Chapter 15 -

অৰ্থনীতি,ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম

অনুশীলনী-১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীবন-নির্বাহ কৰে।

উত্তৰ: তৰাজান গাঁৱৰ অধিকাংশ লোকেই খেতি আৰু মাছ ধৰাৰ কাম কৰি জীবন-নির্বাহ কৰে। তাৰে অনেকেই কৃষিৰ সৈতে জড়িত আৰু মাছ ধৰা হৈছে তেওঁলোকৰ মুখ্য জীৱিকা।

(খ) তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্রচলিত অর্থনৈতিক কামৰ উদাহৰণ দিয়া।

উত্তৰ: (উদাহৰণ হিচাপে):

মোৰ গাঁৱত সৰ্বাধিক প্রচলিত অর্থনৈতিক কাম হৈছে খেতি, দুগ্ধ উৎপাদন আৰু কামাৰশালাৰ কাম।

(গ) তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ তিনিটা অর্থনৈতিক কার্য লিখা।

উত্তৰ: ১. খেতি কৰা

২. দুধ বিক্ৰী কৰা

৩. গাঁৱৰ হাটত সৰু দোকান চলোৱা

২. অর্থনৈতিক কার্য আৰু অনা-অর্থনৈতিক কার্যৰ মাজত থকা পার্থক্য কি? প্রত্যেকটো কার্য উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰ: 

 বিষয়             অৰ্থনৈতিক কার্য                               অনা-অর্থনৈতিক কার্য

অৰ্থ                এনে কার্য, যাৰ দ্বাৰা আয় হয়                এনে কার্য, যাৰ দ্বাৰা কোনো আয় নোহোৱা হয়

 উদ্দেশ্য         উপাৰ্জন (আৰ্থিক লাভ লাভ কৰা)         আত্মসন্তুষ্টি বা সামাজিক সেৱা

উদাহৰণ        কৃষিকৰ্ম, ব্যৱসায়, চাকৰি                        গৃহিণীয়ে ঘৰ পৰিচালনা কৰা, দাতব্য কাম কৰা


৩. তোমালোকৰ নিজৰ এলেকাত প্রচলিত অনা-অর্থনৈতিক কার্যৰ এটা উদাহৰণ দিয়া। সেই কার্যটোক কিয় অনা-অর্থনৈতিক কার্য হিচাপে বিবেচনা কৰা হৈছে। সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা।

উত্তৰ: মোৰ এলেকাত অনেক মহিলাই বিনামূলীয়া শিক্ষাদান কৰে। এই কার্যটোত তেওঁলোকে কোনো ধন নলয়, কেৱল সমাজৰ বাবে সহায় কৰে, সেয়েহে এইটো অনা-অর্থনৈতিক কার্য। এই কার্যই গাঁওৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সুবিধা দিয়ে আৰু সামগ্ৰিক সমাজ উন্নয়নলৈ অৰিহণা যোগায়।

অনুশীলনী-২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) অর্থনীতিৰ মূল খণ্ড কেইটা কি কি?

উত্তৰ: অর্থনীতিৰ মূল খণ্ড তিনিটা হৈছে—

১. প্রাথমিক খণ্ড

২. গৌণ খণ্ড

৩. সেৱা খণ্ড

(খ) প্রাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়।

উত্তৰ: প্ৰাথমিক খণ্ডক উৎপাদন খণ্ড বা কৃষি খণ্ড বুলি কোৱা হয়। ইয়াত খেতি, পশুপালন, মাছ ধৰা আদি অন্তর্ভুক্ত হয়।

(গ) অর্থনীতিৰ তৃতীয় খণ্ডটো কি?

উত্তৰ: অর্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। ইয়াত শিক্ষকতা, চিকিৎসা, ব্যাঙ্কিং, পৰিবহণ আদি কার্য অন্তর্ভুক্ত হয়।

(ঘ) বিনিময় প্রথা বা বিনিময় অর্থনীতি কি?

উত্তৰ: যেতিয়া মানুহে নিজৰ উৎপাদিত সামগ্রী অন্য মানুহৰ সামগ্রীৰ সৈতে বিনিময় কৰি লয়, তাক বিনিময় প্ৰথা বা বিনিময় অর্থনীতি বুলি কয়।

(ঙ) বর্তমানৰ বিনিময়ৰ মাধ্যম কি?

উত্তৰ: বর্তমান যুগত বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা বা টকা।

২. মুদ্রাৰ আবিষ্কাৰে কেনেকৈ দ্রব্য সামগ্রীৰ সাল-সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা।

উত্তৰ: মুদ্রাৰ আবিষ্কাৰে বিনিময় প্ৰথাৰ অসুবিধাসমূহ দূৰ হ'ল। মুদ্ৰা এখন সাধাৰণ বিনিময় মাধ্যম হৈ পৰিল। সেয়ে সৰলভাৱে সামগ্রী কিনা-বেচা সম্ভৱ হ'ল আৰু ব্যৱসায়ৰ বিস্তাৰ ঘটিল।

৩. প্রাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নির্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰ: যেনে— কৃষকে ধান উৎপাদন কৰে (প্ৰাথমিক খণ্ড), মিলৰ লোক ধান গালি চাউল বনায় (গৌণ খণ্ড), আৰু চাউলটো দোকানত বিক্ৰী হয় বা ট্রাকৰ সহায়ত অন্য ঠাইলৈ পঠিওৱা হয় (সেৱা খণ্ড)। এই তিনিও খণ্ডে পৰস্পৰে নির্ভৰশীল।

✍️ Additional Question-Answer (অতিৰিক্ত প্ৰশ্ন-উত্তৰ)

১. তৰাজান গাঁৱত মুঠ কিমান পৰিয়ালে বাস কৰে?

উত্তৰ: তৰাজান গাঁৱত মুঠ ৯৫টা পৰিয়ালে বাস কৰে।

২. গাঁৱৰ লোকসকলে কেতিয়া গাঁৱৰ পৰা ওলাই যায়?

উত্তৰ: গাঁৱৰ লোকসকলে গাঁৱৰ ভিতৰত কাম নথকা দিনা, অৰ্থাৎ খেতিৰ সিজন নথকা সময়ত উপাৰ্জনৰ বাবে অন্য ঠাইলৈ ওলাই যায়।

৩. তৰাজান গাঁৱৰ শিশু, যুৱক আৰু বৃদ্ধসকলে কি ধৰণৰ কাম কৰে?

উত্তৰ: শিশুসকলে বিদ্যালয়লৈ যায়, যুৱসকলে মূল কামত জড়িত থাকে আৰু বৃদ্ধসকলে সাধাৰণতে জীৱন প্ৰবাহ পৰ্যবেক্ষণ কৰে, যদিও কিছুমানে মাছ ধৰে বা অন্য সহায়কাৰী কাম কৰে।

৪. সেৱা খণ্ডৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰ: ১. শিক্ষকতা

২. চিকিৎসা

৩. পৰিবহণ

OLD

পাঠ নং ১৫

নতুন ভাৱৰ উত্থান

    👉MCQ Online Exam
    👉Text Book PDF 
    👉Click Here YouTube Video
    👉MCQs Answer

১) উত্তৰ লিখা-

(ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি  উঠিছিল?

উত্তৰঃ জাতিভেদ বা বৰ্ণ প্ৰথাই ।

(খ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কি কি?

উত্তৰঃ অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰক্ষ্মচাৰ্য।

(গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল?

উত্তৰঃ উত্তৰ ভাৰত, গুজৰাট, তামিলনাডু, কৰ্ণাটক আদি ঠাইত বিস্তৃতি পাইছিল।

(ঘ) গৌতম বুদ্ধৰ ধমৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল?

উত্তৰঃ সুখ-শান্তিৰ উপায় বিচাৰি।

(ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাত গঢ়ি উঠিছিল?

উত্তৰঃ পাচঁটা শিক্ষাৰ ওপৰত ভিত্তি কৰি বৌদ্ধ নতুন মতবাদ গঢ়ি উঠিছিল ।

(চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?

উত্তৰঃ হিংসা-বিদ্বষ, ব্যাভিচাৰ, মদ্যপ্ৰাণ আৰু মিছা কথা কোৱাৰ পৰা দূৰত থকা।

(ছ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?

উত্তৰঃ  বিভিন্ন ঠাইত বৌদ্ধ মঠ-মন্দিৰ  নিৰ্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰ শিল্প অংকিত  কৰিছিল।


২। সত্য অসত্য নিৰূপণ কৰা-

(ক) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰজন্ম বিশ্বাস কৰে।

উত্তৰঃ অশুদ্ধ ।

(খ) বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল।

উত্তৰঃ অশুদ্ধ।

(গ) বুদ্ধদেৱে সাৰনাধত দিব্য জ্ঞান লাভ কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।


(ঙ) সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য হব পাৰিছিল।

উত্তৰঃ শুদ্ধ ।


৩। চমুকৈ উত্তৰ লিখা-

(ক) ক্ষত্ৰিয়সকলে ব্ৰাক্ষণৰ কিয় সমমৰ্যাদা দাবী কৰিছিল।

উত্তৰঃ আৰ্যসকলৰ প্ৰৱল বৰ্ণভেদ প্ৰথাৰ ফলত ক্ষত্ৰিয়সকলতকৈ ব্ৰাক্ষণসকলৰ মৰ্যাদা বৃদ্ধি পাইছিল। কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আদি সকলো ক্ষেত্ৰতে ক্ৰমে শক্তিশালী হৈ উঠিবলৈ ধৰে। গতিকে ৰজাই ব্ৰাক্ষ্মণৰ সমমৰ্যাদা দাবী কৰিছিল।

(খ) মহাবীৰে কিয় 'জিন' উপাধি পাইছিল?

উত্তৰঃ মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে তেওঁ 'জিন' উপাধি পাইছিল।

(গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি?

উত্তৰঃ জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হৈছে- শ্বেতাম্বৰ আৰু দিগম্বৰ।

(ঘ) বুদ্ধদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰঃ বুদ্ধদেৱে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰে।

(ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল ?

উত্তৰঃ এটা ভাল জীৱন-যাপন কৰিবৰ বাবে বলি বিধান বা যাগ-যজ্ঞৰ প্ৰয়োজন নাই। জাতিভেদ প্ৰথাৰো কোনো প্ৰয়োজন নাই। সৎ-পথত থাকি এটা সহজ-সৰল জীৱনতহে মানুহে সুখ-শান্তি লাভ কৰিব পাৰে।


৫। 'ক' অংশৰ লগত 'খ' মিলোৱা-

'ক'    -    'খ'
ত্ৰিপিটক - বৌদ্ধ ধৰ্মগ্ৰন্থ।
কুশীনাৰা - বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই।
কৈৱল্য় - তপস্য়াৰ অন্তত মহাবীৰে লাভ কৰিছিল।
কুন্দপুৰ - মহবীৰৰ জন্মস্থান।
পূৰ্ৱ - জৈন ধৰ্মগ্ৰন্থ।
সাৰনাথ - বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।
কপিলাবস্তু - বুদ্ধদেৱৰ জন্মস্থান।



Answered by Hiru Moni Bora

Last Update By Dipawali Bora (02.05.2022)

Check by - Mukesh Borah


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------