ভাৰতৰ কৃষি আৰু উদ্য়োগ
LESSON 3


অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি?
উঃ ভাৰতৰ কৃষি ঋতু প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে- খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু।

(খ) ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপন শস্যৰ খেতি কৰা হয়?
উঃ চাহ খেতি, ৰবৰ, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল, কফি আদিৰ খেতি ৰোপন পদ্ধতিৰে কৰা হয়। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত ৰোপন শস্য়ৰ খেতি কৰা হয়। 

(গ) ঝুম খেতি কাক বোলে?
উঃ ঝুম খেতি হ’ল পাহাৰীয়া অঞ্চলৰ এঢলীয়া ঠাইত হাবি-জংঘল কাটি, শুকোৱাই, জুই লগাই ছাই কৰি কৰা একপ্ৰকাৰৰ আদিম স্থানান্তৰিত কৃষি প্ৰথা 

(ঘ) মিশ্র কৃষি বুলিলে কি বুজা?
উঃ মিশ্ৰ কৃষি এনে এক ব্য়ৱস্থা য'ত শস্য়ৰ খেতি আৰু পশুপালন একেলগে কৰা হয়।

(ঙ) ট্রাক ফার্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়?
উঃ ট্ৰাকেৰে সৰবৰাহ কৰা বাবে উদ্য়ান কৃষিকাৰ্যক ট্ৰাক ফাৰ্মিং বুলি কোৱা হয়। এই পদ্ধতিৰ কৃষিত সাধাৰণতে উদ্য়ান খেতি কৰা হয় অৰ্থাৎ এইবিধ কৃষি ঘাইকৈ ফল-মূল, শাক-পাচলি, মচলাজাতীয় শস্য় আৰু ফুল উৎপাদনৰ লগত জড়িত।

২. কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়?
উঃ ভাৰত এখন কৃষিপ্ৰধান দেশ। এই বিশাল দেশৰ সাৰুৱা মাটি আৰু জলবায়ু কৃষিৰ বাবে উপযোগী। সেয়েহে, কৃষি হৈছে ভাৰতীয়সকলৰ প্ৰধান জীৱিকা। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ ৫৪.৬ শতাংশ লোক প্রত্যক্ষভাৱে কৃষি আৰু কৃষিৰ লগত জড়িত বিভিন্ন কাম-কাজত নিয়োজিত হৈ আছে। দেশখনৰ সামাজিক তথা সাংস্কৃতিক জীৱনতো কৃষিয়ে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ দেশৰ উদ্যোগ আৰু শিল্পৰ উন্নতিও প্রত্যক্ষভাৱে কৃষিৰ অগ্ৰগতিৰ ওপৰতেই নিৰ্ভৰশীল। দেশৰ জনগণৰ বাবে আৱশ্যকীয় খাদ্য সামগ্ৰী আহে কৃষিৰপৰা। কৃষিক ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগবোৰত যথেষ্ট সংখ্যক লোকে সংস্থাপন লাভ কৰি আহিছে। ভাৰতীয় কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন আন খণ্ডৰো বিকাশ ঘটিছে। সেয়েহে, কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়।


৩. আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা।?
উঃ আমাৰ দেশত কৃষি ঋতু প্ৰধানকৈ তিনিটা ভাগ কৰা হৈছে- খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। 

(ক) খাৰিফ ঋতুত ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ আদি।
(খ) ৰবি ঋতুত ঘেঁহু, মাহজাতীয় শস্য়, সৰিয়হ, বাদাম, লাইশাক, পালেংশাক, গাজৰ আদি।
(গ) জায়দ ঋতুত তিয়ঁহ, তৰমুজ, পশুখাদ্য়, ধান, জিকা, লেচেৰা আদি।

৪. ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উঃ ভাৰতৰ প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

(ক) স্থানান্তৰিত কৃষিঃ ভাৰতৰ পাহাৰীয়া এলেকাবোৰৰ এঢলীয়া মাটিত পৰম্পৰাগতভাৱে জোং আৰু কোৰৰ সহায়ত হাবি-বন মোকলাই খেতি কৰা হয়। দুই-তিনি বছৰ একেৰাহে খেতি কৰাৰ পিছত মাটিডোখৰৰ উৰ্বৰতা কমি আহিলে আকৌ একেই পদ্ধতিৰে বেলেগ এঠাইত মাটি মুকলি কৰি খেতি কৰা হয়। এই কৃষি স্থায়ী নহয় বাবে ইয়াক স্থানান্তৰিত কৃষি বোলে।

(খ) বেদিকা কৃষিঃ বেদিকা কৃষি হৈছ পৰ্বত-পাহাৰৰ কম ঢালযুক্ত ঠাইত বহল খটখটীৰ দৰে ঢাপ কাটি কৰা কৃষি। এই কৃষি পদ্ধতিত চাৰিওফালে পানী ওলাই যাব নোৱাৰাকৈ আলি দি মাটি চহাই খেতি কৰা হয়। এনে কৃষিত কৌশল প্ৰয়োগ কৰি পানী নিয়ন্ত্ৰণ কৰিব পাৰি বাবে শস্য়ৰ উৎপাদন অধিক হয়।

(গ) গহন বা নিবিড় কৃষিঃ যিবোৰ দেশত জনসংখ্য়া বেছি, কিন্তু খেতিৰ মাটিৰ পৰিমাণ কম, সেইবোৰ দেশত গহন বা ক্ষুদ্ৰ কৃষি কৰা হয়। এনে কৃষিত মাটিৰ পৰিমাণ সীমিত হয়। 

(ঘ) মিশ্ৰ কৃষিঃ মিশ্ৰ কৃষি এনে এক ব্য়ৱস্থা য'ত শস্য়ৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। এই খেতিৰদ্বাৰা পশুখাদ্য় উৎপাদন কৰা হয় আৰু পশুৰ মল-মূত্ৰ আদি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰা হয়। মিশ্ৰ কৃষি পদ্ধতিত গোটেই বছৰ জুৰি একেডৰা মাটিতে ভিন ভিন কৃষিকাৰ্য চলি থাকে।

(ঙ) ৰোপন কৃষিঃ ৰোপন কৃষি হৈছে এনে এক কৃষি পদ্ধতি য'ত বৃহৎ অঞ্চলত একেধৰণৰ শস্য় বা ফল-মূলৰ খেতি কৰা হয়। এনে পদ্ধতিত একেলগে কেৱল একপ্ৰকাৰৰহে খেতি কৰা হয়। ৰবৰ, কল, আনাৰস, নাৰিকল, কফি আদি ৰোপন পদ্ধতিৰে কৰা হয়।  


অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়?
উঃ উত্তৰ প্ৰদেশ, বিহাৰ, গংগা-যমুনা উপত্য়কা অঞ্চল, পজ্ঞাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি কৰা হয়। 

(খ) তেলগুটি শস্য দুবিধৰ নাম লিখা।
উঃ তেলগুটি শস্য় দুবিধৰ নাম হ'ল- বাদাম আৰু সৰিয়হ। 

(গ) বৃষ্টিছায়া অঞ্চল কাক বোলে?
উঃ পৰ্বতৰ বিপৰীত ফালে অৰ্থাৎ অনুবাদত দিশত থকা বৰষুণ নোহোৱা অঞ্চলটোক বৃষ্টিছায়া অঞ্চল বোলে।

(ঘ) ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত?
উঃ ভাৰতৰ দাক্ষিণাত্য় মালভূমিৰ উত্তৰ-পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্য়াত। 

(ঙ) দুবিধ মচলাজাতীয় শস্যৰ নাম লিখা।
উঃ দুবিধ মচলাজাতীয় শস্য়ৰ নাম হ'ল- ইলাচি আৰু জালুক।

(চ) সেউজ বিপ্লৱ বুলিলে কি বুজা?
উঃ ভাৰতৰ কৃষিৰ এক উল্লেখয্য়োগ্য় অধ্য়ায় হ'ল সেউজ বিপ্লৱ। সেউজ বিপ্লৱে ভাৰতৰ খাদ্য় সমস্য়া দূৰ কৰাৰ লগতে দেশৰ কৃষি পদ্ধতিলৈ পৰিৱৰ্তন অনাত দিকনিৰ্ণয়কাৰী ভূমিকা পালন কৰিছিল।

২. কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা? ভাৰতত কেইটা কৃষি বলয় আছে, প্রতিটোৰে নাম লিখা।
উঃ আকাৰত বিশাল হোৱাৰ বাবে ভাৰতত অঞ্চলভেদে জলবায়ুৰ পাৰ্থক্য় দেখা যায়। ইয়াৰ ফলত কৃষি পদ্ধতিও নানা প্ৰকাৰৰ হোৱা দেখা যায়। সেয়েহে, বিশেষ কিছুমান শস্য়ৰ খেতিয়ে কিছুমান অঞ্চলত প্ৰাধান্য় লাভ কৰে। যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একেজাতীয় শস্য়ৰ খেতি কৰা হয়, সেইবোৰ অঞ্চলক কৃষি অঞ্চল বা কৃষি বলয় বুলি কোৱা হয়।
        
        ভাৰতত সাতটা প্ৰধান কৃষি বলয় আছে। সেইকেইটা হৈছে-
(i) ধান-মৰাপাট-চাহ বলয়
(ii) ঘেঁহু আৰু কুঁহিয়াৰ বলয়
(iii) মিলেট আৰু তেলগুটি শস্য় বলয়
(iv) মাকৈ বলয়
(v) কপাহ বলয়
(vi) মচলাজাতীয় আৰু ৰোপন শস্য়ৰ বলয়
(vii) ফল-মূল আৰু শাক-পাচলি বলয়

৩. ধান খেতিৰ বাবে প্রয়োজনীয় কাৰকবোৰ কি কি?
উঃ ভাৰতৰ সমভূমি অঞ্চলৰ অন্তৰ্গত অসমত কৃষি বলয় গঠিত। বিশাল সমভূমি, নদীৰ ব-দ্বীপ আৰু নদী উপত্য়কাবোৰ থকা বাবে এই অঞ্চলৰ মাটি পলসুৱা। জলবায়ুৰ দিশৰ পৰাও অঞ্চলভেদে ধান খেতি হয়। এনে কৃষিৰ বাবে বাৰ্ষিক গড়ে ২০০ ৰপৰা ২৫০ চেণ্টিমিটাৰ বৰষুণৰ প্ৰয়োজন। পলসুৱা মাটি, প্ৰচুৰ বৃষ্টিপাত আৰু গ্ৰীষ্মকালীন উত্তাপে এই অঞ্চলক ধান খেতি বাবে উত্তম কৰি তুলে।  

৪. ভাৰতৰ ফল-মূল আৰু শাক-পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়?
উঃ ভাৰতৰ ফল-মূল আৰু শাক-পাচলি বলয়টোৰ মূল  হ’ল ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ জলবায়ু যিয়ে বছৰজুৰি বিভিন্ন ধৰণৰ স্থানীয় আৰু বিদেশী ফল-মূল তথা শাক-পাচলি উৎপাদনত সহায় কৰে। এই অঞ্চলসমূহত জলসিঞ্চন ব্য়ৱস্থাৰ উন্নয়ন, উন্নতজাতৰ বীজৰ ব্য়ৱহাৰ, জৈৱিক সাৰৰ ব্য়ৱহাৰ, মাটিৰ গুণাগুণ সংৰক্ষণৰ আদি যোগান ধৰা হয়।

        পূব হিমালয় অঞ্চলত সুমথিৰা খেতি প্ৰধানকৈ কৰা হয়।

৫. ভাৰতৰ কৃষিক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উঃ ভাৰতবৰ্ষখন কৃষি ক্ষেত্ৰত বহুত চহকী। কিন্তু দেশখনৰ কৃষিক্ষেত বহু সমস্য়াই দেখা দিছে যেনে- জনসংখ্য়া বৃদ্ধি হোৱাৰ ফলত খেতিৰ মাটি কমি অহা, মাটিৰ গুণাগুণ হ্ৰাস পোৱা, জলবায়ুৰ পৰিৱৰ্তন, পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ, কৃষিকাৰ্যত প্ৰযুক্তিৰ সীমিত ব্য়ৱহাৰ, খেতিৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা আদি। 
অনুশীলনী - ৩

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) তিনিটা হস্তশিল্পৰ নাম লিখা।
উঃ তিনিটা হস্তশিল্পৰ নাম হ'ল সোণ-ৰূপৰ শিল্প, কাঠ-শিল্প আৰু বাঁহ-বেতৰ শিল্প।

(খ) কোন চনত ভাৰতত প্ৰথমটো লো-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল?
উঃ ১৯০৭ চনত ভাৰতত প্ৰথমটো লো-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল।

(গ) ছোটনাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰূঢ় শিল্প অঞ্চল বুলি কোৱা হয়?
উঃ ছোটনাগপুৰ অঞ্চলটোক ভাৰতৰ ৰূঢ় শিল্প অঞ্চল বুলি কোৱা হয় কিয়নো ছোটনাগপুৰ মালভূমি খনিজ পদাৰ্থৰ বাবে বিখ্য়াত। এই খনিজ পদাৰ্থবোৰৰ ভিত্তিত ভালেমান উদ্য়োগ এই অঞ্চলত গঢ় লৈ উঠিছিল।

(ঘ) হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত?
উঃ মৰাপাটৰ সামগ্ৰী, বস্ত্ৰ উদ্য়োগ, কাগজ, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰ-পাতি, ৰাসায়নিক উদ্য়োগ, ঔষধ আৰু বৈদ্য়ুতিক সামগ্ৰীৰ উদ্য়োগৰ বাবে হুগলী শিল্প অঞ্চল বিখ্য়াত।

(ঙ) মুম্বাই-পুনে শিল্প অঞ্চল ক'ৰপৰা ক'লৈকে বিস্তৃত হৈ আছে?
উঃ মুম্বাই-পুনে শিল্প অঞ্চল মুম্বাই-থানেৰপৰা পুনেলৈ, নাচিক আৰু ছোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে।

(চ) ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি?
উঃ ভাৰতত সকলো অঞ্চল উদ্য়োগৰ ক্ষেত্ৰত সমানে আগবঢ়া নহয়। ইয়াৰ মূল কাৰণ হ'ল খনিজ পদাৰ্থৰ অসমান বিতৰণ।

২. উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হৈছে? শ্রেণীকেইটা কি কি?
উঃ উদ্য়োগবোৰক আকাৰ, কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হৈছে। উদ্য়োগবোৰক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে- কুটীৰ শিল্প উদ্য়োগ, ক্ষুদ্ৰ উদ্য়োগ আৰু বৃহৎ উদ্য়োগ।

৩. দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়?
উঃ দেশ এখনৰ উদ্য়োগৰ বিকাশত তাৰ ভৌগোলিক অৱস্থানে যথেষ্ট প্ৰভাৱ পেলায়। উদ্য়োগৰ বিকাশৰ ক্ষেত্ৰত সহজলভ্য়তা, যাতায়তৰ সুবিধা, অনুকুল জলবায়ু, সুদক্ষ শ্ৰমিক, বজাৰ আদি কাৰকে প্ৰভাৱ পেলায়।

৪. ভাৰতৰ আটাইতকৈ দ্রুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত?
উঃ ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলটো হৈছে মাদুৰাই-কইম্বাটোৰ-বাংগালোৰ শিল্প অঞ্চল। এই অঞ্চলটো বস্ত্ৰ উদ্য়োগৰ বাবে জনাজাত।


Type By: Bikash Bora