বান, উদ্ধাৰ অভিযানৰ উন্নতি, চৰকাৰী ব্যৱস্থা সক্ৰিয় কৰাত চাপ সৃষ্টি, অথবা সংঘাতৰ অন্তৰোৎপত্তিকাৰক সমস্যাবোৰ উন্মোচন-এই সকলো সংবাদ মাধ্যমৰ ন্যায়সংগত ভূমিকা। বহুসময় সংবাদ মাধ্যমৰ সাৰকথাই সংঘাত নিয়ন্ত্রণ, শান্তিপূর্ণ সমাধান, আৰু জনগণৰ একতা মজবুত কৰাত সহায়ক হয়।


নেতিবাচক দিশত সংবাদ মাধ্যম যদি অসাৱধান বা পক্ষপাতদুষ্ট হয়, তেন্তে সেইটো সংঘাত অধিক জটিল কৰি তুলিব পাৰে। অতিৰঞ্জিত শব্দ, অসম্পূর্ণ তথ্য, অযাচিত মন্তব্য, বা একপক্ষীয় খবৰ-ইয়াৰে ফলত সমাজত বিভাজন, ঘৃণা, বা ভুল বুজাবুজিৰ জন্ম হয়। কেতিয়াবা তথ্যৰ বেগেৰে মানুহৰ মনোজগত এতিয়া-তেতিয়া উত্তেজিত হৈ পৰে, যাৰ ফলত সংঘাত শীতল কৰাৰ বিপৰীতে অধিক উষ্ণ হয়। সঠিক পৰীক্ষা নকৰাকৈ খবৰ প্ৰচাৰ কৰিলে ব্যক্তিগত, সংগঠনগত বা ৰাষ্ট্ৰীয় স্তৰত গভীৰ ক্ষতি হ'ব পাৰে।


সংবাদ মাধ্যমৰ দায়িত্ব একমাত্ৰ খবৰ দিয়া নহয়; সঠিক সংযোগ, যুক্তিসম্পন্ন বিশ্লেষণ, আৰু সংঘাতৰ মূল সমস্যাবোৰ উন্মোচিত কৰি শান্তিপূর্ণ পথ দেখুওৱাও মৌলিক দায়িত্ব। কেতিয়াবা সংঘাতৰ মাজতো কিছু সংবাদ মাধ্যম স্থানীয় মানুহৰ অনুভৱ, সহানুভূতি, আৰু মানৱতাৰ কাহিনী কঢ়িয়াই আনে, যিয়ে উত্তাল সময়তো মানবিকতা জীয়াই ৰাখে। এনে খবৰ সমাজত আশাৰ বতৰা বহন কৰে।


এটা গুৰুত্বপূৰ্ণ দিশ হ'ল-সংবাদ মাধ্যমৰ ভাষাৰ শক্তি। সংঘাত সময়ত শব্দৰ সঠিক ব্যৱহাৰ অত্যন্ত প্রয়োজনীয়। কঢ়া শব্দ, অপমানজনক মন্তব্য, বা উত্তেজনা সৃষ্টিকাৰী ভাষা-এইবোৰে সংঘাতৰ আগুনত জুই ঢালিব পাৰে। কিন্তু ধীৰস্থিৰ, সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল শব্দসমষ্টি সমাজক শান্ত, যুক্তিবাদী আৰু স্থিৰ ৰাখিবলৈ সহায়ক হয়। সংবাদ মাধ্যমৰ ভাষা যিমান সুস্থ আৰু বিবেকবান হ'ব, সংঘাত তিমান সোনকালে শমি যাব।


আন এটা দিশ হ'ল সংঘাতৰ longue-term প্রভাৱ। সংবাদ মাধ্যম সংঘাতৰ তাতক্ষণিক পৰিস্থিতিৰে সীমাবদ্ধ নহয়; ই ভবিষ্যৎ সমাজ গঞ্জাৰ ক্ষেত্ৰতো সমান দায়িত্ববান। সংঘাতৰ পিছত যেতিয়া পুনৰ নিৰ্মাণ, পৰস্পৰ সমঝোতা, আৰু নিৰাপত্তাজনিত নীতি-নিয়ম গঢ়ি উঠিব লাগে, তেতিয়া সংবাদ মাধ্যমেই জনগণৰ মনোবল বঞ্জাই, নীতি-সম্পর্কীয় আলোচনা সঠিকপথে আগবঞ্জাই, আৰু সামাজিক সম্প্ৰীতিৰ পুনৰুদ্ধাৰত সহায় কৰিব পাৰে।


অন্ততে ক'ব গল, সংঘাতক সংবাদ মাধ্যম যিকোনো দিশত টানিব পাৰে-শান্তিৰ দিশতো, উত্তেজনাৰ দিশতো। সেয়েই সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়াৰ গুৰুত্ব। দায়িত্বশীল সংবাদ মাধ্যমৰ কাম হয় বস্তুনিষ্ঠ, সদাচাৰময় আৰু মানবিক তথ্য আগবঢ়াই সমাজক শান্ত, সংহত আৰু সজাগ কৰি তোলা। সংঘাতমানবিক দুর্যোগ; কিন্তু সংবাদ মাধ্যম যদি বিবেকবান হয়, তেন্তে সেই দুর্যোগকো সামাজিক জাগৰণ, সংহতি, আৰু ন্যায়ৰ বাবে এক পথ প্রদর্শক ৰূপে পৰিবৰ্তন কৰিব পাৰে।


৬। সংঘাত সমাধানত কূটনীতিৰ নিৰূপিত পথবউপলব্ধিমূলক প্রয়োগ সম্পর্কে আলোচনা কৰা।


উত্তৰঃ কূটনীতিৰ বিভিন্ন পথৰ বিকাশে প্ৰদৰ্শন কৰে যে সংঘাত হৈছে এটা জটিল প্রপঞ্চ, ই এটাবহুমুখী মাত্রাযুক্ত দৃষ্টিভংগীৰ দাবী কৰে, যদিহে ইয়াক কঠোৰভাৱে নিয়ন্ত্রণ আৰু সমাধান কৰিব লগা হয়। যিহেতুকে প্রত্যেকতো কূটনৈতিক পথৰ নিজা সবলতা আৰু দুৰ্বলতা আছে, গতিকে একোটা উপায় উদ্ভাৱন কৰাটো প্রয়োজন, যাৰ জৰিয়তে প্রত্যেকটো পথৰ দুৰ্বলতাবোৰ হ্ৰাস কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে জীৱন আৰু সম্পত্তিৰ হানি নোহোৱাকৈ সংঘাতবোৰ সমাধান কৰাৰ সুযোগবোৰৰ বিকাশ সাধন কৰিব পাৰি। আনহাতে, ব্যৱহাৰিক ক্ষেত্ৰত সকলোপ্ৰকাৰৰ কূটনীতি প্ৰয়োগ কৰাৰ ক্ষমতা নাথাকে। সেইবোৰ সীমিতকৰণে ব্যক্তিগত অনুষ্ঠান বা সংগঠনবোৰৰ বিশেষ প্রকৃতি আৰু পর্যাপ্ত সম্পদৰ দৃষ্টিগোচৰ কৰে। এইটোৱে পিছত সংঘাত সমাধানৰ প্ৰয়াসৰ উপলব্ধি কৰায়।


নিৰূপিত পথ-১ স্তৰে পৰিৱেশনকাৰী যেনে- ৰাষ্ট্ৰসংঘ আঞ্চলিক সংগঠনসমূহ, ৰাষ্ট্ৰৰ মূৰৰ্বীসকল আৰু চৰকাৰী প্ৰতিনিধিসকলক অর্ন্তভুক্ত কৰে। এইবোৰ পৰিৱেশনকাৰীৰ প্রধান কাম হ'ল, পৰিৱৰ্তনক প্ৰভাৱিত কৰা বা এটা সংঘাতৰ সমাধানৰ হেতু নেতৃত্বৰ উচ্চ স্তৰত চুক্তি বা বুজাবুজিৰ সুবিধা কৰা। উচ্চ নেতৃত্বৰ সৈতে কাম কৰাৰ কাৰণ হ'ল যে সেইসকল পৰিৱেশনকাৰীয়ে বিশ্বাস কৰে যে এটা ভুল ৰাজনৈতিক গাঁথনিৰ পৰা উদ্ভৱ হোৱা সমস্যাসমূহক উন্নতৰভাৱে সমাধান কৰিব পাৰি, যদিহে ৰাজনৈতিক ক্ষমতাত থকাসকলে চুক্তি বা বুজাবুজিৰ মেজমেলত অংশগ্ৰহণ কৰে। যিসকল লোক উচ্চতম ৰাজনৈতিক স্তৰত থাকে, তেওঁলোকৰ ৰাজনৈতিক গাঁথনি পৰিৱৰ্তমনৰ আৰু ৰাষ্ট্ৰলৈ শান্তি বহন কৰাৰ ক্ষমতা আৰু কর্তৃত্ব থাকে।


নিৰূপিত পথ-২ স্তৰৰ ক্ষেত্ৰত দুটা প্রধান পৰিৱেশনকাৰী গোট থাকে, যিবোৰে সংঘাত সমাধানৰ সৈতে প্রত্যক্ষভাৱে আৰু মানৱীয় সমস্যাসমূহৰ সৈতে মোকাবিলা কৰে। ব্যক্তিগত আৰু ৰাজহুৱা সংগঠনসমূহ, যিবোৰে সংঘাত সমাধানৰ সৈতে কাম কৰে, সাধাৰণতে পথ-২ কূটনীতি প্রয়োগ কৰে, য'ত তেওঁলোকে নেতৃত্বত থকা লোকসকলৰ কাৰণে যেনে- ধর্মীয়, জনজাতীয়, ৰাজনৈতিক আৰু ব্যৱসায়িক নেতাসকলৰ কাৰণে বুজাবুজি বা কর্মশালা আদি সহজসাধ্য কৰি তোলে। এই স্তৰত পথ-২ ৰ পৰিৱেশকসকলে সংঘাতৰ আৱশ্যকীয় বিষয়বোৰ প্ৰদৰ্শন কৰাৰ ওপৰতে কেৱল প্ৰভাৱ বিস্তাৰৰ লক্ষ্য নির্ধাৰণ নকৰে, ই সংঘাতৰ পৰিণতিৰ ফলস্বৰূপে জনসাধাৰণক প্ৰভাৱিত কৰা দৈনন্দিন সামাজিক, অর্থনৈতিক বিষয় বা সমস্যা আদিকো লক্ষ্য কৰি লয়। যিবোৰ সংগঠনে সংঘাতৰ দ্বাৰা প্ৰভাৱিত লোকসকলক মানৱীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰে, এইটোৱে পথ-২ পৰিৱেশনকাৰীৰ দ্বিতীয় গোট গঠন কৰে- যিটোৱে তৃণমূল পর্যায়ত কাম চলায়। এই সংগঠনবোৰৰ লক্ষ্য বা উদ্দেশ্য হ'ল হিংসাত্মক সংঘাতৰ দ্বাৰা বা দাৰিদ্ৰ্যৰ দ্বাৰা পীড়িত বা উৎখাত হোৱা সম্প্ৰদায়ৰ জীৱন ৰক্ষা কৰা আৰু আশা-আকাংক্ষাৰ পুনঃপ্রতিষ্ঠা কৰা। য'ত যুদ্ধ নাই, সংগঠনসমূহে বিভিন্ন প্ৰকাৰৰ প্ৰকল্পৰ জৰিয়তে জনসাধাৰণৰ আৰ্থ-সামাজিক জীৱনৰ উন্নয়নৰ কাৰণে সহায় কৰে, যেনে- কৃষিগত আৰু ঔদ্যোগিক প্রকল্পসমূহৰ জৰিয়তে এইবোৰ কাম কৰা হয়। যিবোৰ সংগঠন সংঘাত সমাধানৰ ক্ষেত্ৰত বিশেষজ্ঞ, সেইবিলাকে সম্ভাৱনাপূর্ণ সংঘাত, যেনে- সম্পদৰ অসমান বিতৰণ, দুর্নীতি আৰু গাঁথনিযুক্ত অবিচাৰৰ সংকেত বহনকাৰী তথ্য আদি যোগানৰ জৰিয়তে আগতীয়াকৈ সতর্ক কৰি দিয়াৰ কাম কৰে।