👉MCQ Online Exam Click Here
👉Download Chapter 6 PDF File
👉Click Here YouTube Video
👉Chapter 6 MCQs Answer
👉Paid Answer (Only For Membership User)
পাটঃ ৬
সম্পদ
১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি? লিখা।
উত্তৰঃ মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ।
সম্পদ তিনি প্ৰকাৰৰ-
ক) প্ৰাকৃতিক সম্পদ
খ) মানৱ সম্পদ
গ) মানৱ সৃষ্ট সম্পদ
২। 'মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ।' যুক্তি দৰ্শাই লিখা (এশ শব্দৰ ভিতৰত।)
উত্তৰঃ শাৰিৰীক বা মানসিকভাৱে কোনো উৎপাদনমূলক কাম কৰিবলৈ সক্ষম ব্যক্তিসকলেই মানৱ সম্পদ। বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্ৰকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি-বৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। সেই ফালৰ পৰা চাবলৈ গ'লে ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে দেশ এখনৰ সমৃদ্ধিৰ বা উন্নতিৰ প্ৰধান কাৰক বুলিব পাৰি। সেয়েহে মানুহেই শ্ৰেষ্ঠতম জৈৱিক সম্পদ।
৩। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ
নবীকৰণক্ষম সম্পদ- যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে।
অ-নবীকৰণক্ষম সম্পদ- অ-নবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে।
জৈৱিক সম্পদ- জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰো সেয়াই জৈৱিক সম্পদ।
অজৈৱিক সম্পদ- জীৱহীন সম্পদবোৰেই অজৈৱিক।
সৰ্বব্যাপী সম্পদ- সকলোতে পোৱা সম্পদবোৰই সৰ্বব্যাপী সম্পদ।
স্থানভিত্তিক সম্পদ- এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত সম্পদ সমূহেই স্থানভিত্তিক সম্পদ।
প্ৰকৃত সম্পদ- মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ।
সম্ভাৱ্যপূৰ্ণ সম্পদ- যিবোৰ সম্পদৰ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰে উমান দিয়ে, সেইবোৰেই সম্ভাৱ্যপূৰ্ণ সম্পদ।
৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন? লিখা।
উত্তৰঃ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰাব পৰা ব্যৱসায়ী দীৰ্ঘম্যাদী উন্নয়ন বুজায়।
আমাৰ দৈনন্দিন কাম-কাজত ব্যৱহাৰ হৈ থকা প্ৰায় বিলাক সম্পদ অসীম। অৰ্থাৎ এইবোৰ অবিৰতভৱে ব্যৱহাৰ কৰি থাকিলে পৃথিৱীৰ পৰা নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে সম্পদবোৰ আমাৰ হাতত উপলব্ধ হৈ থকা অৱস্থাত সেই বিষয়ত চিন্তাচৰ্চা কৰাৰ স্থল আছে। আনকি সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিতৰণ নহ'লে উঠি অহা প্ৰজন্মই সেই সম্পদৰ সুবিধাখিনি নোপোৱাৰে সম্ভাৱনা অধিক। এইবোৰ বিষয় চালি জাৰি চাই ক'ব পাৰি যে সম্পদ সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী উন্নয়ন প্ৰয়োজনীয়তা আছে।
৫। পাৰ্থক্য লিখি উলিওৱাঃ
(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ
উত্তৰঃ যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে। যেনে-মাটি,পানী,বায়ু।
অ-নবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে। যেনে- খনিজ পদাৰ্থ,তাম,লো,জীৱাষ্ম।
(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
উত্তৰঃ সকলোতে পোৱা সম্পদবোৰক সৰ্বব্যাপী সম্পদ বোলে। যেনে– বায়ু।
এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। যেনে– লোৰ, আকৰ, কয়লা, তাম।
(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱ্যপূৰ্ণ সম্পদ
উত্তৰঃ মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। যেনে- কয়লা।
যিবোৰ সম্পদৰ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰে উমান দিয়ে, তেনেবোৰক সম্ভাৱ্যপূৰ্ণ সম্পদ বোলে। যেনে-বনৌষধি ক্ষেত্ৰত থকা সম্ভাৱনা।
৬। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া一
(ক) সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰয়োজন নহয়?
(১) পৰিমাণ।
(২) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী।
(৩) ব্যৱহাৰৰ বাবে উপযোগী।
উত্তৰঃ (১) পৰিমাণ।
(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?
(১) পৰ্বত-পাহাৰ।
(২) থকা ঘৰ।
(৩) জলবিদ্যুত।
উত্তৰঃ (১) পৰ্বত-পাহাৰ।
৭। তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা।
(উদাহৰণস্বৰূপে দিয়া হৈছে)
৮। তলৰ তালিকাখনৰ আলামত স্থানীয় সম্পদসমূহৰ সংৰক্ষণ পৰিকল্পনা কৰোঁ আহা
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
ৰঞ্জিত বিকাশ চেতিয়া
(তিনিচুকীয়া)
Post Id: DABP000834