👉Chapter 15 Question and Answer
    👉Download Book PDF Free
    👉Click Here Online Exam
    👉Chapter 15 MCQs Answer

পাঠ ১৫

আমাৰ চাৰিওফালে থকা বায়ু

 

১। বায়ুৰ উপাদানসমূহ কি?

উত্তৰঃ বায়ুৰ উপাদানসমূহ হৈছে- নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় ভাপ, অন্য গেছ আৰু ধূলিকণা।


২। বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক?

উত্তৰঃ অক্সিজেন গেছ।


৩। বায়ুৱে জুই জ্বলোৱাত সহায় কৰে তুমি কেনেকৈ প্ৰমাণ কৰিবা।

উত্তৰঃ এডাল মমবাতি এটা অগভীৰ পাত্ৰৰ মাজত থিয়কৈ লগাই লোৱা হ'ল  মমবাতি ডাল জ্বলাই লোৱা হল ǀ এতিয়া পাত্ৰটো জ্বলি থকা মমবাতিডালক কাচৰ গিলাচেৰে তলমুৱাকৈ ঢাকি দিয়া হল।

          দেখা গল যে- কিছু সময়ৰ জ্বলাৰ পিছত মমবাতি নুমাই থাকিল। ইয়াৰ কাৰণ এইয়ে যে- বায়ুৰ অন্যতম উপাদান অক্সিজেন গেছৰ উপস্থিতি। পাত্ৰটো ঢাকি দিয়াৰ বাবে তাৰ ভিতৰত সীমিত পৰিমাণৰ অক্সিজেন আবদ্ধ হৈ পৰিছিল আৰু সেইখিনি মমবাতিডাল জ্বলোতে ব্যৱহাৰ হৈছিল। সেইখিনি শেষ হোৱাৰ লগে লগে মমবাতি ডালো নুমাই গল। ইয়াৰ পৰা প্ৰমাণিত হয় যে জুই জ্বলিবলৈ বায়ুৰ প্ৰয়োজন হয়।





৪। পানীত যে বায়ু দ্ৰবীভূত হৈ আছে তাক কেনেকৈ দেখুৱাবা।

উত্তৰঃ এটা কাচৰ পাত্ৰ বা বিকাৰত  অলপ পানী লোৱা হল। এতিয়া সেই পানীখিনি জুই বা গেছত বহাই গৰম কৰা হল। পানীখিনি উতলিবলৈ লওঁতে পাত্ৰটোৰ পৃষ্ঠভাগত অসংখ্য সৰু সৰু বুৰবুৰণি দেখা যাব। এই বুৰবুৰণি পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা ওলাইছে। পানী একেৰাহে গৰম কৰি থাকিলে ই ভাপলৈ পৰিবৰ্তিত হয়। ইয়ে প্ৰমাণ কৰে পানীতো বায়ু দ্ৰৱীভূত হৈ থাকে।


৫। কপাহৰ জোলা বা থূপ এটা পানীত কিয় কোচ খাই?

উত্তৰ কপাহৰ জোলা বা থূপ এটা মুকলি ঠাইত থলে তাৰ মাজে মাজে থকা খালী ঠাইবোৰ বায়ু ৰে পূৰ্ণ হৈ থাকে ǀ যদি কপাহখিনি পানীত তিয়াই দিয়া হয় তেতিয়া তাৰ মাজে মাজে থকা বায়ুপূৰ্ণ ঠাইবোৰত পানী সোমাই পৰে আৰু তাত থকা বায়ুখিনি ওলাই যায় ǀ পানীৰ কোনো নিৰ্দিষ্ট আকাৰ  নথকাৰ বাবে  সামগ্ৰিকভাৱে কপাহত বিয়পি পৰে আৰু তাৰ আকাৰ কোচ খাই পৰে  ǀ


৬। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।


৭। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো হৈছে কাৰ্বন ডাই অক্সাইড

 

৮। বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা, সম্ভাব্য ৫ টা ক্ৰিয়াকলাপৰ তালিকা কৰা-

উত্তৰঃ

1)    পালতৰা নাও বায়ুৰ উপস্থিতিতে গতি কৰে।

2) পাখিযুক্ত উৰণ সামগ্ৰী (Gliders), পেৰাচুট  ব্যৱহাৰ কৰিবলৈ বায়ু লাগে।

3)    উৰাজাহাজ বায়ুতহে চলে।

4)    বীজ আৰু ফুলৰ ৰেণু বিস্তাৰণৰ বাবে বায়ু লাগে।

5) বিদ্যুৎ উৎপাদন, কুৱাৰ পৰা পানী উঠাবলৈ, আটাৰ মিল ঢলাবলৈ বায়ুকল ব্যৱহাৰ কৰিব লগীয়া হয়।


৯। বায়ুমণ্ডলত গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে?

উত্তৰঃ সালোক-সংশ্লেষণৰ জৰিয়তে উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে। এই খাদ্য প্ৰস্তুত কৰোতে অক্সিজেন গেছ উৎপন্ন হয়। উদ্ভিদে শ্বাস লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰে যদিও গ্ৰহণ কৰাতকৈ বেছি উৎপন্ন কৰে। এই অক্সিজেন গেছ জীৱকূলে শ্বসনকাৰ্যত ব্যৱহাৰ কৰে। ঠিক তেনেদৰে উদ্ভিদে সালোক সংশ্লেষণ কাৰ্য সংঘটিত কৰিবলৈ জীৱই প্ৰশ্বাসৰ জৰিয়তে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছৰ কিছু অংশ গ্ৰহণ কৰে। ইয়ে প্ৰাণী আৰু উদ্ভিদৰ পৰস্পৰ নিৰ্ভৰশীলতা দেখুৱায়।

ৰঞ্জিত বিকাশ চেতিয়া

(তিনিচুকীয়া) 




-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------