Chapter 2
এটা ফুটা কলহ
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
প্ৰশ্ন:পানীভাৰীজনে কান্ধত কলহযোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা-যোৱা কৰিছিল?
(ক) বাটটোৰ মাজেৰে
(খ) বাটটোৰ সোঁফালে
(গ) বাটটোৰ বাঁওফালে
(ঘ) বাটটোৰে একা-বেঁকাকৈ
উত্তৰ: (গ) বাটটোৰ বাঁওফালে।
প্ৰশ্ন: “বন্ধু, এতিয়াহে মনটো ভাল লাগিছে।”- নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল?
(ক) লগৰ কলহটোৰ গাত ফুটা হৈছিল।
(খ) ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল।
(গ) পানীভাৰীজনে নৈৰ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল।
(ঘ) বজাৰ পায়গৈ মানে ভর্তি কলহটো আধা খালী হৈ পৰিছিল।
উত্তৰ: (খ) ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল।
২। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা:
(ক) পানীভাৰীজনৰ ঘৰ ক’ত আছিল?
উত্তৰ: পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল।
(খ) পানীভাৰীজনৰ ঘৰৰপৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল?
উত্তৰ: পানীভাৰীজনৰ ঘৰৰপৰা নৈৰ ঘাটটো এমাইলমান দূৰৈত আছিল।
(গ) ফুটা কলহটোৱে কিয় কান্দিছিল?
উত্তৰ: তাৰ গাত থকা ফুটাটোৰে পানী নিগৰি গৈ পানীভাৰীজনৰ কষ্ট অথলে যোৱা বুলি ভাবি নিজকে অলাগতিয়াল যেন অনুভৱ কৰি ফুটা কলহটোৱে কান্দিছিল।
(ঘ) নুফুটা কলহটোৰ কিয় ভয় লাগিছিল?
উত্তৰ: ফুটা কলহটোক পানীভাৰীজনে কোনোবা এদিন পেলাই দিব আৰু সি অকলশৰীয়া হৈ পৰিব বুলি ভাবি নুফুটা কলহটোৰ ভয় লাগিছিল।
(ঙ) পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল?
উত্তৰ: পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে যে মূল্য আছে, সেই কথা বুজাবলৈ আৰু ফুটা কলহটোৰ উপকাৰিতাৰ এটা দৃশ্য দেখুৱাবলৈ পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ লৈ গৈছিল।
(চ) বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল?
উত্তৰ: পানীভাৰীজনে বাটৰ যিটো কাষেৰে পানী কঢ়িয়াই নিছিল, সেই কাষত ফুটা কলহটোৰ পৰা পানী নিগৰি পৰি থকাৰ বাবেহে পানী পাই বাটটোৰ একাষে ফুল ফুলিছিল।
৩। দলত আলোচনা কৰি উত্তৰ দিয়া প্ৰশ্ন:
(ক) পানীভাৰীজন, ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল?
উত্তৰ: পানীভাৰীজনৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল। কাৰণ তেওঁ ফুটা কলহটোক অলাগতিয়াল বুলি পেলাই নিদি, তাৰ জৰিয়তেও যে প্ৰকৃতিৰ উপকাৰ হৈছে, সেই কথা মৰমেৰে বুজাই দিছিল।
(খ) ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল।- এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰপৰা তুমি বুজি পালা?
উত্তৰ: ফুটা কলহটোৰ পৰা পানী নিগৰি যোৱা দেখি নুফুটা কলহটোৱে বেজাৰ পাইছিল আৰু তাক কোনোবাই পেলাই দিলে সি অকলশৰীয়া হ’ব বুলি ভয় কৰিছিল। আনহাতে, ফুটা কলহটোৱে নিজৰ কামৰ মূল্য বুজি আনন্দিত হোৱা দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিছিল। এই কথাবোৰৰ পৰা বুজি পালোঁ যে সিহঁত ভাল বন্ধু আছিল।
শব্দ আৰু ভাষা অধ্যয়ন
৪। শব্দৰ অৰ্থ মিলোৱা:
- নিতৌ = সদায়
- আহুকাল = বিপদ-বিঘিনি
- অলাগতিয়াল = কামত নলগা
- জাতিষ্কাৰ = সুশোভিত
৫। (ক) তলত দিয়া বাক্যটোৰ পদসমূহ বেলেগ বেলেগকৈ লিখা:
প্ৰশ্ন: বহুদিনৰ আগৰ কথা।
উত্তৰ: বহুদিনৰ / আগৰ / কথা।
প্ৰশ্ন: কলহটোৰ গাত সৰু ফুটা এটা হ’ল।
উত্তৰ: কলহটোৰ / গাত / সৰু / ফুটা / এটা / হ’ল।
৫। (খ) পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্য লিখা:
প্ৰশ্ন: ভাল এজন ল’ৰা ৰাম।
উত্তৰ: ৰাম এজন ভাল ল’ৰা।
প্ৰশ্ন: শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে।
উত্তৰ: তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে।
৬। আলোচনা কৰি কোৱা:
(ক) পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: পানী অনাৰ বাহিৰেও কলহত দৈ পতা হয়, বিয়া-সবাহ বা পূজাত মংগল কলহ হিচাপে সজোৱা হয়। কলহত খাদ্য বস্তু সংৰক্ষণ কৰিব পাৰি। কিছুমান ঠাইত দাইল, চাউল আদি শুকান সামগ্ৰী ৰাখিবলৈও কলহ ব্যৱহাৰ কৰা হয়। ফুল গছ ৰুবলৈ আৰু সজাই ৰাখিবলৈও কলহ ব্যৱহাৰ কৰা হয়। পূৰ্বতে কলহক ঘৰৰ ভিতৰত পানী ঠাণ্ডা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল।
(খ) কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ?
উত্তৰ: কলহৰ বাহিৰে আমি মাটিৰ চাকি (পোহৰৰ বাবে), ঘটি (পানী ৰখা আৰু বহন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়) , মাটিৰ টাব (ফুল ৰুবলৈ), মাটিৰ গ্লাছ বা ভাঁড় (চাহ বা পানী খাবলৈ), আৰু মাটিৰ চৰু (আখলত ৰান্ধিবলৈ) ব্যৱহাৰ কৰোঁ। ফুলদানি (ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়)।