👉MCQ Online Exam Click Here
👉Download Chapter 12 PDF File
👉Click Here YouTube Video
👉Chapter 12 MCQs Answer
👉Paid Answer (Only For Membership User)
পাঠ ১২
গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
১। উত্তৰ দিয়াঃ一
(ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত?
উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত।
(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম কি?
উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম হ'ল বাণভট্ট।
(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?
উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল।
(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰঃ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল ৰাজাৰাজ।
(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল?
উত্তৰঃ ৰাজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাছিল।
২।খালী ঠাই পূৰোৱা–
(ক) বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ।
উত্তৰঃ ভাস্কৰবৰ্মণ।
(খ) _________আন এটি নাম আছিল শিলাদিত্য।
উত্তৰঃ হৰ্ষবৰ্ধনৰ।
(গ) পল্লৱসকলে শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
উত্তৰঃ দ্ৰাবিড়।
(ঘ) এলিফেন্টা আৰু মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়।
উত্তৰঃ মালখেদৰ।
(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক বোলা হৈছিল।
উত্তৰঃ ব্ৰহ্মদেয়।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা一
(ক) গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ / হুণসকলৰ / তুৰ্কী-আফগানসকলৰ আক্ৰমণৰ ফলত।
উত্তৰঃ গুপ্ত সাম্ৰাজ্য়ৰ পতন হৈছিল হুণসকলৰ আক্ৰমণৰ ফলত।
(খ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ।
উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজ্য়ৰ ৰাজধানী আছিল কনৌজ।
(গ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ / ১/৫ / ১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল।
উত্তৰঃ হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্য়ৰ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।
উত্তৰঃ কাঞ্চীপুৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল।
(ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক।
উত্তৰঃ দান্তিদূৰ্গ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক।
৪। চমু উত্তৰ লিখা一
(ক) গুপ্ত স্ৰাম্ৰাজ্য়ৰ পতনৰ মূল কাৰণ কি?
উত্তৰঃ মধ্য এছিয়াৰ পৰা অহা হুণসকলৰ আক্ৰমণৰ ফলত এই সাম্ৰাজ্যৰ পতন হোৱা বুলি কোৱা হয়।
(খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱা ৰাজ্য়খনৰ নাম কি?
উত্তৰঃ থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱা ৰাজ্য়খনৰ নাম হ'ল- কনৌজ।
(গ) পল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা কি কি?
উত্তৰঃ পল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা হ'ল- সাহিত্য় চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ।
(ঘ) ৰাষ্ট্ৰকূট সকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰকূট সকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল।
(ঙ)কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল।
উত্তৰঃ প্ৰথম পৰান্তক ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল।
৫। ৫০টা মান শব্দৰ ভিতৰত লিখা一
(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি।
উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্য়খন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্য়খনক প্ৰদেশ, ভুক্তি, বিষয়, গাওঁ আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল।
(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্য়ৱস্থা
উত্তৰঃ হৰ্ষবৰ্ধনে কৃষক আৰু ব্য়ৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰছিল। কৃষকসকলে উৎপাদিত শস্য়ৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও কৰ শোধাইছিল।
(গ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি
উত্তৰঃ মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়।
(ঘ) ৰাষ্ট্ৰকূট ৰাজ্য়ৰ অৱস্থিতি
উত্তৰঃ দাক্ষিণাত্য়ৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাটৰ ওচৰত ৰাষ্ট্ৰকূট ৰাজ্য়ৰ অৱস্থিত।
(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য়।
উত্তৰঃ চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য় আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্য়ৰ নীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক, সাংস্কৃতিক জীৱন চহকী কৰি তুলিছিল।
৬। তলত উল্লেখ কৰা ৰাজ্য়সমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা।
গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য়, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য়, চাণ্ডেল্য়।
উত্তৰঃ
|
উত্তৰ ভাৰত |
দক্ষিণ ভাৰত |
|
থানেশ্বৰ মালৱ কনৌজ ৰাজপুতনা |
চোল পাণ্ড্য ৰাষ্ট্ৰকূট গৌড় কলিঙ্গ চালুক্য় কেৰল |
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
-Check by - Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------