Chapter 3
পিতৃ আৰু মাতৃ
১। শব্দৰ অৰ্থ মিলাই বাক্য পুনৰাই লিখা
আঁচ টনা শব্দকেইটাৰ ঠাইত ঘণ্টাটোত দিয়া অৰ্থ বহুৱাই বাক্যবোৰ তলত দিয়া ধৰণে লিখিব লাগিব:
(ক) পিতৃ-মাতৃয়ে সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। (স্বাৰ্থ = নিজৰ হিত)
(খ) পর্বতখন দুর্গম হাবি আৰু কাঁইটেৰে ঠাহ খোৱা। (গঞ্জ = ঠাহ খোৱা)
(গ) পিতৃ-মাতৃৰ মনত সন্তানসকল সদায় সাধু। (সন্ত = সাধু)
(ঘ) পিতৃ-মাতৃ আমাৰ উত্তম বন্ধু। (শ্ৰেষ্ঠ = উত্তম)
(ঙ) পিতৃ-মাতৃ জীৱন্ত দেৱতা, মৰম আৰু পৰোপকাৰৰ অৱতাৰ। (স্নেহ = মৰম)
২। শুদ্ধ উত্তৰটো বাছি উলিওৱা
ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল?
উত্তৰ: (খ) কেঁচুৱাটোৰ মাতৃয়ে
লেখকে পিতৃ-মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে। কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে-
উত্তৰ: (গ) দুখ-বেজাৰ সহ্য কৰি থাকে
পাঠটোত উল্লেখ থকা ডেকা, সাহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰ: (ঘ) পৰ্বতটো বৰ ওখ দুর্গম হাবি আৰু কাঁইটেৰে ঠাহ্ খাই থকাৰ বাবে
৩। দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ?
উত্তৰ: দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ কাৰণ পাঠটোত স্পষ্টকৈ কোৱা হৈছে যে সন্তানৰ বাবে পিতৃ-মাতৃয়ে যিমান দুখ-বেজাৰ সহে, সিমান আন কোনেও নকৰে ।
তৃতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ কাৰণ পৰ্বতটো সঁচাকৈয়ে বৰ ওখ, দুৰ্গম আৰু কাঁইটেৰে ভৰা আছিল বাবেই সাহিয়াল চিপাহীসকলেও তালৈ উঠিবলৈ ভয় কৰিছিল ।
৪। শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত (✔) চিন দিয়া
(ক) এই সংসাৰত পিতৃ-মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু। (✓ শুদ্ধ)
(খ) পিতৃ-মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবেহে মৰম-চেনেহ কৰে। (অশুদ্ধ )
(গ) সন্তানৰ সুখ, উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ-মাতৃয়ে কামনা কৰে। (✓ শুদ্ধ)
(ঘ) শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ। (✓ শুদ্ধ)
৫। চমু উত্তৰ দিয়া
(ক) “আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে।”- এই কথাখিনি পিতৃ-মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ?
উত্তৰ: আমি দুষ্টালি কৰিলেও বা আমনি কৰিলেও পিতৃ-মাতৃয়ে আমাক মৰম কৰে । আমি বেয়া হ’লেও তেওঁলোকৰ মনত আমি সদায় ভাল আৰু সুন্দৰ । তেওঁলোকে নিজৰ সকলো স্বাৰ্থ ত্যাগ কৰি আমাক ডাঙৰ-দীঘল কৰে। এই কথাবোৰৰ পৰাই আমি বুজি পাওঁ যে পিতৃ-মাতৃয়ে আমালৈ কেতিয়াও মৰম এৰিব নোৱাৰে।
(খ) ডেকা, সাহিয়াল, যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰপৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে। কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল। কিয়?
উত্তৰ: মাকৰ মনত নিজৰ সন্তানৰ প্ৰতি অসীম মৰম থাকে। পৰ্বতখন বৰ ওখ, দুৰ্গম আৰু কাঁইটেৰে ভৰা আছিল বাবে আন মানুহে ভয় কৰিছিল । কিন্তু মাতৃয়ে নিজৰ কেঁচুৱাটোক বচাবলৈ জীৱনলৈকো ভয় নকৰি অসীম সাহসেৰে পৰ্বতত উঠিছিল, কাৰণ মাতৃৰ মৰমে সকলো ভয় নেওচিব পাৰে। আন চিপাহী বা মানুহবোৰে নিজৰ প্ৰাণলৈ ভয় কৰিছিল, কাৰণ পৰ্বতটো বৰ ওখ আৰু কাঁইটীয়া হাবিৰে ভৰা আছিল। কিন্তু মাকৰ মনত সন্তানৰ প্ৰতি থকা অসীম মৰমৰ আগত সেই ভয় একোৱেই নাছিল। সন্তানৰ জীৱন বচাবলৈ মাকে নিজৰ শৰীৰৰ কথাও চিন্তা নকৰি অসীম সাহসেৰে কেঁচুৱাটো আনিছিল ।
৬। বাক্য সাজা
উভতি চা: বিপদৰ সময়ত মানুহে ইজনে সিজনক উভতি চাব লাগে ।
উভতি ধৰ: সৰুৱে ডাঙৰৰ কথাত কেতিয়াও উভতাই ধৰিব নালাগে ।
উভতি নাচ: ল’ৰাটোৱে আজিকালি ঘৰলৈ উভতি নাচাই ।
ডাঙৰ-দীঘল কৰ: পিতৃ-মাতৃয়ে আমাক অশেষ কষ্টৰে পোহপাল দি ডাঙৰ-দীঘল কৰে ।
দুখ-বেজাৰ সহ: সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ পিতৃ-মাতৃয়ে সকলো দুখ-বেজাৰ সহে ।
হুৱা-দুৱা লাগ: কেঁচুৱাটো ঈগলে লৈ যোৱা দেখি মানুহবোৰৰ মাজত হুৱা দুৱা লাগিল ।
৭। (ঘ) বিশেষ্য পদ বাছি উলিওৱা
দফাটোত থকা বিশেষ্য পদসমূহ আৰু সেইবোৰ কিয় বিশেষ্য পদ তাৰ কাৰণ তলত দিয়া হ’ল:
গুৱাহাটী – এখন নিৰ্দিষ্ট স্থানৰ নাম, সেয়েহে বিশেষ্য পদ।
চহৰ – এখন সাধাৰণ স্থানবাচক নাম, সেয়েহে বিশেষ্য পদ।
প্ৰাগজ্যোতিষপুৰ – এটা ঐতিহাসিক নিৰ্দিষ্ট স্থানৰ নাম, সেয়েহে বিশেষ্য পদ।
আমবাৰী – এখন নিৰ্দিষ্ট স্থানৰ নাম, সেয়েহে বিশেষ্য পদ।
দীঘলীপুখুৰী – এটা নিৰ্দিষ্ট জলাশয়ৰ আৰু ঠাইৰ নাম, সেয়েহে বিশেষ্য পদ।
ৰজা – কোনো নিৰ্দিষ্ট পদবী/মানৱ সমূহৰ নাম বুজায়, সেয়েহে বিশেষ্য পদ।
ভগদত্ত – এজন নিৰ্দিষ্ট ব্যক্তিৰ নাম, সেয়েহে বিশেষ্য পদ।
হাতী – এটা প্ৰাণীৰ নাম, সেয়েহে বিশেষ্য পদ।
সুপ্ৰতীক – এটা নিৰ্দিষ্ট হাতীৰ নাম (বিশেষ নাম), সেয়েহে বিশেষ্য পদ।
মহাভাৰত – এখন মহাকাব্যৰ নাম, সেয়েহে বিশেষ্য পদ।
যুদ্ধ – এটা ঘটনাৰ নাম (কাৰ্য/ঘটনা), সেয়েহে বিশেষ্য পদ।
৮। ছবিকেইখন চাই মনৰ ভাব লিখা
উত্তৰ: নিজৰ মনৰ ভাৱ লিখিবা
৯। (খ) পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ
পৰিয়ালৰ সদস্যসকলৰ আচাৰ-ব্যৱহাৰ কেনে ধৰণৰ হ’ব লাগে বুলি তুমি ভাবা?
উত্তৰ: পৰিয়ালৰ সদস্যসকলৰ আচাৰ-ব্যৱহাৰ মৰমিয়াল হ’ব লাগে। এজনে আনজনৰ প্ৰতি মৰম-চেনেহ আৰু আদৰ-যত্ন কৰিব লাগে ।
সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে?
উত্তৰ: হয়, মই ভাবোঁ যে সৌৰভহঁতৰ ঘৰখনৰ দৰে পৰিপাটি আৰু মিলাপ্ৰীতিৰ পৰিৱেশ এটা আমাৰ গাঁও বা অঞ্চলটোৰ বাবেও বৰ দৰকাৰী ।
এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত?
উত্তৰ: সমাজ এখনৰ একেবাৰে সৰু গোটটোৱেই হ’ল পৰিয়াল। সমাজ এখন ভাল হ’বলৈ হ’লে প্রথমে পৰিয়াল এটা ভাল হ’ব লাগিব । পৰিয়ালতেই ব্যক্তিয়ে সমাজৰ নীতি-নিয়ম শিকে, সেয়েহে পৰিয়ালৰ ভূমিকা এখন সুস্থ সমাজ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ।
আৰু
উত্তৰ: সমাজ এখন সুস্থ হ’বলৈ প্রথমে পৰিয়াল একোটা ভাল হ’ব লাগিব । পৰিয়ালৰ পৰাই এজন ব্যক্তিয়ে সমাজৰ নীতি-নিয়ম আৰু মূল্যবোধ শিকে । সেয়েহে, ভাল পৰিয়ালৰ সমষ্টিয়েহে এখন সবল সমাজ গঠন কৰিব পাৰে ।
১০। প্ৰকল্প (পৰিয়াল আৰু সমাজৰ প্ৰতি আমাৰ কৰ্তব্য)
(ক) পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰিব পৰা কামৰ তালিকা:
|
ক্ৰ.নং |
পিতৃ-মাতৃৰ বাবে কৰিব পৰা কাম |
সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰিব পৰা কাম |
|
১ |
তেওঁলোকৰ
কথা শুনা আৰু সন্মান কৰা। |
ৰাস্তা
পাৰ হোৱাত বা গধুৰ বস্তু কঢ়িওৱাত সহায় কৰা। |
|
২ |
ঘৰুৱা
সৰু-সুৰা কামত সহায় কৰি দিয়া। |
তেওঁলোকৰ
লগত বহী সুখ-দুখৰ খবৰ লোৱা। |
|
৩ |
বেমাৰ-আজাৰ
হ’লে ওচৰত থাকি শুশ্ৰূষা কৰা। |
আৱশ্যক
হ’লে ডাক্তৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা। |
(খ) তোমালোকে ঘৰত মাৰা-দেউতাৰাক কি কি কামত সহায় কৰা, তাৰ তালিকা:
উত্তৰ: মই মোৰ পঢ়া মেজখন পৰিপাটিকৈ ৰাখোঁ, ঘৰ সৰা কামত সহায় কৰোঁ, ফুলনিত পানী দিওঁ আৰু নিজৰ কাপোৰ-কানি জাপি থওঁ।