SEBA Class 10 Assamese Chapter 9 Answer 2026 | Class 10 Assamese Chapter 9 Question and Answer / Solution ইন্টাৰনেটৰ তিতা-মিঠা | Class 10 Assamese Chapter 9 Solution by SEBA Teachers
উত্তৰঃ- ইন্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। "Interconnection of Networks"। এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি "Internet" শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়।
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ- পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।
(ঙ) ভাইৰাছ কি?
উত্তৰঃ- ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰ'গ্ৰাম। "Virus" ৰ সম্পূৰ্ণ নাম হ'ল "Virus information resources under seize".
উত্তৰঃ- ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিৱলৈ গৈ লেখিকা ড॰ প্ৰণয়ী দত্তই এই গল্পটিৰ নাম "ইন্টাৰনেটৰ তিতা-মিঠা" ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ আছে। লেখিকা ড॰ প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা-অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত।
ইন্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিৱলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্ৰসমাজ বিভিন্ন ক্ষতি মুখামুখি হৈছে।
এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ আৰু পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলহেঁতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উত্তপ্ত তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ-জন্তুৰ লগতে গছ-লতিকাও মৃত্যু মুখত পৰে। একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হ'ব। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইন্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। আনহাতে, ইন্টাৰনেটৰ কিছুমান অসুবিধাও আছে। ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা আতৰাই আনিছে। ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম "ইন্টাৰনেটৰ তিতা-মিঠা" নামেৰে সাৰ্থক কৰা হৈছে।